Ibne Habib Publication এটা দাৱাতি, গৱেষণাধর্মী আৰু শিক্ষামূলক পাব্লিকেচন। এই পাব্লিকেচনে আহলে ছুন্নত অল-জামাআতৰ আকীদা আৰু ছালাফে চলেহীনৰ জ্ঞানবোধ প্রচাৰ কৰে।
এই পাব্লিকেচনে সর্বোচ্চ চেষ্টা কৰে, যাতে তথ্যসমূহ গ্রন্থিত হয় কোৰআন আৰু ছুন্নাহৰ দলিলভিত্তিক। লগতে ইমাম আবু হানিফা (ৰাহিমাহুল্লাহ), ইমাম মালিক (ৰাহিমাহুল্লাহ), ইমাম শ্বাফেয়ী (ৰাহিমাহুল্লাহ) আৰু আহমাদ বিন হাম্বল (ৰাহিমাহুল্লাহ)ক যথাযথ মৰ্যাদা দিয়ে তথা তেওঁলোকৰ মন্তব্যক গুৰুত্ব দিয়ে, পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী অন্যান্য আলিমসকলৰ মন্তব্যকো কোৰআন হাদীছৰ আধাৰত উচিত মৰ্যাদা দিয়ে।
এই পাব্লিকেচনে অযথা তর্ক, গালি-শপনি, অশোভনীয় কথা আৰু নিষ্ফল বিবাদ ইত্যাদি এৰাই চলে, যিবোৰত কোনো ধৰণৰ কল্যাণ নাই।
এই পাব্লিকেচনৰ সকলো তথ্য তত্ত্বাৱধান কৰে শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান (হাফিযাহুল্লাহ্) চাহাবে।
আমি আল্লাহৰ ওচৰত দুআ কৰোঁ তেওঁ যেন আমাক এই পথত অবিচল ৰাখে, হিদায়তৰ ওপৰত সুদৃঢ় ৰাখে, আৰু তেওঁ যি পছন্দ কৰে আৰু ভালপায়, আমাক যাতে সেইটো কৰিবলৈ তাওফীক প্ৰদান কৰে।
আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাত অংশীদাৰ হওক আৰু নিজৰ বাবে চাদকায়ে জাৰিয়াৰ ব্যৱস্থা কৰক।