[{"index":"1","arabicText":"بِسْمِ اللّٰهِ الرَّحْمٰنِ الرَّحِیْمِ ۟","assameseTranslation":"(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।","footnotes":"","tafseer":"মই আল্লাহৰ নামত, তেওঁৰ সহায়-সহযোগিতা কামনা কৰি আৰু তেওঁৰ নামৰ বৰকত লৈ কোৰআন পঢ়া আৰম্ভ কৰিলোঁ। বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীমত আল্লাহৰ তিনিটা নাম উল্লেখ আছে। ১) \"আল্লাহ\", অৰ্থাৎ সত্য উপাস্য। এইটো আল্লাহৰ বিশেষ নাম। এই নামেৰে তেওঁৰ বাহিৰে আন কাকো মাতিব নোৱাৰি। ২) \"আৰ-ৰহমান\", অৰ্থাৎ অসীম কৰুণাৰ গৰাকী। এতেকে তেওঁ স্বয়ং কৰুণাৰে পৰিপূৰ্ণ। ৩) \"আৰ-ৰাহীম\", অৰ্থাৎ দয়াৱান, কৃপাকাৰী। এতেকে তেওঁ মুমিন বান্দাসকলৰ লগতে তেওঁৰ সৃষ্টি জগতৰ যাক ইচ্ছা তাৰ ওপৰতে কৃপা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/001001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/001001.mp3"},{"index":"2","arabicText":"اَلْحَمْدُ لِلّٰهِ رَبِّ الْعٰلَمِیْنَ ۟ۙ","assameseTranslation":"সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে।","footnotes":"","tafseer":"প্ৰতাপী আৰু স্বয়ংসম্পূৰ্ণতাৰ গুণৰ লগতে সকলো প্ৰকাৰৰ প্ৰশংসা কেৱল তেওঁৰেই। কিয়নো আল্লাহেই প্ৰত্যেক বস্তুৰ প্ৰতিপালক, স্ৰষ্টা আৰু পৰিচালক। ‘আল-আলামূন’ হৈছে ‘আলম’ শব্দৰ বহুবচন। ইয়াৰ মাজত আল্লাহৰ বাহিৰে সকলোকে সামৰি লোৱা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/001002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/001002.mp3"},{"index":"3","arabicText":"الرَّحْمٰنِ الرَّحِیْمِ ۟ۙ","assameseTranslation":"যিজন পৰম কৰুণাময়, পৰম দয়ালু।","footnotes":"","tafseer":"পূৰ্বৱৰ্তী আয়াতত আল্লাহৰ প্ৰশংসাৰ পিছত ইয়াত তেওঁৰ গুণাৱলীৰ বৰ্ণনা কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/001003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/001003.mp3"},{"index":"4","arabicText":"مٰلِكِ یَوْمِ الدِّیْنِ ۟ؕ","assameseTranslation":"বিচাৰ দিৱসৰ মালিক।","footnotes":"","tafseer":"ইয়াত আল্লাহৰ প্ৰভূত্ব বৰ্ণনা কৰি কোৱা হৈছে যে, তেওঁ কিয়ামত দিৱসৰ সকলো বস্তুৰ গৰাকী। যিদিনা কোনেও কাৰো উপকাৰ কৰিব নোৱাৰিব। \"ইয়াউমিদ্দীন\" শব্দৰ দ্বাৰা প্ৰতিদান আৰু হিচাপ-নিকাচৰ দিৱসটোক বুজোৱা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/001004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/001004.mp3"},{"index":"5","arabicText":"اِیَّاكَ نَعْبُدُ وَاِیَّاكَ نَسْتَعِیْنُ ۟ؕ","assameseTranslation":"আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ।","footnotes":"","tafseer":"আমি সকলো প্ৰকাৰৰ ইবাদত আৰু আনুগত্য কেৱল তোমাৰ বাবেই কৰোঁ। তোমাৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰোঁ আৰু আমি আমাৰ সকলো ক্ষেত্ৰতে কেৱল তোমাৰ ওচৰতেই সহায় বিচাৰোঁ। কিয়নো সকলো প্ৰকাৰৰ কল্যাণ কেৱল তোমাৰ হাততেই আছে আৰু তোমাৰ বাহিৰে আন কোনো সহায়ক নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/001005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/001005.mp3"},{"index":"6","arabicText":"اِهْدِنَا الصِّرَاطَ الْمُسْتَقِیْمَ ۟ۙ","assameseTranslation":"আমাক সৰল পথৰ হিদায়ত দিয়া।","footnotes":"","tafseer":"আমাক সুপথ দেখুৱা, আৰু সেই পথত পৰিচালিত কৰা, তাৰ ওপৰতে অবিচল ৰাখা, লগতে আমাৰ হিদায়ত বৃদ্ধি কৰি দিয়া। ‘আচ-ছিৰাত আল-মুস্তাক্বীম’ৰ দ্বাৰা সেই পথক বুজোৱা হৈছে, যিটো স্পষ্ট, যিপথত কোনো বক্ৰতা নাই। এইটোৱে হৈছে ইছলাম, যিটো প্ৰদান কৰি মহান আল্লাহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/001006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/001006.mp3"},{"index":"7","arabicText":"صِرَاطَ الَّذِیْنَ اَنْعَمْتَ عَلَیْهِمْ ۙ۬ۦ غَیْرِ الْمَغْضُوْبِ عَلَیْهِمْ وَلَا الضَّآلِّیْنَ ۟۠","assameseTranslation":"তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, সিহঁতৰ নহয়, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ আপতিত হৈছে আৰু সিহঁতৰো নহয় যিসকল পথভ্ৰষ্ট হৈছে।","footnotes":"","tafseer":"আমাক তোমাৰ সেই বান্দাসকলৰ পথ দেখুৱা, যিসকলক তুমি হিদায়তেৰে পুৰস্কৃত কৰিছিলা। যেনে- নবীসকল, সত্যনিষ্ঠসকল, শ্বহীদ আৰু সত্কৰ্মপৰায়ণসকল। এওঁলোক কিমান উত্তম সঙ্গী!!\nসেইসকলৰ পথ নহয়, যিসকলে সত্য জনাৰ পিছতো তাৰ অনুসৰণ কৰা নাই। যেনে- ইয়াহুদীসকল। লগতে সেই সকলৰ পথো নেদেখুৱাবা, যিসকলে সত্যৰ অনুসন্ধান আৰু সেয়া পোৱাৰ প্ৰয়াসত অৱহেলা কৰাৰ কাৰণে সত্যত উপনীত হ’বলৈ অসফল হৈছে। যেনে- খৃষ্টানসকল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/001007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/001007.mp3"}]