[{"index":"1","arabicText":"الٓرٰ ۫ تِلْكَ اٰیٰتُ الْكِتٰبِ الْحَكِیْمِ ۟","assameseTranslation":"আলিফ লাম-ৰা।[1] এইবোৰ হৈছে প্ৰজ্ঞাপূৰ্ণ কিতাবৰ আয়াত।","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"(আলিফ-লাম-ৰা) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। এই আয়াতসমূহ হৈছে সুদৃঢ় আৰু মজবুত কোৰআনৰ আয়াত, যিবোৰ হিকমত আৰু বিধানৰ ওপৰত আধাৰিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010001.mp3"},{"index":"2","arabicText":"اَكَانَ لِلنَّاسِ عَجَبًا اَنْ اَوْحَیْنَاۤ اِلٰی رَجُلٍ مِّنْهُمْ اَنْ اَنْذِرِ النَّاسَ وَبَشِّرِ الَّذِیْنَ اٰمَنُوْۤا اَنَّ لَهُمْ قَدَمَ صِدْقٍ عِنْدَ رَبِّهِمْ ؔؕ قَالَ الْكٰفِرُوْنَ اِنَّ هٰذَا لَسٰحِرٌ مُّبِیْنٌ ۟","assameseTranslation":"মানুহৰ বাবে এইটো বিস্ময়কৰ বিষয় নেকি যে, আমি সিহঁতৰ মাজৰ পৰাই এজনৰ ওচৰলৈ অহী প্ৰেৰণ কৰিছোঁ যে, তুমি মানুহক সতৰ্ক কৰা আৰু মুমিনসকলক সুসংবাদ দিয়া যে, তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে উচ্চ মৰ্যাদা। কাফিৰসকলে কয়, ‘নিশ্চয় এওঁ এজন প্ৰকাশ্য যাদুকৰ’।","footnotes":"","tafseer":"মানুহৰ বাবে এয়া আচৰিত বিষয় নেকি যে, আমি সিহঁতৰ মাজৰ পৰাই এজনক এই আদেশ প্ৰদান কৰি অহী প্ৰেৰণ কৰিছোঁ যে, মানুহক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰা। হে ৰাছুল! যিসকলে ঈমান আনিছে আপুনি তেওঁলোকক এই আনন্দদায়ক সুসংবাদ দি দিয়ক যে, তেওঁলোকে যি সৎকৰ্ম আগলৈ প্ৰেৰণ কৰিছে, তাৰ প্ৰতিফল স্বৰূপে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ বাবে আছে উচ্চ মৰ্যাদা। কাফিৰসকলে কয়ঃ নিশ্চয় এই ব্যক্তিজন, যিয়ে এই আয়াতসমূহ লৈ আহিছে, তেওঁ হৈছে এজন প্ৰকাশ্য যাদুকৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010002.mp3"},{"index":"3","arabicText":"اِنَّ رَبَّكُمُ اللّٰهُ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ فِیْ سِتَّةِ اَیَّامٍ ثُمَّ اسْتَوٰی عَلَی الْعَرْشِ یُدَبِّرُ الْاَمْرَ ؕ مَا مِنْ شَفِیْعٍ اِلَّا مِنْ بَعْدِ اِذْنِهٖ ؕ ذٰلِكُمُ اللّٰهُ رَبُّكُمْ فَاعْبُدُوْهُ ؕ اَفَلَا تَذَكَّرُوْنَ ۟","assameseTranslation":"নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে (মহান) আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে। তেওঁৰ অনুমতি লাভ নকৰাকৈ চুপাৰিছ কৰাৰ ক্ষমতা কাৰো নাই। সেইজন (স্ৰষ্টা আৰু পৰিচালকেই) হৈছে আল্লাহ, তোমালোকৰ প্ৰতিপালক; গতিকে তোমালোকে তেওঁৰেই ইবাদত কৰা। তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?","footnotes":"","tafseer":"হে আশ্চৰ্যকাৰীসকল! নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে সেই আল্লাহ, যিয়ে বিশাল আকাশ আৰু প্ৰশস্ত পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত আৰছত উঠিছে। তেন্তে তোমালোকৰ নিজৰ মাজৰ পৰাই প্ৰেৰিত হোৱা এই ৰাছুল সম্পৰ্কে কিয় আশ্চৰ্য প্ৰকাশ কৰি আছা? তেওঁ অকলেই তেওঁৰ প্ৰশস্ত ৰাজত্বত নিৰ্ণয় লয় আৰু ফয়চালা কৰে। তেওঁৰ অনুমতি আৰু তেওঁৰ সন্তুষ্টি নোহোৱাকৈ তেওঁৰ ওচৰত কোনেও মধ্যস্ততা কৰিব নোৱাৰে। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী সত্তাই হৈছে তোমালোকৰ প্ৰতিপালক মহান আল্লাহ। এতেকে নিষ্ঠা সহকাৰে কেৱল তেওঁৰেই ইবাদত কৰা। তেওঁৰ একত্ববাদ প্ৰমাণ কৰিব পৰা যুক্তি আৰু প্ৰমাণবোৰৰ জৰিয়তে তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে? যাৰ ভিতৰত কিঞ্চিত পৰিমাণেও শিক্ষা গ্ৰহণ কৰাৰ শক্তি আছে, তেওঁ ইয়াক বুজি পাব আৰু আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010003.mp3"},{"index":"4","arabicText":"اِلَیْهِ مَرْجِعُكُمْ جَمِیْعًا ؕ وَعْدَ اللّٰهِ حَقًّا ؕ اِنَّهٗ یَبْدَؤُا الْخَلْقَ ثُمَّ یُعِیْدُهٗ لِیَجْزِیَ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ بِالْقِسْطِ ؕ وَالَّذِیْنَ كَفَرُوْا لَهُمْ شَرَابٌ مِّنْ حَمِیْمٍ وَّعَذَابٌ اَلِیْمٌ بِمَا كَانُوْا یَكْفُرُوْنَ ۟","assameseTranslation":"তেওঁৰ ওচৰতেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। নিশ্চয় তেৱেঁই সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই সেইটোৰ পুনৰাবৃত্তি ঘটাব, যাতে সেইসকল লোকক ইনচাফপূৰ্ণ প্ৰতিফল প্ৰদান কৰিব পাৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। আনহাতে যিসকলে কুফুৰী কৰিছে সিহঁতৰ বাবে আছে অত্যন্ত গৰম পানী আৰু অতি কষ্টদায়ক শাস্তি; কাৰণ সিহঁতে কুফুৰী কৰিছিল।","footnotes":"","tafseer":"ক্বিয়ামতৰ দিনা তোমালোকে তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰিব লাগিব, যাতে তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিফল দিব পাৰে। আল্লাহে মানুহক ইয়াৰ সত্য প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, যিটো তেওঁ কেতিয়াও ভঙ্গ নকৰিব। নিশ্চয় তেওঁ এয়া কৰিবলৈ সক্ষম। তেওঁ পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈয়ে সৃষ্টিৰ শুভাৰম্ভ কৰিছে, আৰু মৃত্যুৰ পিছতো তেওঁ পুনৰ্জীৱিত কৰিব, যাতে সেইসকল লোকক ন্যায়ৰ সৈতে প্ৰতিফল প্ৰদান কৰিব পাৰে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁ সিহঁতৰ নেকীও হ্ৰাস নকৰিব আৰু গুনাহো বৃদ্ধি নকৰিব। যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, এই অস্বীকাৰৰ ফল স্বৰূপে সিহঁতৰ বাবে থাকিব উতলা পানী, যি পানীয়ে সিহঁতৰ নাড়ী-ভুঁৰু ছিন্ন-বিচ্ছিন্ন কৰি পেলাব, তথা সিহঁতৰ বাবে থাকিব কষ্টদায়ক শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010004.mp3"},{"index":"5","arabicText":"هُوَ الَّذِیْ جَعَلَ الشَّمْسَ ضِیَآءً وَّالْقَمَرَ نُوْرًا وَّقَدَّرَهٗ مَنَازِلَ لِتَعْلَمُوْا عَدَدَ السِّنِیْنَ وَالْحِسَابَ ؕ مَا خَلَقَ اللّٰهُ ذٰلِكَ اِلَّا بِالْحَقِّ ۚ یُفَصِّلُ الْاٰیٰتِ لِقَوْمٍ یَّعْلَمُوْنَ ۟","assameseTranslation":"তেৱেঁই সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে আৰু তাৰ (গতিৰ) বাবে নিৰ্দিষ্ট কৰিছে বিভিন্ন মনযিল (কক্ষপথ), যাতে তোমালোকে বছৰ গণনা কৰিব পাৰা আৰু সময়ৰ হিচাপ জানিব পাৰা। আল্লাহে এইবোৰক যথাযথভাৱেই সৃষ্টি কৰিছে। তেওঁ জ্ঞানী সম্প্ৰদায়ৰ বাবে এইবোৰ নিদৰ্শন বিশদভাৱে বৰ্ণনা কৰে।","footnotes":"","tafseer":"তেৱেঁই সূৰ্যক দীপ্তিৰ ভাণ্ডাৰ বনাইছে, যিয়ে আলো প্ৰসাৰিত কৰে, আৰু চন্দ্ৰক বনাইছে জ্যোতিৰ্ময়, যাৰ পৰা পোহৰ পোৱা যায়। লগতে চন্দ্ৰৰ বাবে আঠাইছ মঞ্জিল নিৰ্দিষ্ট কৰি তাৰ গতি নিৰ্ধাৰণ কৰিছে। জনা উচিত যে, মঞ্জিলৰ দ্বাৰা সেই নিৰ্দিষ্ট সময়ক বুজোৱা হৈছে, যিটো চন্দ্ৰই অতিক্ৰম কৰিবলৈ এদিন এৰাতি সময় লাগে। হে মানৱজাতি! এইবোৰৰ উদ্দেশ্য হৈছে যাতে তোমালোকে সূৰ্যৰ সহায়ত দিন গণনা কৰিব পাৰা, আনহাতে চন্দ্ৰৰ দ্বাৰা মাহ আৰু বছৰৰ হিচাপ ৰাখিব পাৰা। আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী, লগতে ইয়াৰ মাজত থকা সকলো বস্তুক সত্যৰ সৈতে সৃষ্টি কৰিছে। যাতে মানুহক তেওঁৰ ক্ষমতা আৰু মহানতা দৰ্শন কৰাব পাৰে। আল্লাহে তেওঁৰ একত্বৰ এই স্পষ্ট প্ৰমাণ আৰু উজ্জ্বল যুক্তিবোৰ এনেকুৱা লোকৰ বাবে বিস্তাৰিতভাৱে বৰ্ণনা কৰিছে, যিসকলে ইয়াৰ দ্বাৰা তেওঁৰ একত্ব প্ৰমাণ কৰিব বিচাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010005.mp3"},{"index":"6","arabicText":"اِنَّ فِی اخْتِلَافِ الَّیْلِ وَالنَّهَارِ وَمَا خَلَقَ اللّٰهُ فِی السَّمٰوٰتِ وَالْاَرْضِ لَاٰیٰتٍ لِّقَوْمٍ یَّتَّقُوْنَ ۟","assameseTranslation":"নিশ্চয় দিন আৰু ৰাতিৰ পৰিবৰ্তনত আৰু আল্লাহে আকাশসমূহ আৰু পৃথিৱীত যি সৃষ্টি কৰিছে তাৰ মাজত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে।","footnotes":"","tafseer":"নিশ্চয় বান্দাসকলৰ বাবে দিন ৰাতিৰ আৱৰ্তনত আৰু ইয়াৰ ফলত হোৱা অন্ধকাৰ আৰু পোহৰৰ মাজত, লগতে দিন-ৰাতি সৰু ডাঙৰ হোৱাৰ মাজত, আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো সৃষ্টিৰ মাজত, সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতা দৰ্শাব পৰা নিদৰ্শন আছে, যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010006.mp3"},{"index":"7","arabicText":"اِنَّ الَّذِیْنَ لَا یَرْجُوْنَ لِقَآءَنَا وَرَضُوْا بِالْحَیٰوةِ الدُّنْیَا وَاطْمَاَنُّوْا بِهَا وَالَّذِیْنَ هُمْ عَنْ اٰیٰتِنَا غٰفِلُوْنَ ۟ۙ","assameseTranslation":"নিশ্চয় যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে, আৰু পাৰ্থিৱ জীৱনক লৈয়ে সন্তুষ্ট হৈছে, লগতে ইয়াকলৈয়ে পৰিতৃপ্ত, আৰু যিসকলে আমাৰ নিদৰ্শনাৱলী সম্পৰ্কে গাফিল,","footnotes":"","tafseer":"নিশ্চয় কাফিৰসকলে আল্লাহৰ সাক্ষাৎ প্ৰত্যাশা নকৰে, যাৰ ফলত তেওঁক ভয় কৰিব আৰু তেওঁৰ সাক্ষাৎ কামনা কৰিব। তথা সিহঁতে আখিৰাতৰ চিৰস্থায়ী জীৱনৰ পৰিবৰ্তে পৃথিৱীৰ ক্ষন্তেকীয়া জীৱনকলৈয়ে সন্তুষ্ট। এই জীৱনকলৈ সন্তুষ্ট হৈয়ে সিহঁতে আনন্দিত হৈছে। সিহঁতে আল্লাহৰ নিদৰ্শন আৰু তেওঁৰ প্ৰমাণসমূহৰ পৰা অমনোযোগী হৈ বিমুখ হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010007.mp3"},{"index":"8","arabicText":"اُولٰٓىِٕكَ مَاْوٰىهُمُ النَّارُ بِمَا كَانُوْا یَكْسِبُوْنَ ۟","assameseTranslation":"সিহঁতৰ কৃতকৰ্মৰ বাবেই সিহঁতৰ ঠিকনা হ’ব অগ্নি (জাহান্নাম)।","footnotes":"","tafseer":"এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰ ঠিকনা হৈছে জাহান্নাম, য’ত সিহঁতে অৱস্থান কৰিব। কাৰণ সিহঁতে কুফুৰী কৰিছে আৰু ক্বিয়ামতক অস্বীকাৰ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010008.mp3"},{"index":"9","arabicText":"اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ یَهْدِیْهِمْ رَبُّهُمْ بِاِیْمَانِهِمْ ۚ تَجْرِیْ مِنْ تَحْتِهِمُ الْاَنْهٰرُ فِیْ جَنّٰتِ النَّعِیْمِ ۟","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক পথ নিৰ্দেশ কৰিব, কাৰণ তেওঁলোকে ঈমান পোষণ কৰিছে; নিয়ামতেৰে পৰিপূৰ্ণ জান্নাতত তেওঁলোকৰ (বাসস্থানৰ) তলত নদীসমূহ প্ৰবাহিত থাকিব।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু নেক আমল কৰিছে, আল্লাহে তেওঁলোকক হিদায়তৰ আৰু এনেকুৱা সৎকৰ্মৰ তাওফীক প্ৰদান কৰিব যিটো তেওঁৰ সন্তুষ্টিৰ পিনে লৈ যায়। ফলত আল্লাহে তেওঁলোকৰ ঈমানৰ বিনিময়ত তেওঁলোকক ক্বিয়ামতৰ দিনা চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলদেশত নদীসমূহ প্ৰবাহিত থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010009.mp3"},{"index":"10","arabicText":"دَعْوٰىهُمْ فِیْهَا سُبْحٰنَكَ اللّٰهُمَّ وَتَحِیَّتُهُمْ فِیْهَا سَلٰمٌ ۚ وَاٰخِرُ دَعْوٰىهُمْ اَنِ الْحَمْدُ لِلّٰهِ رَبِّ الْعٰلَمِیْنَ ۟۠","assameseTranslation":"তাত তেওঁলোকৰ ধ্বনি হ’বঃ ‘হে আল্লাহ! তুমি মহান, পৱিত্ৰ’! আৰু তাত তেওঁলোকৰ (পৰস্পৰৰ) অভিবাদন হ’ব, ‘ছালাম’ লগতে তেওঁলোকৰ শেষ ধ্বনি হ’বঃ ‘সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ বাবে’।","footnotes":"","tafseer":"জান্নাতত তেওঁলোকৰ প্ৰাৰ্থনা হ'ব আল্লাহৰ তাছবীহ আৰু তাক্বদীছ (অৰ্থাৎ আল্লাহৰ প্ৰশংসা আৰু পৱিত্ৰতা), তথা তেওঁলোকৰ বাবে আল্লাহৰ, ফিৰিস্তাসকলৰ আৰু তেওঁলোকৰ পৰস্পৰে পৰস্পৰৰ বাবে অভিবাদন হ'ব ছালাম। তথা তেওঁলোকৰ প্ৰাৰ্থনাৰ সমাপ্তি হ'ব সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ প্ৰশংসাৰ জৰিয়তে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010010.mp3"},{"index":"11","arabicText":"وَلَوْ یُعَجِّلُ اللّٰهُ لِلنَّاسِ الشَّرَّ اسْتِعْجَالَهُمْ بِالْخَیْرِ لَقُضِیَ اِلَیْهِمْ اَجَلُهُمْ ؕ فَنَذَرُ الَّذِیْنَ لَا یَرْجُوْنَ لِقَآءَنَا فِیْ طُغْیَانِهِمْ یَعْمَهُوْنَ ۟","assameseTranslation":"আৰু যদি আল্লাহে মানুহৰ অকল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰখেদা কৰিলেহেঁতেন, যেনেকৈ তেওঁ সিহঁতৰ কল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰধৰ কৰে, তেন্তে নিশ্চয় সিহঁতৰ নিৰ্দিষ্টি সময় কেতিয়াবাই আহি গ’লহেঁতেন। গতিকে যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতক আমি সিহঁতৰ অবাধ্যতাত উদ্ভ্ৰান্তৰ দৰে ঘূৰি ফুৰিবলৈ এৰি দিওঁ।","footnotes":"","tafseer":"যদি মহান আল্লাহে মানুহৰ ক্ৰোধৰ সময়ত সিহঁতে নিজৰ বাবে কৰা বদ্দুআ বা নিজৰ সন্তানৰ বাবে অথবা সম্পত্তিৰ বিৰুদ্ধে কৰা বদ্দুআ লগে লগে কবুল কৰিলেহেঁতেন, যিদৰে তেওঁ সিহঁতৰ কল্যাণৰ দুআসমূহ লগে লগে কবুল কৰে, তেন্তে সিহঁত ধ্বংস হ’লহেঁতেন। কিন্তু আল্লাহে সিহঁতক অৱকাশ দিয়ে। এতেকে তেওঁ সিহঁতক এৰি দিয়ে যিসকলে তেওঁৰ সাক্ষাতৰ অপেক্ষাত নাই, কিয়নো সিহঁতে শাস্তিকো ভয় নকৰে আৰু ছোৱাবৰো আশা নকৰে। যিসকলে হিচাপ দিৱস সম্পৰ্কে সংশয়ত আছে সিহঁতক তেওঁ দোদুল্যমান অৱস্থাত এৰি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010011.mp3"},{"index":"12","arabicText":"وَاِذَا مَسَّ الْاِنْسَانَ الضُّرُّ دَعَانَا لِجَنْۢبِهٖۤ اَوْ قَاعِدًا اَوْ قَآىِٕمًا ۚ فَلَمَّا كَشَفْنَا عَنْهُ ضُرَّهٗ مَرَّ كَاَنْ لَّمْ یَدْعُنَاۤ اِلٰی ضُرٍّ مَّسَّهٗ ؕ كَذٰلِكَ زُیِّنَ لِلْمُسْرِفِیْنَ مَا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি শুই, বহি অথবা থিয় হৈও আমাক আহ্বান কৰে। তাৰ পিছত যেতিয়া আমি তাৰ সেই দুখ-দৈন্য দূৰ কৰি দিওঁ, তেতিয়া সি এনেকৈ চলা-ফুৰা কৰে যে তাক আক্ৰান্ত কৰা দুখ-দৈন্যৰ পৰা পৰিত্ৰাণ কৰিবলৈ সি যেনিবা আমাক আহ্বান কৰাই নাছিল। এইদৰেই সীমালংঘনকাৰীসকলৰ কৃতকৰ্মক সিহঁতৰ ওচৰত শোভনীয় কৰি দিয়া হৈছে।","footnotes":"","tafseer":"যেতিয়া এনেকুৱা কোনো ব্যক্তিয়ে, যিয়ে নিজৰ ওপৰত অন্যায় কৰিছে, যেতিয়া কোনো বিপদ-আপদ অথবা বেমাৰৰ সন্মুখীন হয়, তেতিয়া সি পূৰ্ণ বিনম্ৰতা আৰু বিনয়ৰ সৈতে শুই শুই বা বহি বহি অথবা থিয় অৱস্থাতো আমাৰ ওচৰত প্ৰাৰ্থনা কৰে, এই আশাত যে, যি বিপদত সি আক্ৰান্ত হৈছে তাৰ পৰা যাতে ৰক্ষা পায়। এতেকে যেতিয়া আমি তাৰ প্ৰাৰ্থনা স্বীকাৰ কৰি লওঁ আৰু তাৰ বিপদ দূৰ কৰি দিওঁ, তেতিয়া সি আকৌ পূৰণি স্বভাৱলৈ ঘূৰি যায়। এনেকুৱা লাগে যেনিবা সি কেতিয়াও কোনো বিপদৰ সময়ত উদ্ধাৰৰ বাবে আমাক আহ্বান কৰাই নাছিল। যিদৰে এই উলঙ্ঘাকাৰীৰ বাবে পথভ্ৰষ্টতাত নিমজ্জিত থকাক সৌন্দৰ্যময় কৰি দিয়া হৈছে, সেইদৰে কুফৰৰ দ্বাৰা সীমালঙ্ঘনকাৰীৰ বাবেও সেই কুফৰ আৰু অৱজ্ঞাক সুশোভিত কৰি দিয়া হৈছে, যিবোৰ সিহঁতে কৰিছিল। এতেকে সিহঁতে ইয়াক কেতিয়াও পৰিত্যাগ নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010012.mp3"},{"index":"13","arabicText":"وَلَقَدْ اَهْلَكْنَا الْقُرُوْنَ مِنْ قَبْلِكُمْ لَمَّا ظَلَمُوْا ۙ وَجَآءَتْهُمْ رُسُلُهُمْ بِالْبَیِّنٰتِ وَمَا كَانُوْا لِیُؤْمِنُوْا ؕ كَذٰلِكَ نَجْزِی الْقَوْمَ الْمُجْرِمِیْنَ ۟","assameseTranslation":"আৰু নিশ্চয় আমি তোমালোকৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছোঁ, যেতিয়া সিহঁতে যুলুম (সীমালংঘন) কৰিছিল; আৰু সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণাদিসহ আগমন কৰিছিল, তথাপিও সিহঁতে ঈমান পোষণ কৰিবলৈ প্ৰস্তুত নাছিল। এইদৰেই আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল দি থাকোঁ।","footnotes":"","tafseer":"তথা হে মুশ্বৰিকসকল! তোমালোকৰ পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহকো আমি ধ্বংস কৰিছোঁ, কাৰণ সিহঁতে আল্লাহৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু গুনাহৰ কৰ্মত লিপ্ত হৈছিল। অথচ আমি প্ৰেৰণ কৰা ৰাছুলসকলে সিহঁতৰ ওচৰলৈ স্পষ্ট প্ৰমাণ আৰু প্ৰকাশ্য দলীলৰ সৈতে আগমণ কৰিছিল। এনেকুৱা প্ৰমাণ, যিবোৰে সত্যতা ৰূপায়ন কৰে যে, ৰাছুলে নিজ প্ৰতিপালকৰ পৰা লৈ অহা সকলো বিষয় হৈছে সত্য। তথাপিও সিহঁতে ঈমান পোষণ কৰা নাছিল, কাৰণ সিহঁতৰ মাজত ঈমান পোষণ কৰাৰ যোগ্যতাই নাছিল। ফলত আল্লাহেও সিহঁতক অসহায় অৱস্থাত এৰি দিছিল, আৰু ঈমান পোষণ কৰাৰ তাওফীক প্ৰদান কৰা নাছিল। যিদৰে আমি সেই অন্যায়কাৰী সম্প্ৰদায়সমূহক শাস্তি বিহিছোঁ, ঠিক সেইদৰে আমি প্ৰত্যেক যুগতে আৰু প্ৰত্যেক স্থানতে থকা সিহঁতৰ দৰে লোকক তেনেকুৱা শাস্তি প্ৰদান কৰি থাকিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010013.mp3"},{"index":"14","arabicText":"ثُمَّ جَعَلْنٰكُمْ خَلٰٓىِٕفَ فِی الْاَرْضِ مِنْ بَعْدِهِمْ لِنَنْظُرَ كَیْفَ تَعْمَلُوْنَ ۟","assameseTranslation":"তাৰ পিছত আমি তোমালোকক সিহঁতৰ পিছত পৃথিৱীত স্থলাভিষিক্ত কৰিছোঁ, যাতে আমি এইটো চাব পাৰোঁ যে তোমালোকে কেনেকুৱা আমল কৰা।","footnotes":"","tafseer":"হে মানৱজাতি! তাৰ পিছত আমি তোমালোকক সেই অস্বীকাৰকাৰী সম্প্ৰদায়সমূহৰ উত্তৰাধিকাৰী বনাইছোঁ যিসকলক আমি ধ্বংস কৰিছিলোঁ। যাতে আমি চাব পাৰোঁ তোমালোকে কেনেকুৱা কৰ্ম কৰা। যদি কল্যাণমূলক কাম কৰা তেন্তে ভাল প্ৰতিফল পাবা, আনহাতে বেয়া কৰ্ম কৰিলে শাস্তিৰ সন্মুখীন হ'বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010014.mp3"},{"index":"15","arabicText":"وَاِذَا تُتْلٰی عَلَیْهِمْ اٰیَاتُنَا بَیِّنٰتٍ ۙ قَالَ الَّذِیْنَ لَا یَرْجُوْنَ لِقَآءَنَا ائْتِ بِقُرْاٰنٍ غَیْرِ هٰذَاۤ اَوْ بَدِّلْهُ ؕ قُلْ مَا یَكُوْنُ لِیْۤ اَنْ اُبَدِّلَهٗ مِنْ تِلْقَآئِ نَفْسِیْ ۚ اِنْ اَتَّبِعُ اِلَّا مَا یُوْحٰۤی اِلَیَّ ۚ اِنِّیْۤ اَخَافُ اِنْ عَصَیْتُ رَبِّیْ عَذَابَ یَوْمٍ عَظِیْمٍ ۟","assameseTranslation":"আৰু যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ সিহঁতৰ ওচৰত পাঠ কৰা হয়, তেতিয়া যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতে কয়, ‘ইয়াৰ বাহিৰে আন এখন কোৰআন লৈ আহা, অথবা ইয়াকে পৰিবৰ্তন কৰা’। কোৱা, ‘মই মোৰ নিজৰ ফালৰ পৰা ইয়াত সাল-সলনি কৰাটো সম্ভৱ নহয়। মোৰ প্ৰতি যি অহী প্ৰেৰণ কৰা হয় মই কেৱল সেইটোৰহে অনুসৰণ কৰোঁ। যদি মই মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰোঁ তেন্তে মই ভয় কৰোঁ নিশ্চয় মহা দিৱসৰ শাস্তিয়ে মোক আক্ৰান্ত কৰিব’।","footnotes":"","tafseer":"আৰু যেতিয়া সিহঁতৰ সন্মুখত কোৰআনৰ স্পষ্ট আৰু তাওহীদ প্ৰমাণ কৰিব পৰা আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা লোকসকলে, যিসকলে ছোৱাব প্ৰত্যাশা নকৰে আৰু শাস্তিকো ভয় নকৰে, সিহঁতে কয়ঃ হে মুহাম্মদ! মূৰ্তি পূজাক নিন্দা কৰা এই কোৰআনৰ পৰিবৰ্তে আমাৰ বাবে আন এখন কোৰআন লৈ আহা, য’ত পূৰ্বৰৱৰ্তী কিতাবৰ কিয়দাংশ অথবা পৰিপূৰ্ণ কিতাবখনকে সম্পূৰ্ণৰূপে আমাৰ প্ৰবৃত্তিৰ চাহিদা অনুসৰি ৰহিত কৰা হ’ব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, ইয়াক পৰিবৰ্তন কৰাটো মোৰ পক্ষে সম্ভৱ নহয়, আনহাতে ইয়াৰ পৰিবৰ্তে বেলেগ এখন কোৰআন লৈ অহাটো মোৰ পক্ষে আৰু সম্ভৱ নহয়। কেৱল আল্লাহেই নিজৰ ইচ্ছানুসৰি ইয়াত পৰিবৰ্তন কৰিব পাৰে। মই কেৱল সেই অহীৰ অনুসৰণ কৰোঁ, যিটো আল্লাহে মোৰ প্ৰতি প্ৰেৰণ কৰে। তোমালোকৰ কথা শুনি যদি মই আল্লাহৰ অৱজ্ঞা কৰোঁ তেন্তে জানি থোৱা, নিশ্চয় মই সেই মহান দিৱসৰ অৰ্থাৎ ক্বিয়ামত দিৱসৰ শাস্তিক ভয় কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010015.mp3"},{"index":"16","arabicText":"قُلْ لَّوْ شَآءَ اللّٰهُ مَا تَلَوْتُهٗ عَلَیْكُمْ وَلَاۤ اَدْرٰىكُمْ بِهٖ ۖؗ فَقَدْ لَبِثْتُ فِیْكُمْ عُمُرًا مِّنْ قَبْلِهٖ ؕ اَفَلَا تَعْقِلُوْنَ ۟","assameseTranslation":"কোৱা, ‘আল্লাহে যদি বিচাৰিলেহেঁতেন তেন্তে ময়ো তোমালোকৰ ওচৰত এইটো তিলাৱত নকৰিলোঁহেঁতেন আৰু তেৱোঁ তোমালোকক এই বিষয়ে নজনালেহেঁতেন। মইতো ইয়াৰ আগতেও তোমালোকৰ মাজত জীৱনৰ এটা দীৰ্ঘকাল অৱস্থান কৰিছোঁ, তথাপিও তোমালোকে বুজি নোপোৱানে’?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক যে, তোমালোকক কোৰআন তিলাৱত কৰি শুনোৱাটো যদি আল্লাহে নিবিচাৰিলেহেঁতেন তেন্তে মই তোমালোকক সেয়া তিলাৱত কৰি নুশুনোৱালোহেঁতেন আৰু তোমালোকৰ ওচৰলৈ লৈয়ো নাহিলোঁহেঁতেন। এইদৰে যদি আল্লাহে বিচাৰিলেহেঁতেন তেন্তে মই তোমালোকক মোৰ মুখেৰে কোৰআন সম্পৰ্কে অৱগত নকৰিলোঁহেঁতেন। নিশ্চয় তোমালোকে জানা, তোমালোকৰ মাজত মই এটা দীৰ্ঘ সময় অৰ্থাৎ ৪০ বছৰ সময় অতিবাহিত কৰিছোঁ আৰু এই সময়ছোৱাত মই লিখা পঢ়া একোৱে জনা নাছিলোঁ। মই এনেকুৱা কোনো বিষয়ো বিচৰা নাছিলোঁ আৰু সন্ধানো কৰা নাছিলোঁ। তোমালোকে নিজৰ বিবেক বুদ্ধি প্ৰয়োগ কৰি এইটো বুজিবলৈ চেষ্টা নকৰা নেকি যে, মই যি তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ, সেয়া হৈছে আল্লাহৰ ফালৰ পৰা আৰু তাত মোৰ কোনো হস্তক্ষেপ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010016.mp3"},{"index":"17","arabicText":"فَمَنْ اَظْلَمُ مِمَّنِ افْتَرٰی عَلَی اللّٰهِ كَذِبًا اَوْ كَذَّبَ بِاٰیٰتِهٖ ؕ اِنَّهٗ لَا یُفْلِحُ الْمُجْرِمُوْنَ ۟","assameseTranslation":"এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে বা আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে, সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? নিশ্চয় অপৰাধীসকল কেতিয়াও সফল হ’ব নোৱাৰে।","footnotes":"","tafseer":"এতেকে সেই ব্যক্তিতকৈ অধিক অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে। তেন্তে মোৰ পক্ষে এয়া কেনেকৈ সম্ভৱ হ'ব যে, মই আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি কোৰআন পৰিবৰ্তন কৰিম? প্ৰকৃততে যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি তেওঁৰ সীমালঙ্ঘন কৰে, সিহঁতে কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ'ব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010017.mp3"},{"index":"18","arabicText":"وَیَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ مَا لَا یَضُرُّهُمْ وَلَا یَنْفَعُهُمْ وَیَقُوْلُوْنَ هٰۤؤُلَآءِ شُفَعَآؤُنَا عِنْدَ اللّٰهِ ؕ قُلْ اَتُنَبِّـُٔوْنَ اللّٰهَ بِمَا لَا یَعْلَمُ فِی السَّمٰوٰتِ وَلَا فِی الْاَرْضِ ؕ سُبْحٰنَهٗ وَتَعٰلٰی عَمَّا یُشْرِكُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে আল্লাহক এৰি বেলেগৰ ইবাদত কৰে যিসকলে সিহঁতৰ ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে; লগতে সিহঁতে কয়, ‘এইসকল হৈছে আল্লাহৰ ওচৰত আমাৰ চুপাৰিছকাৰী’। কোৱা, ‘তোমালোকে আল্লাহক আকাশমণ্ডল আৰু পৃথিৱীৰ এনেকুৱা কোনো বিষয়ৰ সংবাদ দি আছা নেকি, যি বিষয়ে তেওঁ নাজানে?, তেওঁ মহান, পৱিত্ৰ’, আৰু সিহঁতে যিবোৰক তেওঁৰ সৈতে অংশী কৰে, তেওঁ তাৰ পৰা বহু ঊৰ্দ্ধত।","footnotes":"","tafseer":"মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে এনেকুৱা মনেসজা উপাস্যৰ উপাসনা কৰে, যিসকলে উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে। আনহাতে প্ৰকৃত উপাস্য হৈছে তেওঁ, যিয়ে যেতিয়াই ইচ্ছা কৰে তেতিয়াই উপকাৰ কৰিব পাৰে আৰু ক্ষতিও কৰিব পাৰে। পক্ষান্তৰে সিহঁতে নিজৰ উপাস্যবোৰৰ বিষয়ে কয় যে, সেইবোৰে আল্লাহৰ ওচৰত আমাৰ বাবে মধ্যস্ততা কৰিব। ফলত আল্লাহে আমাক আমাৰ পাপ কৰ্মৰ প্ৰতিফল স্বৰূপে শাস্তি প্ৰদান নকৰিব। হে ৰাছুল! আপুনি সিহঁতক কওক যে, তোমালোকে সৰ্বজ্ঞ আল্লাহক সংবাদ দি আছা নেকি যে, তেওঁৰ অংশী আছে? অথচ আকাশমণ্ডল আৰু পৃথিৱীত তেওঁৰ কোনো অংশী আছে বুলি তেওঁ নিজেই নাজানে। মুশ্বৰিকসকলে যিবোৰ অসত্য আৰু মিছা প্ৰচাৰ চলাই আছে তাৰ পৰা মহান আল্লাহ অত্যন্ত পাক আৰু পৱিত্ৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010018.mp3"},{"index":"19","arabicText":"وَمَا كَانَ النَّاسُ اِلَّاۤ اُمَّةً وَّاحِدَةً فَاخْتَلَفُوْا ؕ وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَّبِّكَ لَقُضِیَ بَیْنَهُمْ فِیْمَا فِیْهِ یَخْتَلِفُوْنَ ۟","assameseTranslation":"আৰু (আৰম্ভণিত) মানুহৰ এটাই উম্মত আছিল, পিছতহে সিহঁতে মতভেদ সৃষ্টি কৰিছে। তোমাৰ প্ৰতিপালকৰ পূৰ্ব-ঘোষণা নাথাকিলে, সিহঁতে যিবোৰ বিষয়ত মতভেদ কৰিছে সেইবোৰৰ মীমাংসা হৈয়ে গ’লহেঁতেন।","footnotes":"","tafseer":"সকলো মানৱ এটাই উম্মতৰ অন্তৰ্ভুক্ত আছিল, মুমিন আছিল আৰু একত্ববাদী আছিল। কিন্তু পৰৱৰ্তী সময়ছোৱাত সিহঁতৰ মাজত বিভেদ সৃষ্টি হৈছে। ফলত সিহঁতৰ মাজৰ কিছুমানে মুমিন হৈ থাকিল আৰু আন কিছুমানে কাফিৰত পৰিণত হ'ল। যদি আল্লাহৰ ফালৰ পৰা এয়া পূৰ্ব নিৰ্দিষ্ট নাথাকিলহেঁতেন যে, তেওঁ মানুহৰ মাজৰ মতানৈক্যৰ ফয়চালা পৃথিৱীত নকৰিব, বৰং সিহঁতৰ মাজৰ মতভেদৰ মীমাংসা ক্বিয়ামতৰ দিনা কৰিব, তেন্তে যি বিষয়ক লৈ সিহঁতে মতভেদ কৰি আছে, তাৰ মীমাংসা আল্লাহে পৃথিৱীতেই কৰি দিলেহেঁতেন। ফলত এয়া স্পষ্ট হৈ গ’লহেঁতেন যে, কোন হিদায়তৰ পথত আছে আৰু কোন পথভ্ৰষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010019.mp3"},{"index":"20","arabicText":"وَیَقُوْلُوْنَ لَوْلَاۤ اُنْزِلَ عَلَیْهِ اٰیَةٌ مِّنْ رَّبِّهٖ ۚ فَقُلْ اِنَّمَا الْغَیْبُ لِلّٰهِ فَانْتَظِرُوْا ۚ اِنِّیْ مَعَكُمْ مِّنَ الْمُنْتَظِرِیْنَ ۟۠","assameseTranslation":"আৰু সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰলৈ কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? এতেকে তুমি কোৱা, ‘গায়েবৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে। গতিকে তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰিছোঁ’।","footnotes":"","tafseer":"মুশ্বৰিকসকলে কয়ঃ মুহাম্মদৰ প্ৰতি তাৰ প্ৰতিপালকৰ তৰফৰ পৰা এনেকুৱা কোনো আয়াত কিয় অৱতীৰ্ণ নহয় যি আয়াতে তাৰ সত্যতা ৰূপায়ন কৰিব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ আয়াত অৱতীৰ্ণ হোৱাৰ বিষয়টো এটা অদৃশ্য বিষয়, যিটোৰ জ্ঞান কেৱল আল্লাহৰ সৈতে নিৰ্দিষ্ট। এতেকে তোমালোকে সেইবোৰ ভৌতিক নিদৰ্শনৰ অপেক্ষা কৰা, যিবোৰৰ বিষয়ে তোমালোকে পৰামৰ্শ আগবঢ়াইছা। ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010020.mp3"},{"index":"21","arabicText":"وَاِذَاۤ اَذَقْنَا النَّاسَ رَحْمَةً مِّنْ بَعْدِ ضَرَّآءَ مَسَّتْهُمْ اِذَا لَهُمْ مَّكْرٌ فِیْۤ اٰیَاتِنَا ؕ قُلِ اللّٰهُ اَسْرَعُ مَكْرًا ؕ اِنَّ رُسُلَنَا یَكْتُبُوْنَ مَا تَمْكُرُوْنَ ۟","assameseTranslation":"দুখ-দন্যই সিহঁতক স্পৰ্শ কৰাৰ পিছত যেতিয়াই আমি মানুহক অনুগ্ৰহৰ সোৱাদ দিওঁ তেতিয়াই সিহঁতে আমাৰ আয়াতসমূহৰ বিৰুদ্ধে অপকৌশল আৰম্ভ কৰে। কোৱা, ‘আল্লাহ কৌশল অৱলম্বনত আৰু অধিক তৎপৰ’। তোমালোকে যি অপকৌশল কৰা, নিশ্চয় আমাৰ ফিৰিস্তাসকলে সেইবোৰ লিখি ৰাখে।","footnotes":"","tafseer":"যেতিয়া আমি মুশ্বৰিকসকলক দুৰ্ভিক্ষ আৰু বিপদ-আপদৰ পিছত বৰষুণ আৰু সেউজীয়া পথাৰৰ সোৱাদ দিওঁ, তেতিয়া সিহঁতে আমাৰ নিদৰ্শনসমূহক লৈ উপহাস কৰে আৰু সেইবোৰক অস্বীকাৰ কৰে। হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, আল্লাহৰ কৌশল অতি তীব্ৰতৰ, আৰু তেওঁ তোমালোকক অৱকাশ দিয়াৰ ক্ষেত্ৰত আৰু শাস্তি প্ৰদানৰ ক্ষেত্ৰতো ক্ষীপ্ৰতাৰ অধিকাৰী। নিশ্চয় তোমালোকে যিবোৰ চক্ৰান্ত কৰি আছা, সেই সকলোবোৰ নিয়োজিত ফিৰিস্তাসকলে লিখি আছে। তেওঁলোকৰ পৰা কোনো বিষয়ে বাদ নপৰে, তেন্তে তেওঁলোকৰ সৃষ্টিকৰ্তাৰ পৰা কেনেকৈ বাদ পৰিব? আল্লাহে নিশ্চয় তোমালোকক তোমালোকৰ চক্ৰান্তৰ প্ৰতিফল প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010021.mp3"},{"index":"22","arabicText":"هُوَ الَّذِیْ یُسَیِّرُكُمْ فِی الْبَرِّ وَالْبَحْرِ ؕ حَتّٰۤی اِذَا كُنْتُمْ فِی الْفُلْكِ ۚ وَجَرَیْنَ بِهِمْ بِرِیْحٍ طَیِّبَةٍ وَّفَرِحُوْا بِهَا جَآءَتْهَا رِیْحٌ عَاصِفٌ وَّجَآءَهُمُ الْمَوْجُ مِنْ كُلِّ مَكَانٍ وَّظَنُّوْۤا اَنَّهُمْ اُحِیْطَ بِهِمْ ۙ دَعَوُا اللّٰهَ مُخْلِصِیْنَ لَهُ الدِّیْنَ ۚ۬ لَىِٕنْ اَنْجَیْتَنَا مِنْ هٰذِهٖ لَنَكُوْنَنَّ مِنَ الشّٰكِرِیْنَ ۟","assameseTranslation":"তেৱেঁই তোমালোকক জল-স্থলত ভ্ৰমণ কৰায়। আনকি তোমালোকে যেতিয়া নৌযানত আৰোহণ কৰা, আৰু সেই নৌযানবোৰে আৰোহীসকলকলৈ অনুকূল বতাহৰ সহায়ত চলাচল কৰে তেতিয়া সিহঁত আনন্দিত হয়, কিন্তু হঠাৎ যেতিয়া প্ৰবল ধুমুহা আহে, আৰু চাৰিওফালৰ পৰা ঢৌ আহিবলৈ ধৰে তেতিয়া সিহঁতে নিশ্চিত ধাৰণা কৰে যে, সিহঁত (বিপদৰ দ্বাৰা) পৰিবেষ্টিত হৈছে, (তেতিয়া) সিহঁতে সৰলচিত্তে আনুগত্য সহকাৰে কেৱল আল্লাহকেই প্ৰাৰ্থনা কৰে যে, ‘তুমি যদি আমাক ইয়াৰ পৰা ৰক্ষা কৰা, নিশ্চয় আমি কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।","footnotes":"","tafseer":"হে মানৱজাতি! আল্লাহেই তোমালোকক স্থলত খোজকঢ়াৰ আৰু বাহনত উঠি চলাফুৰা কৰাৰ সুবিধা প্ৰদান কৰিছে, আৰু তেৱেঁই তোমালোকক সাগৰত জাহাজৰ জৰিয়তে চলাফুৰা কৰায়। যেতিয়া তোমালোকে সাগৰত জাহাজৰ মাজত থাকা, আৰু জাহাজে সুন্দৰ বতাহৰ মাজত গমন কৰে, তেতিয়া আৰোহীসকলে আনন্দিত হৈ পৰে। এই আনন্দৰ মাজতেই যেতিয়া প্ৰবল ধুমুহা আহে আৰু চাৰিওফালৰ পৰা সাগৰৰ ঢৌৱে সিহঁতক চোঁচা লয় আৰু সিহঁত নিশ্চিত হৈ পৰে যে এতিয়া আৰু ৰক্ষা নাই। তেতিয়া সিহঁতে কেৱল এক আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰে, তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰে। লগতে কয়ঃ তুমি যদি আমাক এই বিপদৰ পৰা ৰক্ষা কৰা তেন্তে আমি তোমাৰ এই অনুগ্ৰহত অৱশ্যে কৃতজ্ঞতা জ্ঞাপন কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010022.mp3"},{"index":"23","arabicText":"فَلَمَّاۤ اَنْجٰىهُمْ اِذَا هُمْ یَبْغُوْنَ فِی الْاَرْضِ بِغَیْرِ الْحَقِّ ؕ یٰۤاَیُّهَا النَّاسُ اِنَّمَا بَغْیُكُمْ عَلٰۤی اَنْفُسِكُمْ ۙ مَّتَاعَ الْحَیٰوةِ الدُّنْیَا ؗ ثُمَّ اِلَیْنَا مَرْجِعُكُمْ فَنُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟","assameseTranslation":"তাৰ পিছত তেওঁ যেতিয়া সিহঁতক বিপদমুক্ত কৰে তেতিয়া সিহঁতে পৃথিৱীত অন্যায়ভাৱে সীমালংঘন কৰি থাকে। হে মানৱ! (জানি থোৱা) তোমালোকৰ সীমালংঘন কেৱল তোমালোকৰ বিৰুদ্ধেই (ক্ষতিকৰ) হয়; পাৰ্থিৱ জীৱনৰ সুখ উপভোগ কৰি লোৱা, পিছত আমাৰ ওচৰলৈকেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ’ব। তেতিয়া আমি তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।","footnotes":"","tafseer":"ফলত যেতিয়া তেওঁ সিহঁতৰ প্ৰাৰ্থনা কবুল কৰে আৰু সিহঁতক বিপদৰ পৰা ৰক্ষা কৰে, তেতিয়া সিহঁতে আকৌ পৃথিৱীত কুফৰ, অৱজ্ঞা আৰু পাপকৰ্মত লিপ্ত হৈ উপদ্ৰৱ কৰিবলৈ ধৰে। হে মানৱজাতি! সজাগ হোৱা, কাৰণ তোমালোকৰ উপদ্ৰৱৰ পৰিণাম স্বয়ং তোমালোকেই ভোগ কৰিবা। কিয়নো তোমালোকৰ বিদ্ৰোহৰ দ্বাৰা আল্লাহৰ কোনো ক্ষতি নহ’ব। তোমালোকে পাৰ্থিৱ জীৱন উপভোগ কৰি আছা, অথচ এইটো হৈছে ধ্বংসশীল জীৱন। পিছত ক্বিয়ামতৰ দিনা তোমালোকে আমাৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেতিয়া আমি তোমালোকক অৱগত কৰাম, তোমালোকে কি গুনাহ কৰি আছিলা আৰু তোমালোকক ইয়াৰ প্ৰতিদানো দিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010023.mp3"},{"index":"24","arabicText":"اِنَّمَا مَثَلُ الْحَیٰوةِ الدُّنْیَا كَمَآءٍ اَنْزَلْنٰهُ مِنَ السَّمَآءِ فَاخْتَلَطَ بِهٖ نَبَاتُ الْاَرْضِ مِمَّا یَاْكُلُ النَّاسُ وَالْاَنْعَامُ ؕ حَتّٰۤی اِذَاۤ اَخَذَتِ الْاَرْضُ زُخْرُفَهَا وَازَّیَّنَتْ وَظَنَّ اَهْلُهَاۤ اَنَّهُمْ قٰدِرُوْنَ عَلَیْهَاۤ ۙ اَتٰىهَاۤ اَمْرُنَا لَیْلًا اَوْ نَهَارًا فَجَعَلْنٰهَا حَصِیْدًا كَاَنْ لَّمْ تَغْنَ بِالْاَمْسِ ؕ كَذٰلِكَ نُفَصِّلُ الْاٰیٰتِ لِقَوْمٍ یَّتَفَكَّرُوْنَ ۟","assameseTranslation":"পাৰ্থিৱ জীৱনৰ উদাহৰণ পানীৰ দৰে, যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰোঁ, ইয়াৰ দ্বাৰা ভূমিজ উদ্ভিদ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়, যিবোৰ মানুহে আৰু জীৱ-জন্তুৱে খায়। তাৰ পিছত যেতিয়া ভূমি সুজলা-সুফলা আৰু মনোমোহা হৈ উঠে আৰু তাৰ গিৰিহঁতে ভাৱে যে, সেইবোৰ সিহঁতৰ আয়ত্তাধীন, তেতিয়া দিনতে হওক বা ৰাতিত আমাৰ আদেশ আহি পৰে, তাৰ পিছত আমি সেইবোৰ এনেকৈ নিৰ্মূল কৰি দিওঁ যেনিবা যোৱাকালি ইয়াৰ কোনো অস্তিত্বই নাছিল। এইদৰেই আমি চিন্তাশীল সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ।","footnotes":"","tafseer":"পাৰ্থিৱ জীৱন যিটোকলৈ আনন্দ উল্লাস কৰি আছা আৰু মতলীয়া হৈ আছা, এই জীৱন নিঃশেষ হোৱাৰ উদাহৰণ হৈছে বৰষুণৰ পানীৰ দৰে। যাৰ দ্বাৰা উৎপাদিত ভূমিজ উদ্ভিদ মানুহে ভক্ষণ কৰে, যেনেঃ শস্য আৰু ফলমূল আদি, আৰু পশুৱেও ভক্ষণ কৰে, যেনেঃ ঘাঁহ বন আদি, যিবোৰ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়। অৱশেষত যেতিয়া পথাৰ সেউজীয়া হৈ পৰে আৰু সৌন্দৰ্যময় হয়, লগতে বিভিন্ন প্ৰকাৰৰ গছ-গছনিৰে ভৰি পৰে তথা সেই শস্য-শ্যামল খেতিৰ মালিকসকলে যেতিয়া নিশ্চিত হয় যে, সিহঁতে কৰা খেতিৰ ফচল চপাবলৈ সক্ষম তথা গছৰ ফল আদি পাৰিবলৈ সামৰ্থৱান, হঠাৎ তেতিয়াই আমাৰ ফালৰ পৰা সেইবোৰ ধ্বংস হোৱাৰ আদেশ আহি পৰে, আৰু সেইবোৰ শস্য চপোৱা খেতিৰ দৰে খেতিত পৰিণত হৈ যায়, যেনিবা ইতিপূৰ্বে তাত কোনো ফচলে নাছিল। যিদৰে আমি তোমালোকৰ বাবে পৃথিৱীৰ স্থিতি আৰু ইয়াৰ ধ্বংস সম্পৰ্কে বিস্তাৰিত বৰ্ণনা দিছোঁ, ঠিক সেইদৰে আমি চিন্তা-চৰ্চাকাৰী আৰু গৱেষকসকলৰ বাবে দলীল-প্ৰমাণ আৰু যুক্তিবোৰ স্পষ্ট কৰি দিওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010024.mp3"},{"index":"25","arabicText":"وَاللّٰهُ یَدْعُوْۤا اِلٰی دَارِ السَّلٰمِ ؕ وَیَهْدِیْ مَنْ یَّشَآءُ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟","assameseTranslation":"আল্লাহে (মানুহক) শান্তিৰ আবাসৰ ফালে আহ্বান কৰে আৰু যাক ইচ্ছা কৰে সৰল পথত পৰিচালিত কৰে।","footnotes":"","tafseer":"আল্লাহে সকলোকে তেওঁৰ জান্নাতৰ পিনে আহ্বান কৰে, যিটো হৈছে শান্তিৰ ঘৰ। য’ত মানুহে দুখ-কষ্ট আৰু বিপদ-আপদৰ পৰা সুৰক্ষিত থাকিব, লগতে মৃত্যুৰ পৰাও সুৰক্ষিত থাকিব। আল্লাহে যাক ইচ্ছা কৰে দ্বীন ইছলাম মানি চলাৰ তাওফীক প্ৰদান কৰে, আৰু এই ইছলামেই তাক শান্তিৰ ঘৰলৈ লৈ যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010025.mp3"},{"index":"26","arabicText":"لِلَّذِیْنَ اَحْسَنُوا الْحُسْنٰی وَزِیَادَةٌ ؕ وَلَا یَرْهَقُ وُجُوْهَهُمْ قَتَرٌ وَّلَا ذِلَّةٌ ؕ اُولٰٓىِٕكَ اَصْحٰبُ الْجَنَّةِ ۚ هُمْ فِیْهَا خٰلِدُوْنَ ۟","assameseTranslation":"যিসকলে ইহছানৰ সৈতে আমল কৰে (উত্তমৰূপে কাম কৰে) তেওঁলোকৰ বাবে আছে জান্নাত বৰং আৰু অধিক (আল্লাহৰ সাক্ষাৎ)। মলিনতা আৰু হীনতাই তেওঁলোকৰ মুখমণ্ডলক আচ্ছন্ন নকৰিব। তেওঁলোকেই হৈছে জান্নাতৰ অধিবাসী, তেওঁলোকে তাত অনন্তকাল বসবাস কৰিব।","footnotes":"","tafseer":"আল্লাহে অনিবাৰ্য্য কৰা আনুগত্য পালন কৰি তথা তেওঁ নিষিদ্ধ কৰা পাপকৰ্মক পৰিত্যাগ কৰি যিসকলে সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে উত্তম প্ৰতিদান, সেয়া হৈছে জান্নাত। তথা তেওঁলোকৰ বাবে ইয়াতকৈও উত্তম এটা প্ৰতিদান আছে, সেয়া হৈছে আল্লাহৰ সন্মানীয় মুখমণ্ডলৰ দৰ্শন। তেওঁলোকৰ চেহেৰাত নাথাকিব কোনো ময়লা বা ধূলি-বালি, আৰু কোনো অপমান বা তিৰস্কাৰৰ চিহ্নও নাথাকিব। নেকপৰায়ণতাৰ গুণেৰে বিভূষিত এইসকল লোকেই হৈছে জান্নাতৰ অধিবাসী, তাত তেওঁলোকে চিৰকাল বসবাস কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010026.mp3"},{"index":"27","arabicText":"وَالَّذِیْنَ كَسَبُوا السَّیِّاٰتِ جَزَآءُ سَیِّئَةٍ بِمِثْلِهَا ۙ وَتَرْهَقُهُمْ ذِلَّةٌ ؕ مَا لَهُمْ مِّنَ اللّٰهِ مِنْ عَاصِمٍۚ كَاَنَّمَاۤ اُغْشِیَتْ وُجُوْهُهُمْ قِطَعًا مِّنَ الَّیْلِ مُظْلِمًا ؕ اُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ هُمْ فِیْهَا خٰلِدُوْنَ ۟","assameseTranslation":"আনহাতে যিসকলে বেয়া কাম কৰে, প্ৰতিটো বেয়া কামৰ প্ৰতিদান হ’ব সেই অনুপাতেই; লগতে হীনতাই সিহঁতক আচ্ছন্ন কৰিব; আল্লাহৰ (শাস্তিৰ) পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাথাকিব; সিহঁতৰ মুখমণ্ডল এনেকৈ অন্ধকাৰাচ্ছন্ন হৈ থাকিব যেনিবা ৰাতিৰ অন্ধকাৰৰ আৱৰণে সিহঁতক ছাটি ধৰিছে। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।","footnotes":"","tafseer":"যিসকলে কুফৰ তথা পাপকৰ্মৰ দৰে অপকৰ্ম কৰিছে, সিহঁতে কৰা অপকৰ্মৰ প্ৰতিদান স্বৰূপে সিহঁতে আল্লাহৰ ওচৰত সেই অনুপাতেই শাস্তি ভোগ কৰিব। সিহঁতৰ চেহেৰাক তিৰস্কাৰ আৰু অপমানে আচ্ছন্ন কৰিব। আল্লাহে যেতিয়া সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিব, তেতিয়া কোনেও সিহঁতক তেওঁৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব, এনেকুৱা লাগিব যেনিবা সিহঁতৰ মুখমণ্ডলত অন্ধকাৰ ৰাতিৰ এন্ধাৰে বেৰি ধৰিছে, কাৰণ সিহঁতক জাহান্নামৰ ধোঁৱা আৰু অন্ধকাৰে আৱৰি ৰাখিব। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰস্থায়ী হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010027.mp3"},{"index":"28","arabicText":"وَیَوْمَ نَحْشُرُهُمْ جَمِیْعًا ثُمَّ نَقُوْلُ لِلَّذِیْنَ اَشْرَكُوْا مَكَانَكُمْ اَنْتُمْ وَشُرَكَآؤُكُمْ ۚ فَزَیَّلْنَا بَیْنَهُمْ وَقَالَ شُرَكَآؤُهُمْ مَّا كُنْتُمْ اِیَّانَا تَعْبُدُوْنَ ۟","assameseTranslation":"আৰু (স্মৰণ কৰা) যিদিনা আমি সিহঁত সকলোকে একত্ৰিত কৰিম। তাৰ পিছত মুশ্বৰিকসকলক সুধিম, ‘তোমালোক আৰু তোমালোকে নিৰূপণ কৰা অংশীবিলাক (আটায়ে) নিজৰ নিজৰ স্থানত অৱস্থান কৰা’; তাৰ পিছত আমি সিহঁতক পৰস্পৰৰ পৰা পৃথক কৰি দিম, তেতিয়া সিহঁতৰ অংশীবিলাকে (সিহঁতক সম্বোধন কৰি) ক’ব, ‘তোমালোকে আমাৰ ইবাদত কৰা নাছিলা’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি ক্বিয়ামত দিৱসক স্মৰণ কৰক, যেতিয়া আমি সকলো সৃষ্টিক একত্ৰিত কৰিম। তেতিয়া আমি সেইসকল লোকক সুধিম, যিসকলে পৃথিৱীত আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছিল, হে মুশ্বৰিকসকল! তোমালোক আৰু তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰিছিলা সেই সকলোৱে নিজ নিজ স্থানত অৱস্থান কৰা, তেতিয়া আমি উপাসনাকাৰী আৰু উপাস্যবোৰৰ মাজত তফাৎ সৃষ্টি কৰিম। ফলত উপাস্যবোৰে এই বুলি কৈ নিজকে আঁতৰাই আনিব যে, তোমালোকে পৃথিৱীত আমাৰ উপাসনাই কৰা নাছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010028.mp3"},{"index":"29","arabicText":"فَكَفٰی بِاللّٰهِ شَهِیْدًا بَیْنَنَا وَبَیْنَكُمْ اِنْ كُنَّا عَنْ عِبَادَتِكُمْ لَغٰفِلِیْنَ ۟","assameseTranslation":"‘প্ৰকৃততে আল্লাহেই আমাৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে যথেষ্ট যে, নিশ্চয় আমি তোমালোকৰ ইবাদত সম্পৰ্কে অজ্ঞাত আছিলোঁ’।","footnotes":"","tafseer":"তেতিয়া সিহঁতৰ এই উপাস্যবোৰে, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে পূজা-অৰ্চনা কৰিছিল, এই বুলি কৈ পৃথক হৈ যাব যে, আল্লাহ সাক্ষী আছে –সাক্ষীৰ ক্ষেত্ৰত তেৱেঁই যথেষ্ট- আমি তোমালোকৰ উপাসনাত সন্তুষ্ট নাছিলোঁ, আৰু আমি ইয়াৰ আদেশো দিয়া নাছিলোঁ, আনকি তোমালোকৰ উপাসনা সম্পৰ্কে আমি অৱগতই নাছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010029.mp3"},{"index":"30","arabicText":"هُنَالِكَ تَبْلُوْا كُلُّ نَفْسٍ مَّاۤ اَسْلَفَتْ وَرُدُّوْۤا اِلَی اللّٰهِ مَوْلٰىهُمُ الْحَقِّ وَضَلَّ عَنْهُمْ مَّا كَانُوْا یَفْتَرُوْنَ ۟۠","assameseTranslation":"সেইদিনা প্ৰত্যেকেই পূৰ্বে কৰা নিজৰ কৃতকৰ্মসমূহ পৰীক্ষা কৰি লব আৰু সিহঁতক সিহঁতৰ প্ৰকৃত অভিভাৱক আল্লাহৰ ওচৰলৈ ওভতাই নিয়া হ’ব, তেতিয়া সিহঁতৰ উদ্ভাৱিত মিছা আৰোপীসকল সিহঁতৰ পৰা উধাও হৈ যাব।","footnotes":"","tafseer":"সেই মহান স্থানত, প্ৰত্যেক ব্যক্তিয়ে নিজৰ পাৰ্থিৱ জীৱনত কৰা কৰ্মবোৰক পৰীক্ষা কৰিব, আৰু মুশ্বৰিকসকলক সিহঁতৰ সত্য উপাস্য অৰ্থাৎ আল্লাহৰ ফালে প্ৰত্যাৱৰ্তন কৰোৱা হ'ব, তেওঁ সিহঁতৰ হিচাপ গ্ৰহণ কৰিব। বাতিল উপাস্য সম্পৰ্কে কৰা সিহঁতৰ সেই মধ্যস্ততাৰ দাবী কোনো কামত নাহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010030.mp3"},{"index":"31","arabicText":"قُلْ مَنْ یَّرْزُقُكُمْ مِّنَ السَّمَآءِ وَالْاَرْضِ اَمَّنْ یَّمْلِكُ السَّمْعَ وَالْاَبْصَارَ وَمَنْ یُّخْرِجُ الْحَیَّ مِنَ الْمَیِّتِ وَیُخْرِجُ الْمَیِّتَ مِنَ الْحَیِّ وَمَنْ یُّدَبِّرُ الْاَمْرَ ؕ فَسَیَقُوْلُوْنَ اللّٰهُ ۚ فَقُلْ اَفَلَا تَتَّقُوْنَ ۟","assameseTranslation":"কোৱা, ‘কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱনোপকৰণ সৰবৰাহ কৰে অথবা শ্ৰৱণ আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন; জীৱিতৰ পৰা মৃতক কোনে উলিয়ায় আৰু মৃতক জীৱিতৰ পৰা কোনে উলিয়ায়, লগতে সকলো বিষয় কোনে নিয়ন্ত্ৰণ কৰে’? তেতিয়া সিহঁতে নিশ্চয় ক’ব, ‘আল্লাহ’। এতেকে কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?","footnotes":"","tafseer":"হে ৰাছুল! আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা এই লোকসকলক সোধকচোন যে, আকাশৰ পৰা বৰষুণ বৰ্ষাই তোমালোকক কোনে জীৱিকা প্ৰদান কৰে? তথা ভূমিৰ পৰা উদ্ভিদ সৃষ্টি কৰি আৰু মাটিৰ তলত নিহিত থকা খনিজ সম্পদৰ দ্বাৰা কোনে তোমালোকক জীৱিকা প্ৰদান কৰে? কোনে নিৰ্জীৱৰ পৰা জীৱ সৃষ্টি কৰে? যেনে- শুক্ৰাণুৰ পৰা মানুহ আৰু কণীৰ পৰা চৰাই। এইদৰে কোনে নিৰ্জীৱক সজীৱৰ পৰা উলিয়ায়? যেনে- জীৱৰ পৰা শুক্ৰাণু আৰু চৰাইৰ পৰা কণী। আকাশমণ্ডল আৰু পৃথিৱী আৰু ইয়াৰ মাজত থকা জীৱৰ সকলো প্ৰয়োজনীয় সা-সামগ্ৰী কোনে যোগান ধৰে? সিহঁতে উত্তৰ দিবঃ এই সকলোবোৰ আল্লাহেই সম্পাদন কৰে। তেতিয়া আপুনি সিহঁতক কৈ দিয়ক যে, তেন্তে তোমালোকে এয়া নাজানা নেকি, আৰু তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকি তেওঁক ভয় নকৰা কিয়?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010031.mp3"},{"index":"32","arabicText":"فَذٰلِكُمُ اللّٰهُ رَبُّكُمُ الْحَقُّ ۚ فَمَاذَا بَعْدَ الْحَقِّ اِلَّا الضَّلٰلُ ۖۚ فَاَنّٰی تُصْرَفُوْنَ ۟","assameseTranslation":"এতেকে তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰকৃত প্ৰতিপালক। সত্য ত্যাগ কৰাৰ পিছত বিভ্ৰান্তিৰ বাহিৰে আন কি থাকিব পাৰে? গতিকে (সত্যক এৰি) তোমালোকক কোন ফালে আঁতৰাই নিয়া হৈছে?","footnotes":"","tafseer":"হে মানৱজাতি! যি সত্ত্বায় এই সকলো বস্তু যোগান ধৰি আছে, তেৱেঁই আল্লাহ তোমালোকৰ প্ৰকৃত সৃষ্টিকৰ্তা। তেৱেঁই তোমালোকৰ কৰ্মৰ তত্বাৱধায়ক। এতেকে সত্য জনাৰ পিছতো সত্যৰ পৰা আঁতৰি থাকিলে দূৰত্ব আৰু বিনাশৰ বাহিৰে আন কি হ’ব পাৰে? এতেকে এনেকুৱা স্পষ্ট সত্য ত্যাগ কৰাৰ সময়ত তোমালোকৰ বিবেক ক’লৈ গুচি যায়?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010032.mp3"},{"index":"33","arabicText":"كَذٰلِكَ حَقَّتْ كَلِمَتُ رَبِّكَ عَلَی الَّذِیْنَ فَسَقُوْۤا اَنَّهُمْ لَا یُؤْمِنُوْنَ ۟","assameseTranslation":"যিসকলে অবাধ্য হৈছে এইদৰেই সিহঁতৰ বিষয়ে তোমাৰ প্ৰতিপালকৰ বাণী সত্য প্ৰতিপন্ন হৈছে যে, সিহঁতে ঈমান পোষণ নকৰিব।","footnotes":"","tafseer":"হে ৰাছুল! ৰূবূবিয়্যাত সম্পৰ্কে আপোনাৰ প্ৰতিপালকৰ কথা যিদৰে সত্য প্ৰমাণিত হৈছে, ঠিক সেইদৰে যিসকলে সত্যৰ পৰা আঁতৰি গৈছে সিহঁতৰ ক্ষেত্ৰতো ভাগ্য সম্পৰ্কে কৰা তোমাৰ প্ৰতিপালকৰ কথা সত্য প্ৰমাণিত হ'ব যে, সিহঁতে কেতিয়াও ঈমান পোষণ নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010033.mp3"},{"index":"34","arabicText":"قُلْ هَلْ مِنْ شُرَكَآىِٕكُمْ مَّنْ یَّبْدَؤُا الْخَلْقَ ثُمَّ یُعِیْدُهٗ ؕ قُلِ اللّٰهُ یَبْدَؤُا الْخَلْقَ ثُمَّ یُعِیْدُهٗ فَاَنّٰی تُؤْفَكُوْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে অংশী স্থাপন কৰা (উপাস্য)বিলাকৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিয়ে সৃষ্টিৰ সূচনা কৰিব পাৰে আৰু তাৰ পিছত সেইটোৰ পুনৰাবৃত্তিও কৰিব পাৰে’? কোৱা, ‘কেৱল আল্লাহেই সৃষ্টিক অস্তিত্বত আনিব পাৰে আৰু তেৱেঁই পুনৰাবৃত্তিও ঘটাব’। গতিকে (সত্যৰ পৰা) তোমালোকক কোন পিনে ওভতাই নিয়া হৈছে।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক সোধক যে, তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা সেইবোৰৰ মাজত এনেকুৱা কোনোবা আছে নেকি, যিয়ে পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈয়ে কিবা সৃষ্টি কৰিব পাৰিব, আৰু তাৰ মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিব পাৰিব? সিহঁতক কওক যে, একমাত্ৰ আল্লাহেই এই কাম কৰিবলৈ সক্ষম, আৰু তেৱেঁই মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিব। তেন্তে হে মুশ্বৰিকসকল! তোমালোকে সত্যৰ পৰা অসত্যৰ ফালে কিয় আঁতৰি যোৱা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010034.mp3"},{"index":"35","arabicText":"قُلْ هَلْ مِنْ شُرَكَآىِٕكُمْ مَّنْ یَّهْدِیْۤ اِلَی الْحَقِّ ؕ قُلِ اللّٰهُ یَهْدِیْ لِلْحَقِّ ؕ اَفَمَنْ یَّهْدِیْۤ اِلَی الْحَقِّ اَحَقُّ اَنْ یُّتَّبَعَ اَمَّنْ لَّا یَهِدِّیْۤ اِلَّاۤ اَنْ یُّهْدٰی ۚ فَمَا لَكُمْ ۫ كَیْفَ تَحْكُمُوْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে যিসকলক অংশী স্থাপন কৰা সিহঁতৰ মাজত এনেকুৱা কোনোবা আছে নেকি, যিয়ে সত্যৰ পথ নিৰ্দেশ কৰে’? কোৱা, ‘আল্লাহেই সত্যৰ পথ নিৰ্দেশ কৰে। তেনেহ’লে (কোৱাচোন) আনুগত্যৰ বেছি হকদাৰ কোন? যিজনে সত্যৰ পথৰ নিৰ্দেশ দিয়ে তেওঁ, নে যাক পথ নেদেখুৱালে পথ বিচাৰি নাপায় সেইজন? এতেকে তোমালোকৰ কি হৈছে? তোমালোকে কেনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰা?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক সোধক যে, তোমালোকে অংশীদাৰ স্থাপন কৰা উপাস্যবোৰৰ মাজত, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা, এনেকুৱা কোনোবা আছে নেকি, যিয়ে সত্যৰ পথ দেখুৱায়, আপুনি সিহঁতক জনাই দিয়ক যে, কেৱল একমাত্ৰ আল্লাহেই সত্যৰ পথ দেখুৱায়। তেন্তে কোৱাচোন, কাৰ অনুসৰণ কৰা উচিত, যিয়ে সত্যৰ পথ দেখুৱায় তাৰ, নে তোমালোকৰ সেই উপাস্যবোৰৰ, যিসকলে নিজেই কোনো পথ বিচাৰি নাপায় যেতিয়ালৈকে আন কোনোবাই সিহঁতক পথ দেখুৱাই নিদিয়ে? তোমালোকৰ হৈছে কি, কেনেকৈ তোমালোকে অযথা সিদ্ধান্ত লোৱা যে, ইহঁত হৈছে আল্লাহৰ অংশীদাৰ? সৰ্বশক্তিমান আল্লাহ তাআলা তোমালোকৰ এনেকুৱা অদ্ভূদ দাবীৰ পৰা বহু ঊৰ্দ্ধত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010035.mp3"},{"index":"36","arabicText":"وَمَا یَتَّبِعُ اَكْثَرُهُمْ اِلَّا ظَنًّا ؕ اِنَّ الظَّنَّ لَا یُغْنِیْ مِنَ الْحَقِّ شَیْـًٔا ؕ اِنَّ اللّٰهَ عَلِیْمٌۢ بِمَا یَفْعَلُوْنَ ۟","assameseTranslation":"আৰু সিহঁতৰ অধিকাংশই কেৱল অনুমানৰহে অনুসৰণ কৰে, অথচ সত্যৰ বিপৰীতে ধাৰণা কোনো কামত নাহে, সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱগত।","footnotes":"","tafseer":"মুশ্বৰিকসকলৰ অধিকাংশই এনেকুৱা বিষয়ৰ অনুসৰণ কৰে, যি বিষয়ে সিহঁতৰ কোনো জ্ঞানেই নাই। সিহঁতে কেৱল ভ্ৰম আৰু সন্দেহৰ অনুসৰণ কৰি আছে। এতেকে এই কথা নিশ্চিত যে, সন্দেহে কেতিয়াও জ্ঞানৰ স্থান ল’ব নোৱাৰে, আনকি জ্ঞানৰ পৰা অমুখাপেক্ষীও কৰিব নোৱাৰে। সিহঁতে যি কৰিছে নিশ্চয় আল্লাহ সেই সম্পৰ্কে অৱগত। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। অচিৰেই তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010036.mp3"},{"index":"37","arabicText":"وَمَا كَانَ هٰذَا الْقُرْاٰنُ اَنْ یُّفْتَرٰی مِنْ دُوْنِ اللّٰهِ وَلٰكِنْ تَصْدِیْقَ الَّذِیْ بَیْنَ یَدَیْهِ وَتَفْصِیْلَ الْكِتٰبِ لَا رَیْبَ فِیْهِ مِنْ رَّبِّ الْعٰلَمِیْنَ ۟۫","assameseTranslation":"আৰু এই কোৰআন আল্লাহৰ বাহিৰে আন কাৰোবাৰ দ্বাৰা ৰচনা হোৱাটো সম্ভৱ নহয়। বৰং এইখন হৈছে ইয়াৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে সেইবোৰৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ বিশদ ব্যাখ্যা। ইয়াত কোনো সন্দেহ নাই যে, এইখন সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (অৱতীৰ্ণ)।","footnotes":"","tafseer":"এই কোৰআন এনেকুৱা কোনো গ্ৰন্থ নহয়, যিখন মানুহে ৰচনা কৰা সম্ভৱ, লগতে আল্লাহৰ বাহিৰে আনৰ লগত ইয়াক সম্পৃক্ত কৰাও উচিত নহয়, কিয়নো মানুহে ইয়াৰ অনুৰূপ কোনো গ্ৰন্থই লিখা সম্ভৱ নহয়। প্ৰকৃততে এই কোৰআনে পূৰ্বে অৱতীৰ্ণ হোৱা গ্ৰন্থসমূহৰ সমৰ্থন কৰে আৰু সেই গ্ৰন্থসমূহৰ বিধানৰ সংক্ষিপ্ত বিৱৰণ প্ৰস্তুত কৰে। ইয়াত কোনো সন্দেহ নাই যে, এইখন হৈছে সৃষ্টিজগতৰ প্ৰতিপালক পৱিত্ৰ আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা গ্ৰন্থ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010037.mp3"},{"index":"38","arabicText":"اَمْ یَقُوْلُوْنَ افْتَرٰىهُ ؕ قُلْ فَاْتُوْا بِسُوْرَةٍ مِّثْلِهٖ وَادْعُوْا مَنِ اسْتَطَعْتُمْ مِّنْ دُوْنِ اللّٰهِ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"সিহঁতে এই কথা কয় নেকি যে, ‘তেওঁ নিজেই এইখন ৰচনা কৰিছে’? কোৱা, ‘তেন্তে তোমালোকে ইয়াৰ অনুৰূপ এটা ছুৰা লৈ আহাচোন আৰু আল্লাহৰ বাহিৰে আন যাকেই ইচ্ছা তাকেই মাতি লোৱা, যদি তোমালোকে সত্যবাদী হোৱা’।","footnotes":"","tafseer":"বৰং মুশ্বৰিকসকলে কয় যে, মুহাম্মদে নিজেই এই কোৰআন ৰচনা কৰিছে, আৰু আল্লাহৰ লগত সম্পৃক্ত কৰিছে। হে ৰাছুল! আপুনি সিহঁতক প্ৰত্যুত্তৰ দি কওক যে, তোমালোকৰ দাবী অনুসৰি যদি মই নিজেই এই কোৰআন ৰচনা কৰিছোঁ- যদিও মই তোমালোকৰ দৰেই এজন মানুহ- তেন্তে তোমালোকেও ইয়াৰ অনুৰূপ এখন ছুৰা প্ৰস্তুত কৰা, সহায়ৰ বাবে তোমালোকে যাক ইচ্ছা মাতি লোৱা, যদি তোমালোকে নিজৰ এই দাবীত সত্যবাদী যে, এই কোৰআন হৈছে মনেসজা আৰু মিছা গ্ৰন্থ। দৰাচলতে তোমালোকে এয়া কেতিয়াও কৰিব নোৱাৰিবা। যদি তোমালোকে বিশিষ্ট ভাষাবিদ হোৱাৰ পিছতো এই কাম কৰিব নোৱাৰা তেন্তে এই কথা প্ৰমাণিত যে, নিশ্চয় কোৰআন হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা গ্ৰন্থ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010038.mp3"},{"index":"39","arabicText":"بَلْ كَذَّبُوْا بِمَا لَمْ یُحِیْطُوْا بِعِلْمِهٖ وَلَمَّا یَاْتِهِمْ تَاْوِیْلُهٗ ؕ كَذٰلِكَ كَذَّبَ الَّذِیْنَ مِنْ قَبْلِهِمْ فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ الظّٰلِمِیْنَ ۟","assameseTranslation":"বৰং সিহঁতে এনেকুৱা এটা বিষয়ক মিছা বুলি ধাৰণা কৰিছে যিটোক সিহঁতে নিজৰ জ্ঞানৰ দ্বাৰা আয়ত্ত কৰিব পৰা নাই, আৰু এতিয়াও সিহঁতৰ ওচৰলৈ ইয়াৰ প্ৰকৃত পৰিণতি আহি পোৱা নাই। এইদৰেই সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, গতিকে চোৱা, যালিমসকলৰ কি পৰিণাম হৈছিল।","footnotes":"","tafseer":"সিহঁতে কোৰআনৰ প্ৰতি সঁহাৰি জনোৱা নাছিল, বৰং বুজা আৰু চিন্তা-চৰ্চা কৰাৰ পূৰ্বেই আৰু যি শাস্তিৰ পৰা সিহঁতক সতৰ্ক কৰা হৈছিল সেই শাস্তিৰ অহাৰ পূৰ্বেই সিহঁতে ইয়াক অস্বীকাৰ কৰিবলৈ ততাতৈয়া কৰিছিল। অথচ সেই শাস্তি অহাৰ সময় সন্নিকট হৈ পৰিছিল। ইহঁতৰ দৰেই পূৰ্বৱৰ্তী সম্প্ৰদায়সকলেও অস্বীকাৰ কৰিছিল। ফলত সিহঁতে শাস্তিৰ সন্মুখীন হৈছিল। এতেকে হে ৰাছুল! চিন্তা কৰক, অস্বীকাৰকাৰী সম্প্ৰদায়ৰ শেষ পৰিণতি কেনেকুৱা আছিল? নিশ্চিতৰূপে আল্লাহে সিহঁতক ধ্বংস কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010039.mp3"},{"index":"40","arabicText":"وَمِنْهُمْ مَّنْ یُّؤْمِنُ بِهٖ وَمِنْهُمْ مَّنْ لَّا یُؤْمِنُ بِهٖ ؕ وَرَبُّكَ اَعْلَمُ بِالْمُفْسِدِیْنَ ۟۠","assameseTranslation":"আৰু সিহঁতৰ মাজৰ কিছুমানে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে আৰু কিছুমানে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে। (জানি থোৱা) তোমাৰ প্ৰতিপালক ফাছাদ সৃষ্টিকাৰীসকলৰ বিষয়ে ভালদৰেই অৱগত।","footnotes":"","tafseer":"মুশ্বৰিকসকলৰ মাজৰ কিছুমানে মৃত্যুৰ পূৰ্বে কোৰআনৰ প্ৰতি ঈমান পোষণ কৰিব, কিন্তু আন কিছুমানে অহংকাৰৰ ফলত আৰু স্বৈৰাচাৰীতাৰ ফলত ঈমান পোষণ নকৰিব, অৱশেষত সিহঁতে সেই অৱস্থাতে মৃত্যুবৰণ কৰিব। হে ৰাছুল! কুফূৰীক খামুচী ধৰা লোকসকলক আপোনাৰ প্ৰতিপালকে ভালদৰেই জানে, আৰু সিহঁতক সিহঁতৰ কুফুৰী কাৰ্যৰ প্ৰতিদান নিশ্চয় দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010040.mp3"},{"index":"41","arabicText":"وَاِنْ كَذَّبُوْكَ فَقُلْ لِّیْ عَمَلِیْ وَلَكُمْ عَمَلُكُمْ ۚ اَنْتُمْ بَرِیْٓـُٔوْنَ مِمَّاۤ اَعْمَلُ وَاَنَا بَرِیْٓءٌ مِّمَّا تَعْمَلُوْنَ ۟","assameseTranslation":"আৰু যদি সিহঁতে তোমাক মিছা বুলি অস্বীকাৰ কৰে তেন্তে তুমি কোৱা, মোৰ কামৰ দায়িত্ব মোৰ ওপৰত আৰু তোমালোকৰ কামৰ দায়িত্ব তোমালোকৰ ওপৰত। মই যি কাম কৰোঁ তাৰ লগত তোমালোকৰ কোনো সম্পৰ্ক নাই আৰু তোমালোকে যি কৰা তাৰ লগত মোৰো কোনো সম্পৰ্ক নাই।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ সম্প্ৰদায়ৰ লোকসকলে যদি আপোনাক অস্বীকাৰ কৰে তেন্তে আপুনি সিহঁতক কৈ দিয়কঃ মোৰ কৰ্মৰ প্ৰতিদান মই উপভোগ কৰিম, আৰু মোৰ কৰ্মৰ দায়িত্ব মই বহন কৰিব লাগিব। আনহাতে তোমালোকৰ কৰ্মৰ প্ৰতিফল তোমালোকৰ বাবে, আৰু ইয়াৰ শাস্তিও তোমালোকেই ভোগ কৰিবা। মই যি কৰি আছোঁ সেই সম্পৰ্কে তোমালোকক সোধ-পোচ কৰা নহ'ব। আনহাতে তোমালোকৰ কৰ্মৰ শাস্তিৰ লগত মোৰ কোনো সম্পৰ্ক নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010041.mp3"},{"index":"42","arabicText":"وَمِنْهُمْ مَّنْ یَّسْتَمِعُوْنَ اِلَیْكَ ؕ اَفَاَنْتَ تُسْمِعُ الصُّمَّ وَلَوْ كَانُوْا لَا یَعْقِلُوْنَ ۟","assameseTranslation":"আৰু সিহঁতৰ কিছুমানে তোমাৰ প্ৰতি কাণ পাতি থাকে। কিন্তু তুমি বধিৰবিলাকক কিবা শুনাব পাৰিবানে যদিও সিহঁতে একো বুজি নাপায়?","footnotes":"","tafseer":"হে ৰাছুল! মুশ্বৰিকসকলৰ মাজত কিছুমান এনেকুৱাও আছে, যিসকলে আপুনি যেতিয়া কোৰআন তিলাৱত কৰে তেতিয়া সিহঁতে মনোযোগ সহকাৰে শ্ৰৱণ কৰে, কিন্তু মানিবলৈ বা পালন কৰাৰ উদ্দেশ্যে নহয়। এতেকে আপুনি তাক শুনাব পাৰিবনে যাৰ পৰা শ্ৰৱণশক্তি কাঢ়ি লোৱা হৈছে? গতিকে আপুনি সিহঁতকো হিদায়তৰ পথ দেখুৱাব নোৱাৰিব, যিসকলে সত্য শুনাৰ ক্ষেত্ৰত শ্ৰৱণশক্তিহীন। এতেকে সিহঁতে ইয়াক বুজি নাপায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010042.mp3"},{"index":"43","arabicText":"وَمِنْهُمْ مَّنْ یَّنْظُرُ اِلَیْكَ ؕ اَفَاَنْتَ تَهْدِی الْعُمْیَ وَلَوْ كَانُوْا لَا یُبْصِرُوْنَ ۟","assameseTranslation":"আৰু সিহঁতৰ মাজৰ কিছুমানে তোমাৰ প্ৰতি চাই থাকে। এতেকে তুমি অন্ধক পথ দেখুৱাব পাৰিবানে, যদিও সিহঁতৰ দৃষ্টিশক্তি নাথাকে?","footnotes":"","tafseer":"হে ৰাছুল! মুশ্বৰিকসকলৰ কিছুমানে আপোনাৰ প্ৰতি কেৱল বাহ্যিক দৃষ্টিৰে চায়, অন্তৰদৃষ্টিৰে নাচায়। এতেকে আপুনি সেইসকল লোকক দেখুৱাব পাৰিবনে যিসকলে নিজৰ দৃষ্টিশক্তি হেৰুৱাইছে? নিশ্চয় আপুনি এয়া কৰিবলৈ সক্ষম নহয়। এইদৰে আপুনি সেইসকল লোককো হিদায়তৰ পথ দেখুৱাব নোৱাৰিব, যিসকল অন্তৰদৃষ্টিৰ পৰা বঞ্চিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010043.mp3"},{"index":"44","arabicText":"اِنَّ اللّٰهَ لَا یَظْلِمُ النَّاسَ شَیْـًٔا وَّلٰكِنَّ النَّاسَ اَنْفُسَهُمْ یَظْلِمُوْنَ ۟","assameseTranslation":"নিশ্চয় আল্লাহে মানুহৰ প্ৰতি কোনো অন্যায় নকৰে, বৰং মানুহে নিজেই নিজৰ প্ৰতি অন্যায় কৰি থাকে।","footnotes":"","tafseer":"নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ ওপৰত অন্যায়-অত্যাচাৰ কৰাৰ পৰা পৱিত্ৰ। তেওঁ সিহঁতৰ ওপৰত অণু পৰিমাণেও অত্যাচাৰ নকৰে। কিন্তু সিহঁতে নিজেই অসত্যৰ পক্ষ লৈ তথা অহংকাৰ আৰু স্বৈৰাচাৰীতাৰ মাধ্যমত নিজকে বিনাশৰ পথত পৰিচালিত কৰি নিজেই নিজৰ অন্যায় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010044.mp3"},{"index":"45","arabicText":"وَیَوْمَ یَحْشُرُهُمْ كَاَنْ لَّمْ یَلْبَثُوْۤا اِلَّا سَاعَةً مِّنَ النَّهَارِ یَتَعَارَفُوْنَ بَیْنَهُمْ ؕ قَدْ خَسِرَ الَّذِیْنَ كَذَّبُوْا بِلِقَآءِ اللّٰهِ وَمَا كَانُوْا مُهْتَدِیْنَ ۟","assameseTranslation":"আৰু যিদিনা তেওঁ সিহঁতক একত্ৰিত কৰিব (সেই দিনা সিহঁতৰ এনে লাগিব যেনিবা পৃথিৱীত) কেৱল সিহঁতৰ অৱস্থিতি দিনৰ এটা মুহূৰ্তকাল মাত্ৰ আছিল; সিহঁতে পৰস্পৰক চিনি পাব। অৱশ্যে সিহঁত ক্ষতিগ্ৰস্ত হৈছে যিসকলে আল্লাহৰ সাক্ষাতক মিছা বুলি ভাবিছিল আৰু সিহঁত সৎপথ প্ৰাপ্ত নাছিল।","footnotes":"","tafseer":"ক্বিয়ামতৰ দিনা যেতিয়া আল্লাহে মানুহক হিচাপ-কিতাপৰ বাবে একত্ৰিত কৰিব, তেতিয়া সিহঁতৰ এনেকুৱা লাগিব যে, পৃথিৱীত আৰু কবৰত সিহঁতে কেৱল দিনৰ কিছু অংশহে অতিবাহিত কৰিছিল, ইয়াতকৈ বেছি নহয়। তাত ইজনে সিজনক চিনি পাব। কিন্তু ক্বিয়ামত দিৱসৰ কঠিন ভয়াৱহতাৰ ফলত সিহঁতৰ পৰিচয় সম্পৰ্ক বিচ্ছিন্ন হৈ যাব। প্ৰকৃততে সেইসকল লোক ক্ষতিগ্ৰস্ত হৈছে, যিসকলে ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ সাক্ষাতক অস্বীকাৰ কৰিছে। পৃথিৱীত সিহঁতে পুনৰুত্থানকো বিশ্বাস কৰা নাছিল যে, ক্ষতিগ্ৰস্ততাৰ পৰা ৰক্ষা পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010045.mp3"},{"index":"46","arabicText":"وَاِمَّا نُرِیَنَّكَ بَعْضَ الَّذِیْ نَعِدُهُمْ اَوْ نَتَوَفَّیَنَّكَ فَاِلَیْنَا مَرْجِعُهُمْ ثُمَّ اللّٰهُ شَهِیْدٌ عَلٰی مَا یَفْعَلُوْنَ ۟","assameseTranslation":"আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিছোঁ তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেই শাস্তি অহাৰ আগতেই) তোমাক মৃত্যু প্ৰদান কৰোঁ, তথাপিও সিহঁতে আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব; তদুপৰি সিহঁতে যি কৰে আল্লাহেই তাৰ সাক্ষী।","footnotes":"","tafseer":"হে ৰাছুল! আমি সিহঁতক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছোঁ, তাৰে কিছু অংশ যদি আমি আপোনাক আপোনাৰ মৃত্যুৰ পূৰ্বেই দেখুৱাই দিওঁ অথবা তাৰ পূৰ্বেই আপোনাক মৃত্যু দিওঁ, তেন্তে দুয়ো অৱস্থাতেই সিহঁতে আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। সিহঁতে যি যি কৰি আছে, সেই সকলো বিষয়ে আল্লাহ অৱগত। আল্লাহৰ পৰা কোনো বিষয়েই গোপন নহয়। শীঘ্ৰেই তেওঁ সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিফল দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010046.mp3"},{"index":"47","arabicText":"وَلِكُلِّ اُمَّةٍ رَّسُوْلٌ ۚ فَاِذَا جَآءَ رَسُوْلُهُمْ قُضِیَ بَیْنَهُمْ بِالْقِسْطِ وَهُمْ لَا یُظْلَمُوْنَ ۟","assameseTranslation":"আৰু প্ৰত্যেক উম্মতৰ বাবেই একোজনকৈ ৰাছুল আছিল। এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ ৰাছুল আহিছিল তেতিয়া সিহঁতৰ মাজত ন্যায়ভিত্তিক মীমাংসা কৰা হৈছিল আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা হোৱা নাছিল।","footnotes":"","tafseer":"পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহৰ মাজৰ প্ৰত্যেক সম্প্ৰদায়ৰ ওচৰলৈ একোজনকৈ ৰাছুল প্ৰেৰণ কৰা হৈছিল। এতেকে প্ৰেৰিত ৰাছুলজনে যেতিয়া সেই বাৰ্তা পৌঁচাই দিছিল, যিটো পৌঁচাই দিয়াৰ দায়িত্ব তেওঁক দিয়া হৈছিল, তেতিয়া মানুহে সেই বাৰ্তাক অস্বীকাৰ কৰিছিল, ফলত সিহঁতৰ আৰু ৰাছুলৰ মাজত ন্যায় অনুসাৰে ফয়চালা কৰি দিয়া হৈছিল। ইপিনে আল্লাহে নিজ অনুগ্ৰহত তেওঁৰ ৰাছুলক ৰক্ষা কৰিছিল আৰু অস্বীকাৰকাৰীসকলক ন্যায় অনুসাৰে ধ্বংস কৰিছিল। সিহঁতৰ কৰ্মৰ প্ৰতিফলত অকণো অন্যায় কৰা নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010047.mp3"},{"index":"48","arabicText":"وَیَقُوْلُوْنَ مَتٰی هٰذَا الْوَعْدُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"আৰু সিহঁতে কয়, ‘যদি তোমালোকে সত্যবাদী হোৱা, (তেন্তে কোৱা) এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’?","footnotes":"","tafseer":"এই কাফিৰসকলে স্বৈৰাচাৰীতা দেখুৱাই প্ৰত্যাহ্বান জনাই কয় যে, তুমি আমাক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছা, যদি তুমি নিজৰ দাবীত সত্যবাদী হোৱা, তেন্তে কোৱা সেই শাস্তিৰ সময় কেতিয়া আহিব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010048.mp3"},{"index":"49","arabicText":"قُلْ لَّاۤ اَمْلِكُ لِنَفْسِیْ ضَرًّا وَّلَا نَفْعًا اِلَّا مَا شَآءَ اللّٰهُ ؕ لِكُلِّ اُمَّةٍ اَجَلٌ ؕ اِذَا جَآءَ اَجَلُهُمْ فَلَا یَسْتَاْخِرُوْنَ سَاعَةً وَّلَا یَسْتَقْدِمُوْنَ ۟","assameseTranslation":"কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ কোনো অপকাৰ বা উপকাৰ কৰাৰো অধিকাৰ নাই। প্ৰত্যেক উম্মতৰ বাবেই নিৰ্ধাৰিত আছে এটা নিৰ্দিষ্ট সময়-সীমা; যেতিয়া সিহঁতৰ সেই নিৰ্দিষ্ট সময় আহিব পৰিব, তেতিয়া সিহঁতে মুহূৰ্তকালো পিছুৱাব নোৱাৰিব আৰু আগুৱাবও নোৱাৰিব’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক কওক যে, মোৰ এইখিনিও ক্ষমতা নাই যে, মই মোৰ ক্ষতি সাধন কৰিব পাৰিম অথবা ক্ষতিৰ পৰা মই নিজকে ৰক্ষা কৰিব পাৰিম। এইদৰে মোৰ কোনো উপকাৰ কৰাৰো অধিকাৰ নাই যে, নিজৰে কিবা উপকাৰ সাধিম। তেনে ক্ষেত্ৰত, মই আনক কিদৰে উপকাৰ কৰিম বা অপকাৰ কৰিম? সেইটোৱে হয় যিটো আল্লাহে ইচ্ছা কৰে, তেনে ক্ষেত্ৰত অদৃশ্যৰ জ্ঞান মই কেনেকৈ আয়ত্ব কৰিম? প্ৰত্যেক সম্প্ৰদায়, যাক আল্লাহে ধ্বংস কৰিব বুলি সতৰ্ক কৰিছে, সেই সম্প্ৰদায়ৰ বিনাশৰ এটা নিৰ্ধাৰিত সময় আছে, ইয়াৰ সঠিক জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে। এতেকে যেতিয়া তাৰ বিনাশৰ সময় আহি পৰে তেতিয়া সেই সময় অহাত অকণো পলম নহয় আৰু অলপো আগুৱাইয়ো নাহে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010049.mp3"},{"index":"50","arabicText":"قُلْ اَرَءَیْتُمْ اِنْ اَتٰىكُمْ عَذَابُهٗ بَیَاتًا اَوْ نَهَارًا مَّاذَا یَسْتَعْجِلُ مِنْهُ الْمُجْرِمُوْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে কোৱাচোন, যদি তেওঁৰ শাস্তি তোমালোকৰ ওপৰত ৰাতিত অথবা দিনতেই আহি পৰে, তেন্তে (সেই শাস্তিৰ মাজত) এনেকুৱা কি আছে যিটোক অপাৰধীসকলে অতি সোনকালে পাব বিচাৰে’?","footnotes":"","tafseer":"হে ৰাছুল! সেইসকল লোকক সোধক, যিসকলে শীঘ্ৰেই শাস্তিৰ কামনা কৰে। তোমালোকে কোৱাচোন! তোমালোকৰ ওপৰত আল্লাহৰ এই শাস্তি ৰাতিৰ ভাগতে হওক অথবা দিন ভাগতে আকস্মিক আহিব পাৰে, তেনে অৱস্থাত তোমালোকে এই শাস্তিক কিয় ইমান খৰখেদাকৈ কামনা কৰি আছা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010050.mp3"},{"index":"51","arabicText":"اَثُمَّ اِذَا مَا وَقَعَ اٰمَنْتُمْ بِهٖ ؕ آٰلْـٰٔنَ وَقَدْ كُنْتُمْ بِهٖ تَسْتَعْجِلُوْنَ ۟","assameseTranslation":"তেন্তে তোমালোকে এইটো সংঘটিত হোৱাৰ পিছত ঈমান আনিবা নেকি? (কোৱা হ’ব) এতিয়া (মানিলানে)?! অথচ তোমালোকে ইয়াৰ আগমনকলৈ খৰখেদা কৰিছিলা।","footnotes":"","tafseer":"তোমালোকক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেই শাস্তি তোমালোকৰ ওপৰত আহি পৰাৰ পিছত তোমালোকে ঈমান আনিবা নেকি? অথচ সেই সময়ৰ ঈমানে কোনো ব্যক্তিকে লাভান্বিত নকৰিব, যদি সি পূৰ্বে ঈমান পোষণ কৰা নাই। তোমালোকে এতিয়া ঈমান আনিবা, অথচ ইতিপূৰ্বে তোমালোকে অস্বীকাৰ কৰি শাস্তিৰ বাবে খৰধৰ কৰি আছিলা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010051.mp3"},{"index":"52","arabicText":"ثُمَّ قِیْلَ لِلَّذِیْنَ ظَلَمُوْا ذُوْقُوْا عَذَابَ الْخُلْدِ ۚ هَلْ تُجْزَوْنَ اِلَّا بِمَا كُنْتُمْ تَكْسِبُوْنَ ۟","assameseTranslation":"তাৰ পিছত যালিমসকলক কোৱা হ’ব, ‘স্থায়ী শাস্তিৰ সোৱাদ লোৱা; তোমালোকে যি কৰিছিলা তোমালোকক কেৱল তাৰেই প্ৰতিফল দিয়া হৈছে’।","footnotes":"","tafseer":"এতেকে সিহঁতক শাস্তিত প্ৰৱেশ কৰোৱাৰ পিছত আৰু সেই শাস্তিৰ পৰা সিহঁতে যেতিয়া মুক্তি বিচাৰি আবেদন কৰিব, তেতিয়া সিহঁতক কোৱা হ'বঃ আখিৰাতৰ চিৰস্থায়ী শাস্তিৰ সোৱাদ উপভোগ কৰা। তোমালোকক কেৱল তোমালোকৰ কুফুৰী আৰু পাপকৰ্মৰেই প্ৰতিদান দিয়া হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010052.mp3"},{"index":"53","arabicText":"وَیَسْتَنْۢبِـُٔوْنَكَ اَحَقٌّ هُوَ ؔؕ قُلْ اِیْ وَرَبِّیْۤ اِنَّهٗ لَحَقٌّ ؔؕۚ وَمَاۤ اَنْتُمْ بِمُعْجِزِیْنَ ۟۠","assameseTranslation":"আৰু সিহঁতে তোমাৰ ওচৰত জানিব বিচাৰে যে, ‘এই (শাস্তি)টো সঁচাই নেকি’? কোৱা, ‘হয়, মোৰ প্ৰতিপালকৰ শপত! এইটো নিশ্চয় সত্য আৰু তোমালোকে কেতিয়াও প্ৰতিৰোধ কৰিব নোৱাৰিবা’।","footnotes":"","tafseer":"হে ৰাছুল! মুশ্বৰিকসকলে আপোনাক সোধে যে, আমাক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া সত্য নে? আপুনি সিহঁতক কৈ দিয়ক যে, হয়। আল্লাহৰ শপত! নিশ্চয় এয়া সত্য, আৰু তোমালোক ইয়াৰ পৰা ৰক্ষা নাপাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010053.mp3"},{"index":"54","arabicText":"وَلَوْ اَنَّ لِكُلِّ نَفْسٍ ظَلَمَتْ مَا فِی الْاَرْضِ لَافْتَدَتْ بِهٖ ؕ وَاَسَرُّوا النَّدَامَةَ لَمَّا رَاَوُا الْعَذَابَ ۚ وَقُضِیَ بَیْنَهُمْ بِالْقِسْطِ وَهُمْ لَا یُظْلَمُوْنَ ۟","assameseTranslation":"যদি প্ৰত্যেক অন্যায়কাৰী ব্যক্তিৰ ওচৰত পৃথিৱীৰ সমপৰিমাণ সম্পদ থাকে, তেন্তে সি সেই গোটেইবোৰ মুক্তিপণ হিচাপে প্ৰদান কৰি হ’লেও নিজকে ৰক্ষা কৰিবলৈ উদ্যত হ’ব আৰু যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব তেতিয়া সিহঁতে (নিজৰ) অনুতাপ গোপন কৰিব। তথাপিও সিহঁতৰ মীমাংসা ন্যায়ভিত্তিক কৰা হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।","footnotes":"","tafseer":"মুক্তিপণ প্ৰদান কৰি নিজকে ৰক্ষা কৰাৰ যদি সুবিধা থাকিলহেঁতেন আৰু মুশ্বৰিকসকল যদি পৃথিৱীৰ সকলো অমূল্য সম্পদৰ মালিক হ’লহেঁতেন, তেন্তে প্ৰত্যেকেই আল্লাহৰ শাস্তিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সেই সকলোবোৰ সম্পদ মুক্তিপণ হিচাপে প্ৰদান কৰাৰ ক্ষেত্ৰত অকণো দ্বিধাবোধ নকৰিলেহেঁতেন। মুশ্বৰিকসকলে ক্বিয়ামতৰ দিনা যেতিয়া শাস্তি প্ৰত্যক্ষ কৰিব, তেতিয়া সিহঁতে কুফৰৰ প্ৰতি সিহঁতৰ অনুতাপ গোপন কৰাৰ চেষ্টা কৰিব। আল্লাহে সিহঁতৰ মাজত ন্যায়ৰ সৈতে ফয়চালা কৰিব, আৰু কাৰো প্ৰতি অন্যায় কৰা নহ’ব, বৰং সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিফল দিয়া হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010054.mp3"},{"index":"55","arabicText":"اَلَاۤ اِنَّ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ اَلَاۤ اِنَّ وَعْدَ اللّٰهِ حَقٌّ وَّلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"জানি থোৱা! আকাশসমূহ আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰ আল্লাহৰেই। জানি থোৱা! আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, কিন্তু সিহঁতৰ অধিকাংশই নাজানে।","footnotes":"","tafseer":"জানি থোৱা! আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোবোৰৰ একমাত্ৰ মালিক হৈছে মহান আল্লাহ। জানি থোৱা! কাফিৰসকলক শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি নিশ্চিতভাৱে পূৰণ হ'ব, ইয়াত কোনো সন্দেহ নাই। কিন্তু অধিকাংশ লোকে এই বিষয়টো নাজানে, সেয়ে সিহঁত সংশয়ত পতিত হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010055.mp3"},{"index":"56","arabicText":"هُوَ یُحْیٖ وَیُمِیْتُ وَاِلَیْهِ تُرْجَعُوْنَ ۟","assameseTranslation":"তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেওঁৰ ওচৰতেই তোমালোকক ওভতাই নিয়া হ’ব।","footnotes":"","tafseer":"সেই পৱিত্ৰ সত্ত্বাই মৃতক জীৱিত কৰে, আৰু জীৱিতক মৃত্যু দান কৰে। ক্বিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিবা, আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010056.mp3"},{"index":"57","arabicText":"یٰۤاَیُّهَا النَّاسُ قَدْ جَآءَتْكُمْ مَّوْعِظَةٌ مِّنْ رَّبِّكُمْ وَشِفَآءٌ لِّمَا فِی الصُّدُوْرِ ۙ۬ وَهُدًی وَّرَحْمَةٌ لِّلْمُؤْمِنِیْنَ ۟","assameseTranslation":"হে মানৱ! তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা উপদেশ আৰু অন্তৰত যি (ব্যাধি) আছে তাৰ প্ৰতিষেধক লগতে মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত আহিছে।","footnotes":"","tafseer":"হে মানৱজাতি! তোমালোকৰ ওচৰলৈ কোৰআন আহি পৰিছে, য'ত আছে উপদেশ, প্ৰেৰণা আৰু সতৰ্কবাণী। এইখনে অন্তৰত থকা সন্দেহ আৰু সংশয়মূলক ব্যাধি নিৰ্মূল কৰে, সত্যৰ পথ প্ৰদৰ্শন কৰে। তথা তাত মুমিনসকলৰ বাবে আছে দয়া, কিয়নো তেওঁলোকেই ইয়াৰ দ্বাৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010057.mp3"},{"index":"58","arabicText":"قُلْ بِفَضْلِ اللّٰهِ وَبِرَحْمَتِهٖ فَبِذٰلِكَ فَلْیَفْرَحُوْا ؕ هُوَ خَیْرٌ مِّمَّا یَجْمَعُوْنَ ۟","assameseTranslation":"কোৱা, ‘এইটো আল্লাহৰ অনুগ্ৰহ আৰু তেওঁৰ কৃপাত (আহিছে); এতেকে সিহঁতে এই বিষয়ে আনন্দিত হোৱা উচিত’। সিহঁতে যি পুঞ্জীভূত কৰে তাতকৈ এইটো অধিক উত্তম।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি মানুহক জনাই দিয়ক যে, মই তোমালোকৰ ওচৰলৈ যিখন কোৰআন লৈ আহিছোঁ, সেইখন হৈছে তোমালোকৰ বাবে আল্লাহৰ ফালৰ পৰা এটা অনুগ্ৰহ, ইয়াৰ জৰিয়তে তেওঁ তোমালোকৰ ওপৰত কৃপা কৰিছে। এতেকে এই কোৰআন অৱতীৰ্ণ কৰি আল্লাহে তোমালোকৰ প্ৰতি যি অনুগ্ৰহ আৰু দয়া কৰিছে, তাৰ পৰিপ্ৰেক্ষিতত তোমালোকে আনন্দ প্ৰকাশ কৰা। কিয়নো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ প্ৰতিপালকৰ ফালৰ পৰা যি লৈ আহিছে, সেয়া এই ধ্বংসশীল পৃথিৱীৰ সকলো সা-সামগ্ৰীতকৈ উত্তম, যিবোৰ সিহঁতে সঞ্চয় কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010058.mp3"},{"index":"59","arabicText":"قُلْ اَرَءَیْتُمْ مَّاۤ اَنْزَلَ اللّٰهُ لَكُمْ مِّنْ رِّزْقٍ فَجَعَلْتُمْ مِّنْهُ حَرَامًا وَّحَلٰلًا ؕ قُلْ آٰللّٰهُ اَذِنَ لَكُمْ اَمْ عَلَی اللّٰهِ تَفْتَرُوْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে এই বিষয়ে কি কোৱা, আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা তোমালোকে কিছুমানক হালাল আৰু আন কিছুমানক হাৰাম কৰি লৈছা’, কোৱা, ‘আল্লাহে তোমালোকক ইয়াৰ অনুমতি দিছে নেকি, নে তোমালোকে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰা’?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কওক যে, আল্লাহে তোমালোকৰ প্ৰতি জীৱিকা অৱতীৰ্ণ কৰি যি উপকাৰ কৰিছে, সেই সম্পৰ্কে কোৱাচোন, যিবোৰক তোমালোকে নিজৰ ইচ্ছা মতে কিছুমানক হাৰাম কৰিছা আৰু কিছুমানক হালাল কৰিছা। সিহঁতক সোধকঃ তোমালোকে যিবোৰক হালাল কৰিছা সেইবোৰক হালাল কৰাৰ আৰু যিবোৰক হাৰাম কৰিছা সেইবোৰক হাৰাম কৰিবলৈ আল্লাহে তোমালোকক অনুমতি প্ৰদান কৰিছে নেকি? নে তোমালোকে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰিছা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010059.mp3"},{"index":"60","arabicText":"وَمَا ظَنُّ الَّذِیْنَ یَفْتَرُوْنَ عَلَی اللّٰهِ الْكَذِبَ یَوْمَ الْقِیٰمَةِ ؕ اِنَّ اللّٰهَ لَذُوْ فَضْلٍ عَلَی النَّاسِ وَلٰكِنَّ اَكْثَرَهُمْ لَا یَشْكُرُوْنَ ۟۠","assameseTranslation":"আৰু যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, ক্বিয়ামত দিৱস সম্পৰ্কে সিহঁতৰ ধাৰণা কি? নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহপৰায়ণ, কিন্তু সিহঁতৰ অধিকাংশই কৃতজ্ঞতা প্ৰকাশ নকৰে।","footnotes":"","tafseer":"আল্লাহৰ প্ৰতি মিছা আৰোপকাৰীসকলৰ ধাৰণা কি? ক্বিয়ামতৰ দিনা সিহঁতৰ লগত কেনেকুৱা ব্যৱহাৰ কৰা হ'ব? সিহঁতে ভাবে নেকি যে, সিহঁতক ক্ষমা কৰি দিয়া হ'ব? এয়া বহুত দূৰৰ কথা। প্ৰকৃততে আল্লাহ বৰ দয়ালু, তেওঁ মানুহক অৱকাশ দিয়ে, আৰু সিহঁতক শাস্তি দিয়াৰ ক্ষেত্ৰত খৰধৰ নকৰে। কিন্তু সিহঁতৰ মাজৰ অধিকাংশই আল্লাহৰ নিয়ামতক অস্বীকাৰ কৰে। সিহঁতে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010060.mp3"},{"index":"61","arabicText":"وَمَا تَكُوْنُ فِیْ شَاْنٍ وَّمَا تَتْلُوْا مِنْهُ مِنْ قُرْاٰنٍ وَّلَا تَعْمَلُوْنَ مِنْ عَمَلٍ اِلَّا كُنَّا عَلَیْكُمْ شُهُوْدًا اِذْ تُفِیْضُوْنَ فِیْهِ ؕ وَمَا یَعْزُبُ عَنْ رَّبِّكَ مِنْ مِّثْقَالِ ذَرَّةٍ فِی الْاَرْضِ وَلَا فِی السَّمَآءِ وَلَاۤ اَصْغَرَ مِنْ ذٰلِكَ وَلَاۤ اَكْبَرَ اِلَّا فِیْ كِتٰبٍ مُّبِیْنٍ ۟","assameseTranslation":"আৰু তুমি যি অৱস্থাতেই নথকা কিয় আৰু তুমি সেই সম্পৰ্কে কোৰআনৰ পৰা যিটোৱেই তিলাৱত কৰা আৰু তোমালোকে যি আমলেই নকৰা কিয়, আমি তোমালোকৰ সাক্ষী থাকোঁ, যেতিয়া তোমালোকে তাত প্ৰবৃত্ত হোৱা। আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমাণ বস্তুও তোমাৰ প্ৰতিপালকৰ দৃষ্টিৰ অগোচৰ নহয় আৰু তাতকৈও ক্ষুদ্ৰ বা বৃহত একোৱেই নাই যিটোৰ বিষয়ে সুস্পষ্ট কিতাবত (লাওহে মাহফুজত লিপিবদ্ধ) নাই।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি যি কৰ্মতেই নাথাকক কিয় আৰু কোৰআনৰ পৰা যিখিনিয়ে তিলাৱত নকৰক কিয়, তথা হে মুমিনসকল! তোমালোকে যি কামেই নকৰা কিয়, মই তোমালোকক দেখোঁ, তোমালোকৰ বিষয়ে জানো আৰু তোমালোকক শুনা পাওঁ, যেতিয়া তোমালোকে কৰ্ম আৰম্ভ কৰা। তোমাৰ প্ৰতিপালকৰ জ্ঞানৰ পৰা আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱেই অদৃশ্য নহয়। সৰুৱেই হওক অথবা ডাঙৰ। প্ৰত্যেকটো বিষয় স্পষ্ট গ্ৰন্থত লিপিবদ্ধ আছে। এনেকুৱা গ্ৰন্থ য’ত সৰু বৰ সকলো কথাই লিপিবদ্ধ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010061.mp3"},{"index":"62","arabicText":"اَلَاۤ اِنَّ اَوْلِیَآءَ اللّٰهِ لَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟ۚۖ","assameseTranslation":"জানি থোৱা! আল্লাহৰ বন্ধুসকলৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।","footnotes":"","tafseer":"জানি থোৱা! নিশ্চয় আল্লাহৰ অলীসকলৰ বাবে ক্বিয়ামতৰ ভয়াৱহতাৰ সন্মুখীন হোৱাৰ কোনো ভয় নাই। আনকি পৃথিৱীত এৰি থৈ যোৱা অংশৰ বিষয়েও কোনো চিন্তা নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010062.mp3"},{"index":"63","arabicText":"الَّذِیْنَ اٰمَنُوْا وَكَانُوْا یَتَّقُوْنَ ۟ؕ","assameseTranslation":"যিসকলে ঈমান আনিছিল আৰু তাক্বৱা অৱলম্বন কৰিছিল।","footnotes":"","tafseer":"এওঁলোক হৈছে আল্লাহৰ সেইসকল অলী, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছিল, তথা আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010063.mp3"},{"index":"64","arabicText":"لَهُمُ الْبُشْرٰی فِی الْحَیٰوةِ الدُّنْیَا وَفِی الْاٰخِرَةِ ؕ لَا تَبْدِیْلَ لِكَلِمٰتِ اللّٰهِ ؕ ذٰلِكَ هُوَ الْفَوْزُ الْعَظِیْمُ ۟ؕ","assameseTranslation":"তেওঁলোকৰ বাবেই আছে সুসংবাদ পাৰ্থিৱ জীৱনত আৰু আখিৰাততো, আল্লাহৰ বাণীৰ কোনো পৰিবৰ্তন নাই; এইটোৱেই হৈছে মহাসফলতা।","footnotes":"","tafseer":"তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা পৃথিৱীত সুসংবাদ স্বৰূপে আছে নেক সপোন আৰু মানুহৰ প্ৰশংসা। লগতে তেওঁলোকৰ বাবে সুসংবাদ আছে ফিৰিস্তাসকলৰ ফালৰ পৰা যেতিয়া তেওঁলোকৰ প্ৰাণ হৰণ কৰা হ'ব, এইদৰে মৃত্যুৰ পিছত আৰু হাচৰৰ ময়দানতো আছে সুসংবাদ। আল্লাহে তেওঁলোকৰ লগত যি প্ৰতিশ্ৰুতি কৰিছে তাত কোনো পৰিবৰ্তন নহ'ব। এই প্ৰতিফলেই হৈছে মহাসফলতা। কাৰণ ইয়াত আছে উদ্দেশ্যৰ প্ৰাপ্তি আৰু ভয়ৰ পৰা মুক্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010064.mp3"},{"index":"65","arabicText":"وَلَا یَحْزُنْكَ قَوْلُهُمْ ۘ اِنَّ الْعِزَّةَ لِلّٰهِ جَمِیْعًا ؕ هُوَ السَّمِیْعُ الْعَلِیْمُ ۟","assameseTranslation":"আৰু সিহঁতৰ কথাই যাতে তোমাক চিন্তিত নকৰে। নিশ্চয় সকলো ধৰণৰ মান-মৰ্যাদা কেৱল আল্লাহৰ বাবেই; তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।","footnotes":"","tafseer":"হে ৰাছুল! ইহঁতে আপোনাৰ ধৰ্ম সম্পৰ্কে যি তিৰস্কাৰ আৰু ঠাট্টা-মস্কৰা কৰে, তাত আপুনি দুখী নহ'ব। নিশ্চয় সকলো ধৰণৰ প্ৰভুত্ব আৰু আধিপত্য কেৱল আল্লাহৰ বাবে। ইয়াক কোনেও বিৱশ কৰিব নোৱাৰে। নিশ্চয় তেওঁ সিহঁতৰ কথা শ্ৰৱণকাৰী আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত। শীঘ্ৰেই তেওঁ সিহঁতক ইয়াৰ প্ৰতিফল প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010065.mp3"},{"index":"66","arabicText":"اَلَاۤ اِنَّ لِلّٰهِ مَنْ فِی السَّمٰوٰتِ وَمَنْ فِی الْاَرْضِ ؕ وَمَا یَتَّبِعُ الَّذِیْنَ یَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ شُرَكَآءَ ؕ اِنْ یَّتَّبِعُوْنَ اِلَّا الظَّنَّ وَاِنْ هُمْ اِلَّا یَخْرُصُوْنَ ۟","assameseTranslation":"জানি থোৱা! নিশ্চয় যিসকল আকাশত আছে আৰু যিসকল পৃথিৱীত আছে সিহঁত আল্লাহৰেই; আৰু যিসকলে আল্লাহৰ বাহিৰে আনক শ্বৰীকৰূপে আহ্বান কৰে, সিহঁতে কিহৰ অনুসৰণ কৰে? সিহঁতে কেৱলমাত্ৰ ধাৰণাৰহে অনুসৰণ কৰে, লগতে সিহঁতে কেৱল মিছা কথাহে কয়।","footnotes":"","tafseer":"জানি থোৱা! আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোৰে একমাত্ৰ মালিক হৈছে মহান আল্লাহ। মুশ্বৰিকসকলে আল্লাহক এৰি যিবোৰৰ উপাসনা কৰি আছে, সিহঁতে দৰাচলতে কাৰ অনুসৰণ কৰি আছে? প্ৰকৃততে সিহঁতে ভ্ৰম আৰু সন্দেহ-সংশয়ৰহে অনুসৰণ কৰি আছে। লগতে সিহঁতে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি কেৱল মিছা আৰোপ কৰি আছে। নিশ্চয় আল্লাহ সিহঁতৰ এই অবান্তৰ কথাৰ পৰা অতি উচ্চ আৰু মহান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010066.mp3"},{"index":"67","arabicText":"هُوَ الَّذِیْ جَعَلَ لَكُمُ الَّیْلَ لِتَسْكُنُوْا فِیْهِ وَالنَّهَارَ مُبْصِرًا ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یَّسْمَعُوْنَ ۟","assameseTranslation":"তেৱেঁই সেই সত্তা, যিজনে তোমালোকৰ বাবে সৃষ্টি কৰিছে ৰাতি, যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা আৰু দেখিবলৈ (সৃষ্টি কৰিছে) দিন। যি সম্প্ৰদায়ে কথা শুনে নিশ্চয় সিহঁতৰ বাবে ইয়াত আছে বহুতো নিদৰ্শন।","footnotes":"","tafseer":"হে মানৱজাতি! তেৱেঁই তোমালোকৰ বাবে ৰাতি বনাইছে যাতে তোমালোকে ভাগৰ, আমনি আৰু ক্লান্তিৰ পৰা বিশ্ৰাম ল’ব পাৰা। তেৱেঁই দিনক বনাইছে আলোকময় যাতে তোমালোকে জীৱনোপকৰণৰ বাবে লাভদায়ক বস্তুৰ সন্ধান কৰিব পাৰা। নিশ্চয় ইয়াত সেইসকল লোকৰ বাবে আছে স্পষ্ট নিদৰ্শন, যিসকলে মানিবলৈ আৰু গ্ৰহণ কৰাৰ উদ্দেশ্যে শুনে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010067.mp3"},{"index":"68","arabicText":"قَالُوا اتَّخَذَ اللّٰهُ وَلَدًا سُبْحٰنَهٗ ؕ هُوَ الْغَنِیُّ ؕ لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ اِنْ عِنْدَكُمْ مِّنْ سُلْطٰنٍ بِهٰذَا ؕ اَتَقُوْلُوْنَ عَلَی اللّٰهِ مَا لَا تَعْلَمُوْنَ ۟","assameseTranslation":"সিহঁতে কয়, ‘আল্লাহে সন্তান গ্ৰহণ কৰিছে’। তেওঁ মহান পৱিত্ৰ! তেওঁ অভাৱমুক্ত! আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। এই বিষয়ে তোমালোকৰ ওচৰত কোনো প্ৰমাণো নাই। তোমালোকে আল্লাহ সম্পৰ্কে এনে কথা কোৱা নেকি যিটো তোমালোকে নিজেই নাজানা?","footnotes":"","tafseer":"মুশ্বৰিকসকলৰ এটা দলে কয় যে, আল্লাহে ফিৰিস্তাসকলক নিজৰ কন্যা বনাই লৈছে। আল্লাহ সিহঁতৰ এনেকুৱা অবান্তৰ কথাৰ পৰা পৱিত্ৰ। পৱিত্ৰ আল্লাহ তেওঁৰ সকলো সৃষ্টিৰ পৰা অমুখাপেক্ষী। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। হে মুশ্বৰিকসকল! তোমালোকৰ ওচৰত তোমালোকৰ এই কথাৰ কোনো প্ৰমাণ নাই। কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ আল্লাহৰ সন্তান দাবী কৰি তোমালোকে যি মহা অপৰাধ কৰিছা, ইয়াৰ সত্যতা সম্পৰ্কে তোমালোকৰ কোনো জ্ঞানেই নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010068.mp3"},{"index":"69","arabicText":"قُلْ اِنَّ الَّذِیْنَ یَفْتَرُوْنَ عَلَی اللّٰهِ الْكَذِبَ لَا یُفْلِحُوْنَ ۟ؕ","assameseTranslation":"কোৱা, ‘যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, সিহঁত কেতিয়াও সফল হ’ব নোৱাৰিব’।","footnotes":"","tafseer":"হে ৰাছুল! সিহঁতক কৈ দিয়ক, যিসকলে আল্লাহৰ সন্তান আছে বুলি মিছা অভিযোগ উত্থাপন কৰে, সিহঁত কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ'ব নোৱাৰে, আৰু যাক (যি শাস্তিক) সিহঁতে ভয় কৰে তাৰ পৰাও মুক্তি পাব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010069.mp3"},{"index":"70","arabicText":"مَتَاعٌ فِی الدُّنْیَا ثُمَّ اِلَیْنَا مَرْجِعُهُمْ ثُمَّ نُذِیْقُهُمُ الْعَذَابَ الشَّدِیْدَ بِمَا كَانُوْا یَكْفُرُوْنَ ۟۠","assameseTranslation":"পৃথিৱীতেই সিহঁতৰ বাবে আছে অলপ ভোগসামগ্ৰী; তাৰ পিছত আমাৰ ওচৰতেই সিহঁতে প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেতিয়া আমি সিহঁতক কঠোৰ শাস্তিৰ সোৱাদ ভোগ কৰাম; কাৰণ সিহঁতে কুফুৰী কৰিছিল।","footnotes":"","tafseer":"এতেকে সিহঁতে পৃথিৱীৰ সুখ সামগ্ৰী আৰু নিয়ামতৰ যি আনন্দ লৈ আছে, সেয়া যেন সিহঁতক প্ৰতাৰিত নকৰে। কিয়নো এয়া হৈছে নগণ্য ভোগসামগ্ৰীহে, তথা এইবোৰ হৈছে ধ্বংসশীল। তাৰ পিছত ক্বিয়ামতৰ দিনা আমাৰ ওচৰলৈকেই সিহঁতে প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেতিয়া আমি সিহঁতক আল্লাহৰ লগত কুফুৰী কৰাৰ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰাৰ কাৰণে কঠোৰ শাস্তিৰ সোৱাদ উপভোগ কৰাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010070.mp3"},{"index":"71","arabicText":"وَاتْلُ عَلَیْهِمْ نَبَاَ نُوْحٍ ۘ اِذْ قَالَ لِقَوْمِهٖ یٰقَوْمِ اِنْ كَانَ كَبُرَ عَلَیْكُمْ مَّقَامِیْ وَتَذْكِیْرِیْ بِاٰیٰتِ اللّٰهِ فَعَلَی اللّٰهِ تَوَكَّلْتُ فَاَجْمِعُوْۤا اَمْرَكُمْ وَشُرَكَآءَكُمْ ثُمَّ لَا یَكُنْ اَمْرُكُمْ عَلَیْكُمْ غُمَّةً ثُمَّ اقْضُوْۤا اِلَیَّ وَلَا تُنْظِرُوْنِ ۟","assameseTranslation":"আৰু তুমি সিহঁতক নূহৰ সংবাদ পাঠ কৰি শুনোৱা। যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! মোৰ অৱস্থিতি আৰু আল্লাহৰ আয়াতসমূহৰ দ্বাৰা মোৰ উপদেশ প্ৰদান কৰাটো যদি তোমালোকৰ ওচৰত অসহ্য হয়, তেন্তে মইতো কেৱল আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰোঁ। এতেকে তোমালোকে নিজৰ কৰ্তব্য স্থিৰ কৰি লোৱা আৰু তোমালোকে যিসকলক অংশী কৰিছা সিহঁতকো মাতা, পিছত যাতে কৰ্তব্য বিষয়ত তোমালোকৰ কোনো অস্পষ্টতা নাথাকে। তাৰ পিছত মোৰ বিষয়ে তোমালোকৰ যি কৰিবলগীয়া আছে কৰা আৰু মোক অকণো অৱকাশ নিদিবা’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক নূহ আলাইহিচ্ছালামৰ বিষয়ে শুনাওকচোন, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক সম্বোধন কৰি কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই তোমালোকৰ সন্মুখত থিয় হোৱাটো তোমালোকে যদি সহ্য কৰিব নোৱাৰা, আৰু আল্লাহৰ আয়াতৰ জৰিয়তে মই তোমালোকক দিয়া উপদেশ আৰু মোৰ বক্তব্য যদি তোমালোকৰ বাবে কষ্টকৰ হয়, তথা তোমালোকে যদি মোক হত্যা কৰাৰ সংকল্প লৈছাই, তেন্তে শুনা! মই তোমালোকৰ চক্ৰান্তক ৰোধ কৰিবলৈ কেৱল আল্লাহৰ ওপৰতে ভৰসা কৰিছোঁ। এতেকে তোমালোকে নিজৰ বিষয়টো সুনিশ্চিত কৰা, আৰু মোক হত্যা কৰাৰ পূৰ্ণ প্ৰতিজ্ঞা লোৱা, তথা সহায়ৰ বাবে তোমালোকৰ সকলো উপাস্যক মাতি লোৱা। তাৰ পিছত তোমালোকৰ চক্ৰান্তক গোপন ৰহস্য কৰি নাৰাখিবা, আৰু মোক হত্যা কৰিবলৈ তোমালোকে যি পৰিকল্পনা কৰিছা সেইটো বাস্তৱায়ন কৰা, আৰু মোক অকণো অৱকাশ নিদিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010071.mp3"},{"index":"72","arabicText":"فَاِنْ تَوَلَّیْتُمْ فَمَا سَاَلْتُكُمْ مِّنْ اَجْرٍ ؕ اِنْ اَجْرِیَ اِلَّا عَلَی اللّٰهِ ۙ وَاُمِرْتُ اَنْ اَكُوْنَ مِنَ الْمُسْلِمِیْنَ ۟","assameseTranslation":"‘তথাপিও যদি তোমালোকে মোৰ পৰা ফালৰি কাটি যোৱা তেন্তে মইতো তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক বিচৰা নাই, মোৰ পাৰিশ্ৰমিক আছে কেৱল আল্লাহৰ ওচৰত, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত হ’বলৈ আদেশপ্ৰাপ্ত হৈছোঁ’।","footnotes":"","tafseer":"যদি তোমালোকে মোৰ আহ্বানৰ পৰা বিমুখ হোৱা, তেন্তে তোমালোকেতো জানাই, মই মোৰ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়াৰ বিনিময়ত তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক বিচৰা নাই। তোমালোকে মোৰ প্ৰতি ঈমান পোষণ কৰা বা নকৰা, মোৰ প্ৰতিদান একমাত্ৰ আল্লাহৰ অধীনত। আল্লাহে মোক আদেশ দিছে মই যেন তেওঁৰ ইবাদত কৰোঁ আৰু সৎকৰ্মৰ জৰিয়তে তেওঁৰ আনুগত্য কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010072.mp3"},{"index":"73","arabicText":"فَكَذَّبُوْهُ فَنَجَّیْنٰهُ وَمَنْ مَّعَهٗ فِی الْفُلْكِ وَجَعَلْنٰهُمْ خَلٰٓىِٕفَ وَاَغْرَقْنَا الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا ۚ فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ الْمُنْذَرِیْنَ ۟","assameseTranslation":"তথাপিও সিহঁতে তেওঁক মিছা বুলি অস্বীকাৰ কৰিছিল; ফলত আমি তেওঁক আৰু তেওঁৰ সৈতে যিসকলে নাৱঁত আৰোহণ কৰিছিল তেওঁলোকক উদ্ধাৰ কৰিছিলোঁ আৰু তেওঁলোকক প্ৰতিনিধি বনাইছিলোঁ; আনহাতে যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল সিহঁতক ডুবাই মাৰিছিলোঁ। গতিকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ কেনেকুৱা পৰিণাম হৈছিল?","footnotes":"","tafseer":"তথাপিও তেওঁৰ সম্প্ৰদায়ে তেওঁক অস্বীকাৰ কৰিছিল, আৰু তেওঁক সমৰ্থন কৰা নাছিল। ফলত আমি তেওঁক আৰু তেওঁৰ সৈতে থকা মুমিনসকলক নাৱঁত আৰোহণ কৰোৱাই ৰক্ষা কৰিছিলোঁ, আৰু তেওঁলোকক পূৰ্বৱৰ্তী লোকসকলৰ উত্তৰাধিকাৰী কৰি দিছিলোঁ। আনহাতে যিসকলে তেওঁ লৈ অহা নিদৰ্শন আৰু প্ৰমাণবোৰক অস্বীকাৰ কৰিছিল, সিহঁতক আমি তুফান তথা মহাপ্লাৱনৰ জৰিয়তে ধ্বংস কৰিছিলোঁ। এতেকে হে ৰাছুল! চিন্তা কৰকচোন, যিসকলক নূহ আলাইহিচ্ছালামে সতৰ্ক কৰিছিল কিন্তু সিহঁতে ঈমান পোষণ কৰা নাছিল, সেইসকল লোকৰ অন্তিম পৰিণাম কেনেকুৱা আছিল?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010073.mp3"},{"index":"74","arabicText":"ثُمَّ بَعَثْنَا مِنْ بَعْدِهٖ رُسُلًا اِلٰی قَوْمِهِمْ فَجَآءُوْهُمْ بِالْبَیِّنٰتِ فَمَا كَانُوْا لِیُؤْمِنُوْا بِمَا كَذَّبُوْا بِهٖ مِنْ قَبْلُ ؕ كَذٰلِكَ نَطْبَعُ عَلٰی قُلُوْبِ الْمُعْتَدِیْنَ ۟","assameseTranslation":"নূহৰ পিছত আমি বহুতো ৰাছুলক তেওঁলোকৰ নিজ নিজ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ; এতেকে তেওঁলোকে সিহঁতৰ ওচৰলৈ স্পষ্ট প্ৰমাণাদিসহ আগমন কৰিছিল। কিন্তু সিহঁতে যিটোক আগতেই অস্বীকাৰ কৰিছিল তাত ঈমান আনিবলৈ সিহঁত দুনাই প্ৰস্তুত নাছিল। এইদৰেই আমি সীমালংঘনকাৰীসকলৰ হৃদয়ত মোহৰ মাৰি দিওঁ।","footnotes":"","tafseer":"নূহ আলাইহিচ্ছালামৰ পিছত আমি বহুতো ৰাছুলক তেওঁলোকৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তথা ৰাছুলসকলে তেওঁলোকৰ জাতিৰ ওচৰলৈ নিদৰ্শন আৰু প্ৰমাণ লৈ আহিছিল। কিন্তু ৰাছুলসকলক অস্বীকাৰ কৰাৰ সিহঁতৰ যি পুৰণি স্বভাৱ আছিল, তাৰ পৰিপ্ৰেক্ষিতত সিহঁতৰ মাজত ঈমান পোষণ কৰাৰ কোনো লক্ষণ নাছিল। ফলত আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছিল। যিদৰে আমি পূৰ্বৱৰ্তী ৰাছুলসকলৰ অনুসাৰীসকলৰ অন্তৰত মোহৰ মাৰিছিলোঁ, ঠিক সেইদৰে আমি প্ৰত্যেক ঠাই আৰু প্ৰত্যেক যুগৰ সেই কাফিৰসকলৰ অন্তৰত মোহৰ লগাই দিম, যিসকলে কুফৰৰ পন্থা অৱলম্বন কৰি আল্লাহৰ সীমালঙ্ঘন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010074.mp3"},{"index":"75","arabicText":"ثُمَّ بَعَثْنَا مِنْ بَعْدِهِمْ مُّوْسٰی وَهٰرُوْنَ اِلٰی فِرْعَوْنَ وَمَلَاۡىِٕهٖ بِاٰیٰتِنَا فَاسْتَكْبَرُوْا وَكَانُوْا قَوْمًا مُّجْرِمِیْنَ ۟","assameseTranslation":"তাৰ পিছত আমি মুছা আৰু হাৰুনক আমাৰ নিদৰ্শনসহ ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। কিন্তু সিহঁতে অহংকাৰ কৰিছিল, কাৰণ সিহঁত আছিল অপৰাধী সম্প্ৰদায়।","footnotes":"","tafseer":"এটা দীৰ্ঘ সময়ৰ অন্তত এই ৰাছুলসকলৰ পিছত আমি মূছা আৰু তেওঁৰ ভাতৃ হাৰূন আলাইহিমাচ্ছালামক মিচৰৰ ৰজা ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। আমি তেওঁলোক দুয়োকে তেওঁলোকৰ সত্যতা প্ৰমাণকাৰী নিদৰ্শনৰ সৈতে প্ৰেৰণ কৰিছিলোঁ। কিন্তু সিহঁতে অহংকাৰ কৰিছিল আৰু তেওঁলোকে লৈ অহা বিষয়ৰ প্ৰতি ঈমান পোষণ কৰা নাছিল। দৰাচলতে সিহঁত আছিল অপৰাধী সম্প্ৰদায়, কাৰণ সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010075.mp3"},{"index":"76","arabicText":"فَلَمَّا جَآءَهُمُ الْحَقُّ مِنْ عِنْدِنَا قَالُوْۤا اِنَّ هٰذَا لَسِحْرٌ مُّبِیْنٌ ۟","assameseTranslation":"এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ তৰফৰ পৰা সত্য আহিল তেতিয়া সিহঁতে ক’লে, ‘এয়া নিশ্চয় স্পষ্ট যাদু’।","footnotes":"","tafseer":"এতেকে যেতিয়া ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ ওচৰত মূছা আৰু তেওঁৰ ভাতৃয়ে লৈ অহা নিদৰ্শনসমূহ উপস্থাপন কৰা হ'ল, তেতিয়া সিহঁতে মূছা আলাইহিচ্ছালামে নিজৰ সত্যতা প্ৰমাণ কৰিবলৈ লৈ অহা নিদৰ্শন সম্পৰ্কে মন্তব্য কৰি ক'লেঃ নিশ্চয় এইবোৰ হৈছে স্পষ্ট যাদু, এইবোৰ বাস্তৱ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010076.mp3"},{"index":"77","arabicText":"قَالَ مُوْسٰۤی اَتَقُوْلُوْنَ لِلْحَقِّ لَمَّا جَآءَكُمْ ؕ اَسِحْرٌ هٰذَا ؕ وَلَا یُفْلِحُ السّٰحِرُوْنَ ۟","assameseTranslation":"মুছাই ক’লে, ‘সত্য যিহেতু তোমালোকৰ ওচৰলৈ আহিছে, এতিয়া তোমালোকে এইদৰে (যাদু বুলি) কৈ আছা? এইটো যাদু নেকি? অথচ যাদুকৰসকলে কেতিয়াও সফল নহয়’।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে তেতিয়া সিহঁতক নিন্দা কৰি ক'লেঃ তোমালোকৰ ওচৰত সত্য অহাৰ পিছতো তোমালোকে সেইটোক যাদু বুলি কৈ আছা? কেতিয়াও নহয়, এয়া যাদু নহয়। মই ভালদৰে জানো যাদুকৰ কেতিয়াও সফল হ'ব নোৱাৰে। তেন্তে মই কিয় এনেকুৱা পন্থাত লিপ্ত হ'ম?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010077.mp3"},{"index":"78","arabicText":"قَالُوْۤا اَجِئْتَنَا لِتَلْفِتَنَا عَمَّا وَجَدْنَا عَلَیْهِ اٰبَآءَنَا وَتَكُوْنَ لَكُمَا الْكِبْرِیَآءُ فِی الْاَرْضِ ؕ وَمَا نَحْنُ لَكُمَا بِمُؤْمِنِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, তুমি আমাক সেই পথৰ পৰা বিচ্যুত কৰিবলৈ আহিছা নেকি যি পথত আমি আমাৰ পিতৃ-পুৰুষসকলক পাইছোঁ, লগতে পৃথিৱীত তোমালোক দুজনৰ আধিপত্য বিস্তাৰ কৰিবলৈ আহিছা নেকি? তোমালোক দুজনৰ ওপৰত আমি বিশ্বাস নকৰোঁ’।","footnotes":"","tafseer":"ফিৰআউনৰ সম্প্ৰদায়ে মূছা আলাইহিচ্ছালামক এই বুলি উত্তৰ দিলে যে, তোমালোকে এই যাদু লৈ আমাৰ ওচৰলৈ এই কাৰণে আহিছা নেকি যে, যাতে তোমালোকে আমাক আমাৰ সেই ধৰ্মৰ পৰা আঁতৰাব পাৰা, যি ধৰ্মত আমি আমাৰ আজুককাসকলক পাইছিলোঁ, আৰু যাতে তুমি আৰু তোমাৰ ভাতৃয়ে ৰাজত্ব লাভ কৰিব পাৰা? হে মূছা আৰু হাৰূন! দৰাচলতে আমি এইটো কেতিয়াও স্বীকাৰ নকৰোঁ যে, তোমালোকক আমাৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰণ কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010078.mp3"},{"index":"79","arabicText":"وَقَالَ فِرْعَوْنُ ائْتُوْنِیْ بِكُلِّ سٰحِرٍ عَلِیْمٍ ۟","assameseTranslation":"আৰু ফিৰআউনে (নিজৰ মন্ত্ৰীসভাক সম্বোধন কৰি) ক’লে, ‘মোৰ ওচৰলৈ সকলো সুদক্ষ যাদুকৰক উপস্থিত কৰা’।","footnotes":"","tafseer":"ফিৰআউনে নিজ সম্প্ৰদায়ক আদেশ কৰি ক’লে, মোৰ ওচৰলৈ এনেকুৱা প্ৰত্যেক যাদুকৰসকলক উপস্থিত কৰা, যিসকলে যাদুৰ ক্ষেত্ৰত পৰিপূৰ্ণ জ্ঞান ৰাখে তথা এই ক্ষেত্ৰত অতি দক্ষ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010079.mp3"},{"index":"80","arabicText":"فَلَمَّا جَآءَ السَّحَرَةُ قَالَ لَهُمْ مُّوْسٰۤی اَلْقُوْا مَاۤ اَنْتُمْ مُّلْقُوْنَ ۟","assameseTranslation":"এতেকে যেতিয়া যাদুকৰসকল আহি উপস্থিত হ’ল তেতিয়া মুছাই ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে নিক্ষেপ কৰা’।","footnotes":"","tafseer":"ফিৰআউনৰ ওচৰলৈ যেতিয়া যাদুকৰসকলক অনা হ'ল, ইপিনে মূছা আলাহিচ্ছালাম পূৰ্ণ বিশ্বাসী আছিল যে, সিহঁতৰ ওপৰত তেৱেঁই বিজয় লাভ কৰিব, সেয়ে তেওঁ সিহঁতক উদ্দেশি ক'লেঃ হে যাদুকৰসকল! নিক্ষেপ কৰা, তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010080.mp3"},{"index":"81","arabicText":"فَلَمَّاۤ اَلْقَوْا قَالَ مُوْسٰی مَا جِئْتُمْ بِهِ ۙ السِّحْرُ ؕ اِنَّ اللّٰهَ سَیُبْطِلُهٗ ؕ اِنَّ اللّٰهَ لَا یُصْلِحُ عَمَلَ الْمُفْسِدِیْنَ ۟","assameseTranslation":"ফলত যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া মুছাই ক’লে, ‘তোমালোকে যি লৈ আহিছা সেয়া হৈছে যাদু, নিশ্চয় আল্লাহে এইবোৰক এতিয়াই অসাৰ (বাতিল) কৰি দিব। নিশ্চয় আল্লাহে অশান্তি সৃষ্টিকাৰীসকলৰ কৰ্মক সাৰ্থক নকৰে’।","footnotes":"","tafseer":"সিহঁতৰ ওচৰত যি নিক্ষেপ কৰিবলগীয়া আছিল, সিহঁতে যেতিয়া সেয়া নিক্ষেপ কৰিলে, তেতিয়া মূছা আলাইহিচ্ছালামে সিহঁতক ক'লেঃ তোমালোকে যি দেখুৱাই আছা সেইটোহে যাদু। তোমালোকে যি দেখুৱাই আছা এইটোক আল্লাহে নিশ্চিতভাৱে এনেকৈ বিনষ্ট কৰিব যে, ইয়াৰ কোনো চিহ্নও অৱশিষ্ট নাথাকিব। দৰাচলতে তোমালোকে যাদুৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি আছা। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীসকলৰ কৰ্ম সংশোধন নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010081.mp3"},{"index":"82","arabicText":"وَیُحِقُّ اللّٰهُ الْحَقَّ بِكَلِمٰتِهٖ وَلَوْ كَرِهَ الْمُجْرِمُوْنَ ۟۠","assameseTranslation":"আৰু আল্লাহে তেওঁৰ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰিব যদিও অপৰাধীসকলে ইয়াক অপছন্দ কৰে।","footnotes":"","tafseer":"আল্লাহে ভাগ্য সম্পৰ্কীয় বাণীৰ দ্বাৰা আৰু চৰীয়তৰ মাজত থকা প্ৰমাণ আৰু যুক্তিৰে সত্যক সত্য বুলি প্ৰমাণিত কৰে তথা প্ৰতিষ্ঠিত কৰে। যদিও ফিৰআউন সম্প্ৰদায়ৰ অপৰাধী কাফিৰসকলে বেয়া পায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010082.mp3"},{"index":"83","arabicText":"فَمَاۤ اٰمَنَ لِمُوْسٰۤی اِلَّا ذُرِّیَّةٌ مِّنْ قَوْمِهٖ عَلٰی خَوْفٍ مِّنْ فِرْعَوْنَ وَمَلَاۡىِٕهِمْ اَنْ یَّفْتِنَهُمْ ؕ وَاِنَّ فِرْعَوْنَ لَعَالٍ فِی الْاَرْضِ ۚ وَاِنَّهٗ لَمِنَ الْمُسْرِفِیْنَ ۟","assameseTranslation":"কিন্তু ফিৰআউন আৰু তাৰ পৰিষদবৰ্গই নিৰ্যাতন কৰিব বুলি আশংকা কৰি মুছাৰ সম্প্ৰদায়ৰ এটা সৰু যুৱক দলৰ বাহিৰে আন কোনেও তেওঁৰ প্ৰতি ঈমান পোষণ কৰা নাছিল। কাৰণ ফিৰআউন আছিল দেশৰ শক্তিশালী ব্যক্তি আৰু নিশ্চয় সি আছিল সীমালংঘনকাৰীসকলৰ অন্তৰ্ভুক্ত।","footnotes":"","tafseer":"সিহঁতে প্ৰত্যাখ্যান কৰাৰ স্থিতিত পৰিপূ্ৰ্ণৰূপে অটল আছিল। এতেকে মূছা আলাইহিচ্ছালামে প্ৰকাশ্য নিদৰ্শন আৰু স্পষ্ট প্ৰমাণ অনাৰ পিছতো তেওঁৰ সম্প্ৰদায়ে অৰ্থাৎ বনী ইছৰাঈলৰ কেৱল কেইজন মান যুৱকেহে তেওঁক সমৰ্থন কৰিছিল। তথাপিও তেওঁলোকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ পৰা ভীত-সন্ত্ৰস্ত হৈ আছিল যে, যদি তেওঁলোকৰ বিষয়টো প্ৰকাশ পাই যায় তেন্তে সিহঁতে তেওঁলোকক শাস্তি প্ৰদান কৰি ঈমানৰ পৰা বিচলিত কৰিব। দৰাচলতে ফিৰআউন আছিল অহংকাৰী আৰু মিচৰ তথা ইয়াৰ অধিবাসীসকলৰ ওপৰত প্ৰভূত্বশালী। নিঃসন্দেহে সি কুফুৰী ক্ষেত্ৰত আৰু বনী ইছৰাঈলক হত্যা কৰাৰ ক্ষেত্ৰত তথা সিহঁতক শাস্তি প্ৰদানৰ ক্ষেত্ৰত সীমালঙ্ঘনকাৰী আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010083.mp3"},{"index":"84","arabicText":"وَقَالَ مُوْسٰی یٰقَوْمِ اِنْ كُنْتُمْ اٰمَنْتُمْ بِاللّٰهِ فَعَلَیْهِ تَوَكَّلُوْۤا اِنْ كُنْتُمْ مُّسْلِمِیْنَ ۟","assameseTranslation":"আৰু মুছাই ক’লে, ‘হে মোৰ সম্প্ৰদায়! যদি তোমালোকে আল্লাহৰ ওপৰত ঈমান আনিছা, তেন্তে তোমালোকে কেৱল তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা, যদি তোমালোকে (প্ৰকৃত) মুছলিম’।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে নিজ সম্প্ৰদায়ক সম্বোধন কৰি ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! যদি তোমালোকে সঁচাই আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছা তেন্তে কেৱল তেওঁৰ ওপৰতেই ভৰসা কৰা, যদিহে তোমালোক প্ৰকৃত আত্মসমৰ্পনকাৰী। কাৰণ আল্লাহৰ প্ৰতি ভৰসা কৰিলে তোমালোকৰ বিপদ দূৰ হ'ব, আৰু তোমালোকে কল্যাণ লাভ কৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010084.mp3"},{"index":"85","arabicText":"فَقَالُوْا عَلَی اللّٰهِ تَوَكَّلْنَا ۚ رَبَّنَا لَا تَجْعَلْنَا فِتْنَةً لِّلْقَوْمِ الظّٰلِمِیْنَ ۟ۙ","assameseTranslation":"তেতিয়া তেওঁলোকে ক’লে, ‘আমি আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰিলোঁ। হে আমাৰ প্ৰতিপালক! তুমি আমাক যালিম সম্প্ৰদায়ৰ উৎপীড়নৰ পাত্ৰ নকৰিবা’।","footnotes":"","tafseer":"তেতিয়া তেওঁলোকে মূছা আলাইহিচ্ছালামক উত্তৰ দি ক'লেঃ আমি কেৱল আল্লাহৰ প্ৰতিহে ভৰসা কৰিছোঁ। হে আমাৰ প্ৰতিপালক! তুমি আমাক অন্যায়কাৰীসকলৰ অধীনস্থ নকৰিবা। কাৰণ সিহঁতে আমাক শাস্তি, হত্যা আৰু প্ৰলোভন প্ৰদান কৰি ধৰ্মৰ পৰা বিচলিত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010085.mp3"},{"index":"86","arabicText":"وَنَجِّنَا بِرَحْمَتِكَ مِنَ الْقَوْمِ الْكٰفِرِیْنَ ۟","assameseTranslation":"‘আৰু তুমি আমাক তোমাৰ অনুগ্ৰহৰ দ্বাৰা কাফিৰ সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা’।","footnotes":"","tafseer":"হে আমাৰ প্ৰতিপালক! তুমি আমাক তোমাৰ কৃপাত কাফিৰ ফিৰআউন সম্প্ৰদায়ৰ হাতৰ পৰা ৰক্ষা কৰা। কাৰণ সিহঁতে আমাক দাস বনাই ৰাখিছে, লগতে আমাক শাস্তি আৰু হত্যাৰ দ্বাৰা নিৰ্যাতন চলাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010086.mp3"},{"index":"87","arabicText":"وَاَوْحَیْنَاۤ اِلٰی مُوْسٰی وَاَخِیْهِ اَنْ تَبَوَّاٰ لِقَوْمِكُمَا بِمِصْرَ بُیُوْتًا وَّاجْعَلُوْا بُیُوْتَكُمْ قِبْلَةً وَّاَقِیْمُوا الصَّلٰوةَ ؕ وَبَشِّرِ الْمُؤْمِنِیْنَ ۟","assameseTranslation":"আমি মুছা আৰু তেওঁৰ ভাতৃৰ প্ৰতি অহী প্ৰেৰণ কৰিলোঁ যে, ‘মিচৰত তোমালোকৰ সম্প্ৰদায়ৰ বাবে কিছুমান ঘৰ নিৰ্মাণ কৰা আৰু তোমালোকৰ ঘৰবোৰক ‘কিবলা’ তথা ইবাদতৰ স্থান কৰি লোৱা, আৰু ছালাত কায়েম কৰা লগতে মুমিনসকলক সুসংবাদ দিয়া’।","footnotes":"","tafseer":"আমি মূছা আৰু তেওঁৰ ভাতৃ হাৰূন আলাইহিমাচ্ছালামক অহীৰ জৰিয়তে নিৰ্দেশ দিছিলোঁ যে, তোমালোকে নিজ সম্প্ৰদায়ৰ বাবে কেৱল আল্লাহৰ ইবাদত কৰিবলৈ মিচৰত কিছুমান ঘৰ নিৰ্মাণ কৰা, যিবোৰৰ দিশ কিব্লা (বাইতুল মাক্বদিছ) অভিমুখে ৰাখিবা, আৰু পৰিপূৰ্ণভাৱে ছালাত প্ৰতিষ্ঠা কৰিবা। তথা হে মূছা! আপুনি মুমিনসকলক এই আনন্দদায়ক শুভসংবাদ দিয়ক যে, আল্লাহে তেওঁলোকক সহায় কৰিব, তেওঁলোকক সমৰ্থন কৰিব, তেওঁলোকৰ শত্ৰুক ধ্বংস কৰি তেওঁলোকক পৃথিৱীত উত্তৰাধিকাৰী বনাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010087.mp3"},{"index":"88","arabicText":"وَقَالَ مُوْسٰی رَبَّنَاۤ اِنَّكَ اٰتَیْتَ فِرْعَوْنَ وَمَلَاَهٗ زِیْنَةً وَّاَمْوَالًا فِی الْحَیٰوةِ الدُّنْیَا ۙ رَبَّنَا لِیُضِلُّوْا عَنْ سَبِیْلِكَ ۚ رَبَّنَا اطْمِسْ عَلٰۤی اَمْوَالِهِمْ وَاشْدُدْ عَلٰی قُلُوْبِهِمْ فَلَا یُؤْمِنُوْا حَتّٰی یَرَوُا الْعَذَابَ الْاَلِیْمَ ۟","assameseTranslation":"মুছাই ক’লে, ‘হে আমাৰ প্ৰতিপালক! তুমিয়েই ফিৰআউন আৰু তাৰ পৰিষদবৰ্গক পাৰ্থিৱ জীৱনত সৌন্দৰ্য আৰু ধন-সম্পদ প্ৰদান কৰিছা, হে আমাৰ প্ৰতিপালক! সিহঁতে ইয়াৰ দ্বাৰাই মানুহক তোমাৰ পথৰ পৰা বিভ্ৰান্ত কৰে। হে আমাৰ প্ৰতিপালক! সিহঁতৰ এই ধন-সম্পদ বিনষ্ট কৰি দিয়া আৰু সিহঁতৰ হৃদয়সমূহক কঠিন কৰি দিয়া, যাতে সিহঁতে যন্ত্ৰণাদায়ক শাস্তি প্ৰত্যক্ষ নকৰালৈকে ঈমান পোষণ কৰিব নোৱাৰে’।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে প্ৰাৰ্থনা কৰি ক'লেঃ হে আমাৰ প্ৰতিপালক! তুমি ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলক পাৰ্থিৱ জীৱনৰ মূল্যৱান সম্পদ আৰু ভোগ ও শোভা-সামগ্ৰী প্ৰদান কৰিছা আৰু সিহঁতক পৃথিৱীত ধন-সম্পত্তি প্ৰদান কৰিছা, তথাপিও সিহঁতে তুমি প্ৰদান কৰা নিয়ামতৰ কৃতজ্ঞতা প্ৰকাশ কৰা নাই। আনকি ইয়াৰ দ্বাৰা সিহঁতে মানুহক তোমাৰ পথৰ পৰা বিভ্ৰান্ত কৰিছে। হে আমাৰ প্ৰতিপালক! তুমি সিহঁতৰ ধন-সম্পদ ধ্বংস কৰি দিয়া, আৰু সিহঁতৰ অন্তৰক কঠোৰ বনাই দিয়া, যাতে সিহঁতে কঠিন শাস্তি নিজ চকুৰে নেদেখালৈকে ঈমান পোষণ নকৰে, যি সময়ত ঈমান পোষণ কৰিলে সেই ঈমানে কোনো উপকাৰ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010088.mp3"},{"index":"89","arabicText":"قَالَ قَدْ اُجِیْبَتْ دَّعْوَتُكُمَا فَاسْتَقِیْمَا وَلَا تَتَّبِعٰٓنِّ سَبِیْلَ الَّذِیْنَ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘তোমালোক দুয়োৰে দুআ কবুল কৰা হ’ল। এতেকে তোমালোক দৃঢ় হৈ থাকা আৰু তোমালোকে কেতিয়াও নজনাসকলৰ পথ অনুসৰণ নকৰিবা’।","footnotes":"","tafseer":"আল্লাহে কৈছেঃ হে মূছা আৰু হাৰূন! ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ বিৰুদ্ধে কৰা তোমালোকৰ বদ্দুআ মই কবূল কৰিছোঁ। এতেকে তোমালোকে নিজৰ ধৰ্মত অটল থাকা, ইয়াৰ পৰা বিমুখ হৈ অজ্ঞানীসকলৰ অনুসৰণ নকৰিবা, যিসকলৰ ওচৰত সত্যৰ পথ সম্পৰ্কে একো জ্ঞান নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010089.mp3"},{"index":"90","arabicText":"وَجٰوَزْنَا بِبَنِیْۤ اِسْرَآءِیْلَ الْبَحْرَ فَاَتْبَعَهُمْ فِرْعَوْنُ وَجُنُوْدُهٗ بَغْیًا وَّعَدْوًا ؕ حَتّٰۤی اِذَاۤ اَدْرَكَهُ الْغَرَقُ ۙ قَالَ اٰمَنْتُ اَنَّهٗ لَاۤ اِلٰهَ اِلَّا الَّذِیْۤ اٰمَنَتْ بِهٖ بَنُوْۤا اِسْرَآءِیْلَ وَاَنَا مِنَ الْمُسْلِمِیْنَ ۟","assameseTranslation":"আৰু আমি বনী ঈছৰাইলক সাগৰ পাৰ কৰালোঁ। ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে ঔদ্ধত্য সহকাৰে আৰু বিদ্বেষবশতঃ তেওঁলোকৰ পিছ ল’লে। অৱশেষত যেতিয়া সি ডুবিবলৈ ধৰিলে তেতিয়া ক’লে, ‘মই ঈমান আনিলোঁ যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, যাৰ প্ৰতি বনী ঈছৰাইলে ঈমান আনিছে, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’।","footnotes":"","tafseer":"আৰু আমি সাগৰক দুভাগ কৰি বনী ইছৰাঈলৰ বাবে সাগৰ পাৰ কৰা সহজ কৰি দিছিলোঁ, আনকি তেওঁলোকে অতি সহজে সুৰক্ষিত অৱস্থাত সাগৰ পাৰ কৰিছিল। তথাপিও ফিৰআউন আৰু তাৰ সেনাবাহিনীয়ে অন্যায় অত্যাচাৰত লিপ্ত হৈ তেওঁলোকক চোঁচা লৈছিল। কিন্তু যেতিয়া সাগৰৰ দুয়োভাগ মিলিত হ'ল আৰু সি ডুবিবলৈ ধৰিলে, আনকি তাৰ পৰা ৰক্ষা পোৱাৰ কোনো উপায় বিচাৰি নাপালে তেতিয়া সি ক'লেঃ মই ঈমান আনিলোঁ, যাৰ বাহিৰে কোনো সত্য উপাস্য নাই, যি সত্ত্বাৰ প্ৰতি বনী ইছৰাঈলে ঈমান পোষণ কৰিছে, ময়ো সেই সত্ত্বাৰ প্ৰতি ঈমান পোষণ কৰিলোঁ, আৰু মই আল্লাহৰ আনুগত্যকাৰী বান্দাসকলৰ অন্তৰ্ভুক্ত হ'লোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010090.mp3"},{"index":"91","arabicText":"آٰلْـٰٔنَ وَقَدْ عَصَیْتَ قَبْلُ وَكُنْتَ مِنَ الْمُفْسِدِیْنَ ۟","assameseTranslation":"এতিয়া (ঈমান আনিছা)! অথচ ইতিপূৰ্বে তুমি অমান্য কৰিছিলা আৰু তুমি অশান্তি সৃষ্টিকাৰীসকলৰ অন্তৰ্ভুক্ত আছিলা।","footnotes":"","tafseer":"জীৱনৰ পৰা নিৰাশ হোৱাৰ পিছত এতিয়া ঈমান আনিছা? অথচ হে ফিৰআউন! আল্লাহৰ শাস্তি অৱতীৰ্ণ হোৱাৰ পূৰ্বে তুমি তাক অস্বীকাৰ কৰিছিলা, আৰু তেওঁৰ পথৰ পৰা মানুহক বিৰত ৰাখি আল্লাহৰ অবাধ্যতা কৰিছিলা, আৰু তুমি বিপৰ্যয় সৃষ্টিকাৰীসকলৰ অন্তৰ্ভুক্তি আছিলা। কাৰণ তুমি নিজেই পথভ্ৰষ্ট আছিলা আৰু আনকো পথভ্ৰষ্ট কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010091.mp3"},{"index":"92","arabicText":"فَالْیَوْمَ نُنَجِّیْكَ بِبَدَنِكَ لِتَكُوْنَ لِمَنْ خَلْفَكَ اٰیَةً ؕ وَاِنَّ كَثِیْرًا مِّنَ النَّاسِ عَنْ اٰیٰتِنَا لَغٰفِلُوْنَ ۟۠","assameseTranslation":"‘এতেকে আজি আমি তোমাৰ শৰীৰটোক ৰক্ষা কৰিম যাতে তুমি তোমাৰ পৰবৰ্তীসকলৰ বাবে নিদৰ্শন হৈ থাকা। নিশ্চয় মানুহৰ মাজত বহুতেই আমাৰ নিদৰ্শন সম্পৰ্কে উদাসীন’।","footnotes":"","tafseer":"হে ফিৰআউন! আজি মই তোমাক সাগৰৰ পৰা উঠাই আনিম, আৰু এডোখৰ ওখ স্থানত থৈ দিম, যাতে তোমাৰ পিছত অহা লোকসকলে তোমাক দেখি শিক্ষা লাভ কৰে। দৰাচলতে অধিকাংশ মানুহেই আমাৰ ক্ষমতাৰ প্ৰমাণ আৰু যুক্তি সম্পৰ্কে উদাসীন। সেই সম্পৰ্কে চিন্তা-চৰ্চা নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010092.mp3"},{"index":"93","arabicText":"وَلَقَدْ بَوَّاْنَا بَنِیْۤ اِسْرَآءِیْلَ مُبَوَّاَ صِدْقٍ وَّرَزَقْنٰهُمْ مِّنَ الطَّیِّبٰتِ ۚ فَمَا اخْتَلَفُوْا حَتّٰی جَآءَهُمُ الْعِلْمُ ؕ اِنَّ رَبَّكَ یَقْضِیْ بَیْنَهُمْ یَوْمَ الْقِیٰمَةِ فِیْمَا كَانُوْا فِیْهِ یَخْتَلِفُوْنَ ۟","assameseTranslation":"আৰু অৱশ্যে আমি বনী ইছৰাঈলক উৎকৃষ্ট আবাস ভূমিত বাসস্থান প্ৰদান কৰিছিলো আৰু আমি সিহঁতক উত্তম জীৱিকা প্ৰদান কৰিছিলোঁ, তথাপিও সিহঁতৰ ওচৰলৈ জ্ঞান অহাৰ পিছত সিহঁতে বিভেদ সৃষ্টি কৰিছিল। নিশ্চয় সিহঁতে যি বিষয়ে বিভেদ সৃষ্টি কৰিছিল তোমাৰ প্ৰতিপালকে সিহঁতৰ মাজত ক্বিয়ামতৰ দিনা সেইটোৰ মীমাংসা কৰি দিব।","footnotes":"","tafseer":"আৰু আমি বনী ইছৰাঈলক শ্বাম দেশৰ বৰকতময় ভূমিত এটা সুখ-দায়ক স্থান আৰু মনোমোহা, মনোৰম ভূমি প্ৰদান কৰিছিলোঁ, আৰু তেওঁলোকক খাবলৈ হালাল তথা পৱিত্ৰ জীৱিকা দান কৰিছিলোঁ। তেতিয়া তেওঁলোকে নিজৰ ধৰ্ম সম্পৰ্কে মতভেদ সৃষ্টি কৰা নাছিল। অৱশেষত যেতিয়া তেওঁলোকৰ ওচৰলৈ কোৰআন আহিল, যিয়ে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সেইসমূহ বৈশিষ্ট্যৰ সমৰ্থন কৰে যিবোৰ তেওঁলোকে তাওৰাতত পঢ়িছিল। তেওঁলোকে যেতিয়া ইয়াক অস্বীকাৰ কৰিলে তেতিয়া তেওঁলোকৰ পৰা তেওঁলোকৰ দেশ কাঢ়ি লোৱা হ'ল। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে ক্বিয়ামতৰ দিনা সিহঁতৰ মাজত যি বিষয়ে মতভেদ হৈছিল তাৰ মীমাংসা কৰিব। তাৰ পিছত তেওঁ সত্যবাদী আৰু অসত্যবাদীক নিজ নিজ যোগ্যতা অনুযায়ী প্ৰতিফল দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010093.mp3"},{"index":"94","arabicText":"فَاِنْ كُنْتَ فِیْ شَكٍّ مِّمَّاۤ اَنْزَلْنَاۤ اِلَیْكَ فَسْـَٔلِ الَّذِیْنَ یَقْرَءُوْنَ الْكِتٰبَ مِنْ قَبْلِكَ ۚ لَقَدْ جَآءَكَ الْحَقُّ مِنْ رَّبِّكَ فَلَا تَكُوْنَنَّ مِنَ الْمُمْتَرِیْنَ ۟ۙ","assameseTranslation":"এতেকে (হে নবী!) আমি তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছোঁ সেই বিষয়ে যদি তুমি সন্দেহ পোষণ কৰা তেন্তে তুমি সিহঁতক সুধি চোৱা যিসকলে তোমাৰ পূৰ্বে অৱতীৰ্ণ হোৱা গ্ৰন্থ পাঠ কৰে; নিশ্চয় তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰলৈ সত্য আহিছে। সেয়ে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰা কোৰআনৰ বাস্তৱতা সম্পৰ্কে যদি আপুনি সংশয় তথা সন্দেহত আছে, তেন্তে ঈমান পোষণ কৰা সেইসকল ইয়াহুদীক সুধি চাওক, যিসকলে তাওৰাত অধ্যয়ন কৰে, আৰু সেইসকল খৃষ্টানকো সুধি চাওক, যিসকলে ঈঞ্জীল পাঠ কৰে। তেওঁলোকে আপোনাক অৱগত কৰাব যে, আপোনাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া সত্য। কিয়নো তেওঁলোকৰ কিতাপতো ইয়াৰ বৈশিষ্ট্য বৰ্ণনা হৈছে। প্ৰকৃততে আপোনাৰ ওচৰলৈ আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য আহি পাইছে, যাৰ মাজত কোনো সন্দেহ নাই। এতেকে আপুনি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010094.mp3"},{"index":"95","arabicText":"وَلَا تَكُوْنَنَّ مِنَ الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِ اللّٰهِ فَتَكُوْنَ مِنَ الْخٰسِرِیْنَ ۟","assameseTranslation":"লগতে সেইসকল লোকৰো অন্তৰ্ভুক্ত নহ’বা যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে- অন্যথা তুমিও ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।","footnotes":"","tafseer":"আপুনি কেতিয়াও সেইসকল লোকৰ অন্তৰ্ভুক্ত নহ'ব যিসকলে আল্লাহৰ স্পষ্ট প্ৰমাণ আৰু যুক্তিক অস্বীকাৰ কৰিছে। অন্যথা ইয়াৰ ফলত আপুনি সেইসকল লোকৰ অন্তৰ্ভুক্ত হৈ যাব, যিসকলে কুফুৰী কৰাৰ কাৰণে নিজে নিজকে বিনাশৰ গৰালত ঠেলি দি নিজকে ক্ষতি সাধন কৰিছে। দৰাচলতে এই সতৰ্কতা হৈছে সন্দেহ আৰু অস্বীকাৰৰ ক্ষতি তথা ভয়াৱহতা বৰ্ণনা কৰা উদ্দেশ্যে, অন্যথা নবী হৈছে নিৰ্দোষী নিৰপৰাধ তথা নিষ্পাপ, তেওঁৰ ফালৰ পৰা এনেকুৱা কোনো কৰ্ম কেতিয়াও হোৱাটো সম্ভৱ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010095.mp3"},{"index":"96","arabicText":"اِنَّ الَّذِیْنَ حَقَّتْ عَلَیْهِمْ كَلِمَتُ رَبِّكَ لَا یُؤْمِنُوْنَ ۟ۙ","assameseTranslation":"নিশ্চয় যিসকলৰ বিৰুদ্ধে তোমাৰ প্ৰতিপালকৰ বাণী সাব্যস্ত হৈ গৈছে, সিহঁতে ঈমান পোষণ নকৰিব।","footnotes":"","tafseer":"নিশ্চয় যিসকলৰ বিৰুদ্ধে আল্লাহৰ এই ফয়চালা সাব্যস্ত হৈছে যে, সিহঁতে কুফুৰীৰ ওপৰত অটল থকাৰ কাৰণে কুফুৰী অৱস্থাতেই মৃত্যুবৰণ কৰিব, সেইসকল লোকে কেতিয়াও ঈমান পোষণ কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010096.mp3"},{"index":"97","arabicText":"وَلَوْ جَآءَتْهُمْ كُلُّ اٰیَةٍ حَتّٰی یَرَوُا الْعَذَابَ الْاَلِیْمَ ۟","assameseTranslation":"যদিও সিহঁতৰ ওচৰলৈ সকলো নিদৰ্শন আহি যায় তথাপিও সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখালৈকে (ঈমান পোষণ নকৰিব)।","footnotes":"","tafseer":"যদিও সিহঁতৰ ওচৰত চৰীয়তি নিদৰ্শন আৰু পাৰ্থিৱ সকলো ধৰণৰ নিদৰ্শন আহি পৰে (তথাপিও সিহঁতে ঈমান পোষণ নকৰিব)। কিন্তু কষ্টদায়ক শাস্তি নিজ চকুৰে দেখিলেহে সিহঁতে ঈমান পোষণ কৰিব, অথচ সেই সময়ৰ ঈমানে সিহঁতক কোনো উপকাৰ নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010097.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010097.mp3"},{"index":"98","arabicText":"فَلَوْلَا كَانَتْ قَرْیَةٌ اٰمَنَتْ فَنَفَعَهَاۤ اِیْمَانُهَاۤ اِلَّا قَوْمَ یُوْنُسَ ؕ لَمَّاۤ اٰمَنُوْا كَشَفْنَا عَنْهُمْ عَذَابَ الْخِزْیِ فِی الْحَیٰوةِ الدُّنْیَا وَمَتَّعْنٰهُمْ اِلٰی حِیْنٍ ۟","assameseTranslation":"এতেকে (সিহঁতৰ) কোনো এটা জনপদবাসীয়ে কিয় ঈমান পোষণ নকৰিলে, যিসকলৰ ঈমানে সিহঁতক উপকাৰ কৰিলেহেঁতেন? কিন্তু ইউনুছৰ সম্প্ৰদায়ৰ বাহিৰে, তেওঁলোকে যেতিয়া ঈমান আনিছিল তেতিয়া আমি তেওঁলোকৰ পৰা পাৰ্থিৱ জীৱনৰ লাঞ্ছনামূলক শাস্তি দূৰ কৰিছিলোঁ আৰু সিহঁতক কিছু সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ দিছিলোঁ।","footnotes":"","tafseer":"আমি ৰাছুল প্ৰেৰণ কৰা এনেকুৱা কোনো জনবসতি নাই, যি জনবসতিয়ে শাস্তি প্ৰত্যক্ষ কৰি ঈমান আনিছে আৰু সিহঁতৰ ঈমানে কোনো উপকাৰ সাধিছে, কিন্তু ইউনুছ আলাইহিচ্ছালামৰ সম্প্ৰদায় এই ক্ষেত্ৰত ব্যতিক্ৰম। কিয়নো তেওঁলোকে যেতিয়া সঁচা ঈমান পোষণ কৰিছিল তেতিয়া আমি তেওঁলোকৰ ওপৰৰ পৰা পাৰ্থিৱ জীৱনৰ অপমান আৰু তিৰস্কাৰমূলক শাস্তি উঠাই লৈছিলোঁ, আৰু তেওঁলোকক মৃত্যু পৰ্যন্ত পাৰ্থিৱ জীৱনৰ সামগ্ৰীৰ দ্বাৰা উপকৃত হোৱাৰ অৱকাশ দিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010098.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010098.mp3"},{"index":"99","arabicText":"وَلَوْ شَآءَ رَبُّكَ لَاٰمَنَ مَنْ فِی الْاَرْضِ كُلُّهُمْ جَمِیْعًا ؕ اَفَاَنْتَ تُكْرِهُ النَّاسَ حَتّٰی یَكُوْنُوْا مُؤْمِنِیْنَ ۟","assameseTranslation":"আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে পৃথিৱীৰ সকলোৱেই ঈমান আনিলেহেঁতেন; তেন্তে তুমি মানুহক মুমিন হ’বলৈ বাধ্য কৰিবা নেকি?","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ প্ৰতিপালকে যদি পৃথিৱীৰ সকলো মানুহকে মুমিন বনাব বিচাৰিলেহেঁতেন, তেন্তে সকলোৱে ঈমান পোষণ কৰিলেহেঁতেন। কিন্তু তেওঁ বিশেষ হিকমত (প্ৰজ্ঞা) অনুযায়ী এয়া বিচৰা নাই। এতেকে তেওঁ যাক ইচ্ছা কৰে তেওঁৰ ন্যায় সিদ্ধান্তৰে সঠিক পথৰ পৰা আঁতৰাই দিয়ে, আৰু যাক ইচ্ছা কৰে নিজ কৃপাত সঠিক পথত পৰিচালিত কৰে। সেয়ে আপুনি মানুহক ঈমান পোষণ কৰিবলৈ বাধ্য কৰিব নোৱাৰিব। কিয়নো সিহঁতক ঈমান পোষণ কৰাৰ তাওফীক প্ৰদানকাৰী হৈছে একমাত্ৰ আল্লাহ তাআলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010099.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010099.mp3"},{"index":"100","arabicText":"وَمَا كَانَ لِنَفْسٍ اَنْ تُؤْمِنَ اِلَّا بِاِذْنِ اللّٰهِ ؕ وَیَجْعَلُ الرِّجْسَ عَلَی الَّذِیْنَ لَا یَعْقِلُوْنَ ۟","assameseTranslation":"অথচ আল্লাহৰ অনুমতি অবিহনে কাৰো পক্ষে ঈমান পোষণ কৰা সম্ভৱ নহয়, আৰু যিসকলে নুবুজে আল্লাহে সিহঁতৰ ওপৰতেই (কুফৰীৰ) অপৱিত্ৰতা স্থাপন কৰি দিয়ে।","footnotes":"","tafseer":"কোনো ব্যক্তিৰ পক্ষেই সম্ভৱ নহয় যে, সি আল্লাহৰ অনুমতি অবিহনে নিজে নিজেই ঈমান পোষণ কৰিব। যিহেতু আল্লাহৰ ইচ্ছা নোহোৱাকৈ ঈমান লাভ কৰাটো সম্ভৱ নহয়, সেয়ে আপুনি সিহঁতকলৈ পৰিতাপ নকৰিব। আল্লাহে সেইসকল লোকৰ ওপৰত শাস্তি আৰু অপমান জাপি দিয়ে, যিসকলে তেওঁৰ প্ৰমাণ আৰু যুক্তিসমূহ তথা তেওঁৰ আদেশ-নিষেধসমূহ বুজিবলৈ যত্ন নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010100.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010100.mp3"},{"index":"101","arabicText":"قُلِ انْظُرُوْا مَاذَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ وَمَا تُغْنِی الْاٰیٰتُ وَالنُّذُرُ عَنْ قَوْمٍ لَّا یُؤْمِنُوْنَ ۟","assameseTranslation":"কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীত যি আছে সেইবোৰৰ প্ৰতি লক্ষ্য কৰা। (জানি থোৱা) যিসকলে ঈমান পোষণ নকৰে, নিদৰ্শনাৱলী আৰু ভীতি প্ৰদৰ্শন তেনেকুৱা লোকৰ কোনো কামত নাহে’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সেইসকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আপোনাৰ ওচৰত নিদৰ্শন সম্পৰ্কে প্ৰশ্ন কৰেঃ ভাবি চোৱাচোন, আকাশমণ্ডল আৰু পৃথিৱীত আল্লাহৰ ক্ষমতা আৰু একত্ববাদ সাব্যস্ত কৰা প্ৰমাণসমূহ কি কি আছে। যিসকলে কুফুৰীত অটল থকাৰ কাৰণে ঈমান পোষণ কৰিবলৈ প্ৰস্তুত নহয়, সিহঁতৰ বাবে ৰাছুল প্ৰেৰণ, যুক্তি আৰু আয়াত অৱতীৰ্ণ কৰা আদিয়ে কোনো উপকাৰ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010101.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010101.mp3"},{"index":"102","arabicText":"فَهَلْ یَنْتَظِرُوْنَ اِلَّا مِثْلَ اَیَّامِ الَّذِیْنَ خَلَوْا مِنْ قَبْلِهِمْ ؕ قُلْ فَانْتَظِرُوْۤا اِنِّیْ مَعَكُمْ مِّنَ الْمُنْتَظِرِیْنَ ۟","assameseTranslation":"তেন্তে সিহঁতে কেৱল সিহঁতৰ পূৰ্বে যি ঘটিছে সেই অনুৰূপ ঘটনাৰ প্ৰতীক্ষা কৰি আছে নেকি? কোৱা, ‘তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছোঁ’।","footnotes":"","tafseer":"তেন্তে এই অস্বীকাৰকাৰীসকলে তেনেকুৱা দুৰ্ঘটনাৰ অপেক্ষাত আছে নেকি, যেনেকুৱা দুৰ্ঘটনাত আল্লাহে পূৰ্বে অতিবাহিত অস্বীকাৰকাৰী সম্প্ৰদায়ক পতিত কৰিছিল। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে আল্লাহৰ শাস্তিৰ অপেক্ষা কৰা, আৰু মই তোমালোকৰ লগত মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতিৰ অপেক্ষাত আছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010102.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010102.mp3"},{"index":"103","arabicText":"ثُمَّ نُنَجِّیْ رُسُلَنَا وَالَّذِیْنَ اٰمَنُوْا كَذٰلِكَ ۚ حَقًّا عَلَیْنَا نُنْجِ الْمُؤْمِنِیْنَ ۟۠","assameseTranslation":"তাৰ পিছত আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক উদ্ধাৰ কৰিছোঁ। এইদৰে মুমিনসকলক উদ্ধাৰ কৰাটো হৈছে আমাৰ দায়িত্ব।","footnotes":"","tafseer":"তাৰ পিছত আমি সিহঁতক শাস্তি বিহিলোঁ আৰু আমাৰ ৰাছুলসকলক উদ্ধাৰ কৰিলোঁ তথা তেওঁলোকৰ লগত থকা মুমিনসকলকো ৰক্ষা কৰিলোঁ। ফলত তেওঁলোকে সিহঁতৰ দৰে ক্ষতিগ্ৰস্ত হোৱা নাছিল, যিদৰে তেওঁলোকৰ সম্প্ৰদায়ে ক্ষতিগ্ৰস্ত হৈছিল। এতেকে যিদৰে আমি সেই ৰাছুলসকলক আৰু তেওঁলোকৰ লগত থকা মুমিনসকলক ৰক্ষা কৰিছিলোঁ, ঠিক সেইদৰে আমি আল্লাহৰ এই ৰাছুলক আৰু তেওঁৰ লগত থকা মুমিনসকলকো ৰক্ষা কৰিম। এইটো বাস্তৱ তথা নিশ্চিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010103.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010103.mp3"},{"index":"104","arabicText":"قُلْ یٰۤاَیُّهَا النَّاسُ اِنْ كُنْتُمْ فِیْ شَكٍّ مِّنْ دِیْنِیْ فَلَاۤ اَعْبُدُ الَّذِیْنَ تَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ وَلٰكِنْ اَعْبُدُ اللّٰهَ الَّذِیْ یَتَوَفّٰىكُمْ ۖۚ وَاُمِرْتُ اَنْ اَكُوْنَ مِنَ الْمُؤْمِنِیْنَ ۟ۙ","assameseTranslation":"কোৱা, ‘হে মানৱজাতি! তোমালোকে যদি মোৰ দ্বীন সম্পৰ্কে সন্দেহ পোষণ কৰা তেন্তে জানি থোৱা! তোমালোকে আল্লাহৰ বাহিৰে যিসকলৰ ইবাদত কৰা মই সিহঁতৰ ইবাদত নকৰোঁ। বৰং মই ইবাদত কৰোঁ আল্লাহৰ, যিজনে তোমালোকক মৃত্যু প্ৰদান কৰে; আৰু মই আদিষ্ট হৈছোঁ যে মই যাতে মুমিনসকলৰ অন্তৰ্ভুক্ত হওঁ’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কওক যে, হে মানৱজাতি! যদি তোমালোকে মই আহ্বান কৰা দ্বীন সম্পৰ্কে সন্দেহত আছা, যিটো তাওহীতৰ ওপৰত প্ৰতিষ্ঠিত দ্বীন। তেন্তে জানি থোৱা! মই নিশ্চিত যে, তোমালোকৰ ধৰ্ম হৈছে ভ্ৰষ্ট ধৰ্ম, সেই কাৰণেই মই সেইটোৰ অনুসৰণ নকৰোঁ। এতেকে মই সেইবোৰ উপাস্যৰ উপাসনা নকৰোঁ, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা। কিন্তু মই সেই আল্লাহৰ ইবাদত কৰোঁ, যিয়ে তোমালোকক মৃত্যু দান কৰিব। মোক আদেশ দিয়া হৈছে, মই যেন নিষ্ঠাৱান মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ যাওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010104.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010104.mp3"},{"index":"105","arabicText":"وَاَنْ اَقِمْ وَجْهَكَ لِلدِّیْنِ حَنِیْفًا ۚ وَلَا تَكُوْنَنَّ مِنَ الْمُشْرِكِیْنَ ۟","assameseTranslation":"লগতে (এই নিৰ্দেশ দিছে) যে, তুমি একনিষ্ঠভাৱে নিজকে দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত ৰাখা আৰু কেতিয়াও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।","footnotes":"","tafseer":"এইদৰে তেওঁ মোক এই আদেশো দিছে যে, মই যেন সত্য দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ। লগতে সকলো ধৰ্মৰ পৰা বিমুখ হৈ কেৱল সেই দ্বীনৰ ওপৰতেই অবিচল থাকোঁ। লগতে মোক মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত হ'বলৈ নিষেধ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010105.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010105.mp3"},{"index":"106","arabicText":"وَلَا تَدْعُ مِنْ دُوْنِ اللّٰهِ مَا لَا یَنْفَعُكَ وَلَا یَضُرُّكَ ۚ فَاِنْ فَعَلْتَ فَاِنَّكَ اِذًا مِّنَ الظّٰلِمِیْنَ ۟","assameseTranslation":"আৰু তুমি আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰিবা, যিবোৰে তোমাৰ কোনো উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে; আৰু যদি তুমি এনেকুৱা কৰা তেন্তে নিশ্চয় তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি আল্লাহৰ বাহিৰে মূৰ্তি আৰু প্ৰতিমাসমূহৰ ওচৰত প্ৰাৰ্থনা নকৰিব, সেইবোৰ কোনো উপকাৰ কৰাৰ অধিকাৰ নাৰাখে যে আপোনাক উপকাৰ কৰিব, আৰু কোনো ক্ষতি কৰাৰো অধিকাৰ নাই যে, আপোনাৰ কোনো ক্ষতি সাধন কৰিব। যদি আপুনি সেইবোৰৰ উপাসনা কৰে তেন্তে আপুনি অন্যায়কাৰীসকলৰ অন্তৰ্ভুক্ত হ’ব, যিসকলে আল্লাহৰ আৰু নিজৰ অধিকাৰ খৰ্ব কৰি সীমালঙ্ঘন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010106.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010106.mp3"},{"index":"107","arabicText":"وَاِنْ یَّمْسَسْكَ اللّٰهُ بِضُرٍّ فَلَا كَاشِفَ لَهٗۤ اِلَّا هُوَ ۚ وَاِنْ یُّرِدْكَ بِخَیْرٍ فَلَا رَآدَّ لِفَضْلِهٖ ؕ یُصِیْبُ بِهٖ مَنْ یَّشَآءُ مِنْ عِبَادِهٖ ؕ وَهُوَ الْغَفُوْرُ الرَّحِیْمُ ۟","assameseTranslation":"আৰু যদি আল্লাহে তোমাক কোনো ক্ষতিৰ দ্বাৰা স্পৰ্শ কৰায়, তেন্তে তেওঁৰ বাহিৰে আন কোনেও সেইটোক দূৰ কৰিব নোৱাৰে; আৰু যদি আল্লাহে তোমাৰ মঙ্গল বিচাৰে, তেন্তে তেওঁৰ অনুগ্ৰহক প্ৰতিহত কৰিবলৈও কোনো নাই। তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক তেওঁ ইচ্ছা কৰে তাৰ ওচৰতেই সেইটো পৌঁচাই দিয়ে; আৰু তেওঁ পৰম ক্ষমাশীল, অতি দয়ালু।","footnotes":"","tafseer":"হে ৰাছুল! আল্লাহে যদি আপোনাক কোনো বিপদত পেলায়, আৰু আপুনি যদি নিজকে সেই বিপদৰ পৰা উদ্ধাৰ কৰিব বিচাৰে, তেন্তে আল্লাহৰ বাহিৰে ইয়াক কোনেও দূৰ কৰিব নোৱাৰিব। এতেকে আল্লাহে যদি আপোনাৰ কল্যাণ বিচাৰে তেন্তে কোনেও তেওঁৰ অনুগ্ৰহক প্ৰতিৰোধ কৰিব নোৱাৰে। তেওঁ নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তেওঁৰ অনুগ্ৰহৰ দ্বাৰা সন্মানিত কৰে। এতেকে তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অত্যন্ত ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অতি দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010107.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010107.mp3"},{"index":"108","arabicText":"قُلْ یٰۤاَیُّهَا النَّاسُ قَدْ جَآءَكُمُ الْحَقُّ مِنْ رَّبِّكُمْ ۚ فَمَنِ اهْتَدٰی فَاِنَّمَا یَهْتَدِیْ لِنَفْسِهٖ ۚ وَمَنْ ضَلَّ فَاِنَّمَا یَضِلُّ عَلَیْهَا ۚ وَمَاۤ اَنَا عَلَیْكُمْ بِوَكِیْلٍ ۟ؕ","assameseTranslation":"কোৱা, ‘হে মানৱজাতি! নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ সত্য আহি পাইছে। গতিকে যিয়ে সৎপথ অৱলম্বন কৰিব সি নিজৰ মঙ্গলৰ বাবেই সৎপথ ধৰিব আৰু যিয়ে পথভ্ৰষ্ট হ’ব সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হ’ব; আৰু মই তোমালোকৰ ওপৰত কৰ্মবিধায়ক নহয়’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়কঃ হে মানৱজাতি! তোমালোকৰ ওচৰলৈ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা কোৰআন আহিছে। এতেকে যিয়ে সঠিক পথ অৱলম্বন কৰিব আৰু তাৰ প্ৰতি ঈমান পোষণ কৰিব, তাৰ উপকাৰ সি নিজেই লাভ কৰিব। কিয়নো মহান আল্লাহ তেওঁৰ বান্দাসকলৰ আনুগত্যৰ পৰা অমুখাপেক্ষী। আনহাতে যিয়ে পথভ্ৰষ্টতাৰ পথ অৱলম্বন কৰিব, সেই পথভ্ৰষ্টতাৰ প্ৰভাৱ অকল তাৰ ওপৰতেই পৰিব। কিয়নো বান্দাৰ অবাধ্যতাই আল্লাহৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰে। মই তোমালোকৰ কৰ্মৰ নিৰীক্ষক নহয় যে, সেইবোৰ মই গণনা কৰিম, আৰু তোমালোকৰ পৰা তাৰ হিচাপ-নিকাচ বিচাৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010108.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010108.mp3"},{"index":"109","arabicText":"وَاتَّبِعْ مَا یُوْحٰۤی اِلَیْكَ وَاصْبِرْ حَتّٰی یَحْكُمَ اللّٰهُ ۖۚ وَهُوَ خَیْرُ الْحٰكِمِیْنَ ۟۠","assameseTranslation":"আৰু তোমাৰ প্ৰতি যি অহী অৱতীৰ্ণ হৈছে তুমি কেৱল তাৰেই অনুসৰণ কৰা, লগতে আল্লাহে ফয়চালা নকৰালৈকে তুমি ধৈৰ্য্য ধাৰণ কৰা, আৰু তেৱেঁই সৰ্বোত্তম ফয়চালা প্ৰদানকাৰী।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সেই অহীৰ অনুসৰণ কৰক, যিটো আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছে, আৰু সেই অনুসৰি কৰ্ম কৰক। তথা আপুনি আপোনাৰ সম্প্ৰদায়ৰ বিৰোধী লোকসকলৰ ফালৰ পৰা দিয়া কষ্টত ধৈৰ্য্য ধাৰণ কৰক, লগতে যিটো বাৰ্তা আপোনাক পৌঁচাই দিয়াৰ দায়িত্ব দিয়া হৈছে সেই ক্ষেত্ৰতো ধৈৰ্য্য ধাৰণ কৰক। সিহঁতৰ বিষয়ে আল্লাহে ফয়চালা নকৰালৈকে আপুনি নিৰবিচ্ছিন্নভাৱে এনেকুৱা ব্যৱহাৰত অবিচল থাকক। অৱশেষত আল্লাহে আপোনাক পৃথিৱীত সিহঁতৰ ওপৰত বিজয় প্ৰদান কৰিব, আৰু কুফুৰী অৱস্থাত যদি সিহঁতে মৃত্যুবৰণ কৰে তেন্তে আখিৰাতত সিহঁতক শাস্তি প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/010109.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/010109.mp3"}]