[{"index":"1","arabicText":"الٓرٰ ۫ تِلْكَ اٰیٰتُ الْكِتٰبِ الْمُبِیْنِ ۟۫","assameseTranslation":"আলিফ-লাম-ৰা।[1] এইবোৰ হৈছে সুস্পষ্ট কিতাবৰ আয়াত।","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"(আলিফ-লাম-ৰা) এইটো আৰু এই ধৰণৰ আখৰ সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। এই ছুৰাত অৱতীৰ্ণ আয়াতসমূহ হৈছে সুস্পষ্ট কোৰআনৰ আয়াত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012001.mp3"},{"index":"2","arabicText":"اِنَّاۤ اَنْزَلْنٰهُ قُرْءٰنًا عَرَبِیًّا لَّعَلَّكُمْ تَعْقِلُوْنَ ۟","assameseTranslation":"নিশ্চয় আমি ইয়াক কোৰআন হিচাপে অৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে বুজিব পাৰা।","footnotes":"","tafseer":"হে আৰবৰ অধিবাসীসকল! আমি কোৰআনখন আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে ইয়াৰ অৰ্থ বুজিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012002.mp3"},{"index":"3","arabicText":"نَحْنُ نَقُصُّ عَلَیْكَ اَحْسَنَ الْقَصَصِ بِمَاۤ اَوْحَیْنَاۤ اِلَیْكَ هٰذَا الْقُرْاٰنَ ۖۗ وَاِنْ كُنْتَ مِنْ قَبْلِهٖ لَمِنَ الْغٰفِلِیْنَ ۟","assameseTranslation":"আমি তোমাৰ ওচৰত উত্তম কাহিনী বৰ্ণনা কৰিছোঁ, অহীৰ মাধ্যমত তোমাৰ ওচৰলৈ এই কোৰআন প্ৰেৰণ কৰি; যদিও ইয়াৰ আগত তুমি আছিলা অনৱহিতসকলৰ অন্তৰ্ভুক্ত।","footnotes":"","tafseer":"হে ৰাছুল! আমি আপোনাক এনেকুৱা কাহিনী বৰ্ণনা কৰি আছোঁ যিটো সাহিত্যৰ দিশৰ পৰা, শব্দৰ শুদ্ধতা আৰু সত্যতাৰ ফালৰ পৰা অতি উত্তম। নিশ্চয় এইখন অৱতীৰ্ণ হোৱাৰ পূৰ্বে এই সম্পৰ্কে আপোনাৰ কোনো জ্ঞান নাছিল তথা আপুনি অমনোযোগী হৈ আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012003.mp3"},{"index":"4","arabicText":"اِذْ قَالَ یُوْسُفُ لِاَبِیْهِ یٰۤاَبَتِ اِنِّیْ رَاَیْتُ اَحَدَ عَشَرَ كَوْكَبًا وَّالشَّمْسَ وَالْقَمَرَ رَاَیْتُهُمْ لِیْ سٰجِدِیْنَ ۟","assameseTranslation":"স্মৰণ কৰা, যেতিয়া ইউছুফে তেওঁৰ পিতাক কৈছিল, ‘হে মোৰ পিতা! মই (সপোনত) এঘাৰটা নক্ষত্ৰ, সূৰ্য আৰু চন্দ্ৰক দেখিছোঁ, সেইবোৰক মোৰ প্ৰতি ছাজদাৱনত অৱস্থাত দেখিছোঁ’।","footnotes":"","tafseer":"হে ৰাছুল! আমি আপোনাক সংবাদ দিওঁ যে, ইউছুফে যেতিয়া তেওঁৰ পিতৃ ইয়াকূবক কৈছিলঃ হে মোৰ পিতৃ! মই সপোনত দেখিছোঁ এঘাৰটা তৰা, লগতে সূৰ্য্য আৰু চন্দ্ৰ আটায়ে মোক ছাজদাহ কৰি আছে। এই সপোনটো আছিল ইউছুফ আলাইহিচ্ছালামৰ বাবে আগতীয়া সুসংবাদ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012004.mp3"},{"index":"5","arabicText":"قَالَ یٰبُنَیَّ لَا تَقْصُصْ رُءْیَاكَ عَلٰۤی اِخْوَتِكَ فَیَكِیْدُوْا لَكَ كَیْدًا ؕ اِنَّ الشَّیْطٰنَ لِلْاِنْسَانِ عَدُوٌّ مُّبِیْنٌ ۟","assameseTranslation":"তেওঁ ক’লে, ‘হে মোৰ পুত্ৰ! তোমাৰ সপোনৰ কথা কেতিয়াও তোমাৰ ভাতৃসকলক নক’বা; অন্যথা সিহঁতে তোমাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰিব। নিশ্চয় চয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু’।","footnotes":"","tafseer":"ইয়াকূব আলাইহিচ্ছালামে তেওঁৰ পুত্ৰ ইউছুফক ক'লেঃ হে মোৰ মৰমৰ পুত্ৰ! তোমাৰ এই সপোন তোমাৰ ভাতৃসকলক অৱগত নকৰিবা। অন্যথা সিহঁতে গম পালে বুজি পাব আৰু তোমাৰ লগত হিংসা কৰিব। ফলত সিহঁতে বিদ্বেষত তোমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিব। নিশ্চয় চয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012005.mp3"},{"index":"6","arabicText":"وَكَذٰلِكَ یَجْتَبِیْكَ رَبُّكَ وَیُعَلِّمُكَ مِنْ تَاْوِیْلِ الْاَحَادِیْثِ وَیُتِمُّ نِعْمَتَهٗ عَلَیْكَ وَعَلٰۤی اٰلِ یَعْقُوْبَ كَمَاۤ اَتَمَّهَا عَلٰۤی اَبَوَیْكَ مِنْ قَبْلُ اِبْرٰهِیْمَ وَاِسْحٰقَ ؕ اِنَّ رَبَّكَ عَلِیْمٌ حَكِیْمٌ ۟۠","assameseTranslation":"আৰু এইদৰে তোমাৰ প্ৰতিপালকে তোমাক মনোনীত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিক্ষা দিব আৰু তোমাৰ ওপৰত লগতে ইয়াকূবৰ পৰিয়ালৰ ওপৰত তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিব, যেনেকৈ তেওঁ এইটো পূৰ্ণ কৰিছিল ইয়াৰ আগত তোমাৰ পিতৃ-পুৰুষ ইব্ৰাহীম আৰু ইছহাক্বৰ ওপৰত। নিশ্চয় তোমাৰ প্ৰতিপালক সৰ্বজ্ঞ, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"হে ইউছুফ! যিদৰে তুমি সপোন দেখিছা, সেইদৰেই তোমাৰ প্ৰতিপালকে তোমাক নিৰ্বাচিত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিকাব। তোমাক নুবুওৱত প্ৰদান কৰি তোমাৰ ওপৰত তেওঁৰ নিয়ামত পৰিপূৰ্ণ কৰিব। যিদৰে তেওঁ তোমাৰ পূৰ্বে তোমাৰ পিতৃপুৰুষ ইব্ৰাহীম আৰু ইছহাকৰ ওপৰত অনুগ্ৰহ সম্পূৰ্ণ কৰিছিল। নিশ্চয় তোমাৰ প্ৰতিপালক সৃষ্টি সম্পৰ্কে সৰ্বজ্ঞ, আৰু পৰিচালনাত মহা প্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012006.mp3"},{"index":"7","arabicText":"لَقَدْ كَانَ فِیْ یُوْسُفَ وَاِخْوَتِهٖۤ اٰیٰتٌ لِّلسَّآىِٕلِیْنَ ۟","assameseTranslation":"নিশ্চয় ইউছুফ আৰু তেওঁৰ ভাতৃসকলৰ কাহিনীত প্ৰশ্নকাৰীসকলৰ বাবে বহুতো নিদৰ্শন আছে।","footnotes":"","tafseer":"অৱশ্যে ইউছুফ আৰু তেওঁৰ ভাতৃসকলৰ ঘটনাত প্ৰশ্নকাৰীসকলৰ বাবে আছে উপদেশ আৰু শিক্ষা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012007.mp3"},{"index":"8","arabicText":"اِذْ قَالُوْا لَیُوْسُفُ وَاَخُوْهُ اَحَبُّ اِلٰۤی اَبِیْنَا مِنَّا وَنَحْنُ عُصْبَةٌ ؕ اِنَّ اَبَانَا لَفِیْ ضَلٰلٍ مُّبِیْنِ ۟ۚۖ","assameseTranslation":"স্মৰণ কৰা, যেতিয়া সিহঁতে (তেওঁৰ ভাতৃসকলে) কৈছিল, ‘আমাৰ পিতৃৰ ওচৰত ইউছুফ আৰু তেওঁৰ (সহোদৰ) ভাইহে আমাতকৈ বেছি প্ৰিয়, অথচ আমি এটা সংহত দল; নিশ্চয় আমাৰ পিতৃ স্পষ্ট বিভ্ৰান্তিত আছে’।","footnotes":"","tafseer":"যেতিয়া তেওঁৰ ভাতৃসকলে নিজৰ মাজত আলোচনা কৰিলে যে, ইউছুফ আৰু তেওঁৰ সহোদৰ হৈছে আমাৰ পিতৃৰ ওচৰত অধিক প্ৰিয়পাত্ৰ। অথচ আমি হৈছোঁ কেইবাজনীয়া এটা দল। কেনেকৈ তেওঁ আমাৰ ওপৰত এই দুজনক প্ৰাধান্য দিয়ে? আমাৰ দৃষ্টিত কোনো কাৰণ অবিহনেই এই দুজনক অগ্ৰাধিকাৰ প্ৰদান কৰি তেওঁ স্পষ্ট ভুল কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012008.mp3"},{"index":"9","arabicText":"قْتُلُوْا یُوْسُفَ اَوِ اطْرَحُوْهُ اَرْضًا یَّخْلُ لَكُمْ وَجْهُ اَبِیْكُمْ وَتَكُوْنُوْا مِنْ بَعْدِهٖ قَوْمًا صٰلِحِیْنَ ۟","assameseTranslation":"‘তোমালোকে ইউছুফক হত্যা কৰা অথবা কোনো এটা (দূৰৱৰ্তী) ঠাইত তাক পেলাই থৈ আহা, তেতিয়াহে তোমালোকৰ পিতৃৰ দৃষ্টি কেৱল তোমালোকৰ পিনেই নিবিষ্ট হ’ব আৰু তাৰ পিছত তোমালোকে (তাওবা কৰি) সৎ হৈ যাবা’।","footnotes":"","tafseer":"এতেকে তোমালোকে ইউছুফক হত্যা কৰা অথবা বহু দূৰত ক’ৰবাত নিক্ষেপ কৰাগৈ, ফলত তোমালোকৰ পিতৃয়ে তোমালোকৰ প্ৰতি পৰিপূৰ্ণৰূপে মনোযোগ প্ৰদান কৰিব আৰু পৰিপূৰ্ণ স্নেহ প্ৰদান কৰিব। তাক হত্যা অথবা গায়েব কৰাৰ পিছত নিজৰ গুনাহৰ পৰা তাওবা কৰি নেক লোকৰ অন্তৰ্ভুক্ত হৈ যাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012009.mp3"},{"index":"10","arabicText":"قَالَ قَآىِٕلٌ مِّنْهُمْ لَا تَقْتُلُوْا یُوْسُفَ وَاَلْقُوْهُ فِیْ غَیٰبَتِ الْجُبِّ یَلْتَقِطْهُ بَعْضُ السَّیَّارَةِ اِنْ كُنْتُمْ فٰعِلِیْنَ ۟","assameseTranslation":"সিহঁতৰ মাজৰ এজনে ক’লে, ‘তোমালোকে ইউছুফক হত্যা নকৰিবা আৰু যদি কিবা কৰিবই বিচৰা তেনেহ’লে তাক কোনোবা এটা কুঁৱাত পেলাই দিয়াগৈ, যাত্ৰীদলৰ কোনোবাই তাক তুলি লৈ যাব’।","footnotes":"","tafseer":"এজন ভাতৃয়ে ক'লেঃ ইউছুফক হত্যা নকৰিবা। যদি তোমালোকে তেওঁৰ লগত এনেকুৱা আচৰণ কৰিবই বিচৰা, তেন্তে তেওঁক কোনো এটা কুঁৱাত নিক্ষেপ কৰা, যাতে কোনো ভ্ৰমণকাৰী দলে তেওঁক উঠাই লৈ যাব পাৰে, তেওঁক হত্যা কৰাতকৈ এইটো হয়তো কম ক্ষতিকাৰক হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012010.mp3"},{"index":"11","arabicText":"قَالُوْا یٰۤاَبَانَا مَا لَكَ لَا تَاْمَنَّا عَلٰی یُوْسُفَ وَاِنَّا لَهٗ لَنٰصِحُوْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘হে আমাৰ পিতা! আপোনাৰ কি হ’ল, ইউছুফৰ বিষয়ে আমাক আপুনি কিয় নিৰাপদ বুলি নাভাবে? অথচ আমি তাৰ শুভাকাংক্ষী’।","footnotes":"","tafseer":"যেতিয়া সিহঁত সকলোৱে তেওঁক গায়েব কৰাৰ কথাত একমত হ'ল, তেতিয়া সিহঁতৰ পিতৃ ইয়াকূবৰ ওচৰলৈ আহি সিহঁতে ক'লেঃ হে আমাৰ শ্ৰদ্ধাৰ পিতৃ! আপুনি ইউছুফ সম্পৰ্কে আমাৰ ওপৰত ভৰসা নকৰে কিয়? অথচ আমি তাৰ প্ৰতি স্নেহশীল আৰু তাক সকলো কষ্টৰ পৰা ৰক্ষা কৰোঁ, আমি ইউছুফৰ শুভাকাংক্ষী, আমি তাক ৰক্ষা কৰিম আৰু চোৱাচিতা কৰিম তথা আপোনাৰ ওচৰলৈ সুৰক্ষিত অৱস্থাত ওভোতাই আনিম। তেনে ক্ষেত্ৰত আমাৰ লগত তাক পঠোৱাত আপোনাক কিহে বিৰত ৰাখিছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012011.mp3"},{"index":"12","arabicText":"اَرْسِلْهُ مَعَنَا غَدًا یَّرْتَعْ وَیَلْعَبْ وَاِنَّا لَهٗ لَحٰفِظُوْنَ ۟","assameseTranslation":"‘আপুনি কাইলৈ তাক আমাৰ লগত পঠাই দিয়ক, সি আনন্দত খেল-ধেমালি কৰি ঘূৰি ফুৰিব আৰু নিশ্চয় আমি তাৰ চোৱাচিতা কৰিম’।","footnotes":"","tafseer":"এতেকে অহাকালি তাক আমাৰ লগত যাবলৈ অনুমতি দিয়ক, আমি একেলগে খোৱা-বোৱা কৰিম আৰু প্ৰকৃতি উপভোগ কৰিম, আৰু নিশ্চয় আমি তাক সকলো সংকটৰ পৰা ৰক্ষা কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012012.mp3"},{"index":"13","arabicText":"قَالَ اِنِّیْ لَیَحْزُنُنِیْۤ اَنْ تَذْهَبُوْا بِهٖ وَاَخَافُ اَنْ یَّاْكُلَهُ الذِّئْبُ وَاَنْتُمْ عَنْهُ غٰفِلُوْنَ ۟","assameseTranslation":"তেওঁ (পিতাই) ক’লে, ‘তোমালোকে তাক লৈ গ’লে সঁচাকৈয়ে এইটো মোৰ বাবে দুশ্চিন্তাৰ কাৰণ হৈ পৰিব আৰু মই আশংকা কৰোঁ যে, তোমালোকে তাৰ প্ৰতি অসাৱধান হ’লে কুকুৰনেচীয়া বাঘে তাক খাই পেলাব পাৰে’।","footnotes":"","tafseer":"ইয়াকূবে পুত্ৰসকলক সম্বোধন কৰি ক'লেঃ তোমালোকে তাক লগত লৈ যোৱাটো মোৰ কাৰণে চিন্তাৰ বিষয়, কাৰণ মই তাক এৰি থাকিব নোৱাৰিম। লগতে মই এইটোও আশংকা কৰোঁ যে, তোমালোকে খেল-ধেমালিত মগ্ন থাকিবা আৰু তোমালোকৰ অজানিতে কুকুৰ-নেচীয়াই আহি তাক খাই পেলাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012013.mp3"},{"index":"14","arabicText":"قَالُوْا لَىِٕنْ اَكَلَهُ الذِّئْبُ وَنَحْنُ عُصْبَةٌ اِنَّاۤ اِذًا لَّخٰسِرُوْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘আমি এটা সংহত দল হোৱা সত্বেও যদি কুকুৰনেচীয়া বাঘে তাক খাই পেলায়, তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্ত’।","footnotes":"","tafseer":"সিহঁতে পিতৃক ক'লেঃ আমি এটা দল থকা সত্ত্বেও যদি কুকুৰ-নেচীয়াই আহি ইউছুফক খাই পেলায় তেন্তে দেখোন আমাৰ মাজত কোনো কল্যাণেই নাই। যদি আমি তাক কুকুৰ-নেচীয়াৰ পৰা ৰক্ষা কৰিব নোৱাৰোঁ তেন্তে আমি নিশ্চয় ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012014.mp3"},{"index":"15","arabicText":"فَلَمَّا ذَهَبُوْا بِهٖ وَاَجْمَعُوْۤا اَنْ یَّجْعَلُوْهُ فِیْ غَیٰبَتِ الْجُبِّ ۚ وَاَوْحَیْنَاۤ اِلَیْهِ لَتُنَبِّئَنَّهُمْ بِاَمْرِهِمْ هٰذَا وَهُمْ لَا یَشْعُرُوْنَ ۟","assameseTranslation":"তাৰ পিছত যেতিয়া সিহঁতে তাক লৈ গ’ল, আৰু তাক কুঁৱাৰ মাজত নিক্ষেপ কৰিবলৈ একমত হ’ল, (তেতিয়া) আমি তাৰ (ইউছুফৰ) প্ৰতি অহী প্ৰেৰণ কৰি জনাই দিলোঁ যে, ‘নিশ্চয় তুমি সিহঁতক সিহঁতৰ এই কৰ্ম সম্পৰ্কে (পৰৱৰ্তী সময়ত) অৱগত কৰিবা; তেতিয়া সিহঁতে কল্পনাই কৰিব নোৱাৰিব’।","footnotes":"","tafseer":"তাৰ পিছত ইয়াকূবে ইউছুফক সিহঁতৰ লগত পঠাই দিলে। যেতিয়া সিহঁতে তাক লৈ বহু দূৰত গুচি গ’ল, আৰু তাক কুঁৱাত নিক্ষেপ কৰিবলৈ মনস্থ কৰিলে, তেতিয়া আমি ইউছুফৰ প্ৰতি অহী কৰিলোঁঃ এনেকুৱা এটা সময় আহিব যেতিয়া তুমি সিহঁতক সিহঁতৰ এই কৰ্ম সম্পৰ্কে অৱগত কৰাবা আৰু তেতিয়া সিহঁতে তোমাক চিনিও নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012015.mp3"},{"index":"16","arabicText":"وَجَآءُوْۤ اَبَاهُمْ عِشَآءً یَّبْكُوْنَ ۟ؕ","assameseTranslation":"আৰু সিহঁতে ৰাতিৰ প্ৰথম প্ৰহৰত কান্দি কান্দি সিহঁতৰ পিতৃৰ ওচৰলৈ আহিল।","footnotes":"","tafseer":"ইপিনে ইউছুফৰ ভাতৃসকলে নিজৰ ষড়যন্ত্ৰক বাস্তৱ ৰূপ দিবলৈ ৰাতিৰ ভাগত কান্দি কান্দি আহি পিতৃৰ ওচৰত উপস্থিত হ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012016.mp3"},{"index":"17","arabicText":"قَالُوْا یٰۤاَبَانَاۤ اِنَّا ذَهَبْنَا نَسْتَبِقُ وَتَرَكْنَا یُوْسُفَ عِنْدَ مَتَاعِنَا فَاَكَلَهُ الذِّئْبُ ۚ وَمَاۤ اَنْتَ بِمُؤْمِنٍ لَّنَا وَلَوْ كُنَّا صٰدِقِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমি দৌৰ প্ৰতিযোগিতা কৰিবলৈ গৈছিলোঁ আৰু ইউছুফক আমাৰ বস্তু-বাহানীৰ ওচৰত ৰাখি থৈ গৈছিলোঁ; ফলত কুকুৰনেচীয়াই তাক খাই পেলাইছে, কিন্তু আপুনিতো বিশ্বাসেই নকৰিব, যদিওঁ আমি সত্যবাদী হওঁ।’","footnotes":"","tafseer":"সিহঁতে ক'লেঃ হে আমাৰ পিতৃঃ আমি দৌৰ আৰু তীৰ প্ৰতিযোগিতা কৰি আছিলোঁ আৰু ইউছুফক ৰাখিছিলোঁ আমাৰ কাপোৰ আৰু বয়-বস্তু পহৰা দিয়াৰ দায়িত্বত। ফলত কুকুৰ-নেচীয়াই আহি তাক খাই পেলালে। আমি জানো আপুনি আমাৰ কথাক বিশ্বাস নকৰিব, যদিও আমি আমাৰ কথাত সত্যবাদী নহওঁ কিয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012017.mp3"},{"index":"18","arabicText":"وَجَآءُوْ عَلٰی قَمِیْصِهٖ بِدَمٍ كَذِبٍ ؕ قَالَ بَلْ سَوَّلَتْ لَكُمْ اَنْفُسُكُمْ اَمْرًا ؕ فَصَبْرٌ جَمِیْلٌ ؕ وَاللّٰهُ الْمُسْتَعَانُ عَلٰی مَا تَصِفُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে তাৰ চোলাত মিছা তেজ লগাই আনিছিল। তেওঁ ক’লে, ‘(এইটো হ’ব নোৱাৰে), বৰং তোমালোকৰ কু-প্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে। গতিকে উত্তম ধৈৰ্য্য ধাৰণ কৰাটোৱে হৈছে মোৰ বাবে শ্ৰেয়। তোমালোকে যি বৰ্ণনা কৰিছা সেই বিষয়ে আল্লাহেই হৈছে মোৰ একমাত্ৰ সাহায্যস্থল’।","footnotes":"","tafseer":"সিহঁতে চক্ৰান্ত কৰি নিজৰ যুক্তিক শক্তিশালী কৰিব বিচাৰিছিল। সিহঁতে ইউছুফৰ চোলাত কোনোবা জন্তুৰ তেজ লগাই আনিছিল, যাতে এই ভ্ৰম সৃষ্টি হয় যে, এইটো কুকুৰ-নেচীয়াই ভক্ষণ কৰাৰ প্ৰমাণ। কিন্তু ইয়াকূবে সিহঁতৰ মিছা দাবীৰ উমান পাই গৈছিল, কাৰণ তেজ লগোৱা চোলাটো অকণো ছিঙা নাছিল। সেয়ে তেওঁ সিহঁতক ক'লেঃ বিষয়টো তেনেকুৱা নহয় যেনেকৈ তোমালোকে কৈ আছা। বৰং তোমালোকৰ অন্তৰে এটা বেয়া কৰ্মক সৌন্দৰ্যময় কৰি দাঙি ধৰিছিল, যিটোক তোমালোকে সম্পন্ন কৰিছা। এই ক্ষেত্ৰত মোৰ কৰ্তব্য হৈছে উত্তমৰূপে ধৈৰ্য্য ধাৰণ কৰা, য’ত কোনো ধৰণৰ উৎকন্ঠা নাই। ইউছুফ সম্পৰ্কে তোমালোকে যি বিৱৰণ দি আছা, এই ক্ষেত্ৰত আল্লাহেই একমাত্ৰ সহায়ৰ উৎস।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012018.mp3"},{"index":"19","arabicText":"وَجَآءَتْ سَیَّارَةٌ فَاَرْسَلُوْا وَارِدَهُمْ فَاَدْلٰی دَلْوَهٗ ؕ قَالَ یٰبُشْرٰی هٰذَا غُلٰمٌ ؕ وَاَسَرُّوْهُ بِضَاعَةً ؕ وَاللّٰهُ عَلِیْمٌۢ بِمَا یَعْمَلُوْنَ ۟","assameseTranslation":"আৰু ইপিনে এটা যাত্ৰীদল আহিল, সিহঁতে সিহঁতৰ পানী সংগ্ৰাহকক পানী আনিবলৈ পঠাই দিলে, সি পানী তুলিবলৈ নিজৰ বাল্টিটো নমাই দিলে। সি আনন্দত কৈ উঠিল, ‘কি সুখবৰ! এয়া দেখোন এটা শিশু’! আৰু সিহঁতে তাক পণ্যদ্ৰব্য হিচাপে (বিক্ৰী কৰিবলৈ) লুকাই ৰাখিলে। কিন্তু সিহঁতে যি কৰিছিল সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।","footnotes":"","tafseer":"সেই বাটেৰে এদল ভ্ৰমণকাৰী গৈ আছিল, তেওঁলোকে এজনক কুঁৱাৰ পৰা পানী আনিবলৈ প্ৰেৰণ কৰিলে। সেই ব্যক্তিয়ে কুঁৱাৰ পৰা পানী তুলিবলৈ বাল্টি পেলোৱাৰ লগে লগে ইউছুফে ৰছিডাল ধৰি পেলালে। ব্যক্তিজনে তেওঁক দেখাৰ লগে লগে আনন্দত জপিয়াই উঠিল আৰু ক'লেঃ হেৰা শুনা! এটি আনন্দৰ খবৰ, এয়া দেখোন এজন বালক। সি আৰু তাৰ কেইজনমান সঙ্গীয়ে ইউছুফক ব্যৱসায়ী সম্পদ বুলি ভাবি গোপন কৰি ৰাখিলে। সিহঁতে ইউছুফক লৈ যি দৰ-দাম কৰি আছিল সেই সম্পৰ্কে আল্লাহ সৰ্বজ্ঞ। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012019.mp3"},{"index":"20","arabicText":"وَشَرَوْهُ بِثَمَنٍ بَخْسٍ دَرَاهِمَ مَعْدُوْدَةٍ ۚ وَكَانُوْا فِیْهِ مِنَ الزَّاهِدِیْنَ ۟۠","assameseTranslation":"আৰু সিহঁতে তাক অতি নগণ্য মূল্যত, মাত্ৰ কেইটামান দিৰহামৰ বিনিময়ত বিক্ৰী কৰি দিলে আৰু সিহঁত আছিল তাৰ বিষয়ে অনাগ্ৰহী।","footnotes":"","tafseer":"পানী আনিবলৈ যোৱা ব্যক্তিয়ে আৰু তাৰ সঙ্গীসকলে মিলি ইউছুফক মিচৰৰ বজাৰত অতি নগন্য মূল্যত বিক্ৰী কৰিলে। সহজেই গণিব পাৰা কেইটামান দিৰহামত বিক্ৰী কৰিছিল। তেওঁক অধিক মূল্যত বিক্ৰী কৰাৰো সিহঁতৰ ইচ্ছা নাছিল। কাৰণ অতি দ্ৰুত তেওঁক এৰাব বিচাৰিছিল। দৰাচলতে সিহঁতে ভালদৰেই জানিছিল যে, তেওঁ দাস নহয়। সিহঁতে আশংকা কৰিছিল যে, ইয়াৰ আত্মীয়সকল আহি পৰিব পাৰে। প্ৰকৃততে এয়া আছিল আল্লাহৰ কৃপা, যাতে ইউছুফে সিহঁতৰ লগত বেছি সময় অতিবাহিত কৰিব নালাগে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012020.mp3"},{"index":"21","arabicText":"وَقَالَ الَّذِی اشْتَرٰىهُ مِنْ مِّصْرَ لِامْرَاَتِهٖۤ اَكْرِمِیْ مَثْوٰىهُ عَسٰۤی اَنْ یَّنْفَعَنَاۤ اَوْ نَتَّخِذَهٗ وَلَدًا ؕ وَكَذٰلِكَ مَكَّنَّا لِیُوْسُفَ فِی الْاَرْضِ ؗ وَلِنُعَلِّمَهٗ مِنْ تَاْوِیْلِ الْاَحَادِیْثِ ؕ وَاللّٰهُ غَالِبٌ عَلٰۤی اَمْرِهٖ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"আৰু মিচৰৰ যিজন ব্যক্তিয়ে তাক কিনি লৈছিল, তেওঁ নিজৰ স্ত্ৰীক ক’লে, ‘ইয়াৰ থকাৰ বাবে সন্মানজনক ব্যৱস্থা কৰা, সম্ভৱতঃ ই আমাৰ উপকাৰত আহিব অথবা আমি ইয়াক পুত্ৰৰূপেও গ্ৰহণ কৰিব পাৰি’। এইদৰে আমি ইউছুফক সেই দেশত প্ৰতিষ্ঠিত কৰিলোঁ; যাতে আমি তাক সপোনৰ ব্যাখ্যা শিকাব পাৰোঁ। কাৰণ আল্লাহ হৈছে নিজৰ কৰ্ম সম্পাদনত অপ্ৰতিহত, কিন্তু অধিকাংশ মানুহেই এই কথা নাজানে।","footnotes":"","tafseer":"মিচৰৰ যিজন ব্যক্তিয়ে তেওঁক ক্ৰয় কৰিছিল, তেওঁ নিজৰ পত্নীক উদ্দেশ্যি ক'লেঃ এওঁৰ লগত ভাল ব্যৱহাৰ কৰিবা আৰু আমাৰ লগত থকাৰ বাবে ইয়াৰ বাবে ভাল ব্যৱস্থা কৰা। সম্ভৱতঃ এওঁৰ দ্বাৰা আমাৰ কোনো উপকাৰ হ'ব, অথবা আমি এওঁক তুলনীয়া পুত্ৰ হিচাপে গ্ৰহণ কৰিম। যিদৰে আমি ইউছুফক হত্যাৰ পৰা ৰক্ষা কৰিছিলোঁ, কুঁৱাৰ পৰা উঠাই আনিছিলোঁ আৰু আজিজৰ অন্তৰত তেওঁৰ প্ৰতি স্নেহ সৃষ্টি কৰিছিলোঁ, সেইদৰে আমি তেওঁক মিচৰত প্ৰতিষ্ঠা কৰিছিলোঁ, যাতে আমি তেওঁক সপোনৰ ব্যাখ্যা শিকাব পাৰোঁ। নিশ্চয় আল্লাহ সকলো ক্ষেত্ৰতে বিজয়ী। তেওঁৰ আদেশ নিশ্চিতভাৱে কাৰ্যকৰী হয়। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে। কিন্তু অধিকাংশ লোকে অৰ্থাৎ কাফিৰসকলে এই কথা নাজানে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012021.mp3"},{"index":"22","arabicText":"وَلَمَّا بَلَغَ اَشُدَّهٗۤ اٰتَیْنٰهُ حُكْمًا وَّعِلْمًا ؕ وَكَذٰلِكَ نَجْزِی الْمُحْسِنِیْنَ ۟","assameseTranslation":"আৰু তেওঁ যেতিয়া পূৰ্ণ যৌৱনত উপনীত হ’ল তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলোঁ। এইদৰেই আমি সৎকৰ্মশীল লোকসকলক পুৰস্কৃত কৰোঁ।","footnotes":"","tafseer":"যেতিয়া তেওঁ যৌৱনত উপনীত হ'ল, তেতিয়া আমি তেওঁক বোধশক্তি আৰু জ্ঞান প্ৰদান কৰিলোঁ। এনেকুৱা প্ৰতিফল আমি সেইসকল পূণ্যৱান ব্যক্তিকো প্ৰদান কৰোঁ, যিসকলে আল্লাহৰ ইবাদত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012022.mp3"},{"index":"23","arabicText":"وَرَاوَدَتْهُ الَّتِیْ هُوَ فِیْ بَیْتِهَا عَنْ نَّفْسِهٖ وَغَلَّقَتِ الْاَبْوَابَ وَقَالَتْ هَیْتَ لَكَ ؕ قَالَ مَعَاذَ اللّٰهِ اِنَّهٗ رَبِّیْۤ اَحْسَنَ مَثْوَایَ ؕ اِنَّهٗ لَا یُفْلِحُ الظّٰلِمُوْنَ ۟","assameseTranslation":"আৰু তেওঁ যিজনী মহিলাৰ ঘৰত বাস কৰিছিল, সেইজনীয়ে তেওঁক (উপযাচিকা হৈ যৌন-মিলনৰ) কুপ্ৰৰোচনা দিলে আৰু দুৱাৰসমূহ বন্ধ কৰি দিলে, আৰু ক’লে, ‘আহা’। তেওঁ ক’লে, ‘মই আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, নিশ্চয় তেওঁ মোৰ মনিব; তেৱেঁই মোৰ থকাৰ সুন্দৰ ব্যৱস্থা কৰিছে। নিশ্চয় যালিমসকল কেতিয়াও সফল নহয়’।","footnotes":"","tafseer":"আজিজৰ পত্নীয়ে নম্ৰতা আৰু চক্ৰান্তৰ সহায় লৈ ইউছুফ আলাইহিচ্ছালামক কুকৰ্ম কৰিবলৈ উদ্ধুদ্ধ কৰিব বিচাৰিলে আৰু নিৰ্জনতা বিৰাজ কৰিবলৈ ঘৰৰ দুৱাৰ বন্ধ কৰি ইউছুফক উদ্দেশ্যি ক'লেঃ আহা, আহা মোৰ ওচৰলৈ। ইউছুফে ক'লেঃ তুমি যি উদ্দেশ্যত মোক মাতি আছা, মই তাৰ পৰা আল্লাহৰ আশ্ৰয় বিচাৰোঁ। নিশ্চয় মোৰ মালিকে মোৰ থকাৰ বাবে তেওঁৰ ওচৰত উত্তম ব্যৱস্থা কৰি দিছে। এতেকে মই কেতিয়াও তেওঁৰ লগত বিশ্বাসঘাতকতা নকৰোঁ। মই যদি তেওঁৰ লগত বিশ্বাসঘাতকতা কৰোঁ তেন্তে মই অন্যায়কাৰীসকলৰ অন্তৰ্ভুক্ত হৈ যাম। এয়া নিশ্চিত যে, অন্যায়কাৰীসকলে কেতিয়াও সফল হ'ব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012023.mp3"},{"index":"24","arabicText":"وَلَقَدْ هَمَّتْ بِهٖ ۚ وَهَمَّ بِهَا لَوْلَاۤ اَنْ رَّاٰ بُرْهَانَ رَبِّهٖ ؕ كَذٰلِكَ لِنَصْرِفَ عَنْهُ السُّوْٓءَ وَالْفَحْشَآءَ ؕ اِنَّهٗ مِنْ عِبَادِنَا الْمُخْلَصِیْنَ ۟","assameseTranslation":"আৰু সেই মহিলাজনী তেওঁৰ প্ৰতি আসক্ত হৈছিল আৰু তেৱোঁ তাইৰ প্ৰতি আসক্ত হৈ পৰিলহেঁতেন যদি তেওঁ তেওঁৰ প্ৰতিপালকৰ নিদৰ্শন নেদেখিলেহেঁতেন। তেওঁক কুকৰ্ম আৰু অশ্লীলতাৰ পৰা বিৰত ৰখাৰ বাবেই আমি এইদৰে তেওঁক নিদৰ্শন দেখুৱাইছিলোঁ। নিশ্চয় তেওঁ আছিল আমাৰ মুখলিচ বা বিশুদ্ধচিত্ত বান্দাসকলৰ অন্তৰ্ভুক্ত।","footnotes":"","tafseer":"মহিলাজনীৰ মনত কুকৰ্মৰ প্ৰৱল ইচ্ছা জাগ্ৰত হৈছিল, ইউছুফৰ মনতো তেনেকুৱা ইচ্ছা জাগ্ৰত হোৱাৰ আশংকা আছিল, যদি তেওঁ আল্লাহৰ সেই নিদৰ্শনবোৰ নেদেখিলেহেঁতন, যিবোৰ তেওঁক অসৎকৰ্মৰ পৰা প্ৰতিৰোধ কৰাৰ তথা বিৰত ৰখাৰ কাৰণ হিচাপে থিয় দিছিল। আমি তেওঁক এইবোৰ এই কাৰণেই দেখুৱাইছিলোঁ, যাতে আমি তেওঁক কুকৰ্মৰ পৰা ৰক্ষা কৰিব পাৰোঁ, তথা তেওঁক ব্যভিচাৰ আৰু বিশ্বাসঘাতকতাৰ পৰা আঁতৰত ৰাখিব পাৰোঁ। ইউছুফ হৈছে আমাৰ সেইসকল বান্দাৰ অন্তৰ্ভুক্ত যিসকলক আমি নুবুওৱত আৰু ৰিছালতৰ বাবে নিৰ্বাচিত কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012024.mp3"},{"index":"25","arabicText":"وَاسْتَبَقَا الْبَابَ وَقَدَّتْ قَمِیْصَهٗ مِنْ دُبُرٍ وَّاَلْفَیَا سَیِّدَهَا لَدَا الْبَابِ ؕ قَالَتْ مَا جَزَآءُ مَنْ اَرَادَ بِاَهْلِكَ سُوْٓءًا اِلَّاۤ اَنْ یُّسْجَنَ اَوْ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"আৰু সিহঁত উভয়ে দৌৰি দুৱাৰৰ পিনে গ’ল, আৰু মহিলাজনীয়ে পিছফালৰ পৰা (তেওঁক টানি ধৰি ৰখাবলৈ লওঁতে) তেওঁৰ চোলা ফালি পেলালে, তেওঁলোক উভয়ে মহিলাগৰাকীৰ স্বামীক দুৱাৰৰ সন্মুখত পালে। মহিলাজনীয়ে ক’লে, ‘যিয়ে তোমাৰ স্ত্ৰীৰ লগত অসৎকৰ্ম কৰাৰ ইচ্ছা কৰে তাৰ বাবে কাৰাগাৰ অথবা আন কোনো যন্ত্ৰণাদায়ক শাস্তিৰ বাহিৰে আৰুনো কি দণ্ড হ’ব পাৰে’?","footnotes":"","tafseer":"দুয়ো দুৱাৰৰ পিনে দৌৰিলে, ইউছুফে নিজকে ৰক্ষা কৰিবলৈ, আৰু মহিলাজনীয়ে তেওঁক ওলাই যোৱাৰ পৰা বাধা দিয়াৰ বাবে। এনে পৰিপ্ৰেক্ষিতত মহিলাজনীয়ে ইউছুফক ওলাবলৈ বাধা দিয়াৰ কাৰণে তেওঁৰ চোলাটো পিছফালৰ পৰা টানি ধৰিলে, ফলত তেওঁৰ চোলা ছিঙি গ'ল। উভয়ে মহিলাজনীৰ স্বামীক দুৱাৰত দেখা পালে। আজিজৰ পত্নীয়ে লগে লগে প্ৰৱঞ্চনাৰ সুৰত তেওঁক অভিযোগ কৰি ক'লেঃ হে আজিজ! যি ব্যক্তিয়ে আপোনাৰ স্ত্ৰীৰ লগত বেয়া কৰ্ম কৰাৰ বাসনা পোষণ কৰে, তেনেকুৱা ব্যক্তিৰ শাস্তি হোৱা উচিত কাৰাগাৰ অথবা কষ্টদায়ক শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012025.mp3"},{"index":"26","arabicText":"قَالَ هِیَ رَاوَدَتْنِیْ عَنْ نَّفْسِیْ وَشَهِدَ شَاهِدٌ مِّنْ اَهْلِهَا ۚ اِنْ كَانَ قَمِیْصُهٗ قُدَّ مِنْ قُبُلٍ فَصَدَقَتْ وَهُوَ مِنَ الْكٰذِبِیْنَ ۟","assameseTranslation":"ইউছুফে ক’লে, ‘এওঁহে মোক (যৌন-মিলনৰ বাবে) কুপ্ৰৰোচনা দিছিল’। মহিলাগৰাকীৰ পৰিয়ালৰ এজন সাক্ষীয়ে সাক্ষ্য দিলে যে, ‘যদি তেওঁৰ চোলাটো সন্মুখৰ পৰা ফলা হৈছে তেন্তে মহিলাগৰাকীয়ে সত্য কথা কৈছে আৰু তেওঁ (ইউছুফ) হৈছে মিছলীয়া’।","footnotes":"","tafseer":"ইউছুফে ক'লেঃ এওঁৱেই মোক কুকৰ্ম কৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু মই কৰা নাছিলোঁ। তেতিয়া সেই পৰিয়ালৰ এজনে সাক্ষী দিলে যে, যদি ইউছুফৰ চোলা আগফালৰ পৰা ছিঙিছে তেন্তে এয়া মহিলাজনীৰ সত্যাবাদী হোৱাৰ ইংগিত বহন কৰে, কাৰণ ইয়াৰ দ্বাৰা বুজা যায় যে, তাই ইউছুফক নিজৰ ওচৰত আহিবলৈ বাধা দিছিল। এনেকুৱা হ'লে ইউছুফ হৈছে এজন মিছলীয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012026.mp3"},{"index":"27","arabicText":"وَاِنْ كَانَ قَمِیْصُهٗ قُدَّ مِنْ دُبُرٍ فَكَذَبَتْ وَهُوَ مِنَ الصّٰدِقِیْنَ ۟","assameseTranslation":"আৰু যদি তেওঁৰ চোলা পিছফালৰ পৰা ফলা থাকে তেন্তে মহিলাগৰাকী হৈছে মিছলীয়া আৰু তেওঁ (ইউছুফ) হৈছে সত্যবাদী।","footnotes":"","tafseer":"আনহাতে ইউছুফৰ চোলা যদি পিছফালৰ পৰা ছিঙা থাকে, তেন্তে এয়া এই কথাৰ প্ৰমাণ যে, ইউছুফ হৈছে সত্যবাদী। অৰ্থাৎ ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, মহিলাজনীয়ে জাল পাতিছিল আৰু ইউছুফে পলায়ন কৰিছিল। এনে ক্ষেত্ৰত মহিলাজনী হৈছে মিছলীয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012027.mp3"},{"index":"28","arabicText":"فَلَمَّا رَاٰ قَمِیْصَهٗ قُدَّ مِنْ دُبُرٍ قَالَ اِنَّهٗ مِنْ كَیْدِكُنَّ ؕ اِنَّ كَیْدَكُنَّ عَظِیْمٌ ۟","assameseTranslation":"এতেকে মহিলাগৰাকীৰ স্বামীয়ে যেতিয়া দেখিলে যে, ইউছুফৰ চোলা পিছফালৰ পৰা ফলা হৈছে তেতিয়া তেওঁ ক’লে, ‘নিশ্চয় এইটো হৈছে তোমালোকৰ (নাৰীসকলৰ) ছলনা, নিশ্চয় তোমালোকৰ ছলনা অতি সাংঘাতিক’।","footnotes":"","tafseer":"এতেকে আজিজে যেতিয়া দেখিলে যে, ইউছুফৰ চোলা পিছফালৰ পৰা ছিঙা, তেতিয়া তেওঁৰ ওচৰত ইউছুফৰ সত্যতা স্পষ্টভাৱে প্ৰকাশ পালে। তেতিয়া তেওঁ ক'লেঃ নিশ্চয় ইউছুফৰ প্ৰতি তুমি জাপি দিয়া এই অপবাদটো হৈছে তোমালোকৰ নাৰীসকলৰ এটা প্ৰৱঞ্চনাৰ অংশ। নিশ্চয় তোমালোকৰ চক্ৰান্ত অতি শক্তিশালী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012028.mp3"},{"index":"29","arabicText":"یُوْسُفُ اَعْرِضْ عَنْ هٰذَا ٚ وَاسْتَغْفِرِیْ لِذَنْۢبِكِ ۖۚ اِنَّكِ كُنْتِ مِنَ الْخٰطِـِٕیْنَ ۟۠","assameseTranslation":"‘হে ইউছুফ! তুমি এই বিষয়টোক উপেক্ষা কৰা, আৰু হে নাৰী! তুমি তোমাৰ অপৰাধৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা; নিশ্চয় তুমি অপৰাধীসকলৰ অন্তৰ্ভুক্ত’।","footnotes":"","tafseer":"তেওঁ ইউছুফক সম্বোধন কৰি ক'লেঃ হে ইউছুফ! এই বিষয়টো ইয়াতে ক্ষেন্ত কৰা আৰু এই বিষয়ে কোনো চৰ্চা নকৰিবা। তুমি (হে মোৰ স্ত্ৰী)! নিজৰ গুনাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰা। ইউছুফক তোমাৰ প্ৰৱঞ্চনাৰ জালত পেলাবলৈ কৰা চেষ্টাৰ বাবে তুমি নিশ্চয় পাপীসকলৰ অন্তৰ্ভুক্ত হৈছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012029.mp3"},{"index":"30","arabicText":"وَقَالَ نِسْوَةٌ فِی الْمَدِیْنَةِ امْرَاَتُ الْعَزِیْزِ تُرَاوِدُ فَتٰىهَا عَنْ نَّفْسِهٖ ۚ قَدْ شَغَفَهَا حُبًّا ؕ اِنَّا لَنَرٰىهَا فِیْ ضَلٰلٍ مُّبِیْنٍ ۟","assameseTranslation":"আৰু নগৰৰ কিছুমান মহিলাই গাই ফুৰিছিল যে, ‘আজীজৰ স্ত্ৰীয়ে তাইৰ কৃতদাস যুৱকৰ পৰা অসৎকৰ্ম কামনা কৰিছিল, গভীৰ প্ৰেমে তাইক উন্মত্ত কৰিছে, নিশ্চয় আমি তাইক স্পষ্ট বিভ্ৰান্তিত দেখি আছোঁ’।","footnotes":"","tafseer":"তথাপিও আজিজৰ পত্নীৰ চৰ্চা চহৰত প্ৰচাৰিত হ'ল। কিছুমান মহিলাই ভৰ্ৎসনা কৰি ক'লেঃ আজিজৰ পত্নীয়ে নিজৰ দাসক বেয়া প্ৰস্তাৱ দিছিল। তাৰ প্ৰেমে তাইৰ অন্তৰত শিপা কৰি লৈছে। নিশ্চয় আমাৰ দৃষ্টিত, তাই নিজ দাসৰ প্ৰেমত আৰু তাক বেয়া কৰ্মত উদ্বুদ্ধ কৰাৰ প্ৰয়াসৰ কাৰণে স্পষ্ট পথভ্ৰষ্টতাত পতিত হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012030.mp3"},{"index":"31","arabicText":"فَلَمَّا سَمِعَتْ بِمَكْرِهِنَّ اَرْسَلَتْ اِلَیْهِنَّ وَاَعْتَدَتْ لَهُنَّ مُتَّكَاً وَّاٰتَتْ كُلَّ وَاحِدَةٍ مِّنْهُنَّ سِكِّیْنًا وَّقَالَتِ اخْرُجْ عَلَیْهِنَّ ۚ فَلَمَّا رَاَیْنَهٗۤ اَكْبَرْنَهٗ وَقَطَّعْنَ اَیْدِیَهُنَّ وَقُلْنَ حَاشَ لِلّٰهِ مَا هٰذَا بَشَرًا ؕ اِنْ هٰذَاۤ اِلَّا مَلَكٌ كَرِیْمٌ ۟","assameseTranslation":"ইপিনে যেতিয়া মহিলাজনীয়ে সিহঁতৰ এই চক্ৰান্তৰ কথা শুনিলে, তেতিয়া সিহঁতক মাতি পঠিয়ালে আৰু সিহঁতৰ বাবে আসন প্ৰস্তুত কৰিলে। সিহঁতৰ প্ৰত্যেককে একোটাকৈ ছুৰি-কটাৰী প্ৰদান কৰিলে আৰু ইউছফক ক’লে, ‘সিহঁতৰ সন্মুখলৈ ওলাই আহা’। ফলত সিহঁতে যেতিয়া তেওঁক দেখিলে তেতিয়া সিহঁতে তেওঁৰ সৌন্দৰ্যত অভিভূত হ’ল আৰু নিজৰে হাত কাটি পেলালে আৰু সিহঁতে ক’লে, ‘অদ্ভুত আল্লাহৰ মাহাত্ম্য! এওঁ মানুহ নহয়। নিশ্চয় এওঁ হৈছে এজন মহিমান্বিত ফিৰিস্তা’।","footnotes":"","tafseer":"যেতিয়া আজিজৰ পত্নীৰ কাণত সেই মহিলাসকলৰ কটাক্ষ আৰু ভৰ্ৎসনাৰ কথা আহি পালে, তেতিয়া তাই সেই মহিলাসকলক মাতি পঠিয়ালে, যাতে সিহঁতে ইউছুফক নিজ চকুৰে চাব পাৰে, আৰু তাই কিহৰ কাৰণে বাধ্য হৈছিল সেই কথা যাতে সিহঁতে বুজি পায়। তাই সিহঁতৰ বাবে বহাৰ সুযোগ কৰি দিলে, য'ত বিছনা আৰু গাৰু থৈ দিয়া আছিল। প্ৰত্যেককে ফলমূল কাটি খাবলৈ প্ৰদান কৰিলে একো একোটাকৈ ছুৰিকটাৰী। ইপিনে ইউছুফক ক'লেঃ এওঁলোকৰ সন্মুখলৈ ওলাই আহা। এতেকে তেওঁলোকে যেতিয়া ইউছুফক দেখিলে, বহুত প্ৰভাৱিত হ'ল। তেওঁৰ সৌন্দৰ্য দেখি তেওঁলোক কিংকৰ্তব্যবিমূঢ় হ'ল। তেওঁৰ সৌন্দৰ্যত প্ৰভাৱিত হৈ তেওঁলোকৰ এনেকৈ ত'ত নাইকিয়া হ'ল যে, ফলমূল কাটিবলৈ দিয়া ছুৰিকটাৰীৰে তেওঁলোকে নিজৰেই হাত কাটিলে, আৰু কৈ উঠিলঃ আল্লাহ পৱিত্ৰ! এই ল’ৰাটো মানৱ নহয়। এনেকুৱা সৌন্দৰ্য মানুহৰ মাজত পৰিলক্ষিত হোৱা নাই। এওঁ হয়তো কোনোবা সন্মানিত ফিৰিস্তা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012031.mp3"},{"index":"32","arabicText":"قَالَتْ فَذٰلِكُنَّ الَّذِیْ لُمْتُنَّنِیْ فِیْهِ ؕ وَلَقَدْ رَاوَدْتُّهٗ عَنْ نَّفْسِهٖ فَاسْتَعْصَمَ ؕ وَلَىِٕنْ لَّمْ یَفْعَلْ مَاۤ اٰمُرُهٗ لَیُسْجَنَنَّ وَلَیَكُوْنًا مِّنَ الصّٰغِرِیْنَ ۟","assameseTranslation":"মহিলাগৰাকীয়ে ক’লে, ‘এওঁৱেই হৈছে সেই ব্যক্তি যাৰ বিষয়ে তোমালোকে মোক নিন্দা কৰিছিলা। ময়েই তেওঁৰ পৰা অসৎকৰ্ম কামনা কৰিছিলোঁ কিন্তু তেওঁ নিজকে পৱিত্ৰ ৰাখিছে; আৰু মই তেওঁক যি আদেশ কৰিছোঁ সেইটো যদি তেওঁ পালন নকৰে, তেন্তে তেওঁ অৱশ্যে কাৰাৰুদ্ধ হ’ব আৰু নিশ্চয় তেওঁ অপদস্তসকলৰ অন্তৰ্ভুক্ত হ’ব’।","footnotes":"","tafseer":"আজিজৰ পত্নীয়ে সিহঁতৰ অৱস্থা দেখি ক'লেঃ এইজনেই হৈছে সেই যুৱক, যাৰ প্ৰেমত পৰাৰ কাৰণে তোমালোকে মোক ভৰ্ৎসনা কৰিছিলা। ময়ে তেওঁক বিচাৰিছিলোঁ আৰু তাক জালত পেলাবলৈ চক্ৰান্ত ৰচিছিলোঁ। তথাপিও সি ৰক্ষা পৰিল। এতেকে ভৱিষ্যতেও যদি সি মোৰ ইচ্ছা পূৰণ নকৰে, তেন্তে সি অৱশ্যে কাৰাগাৰ খাটিব লাগিব আৰু অপমান সহ্য কৰিব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012032.mp3"},{"index":"33","arabicText":"قَالَ رَبِّ السِّجْنُ اَحَبُّ اِلَیَّ مِمَّا یَدْعُوْنَنِیْۤ اِلَیْهِ ۚ وَاِلَّا تَصْرِفْ عَنِّیْ كَیْدَهُنَّ اَصْبُ اِلَیْهِنَّ وَاَكُنْ مِّنَ الْجٰهِلِیْنَ ۟","assameseTranslation":"ইউছুফে ক’লে, ‘হে মোৰ প্ৰতিপালক! এই নাৰীসকলে মোক যি কামৰ প্ৰতি আহ্বান কৰি আছে তাতকৈ বন্দীশালেই হৈছে মোৰ ওচৰত অধিক প্ৰিয়। তুমি যদি মোক সিহঁতৰ ছলনাৰ পৰা ৰক্ষা নকৰা তেন্তে মই সিহঁতৰ প্ৰতি আকৃষ্ট হৈ পৰিম আৰু অজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।","footnotes":"","tafseer":"ইউছুফ আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! সিহঁতে ধমকি দিয়া কাৰাগাৰেই মোৰ ওচৰত সেই নিকৃষ্ট কৰ্মতকৈ প্ৰিয়, যি কৰ্ম কৰিবলৈ এই নাৰীসকলে মোক আহ্বান কৰি আছে। যদি তুমি মোক ইহঁতৰ চক্ৰান্তৰ পৰা ৰক্ষা নকৰা তেন্তে মই এই চক্ৰান্তৰ বলি হ'ব পাৰোঁ। এতেকে যদি মই ইহঁতৰ চক্ৰান্তৰ বলি হওঁ আৰু ইহঁতৰ কথা মানি লওঁ তেন্তে মই দেখোন অজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012033.mp3"},{"index":"34","arabicText":"فَاسْتَجَابَ لَهٗ رَبُّهٗ فَصَرَفَ عَنْهُ كَیْدَهُنَّ ؕ اِنَّهٗ هُوَ السَّمِیْعُ الْعَلِیْمُ ۟","assameseTranslation":"সেয়ে তেওঁৰ প্ৰতিপালকে তেওঁৰ প্ৰাৰ্থনাত সঁহাৰি জনালে আৰু তেওঁক সিহঁতৰ ছলনাৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"ফলত আল্লাহে তেওঁৰ প্ৰাৰ্থনা কবূল কৰিলে আৰু তেওঁক আজিজৰ পত্নীৰ কূটকৌশল আৰু চহৰৰ নাৰীসকলৰ চক্ৰান্তৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় আল্লাহ পৱিত্ৰ আৰু সুউচ্চ, তেওঁ ইউছুফ তথা প্ৰত্যেক প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা শ্ৰৱণকাৰী, তেওঁ ইউছুফৰ তথা আন আন লোকৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012034.mp3"},{"index":"35","arabicText":"ثُمَّ بَدَا لَهُمْ مِّنْ بَعْدِ مَا رَاَوُا الْاٰیٰتِ لَیَسْجُنُنَّهٗ حَتّٰی حِیْنٍ ۟۠","assameseTranslation":"ফলত বিভিন্ন নিদৰ্শনাৱলী দেখাৰ পিছতো সিহঁতে ভাবিলে যে, তেওঁক কিছু সময়ৰ বাবে কাৰাৰুদ্ধ কৰিবই লাগিব।","footnotes":"","tafseer":"আজিজ আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে যেতিয়া ইউছুফক দোষমুক্ত দেখা পালে, তেতিয়া তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে যে, তেওঁক অনিৰ্দিষ্ট কাললৈকে কাৰাগাৰত আৱদ্ধ কৰি থোৱা হওক। (যাতে সেই ঘটনা সংঘটিত নহয়, যাৰ বাবে তেওঁ লাঞ্ছিত হ'ব লাগিব)।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012035.mp3"},{"index":"36","arabicText":"وَدَخَلَ مَعَهُ السِّجْنَ فَتَیٰنِ ؕ قَالَ اَحَدُهُمَاۤ اِنِّیْۤ اَرٰىنِیْۤ اَعْصِرُ خَمْرًا ۚ وَقَالَ الْاٰخَرُ اِنِّیْۤ اَرٰىنِیْۤ اَحْمِلُ فَوْقَ رَاْسِیْ خُبْزًا تَاْكُلُ الطَّیْرُ مِنْهُ ؕ نَبِّئْنَا بِتَاْوِیْلِهٖ ۚ اِنَّا نَرٰىكَ مِنَ الْمُحْسِنِیْنَ ۟","assameseTranslation":"তেওঁৰ সৈতে আৰু দুজন যুৱক কাৰাগাৰত প্ৰৱেশ কৰিলে। সিহঁতৰ এজনে ক’লে, ‘মই সপোনত দেখিলোঁ যে, মই আঙুৰ নিঃসাৰণ কৰি মদ প্ৰস্তুত কৰি আছোঁ’, আৰু আনজনে ক’লে, ‘মই সপোনত দেখিলোঁ যে, মই মোৰ মূৰত ৰুটি কঢ়িয়াই নিছোঁ আৰু চৰাইয়ে তাৰ পৰা খাই আছে। আপুনি আমাক ইয়াৰ তাৎপৰ্য জনাই দিয়ক, আমি দেখিছোঁ আপুনি সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত’।","footnotes":"","tafseer":"ফলত তেওঁক কাৰাগাৰত বন্দী কৰা হ'ল। তেওঁৰ সৈতে আৰু দুজন যুৱক কাৰাগাৰত প্ৰৱেশ কৰিলে। দুয়োজন যুৱকৰ মাজৰ এজনে ইউছুফক উদ্দেশ্যি ক'লেঃ মই সপোনত দেখিলোঁ যে, মই আঙুৰ চেপি সুৰা প্ৰস্তুত কৰি আছোঁ, আৰু দ্বিতীয়জনে ক'লেঃ মই দেখিছোঁ, মই মোৰ মূৰৰ ওপৰত ৰুটি বহন কৰি আছোঁ আৰু চৰায়ে সেই ৰুটি খাই আছে। হে ইউছুফ! আপুনি আমাক আমাৰ এই সপোনৰ ব্যাখ্যা কওকচোন। নিশ্চয় আমাৰ দৃষ্টিত আপুনি হৈছে এজন পূণ্যৱান লোক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012036.mp3"},{"index":"37","arabicText":"قَالَ لَا یَاْتِیْكُمَا طَعَامٌ تُرْزَقٰنِهٖۤ اِلَّا نَبَّاْتُكُمَا بِتَاْوِیْلِهٖ قَبْلَ اَنْ یَّاْتِیَكُمَا ؕ ذٰلِكُمَا مِمَّا عَلَّمَنِیْ رَبِّیْ ؕ اِنِّیْ تَرَكْتُ مِلَّةَ قَوْمٍ لَّا یُؤْمِنُوْنَ بِاللّٰهِ وَهُمْ بِالْاٰخِرَةِ هُمْ كٰفِرُوْنَ ۟","assameseTranslation":"ইউছুফে ক’লে, ‘তোমালোকক যি খাদ্য দিয়া হয় সেই খাদ্য অহাৰ আগতেই মই তোমালোকক সপোনৰ ব্যাখ্যা জনাই দিম। মই তোমালোকক যিটো জনাম সেইটো মোৰ প্ৰতিপালকে মোক শিক্ষা দিছে। (জানি থোৱা) নিশ্চয় মই সেই সম্প্ৰদায়ৰ ধৰ্ম মতক বৰ্জন কৰিছোঁ যিসকলে আল্লাহৰ ওপৰত ঈমান পোষণ নকৰে, আৰু যিসকলে আখিৰাতক অস্বীকাৰ কৰে’।","footnotes":"","tafseer":"ইউছুফ আলাইহিচ্ছালামে ক'লেঃ শুনা! ৰজা তথা কৰ্তৃপক্ষৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ পানাহাৰ অহাৰ পূৰ্বেই মই তোমালোক দুয়োকে ইয়াৰ ব্যাখ্যা বৰ্ণনা কৰিম। এই দুয়োটা সপোনৰ ব্যাখ্যা মই জানো, যিটো মোৰ প্ৰতিপালকে মোক শিকাইছে। এয়া কোনো ভৱিষ্যদ্বক্তাৰ দাবী তথা জ্যোতিষীবিদ্যা নহয়। শুনা! নিশ্চয় মই সেইসকল লোকৰ ধৰ্ম পৰিত্যাগ কৰিছোঁ, যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে, আৰু যিসকলে আখিৰাতক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012037.mp3"},{"index":"38","arabicText":"وَاتَّبَعْتُ مِلَّةَ اٰبَآءِیْۤ اِبْرٰهِیْمَ وَاِسْحٰقَ وَیَعْقُوْبَ ؕ مَا كَانَ لَنَاۤ اَنْ نُّشْرِكَ بِاللّٰهِ مِنْ شَیْءٍ ؕ ذٰلِكَ مِنْ فَضْلِ اللّٰهِ عَلَیْنَا وَعَلَی النَّاسِ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَشْكُرُوْنَ ۟","assameseTranslation":"‘মই মোৰ পিতৃ-পুৰুষ ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবৰ মিল্লাতৰ অনুসৰণ কৰোঁ। আল্লাহৰ লগত আনক অংশীদাৰ কৰাটো আমাৰ বাবে সংগত নহয়। এইটো আমাৰ লগতে সমগ্ৰ মানৱৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ; কিন্তু অধিকাংশ মানুহেই কৃতজ্ঞতা প্ৰকাশ নকৰে’।","footnotes":"","tafseer":"মই মোৰ পিতৃপুৰুষ, ইব্ৰাহীম, ইছহাক আৰু ইয়াকূবৰ ধৰ্মৰ অনুসৰণ কৰিছোঁ। সেয়া হৈছে, আল্লাহক একক বুলি স্বীকাৰ কৰাৰ ধৰ্ম। আল্লাহৰ লগত আন কাৰোবাক অংশী কৰা আমাৰ বাবে উচিত নহয়। তেওঁ এক। এই তাওহীদৰ ওপৰতেই মই আৰু মোৰ পিতৃপুৰুষসকল প্ৰতিষ্ঠিত। এইটো আমাৰ ওপৰত আল্লাহৰ এক বিশেষ কৃপা যে, তেওঁ আমাক ইয়াৰ তাওফীক প্ৰদান কৰিছে, আৰু সকলো মানুহৰ প্ৰতি আল্লাহৰ এইটোও এটা বিশেষ কৃপা যে, তেওঁ সিহঁতৰ প্ৰতি নবীসকলক প্ৰেৰণ কৰিছে। কিন্তু অধিকাংশ লোকে আল্লাহৰ কৃতজ্ঞতা কৰাৰ বিপৰীতে তেওঁৰ অকৃতজ্ঞতা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012038.mp3"},{"index":"39","arabicText":"یٰصَاحِبَیِ السِّجْنِ ءَاَرْبَابٌ مُّتَفَرِّقُوْنَ خَیْرٌ اَمِ اللّٰهُ الْوَاحِدُ الْقَهَّارُ ۟ؕ","assameseTranslation":"‘হে মোৰ বন্দীশালৰ সঙ্গীদ্বয়! ভিন ভিন অসংখ্য প্ৰতিপালক উত্তম নে এক আল্লাহ উত্তম, যিজন মহাপ্ৰতাপশালী’?","footnotes":"","tafseer":"তাৰ পিছত ইউছুফ আলাইহিচ্ছালামে কাৰাগাৰত সেই যুৱক দুজনক উদ্দেশ্যি ক'লেঃ ভিন ভিন উপাস্যৰ ইবাদত ভাল নে এক আল্লাহৰ ইবাদত ভাল, যাৰ কোনো অংশীদাৰ নাই? যিজৱ সকলোৰে ওপৰত প্ৰভূত্বশীল, কিন্তু তেওঁৰ ওপৰত কাৰো প্ৰভূত্ব নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012039.mp3"},{"index":"40","arabicText":"مَا تَعْبُدُوْنَ مِنْ دُوْنِهٖۤ اِلَّاۤ اَسْمَآءً سَمَّیْتُمُوْهَاۤ اَنْتُمْ وَاٰبَآؤُكُمْ مَّاۤ اَنْزَلَ اللّٰهُ بِهَا مِنْ سُلْطٰنٍ ؕ اِنِ الْحُكْمُ اِلَّا لِلّٰهِ ؕ اَمَرَ اَلَّا تَعْبُدُوْۤا اِلَّاۤ اِیَّاهُ ؕ ذٰلِكَ الدِّیْنُ الْقَیِّمُ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"‘তেওঁৰ বাহিৰে তোমালোকে কিছুমান নামৰহে ইবাদত কৰি আছা, যিবোৰ নাম তোমালোকৰ পিতৃপুৰুষ নাইবা তোমালোকে নিজেই ৰাখিছা; এইবোৰৰ কোনো প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই। বিধান দিয়াৰ অধিকাৰ কেৱল আল্লাহৰেই। তেৱেঁই নিৰ্দেশ দিছে যে, ‘তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। এইটোৱেই হৈছে শাশ্বত দ্বীন কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে’।","footnotes":"","tafseer":"তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা, সেইবোৰ হৈছে কেৱলমাত্ৰ কিছুমান নামহে। সেইবোৰৰ কোনো অস্তিত্ব নাই। সেইবোৰক তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে উপাস্যৰ নাম দিছা। সেইবোৰৰ ওচৰত উপাস্য হোৱাৰ কোনো যোগ্যতা নাই, আৰু এই ক্ষেত্ৰত সিহঁতৰ সপক্ষে আল্লাহে কোনো প্ৰমাণো অৱতীৰ্ণ কৰা নাই। সকলো সৃষ্টিৰ প্ৰতি কেৱল আল্লাহৰেই আদেশ চলে। এইবোৰৰ কোনো ক্ষমতা নচলে যিবোৰক তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে নাম দিছা। পৱিত্ৰ আল্লাহে আদেশ দিছে তোমালোকে যেন কেৱলমাত্ৰ তেওঁৰেই ইবাদত কৰা। আৰু তেওঁৰ লগত আন কাৰোবাক অংশী কৰিবলৈ নিষেধ কৰিছে। এই তাওহীদেই হৈছে সঠিক দ্বীন, য’ত কোনো বক্ৰতা নাই। কিন্তু অধিকাংশ লোকে এই বিষয়ে নাজানে। সেই কাৰণেই সিহঁতে তেওঁৰ লগত শ্বিৰ্ক কৰে, আৰু তেওঁৰ কিছুমান সৃষ্টিৰ উপাসনা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012040.mp3"},{"index":"41","arabicText":"یٰصَاحِبَیِ السِّجْنِ اَمَّاۤ اَحَدُكُمَا فَیَسْقِیْ رَبَّهٗ خَمْرًا ۚ وَاَمَّا الْاٰخَرُ فَیُصْلَبُ فَتَاْكُلُ الطَّیْرُ مِنْ رَّاْسِهٖ ؕ قُضِیَ الْاَمْرُ الَّذِیْ فِیْهِ تَسْتَفْتِیٰنِ ۟ؕ","assameseTranslation":"‘হে মোৰ বন্দীশালৰ সঙ্গীদ্বয়! তোমালোক দুজনৰ এজনে তাৰ মনিবক সুৰা পান কৰাব আৰু আনজনক শূলবিদ্ধ কৰা হ’ব; আৰু চৰাইয়ে তাৰ মগজু খুটি খুটি খাব। যি বিষয়ে তোমালোকে জানিব বিচাৰিছিলা তাৰ সিদ্ধান্ত হৈ গৈছে’।","footnotes":"","tafseer":"হে মোৰ বন্ধীশালৰ সঙ্গীদ্বয়! যিয়ে সপোনত দেখিছে যে, সি আঙুৰ চেপি সুৰা প্ৰস্তুত কৰি আছে, সি দৰাচলতে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিব আৰু নিজৰ কামত পুনৰ নিয়জিত হ'ব, আৰু ৰজাক পানীয় পান কৰাব। আনহাতে যিয়ে দেখিছে যে, তাৰ মূৰৰ ওপৰত ৰুটি ৰখা আছে, যাৰ পৰা চৰায়ে খাই আছে, তাক ফাঁচি কাঠত ওলমাই হত্যা কৰা হ'ব, আৰু চৰায়ে তাৰ মূৰৰ মাংস খুটি খুটি খাব। তোমালোকে যি বিষয়ে ব্যাখ্যা সুধিছা তাৰ সিদ্ধান্ত হৈ গৈছে। এতেকে এয়া নিশ্চিতভাৱে কাৰ্যকৰী হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012041.mp3"},{"index":"42","arabicText":"وَقَالَ لِلَّذِیْ ظَنَّ اَنَّهٗ نَاجٍ مِّنْهُمَا اذْكُرْنِیْ عِنْدَ رَبِّكَ ؗ فَاَنْسٰىهُ الشَّیْطٰنُ ذِكْرَ رَبِّهٖ فَلَبِثَ فِی السِّجْنِ بِضْعَ سِنِیْنَ ۟ؕ۠","assameseTranslation":"আৰু সিহঁতৰ মাজৰ যিজনে মুক্তি পাব বুলি ইউছুফে ধাৰণা কৰিলে, তাক তেওঁ ক’লে, ‘তোমাৰ মনিবৰ ওচৰত মোৰ কথা উল্লেখ কৰিবা’। কিন্তু চয়তানে তাক তেওঁৰ বিষয়ে তাৰ মনিবৰ ওচৰত ব্যক্ত কৰিবলৈ পাহৰাই দিলে। ফলত ইউছুফক আৰু কেইবা বছৰ কাৰাগাৰত থাকিবলগীয়া হ’ল।","footnotes":"","tafseer":"ইউছুফে সিহঁত দুজনৰ মাজৰ যিজনে মুক্তি লাভ কৰিব বুলি নিশ্চিত হৈছিল (সেইজন আছিল ৰজাক পানীয় পান কৰোৱা ব্যক্তি) তাক ক'লেঃ মোৰ বিষয়টো ৰজাৰ ওচৰত উল্লেখ কৰিবা, সম্ভৱতঃ তেওঁ মোক কাৰাগাৰৰ পৰা উলিয়াই নিব। কিন্তু চয়তানে সেই ব্যক্তিৰ স্মৃতিৰ পৰা ইউছুফৰ বিষয়ে উল্লেখ কৰাৰ কথা পাহৰাই দিলে। ফলত ইউছুফে আৰু কেইবা বছৰ কাৰাগাৰত থাকিবলগীয়া হ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012042.mp3"},{"index":"43","arabicText":"وَقَالَ الْمَلِكُ اِنِّیْۤ اَرٰی سَبْعَ بَقَرٰتٍ سِمَانٍ یَّاْكُلُهُنَّ سَبْعٌ عِجَافٌ وَّسَبْعَ سُنْۢبُلٰتٍ خُضْرٍ وَّاُخَرَ یٰبِسٰتٍ ؕ یٰۤاَیُّهَا الْمَلَاُ اَفْتُوْنِیْ فِیْ رُءْیَایَ اِنْ كُنْتُمْ لِلرُّءْیَا تَعْبُرُوْنَ ۟","assameseTranslation":"আৰু ৰজাই (এদিনাখন) ক’লে, ‘মই সপোনত দেখিলোঁ, সাতজনী হৃষ্ট-পুষ্ট গাই, সিহঁতক আন সাতজনী ক্ষীণ গায়ে ভক্ষণ কৰি আছে আৰু দেখিলোঁ সাতটা সজীৱ শীহ লগতে আন সাতটা শুকান শীহ। হে পৰিষদবৰ্গ! যদি তোমালোকে সপোনৰ ব্যাখ্যা কৰিব পাৰা তেন্তে মোৰ সপোনৰ বিষয়ে অভিমত দিয়া’।","footnotes":"","tafseer":"ৰজাই ক'লেঃ মই সপোনত দেখিলোঁ সাতজনী ক্ষীন গাই গৰুৱে, সাতজনী হৃষ্ট-পুষ্ট গাই গৰুক ভক্ষণ কৰি আছে। এইদৰে মই সাত টা সতেজ শীহ আৰু সাতটা শুকান শীহ দেখিছোঁ। হে প্ৰমূখ তথা গণ্যমান্য লোকসকল! মোক মোৰ এই সপোনৰ ব্যাখ্যা কোৱা, যদি তোমালোকে সঁচাই সপোনৰ ব্যাখ্যা জানা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012043.mp3"},{"index":"44","arabicText":"قَالُوْۤا اَضْغَاثُ اَحْلَامٍ ۚ وَمَا نَحْنُ بِتَاْوِیْلِ الْاَحْلَامِ بِعٰلِمِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘এইটো অৰ্থহীন অলীক সপোন আৰু এনেকুৱা সপোনৰ ব্যাখ্যাত আমি অভিজ্ঞ নহয়’।","footnotes":"","tafseer":"তেওঁলোকে ক'লেঃ আপোনাৰ সপোনটো মিশ্ৰিত, অলীক। এনেকুৱা সপোনৰ কোনো অৰ্থ নাই। আমি মিশ্ৰিত সপোনৰ কোনো ব্যাখ্যা নাজানো।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012044.mp3"},{"index":"45","arabicText":"وَقَالَ الَّذِیْ نَجَا مِنْهُمَا وَادَّكَرَ بَعْدَ اُمَّةٍ اَنَا اُنَبِّئُكُمْ بِتَاْوِیْلِهٖ فَاَرْسِلُوْنِ ۟","assameseTranslation":"আৰু সেই দুজন কাৰাৰুদ্ধৰ মাজৰ যিজনে মুক্তি পাইছিল, দীৰ্ঘকাল পিছত তাৰ স্মৰণ হ’ল, সি ক’লে, ‘মই ইয়াৰ তাৎপৰ্য আপোনালোকক জনাব পাৰিম। সেয়ে মোক পঠাই দিয়ক’।","footnotes":"","tafseer":"কয়েদী যুৱকদ্বয়ৰ মাজৰ পৰা যিজনে মুক্তি লাভ কৰিছিল, এটা দীৰ্ঘ সময়ৰ অন্তত যেতিয়া ইউছুফৰ সপোন ব্যাখ্যাৰ দক্ষতা সম্পৰ্কে মনত পৰিল, তেতিয়া তেওঁ ক'লেঃ মই আপোনালোকক ৰজাই দেখা সপোনৰ ব্যাখ্যা, এজন এনেকুৱা ব্যক্তিৰ পৰা সুধি আহি জনাব পাৰিম যিয়ে সপোনৰ ব্যাখ্যা জানে। এতেকে হে ৰজা মহোদয়! আপুনি মোক ইউছুফৰ ওচৰলৈ প্ৰেৰণ কৰক, যাতে তেওঁ আপোনাক সপোনৰ ব্যাখ্যা জনাব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012045.mp3"},{"index":"46","arabicText":"یُوْسُفُ اَیُّهَا الصِّدِّیْقُ اَفْتِنَا فِیْ سَبْعِ بَقَرٰتٍ سِمَانٍ یَّاْكُلُهُنَّ سَبْعٌ عِجَافٌ وَّسَبْعِ سُنْۢبُلٰتٍ خُضْرٍ وَّاُخَرَ یٰبِسٰتٍ ۙ لَّعَلِّیْۤ اَرْجِعُ اِلَی النَّاسِ لَعَلَّهُمْ یَعْلَمُوْنَ ۟","assameseTranslation":"সি আহি ক’লে, ‘হে ইউছুফ! হে সত্যবাদী! সাতজনী হৃষ্ট-পুষ্ট গাই, সেইবোৰক ভক্ষণ কৰিছে সাতজনী দুৰ্বল গায়ে আৰু সাতটা সজীৱ শীহ লগতে আন সাতটা শুকান শীহ সম্বন্ধে আপুনি আমাক ব্যাখ্যা দিয়ক, যাতে মই মানুহৰ ওচৰলৈ উভতি যাব পাৰোঁ আৰু সিহঁতে অৱগত হ’ব পাৰে’।","footnotes":"","tafseer":"এতেকে মুক্তি লাভ কৰা ব্যক্তিজনে যেতিয়া ইউছুফৰ ওচৰলৈ আহি পালে, তেতিয়া তেওঁক ক'লেঃ হে ইউছুফ, হে সত্যবাদী ব্যক্তি! আমাক এটা সপোনৰ ব্যাখ্যা জনাই দিয়ক, ব্যক্তি এজনে সপোনত দেখিছে যে, সাতজনী ক্ষীন গাই গৰুৱে সাতজনী শকত গাই গৰুক ভক্ষণ কৰি আছে, লগতে তেওঁ সাতটা সতেজ শীহ আৰু সাতটা শুকান শীহ দেখিছে। যাতে মই ৰজাৰ ওচৰত উভতি গৈ ৰজাই দেখা সপোনৰ ব্যাখ্যা তেওঁক আৰু তেওঁৰ ওচৰত থকা লোকসকলক জনাব পাৰোঁ। যাতে তেওঁ আপোনাৰ মৰ্যাদা আৰু শ্ৰেষ্ঠত্ব গম পায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012046.mp3"},{"index":"47","arabicText":"قَالَ تَزْرَعُوْنَ سَبْعَ سِنِیْنَ دَاَبًا ۚ فَمَا حَصَدْتُّمْ فَذَرُوْهُ فِیْ سُنْۢبُلِهٖۤ اِلَّا قَلِیْلًا مِّمَّا تَاْكُلُوْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘তোমালোকে একেৰাহে সাত বছৰ পৰ্যন্ত খেতি-বাতি কৰিবা, তাৰ পিছত তোমালোকে যি শস্য কাটিবা তাৰে সামান্য পৰিমাণ খাই বাকীখিনি শীহসহ থৈ দিবা’;","footnotes":"","tafseer":"ইউছুফ আলাইহিচ্ছালামে এই সপোনৰ ব্যাখ্যা কৰি ক'লেঃ তোমালোকে ধাৰাবাহিকভাৱে সাত বছৰ পূৰ্ণ পৰিশ্ৰম সহকাৰে খেতি কৰিবা, আৰু প্ৰত্যেক বছৰ উপাৰ্জন কৰা শস্য বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ শীহ সহকাৰে থৈ দিবা। আনহাতে প্ৰয়োজন সাপেক্ষে যিখিনি খাবলৈ লাগে সেইখিনি ওলাই ল’বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012047.mp3"},{"index":"48","arabicText":"ثُمَّ یَاْتِیْ مِنْ بَعْدِ ذٰلِكَ سَبْعٌ شِدَادٌ یَّاْكُلْنَ مَا قَدَّمْتُمْ لَهُنَّ اِلَّا قَلِیْلًا مِّمَّا تُحْصِنُوْنَ ۟","assameseTranslation":"‘ইয়াৰ পিছত আহিব সাতোটা কঠিন (দুৰ্ভিক্ষৰ) বছৰ, এই সাত বছৰত আগতে যি সঞ্চয় কৰি ৰাখিবা, মানুহে সেয়া খাব; কেৱল সামান্য পৰিমাণৰ বাহিৰে, যিটো তোমালোকে সংৰক্ষণ কৰি ৰাখিবা’।","footnotes":"","tafseer":"প্ৰচুৰ উপাৰ্জনৰ এই সাতটা বছৰ পিছত, তোমালোকৰ ওপৰত আহিব সাতটা শুকান (দুৰ্ভিক্ষৰ) বছৰ, সেই সাত বছৰত মানুহে পূৰ্বে সঞ্চয় কৰি থোৱা সম্পদ ভক্ষণ কৰিব। কেৱল সামান্য পৰিমাণৰ বাহিৰে যিটো তোমালোকে বীজ হিচাপে সংৰক্ষণ কৰি থোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012048.mp3"},{"index":"49","arabicText":"ثُمَّ یَاْتِیْ مِنْ بَعْدِ ذٰلِكَ عَامٌ فِیْهِ یُغَاثُ النَّاسُ وَفِیْهِ یَعْصِرُوْنَ ۟۠","assameseTranslation":"‘তাৰ পিছত আহিব এনেকুৱা এটা বছৰ, সেই বছৰত মানুহৰ বাবে প্ৰচুৰ বৰষুণ হ’ব আৰু সেই বছৰত মানুহে ফলৰ ৰস চেপি উলিয়াব’।","footnotes":"","tafseer":"এই অভাৱী বছৰৰ পিছত এনেকুৱা এটা বছৰ আহিব, যি বছৰত প্ৰচুৰ পৰিমাণে বৰষুণ হ'ব আৰু উৎকৃষ্ট ফচল হ'ব, আৰু মানুহে সেইবোৰ ফলৰ ৰস চেপি উলিয়াব যিবোৰৰ ৰস আৱশ্যক। যেনেঃ আঙুৰ, যাইতুন আৰু কুহিঁয়াৰ আদি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012049.mp3"},{"index":"50","arabicText":"وَقَالَ الْمَلِكُ ائْتُوْنِیْ بِهٖ ۚ فَلَمَّا جَآءَهُ الرَّسُوْلُ قَالَ ارْجِعْ اِلٰی رَبِّكَ فَسْـَٔلْهُ مَا بَالُ النِّسْوَةِ الّٰتِیْ قَطَّعْنَ اَیْدِیَهُنَّ ؕ اِنَّ رَبِّیْ بِكَیْدِهِنَّ عَلِیْمٌ ۟","assameseTranslation":"আৰু ৰজাই ক’লে, ‘তোমালোকে ইউছুফক মোৰ ওচৰলৈ লৈ আহা’। তাৰ পিছত যেতিয়া (ৰজাৰ) দূত তেওঁৰ ওচৰত আহি উপস্থিত হ’ল তেতিয়া তেওঁ ক’লে, ‘তুমি তোমাৰ মনিবৰ ওচৰলৈ উভতি যোৱা আৰু তেওঁক সোধাগৈ, যি নাৰীসকলে নিজৰে হাত কাটি পেলাইছিল সিহঁতৰ অৱস্থা কি! নিশ্চয় মোৰ প্ৰতিপালক সিহঁতৰ ছলনা সম্পৰ্কে সম্যক অৱগত’।","footnotes":"","tafseer":"ইউছুফে দিয়া সপোনৰ ব্যাখ্যা যেতিয়া ৰজাই গম পালে, তেতিয়া তেওঁ তেওঁৰ সহযোগীসকলক ক'লেঃ তেওঁক কাৰাগাৰৰ পৰা বাহিৰ কৰি মোৰ ওচৰলৈ আনা। এতেকে ইউছুফৰ ওচৰলৈ যেতিয়া ৰজাৰ দূত আহি পালে, তেতিয়া তেওঁ তাক ক'লেঃ তুমি ৰজাৰ ওচৰলৈ উভতি যোৱা আৰু তেওঁক সেই মহিলাসকলৰ বিষয়ে সুধি আহা, যিসকলে নিজৰ হাতত আঘাতপ্ৰাপ্ত হৈছিল, যাতে কাৰাগাৰৰ পৰা ওলোৱাৰ আগতে এই কথা স্পষ্ট হৈ যায় যে, মই নিৰ্দোষী। সিহঁতে মোক যিদৰে কূটকৌশল ৰচি জালত পেলাব বিচাৰিছিল সেই বিষয়ে নিশ্চয় মোৰ প্ৰতিপালক সৰ্বজ্ঞ। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012050.mp3"},{"index":"51","arabicText":"قَالَ مَا خَطْبُكُنَّ اِذْ رَاوَدْتُّنَّ یُوْسُفَ عَنْ نَّفْسِهٖ ؕ قُلْنَ حَاشَ لِلّٰهِ مَا عَلِمْنَا عَلَیْهِ مِنْ سُوْٓءٍ ؕ قَالَتِ امْرَاَتُ الْعَزِیْزِ الْـٰٔنَ حَصْحَصَ الْحَقُّ ؗ اَنَا رَاوَدْتُّهٗ عَنْ نَّفْسِهٖ وَاِنَّهٗ لَمِنَ الصّٰدِقِیْنَ ۟","assameseTranslation":"ৰজাই নাৰীসকলক (মাতি আনি) ক’লে, ‘যেতিয়া তোমালোকে ইউছুফৰ পৰা অসৎকৰ্ম কামনা কৰিছিলা, তেতিয়া তোমালোকৰ কি হৈছিল’ (তেওঁ এই বিষয়ে সন্মত হৈছিলনে)? সিহঁতে ক’লে, ‘অদ্ভুত আল্লাহৰ মাহাত্ম্য! আমি তেওঁৰ মাজত কোনো দোষ দেখা পোৱা নাছিলোঁ’। আজীজৰ স্ত্ৰীয়ে ক’লে, ‘এতিয়াহে সত্য প্ৰকাশ পালে, মইহে তেওঁক প্ৰস্তাৱ দিছিলোঁ, আৰু তেওঁ নিশ্চয় সত্যবাদীসকলৰ অন্তৰ্ভুক্ত’।","footnotes":"","tafseer":"ৰজাই মহিলাসকলক সম্বোধন কৰি ক'লেঃ সেই সময়ত তোমালোকৰ কি অনুভৱ আছিল, যেতিয়া তোমালোকে ইউছুফক চক্ৰান্তৰ দ্বাৰা কুকৰ্ম কৰিবলৈ প্ৰয়াস কৰিছিলা, তেতিয়া মহিলাসকলে ৰজাক উত্তৰ দি কৈছিলঃ অদ্ভুত আল্লাহৰ মাহাত্ম্য! ইউছুফক অপবাদ দিয়া হৈছে, আল্লাহৰ শপত! আমি তেওঁৰ মাজত কোনো দোষ দেখা পোৱা নাছিলোঁ। সেই সময়ত আজীজৰ স্ত্ৰীয়ে অপৰাধ স্বীকাৰ কৰি ক'লেঃ এতিয়া যিহেতু সত্য উদ্ঘাটন হৈছে, তেন্তে শুনক! ময়েই তেওঁক ফুচলাবলৈ চেষ্টা কৰিছিলোঁ। তেওঁ মোক পাবলৈ চেষ্টা কৰা নাছিল। মই জাপি দিয়া অপবাদৰ পৰা তেওঁ নিজকে ৰক্ষা কৰিবলৈ দাঙি ধৰা যুক্তিত তেওঁ নিশ্চয় সত্যবাদী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012051.mp3"},{"index":"52","arabicText":"ذٰلِكَ لِیَعْلَمَ اَنِّیْ لَمْ اَخُنْهُ بِالْغَیْبِ وَاَنَّ اللّٰهَ لَا یَهْدِیْ كَیْدَ الْخَآىِٕنِیْنَ ۟","assameseTranslation":"‘এইটো এইকাৰণে (কৰিলোঁ) যে, যাতে তেওঁ জানিব পাৰে, তেওঁৰ অনুপস্থিতিত মই তেওঁৰ প্ৰতি বিশ্বাসঘাতকতা কৰা নাছিলোঁ আৰু নিশ্চয় আল্লাহে বিশ্বাসঘাতকসকলৰ ষড়যন্ত্ৰ সফল নকৰে’।","footnotes":"","tafseer":"আজিজৰ স্ত্ৰীয়ে ক'লেঃ মই স্বীকাৰ কৰোঁ, নিশ্চয় ময়েই তেওঁক চক্ৰান্তৰ বলি কৰাৰ চেষ্টা কৰিছিলোঁ। নিশ্চয় তেওঁ সত্যবাদী, যাতে ইউছুফে গম পায় যে মই তেওঁৰ অনুপস্থিতিত তেওঁৰ ওপৰত কোনো অপবাদ দিয়া নাই। কিয়নো এতিয়ালৈকে যি হ'ল, তাৰ পৰা এই কথা স্পষ্ট হৈছে যে, নিশ্চয় আল্লাহে মিছলীয়া আৰু ষড়যন্ত্ৰকাৰীক কেতিয়াও তাওফীক নিদিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012052.mp3"},{"index":"53","arabicText":"وَمَاۤ اُبَرِّئُ نَفْسِیْ ۚ اِنَّ النَّفْسَ لَاَمَّارَةٌ بِالسُّوْٓءِ اِلَّا مَا رَحِمَ رَبِّیْ ؕ اِنَّ رَبِّیْ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"‘আৰু মই নিজকে নিৰ্দোষ বুলি ক'ব বিচৰা নাই, কিয়নো, নিশ্চয় মানুহৰ নফচে বেয়া কামৰ নিৰ্দেশ দিয়াটোৱে স্বাভাৱিক, কিন্তু সেই ব্যক্তিৰ বাহিৰে যাৰ প্ৰতি মোৰ প্ৰতিপালকে দয়া কৰে। নিশ্চয় মোৰ প্ৰতিপালক অতি ক্ষমাশীল, পৰম দয়ালু’।","footnotes":"","tafseer":"আজিজৰ স্ত্ৰীয়ে নিজৰ কথা অব্যাহত ৰাখি ক'লেঃ মই মোৰ নিজৰ মনক পাপ কৰ্মৰ ইচ্ছাৰ পৰা মুক্ত বুলি নকওঁ, আৰু ইয়াৰ দ্বাৰা মই নিজকে পৱিত্ৰ বুলিও দাবী নকৰোঁ। কিয়নো চাহিদাৰ প্ৰতি ঢাল খোৱাৰ বাবে আৰু ইয়াৰ পৰা ৰক্ষা পোৱা টান হোৱাৰ কাৰণে মানুহৰ মনে মানুহক বেয়া কৰ্মৰ বহুত আদেশ দিয়ে। কেৱল সেইসকল লোকৰ বাহিৰে যাৰ প্ৰতি আল্লাহে কৃপা কৰে, তাক বেয়া কৰ্মৰ পৰা ৰক্ষা কৰে। নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে, আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012053.mp3"},{"index":"54","arabicText":"وَقَالَ الْمَلِكُ ائْتُوْنِیْ بِهٖۤ اَسْتَخْلِصْهُ لِنَفْسِیْ ۚ فَلَمَّا كَلَّمَهٗ قَالَ اِنَّكَ الْیَوْمَ لَدَیْنَا مَكِیْنٌ اَمِیْنٌ ۟","assameseTranslation":"ৰজাই ক’লে, ‘ইউছুফক মোৰ ওচৰলৈ লৈ আহা; মই তেওঁক মোৰ নিজৰ বাবে আপোন কৰি লম’। তাৰ পিছত ৰজাই যেতিয়া তেওঁৰ লগত কথা পাতিলে, তেতিয়া ৰজাই ক’লে, ‘নিশ্চয় আজি আপুনি আমাৰ ওচৰত মৰ্যাদাশীল, পূৰ্ণ বিশ্বস্ত’।","footnotes":"","tafseer":"যেতিয়া ইউছুফ দোষমুক্ত হ'ল আৰু তাইৰ চক্ৰান্ত স্পষ্ট হ'ল, তেতিয়া ৰজাই নিজৰ সহযোগীসকলক ক'লেঃ তেওঁক মোৰ ওচৰলৈকে লৈ আনা। মই তেওঁক মোৰ নিকটৱৰ্তী লোকৰ অন্তৰ্ভুক্ত কৰিম। তাৰ পিছত তেওঁক ৰজাৰ ওচৰলৈ অনা হ'ল। এতেকে যেতিয়া ৰজাই তেওঁৰ লগত কথা পাতিলে আৰু তেওঁৰ জ্ঞান বুদ্ধি সম্পৰ্কে অৱগত হ'ল, তেতিয়া তেওঁক ক'লেঃ হে ইউছুফ! নিশ্চয় আপুনি আজিৰ পৰা আমাৰ ওচৰত মৰ্যাদাৱান আৰু ভৰসাৰ পাত্ৰ হৈ গৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012054.mp3"},{"index":"55","arabicText":"قَالَ اجْعَلْنِیْ عَلٰی خَزَآىِٕنِ الْاَرْضِ ۚ اِنِّیْ حَفِیْظٌ عَلِیْمٌ ۟","assameseTranslation":"তেওঁ ক’লে, ‘মোক দেশৰ কোষাগাৰৰ দায়িত্ব অৰ্পণ কৰক। নিশ্চয় মই উত্তম ৰক্ষক, সুবিজ্ঞ’।","footnotes":"","tafseer":"ইউছুফে ৰজাক ক'লেঃ মোক মিচৰৰ কোষাগাৰ আৰু ভঁৰালৰ দায়িত্ব অৰ্পন কৰক। কাৰণ মই এজন বিশ্বস্ত ধন-ভঁৰালী। মোক যি কামত নিযুক্ত কৰা হ'ব, মই সেই সম্পৰ্কে পূৰ্ণ জ্ঞান আৰু দক্ষতাৰ অধিকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012055.mp3"},{"index":"56","arabicText":"وَكَذٰلِكَ مَكَّنَّا لِیُوْسُفَ فِی الْاَرْضِ ۚ یَتَبَوَّاُ مِنْهَا حَیْثُ یَشَآءُ ؕ نُصِیْبُ بِرَحْمَتِنَا مَنْ نَّشَآءُ وَلَا نُضِیْعُ اَجْرَ الْمُحْسِنِیْنَ ۟","assameseTranslation":"আৰু এইদৰেই আমি ইউছুফক সেই দেশত প্ৰতিষ্ঠিত কৰিলোঁ; সেই দেশত তেওঁৰ য’তে ইচ্ছা তাতেই অৱস্থান কৰাৰ অধিকাৰ আছিল। আমি যাক ইচ্ছা কৰোঁ তাকেই আমাৰ ৰহমত প্ৰদান কৰোঁ; আৰু আমি সৎকৰ্মশীলসকলৰ শ্ৰমফল বিনষ্ট নকৰোঁ।","footnotes":"","tafseer":"যিদৰে আমি ইউছুফক দোষমুক্ত কৰি আৰু কাৰাগাৰৰ পৰা মুক্তি প্ৰদান কৰি তেওঁৰ প্ৰতি কৃপা কৰিছোঁ, ঠিক সেইদৰে আমি তেওঁক মিচৰ ভূমিত প্ৰভুত্ব প্ৰদান কৰি উপকাৰ কৰিছোঁ। তেওঁ য’তেই ইচ্ছা ত’তেই অৱস্থান কৰিব পাৰিছিল। আমি আমাৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা তাকেই পৃথিৱীত কৃপা দান কৰোঁ, লগতে আমি পূণ্যৱানসকলৰ ছোৱাব কেতিয়াও বিনষ্ট নকৰোঁ। বৰং তেওঁলোকক আমি কোনো ধৰণৰ লোকচান নকৰাকৈ পৰিপূৰ্ণ ছোৱাব প্ৰদান কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012056.mp3"},{"index":"57","arabicText":"وَلَاَجْرُ الْاٰخِرَةِ خَیْرٌ لِّلَّذِیْنَ اٰمَنُوْا وَكَانُوْا یَتَّقُوْنَ ۟۠","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে আৰু তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ পুৰস্কাৰেই হৈছে উত্তম।","footnotes":"","tafseer":"আল্লাহৰ সেই প্ৰতিদান পাৰ্থিৱ প্ৰতিদানতকৈ উত্তম, যিটো তেওঁ আখিৰাতত প্ৰস্তুত কৰি ৰাখিছে, সেইসকল লোকৰ বাবে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁলোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012057.mp3"},{"index":"58","arabicText":"وَجَآءَ اِخْوَةُ یُوْسُفَ فَدَخَلُوْا عَلَیْهِ فَعَرَفَهُمْ وَهُمْ لَهٗ مُنْكِرُوْنَ ۟","assameseTranslation":"ইউছুফৰ ভাতৃসকল আহিল আৰু তেওঁৰ ওচৰত প্ৰৱেশ কৰিলে। ফলত তেওঁ সিহঁতক চিনি পালে, কিন্তু সিহঁতে তেওঁক চিনি নাপালে।","footnotes":"","tafseer":"ইউছুফৰ ভাতৃসকলে নিজৰ বয়-বস্তুৰ সৈতে মিচৰ ভূমিত গৈ উপস্থিত হ'ল। যেতিয়া সিহঁতে তেওঁৰ ওচৰত গৈ উপস্থিত হ'ল, তেওঁ সিহঁতক চিনি পালে যে, সিহঁত হৈছে তেওঁৰ ভাতৃ। কিন্তু সিহঁতে চিনি পোৱা নাছিল যে, তেওঁ হৈছে সিহঁতৰ ভাই। কাৰণ দীৰ্ঘ সময় অতিবাহিত হৈছিল আৰু তেওঁৰ আকাৰ আকৃতিও পৰিবৰ্তন হৈছিল। যেতিয়া সিহঁতে তেওঁক কুঁৱাত নিক্ষেপ কৰিছিল তেতিয়া তেওঁ শিশু অৱস্থাত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012058.mp3"},{"index":"59","arabicText":"وَلَمَّا جَهَّزَهُمْ بِجَهَازِهِمْ قَالَ ائْتُوْنِیْ بِاَخٍ لَّكُمْ مِّنْ اَبِیْكُمْ ۚ اَلَا تَرَوْنَ اَنِّیْۤ اُوْفِی الْكَیْلَ وَاَنَا خَیْرُ الْمُنْزِلِیْنَ ۟","assameseTranslation":"আৰু তেওঁ যেতিয়া সিহঁতক সিহঁতৰ খাদ্য-সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে তেতিয়া তেওঁ ক’লে, ‘তোমালোকে মোৰ ওচৰলৈ তোমালোকৰ পিতৃ পক্ষৰ বৈমাত্ৰেয় ভায়েকক লৈ আহিবাচোন। তোমালোকে দেখা নাইনে, মই কেনেকৈ পূৰ্ণ মাত্ৰাত প্ৰদান কৰোঁ আৰু মই কিমান উত্তম অথিতিপৰায়ণ’।","footnotes":"","tafseer":"যেতিয়া ইউছুফে সিহঁতক সিহঁতে বিচৰা খাদ্য সামগ্ৰী প্ৰদান কৰিলে, লগতে সিহঁতে জনালে যে, সিহঁতৰ এজন পিতৃপক্ষৰ বৈমাত্ৰেয় ভায়েক আছে, যাক সিহঁতে পিতৃৰ ওচৰত এৰি থৈ আহিছে, তেতিয়া তেওঁ ক'লেঃ তোমালোকে তোমালোকৰ পিতৃপক্ষৰ বৈমাত্ৰেয় ভায়েকক লগত আনিবা, মই তোমালোকক এটা উটে বহন কৰিব পৰা অতিৰিক্ত খাদ্য সামগ্ৰী প্ৰদান কৰিম। তোমালোকে দেখা নাইনে যে মই পৰিপূৰ্ণ মাপ অনুযায়ী প্ৰদান কৰোঁ, একো হ্ৰাস নকৰোঁ, লগতে মই অতিথিসকলক উত্তমভাৱে আপ্যায়ন কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012059.mp3"},{"index":"60","arabicText":"فَاِنْ لَّمْ تَاْتُوْنِیْ بِهٖ فَلَا كَیْلَ لَكُمْ عِنْدِیْ وَلَا تَقْرَبُوْنِ ۟","assameseTranslation":"‘আৰু যদি তোমালোকে তাক লৈ নাহা তেন্তে তোমালোকৰ বাবে মোৰ ওচৰত কোনো খাদ্য-সামগ্ৰী নাই, আনকি তোমালোকে মোৰ ওচৰলৈকেও নাহিবা’।","footnotes":"","tafseer":"কিন্তু যদি তোমালোকে তাক মোৰ ওচৰলৈকে লৈ নাহা তেন্তে ভাবিম তোমালোকে নিজৰ এই দাবীত মিছলীয়া যে, তোমালোকৰ এজন পিতৃপক্ষৰ বৈমাত্ৰেয় ভাই আছে। ফলত তোমালোকক কেতিয়াও কোনো ধৰণৰ খাদ্য সামগ্ৰী প্ৰদান নকৰোঁ আৰু তোমালোকে মোৰ নগৰৰ আশেপাশেও আহিব নোৱাৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012060.mp3"},{"index":"61","arabicText":"قَالُوْا سَنُرَاوِدُ عَنْهُ اَبَاهُ وَاِنَّا لَفٰعِلُوْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘তাৰ বিষয়ে আমি তাৰ পিতৃক সন্মত কৰিবলৈ চেষ্টা কৰিম আৰু আমি এইটো নিশ্চয় কৰিম’।","footnotes":"","tafseer":"তেতিয়া তেওঁৰ ভাতৃসকলে এই বুলি উত্তৰ দিলেঃ আমি আমাৰ পিতৃৰ ওচৰত তেওঁক বিচাৰি অনুৰোধ কৰিম আৰু এই ক্ষেত্ৰত পৰ্যাপ্ত চেষ্টাও কৰিম। আপুনি আমাক যি আদেশ দিছে, এই ক্ষেত্ৰত আমি অকণো অৱহেলা নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012061.mp3"},{"index":"62","arabicText":"وَقَالَ لِفِتْیٰنِهِ اجْعَلُوْا بِضَاعَتَهُمْ فِیْ رِحَالِهِمْ لَعَلَّهُمْ یَعْرِفُوْنَهَاۤ اِذَا انْقَلَبُوْۤا اِلٰۤی اَهْلِهِمْ لَعَلَّهُمْ یَرْجِعُوْنَ ۟","assameseTranslation":"আৰু ইউছুফে তেওঁৰ কৰ্মচাৰীসকলক ক’লে, ‘সিহঁতে যি পণ্যমূল্য দিছে সেয়া সিহঁতৰ খাদ্য-সামগ্ৰীৰ ভিতৰতে ৰাখি দিয়া, যাতে সিহঁতে পৰিয়ালৰ ওচৰলৈ উভতি যোৱাৰ পিছত সেয়া চিনি পায়। ফলত যাতে সিহঁতে আকৌ উভতি আহে’।","footnotes":"","tafseer":"ইউছুফে তেওঁৰ কৰ্মকৰ্তাসকলক নিৰ্দেশ দিলেঃ এওঁলোকৰ ধন এওঁলোকক ওভোতাই দিয়া, যাতে এওঁলোকে উভতিগৈ গম পায় যে, আমি এওঁলোকৰ পৰা খাদ্য সামগ্ৰীৰ বিনিময়ত একো লোৱা নাই। ফলত এওঁলোকে নিজৰ ভাতৃক লৈ পুনৰ আহিবলৈ বাধ্য হ'ব। যাতে সিহঁতে ইউছুফৰ সন্মুখত নিজৰ সত্যতা প্ৰমাণ কৰিব পাৰে, আৰু ইউছুফেও সিহঁতৰ পৰা বিনিময় গ্ৰহণ কৰিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012062.mp3"},{"index":"63","arabicText":"فَلَمَّا رَجَعُوْۤا اِلٰۤی اَبِیْهِمْ قَالُوْا یٰۤاَبَانَا مُنِعَ مِنَّا الْكَیْلُ فَاَرْسِلْ مَعَنَاۤ اَخَانَا نَكْتَلْ وَاِنَّا لَهٗ لَحٰفِظُوْنَ ۟","assameseTranslation":"এতেকে সিহঁতে যেতিয়া সিহঁতৰ পিতৃৰ ওচৰলৈ উভতি আহিল, তেতিয়া সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমাৰ বাবে পৰিমাপকৃত খাদ্য-সামগ্ৰী নিষিদ্ধ কৰা হৈছে। গতিকে আমাৰ ভায়েকক আমাৰ লগত পঠাই দিয়ক যাতে আমি পৰিমাপকৃত খাদ্য-সামগ্ৰী পাওঁ। অৱশ্যে আমি তাৰ হিফাজত কৰিম’।","footnotes":"","tafseer":"এতেকে সিহঁতে যেতিয়া পিতৃৰ ওচৰলৈ উভতি গ'ল আৰু ইউছুফৰ ওচৰত পোৱা সন্মানৰ কথা বিৱৰি কোৱাৰ পিছত ক'লেঃ হে আমাৰ পিতৃ! আমি যদি আমাৰ এই ভাতৃক লগত লৈ নাযাওঁ তেন্তে আমাক খাদ্য সামগ্ৰী দিয়াৰ পৰা বঞ্চিত কৰিব। সেয়ে তেওঁক আমাৰ লগত পঠাই দিয়ক। কাৰণ যদি আপুনি তেওঁক আমাৰ লগত পঠাই দিয়ে তেন্তে আমি আমাৰ প্ৰাপ্য খাদ্য লৈ আহিব পাৰিম। আমি আপোনাক কথা দিলোঁ, তেওঁ নিৰাপদে সুৰক্ষিত অৱস্থাত আপোনাৰ ওচৰলৈ উভতি নহালৈকে তাক আমি সুৰক্ষা প্ৰদান কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012063.mp3"},{"index":"64","arabicText":"قَالَ هَلْ اٰمَنُكُمْ عَلَیْهِ اِلَّا كَمَاۤ اَمِنْتُكُمْ عَلٰۤی اَخِیْهِ مِنْ قَبْلُ ؕ فَاللّٰهُ خَیْرٌ حٰفِظًا ۪ وَّهُوَ اَرْحَمُ الرّٰحِمِیْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘মই তোমালোকক ইয়াৰ বিষয়ে তেনেকৈয়ে নিৰাপদ বুলি ভাবিম নেকি, যেনেকৈ ইয়াৰ আগত তোমালোকক নিৰাপদ বুলি ভাবিছিলোঁ ইয়াৰ ভায়েকৰ বিষয়ে? কিন্তু আল্লাহেই ৰক্ষণাবেক্ষণত শ্ৰেষ্ঠ আৰু তেৱেঁই সৰ্বশ্ৰেষ্ঠ দয়ালু’।","footnotes":"","tafseer":"সিহঁতৰ পিতৃয়ে সিহঁতক ক'লেঃ মই এওঁৰ সম্পৰ্কে তোমালোকৰ প্ৰতি তেনেকুৱাই বিশ্বাস ৰাখিম নেকি, যেনেকুৱা বিশ্বাস ইতিপূৰ্বে এওঁৰ সহোদৰ ইউছুফ সম্পৰ্কে পোষণ কৰিছিলোঁ? মই ইউছুফ সম্পৰ্কে তোমালোকৰ প্ৰতি ভৰসা কৰিছিলোঁ। তোমালোকে তেওঁক নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতিও দিছিলা। কিন্তু তোমালোকে তোমালোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰা নাছিলা। গতিকে তোমালোকৰ নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতিৰ প্ৰতি মই ভৰসা কৰিব নোৱাৰোঁ। মোৰ ভৰসা কেৱল আল্লাহৰ ওপৰত। তেওঁ সেই ব্যক্তিৰ বাবে উত্তম ৰক্ষক, যাক তেওঁ সুৰক্ষা দিব বিচাৰে, আৰু তেওঁ সেই ব্যক্তিৰ প্ৰতি অত্যন্ত দয়াবান, যাক তেওঁ দয়া কৰিব বিচাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012064.mp3"},{"index":"65","arabicText":"وَلَمَّا فَتَحُوْا مَتَاعَهُمْ وَجَدُوْا بِضَاعَتَهُمْ رُدَّتْ اِلَیْهِمْ ؕ قَالُوْا یٰۤاَبَانَا مَا نَبْغِیْ ؕ هٰذِهٖ بِضَاعَتُنَا رُدَّتْ اِلَیْنَا ۚ وَنَمِیْرُ اَهْلَنَا وَنَحْفَظُ اَخَانَا وَنَزْدَادُ كَیْلَ بَعِیْرٍ ؕ ذٰلِكَ كَیْلٌ یَّسِیْرٌ ۟","assameseTranslation":"আৰু যেতিয়া সিহঁতে সিহঁতৰ খাদ্য-সামগ্ৰীৰ টোপোলা খুলিলে তেতিয়া সিহঁতে দেখিবলৈ পালে যে, সিহঁতৰ পণ্যমূল্য সিহঁতক ওভতাই দিয়া হৈছে। সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমি আৰু কি প্ৰত্যাশা কৰিব পাৰোঁ? চাওক এয়া আমি দিয়া পণ্যমূল্য, আমাক আকৌ ওভতাই দিয়া হৈছে। আমি আমাৰ পৰিয়ালবৰ্গক খাদ্য-সামগ্ৰী আনি দিম আৰু আমি আমাৰ ভাতৃৰ ৰক্ষণাবেক্ষণ কৰিম লগতে আমি অতিৰিক্ত আৰু এটা উটৰ (পিঠিত) পণ্য আনিম; এই পৰিমাণৰ শস্য লৈ অহাটো অতি সহজ’।","footnotes":"","tafseer":"যেতিয়া সিহঁতে সিহঁতৰ লৈ অহা খাদ্য সামগ্ৰীৰ পাত্ৰসমূহ উন্মুক্ত কৰিলে, তেতিয়া তাত দেখা পালে যে, সিহঁতৰ মূল্য ঘূৰাই দিয়া হৈছে। এই দেখি সিহঁতে পিতৃক ক'লেঃ এই সন্মান পোৱাৰ পিছত আজিজৰ পৰা আমি আৰু কি পাব লাগে, এয়া চাওক আমাৰ খাদ্য সামগ্ৰীৰ মূল্য, আজিজে আমাৰ প্ৰতি অনুগ্ৰহ কৰি আমাক ঘূৰাই দিছে। আমি আমাৰ পৰিয়ালৰ বাবে খাদ্য লৈ আহিম আৰু আমাৰ ভাতৃৰো হিফাজত কৰিম, সেই আশংকাৰ পৰা যিটোক আপুনি ভয় কৰে। লগতে এওঁক লগত লৈ গ'লে এক উটৰ বহন সামগ্ৰী অধিক লাভ কৰিম। এটা উটৰ বহন সামগ্ৰী অধিক দিয়াটো আজিজৰ বাবে কোনো ডাঙৰ বিষয় নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012065.mp3"},{"index":"66","arabicText":"قَالَ لَنْ اُرْسِلَهٗ مَعَكُمْ حَتّٰی تُؤْتُوْنِ مَوْثِقًا مِّنَ اللّٰهِ لَتَاْتُنَّنِیْ بِهٖۤ اِلَّاۤ اَنْ یُّحَاطَ بِكُمْ ۚ فَلَمَّاۤ اٰتَوْهُ مَوْثِقَهُمْ قَالَ اللّٰهُ عَلٰی مَا نَقُوْلُ وَكِیْلٌ ۟","assameseTranslation":"পিতাকে ক’লে, ‘মই তাক কেতিয়াও তোমালোকৰ লগত নপঠাওঁ যেতিয়ালৈকে তোমালোকে আল্লাহৰ নামত এই অঙ্গীকাৰ নকৰিবা যে, তোমালোকে তাক মোৰ ওচৰলৈ ঘূৰাই আনিবা, অৱশ্যে যদি তোমালোকক আটক কৰা হয় (তেন্তে সেয়া ভিন্ন কথা)’। তাৰ পিছত সিহঁতে যেতিয়া তেওঁৰ ওচৰত প্ৰতিজ্ঞা কৰিলে তেতিয়া তেওঁ ক’লে, ‘আমি যি বিষয়ে কথা পাতি আছোঁ, আল্লাহেই ইয়াৰ বিধায়ক’।","footnotes":"","tafseer":"সিহঁতৰ পিতৃয়ে সিহঁতক ক'লেঃ মই এওঁক তোমালোকৰ লগত কেতিয়াও নপঠিয়াওঁ। যেতিয়ালৈকে তোমালোকে এওঁক ঘূৰাই অনাৰ বাবে আল্লাহৰ শপত খাই দৃঢ় প্ৰতিশ্ৰুতি নিদিবা। যদি তোমালোকে সকলোৱে বিপদত আৱদ্ধ হোৱা আৰু কোনেও ৰক্ষা নোপোৱা লগতে সেই বিপদ দূৰ কৰিবও নোৱাৰা আৰু ঘূৰিও আহিব নোৱাৰা তেন্তে সেয়া সুকীয়া কথা। এতেকে যেতিয়া সিহঁতে আল্লাহৰ শপত খাই দৃঢ় প্ৰতিশ্ৰুতি প্ৰদান কৰিলে তেতিয়া ইয়াকূবে ক'লেঃ আমি যি কৈ আছোঁ, সেই সম্পৰ্কে আল্লাহেই সাক্ষী। আমাৰ বাবে তেওঁৰ সাক্ষীয়ে যথেষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012066.mp3"},{"index":"67","arabicText":"وَقَالَ یٰبَنِیَّ لَا تَدْخُلُوْا مِنْ بَابٍ وَّاحِدٍ وَّادْخُلُوْا مِنْ اَبْوَابٍ مُّتَفَرِّقَةٍ ؕ وَمَاۤ اُغْنِیْ عَنْكُمْ مِّنَ اللّٰهِ مِنْ شَیْءٍ ؕ اِنِ الْحُكْمُ اِلَّا لِلّٰهِ ؕ عَلَیْهِ تَوَكَّلْتُ ۚ وَعَلَیْهِ فَلْیَتَوَكَّلِ الْمُتَوَكِّلُوْنَ ۟","assameseTranslation":"আৰু তেওঁ ক’লে, ‘হে মোৰ পুত্ৰসকল! তোমালোকে এটা দুৱাৰেৰে প্ৰৱেশ নকৰিবা, বৰং ভিন ভিন দুৱাৰেৰে প্ৰৱেশ কৰিবা। আল্লাহৰ সিদ্ধান্তৰ বিপৰীতে মই তোমালোকৰ বাবে একো কৰিব নোৱাৰোঁ। আদেশ কেৱল মাত্ৰ আল্লাহৰেই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰোঁ, আল্লাহৰ ওপৰতেই নিৰ্ভৰকাৰীসকলে নিৰ্ভৰ কৰা উচিত’।","footnotes":"","tafseer":"সিহঁতৰ পিতৃয়ে সিহঁতক উপদেশ দি ক'লেঃ তোমালোকে মিচৰত এটা দুৱাৰেৰে প্ৰৱেশ নকৰিবা। বৰং বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰিবা। এয়া সুৰক্ষাৰ দৃষ্টিকোণেৰে অধিক উত্তম, কাৰণ যদি কোনোবাই তোমালোকক ক্ষতি কৰিব বিচাৰে, যাতে তোমালোক সকলোৱে তাৰ চিকাৰ নোহোৱা। এইবোৰ উপদেশৰ জৰিয়তে মই তোমালোকক এনে কোনো বিপদৰ পৰা ৰক্ষা কৰিব নোৱাৰোঁ, যিটো আল্লাহে মনস্থ কৰিছে। অথবা আল্লাহে নিবিচৰা কোনো উপকাৰো কৰিব নোৱাৰোঁ। ফয়চালাৰ অধিকাৰ হৈছে একমাত্ৰ আল্লাহৰ, আৰু আদেশো কেৱল তেওঁৰেই। মই মোৰ সকলো কৰ্মত কেৱল তেওঁৰ ওপৰতে ভৰসা কৰোঁ, আৰু ভৰসাকাৰীসকলেও সকলো কৰ্মতে কেৱল তেওঁৰ ওপৰতেই ভৰসা কৰা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012067.mp3"},{"index":"68","arabicText":"وَلَمَّا دَخَلُوْا مِنْ حَیْثُ اَمَرَهُمْ اَبُوْهُمْ ؕ مَا كَانَ یُغْنِیْ عَنْهُمْ مِّنَ اللّٰهِ مِنْ شَیْءٍ اِلَّا حَاجَةً فِیْ نَفْسِ یَعْقُوْبَ قَضٰىهَا ؕ وَاِنَّهٗ لَذُوْ عِلْمٍ لِّمَا عَلَّمْنٰهُ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟۠","assameseTranslation":"আৰু যেতিয়া সিহঁতে সিহঁতৰ পিতৃৰ আদেশ মতে প্ৰৱেশ কৰিলে, তেতিয়া আল্লাহৰ আদেশৰ বিপৰীতে সেয়া সিহঁতৰ কোনো কামত অহা নাছিল; ইয়াকূবে কেৱল তেওঁৰ মনৰ এটি অভিপ্ৰায় পূৰ্ণ কৰিছিল, আৰু অৱশ্যে তেওঁ আমি দিয়া শিক্ষাৰে জ্ঞানৱান আছিল। কিন্তু বেছি ভাগ মানুহেই অৱগত নহয়।","footnotes":"","tafseer":"এতেকে সিহঁতে ৰাওনা হ'ল আৰু সিহঁতৰ লগত আছিল ইউছুফৰ সহোদৰ ভাতৃ। যেতিয়া সিহঁতে নিজ পিতৃৰ আদেশ অনুসৰি বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰিলে, বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰিলেও ভাগ্যৰ লিখন কেতিয়াও পৰিবৰ্তন নহয়। এয়া আছিল ইয়াকূবৰ নিজৰ ফালৰ পৰা পুত্ৰসকলৰ প্ৰতি থকা মৰম, যিটো তেওঁ ব্যক্ত কৰি সিহঁতক উপদেশ দিছিল। তেওঁ ভালদৰেই জানিছিল যে, ফয়চালা কৰাৰ অধিকাৰ হৈছে একমাত্ৰ আল্লাহৰ। তেওঁ ভাগ্যৰ প্ৰতি বিশ্বাসী আছিল আৰু সাধন ব্যৱহাৰৰ ক্ষেত্ৰত আমি শিকোৱা জ্ঞান সম্পৰ্কেও আছিল অভিজ্ঞ। কিন্তু অধিকাংশ লোকে এয়া নাজানে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012068.mp3"},{"index":"69","arabicText":"وَلَمَّا دَخَلُوْا عَلٰی یُوْسُفَ اٰوٰۤی اِلَیْهِ اَخَاهُ قَالَ اِنِّیْۤ اَنَا اَخُوْكَ فَلَا تَبْتَىِٕسْ بِمَا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে যেতিয়া ইউছুফৰ ওচৰত প্ৰৱেশ কৰিলে, তেতিয়া ইউছুফে তেওঁৰ সহোদৰ ভায়েকক নিজৰ ওচৰতে ৰাখিলে আৰু ক’লে, ‘নিশ্চয় ময়েই তোমাৰ সহোদৰ ভায়েক, গতিকে সিহঁতে যি কৰিছিল তাৰ বাবে তুমি দুখ নকৰিবা’।","footnotes":"","tafseer":"ইউছুফৰ ভাতৃসকলে যেতিয়া তেওঁৰ সহোদৰকলৈ তেওঁৰ ওচৰত উপস্থিত হ'ল, তেতিয়া তেওঁ তেওঁৰ সহোদৰক নিজৰ ওচৰত ৰাখিলে আৰু গোপনে ক'লেঃ মই হৈছোঁ তোমাৰ ভাই ইউছুফ। গতিকে সিহঁতে কৰা মুৰ্খামী কাৰ্যকলাপক লৈ তুমি দুখ নকৰিবা। উদাহৰণস্বৰূপে, আমাক কষ্ট দিয়া, আমাৰ লগত ঈৰ্ষা কৰা আৰু বিশেষকৈ মোক কুঁৱাত নিক্ষেপ কৰা আদি বিষয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012069.mp3"},{"index":"70","arabicText":"فَلَمَّا جَهَّزَهُمْ بِجَهَازِهِمْ جَعَلَ السِّقَایَةَ فِیْ رَحْلِ اَخِیْهِ ثُمَّ اَذَّنَ مُؤَذِّنٌ اَیَّتُهَا الْعِیْرُ اِنَّكُمْ لَسٰرِقُوْنَ ۟","assameseTranslation":"তাৰ পিছত তেওঁ যেতিয়া সিহঁতৰ সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে, তেতিয়া তেওঁ নিজৰ সহোদৰ ভায়েকৰ টোপোলাৰ মাজত পানপাত্ৰ ৰাখি দিলে। তাৰ পিছত এজন আহ্বায়কে চিঞৰি ক’লে, ‘হে যাত্ৰীদল! নিশ্চয় তোমালোকে চুৰি কৰিছা’।","footnotes":"","tafseer":"তাৰ পিছত ইউছুফে যেতিয়া কৰ্মকৰ্তাসকলক তেওঁৰ ভাতৃসকলৰ উটৰ পিঠিত খাদ্য সামগ্ৰী উঠোৱাৰ নিৰ্দেশ দিলে, তেতিয়া খাদ্য সামগ্ৰী ওজন কৰা ৰজাৰ পাত্ৰটো গোপনে তেওঁৰ সহোদৰ ভাতৃৰ বস্তাত সোমাই দিলে, যাতে ইয়াৰ সহায়ত তাক নিজৰ ওচৰত ৰাখিব পাৰে। তাৰ পিছত যেতিয়া সিহঁতে ঘৰমুৱা হ'বলৈ ধৰিলে, তেতিয়া পিছফালৰ পৰা এজনে মাতি সুধিলে, হে খাদ্য সামগ্ৰী বহন কৰা উটৰ মালিকসকল, নিশ্চয় তোমালোক হৈছা চোৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012070.mp3"},{"index":"71","arabicText":"قَالُوْا وَاَقْبَلُوْا عَلَیْهِمْ مَّاذَا تَفْقِدُوْنَ ۟","assameseTranslation":"সিহঁতে তেওঁলোকৰ ফালে চাই সুধিলে, ‘আপোনালোকৰ কি হেৰাইছে’?","footnotes":"","tafseer":"ইউছুফৰ ভাতৃসকলে পিছফালে ঘূৰি চাই আহ্বান কৰা ব্যক্তিক আৰু তাৰ সঙ্গীসকলক উদ্দেশ্যি ক'লেঃ আপোনালোকৰ কি হেৰাইছে, যাৰ কাৰণে আপোনালোকে আমাক চুৰিৰ অপবাদ দি আছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012071.mp3"},{"index":"72","arabicText":"قَالُوْا نَفْقِدُ صُوَاعَ الْمَلِكِ وَلِمَنْ جَآءَ بِهٖ حِمْلُ بَعِیْرٍ وَّاَنَا بِهٖ زَعِیْمٌ ۟","assameseTranslation":"তেওঁলোকে ক’লে, ‘আমি ৰজাৰ পানপাত্ৰ হেৰাইছোঁ। যিয়ে সেইটো আনি দিব, সি এটা উটৰ (পিঠিত) বোজাই পৰিমাণ খাদ্য-সামগ্ৰী উপহাৰ পাব; আৰু ইয়াৰ নিশ্চয়তাৰ দায়িত্ব মোৰ’।","footnotes":"","tafseer":"আহ্বান কৰা ব্যক্তিয়ে আৰু তাৰ সঙ্গীসকলে ইউছুফৰ ভাতৃসকলক উদ্দেশ্যি ক'লেঃ ৰজাই খাদ্য সামগ্ৰী ওজন কৰি দিয়া পাত্ৰটো আমি হেৰাইছোঁ। অনুসন্ধানৰ পূৰ্বেই যিয়ে সেই পাত্ৰটো ওলাই আনিব, সি পুৰস্কাৰ লাভ কৰিব। পুৰস্কাৰ হ'ব এক উটৰ বহন যোগ্য খাদ্য সামগ্ৰী। ইয়াৰ দায়িত্ব মই নিজে গ্ৰহণ কৰিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012072.mp3"},{"index":"73","arabicText":"قَالُوْا تَاللّٰهِ لَقَدْ عَلِمْتُمْ مَّا جِئْنَا لِنُفْسِدَ فِی الْاَرْضِ وَمَا كُنَّا سٰرِقِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আপোনালোকে জানেই দেখোন যে, আমি এই দেশত দুষ্কৃতি কৰিবলৈ অহা নাই আৰু আমি চোৰো নহয়’।","footnotes":"","tafseer":"ইউছুফৰ ভাতৃসকলে ক'লেঃ আল্লাহৰ শপত আপোনালোকে নিশ্চিতভাৱে জানা যে, আমি স্বচ্ছ আৰু নিৰপৰাধী। আমাৰ ব্যৱহাৰ দেখিয়ে হয়তো আপোনালোকে এই কথা গম পাইছে। পতিয়ন যাওক, আমি মিচৰত বিপৰ্যয় সৃষ্টি কৰিবলৈ অহা নাই। আমি জীৱনতো কেতিয়াও চুৰি কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012073.mp3"},{"index":"74","arabicText":"قَالُوْا فَمَا جَزَآؤُهٗۤ اِنْ كُنْتُمْ كٰذِبِیْنَ ۟","assameseTranslation":"তেওঁলোকে ক’লে, ‘যদি তোমালোকে মিছলীয়া হোৱা তেন্তে ইয়াৰ শাস্তি কি হ'ব?","footnotes":"","tafseer":"আহ্বানকাৰী আৰু তাৰ সঙ্গীসকলে ক'লেঃ তোমালোকৰ তাত চুৰিৰ শাস্তি কি, যদি তোমালোকে চুৰিৰ আৰোপৰ পৰা নিৰ্দোষী হোৱাত ব্যৰ্থ হোৱা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012074.mp3"},{"index":"75","arabicText":"قَالُوْا جَزَآؤُهٗ مَنْ وُّجِدَ فِیْ رَحْلِهٖ فَهُوَ جَزَآؤُهٗ ؕ كَذٰلِكَ نَجْزِی الظّٰلِمِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘ইয়াৰ শাস্তি হ’ব, যাৰ টোপোলাৰ মাজত সেই পাত্ৰটো পোৱা যাব, সিয়েই তাৰ বিনিময়’। এইদৰেই আমি যালিমসকলক শাস্তি প্ৰদান কৰোঁ।","footnotes":"","tafseer":"ইউছুফৰ ভাতৃসকলে সিহঁতক ক'লেঃ আমাৰ ইয়াত চুৰিৰ শাস্তি হৈছে এনেকুৱা যে, যাৰ ওচৰত চুৰি সামগ্ৰী উদ্ধাৰ হ'ব তাক চুৰি হোৱা সামগ্ৰীৰ মালিকৰ অধিনস্থ কৰি দিয়া হয়, আৰু চোৰ তাৰ দাস বুলি গণ্য হ'ব। আমি চোৰক এইদৰে দাসত পৰিণত কৰি শাস্তি প্ৰদান কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012075.mp3"},{"index":"76","arabicText":"فَبَدَاَ بِاَوْعِیَتِهِمْ قَبْلَ وِعَآءِ اَخِیْهِ ثُمَّ اسْتَخْرَجَهَا مِنْ وِّعَآءِ اَخِیْهِ ؕ كَذٰلِكَ كِدْنَا لِیُوْسُفَ ؕ مَا كَانَ لِیَاْخُذَ اَخَاهُ فِیْ دِیْنِ الْمَلِكِ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ ؕ نَرْفَعُ دَرَجٰتٍ مَّنْ نَّشَآءُ ؕ وَفَوْقَ كُلِّ ذِیْ عِلْمٍ عَلِیْمٌ ۟","assameseTranslation":"এতেকে তেওঁ নিজৰ সহোদৰ ভায়েকৰ টোপোলা চোৱাৰ আগতে সিহঁতৰ টোপোলাত তালাচী আৰম্ভ কৰিলে, পিছত তেওঁৰ সহোদৰ ভায়েকৰ টোপোলাৰ পৰা পাত্ৰটো উলিয়াই আনিলে। এনেকৈ আমি ইউছুফৰ বাবে কৌশল কৰিছিলোঁ। আল্লাহে ইচ্ছা নকৰিলে ৰজাৰ আইনত তেওঁৰ ভাতৃক আটক কৰাটো সংগত নাছিল। আমি যাক ইচ্ছা কৰোঁ মৰ্যাদাত উচ্চ কৰি দিওঁ। কাৰণ প্ৰত্যেক জ্ঞানৱান ব্যক্তিৰ ওপৰত আছে সৰ্বজ্ঞানী।","footnotes":"","tafseer":"এতেকে সিহঁতৰ বস্তাসমূহ তালাচী ল’বলৈ সিহঁতক ইউছুফৰ ওচৰলৈ অনা হ'ল। ইউছুফে তেওঁৰ সহোদৰ ভাতৃৰ বস্তা তালাচী লোৱাৰ আগতে তেওঁৰ বৈমাত্ৰেয় ভাতৃসকলৰ বস্তাৰ তালাচী ল’বলৈ আৰম্ভ কৰিলে, যাতে ভেদ প্ৰকাশ নাপায়। তাৰ পিছত তেওঁৰ সহোদৰ ভাতৃ বস্তাত তালাচী চলালে আৰু তাৰ পৰা ৰজাৰ ছা (ওজন কৰা পাত্ৰ) উদ্ধাৰ কৰিলে। আমি যিদৰে ইউছুফক তেওঁৰ ভাতৃৰ বস্তাত ওজন কৰা পাত্ৰটো থৈ দিয়াৰ উপায় সুলভ কৰি দিছিলোঁ, সেইদৰে আৰু এটা উপায় সুলভ কৰি দিছিলোঁ তেওঁ যাতে তেওঁৰ ভাতৃসকলৰ দেশত প্ৰচলিত চোৰৰ দণ্ডবিধি গ্ৰহণ কৰে। আনহাতে যদি ৰজাৰ দণ্ডবিধি মতে তেওঁ আগবাঢ়িলেহেঁতেন তেন্তে এয়া সম্ভৱ নহ’লহেঁতেন। কাৰণ ৰজাৰ দণ্ডবিধি মতে চোৰৰ শাস্তি হৈছে শাৰীৰিক শাস্তি আৰু জৰিমনা। এয়া সুকীয়া কথা যে, আল্লাহে ইচ্ছা কৰিলে বেলেগ কোনো কৌশল কৰিলেহেঁতেন, নিশ্চয় তেওঁ ক্ষমতাৱান। আমি আমাৰ বান্দাসকলৰ যাক ইচ্ছা, তাৰ মৰ্যাদা উচ্চ কৰি দিওঁ। যিদৰে আমি ইউছুফক উচ্চ মৰ্যাদা প্ৰদান কৰিছোঁ। প্ৰত্যেক জ্ঞানী ব্যক্তিৰ ওপৰত আছে জ্ঞানী, আৰু সকলোৰে জ্ঞানৰ ঊৰ্দ্ধত আছে আল্লাহৰ জ্ঞান, তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012076.mp3"},{"index":"77","arabicText":"قَالُوْۤا اِنْ یَّسْرِقْ فَقَدْ سَرَقَ اَخٌ لَّهٗ مِنْ قَبْلُ ۚ فَاَسَرَّهَا یُوْسُفُ فِیْ نَفْسِهٖ وَلَمْ یُبْدِهَا لَهُمْ ۚ قَالَ اَنْتُمْ شَرٌّ مَّكَانًا ۚ وَاللّٰهُ اَعْلَمُ بِمَا تَصِفُوْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘সি যদি চুৰি কৰিছে তেন্তে (এয়া কোনো আচৰিত কথা নহয়) ইয়াৰ পূৰ্বে ইয়াৰ সহোদৰেও চুৰি কৰিছিল’। কিন্তু ইউছুফে প্ৰকৃত বিষয়টো নিজৰ মনতে গোপন ৰাখিলে আৰু সিহঁতৰ সন্মুখত প্ৰকাশ নকৰিলে। তেওঁ (মনে মনে) ক’লে, ‘তোমালোকৰ অৱস্থা অতি জঘন্য আৰু তোমালোকে যি কৈ আছা সেই বিষয়ে আল্লাহেই অধিক অৱগত’।","footnotes":"","tafseer":"এই দেখি ইউছুফৰ ভাতৃসকলে ক'লেঃ যদি এওঁ চুৰি কৰিছে তেন্তে এয়া কোনো আশ্চৰ্যৰ বিষয় নহয়। কাৰণ ইয়াৰ পূৰ্বে এওঁৰ সহোদৰ এজনেও চুৰি কৰিছিল। ইয়াৰ দ্বাৰা সিহঁতে ইউছুফৰ পিনে ইঙ্গিত কৰিছিল। এই কথাৰ দ্বাৰা ইউছুফে মনত যি আঘাত পাইছিল সেয়া তেওঁ মনতে পুহি ৰাখিলে। সিহঁতৰ সন্মুখত প্ৰকাশ নকৰিলে। বৰং মনে মনে ক'লেঃ তোমালোকে পূৰ্বেও যি ঈৰ্ষা আৰু দুৰ্ব্যৱহাৰ কৰিছা, সেয়া ইয়াতো প্ৰকাশ পাইছে। তোমালোকৰ এই অপবাদ সম্পৰ্কে আল্লাহ অধিক জ্ঞাত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012077.mp3"},{"index":"78","arabicText":"قَالُوْا یٰۤاَیُّهَا الْعَزِیْزُ اِنَّ لَهٗۤ اَبًا شَیْخًا كَبِیْرًا فَخُذْ اَحَدَنَا مَكَانَهٗ ۚ اِنَّا نَرٰىكَ مِنَ الْمُحْسِنِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘হে আজীজ! ইয়াৰ পিতৃ অত্যন্ত বৃদ্ধ; গতিকে ইয়াৰ ঠাইত আমাৰ মাজৰ কোনোবা এজনক ৰাখি দিয়ক। আমাৰ দৃষ্টিত আপুনি এজন সৎকৰ্মশীল ব্যক্তি’।","footnotes":"","tafseer":"ইউছুফৰ ভাতৃসকলে ইউছুফক ক'লেঃ হে আজীজ! এওঁৰ পিতৃ হৈছে অতি বয়োজ্যেষ্ঠ, এওঁক বহুত মৰম কৰে। এতেকে এওঁৰ পৰিবৰ্তে আমাৰ মাজৰ কাৰোবাক আপুনি ৰাখি দিয়ক। নিশ্চয় আমি দেখা পাইছোঁ আপুনি আমাৰ প্ৰতি তথা অন্যান্য লোকসকলৰ প্ৰতি অত্যন্ত উপকাৰী তথা নেকপৰায়ন। এতেকে আমাক আৰু এটা উপকাৰ কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012078.mp3"},{"index":"79","arabicText":"قَالَ مَعَاذَ اللّٰهِ اَنْ نَّاْخُذَ اِلَّا مَنْ وَّجَدْنَا مَتَاعَنَا عِنْدَهٗۤ ۙ اِنَّاۤ اِذًا لَّظٰلِمُوْنَ ۟۠","assameseTranslation":"তেওঁ ক’লে, ‘যাৰ ওচৰত আমি আমাৰ বস্তুটো পাইছোঁ, তাৰ বাহিৰে আনক আটক কৰাৰ অপৰাধৰ পৰা আমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ। এনে কৰিলে নিশ্চয় আমি যালিমত পৰিণত হ'ম’।","footnotes":"","tafseer":"ইউছুফ আলাইহিচ্ছালামে ক'লেঃ আমি যাৰ বস্তাত ৰজাৰ ওজন পাত্ৰ পাইছোঁ, তাক বন্দী কৰাৰ পৰিবৰ্তে কোনো নিৰ্দোষীক অন্যায়কাৰীৰ শাস্তি প্ৰদান কৰাৰ পৰা আমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। যদি আমি এনেকুৱা কৰোঁ তেন্তে নিশ্চয় আমি অন্যায়কাৰী সকলৰ অন্তৰ্ভুক্ত হৈ যাম, কাৰণ দোষীক এৰি, নিৰ্দোষীক শাস্তি প্ৰদান কৰা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012079.mp3"},{"index":"80","arabicText":"فَلَمَّا اسْتَیْـَٔسُوْا مِنْهُ خَلَصُوْا نَجِیًّا ؕ قَالَ كَبِیْرُهُمْ اَلَمْ تَعْلَمُوْۤا اَنَّ اَبَاكُمْ قَدْ اَخَذَ عَلَیْكُمْ مَّوْثِقًا مِّنَ اللّٰهِ وَمِنْ قَبْلُ مَا فَرَّطْتُّمْ فِیْ یُوْسُفَ ۚ فَلَنْ اَبْرَحَ الْاَرْضَ حَتّٰی یَاْذَنَ لِیْۤ اَبِیْۤ اَوْ یَحْكُمَ اللّٰهُ لِیْ ۚ وَهُوَ خَیْرُ الْحٰكِمِیْنَ ۟","assameseTranslation":"এতেকে যেতিয়া সিহঁত তাৰ বিষয়ে সম্পূৰ্ণৰূপে নিৰাশ হ’ল, তেতিয়া সিহঁতে পৰামৰ্শ কৰিবলৈ একান্তভাৱে গোট খালে। সিহঁতৰ মাজৰ ডাঙৰ জনে ক’লে, ‘তোমালোকৰ মনত আছেনে তোমালোকৰ পিতৃয়ে তোমালোকৰ পৰা আল্লাহৰ নামত অঙ্গীকাৰ লৈছে আৰু ইয়াৰ আগতেও তোমালোকে ইউছুফৰ বিষয়ে অন্যায় কৰিছিলা। গতিকে মই কেতিয়াও এই দেশ এৰি নাযাওঁ, যেতিয়ালৈকে মোৰ পিতৃয়ে মোক অনুমতি নিদিব অথবা আল্লাহে মোৰ বাবে কোনো ফয়চালা নকৰিব আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী’।","footnotes":"","tafseer":"ইউছুফে সিহঁতৰ আবেদন গ্ৰহণ নকৰিব বুলি যেতিয়া সিহঁতৰ এই আশা শেষ হৈ গ'ল, তেতিয়া সিহঁতে পৰস্পৰে পৰামৰ্শ কৰিবলৈ মানুহৰ পৰা আঁতৰি গ’ল। সিহঁতৰ মাজৰ ডাঙৰ ভাতৃয়ে ক'লেঃ মই তোমালোকক আকৌ মনত পেলাই দিছোঁ যে, তোমালোকৰ পিতৃয়ে তোমালোকৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছে তেওঁৰ পুত্ৰক ওভোতাই লৈ যোৱাৰ নিমিত্তে। কেৱল এনেকুৱা বিপত্তিৰ বাহিৰে যাৰ পৰা ৰক্ষা পোৱাটো তোমালোকৰ সাধ্যত নাই। ইতিপূৰ্বেও তোমালোকে ইউছুফ সম্পৰ্কে অৱহেলা কৰিছা তথা পিতৃৰ লগত কৰা প্ৰতিশ্ৰুতি ভঙ্গ কৰিছা। এতেকে মই তেতিয়ালৈকে মিচৰৰ ভূমি ত্যাগ নকৰোঁ যেতিয়ালৈকে মোক পিতৃয়ে প্ৰত্যাৱৰ্তন কৰাৰ অনুমতি নিদিব, অথবা আল্লাহে মোক মোৰ ভাতৃক লগত লৈ যাবলৈ ফয়চালা নকৰে। নিশ্চয় আল্লাহেই হৈছে উত্তম ফয়চালাকাৰী। কাৰণ তেওঁ সত্য আৰু ন্যায় মুতাবিক ফয়চালা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012080.mp3"},{"index":"81","arabicText":"اِرْجِعُوْۤا اِلٰۤی اَبِیْكُمْ فَقُوْلُوْا یٰۤاَبَانَاۤ اِنَّ ابْنَكَ سَرَقَ ۚ وَمَا شَهِدْنَاۤ اِلَّا بِمَا عَلِمْنَا وَمَا كُنَّا لِلْغَیْبِ حٰفِظِیْنَ ۟","assameseTranslation":"(গতিকে) তোমালোকে তোমালোকৰ পিতৃৰ ওচৰলৈ ঘূৰি যোৱা আৰু কোৱাগৈ, ‘হে আমাৰ পিতৃ! আপোনাৰ পুত্ৰই চুৰি কৰিছে আৰু আমি যি জানো তাৰেই প্ৰত্যক্ষ বিৱৰণ দিলোঁ, আৰু আমি গায়েবী বিষয় সম্পৰ্কে অৱগত নহয়’।","footnotes":"","tafseer":"ডাঙৰ ভাতৃয়ে ক'লেঃ তোমালোকে পিতৃৰ ওচৰলৈ উভতি যোৱা আৰু তেওঁক কোৱাগৈ যে, আপোনাৰ পুত্ৰই চুৰি কৰিছে। সেয়ে মিচৰৰ আজিজে তাক চুৰিৰ দায়ত দাস বনাই লৈছে। আমি সেই সংবাদেই দি আছোঁ যিটো আমি নিজ চকুৰে দেখিছোঁ, কাৰণ ৰজাৰ ওজন পাত্ৰ তাৰ বস্তাৰ পৰাই ওলাইছে। আমি আগতে জনা নাছিলোঁ যে, সি চুৰি কৰিব। আমি জনা হ'লে, তাক ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি আমি কেতিয়াও আপোনাক নিদিলোঁহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012081.mp3"},{"index":"82","arabicText":"وَسْـَٔلِ الْقَرْیَةَ الَّتِیْ كُنَّا فِیْهَا وَالْعِیْرَ الَّتِیْۤ اَقْبَلْنَا فِیْهَا ؕ وَاِنَّا لَصٰدِقُوْنَ ۟","assameseTranslation":"‘(যদি বিশ্বাস নহয়) তেন্তে যি জনপদত আমি আছিলোঁ সেই ঠাইৰ অধিবাসীসকলক সোধক আৰু যি যাত্ৰীদলৰ লগত আমি আহিছোঁ তেওঁলোককো সোধক। নিশ্চয় আমি সঁচা কথাকে কৈ আছোঁ’।","footnotes":"","tafseer":"হে আমাৰ পিতৃ! আমাৰ কথা সঁচা নে মিছা, সেয়া প্ৰমাণ কৰিবলৈ আপুনি মিচৰবাসী সকলক সুধিব পাৰে, য’ত আমি অৱস্থান কৰিছিলোঁ। এইদৰে সেই যাত্ৰীদলকো সুধিব পাৰে যিসকলৰ লগত আমি আহিছোঁ। সকলোৱে আপোনাক সেই কথাই ক’ব, যি কথা আমি আপোনাক অৱগত কৰালোঁ। সি যে চুৰি কৰিছে এই কথা নিশ্চিতভাৱে সত্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012082.mp3"},{"index":"83","arabicText":"قَالَ بَلْ سَوَّلَتْ لَكُمْ اَنْفُسُكُمْ اَمْرًا ؕ فَصَبْرٌ جَمِیْلٌ ؕ عَسَی اللّٰهُ اَنْ یَّاْتِیَنِیْ بِهِمْ جَمِیْعًا ؕ اِنَّهٗ هُوَ الْعَلِیْمُ الْحَكِیْمُ ۟","assameseTranslation":"তেওঁ (ইয়াকূবে) ক’লে, ‘নহয়, বৰং তোমালোকৰ কু-প্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে। গতিকে উত্তম ধৈৰ্য্যই হৈছে মোৰ বাবে শ্ৰেয়; সম্ভৱতঃ আল্লাহে সিহঁত উভয়কে একেলগে মোৰ ওচৰলৈ আনি দিব। নিশ্চয় তেওঁ সৰ্বজ্ঞ, প্ৰজ্ঞাময়’।","footnotes":"","tafseer":"পিতৃয়ে সিহঁতক ক'লেঃ চুৰিৰ কথা যে তোমালোকে কৈ আছা, এয়া সত্য নহয়। বৰং তোমালোকৰ অন্তৰে তোমালোকৰ বাবে শোভনীয় কৰি দিছে যে, ইয়াৰ বিৰুদ্ধেও তোমালোকে চক্ৰান্ত কৰা, যিদৰে তোমালোকে ইতিপূৰ্বে ইউছুফৰ লগত কৰিছিলা। গতিকে মই উত্তম পন্থাৰে ধৈৰ্য্য ধাৰণ কৰিলোঁ। আল্লাহৰ বাহিৰে আন কাৰো ওচৰত মই অভিযোগ দাঙি নধৰোঁ। আশা কৰোঁ আল্লাহে সিহঁত সকলোকে মোৰ ওচৰলৈ ঘূৰাই আনিব, অৰ্থাৎ ইউছুফক, তেওঁৰ সহোদৰক আৰু তেওঁলোকৰ জ্যেষ্ঠ ভাতৃক। নিশ্চয় তেৱেঁই মোৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ। মোৰ সমস্যা সমাধানত তেওঁ মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012083.mp3"},{"index":"84","arabicText":"وَتَوَلّٰی عَنْهُمْ وَقَالَ یٰۤاَسَفٰی عَلٰی یُوْسُفَ وَابْیَضَّتْ عَیْنٰهُ مِنَ الْحُزْنِ فَهُوَ كَظِیْمٌ ۟","assameseTranslation":"তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই নিলে আৰু ক’লে, ‘হায় আফচোচ! ইউছুফৰ বাবে’। শোকত (কান্দি কান্দি) তেওঁৰ চকু দুটা ঘোলা হৈ পৰিছিল আৰু তেওঁ আছিল অসহনীয় মনস্তাপত ক্লিষ্ট।","footnotes":"","tafseer":"তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই আঁতৰি গ'ল আৰু ক'লেঃ হায় আফছোচ! ইউছুফৰ বিৰহত কিমান মই চিন্তিত। ইউছুফৰ অনুপস্থিতিত তেওঁ কান্দি কান্দি চকুৰ ক'লা অংশক বগা কৰি পেলাইছিল। শোকত তেওঁ ভাগি পৰিছিল। তথাপিও তেওঁ নিজৰ এই কষ্ট মানুহৰ পৰা লুকোৱাই ৰাখিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012084.mp3"},{"index":"85","arabicText":"قَالُوْا تَاللّٰهِ تَفْتَؤُا تَذْكُرُ یُوْسُفَ حَتّٰی تَكُوْنَ حَرَضًا اَوْ تَكُوْنَ مِنَ الْهٰلِكِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আপুনি ইউছুফৰ কথা সদায় স্মৰণ কৰি থাকিব যেতিয়ালৈকে আপুনি মুমূৰ্ষ অৱস্থাত উপনীত নহয় অথবা আপোনাৰ মৃত্যু নহয়’।","footnotes":"","tafseer":"ইউছুফৰ ভাতৃসকলে পিতৃক ক'লেঃ হে আমাৰ পিতা! ইউছুফক স্মৰণ কৰি এনেকৈ দুখ প্ৰকাশ কৰিলে আপুনি এদিন কঠিন ৰোগাক্ৰান্ত হৈ পৰিব, অথবা আপোনাৰ প্ৰাণ হানি হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012085.mp3"},{"index":"86","arabicText":"قَالَ اِنَّمَاۤ اَشْكُوْا بَثِّیْ وَحُزْنِیْۤ اِلَی اللّٰهِ وَاَعْلَمُ مِنَ اللّٰهِ مَا لَا تَعْلَمُوْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘মই মোৰ অসহনীয় বেদনা আৰু মোৰ দুখ কেৱল আল্লাহৰ ওচৰতেই নিবেদন কৰোঁ আৰু মই আল্লাহৰ তৰফৰ পৰা সেয়া জানো যিটো তোমালোকে নাজানা’।","footnotes":"","tafseer":"পিতৃয়ে সিহঁতক ক'লেঃ মোৰ অসহনীয় বেদনা আৰু দুখৰ অভিযোগ মই আল্লাহৰ বাহিৰে আন কাৰো ওচৰতে উত্থাপন নকৰোঁ। আল্লাহৰ অনুগ্ৰহ, উপকাৰ আৰু বিপদগ্ৰস্ত লোকৰ প্ৰাৰ্থনা কবূল কৰা সম্পৰ্কে, মই আল্লাহৰ এনেকুৱা কিছুমান তথ্য জানো যিবোৰ তোমালোকে নাজানা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012086.mp3"},{"index":"87","arabicText":"یٰبَنِیَّ اذْهَبُوْا فَتَحَسَّسُوْا مِنْ یُّوْسُفَ وَاَخِیْهِ وَلَا تَایْـَٔسُوْا مِنْ رَّوْحِ اللّٰهِ ؕ اِنَّهٗ لَا یَایْـَٔسُ مِنْ رَّوْحِ اللّٰهِ اِلَّا الْقَوْمُ الْكٰفِرُوْنَ ۟","assameseTranslation":"‘হে মোৰ পুত্ৰসকল! তোমালোকে যোৱা, ইউছুফ আৰু তাৰ সহোদৰৰ সন্ধান কৰাগৈ আৰু আল্লাহৰ ৰহমতৰ পৰা তোমালোকে নিৰাশ নহ’বা। কাৰণ আল্লাহৰ ৰহমতৰ পৰা কাফিৰ সম্প্ৰদায়ৰ বাহিৰে আন কোনেও নিৰাশ নহয়’।","footnotes":"","tafseer":"পিতৃয়ে সিহঁতক ক'লেঃ হে মোৰ পুত্ৰসকল! যোৱা আৰু ইউছুফ তথা তেওঁৰ ভাতৃৰ সন্ধান কৰাগৈ। আল্লাহে নিশ্চয় তেওঁৰ বান্দাৰ দুখ কষ্ট দূৰ কৰিব, তোমালোকে তেওঁৰ ৰহমতৰ পৰা নিৰাশ নহ’বা। ইয়াৰ পৰা কেৱল কাফিৰ সম্প্ৰদায়হে নিৰাশ হয়। কাৰণ সিহঁতে আল্লাহৰ অসীম ক্ষমতা আৰু গোপন অনুগ্ৰহ সম্পৰ্কে অৱগত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012087.mp3"},{"index":"88","arabicText":"فَلَمَّا دَخَلُوْا عَلَیْهِ قَالُوْا یٰۤاَیُّهَا الْعَزِیْزُ مَسَّنَا وَاَهْلَنَا الضُّرُّ وَجِئْنَا بِبِضَاعَةٍ مُّزْجٰىةٍ فَاَوْفِ لَنَا الْكَیْلَ وَتَصَدَّقْ عَلَیْنَا ؕ اِنَّ اللّٰهَ یَجْزِی الْمُتَصَدِّقِیْنَ ۟","assameseTranslation":"এতেকে যেতিয়া সিহঁতে গৈ ইউছুফৰ ওচৰত উপস্থিত হ’ল, তেতিয়া সিহঁতে ক’লে, ‘হে আজীজ! আমি আৰু আমাৰ পৰিয়ালবৰ্গ বিপন্ন হৈ পৰিছোঁ আৰু আমি তুচ্ছ পুঁজি লৈ আহিছোঁ; গতিকে আপুনি আমাক খাদ্য-সামগ্ৰী পূৰ্ণ মাত্ৰাত প্ৰদান কৰক আৰু আমাৰ প্ৰতি অনুগ্ৰহ কৰক; নিশ্চয় আল্লাহে অনুগ্ৰহকাৰী-সকলক পুৰস্কৃত কৰে’।","footnotes":"","tafseer":"এতেকে সিহঁতে পিতৃৰ আদেশ পালন কৰিলে আৰু ইউছুফ তথা তেওঁৰ ভাতৃক সন্ধান কৰিবলৈ ওলাই পৰিল। সিহঁতে ইউছুফৰ ওচৰত উপস্থিত হৈ ক'লেঃ আমি বিপদত তথা অভাৱত পৰিছোঁ। অলপ মূল্য লৈ আহিছোঁ। কিন্তু আপুনি আমাক পৰিপূৰ্ণ খাদ্য সামগ্ৰী দিয়ক, যিদৰে ইতিপূৰ্বে আমাক প্ৰদান কৰিছিল। আমাৰ প্ৰতি কৃপা কৰক, অলপ বেছিকৈ প্ৰদান কৰি অথবা আমাৰ মূল্যক আওকাণ কৰি। নিশ্চয় আল্লাহে দানকাৰীক উত্তম প্ৰতিদান দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012088.mp3"},{"index":"89","arabicText":"قَالَ هَلْ عَلِمْتُمْ مَّا فَعَلْتُمْ بِیُوْسُفَ وَاَخِیْهِ اِذْ اَنْتُمْ جٰهِلُوْنَ ۟","assameseTranslation":"ইউছুফে ক’লে, ‘তোমালোকে জানানে, তোমালোকে ইউছুফ আৰু তেওঁৰ সহোদৰৰ লগত কি আচৰণ কৰিছিলা, যেতিয়া তোমালোক আছিলা (পৰিণাম সম্পৰ্কে) অজ্ঞ’?","footnotes":"","tafseer":"সিহঁতৰ কথা শুনি ইউছুফৰ অন্তৰ কোমল হ'ল আৰু সিহঁতৰ প্ৰতি পুতৌ জন্মিল, আৰু নিজৰ পৰিচয় দিলে, আৰু সিহঁতক ক'লেঃ তোমালোকৰ মনত আছেনে, তোমালোকে ইউছুফ আৰু তেওঁৰ সহোদৰৰ লগত কি কি কৰিছিলা, অথচ তোমালোকে সেইবোৰ কৰ্মৰ পৰিণাম সম্পৰ্কে অৱগত নাছিলা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012089.mp3"},{"index":"90","arabicText":"قَالُوْۤا ءَاِنَّكَ لَاَنْتَ یُوْسُفُ ؕ قَالَ اَنَا یُوْسُفُ وَهٰذَاۤ اَخِیْ ؗ قَدْ مَنَّ اللّٰهُ عَلَیْنَا ؕ اِنَّهٗ مَنْ یَّتَّقِ وَیَصْبِرْ فَاِنَّ اللّٰهَ لَا یُضِیْعُ اَجْرَ الْمُحْسِنِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘তেন্তে তুমিয়েই ইউছুফ নেকি’? তেওঁ ক’লে, ‘হয়, ময়েই ইউছুফ আৰু এওঁ হৈছে মোৰ ভাইটি; নিশ্চয় আল্লাহে আমাৰ ওপৰত অনুগ্ৰহ কৰিছে। নিশ্চয় যি ব্যক্তিয়ে তাক্বৱা অৱলম্বন কৰে আৰু ধৈৰ্য্য ধাৰণ কৰে, (জানি থোৱা) নিশ্চিতভাৱে আল্লাহে তেনেকুৱা সৎকৰ্মশীল লোকসকলৰ শ্ৰমফল বিনষ্ট নকৰে’।","footnotes":"","tafseer":"এই শুনি সিহঁত আচৰিত হ'ল, আৰু ক'লেঃ আপুনিয়ে ইউছুফ নেকি? তেতিয়া ইউছুফে সিহঁতক ক'লেঃ হয়, ময়েই ইউছুফ আৰু মোৰ লগত থকা এওঁ হৈছে মোৰ সহোদৰ ভাতৃ। আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু তোমালোকৰ উৎপিড়নৰ পৰা ৰক্ষা কৰি আমাক সন্মানৰ পাত্ৰ বনাইছে। নিশ্চয় যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, লগতে বিপদত ধৈৰ্য্য ধাৰণ কৰে তেন্তে তাৰ এই কৰ্ম সদাচাৰ বুলি পৰিগণিত হ'ব, নিশ্চয় আল্লাহ সদাচাৰীসকলৰ প্ৰতিদান ব্যৰ্থ নকৰে। বৰং তেওঁলোকৰ বাবে সুৰক্ষিত কৰি ৰাখে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012090.mp3"},{"index":"91","arabicText":"قَالُوْا تَاللّٰهِ لَقَدْ اٰثَرَكَ اللّٰهُ عَلَیْنَا وَاِنْ كُنَّا لَخٰطِـِٕیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আল্লাহে নিশ্চয় তোমাক আমাৰ ওপৰত প্ৰাধান্য দিছে আৰু নিঃসন্দেহে আমি আছিলোঁ অপৰাধী’।","footnotes":"","tafseer":"তেওঁৰ ভাতৃসকলে নিজৰ কৃতকৰ্মৰ বাবে ক্ষমা বিচাৰি ক'লেঃ আল্লাহৰ শপত! নিশ্চয় আল্লাহে আপোনাক পূৰ্ণ বৈশিষ্ট্য প্ৰদান কৰি আমাৰ ওপৰত প্ৰাধান্য দান কৰিছে, আমি আপোনাৰ সৈতে যি ব্যৱহাৰ কৰিছোঁ, সেই ক্ষেত্ৰত আমি আছিলোঁ অন্যায়কাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012091.mp3"},{"index":"92","arabicText":"قَالَ لَا تَثْرِیْبَ عَلَیْكُمُ الْیَوْمَ ؕ یَغْفِرُ اللّٰهُ لَكُمْ ؗ وَهُوَ اَرْحَمُ الرّٰحِمِیْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘আজি তোমালোকৰ বিৰুদ্ধে কোনো গৰিহণা নাই। আল্লাহে তোমালোকক ক্ষমা কৰক আৰু তেৱেঁই শ্ৰেষ্ঠ দয়ালু’।","footnotes":"","tafseer":"ইউছুফ আলাইহিচ্ছালামে সিহঁতৰ ক্ষমা স্বীকাৰ কৰিলে আৰু ক'লেঃ আজি তোমালোকক কোনো দণ্ডনীয় ভৰ্ৎসনা কৰা নহ'ব আৰু তোমালোকক কোনো গৰিহণাও দিয়া নহ'ব। মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেওঁ যেন তোমালোকক ক্ষমা কৰি দিয়ে। তেৱেঁই পৱিত্ৰ আল্লাহ, মহা দয়াৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012092.mp3"},{"index":"93","arabicText":"اِذْهَبُوْا بِقَمِیْصِیْ هٰذَا فَاَلْقُوْهُ عَلٰی وَجْهِ اَبِیْ یَاْتِ بَصِیْرًا ۚ وَاْتُوْنِیْ بِاَهْلِكُمْ اَجْمَعِیْنَ ۟۠","assameseTranslation":"‘তোমালোকে মোৰ এই চোলাটো লৈ যোৱা আৰু এইটো মোৰ পিতৃৰ মুখমণ্ডলৰ ওপৰত ৰাখিবা; তেতিয়া তেওঁ দৃষ্টি শক্তি ঘূৰাই পাব। লগতে তোমালোকৰ পৰিয়ালৰ সকলোকে মোৰ ওচৰলৈ লৈ আহাগৈ’।","footnotes":"","tafseer":"এতেকে তেওঁ যেতিয়া গম পালে যে, তেওঁৰ পিতৃৰ দৃষ্টিশক্তি হ্ৰাস পাইছে, তেতিয়া তেওঁলোকক নিজৰ কামিচ প্ৰদান কৰি ক'লেঃ মোৰ এই কামিচটো লৈ যোৱা আৰু মোৰ পিতৃৰ মুখমণ্ডলত জাপি দিবা, দেখিবা তেখেতৰ দৃষ্টিশক্তি উভতি আহিছে। তাৰ পিছত পৰিয়ালৰ সকলোকে মোৰ ওচৰলৈ লৈ আনিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012093.mp3"},{"index":"94","arabicText":"وَلَمَّا فَصَلَتِ الْعِیْرُ قَالَ اَبُوْهُمْ اِنِّیْ لَاَجِدُ رِیْحَ یُوْسُفَ لَوْلَاۤ اَنْ تُفَنِّدُوْنِ ۟","assameseTranslation":"আৰু যেতিয়া যাত্ৰীদল ওলাই পৰিল সেই সময়তে (ইয়াত) তেওঁলোকৰ পিতৃয়ে ক'লে, তোমালোকে যদি মোক ভাৰসাম্যহীন বৃদ্ধ বুলি নভবা তেন্তে মই কওঁ যে, ‘মই ইউছুফৰ ঘ্ৰাণ পাই আছোঁ’।","footnotes":"","tafseer":"যাত্ৰীদল যেতিয়া মিচৰৰ পৰা ৰাওনা হ'ল আৰু তাৰ পৰা ওলাই আহিল, তেতিয়া ইয়াকূব আলাইহিচ্ছালামে তেওঁৰ পুত্ৰসকলক আৰু তেওঁৰ ওচৰত থকা লোকসকলক ক'লেঃ যদি তোমালোকে মোক মতিভ্ৰম হোৱা বুলি সন্দেহ নকৰা তথা বৃদ্ধ বয়সত মগজুৰ বিকৃতি হোৱা বুলি নভবা তেন্তে শুনা! মই ইউছুফৰ সুগন্ধি পাই আছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012094.mp3"},{"index":"95","arabicText":"قَالُوْا تَاللّٰهِ اِنَّكَ لَفِیْ ضَلٰلِكَ الْقَدِیْمِ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আপুনি এতিয়াও সেই পুৰণি বিভ্ৰান্তিতেই আছে’।","footnotes":"","tafseer":"তেওঁৰ ওচৰত উপস্থিত থকা পুত্ৰসকলে ক'লেঃ আল্লাহৰ শপত! আপুনি ইউছুফৰ প্ৰেম আৰু তাক দেখা পোৱাৰ হেঁপাহত সেই পুৰণি ভ্ৰমতে লিপ্ত হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012095.mp3"},{"index":"96","arabicText":"فَلَمَّاۤ اَنْ جَآءَ الْبَشِیْرُ اَلْقٰىهُ عَلٰی وَجْهِهٖ فَارْتَدَّ بَصِیْرًا ۚ قَالَ اَلَمْ اَقُلْ لَّكُمْ ۙۚ اِنِّیْۤ اَعْلَمُ مِنَ اللّٰهِ مَا لَا تَعْلَمُوْنَ ۟","assameseTranslation":"তাৰ পিছত যেতিয়া সুসংবাদবাহক আহি উপস্থিত হ’ল আৰু তেওঁৰ মুখমণ্ডলৰ ওপৰত চোলাটো ৰাখিলে, তেতিয়া তেওঁ নিজৰ দৃষ্টি শক্তি ঘূৰাই পালে। তেওঁ ক’লে, ‘মই তোমালোকক কোৱা নাছিলোনে যে, মই আল্লাহৰ তৰফৰ পৰা যি জানো তোমালোকে সেয়া নাজানা’?","footnotes":"","tafseer":"এতেকে যেতিয়া সুসংবাদবাহী ব্যক্তি আহি পালে আৰু ইউছুফৰ কামিচ তেওঁৰ মুখমণ্ডলত জাপি দিলে, তেতিয়া তেওঁ নিজৰ দৃষ্টিশক্তি ঘূৰাই পালে। তেতিয়া তেওঁ পুত্ৰসকলক উদ্দেশ্যি ক'লেঃ মই তোমালোকক কোৱা নাছিলোঁনে যে, আল্লাহৰ অনুগ্ৰহ আৰু কৃপা সম্পৰ্কে মই যি জানো তোমালোকে সেয়া নাজানা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012096.mp3"},{"index":"97","arabicText":"قَالُوْا یٰۤاَبَانَا اسْتَغْفِرْ لَنَا ذُنُوْبَنَاۤ اِنَّا كُنَّا خٰطِـِٕیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমাৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক; নিশ্চয় আমি অপৰাধী’।","footnotes":"","tafseer":"ইয়াকূব আলাইহিচ্ছালামৰ পুত্ৰসকলে তেওঁলোকৰ পিতৃৰ সন্মুখত ইউছুফ আৰু তেওঁৰ ভাতৃৰ লগত কৰা অনিষ্টৰ ক্ষমা বিচাৰি ক'লেঃ হে আমাৰ পিতৃ! আমাৰ বিগত গুনাহৰ বাবে আল্লাহৰ ওচৰত আমাৰ হৈ ক্ষমা প্ৰাৰ্থনা কৰক। নিশ্চয় আমি ইউছুফ আৰু তেওঁৰ ভাতৃৰ লগত যি ব্যৱহাৰ কৰিছিলোঁ সেই ক্ষেত্ৰত আমি অন্যায়কাৰী তথা অপৰাধী আছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012097.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012097.mp3"},{"index":"98","arabicText":"قَالَ سَوْفَ اَسْتَغْفِرُ لَكُمْ رَبِّیْ ؕ اِنَّهٗ هُوَ الْغَفُوْرُ الرَّحِیْمُ ۟","assameseTranslation":"তেওঁ ক’লে, ‘অচিৰেই মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম। নিশ্চয় তেওঁ অতি ক্ষমাশীল, পৰম দয়ালু’।","footnotes":"","tafseer":"সিহঁতৰ পিতৃয়ে সিহঁতক ক'লেঃ নিশ্চয় মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম। নিশ্চয় তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল, আৰু তেওঁলোকৰ প্ৰতি অত্যন্ত দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012098.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012098.mp3"},{"index":"99","arabicText":"فَلَمَّا دَخَلُوْا عَلٰی یُوْسُفَ اٰوٰۤی اِلَیْهِ اَبَوَیْهِ وَقَالَ ادْخُلُوْا مِصْرَ اِنْ شَآءَ اللّٰهُ اٰمِنِیْنَ ۟ؕ","assameseTranslation":"তাৰ পিছত তেওঁলোক যেতিয়া ইউছুফৰ ওচৰত আহি উপস্থিত হ’ল, তেতিয়া তেওঁ পিতৃ-মাতৃক নিজৰ কাষত স্থান দিলে, আৰু ক’লে, ‘আপোনালোকে আল্লাহৰ ইচ্ছাত নিৰাপদে মিচৰত অৱস্থান কৰক’।","footnotes":"","tafseer":"ইয়াকূব আলাইহিচ্ছালাম আৰু তেওঁৰ পৰিয়ালৰ লোকসকল নিজ দেশৰ পৰা ইউছুফৰ ওচৰলৈ যোৱাৰ বাবে মিচৰলৈ ৰাওনা হ'ল। যেতিয়া তেওঁলোকে ইউছুফৰ ওচৰত গৈ পালে, তেতিয়া ইউছুফে তেওঁৰ পিতৃ-মাতৃক আঁকোৱালি ল’লে। লগতে তেওঁ নিজ ভাতৃসকলক আৰু পৰিয়ালক উদ্দেশ্যি ক'লেঃ আল্লাহৰ ওপৰত ভৰসা কৰি শান্তি আৰু নিৰাপত্তাৰ সৈতে মিচৰত প্ৰৱেশ কৰক, ইয়াত আপোনালোকৰ কোনো কষ্ট নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012099.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012099.mp3"},{"index":"100","arabicText":"وَرَفَعَ اَبَوَیْهِ عَلَی الْعَرْشِ وَخَرُّوْا لَهٗ سُجَّدًا ۚ وَقَالَ یٰۤاَبَتِ هٰذَا تَاْوِیْلُ رُءْیَایَ مِنْ قَبْلُ ؗ قَدْ جَعَلَهَا رَبِّیْ حَقًّا ؕ وَقَدْ اَحْسَنَ بِیْۤ اِذْ اَخْرَجَنِیْ مِنَ السِّجْنِ وَجَآءَ بِكُمْ مِّنَ الْبَدْوِ مِنْ بَعْدِ اَنْ نَّزَغَ الشَّیْطٰنُ بَیْنِیْ وَبَیْنَ اِخْوَتِیْ ؕ اِنَّ رَبِّیْ لَطِیْفٌ لِّمَا یَشَآءُ ؕ اِنَّهٗ هُوَ الْعَلِیْمُ الْحَكِیْمُ ۟","assameseTranslation":"আৰু ইউছুফে তেওঁৰ পিতৃ-মাতৃক উচ্চ আসনত বহুৱালে আৰু তেওঁলোক সকলোৱে তেওঁৰ সন্মানত ছাজদাৱনত হ’ল। তেতিয়া তেওঁ ক’লে, ‘হে মোৰ পিতৃ! এইটোৱেই মোৰ সপোনৰ ব্যাখ্যা; মোৰ প্ৰতিপালকে ইয়াক সত্যত পৰিণত কৰিছে আৰু তেৱেঁই মোক কাৰাগাৰৰ পৰা মুক্ত কৰিছে আৰু চয়তানে মোৰ আৰু মোৰ ভাতৃসকলৰ সম্পৰ্ক বিনষ্ট কৰাৰ পিছতো আপোনালোকক মৰুভূমি অঞ্চলৰ পৰা ইয়াত আনি তেওঁ মোৰ প্ৰতি অনুগ্ৰহ কৰিছে। নিশ্চয় মোৰ প্ৰতিপালকে যি ইচ্ছা কৰে সেয়া নিপুণতাৰ সৈতে কৰে। নিশ্চয় তেৱেঁই সৰ্বজ্ঞ, প্ৰজ্ঞাময়’।","footnotes":"","tafseer":"তথা নিজৰ পিতৃ-মাতৃক তেওঁৰ সিংহাসনত বহোৱালে। তেওঁক তেওঁৰ পিতৃ-মাতৃ আৰু এঘাৰ ভাতৃয়ে ছাজদাহ কৰি সেৱা জনালে। জানি থোৱা উচিত যে, এই ছাজদাহ আছিল সন্মানৰ বাবে, ইবাদতৰ বাবে নহয়। তথা আল্লাহৰ আদেশ পালন কৰিবলৈহে কৰিছিল, যিদৰে সপোনত দেখুৱা হৈছিল। সেই কাৰণেই ইউছুফে তেওঁৰ পিতৃক কৈছিলঃ আপোনালোকে ছাজদাৰ জৰিয়তে জনোৱা এই সেৱাটো হৈছে মোৰ সেই সপোনৰ ব্যাখ্যা, যিটো মই পূৰ্বেই দেখিছিলোঁ আৰু আপোনাৰ ওচৰত বৰ্ণনা কৰিছিলোঁ। আজি আল্লাহে সেইটোক বাস্তৱ কৰি দেখুৱালে। মোক কাৰাগাৰৰ পৰা মুক্তি প্ৰদান কৰি তথা আপোনালোকক গাঁওৰ পৰা ইয়ালৈ আনি, মোৰ প্ৰতিপালকে মোৰ প্ৰতি উপকাৰ কৰিছে। অথচ চয়তানে মোৰ আৰু মোৰ ভাতৃসকলৰ মাজত সমস্যাৰ সৃষ্টি কৰিছিল। নিশ্চয় মোৰ প্ৰতিপালক হৈছে নিজৰ ইচ্ছা অনুসৰি উপায় সৃষ্টিৰ ক্ষেত্ৰত সূক্ষ্মদৰ্শী। নিশ্চয় তেওঁ বান্দাৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ। পৰিচালনাত তেওঁ মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012100.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012100.mp3"},{"index":"101","arabicText":"رَبِّ قَدْ اٰتَیْتَنِیْ مِنَ الْمُلْكِ وَعَلَّمْتَنِیْ مِنْ تَاْوِیْلِ الْاَحَادِیْثِ ۚ فَاطِرَ السَّمٰوٰتِ وَالْاَرْضِ ۫ اَنْتَ وَلِیّٖ فِی الدُّنْیَا وَالْاٰخِرَةِ ۚ تَوَفَّنِیْ مُسْلِمًا وَّاَلْحِقْنِیْ بِالصّٰلِحِیْنَ ۟","assameseTranslation":"‘হে মোৰ প্ৰতিপালক! তুমিয়েই মোক ৰাজত্ব দান কৰিছা আৰু সপোনৰ ব্যাখ্যা শিক্ষা দিছা। হে আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা! তুমিয়েই পৃথিৱী আৰু আখিৰাতত মোৰ অভিভাৱক। তুমি মোক মুছলিম অৱস্থাত মুত্যু প্ৰদান কৰা আৰু মোক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰা’।","footnotes":"","tafseer":"তাৰ পিছত ইউছুফে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি মোক মিচৰৰ ৰাজত্ব প্ৰদান কৰিছা, আৰু মোক সপোনৰ ব্যাখ্যা শিকাইছা। হে আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তথা এই দুয়োকে পূৰ্বৰ কোনো নমুনা অবিহনেই উদ্ভাৱন কৰা উদ্ভাৱক। তুমিয়েই পাৰ্থিৱ জীৱনৰ মোৰ সকলো কৰ্মৰ পৰিচালক, আৰু তুমিয়েই মোৰ আখিৰাতৰ সকলো কৰ্মৰ অভিভাৱক। মোৰ জীৱনকাল শেষ হ'লে মোক মুছলিম অৱস্থাত মৃত্যু প্ৰদান কৰিবা। লগতে মোক জান্নাতৰ উচ্চ স্থানত মোৰ পিতৃপুৰুষসকলৰ মাজৰ যিসকল নবী আছিল আৰু আন আন পূণ্যৱান লোকসকলৰ সৈতে সাক্ষাৎ কৰাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012101.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012101.mp3"},{"index":"102","arabicText":"ذٰلِكَ مِنْ اَنْۢبَآءِ الْغَیْبِ نُوْحِیْهِ اِلَیْكَ ۚ وَمَا كُنْتَ لَدَیْهِمْ اِذْ اَجْمَعُوْۤا اَمْرَهُمْ وَهُمْ یَمْكُرُوْنَ ۟","assameseTranslation":"এইবোৰ হৈছে গায়েবৰ সংবাদ, যিবোৰ আমি অহীৰ দ্বাৰা তোমাক জনাই আছোঁ, যেতিয়া সিহঁতে ঐক্যমতত উপনীত হৈ ষড়যন্ত্ৰ ৰচিছিল, তেতিয়া তুমি সিহঁতৰ কাষত নাছিলা।","footnotes":"","tafseer":"হে ৰাছুল! ইউছুফ আৰু তেওঁৰ ভাতৃসকলৰ উক্ত ঘটনাটো আমিয়েই আপোনাৰ প্ৰতি অহি কৰিছোঁ। এই সম্পৰ্কে আপোনাৰ একো জ্ঞান নাছিল। কাৰণ সেই সময়ত আপুনি ইউছুফৰ ভাতৃসকলৰ ওচৰত উপস্থিত নাছিল, যেতিয়া সিহঁতে ইউছুফক কুঁৱাত নিক্ষেপ কৰাৰ সিদ্ধান্ত লৈছিল, আৰু এই ক্ষেত্ৰত সিহঁতে ডাঙৰ চক্ৰান্ত ৰচিছিল। বৰং আমি আপোনাক এই সম্পৰ্কে অহীৰ জৰিয়তে অৱগত কৰাইছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012102.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012102.mp3"},{"index":"103","arabicText":"وَمَاۤ اَكْثَرُ النَّاسِ وَلَوْ حَرَصْتَ بِمُؤْمِنِیْنَ ۟","assameseTranslation":"আৰু তুমি যিমানেই আকাংক্ষা নকৰা কিয়, অধিকাংশ মানুহেই ঈমান পোষণ নকৰিব।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি যিমানেই প্ৰয়াস নকৰক কিয়, সিহঁতৰ অধিকাংশই ঈমান পোষণ নকৰিব। গতিকে সিহঁতৰ ঈমান পোষণ নকৰাৰ শোকত আপুনি নিজকে ধ্বংস নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012103.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012103.mp3"},{"index":"104","arabicText":"وَمَا تَسْـَٔلُهُمْ عَلَیْهِ مِنْ اَجْرٍ ؕ اِنْ هُوَ اِلَّا ذِكْرٌ لِّلْعٰلَمِیْنَ ۟۠","assameseTranslation":"অথচ তুমি সিহঁতৰ পৰা কোনো প্ৰতিদানো বিচৰা নাই। এই (কোৰআন) হৈছে সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ।","footnotes":"","tafseer":"সিহঁতৰ বোধশক্তি থাকিলে, নিশ্চয় সিহঁতে আপোনাৰ প্ৰতি ঈমান আনিলেহেঁতেন। কাৰণ হে ৰাছুল! আপুনি সিহঁতৰ পৰা কোৰআন তথা ধৰ্ম-প্ৰচাৰৰ নামত কোনো পাৰিশ্ৰমিক নিবিচাৰে। কোৰআন হৈছে গোটেই বিশ্ববাসীৰ বাবে উপদেশমূলক শিক্ষা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012104.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012104.mp3"},{"index":"105","arabicText":"وَكَاَیِّنْ مِّنْ اٰیَةٍ فِی السَّمٰوٰتِ وَالْاَرْضِ یَمُرُّوْنَ عَلَیْهَا وَهُمْ عَنْهَا مُعْرِضُوْنَ ۟","assameseTranslation":"আকাশসমূহ আৰু পৃথিৱীত বহুতো নিদৰ্শন আছে; সিহঁতে এইবোৰ দেখে কিন্তু সিহঁতে এইবোৰৰ প্ৰতি উদাসীন।","footnotes":"","tafseer":"মহান আল্লাহৰ তাওহীদ সম্পৰ্কীয় বহুতো নিদৰ্শন আকাশমণ্ডল তথা পৃথিৱীত প্ৰসাৰিত হৈ আছে। মানুহে সেইবোৰৰ ওচৰেৰে চলাফুৰা কৰে কিন্তু সেইবোৰৰ পৰা শিক্ষা লোৱাৰ প্ৰয়াস নকৰে, আৰু সেইবোৰৰ প্ৰতি মনোযোগও নিদিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012105.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012105.mp3"},{"index":"106","arabicText":"وَمَا یُؤْمِنُ اَكْثَرُهُمْ بِاللّٰهِ اِلَّا وَهُمْ مُّشْرِكُوْنَ ۟","assameseTranslation":"সিহঁতৰ সৰহভাগ মানুহেই ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে।","footnotes":"","tafseer":"অধিকাংশ লোকে এই কথা বিশ্বাস কৰে যে, আল্লাহেই সৃষ্টিকৰ্তা আৰু জীৱিকাদাতা, তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে কিন্তু সিহঁতে তেওঁৰ সৈতে আন আন মূৰ্তি তথা প্ৰতিমাৰো পূজা কৰে। লগতে সিহঁতে এই দাবী কৰে যে, আল্লাহৰ সন্তান আছে। অথচ তেওঁ ইয়াৰ পৰা পৱিত্ৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012106.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012106.mp3"},{"index":"107","arabicText":"اَفَاَمِنُوْۤا اَنْ تَاْتِیَهُمْ غَاشِیَةٌ مِّنْ عَذَابِ اللّٰهِ اَوْ تَاْتِیَهُمُ السَّاعَةُ بَغْتَةً وَّهُمْ لَا یَشْعُرُوْنَ ۟","assameseTranslation":"তেন্তে সিহঁত আল্লাহৰ সৰ্বগ্ৰাসী শাস্তিৰ পৰা, নাইবা সিহঁতৰ অজানিতে ক্বিয়ামতৰ আকস্মিক আগমনৰ পৰা সিহঁত নিৰাপদ হৈ গৈছে নেকি?","footnotes":"","tafseer":"এই মুশ্বৰিকসকলে নিশ্চিন্ত হৈ গৈছে নেকি যে, পৃথিৱীত সিহঁতৰ ওপৰত এনেকুৱা কোনো শাস্তি নাহিব বুলি, যি শাস্তিয়ে সকলোকে সামৰি ল’ব, আৰু যি শাস্তিক সিহঁতে প্ৰতিৰোধ কৰিব নোৱাৰিব। অথবা হঠাৎ আহিব পৰা ক্বিয়ামতৰ পৰাও নিশ্চিন্ত হৈছে নেকি, যি ক্বিয়ামত সম্পৰ্কে সিহঁতে অকণো সংকেত নাপাব যে, যাতে তাৰ বাবে সিহঁতে প্ৰস্তুতি ল’ব পাৰে। এইবোৰৰ পৰা নিশ্চিন্ত হৈ থকাৰ কাৰণে সিহঁতে ঈমান পোষণ নকৰে নেকি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012107.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012107.mp3"},{"index":"108","arabicText":"قُلْ هٰذِهٖ سَبِیْلِیْۤ اَدْعُوْۤا اِلَی اللّٰهِ ؔ۫ عَلٰی بَصِیْرَةٍ اَنَا وَمَنِ اتَّبَعَنِیْ ؕ وَسُبْحٰنَ اللّٰهِ وَمَاۤ اَنَا مِنَ الْمُشْرِكِیْنَ ۟","assameseTranslation":"কোৱা, ‘এইটোৱেই হৈছে মোৰ পথ, মই আৰু মোৰ অনুসাৰীসকলে পূৰ্ণ বিশ্বাসৰ সৈতে জানি-বুজি আল্লাহৰ প্ৰতি আহ্বান কৰোঁ। আল্লাহ অতি পৱিত্ৰ, আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সেইসকল লোকক কৈ দিয়ক, যিসকলক আপুনি আল্লাহৰ পিনে আহ্বান কৰি আছে, এইটোৱে হৈছে মোৰ সৰল পথ, যিটোৰ পিনে মই মানুহক আহ্বান কৰোঁ। স্পষ্ট প্ৰমাণৰ সৈতে মই ইয়াৰ পিনে আহ্বান কৰোঁ, লগতে মোৰ অনুসৰণকাৰীসকলে, আৰু মোৰ পথ অৱলম্বনকাৰীসকলে, মোৰ পন্থাত আমলকাৰীসকলেও ইয়াৰ পিনেই আহ্বান কৰে। মহান আল্লাহ প্ৰত্যেক সেইসমূহ বিষয়ৰ পৰা পৱিত্ৰ, যিবোৰ তেওঁৰ মহামহিম সত্ত্বাৰ বাবে উপযুক্ত নহয়, অথবা যিবোৰ তেওঁৰ পৰিপূৰ্ণতাৰ বাবে ত্ৰুটিযুক্ত। মই আল্লাহৰ লগত শ্বিৰ্ককাৰীসকলৰ অন্তৰ্ভুক্ত নহয়। বৰং মই তেওঁৰ তাওহীদ প্ৰতিষ্ঠাকাৰীসকলৰহে অন্তৰ্ভুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012108.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012108.mp3"},{"index":"109","arabicText":"وَمَاۤ اَرْسَلْنَا مِنْ قَبْلِكَ اِلَّا رِجَالًا نُّوْحِیْۤ اِلَیْهِمْ مِّنْ اَهْلِ الْقُرٰی ؕ اَفَلَمْ یَسِیْرُوْا فِی الْاَرْضِ فَیَنْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الَّذِیْنَ مِنْ قَبْلِهِمْ ؕ وَلَدَارُ الْاٰخِرَةِ خَیْرٌ لِّلَّذِیْنَ اتَّقَوْا ؕ اَفَلَا تَعْقِلُوْنَ ۟","assameseTranslation":"আৰু আমি তোমাৰ পূৰ্বেও জনপদবাসীৰ মাজৰ পৰা কেৱল পুৰুষসকলকেই ৰিছালত প্ৰদান কৰি প্ৰেৰণ কৰিছিলোঁ, যিসকলৰ ওপৰত আমি অহী অৱতীৰ্ণ কৰিছিলোঁ। এই লোকসকলে পৃথিৱীত ভ্ৰমণ কৰা নাই নেকি? তেতিয়াহে দেখিব পাৰিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ কি পৰিণাম হৈছিল? নিশ্চয় যিসকলে তাক্বৱা অৱলম্বন কৰিছে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই হৈছে উত্তম; তথাপিও তোমালোকে বুজি নোপোৱানে?","footnotes":"","tafseer":"হে নবী! আপোনাৰ পূৰ্বে আমি কেৱল পুৰুষসকলকহে নবী হিচাপে প্ৰেৰণ কৰিছিলোঁ, ফিৰিস্তাসকলক নহয়। তেওঁলোকৰ পিনে অহী কৰিছিলোঁ যিদৰে আপোনাৰ পিনে অহী কৰোঁ। তেওঁলোক নগৰৰেই অধিবাসী আছিল, গাঁওলীয়া নহয়। তেওঁলোকৰ সম্প্ৰদায়সমূহে তেওঁলোকক অস্বীকাৰ কৰিছিল, ফলত আমি সিহঁতক ধ্বংস কৰি দিছিলোঁ। আপোনাক অস্বীকাৰকাৰী সকলে পৃথিৱীত চলাফুৰা নকৰে নেকি, যাতে দেখা পায় যে, পুৰ্বৱৰ্তী লোকসকলৰ কেনেকুৱা পৰিণাম হৈছিল আৰু তাৰ পৰা শিক্ষা গ্ৰহণ কৰিলেহেঁতেন? আখিৰাতৰ নিয়ামতসমূহ সেইসকল লোকৰ বাবে কল্যাণকৰ, যিসকলে পৃথিৱীত আল্লাহক ভয় কৰে। তোমালোকে বুজি নোপোৱা নেকি যে, আল্লাহৰ মহান আদেশৰ প্ৰতি আমল কৰাৰ নিমিত্তে ঈমান পোষণ কৰা আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা অৰ্থাৎ শ্বিৰ্কৰ পৰা বিৰত থাকি তাক্বৱা অৱলম্বন কৰাটো হৈছে কল্যাণকৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012109.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012109.mp3"},{"index":"110","arabicText":"حَتّٰۤی اِذَا اسْتَیْـَٔسَ الرُّسُلُ وَظَنُّوْۤا اَنَّهُمْ قَدْ كُذِبُوْا جَآءَهُمْ نَصْرُنَا ۙ فَنُجِّیَ مَنْ نَّشَآءُ ؕ وَلَا یُرَدُّ بَاْسُنَا عَنِ الْقَوْمِ الْمُجْرِمِیْنَ ۟","assameseTranslation":"অৱশেষত যেতিয়া ৰাছুলসকলে (তেওঁলোকৰ সম্প্ৰদায়ৰ ঈমানৰ পৰা) নিৰাশ হ’ল আৰু মানুহে ধাৰণা কৰিলে যে, ৰাছুলসকলক মিছা প্ৰতিশ্ৰুতি দিয়া হৈছে, তেতিয়া তেওঁলোকৰ ওচৰলৈ আমাৰ সাহায্য আহি পালে। তাৰ পিছত আমি যাক ইচ্ছা কৰিলোঁ তাক উদ্ধাৰ কৰা হ’ল। কিন্তু অপৰাধী সম্প্ৰদায়ৰ পৰা আমাৰ শাস্তি কেতিয়াও ৰহিত কৰা নহয়।","footnotes":"","tafseer":"আমি প্ৰেৰণ কৰা ৰাছুলসকলৰ শত্ৰুসকলক অৱকাশ দি থাকোঁ, সেই কাৰণেই আমি সিহঁতক শাস্তি প্ৰদানত খৰধৰ নকৰোঁ। এতেকে যেতিয়া সিহঁতৰ বিনাশকাৰ্যত পলম হয়, আনকি ৰাছুলসকলেও সিহঁতৰ বিনাশৰ পৰা নিৰাশ হয়, ইপিনে কাফিৰসকলেও পূৰ্ণ বিশ্বাসত উপনীত হয় যে, ৰাছুলে অস্বীকাৰকাৰী সকলক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু মুমিনসকলক মুক্তিৰ যি অঙ্গীকাৰ দিছিল, সেয়া আছিল মিছা দাবী, তেতিয়াই ৰাছুলৰ ওচৰলৈ আমাৰ সহায় আহি পৰে, ফলত ৰাছুলক আৰু মুমিনসকলক সেই বিনাশৰ পৰা ৰক্ষা কৰা হয়। আমাৰ শাস্তি যেতিয়া অপৰাধীৰ ওপৰত অৱতীৰ্ণ হয় সেয়া কেতিয়াও প্ৰতিৰোধ কৰা সম্ভৱ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012110.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012110.mp3"},{"index":"111","arabicText":"لَقَدْ كَانَ فِیْ قَصَصِهِمْ عِبْرَةٌ لِّاُولِی الْاَلْبَابِ ؕ مَا كَانَ حَدِیْثًا یُّفْتَرٰی وَلٰكِنْ تَصْدِیْقَ الَّذِیْ بَیْنَ یَدَیْهِ وَتَفْصِیْلَ كُلِّ شَیْءٍ وَّهُدًی وَّرَحْمَةً لِّقَوْمٍ یُّؤْمِنُوْنَ ۟۠","assameseTranslation":"সিহঁতৰ বৃত্তান্তত অৱশ্যে বোধশক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে আছে শিক্ষা। এইখন কোনো মনে সজা ৰচনা নহয়। বৰং এইখন হৈছে আগৰ গ্ৰন্থবোৰত যি আছে তাৰেই সমৰ্থক আৰু সকলো বিষয়ৰ বিশদ বিৱৰণ, লগতে মুমিন সম্প্ৰদায়ৰ বাবে ই হৈছে হিদায়ত আৰু ৰহমত।","footnotes":"","tafseer":"ৰাছুলসকল আৰু তেওঁলোকৰ সম্প্ৰদায়সমূহৰ বৰ্ণনাত, তথা ইউছুফ আলাইহিচ্ছালাম আৰু তেওঁৰ ভাতৃসকলৰ বিৱৰণত মহা উপদেশ তথা শিক্ষা আছে, ইয়াৰ পৰা কেৱল বিবেকৱান লোকসকলেই উপকৃত হয়। এই বিবৃত ঘটনাবোৰে প্ৰমাণ কৰে যে, কোৰআন কেতিয়াও এনেকুৱা বাণী নহয়, য’ত মনেসজা তথা আল্লাহৰ প্ৰতি সম্পৃক্ত মিছা কাহিনী আছে। বৰং এইখন হৈছে আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ ঐশী গ্ৰন্থসমূহৰ সমৰ্থক, তথা এইখন হৈছে প্ৰত্যেক সেইবোৰ বিধানৰ বিস্তাৰিত বিৱৰণ, যিবোৰ বিৱৰণ চৰীয়তত প্ৰয়োজন। লগতে এইখন হৈছে সকলো ধৰণৰ কল্যাণৰ পথপ্ৰদৰ্শক। মুমিনসকলৰ বাবে ৰহমত। কাৰণ তেওঁলোকেই ইয়াৰ দ্বাৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/012111.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/012111.mp3"}]