[{"index":"1","arabicText":"الٓرٰ ۫ تِلْكَ اٰیٰتُ الْكِتٰبِ وَقُرْاٰنٍ مُّبِیْنٍ ۟","assameseTranslation":"আলিফ-লাম-ৰা,[1] এইবোৰ হৈছে মহাগ্ৰন্থ তথা সুস্পষ্ট কোৰআনৰ আয়াত।","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"(আলিফ-লাম-ৰা) এই সম্পৰ্কীয় আলোচনা ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিতে কৰা হৈছে। এই আয়াতবোৰ খুবেই গুৰুত্বপূৰ্ণ, যিবোৰে প্ৰমাণ কৰে যে, এইবোৰ হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। দৰাচলতে এইবোৰ কোৰআনৰ এনেকুৱা আয়াত, যিবোৰে আল্লাহৰ তাওহীদ আৰু চৰীয়তি আদেশ নিষেধ বৰ্ণনা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015001.mp3"},{"index":"2","arabicText":"رُبَمَا یَوَدُّ الَّذِیْنَ كَفَرُوْا لَوْ كَانُوْا مُسْلِمِیْنَ ۟","assameseTranslation":"কাফিৰসকলে এটা সময়ত আকাংক্ষা কৰিব যে, যদি সিহঁত মুছলিম হ’লহেঁতেন!","footnotes":"","tafseer":"ক্বিয়ামতৰ দিনা কাফিৰসকলৰ সন্মুখত যেতিয়া বিষয়টো স্পষ্ট হৈ পৰিব যে, পৃথিৱীত যি কুফুৰী পথ অৱলম্বন কৰিছিলোঁ সেয়া ভুল আছিল, তেতিয়া সিহঁতে কামনা কৰিব, হায়! যদি আমিও মুছলিম হ’লোঁহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015002.mp3"},{"index":"3","arabicText":"ذَرْهُمْ یَاْكُلُوْا وَیَتَمَتَّعُوْا وَیُلْهِهِمُ الْاَمَلُ فَسَوْفَ یَعْلَمُوْنَ ۟","assameseTranslation":"এৰি দিয়া সিহঁতক, সিহঁত খাই থাকক আৰু ভোগ কৰি থাকক, লগতে আশা-আকাংক্ষাই সিহঁতক মোহাচ্ছন্ন কৰি ৰাখক, এতেকে অচিৰেই সিহঁতে জানিব পাৰিব।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰীসকলক এৰি দিয়ক, সিহঁতে খাই থাকক যিদৰে চতুষ্পদ জন্তুবোৰে খায়, আৰু পাৰ্থিৱ জীৱনৰ ধ্বংসশীল সামগ্ৰী উপভোগ কৰিবলৈ দিয়ক। সিহঁতৰ ডাঙৰ ডাঙৰ আশায় সিহঁতক ঈমান আৰু নেক আমলৰ পৰা বিৰত ৰাখক। ক্বিয়ামতৰ দিনা যেতিয়া সিহঁতে আল্লাহৰ সন্মুখত উপস্থিত হ'ব, তেতিয়াহে গ'ম পাব সিহঁত কিমান ক্ষতিগ্ৰস্ত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015003.mp3"},{"index":"4","arabicText":"وَمَاۤ اَهْلَكْنَا مِنْ قَرْیَةٍ اِلَّا وَلَهَا كِتَابٌ مَّعْلُوْمٌ ۟","assameseTranslation":"আৰু আমি যি জনপদকেই ধ্বংস কৰিছোঁ, তাৰ বাবে এটা নিৰ্দিষ্ট কাল লিপিবদ্ধ আছিল।","footnotes":"","tafseer":"অন্যায়কাৰী জনবসতিসমূহৰ মাজৰ যিবোৰৰ ওপৰত আমি বিনাশ অৱতীৰ্ণ কৰিছোঁ, সিহঁতৰ বাবে আল্লাহৰ ওচৰত আছিল এটা নিৰ্ধাৰিত সময়। সেই নিৰ্ধাৰিত সময়ৰ পৰা সিহঁতে আগুৱাইয়ো যাব পৰা নাছিল আৰু পিছুৱাবও পৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015004.mp3"},{"index":"5","arabicText":"مَا تَسْبِقُ مِنْ اُمَّةٍ اَجَلَهَا وَمَا یَسْتَاْخِرُوْنَ ۟","assameseTranslation":"কোনো জাতিয়েই তাৰ নিৰ্দিষ্ট (ধ্বংসৰ) কালক আগুৱাই আনিব নোৱাৰে আৰু পিছুৱাইয়ো নিব নোৱাৰে।","footnotes":"","tafseer":"কোনো সম্প্ৰদায়ৰ ওচৰতেই সিহঁতৰ নিৰ্ধাৰিত সময়ৰ পূৰ্বে সিহঁতৰ ধ্বংস নামি নাহে। এইদৰে সিহঁতৰ ওচৰলৈ বিনাশ নামি আহিলে সেয়া প্ৰতিৰোধ কৰাও সম্ভৱ নহয়। এতেকে আল্লাহে জালিমসকলক যি অৱকাশ প্ৰদান কৰিছে, তাৰ প্ৰতি সিহঁতে ভুল যোৱা উচিত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015005.mp3"},{"index":"6","arabicText":"وَقَالُوْا یٰۤاَیُّهَا الَّذِیْ نُزِّلَ عَلَیْهِ الذِّكْرُ اِنَّكَ لَمَجْنُوْنٌ ۟ؕ","assameseTranslation":"আৰু সিহঁতে কয়, ‘হেৰা মানুহজন! যাৰ প্ৰতি যিকিৰ (কোৰআন) অৱতীৰ্ণ হৈছে, নিশ্চয় তুমি হৈছা এজন উন্মাদ’।","footnotes":"","tafseer":"মক্কাৰ কাফিৰসকলে ৰাছুলক উদ্দেশ্যি ক'লেঃ তুমি যি দাবী কৰিছা যে, তোমাৰ প্ৰতি যিকৰ অৱতীৰ্ণ হৈছে, তোমাৰ এই দাবীয়ে প্ৰমাণ কৰে যে, তুমি হৈছা এজন উন্মাদ। লগতে তুমি উন্মাদৰ দৰে আচৰণো কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015006.mp3"},{"index":"7","arabicText":"لَوْ مَا تَاْتِیْنَا بِالْمَلٰٓىِٕكَةِ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟","assameseTranslation":"যদি তুমি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হোৱা তেন্তে আমাৰ ওচৰলৈ ফিৰিস্তা উপস্থিত নকৰা কিয়?","footnotes":"","tafseer":"যদি তুমি সত্যবাদী হোৱা তেন্তে তুমি আমাৰ ওচৰলৈ ফিৰিস্তা কিয় লৈ নাহা, যিয়ে তোমাৰ সপক্ষে সাক্ষী দিব যে, তুমি এজন প্ৰেৰিত নবী আৰু (আমি যদি তোমাৰ কথা নামানো তেন্তে) আমাৰ ওপৰত শাস্তি অৱতীৰ্ণ হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015007.mp3"},{"index":"8","arabicText":"مَا نُنَزِّلُ الْمَلٰٓىِٕكَةَ اِلَّا بِالْحَقِّ وَمَا كَانُوْۤا اِذًا مُّنْظَرِیْنَ ۟","assameseTranslation":"আমি ফিৰিস্তাসকলক যথাৰ্থ কাৰণ নোহোৱাকৈ প্ৰেৰণ নকৰোঁ, আৰু (ফিৰিস্তাসকলক অৱতীৰ্ণ কৰিলে) তেতিয়া সিহঁতে অৱকাশ নাপালেহেঁতেন।","footnotes":"","tafseer":"ফিৰিস্তা অহাটো কামনা কৰি সিহঁতে আগবঢ়োৱা এই প্ৰস্তাৱক খণ্ডন কৰি আল্লাহে কৈছেঃ ফিৰিস্তা সেই সময়তেই অৱতীৰ্ণ হয় যেতিয়া হিকমত অনুসাৰে সিহঁতৰ বিনাশৰ সময় ওচৰ চাপে। আনহাতে যদি আমি ফিৰিস্তা অৱতীৰ্ণ কৰোঁ আৰু তাৰ পিছত যদি সিহঁতে ঈমান পোষণ নকৰে তেন্তে সিহঁতক কেতিয়াও অৱকাশ দিয়া নহ'ব। বৰং সিহঁতক দ্ৰুত শাস্তি বিহা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015008.mp3"},{"index":"9","arabicText":"اِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَاِنَّا لَهٗ لَحٰفِظُوْنَ ۟","assameseTranslation":"নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু নিশ্চয় আমিয়েই ইয়াৰ সংৰক্ষক।","footnotes":"","tafseer":"নিশ্চয় আমিয়েই এই কোৰআন মুহাম্মদৰ অন্তৰত অৱতীৰ্ণ কৰিছোঁ, মানুহক সতৰ্ক কৰিবলৈ। নিশ্চয় আমিয়েই এই কোৰআনক সুৰক্ষা প্ৰদান কৰিম, সকলো প্ৰকাৰ পৰিবৰ্তন, পৰিবৰ্ধন আৰু বিকৃতকৰণৰ পৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015009.mp3"},{"index":"10","arabicText":"وَلَقَدْ اَرْسَلْنَا مِنْ قَبْلِكَ فِیْ شِیَعِ الْاَوَّلِیْنَ ۟","assameseTranslation":"নিঃসন্দেহে আমি তোমাৰ পূৰ্বে অতীত সম্প্ৰদায়সমূহৰ মাজত ৰাছুল প্ৰেৰণ কৰিছিলোঁ।","footnotes":"","tafseer":"হে ৰাছুল! আমি তোমাৰ পূৰ্বেও কাফিৰ সম্প্ৰদায়ৰ ওচৰলৈ বহুতো ৰাছুল প্ৰেৰণ কৰিছিলোঁ, কিন্তু সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিছিল। এতেকে আপুনিয়ে প্ৰথম ৰাছুল নহয়, যাক সিহঁতে অস্বীকাৰ কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015010.mp3"},{"index":"11","arabicText":"وَمَا یَاْتِیْهِمْ مِّنْ رَّسُوْلٍ اِلَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟","assameseTranslation":"সিহঁতৰ ওচৰলৈ এনে কোনো ৰাছুল অহা নাছিল, যাক সিহঁতে উপহাস কৰা নাছিল।","footnotes":"","tafseer":"পূৰ্বৱৰ্তী কাফিৰ সম্প্ৰদায়সমূহৰ ওচৰত যেতিয়াই কোনো ৰাছুল আহিছিল, তেতিয়াই সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল আৰু তেওঁক উপহাস কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015011.mp3"},{"index":"12","arabicText":"كَذٰلِكَ نَسْلُكُهٗ فِیْ قُلُوْبِ الْمُجْرِمِیْنَ ۟ۙ","assameseTranslation":"এইদৰেই আমি অপৰাধীসকলৰ অন্তৰত সেয়া সঞ্চাৰ কৰোঁ,","footnotes":"","tafseer":"যিদৰে আমি সেইসমূহ সম্প্ৰদায়ৰ অন্তৰত অস্বীকাৰ কৰাৰ প্ৰবৃত্তি সোমাই দিছিলোঁ, ঠিক সেইদৰে মক্কাৰ মুশ্বৰিকসকলৰ অন্তৰতো সোমাই দিম, সিহঁতৰ বিমুখ হোৱাৰ কাৰণে আৰু স্বৈৰাচাৰিতাৰ কাৰণে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015012.mp3"},{"index":"13","arabicText":"لَا یُؤْمِنُوْنَ بِهٖ وَقَدْ خَلَتْ سُنَّةُ الْاَوَّلِیْنَ ۟","assameseTranslation":"ইহঁতে কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰিব, আৰু অৱশ্যে পাৰ হৈছে পূৰ্বৱৰ্তীসকলৰ ৰীতি।","footnotes":"","tafseer":"ইহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰিব। আল্লাহৰ সাধাৰণ নিয়ম হৈছে এই যে, ৰাছুলসকলে লৈ অহা বাণীক যিসকলে অস্বীকাৰ কৰে তেওঁ সিহঁতক ধ্বংস কৰি দিয়ে। এতেকে অস্বীকাৰকাৰীসকলে ইয়াৰ পৰা শিক্ষা লোৱা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015013.mp3"},{"index":"14","arabicText":"وَلَوْ فَتَحْنَا عَلَیْهِمْ بَابًا مِّنَ السَّمَآءِ فَظَلُّوْا فِیْهِ یَعْرُجُوْنَ ۟ۙ","assameseTranslation":"আৰু যদি আমি সিহঁতৰ বাবে আকাশৰ দুৱাৰো খুলি দিলোঁহেঁতেন, আৰু সিহঁতে তাত আৰোহণ কৰিলেহেঁতেন,","footnotes":"","tafseer":"প্ৰকাশ্য দলিলৰ দ্বাৰা সত্য স্পষ্ট হোৱাৰ পিছতো এই অস্বীকাৰকাৰী সকলে শত্ৰুতাৰ ওপৰত অবিচল থাকিব। এতেকে আমি যদি সিহঁতৰ বাবে আকাশৰ দুৱাৰো খুলি দিওঁ, সিহঁতে যদি তাত আৰোহণ কৰে,","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015014.mp3"},{"index":"15","arabicText":"لَقَالُوْۤا اِنَّمَا سُكِّرَتْ اَبْصَارُنَا بَلْ نَحْنُ قَوْمٌ مَّسْحُوْرُوْنَ ۟۠","assameseTranslation":"তথাপিও সিহঁতে ক’লেহেঁতেন যে, ‘আমাৰ দৃষ্টিক সন্মোহিত কৰা হৈছে, বৰং আমি এটা যাদুগ্ৰস্ত সম্প্ৰদায়’।","footnotes":"","tafseer":"তথাপিও সিহঁতে সত্যক স্বীকাৰ নকৰিলেহেঁতেন। বৰং সিহঁতে ক’লেহেঁতেনঃ সত্য প্ৰদৰ্শনৰ পৰা আমাৰ দৃষ্টিক প্ৰতিৰোধ কৰা হৈছে। আমি যি দেখি আছোঁ, এয়া হৈছে যাদুৰ প্ৰভাৱ। আমাক যাদু কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015015.mp3"},{"index":"16","arabicText":"وَلَقَدْ جَعَلْنَا فِی السَّمَآءِ بُرُوْجًا وَّزَیَّنّٰهَا لِلنّٰظِرِیْنَ ۟ۙ","assameseTranslation":"আৰু নিশ্চয় আমি আকাশত বৰুজসমূহ (গ্ৰহ-নক্ষত্ৰসমূহ) সৃষ্টি কৰিছোঁ আৰু দৰ্শকসকলৰ বাবে সেইবোৰক সৌন্দৰ্যময় কৰিছোঁ।","footnotes":"","tafseer":"আমি আকাশত ডাঙৰ ডাঙৰ তৰা বনাইছোঁ, যিবোৰৰ জৰিয়তে মানুহে জলভাগত আৰু স্থলত ভ্ৰমণ কৰাৰ সময়ত অন্ধকাৰত দিশ নিৰ্ণয় কৰে। আনহাতে এইবোৰক আমি দৰ্শনকাৰীসকলৰ বাবে সুসৌন্দৰ্য কৰিছোঁ। যাতে সিহঁতে পৱিত্ৰ আল্লাহৰ ক্ষমতা আৰু শক্তি-সামৰ্থৰ প্ৰমাণ বিচাৰি পায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015016.mp3"},{"index":"17","arabicText":"وَحَفِظْنٰهَا مِنْ كُلِّ شَیْطٰنٍ رَّجِیْمٍ ۟ۙ","assameseTranslation":"আৰু প্ৰত্যেক অভিশপ্ত চয়তানৰ পৰা আমি তাক সুৰক্ষিত কৰিছোঁ;","footnotes":"","tafseer":"আৰু আমি আকাশক আল্লাহৰ ৰহমতৰ পৰা প্ৰতাৰিত সকলো চয়তানৰ পৰা ৰক্ষা কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015017.mp3"},{"index":"18","arabicText":"اِلَّا مَنِ اسْتَرَقَ السَّمْعَ فَاَتْبَعَهٗ شِهَابٌ مُّبِیْنٌ ۟","assameseTranslation":"কিন্তু কোনোবাই লুকাই-চুৰকৈ শুনিব ধৰিলে প্ৰদীপ্ত শিখাই তাক চোঁচা লয়।","footnotes":"","tafseer":"আনহাতে যিয়ে নিকটৱৰ্তী ফিৰিস্তাসকলৰ কথা গোপনে শুনিবলৈ প্ৰয়াস কৰে, তাক জলন্ত শিখাই চোঁচা লয় আৰু অৱশেষত জ্বলাই ভস্মীভূত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015018.mp3"},{"index":"19","arabicText":"وَالْاَرْضَ مَدَدْنٰهَا وَاَلْقَیْنَا فِیْهَا رَوَاسِیَ وَاَنْۢبَتْنَا فِیْهَا مِنْ كُلِّ شَیْءٍ مَّوْزُوْنٍ ۟","assameseTranslation":"আৰু পৃথিৱীক আমি বিস্তৃত কৰিছোঁ, আৰু তাত আমি স্থাপন কৰিছোঁ পৰ্বতমালা; লগতে তাত আমি প্ৰত্যেক বস্তু উদগত কৰিছোঁ সুপৰিমিতভাৱে,","footnotes":"","tafseer":"আমি পৃথিৱীক প্ৰসাৰিত কৰিছোঁ যাতে মানুহে তাত বসবাস কৰিব পাৰে। তাত সুদৃঢ় পৰ্বতমালা স্থাপন কৰিছোঁ যাতে পৃথিৱী কম্পমান নহয়, লগতে তাত হিকমত অনুসাৰে এটা নিৰ্দিষ্ট পৰিমাণ মুতাবিক গছ-পুলি উৎপন্ন কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015019.mp3"},{"index":"20","arabicText":"وَجَعَلْنَا لَكُمْ فِیْهَا مَعَایِشَ وَمَنْ لَّسْتُمْ لَهٗ بِرٰزِقِیْنَ ۟","assameseTranslation":"আৰু আমি তাত তোমালোকৰ বাবে জীৱিকাৰ ব্যৱস্থা কৰিছোঁ আৰু তোমালোকে যিবোৰৰ জীৱিকাদাতা নহয় সেইবোৰৰ বাবেও (জীৱিকাৰ ব্যৱস্থা কৰিছোঁ)।","footnotes":"","tafseer":"হে মানৱজাতি! আমি পৃথিৱীত তোমালোকৰ খোৱা বোৱাৰ বাবে এনেকুৱা বস্তু বনাইছোঁ যিবোৰ পাৰ্থিৱ জীৱনৰ বাবে অত্যাৱশ্যক। আনহাতে তোমালোকৰ বাহিৰেও আন আন লোকৰ বাবে আৰু জীৱ-জন্তুৰ বাবে জীৱন-যাপনৰ সাধন বনাইছোঁ, যিবোৰক তোমালোকে জীৱিকা প্ৰদান নকৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015020.mp3"},{"index":"21","arabicText":"وَاِنْ مِّنْ شَیْءٍ اِلَّا عِنْدَنَا خَزَآىِٕنُهٗ ؗ وَمَا نُنَزِّلُهٗۤ اِلَّا بِقَدَرٍ مَّعْلُوْمٍ ۟","assameseTranslation":"আৰু আমাৰ ওচৰতেই আছে প্ৰত্যেক বস্তুৰ ভাণ্ডাৰ, আৰু আমিয়েই সেয়া পৰিজ্ঞাত পৰিমাণে অৱতীৰ্ণ কৰোঁ।","footnotes":"","tafseer":"মানুহক তথা জীৱ-জন্তুক উপকাৰ কৰিব পৰা যিমানবোৰ উপকাৰী সা-সামগ্ৰী আছে, আমি সেইবোৰ সৃষ্টি কৰিবলৈ তথা সেইবোৰৰ দ্বাৰা মানুহক উপকৃত হোৱাৰ অৱকাশ দিবলৈ সামৰ্থৱান। আমি যি সৃষ্টি কৰোঁ, সেই হিকমত অনুসাৰে আৰু আমাৰ ইচ্ছানুসাৰে এটি নিৰ্দিষ্ট পৰিমাণত সৃষ্টি কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015021.mp3"},{"index":"22","arabicText":"وَاَرْسَلْنَا الرِّیٰحَ لَوَاقِحَ فَاَنْزَلْنَا مِنَ السَّمَآءِ مَآءً فَاَسْقَیْنٰكُمُوْهُ ۚ وَمَاۤ اَنْتُمْ لَهٗ بِخٰزِنِیْنَ ۟","assameseTranslation":"আৰু আমিয়েই উৰ্বৰ বায়ু প্ৰেৰণ কৰোঁ, তাৰ পিছত আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ, সেই পানী তোমালোকক সেৱন কৰাওঁ; অথচ তোমালোকে ইয়াক (সেই) ভাণ্ডাৰত সঞ্চয় নকৰা।","footnotes":"","tafseer":"আমিয়ে উৰ্বৰ বতাহ প্ৰেৰণ কৰোঁ, যিবোৰে মেঘ কঢ়িয়াই লৈ যায়, লগতে মেঘৰ পৰা পানী বৰ্ষণ কৰোঁ আৰু সেই বৰষুণৰ পানীয়ে তোমালোকক পান কৰাওঁ। হে মানৱজাতি! তোমালোকে এই পানীক নিজৰা তথা কুঁৱাত আৱদ্ধ কৰি ৰাখিব নোৱাৰা, সেইটোক কেৱল আল্লাহেই আৱদ্ধ কৰি ৰাখে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015022.mp3"},{"index":"23","arabicText":"وَاِنَّا لَنَحْنُ نُحْیٖ وَنُمِیْتُ وَنَحْنُ الْوٰرِثُوْنَ ۟","assameseTranslation":"নিশ্চয় আমিয়েই জীৱন দান কৰোঁ আৰু মৃত্যু ঘটাওঁ, আৰু আমিয়েই চুড়ান্ত মালিকানাৰ অধিকাৰী।","footnotes":"","tafseer":"নিশ্চয় আমিয়েই মৃতক জীয়াই তোলোঁ আৰু সিহঁতক সৰ্বপ্ৰথম আমিয়েই অস্তিত্বলৈ আনিছোঁ, মৃত্যুৰ পিচত আকৌ সিহঁতক পুনৰুত্থিত কৰিম, জীৱিত লোকসকলৰ মৃত্যুৰ সময় যেতিয়া নিকটৱৰ্তী হয় তেতিয়া আমিয়েই সিহঁতক মৃত্যু প্ৰদান কৰোঁ। আমিয়েই চিৰঞ্জীৱ, পৃথিৱী তথা ইয়াৰ ওপৰত থকা সকলো বস্তুৰ আমিয়েই স্বত্তাধিকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015023.mp3"},{"index":"24","arabicText":"وَلَقَدْ عَلِمْنَا الْمُسْتَقْدِمِیْنَ مِنْكُمْ وَلَقَدْ عَلِمْنَا الْمُسْتَاْخِرِیْنَ ۟","assameseTranslation":"আৰু নিশ্চয় আমি তোমালোকৰ মাজৰ পৰা যিসকলে অগ্ৰগামী হৈছে সিহঁতকো জানো, লগতে সেইসকলকো জানো যিসকলে পশ্চাদগামী হৈছে।","footnotes":"","tafseer":"নিশ্চয় আমি সেইসকল লোককো জানো যিসকলে তোমালোকৰ পূৰ্বে জন্ম গ্ৰহণ কৰিছিল আৰু মৃত্যুবৰণ কৰিছে, আৰু সেইসকল লোককো জানো যিসকলে পিচত জন্ম গ্ৰহণ কৰিব আৰু মৃত্যুবৰণ কৰিব। এই ক্ষেত্ৰত কোনো কথাই আমাৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015024.mp3"},{"index":"25","arabicText":"وَاِنَّ رَبَّكَ هُوَ یَحْشُرُهُمْ ؕ اِنَّهٗ حَكِیْمٌ عَلِیْمٌ ۟۠","assameseTranslation":"নিশ্চয় তোমাৰ প্ৰতিপালকেই সিহঁতক সমবেত কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে সেই সকলো লোককে ক্বিয়ামতৰ দিনা একত্ৰিত কৰিব। যাতে নেক কৰ্ম কৰা লোকসকলক উত্তম প্ৰতিদান দিব পাৰে আৰু বেয়া কৰ্ম কৰা লোকসকলক বেয়া ফলাফল দান কৰিব পাৰে। নিশ্চয় তেওঁ পৰিচালনাত মহাপ্ৰজ্ঞাৱান, তেওঁ সৰ্বজ্ঞ, কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015025.mp3"},{"index":"26","arabicText":"وَلَقَدْ خَلَقْنَا الْاِنْسَانَ مِنْ صَلْصَالٍ مِّنْ حَمَاٍ مَّسْنُوْنٍ ۟ۚ","assameseTranslation":"নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ গন্ধযুক্ত শুকান টিংটিং শব্দ কৰা ক’লাবৰণীয়া বোকা মাটিৰ পৰা,","footnotes":"","tafseer":"নিশ্চয় আমি মানুহক শুকান মাটিৰে সৃষ্টি কৰিছোঁ, যিটো টিং টিঙীয়া শব্দ কৰে। যিটো মাটিৰে সৃষ্টি কৰা হৈছে তাৰ ৰং হৈছে ক’লা, দীৰ্ঘ সময় হোৱাৰ বাবে গন্ধ পৰিবৰ্তন হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015026.mp3"},{"index":"27","arabicText":"وَالْجَآنَّ خَلَقْنٰهُ مِنْ قَبْلُ مِنْ نَّارِ السَّمُوْمِ ۟","assameseTranslation":"আৰু ইয়াৰ আগত আমি জ্বিনবোৰক সৃষ্টি কৰিছিলোঁ উত্তপ্ত অগ্নিশিখাৰ পৰা।","footnotes":"","tafseer":"আমি আদম আলাইহিচ্ছালামৰ সৃষ্টিৰ পূৰ্বে জ্বিনসকলৰ আদি পিতাক প্ৰচণ্ড উত্তপ্ত অগ্নিশিখাৰে সৃষ্টি কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015027.mp3"},{"index":"28","arabicText":"وَاِذْ قَالَ رَبُّكَ لِلْمَلٰٓىِٕكَةِ اِنِّیْ خَالِقٌۢ بَشَرًا مِّنْ صَلْصَالٍ مِّنْ حَمَاٍ مَّسْنُوْنٍ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘নিশ্চয় মই গন্ধযুক্ত শুকান টিংটিং শব্দ কৰা ক’লাবৰণীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিবলৈ থিৰাং কৰিছোঁ;","footnotes":"","tafseer":"হে ৰাছুল! সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া আপোনাৰ প্ৰতিপালকে ফিৰিস্তাসকলক আৰু ইবলীছক (সি ফিৰিস্তাসকলৰ লগতে আছিল) অৱগত কৰালে যে, নিশ্চয় মই ক’লা বৰণীয়া দুৰ্গন্ধময় শুকান টিং টিঙীয়া মাটিৰে মানুহ সৃষ্টি কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015028.mp3"},{"index":"29","arabicText":"فَاِذَا سَوَّیْتُهٗ وَنَفَخْتُ فِیْهِ مِنْ رُّوْحِیْ فَقَعُوْا لَهٗ سٰجِدِیْنَ ۟","assameseTranslation":"এতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি ছাজদাৱনত হ’বা,","footnotes":"","tafseer":"এতেকে মই যেতিয়া পৰিপূৰ্ণৰূপে তাৰ আকৃতি প্ৰদান কৰিম আৰু যেতিয়া সৃষ্টি কাৰ্য সম্পন্ন হ'ব তেতিয়া তোমালোকে মোৰ আদেশ পালন কৰি তেওঁৰ সন্মানাৰ্থে তেওঁক ছাজদাহ কৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015029.mp3"},{"index":"30","arabicText":"فَسَجَدَ الْمَلٰٓىِٕكَةُ كُلُّهُمْ اَجْمَعُوْنَ ۟ۙ","assameseTranslation":"তাৰ পিছত ফিৰিস্তাসকলে সকলোৱে একেলগে ছাজদাহ কৰিলে,","footnotes":"","tafseer":"ফলত ফিৰিস্তাসকলে তেওঁৰ আদেশ পালন কৰি সকলোৱে ছাজদা কৰিলে, যিদৰে তেওঁলোকক তেওঁলোকৰ প্ৰতিপালকে আদেশ দিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015030.mp3"},{"index":"31","arabicText":"اِلَّاۤ اِبْلِیْسَ ؕ اَبٰۤی اَنْ یَّكُوْنَ مَعَ السّٰجِدِیْنَ ۟","assameseTranslation":"কেৱল ইবলীছৰ বাহিৰে, সি ছাজদাহকাৰীসকলৰ অন্তৰ্ভুক্ত হ’বলৈ অস্বীকাৰ কৰিলে।","footnotes":"","tafseer":"কিন্তু ইবলীছে (যিজন ফিৰিস্তাসকলৰ লগতেই বসবাস কৰিছিল কিন্তু সি তেওঁলোকৰ অন্তৰ্ভুক্ত নাছিল) ফিৰিস্তাসকলৰ সৈতে আদমক ছাজদা নকৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015031.mp3"},{"index":"32","arabicText":"قَالَ یٰۤاِبْلِیْسُ مَا لَكَ اَلَّا تَكُوْنَ مَعَ السّٰجِدِیْنَ ۟","assameseTranslation":"আল্লাহে ক’লে, ‘হে ইবলীছ! তোমাৰ কি হ’ল, তুমি কিয় ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’লা’?","footnotes":"","tafseer":"ইবলিছে যেতিয়া আদমক ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰিলে তেতিয়া আল্লাহে তাক ক'লেঃ যিহেতু ফিৰিস্তাসকলে মোৰ আদেশ পালন কৰি ছাজদাহ কৰিলে, তেনেস্থলত তুমি কিয় ছাজদাহ নকৰিলা, কিহে তোমাক বাধা দিলে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015032.mp3"},{"index":"33","arabicText":"قَالَ لَمْ اَكُنْ لِّاَسْجُدَ لِبَشَرٍ خَلَقْتَهٗ مِنْ صَلْصَالٍ مِّنْ حَمَاٍ مَّسْنُوْنٍ ۟","assameseTranslation":"সি ক’লে, ‘(হে আল্লাহ!) তুমি গন্ধযুক্ত শুকান টিংটিং শব্দ কৰা ক’লাবৰণীয়া বোকা মাটিৰ পৰা যি মানুহ সৃষ্টি কৰিছা মই তাক ছাজদাহ নকৰোঁ’।","footnotes":"","tafseer":"ইবলীছে অহংকাৰ কৰি ক'লেঃ মোৰ পক্ষে এয়া উচিত নহয় যে, মই এনেকুৱা মানুহক ছাজদাহ কৰিম, যাক তুমি শুকান মাটিৰে সৃষ্টি কৰিছা, যি মাটি ইতিপূৰ্বে দুৰ্গন্ধময় ক’লা বৰণীয়া আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015033.mp3"},{"index":"34","arabicText":"قَالَ فَاخْرُجْ مِنْهَا فَاِنَّكَ رَجِیْمٌ ۟ۙ","assameseTranslation":"তেওঁ ক’লে, ‘তেন্তে তই ইয়াৰ পৰা ওলাই যা, কাৰণ নিশ্চয় তই অভিশপ্ত;","footnotes":"","tafseer":"আল্লাহে ইবলীছক ক'লেঃ জান্নাতৰ পৰা ওলাই যোৱা, কাৰণ তোমাক নিলম্বন কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015034.mp3"},{"index":"35","arabicText":"وَّاِنَّ عَلَیْكَ اللَّعْنَةَ اِلٰی یَوْمِ الدِّیْنِ ۟","assameseTranslation":"আৰু নিশ্চয় প্ৰতিদান দিৱসলৈকে তোৰ ওপৰত থাকিল অভিসম্পাত।","footnotes":"","tafseer":"নিশ্চয় কিয়ামত পৰ্যন্ত তুমি অভিশপ্ত আৰু মোৰ ৰহমতৰ পৰা বঞ্চিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015035.mp3"},{"index":"36","arabicText":"قَالَ رَبِّ فَاَنْظِرْنِیْۤ اِلٰی یَوْمِ یُبْعَثُوْنَ ۟","assameseTranslation":"সি ক’লে, ‘হে মোৰ প্ৰতিপালক! তেনেহ’লে মোক অৱকাশ দিয়া সেই দিৱসলৈকে, যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ’ব’।","footnotes":"","tafseer":"ইবলীছে ক'লেঃ হে মোৰ প্ৰতিপালক! মোক সেই দিনটোলৈকে অৱকাশ দিয়া, যিদিনা তুমি সকলোকে পুনৰ্জীৱিত কৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015036.mp3"},{"index":"37","arabicText":"قَالَ فَاِنَّكَ مِنَ الْمُنْظَرِیْنَ ۟ۙ","assameseTranslation":"তেওঁ ক’লে, ‘যা, নিশ্চয় তোক অৱকাশ দিয়া হ’ল,","footnotes":"","tafseer":"আল্লাহে তাক ক'লেঃ যোৱা, তোমাক অৱকাশ দিয়া হ'ল, আৰু তোমাৰ মৃত্যু পিছুৱাই দিয়া হ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015037.mp3"},{"index":"38","arabicText":"اِلٰی یَوْمِ الْوَقْتِ الْمَعْلُوْمِ ۟","assameseTranslation":"‘সুনিৰ্দিষ্ট সময় অহাৰ দিন পৰ্যন্ত’।","footnotes":"","tafseer":"সেই সময়লৈকে যেতিয়া প্ৰথমবাৰ শিঙাত ফুঁ দিয়া হ'ব আৰু সকলো সৃষ্টি জীৱই মৃত্যুবৰণ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015038.mp3"},{"index":"39","arabicText":"قَالَ رَبِّ بِمَاۤ اَغْوَیْتَنِیْ لَاُزَیِّنَنَّ لَهُمْ فِی الْاَرْضِ وَلَاُغْوِیَنَّهُمْ اَجْمَعِیْنَ ۟ۙ","assameseTranslation":"সি ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি যে মোক বিপথগামী কৰিলা সেইকাৰণে নিশ্চিতভাৱে মই পৃথিৱীত পাপকৰ্মসমূহক মানুহৰ ওচৰত শোভনীয় কৰি উপস্থাপন কৰিম আৰু নিশ্চয় মই সিহঁতৰ আটাইকে বিপথগামী কৰিম,","footnotes":"","tafseer":"ইবলীছে ক'লেঃ হে মোৰ প্ৰতিপালক! যিহেতু তুমি মোক পথভ্ৰষ্ট কৰিছা, সেয়ে মই পৃথিৱীত সিহঁতৰ পাপকৰ্মবোৰক সৌন্দৰ্যময় কৰি উপস্থাপন কৰিম, আৰু সকলোকে সঠিক পথৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015039.mp3"},{"index":"40","arabicText":"اِلَّا عِبَادَكَ مِنْهُمُ الْمُخْلَصِیْنَ ۟","assameseTranslation":"‘কিন্তু সিহঁতৰ মাজত তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।","footnotes":"","tafseer":"কেৱল তোমাৰ সেইসকল বান্দাৰ বাহিৰে যিসকলক তুমি তোমাৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰিছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015040.mp3"},{"index":"41","arabicText":"قَالَ هٰذَا صِرَاطٌ عَلَیَّ مُسْتَقِیْمٌ ۟","assameseTranslation":"আল্লাহে ক’লে, ‘এইটোৱে হৈছে মোৰ ওচৰলৈ অহাৰ সৰল পথ’।","footnotes":"","tafseer":"আল্লাহে ক'লেঃ এইটোৱে হৈছে মোৰ ওচৰলৈ অহাৰ সঠিক তথা সৰল পথ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015041.mp3"},{"index":"42","arabicText":"اِنَّ عِبَادِیْ لَیْسَ لَكَ عَلَیْهِمْ سُلْطٰنٌ اِلَّا مَنِ اتَّبَعَكَ مِنَ الْغٰوِیْنَ ۟","assameseTranslation":"‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই, কিন্তু পথভ্ৰষ্টসকলৰ বাহিৰে যিসকলে তোমাক অনুসৰণ কৰিব’;","footnotes":"","tafseer":"মোৰ নিষ্ঠাৱান বান্দাসকলক বিভ্ৰান্ত কৰিবলৈ তোমাৰ কোনো চক্ৰান্ত কামত নাহিব। আনহাতে কিছুমান পথভ্ৰষ্ট লোকে নিজেই তোমাৰ অনুসৰণ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015042.mp3"},{"index":"43","arabicText":"وَاِنَّ جَهَنَّمَ لَمَوْعِدُهُمْ اَجْمَعِیْنَ ۟۫ۙ","assameseTranslation":"‘নিশ্চয় জাহান্নাম হৈছে সিহঁত (তোমাৰ অনুসাৰীসকলৰ) আটায়েৰে প্ৰতিশ্ৰুত স্থান’,","footnotes":"","tafseer":"নিশ্চয় ইবলীছ আৰু তাৰ পথভ্ৰষ্ট অনুসাৰীসকলৰ প্ৰতিশ্ৰুত স্থান হৈছে জাহান্নাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015043.mp3"},{"index":"44","arabicText":"لَهَا سَبْعَةُ اَبْوَابٍ ؕ لِكُلِّ بَابٍ مِّنْهُمْ جُزْءٌ مَّقْسُوْمٌ ۟۠","assameseTranslation":"‘সেই(জাহান্নাম)ৰ সাতখন দুৱাৰ আছে, প্ৰত্যেক দুৱাৰেৰে প্ৰৱেশ কৰিবলৈ সিহঁতৰ (চয়তানৰ অনুসাৰীসকলৰ) বাবে নিৰ্দিষ্ট অংশ আছে’।","footnotes":"","tafseer":"জাহান্নামৰ সাতখন দুৱাৰ আছে, যিবোৰ দুৱাৰেৰে সিহঁতে প্ৰৱেশ কৰিব। প্ৰত্যেক দুৱাৰেৰে নিৰ্দিষ্ট সংখ্যক ইবলীছৰ অনুসাৰীয়ে প্ৰৱেশ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015044.mp3"},{"index":"45","arabicText":"اِنَّ الْمُتَّقِیْنَ فِیْ جَنّٰتٍ وَّعُیُوْنٍ ۟ؕ","assameseTranslation":"নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত।","footnotes":"","tafseer":"যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, নিশ্চয় তেওঁলোকে থাকিব নিজৰা প্ৰবাহিত জান্নাতত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015045.mp3"},{"index":"46","arabicText":"اُدْخُلُوْهَا بِسَلٰمٍ اٰمِنِیْنَ ۟","assameseTranslation":"(তেওঁলোকক কোৱা হ’ব,) ‘তোমালোকে শান্তি আৰু নিৰাপত্তাৰ সৈতে ইয়াত প্ৰৱেশ কৰা’।","footnotes":"","tafseer":"প্ৰৱেশ কৰাৰ সময়ত তেওঁলোকক কোৱা হ'বঃ সকলো প্ৰকাৰৰ বিপদ-আপদৰ পৰা সুৰক্ষিত হৈ আৰু ভয়মুক্ত তথা নিশ্চিন্ত হৈ প্ৰৱেশ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015046.mp3"},{"index":"47","arabicText":"وَنَزَعْنَا مَا فِیْ صُدُوْرِهِمْ مِّنْ غِلٍّ اِخْوَانًا عَلٰی سُرُرٍ مُّتَقٰبِلِیْنَ ۟","assameseTranslation":"আৰু আমি তেওঁলোকৰ অন্তৰৰ পৰা হিংসা বিদ্বেষ আঁতৰাই দিম; তেওঁলোকে ভাতৃৰ দৰে পৰস্পৰে ইজনে সিজনৰ সন্মুখৰ আসনত অৱস্থান কৰিব,","footnotes":"","tafseer":"আমি তেওঁলোকৰ অন্তৰসমূহক সকলো প্ৰকাৰ হিংসা-বিদ্বেষৰ পৰা পৱিত্ৰ কৰিম। তেওঁলোকে ইজনে সিজনক ভাল পাব, তথা সিংহাসনত বহি ইজনে সিজনক প্ৰত্যক্ষ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015047.mp3"},{"index":"48","arabicText":"لَا یَمَسُّهُمْ فِیْهَا نَصَبٌ وَّمَا هُمْ مِّنْهَا بِمُخْرَجِیْنَ ۟","assameseTranslation":"তাত তেওঁলোকক অৱসাদে (ক্লান্তিয়ে) স্পৰ্শ নকৰিব আৰু তাৰ পৰা তেওঁলোকক বহিষ্কাৰো কৰা নহ’ব।","footnotes":"","tafseer":"তেওঁলোকে তাত কেতিয়াও ক্লান্ত নহ'ব, আৰু তেওঁলোকক তাৰ পৰা কেতিয়াও বহিষ্কাৰো কৰা নহ'ব। বৰং তেওঁলোকে তাত চিৰকাল থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015048.mp3"},{"index":"49","arabicText":"نَبِّئْ عِبَادِیْۤ اَنِّیْۤ اَنَا الْغَفُوْرُ الرَّحِیْمُ ۟ۙ","assameseTranslation":"মোৰ বান্দাসকলক জনাই দিয়া যে, নিশ্চয় মই অতি ক্ষমাশীল, পৰম দয়ালু,","footnotes":"","tafseer":"হে ৰাছুল! মোৰ বান্দাসকলক জনাই দিয়ক যে, নিশ্চয় মই তাওবাকাৰী বান্দাসকলক ক্ষমা কৰি দিওঁ আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015049.mp3"},{"index":"50","arabicText":"وَاَنَّ عَذَابِیْ هُوَ الْعَذَابُ الْاَلِیْمُ ۟","assameseTranslation":"আৰু নিশ্চয় মোৰ শাস্তিয়েই হৈছে যন্ত্ৰণাদায়ক শাস্তি!","footnotes":"","tafseer":"লগতে তেওঁলোকক জনাই দিয়ক যে, মোৰ শাস্তি অতি কষ্টদায়ক। এতেকে তেওঁলোকে তাওবা কৰা উচিত, যাতে তেওঁলোকে মোৰ ক্ষমা লাভ কৰিব পাৰে আৰু মোৰ শাস্তিৰ পৰা নিৰাপদ থাকিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015050.mp3"},{"index":"51","arabicText":"وَنَبِّئْهُمْ عَنْ ضَیْفِ اِبْرٰهِیْمَ ۟ۘ","assameseTranslation":"আৰু তুমি সিহঁতক জনাই দিয়া, ইব্ৰাহীমৰ অতিথিসকলৰ কথা,","footnotes":"","tafseer":"আপুনি তেওঁলোকক ইব্ৰাহীম আলাইহিচ্ছালামৰ ওচৰলৈ অতিথি হৈ অহা ফিৰিস্তাসকলৰ বিষয়ে জনাই দিয়ক, ফিৰিস্তাসকলে তেওঁৰ ওচৰলৈ তেওঁৰ পুত্ৰৰ সুসংবাদ আৰু লূত সম্প্ৰদায়ক ধ্বংস কৰাৰ বাৰ্তা লৈ আহিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015051.mp3"},{"index":"52","arabicText":"اِذْ دَخَلُوْا عَلَیْهِ فَقَالُوْا سَلٰمًا ؕ قَالَ اِنَّا مِنْكُمْ وَجِلُوْنَ ۟","assameseTranslation":"যেতিয়া তেওঁলোকে (ফিৰিস্তাসকলে) তেওঁৰ ওচৰত উপস্থিত হৈ কৈছিল, ‘ছালাম’, তেতিয়া তেওঁ কৈছিল, ‘নিশ্চয় আমি আপোনালোকৰ বিষয়ে শংকিত’।","footnotes":"","tafseer":"যেতিয়া তেওঁলোকে ইব্ৰাহীম আলাইহিচ্ছালামৰ ওচৰত আহি উপস্থিত হ'ল আৰু ছালাম জনালে, তেতিয়া ইব্ৰাহীমে তেওঁলোকৰ ছালামৰ উত্তৰ উত্তমভাৱে দিলে। লগতে তেওঁলোকৰ সন্মুখত খোৱাৰ বাবে ভজা গো-পোৱালী এটা আগবঢ়াই দিলে, কাৰণ তেওঁলোকক তেওঁ মানুহ বুলি ভাবিছিল। কিন্তু যেতিয়া তেওঁ দেখিলে যে, তেওঁলোকে খাদ্য বস্তুৰ পিনে আগ্ৰহ প্ৰকাশ কৰা নাই, তেতিয়া তেওঁ ক'লেঃ তোমালোকক দেখি আমি ভয় কৰি আছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015052.mp3"},{"index":"53","arabicText":"قَالُوْا لَا تَوْجَلْ اِنَّا نُبَشِّرُكَ بِغُلٰمٍ عَلِیْمٍ ۟","assameseTranslation":"তেওঁলোকে ক’লে, ‘ভয় নকিৰব, আমি আপোনাক এজন জ্ঞানী পুত্ৰৰ সুসংবাদ দিবলৈহে আহিছোঁ’।","footnotes":"","tafseer":"তেতিয়া সেই বাৰ্তাবাহক ফিৰিস্তাসকলে ক'লেঃ ভয় নকৰিব, আমি আপোনাক আনন্দদায়ক সুসংবাদ দিবলৈহে আহিছোঁ। আপোনাৰ ঘৰত এজন জ্ঞানী সন্তান জন্ম লাভ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015053.mp3"},{"index":"54","arabicText":"قَالَ اَبَشَّرْتُمُوْنِیْ عَلٰۤی اَنْ مَّسَّنِیَ الْكِبَرُ فَبِمَ تُبَشِّرُوْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘মোক বাৰ্দ্ধক্যই স্পৰ্শ কৰা সত্বেও আপোনালোকে মোক (সন্তান লাভৰ) সুসংবাদ দিছে নেকি? এতেকে আপোনালোকে কিহৰ (কেনেকৈ) সুসংবাদ দি আছে’?","footnotes":"","tafseer":"ইব্ৰাহীম আলাইহিচ্ছালামে পুত্ৰৰ সুসংবাদ শুনি আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ আপোনালোকে মোক এই বৃদ্ধ বয়সত পুত্ৰৰ সুসংবাদ দি আছে? কি ভিত্তিত আপোনালোকে মোক এই সুসংবাদ দি আছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015054.mp3"},{"index":"55","arabicText":"قَالُوْا بَشَّرْنٰكَ بِالْحَقِّ فَلَا تَكُنْ مِّنَ الْقٰنِطِیْنَ ۟","assameseTranslation":"তেওঁলোকে ক’লে, ‘আমি আপোনাক সত্য সুসংবাদ দি আছোঁ; এতেকে আপুনি নিৰাশ নহ’ব’।","footnotes":"","tafseer":"বাৰ্তাবাহক ফিৰিস্তাসকলে ইব্ৰাহীম আলাইহিচ্ছালামক উদ্দেশ্যি ক'লেঃ আমি আপোনাক সত্য সুসংবাদ শুনাইছোঁ, যাৰ ভিতৰত কোনো ধৰণৰ সন্দেহ নাই। গতিকে আপুনি ইয়াৰ পৰা নিৰাশ নহ’ব, যি সুসংবাদ আমি আপোনাক প্ৰদান কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015055.mp3"},{"index":"56","arabicText":"قَالَ وَمَنْ یَّقْنَطُ مِنْ رَّحْمَةِ رَبِّهٖۤ اِلَّا الضَّآلُّوْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘পথভ্ৰষ্টসকলৰ বাহিৰে নিজ প্ৰতিপালকৰ ৰহমতৰ পৰা কোনেনো নিৰাশ হয়’?","footnotes":"","tafseer":"ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ নিজ প্ৰতিপালকৰ দয়াৰ পৰা কেৱল সেইসকল লোকেই নিৰাশ হয়, যিসকলে আল্লাহৰ সঠিক-সৰল পথৰ পৰা বিভ্ৰান্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015056.mp3"},{"index":"57","arabicText":"قَالَ فَمَا خَطْبُكُمْ اَیُّهَا الْمُرْسَلُوْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘হে প্ৰেৰিত (ফিৰিস্তা)সকল! আপোনালোকৰ আৰু কিবা বিশেষ উদ্দেশ্য আছে নেকি’?","footnotes":"","tafseer":"ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ হে আল্লাহৰ প্ৰেৰিত বাৰ্তাবাহকসকল! আপোনালোকে কোনো অভিযানত আহিছে নেকি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015057.mp3"},{"index":"58","arabicText":"قَالُوْۤا اِنَّاۤ اُرْسِلْنَاۤ اِلٰی قَوْمٍ مُّجْرِمِیْنَ ۟ۙ","assameseTranslation":"তেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰণ কৰা হৈছে---","footnotes":"","tafseer":"বাৰ্তাবাহক ফিৰিস্তাসকলে ক'লেঃ আল্লাহে আমাক এনেকুৱা এটা সম্প্ৰদায়ক বিনাশ কৰিবলৈ প্ৰেৰণ কৰিছে, যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফুৰে আৰু সকলো প্ৰকাৰ অসৎকৰ্ম কৰে। সিহঁত হৈছে লূত সম্প্ৰদায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015058.mp3"},{"index":"59","arabicText":"اِلَّاۤ اٰلَ لُوْطٍ ؕ اِنَّا لَمُنَجُّوْهُمْ اَجْمَعِیْنَ ۟ۙ","assameseTranslation":"কিন্তু লূতৰ পৰিয়ালৰ বিৰুদ্ধে নহয়, নিশ্চয় আমি তেওঁলোক আটাইকে ৰক্ষা কৰিম,","footnotes":"","tafseer":"কেৱল লূত আলাইহিচ্ছালামৰ পৰিয়াল আৰু তেওঁৰ অনুসাৰী মুমিনসকলৰ বাহিৰে। এওঁলোকক বিনাশ কৰাৰ আদেশ দিয়া হোৱা নাই। আমি তেওঁলোকক লোকক উদ্ধাৰ কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015059.mp3"},{"index":"60","arabicText":"اِلَّا امْرَاَتَهٗ قَدَّرْنَاۤ ۙ اِنَّهَا لَمِنَ الْغٰبِرِیْنَ ۟۠","assameseTranslation":"কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে; আমি সিদ্ধান্ত লৈছোঁ যে, নিশ্চয় তাই পিছত অৱস্থানকাৰীসকলৰ অন্তৰ্ভুক্ত হ’ব’।","footnotes":"","tafseer":"কিন্তু তেওঁৰ স্ত্ৰীৰ বিষয়টো সুকীয়া। আমাৰ ফয়চালা অনুসাৰে তাই পিছত অৱস্থানকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব আৰু শাস্তিৰ সন্মুখীন হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015060.mp3"},{"index":"61","arabicText":"فَلَمَّا جَآءَ اٰلَ لُوْطِ لْمُرْسَلُوْنَ ۟ۙ","assameseTranslation":"তাৰ পিছত ফিৰিস্তাসকলে যেতিয়া লূত পৰিয়ালৰ ওচৰলৈ আহিল,","footnotes":"","tafseer":"এতেকে প্ৰেৰিত ফিৰিস্তাসকলে যেতিয়া মানুহৰ ৰূপত লূত আলাইহিচ্ছালামৰ ঘৰত আহি উপস্থিত হ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015061.mp3"},{"index":"62","arabicText":"قَالَ اِنَّكُمْ قَوْمٌ مُّنْكَرُوْنَ ۟","assameseTranslation":"তেতিয়া লূতে ক’লে, ‘আপোনালোক দেখোন অপৰিচিত’।","footnotes":"","tafseer":"লূত আলাইহিচ্ছালামে তেওঁলোকক ক'লেঃ আপোনালোক দেখোন অপৰিচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015062.mp3"},{"index":"63","arabicText":"قَالُوْا بَلْ جِئْنٰكَ بِمَا كَانُوْا فِیْهِ یَمْتَرُوْنَ ۟","assameseTranslation":"তেওঁলোকে ক’লে, ‘নহয়, বৰং আমি আপোনাৰ ওচৰলৈ সেইটোহে লৈ আহিছোঁ যাকলৈ সিহঁতে সন্দেহ পোষণ কৰিছিল’;","footnotes":"","tafseer":"প্ৰেৰিত ফিৰিস্তাসকলে লূত আলাইহিচ্ছালামক ক'লেঃ ভয় নকৰিব। আমি আপোনাৰ সম্প্ৰদায়ক বিনাশ কৰাৰ বাবে শাস্তি লৈ আহিছোঁ, যি শাস্তিক সিহঁতে সদায় সন্দেহ কৰি আহিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015063.mp3"},{"index":"64","arabicText":"وَاَتَیْنٰكَ بِالْحَقِّ وَاِنَّا لَصٰدِقُوْنَ ۟","assameseTranslation":"‘আৰু আমি আপোনাৰ ওচৰলৈ সত্য সংবাদ লৈ আহিছোঁ আৰু নিশ্চয় আমি সত্যবাদী’;","footnotes":"","tafseer":"এয়া কোনো ধেমালি নহয়, আমি সঁচাই আপোনাৰ ওচৰলৈ সত্য সংবাদ লৈ আহিছোঁ, নিশ্চয় আমি এই বিষয়ত সত্যবাদী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015064.mp3"},{"index":"65","arabicText":"فَاَسْرِ بِاَهْلِكَ بِقِطْعٍ مِّنَ الَّیْلِ وَاتَّبِعْ اَدْبَارَهُمْ وَلَا یَلْتَفِتْ مِنْكُمْ اَحَدٌ وَّامْضُوْا حَیْثُ تُؤْمَرُوْنَ ۟","assameseTranslation":"‘এতেকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গক লৈ ওলাই যাওক, আৰু আপুনি সিহঁতৰ পিছে পিছে গৈ থাকিব। আপোনালোকৰ কোনোৱেই যাতে পিছলৈ ঘূৰি নাচায়; আপোনালোকক য’লৈকে যোৱাৰ আদেশ কৰা হৈছে তালৈকে গুচি যাওক’।","footnotes":"","tafseer":"এতেকে ৰাতিৰ কিছু অংশ অতিবাহিত হোৱাৰ পিছত আপুনি আপোনাৰ পৰিয়ালসহ ৰাওনা হওক, আৰু আপুনি এওঁলোকৰ পিচে পিচে থাকিব। কোনেও যেন পিচফালে ঘূৰি নাচায় যে, বাকী লোকসকলৰ কি হ'ল। সেই স্থানলৈ গুচি যাওক, য'ত যাবলৈ আল্লাহে আপোনালোকক আদেশ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015065.mp3"},{"index":"66","arabicText":"وَقَضَیْنَاۤ اِلَیْهِ ذٰلِكَ الْاَمْرَ اَنَّ دَابِرَ هٰۤؤُلَآءِ مَقْطُوْعٌ مُّصْبِحِیْنَ ۟","assameseTranslation":"আৰু আমি তেওঁক এই বিষয়ে ফয়চালা জনাই দিছিলোঁ যে, নিশ্চয় সিহঁতক ঊষাৰ ভাগত লগে লগে সমূলি বিনাশ কৰা হ’ব।","footnotes":"","tafseer":"আনহাতে আমি লূত আলাইহিচ্ছালামক অহীৰ দ্বাৰা আমাৰ নিৰ্ণয় সম্পৰ্কে অৱগত কৰোৱাইছিলোঁ যে, প্ৰভাত হোৱাৰ আগতেই আমি সিহঁতৰ প্ৰত্যেককে ধ্বংস কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015066.mp3"},{"index":"67","arabicText":"وَجَآءَ اَهْلُ الْمَدِیْنَةِ یَسْتَبْشِرُوْنَ ۟","assameseTranslation":"আৰু ইপিনে নগৰবাসীসকল উল্লাসিত হৈ উপস্থিত হ’ল।","footnotes":"","tafseer":"ইপিনে ছুদুমৰ অধিবাসীসকলে লূত আলাইহিচ্ছালামৰ অতিথিসকলক দেখি অশ্লীল কাৰ্যৰ বাসনাৰে আনন্দিত হৈ উপস্থিত হ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015067.mp3"},{"index":"68","arabicText":"قَالَ اِنَّ هٰۤؤُلَآءِ ضَیْفِیْ فَلَا تَفْضَحُوْنِ ۟ۙ","assameseTranslation":"তেওঁ ক’লে, ‘নিশ্চয় এওঁলোক হৈছে মোৰ অতিথি; এতেকে তোমালোকে মোক অপমান নকৰিবা’।","footnotes":"","tafseer":"লূত আলাইহিচ্ছালামে সিহঁতক ক'লেঃ এওঁলোক হৈছে মোৰ অতিথি। এতেকে এওঁলোকৰ লগত অশ্লীলতা অৱলম্বন কৰি মোক অপমানিত নকৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015068.mp3"},{"index":"69","arabicText":"وَاتَّقُوا اللّٰهَ وَلَا تُخْزُوْنِ ۟","assameseTranslation":"‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক লাঞ্ছিত নকৰিবা’।","footnotes":"","tafseer":"এইবোৰ অশ্লীলতাৰ পৰা বিৰত থাকি তোমালোকে আল্লাহক ভয় কৰা। তোমালোকৰ এনেকুৱা বেয়া স্বভাৱৰ জৰিয়তে মোক লাঞ্ছিত নকৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015069.mp3"},{"index":"70","arabicText":"قَالُوْۤا اَوَلَمْ نَنْهَكَ عَنِ الْعٰلَمِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘আমি পৃথিৱীৰ (যি সি) লোকক আশ্ৰয় দিবলৈ তোমাক নিষেধ কৰা নাছিলোঁনে’?","footnotes":"","tafseer":"তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ আমি আপোনাক নিষেধ কৰা নাছিলোঁনে যে, আপুনি কাকো অতিথি নবনাব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015070.mp3"},{"index":"71","arabicText":"قَالَ هٰۤؤُلَآءِ بَنٰتِیْۤ اِنْ كُنْتُمْ فٰعِلِیْنَ ۟ؕ","assameseTranslation":"লূতে ক’লে, ‘যদি তোমালোকে কিবা কৰিবই বিচৰা তেন্তে মোৰ এই ছোৱালীবোৰ আছে (বিবাহৰ মাধ্যমত বৈধ উপায়েৰে কৰা)’।","footnotes":"","tafseer":"লূত আলাইহিচ্ছালামে তেওঁৰ অতিথিসকলৰ সন্মুখত অপাৰগতা স্বীকাৰ কৰি নিজ জাতিৰ লোকসকলক উদ্দেশ্যি ক'লেঃ তোমালোকৰ স্ত্ৰীৰসকলৰ লগতে এয়া মোৰ কন্যা সকলো আছে, যদি তোমালোকে প্ৰবৃত্তিৰ বাসনা পূৰণ কৰিব বিচৰা তেন্তে এওঁলোকক বিবাহ কৰিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015071.mp3"},{"index":"72","arabicText":"لَعَمْرُكَ اِنَّهُمْ لَفِیْ سَكْرَتِهِمْ یَعْمَهُوْنَ ۟","assameseTranslation":"(হে নবী) তোমাৰ আয়ুৰ শপত! নিশ্চয় সিহঁত নিজৰ নিচাত মতলীয়া হৈ ঘূৰি আছিল।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ জীৱনৰ শপত! প্ৰকৃততে লূত সম্প্ৰদায় কামনা-বাসনাত মতলীয়া হৈ আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015072.mp3"},{"index":"73","arabicText":"فَاَخَذَتْهُمُ الصَّیْحَةُ مُشْرِقِیْنَ ۟ۙ","assameseTranslation":"ফলত সূৰ্যোদয়ৰ সময়ত প্ৰচণ্ড চিঞৰে সিহঁতক আহি ধৰিলে;","footnotes":"","tafseer":"অৱশেষত সূৰ্যোদয়ৰ সময়ত সিহঁতক এক বিনাশকাৰী প্ৰচণ্ড শব্দই গ্ৰাস কৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015073.mp3"},{"index":"74","arabicText":"فَجَعَلْنَا عَالِیَهَا سَافِلَهَا وَاَمْطَرْنَا عَلَیْهِمْ حِجَارَةً مِّنْ سِجِّیْلٍ ۟ؕ","assameseTranslation":"তাৰ পিছত আমি (সিহঁতৰ) জনপদক ওলোটাই তল-ওপৰ কৰি দিলোঁ আৰু সিহঁতৰ ওপৰত পোৰা মাটিৰ শিল বৰ্ষণ কৰিলোঁ।","footnotes":"","tafseer":"আৰু সিহঁতৰ জনবসতিক ওলোটাই দিলোঁ, লগতে সিহঁতৰ ওপৰত বৰ্ষণ কৰিলোঁ শিলাবৃষ্টি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015074.mp3"},{"index":"75","arabicText":"اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّلْمُتَوَسِّمِیْنَ ۟","assameseTranslation":"নিশ্চয় ইয়াত নিদৰ্শন আছে পৰ্যবেক্ষণ-শক্তিসম্পন্ন ব্যক্তিসকলৰ বাবে।","footnotes":"","tafseer":"লূত সম্প্ৰদায়ক বিনাশ কৰাৰ যি ঘটনা বৰ্ণনা কৰা হ'ল, নিশ্চয় তাৰ মাজত চিন্তা-চৰ্চাকাৰীসকলৰ বাবে আছে বহুতো নিদৰ্শন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015075.mp3"},{"index":"76","arabicText":"وَاِنَّهَا لَبِسَبِیْلٍ مُّقِیْمٍ ۟","assameseTranslation":"আৰু নিশ্চয় সেয়া মানুহৰ চলাচল পথৰ কাষতেই বিদ্যমান।","footnotes":"","tafseer":"লূত আলাইহিচ্ছালামৰ জাতিৰ গাঁওসমূহ সাৰ্বজনিক পথত অৱস্থিত আছিল, সেই পথেৰে অতিক্ৰম কৰা সকলো ভ্ৰমণকাৰীয়ে সিহঁতক প্ৰত্যক্ষ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015076.mp3"},{"index":"77","arabicText":"اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّلْمُؤْمِنِیْنَ ۟ؕ","assameseTranslation":"নিশ্চয় ইয়াত মুমিনসকলৰ বাবে আছে নিদৰ্শন।","footnotes":"","tafseer":"যিবোৰ ঘটনা সংঘটিত হৈছে তাত আছে মুমিনসকলৰ বাবে ডাঙৰ শিক্ষা, যিবোৰৰ পৰা তেওঁলোকে পাঠ ল’ব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015077.mp3"},{"index":"78","arabicText":"وَاِنْ كَانَ اَصْحٰبُ الْاَیْكَةِ لَظٰلِمِیْنَ ۟ۙ","assameseTranslation":"আৰু আইকাহবাসীও আছিল সীমালংঘনকাৰী,","footnotes":"","tafseer":"পাতশূন্য গছ থকা গাঁওৰ অধিবাসীসকল অৰ্থাৎ শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ লোকসকলেও আছিল অত্যাচাৰী। কিয়নো সিহঁতে আল্লাহৰ লগত কুফৰী কৰিছিল আৰু তেওঁৰ ৰাছুল শ্বুআইব আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015078.mp3"},{"index":"79","arabicText":"فَانْتَقَمْنَا مِنْهُمْ ۘ وَاِنَّهُمَا لَبِاِمَامٍ مُّبِیْنٍ ۟ؕ۠","assameseTranslation":"এতেকে আমি সিহঁতৰ পৰাও প্ৰতিশোধ লৈছিলোঁ, আৰু দুয়োটা জনপদেই হৈছে প্ৰকাশ্য পথৰ দাঁতিতে অৱস্থিত।","footnotes":"","tafseer":"ফলত আমি সিহঁতৰ পৰা প্ৰতিশোধ লৈছিলোঁ, আৰু শাস্তিয়ে সিহঁতক গ্ৰাস কৰিছিল। নিশ্চয় লূত সম্প্ৰদায়ৰ গাঁও আৰু শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ গাঁও সাধাৰণ পথৰ দাঁতিত অৱস্থিত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015079.mp3"},{"index":"80","arabicText":"وَلَقَدْ كَذَّبَ اَصْحٰبُ الْحِجْرِ الْمُرْسَلِیْنَ ۟ۙ","assameseTranslation":"আৰু নিশ্চয় হিজৰবাসীয়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল;","footnotes":"","tafseer":"হিজৰৰ (অৰ্থাৎ হিজাজ আৰু চিৰিয়াৰ মধ্যৱৰ্তী এখন স্থানৰ) অধিবাসীসকল অৰ্থাৎ ছামূদ সম্প্ৰদায়ে সিহঁতৰ নবী ছলেহ আলাইহিচ্ছালামক অস্বীকাৰ কৰাৰ জৰিয়তে সকলো ৰাছুলকে অস্বীকাৰ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015080.mp3"},{"index":"81","arabicText":"وَاٰتَیْنٰهُمْ اٰیٰتِنَا فَكَانُوْا عَنْهَا مُعْرِضِیْنَ ۟ۙ","assameseTranslation":"আমি সিহঁতক আমাৰ নিদৰ্শনসমূহ প্ৰদান কৰিছিলোঁ, কিন্তু সিহঁতে সেইবোৰক উপেক্ষা কৰিছিল।","footnotes":"","tafseer":"আমি সিহঁতক তেওঁৰ সত্য নবী হোৱাৰ প্ৰমাণ আৰু নিদৰ্শন প্ৰদান কৰিছিলোঁ। তাৰে অন্যতম নিদৰ্শন আছিল এজনী মাইকী উট। কিন্তু সিহঁতে সেই প্ৰমাণসমূহক গুৰুত্ব নিদিলে, আৰু কোনো ভ্ৰূক্ষেপ নকৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015081.mp3"},{"index":"82","arabicText":"وَكَانُوْا یَنْحِتُوْنَ مِنَ الْجِبَالِ بُیُوْتًا اٰمِنِیْنَ ۟","assameseTranslation":"আৰু সিহঁতে নিৰাপদে পাহাৰ কাটি ঘৰ নিৰ্মাণ কৰিব পাৰিছিল।","footnotes":"","tafseer":"সিহঁতে পৰ্বত খনন কৰি নিৰাপদে থকাৰ বাবে ঘৰ সাজিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015082.mp3"},{"index":"83","arabicText":"فَاَخَذَتْهُمُ الصَّیْحَةُ مُصْبِحِیْنَ ۟ۙ","assameseTranslation":"তথাপিও পুৱাৰ ভাগত প্ৰচণ্ড শব্দই সিহঁতক আহি ধৰিছিল।","footnotes":"","tafseer":"অৱশেষত প্ৰভাতৰ সময়ত সিহঁতক প্ৰচণ্ড শব্দই গ্ৰাস কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015083.mp3"},{"index":"84","arabicText":"فَمَاۤ اَغْنٰی عَنْهُمْ مَّا كَانُوْا یَكْسِبُوْنَ ۟ؕ","assameseTranslation":"এতেকে সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।","footnotes":"","tafseer":"কিন্তু সিহঁতৰ উপাৰ্জিত ধন-সম্পদে আৰু সিহঁতৰ নিৰাপত্তামূলক অট্টালিকা আদিয়ে সিহঁতক ৰক্ষা কৰিব পৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015084.mp3"},{"index":"85","arabicText":"وَمَا خَلَقْنَا السَّمٰوٰتِ وَالْاَرْضَ وَمَا بَیْنَهُمَاۤ اِلَّا بِالْحَقِّ ؕ وَاِنَّ السَّاعَةَ لَاٰتِیَةٌ فَاصْفَحِ الصَّفْحَ الْجَمِیْلَ ۟","assameseTranslation":"আকাশসমূহ আৰু পৃথিৱী, লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই আমি অযথা সৃষ্টি কৰা নাই, আৰু নিশ্চয় কিয়ামত আহিব। এতেকে তুমি পৰম সৌজন্যৰ সৈতে সিহঁতক ক্ষমা কৰি দিয়া।","footnotes":"","tafseer":"আমি আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা বস্তুসমূহক উদ্দেশ্যহীনভাৱে সৃষ্টি কৰা নাই। নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী। এতেকে হে ৰাছুল! আপুনি অস্বীকাৰকাৰীসকলক আওকাণ কৰক, আৰু সিহঁতক উত্তমৰূপে ক্ষমা কৰি দিয়ক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015085.mp3"},{"index":"86","arabicText":"اِنَّ رَبَّكَ هُوَ الْخَلّٰقُ الْعَلِیْمُ ۟","assameseTranslation":"নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই হৈছে মহাস্ৰষ্টা, মহাজ্ঞানী।","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকেই হৈছে সকলো বস্তুৰ সৃষ্টিকৰ্তা, আৰু তেওঁ সেই সম্পৰ্কে সম্যক জ্ঞানৰ অধিকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015086.mp3"},{"index":"87","arabicText":"وَلَقَدْ اٰتَیْنٰكَ سَبْعًا مِّنَ الْمَثَانِیْ وَالْقُرْاٰنَ الْعَظِیْمَ ۟","assameseTranslation":"আৰু আমি তোমাক প্ৰদান কৰিছোঁ পুনঃ পুনঃ পঠিত সাতোটা আয়াত আৰু মহা কোৰআন।","footnotes":"","tafseer":"নিশ্চয় আমি আপোনাক সাতটা আয়াতবিশিষ্ট ছুৰা আল-ফাতিহা প্ৰদান কৰিছোঁ, এইটোৱে হৈছে মহা কোৰআন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015087.mp3"},{"index":"88","arabicText":"لَا تَمُدَّنَّ عَیْنَیْكَ اِلٰی مَا مَتَّعْنَا بِهٖۤ اَزْوَاجًا مِّنْهُمْ وَلَا تَحْزَنْ عَلَیْهِمْ وَاخْفِضْ جَنَاحَكَ لِلْمُؤْمِنِیْنَ ۟","assameseTranslation":"আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক ভোগ-বিলাসৰ যি উপকৰণ দিছোঁ তাৰ প্ৰতি তুমি কেতিয়াও তোমাৰ দুচকু প্ৰসাৰিত নকৰিবা। সিহঁতৰ বাবে তুমি দুখ নকৰিবা; আৰু তুমি মুমিনসকলৰ বাবে তোমাৰ বাহু নত কৰা (অৰ্থাৎ সদয় হোৱা),","footnotes":"","tafseer":"আমি কাফিৰসকলৰ বিভিন্ন দলক ধ্বংসশীল জীৱনৰ যি সা-সামগ্ৰী প্ৰদান কৰিছোঁ আপুনি তালৈ দৃষ্টিপাত নকৰিব, আৰু সিহঁতৰ অস্বীকাৰ কাৰ্যত দুখ নকৰিব আৰু মুমিনসকলৰ লগত নম্ৰ ব্যৱহাৰ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015088.mp3"},{"index":"89","arabicText":"وَقُلْ اِنِّیْۤ اَنَا النَّذِیْرُ الْمُبِیْنُ ۟ۚ","assameseTranslation":"আৰু কোৱা, ‘নিশ্চয় মই হৈছোঁ প্ৰকাশ্য সতৰ্ককাৰী’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক যে, নিশ্চয় মই শাস্তিৰ পৰা সতৰ্ককাৰী, স্পষ্টভাৱে সতৰ্ক কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015089.mp3"},{"index":"90","arabicText":"كَمَاۤ اَنْزَلْنَا عَلَی الْمُقْتَسِمِیْنَ ۟ۙ","assameseTranslation":"যিদৰে আমি অৱতীৰ্ণ কৰিছিলোঁ বিভক্তকাৰীসকলৰ ওপৰত;","footnotes":"","tafseer":"মই তোমালোকক সেই শাস্তিৰ পৰা সাৱধান কৰোঁ, যেনেকুৱা শাস্তি অৱতীৰ্ণ হৈছিল আল্লাহৰ গ্ৰন্থক ভাগ ভাগকাৰীসকলৰ ওপৰত, সিহঁতে কিছু অংশৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু কিছু অংশক অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015090.mp3"},{"index":"91","arabicText":"الَّذِیْنَ جَعَلُوا الْقُرْاٰنَ عِضِیْنَ ۟","assameseTranslation":"যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে।","footnotes":"","tafseer":"যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে। ফলত সিহঁতে কৈছেঃ এয়া হৈছে যাদু অথবা জ্যোতিষবিদ্ধা নাইবা কবিতা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015091.mp3"},{"index":"92","arabicText":"فَوَرَبِّكَ لَنَسْـَٔلَنَّهُمْ اَجْمَعِیْنَ ۟ۙ","assameseTranslation":"এতেকে তোমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁত সকলোকে জেৰা কৰিম,","footnotes":"","tafseer":"এতেকে হে ৰাছুল! আপোনাৰ প্ৰতিপালকৰ শপত! আমি কিয়ামতৰ দিনা সেই সকলো লোককে প্ৰশ্ন কৰিম, যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015092.mp3"},{"index":"93","arabicText":"عَمَّا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"সেই বিষয়ে, যিটো সিহঁতে আমল কৰিছিল।","footnotes":"","tafseer":"আমি সিহঁতক সেইবোৰ কুফৰী কৰ্ম আৰু গুনাহ সম্পৰ্কে প্ৰশ্ন কৰিম, যিবোৰ সিহঁতে পৃথিৱীত কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015093.mp3"},{"index":"94","arabicText":"فَاصْدَعْ بِمَا تُؤْمَرُ وَاَعْرِضْ عَنِ الْمُشْرِكِیْنَ ۟","assameseTranslation":"এতেকে তুমি যি বিষয়ে আদেশপ্ৰাপ্ত হৈছা সেয়া প্ৰকাশ্যভাৱে প্ৰচাৰ কৰা আৰু মুশ্বৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সেই আদেশৰ ঘোষণা দিয়ক যিটো আল্লাহে আপোনাক আদেশ কৰিছে। আনহাতে মুশ্বৰিকসকলে যি কয় আৰু কৰে তাৰ প্ৰতি আপুনি ভ্ৰূক্ষেপ নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015094.mp3"},{"index":"95","arabicText":"اِنَّا كَفَیْنٰكَ الْمُسْتَهْزِءِیْنَ ۟ۙ","assameseTranslation":"নিশ্চয় বিদ্ৰূপকাৰীসকলৰ বিৰুদ্ধে আমিয়েই তোমাৰ বাবে যথেষ্ট,","footnotes":"","tafseer":"আৰু সিহঁতক ভয় নকৰিব। কুৰাইছৰ মাজৰ পৰা কাফিৰসকলৰ নেতৃবৰ্গৰ উপহাস আৰু চক্ৰান্তৰ পৰা ৰক্ষা কৰিবলৈ আপোনাৰ বাবে আমিয়েই যথেষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015095.mp3"},{"index":"96","arabicText":"الَّذِیْنَ یَجْعَلُوْنَ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ ۚ فَسَوْفَ یَعْلَمُوْنَ ۟","assameseTranslation":"যিসকলে আল্লাহৰ সৈতে আন কোনো উপাস্য নিৰ্ধাৰণ কৰে। নিশ্চয় অতিশীঘ্ৰেই সিহঁতে (ইয়াৰ পৰিণাম) জানিব পাৰিব।","footnotes":"","tafseer":"যিসকলে আল্লাহৰ সৈতে আনক উপাস্য কৰি লৈছে। শীঘ্ৰেই সিহঁতে নিজৰ শ্বিৰ্কৰ পৰিণাম সম্পৰ্কে অৱগত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015096.mp3"},{"index":"97","arabicText":"وَلَقَدْ نَعْلَمُ اَنَّكَ یَضِیْقُ صَدْرُكَ بِمَا یَقُوْلُوْنَ ۟ۙ","assameseTranslation":"আমি এই কথা নিশ্চিতভাৱে জানো যে, সিহঁতৰ কথাৰ দ্বাৰা তোমাৰ মন সংকুচিত হয়;","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চয় আমি জানো সিহঁতে কৰা অস্বীকাৰ আৰু উপহাসৰ ফলত আপোনাৰ অন্তৰ সংকীৰ্ণ হৈ পৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015097.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015097.mp3"},{"index":"98","arabicText":"فَسَبِّحْ بِحَمْدِ رَبِّكَ وَكُنْ مِّنَ السّٰجِدِیْنَ ۟ۙ","assameseTranslation":"এতেকে তুমি তোমাৰ প্ৰতিপালকৰ তছবীহ পাঠ কৰা আৰু ছাজদাহকাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা।","footnotes":"","tafseer":"এতেকে আপুনি আল্লাহক অনোপযুক্ত সকলো বিষয়ৰ পৰা পৱিত্ৰ ঘোষণা কৰি তেওঁৰ আশ্ৰয় গ্ৰহণ কৰক। লগতে পৰিপূৰ্ণ গুণাৱলীৰ সৈতে তেওঁৰ প্ৰশংসা কৰক। তথা আল্লাহৰ ইবাদতকাৰী আৰু তেওঁৰ বাবে চালাত আদায়কাৰী হৈ যাওক। ইয়াৰ ভিতৰতেই আপোনাৰ আন্তৰিক শান্তি নিহিত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015098.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015098.mp3"},{"index":"99","arabicText":"وَاعْبُدْ رَبَّكَ حَتّٰی یَاْتِیَكَ الْیَقِیْنُ ۟۠","assameseTranslation":"আৰু তোমাৰ মৃত্যু নহালৈকে তুমি তোমাৰ প্ৰতিপালকৰ ইবাদত কৰা।","footnotes":"","tafseer":"এতেকে জীৱিত থকালৈকে নিজ প্ৰতিপালকৰ ইবাদত কৰি যাওক, আনকি এই অৱস্থাতেই আপোনাৰ মৃত্যু হওক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/015099.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/015099.mp3"}]