[{"index":"1","arabicText":"كٓهٰیٰعٓصٓ ۟۫ۚ","assameseTranslation":"কাফ-হা-ইয়া-আঈন- চ’দ;[1]","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"(কাফ, হা, ইয়া, আঈন, চদ) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019001.mp3"},{"index":"2","arabicText":"ذِكْرُ رَحْمَتِ رَبِّكَ عَبْدَهٗ زَكَرِیَّا ۟ۖۚ","assameseTranslation":"এইটো হৈছে তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ বিৱৰণ তেওঁৰ বান্দা যাকাৰিয়্যাৰ প্ৰতি,","footnotes":"","tafseer":"এইটো হৈছে যাকাৰিয়্যা আলাইহিচ্ছালামৰ প্ৰতি আপোনাৰ প্ৰতিপালকৰ ৰহমতৰ বৰ্ণনা। আমি আপোনাৰ সন্মুখত এই বৰ্ণনা উপদেশ তথা শিক্ষা লাভৰ উদ্দেশ্যে পাঠ কৰি আছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019002.mp3"},{"index":"3","arabicText":"اِذْ نَادٰی رَبَّهٗ نِدَآءً خَفِیًّا ۟","assameseTranslation":"যেতিয়া তেওঁ নিজ প্ৰতিপালকক গোপনে আহ্বান কৰিছিল,","footnotes":"","tafseer":"যিহেতু তেওঁ নিজ প্ৰতিপালকৰ ওচৰত গোপনে দুআ কৰিছিল, এই কাৰণে যে, যাতে দুআ শীঘ্ৰেই কবুল হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019003.mp3"},{"index":"4","arabicText":"قَالَ رَبِّ اِنِّیْ وَهَنَ الْعَظْمُ مِنِّیْ وَاشْتَعَلَ الرَّاْسُ شَیْبًا وَّلَمْ اَكُنْ بِدُعَآىِٕكَ رَبِّ شَقِیًّا ۟","assameseTranslation":"তেওঁ কৈছিল, ‘হে মোৰ প্ৰতিপালক! মোৰ অস্থি দুৰ্বল হৈছে, বাৰ্ধক্যত মোৰ মূৰ(ৰ চুলি) শুভ্ৰোজ্জ্বল হৈছে; হে মোৰ প্ৰতিপালক! তোমাৰ ওচৰত দুআ কৰি মই কেতিয়াও ব্যৰ্থ হোৱা নাই।","footnotes":"","tafseer":"তেওঁ কৈছিলঃ হে মোৰ প্ৰতিপালক! মোৰ হাড়সমূহ দুৰ্বল হৈ গৈছে, মোৰ মূৰৰ চুলি বেছি ভাগেই বগা হৈছে। তথা মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰি কেতিয়াও নিৰাশ হোৱা নাই। বৰং মই যেতিয়াই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তুমি সেয়া কবুল কৰিছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019004.mp3"},{"index":"5","arabicText":"وَاِنِّیْ خِفْتُ الْمَوَالِیَ مِنْ وَّرَآءِیْ وَكَانَتِ امْرَاَتِیْ عَاقِرًا فَهَبْ لِیْ مِنْ لَّدُنْكَ وَلِیًّا ۟ۙ","assameseTranslation":"নিশ্চয় মই মোৰ পিছত মোৰ স্বগোত্ৰীয়সকলৰ বিষয়ে আশংকাবোধ কৰিছোঁ; আৰু মোৰ স্ত্ৰীও হৈছে বন্ধ্যা। গতিকে তুমি তোমাৰ ফালৰ পৰা মোক এজন উত্তৰাধিকাৰী দান কৰা,","footnotes":"","tafseer":"মোৰ আশংকা হয় মোৰ আত্মীয়সকলে মোৰ মৃত্যুৰ পিছত সাংসাৰীক কামত লিপ্ত হৈ ধাৰ্মিক কৰ্তব্য নিৰ্বাহ কৰা পাহৰি যায় নেকি। ইপিনে মোৰ স্ত্ৰীও হৈছে বন্ধ্যা। এতেকে তুমি মোক এজন পুত্ৰ সন্তান দান কৰা, যিজন মোৰ বাবে সহায়ক হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019005.mp3"},{"index":"6","arabicText":"یَّرِثُنِیْ وَیَرِثُ مِنْ اٰلِ یَعْقُوْبَ ۖۗ وَاجْعَلْهُ رَبِّ رَضِیًّا ۟","assameseTranslation":"‘যিয়ে মোৰ উত্তৰাধিকাৰী হ’ব আৰু উত্তৰাধিকাৰী লাভ কৰিব ইয়াকূবৰ বংশৰ, লগতে হে মোৰ প্ৰতিপালক! তুমি তাক সন্তোষভাজন কৰিবা’।","footnotes":"","tafseer":"যিজন মোৰ নুবুওৱতৰ উত্তৰাধিকাৰী হ'ব তথা ইয়াকূব আলাইহিচ্ছালামৰ বংশৰ ওৱাৰিচ হ'ব, তথা (হে মোৰ প্ৰতিপালক!) তুমি তাক ধৰ্ম, নৈতিকতা আৰু জ্ঞান, সকলো ক্ষেত্ৰতেই পছন্দনীয় হিচাপে গঢ়ি তুলিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019006.mp3"},{"index":"7","arabicText":"یٰزَكَرِیَّاۤ اِنَّا نُبَشِّرُكَ بِغُلٰمِ سْمُهٗ یَحْیٰی ۙ لَمْ نَجْعَلْ لَّهٗ مِنْ قَبْلُ سَمِیًّا ۟","assameseTranslation":"(আল্লাহে ক’লে,) ‘হে যাকাৰিয়্যা! নিশ্চয় আমি তোমাক এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছোঁ, যাৰ নাম হ’ব ইয়াহয়া; এই নামেৰে আমি আগতে কাকো নামকৰণ কৰা নাছিলোঁ’।","footnotes":"","tafseer":"আল্লাহে তেওঁৰ দুআ কবুল কৰিলে আৰু তেওঁক সম্বোধন কৰি ক'লেঃ হে যাকাৰিয়্যা! নিশ্চয় আমি আপোনাক এটা শুভসংবাদ শুনাম, আমি আপোনাৰ দুআ কবুল কৰিছোঁ। আমি আপোনাক এজন সুপুত্ৰ প্ৰদান কৰিম, যাৰ নাম হ'ব ইয়াহইয়া। তেওঁৰ পূৰ্বে আমি এই নাম আন কাকো দিয়া নাছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019007.mp3"},{"index":"8","arabicText":"قَالَ رَبِّ اَنّٰی یَكُوْنُ لِیْ غُلٰمٌ وَّكَانَتِ امْرَاَتِیْ عَاقِرًا وَّقَدْ بَلَغْتُ مِنَ الْكِبَرِ عِتِیًّا ۟","assameseTranslation":"তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! কেনেকৈ মোৰ পুত্ৰ সন্তান হ’ব পাৰে, অথচ মোৰ স্ত্ৰী হৈছে বন্ধ্যা আৰু ময়ো বাৰ্ধক্যৰ শেষ সীমাত উপনীত হৈছোঁ’!","footnotes":"","tafseer":"যাকাৰিয়্যা আলাইহিচ্ছালামে আল্লাহৰ ক্ষমতা দেখি আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ মোৰ ঘৰত কেনেকৈ পুত্ৰ সন্তান জন্ম লভিব, অথচ মোৰ পত্নী হৈছে বন্ধ্যা আৰু মই নিজেও বৃদ্ধাৱস্থাৰ অন্তিম সীমাত উপনীত হৈছোঁ। ইপিনে মোৰ হাড়সমূহো দুৰ্বল হৈ পৰিছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019008.mp3"},{"index":"9","arabicText":"قَالَ كَذٰلِكَ ۚ قَالَ رَبُّكَ هُوَ عَلَیَّ هَیِّنٌ وَّقَدْ خَلَقْتُكَ مِنْ قَبْلُ وَلَمْ تَكُ شَیْـًٔا ۟","assameseTranslation":"(উত্তৰত তেওঁ) ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে অতি সহজ; ইয়াৰ পূৰ্বে মই তোমাকো সৃষ্টি কৰিছোঁ যেতিয়া তুমি একোৱেই নাছিলা’।","footnotes":"","tafseer":"ফিৰিস্তাই ক'লেঃ হয়, বিষয়টো তেনেকুৱাই যিদৰে আপুনি ব্যক্ত কৰিছে যে, আপোনাৰ স্ত্ৰী বন্ধ্যা আৰু আপুনিও বৃদ্ধাৱস্থাৰ শেষ সীমাত উপনীত হৈছে তথা আপোনাৰ হাড়সমূহ দুৰ্বল হৈছে। কিন্তু আপোনাৰ প্ৰতিপালকে কৈছেঃ এজনী বন্ধ্যা মাকৰ গৰ্ভৰ পৰা আৰু এজন বৃদ্ধ পিতৃৰ পৰা ইয়াহইয়াক সৃষ্টি কৰাটো তেওঁৰ বাবে তেনেই সহজ। কিয়নো (হে যাকাৰিয়্যা) ইতিপূৰ্বে মই তোমাক সৃষ্টি কৰিছোঁ, অথচ তুমি উল্লেখযোগ্য একোৱেই নাছিলা। অৰ্থাৎ তোমাৰ কোনো অস্তিত্বই নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019009.mp3"},{"index":"10","arabicText":"قَالَ رَبِّ اجْعَلْ لِّیْۤ اٰیَةً ؕ قَالَ اٰیَتُكَ اَلَّا تُكَلِّمَ النَّاسَ ثَلٰثَ لَیَالٍ سَوِیًّا ۟","assameseTranslation":"যাকাৰিয়্যাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটোৱে যে, তুমি সুস্থ থকা সত্বেও ক্ৰমাগত তিনি ৰাতি (দিন) পৰ্যন্ত কাৰো লগত কথা ক’ব নোৱাৰিবা’।","footnotes":"","tafseer":"যাকাৰিয়্যা আলাইহিচ্ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ বাবে কিবা এটা সংকেত নিৰ্ধাৰণ কৰি দিয়া, যাতে মোৰ অন্তৰে সন্তুষ্টি লাভ কৰে সেই বিষয়টো অৰ্জন কৰিবলৈ যিটো তুমি ফিৰিস্তাসকলৰ দ্বাৰা সুসংবাদ দিছা। আল্লাহে ক'লেঃ আপোনাক যিটো সুসংবাদ দিয়া হৈছে, সেইটো লাভ কৰাৰ সংকেত হৈছে এই যে, আপুনি তিনিদিনলৈকে মানুহৰ লগত কথা ক'ব নোৱাৰিব, অথচ আপোনাৰ কোনো অসুখ নাথাকিব তথা আপুনি সম্পূৰ্ণ সুস্থ থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019010.mp3"},{"index":"11","arabicText":"فَخَرَجَ عَلٰی قَوْمِهٖ مِنَ الْمِحْرَابِ فَاَوْحٰۤی اِلَیْهِمْ اَنْ سَبِّحُوْا بُكْرَةً وَّعَشِیًّا ۟","assameseTranslation":"তাৰ পিছত তেওঁ (ইবাদতৰ বাবে নিৰ্দিষ্ট) কক্ষৰ পৰা ওলাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ আহিল আৰু ইঙ্গিতেৰে সিহঁতক ক’লে, ‘তোমালোকে পুৱা-গধূলি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা’।","footnotes":"","tafseer":"যাকাৰিয়্যা আলাইহিচ্ছালামে উপাসনা গৃহৰ পৰা ওলাই নিজ সম্প্ৰদায়ৰ ওচৰলৈ আহিল আৰু তেওঁলোকৰ লগত কথা নোকোৱাকৈ ইংগিতেৰে বুজাই দিলে যে, তোমালোকে পুৱা-গধুলি পৱিত্ৰ মহান আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019011.mp3"},{"index":"12","arabicText":"یٰیَحْیٰی خُذِ الْكِتٰبَ بِقُوَّةٍ ؕ وَاٰتَیْنٰهُ الْحُكْمَ صَبِیًّا ۟ۙ","assameseTranslation":"‘হে ইয়াহয়া! তুমি কিতাবখন দৃঢ়তাৰ সৈতে গ্ৰহণ কৰা,’ আৰু আমি তেওঁক শৈশৱতেই প্ৰজ্ঞা দান কৰিছিলোঁ,","footnotes":"","tafseer":"ইয়াৰ পিছত তেওঁৰ ঘৰত ইয়াহইয়াৰ জন্ম হ'ল। এতেকে তেওঁ যেতিয়া সম্বোধন কৰিব পৰা বয়সত উপনীত হ'ল, তেতিয়া তেওঁক আমি ক’লোঁঃ “হে ইয়াহইয়া! তাওৰাতক মজবুতভাৱে ধাৰণ কৰা”। আমি তেওঁক শিশু অৱস্থাতেই বোধশক্তি, জ্ঞান, গাম্ভীৰ্য্য আৰু প্ৰেৰণা প্ৰদান কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019012.mp3"},{"index":"13","arabicText":"وَّحَنَانًا مِّنْ لَّدُنَّا وَزَكٰوةً ؕ وَكَانَ تَقِیًّا ۟ۙ","assameseTranslation":"আৰু আমাৰ ফালৰ পৰা তেওঁক হৃদয়ৰ কোমলতা আৰু পৱিত্ৰতা দান কৰিছোঁ; আৰু তেওঁ আছিল এজন মুত্তাক্বী।","footnotes":"","tafseer":"আমি তেওঁৰ প্ৰতি আমাৰ ফালৰ পৰা বিশেষ দয়া কৰিছিলোঁ, আৰু তেওঁক পাপকৰ্মৰ পৰা পৱিত্ৰ ৰাখিছিলোঁ। তথা তেওঁ আছিল এজন সদাচাৰী ব্যক্তি। তেওঁ আল্লাহৰ আদেশ পালন কৰিছিল আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019013.mp3"},{"index":"14","arabicText":"وَّبَرًّا بِوَالِدَیْهِ وَلَمْ یَكُنْ جَبَّارًا عَصِیًّا ۟","assameseTranslation":"আৰু তেওঁ আছিল পিতৃ-মাতৃৰ প্ৰতি অনুগত, তথা তেওঁ অহংকাৰী, অবাধ্য নাছিল।","footnotes":"","tafseer":"তেওঁ নিজ পিতৃ-মাতৃৰ আনুগত্যশীল আৰু তেওঁলোকৰ প্ৰতি সদাচাৰী আছিল। তেওঁ নিজ প্ৰতিপালকৰ আনুগত্যত তথা পিতৃ-মাতৃৰ আনুগত্যৰ ক্ষেত্ৰত অহংকাৰী নাছিল। তথা তেওঁলোকৰ প্ৰতি অবাধ্যও নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019014.mp3"},{"index":"15","arabicText":"وَسَلٰمٌ عَلَیْهِ یَوْمَ وُلِدَ وَیَوْمَ یَمُوْتُ وَیَوْمَ یُبْعَثُ حَیًّا ۟۠","assameseTranslation":"শান্তি তেওঁৰ ওপৰত অনিবাৰ্য, যিদিনা তেওঁ জন্ম লাভ কৰিছে, যিদিনা তেওঁ মৃত্যুবৰণ কৰিব আৰু যিদিনা তেওঁ জীৱিত অৱস্থাত উত্থিত হ’ব।","footnotes":"","tafseer":"তেওঁৰ বাবে আল্লাহৰ ফালৰ পৰা শান্তি নিৰ্ধাৰিত, যিদিনা তেওঁ জন্ম গ্ৰহণ কৰিছে আৰু যিদিনা তেওঁ মৃত্যুবৰণ কৰিব তথা এই পাৰ্থিৱ জীৱনৰ পৰা বিদায় ল’ব, আৰু কিয়ামতৰ দিনা যেতিয়া তেওঁ জীৱিত হৈ পুনৰুত্থিত হ'ব। দৰাচলতে এইটোৱে হৈছে সেই ভয়াৱহ তিনিটা স্থান, যিটো প্ৰত্যেক মানুহেই অতিক্ৰম কৰিব লাগিব। যদি ইয়াৰ পৰা সুকলমে অতিক্ৰম কৰিব পাৰে তেন্তে তাৰ বাবে আন ক’তো কোনো ভয় নাথাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019015.mp3"},{"index":"16","arabicText":"وَاذْكُرْ فِی الْكِتٰبِ مَرْیَمَ ۘ اِذِ انْتَبَذَتْ مِنْ اَهْلِهَا مَكَانًا شَرْقِیًّا ۟ۙ","assameseTranslation":"আৰু (হে ৰাছুল!) তুমি এই কিতাবত (উল্লিখিত) মাৰয়ামৰ কথা বৰ্ণনা কৰা, যেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গৰ পৰা পৃথক হৈ পূৱ দিশৰ এটা নিৰ্জন স্থানত আশ্ৰয় নিলে,","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনত মৰিয়ম আলাইহাচ্ছালামৰ ঘটনা স্মৰণ কৰক। যেতিয়া তেওঁ নিজ পৰিয়ালৰ পৰা পৃথক হৈ পূৱ ফালে অৱস্থিত এটা স্থানত অকলে বসবাস কৰিবলৈ লৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019016.mp3"},{"index":"17","arabicText":"فَاتَّخَذَتْ مِنْ دُوْنِهِمْ حِجَابًا ۪۫ فَاَرْسَلْنَاۤ اِلَیْهَا رُوْحَنَا فَتَمَثَّلَ لَهَا بَشَرًا سَوِیًّا ۟","assameseTranslation":"তাৰ পিছত তেওঁ সিহঁতৰ পৰা নিজকে পৰ্দা কৰিলে। তেতিয়া আমি তেওঁৰ ওচৰলৈ আমাৰ ৰূহ (জীব্ৰীল)ক প্ৰেৰণ কৰিলোঁ, ফলত তেওঁ মাৰয়ামৰ ওচৰত পূৰ্ণ মানৱাকৃতিত আহি আত্মপ্ৰকাশ কৰিলে।","footnotes":"","tafseer":"ফলত তেওঁ নিজৰ বাবে এখন তম্বু সাজি লৈছিল। যাতে তেওঁ যেতিয়া নিজ প্ৰতিপালকৰ ইবাদত কৰিব তেতিয়া তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক প্ৰত্যক্ষ নকৰে। এই সময়ছোৱাতে আমি জিব্ৰীল আলাইহিচ্ছালামক তেওঁৰ ওচৰলৈ প্ৰেৰণ কৰিলোঁ। জিব্ৰীল আলাইহিচ্ছালামে তেওঁৰ ওচৰলৈ সম্পূৰ্ণৰূপে মানৱ আকৃতি ধাৰণ কৰি আগমণ কৰিলে। কিন্তু মৰিয়মে ভয় কৰিলে, ভাবিলে কিবা বেয়া কৰ্ম কৰিব বিচাৰে নেকি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019017.mp3"},{"index":"18","arabicText":"قَالَتْ اِنِّیْۤ اَعُوْذُ بِالرَّحْمٰنِ مِنْكَ اِنْ كُنْتَ تَقِیًّا ۟","assameseTranslation":"মাৰয়ামে ক’লে, ‘মই তোমাৰ পৰা ৰহমানৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ, (আল্লাহক ভয় কৰা আৰু আঁতৰি যোৱা) যদি তুমি মুত্তাক্বী হোৱা’।","footnotes":"","tafseer":"যেতিয়া তেওঁ জিব্ৰীলক দেখা পালে, তেওঁ এজন মানৱ ৰূপ ধাৰণ কৰি তেওঁৰ ফালে আগুৱাই আহি আছিল। তেতিয়া তেওঁ ক'লেঃ হে ব্যক্তি! যদি তুমি এজন সদাচাৰী আৰু আল্লাহক ভয় কৰা তেন্তে শুনা! নিশ্চয় মই তোমাৰ অনিষ্টৰ পৰা অত্যন্ত কৃপাশীল আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019018.mp3"},{"index":"19","arabicText":"قَالَ اِنَّمَاۤ اَنَا رَسُوْلُ رَبِّكِ ۖۗ لِاَهَبَ لَكِ غُلٰمًا زَكِیًّا ۟","assameseTranslation":"তেওঁ ক’লে, ‘মইতো তোমাৰ প্ৰতিপালকৰ দূতহে, তোমাক এজন পৱিত্ৰ পুত্ৰ দান কৰাৰ বাবে আহিছোঁ’।","footnotes":"","tafseer":"জিব্ৰীল আলাইহিচ্ছালামে ক'লেঃ মই মানৱ নহয়। নিশ্চয় মই তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত এজন দূতহে। তেৱেঁই মোক তোমাৰ ওচৰলৈ প্ৰেৰণ কৰিছে। যাতে মই তোমাক এজন পাক-পৱিত্ৰ সুসন্তান প্ৰদান কৰিব পাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019019.mp3"},{"index":"20","arabicText":"قَالَتْ اَنّٰی یَكُوْنُ لِیْ غُلٰمٌ وَّلَمْ یَمْسَسْنِیْ بَشَرٌ وَّلَمْ اَكُ بَغِیًّا ۟","assameseTranslation":"মাৰয়ামে ক’লে, ‘মোৰ পুত্ৰ কেনেকৈ হ’ব যিহেতু মোক কোনো পুৰুষে স্পৰ্শই কৰা নাই আৰু মই ব্যভিচাৰিণীও নহয়’?","footnotes":"","tafseer":"মৰিয়মে আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ মোৰ কেনেকৈ সন্তান হ'ব, যিহেতু মোৰ পতি নাই, আৰু মই কোনো পুৰুষৰো সংস্পৰ্শত অহা নাই। আনহাতে মই কোনো ব্যভিচাৰিণীও নহয় যে, মোৰ সন্তান হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019020.mp3"},{"index":"21","arabicText":"قَالَ كَذٰلِكِ ۚ قَالَ رَبُّكِ هُوَ عَلَیَّ هَیِّنٌ ۚ وَلِنَجْعَلَهٗۤ اٰیَةً لِّلنَّاسِ وَرَحْمَةً مِّنَّا ۚ وَكَانَ اَمْرًا مَّقْضِیًّا ۟","assameseTranslation":"তেওঁ ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে সহজ; আৰু আমি তেওঁক এইকাৰণে সৃষ্টি কৰিম যাতে তেওঁ মানুহৰ বাবে এটা নিদৰ্শন হয় আৰু আমাৰ ফালৰ পৰা এটা অনুগ্ৰহ; এইটো এটা সিদ্ধান্তকৃত বিষয়’।","footnotes":"","tafseer":"জিব্ৰীলে তেওঁক ক'লেঃ হয়, আপুনি কোৱা কথাষাৰেই ঠিক, আপোনাক স্বামীয়েও স্পৰ্শ কৰা নাই তথা আন কোনো পুৰুষৰো সংস্পৰ্শত আপুনি অহা নাই, আৰু আপুনি কোনো ব্যভিচাৰিণীও নহয়। কিন্তু আপোনাৰ পৱিত্ৰ প্ৰতিপালকে কৈছে, পিতৃ নোহোৱাকৈ সন্তান সৃষ্টি কৰা মোৰ পক্ষে তেনেই সহজ, আৰু আপোনাক প্ৰদান কৰা এই সন্তান মানুহৰ বাবে আল্লাহৰ ক্ষমতাৰ প্ৰতীক হ'ব, তথা আমাৰ ফালৰ পৰা আপোনাৰ বাবে আৰু মুমিনসকলৰ বাবে হ'ব ৰহমত। দৰাচলতে আপোনাৰ এই সন্তানৰ সৃষ্টিটো হৈছে আল্লাহৰ পূৰ্বনিৰ্ধাৰিত এটা সিদ্ধান্ত, যিটো লওহে মাহফুজত লিপিবদ্ধ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019021.mp3"},{"index":"22","arabicText":"فَحَمَلَتْهُ فَانْتَبَذَتْ بِهٖ مَكَانًا قَصِیًّا ۟","assameseTranslation":"তাৰ পিছত মাৰয়ামে তেওঁক গৰ্ভত ধাৰণ কৰিলে আৰু সেই গৰ্ভসহ দূৰৱৰ্তী এডোখৰ ঠাইলৈ গুচি গ’ল;","footnotes":"","tafseer":"এতেকে ফিৰিস্তাই ফুঁ দিয়াৰ পিছত তেওঁ গৰ্ভৱতী হৈ গ'ল। ইয়াৰ পিছত তেওঁ মানুহৰ পৰা অতি দূৰৱৰ্তী এখন ঠাইত বাহৰ পাতিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019022.mp3"},{"index":"23","arabicText":"فَاَجَآءَهَا الْمَخَاضُ اِلٰی جِذْعِ النَّخْلَةِ ۚ قَالَتْ یٰلَیْتَنِیْ مِتُّ قَبْلَ هٰذَا وَكُنْتُ نَسْیًا مَّنْسِیًّا ۟","assameseTranslation":"তাৰ পিছত প্ৰসৱ-বেদনাই তেওঁক এজোপা খেজুৰ গছৰ তলত আশ্ৰয় নিবলৈ বাধ্য কৰালে। তেওঁ ক’লে, ‘হায়, ইয়াৰ আগতেই যদি মই মৃত্যুবৰণ কৰিলোঁহেঁতেন আৰু মানুহৰ স্মৃতিৰ পৰা সম্পূৰ্ণৰূপে হেৰাই গ’লোঁহেঁতেন!’","footnotes":"","tafseer":"ইপিনে তেওঁৰ প্ৰসৱ যন্ত্ৰণা বৃদ্ধি পালে, আৰু ইয়াৰ ফলত তেওঁ এখন খেজুৰ গছৰ তলত গৈ আশ্ৰয় ল'লে, মৰিয়ম আলাইহাচ্ছালামে ক'লেঃ হায়! মই যদি এই দিনটো দেখাৰ পূৰ্বেই মৃত্যুবৰণ কৰিলোঁহেঁতেন, আৰু মই যদি এনেকুৱা বস্তুত পৰিণত হ’লোহেঁতেন যিটো উল্লেখযোগ্য একোৱে নহয়। ফলত মোৰ বিষয়ে কোনেও বেয়া ধাৰণা পোষণ কৰিব নোৱাৰিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019023.mp3"},{"index":"24","arabicText":"فَنَادٰىهَا مِنْ تَحْتِهَاۤ اَلَّا تَحْزَنِیْ قَدْ جَعَلَ رَبُّكِ تَحْتَكِ سَرِیًّا ۟","assameseTranslation":"তেতিয়া তলৰ পৰা তেওঁ মাৰয়ামক মাতি ক’লে, ‘তুমি চিন্তা নকৰিবা, তোমাৰ পাদদেশত তোমাৰ প্ৰতিপালকে এটা নিজৰা সৃষ্টি কৰিছে;","footnotes":"","tafseer":"ঠিক সেই সময়তেই ঈছা আলাইহিচ্ছালামে তেওঁৰ ভৰিৰ দিশৰ পৰা মাত লগাই ক'লেঃ আপুনি নিৰাশ নহ'ব! আপোনাৰ প্ৰতিপালকে আপোনাৰ বাবে নিজৰা প্ৰবাহিত কৰিছে, যাৰ পৰা আপুনি পানী খাব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019024.mp3"},{"index":"25","arabicText":"وَهُزِّیْۤ اِلَیْكِ بِجِذْعِ النَّخْلَةِ تُسٰقِطْ عَلَیْكِ رُطَبًا جَنِیًّا ۟ؗ","assameseTranslation":"আৰু তুমি খেজুৰ গছৰ কাণ্ড ধৰি জোকাৰি দিয়া, ই তোমাৰ ওপৰত তাজা পকা খেজুৰ পেলাব।","footnotes":"","tafseer":"তথা খেজুৰ গছজোপাক জোকাৰি দিয়ক, চাব ওপৰৰ পৰা আপোনাৰ বাবে সতেজ আৰু পকা খেজুৰ সৰি পৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019025.mp3"},{"index":"26","arabicText":"فَكُلِیْ وَاشْرَبِیْ وَقَرِّیْ عَیْنًا ۚ فَاِمَّا تَرَیِنَّ مِنَ الْبَشَرِ اَحَدًا ۙ فَقُوْلِیْۤ اِنِّیْ نَذَرْتُ لِلرَّحْمٰنِ صَوْمًا فَلَنْ اُكَلِّمَ الْیَوْمَ اِنْسِیًّا ۟ۚ","assameseTranslation":"এতেকে খোৱা, সেৱন কৰা আৰু চকু জুৰ পেলোৱা। যদি কোনো মানুহৰ লগত তোমাৰ দেখা হয় তেন্তে ক’বা, ‘মই ৰহমানৰ উদ্দেশ্যে মৌনতা অৱলম্বনৰ মানত কৰিছোঁ। সেয়ে মই আজি কাৰো লগত কথা নকওঁ’।","footnotes":"","tafseer":"এতেকে সতেজ খেজুৰ আৰু পানী খোৱা, আৰু নৱজাতককলৈ মন শান্ত কৰা তথা দুখ নকৰিবা। আনহাতে যদি কোনো মানুহক দেখা পোৱা, সি যদি নৱজাতকৰ বিষয়ে কিবা সোধে তেন্তে তাক ক'বাঃ মই মোৰ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে কথা নোকোৱাৰ শপত খাইছোঁ। সেয়ে আজি মই কাৰো লগতে কথা নকওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019026.mp3"},{"index":"27","arabicText":"فَاَتَتْ بِهٖ قَوْمَهَا تَحْمِلُهٗ ؕ قَالُوْا یٰمَرْیَمُ لَقَدْ جِئْتِ شَیْـًٔا فَرِیًّا ۟","assameseTranslation":"তাৰ পিছত তেওঁ কেঁচুৱাটিক লৈ নিজ সম্প্ৰদায়ৰ ওচৰত আহি উপস্থিত হ’ল, সিহঁতে ক’লে, ‘হে মাৰয়াম! নিশ্চয় তুমি এটা অদ্ভূত কাণ্ড কৰিছা’।","footnotes":"","tafseer":"তাৰ পিছত মৰিয়মে যেতিয়া নিজৰ সন্তানকলৈ নিজ সম্প্ৰদায়ৰ ওচৰলৈ আহিল, তেতিয়া মানুহে অসন্তুষ্টি ব্যক্ত কৰি ক'লেঃ হে মৰিয়ম! তুমি পিতৃহীন এজন সন্তান জন্ম দি বৰ ঘৃণনীয় কাম কৰিছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019027.mp3"},{"index":"28","arabicText":"یٰۤاُخْتَ هٰرُوْنَ مَا كَانَ اَبُوْكِ امْرَاَ سَوْءٍ وَّمَا كَانَتْ اُمُّكِ بَغِیًّا ۟ۖۚ","assameseTranslation":"‘হে হাৰূনৰ ভগ্নী! তোমাৰ পিতা কিন্তু অসৎ ব্যক্তি নাছিল আৰু তোমাৰ মাতৃও ব্যভিচাৰিণী নাছিল’।","footnotes":"","tafseer":"হে হাৰূণৰ দৰে ইবাদতকাৰী মহিলা (হাৰূণ এজন সদাচাৰী ব্যক্তি আছিল)! তোমাৰ পিতৃতো কেতিয়াও ব্যভিচাৰী নাছিল, আনকি তোমাৰ মাকো বেয়া স্বভাৱৰ নাছিল। নিশ্চয় তুমি সদাচাৰীত প্ৰসিদ্ধ এখন ঘৰৰ মহিলা। তেনেহ'লে কেনেকৈ তুমি পিতৃ নথকা এজন শিশু লৈ আহিলা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019028.mp3"},{"index":"29","arabicText":"فَاَشَارَتْ اِلَیْهِ ؕ قَالُوْا كَیْفَ نُكَلِّمُ مَنْ كَانَ فِی الْمَهْدِ صَبِیًّا ۟","assameseTranslation":"তেতিয়া মাৰয়ামে কেঁচুৱাটিৰ প্ৰতি ইংগিত কৰিলে। সিহঁতে ক’লে, ‘কোলাত থকা এটি কেঁচুৱাৰ সৈতে আমি কেনেকৈ কথা পাতিম’?","footnotes":"","tafseer":"এই শুনি মৰিয়মে তেওঁৰ কোলাত থকা শিশুৰ প্ৰতি ইঙ্গিত কৰিলে, সম্প্ৰদায়ৰ লোকসকলে আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ কোলাত থকা এজন শিশুৰ সৈতে কেনেকৈ আমি কথা ক'ম?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019029.mp3"},{"index":"30","arabicText":"قَالَ اِنِّیْ عَبْدُ اللّٰهِ ؕ۫ اٰتٰىنِیَ الْكِتٰبَ وَجَعَلَنِیْ نَبِیًّا ۟ۙ","assameseTranslation":"কেঁচুৱাটোৱে মাত লগালে, ‘নিশ্চয় মই এজন আল্লাহৰ বান্দা। তেৱেঁই মোক কিতাব প্ৰদান কৰিছে আৰু মোক নবী বনাইছে,","footnotes":"","tafseer":"ইপিনে ঈছা আলাইহিচ্ছালামে ক'লেঃ নিশ্চয় মই হৈছোঁ আল্লাহৰ এজন বান্দা, তেওঁ মোক ইঞ্জিল প্ৰদান কৰিছে আৰু মোক তেওঁৰ নবীসকলৰ অন্তৰ্ভুক্ত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019030.mp3"},{"index":"31","arabicText":"وَّجَعَلَنِیْ مُبٰرَكًا اَیْنَ مَا كُنْتُ ۪ وَاَوْصٰنِیْ بِالصَّلٰوةِ وَالزَّكٰوةِ مَا دُمْتُ حَیًّا ۪۟ۖ","assameseTranslation":"‘মই য’তেই নাথাকোঁ কিয় তেওঁ মোক বৰকতময় কৰিছে, লগতে তেওঁ মোক আজীৱন ছালাত আৰু যাকাত আদায় কৰিবলৈ নিৰ্দেশ দিছে--","footnotes":"","tafseer":"মই য’তেই নাথাকোঁ কিয়, মোক মানুহৰ বাবে লাভদায়ক বনাইছে। তথা আজীৱন মোক ছালাত আদায় কৰাৰ আৰু যাকাত প্ৰদান কৰাৰ আদেশ দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019031.mp3"},{"index":"32","arabicText":"وَّبَرًّا بِوَالِدَتِیْ ؗ وَلَمْ یَجْعَلْنِیْ جَبَّارًا شَقِیًّا ۟","assameseTranslation":"‘আৰু মোক মোৰ মাতৃৰ প্ৰতি অনুগত কৰিছে, লগতে তেওঁ মোক অহংকাৰী, অবাধ্য বনোৱা নাই;","footnotes":"","tafseer":"তেওঁ মোক মাকৰ প্ৰতি সদাচৰণকাৰী বনাইছে। তথা তেওঁ মোক মোৰ প্ৰতিপালকৰ আনুগত্যৰ ক্ষেত্ৰত অহংকাৰী বনোৱা নাই আৰু অবাধ্যও বনোৱা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019032.mp3"},{"index":"33","arabicText":"وَالسَّلٰمُ عَلَیَّ یَوْمَ وُلِدْتُّ وَیَوْمَ اَمُوْتُ وَیَوْمَ اُبْعَثُ حَیًّا ۟","assameseTranslation":"‘আৰু মোৰ ওপৰত শান্তি অনিবাৰ্য যিদিনা মই জন্ম লাভ কৰিছোঁ, যিদিনা মোৰ মৃত্যু হ’ব আৰু যিদিনা মই জীৱিত অৱস্থাত উত্থিত হ'ম’।","footnotes":"","tafseer":"তথা মোক চয়তানৰ আৰু তাৰ সহায়কৰ পৰা সুৰক্ষা প্ৰদান কৰা হৈছে, যিদিনা মই জন্ম গ্ৰহণ কৰিছোঁ আৰু যিদিনা মই মৃত্যুবৰণ কৰিম আৰু কিয়ামতৰ দিনা যেতিয়া মোক পুনৰুত্থিত কৰা হ'ব। এই তিনিটা কঠিন সন্ধিক্ষণত চয়তানে মোক প্ৰভাৱিত কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019033.mp3"},{"index":"34","arabicText":"ذٰلِكَ عِیْسَی ابْنُ مَرْیَمَ ۚ قَوْلَ الْحَقِّ الَّذِیْ فِیْهِ یَمْتَرُوْنَ ۟","assameseTranslation":"এইটোৱেই হৈছে মাৰয়ামৰ পুত্ৰ ঈছা (ৰ ঘটনা)। (মই যি বৰ্ণনা কৰিলোঁ) এইটোৱে হৈছে সত্য কথা, যি বিষয়ত সিহঁতে সন্দেহ পোষণ কৰে।","footnotes":"","tafseer":"উক্ত বিশেষণেৰে বিশেষিত ব্যক্তি গৰাকীয়ে হৈছে ঈছা আলাইহিচ্ছালাম। এইটোৱেই হৈছে তেওঁৰ বিষয়ে সত্য বাৰ্তা। সেই কথা কেতিয়াও সত্য নহয়, যিটো পথভ্ৰষ্টসকলে তেওঁৰ বিষয়ে সন্দেহ পোষণ কৰি কয় আৰু মতভেদ সৃষ্টি কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019034.mp3"},{"index":"35","arabicText":"مَا كَانَ لِلّٰهِ اَنْ یَّتَّخِذَ مِنْ وَّلَدٍ ۙ سُبْحٰنَهٗ ؕ اِذَا قَضٰۤی اَمْرًا فَاِنَّمَا یَقُوْلُ لَهٗ كُنْ فَیَكُوْنُ ۟ؕ","assameseTranslation":"সন্তান গ্ৰহণ কৰাটো আল্লাহৰ কাম নহয়। তেওঁ পৱিত্ৰ মহিমাময়। তেওঁ যেতিয়া কিবা কৰিবলৈ স্থিৰ কৰে, তেতিয়া কেৱল এই বুলি কয় ‘হ’ সেইটো তৎক্ষণাত হৈ যায়।","footnotes":"","tafseer":"সন্তান গ্ৰহণ কৰাটো আল্লাহৰ মৰ্যাদাৰ পক্ষে অনুচিত। তেওঁ ইয়াৰ পৰা পৱিত্ৰ তথা পাক। তেওঁ যেতিয়া কোনো এটা কাম কৰিব বিচাৰে তেতিয়া পৱিত্ৰ আল্লাহৰ বাবে কেৱল এইখিনি কথাই যথেষ্ট যে ‘হ’ ফলত সেইটো অনিবাৰ্য্যৰূপে হৈ পৰে। এতেকে এনেকুৱা ক্ষমতাধাৰী সত্ত্বাৰ সন্তানৰ কি প্ৰয়োজন, তেওঁ ইয়াৰ পৰা পৱিত্ৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019035.mp3"},{"index":"36","arabicText":"وَاِنَّ اللّٰهَ رَبِّیْ وَرَبُّكُمْ فَاعْبُدُوْهُ ؕ هٰذَا صِرَاطٌ مُّسْتَقِیْمٌ ۟","assameseTranslation":"নিশ্চয় আল্লাহেই হৈছে মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক; সেয়ে তোমালোকে তেওঁৰ ইবাদত কৰা, এইটোৱেই হৈছে সৰল পথ।","footnotes":"","tafseer":"নিশ্চয় পৱিত্ৰ আল্লাহেই হৈছে মোৰ আৰু তোমালোক সকলোৰে ৰব্ব। এতেকে নিষ্ঠা সহকাৰে কেৱল তেওঁৰেই ইবাদত কৰা। মই উল্লেখ কৰা এইটোৱেই হৈছে সঠিক পথ, যিটো আল্লাহৰ সন্তুষ্টিৰ ফালে লৈ যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019036.mp3"},{"index":"37","arabicText":"فَاخْتَلَفَ الْاَحْزَابُ مِنْ بَیْنِهِمْ ۚ فَوَیْلٌ لِّلَّذِیْنَ كَفَرُوْا مِنْ مَّشْهَدِ یَوْمٍ عَظِیْمٍ ۟","assameseTranslation":"তথাপিও দলসমূহে নিজৰ মাজতে মতানৈক্য সৃষ্টি কৰিলে, সেয়ে মহাদিৱস প্ৰত্যক্ষকালত কাফিৰসকলৰ বাবে ধ্বংস অনিবাৰ্য।","footnotes":"","tafseer":"ইয়াৰ পিছত ঈছা আলাইহিচ্ছালামৰ বিষয়ে মানুহে মহা বিভেদ সৃষ্টি কৰিছিল আৰু পৃথক পৃথক দলত বিভক্ত হৈছিল। কিছুমানে তেওঁৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁক ৰাছুল হিচাপে বিশ্বাস কৰিছিল, আৰু আন কিছুমানে তেওঁক অস্বীকাৰ কৰিছিল, যেনে ইয়াহুদীসকল। কিন্তু বহুতেই তেওঁৰ বিষয়ে সীমালঙ্ঘন কৰিছিল, কিছুমানে কৈছিলঃ তেৱেঁই হৈছে আল্লাহ, আৰু আন কিছুমানে কৈছিলঃ তেওঁ হৈছে আল্লাহৰ পুত্ৰ। প্ৰকৃততে আল্লাহ ইয়াৰ পৰা বহু ঊৰ্দ্ধত। তেওঁৰ বিষয়ে বিভেদ কৰা লোকসকলৰ বাবে কিয়ামতৰ দিনা আছে মহাবিনাশ। যিদিনা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব, হিচাপ-কিতাপ দিব লাগিব আৰু শাস্তি ভোগ কৰিব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019037.mp3"},{"index":"38","arabicText":"اَسْمِعْ بِهِمْ وَاَبْصِرْ ۙ یَوْمَ یَاْتُوْنَنَا لٰكِنِ الظّٰلِمُوْنَ الْیَوْمَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟","assameseTranslation":"সিহঁতে যিদিনা আমাৰ ওচৰত উপস্থিত হ’ব সিদিনা সিহঁতে কিমান যে স্পষ্টকৈ শুনা পাব আৰু দেখা পাব! কিন্তু যালিমসকল আজি স্পষ্ট বিভ্ৰান্তিত আছে।","footnotes":"","tafseer":"সেইদিনা সিহঁতে ভালদৰেই শুনিব আৰু ভালদৰেই চাব পাৰিব। সেইদিনা সিহঁতে শুনিব পাৰিব কিন্তু সেই শ্ৰৱণে কোনো উপকাৰ সাধন নকৰিব। সেইদিনা সিহঁতে দেখিবও পাৰিব কিন্তু সেই দেখাই কোনো কামত নাহিব। কিন্তু অন্যায়কাৰীসকলে পাৰ্থিৱ জীৱনত সঠিক পথৰ পৰা আঁতৰি পথভ্ৰষ্টতাত লিপ্ত হৈছে। আখিৰাতৰ বাবে কোনো প্ৰস্তুতি গ্ৰহণ কৰা নাই, অথচ সিহঁত অন্যায়ৰ পথত থাকোঁতেই হঠাৎ কিয়ামত সংঘটিত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019038.mp3"},{"index":"39","arabicText":"وَاَنْذِرْهُمْ یَوْمَ الْحَسْرَةِ اِذْ قُضِیَ الْاَمْرُ ۘ وَهُمْ فِیْ غَفْلَةٍ وَّهُمْ لَا یُؤْمِنُوْنَ ۟","assameseTranslation":"(হে ৰাছুল!) তুমি সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যিদিনা সকলো সিদ্ধান্ত চূড়ান্ত হৈ যাব। অথচ (এতিয়া) সিহঁতে উদাসীনতাত বিভোৰ হৈ আছে আৰু সিহঁতে ঈমান পোষণ নকৰে।","footnotes":"","tafseer":"হে ৰাছুল! মানুহক আপুনি অনুতাপ দিৱসৰ পৰা সতৰ্ক কৰক, যিদিনা ছহীফা মেৰিয়াই থোৱা হ'ব, মানুহৰ হিচাপ-কিতাপ সম্পন্ন কৰা হ'ব, আৰু প্ৰত্যেক ব্যক্তিকেই নিজৰ নিজৰ কৰ্মফল অৰ্পন কৰা হ'ব, তেতিয়া গুনাহগাৰ ব্যক্তিয়ে নিজৰ গুনাহৰ বাবে অনুতপ্ত হ'ব আৰু পুণ্যৱানসকলে অধিক নেকী নকৰাৰ বাবে পৰিতাপ কৰিব। অথচ পাৰ্থিৱ জীৱনত সিহঁতে পৃথিৱীৰ মিছা মোহত পৰি আছিল, আখিৰাতৰ পৰা অমনোযোগী হৈ আছিল আৰু কিয়ামতৰ দিনৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019039.mp3"},{"index":"40","arabicText":"اِنَّا نَحْنُ نَرِثُ الْاَرْضَ وَمَنْ عَلَیْهَا وَاِلَیْنَا یُرْجَعُوْنَ ۟۠","assameseTranslation":"নিশ্চয় পৃথিৱী আৰু ইয়াৰ ওপৰত যি যি আছে সেই সকলোবোৰৰ চূড়ান্ত মালিকানাস্বত্ব কেৱল আমাৰেই, আৰু আমাৰ ওচৰতেই সিহঁতে প্ৰত্যাৱৰ্তন কৰিব লাগিব।","footnotes":"","tafseer":"প্ৰকৃততে সৃষ্টিজগত বিনাশ হোৱাৰ পিছত কেৱল আমিয়েই অৱশিষ্ট থাকিম। পৃথিৱী আৰু তাত থকা বাকী বস্তুবোৰৰ মালিক কেৱল আমিয়েই। যিহেতু আমিয়েই মালিক সেয়ে সেইবোৰক আমি যিদৰে ইচ্ছা সেইদৰে নিয়ন্ত্ৰণ কৰিম আৰু প্ৰয়োগ কৰিম। আনহাতে কিয়ামতৰ দিনা প্ৰত্যেকেই হিচাপ-কিতাপ আৰু প্ৰতিফলৰ বাবে আমাৰ ফালেই উভতি আহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019040.mp3"},{"index":"41","arabicText":"وَاذْكُرْ فِی الْكِتٰبِ اِبْرٰهِیْمَ ؕ۬ اِنَّهٗ كَانَ صِدِّیْقًا نَّبِیًّا ۟","assameseTranslation":"লগতে বৰ্ণনা কৰা এই কিতাবত (উল্লিখিত) ইব্ৰাহীমৰ কথা, নিশ্চয় তেওঁ আছিল পৰম সত্যবাদী, নবী।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনত ইব্ৰাহীম আলাইহিচ্ছালামৰ বিষয়ে স্মৰণ কৰক। প্ৰকৃততে তেওঁ আছিল অধিক সত্যবাদী আৰু আল্লাহৰ আয়াতসমূহৰ প্ৰতি বিশ্বাসী, লগতে আল্লাহৰ প্ৰেৰিত এজন নবী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019041.mp3"},{"index":"42","arabicText":"اِذْ قَالَ لِاَبِیْهِ یٰۤاَبَتِ لِمَ تَعْبُدُ مَا لَا یَسْمَعُ وَلَا یُبْصِرُ وَلَا یُغْنِیْ عَنْكَ شَیْـًٔا ۟","assameseTranslation":"যেতিয়া তেওঁ তেওঁৰ পিতাক ক’লে, ‘হে মোৰ পিতৃ! আপুনি কিয় এনে বস্তুৰ ইবাদত কৰে যিয়ে একো শুনা নাপায়, দেখা নাপায় আৰু আপোনাৰ কোনো কামতো নাহে’?","footnotes":"","tafseer":"যেতিয়া তেওঁ নিজৰ পিতা আঝাৰক ক'লেঃ হে মোৰ পিতা! আপুনি আল্লাহক এৰি মূৰ্তিৰ উপাসনা কিয় কৰে, যাক আপুনি আহ্বান কৰিলে সি আপোনাৰ আহ্বান শুনা নাপায়, যদি আপুনি তাৰ উপাসনা কৰে, সি আপোনাৰ উপাসনা দেখা নাপায়, যিয়ে আপোনাৰ কোনো বিপদ দূৰ কৰিব নোৱাৰে আৰু আপোনাক কোনো উপকাৰো কৰিব নোৱাৰে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019042.mp3"},{"index":"43","arabicText":"یٰۤاَبَتِ اِنِّیْ قَدْ جَآءَنِیْ مِنَ الْعِلْمِ مَا لَمْ یَاْتِكَ فَاتَّبِعْنِیْۤ اَهْدِكَ صِرَاطًا سَوِیًّا ۟","assameseTranslation":"‘হে মোৰ পিতৃ! মোৰ ওচৰলৈ এনেকুৱা জ্ঞান আহিছে যিটো আপোনাৰ ওচৰত আহা নাই; সেয়ে মোৰ অনুসৰণ কৰক, মই আপোনাক সঠিক পথ দেখুৱাম।","footnotes":"","tafseer":"হে মোৰ পিতা! প্ৰকৃততে অহীৰ মাধ্যমত মোৰ ওচৰলৈ এনেকুৱা জ্ঞান আহিছে, যিটো আপোনাৰ ওচৰত নাই। গতিকে আপুনি মোৰ অনুসৰণ কৰক, মই আপোনাক সঠিক পথ দেখুৱাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019043.mp3"},{"index":"44","arabicText":"یٰۤاَبَتِ لَا تَعْبُدِ الشَّیْطٰنَ ؕ اِنَّ الشَّیْطٰنَ كَانَ لِلرَّحْمٰنِ عَصِیًّا ۟","assameseTranslation":"‘হে মোৰ পিতৃ! চয়তানৰ ইবাদত নকৰিব। নিশ্চয় চয়তান হৈছে ৰহমানৰ অবাধ্য।","footnotes":"","tafseer":"হে মোৰ পিতা! আপুনি চয়তানৰ অনুসৰণ কৰি তাৰ পূজা-পাঠ নকৰিব। নিশ্চয় চয়তান হৈছে দয়াময় ৰহমানৰ অবাধ্য। যেতিয়া তাক আল্লাহে আদমক ছাজদাহ কৰিবলৈ আদেশ দিছিল তেতিয়া সি ছাজদাহ কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019044.mp3"},{"index":"45","arabicText":"یٰۤاَبَتِ اِنِّیْۤ اَخَافُ اَنْ یَّمَسَّكَ عَذَابٌ مِّنَ الرَّحْمٰنِ فَتَكُوْنَ لِلشَّیْطٰنِ وَلِیًّا ۟","assameseTranslation":"‘হে মোৰ পিতৃ! মোৰ আশংকা হৈছে যে, ৰহমানৰ শাস্তিয়ে আপোনাক স্পৰ্শ কৰিব, ফলত আপুনি চয়তানৰ বন্ধু হৈ পৰিব’।","footnotes":"","tafseer":"হে মোৰ পিতা! আপুনি যদি এই কুফৰী অৱস্থাতেই মৃত্যুবৰণ কৰে, তেন্তে মোৰ আশংকা হয় ৰহমানৰ শাস্তিয়ে আপোনাক চুব পাৰে, আৰু আপুনি চয়তানৰ লগত বন্ধুত্ব কৰাৰ ফলত শাস্তিৰ ক্ষেত্ৰতো তাৰ অংশীদাৰ হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019045.mp3"},{"index":"46","arabicText":"قَالَ اَرَاغِبٌ اَنْتَ عَنْ اٰلِهَتِیْ یٰۤاِبْرٰهِیْمُ ۚ لَىِٕنْ لَّمْ تَنْتَهِ لَاَرْجُمَنَّكَ وَاهْجُرْنِیْ مَلِیًّا ۟","assameseTranslation":"পিতাই ক’লে, ‘হে ইব্ৰাহীম! তুমি মোৰ উপাস্যবোৰৰ পৰা বিমুখ হৈছা নেকি? যদি তুমি (এনে আচৰণৰ পৰা) বিৰত নোহোৱা তেন্তে নিশ্চয় মই তোমাক শিল দলিয়াই তোমাৰ প্ৰাণ নাশ কৰিম; আৰু তুমি দীৰ্ঘ সময়ৰ বাবে মোক এৰি গুচি যোৱা’।","footnotes":"","tafseer":"আঝাৰে তেওঁৰ পুত্ৰ ইব্ৰাহীমক ক'লেঃ হে ইব্ৰাহীম! মই যিবোৰ মূৰ্তিৰ উপাসনা কৰোঁ সেইবোৰৰ পৰা তুমি বিমুখ হৈছা নেকি, যদি তুমি মোৰ মূৰ্তিবোৰক গালি-শপনি দিয়াৰ পৰা বিৰত নাথাকা তেন্তে মই তোমাক শিল দলিয়াই শাস্তি বিহিম। শুনা! তুমি দীৰ্ঘ সময়ৰ বাবে মোৰ পৰা আঁতৰি যোৱা, লগতে মোৰ সৈতে কথা নক'বা আৰু মোৰ সন্মুখতো নাহিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019046.mp3"},{"index":"47","arabicText":"قَالَ سَلٰمٌ عَلَیْكَ ۚ سَاَسْتَغْفِرُ لَكَ رَبِّیْ ؕ اِنَّهٗ كَانَ بِیْ حَفِیًّا ۟","assameseTranslation":"ইব্ৰাহীমে ক’লে, ‘আপোনাৰ প্ৰতি ছালাম। মই মোৰ প্ৰতিপালকৰ ওচৰত আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম; নিশ্চয় তেওঁ মোৰ প্ৰতি বৰ অনুগ্ৰহশীল।","footnotes":"","tafseer":"ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ পিতৃক উদ্দেশ্যি ক'লেঃ মোৰ ফালৰ পৰা আপোনাৰ প্ৰতি ছালাম জনাওঁ। মোৰ ফালৰ পৰা আপোনাৰ একো হানি নহ'ব। মই মোৰ প্ৰতিপালকৰ ওচৰত আপোনাৰ বাবে ক্ষমা আৰু হিদায়ত প্ৰাৰ্থনা কৰিম। নিশ্চয় পৱিত্ৰ আল্লাহ হৈছে মোৰ প্ৰতি অতি দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019047.mp3"},{"index":"48","arabicText":"وَاَعْتَزِلُكُمْ وَمَا تَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ وَاَدْعُوْا رَبِّیْ ۖؗ عَسٰۤی اَلَّاۤ اَكُوْنَ بِدُعَآءِ رَبِّیْ شَقِیًّا ۟","assameseTranslation":"‘লগতে মই আপোনালোকৰ পৰা আৰু আপোনালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা পৃথক হ'লোঁ; আৰু মই কেৱল মোৰ প্ৰতিপালককে আহ্বান কৰিম; আশা কৰোঁ মই মোৰ প্ৰতিপালকক আহ্বান কৰি ব্যৰ্থ নহম’।","footnotes":"","tafseer":"মই আপোনাৰ পৰা আৰু আল্লাহৰ বাহিৰে আপোনালোকে যিবোৰৰ উপাসনা কৰে সেইবোৰৰ পৰা পৃথক হ'লোঁ। মই কেৱলমাত্ৰ মোৰ প্ৰতিপালকৰ ওচৰতেই প্ৰাৰ্থনা কৰোঁ, তেওঁৰ লগত আন কাকো অংশীদাৰ নকৰোঁ। মই আশাবাদী যে, মই দুআ কৰিলে তেওঁ মোৰ দুআক ব্যৰ্থ নকৰিব, আৰু মই তেওঁৰ ওচৰত দুআ কৰি নিৰাশো নহওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019048.mp3"},{"index":"49","arabicText":"فَلَمَّا اعْتَزَلَهُمْ وَمَا یَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ ۙ وَهَبْنَا لَهٗۤ اِسْحٰقَ وَیَعْقُوْبَ ؕ وَكُلًّا جَعَلْنَا نَبِیًّا ۟","assameseTranslation":"তাৰ পিছত তেওঁ যেতিয়া সিহঁতৰ পৰা আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰিছিল সেইবোৰৰ পৰা পৃথক হৈ গ’ল, তেতিয়া আমি তেওঁক দান কৰিলোঁ ইছহাক্ব আৰু ইয়াকূব আৰু প্ৰত্যেককে নবী বনাইছোঁ।","footnotes":"","tafseer":"ইয়াৰ পিছত ইব্ৰাহীম আলাইহিচ্ছালামে যেতিয়া তেওঁৰ পৰা পৃথক হ'ল আৰু আল্লাহৰ বাহিৰে সিহঁতে যিবোৰ উপাস্যৰ উপাসনা কৰে সেইবোৰক ত্যাগ কৰিলে, তেতিয়া আমি তেওঁক নিজ পৰিয়ালৰ পৰা বঞ্চিত হোৱাৰ প্ৰতিফল দান কৰিলোঁ। এতেকে আমি তেওঁক তেওঁৰ পুত্ৰ ইছহাক দান কৰিলোঁ। তথা নাতি হিচাপে ইয়াকূব প্ৰদান কৰিলোঁ, আৰু প্ৰত্যেককে আমি নবী বনাইছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019049.mp3"},{"index":"50","arabicText":"وَوَهَبْنَا لَهُمْ مِّنْ رَّحْمَتِنَا وَجَعَلْنَا لَهُمْ لِسَانَ صِدْقٍ عَلِیًّا ۟۠","assameseTranslation":"আৰু আমি তেওঁলোকক আমাৰ অনুগ্ৰহ দান কৰিলোঁ, আৰু তেওঁলোকৰ নাম-যশস্যা উচ্চ কৰিলোঁ।","footnotes":"","tafseer":"আৰু তেওঁলোকক আমি নুবুওৱতৰ বাহিৰেও আৰু বহুতো কল্যাণ দান কৰিছিলোঁ। মানুহৰ মুখত তেওঁলোকৰ বাবে চিৰযুগমীয়া প্ৰশংসা ৰাখি দিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019050.mp3"},{"index":"51","arabicText":"وَاذْكُرْ فِی الْكِتٰبِ مُوْسٰۤی ؗ اِنَّهٗ كَانَ مُخْلَصًا وَّكَانَ رَسُوْلًا نَّبِیًّا ۟","assameseTranslation":"আৰু এই কিতাবত (উল্লিখিত) মুছাৰ কথা বৰ্ণনা কৰা, তেওঁ আছিল বিশেষ মনোনীত আৰু তেওঁ আছিল ৰাছুল, নবী।","footnotes":"","tafseer":"তথা হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ এই কোৰআনত মুছা আলাইহিচ্ছালামৰ বিষয়ে স্মৰণ কৰক। নিশ্চিতভাৱে তেওঁ আছিল এজন মনোনীত ব্যক্তি তথা ৰাছুল আৰু নবী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019051.mp3"},{"index":"52","arabicText":"وَنَادَیْنٰهُ مِنْ جَانِبِ الطُّوْرِ الْاَیْمَنِ وَقَرَّبْنٰهُ نَجِیًّا ۟","assameseTranslation":"আৰু তেওঁক আমি মাতিছিলোঁ তূৰ পৰ্বতৰ সোঁফালৰ পৰা, লগতে অন্তৰঙ্গ আলাপৰ উদ্দেশ্যে আমি তেওঁক নিকটৱৰ্তী কৰিছিলোঁ।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালাম য’ত থিয় হৈ আছিল, সেই ঠাইৰ পৰা সোঁ দিশত তুৰ পৰ্বতৰ পৰা আমি তেওঁক আহ্বান কৰিলোঁ, আৰু গোপন আলোচনা কৰিবলৈ আমি তেওঁক নিকটৱৰ্তী কৰিলোঁ। য’ত মূছা আলাইহিচ্ছালামে আল্লাহৰ কথা শ্ৰৱণ কৰিবলৈ সৌভাগ্য লাভ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019052.mp3"},{"index":"53","arabicText":"وَوَهَبْنَا لَهٗ مِنْ رَّحْمَتِنَاۤ اَخَاهُ هٰرُوْنَ نَبِیًّا ۟","assameseTranslation":"আৰু আমি আমাৰ নিজ অনুগ্ৰহত তেওঁৰ বাবে তেওঁৰ ভাতৃ হাৰূনক নবীৰূপে দান কৰিছিলোঁ।","footnotes":"","tafseer":"আৰু আমি তেওঁৰ প্ৰতি দয়া আৰু উপকাৰ কৰি তেওঁ কৰা দুআ কবূল কৰিলোঁ, তথা তেওঁৰ ভাতৃ হাৰূনক নবী বনাই দিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019053.mp3"},{"index":"54","arabicText":"وَاذْكُرْ فِی الْكِتٰبِ اِسْمٰعِیْلَ ؗ اِنَّهٗ كَانَ صَادِقَ الْوَعْدِ وَكَانَ رَسُوْلًا نَّبِیًّا ۟ۚ","assameseTranslation":"লগতে (হে নবী!) এই কিতাবত (উল্লিখিত) ইছমাঈলৰ কথা বৰ্ণনা কৰা, নিশ্চয় তেওঁ আছিল প্ৰতিশ্ৰুতি পালনত সত্যাশ্ৰয়ী আৰু তেওঁ আছিল ৰাছুল, নবী;","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনত ইছমাঈল আলাইহিচ্ছালামৰ বিষয়ে স্মৰণ কৰক। নিশ্চয় তেওঁ প্ৰতিশ্ৰুতি পূৰণত সত্যবাদী আছিল। তেওঁ যেতিয়াই প্ৰতিশ্ৰুতি দিছিল, সেইটো নিশ্চিতভাৱে পূৰণ কৰিছিল। তথা তেওঁ ৰাছুল আৰু নবী আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019054.mp3"},{"index":"55","arabicText":"وَكَانَ یَاْمُرُ اَهْلَهٗ بِالصَّلٰوةِ وَالزَّكٰوةِ ۪ وَكَانَ عِنْدَ رَبِّهٖ مَرْضِیًّا ۟","assameseTranslation":"তেওঁ নিজ পৰিয়ালবৰ্গক ছালাত আৰু যাকাতৰ নিৰ্দেশ দিছিল আৰু তেওঁ আছিল নিজ প্ৰতিপালকৰ ওচৰত সন্তোষভাজন।","footnotes":"","tafseer":"তেওঁ নিজ পৰিয়ালক ছালাত আদায় কৰিবলৈ আৰু যাকাত প্ৰদান কৰিবলৈ আদেশ দিছিল। নিশ্চয় তেওঁ নিজ প্ৰতিপালকৰ প্ৰিয়পাত্ৰ আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019055.mp3"},{"index":"56","arabicText":"وَاذْكُرْ فِی الْكِتٰبِ اِدْرِیْسَ ؗ اِنَّهٗ كَانَ صِدِّیْقًا نَّبِیًّا ۟ۗۙ","assameseTranslation":"আৰু এই কিতাবত (উল্লিখিত) ইদ্ৰীছৰ কথা বৰ্ণনা কৰা, নিশ্চয় তেওঁ আছিল সত্যনিষ্ঠ নবী;","footnotes":"","tafseer":"তথা হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনত ইদ্ৰীছ আলাইহিচ্ছালামৰ বিষয়ে স্মৰণ কৰক। নিশ্চয় তেওঁ আছিল এজন সত্যবাদী আৰু নিজ প্ৰতিপালকৰ আয়াতসমূহৰ সত্যায়নকাৰী। তথা তেওঁ আল্লাহৰ নবীসকলৰ মাজৰ এজন নবী আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019056.mp3"},{"index":"57","arabicText":"وَّرَفَعْنٰهُ مَكَانًا عَلِیًّا ۟","assameseTranslation":"আৰু আমি তেওঁক উচ্চ মৰ্যাদাত উন্নীত কৰিছিলোঁ।","footnotes":"","tafseer":"আমি তেওঁক নুবুওৱত প্ৰদান কৰি তেওঁৰ চৰ্চাক সমুন্নত কৰিছিলোঁ। এইদৰে তেওঁ উচ্চ স্থানৰ অধিকাৰী আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019057.mp3"},{"index":"58","arabicText":"اُولٰٓىِٕكَ الَّذِیْنَ اَنْعَمَ اللّٰهُ عَلَیْهِمْ مِّنَ النَّبِیّٖنَ مِنْ ذُرِّیَّةِ اٰدَمَ ۗ وَمِمَّنْ حَمَلْنَا مَعَ نُوْحٍ ؗ وَّمِنْ ذُرِّیَّةِ اِبْرٰهِیْمَ وَاِسْرَآءِیْلَ ؗ وَمِمَّنْ هَدَیْنَا وَاجْتَبَیْنَا ؕ اِذَا تُتْلٰی عَلَیْهِمْ اٰیٰتُ الرَّحْمٰنِ خَرُّوْا سُجَّدًا وَّبُكِیًّا ۟","assameseTranslation":"এওঁলোকেই হৈছে সেইসকল নবী, আদম সন্তানৰ মাজৰ পৰা আল্লাহে যিসকলক অনুগ্ৰহ কৰিছে আৰু (এওঁলোক সেইসকল লোকৰ বংশধৰ) যিসকলক আমি নূহৰ লগত নাৱঁত আৰোহণ কৰোৱাইছিলোঁ। লগতে এওঁলোক হৈছে ইব্ৰাহীম আৰু ইছৰাঈলৰ বংশোদ্ভূত, তথা (তেওঁলোকৰো বংশধৰ) যিসকলক আমি হিদায়ত প্ৰদান কৰিছিলোঁ আৰু মনোনীত কৰিছিলোঁ; তেওঁলোকৰ ওচৰত ৰহমানৰ আয়াত তিলাৱত কৰা হ’লে তেওঁলোকে কান্দি কান্দি ছাজদাত পৰিছিল। (ছাজদাহ ৫)","footnotes":"","tafseer":"এই ছুৰাত যিসকলৰ নাম উল্লেখ কৰা হৈছে, যাকাৰিয়্যা আলাইহিচ্ছালামৰ পৰা আৰম্ভ কৰি ইদ্ৰীছ আলাইহিচ্ছালামলৈকে, তেওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতি আল্লাহে নুবুওৱত প্ৰদান কৰি অনুগ্ৰহ কৰিছে। তেওঁলোক হৈছে আদম আলাইহিচ্ছালামৰ সন্তান, আৰু সেইসকল লোকৰ সন্তান যিসকলে নূহৰ সৈতে নাঁৱত আৰোহণ কৰিছিল, তথা তেওঁলোকৰ মাজৰ কিছুমান হৈছে ইব্ৰাহীম আৰু ইয়াকূবৰ সন্তান। এইদৰে সেইসকল লোকৰ মাজৰ পৰাও আছিল যিসকলক আমি ইছলাম গ্ৰহণ কৰাৰ তাওফীক প্ৰদান কৰিছিলোঁ। আমি তেওঁলোকক মনোনীত কৰিছিলোঁ আৰু নবী বনাইছিলোঁ। এওঁলোকে যেতিয়া আল্লাহৰ আয়াত তিলাৱত কৰা শুনিছিল তেতিয়া ভয়তে কান্দি কান্দি ছাজদাত পৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019058.mp3"},{"index":"59","arabicText":"فَخَلَفَ مِنْ بَعْدِهِمْ خَلْفٌ اَضَاعُوا الصَّلٰوةَ وَاتَّبَعُوا الشَّهَوٰتِ فَسَوْفَ یَلْقَوْنَ غَیًّا ۟ۙ","assameseTranslation":"তেওঁলোকৰ পিছত আহিল অযোগ্য বংশধৰ, যিসকলে ছালাত বিনষ্ট কৰিছিল আৰু কুপ্ৰবৃত্তিৰ অনুসৰণ কৰিছিল। সেয়ে অচিৰেই সিহঁতে ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ’ব।","footnotes":"","tafseer":"আল্লাহৰ এই মনোনীত নবীসকলৰ পিছত এনেকুৱা বেয়া আৰু পথভ্ৰষ্ট অনুসাৰী জন্ম লাভ কৰিলে, যিসকলে ছালাত বিনষ্ট কৰিছিল, অৰ্থাৎ যেনেকৈ ছালাত আদায় কৰিব লাগিছিল সেইদৰে আদায় কৰা নাছিল। মনে যিটো বিচাৰিছিল সেই গুনাহকে কৰিছিল, আনকি ব্যভিচাৰো কৰিছিল। এনেকুৱা লোকসকলে জাহান্নামত বেয়া পৰিস্থিতি আৰু ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019059.mp3"},{"index":"60","arabicText":"اِلَّا مَنْ تَابَ وَاٰمَنَ وَعَمِلَ صَالِحًا فَاُولٰٓىِٕكَ یَدْخُلُوْنَ الْجَنَّةَ وَلَا یُظْلَمُوْنَ شَیْـًٔا ۟ۙ","assameseTranslation":"কিন্তু সেইসকল লোকৰ বাহিৰে, যিসকলে তাওবা কৰিছে, ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব। তেওঁলোকৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।","footnotes":"","tafseer":"কিন্তু যিয়ে নিজৰ ভুল-ত্ৰুটিৰ পৰা তাওবা কৰিছে আৰু আল্লাহৰ প্ৰতি ঈমান আনিছে তথা নেক কৰ্ম কৰিছে, তেন্তে এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলে জান্নাতত প্ৰৱেশ কৰিব। তেওঁলোকৰ আমলৰ প্ৰতিদান অকণো হ্ৰাস কৰা নহ'ব, যিমানেই কম নহওক কিয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019060.mp3"},{"index":"61","arabicText":"جَنّٰتِ عَدْنِ لَّتِیْ وَعَدَ الرَّحْمٰنُ عِبَادَهٗ بِالْغَیْبِ ؕ اِنَّهٗ كَانَ وَعْدُهٗ مَاْتِیًّا ۟","assameseTranslation":"এইটো চিৰস্থায়ী জান্নাত, যাৰ গায়েবী প্ৰতিশ্ৰুতি পৰম কৰুণাময়ে তেওঁৰ বান্দাসকলক প্ৰদান কৰিছিল। নিশ্চয় তেওঁৰ প্ৰতিশ্ৰুত বিষয় অৱশ্যম্ভাৱী।","footnotes":"","tafseer":"প্ৰতিষ্ঠিত জান্নাত, য'ত তেওঁলোকে চিৰকাল বসবাস কৰিব, যিটো ৰহমানে তেওঁৰ পুণ্যৱান বান্দাসকলৰ বাবে গায়েবৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে, তেওঁলোকক তাত প্ৰৱেশ কৰাব। তেওঁলোকে নেদেখাকৈয়ে তাৰ প্ৰতি ঈমান আনিছে। আল্লাহে প্ৰদান কৰা জান্নাতৰ প্ৰতিশ্ৰুতি যদিও অদৃশ্য কিন্তু সেয়া নিশ্চয় পূৰণ হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019061.mp3"},{"index":"62","arabicText":"لَا یَسْمَعُوْنَ فِیْهَا لَغْوًا اِلَّا سَلٰمًا ؕ وَلَهُمْ رِزْقُهُمْ فِیْهَا بُكْرَةً وَّعَشِیًّا ۟","assameseTranslation":"তাত তেওঁলোকে ছালাম তথা শান্তিৰ বাহিৰে আন কোনো অসাৰ বাক্য শুনিবলৈ নাপাব আৰু তাত পুৱা-গধূলি তেওঁলোকৰ বাবে থাকিব তেওঁলোকৰ ৰিজিক্ব (আহাৰ)।","footnotes":"","tafseer":"তেওঁলোকে তাত কোনো ধৰণৰ অযথা কথা আৰু অশ্লীল শব্দ শুনিবলৈ নাপাব। বৰং তেওঁলোকে ইজনে সিজনক কৰা ছালাম শুনিবলৈ পাব আৰু ফিৰিস্তাসকলে তেওঁলোকক কৰা ছালাম শুনিবলৈ পাব। লগতে তেওঁলোকে বিচৰা সকলো প্ৰকাৰ খাদ্য পুৱা-গধুলি তাত পাই থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019062.mp3"},{"index":"63","arabicText":"تِلْكَ الْجَنَّةُ الَّتِیْ نُوْرِثُ مِنْ عِبَادِنَا مَنْ كَانَ تَقِیًّا ۟","assameseTranslation":"এইটোৱে হৈছে সেই জান্নাত, যাৰ অধিকাৰী আমি আমাৰ বান্দাসকলৰ মাজৰ মুত্তাক্বীসকলক কৰিম।","footnotes":"","tafseer":"উক্ত বিশেষণৰে বিশেষিত জান্নাত, যিখনৰ উত্তৰাধিকাৰী আমি আমাৰ সেইসকল পুণ্যৱান বান্দাক বনাম, যিসকলে আমাৰ আদেশ পালন কৰে আৰু আমাৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019063.mp3"},{"index":"64","arabicText":"وَمَا نَتَنَزَّلُ اِلَّا بِاَمْرِ رَبِّكَ ۚ لَهٗ مَا بَیْنَ اَیْدِیْنَا وَمَا خَلْفَنَا وَمَا بَیْنَ ذٰلِكَ ۚ وَمَا كَانَ رَبُّكَ نَسِیًّا ۟ۚ","assameseTranslation":"(জিব্ৰীলে ক’লে) আমি আপোনাৰ প্ৰতিপালকৰ আদেশ অবিহনে অৱতৰণ নকৰোঁ; আমাৰ সন্মুখত যি আছে আৰু পিছফালে যি আছে, লগতে এই দুয়োৰে মাজত যি যি আছে সেই সকলো তেওঁৰেই; আৰু আপোনাৰ প্ৰতিপালক বিস্মৃত নহয়।","footnotes":"","tafseer":"হে জিব্ৰীল! মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কৈ দিয়ক, ফিৰিস্তাসকলে নিজৰ ইচ্ছা মতে অৱতৰণ নকৰে, বৰং তেওঁলোকে আল্লাহৰ আদেশতহে অৱতৰণ কৰে। সেইবোৰো আল্লাহৰ আদেশতেই সংঘটিত হ'ব, যিবোৰ আমি আখিৰাতত সন্মুখীন হ'ম। আৰু এই পৃথিৱীও তেওঁৰ আদেশতেই নিয়ন্ত্ৰিত যিটোক আমি পিছফালে এৰি থৈ আছোঁ। তথা পৃথিৱী আৰু আখিৰাতৰ মাজৰ বিষয়বোৰো তেওঁৰ দ্বাৰাই নিয়ন্ত্ৰিত। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে একোৱেই পাহৰি নাযায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019064.mp3"},{"index":"65","arabicText":"رَبُّ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا فَاعْبُدْهُ وَاصْطَبِرْ لِعِبَادَتِهٖ ؕ هَلْ تَعْلَمُ لَهٗ سَمِیًّا ۟۠","assameseTranslation":"তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলোৰে প্ৰতিপালক। সেয়ে কেৱল তেওঁৰেই ইবাদত কৰক আৰু তেওঁৰ ইবাদতত ধৈৰ্য্য ধাৰণ কৰক। আপুনি তেওঁৰ সমনাম গুণ সম্পন্ন কাৰোবাক জানেনে?","footnotes":"","tafseer":"তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, মালিক আৰু নিয়ন্ত্ৰণকাৰী। তথা এই দুয়োৰে মাজত থকা সকলোৰে সৃষ্টিকৰ্তা, মালিক আৰু নিয়ন্ত্ৰণকাৰী। এতেকে কেৱল তেওঁৰেই ইবাদত কৰা। কেৱল তেৱেঁই ইবাদতৰ যোগ্য। তথা তেওঁৰ ইবাদতৰ ওপৰতেই অটল থাকিবা। কিয়নো তেওঁৰ ইবাদতত অংশীদাৰ হ’ব পৰা তেওঁৰ কোনো সমকক্ষ তথা সাদৃশ্য নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019065.mp3"},{"index":"66","arabicText":"وَیَقُوْلُ الْاِنْسَانُ ءَاِذَا مَا مِتُّ لَسَوْفَ اُخْرَجُ حَیًّا ۟","assameseTranslation":"আৰু মানুহে কয়, ‘মই মৃত্যুবৰণ কৰিলে মোক আকৌ জীৱিত অৱস্থাত উঠোৱা হ’ব নেকি’?","footnotes":"","tafseer":"পুনৰুত্থানক অস্বীকাৰকাৰী কাফিৰে উপহাস কৰি কয়ঃ মই যেতিয়া মৃত্যুবৰণ কৰিম তেতিয়া মোক পুনৰ জীৱিত কৰি কবৰৰ পৰা উঠোৱা হ'ব নেকি? নিশ্চয় এয়া অসম্ভৱ কথা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019066.mp3"},{"index":"67","arabicText":"اَوَلَا یَذْكُرُ الْاِنْسَانُ اَنَّا خَلَقْنٰهُ مِنْ قَبْلُ وَلَمْ یَكُ شَیْـًٔا ۟","assameseTranslation":"মানুহে স্মৰণ নকৰে নেকি যে, নিশ্চয় আমিয়েই তাক ইয়াৰ পূৰ্বে সৃষ্টি কৰিছোঁ, যেতিয়া সি একোৱেই নাছিল?","footnotes":"","tafseer":"পুনৰুত্থানক অস্বীকাৰকাৰী এই ব্যক্তিয়ে স্মৰণ নকৰে নেকি যে, নিশ্চয় আমিয়েই তাক সৃষ্টি কৰিছোঁ যেতিয়া তাৰ কোনো অস্তিত্বই নাছিল? (যদি সি চিন্তা-চৰ্চা কৰিলেহেঁতেন তেন্তে নিশ্চয় সি গম পালেহেঁতেন যে,) প্ৰথম সৃষ্টিয়ে দ্বিতীয় সৃষ্টিৰ প্ৰমাণবহন কৰে। লগতে দ্বিতীয়বাৰ সৃষ্টি কৰাটো হৈছে অধিক সহজ তথা উজু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019067.mp3"},{"index":"68","arabicText":"فَوَرَبِّكَ لَنَحْشُرَنَّهُمْ وَالشَّیٰطِیْنَ ثُمَّ لَنُحْضِرَنَّهُمْ حَوْلَ جَهَنَّمَ جِثِیًّا ۟ۚ","assameseTranslation":"এতেকে তোমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁতক আৰু চয়তানসকলক একেলগে সমবেত কৰিম, তাৰ পিছত আমি সিহঁতক নতজানু অৱস্থাত জাহান্নামৰ চাৰিওফালে উপস্থিত কৰিম।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁতক কবৰৰ পৰা উঠাই হাচৰৰ ময়দানত একত্ৰিত কৰিম। সিহঁতৰ লগত সেই চয়তানো থাকিব, যিয়ে সিহঁতক পথভ্ৰষ্ট কৰিছিল। ইয়াৰ পিছত আমি সিহঁতক অপমানজনক অৱস্থাত আঁঠু কঢ়াই জাহান্নামৰ ফালে খেদি লৈ যাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019068.mp3"},{"index":"69","arabicText":"ثُمَّ لَنَنْزِعَنَّ مِنْ كُلِّ شِیْعَةٍ اَیُّهُمْ اَشَدُّ عَلَی الرَّحْمٰنِ عِتِیًّا ۟ۚ","assameseTranslation":"তাৰ পিছত প্ৰত্যেক দলৰ মাজৰ পৰা যিজন ৰহমানৰ সৰ্বাধিক অবাধ্য আছিল, আমি তাক টানি উলিয়াই আনিম।","footnotes":"","tafseer":"আমি প্ৰত্যেক পথভ্ৰষ্ট সম্প্ৰদায়ৰ পৰা সিহঁতৰ মাজৰ আটাইতকৈ বেছি পাপিষ্ঠ ব্যক্তিজনক অৰ্থাৎ সিহঁতৰ প্ৰতিনিধিক কঠোৰভাৱে টানি আনিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019069.mp3"},{"index":"70","arabicText":"ثُمَّ لَنَحْنُ اَعْلَمُ بِالَّذِیْنَ هُمْ اَوْلٰی بِهَا صِلِیًّا ۟","assameseTranslation":"আৰু আমিহে ভালকৈ জানো সিহঁতক, যিসকল জাহান্নামত দগ্ধ হোৱাৰ বেছি উপযুক্ত।","footnotes":"","tafseer":"আমি সেইসকল লোকক ভালদৰে চিনি পাওঁ, যিসকলে জাহান্নামত প্ৰৱেশ কৰাৰ তথা জাহান্নামৰ উত্তাপ উপভোগ কৰাৰ বেছি উপযুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019070.mp3"},{"index":"71","arabicText":"وَاِنْ مِّنْكُمْ اِلَّا وَارِدُهَا ۚ كَانَ عَلٰی رَبِّكَ حَتْمًا مَّقْضِیًّا ۟ۚ","assameseTranslation":"আৰু তোমালোকৰ প্ৰত্যেকেই তাৰ (জাহান্নামৰ) ওপৰেদি অতিক্ৰম কৰিব লাগিব; এইটো তোমাৰ প্ৰতিপালকৰ চূড়ান্ত সিদ্ধান্ত।","footnotes":"","tafseer":"হে মানৱ! তোমালোক আটায়ে জাহান্নামৰ ওপৰত অৱস্থিত চিৰাত (সেঁতু)ৰ ওপৰেৰে পাৰ হ'ব লাগিব। এই সেঁতুৰ ওপৰেৰে পাৰ হোৱাটো হৈছে আল্লাহৰ চূড়ান্ত সিদ্ধান্ত। এতেকে তেওঁৰ সিদ্ধান্তক কোনেও নাকচ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019071.mp3"},{"index":"72","arabicText":"ثُمَّ نُنَجِّی الَّذِیْنَ اتَّقَوْا وَّنَذَرُ الظّٰلِمِیْنَ فِیْهَا جِثِیًّا ۟","assameseTranslation":"তাৰ পিছত আমি উদ্ধাৰ কৰিম তেওঁলোকক, যিসকলে তাক্বৱা অৱলম্বন কৰিছিল আৰু যালিমসকলক তাত নতজানু অৱস্থাত ৰাখি দিম।","footnotes":"","tafseer":"এই সেঁতু পাৰ কৰাৰ পিছত আমি সেইসকল লোকক সুৰক্ষিত কৰিম, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰিছিল আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকিছিল। আনহাতে অন্যায়কাৰী বিলাকক আমি আঁঠুকঢ়া অৱস্থাত এৰি দিম, সিহঁতে তাৰ পৰা পলায়ন কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019072.mp3"},{"index":"73","arabicText":"وَاِذَا تُتْلٰی عَلَیْهِمْ اٰیٰتُنَا بَیِّنٰتٍ قَالَ الَّذِیْنَ كَفَرُوْا لِلَّذِیْنَ اٰمَنُوْۤا ۙ اَیُّ الْفَرِیْقَیْنِ خَیْرٌ مَّقَامًا وَّاَحْسَنُ نَدِیًّا ۟","assameseTranslation":"আৰু সিহঁতৰ ওচৰত আমাৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে কাফিৰসকলে মুমিনসকলক কয়, ‘(আমাৰ) দুই দলৰ মাজত মৰ্যাদাত কোন শ্ৰেষ্ঠ আৰু কাৰ সভা বেছি জাকজমকতাপূৰ্ণ’?","footnotes":"","tafseer":"আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ স্পষ্ট আয়াতসমূহ যেতিয়া মানুহৰ সন্মুখত তিলাৱত কৰা হয়, তেতিয়া কাফিৰসকলে মুমিনসকলক উদ্দেশ্যি কয়ঃ কোৱাচোন, অৱস্থান তথা বসবাসৰ ফালৰ পৰা কোনটো দল উত্তম, আৰু বৈঠক তথা সমাৱেশৰ ফালৰ পৰা কোনটো দল উত্তম, তোমালোকৰটো নে আমাৰটো?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019073.mp3"},{"index":"74","arabicText":"وَكَمْ اَهْلَكْنَا قَبْلَهُمْ مِّنْ قَرْنٍ هُمْ اَحْسَنُ اَثَاثًا وَّرِءْیًا ۟","assameseTranslation":"আৰু সিহঁতৰ পূৰ্বে আমি বহু মানৱগোষ্ঠীক বিনাশ কৰিছোঁ—যিসকল সম্পদ আৰু বাহ্যদৃষ্টিত সিহঁততকৈও শ্ৰেষ্ঠ আছিল।","footnotes":"","tafseer":"নিজৰ ভৌতিক শ্ৰেষ্ঠত্বৰ প্ৰতি অহংকাৰ কৰাৰ কাৰণে এই কাফিৰসকলৰ পূৰ্বেও আমি বহুতো জাতিক বিনষ্ট কৰিছোঁ, ধন-সম্পত্তিত সিহঁত ইহঁততকৈও উত্তম আছিল আৰু সাজ-পাৰত তথা শাৰীৰিক গঠনতো আছিল উত্তম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019074.mp3"},{"index":"75","arabicText":"قُلْ مَنْ كَانَ فِی الضَّلٰلَةِ فَلْیَمْدُدْ لَهُ الرَّحْمٰنُ مَدًّا ۚ۬ حَتّٰۤی اِذَا رَاَوْا مَا یُوْعَدُوْنَ اِمَّا الْعَذَابَ وَاِمَّا السَّاعَةَ ؕ فَسَیَعْلَمُوْنَ مَنْ هُوَ شَرٌّ مَّكَانًا وَّاَضْعَفُ جُنْدًا ۟","assameseTranslation":"কোৱা, ‘যিসকলে বিভ্ৰান্তিত আছে, পৰম কৰুণাময়ে সিহঁতক প্ৰচুৰ অৱকাশ দিব, অৱশেষত যেতিয়া সিহঁতে সেয়া প্ৰত্যক্ষভাৱে দেখিবলৈ পাব যি বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল, সেয়া শাস্তিয়েই হওক বা কিয়ামতেই হওক, তেতিয়াহে সিহঁতে জানিবলৈ পাব মৰ্যাদাৰ ক্ষেত্ৰত কোন অতি নিকৃষ্ট আৰু দলবলৰ ক্ষেত্ৰত কোন বেছি দুৰ্বল’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক, যিয়ে পথভ্ৰষ্টতাত পতিত হৈ আছে, ৰহমানে তাক আৰু অধিক অৱকাশ দিব, যাতে তাৰ পথভ্ৰষ্টতা অধিক বৃদ্ধি পায়। অৱশেষত এইসকল লোকে যেতিয়া এই পৃথিৱীত অনতিপলমে অথবা দেৰিকৈ কিয়ামতৰ দিনা সিহঁতৰ লগত কৰা প্ৰতিশ্ৰুতমূলক শাস্তি নিজ চকুৰে প্ৰত্যক্ষ কৰিব, তেতিয়া সিহঁতে গম পাব যে, কাৰ ঠিকনা অতি নিকৃষ্ট আৰু কাৰ সহায়ক অতি কম? সেইটো সিহঁতৰ দল নে মুমিনসকলৰ দল?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019075.mp3"},{"index":"76","arabicText":"وَیَزِیْدُ اللّٰهُ الَّذِیْنَ اهْتَدَوْا هُدًی ؕ وَالْبٰقِیٰتُ الصّٰلِحٰتُ خَیْرٌ عِنْدَ رَبِّكَ ثَوَابًا وَّخَیْرٌ مَّرَدًّا ۟","assameseTranslation":"আৰু যিসকলে সৎপথত চলে আল্লাহে তেওঁলোকৰ হিদায়ত বৃদ্ধি কৰি দিয়ে; আৰু স্থায়ী সৎকৰ্মসমূহ তোমাৰ প্ৰতিপালকৰ পুৰস্কাৰ প্ৰাপ্তিৰ বাবে শ্ৰেষ্ঠ আৰু পৰিণতিৰ ফালেৰেও অতি উত্তম।","footnotes":"","tafseer":"আল্লাহে যিসকল লোকক পথভ্ৰষ্টতাত নিমজ্জিত কৰিবলৈ অধিক অৱকাশ দিয়ে, তেনেকুৱা লোকৰ বিপৰীতে তেওঁ হিদায়তপ্ৰাপ্ত লোকসকলৰ ঈমান আৰু আনুগত্য অধিক বৃদ্ধি কৰি দিয়ে। তথা হে ৰাছুল! সৎকৰ্মই চিৰস্থায়ী সুখ প্ৰদান কৰে, আৰু এইটো হৈছে আপোনাৰ প্ৰতিপালকৰ ওচৰত প্ৰতিফলৰ ফালৰ পৰা অধিক লাভদায়ক আৰু উত্তম পৰিণামৰ যোগ্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019076.mp3"},{"index":"77","arabicText":"اَفَرَءَیْتَ الَّذِیْ كَفَرَ بِاٰیٰتِنَا وَقَالَ لَاُوْتَیَنَّ مَالًا وَّوَلَدًا ۟ؕ","assameseTranslation":"তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে আৰু কয়, ‘নিশ্চয় মোক ধন-সম্পদ আৰু সন্তান-সন্ততি দিয়া হ’ব’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সেই ব্যক্তিক দেখা নাইনে, যিয়ে আমাৰ প্ৰমাণসমূহক অস্বীকাৰ কৰিছে আৰু আমাৰ সতৰ্কবাণীক নাকচ কৰি কৈছেঃ মোৰ মৃত্যুৰ পিছত, যদি মোক পুনৰ্জীৱিত কৰা হয় তেন্তে নিশ্চয় মোক প্ৰচুৰ ধন-সম্পদ আৰু সন্তান-সন্ততি প্ৰদান কৰা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019077.mp3"},{"index":"78","arabicText":"اَطَّلَعَ الْغَیْبَ اَمِ اتَّخَذَ عِنْدَ الرَّحْمٰنِ عَهْدًا ۟ۙ","assameseTranslation":"সি গায়েব সম্পৰ্কে অৱহিত হৈছে নেকি, নে ৰহমানৰ পৰা কোনো প্ৰতিশ্ৰুতি লাভ কৰিছে?","footnotes":"","tafseer":"সেই ব্যক্তিজন অদৃশ্য সম্পৰ্কে অৱগত হৈছে নেকি, তেন্তে প্ৰমাণ নোহোৱাকৈ কিহৰ ভিত্তিত এনেকুৱা কথা কৈ আছে? অথবা সি আল্লাহৰ পৰা কোনো প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে নেকি যে, আল্লাহে তাক জান্নাতত প্ৰৱেশ কৰাব, তথা নিশ্চিতভাৱে তাক ধন-সম্পদ আৰু সন্তান-সন্ততি প্ৰদান কৰিব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019078.mp3"},{"index":"79","arabicText":"كَلَّا ؕ سَنَكْتُبُ مَا یَقُوْلُ وَنَمُدُّ لَهٗ مِنَ الْعَذَابِ مَدًّا ۟ۙ","assameseTranslation":"কেতিয়াও নহয়, সি যি কয় আমি সেয়া লিখি ৰাখিম আৰু তাৰ শাস্তিহে বৃদ্ধি কৰি থাকিম।","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয়, যিদৰে সি ধাৰণা কৰিছে। সেই ব্যক্তিয়ে যি কয় আৰু যি কৰে সেই সকলো আমি লিখি ৰাখিম, আৰু তাৰ এই মিছা দাবীৰ ফলস্বৰূপে আমি তাক শাস্তিৰ ওপৰত শাস্তি প্ৰদান কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019079.mp3"},{"index":"80","arabicText":"وَّنَرِثُهٗ مَا یَقُوْلُ وَیَاْتِیْنَا فَرْدًا ۟","assameseTranslation":"আৰু সি যি (ধন-সম্পদ, জনবলৰ কথা) কয়, (তাৰ মৃত্যুৰ পিছত) সেয়া থাকিব আমাৰ অধিকাৰত আৰু সি অকলশৰীয়া হৈ আমাৰ ওচৰতেই উপস্থিত হ'বহি।","footnotes":"","tafseer":"আমি তাক ধ্বংস কৰাৰ পিছত তাৰ সকলো ধন-সম্পত্তি আৰু সন্তান-সন্ততি জব্দ কৰিম, আৰু কিয়ামতৰ দিনা তাক অকলশৰীয়াকৈ লৈ আহিম। তেতিয়া তাৰ ওচৰত ধন-সম্পত্তি তথা মান-মৰ্যাদা বোলা একোৱে নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019080.mp3"},{"index":"81","arabicText":"وَاتَّخَذُوْا مِنْ دُوْنِ اللّٰهِ اٰلِهَةً لِّیَكُوْنُوْا لَهُمْ عِزًّا ۟ۙ","assameseTranslation":"আৰু সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যাতে সেইবোৰ সিহঁতৰ বাবে সন্মানৰ কাৰণ হয় (আৰু সহায়ক হয়);","footnotes":"","tafseer":"মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে নিজৰ বাবে উপাস্য বনাই লৈছে, সিহঁতে যেতিয়া এইবোৰৰ ওচৰত সহায় প্ৰাৰ্থনা কৰিব তেতিয়া যাতে এইবোৰে সিহঁতক সহায় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019081.mp3"},{"index":"82","arabicText":"كَلَّا ؕ سَیَكْفُرُوْنَ بِعِبَادَتِهِمْ وَیَكُوْنُوْنَ عَلَیْهِمْ ضِدًّا ۟۠","assameseTranslation":"কেতিয়াও নহয়, অনতিপলমে সিহঁতে (উপাস্যবোৰে) সিহঁতৰ ইবাদতক অস্বীকাৰ কৰিব আৰু সিহঁতৰ বিৰোধী হৈ যাব।","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে ধাৰণা কৰে। এতেকে কিয়ামতৰ দিনা এই উপাস্যবোৰে সিহঁতৰ উপাসনাক অস্বীকাৰ কৰিব, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰে। কেৱল এয়াই নহয়, বৰং সিহঁতৰ পৰা নিজকে সম্পৰ্কচ্ছেদ কৰিব তথা সিহঁতক নিজৰ শত্ৰু বুলি গণ্য কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019082.mp3"},{"index":"83","arabicText":"اَلَمْ تَرَ اَنَّاۤ اَرْسَلْنَا الشَّیٰطِیْنَ عَلَی الْكٰفِرِیْنَ تَؤُزُّهُمْ اَزًّا ۟ۙ","assameseTranslation":"তুমি লক্ষ্য কৰা নাইনে, আমি কাফিৰসকলৰ বাবে চয়তানবোৰক এৰি থৈছোঁ, সিহঁতক বেয়া কামত বিশেষভাৱে প্ৰলুব্ধ কৰাৰ বাবে?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি লক্ষ্য কৰা নাইনে যে, আমি চয়তানক প্ৰেৰণ কৰিছোঁ আৰু তাক কাফিৰসকলৰ ওপৰত নিযুক্ত কৰিছোঁ। যিয়ে সিহঁতক পাপকৰ্ম কৰিবলৈ আৰু আল্লাহৰ দ্বীনৰ পৰা বাধা দিয়াত প্ৰৰোচনা দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019083.mp3"},{"index":"84","arabicText":"فَلَا تَعْجَلْ عَلَیْهِمْ ؕ اِنَّمَا نَعُدُّ لَهُمْ عَدًّا ۟ۚ","assameseTranslation":"এতেকে সিহঁতৰ বিষয়ে তুমি খৰখেদা নকৰিবা। নিশ্চয় আমি সিহঁতৰ নিৰ্ধাৰিত কাল গণনা কৰিছোঁ,","footnotes":"","tafseer":"এতেকে হে ৰাছুল! আপুনি আল্লাহৰ ওচৰত সিহঁতৰ ধ্বংস সম্পৰ্কীয় অনুৰোধ কৰাত বেছি খৰখেদা নকৰিব। নিশ্চয় আমি সিহঁতৰ জীৱনৰ এটা এটা পল হিচাপ কৰি আছোঁ। অৱশেষত সিহঁতৰ অৱকাশৰ সময়সীমা যেতিয়া সমাপ্ত হ'ব, তেতিয়া আমি সিহঁতক সেই শাস্তিয়ে প্ৰদান কৰিম যিটো শাস্তি পোৱাৰ সিহঁত বেছি উপযুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019084.mp3"},{"index":"85","arabicText":"یَوْمَ نَحْشُرُ الْمُتَّقِیْنَ اِلَی الرَّحْمٰنِ وَفْدًا ۟ۙ","assameseTranslation":"(স্মৰণ কৰা) যিদিনা আমি ৰহমানৰ ওচৰত মুত্তাক্বীসকলক সন্মানিত অতিথিৰূপে সমবেত কৰিম,","footnotes":"","tafseer":"তথা হে ৰাছুল! আপুনি কিয়ামত দিৱসক স্মৰণ কৰকচোন, যিদিনা আমি সেইসকল লোকক যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল, তেওঁলোকক আমি সম্পূৰ্ণ সন্মান-সম্ভাষণৰ সৈতে একত্ৰিত কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019085.mp3"},{"index":"86","arabicText":"وَّنَسُوْقُ الْمُجْرِمِیْنَ اِلٰی جَهَنَّمَ وِرْدًا ۟ۘ","assameseTranslation":"আৰু অপৰাধীবিলাকক তৃষ্ণাতুৰ অৱস্থাত জাহান্নামৰ ফালে খেদি লৈ যাম।","footnotes":"","tafseer":"আনহাতে কাফিৰসকলক তৃষ্ণাতুৰ অৱস্থাত জাহান্নামৰ ফালে খেদি লৈ যাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019086.mp3"},{"index":"87","arabicText":"لَا یَمْلِكُوْنَ الشَّفَاعَةَ اِلَّا مَنِ اتَّخَذَ عِنْدَ الرَّحْمٰنِ عَهْدًا ۟ۘ","assameseTranslation":"যিসকলে ৰহমানৰ পৰা প্ৰতিশ্ৰুতি লৈছে, তেওঁলোকৰ বাহিৰে কোনেও চুপাৰিছ কৰিব নোৱাৰিব।","footnotes":"","tafseer":"সিদিনা এই কাফিৰসকলে পৰস্পৰক মধ্যস্ততা কৰাৰো অধিকাৰ নাপাব। কিন্তু সেই ব্যক্তিৰ বাহিৰে যিয়ে পৃথিৱীত আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰি আল্লাহৰ পৰা (শ্বাফাআতৰ) প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019087.mp3"},{"index":"88","arabicText":"وَقَالُوا اتَّخَذَ الرَّحْمٰنُ وَلَدًا ۟ؕ","assameseTranslation":"আৰু সিহঁতে কয়, ‘ৰহমানে সন্তান গ্ৰহণ কৰিছে’।","footnotes":"","tafseer":"ইয়াহুদী, খৃষ্টান আৰু কিছুমান মুশ্বৰিকে দাবী কৰে যে, অত্যন্ত কৃপাশীল আল্লাহে পুত্ৰ গ্ৰহণ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019088.mp3"},{"index":"89","arabicText":"لَقَدْ جِئْتُمْ شَیْـًٔا اِدًّا ۟ۙ","assameseTranslation":"নিশ্চয় তোমালোকে এটা বীভৎস বিষয়ৰ অৱতাৰণা কৰিছা;","footnotes":"","tafseer":"হে এনেকুৱা মন্তব্য কৰা ব্যক্তিসকল! নিশ্চয় তোমালোকে মহাপাপ কৰিছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019089.mp3"},{"index":"90","arabicText":"تَكَادُ السَّمٰوٰتُ یَتَفَطَّرْنَ مِنْهُ وَتَنْشَقُّ الْاَرْضُ وَتَخِرُّ الْجِبَالُ هَدًّا ۟ۙ","assameseTranslation":"(এনেকুৱা বিষয়) যাৰ ফলত আকাশসমূহ বিদীৰ্ণ হৈ যোৱাৰ উপক্ৰম হয়, লগতে পৃথিৱী খণ্ড-বিখণ্ড আৰু পাহাৰ-পৰ্বত চূৰ্ণ-বিচূৰ্ণ হৈ যোৱাৰ উপক্ৰম হয়,","footnotes":"","tafseer":"তোমালোকৰ এনেকুৱা নিকৃষ্ট কথাৰ ফলত আকাশ ভাঙি পৰাৰ উপক্ৰম হয়, আৰু পৃথিৱী খণ্ড-বিখণ্ড হোৱাৰ উপক্ৰম হয়, আৰু পৰ্বতমালা চূৰ্ণ-বিচূৰ্ণ হৈ পৰাৰ উপক্ৰম হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019090.mp3"},{"index":"91","arabicText":"اَنْ دَعَوْا لِلرَّحْمٰنِ وَلَدًا ۟ۚ","assameseTranslation":"এইকাৰণে যে, সিহঁতে ৰহমানৰ প্ৰতি সন্তান আৰোপ কৰিছে।","footnotes":"","tafseer":"ইয়াৰ মূল কাৰণটো হৈছে সিহঁতে দয়াময় আল্লাহৰ সন্তান থকা বুলি দাবী কৰিছে। পৱিত্ৰ আল্লাহ এনেকুৱা কথাৰ পৰা বহু ঊৰ্দ্ধত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019091.mp3"},{"index":"92","arabicText":"وَمَا یَنْۢبَغِیْ لِلرَّحْمٰنِ اَنْ یَّتَّخِذَ وَلَدًا ۟ؕ","assameseTranslation":"অথচ সন্তান গ্ৰহণ কৰা ৰহমানৰ বাবে শোভনীয় নহয়।","footnotes":"","tafseer":"দৰাচলতে অত্যন্ত কৃপাশীল আল্লাহৰ লগত এনেকুৱা বিষয় সম্পৃক্ত কৰাটো কদাপিও সমীচীন নহয় যে, তেওঁ সন্তান গ্ৰহণ কৰিছে। কিয়নো তেওঁ এনেকুৱা বিষয়ৰ পৰা অতি পৱিত্ৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019092.mp3"},{"index":"93","arabicText":"اِنْ كُلُّ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ اِلَّاۤ اٰتِی الرَّحْمٰنِ عَبْدًا ۟ؕ","assameseTranslation":"আকাশসমূহ আৰু পৃথিৱীত এনেকুৱা কোনো নাই যিয়ে ৰহমানৰ ওচৰত বান্দাৰূপে উপস্থিত নহ’ব।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীত থকা ফিৰিস্তা তথা মানৱ আৰু জ্বিন সকলোৱে কিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ সন্মুখত বিনীতভাৱে শিৰনত হৈ উপস্থিত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019093.mp3"},{"index":"94","arabicText":"لَقَدْ اَحْصٰىهُمْ وَعَدَّهُمْ عَدًّا ۟ؕ","assameseTranslation":"তেওঁ সিহঁতৰ সংখ্যা জানে আৰু তেওঁ সিহঁতক বিশেষভাৱে গণনা কৰি থৈছে,","footnotes":"","tafseer":"নিশ্চিতভাৱে আল্লাহে সিহঁতক জ্ঞানৰ জৰিয়তে পৰিবেষ্টন কৰিছে আৰু সিহঁতক গণনা কৰি ৰাখিছে। এতেকে সিহঁতৰ কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019094.mp3"},{"index":"95","arabicText":"وَكُلُّهُمْ اٰتِیْهِ یَوْمَ الْقِیٰمَةِ فَرْدًا ۟","assameseTranslation":"আৰু কিয়ামতৰ দিনা সিহঁত সকলোৱে তেওঁৰ ওচৰলৈ অকলশৰীয়া হৈ আহিব।","footnotes":"","tafseer":"সিহঁতৰ মাজৰ প্ৰত্যেকেই কিয়ামতৰ দিনা অকলশৰীয়াভাৱে উপস্থিত হ'ব। কোনো সহায়ক নাথাকিব আৰু কোনো ধন-সম্পত্তিও নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019095.mp3"},{"index":"96","arabicText":"اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ سَیَجْعَلُ لَهُمُ الرَّحْمٰنُ وُدًّا ۟","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, ৰহমানে অৱশ্যে তেওঁলোকৰ বাবে (পাৰস্পাৰিক) সম্প্ৰীতি সৃষ্টি কৰিব।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সেইসমূহ নেক আমল কৰিছে, যিবোৰ আল্লাহৰ দৃষ্টিত পছন্দনীয়। আল্লাহে তেওঁলোকক মুহাব্বত প্ৰদান কৰিব অৰ্থাৎ স্বয়ং আল্লাহে তেওঁলোকক মুহাব্বত কৰিব। তথা তেওঁৰ বান্দাসকলৰ মাজত তাক প্ৰিয় বনাই দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019096.mp3"},{"index":"97","arabicText":"فَاِنَّمَا یَسَّرْنٰهُ بِلِسَانِكَ لِتُبَشِّرَ بِهِ الْمُتَّقِیْنَ وَتُنْذِرَ بِهٖ قَوْمًا لُّدًّا ۟","assameseTranslation":"আৰু আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছোঁ, যাতে তুমি ইয়াৰ দ্বাৰা মুত্তাক্বীসকলক সুসংবাদ দিব পাৰা আৰু বিতণ্ডাপ্ৰিয় সম্প্ৰদায়ক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰা।","footnotes":"","tafseer":"হে ৰাছুল! এই কোৰআনখনক আপোনাৰ ভাষাত অৱতীৰ্ণ কৰি সৰল কৰি দিছোঁ। যাতে ইয়াৰ দ্বাৰা আপুনি সেইসকল লোকক সতৰ্ক কৰিব পাৰে যিসকলে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি মোৰ তাক্বৱা অৱলম্বন কৰিছে। তথা ইয়াৰ দ্বাৰা যাতে আপুনি সেইসকল লোকক ভয় দেখুৱাব পাৰে, যিসকল বাক-বিতণ্ডাপ্ৰিয় আৰু সত্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত স্বৈৰাচাৰী তথা অহংকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019097.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019097.mp3"},{"index":"98","arabicText":"وَكَمْ اَهْلَكْنَا قَبْلَهُمْ مِّنْ قَرْنٍ ؕ هَلْ تُحِسُّ مِنْهُمْ مِّنْ اَحَدٍ اَوْ تَسْمَعُ لَهُمْ رِكْزًا ۟۠","assameseTranslation":"আৰু সিহঁতৰ পূৰ্বে আমি কিমান যে প্ৰজন্মক বিনাশ কৰিছোঁ! তুমি সিহঁতৰ কাৰোবাৰ অস্তিত্ব অনুভৱ কৰিছানে অথবা ক্ষীণতকৈও ক্ষীণ (ৰিণিকা অহা) কোনো শব্দ শুনিবলৈ পোৱানে?","footnotes":"","tafseer":"আপোনাৰ সম্প্ৰদায়ৰ পূৰ্বে আমি বহুতো সম্প্ৰদায়ক বিনাশ কৰিছোঁ। সেই সম্প্ৰদায়সমূহৰ মাজৰ কাৰোবাৰ আপুনি উমান পাইছেনে? আপুনি সিহঁতৰ কোনো গোপন ধ্বনি শুনা পাইছেনে? যি বিপদৰ সিহঁতে সন্মুখীন হৈছিল, সেই বিপদে আনকো চুব পাৰে। পলম কেৱল আল্লাহৰ অনুমতিৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/019098.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/019098.mp3"}]