[{"index":"1","arabicText":"الٓمّٓ ۟ۚ","assameseTranslation":"আলিফ-লাম-মীম। [1]","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। কোৰআনৰ কেইবাটাও ছুৰা এনেকুৱা আখৰেৰে আৰম্ভ হৈছে। দৰাচলতে এইবোৰ হৈছে কিছুমান বৰ্ণমালা, পৃথকভাৱে ব্যৱহাৰ হ’লে এইবোৰৰ কোনো অৰ্থ নহয়। যেনে- (আলিফ, বা, তা ইত্যাদি)। কিন্তু ইয়াত এইবোৰ নিৰৰ্থকভাৱে ব্যৱহাৰ হোৱা নাই। কাৰণ কোৰআনত প্ৰজ্ঞাহীন একোৱেই নাই। এইবোৰ আখৰ ব্যৱহাৰ হোৱাৰ অন্যতম এটা প্ৰজ্ঞা হৈছে এই যে, এইবোৰ আখৰৰ দ্বাৰা মুশ্বৰিকসকলক প্ৰত্যাহ্বান জনোৱা হৈছে যে, এইবোৰ আখৰৰ দ্বাৰাই কোৰআনৰ বাক্য সজোৱা হৈছে, যিবোৰ আখৰ সম্পৰ্কে সিহঁত আগৰ পৰাই অৱগত, এইবোৰৰ দ্বাৰাই সিহঁতে কথা কয়, তথাপিও ইয়াৰ অনুৰূপ গ্ৰন্থ ৰচনা কৰিবলৈ সিহঁত অক্ষম। যদিও সিহঁত ভাষাজ্ঞানত অত্যন্ত পাৰ্গত। গতিকে এইটোৱে প্ৰমাণ কৰে যে, এইখন হৈছে আল্লাহৰ পৰা অৱতীৰ্ণ গ্ৰন্থ।","tafseer":"আলিফ লাম মীম, এইবোৰ হৈছে সেইসমূহ আখৰ, যিবোৰৰ দ্বাৰা কিছুমান ছুৰাৰ আৰম্ভণি হৈছে। এইবোৰ হৈছে কিছুমান বৰ্ণমালা, পৃথকভাৱে ব্যৱহাৰ হ’লে ইয়াৰ কোনো অৰ্থ নহয়। যেনে- (আলিফ, বা, তা ইত্যাদি)। কিন্তু ইয়াত এইবোৰ নিৰৰ্থক নহয়। কিয়নো কোৰআনত এনেকুৱা কোনো বস্তু নাই যিটো প্ৰজ্ঞাহীন। ইয়াৰ এটা প্ৰমূখ হিকমত হৈছে কোৰআনৰ জৰিয়তে প্ৰত্যাহ্বান জনোৱা যে, এইবোৰ আখৰৰ দ্বাৰাই কোৰআনৰ বাক্য সজোৱা হৈছে। যিবোৰ সিহঁতে জানে আৰু এইবোৰ আখৰৰ দ্বাৰাই শব্দ গঠন কৰি সিহঁতে কথাও কয়। বেছিভাগ ঠাইতে এইবোৰ আখৰ ব্যৱহাৰ হোৱাৰ পিছতেই কোৰআন সম্পৰ্কে বৰ্ণনা হৈছে। যেনে- এই ছুৰাত আমি দেখিবলৈ পালোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002001.mp3"},{"index":"2","arabicText":"ذٰلِكَ الْكِتٰبُ لَا رَیْبَ ۛۖۚ فِیْهِ ۛۚ هُدًی لِّلْمُتَّقِیْنَ ۟ۙ","assameseTranslation":"এইখন সেই গ্ৰন্থ; য’ত কোনো সন্দেহ নাই, মুত্তাক্বীসকলৰ বাবে (এইখন) পথ-নিৰ্দেশক।","footnotes":"","tafseer":"এই মহান কোৰআনত কোনো সন্দেহ নাই। অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰতো নাই, শব্দ আৰু অৰ্থৰ ক্ষেত্ৰতো নাই। এতেকে এইখন হৈছে আল্লাহৰ বাণী, যিয়ে মুত্ত্বাক্বীসকলক আল্লাহৰ পিনে যোৱাৰ বাট দেখুৱায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002002.mp3"},{"index":"3","arabicText":"الَّذِیْنَ یُؤْمِنُوْنَ بِالْغَیْبِ وَیُقِیْمُوْنَ الصَّلٰوةَ وَمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ ۟ۙ","assameseTranslation":"যিসকলে গায়েবৰ প্ৰতি ঈমান পোষণ কৰে, ছালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি প্ৰদান কৰিছোঁ তাৰ পৰা ব্যয় কৰে।","footnotes":"","tafseer":"যিসকলে গায়েব (অদৃশ্য)ৰ প্ৰতি বিশ্বাস স্থাপন কৰে। গায়েবৰ দ্বাৰা সেইসকল বস্তুক বুজোৱা হৈছে, যিবোৰ আমাৰ ইন্দ্ৰিয়ৰে গমি চোৱা অসম্ভৱ। কিন্তু সেই বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক জনাইছে। যেনে- আখিৰাত দিৱস। তেওঁলোকেই (অৰ্থাৎ সেই বিশ্বাস স্থাপনকাৰী সকলে) আল্লাহে দেখুৱাই দিয়া নিয়মানুসাৰে চৰ্ত, আৰকান, ৱাজিবাত আৰু ছুন্নতসমূহৰ সৈতে ছালাত প্ৰতিষ্ঠা কৰে। তেওঁলোকেই আল্লাহে দিয়া সম্পদ ছোৱাবৰ উদ্দেশ্যে (আল্লাহৰ পথত) ব্যয় কৰে। যেনে- যাকাত, নফল চাদাক্বা আদি। হে নবী! তেওঁলোকেই তোমাৰ ওপৰত আৰু তোমাৰ পূৰ্বৱৰ্তী সকলো নবীৰ ওপৰত অৱতীৰ্ণ হোৱা অহীৰ প্ৰতি ভেদভাৱ নকৰাকৈ বিশ্বাস কৰে। তেওঁলোকেই আখিৰাত আৰু ইয়াৰ প্ৰতিদান তথা শাস্তিৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002003.mp3"},{"index":"4","arabicText":"وَالَّذِیْنَ یُؤْمِنُوْنَ بِمَاۤ اُنْزِلَ اِلَیْكَ وَمَاۤ اُنْزِلَ مِنْ قَبْلِكَ ۚ وَبِالْاٰخِرَةِ هُمْ یُوْقِنُوْنَ ۟ؕ","assameseTranslation":"আৰু যিসকলে ঈমান পোষণ কৰে তাৰ ওপৰত, যি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে আৰু যি তোমাৰ পূৰ্বে অৱতীৰ্ণ কৰা হৈছিল আৰু আখিৰাতৰ প্ৰতি তেওঁলোক পূৰ্ণ বিশ্বাসী।","footnotes":"","tafseer":"যিসকলে গায়েব (অদৃশ্য)ৰ প্ৰতি বিশ্বাস স্থাপন কৰে। গায়েবৰ দ্বাৰা সেইসকল বস্তুক বুজোৱা হৈছে, যিবোৰ আমাৰ ইন্দ্ৰিয়ৰে গমি চোৱা অসম্ভৱ। কিন্তু সেই বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক জনাইছে। যেনে- আখিৰাত দিৱস। তেওঁলোকেই (অৰ্থাৎ সেই বিশ্বাস স্থাপনকাৰী সকলে) আল্লাহে দেখুৱাই দিয়া নিয়মানুসাৰে চৰ্ত, আৰকান, ৱাজিবাত আৰু ছুন্নতসমূহৰ সৈতে ছালাত প্ৰতিষ্ঠা কৰে। তেওঁলোকেই আল্লাহে দিয়া সম্পদ ছোৱাবৰ উদ্দেশ্যে (আল্লাহৰ পথত) ব্যয় কৰে। যেনে- যাকাত, নফল চাদাক্বা আদি। হে নবী! তেওঁলোকেই তোমাৰ ওপৰত আৰু তোমাৰ পূৰ্বৱৰ্তী সকলো নবীৰ ওপৰত অৱতীৰ্ণ হোৱা অহীৰ প্ৰতি ভেদভাৱ নকৰাকৈ বিশ্বাস কৰে। তেওঁলোকেই আখিৰাত আৰু ইয়াৰ প্ৰতিদান তথা শাস্তিৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002004.mp3"},{"index":"5","arabicText":"اُولٰٓىِٕكَ عَلٰی هُدًی مِّنْ رَّبِّهِمْ ۗ وَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟","assameseTranslation":"তেওঁলোকেই নিজ প্ৰতিপালকৰ নিৰ্দেশিত হিদায়তৰ ওপৰত আছে আৰু তেওঁলোকেই সাফল্যমণ্ডিত।","footnotes":"","tafseer":"এইবোৰ বৈশিষ্টৰ অধিকাৰী ব্যক্তিসকলেই হিদায়তৰ পথত পৰিচালিত, আৰু এওঁলোকেই পৃথিৱী আৰু আখিৰাতত সাফল্যমণ্ডিত। তেওঁলোকে নিজৰ আকাংক্ষিত বস্তুসমূহ লাভ কৰিব আৰু যিটোৰ পৰা তেওঁলোকে ভয় কৰিছিল তাৰ পৰা মুক্তি লাভ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002005.mp3"},{"index":"6","arabicText":"اِنَّ الَّذِیْنَ كَفَرُوْا سَوَآءٌ عَلَیْهِمْ ءَاَنْذَرْتَهُمْ اَمْ لَمْ تُنْذِرْهُمْ لَا یُؤْمِنُوْنَ ۟","assameseTranslation":"নিশ্চয় যিসকলে কুফৰী কৰিছে, তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা একেই কথা, সিহঁতে ঈমান পোষণ নকৰিব।","footnotes":"","tafseer":"ঈমান পোষণ নকৰাকৈ বিভ্ৰান্তিত অব্যাহত থকাৰ কাৰণে তথা সিহঁতৰ স্বৈৰাচাৰিতাৰ কাৰণে যিসকলৰ ওপৰত আল্লাহৰ বাণী সাব্যস্ত হৈছে, সিহঁতৰ ক্ষেত্ৰত আপোনাৰ এই সতৰ্কবাণীৰ কোনো মূল্য নাই। আপুনি সিহঁতক সতৰ্ক কৰক বা নকৰক, সিহঁতৰ ওপৰত কোনো প্ৰভাৱ নপৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002006.mp3"},{"index":"7","arabicText":"خَتَمَ اللّٰهُ عَلٰی قُلُوْبِهِمْ وَعَلٰی سَمْعِهِمْ ؕ وَعَلٰۤی اَبْصَارِهِمْ غِشَاوَةٌ ؗ وَّلَهُمْ عَذَابٌ عَظِیْمٌ ۟۠","assameseTranslation":"আল্লাহে সিহঁতৰ হৃদয়সমূহ আৰু সিহঁতৰ শ্ৰৱণশক্তিৰ ওপৰত মোহৰ মাৰি দিছে আৰু সিহঁতৰ দৃষ্টিৰ ওপৰত আছে আৱৰণ। লগতে সিহঁতৰ বাবে আছে মহাশাস্তি।","footnotes":"","tafseer":"কাৰণ আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, আৰু সিহঁতৰ অন্তৰত থকা বাতিল ধাৰণাসহ সিহঁতৰ অন্তৰ বন্ধ কৰি দিছে। সিহঁতৰ কাণত মোহৰ মাৰি দিছে, সেয়ে সিহঁতে সত্য গ্ৰহণ তথা অনুসৰণৰ উদ্দেশ্যে শুনিব নোৱাৰে। সিহঁতৰ চকুৰ ওপৰত দিয়া আছে আৱৰণ, এতেকে সত্য স্পষ্ট হোৱাৰ পিছতো সিহঁতে সেয়া দেখিব নোৱাৰে; আৰু সিহঁতৰ বাবে আখিৰাতত আছে কষ্টদায়ক মহাশাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002007.mp3"},{"index":"8","arabicText":"وَمِنَ النَّاسِ مَنْ یَّقُوْلُ اٰمَنَّا بِاللّٰهِ وَبِالْیَوْمِ الْاٰخِرِ وَمَا هُمْ بِمُؤْمِنِیْنَ ۟ۘ","assameseTranslation":"আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে কয়, ‘আমি আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছোঁ’, অথচ সিহঁত মুমিন নহয়।","footnotes":"","tafseer":"মানুহৰ ভিতৰত এনেকুৱা এটা দল আছে যিসকলে নিজকে মুমিন বুলি দাবী কৰে। প্ৰকৃততে প্ৰাণ আৰু সম্পদৰ ভয়ত এইটো কেৱল সিহঁতৰ মৌখিক দাবী মাত্ৰ। দৰাচলতে আভ্যন্তৰীণভাৱে সিহঁত কাফিৰ। ","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002008.mp3"},{"index":"9","arabicText":"یُخٰدِعُوْنَ اللّٰهَ وَالَّذِیْنَ اٰمَنُوْا ۚ وَمَا یَخْدَعُوْنَ اِلَّاۤ اَنْفُسَهُمْ وَمَا یَشْعُرُوْنَ ۟ؕ","assameseTranslation":"সিহঁতে আল্লাহ আৰু মুমিনসকলক প্ৰতাৰিত কৰিব বিচাৰে, প্ৰকৃততে সিহঁত নিজেই নিজকে প্ৰতাৰিত কৰি আছে, অথচ সিহঁতে সেয়া অনুধাৱন কৰিব নোৱাৰে।","footnotes":"","tafseer":"ইহঁতৰ অজ্ঞানতাৰ কাৰণে ইহঁতে ভাবে যে, ইহঁতে ঈমান প্ৰকাশ কৰি আৰু কুফৰ গোপন কৰি আল্লাহ আৰু মুমিনসকলক প্ৰতাৰিত কৰি আছে। অথচ সিহঁতে সেয়া অনুধাৱন নকৰে। কিয়নো আল্লাহে প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়েই জানে, ফলত আল্লাহে মুমিনসকলক সিহঁতৰ আচৰণ আৰু অৱস্থা সম্পৰ্কে অৱগত কৰাই দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002009.mp3"},{"index":"10","arabicText":"فِیْ قُلُوْبِهِمْ مَّرَضٌ ۙ فَزَادَهُمُ اللّٰهُ مَرَضًا ۚ وَلَهُمْ عَذَابٌ اَلِیْمٌ ۙ۬۟  بِمَا كَانُوْا یَكْذِبُوْنَ ۟","assameseTranslation":"সিহঁতৰ অন্তৰসমূহত আছে ব্যাধি। এতেকে আল্লাহে সিহঁতৰ ব্যাধি আৰু বৃদ্ধি কৰি দিছে, আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি, কাৰণ সিহঁত মিছলীয়া।","footnotes":"","tafseer":"কাৰণ সিহঁতৰ অন্তৰত আছে সন্দেহ। ফলত আল্লাহে সিহঁতৰ সন্দেহ অধিক বৃদ্ধি কৰি দিছে। কিয়নো প্ৰতিদান, কৰ্মৰ অনুৰূপ বস্তুৰেই দিয়া হয়। সিহঁতক জাহান্নামৰ আটাইতকৈ নিম্ন স্থানত নিক্ষেপ কৰি কষ্টদায়ক শাস্তি দিয়া হ’ব। কিয়নো সিহঁতে আল্লাহৰ লগত আৰু মনুহৰ লগত মিছা কৈছিল (মুমিন বুলি বহিঃপ্ৰকাশ কৰিছিল কিন্তু সিহঁত ঈমান পোষণ কৰা নাছিল)। লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা জীৱন ব্যৱস্থাকো অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002010.mp3"},{"index":"11","arabicText":"وَاِذَا قِیْلَ لَهُمْ لَا تُفْسِدُوْا فِی الْاَرْضِ ۙ قَالُوْۤا اِنَّمَا نَحْنُ مُصْلِحُوْنَ ۟","assameseTranslation":"আৰু যেতিয়া সিহঁতক কোৱা হয়, 'তোমালোকে পৃথিৱীত ফাছাদ (বিপৰ্যয়) সৃষ্টি নকৰিবা', সিহঁতে কয়, 'আমি কেৱল সংশোধনকাৰীহে'।","footnotes":"","tafseer":"যেতিয়া সিহঁতক কুফৰ আৰু পাপকৰ্মৰ দ্বাৰা পৃথিৱীত উপদ্ৰৱ কৰিবলৈ নিষেধ কৰা হয়, তেতিয়া সিহঁতে সেয়া মানিবলৈ অস্বীকাৰ কৰে আৰু সিহঁতে ভাবে যে কেৱল সিহঁতেই সংশোধনকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002011.mp3"},{"index":"12","arabicText":"اَلَاۤ اِنَّهُمْ هُمُ الْمُفْسِدُوْنَ وَلٰكِنْ لَّا یَشْعُرُوْنَ ۟","assameseTranslation":"সাৱধান! ইহঁতেই ফাছাদ সৃষ্টিকাৰী, কিন্তু সিহঁতে সেয়া অনুধাৱন নকৰে।","footnotes":"","tafseer":"প্ৰকৃততে সিহঁতেই বিপৰ্যয়কাৰী। অথচ সিহঁতে সেয়া অনুধাৱন নকৰে। সিহঁতে এইটোও নাজানে যে সিহঁতৰ কৰ্মই হৈছে আচল বিপৰ্যয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002012.mp3"},{"index":"13","arabicText":"وَاِذَا قِیْلَ لَهُمْ اٰمِنُوْا كَمَاۤ اٰمَنَ النَّاسُ قَالُوْۤا اَنُؤْمِنُ كَمَاۤ اٰمَنَ السُّفَهَآءُ ؕ اَلَاۤ اِنَّهُمْ هُمُ السُّفَهَآءُ وَلٰكِنْ لَّا یَعْلَمُوْنَ ۟","assameseTranslation":"আৰু যেতিয়া সিহঁতক কোৱা হয়, 'তোমালোকে ঈমান পোষণ কৰা, যেনেকৈ লোকসকলে ঈমান পোষণ কৰিছে', সিহঁতে কয়, 'আমিও তেনেকৈ ঈমান আনিম নেকি যেনেকৈ নিৰ্বোধ লোকসকলে ঈমান আনিছে'? সাৱধান! নিশ্চয় সিহঁতেই নিৰ্বোধ, কিন্তু সিহঁতে নাজানে।","footnotes":"","tafseer":"যেতিয়া সিহঁতক মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবাসকলৰ দৰে ঈমান আনিবলৈ আদেশ দিয়া হয়, তেতিয়া সিহঁতে অস্বীকাৰ কৰি উপলুঙাৰ সুৰত কয়, “আমিও জ্ঞানহীন নিৰ্বোধ লোকসকলৰ দৰে ঈমান আনিম নেকি”? প্ৰকৃততে সিহঁতেই নিৰ্বোধ জ্ঞানহীন কিন্তু সিহঁতে নাজানে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002013.mp3"},{"index":"14","arabicText":"وَاِذَا لَقُوا الَّذِیْنَ اٰمَنُوْا قَالُوْۤا اٰمَنَّا ۖۚ وَاِذَا خَلَوْا اِلٰی شَیٰطِیْنِهِمْ ۙ قَالُوْۤا اِنَّا مَعَكُمْ ۙ اِنَّمَا نَحْنُ مُسْتَهْزِءُوْنَ ۟","assameseTranslation":"আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাৎ কৰে, তেতিয়া সিহঁতে কয়, ‘আমি ঈমান আনিছোঁ’, আৰু যেতিয়া সিহঁতে অকলশৰীয়াকৈ সিহঁতৰ চয়তানসকলৰ লগত একত্ৰিত হয়, তেতিয়া কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছোঁ’। আমি কেৱল উপহাসহে কৰোঁ'।","footnotes":"","tafseer":"যেতিয়া মুমিনসকলৰ লগত সাক্ষাৎ কৰে তেতিয়া তেওঁলোকৰ ভয়ত কয়ঃ “আমিও সেইটো বিশ্বাস কৰোঁ যিটো আপোনালোকে বিশ্বাস কৰে”। কিন্তু যেতিয়া মুমিনসকলৰ পৰা উভতি গৈ সিহঁতৰ নেতাসকলৰ লগত অকলশৰীয়াভাৱে সাক্ষাৎ কৰে তেতিয়া সিহঁতৰে অনুসৰণকাৰী বুলি বিশ্বাস প্ৰদান কৰি কয়, “আমি আপোনালোকৰ লগত আৰু আপোনালোকৰ পথতে আছোঁ। আমি প্ৰকাশ্যভাৱে মুমিনসকলৰ লগ দিওঁ কেৱল সিহঁতক ঠাট্টা-বিদ্ৰূপ আৰু উপলুঙা কৰিবলৈহে”।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002014.mp3"},{"index":"15","arabicText":"اَللّٰهُ یَسْتَهْزِئُ بِهِمْ وَیَمُدُّهُمْ فِیْ طُغْیَانِهِمْ یَعْمَهُوْنَ ۟","assameseTranslation":"আল্লাহেও সিহঁতৰ সৈতে উপহাসহে কৰে আৰু সিহঁতক সিহঁতৰ অবাধ্যতাৰ মাজত বিভ্ৰান্তৰ দৰে ঘূৰি ফুৰাৰ অৱকাশ দিয়ে।","footnotes":"","tafseer":"সিহঁতে মুমিনসকলৰ লগত উপহাস কৰাৰ কাৰণে স্বয়ং আল্লাহে সিহঁতৰ লগত উপহাস কৰে। কিয়নো আমলৰ প্ৰতিদান সেই শ্ৰেণীৰ আমলৰ দ্বাৰাই দিয়া হয়। এই কাৰণেই পৃথিৱীত সিহঁতৰ ওপৰত মুমিনসকলৰ বিধান জাৰি কৰিছে কিন্তু আখিৰাতত সিহঁতক কুফৰ আৰু নিফাকৰ প্ৰতিদান দিয়া হ'ব। এইদৰে আল্লাহে সিহঁতক পথভ্ৰষ্টতা আৰু অবাধ্যতাৰ মাজত পৰি থাকিবলৈ অৱকাশ দিয়ে। ফলত সিহঁত হয়ৰান-পৰেচান হৈ দোদুল্যমান অৱস্থাত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002015.mp3"},{"index":"16","arabicText":"اُولٰٓىِٕكَ الَّذِیْنَ اشْتَرَوُا الضَّلٰلَةَ بِالْهُدٰی ۪ فَمَا رَبِحَتْ تِّجَارَتُهُمْ وَمَا كَانُوْا مُهْتَدِیْنَ ۟","assameseTranslation":"ইহঁতেই সেইসকল লোক, যিসকলে হিদায়তৰ বিনিময়ত ভ্ৰষ্টতা কিনি লৈছে। কিন্তু সিহঁতৰ ব্যৱসায় লাভজনক হোৱা নাই, আৰু সিহঁত হিদায়ত প্ৰাপ্তও নহয়।","footnotes":"","tafseer":"প্ৰকৃততে উক্ত বৈশিষ্ট্যৰ অধিকাৰী মুনাফিকসকলেই হৈছে নিৰ্বোধ তথা কাণ্ডজ্ঞানহীন, যিসকলে ঈমানৰ পৰিবৰ্তে কুফৰীক প্ৰাধান্য দিছে। সেয়ে সিহঁতৰ ব্যৱসায় ফলপ্ৰসূ হোৱা নাই। কিয়নো সিহঁতে আল্লাহৰ প্ৰতি থকা ঈমান বিনষ্ট কৰিছে আৰু হিদায়তৰ কোনো পথো অৱলম্বন কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002016.mp3"},{"index":"17","arabicText":"مَثَلُهُمْ كَمَثَلِ الَّذِی اسْتَوْقَدَ نَارًا ۚ فَلَمَّاۤ اَضَآءَتْ مَا حَوْلَهٗ ذَهَبَ اللّٰهُ بِنُوْرِهِمْ وَتَرَكَهُمْ فِیْ ظُلُمٰتٍ لَّا یُبْصِرُوْنَ ۟","assameseTranslation":"সিহঁতৰ উদাহৰণ সেই ব্যক্তিৰ দৰে, যিয়ে জুই জ্বলালে। তাৰপিছত যেতিয়া সেই জুয়ে তাৰ চাৰিওফালে আলোকিত কৰিলে, তেতিয়া আল্লাহে সিহঁতৰ জ্যোতি অপসাৰণ কৰি ল’লে আৰু সিহঁতক এনেকুৱা অন্ধকাৰত এৰি দিলে যে, সিহঁত দেখিবলৈ নোপোৱা হ’ল।","footnotes":"","tafseer":"মহান আল্লাহে এই মুনাফিকসকলৰ দুটা উদাহৰণ দিছে। ইয়াৰে এটা হৈছে জুইৰ উদাহৰণ আৰু আনটো হৈছে পানীৰ উদাহৰণ। জুইৰ উদাহৰণটো হৈছে এই ধৰণৰঃ মুনাফিকসকলৰ উদাহৰণ হৈছে সেই ব্যক্তিৰ দৰে যিয়ে পোহৰৰ বাবে জুই জ্বলাইছে। এতেকে যেতিয়া জুইৰ শিখাবোৰ ওপৰলৈ উঠিবলৈ ধৰিলে, তেতিয়া সি ভাবিলে যে, এতিয়া ইয়াৰ দ্বাৰা উপকৃত হ’ব। কিন্তু হঠাৎ জুই নুমাই গ’ল। এঙাৰ আছিল যদিও পোহৰ নাই। ফলত জুই জ্বলোৱা ব্যক্তিক অন্ধকাৰে আৱৰি ধৰিলে। সি একো দেখা নোপোৱা হ’ল আৰু পথ বিচাৰিও নাপালে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002017.mp3"},{"index":"18","arabicText":"صُمٌّۢ بُكْمٌ عُمْیٌ فَهُمْ لَا یَرْجِعُوْنَ ۟ۙ","assameseTranslation":"সিহঁত কলা, বোবা, অন্ধ। সেয়ে সিহঁত আৰু উভতি নাহিব।","footnotes":"","tafseer":"এনেকুৱা মানুহ হৈছে বধিৰ। ইহঁতে সত্য গ্ৰহণ কৰাৰ মানসেৰে নুশুনে। ইহঁত হৈছে বোবা, সত্য ক’ব নোৱাৰে। লগতে ইহঁত হৈছে অন্ধ, সত্য দেখিব নোৱাৰে। সেয়ে ইহঁতে পথভ্ৰষ্টতাৰ পৰা ওলায় আহিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002018.mp3"},{"index":"19","arabicText":"اَوْ كَصَیِّبٍ مِّنَ السَّمَآءِ فِیْهِ ظُلُمٰتٌ وَّرَعْدٌ وَّبَرْقٌ ۚ یَجْعَلُوْنَ اَصَابِعَهُمْ فِیْۤ اٰذَانِهِمْ مِّنَ الصَّوَاعِقِ حَذَرَ الْمَوْتِ ؕ وَاللّٰهُ مُحِیْطٌ بِالْكٰفِرِیْنَ ۟","assameseTranslation":"অথবা (সিহঁতৰ উদাহৰণ) ধাৰাসাৰ বৰষুণৰ দৰে, য'ত আছে ঘোৰ অন্ধকাৰ, বজ্ৰধ্বনি আৰু বিদ্যুতৰ চমক। সিহঁতে বজ্ৰধ্বনিৰ সময়ত মৃত্যুৰ ভয়ত আঙুলিৰে কাণত সোপা দিয়ে, আৰু আল্লাহে কাফিৰসকলক চাৰিওফালৰ পৰা আগুৰি আছে।","footnotes":"","tafseer":"পানী সম্পৰ্কীয় উদাহৰণটো হৈছে এই ধৰণৰঃ সিহঁতৰ উদাহৰণ হৈছে ধাৰাসাৰ বৰষুণৰ দৰে, মেঘে আৱৰি আছে আৰু য’ত আছে ঘোৰ অন্ধকাৰ লগতে আছে বজ্ৰধ্বনি আৰু বিদ্যুতৰ চমক। কিছুমান মানুহে (মুনাফিকসকলে) এনেকুৱা বিকট পৰিৱেশত আৱদ্ধ হৈ বজ্ৰধ্বনিৰ সময়ত মৃত্যুৰ ভয়ত আঙুলিৰে কাণত সোপা দিয়ে। এতেকে সত্য এইটোৱে যে, আল্লাহে কাফিৰসকলক চাৰিওফালৰ পৰা পৰিবেষ্টন কৰি আছে। সিহঁতে তেওঁক অপাৰগ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002019.mp3"},{"index":"20","arabicText":"یَكَادُ الْبَرْقُ یَخْطَفُ اَبْصَارَهُمْ ؕ كُلَّمَاۤ اَضَآءَ لَهُمْ مَّشَوْا فِیْهِ ۙۗ وَاِذَاۤ اَظْلَمَ عَلَیْهِمْ قَامُوْا ؕ وَلَوْ شَآءَ اللّٰهُ لَذَهَبَ بِسَمْعِهِمْ وَاَبْصَارِهِمْ ؕ اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟۠","assameseTranslation":"এনে লাগে যেন বিজুলীৰ চমকনিয়ে সিহঁতৰ দৃষ্টিশক্তি হৰণ কৰি নিবহি। যেতিয়াই অলপ সিহঁতৰ বাবে পোহৰ হয় তেতিয়াই সিহঁত আগবাঢ়ি যায় আৰু যেতিয়াই অন্ধকাৰ হয় তেতিয়াই সিহঁত থমকি ৰয়। আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি হৰণ কৰিব পাৰিলেহেঁতেন। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"বিজুলীৰ চমকনিয়ে আৰু তীক্ষ্ণ পোহৰে যেনিবা সিহঁতৰ দৃষ্টিশক্তি হৰণ কৰি লোৱাৰ উপক্ৰম হয়। বিজুলী চমকনিৰ ফলত যেতিয়া অলপ পোহৰ হয় তেতিয়া সিহঁত কেইখোজ মান আগুৱাই যায়। চমকনি শেষ হোৱাৰ পিছতেই অন্ধকাৰত আৱদ্ধ হয়। ফলত নিজ স্থানৰ পৰা আগুৱাব নোৱাৰে। সত্য অগ্ৰাহ্য কৰাৰ ফলস্বৰূপে সৰ্বশক্তিমান আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি দুয়োটাই হৰণ কৰিব পাৰে। বৰষুণ হৈছে কোৰআনৰ উদাহৰণ। বজ্ৰধ্বনি হৈছে কোৰআনৰ সতৰ্কবাণীসমূহৰ উদাহৰণ। বিজুলীৰ চমকনি হৈছে কেতিয়াবা কেতিয়াবা সিহঁতৰ সন্মুখত সত্য স্পষ্ট হোৱাৰ উদাহৰণ। আনহাতে বজ্ৰধ্বনিৰ ফলত আঙুলিৰে কাণত সোপা দিয়া হৈছে সত্যৰ পৰা মুখ ঘূৰাই লোৱা তথা স্বীকাৰ নকৰাৰ উদাহৰণ। মুনাফিকসকল আৰু উপৰোক্ত দুয়োটা উদাহৰণত দেখুৱা ব্যক্তিসকলৰ মাজত সামঞ্জস্য এইটোৱে যে, উভয় পক্ষই উপকৃত হ’ব পৰা নাই। এতেকে জুই সম্পৰ্কীয় উদাহৰণত জুই জ্বলোৱা ব্যক্তিয়ে অন্ধকাৰ আৰু উষ্ণতাৰ বাহিৰে বেলেগ একো পোৱা নাই। আনহাতে বৰষুণ সম্পৰ্কীয় উদাহৰণত বৰষুণত আৱদ্ধ হোৱা লোকসকলে বজ্ৰধ্বনি আৰু চমকনিৰ ভয়ৰ বাহিৰে আন একো লাভ কৰিব পৰা নাই। এনেকুৱা অৱস্থা মুনাফিকসকলৰো। ইছলামৰ মাজত কঠোৰতাৰ বাহিৰে সিহঁতৰ একো দৃষ্টিগোচৰ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002020.mp3"},{"index":"21","arabicText":"یٰۤاَیُّهَا النَّاسُ اعْبُدُوْا رَبَّكُمُ الَّذِیْ خَلَقَكُمْ وَالَّذِیْنَ مِنْ قَبْلِكُمْ لَعَلَّكُمْ تَتَّقُوْنَ ۟ۙ","assameseTranslation":"হে মানৱ সম্প্ৰদায়! তোমালোকে তোমালোকৰ সেই ৰব (প্ৰতিপালক)ৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হ’ব পাৰা।","footnotes":"","tafseer":"হে মানৱ সম্প্ৰদায়! তোমালোকে কেৱল নিজ প্ৰতিপালকৰ ইবাদত কৰা তেওঁৰ বাহিৰে আন কাৰো উপাসনা নকৰিবা। কিয়নো তেৱেঁই তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তী উম্মতসমূহক সৃষ্টি কৰিছে। যাতে তোমালোকে তেওঁৰ আদেশৰ ওপৰত আমল কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ শাস্তিৰ পৰা ৰক্ষা পোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002021.mp3"},{"index":"22","arabicText":"الَّذِیْ جَعَلَ لَكُمُ الْاَرْضَ فِرَاشًا وَّالسَّمَآءَ بِنَآءً ۪ وَّاَنْزَلَ مِنَ السَّمَآءِ مَآءً فَاَخْرَجَ بِهٖ مِنَ الثَّمَرٰتِ رِزْقًا لَّكُمْ ۚ فَلَا تَجْعَلُوْا لِلّٰهِ اَنْدَادًا وَّاَنْتُمْ تَعْلَمُوْنَ ۟","assameseTranslation":"যিজনে তোমালোকৰ বাবে পৃথিৱীখনক বিছনা কৰি দিছে আৰু আকাশখনক কৰি দিছে চালস্বৰূপ, আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰি তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰিছে। গতিকে তোমালোকে জানি-শুনি কাকো আল্লাহৰ সমকক্ষ থিৰ নকৰিবা।","footnotes":"","tafseer":"তেৱেঁই তোমালোকৰ বাবে পৃথিৱীখনক সমতল বিছনা বনাইছে আৰু তাৰ ওপৰত মজবুত আকাশ সৃষ্টি কৰিছে। তেৱেঁই পানী বৰ্ষণ কৰে ফলত তাৰ দ্বাৰা বিভিন্ন প্ৰকাৰৰ ফলমূল উত্পাদন কৰে। যাতে জীৱিকাৰ ব্যৱস্থা হয়। এতেকে যিহেতু তোমালোকে জানা যে, আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা নাই, ইয়াৰ পিছতো তোমালোকে আল্লাহৰ সমকক্ষ বা অংশীদাৰ স্থাপন নকৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002022.mp3"},{"index":"23","arabicText":"وَاِنْ كُنْتُمْ فِیْ رَیْبٍ مِّمَّا نَزَّلْنَا عَلٰی عَبْدِنَا فَاْتُوْا بِسُوْرَةٍ مِّنْ مِّثْلِهٖ ۪ وَادْعُوْا شُهَدَآءَكُمْ مِّنْ دُوْنِ اللّٰهِ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"আমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছোঁ তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা ছুৰা ৰচনা কৰি আনা আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী-সহায়কাৰীক আহ্বান কৰা, যদিহে তোমালোকে সত্যবাদী হোৱা।","footnotes":"","tafseer":"হে মানৱ জাতি! যদি তোমালোকৰ মোৰ বান্দা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ কৰা কোৰআনৰ ওপৰত কোনো ধৰণৰ সন্দেহ থাকে, তেন্তে মই তোমালোকক প্ৰত্যাহ্বান জনাইছোঁ যে, তোমালোকে ইয়াৰ অনুৰূপ এটা ছুৰা ৰচনা কৰি লৈ আহা। যদিও সৰু ছুৰা এটাকে নহওক কিয়। এই কামৰ বাবে তোমালোকে যাক ইচ্ছা তাকেই সহায়ৰ বাবে আহ্বান কৰা, যদি তোমালোকে নিজৰ অভিযোগত সত্যবাদী হোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002023.mp3"},{"index":"24","arabicText":"فَاِنْ لَّمْ تَفْعَلُوْا وَلَنْ تَفْعَلُوْا فَاتَّقُوا النَّارَ الَّتِیْ وَقُوْدُهَا النَّاسُ وَالْحِجَارَةُ ۖۚ اُعِدَّتْ لِلْكٰفِرِیْنَ ۟","assameseTranslation":"এতেকে যদি তোমালোকে এনে নকৰা- আৰু তোমালোকে এইটো কেতিয়াও কৰিব নোৱাৰিবা, তেনেহ’লে সেই জুইৰ পৰা বাচিবলৈ ব্যৱস্থা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, যিটো প্ৰস্তুত কৰা হৈছে কাফিৰসকলৰ বাবে।","footnotes":"","tafseer":"যদি তোমালোকে এনেকুৱা কৰিব নোৱাৰা, আৰু তোমালোকে এইটো কেতিয়াও কৰিবই নোৱাৰিবা, তেতিয়াহ’লে সেই অগ্নিক ভয় কৰা, যি অগ্নিয়ে শাস্তি প্ৰাপ্ত লোকক দাহ কৰিব, আৰু সেইসমূহ শিলকো পুৰিব যিবোৰৰ পূজা-পাঠ কৰা হৈছিল। মহান আল্লাহে সেই অগ্নি কাফিৰৰ বাবে সৃষ্টি কৰি প্ৰস্তুত কৰি ৰাখিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002024.mp3"},{"index":"25","arabicText":"وَبَشِّرِ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ اَنَّ لَهُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ؕ كُلَّمَا رُزِقُوْا مِنْهَا مِنْ ثَمَرَةٍ رِّزْقًا ۙ قَالُوْا هٰذَا الَّذِیْ رُزِقْنَا مِنْ قَبْلُ ۙ وَاُتُوْا بِهٖ مُتَشَابِهًا ؕ وَلَهُمْ فِیْهَاۤ اَزْوَاجٌ مُّطَهَّرَةٌ ۙۗ وَّهُمْ فِیْهَا خٰلِدُوْنَ ۟","assameseTranslation":"আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক সুসংবাদ দিয়ক যে, তেওলোকৰ বাবে আছে জান্নাত, যাৰ তলেদি নদীসমূহ প্ৰবাহিত হয়, যেতিয়াই তেওঁলোকক তাৰ পৰা কোনো ফল খাবলৈ দিয়া হ’ব, তেতিয়াই তেওঁলোকে ক’ব, ইতিপুৰ্বে আমাক এই ধৰণৰ ফল-মূল খাবলৈ দিয়া হৈছিল, কাৰণ তেওঁলোকক ফলমূল সাদৃশ্যপূৰ্ণ কৰি দিয়া হ’ব আৰু তেওঁলোকৰ বাবে তাত থাকিব পৱিত্ৰা-সঙ্গিনী, আৰু তাত তেওঁলোক চিৰকাল থাকিব।","footnotes":"","tafseer":"যিহেতু পূৰ্বৱৰ্তী সতৰ্কবাণী কাফিৰসকলৰ বাবে আছিল। সেয়ে হে নবী! আপুনি আল্লাহৰ প্ৰতি বিশ্বাসী নেক আমলকাৰী মুমিনসকলক আনন্দৰ সংবাদ দিয়ক, আৰু তেওঁলোকক সেই জান্নাতৰ সুসংবাদ দিয়ক যাৰ বৃক্ষ আৰু অট্টালিকাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। যেতিয়াই তেওঁলোকক সেই জান্নাতৰ ফলমূল খাবলৈ দিয়া হ’ব, পৃথিৱীৰ ফলৰ লগত সাদৃশ্য হোৱাৰ কাৰণে তেওঁলোকে ক’ব, এইটো দেখোন তেনেকুৱাই ফল যিটো ইয়াৰ পূৰ্বে আমাক দিয়া হৈছিল। দৰাচলতে তেওঁলোকক সম-আকৃতি আৰু সমনামী ফল এই কাৰণেই দিয়া হ’ব যাতে তেওঁলোক অতিসোনকালে সেইপিনে আকৰ্ষিত হয়। কিন্তু সোৱাদ আৰু জুতি হ’ব বেলেগ। তেওঁলোকৰ বাবে জান্নাতত এনেকুৱা পৱিত্ৰ স্ত্ৰী থাকিব, যিসকল সেই সকলো ঘৃণনীয় দোষৰ পৰা পৱিত্ৰ হ’ব যিবোৰ মানুহে বেয়া পায়। তেওঁলোক চিৰস্থায়ী নিয়ামতৰ মাজত অৱস্থান কৰিব, যি নিয়ামত কেতিয়াও শেষ নহ’ব। যিদৰে পৃথিৱীৰ ভোগ-বিলাস সমাপ্ত হৈ যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002025.mp3"},{"index":"26","arabicText":"اِنَّ اللّٰهَ لَا یَسْتَحْیٖۤ اَنْ یَّضْرِبَ مَثَلًا مَّا بَعُوْضَةً فَمَا فَوْقَهَا ؕ فَاَمَّا الَّذِیْنَ اٰمَنُوْا فَیَعْلَمُوْنَ اَنَّهُ الْحَقُّ مِنْ رَّبِّهِمْ ۚ وَاَمَّا الَّذِیْنَ كَفَرُوْا فَیَقُوْلُوْنَ مَاذَاۤ اَرَادَ اللّٰهُ بِهٰذَا مَثَلًا ۘ یُضِلُّ بِهٖ كَثِیْرًا ۙ وَّیَهْدِیْ بِهٖ كَثِیْرًا ؕ وَمَا یُضِلُّ بِهٖۤ اِلَّا الْفٰسِقِیْنَ ۟ۙ","assameseTranslation":"নিশ্চয় আল্লাহে মহ অথবা তাতোকৈ ক্ষুদ্ৰ কোনো বস্তুৰ উপমা দিওঁতে সংকোচবোধ নকৰে। এতেকে যিসকলে ঈমান আনিছে তেওঁলোকে জানে যে, নিশ্চয় এইটো তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য। আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয় যে, 'আল্লাহে এই উপমাৰ দ্বাৰা কি বুজাব বিচাৰিছে'? তেওঁ ইয়াৰ দ্বাৰা বহুতকে বিভ্ৰান্ত কৰে আৰু বহুতকে হিদায়ত দিয়ে। আৰু তেওঁ ফাছিকসকলৰ বাহিৰে আন কাকো ইয়াৰ দ্বাৰা বিভ্ৰান্ত নকৰে।","footnotes":"","tafseer":"মহান আল্লাহে কোনো বস্তুৰ উদাহৰণ দিওঁতে সংকোচ বোধ নকৰে। এতেকে তেওঁ মহ তথা তাতোকৈ সৰু বস্তু অথবা ডাঙৰ বস্তুৰ উদাহৰণ দাঙি ধৰে। অথচ এই উদাহৰণৰ ক্ষেত্ৰত মানুহৰ মাজত আছে দুটা ভাগ। মুমিন আৰু কাফিৰ। মুমিনসকলে এইবোৰ উদাহৰণ মানি লয় আৰু এই বিশ্বাস পোষণ কৰে যে, নিশ্চয় ইয়াৰ আঁৰত কিবা নহয় কিবা ৰহস্য আছে। আনহাতে কাফিৰসকলে উপলুঙা কৰি পৰস্পৰে পৰস্পৰক সোধ-পোছ কৰে যে, মহ, মাখি আৰু মকৰাৰ দৰে তুচ্ছ সৃষ্টিৰ উদাহৰণ কিয় দিয়া হৈছে বাৰু? আল্লাহৰ তৰফৰ পৰা ইয়াৰ উত্তৰ এইদৰে দিয়া হৈছে যে, এই উদাহৰণবোৰত মানুহৰ বাবে বহুতো হিদায়ত, পথপ্ৰদৰ্শন আৰু পৰীক্ষা আছে। এতেকে যিসকলে এইবোৰৰ গৱেষণাৰ পৰা মুখ ঘূৰাই লয়, আল্লাহে সিহঁতক পথভ্ৰষ্ট কৰি দিয়ে। এনেকুৱা লোকৰ সংখ্যা বহুত। আনহাতে যিসকলে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে আল্লাহে তেওঁলোকক হিদায়ত প্ৰদান কৰে। এনে লোকৰ সংখ্যা একেবাৰে তাকৰ। কিন্তু তেওঁ পথভ্ৰষ্ট কেৱল সেইসকল লোককে কৰে, যিসকল পথভ্ৰষ্ট হোৱাৰ উপযুক্ত। যিসকল তেওঁৰ আনুগত্যৰ পৰা ওলাই গৈছে। যেনে- মুনাফিকসকল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002026.mp3"},{"index":"27","arabicText":"الَّذِیْنَ یَنْقُضُوْنَ عَهْدَ اللّٰهِ مِنْ بَعْدِ مِیْثَاقِهٖ ۪ وَیَقْطَعُوْنَ مَاۤ اَمَرَ اللّٰهُ بِهٖۤ اَنْ یُّوْصَلَ وَیُفْسِدُوْنَ فِی الْاَرْضِ ؕ اُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ۟","assameseTranslation":"যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেইটো ভঙ্গ কৰে, আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ নিৰ্দেশ দিছে সেইটো বিচ্ছিন্ন কৰে আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফুৰে, সিহঁতেই হৈছে ক্ষতিগ্ৰস্থ।","footnotes":"","tafseer":"যিসকলে এক আল্লাহৰ ইবাদত আৰু তেওঁৰ ৰাছুলৰ অনুসৰণৰ সেই অঙ্গীকাৰ ভঙ্গ কৰে, যিটো সিহঁতে আল্লাহৰ লগত কৰিছিল আৰু যি বিষয়ে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্বৱৰ্তী সকলো নবীয়ে সংবাদ দিছিল। সিহঁতেই আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰে যিবোৰ সম্পৰ্ক অটুট ৰাখিবলৈ আল্লাহে নিৰ্দেশ দিছে। লগতে এইসকল লোকে পাপ কৰ্মৰ দ্বাৰা পৃথিৱীত উপদ্ৰৱ কৰি ফুৰে। এই ধৰণৰ মানুহেই হৈছে পৃথিৱী আৰু আখিৰাতত দুৰ্ভগীয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002027.mp3"},{"index":"28","arabicText":"كَیْفَ تَكْفُرُوْنَ بِاللّٰهِ وَكُنْتُمْ اَمْوَاتًا فَاَحْیَاكُمْ ۚ ثُمَّ یُمِیْتُكُمْ ثُمَّ یُحْیِیْكُمْ ثُمَّ اِلَیْهِ تُرْجَعُوْنَ ۟","assameseTranslation":"তোমালোকে কেনেকৈ আল্লাহৰ লগত কুফৰী কৰা? অথচ তোমালোক প্ৰাণহীন আছিলা। তাৰ পিছত তেৱেঁই তোমালোকক জীৱিত কৰিছে আকৌ তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব, তাৰ পিছত পুনৰ জীৱিত কৰিব আৰু তাৰ পিছত তোমালোকক তেওঁৰ ওচৰলৈকেই ওভতাই নিয়া হ’ব।","footnotes":"","tafseer":"হে কাফিৰসকল! তোমালোকৰ বিষয়টো বৰ বিচিত্ৰ। তোমালোকে কেনেকৈ আল্লাহক অস্বীকাৰ কৰা, অথচ তোমালোকে তেওঁৰ ক্ষমতাৰ নিদৰ্শনসমূহ তোমালোকৰ নিজৰ ভিতৰতেই দেখিবলৈ পোৱা। নিশ্চয় তোমালোকে একোৱেই নাছিলা, তেৱেঁই তোমালোকক সৃষ্টি কৰিছে, তোমালোকক জীৱন দান কৰিছে, তাৰ পিছত তোমালোকক দ্বিতীয়বাৰ তেৱেঁই মৃত্যু প্ৰদান কৰিব, তাৰ পিছত আকৌ জীৱন দান কৰিব। অৱশেষত তোমালোকক তেওঁৰ পিনেই ওভোতাই নিয়া হ’ব, যাতে তোমালোকৰ আমলৰ হিচাপ-নিকাচ ল’ব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002028.mp3"},{"index":"29","arabicText":"هُوَ الَّذِیْ خَلَقَ لَكُمْ مَّا فِی الْاَرْضِ جَمِیْعًا ۗ ثُمَّ اسْتَوٰۤی اِلَی السَّمَآءِ فَسَوّٰىهُنَّ سَبْعَ سَمٰوٰتٍ ؕ وَهُوَ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟۠","assameseTranslation":"তেৱেঁই পৃথিৱীৰ সকলো বস্তু তোমালোকৰ বাবেই সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আকাশৰ পিনে মনোনিবেশ কৰি ইয়াক সাতখন আকাশত বিন্যস্ত কৰিছে; আৰু তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।","footnotes":"","tafseer":"আল্লাহে অকলেই তোমালোকৰ বাবে পৃথিৱীৰ সকলো বস্তু সৃষ্টি কৰিছে, যেনে- নদীসমূহ, গছ-গছনি, বৃক্ষ আদি আৰু অসংখ্য বস্তু। যিবোৰৰ দ্বাৰা তোমালোকে উপকৃত হোৱা। ইয়াৰ পিছত তেওঁ আকাশ সৃষ্টিৰ পিনে মনোনিবেশ কৰিছে আৰু সমানে সাতখন আকাশ সৃষ্টি কৰিছে। তেওঁৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002029.mp3"},{"index":"30","arabicText":"وَاِذْ قَالَ رَبُّكَ لِلْمَلٰٓىِٕكَةِ اِنِّیْ جَاعِلٌ فِی الْاَرْضِ خَلِیْفَةً ؕ قَالُوْۤا اَتَجْعَلُ فِیْهَا مَنْ یُّفْسِدُ فِیْهَا وَیَسْفِكُ الدِّمَآءَ ۚ وَنَحْنُ نُسَبِّحُ بِحَمْدِكَ وَنُقَدِّسُ لَكَ ؕ قَالَ اِنِّیْۤ اَعْلَمُ مَا لَا تَعْلَمُوْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক ক’লে, নিশ্চয় মই পৃথিৱীত খলিফা[1] সৃষ্টি কৰিবলৈ থিৰ কৰিছোঁ। তেওঁলোকে ক’লে, তুমি পৃথিৱীত এনে এটা জীৱ সৃষ্টি কৰিব বিচৰা নেকি, যিয়ে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিব আৰু তেজ প্ৰবাহিত কৰিব? আৰু আমিতো তোমাৰ হাম্দ সহকাৰে তছবীহ পাঠ কৰোৱেঁই লগতে তোমাৰ পৱিত্ৰতাও ঘোষণা কৰো। তেওঁ ক’লে, নিশ্চয় মই যিটো জানো তোমালোকে সেইটো নাজানা।","footnotes":"[1] খলিফা- প্ৰতিনিধি","tafseer":"আল্লাহৰ তৰফৰ পৰা ঘোষণা দিয়া হৈছে যে, তেওঁ ফিৰিস্তাসকলক কৈছিলঃ তেওঁ পৃথিৱীত মানুহ সৃষ্টি কৰিব, যিসকলে তেওঁৰ আদেশত পৃথিৱীখনক আবাদ কৰিবলৈ এজনে আনজনৰ প্ৰতিনিধিত্ব কৰিব। এতেকে ফিৰিস্তাসকলে তেওঁলোকৰ প্ৰতিপালকৰ পৰা মানৱ জাতিক পৃথিৱীৰ প্ৰতিনিধি নিযুক্তি দিয়াৰ ৰহস্য জানিবলৈ বিচাৰিলে। যিহেতু সিহঁত পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিব আৰু অন্যায়ভাৱে ৰক্তপাত কৰিব। তেওঁলোকে ইয়াৰ দ্বাৰা এইটো বুজাব বিচাৰিছিল যে, আমিতো তোমাৰ আনুগত্য কৰিয়ে আছোঁ। তোমাৰ পৱিত্ৰতা আৰু প্ৰশংসা দিনে নিশাই কৰোঁ। তোমাৰ প্ৰতাপ আৰু পূৰ্ণতাৰ সন্মান কৰোঁ। লগতে এই বিষয়ে কোনো অৱহেলাও নকৰোঁ। (গতিকে মানুহ সৃষ্টি কৰাৰ কি প্ৰয়োজন আছে)। মহান আল্লাহে ইয়াৰ উত্তৰ দি কৈছেঃ সিহঁতৰ সৃষ্টি তথা পৃথিৱীৰ প্ৰতিনিধি নিযুক্ত কৰাৰ যি নিহিত উদ্দেশ্য সম্পৰ্কে মই জ্ঞাত, সেয়া তোমালোকে নাজানা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002030.mp3"},{"index":"31","arabicText":"وَعَلَّمَ اٰدَمَ الْاَسْمَآءَ كُلَّهَا ثُمَّ عَرَضَهُمْ عَلَی الْمَلٰٓىِٕكَةِ ۙ فَقَالَ اَنْۢبِـُٔوْنِیْ بِاَسْمَآءِ هٰۤؤُلَآءِ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"আৰু তেওঁ আদমক যাৱতীয় নামৰ শিক্ষা দিলে, তাৰ পিছত সেইবোৰ ফিৰিস্তাসকলৰ আগত উপস্থাপন কৰি ক’লে, যদি তোমালোকে সত্যবাদী তেন্তে মোক এইবোৰৰ নাম কোৱা।","footnotes":"","tafseer":"মহান আল্লাহে আদম আলাইহিচ্ছালামৰ মৰ্যদা স্পষ্ট কৰিবলৈ, তেওঁক সকলো সজীৱ আৰু নিৰ্জীৱ বস্তুৰ নাম অৰ্থাৎ শব্দ আৰু অৰ্থ আদি শিকাই দিলে। তাৰ পিছত এইবোৰ বস্তু ফিৰিস্তাসকলৰ সন্মুখত ৰাখি ক'লে, \"যদি তোমালোকে নিজৰ এই কথাত সত্যবাদী হোৱা যে, তোমালোক এওঁতকৈ (আদমতকৈ) অধিক প্ৰতিষ্ঠাৱান আৰু উত্তম তেনেহ’লে তোমালোকে এইবোৰ বস্তুৰ নাম কোৱা\"।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002031.mp3"},{"index":"32","arabicText":"قَالُوْا سُبْحٰنَكَ لَا عِلْمَ لَنَاۤ اِلَّا مَا عَلَّمْتَنَا ؕ اِنَّكَ اَنْتَ الْعَلِیْمُ الْحَكِیْمُ ۟","assameseTranslation":"তেওঁলোকে ক’লে, তুমি পৱিত্ৰ। তুমি আমাক যি শিক্ষা দিছা তাৰ বাহিৰে আমাৰ আন কোনো জ্ঞান নাই। নিশ্চয় তুমি সৰ্বজ্ঞ প্ৰজ্ঞাময়।","footnotes":"","tafseer":"তেওঁলোকে নিজৰ অসম্পূৰ্ণতা স্বীকাৰ কৰি আৰু আল্লাহৰ শ্ৰেষ্ঠতাৰ গুণগান কৰি ক’লে, হে আমাৰ প্ৰতিপালক! তোমাৰ ফয়চালা আৰু আদেশৰ প্ৰতি অভিযোগ কৰিবলৈ আমাৰ ক্ষমতা নাই। কিয়নো তুমি আমাক যি শিক্ষা দান কৰিছা তাৰ বাহিৰে আমাৰ আন কোনো জ্ঞান নাই। নিশ্চয় তুমি সৰ্বজ্ঞ, তোমাৰ পৰা কোনো বস্তু গোপন নহয়। তুমি প্ৰজ্ঞাময়, তুমিয়ে প্ৰত্যেক বস্তু তাক্বদীৰ আৰু বিধান অনুযায়ী উচিত ভাৱে নিৰ্ধাৰণ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002032.mp3"},{"index":"33","arabicText":"قَالَ یٰۤاٰدَمُ اَنْۢبِئْهُمْ بِاَسْمَآىِٕهِمْ ۚ فَلَمَّاۤ اَنْۢبَاَهُمْ بِاَسْمَآىِٕهِمْ ۙ قَالَ اَلَمْ اَقُلْ لَّكُمْ اِنِّیْۤ اَعْلَمُ غَیْبَ السَّمٰوٰتِ وَالْاَرْضِ ۙ وَاَعْلَمُ مَا تُبْدُوْنَ وَمَا كُنْتُمْ تَكْتُمُوْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘হে আদম, এইবোৰৰ নাম তুমি সিহঁতক জনাই দিয়া’। তাৰ পিছত যেতিয়া তেওঁ (আদমে) এইবোৰৰ নাম জনাই দিলে, তেতিয়া তেওঁ ক’লে, ‘মই তোমালোকক কোৱা নাছিলোঁনে যে, নিশ্চয় মই আকাশমণ্ডল আৰু পৃথিৱীৰ গায়েব (অদৃশ্য) সম্পৰ্কে জানো? মই সেইবোৰো জানো যিবোৰ তোমালোকে প্ৰকাশ কৰা আৰু যিবোৰ তোমালোকে গোপন কৰা’।","footnotes":"","tafseer":"তেতিয়া মহান আল্লাহে আদম আলাইহিচ্ছালামক ক'লে, \"তুমি এওঁলোকক এই সকলো বস্তুৰ নাম জনাই দিয়া\"। এতেকে যেতিয়া আদম আলাইহিচ্ছালামে মহান আল্লাহে প্ৰদান কৰা জ্ঞান অনুসৰি সকলো বস্তুৰ নাম জনাই দিলে। তেতিয়া মহান আল্লাহে ফিৰিস্তাসকলক ক'লে, \"মই তোমালোকক কোৱা নাছিলোঁনে যে, নিশ্চয় মই আকাশমণ্ডল আৰু পৃথিৱীৰ গোপন বিষয়সমূহ জানো। লগতে তোমালোকৰ প্ৰকাশ্য অৱস্থা আৰু অন্তৰৰ গোপন বিষয়েও অৱগত\"।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002033.mp3"},{"index":"34","arabicText":"وَاِذْ قُلْنَا لِلْمَلٰٓىِٕكَةِ اسْجُدُوْا لِاٰدَمَ فَسَجَدُوْۤا اِلَّاۤ اِبْلِیْسَ ؕ اَبٰی وَاسْتَكْبَرَ ؗۗ وَكَانَ مِنَ الْكٰفِرِیْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঁ, তোমালোকে আদমক ছাজদা কৰা। তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে ছাজদা কৰিছিল। সি অস্বীকাৰ কৰিলে আৰু অহংকাৰ কৰিলে। আৰু সি কাফিৰসকলৰ অন্তৰ্ভুক্ত হ’ল।","footnotes":"","tafseer":"ইয়াত এই কথা স্পষ্ট কৰা হৈছে যে, তাৰ পিছত মহান আল্লাহে আদমক সন্মানাৰ্থে ছাজদাহ কৰিবলৈ ফিৰিস্তাসকলক নিৰ্দেশ দিলে। ফলত তেওঁলোকে আল্লাহৰ আদেশ পালন কৰোঁতে অকনো পলম নকৰিলে। তত্ক্ষণাত ছাজদাহ কৰিলে। আনহাতে ইবলীছ, যিজন জিন জাতিৰ অন্তৰ্ভুক্ত আছিল, সি আল্লাহৰ আদেশত অভিযোগ কৰিলে আৰু অহংকাৰ কৰি আদমক ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰিলে। ফলত সি আল্লাহক অস্বীকাৰকাৰীসকলৰ অন্তৰ্ভুক্ত হৈ গ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002034.mp3"},{"index":"35","arabicText":"وَقُلْنَا یٰۤاٰدَمُ اسْكُنْ اَنْتَ وَزَوْجُكَ الْجَنَّةَ وَكُلَا مِنْهَا رَغَدًا حَیْثُ شِئْتُمَا ۪ وَلَا تَقْرَبَا هٰذِهِ الشَّجَرَةَ فَتَكُوْنَا مِنَ الظّٰلِمِیْنَ ۟","assameseTranslation":"আৰু আমি ক’লোঁ, হে আদম, তুমি আৰু তোমাৰ স্ত্ৰীয়ে জান্নাতত বসবাস কৰা আৰু য’ৰ পৰা ইচ্ছা স্বাচ্ছন্দে আহাৰ গ্ৰহণ কৰা, কিন্তু এই গছজোপাৰ ওচৰলৈকে নাযাবা, অন্যথা তোমালোক যালিমসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।","footnotes":"","tafseer":"আৰু আমি ক'লোঁ, ‘হে আদম! তুমি আৰু তোমাৰ পত্নী হাওৱা জান্নাতত অৱস্থান কৰা। উভয়ে এই বিস্তৃত জান্নাতত য’ৰ পৰা ইচ্ছা আনন্দচিত্তে আহাৰ গ্ৰহণ কৰা। কিন্তু সৌ গছজোপাৰ পিনে কেতিয়াও নাযাবা, যি গছৰ ফল খাবলৈ মই তোমালোক দুজনক নিষেধ কৰিছোঁ। অন্যথা মোৰ অবাধ্যতা কৰাৰ কাৰণে তোমালোক দুজন অত্যাচাৰী বুলি পৰিগণিত হ'বা'।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002035.mp3"},{"index":"36","arabicText":"فَاَزَلَّهُمَا الشَّیْطٰنُ عَنْهَا فَاَخْرَجَهُمَا مِمَّا كَانَا فِیْهِ ۪ وَقُلْنَا اهْبِطُوْا بَعْضُكُمْ لِبَعْضٍ عَدُوٌّ ۚ وَلَكُمْ فِی الْاَرْضِ مُسْتَقَرٌّ وَّمَتَاعٌ اِلٰی حِیْنٍ ۟","assameseTranslation":"অৱশেষত চয়তানে তাৰ পৰা তেওঁলোকক পদস্খলিত কৰিলে আৰু তেওঁলোক য’ত আছিল তাৰ পৰা তেওঁলোকক বহিস্কৃত কৰালে, আৰু আমি ক’লোঁ, ‘তোমালোকে নামি যোৱা; তোমালোকে ইজনে সিজনৰ শত্ৰু; আৰু তোমালোকৰ বাবে পৃথিৱীত আছে নিৰ্দিষ্টি সময়লৈকে আবাস আৰু ভোগ-উপভোগৰ উপকৰণ’।","footnotes":"","tafseer":"এতেকে চয়তানে সদায় তেওঁলোক দুয়োকে কুমন্ত্ৰণা দিবলৈ চেষ্টা আৰম্ভ কৰিলে। অৱশেষত দুয়োকে নিষেধকৃত গছৰ ফল খাবলৈ উদ্বুদ্ধ কৰিলে। ফলত আল্লাহে উভয়কে জান্নাতৰ পৰা বহিষ্কাৰ কৰিলে। লগতে তেওঁলোক দুয়োকে আৰু চয়তানকো ক'লে, \"পৃথিৱীলৈ নামি যোৱা। তোমালোক পৰস্পৰে পৰস্পৰৰ শত্ৰু। এতিয়া পৃথিৱী হৈছে তোমালোকৰ আবাসস্থান। মৃত্যু অথবা ক্বিয়ামত নহালৈকে তাতেই তোমালোক থাকিব লাগিব আৰু তাত থকা বস্তুৰে উপকৃত হ'ব লাগিব\"।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002036.mp3"},{"index":"37","arabicText":"فَتَلَقّٰۤی اٰدَمُ مِنْ رَّبِّهٖ كَلِمٰتٍ فَتَابَ عَلَیْهِ ؕ اِنَّهٗ هُوَ التَّوَّابُ الرَّحِیْمُ ۟","assameseTranslation":"তাৰ পিছত আদমে তেওঁৰ প্ৰতিপালকৰ পৰা কিছুমান বাক্য শিকি ল’লে; ফলত আল্লাহে তেওঁৰ তাওবা কবুল কৰিলে। নিশ্চয় তেওঁ তাওবা কবুলকাৰী অতি দয়ালু।","footnotes":"","tafseer":"তাৰ পিছত আল্লাহে আদম আলাইহিচ্ছালামৰ অন্তৰত কেইটামান শব্দ অৱতীৰ্ণ কৰিলে আৰু তাৰ দ্বাৰা দুআ কৰিবলৈ আদমৰ অন্তৰত জনাই দিলে। সেই শব্দবোৰেৰে আদম আলাইহিচ্ছালামে দুআ কৰিবলৈ ধৰিলে। দুআৰ সেই শব্দবোৰ আল্লাহৰ এই বাণীত উল্লেখ আছে। উভয়ে ক’লে, “হে আমাৰ ৰব্ব! আমি নিজেই নিজৰ প্ৰতি অন্যায় কৰিছোঁ আৰু যদি তুমি আমাক ক্ষমা কৰি নিদিয়া আৰু আমাৰ প্ৰতি দয়া নকৰা তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ম”। (ছুৰা আল-আৰাফঃ ২৩) ফলত আল্লাহে তেওঁলোকৰ তাওবা কবুল কৰিলে আৰু তেওঁলোকক ক্ষমা কৰি দিলে। কাৰণ তেওঁ বান্দাৰ তাওবা অতি আগ্ৰহেৰে কবুল কৰে আৰু তেওঁ বান্দাৰ প্ৰতি অত্যন্ত দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002037.mp3"},{"index":"38","arabicText":"قُلْنَا اهْبِطُوْا مِنْهَا جَمِیْعًا ۚ فَاِمَّا یَاْتِیَنَّكُمْ مِّنِّیْ هُدًی فَمَنْ تَبِعَ هُدَایَ فَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟","assameseTranslation":"আমি ক’লোঁ, ‘তোমালোক আটায়ে ইয়াৰ পৰা নামি যোৱা। যেতিয়া মোৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ কোনো হিদায়ত আহিব, তেতিয়া যিসকলে আমাৰ হিদায়তৰ অনুসৰণ কৰিব, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব’।","footnotes":"","tafseer":"আমি সিহঁতক ক'লোঁ, 'তোমালোক আটায়ে জান্নাতৰ পৰা পৃথিৱীলৈ প্ৰস্থান কৰা। যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ ৰাছুলসকলৰ জৰিয়তে হিদায়ত আহে, তেন্তে যিয়ে তাৰ অনুসৰণ কৰিব আৰু মোৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰিব আখিৰাতত তাৰ কোনো ভয় নাই আৰু পৃথিৱীৰ অংশ নোপোৱাৰ কাৰণেও কোনো চিন্তা নাই'।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002038.mp3"},{"index":"39","arabicText":"وَالَّذِیْنَ كَفَرُوْا وَكَذَّبُوْا بِاٰیٰتِنَاۤ اُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ هُمْ فِیْهَا خٰلِدُوْنَ ۟۠","assameseTranslation":"আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হৈছে জুইৰ অধিবাসী। তাত সিহঁতে চিৰকাল থাকিব।","footnotes":"","tafseer":"আনহাতে যিয়ে কুফৰী কৰিব আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিব, সিহঁত হৈছে জাহান্নামী। তাৰ পৰা সিহঁতে কেতিয়াও ওলাব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002039.mp3"},{"index":"40","arabicText":"یٰبَنِیْۤ اِسْرَآءِیْلَ اذْكُرُوْا نِعْمَتِیَ الَّتِیْۤ اَنْعَمْتُ عَلَیْكُمْ وَاَوْفُوْا بِعَهْدِیْۤ اُوْفِ بِعَهْدِكُمْ ۚ وَاِیَّایَ فَارْهَبُوْنِ ۟","assameseTranslation":"হে ঈছৰাঈলৰ বংশধৰসকল! তোমালোকে মোৰ সেই অনুগ্ৰহসমূহৰ কথা স্মৰণ কৰা, যি অনুগ্ৰহ মই তোমালোকক প্ৰদান কৰিছিলোঁ আৰু তোমালোকে মোৰ অঙ্গীকাৰ পূৰণ কৰা, ময়ো তোমালোকৰ অঙ্গীকাৰ পূৰণ কৰিম, আৰু তোমালোকে কেৱল মোকেই ভয় কৰা।","footnotes":"","tafseer":"হে আল্লাহৰ নবী ইয়াকূবৰ পুত্ৰসকল! তোমালোকৰ ওপৰত আল্লাহে পৰ্যায়ক্ৰমে কৰা নিয়ামতসমূহক স্মৰণ কৰা আৰু ইয়াৰ কৃতজ্ঞতা জ্ঞাপন কৰা। মোৰ ওপৰত আৰু মোৰ ৰাছুলসকলৰ ওপৰত ঈমান পোষণ কৰাৰ প্ৰতিশ্ৰুতি আৰু মোৰ চৰীয়তৰ ওপৰত আমল কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰা। যদি তোমালোকে মোৰ লগত কৰা অঙ্গীকাৰ পূৰণ কৰা তেন্তে মই তোমালোকক পৃথিৱীত সৌভাগ্যশালী জীৱন আৰু আখিৰাতত উত্তম প্ৰতিদান প্ৰদান কৰিম, যিটোৰ প্ৰতিশ্ৰুতি আমি তোমালোকক দিছোঁ। এতেকে কেৱল মোকেই ভয় কৰা আৰু মোৰ অঙ্গীকাৰ ভঙ্গ নকৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002040.mp3"},{"index":"41","arabicText":"وَاٰمِنُوْا بِمَاۤ اَنْزَلْتُ مُصَدِّقًا لِّمَا مَعَكُمْ وَلَا تَكُوْنُوْۤا اَوَّلَ كَافِرٍۭ بِهٖ ۪ وَلَا تَشْتَرُوْا بِاٰیٰتِیْ ثَمَنًا قَلِیْلًا ؗ وَاِیَّایَ فَاتَّقُوْنِ ۟","assameseTranslation":"আৰু মই যি অৱতীৰ্ণ কৰিছোঁ তোমালোকে তাৰ প্ৰতি ঈমান পোষণ কৰা। এইখন হৈছে তোমালোকৰ ওচৰত থকা গ্ৰন্থৰ সত্যতা প্ৰমাণকাৰী। গতিকে তোমালোকেই ইয়াৰ প্ৰথম অস্বীকাৰকাৰী নহ’বা আৰু তোমালোকে মোৰ আয়াতসমূহক সামান্য মূল্যত বিক্ৰী নকৰিবা। লগতে তোমালোকে কেৱল মোকেই ভয় কৰা।","footnotes":"","tafseer":"আৰু সেই কোৰআনৰ প্ৰতি ঈমান পোষণ কৰা যিখন মই মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ। যিখন গ্ৰন্থই অবিকৃত তৌৰাতৰ সত্যায়ন কৰে, য’ত আছে আল্লাহৰ একত্ববাদৰ কথা আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ বিষয়। এতেকে তোমালোকেই ইয়াৰ প্ৰথম অস্বীকাৰকাৰী নহ’বা আৰু মোৰ আয়াতৰ পৰিবৰ্তে প্ৰতিষ্ঠা আৰু পদৰ তুচ্ছ মূল্য গ্ৰহণ নকৰিবা। এতেকে মোৰ ক্ৰোধ আৰু শাস্তিক ভয় কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002041.mp3"},{"index":"42","arabicText":"وَلَا تَلْبِسُوا الْحَقَّ بِالْبَاطِلِ وَتَكْتُمُوا الْحَقَّ وَاَنْتُمْ تَعْلَمُوْنَ ۟","assameseTranslation":"আৰু তোমালোকে সত্যক মিছাৰ লগত মিশ্ৰিত নকৰিবা আৰু জানি-শুনি সত্য গোপন নকৰিবা।","footnotes":"","tafseer":"আৰু মই ৰাছুলসকলৰ প্ৰতি যি সত্য অৱতীৰ্ণ কৰিছোঁ, তাক তোমালোকে নিজৰ মনেসজা কথাৰে মিশ্ৰিত নকৰিবা আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বৈশিষ্ট্য সম্পৰ্কে তোমালোকৰ গ্ৰন্থত থকা সত্যক জানি-বুজি তথা বিশ্বাস কৰাৰ পিছতো সেয়া গোপন নকৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002042.mp3"},{"index":"43","arabicText":"وَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ وَارْكَعُوْا مَعَ الرّٰكِعِیْنَ ۟","assameseTranslation":"আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে ৰুকুকাৰীসকলৰ সৈতে ৰুকু কৰা।","footnotes":"","tafseer":"ছালাতক ইয়াৰ আৰকান, ওৱাজীবসমূহ আৰু ছুন্নতসমূহৰ সৈতে সম্পূৰ্ণ পদ্ধতিৰে আদায় কৰা, আৰু আল্লাহে দিয়া সম্পদৰ পৰা যাকাত আদায় কৰা আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ লোকসকলে আল্লাহৰ সন্মুখত যিদৰে শিৰ নত কৰে, তোমালোকেও তেওঁলোকৰ লগত শিৰ নত কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002043.mp3"},{"index":"44","arabicText":"اَتَاْمُرُوْنَ النَّاسَ بِالْبِرِّ وَتَنْسَوْنَ اَنْفُسَكُمْ وَاَنْتُمْ تَتْلُوْنَ الْكِتٰبَ ؕ اَفَلَا تَعْقِلُوْنَ ۟","assameseTranslation":"তোমালোকে মানুহক সৎকৰ্মৰ আদেশ দিয়া আৰু নিজকে পাহৰি যোৱা নেকি? অথচ তোমালোকে কিতাব অধ্যয়ন কৰা। তোমালোকে নুবুজা নেকি?","footnotes":"","tafseer":"কিমান বেয়া কথা যে, তোমালোকে আনক ঈমান পোষণ কৰাৰ আৰু সত্কৰ্ম কৰাৰ আদেশ দিয়া কিন্তু নিজকে পাহৰি যোৱা তথা মুখ ঘূৰাই লোৱা। অথচ তোমালোকে নিজেই তাওৰাত অধ্যয়ন কৰা। তাত থকা আল্লাহৰ দ্বীনৰ অনুসৰণ আৰু ৰাছুলসকলক স্বীকাৰ কৰাৰ বিষয়টোও তোমালোকে জানা। তোমালোকে নিজৰ বিবেক-বুদ্ধিৰে কাম নোলোৱা নেকি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002044.mp3"},{"index":"45","arabicText":"وَاسْتَعِیْنُوْا بِالصَّبْرِ وَالصَّلٰوةِ ؕ وَاِنَّهَا لَكَبِیْرَةٌ اِلَّا عَلَی الْخٰشِعِیْنَ ۟ۙ","assameseTranslation":"আৰু তোমালোকে ধৈৰ্য্য আৰু ছালাতৰ দ্বাৰা সহায় প্ৰাৰ্থনা কৰা। নিশ্চয় বিনয়ীসকলৰ বাহিৰে আনৰ বাবে ই বৰ কঠিন কাম।","footnotes":"","tafseer":"তোমালোকে সকলো ধাৰ্মিক তথা সাংসাৰীক বিষয়সমূহত ধৈৰ্য্য আৰু ছালাতৰ জৰিয়তে সহায় প্ৰাৰ্থনা কৰা। ধৈৰ্য্য আৰু ছালাতে আল্লাহৰ নৈকট্য লাভ কৰায় আৰু তেওঁৰ লগত সুসম্পৰ্ক স্থাপন কৰে। সেয়ে আল্লাহে তোমালোকক সহায় কৰিব আৰু ৰক্ষা কৰিব আৰু তোমালোকৰ বিপদ-আপদ দূৰ কৰিব। নিশ্চয় ছালাত আদায় কৰাটো হৈছে বৰ কঠিন কাম, কিন্তু তেওঁলোকৰ বাবে কঠিন নহয় যিসকলে নিজ প্ৰতিপালকৰ প্ৰতি বিনীত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002045.mp3"},{"index":"46","arabicText":"الَّذِیْنَ یَظُنُّوْنَ اَنَّهُمْ مُّلٰقُوْا رَبِّهِمْ وَاَنَّهُمْ اِلَیْهِ رٰجِعُوْنَ ۟۠","assameseTranslation":"(আৰু এই কাম সেইসকল লোকৰ বাবে সহজ) যিসকলে বিশ্বাস কৰে যে, নিশ্চয় সিহঁতে সিহঁতৰ প্ৰতিপালকৰ লগত সাক্ষাৎ কৰিব আৰু নিশ্চয় সিহঁত তেওঁৰ ফালেই উভতি যাব।","footnotes":"","tafseer":"কিয়নো তেওঁলোকে বিশ্বাস পোষণ কৰে যে, তেওঁলোকে নিজ প্ৰতিপালকৰ সন্মুখত উপস্থিত হ’ব। ক্বিয়ামতৰ দিনা তেওঁৰ লগত তেওঁলোকৰ সাক্ষাৎ হ’ব আৰু তেওঁৰ পিনেই তেওঁলোকে উভতি যাব লাগিব। যাতে প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিফল দিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002046.mp3"},{"index":"47","arabicText":"یٰبَنِیْۤ اِسْرَآءِیْلَ اذْكُرُوْا نِعْمَتِیَ الَّتِیْۤ اَنْعَمْتُ عَلَیْكُمْ وَاَنِّیْ فَضَّلْتُكُمْ عَلَی الْعٰلَمِیْنَ ۟","assameseTranslation":"হে ইছৰাঈলৰ বংশধৰসকল! মোৰ সেই অনুগ্ৰহৰ কথা মনত পেলোৱা, যিবোৰ মই তোমালোকক প্ৰদান কৰিছিলোঁ, আৰু নিশ্চয় মই তোমালোকক সমগ্ৰ জাতিৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলোঁ।","footnotes":"","tafseer":"হে আল্লাহৰ নবী ইয়াকূবৰ পুত্ৰসকল! মই তোমালোকক প্ৰদান কৰা দ্বীনি আৰু দুনিয়াবী অনুগ্ৰহসমূহক স্মৰণ কৰা। লগতে এইটোও স্মৰণ কৰা যে, মই তোমালোকক সমকালীন লোকসকলৰ ওপৰত নুবুওৱত আৰু ৰাজত্বৰ দ্বাৰা প্ৰধান্য দিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002047.mp3"},{"index":"48","arabicText":"وَاتَّقُوْا یَوْمًا لَّا تَجْزِیْ نَفْسٌ عَنْ نَّفْسٍ شَیْـًٔا وَّلَا یُقْبَلُ مِنْهَا شَفَاعَةٌ وَّلَا یُؤْخَذُ مِنْهَا عَدْلٌ وَّلَا هُمْ یُنْصَرُوْنَ ۟","assameseTranslation":"আৰু তোমালোকে সেইদিনটোক ভয় কৰা যিদিনা কোনোৱেই কাৰো কামত নাহিব, আৰু কাৰো বাবেই মধ্যস্ততা গৃহীত নহ’ব লগতে কাৰো পৰাই কোনো বিনিময় লোৱা নহ’ব, আৰু সিহঁতে সহায় প্ৰাপ্তও নহ’ব।","footnotes":"","tafseer":"আদেশসমূহ পালন কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি ক্বিয়ামতৰ শাস্তিৰ পৰা নিজকে ৰক্ষা কৰা। সেইদিনা কোনেও কাৰো কামত নাহিব আৰু আল্লাহৰ আদেশ নোহোৱাকৈ বিপদমুক্ত কৰিবলৈ অথবা সফলতা লভিবলৈ কোনো মধ্যস্ততা স্বীকাৰ কৰা নহ’ব, লগতে মুক্তিপণও গ্ৰহণ কৰা নহ’ব। যদিও পৃথিৱীৰ সমান সোণ লৈ নাহক কিয়। সেইদিনা তাৰ কোনো সহায়ক নাথাকিব। এতেকে যেতিয়া কোনো মধ্যস্ততা অথবা মুক্তিপণ বা কোনো সহায়কো কোনো উপকাৰত নাহিব তেনে অৱস্থাত পলায়ন কৰি যাবনো ক’ত?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002048.mp3"},{"index":"49","arabicText":"وَاِذْ نَجَّیْنٰكُمْ مِّنْ اٰلِ فِرْعَوْنَ یَسُوْمُوْنَكُمْ سُوْٓءَ الْعَذَابِ یُذَبِّحُوْنَ اَبْنَآءَكُمْ وَیَسْتَحْیُوْنَ نِسَآءَكُمْ ؕ وَفِیْ ذٰلِكُمْ بَلَآءٌ مِّنْ رَّبِّكُمْ عَظِیْمٌ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ বংশৰ পৰা ৰক্ষা কৰিছিলোঁ। সিহঁতে তোমালোকক নিৰ্মম শাস্তি বিহিছিল। তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল আৰু কন্যাসন্তানক জীয়াই ৰাখিছিল, আৰু ইয়াৰ মাজত আছিল তোমালোকৰ বাবে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এক মহাপৰীক্ষা।","footnotes":"","tafseer":"হে বনী ইছৰাঈল! স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ অনুসাৰীবিলাকৰ পৰা মুক্তি প্ৰদান কৰিছিলোঁ। যিসকলে তোমালোকক বিভিন্ন প্ৰকাৰৰ শাস্তি প্ৰদান কৰিছিল। সিহঁতে তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল যাতে তোমালোকৰ বংশধৰ নিঃশেষ হৈ যায়, আৰু তোমালোকৰ কন্যা সন্তানক জীৱিত ৰাখিছিল যাতে ডাঙৰ হৈ সিহঁতৰ সেৱা আগবঢ়ায়। এইবোৰ কৰিছিল কেৱল তোমালোকক লাঞ্ছনা কৰাৰ উদ্দেশ্যে। ফিৰআউন আৰু তাৰ অনুসাৰীৰ পৰা মুক্তি লাভ কৰাৰ ক্ষেত্ৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা বৰ ডাঙৰ পৰীক্ষা আছিল যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002049.mp3"},{"index":"50","arabicText":"وَاِذْ فَرَقْنَا بِكُمُ الْبَحْرَ فَاَنْجَیْنٰكُمْ وَاَغْرَقْنَاۤ اٰلَ فِرْعَوْنَ وَاَنْتُمْ تَنْظُرُوْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ বাবে সাগৰক দুভাগ কৰিছিলোঁ আৰু তোমালোকক উদ্ধাৰ কৰিছিলোঁ আৰু তোমালোকৰ চকুৰ সন্মুখতে ফিৰআউনৰ বংশক ডুবাই মাৰিছিলোঁ।","footnotes":"","tafseer":"আমাৰ অগণন অনুগ্ৰহৰ ভিতৰত এইটোও স্মৰণ কৰা যে, আমিয়েই তোমালোকৰ বাবে সাগৰ দ্বিখণ্ডিত কৰি তাৰ মাজত শুকান পথ বনাইছিলোঁ। যাৰ মাজেৰে খোজকাঢ়ি তোমালোকে সাগৰ পাৰ কৰিছিলা। এইদৰে আমি তোমালোকক মুক্তি প্ৰদান কৰিছিলোঁ আৰু তোমালোকৰ শত্ৰু ফিৰআউনক আৰু তাৰ সঙ্গীসকলক তোমালোকৰ চকুৰ সন্মুখতে ডুবাই মাৰিছিলোঁ। এই ঘটনা তোমালোকে স্বচকুৰে প্ৰত্যক্ষ কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002050.mp3"},{"index":"51","arabicText":"وَاِذْ وٰعَدْنَا مُوْسٰۤی اَرْبَعِیْنَ لَیْلَةً ثُمَّ اتَّخَذْتُمُ الْعِجْلَ مِنْ بَعْدِهٖ وَاَنْتُمْ ظٰلِمُوْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আমি মূছাৰ সৈতে চল্লিশ ৰাতিৰ প্ৰতিশ্ৰুতি লৈছিলোঁ, তেওঁ (গুচি যোৱা)ৰ পিছত তোমালোকে দামুৰি এটাক (উপাস্যৰূপে) গ্ৰহণ কৰিছিলা, আৰু তোমালোক যালিম হৈ গৈছিলা।","footnotes":"","tafseer":"এই অনুগ্ৰহসমূহৰ লগতে এটা অনুগ্ৰহ এইটোও স্মৰণ কৰা যে, আমিয়ে মূছাক চল্লিশ ৰাতিৰ প্ৰতিশ্ৰুতি দিছিলোঁ যাতে তাওৰাত অৱতীৰ্ণৰ কাম সম্পন্ন হয়। যিটো আছিল জ্যোতি আৰু হিদায়ত। কিন্তু তোমালোকে এই সময়ছোৱাতে দামুৰিৰ পূজা-পাঠ আৰম্ভ কৰিলা। দৰাচলতে তোমালোকে এই কৰ্মৰ ফলতেই যালিমসকলৰ অন্তৰ্ভুক্ত হৈছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002051.mp3"},{"index":"52","arabicText":"ثُمَّ عَفَوْنَا عَنْكُمْ مِّنْ بَعْدِ ذٰلِكَ لَعَلَّكُمْ تَشْكُرُوْنَ ۟","assameseTranslation":"ইয়াৰ পিছতো আমি তোমালোকক ক্ষমা কৰিছিলোঁ যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।","footnotes":"","tafseer":"তাৰ পিছত তোমালোকে তাওবা কৰিলা ফলত আমি ক্ষমা কৰি দিলোঁ আৰু একো জবাবদিহি কৰা নাছিলোঁ, যাতে তোমালোকে মনোযোগ সহকাৰে আল্লাহৰ ইবাদত আৰু আনুগত্য কৰি তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002052.mp3"},{"index":"53","arabicText":"وَاِذْ اٰتَیْنَا مُوْسَی الْكِتٰبَ وَالْفُرْقَانَ لَعَلَّكُمْ تَهْتَدُوْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আমি মূছাক কিতাব আৰু ফুৰকান দান কৰিছিলোঁ যাতে তোমালোকে হিদায়ত লাভ কৰিব পাৰা।","footnotes":"","tafseer":"এই অনুগ্ৰহবিলাকৰ লগতে এই অনুগ্ৰহটোও স্মৰণ কৰা যে, আমি মূছা আলাইহিচ্ছালামক সত্য আৰু অসত্যৰ মাজত পাৰ্থক্যকাৰী তথা হিদায়ত আৰু পথভ্ৰষ্টতাৰ মাজত পৃথককাৰী গ্ৰন্থ তাওৰাত প্ৰদান কৰিছিলোঁ যাতে তাৰ দ্বাৰা তোমালোকে সত্যৰ সন্ধান পোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002053.mp3"},{"index":"54","arabicText":"وَاِذْ قَالَ مُوْسٰی لِقَوْمِهٖ یٰقَوْمِ اِنَّكُمْ ظَلَمْتُمْ اَنْفُسَكُمْ بِاتِّخَاذِكُمُ الْعِجْلَ فَتُوْبُوْۤا اِلٰی بَارِىِٕكُمْ فَاقْتُلُوْۤا اَنْفُسَكُمْ ؕ ذٰلِكُمْ خَیْرٌ لَّكُمْ عِنْدَ بَارِىِٕكُمْ ؕ فَتَابَ عَلَیْكُمْ ؕ اِنَّهٗ هُوَ التَّوَّابُ الرَّحِیْمُ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া মূছাই নিজ সম্প্ৰদায়ক কৈছিল, হে মোৰ জাতি! তোমালোকে দামুৰিটোক (উপাস্যৰূপে) গ্ৰহণ কৰি নিজৰ ওপৰত অন্যায় কৰিছা। এতেকে তোমালোকে নিজৰ প্ৰাণ নিজেই বিসৰ্জন দি সৃষ্টিকৰ্তাৰ ওচৰত তাওবা কৰা। এইটোৱেই হৈছে তোমালোকৰ সৃষ্টিকৰ্তাৰ ওচৰত তোমালোকৰ বাবে কল্যাণকৰ। তাৰ পিছত তেওঁ তোমালোকক ক্ষমা কৰিছিল। নিশ্চয় তেওঁ ক্ষমাশীল অতি দয়ালু।","footnotes":"","tafseer":"লগতে এই অনুগ্ৰহটোও স্মৰণ কৰা যে, তেৱেঁই তোমালোকক দামুৰিৰ পূজা-পাঠ এৰিবলৈ তাওবা কৰাৰ তাওফীক দান কৰিছিল। যেতিয়া মূছা আলাইহিচ্ছালামে কৈছিলঃ তোমালোকে দামুৰিক উপাস্য হিচাপে লৈ তাৰ উপাসনা কৰি নিজৰ ওপৰতে অন্যায় কৰিছা। এতেকে তাওবা কৰা আৰু সৃষ্টিকৰ্তাৰ পিনে উভতি যোৱা। এই তাওবাৰ পদ্ধতি হৈছে তোমালোকে ইজনে সিজনক বধ কৰা। কুফৰৰ গভীৰতাত পতিত হৈ চিৰস্থায়ী জাহান্নামী হোৱাতকৈ এনেকুৱা তাওবাই হৈছে তোমালোকৰ বাবে উত্তম। এতেকে যেতিয়া তোমালোকে আল্লাহৰ সহায় আৰু তাওফীকত এই তাওবা সম্পন্ন কৰিছিলা তেতিয়া আল্লাহে তোমালোকৰ সেই তাওবা কবুল কৰিছিল। কিয়নো আল্লাহ অধিক তাওবা কবুলকাৰী আৰু বান্দাৰ প্ৰতি পৰম দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002054.mp3"},{"index":"55","arabicText":"وَاِذْ قُلْتُمْ یٰمُوْسٰی لَنْ نُّؤْمِنَ لَكَ حَتّٰی نَرَی اللّٰهَ جَهْرَةً فَاَخَذَتْكُمُ الصّٰعِقَةُ وَاَنْتُمْ تَنْظُرُوْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে কৈছিলা, হে মুছা! আমি আল্লাহক প্ৰকাশ্যভাৱে নেদেখালৈকে তোমাক বিশ্বাস নকৰোঁ, ফলত তোমালোকে চাই থাকোঁতেই হঠাৎ তোমালোকক বজ্ৰপাতে আক্ৰমণ কৰিছিল।","footnotes":"","tafseer":"স্মৰণ কৰা সেই সময়টোক, যেতিয়া তোমালোকৰ পূৰ্বপূৰুষসকলে বৰ সাহসেৰে মূছা আলাইহিচ্ছালামক কৈছিলঃ আমি আল্লাহক পৰ্দা নোহোৱাকৈ প্ৰকাশ্যভাৱে নেদেখালৈকে তোমাৰ প্ৰতি ঈমান পোষণ নকৰোঁ। ফলত জুয়ে সিহঁতক আক্ৰমণ কৰিলে আৰু সিহঁতে নিজ চকুৰে ইজনে সিজনৰ মৃত্যু প্ৰত্যক্ষ কৰি আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002055.mp3"},{"index":"56","arabicText":"ثُمَّ بَعَثْنٰكُمْ مِّنْ بَعْدِ مَوْتِكُمْ لَعَلَّكُمْ تَشْكُرُوْنَ ۟","assameseTranslation":"তাৰ পিছত আমি তোমালোকৰ মৃত্যুৰ পিছতো তোমালোকক পুনৰ জীৱন দান কৰিলোঁ যাতে তোমালোকে কৃতজ্ঞ হোৱা।","footnotes":"","tafseer":"তাৰ পিছত আমি তোমালোকৰ মৃত্যুৰ পিছতো তোমালোকক পুনৰ জীৱন দান কৰিছিলোঁ যাতে তোমালোকে এই উপকাৰৰ কাৰণে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002056.mp3"},{"index":"57","arabicText":"وَظَلَّلْنَا عَلَیْكُمُ الْغَمَامَ وَاَنْزَلْنَا عَلَیْكُمُ الْمَنَّ وَالسَّلْوٰی ؕ كُلُوْا مِنْ طَیِّبٰتِ مَا رَزَقْنٰكُمْ ؕ وَمَا ظَلَمُوْنَا وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ۟","assameseTranslation":"আৰু আমি তোমালোকৰ ওপৰত মেঘৰ ছাঁ বিস্তাৰ কৰিছিলোঁ আৰু তোমালোকৰ বাবে অৱতীৰ্ণ কৰিছিলোঁ ‘মান্না’ আৰু ‘ছালৱা’। (কৈছিলোঁ) ‘আমি তোমালোকক দান কৰা পৱিত্ৰ (উত্তম) জীৱিকাৰ পৰা তোমালোকে আহাৰ কৰা’। দৰাচলতে সিহঁতে আমাৰ একো অন্যায় কৰিব পৰা নাছিল বৰং সিহঁতে নিজেই নিজৰ প্ৰতিহে অন্যায় কৰিছিল।","footnotes":"","tafseer":"তোমালোকৰ ওপৰত আমাৰ অনুগ্ৰহসমূহৰ অন্যতম আৰু এটা অনুগ্ৰহ হৈছে এই যে, যেতিয়া তোমালোকে পৃথিৱীত ইনাই বিনাই ঘূৰি আছিলা। তেতিয়া আমি তোমালোকক ৰ’দৰ গৰমৰ পৰা বচাবলৈ মেঘৰ ছাঁ প্ৰদান কৰিছিলোঁ। এইদৰে পান কৰাৰ বাবে মৌৰ দৰে মিঠা দ্ৰব্য আৰু খোৱাৰ বাবে সুস্বাদু মাংসৰ এবিধ চৰাই প্ৰদান কৰিছিলোঁ আৰু আমি তোমালোকক কৈছিলোঁঃ “আমি প্ৰদান কৰা পৱিত্ৰ বস্তুসমূহৰ পৰা আহাৰ কৰা”। সিহঁতে আমাৰ নিয়ামতসমূহক অস্বীকাৰ কৰি আৰু অকৃতজ্ঞতা কৰি আমাৰ কোনো ক্ষতি কৰা নাই, বৰং নিজৰে ছোৱাব হ্ৰাস কৰি আৰু নিজকে শাস্তিৰ অধিকাৰী বনাই নিজৰ ওপৰতে অন্যায় কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002057.mp3"},{"index":"58","arabicText":"وَاِذْ قُلْنَا ادْخُلُوْا هٰذِهِ الْقَرْیَةَ فَكُلُوْا مِنْهَا حَیْثُ شِئْتُمْ رَغَدًا وَّادْخُلُوا الْبَابَ سُجَّدًا وَّقُوْلُوْا حِطَّةٌ نَّغْفِرْ لَكُمْ خَطٰیٰكُمْ ؕ وَسَنَزِیْدُ الْمُحْسِنِیْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আমি কৈছিলোঁ, ‘তোমালোকে এই গাওঁখনত প্ৰৱেশ কৰি তাৰ পৰা যি ইচ্ছা আনন্দচিত্তে আহাৰ কৰা আৰু দুৱাৰত প্ৰৱেশ কৰোঁতে শিৰ নত কৰি প্ৰৱেশ কৰিবা। আৰু ক’বা ‘হিত্তাতুন’ (ক্ষমা বিচাৰোঁ)। ফলত আমি তোমালোকৰ অপৰাধসমূহ ক্ষমা কৰিম আৰু সৎকৰ্মশীলসকলক আৰু অধিক (অনুগ্ৰহ) দান কৰিম’।","footnotes":"","tafseer":"স্মৰণ কৰা এই অনুগ্ৰহটোক যেতিয়া আমি তোমালোকক কৈছিলোঁঃ বাইতুল মাকদিছত প্ৰৱেশ কৰা, আৰু তাৰ মাজত য’ৰ পৰা ইচ্ছা স্বাচ্ছন্দে পৱিত্ৰ জীৱিকা গ্ৰহণ কৰা। কিন্তু প্ৰৱেশ কৰাৰ সময়ত শিৰ নত কৰি প্ৰৱেশ কৰিবা, আৰু আল্লাহৰ ওচৰত এই বুলি দুআ কৰিবাঃ “হে আল্লাহ! আমাৰ গুনাহসমূহ ক্ষমা কৰা”। আমি তোমালোকৰ দুআ কবুল কৰিম। বৰং আন্তৰিকতাৰে সত্কৰ্ম পালনকাৰীক তাৰ সত্কৰ্মৰ ফলস্বৰূপে তাতোকৈ অধিক ছোৱাব প্ৰদান কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002058.mp3"},{"index":"59","arabicText":"فَبَدَّلَ الَّذِیْنَ ظَلَمُوْا قَوْلًا غَیْرَ الَّذِیْ قِیْلَ لَهُمْ فَاَنْزَلْنَا عَلَی الَّذِیْنَ ظَلَمُوْا رِجْزًا مِّنَ السَّمَآءِ بِمَا كَانُوْا یَفْسُقُوْنَ ۟۠","assameseTranslation":"কিন্তু যালিমসকলে সেই কথাষাৰক পৰিবৰ্তন কৰিলে যি কথাষাৰ ক’বলৈ সিহঁতক কোৱা হৈছিল, ফলত আমি যালিমসকলৰ প্ৰতি সিহঁতৰ অবাধ্যতাৰ কাৰণে আকাশৰ পৰা শাস্তি অৱতীৰ্ণ কৰিলোঁ।","footnotes":"","tafseer":"কিন্তু অন্যায়কাৰী বিলাকে কথা আৰু কৰ্ম দুয়োটা পৰিবৰ্তন কৰিলে, আৰু নিজৰ নিতম্ব চোঁচোৰাই প্ৰৱেশ কৰিলে আৰু আল্লাহৰ আদেশ উপলুঙা কৰি এই বাক্য দোহাৰিলে যে, হাব্বাতুন ফি শ্বা’ৰাতিন। ফলত আল্লাহে সেইসকল অন্যায়কাৰীৰ ওপৰত চৰীয়তৰ সীমালংঘন আৰু আদেশ অৱহেলা কৰাৰ কাৰণে আকাশৰ পৰা শাস্তি অৱতীৰ্ণ কৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002059.mp3"},{"index":"60","arabicText":"وَاِذِ اسْتَسْقٰی مُوْسٰی لِقَوْمِهٖ فَقُلْنَا اضْرِبْ بِّعَصَاكَ الْحَجَرَ ؕ فَانْفَجَرَتْ مِنْهُ اثْنَتَا عَشْرَةَ عَیْنًا ؕ قَدْ عَلِمَ كُلُّ اُنَاسٍ مَّشْرَبَهُمْ ؕ كُلُوْا وَاشْرَبُوْا مِنْ رِّزْقِ اللّٰهِ وَلَا تَعْثَوْا فِی الْاَرْضِ مُفْسِدِیْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া মূছাই তেওঁৰ জাতিৰ বাবে পানী বিচাৰিলে, আমি ক’লোঁ, ‘তোমাৰ লাখুটিডালেৰে শিলত আঘাত কৰা’, ফলত বাৰটা নিজৰা প্ৰবাহিত হ’ল। প্ৰত্যেক গোত্ৰই নিজৰ নিজৰ পানী খোৱাৰ ঠাই জানি ল’লে। (মই ক’লোঁ) ‘তোমালোকে আল্লাহে দিয়া জীৱিকাৰ পৰা খোৱা আৰু সেৱন কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।","footnotes":"","tafseer":"স্মৰণ কৰা সেই অনুগ্ৰহটোক যেতিয়া তোমালোকে ময়দানে তীহত ইনাই বিনাই ঘূৰি আছিলা আৰু তোমালোকে প্ৰচণ্ড পিয়াহ অনুভৱ কৰিছিলা। তেতিয়া মূছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে পানীৰ প্ৰাৰ্থনা কৰিলে। ফলত আমি লাঠিৰে শিলত সজোৰে আঘাত কৰিবলৈ নিৰ্দেশ দিলোঁ। যেতিয়া তেওঁ শিলত আঘাত কৰিলে তেতিয়া তাৰ পৰা বাৰটা গোত্ৰৰ বাবে বাৰটা নিজৰা প্ৰবাহিত হ’ল, আৰু আমি প্ৰত্যেক গোত্ৰৰ বাবে সিহঁতৰ পানী খোৱাৰ ঠাই নিৰ্দিষ্ট কৰি দিছিলোঁ যাতে সিহঁতৰ মাজত কাজিয়াৰ সৃষ্টি নহয়। আমি তোমালোকক কৈছিলোঁঃ আল্লাহে প্ৰদান কৰা সেই জীৱিকাৰ পৰা আহাৰ কৰা যিটো তোমালোকক কষ্ট নকাৰকৈয়ে দিয়া হৈছে, আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002060.mp3"},{"index":"61","arabicText":"وَاِذْ قُلْتُمْ یٰمُوْسٰی لَنْ نَّصْبِرَ عَلٰی طَعَامٍ وَّاحِدٍ فَادْعُ لَنَا رَبَّكَ یُخْرِجْ لَنَا مِمَّا تُنْۢبِتُ الْاَرْضُ مِنْ بَقْلِهَا وَقِثَّآىِٕهَا وَفُوْمِهَا وَعَدَسِهَا وَبَصَلِهَا ؕ قَالَ اَتَسْتَبْدِلُوْنَ الَّذِیْ هُوَ اَدْنٰی بِالَّذِیْ هُوَ خَیْرٌ ؕ اِهْبِطُوْا مِصْرًا فَاِنَّ لَكُمْ مَّا سَاَلْتُمْ ؕ وَضُرِبَتْ عَلَیْهِمُ الذِّلَّةُ وَالْمَسْكَنَةُ ۗ وَبَآءُوْ بِغَضَبٍ مِّنَ اللّٰهِ ؕ ذٰلِكَ بِاَنَّهُمْ كَانُوْا یَكْفُرُوْنَ بِاٰیٰتِ اللّٰهِ وَیَقْتُلُوْنَ النَّبِیّٖنَ بِغَیْرِ الْحَقِّ ؕ ذٰلِكَ بِمَا عَصَوْا وَّكَانُوْا یَعْتَدُوْنَ ۟۠","assameseTranslation":"আৰু যেতিয়া তোমালোকে কৈছিলা, ‘হে মূছা! আমি একেই ধৰণৰ খাদ্যৰ ওপৰত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিম। এতেকে তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে প্ৰাৰ্থনা কৰা... তেওঁ যেন আমাৰ বাবে ভূমিজাত দ্ৰৱ্য শাক-পাচলি, তিয়ঁহ, গম, দাইল আৰু পিঁয়াজ উত্পাদন কৰে’। মূছাই ক’লে, ‘তোমালোকে উত্তম বস্তুৰ পৰিবৰ্তে নিম্নমানৰ বস্তু বিচৰা নেকি? তেন্তে কোনো চহৰলৈ গুচি যোৱা, তাত তোমালোকে নিশ্চয় তোমালোকৰ বিচৰা বস্তুবোৰ পাবা’; আৰু সিহঁতৰ ওপৰত লাঞ্ছনা আৰু দাৰিদ্ৰতা আপতিত হ’ল, লগতে সিহঁত আল্লাহৰ গযবৰ চিকাৰ হ’ল। এইটো এই কাৰণে যে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু নবীসকলক অন্যায়ভাৱে হত্যা কৰিছিল। অবাধ্যতা আৰু সীমালঙ্ঘন কৰাৰ বাবেই সিহঁতৰ এই পৰিণতি হৈছিল।","footnotes":"","tafseer":"স্মৰণ কৰা সেই সময়ক যেতিয়া তোমালোকে নিজ প্ৰতিপালকৰ নিয়ামতৰ অকৃতজ্ঞতা কৰিছিলা। এতেকে মান্না আৰু ছালৱাৰ ৰূপত আল্লাহে প্ৰদান কৰা জীৱিকা খাই ক্লান্ত হৈ কৈছিলাঃ আমি একেই ধৰণৰ খাদ্যৰ ওপৰত কেতিয়াও ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিম যিটো কেতিয়াও পৰিবৰ্তন নহয়। তাৰ পিছত তোমালোকে মূছা আলাইহিচ্ছালামৰ ওচৰত আবেদন কৰিলা, যাতে তেওঁ দুআ কৰে যে, আল্লাহে যেন ভূমিজাত দ্ৰৱ্য শাক-পাচলি, তিয়ঁহ, গম, দাইল আৰু পিঁয়াজ আদি উৎপাদন কৰে। মূছা আলাইহিচ্ছালামে ক'লেঃ তোমালোকে কোনো কষ্ট নোহোৱাকৈ মান্না আৰু ছালৱাৰ দৰে যি উত্তম খাদ্য পাই আছা, ইয়াৰ পৰিবৰ্তে তোমালোকে এই নিম্নমানৰ আবেদন কিয় কৰি আছা, তোমালোকে এটা কাম কৰা, ইয়াৰ পৰা বেলেগ কোনো ঠাইলৈ গুচি যোৱা। তোমালোকে সেই ঠাইৰ খেতি আৰু বজাৰত সেই সকলো বস্তু তাত উপলব্ধ পাবা যিবোৰ তোমালোকে বিচাৰিছা। এতেকে প্ৰবৃত্তিৰ অনুসৰণ আৰু আল্লাহে প্ৰদান কৰা বস্তুৰ পৰা মুখ ঘূৰাই লোৱাৰ ফলত সিহঁতৰ ওপৰত তিৰস্কাৰ, দৰিদ্ৰতা আৰু লাঞ্ছনা আপতিত হ'ল। লগতে আল্লাহৰ অসন্তুষ্টিৰ পাত্ৰ হ'ল। কিয়নো সিহঁতে তেওঁৰ দ্বীনৰ পৰা মুখ ঘূৰাই লৈছিল আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল লগতে তেওঁৰ নবীসকলক অন্যায়ভাৱে হত্যা কৰিছিল। অবাধ্যতা আৰু সীমালংঘন কৰাৰ বাবেই সিহঁতৰ এই পৰিণতি হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002061.mp3"},{"index":"62","arabicText":"اِنَّ الَّذِیْنَ اٰمَنُوْا وَالَّذِیْنَ هَادُوْا وَالنَّصٰرٰی وَالصّٰبِـِٕیْنَ مَنْ اٰمَنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَعَمِلَ صَالِحًا فَلَهُمْ اَجْرُهُمْ عِنْدَ رَبِّهِمْ ۪ۚ وَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে আৰু এইদৰে ইয়াহুদি, নাছাৰা আৰু ছাবেয়ীসকলৰ যিয়েই আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে আৰু সৎকৰ্ম কৰে, সিহঁতৰ বাবে সিহঁতৰ প্ৰতিপালকৰ ওচৰত পুৰস্কাৰ আছে; আৰু সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব।","footnotes":"","tafseer":"এই উম্মতৰ যিসকলে ঈমান আনিছে আৰু এইদৰে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্বে যিসকলে সেই সময়ৰ নবীৰ প্ৰতি ঈমান পোষণ কৰিছিল, যেনে- ইয়াহুদী, খৃষ্টান, ছাবেয়ী। এইসকল লোকৰ মাজত যিসকলে প্ৰকৃতাৰ্থত আল্লাহৰ প্ৰতি তথা আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰিছিল তেওঁলোকৰ ছোৱাব তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত সুৰক্ষিত আছে। আখিৰাতত তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু পৃথিৱীত কোনো বস্তু নোপোৱাৰ বাবে চিন্তিতও নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002062.mp3"},{"index":"63","arabicText":"وَاِذْ اَخَذْنَا مِیْثَاقَكُمْ وَرَفَعْنَا فَوْقَكُمُ الطُّوْرَ ؕ خُذُوْا مَاۤ اٰتَیْنٰكُمْ بِقُوَّةٍ وَّاذْكُرُوْا مَا فِیْهِ لَعَلَّكُمْ تَتَّقُوْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ পৰা অংগীকাৰ লৈছিলোঁ আৰু তোমালোকৰ ওপৰত ‘তুৰ’ পৰ্বত উত্তোলন কৰিছিলোঁ (আৰু কৈছিলোঁ) ‘আমি যি (গ্ৰন্থ) দিলোঁ সেইখন দৃঢ়তাৰে সৈতে গ্ৰহণ কৰা আৰু তাত যি (বিধি-বিধান আৰু উপদেশ) আছে সেয়া স্মৰণ ৰাখিবা, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰিব পাৰা’।","footnotes":"","tafseer":"আল্লাহ তথা তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰাৰ সেই মজবুত প্ৰতিশ্ৰুতিৰ কথা স্মৰণ কৰা, যিটো আমি তোমালোকৰ পৰা লৈছিলোঁ। লগতে ভয় দেখুৱাবলৈ তথা অঙ্গীকাৰ ভঙ্গ কৰাৰ পৰা সতৰ্ক কৰিবলৈ তোমালোকৰ ওপৰত পৰ্বত দাঙি ধৰিছিলোঁ আৰু আদেশ দিছিলোঁ যে, আমি অৱতীৰ্ণ কৰা গ্ৰন্থ তাওৰাতক মজবুতভাৱে ধাৰণ কৰা। সেই বিষয়ে কোনো ধৰণৰ অলসতা আৰু অৱহেলা নকৰিবা আৰু লিপিবদ্ধ কৰা বাণীসমূহক মনত ৰাখিবা আৰু গৱেষণা কৰিবা। সম্ভৱত এনে কৰিলে তোমালোকে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002063.mp3"},{"index":"64","arabicText":"ثُمَّ تَوَلَّیْتُمْ مِّنْ بَعْدِ ذٰلِكَ ۚ فَلَوْلَا فَضْلُ اللّٰهِ عَلَیْكُمْ وَرَحْمَتُهٗ لَكُنْتُمْ مِّنَ الْخٰسِرِیْنَ ۟","assameseTranslation":"ইয়াৰ পিছতো তোমালোক বিমুখ হৈছিলা! এতেকে তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু অনুকম্পা নাথাকিলে তোমালোক নিশ্চয় ক্ষতিগ্ৰস্ত হ'লাহেঁতেন।","footnotes":"","tafseer":"কিন্তু তোমালোকে এই দৃঢ় প্ৰতিজ্ঞাৰ পিছতো মুখ ঘূৰাই লৈছিলা আৰু অৱজ্ঞা কৰিছিলা। এনে অৱস্থাত যদি আল্লাহে নিজ অনুগ্ৰহেৰে তোমালোকক ক্ষমা নকৰিলেহেঁতেন আৰু তোমালোকৰ তাওবা কবুল নকৰিলেহেঁতেন তেন্তে তোমালোকে এই বিমুখতা আৰু অৱজ্ঞাৰ ফলত ক্ষতিগ্ৰস্তৰ অন্তৰ্ভুক্ত হৈ গ’লাহেঁতেন!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002064.mp3"},{"index":"65","arabicText":"وَلَقَدْ عَلِمْتُمُ الَّذِیْنَ اعْتَدَوْا مِنْكُمْ فِی السَّبْتِ فَقُلْنَا لَهُمْ كُوْنُوْا قِرَدَةً خٰسِـِٕیْنَ ۟ۚ","assameseTranslation":"আৰু তোমালোকৰ মাজৰ যিসকলে শনিবাৰ (বিশ্ৰামৰ দিন) সম্পৰ্কে সীমালংঘন কৰিছিল সিহঁতক তোমালোকে নিশ্চিতভাৱে ভালকৈয়ে জানা। ফলত আমি সিহঁতক কৈছিলোঁ, ‘তোমালোক নিকৃষ্ট বান্দৰত পৰিণত হৈ যোৱা’।","footnotes":"","tafseer":"তোমালোকে নিজৰ সেইসকল পূৰ্বপুৰুষৰ বিষয়ে ভালকৈয়ে জানা, যিসকলে শনিবাৰৰ দিনা চিকাৰ কৰা নিষেধ হোৱাৰ পিছতো সীমালংঘন কৰিছিল। সিহঁতে এইটো বাহানা অৱলম্বন কৰিছিল যে, শনিবাৰৰ আগতে জাল পাতিছিল আৰু ৰবিবাৰে জাল তুলিছিল। এতেকে আল্লাহে এই বাহানা কৰা লোকসকলক সিহঁতৰ বাহানা আৰু চক্ৰান্তৰ ফলত নিকৃষ্ট বান্দৰত পৰিণত কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002065.mp3"},{"index":"66","arabicText":"فَجَعَلْنٰهَا نَكَالًا لِّمَا بَیْنَ یَدَیْهَا وَمَا خَلْفَهَا وَمَوْعِظَةً لِّلْمُتَّقِیْنَ ۟","assameseTranslation":"এতেকে আমি এই ঘটনাক সিহঁতৰ সমসাময়িক আৰু পৰবৰ্তীসকলৰ বাবে এটা শিক্ষামূলক দৃষ্টান্ত বনাইছোঁ, আৰু মুত্তাক্বীসকলৰ বাবে বনাইছোঁ উপদেশ।","footnotes":"","tafseer":"ফলত আমি এই অন্যায়কাৰী গাওঁখনক ওচৰ-চুবুৰীয়া গাওঁৰ বাবে দৃষ্টান্ত বনাই দিছোঁ লগতে পৰবৰ্তী প্ৰজন্মৰ বাবে উপদেশস্বৰূপ বনাই দিছোঁ। যাতে কোনেও এই ধৰণৰ আচৰণ কৰি এনেকুৱা শাস্তিৰ সন্মুখীন নহয়। লগতে আমি সেই গাওঁখনক মুত্তাক্বীসকলৰ বাবে যিসকলে আল্লাহৰ শাস্তিক ভয় কৰে, তথা আল্লাহৰ সীমালংঘনৰ বেয়া পৰিণতিক ভয় কৰা ব্যক্তিসকলৰ বাবে নিদৰ্শন বনাই দিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002066.mp3"},{"index":"67","arabicText":"وَاِذْ قَالَ مُوْسٰی لِقَوْمِهٖۤ اِنَّ اللّٰهَ یَاْمُرُكُمْ اَنْ تَذْبَحُوْا بَقَرَةً ؕ قَالُوْۤا اَتَتَّخِذُنَا هُزُوًا ؕ قَالَ اَعُوْذُ بِاللّٰهِ اَنْ اَكُوْنَ مِنَ الْجٰهِلِیْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ জাতিক কৈছিল, ‘আল্লাহে তোমালোকক এজনী গাই গৰু জবেহ কৰিবলৈ নিৰ্দেশ দিছে’, সিহঁতে ক’লে, ‘তুমি আমাৰ লগত ধেমালি কৰিছা নেকি’? মুছাই ক’লে, ‘মই অজ্ঞসকলৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা আল্লাহৰ আশ্ৰয় বিচাৰোঁ’।","footnotes":"","tafseer":"তোমালোকৰ পূৰ্বপুৰুষসকলৰ সেইসমূহ ঘটনাক স্মৰণ কৰা, যিবোৰ ঘটনা সিহঁতৰ আৰু মূছা আলাইহিচ্ছালামৰ মাজত সংঘটিত হৈছিল। যেতিয়া মূছা আলাইহিচ্ছালামে সিহঁতক কৈছিল, আল্লাহে তোমালোকক এজনী গাই গৰু জবেহ কৰিবলৈ নিৰ্দেশ দিছে। তেতিয়া সিহঁতে আল্লাহৰ আদেশ পালনত ততাতৈয়া কৰাৰ পৰিবৰ্তে অৱহেলা তথা অভিমান প্ৰদৰ্শন কৰি ক’লেঃ তুমি আমাৰ লগত ধেমালি কৰি আছা নেকি? তেতিয়া মূছা আলাইহিচ্ছালামে ক’লে, মই সেইসকল লোকৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ যিসকলে আল্লাহৰ ওপৰত মিছা আৰোপ কৰে আৰু মানুহক উপহাস কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002067.mp3"},{"index":"68","arabicText":"قَالُوا ادْعُ لَنَا رَبَّكَ یُبَیِّنْ لَّنَا مَا هِیَ ؕ قَالَ اِنَّهٗ یَقُوْلُ اِنَّهَا بَقَرَةٌ لَّا فَارِضٌ وَّلَا بِكْرٌ ؕ عَوَانٌ بَیْنَ ذٰلِكَ ؕ فَافْعَلُوْا مَا تُؤْمَرُوْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘তুমি আমাৰ বাবে তোমাৰ প্ৰতিপালকৰ ওচৰত দুআ কৰা, তেওঁ যেন আমাক স্পষ্টভাৱে জনাই দিয়ে যে, সেই গাইজনী কেনেকুৱা হ’ব লাগে?’ মুছাই ক’লে, ‘আল্লাহে কৈছে, সেইজনী এনেকুৱা গাই হ’ব লাগে যিজনী বৃদ্ধাও নহয় কমবয়সীয়াও নহয়, বৰং মধ্যবয়সী। এতেকে তোমালোকক যি আদেশ কৰা হৈছে সেইটো পালন কৰা’।","footnotes":"","tafseer":"সিহঁতে মূছা আলাইহিচ্ছালামক ক’লেঃ তুমি আমাৰ বাবে তোমাৰ প্ৰতিপালকৰ ওচৰত দুআ কৰা যে, যিটো গৰু তেওঁ আমাক জবেহ কৰিবলৈ আদেশ দিছে তাৰ বৈশিষ্ট্য কি? মূছা আলাইহিচ্ছালামে ক’লেঃ আল্লাহে কৈছে, সেইজনী এনেকুৱা গাই হ’ব লাগে যিটো বুঢ়ীও নহয় পোৱালীও নহয় বৰং মধ্যবয়সী। এতেকে তোমালোকে অনতিপলমে নিজ প্ৰতিপালকৰ আদেশ পালন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002068.mp3"},{"index":"69","arabicText":"قَالُوا ادْعُ لَنَا رَبَّكَ یُبَیِّنْ لَّنَا مَا لَوْنُهَا ؕ قَالَ اِنَّهٗ یَقُوْلُ اِنَّهَا بَقَرَةٌ صَفْرَآءُ ۙ فَاقِعٌ لَّوْنُهَا تَسُرُّ النّٰظِرِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দুআ কৰা, তেওঁ যেন আমাক স্পষ্ট কৰি দিয়ে যে, তাইৰ ৰং কেনেকুৱা হ’ব লাগে?’ মুছাই ক’লে, ‘তেওঁ কৈছে, গাইজনী হালধীয়া ৰঙৰ হ’ব লাগে, অতি উজ্জল ৰং বিশিষ্ট, দেখিলেই যেন দৰ্শকসকলে উৎফুল্লিত হয়’।","footnotes":"","tafseer":"কিন্তু সিহঁতে বাদ-বিবাদ আৰু অবাধ্যতা পৰিহাৰ নকৰিলে আৰু মূছা আলাইহিচ্ছালামক ক’লেঃ তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত দুআ কৰা তেওঁ যেন আমাক স্পষ্ট কৰি দিয়ে যে, গাইজনীৰ ৰং কেনেকুৱা হ’ব লাগে? মূছা আলাইহিচ্ছালামে ক’লেঃ গাইজনী হালধীয়া ৰঙৰ হ’ব লাগে অতি উজ্জ্বল ৰং বিশিষ্ট, যিটো দৰ্শকসকলক আনন্দ দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002069.mp3"},{"index":"70","arabicText":"قَالُوا ادْعُ لَنَا رَبَّكَ یُبَیِّنْ لَّنَا مَا هِیَ ۙ اِنَّ الْبَقَرَ تَشٰبَهَ عَلَیْنَا ؕ وَاِنَّاۤ اِنْ شَآءَ اللّٰهُ لَمُهْتَدُوْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দুআ কৰা, তেওঁ যেন আমাক স্পষ্টভাৱে বৰ্ণনা কৰি দিয়ে যে, সেইজনী কেনেকুৱা হ’ব লাগে? নিশ্চয় গাইজনী আমাৰ বাবে সন্দেহপূৰ্ণ হৈছে; আৰু আল্লাহে ইচ্ছা কৰিলে নিশ্চয় আমি হিদায়তপ্ৰাপ্ত হ’ম’।","footnotes":"","tafseer":"সিহঁতে ধৃষ্টতাত আৰু এখোজ আগুৱাই গৈ ক’লেঃ তুমি তোমাৰ প্ৰতিপালকক আমাৰ হৈ দুআ কৰা, তেওঁ যাতে আৰু অধিক কিছুমান বৈশিষ্ট্য আমাৰ বাবে উল্লেখ কৰে। কিয়নো এতিয়া লৈকে উল্লেখ কৰা বৈশিষ্ট্যৰ অধিকাৰী গাই বহুত আছে, ইয়াৰ মাজৰ পৰা নিৰ্দিষ্টি কৰাটো আমাৰ বাবে কঠিন হৈ পৰিছে। লগতে সিহঁতে এই কথাও স্পষ্ট কৰিলে যে, যদি আল্লাহে ইচ্ছা কৰে তেন্তে নিশ্চয় আমি সেইজনী গাই বিচাৰি পাম, যিটো জবেহ কৰিবলৈ আল্লাহে আমাক নিৰ্দেশ দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002070.mp3"},{"index":"71","arabicText":"قَالَ اِنَّهٗ یَقُوْلُ اِنَّهَا بَقَرَةٌ لَّا ذَلُوْلٌ تُثِیْرُ الْاَرْضَ وَلَا تَسْقِی الْحَرْثَ ۚ مُسَلَّمَةٌ لَّا شِیَةَ فِیْهَا ؕ قَالُوا الْـٰٔنَ جِئْتَ بِالْحَقِّ ؕ فَذَبَحُوْهَا وَمَا كَادُوْا یَفْعَلُوْنَ ۟۠","assameseTranslation":"মুছাই ক’লে, ‘তেওঁ কৈছে, সেইজনী এনেকুৱা গাই, যিজনীক মাটি চহাবলৈ বা খেতিত পানী দিবলৈ ব্যৱহাৰ কৰা হোৱা নাই, সুস্থ আৰু নিখুঁত’। সিহঁতে ক’লে, ‘এতিয়া তুমি সত্য লৈ আহিছা’। অৱশেষত সিহঁতে গাইজনীক জবেহ কৰিলে, যদিও সিহঁতে সেয়া কৰিবলৈ প্ৰস্তুত নাছিল।","footnotes":"","tafseer":"তেতিয়া মূছা আলাইহিচ্ছালামে ক’লেঃ মহান আল্লাহে কৈছেঃ সেইজনী এনেকুৱা গাই হ’ব লাগিব যিজনীক মাটি চহাবলৈ বা খেতিত পানী দিবলৈ ব্যৱহাৰ কৰা হোৱা নাই, লগতে গাইজনী নিখুঁত হ’ব লাগিব। তাৰ ওপৰত হালধীয়া ৰঙৰ বাহিৰে আন কোনো ৰঙৰ যাতে এটা দাগো নাথাকে। তেতিয়া সিহঁতে ক’লেঃ এতিয়া তুমি বৈশিষ্ট্যৰ সুক্ষ্ম বৰ্ণনা দিছা। এই বৰ্ণনাই সঠিক গাই পোৱাত সহজ হ’ব। তাৰ পিছত সিহঁতে গাই জবেহ কৰিলে। দৰাচলতে সিহঁতৰ বাদ-বিবাদ আৰু আকোঁৰগোজে এইটো প্ৰকাশ কৰিছিল যে, সিহঁতৰ গাই জবেহ কৰাৰ ইচ্ছা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002071.mp3"},{"index":"72","arabicText":"وَاِذْ قَتَلْتُمْ نَفْسًا فَادّٰرَءْتُمْ فِیْهَا ؕ وَاللّٰهُ مُخْرِجٌ مَّا كُنْتُمْ تَكْتُمُوْنَ ۟ۚ","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে এজন ব্যক্তিক হত্যা কৰিছিলা তাৰ পিছত এজনে আনজনৰ প্ৰতি দোষাৰোপ কৰিছিলা, আৰু তোমালোকে যি গোপন কৰিছিলা সেয়া আল্লাহে প্ৰকাশ কৰিলে।","footnotes":"","tafseer":"আৰু সেই সময়ছোৱাক স্মৰণ কৰা যেতিয়া তোমালোকে নিজৰ সম্প্ৰদায়ৰে এজন ব্যক্তিক হত্যা কৰি ইজনে সিজনক দোষাৰোপ কৰিছিলা। প্ৰত্যেকেই নিজকে দোষমুক্ত আৰু আনক অপৰাধী বনোৱাৰ প্ৰয়াস কৰি আছিলা। অৱশেষত পৰস্পৰে কাজিয়াত লিপ্ত হৈছিলা। আনহাতে আল্লাহে সেই নিৰপৰাধ ব্যক্তিৰ হত্যাৰ বিষয়টো প্ৰকাশ কৰিব বিচাৰিছিল যিটোক তোমালোকে গোপন কৰিব বিচাৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002072.mp3"},{"index":"73","arabicText":"فَقُلْنَا اضْرِبُوْهُ بِبَعْضِهَا ؕ كَذٰلِكَ یُحْیِ اللّٰهُ الْمَوْتٰی ۙ وَیُرِیْكُمْ اٰیٰتِهٖ لَعَلَّكُمْ تَعْقِلُوْنَ ۟","assameseTranslation":"তাৰ পিছত আমি ক’লোঁ, ‘ইয়াৰ কোনো এটা অংশৰে (অৰ্থাৎ গাইজনীৰ মাংসৰে) তাক আঘাত কৰা’। এইদৰেই আল্লাহে মৃতক জীৱিত কৰে আৰু তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱায় যাতে তোমালোকে অনুধাৱন কৰিব পাৰা।","footnotes":"","tafseer":"তাৰ পিছত আমি ক’লোঁঃ নিহত ব্যক্তিৰ শৰীৰত গাই গৰুৰ কোনো এটা মাংসৰ টুকুৰাৰে আঘাত কৰা যিজনী গাই জবেহ কৰিবলৈ আদেশ দিয়া হৈছিল। আল্লাহে তাক হত্যাকাৰীৰ বিষয়ে জনাবলৈ জীৱিত কৰিব। এতেকে সিহঁতে তেনেকুৱা কৰিলে আৰু মৃত ব্যক্তি জীৱিত হৈ হত্যাকাৰী সম্পৰ্কে জনাই দিলে। এতেকে শুনা! যিদৰে আল্লাহে এই মৃত ব্যক্তিক জীৱিত কৰিলে সেইদৰে ক্বিয়ামতৰ দিনাও আল্লাহে সকলো মৃত ব্যক্তিক পুনৰ জীৱিত কৰিব। মহান আল্লাহে তেওঁৰ ক্ষমতাৰ স্পষ্ট প্ৰমাণ দেখুৱালে, যাতে তোমালোকে বুজি পোৱা আৰু আল্লাহৰ প্ৰতি পূৰ্ণ বিশ্বাস স্থাপন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002073.mp3"},{"index":"74","arabicText":"ثُمَّ قَسَتْ قُلُوْبُكُمْ مِّنْ بَعْدِ ذٰلِكَ فَهِیَ كَالْحِجَارَةِ اَوْ اَشَدُّ قَسْوَةً ؕ وَاِنَّ مِنَ الْحِجَارَةِ لَمَا یَتَفَجَّرُ مِنْهُ الْاَنْهٰرُ ؕ وَاِنَّ مِنْهَا لَمَا یَشَّقَّقُ فَیَخْرُجُ مِنْهُ الْمَآءُ ؕ وَاِنَّ مِنْهَا لَمَا یَهْبِطُ مِنْ خَشْیَةِ اللّٰهِ ؕ وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟","assameseTranslation":"ইয়াৰ পিছতো তোমালোকৰ হৃদয় কঠিন হৈ পৰিছিল, যেনিবা শিল অথবা তাতোকৈ কঠিন। অথচ কিছুমান শিল এনেকুৱাও আছে যিটোৰ পৰা নৈ-নিজৰা প্ৰবাহিত হয়, আৰু কিছুমান এনেকুৱাও আছে যিটো বিদীৰ্ণ হোৱাৰ পিছত তাৰ পৰা পানী নিৰ্গত হয়, আৰু কিছুমান আছে আল্লাহৰ ভয়ত খহি পৰে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।","footnotes":"","tafseer":"অন্তৰ চুই যোৱা উপদেশ আৰু স্পষ্ট অলৌকিকতাৰ পিছতো তোমালোকৰ অন্তৰ কঠিন হৈ গ’ল। শিলৰ দৰে অথবা তাতোকৈও কঠিন। কিয়নো সিহঁতে নিজৰ অৱস্থাত অকণো পৰিবৰ্তন স্বীকাৰ কৰিবলৈ প্ৰস্তুত নাছিল। অথচ শিলো পৰিবৰ্তন হয় আৰু স্থিতি সলায়। এতেকে কিছুমান শিলৰ পৰা নিজৰা প্ৰবাহিত হয় আৰু কিছুমান বিদীৰ্ণ হোৱাৰ পাছত তাৰ পৰা পানী নিৰ্গত হয়। যাৰ দ্বাৰা মানুহ আৰু জীৱ-জন্তু উপকৃত হয়। এইদৰে কিছুমান শিল আল্লাহৰ ভয়ত পাহাৰৰ উচ্চ শৃঙ্গৰ পৰা খহি পৰে। পক্ষান্তৰে তোমালোকৰ অন্তৰৰ অৱস্থা ইয়াৰ বিপৰীত। যিয়ে কোনো ধৰণৰ পৰিবৰ্তন স্বীকাৰ নকৰে। জানি থোৱা! তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ অমনোযোগী নহয়। বৰং তেওঁ সম্যক অৱগত আৰু তোমালোকক তাৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002074.mp3"},{"index":"75","arabicText":"اَفَتَطْمَعُوْنَ اَنْ یُّؤْمِنُوْا لَكُمْ وَقَدْ كَانَ فَرِیْقٌ مِّنْهُمْ یَسْمَعُوْنَ كَلٰمَ اللّٰهِ ثُمَّ یُحَرِّفُوْنَهٗ مِنْ بَعْدِ مَا عَقَلُوْهُ وَهُمْ یَعْلَمُوْنَ ۟","assameseTranslation":"তোমালোকে এই আশা কৰিছা নেকি যে, সিহঁতে তোমালোকৰ কথাত ঈমান আনিব? অথচ সিহঁতৰ এটা দলে আল্লাহৰ বাণী শ্ৰৱণ কৰে আৰু সিহঁতে সেই বাণী অনুধাৱন কৰাৰ পিছতো জানি বুজি বিকৃত কৰে।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকে ইয়াহুদীসকলৰ প্ৰকৃতস্বৰূপ আৰু সিহঁতৰ ধৃষ্টতা ও অবাধ্যতা সম্পৰ্কে অৱগত হোৱাৰ পিছতো এই আশা পোষণ কৰা নেকি যে, সিহঁতে ঈমান পোষণ কৰিব আৰু তোমালোকৰ কথা মানি চলিব? অথচ সিহঁতৰ ধৰ্মগুৰু সকলৰ এটা দলে, আল্লাহে অৱতীৰ্ণ কৰা গ্ৰন্থ তাওৰাতৰ বাণীসমূহ শুনিছিল আৰু সেয়া বুজি পোৱাৰ পিছতো তাৰ শব্দ আৰু অৰ্থক বিকৃত কৰিছিল। যদিও সিহঁত এই অপৰাধৰ ভয়াৱহতা সম্পৰ্কে অৱগত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002075.mp3"},{"index":"76","arabicText":"وَاِذَا لَقُوا الَّذِیْنَ اٰمَنُوْا قَالُوْۤا اٰمَنَّا ۖۚ وَاِذَا خَلَا بَعْضُهُمْ اِلٰی بَعْضٍ قَالُوْۤا اَتُحَدِّثُوْنَهُمْ بِمَا فَتَحَ اللّٰهُ عَلَیْكُمْ لِیُحَآجُّوْكُمْ بِهٖ عِنْدَ رَبِّكُمْ ؕ اَفَلَا تَعْقِلُوْنَ ۟","assameseTranslation":"আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাৎ কৰে তেতিয়া কয়, 'আমি ঈমান আনিছোঁ'। আকৌ যেতিয়া সিহঁতে গোপনে ইজনে সিজনৰ লগত মিলিত হয় তেতিয়া কয়, 'তোমালোকে সিহঁতৰ লগত সেই কথাবোৰ কিয় আলোচনা কৰা যিবোৰ আল্লাহে তোমালোকৰ ওচৰত উন্মুক্ত কৰি দিছে; সিহঁতে ইয়াৰ দ্বাৰা তোমালোকৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বিৰুদ্ধে প্ৰমাণ দাঙি ধৰিব সেইটো তোমালোকে বুজি নোপোৱা নেকি'?","footnotes":"","tafseer":"ইয়াহুদীসকলৰ বৈচাৰিক বিৰোধিতা তথা কপটতা ও চক্ৰান্তৰ এটা উদাহৰণ আছিল এই যে, যেতিয়া সিহঁতে মুছলিমসকলৰ লগত মিলিত হৈছিল তেতিয়া তেওঁলোকৰ সন্মুখত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতা লগতে তেওঁৰ ৰিছালতৰ সত্যতাও প্ৰদান কৰিছিল আৰু স্বয়ং তাওৰাতেও ইয়াৰ সত্যায়ন কৰে। কিন্তু ইয়াহুদীবিলাকে অকলশৰীয়াকৈ যেতিয়া ইজনে সিজনৰ লগত সাক্ষাৎ কৰিছিল তেতিয়া এই সত্যক স্বীকাৰ কৰাৰ কাৰণে ইজনে সিজনক ভৰ্ৎসনা কৰিছিল। কাৰণ মুছলিমসকলে সিহঁতৰ এই সত্যায়নক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্য নবী হোৱাৰ ক্ষেত্ৰত সিহঁতৰ বিৰুদ্ধেই দলীল হিচাপে দাঙি ধৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002076.mp3"},{"index":"77","arabicText":"اَوَلَا یَعْلَمُوْنَ اَنَّ اللّٰهَ یَعْلَمُ مَا یُسِرُّوْنَ وَمَا یُعْلِنُوْنَ ۟","assameseTranslation":"সিহঁতে নাজানে নেকি যে, সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, সেয়া আল্লাহে জানে?","footnotes":"","tafseer":"ইয়াহুদীবিলাকে এই ধৰণৰ নিন্দনীয় আচৰণ কৰাৰ সময়ত জানোচা এই কথা পাহৰি যায় যে, আল্লাহে সিহঁতৰ প্ৰকাশ্য, অপ্ৰকাশ্য কথা আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত। লগতে এদিনাখন তেওঁ এইবোৰ বান্দাসকলৰ সন্মুখত প্ৰকাশ কৰি সিহঁতক অপমানিত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002077.mp3"},{"index":"78","arabicText":"وَمِنْهُمْ اُمِّیُّوْنَ لَا یَعْلَمُوْنَ الْكِتٰبَ اِلَّاۤ اَمَانِیَّ وَاِنْ هُمْ اِلَّا یَظُنُّوْنَ ۟","assameseTranslation":"আৰু সিহঁতৰ মাজত এনেকুৱা কিছুমান নিৰক্ষৰ মানুহো আছে যিসকলে মিছা আশাৰ বাহিৰে কিতাব (ঐশীগ্ৰন্থ) সম্পৰ্কে একোৱেই নাজানে, সিহঁতে কেৱল অমূলক ধাৰণাহে পোষণ কৰে।","footnotes":"","tafseer":"আৰু ইয়াহুদীসকলৰ মাজত কিছুমান এনেকুৱাও আছে, যিসকলে কেৱল তাওৰাত পঢ়িবহে জানে, একো বুজি নাপায়। সিহঁতৰ মূল ধন হৈছে পূৰ্বপুৰুষৰ পৰা শুনি অহা মিছা কাহিনী। যিবোৰক সিহঁতে আল্লাহে অৱতীৰ্ণ কৰা তাওৰাত বুলি গণ্য কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002078.mp3"},{"index":"79","arabicText":"فَوَیْلٌ لِّلَّذِیْنَ یَكْتُبُوْنَ الْكِتٰبَ بِاَیْدِیْهِمْ ۗ ثُمَّ یَقُوْلُوْنَ هٰذَا مِنْ عِنْدِ اللّٰهِ لِیَشْتَرُوْا بِهٖ ثَمَنًا قَلِیْلًا ؕ فَوَیْلٌ لَّهُمْ مِّمَّا كَتَبَتْ اَیْدِیْهِمْ وَوَیْلٌ لَّهُمْ مِّمَّا یَكْسِبُوْنَ ۟","assameseTranslation":"এতেকে দুৰ্ভোগ সিহঁতৰ বাবে যিসকলে নিজ হাতে কিতাপ ৰচনা কৰে আৰু তাৰ পিছত সামান্য মূল্য পোৱাৰ বাবে কয়, ‘এইটো আল্লাহৰ পৰা (অৱতীৰ্ণ)’। এতেকে সিহঁতৰ হাতে যি ৰচনা কৰিছে তাৰ কাৰণে সিহঁতৰ বাবে আছে ধ্বংস আৰু সিহঁতে যি উপাৰ্জন কৰিছে তাৰ কাৰণেও সিহঁতৰ বাবে আছে ধ্বংস।","footnotes":"","tafseer":"এতেকে কঠিন শাস্তি সিহঁতৰ বাবে প্ৰতীক্ষা কৰি আছে, যিসকলে নিজ হাতেৰে গ্ৰন্থ লিখি মিছাৰ আশ্ৰয় লৈ কয় যে, এয়া আল্লাহৰ তৰফৰ অৱতীৰ্ণ। যাতে সত্য আৰু হিদায়তৰ অনুসৰণৰ পৰিবৰ্তে পৃথিৱীত ধন-সম্পদ আৰু পদৰ দৰে তুচ্ছ মূল্য সংগ্ৰহ কৰিব পাৰে। সেয়ে সিহঁতৰ বাবে আছে ধ্বংস আৰু শাস্তি, কিয়নো সিহঁতে মিছা কথা লিখি আল্লাহৰ লগত সম্পৃক্ত কৰে। লগতে সিহঁতৰ বাবে ধ্বংস আৰু শাস্তি আছে এই কাৰণেও যে, সিহঁতে ইয়াৰ পৰিবৰ্তে ধন-সম্পত্তি আৰু পদ অৰ্জন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002079.mp3"},{"index":"80","arabicText":"وَقَالُوْا لَنْ تَمَسَّنَا النَّارُ اِلَّاۤ اَیَّامًا مَّعْدُوْدَةً ؕ قُلْ اَتَّخَذْتُمْ عِنْدَ اللّٰهِ عَهْدًا فَلَنْ یُّخْلِفَ اللّٰهُ عَهْدَهٗۤ اَمْ تَقُوْلُوْنَ عَلَی اللّٰهِ مَا لَا تَعْلَمُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে কয়, 'সামান্য কিছু দিনৰ বাহিৰে জুয়ে (জাহান্নামে) আমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিব'। কোৱা, ‘তোমালোকে আল্লাহৰ পৰা এনে কোনো অঙ্গীকাৰ লৈছা নেকি, যি অঙ্গীকাৰ আল্লাহে কেতিয়াও ভংগ নকৰিব? নে তোমালোকে আল্লাহ সম্পৰ্কে এনে কথা কোৱা যিটো তোমালোকে নাজানা?’","footnotes":"","tafseer":"অহংকাৰ কৰি মিছা কথা কয় যে, “জুয়ে আমাক স্পৰ্শ নকৰিব আৰু যদি কৰেও আমি মাথো কেইদিনৰ বাবেহে জাহান্নামত প্ৰৱেশ কৰিম”। এতেকে হে নবী আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকে আল্লাহৰ পৰা মজবুত কোনো অঙ্গীকাৰ লৈছা নেকি? যদি সঁচাই এনেকুৱা হয় তেন্তে নিশ্চয় আল্লাহে প্ৰতিশ্ৰুতি ভঙ্গ নকৰিব। অন্যথা তোমালোকে আল্লাহ সম্পৰ্কে এনেকুৱা কথা কৈ আছা, যিটো তোমালোকে নাজানা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002080.mp3"},{"index":"81","arabicText":"بَلٰی مَنْ كَسَبَ سَیِّئَةً وَّاَحَاطَتْ بِهٖ خَطِیْٓـَٔتُهٗ فَاُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ هُمْ فِیْهَا خٰلِدُوْنَ ۟","assameseTranslation":"হয়, যিয়ে বেয়া উপাৰ্জন কৰিছে আৰু তাৰ পাপৰাশিয়ে তাক পৰিবেষ্টন কৰি ৰাখিছে, সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল থাকিব।","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে ভাবি আছে। আল্লাহে প্ৰত্যেক সেই ব্যক্তিক শাস্তি প্ৰদান কৰিব যিয়ে কুফৰী কৰিছে, আৰু তাৰ গুনাহে তাক আৱৰি ধৰিছে। ফলস্বৰূপে তাক জাহান্নামত নিক্ষেপ কৰিব আৰু তাত সি চিৰস্থায়ী হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002081.mp3"},{"index":"82","arabicText":"وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ اُولٰٓىِٕكَ اَصْحٰبُ الْجَنَّةِ ۚ هُمْ فِیْهَا خٰلِدُوْنَ ۟۠","assameseTranslation":"আনহাতে যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, তেওঁলোকেই হৈছে জান্নাতৰ অধিবাসী, তেওঁলোক তাত চিৰস্থায়ী হ’ব।","footnotes":"","tafseer":"আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে, তেওঁলোকৰ প্ৰতিদান আছে আল্লাহৰ ওচৰত। আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, আৰু তাত তেওঁলোক চিৰস্থায়ী হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002082.mp3"},{"index":"83","arabicText":"وَاِذْ اَخَذْنَا مِیْثَاقَ بَنِیْۤ اِسْرَآءِیْلَ لَا تَعْبُدُوْنَ اِلَّا اللّٰهَ ۫ وَبِالْوَالِدَیْنِ اِحْسَانًا وَّذِی الْقُرْبٰی وَالْیَتٰمٰی وَالْمَسٰكِیْنِ وَقُوْلُوْا لِلنَّاسِ حُسْنًا وَّاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ ؕ ثُمَّ تَوَلَّیْتُمْ اِلَّا قَلِیْلًا مِّنْكُمْ وَاَنْتُمْ مُّعْرِضُوْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আমি বনী ইছৰাঈলৰ পৰা প্ৰতিশ্ৰুতি লৈছিলোঁ যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, পিতৃ-মাতৃ, আত্মীয়-স্বজন, এতীম আৰু দৰিদ্ৰৰ সৈতে সদায় সদ্ব্যৱহাৰ কৰিবা আৰু মানুহৰ লগত উত্তম কথা ক'বা তথা ছালাত প্ৰতিষ্ঠা কৰিবা লগতে যাকাত প্ৰদান কৰিবা, তাৰ পিছতো তোমালোকৰ কিছু সংখ্যক লোকৰ বাহিৰে সকলোৱে অৱজ্ঞা কৰি মুখ ঘূৰাই লৈছিল।","footnotes":"","tafseer":"হে বনী ইছৰাইল! সেই দৃঢ় অঙ্গীকাৰ স্মৰণ কৰা, যিটো তোমালোকৰ পৰা লোৱা হৈছিল যে, তোমালোকে কেৱল এক আল্লাহক স্বীকাৰ কৰিবা, তেওঁৰ লগত আন কাৰো উপাসনা নকৰিবা তথা পিতৃ-মাতৃ, আত্মীয় স্বজন, অনাথ আৰু দৰিদ্ৰ, অভাৱী ব্যক্তিৰ লগত সদাচৰণ কৰিবা আৰু মানুহৰ লগত উত্তম কথা ক’বা। ৰূঢ় স্বভাৱ আৰু কঠোৰতা পৰিহাৰ কৰি সৎকৰ্মৰ আদেশ দিবা, আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখিবা লগতে আমি দেখুৱাই দিয়া নিয়মানুযায়ী ছালাত আদায় কৰিবা আৰু আনন্দচিত্তে যাকাত আদায় কৰি উপযুক্ত ব্যক্তিসকলৰ মাজত বণ্টন কৰিবা। এই প্ৰতিশ্ৰুতিৰ পিছতো তোমালোকে বিমুখ হৈছিলা আৰু ইয়াৰ ওপৰত আমল কৰাৰো তোমালোকৰ কোনো চাহিদা নাছিল। কিন্তু তোমালোকৰ মাজৰ যাক আল্লাহে ৰক্ষা কৰিছিল তেওঁ এই প্ৰতিশ্ৰুতি পালন কৰিছিল তথা অঙ্গীকাৰ পূৰণ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002083.mp3"},{"index":"84","arabicText":"وَاِذْ اَخَذْنَا مِیْثَاقَكُمْ لَا تَسْفِكُوْنَ دِمَآءَكُمْ وَلَا تُخْرِجُوْنَ اَنْفُسَكُمْ مِّنْ دِیَارِكُمْ ثُمَّ اَقْرَرْتُمْ وَاَنْتُمْ تَشْهَدُوْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া তোমালোকৰ পৰা আমি প্ৰতিশ্ৰুতি লৈছিলোঁ যে, তোমালোকে পৰস্পৰে ৰক্তপাত নকৰিবা আৰু এজনে আনজনক স্বদেশৰ পৰা বহিষ্কাৰ নকৰিবা। তোমালোকে এই বিষয়টোক মানি লৈছিলা আৰু তোমালোকেই ইয়াৰ সাক্ষী।","footnotes":"","tafseer":"লগতে সেই প্ৰতিশ্ৰুতিৰ কথা স্মৰণ কৰা, যিটো তাওৰাতত আমি তোমালোকৰ পৰা লৈছিলোঁ যে, তোমালোকে পৰস্পৰে পৰস্পৰৰ তেজ প্ৰবাহিত নকৰিবা, আৰু ইজনে সিজনক নিজ ঠাইৰ পৰা বহিষ্কাৰ নকৰিবা। তোমালোকে এই প্ৰতিশ্ৰুতি মানিও লৈছিলা আৰু তোমালোক নিজেই ইয়াৰ সাক্ষী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002084.mp3"},{"index":"85","arabicText":"ثُمَّ اَنْتُمْ هٰۤؤُلَآءِ تَقْتُلُوْنَ اَنْفُسَكُمْ وَتُخْرِجُوْنَ فَرِیْقًا مِّنْكُمْ مِّنْ دِیَارِهِمْ ؗ تَظٰهَرُوْنَ عَلَیْهِمْ بِالْاِثْمِ وَالْعُدْوَانِ ؕ وَاِنْ یَّاْتُوْكُمْ اُسٰرٰی تُفٰدُوْهُمْ وَهُوَ مُحَرَّمٌ عَلَیْكُمْ اِخْرَاجُهُمْ ؕ اَفَتُؤْمِنُوْنَ بِبَعْضِ الْكِتٰبِ وَتَكْفُرُوْنَ بِبَعْضٍ ۚ فَمَا جَزَآءُ مَنْ یَّفْعَلُ ذٰلِكَ مِنْكُمْ اِلَّا خِزْیٌ فِی الْحَیٰوةِ الدُّنْیَا ۚ وَیَوْمَ الْقِیٰمَةِ یُرَدُّوْنَ اِلٰۤی اَشَدِّ الْعَذَابِ ؕ وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟","assameseTranslation":"এতেকে তোমালোকেই সেইসকল লোক, যিসকলে নিজৰ মাজতেই হত্যাযজ্ঞ চলাইছা আৰু তোমালোকৰে এটা দলক সিহঁতৰ নিজ দেশৰ পৰা বহিষ্কাৰ কৰিছা। অন্যায় আৰু সীমালংঘনৰ দ্বাৰা সিহঁতৰ বিৰুদ্ধে তোমালোকে এজনে আনজনৰ সহযোগিতা কৰিছা আৰু সিহঁত যেতিয়া বন্দীৰূপে তোমালোকৰ ওচৰত উপস্থিত হয় তেতিয়া তোমালোকে মুক্তিপণ আদায় কৰি সিহঁতক মুক্ত কৰা; অথচ সিহঁতক বহিষ্কাৰ কৰাটোৱে তোমালোকৰ ওপৰত হাৰাম আছিল। তেন্তে তোমালোকে কিতাবৰ কিছু অংশক বিশ্বাস কৰা আৰু কিছু অংশক অস্বীকাৰ কৰা নেকি? তেনেহ’লে (জানি থোৱা) তোমালোকৰ মাজৰ যিসকলে এনে কৰে পৃথিৱীৰ জীৱনত সিহঁতৰ বাবে একমাত্ৰ প্ৰতিফল হৈছে লাঞ্ছনা আৰু অপমান তথা কিয়ামতৰ দিনা সিহঁতক ওভতাই নিয়া হ’ব অতি কঠিন শাস্তিৰ পিনে আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।","footnotes":"","tafseer":"কিন্তু তোমালোকেই সেই প্ৰতিশ্ৰুতিৰ বিৰুদ্ধাচৰণ কৰা। এতেকে তোমালোকে পৰস্পৰক হত্যা কৰা আৰু নিজৰে কিছুমান মানুহক শত্ৰুৰ সহায় লৈ অন্যায়ভাৱে সিহঁতক ঘৰৰ পৰা বহিষ্কাৰ কৰা। আকৌ সিহঁত যেতিয়া শত্ৰু ওচৰত বন্দী হৈ তোমালোকৰ ওচৰত আহে তেতিয়া তোমালোকে সিহঁতক এৰোৱাবলৈ মুক্তিপণ দিয়াৰ বাবে খৰখেদা কৰা। অথচ পূৰ্বে সিহঁতক সিহঁতৰ ঠাইৰ পৰা বহিষ্কাৰ কৰাটোৱে আছিল তোমালোকৰ বাবে অবৈধ। তোমালোকে কিদৰে কিছুমান আদেশৰ প্ৰতি ঈমান পোষণ কৰা? যেনে- মুক্তিপণ আদায় কৰি বন্দীসকলক বিপদমুক্ত কৰা। আনহাতে কিছুমান বিধানক অস্বীকাৰ কৰা? যেনে- তেজ সংৰক্ষণ আৰু পৰস্পৰে পৰস্পৰক বহিষ্কাৰ নকৰাৰ বিধান। তোমালোকৰ মাজৰ যিয়ে এনেকুৱা কৰে পৃথিৱীত তাৰ শাস্তি হৈছে অপমান, আৰু আখিৰাতত সি কঠোৰ শাস্তি ভোগ কৰিব। দৰাচলতে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয় বৰং তেওঁ সকলো বিষয়ে অৱগত আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002085.mp3"},{"index":"86","arabicText":"اُولٰٓىِٕكَ الَّذِیْنَ اشْتَرَوُا الْحَیٰوةَ الدُّنْیَا بِالْاٰخِرَةِ ؗ فَلَا یُخَفَّفُ عَنْهُمُ الْعَذَابُ وَلَا هُمْ یُنْصَرُوْنَ ۟۠","assameseTranslation":"ইহঁতেই আখিৰাতৰ বিনিময়ত পৃথিৱীৰ জীৱনক কিনি লৈছে; সেয়ে সিহঁতৰ শাস্তি অকণো কমোৱা নহ’ব আৰু সিহঁতক সহায়ও কৰা নহ’ব।","footnotes":"","tafseer":"ইহঁতেই অস্থায়ী জীৱনক স্থায়ী জীৱনৰ ওপৰত প্ৰাধান্য দি, পাৰ্থিৱ জীৱনক আখিৰাতৰ পৰিবৰ্তে বাচি লৈছে। গতিকে আখিৰাতত সিহঁতৰ অকণো শাস্তি লাঘৱ কৰা নহ’ব, আৰু সেইদিনা সিহঁতৰ কোনো সহায়কো নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002086.mp3"},{"index":"87","arabicText":"وَلَقَدْ اٰتَیْنَا مُوْسَی الْكِتٰبَ وَقَفَّیْنَا مِنْ بَعْدِهٖ بِالرُّسُلِ ؗ وَاٰتَیْنَا عِیْسَی ابْنَ مَرْیَمَ الْبَیِّنٰتِ وَاَیَّدْنٰهُ بِرُوْحِ الْقُدُسِ ؕ اَفَكُلَّمَا جَآءَكُمْ رَسُوْلٌۢ بِمَا لَا تَهْوٰۤی اَنْفُسُكُمُ اسْتَكْبَرْتُمْ ۚ فَفَرِیْقًا كَذَّبْتُمْ ؗ وَفَرِیْقًا تَقْتُلُوْنَ ۟","assameseTranslation":"আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ আৰু তেওঁৰ পিছত পৰ্যায়ক্ৰমে ৰাছুলসকলক প্ৰেৰণ কৰিছিলোঁ আৰু আমি মাৰয়ামৰ পুত্ৰ ঈছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলোঁ আৰু ‘ৰূহুল কুদুছ’ৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছিলোঁ। এইটো সঁচা নহয় জানো যেতিয়াই তোমালোকৰ ওচৰলৈ কোনো ৰাছুলে তোমালোকৰ প্ৰবৃত্তিৰ বিপৰীত কোনো বস্তু লৈ আহিছিল তেতিয়াই তোমালোকে অহংকাৰ কৰিছিলা? তাৰ পিছত তোমালোকে নবীসকলৰ এটা দলক অস্বীকাৰ কৰিছিলা আৰু এটা দলক হত্যা কৰিছিলা।","footnotes":"","tafseer":"আমিয়ে মূছাক তাওৰাত প্ৰদান কৰিছিলোঁ আৰু তেওঁৰ পিছতো বহুত ৰাছুল প্ৰেৰণ কৰিছোঁ লগতে ঈছা ইবনে মাৰয়ামক সত্য নবী হোৱাৰ সপক্ষে কিছুমান স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলোঁ। যেনে- মৃত ব্যক্তিক জীৱিত কৰা। তথা জন্মান্ধ সন্তান আৰু কুষ্ঠ ব্যাধিগ্ৰস্থ লোকক নিৰাময় কৰা। আমি তেওঁক ফিৰিস্তা জিব্ৰীলৰ দ্বাৰা শক্তিশালী কৰিছিলোঁ। তথাপিও হে বনী ইছৰাঈল! যেতিয়াই তোমালোকৰ ওচৰত আল্লাহৰ কোনো ৰাছুলে এনেকুৱা বিধান লৈ আহিছিল যিটো তোমালোকৰ প্ৰবৃত্তিৰ লগত খাপ খোৱা নাছিল, তেতিয়াই তোমালোকে অহংকাৰ কৰিছিলা, আৰু আল্লাহৰ ৰাছুলতকৈ নিজকে বেছি শ্ৰেষ্ঠ বুলি ভাবিছিলা। এতেকে তোমালোকে কিছুমান নবীক অস্বীকাৰ কৰিছিলা আৰু কিছুমানক অন্যায়ভাৱে হত্যা কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002087.mp3"},{"index":"88","arabicText":"وَقَالُوْا قُلُوْبُنَا غُلْفٌ ؕ بَلْ لَّعَنَهُمُ اللّٰهُ بِكُفْرِهِمْ فَقَلِیْلًا مَّا یُؤْمِنُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে কৈছিল, ‘আমাৰ অন্তৰসমূহ হৈছে আচ্ছাদিত’, বৰং সিহঁতৰ কুফৰীৰ কাৰণে আল্লাহে সিহঁতক অভিশাপ কৰিছে। এতেকে সিহঁতৰ কম সংখ্যকেই ঈমান পোষণ কৰিব।","footnotes":"","tafseer":"ইয়াহুদীসকলে মুহাম্মদৰ অনুসৰণ নকৰাৰ দলীল হিচাপে কৈছিলঃ আমাৰ অন্তৰত আৱৰণ পৰিছে, সেয়ে আপোনাৰ কথা আমাৰ অন্তৰত ঢুকি নাপায় আৰু আমাৰ অন্তৰে বুজিও নাপায়। অথচ কাৰণ এইটো নহয়। প্ৰকৃত কাৰণটো হৈছে সিহঁতৰ কুফৰীৰ কাৰণে আল্লাহে সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই দিছে। এতেকে ইহঁত আল্লাহৰ কথা অধিক মানিবলৈ যত্ন কৰা মানুহ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002088.mp3"},{"index":"89","arabicText":"وَلَمَّا جَآءَهُمْ كِتٰبٌ مِّنْ عِنْدِ اللّٰهِ مُصَدِّقٌ لِّمَا مَعَهُمْ ۙ وَكَانُوْا مِنْ قَبْلُ یَسْتَفْتِحُوْنَ عَلَی الَّذِیْنَ كَفَرُوْا ۖۚ فَلَمَّا جَآءَهُمْ مَّا عَرَفُوْا كَفَرُوْا بِهٖ ؗ فَلَعْنَةُ اللّٰهِ عَلَی الْكٰفِرِیْنَ ۟","assameseTranslation":"ইপিনে যেতিয়া সিহঁতৰ ওচৰলৈ আল্লাহৰ তৰফৰ পৰা এনে এখন কিতাব আহিল যিখনে সিহঁতৰ লগত থকা গ্ৰন্থক সমৰ্থন কৰে, অথচ ইয়াৰ পূৰ্বে সিহঁতে ইয়াৰ সহায় বিচাৰি কাফিৰসকলৰ বিৰুদ্ধে বিজয় প্ৰাৰ্থনা কৰিছিল। এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ সেয়া আহি পালে যাক সিহঁতে ভালদৰে চিনি পায়, (তথাপিও) অস্বীকাৰ কৰিলে। সেয়ে কাফিৰসকলৰ ওপৰত আল্লাহৰ লা’নত।","footnotes":"","tafseer":"যেতিয়া সিহঁতৰ ওচৰত আল্লাহৰ তৰফৰ পৰা কোৰআন আহিল, যিটো সাধাৰণ নিয়ম-নীতি আৰু বিধানত তাওৰাত তথা ইঞ্জীলৰ দৰেই। আনহাতে সিহঁতে কোৰআন অৱতীৰ্ণ হোৱাৰ আগত কৈছিলঃ অনতিপলমে আমি মুশ্বৰিকসকলক পৰাজয় কৰিম, যেতিয়া আমাৰ ওচৰলৈ এজন নবী আহিব, আমি তেওঁৰ প্ৰতি ঈমান পোষণ কৰিম আৰু তেওঁৰ অনুসৰণ কৰিম। কিন্তু যেতিয়া কোৰআন আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম সেইসমূহ বৈশিষ্ট্যৰ সৈতে আহিল, যিবোৰ বৈশিষ্ট্য সম্পৰ্কে সিহঁতে ভালকৈয়ে অৱগত আছিল, লগতে সেই সত্য উপস্থাপন কৰা হ’ল, যি সত্যক সিহঁতে ভালকৈয়ে জানিছিল; তথাপিও সিহঁতে অস্বীকাৰ কৰিলে। এনেকুৱা কাফিৰৰ প্ৰতি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অভিসম্পাত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002089.mp3"},{"index":"90","arabicText":"بِئْسَمَا اشْتَرَوْا بِهٖۤ اَنْفُسَهُمْ اَنْ یَّكْفُرُوْا بِمَاۤ اَنْزَلَ اللّٰهُ بَغْیًا اَنْ یُّنَزِّلَ اللّٰهُ مِنْ فَضْلِهٖ عَلٰی مَنْ یَّشَآءُ مِنْ عِبَادِهٖ ۚ فَبَآءُوْ بِغَضَبٍ عَلٰی غَضَبٍ ؕ وَلِلْكٰفِرِیْنَ عَذَابٌ مُّهِیْنٌ ۟","assameseTranslation":"যিটোৰ বিনিময়ত সিহঁতে নিজকে বিক্ৰী কৰিছে সেয়া কিমান যে নিকৃষ্ট! সেয়া হৈছে, আল্লাহে যি অৱতীৰ্ণ কৰিছে, সিহঁতে তাৰ লগত কুফৰী কৰিছে, এই জিদৰ বশৱৰ্তী হৈ যে, আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ ওপৰত তেওঁৰ অনুগ্ৰহ অৱতীৰ্ণ কৰে। সেয়ে সিহঁতে ক্ৰোধৰ ওপৰত ক্ৰোধ অৰ্জন কৰিছে আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।","footnotes":"","tafseer":"আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰিবৰ্তে সিহঁতে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰিলে। ফলত সিহঁতে আল্লাহে অৱতীৰ্ণ কৰা চৰীয়তক অস্বীকাৰ কৰিলে আৰু তেওঁৰ ৰাছুলসকলক মিছা প্ৰতিপন্ন কৰিলে। এইবোৰ সিহঁতে অন্যায় আৰু ঈৰ্ষাৰ ফলত কৰিছিল, কাৰণ আল্লাহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নুবুওৱত আৰু কোৰআনৰ দ্বাৰা সন্মানিত কৰিছে। এতেকে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱজ্ঞা আৰু ইয়াৰ পূৰ্বে তাওৰাত বিকৃত কৰাৰ কাৰণে সিহঁত আল্লাহৰ গজব আৰু অসন্তুষ্টিৰ পাত্ৰ হৈ গ’ল। লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱত অস্বীকাৰকাৰী সকলৰ বাবে কিয়ামতৰ দিনা আছে লাঞ্ছনাদায়ক শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002090.mp3"},{"index":"91","arabicText":"وَاِذَا قِیْلَ لَهُمْ اٰمِنُوْا بِمَاۤ اَنْزَلَ اللّٰهُ قَالُوْا نُؤْمِنُ بِمَاۤ اُنْزِلَ عَلَیْنَا وَیَكْفُرُوْنَ بِمَا وَرَآءَهٗ ۗ وَهُوَ الْحَقُّ مُصَدِّقًا لِّمَا مَعَهُمْ ؕ قُلْ فَلِمَ تَقْتُلُوْنَ اَنْۢبِیَآءَ اللّٰهِ مِنْ قَبْلُ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟","assameseTranslation":"আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতি তোমালোকে ঈমান পোষণ কৰা’, তেতিয়া সিহঁতে কয়, ‘আমাৰ প্ৰতি যি নাযিল হৈছে আমি কেৱল তাৰ প্ৰতিহে ঈমান পোষণ কৰোঁ’। অথচ সিহঁতে ইয়াৰ বাহিৰে যি আছে সেই সকলো অস্বীকাৰ কৰে, যদিও সেয়া সত্য আৰু সিহঁতৰ ওচৰত যি আছে তাৰ সমৰ্থনকাৰী। কোৱা, ‘যদি তোমালোকে মুমিন তেন্তে তোমালোকে অতীতত কিয় আল্লাহৰ নবীসকলক হত্যা কৰিছিলা?’","footnotes":"","tafseer":"যেতিয়া এই ইয়াহুদীসকলক কোৱা হয় যে, ‘সেই সত্য আৰু হিদায়তৰ প্ৰতি ঈমান পোষণ কৰা, যিটো আল্লাহে তেওঁৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছে’। তেতিয়া সিহঁতে কয়ঃ ‘আমি সেইটোৰ প্ৰতি ঈমান পোষণ কৰোঁ, যিটো আমাৰ নবীৰ প্ৰতি অৱতীৰ্ণ হৈছে’। এইদৰে সিহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা গ্ৰন্থক অস্বীকাৰ কৰে। অথচ এই কোৰআনেই হৈছে সত্য, লগতে ই সেই সমূহ গ্ৰন্থৰো সত্যায়ন কৰে যিবোৰ সিহঁতে ইতিপূৰ্বে আল্লাহৰ পৰা পাইছে। দৰাচলতে সিহঁতে যদি পূৰ্বে অৱতীৰ্ণ হোৱা গ্ৰন্থসমূহৰ প্ৰতি ঈমান পোষণ কৰা হ’লহেঁতেন তেন্তে নিশ্চয় কোৰআনৰ প্ৰতিও ঈমান আনিলেহেঁতেন! হে নবী! আপুনি সিহঁতক কওক, যদি তোমালোকে পূৰ্বৱৰ্তী নবীসকলে লৈ অহা সত্যৰ প্ৰতি সঁচাকৈয়ে ঈমান পোষণ কৰিছিলা, তেন্তে কোৱাচোন, তোমালোকে আল্লাহৰ নবীসকলক কিয় অন্যায়ভাৱে হত্যা কৰিছিলা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002091.mp3"},{"index":"92","arabicText":"وَلَقَدْ جَآءَكُمْ مُّوْسٰی بِالْبَیِّنٰتِ ثُمَّ اتَّخَذْتُمُ الْعِجْلَ مِنْ بَعْدِهٖ وَاَنْتُمْ ظٰلِمُوْنَ ۟","assameseTranslation":"আৰু নিশ্চয় মুছাই তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণসহ আহিছিল, তাৰ পিছতো তোমালোকে তেওঁৰ অনুপস্থিতিত দামুৰিটোক (উপাস্যৰূপে) গ্ৰহণ কৰিছিলা। বাস্তবিকতেই তোমালোক হৈছা যালিম।","footnotes":"","tafseer":"নিশ্চয় মূছা আলাইহিচ্ছালামে সত্য নবী হোৱাৰ স্পষ্ট নিদৰ্শনসমূহ আৰু প্ৰমাণাদি লৈ তোমালোকৰ ওচৰলৈ আহিছিল। আকৌ যেতিয়া মূছা আলাইহিচ্ছালামে নিৰ্ধাৰিত সময়ত তেওঁৰ প্ৰতিপালকৰ লগত সাক্ষাৎ কৰিবলৈ গ’ল, তেতিয়া তোমালোকে দামুৰি এটাক উপাস্য কৰি লৈছিলা। দৰাচলতে তোমালোকে আল্লাহৰ ইবাদতত আনক অংশীদাৰ কৰি মহা অন্যায় কৰিছিলা। অথচ একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য তেওঁৰ কোনো অংশীদাৰ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002092.mp3"},{"index":"93","arabicText":"وَاِذْ اَخَذْنَا مِیْثَاقَكُمْ وَرَفَعْنَا فَوْقَكُمُ الطُّوْرَ ؕ خُذُوْا مَاۤ اٰتَیْنٰكُمْ بِقُوَّةٍ وَّاسْمَعُوْا ؕ قَالُوْا سَمِعْنَا وَعَصَیْنَا ۗ وَاُشْرِبُوْا فِیْ قُلُوْبِهِمُ الْعِجْلَ بِكُفْرِهِمْ ؕ قُلْ بِئْسَمَا یَاْمُرُكُمْ بِهٖۤ اِیْمَانُكُمْ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ পৰা প্ৰতিশ্ৰুতি লৈছিলোঁ আৰু তুৰ পৰ্বতক তোমালোকৰ ওপৰত উত্তোলন কৰিছিলোঁ, (আৰু কৈছিলোঁ) ‘আমি যি প্ৰদান কৰিলোঁ সেয়া দৃঢ়ভাৱে গ্ৰহণ কৰা আৰু (মনোযোগ সহকাৰে) শুনা’। সিহঁতে কৈছিল, ‘আমি শুনিলোঁ আৰু অমান্য কৰিলোঁ’, আৰু কুফৰীৰ কাৰণে সিহঁতৰ অন্তৰত দামুৰিপ্ৰীতি সোমোৱাই দিয়া হৈছিল। কোৱা, ‘যদি তোমালোক মুমিন তেন্তে তোমালোকৰ ঈমানে তোমালোকক যি নিৰ্দেশ দিয়ে সেয়া কিমান যে নিকৃষ্ট!’","footnotes":"","tafseer":"তথা সেই সময়ক স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছিলোঁ যে, তোমালোকে মূছা আলাইহিচ্ছালামৰ অনুসৰণ কৰিবা আৰু আল্লাহ প্ৰদত্ত চৰীয়তক আঁকোৱালী ল’বা, আৰু তোমালোকক ভয় দেখুৱাবলৈ আমি তোমালোকৰ ওপৰত তুৰ পৰ্বতক দাঙি ধৰিছিলোঁ আৰু কৈছিলোঁঃ তাওৰাতক দৃঢ়ভাৱে ধাৰণ কৰা যিটো আমি তোমালোকক প্ৰদান কৰিছোঁ। লগতে মানি লোৱা আৰু অনুসৰণ কৰাৰ উদ্দেশ্যে মনোযোগেৰে শুনা অন্যথা তোমালোকৰ ওপৰত আমি এই পৰ্বত পেলাই দিম। তেতিয়া তোমালোকে কৈছিলাঃ আমি কাণেৰে শুনিলোঁ কিন্তু আমল কৰিবলৈ অস্বীকাৰ কৰিলোঁ। দৰাচলতে সিহঁতৰ কুফৰীৰ কাৰণে সিহঁতৰ অন্তৰত দামুৰিৰ উপাসনাই শিপা মেলিছিল। হে নবী! আপুনি কৈ দিয়ক, যদি তোমালোক মুমিন, তেন্তে এয়া হৈছে তোমালোকৰ নিকৃষ্ট ঈমান, যি ঈমানে তোমালোকক আল্লাহৰ লগত কুফৰী কৰাৰ নিৰ্দেশ দিয়ে। কাৰণ প্ৰকৃত ঈমানৰ লগত কেতিয়াও কুফৰী সম্পৃক্ত থাকিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002093.mp3"},{"index":"94","arabicText":"قُلْ اِنْ كَانَتْ لَكُمُ الدَّارُ الْاٰخِرَةُ عِنْدَ اللّٰهِ خَالِصَةً مِّنْ دُوْنِ النَّاسِ فَتَمَنَّوُا الْمَوْتَ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"কোৱা, ‘যদি অন্যান্য মানুহৰ বাহিৰে আল্লাহৰ ওচৰত যদি আখিৰাতৰ বাসস্থান কেৱল তোমালোকৰ বাবেই নিৰ্দিষ্ট তেন্তে তোমালোকে মৃত্যু কামনা কৰা, যদি তোমালোকে সত্যবাদী হোৱা’।","footnotes":"","tafseer":"হে নবী! আপুনি কৈ দিয়ক, হে ইয়াহুদীসকল! যদি আখিৰাতত জান্নাত কেৱল তোমালোকৰ বাবেই সংৰক্ষিত আছে আৰু তাত তোমালোকৰ বাহিৰে আন কোনেও প্ৰৱেশ কৰিব নোৱাৰিব তেতিয়াহ’লে তোমালোকে মৃত্যু কামনা কৰা, যাতে অতিসোনকালে তোমালোকে তাত প্ৰৱেশ কৰিব পাৰা, লগতে পাৰ্থিৱ জীৱনৰ অসুবিধা আৰু চিন্তাৰ পৰাও সকাহ পাবা। যদি তোমালোকৰ এই কথা সত্য তেন্তে মৃত্যু কামনা কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002094.mp3"},{"index":"95","arabicText":"وَلَنْ یَّتَمَنَّوْهُ اَبَدًا بِمَا قَدَّمَتْ اَیْدِیْهِمْ ؕ وَاللّٰهُ عَلِیْمٌۢ بِالظّٰلِمِیْنَ ۟","assameseTranslation":"কিন্তু সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতে কেতিয়াও এয়া কামনা নকৰিব; আৰু আল্লাহ যালিমসকলৰ বিষয়ে সম্যক জ্ঞানী।","footnotes":"","tafseer":"সিহঁতে কেতিয়াও মৃত্যু কামনা নকৰিব। কিয়নো জীৱনত সিহঁতে আল্লাহক অস্বীকাৰ কৰা, তেওঁৰ ৰাছুলৰ প্ৰতি মিথ্যাৰোপ কৰা আৰু তেওঁৰ গ্ৰন্থসমূহক বিকৃত কৰাৰ দৰে আৰু বহুতো মহা অপৰাধ কৰিছে। আল্লাহে সিহঁতৰ মাজৰ আৰু আন সম্প্ৰদায়ৰ সকলো অন্যায়কাৰীকেই ভালদৰে জানে, আৰু প্ৰত্যেককে তাৰ আমলৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002095.mp3"},{"index":"96","arabicText":"وَلَتَجِدَنَّهُمْ اَحْرَصَ النَّاسِ عَلٰی حَیٰوةٍ ۛۚ وَمِنَ الَّذِیْنَ اَشْرَكُوْا ۛۚ یَوَدُّ اَحَدُهُمْ لَوْ یُعَمَّرُ اَلْفَ سَنَةٍ ۚ وَمَا هُوَ بِمُزَحْزِحِهٖ مِنَ الْعَذَابِ اَنْ یُّعَمَّرَ ؕ وَاللّٰهُ بَصِیْرٌ بِمَا یَعْمَلُوْنَ ۟۠","assameseTranslation":"আৰু তুমি নিশ্চয় সিহঁতক জীৱনৰ প্ৰতি আন আন লোকতকৈ বেছি লোভী দেখিবলৈ পাবা, আনকি মুশ্বৰিকসকলতকৈও বেছি। সিহঁতৰ প্ৰত্যেকেই আশা কৰে যদি হাজাৰ বছৰ আয়ু দিয়া হ’লহেঁতেন; অথচ দীৰ্ঘায়ুয়ে তাক শাস্তিৰ পৰা নিষ্কৃতি দিব নোৱাৰিব। সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।","footnotes":"","tafseer":"হে নবী! আপুনি আন আন মানুহতকৈ ইয়াহুদীসকলক অধিক জীয়াই থকাৰ বাসনাকাৰী হিচাপে পাব। যদিও তুচ্ছ আৰু নিকৃষ্ট জীৱনেই নহওক কিয়। এই ক্ষেত্ৰত ইহঁতে মুশ্বৰিকসকলতকৈও এখোজ আগবঢ়া যিসকলে পুনৰুত্থান আৰু হিচাপ নিকাচ বিশ্বাস নকৰে, অথচ ইহঁত হৈছে আহলে কিতাব, তথা পুনৰুত্থান আৰু হিচাপ-নিকাচৰ প্ৰতি বিশ্বাসকাৰী, ইয়াৰ পিছতো ইহঁতৰ প্ৰত্যেক ব্যক্তিয়ে হেজাৰ বছৰ আয়ু কামনা কৰে। যদিও সিহঁতৰ দীৰ্ঘ জীৱনে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। সিহঁতৰ কৰ্ম সম্পৰ্কে আল্লাহ অৱগত, আৰু সিহঁতক দেখি আছে। তেওঁৰ পৰা কোনো বস্তু গোপন নহয় আৰু তেওঁ প্ৰত্যেককে নিজৰ আমলৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002096.mp3"},{"index":"97","arabicText":"قُلْ مَنْ كَانَ عَدُوًّا لِّجِبْرِیْلَ فَاِنَّهٗ نَزَّلَهٗ عَلٰی قَلْبِكَ بِاِذْنِ اللّٰهِ مُصَدِّقًا لِّمَا بَیْنَ یَدَیْهِ وَهُدًی وَّبُشْرٰی لِلْمُؤْمِنِیْنَ ۟","assameseTranslation":"কোৱা, ‘যিয়ে জিব্ৰীলৰ প্ৰতি শত্ৰুতা পোষণ কৰিব, এইকাৰণে যে, তেওঁ আল্লাহৰ অনুমতিক্ৰমে তোমাৰ হৃদয়ত কোৰআন অৱতীৰ্ণ কৰিছে, যিখন পূৰ্বৱৰ্তী গ্ৰন্থৰো সমৰ্থনকাৰী আৰু যিখন মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক আৰু শুভ সংবাদ।","footnotes":"","tafseer":"হে নবী! আপুনি সেইসকল ইয়াহুদীক জনাই দিয়ক যিসকলে কয়ঃ “ফিৰিস্তাসকলৰ ভিতৰত জিব্ৰীল হৈছে আমাৰ শত্ৰু”। যিয়ে জিব্ৰীলৰ লগত শত্ৰুতা পোষণ কৰে, সিহঁতে জানি থোৱা উচিত যে, তেৱেঁই আল্লাহৰ আদেশত আপোনাৰ অন্তৰত কোৰআন অৱতীৰ্ণ কৰিছে, যি কোৰআনে তাওৰাত, ইঞ্জীলৰ দৰে পূৰ্বৱৰ্তী সকলো গ্ৰন্থক সত্যায়ন কৰে। সত্কৰ্মৰ সন্ধান দিয়ে আৰু মুমিনসকলক সেইসমূহ নিয়ামতৰ সুসংবাদ দিয়ে যিবোৰ আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। এতেকে যিয়ে এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী সত্ত্বাৰ লগত শত্ৰুতা পোষণ কৰে, নিশ্চয় সি পথভ্ৰষ্টসকলৰ অন্তৰ্ভুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002097.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002097.mp3"},{"index":"98","arabicText":"مَنْ كَانَ عَدُوًّا لِّلّٰهِ وَمَلٰٓىِٕكَتِهٖ وَرُسُلِهٖ وَجِبْرِیْلَ وَمِیْكٰىلَ فَاِنَّ اللّٰهَ عَدُوٌّ لِّلْكٰفِرِیْنَ ۟","assameseTranslation":"আল্লাহ, তেওঁৰ ফিৰিস্তাসকল, তেওঁৰ ৰাছুলসকল, জিব্ৰীল আৰু মীকাইলৰ সৈতে যিয়ে শত্ৰুতা পোষণ কৰিব, তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহ কাফিৰসকলৰ শত্ৰু’।","footnotes":"","tafseer":"যিয়ে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ফিৰিস্তাৰ প্ৰতি, লগতে তেওঁৰ ৰাছুলসকলৰ প্ৰতি শত্ৰুতা পোষণ কৰে তথা তেওঁৰ নিকটৱৰ্তী দুই ফিৰিস্তা জিব্ৰীল আৰু মিকাইলৰ প্ৰতি শত্ৰুতা পোষণ কৰে তেন্তে জানি থোৱা, নিশ্চয় আল্লাহ হৈছে তোমালোকৰ মাজৰ কাফিৰসকলৰ শত্ৰু আৰু আন আন সম্প্ৰদায়ৰ কাফিৰ সকলৰো শত্ৰু। এতেকে যাৰ শত্ৰু স্বয়ং আল্লাহ, সি নিশ্চয় স্পষ্ট ক্ষতিগ্ৰস্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002098.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002098.mp3"},{"index":"99","arabicText":"وَلَقَدْ اَنْزَلْنَاۤ اِلَیْكَ اٰیٰتٍۭ بَیِّنٰتٍ ۚ وَمَا یَكْفُرُ بِهَاۤ اِلَّا الْفٰسِقُوْنَ ۟","assameseTranslation":"আৰু নিশ্চয় আমি তোমাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছোঁ, ফাছিকসকলৰ বাহিৰে আন কোনোৱেই ইয়াক অস্বীকাৰ নকৰে।","footnotes":"","tafseer":"হে নবী! আমি আপোনাৰ নুবুওৱত আৰু অহীৰ সত্যতাৰ বাবে স্পষ্ট নিদৰ্শন অৱতীৰ্ণ কৰিছোঁ। এইবোৰ স্পষ্ট নিদৰ্শনৰ বিৰোধিতা কেৱল সেই ব্যক্তিয়েই কৰিব পাৰে যিজন আল্লাহৰ দ্বীনৰ পৰা বহিষ্কৃত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002099.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002099.mp3"},{"index":"100","arabicText":"اَوَكُلَّمَا عٰهَدُوْا عَهْدًا نَّبَذَهٗ فَرِیْقٌ مِّنْهُمْ ؕ بَلْ اَكْثَرُهُمْ لَا یُؤْمِنُوْنَ ۟","assameseTranslation":"এয়া সঁচা নহয় জানো, যেতিয়াই সিহঁতে কোনো অংগীকাৰ কৰিছে তেতিয়াই সিহঁতৰ কোনো এটা দলে ইয়াক দলিয়াই দিছে? বৰং সিহঁতৰ অধিকাংশই বিশ্বাস নকৰে।","footnotes":"","tafseer":"ইয়াহুদীসকলৰ বেয়া আচৰণৰ এটা উদাহৰণ এই যে, সিহঁতে যেতিয়াই প্ৰতিশ্ৰুতি কৰিছে –তাওৰাতত থকা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ ভৱিষ্যদ্বাণীৰ প্ৰতি ঈমান পোষণ কৰাও ইয়াৰ অন্তৰ্ভুক্ত- তেতিয়াই সিহঁতৰ এটা দলে সেই প্ৰতিশ্ৰুতি ভঙ্গ কৰিছে। দৰাচলতে ইয়াহুদীসকলৰ অধিকাংশই আল্লাহে অৱতীৰ্ণ কৰা গ্ৰন্থৰ প্ৰতি ঈমান পোষণ নকৰে। কিয়নো ঈমানে প্ৰতিশ্ৰুতিৰ প্ৰতি অটল থকাৰ প্ৰমাণ বহন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002100.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002100.mp3"},{"index":"101","arabicText":"وَلَمَّا جَآءَهُمْ رَسُوْلٌ مِّنْ عِنْدِ اللّٰهِ مُصَدِّقٌ لِّمَا مَعَهُمْ نَبَذَ فَرِیْقٌ مِّنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ ۙۗ كِتٰبَ اللّٰهِ وَرَآءَ ظُهُوْرِهِمْ كَاَنَّهُمْ لَا یَعْلَمُوْنَ ۟ؗ","assameseTranslation":"আৰু যেতিয়া আল্লাহৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ এজন ৰাছুল আহিল, সিহঁতৰ ওচৰত যি আছে তাক সমৰ্থনকাৰী হিচাপে, তেতিয়া কিতাবীসকলৰ এটা দলে আল্লাহৰ কিতাবক পিছফালে দলিয়াই দিলে, যেনিবা সিহঁতে একোৱেই নাজানে।","footnotes":"","tafseer":"মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ তৰফৰ পৰা নবী হৈ যেতিয়া সিহঁতৰ ওচৰলৈ আহিল আৰু তেখেতৰ মাজত সেই সকলো বৈশিষ্ট্য বিদ্যমান আছিল যিবোৰ তাওৰাতত বৰ্ণনা কৰা হৈছিল। তথাপিও সিহঁতৰ এটা দলে তাওৰাতৰ সেই বৰ্ণনাৰ পৰা মুখ ঘূৰাই ল’লে আৰু পিছফালে দলিয়াই দিলে। সিহঁত হৈছে মুৰ্খৰ দৰে, যিসকলে তাওৰাতত থকা সত্য আৰু হিদায়তৰ দ্বাৰা উপকৃত নহয়, আৰু তাৰ যত্নও নলয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002101.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002101.mp3"},{"index":"102","arabicText":"وَاتَّبَعُوْا مَا تَتْلُوا الشَّیٰطِیْنُ عَلٰی مُلْكِ سُلَیْمٰنَ ۚ وَمَا كَفَرَ سُلَیْمٰنُ وَلٰكِنَّ الشَّیٰطِیْنَ كَفَرُوْا یُعَلِّمُوْنَ النَّاسَ السِّحْرَ ۗ وَمَاۤ اُنْزِلَ عَلَی الْمَلَكَیْنِ بِبَابِلَ هَارُوْتَ وَمَارُوْتَ ؕ وَمَا یُعَلِّمٰنِ مِنْ اَحَدٍ حَتّٰی یَقُوْلَاۤ اِنَّمَا نَحْنُ فِتْنَةٌ فَلَا تَكْفُرْ ؕ فَیَتَعَلَّمُوْنَ مِنْهُمَا مَا یُفَرِّقُوْنَ بِهٖ بَیْنَ الْمَرْءِ وَزَوْجِهٖ ؕ وَمَا هُمْ بِضَآرِّیْنَ بِهٖ مِنْ اَحَدٍ اِلَّا بِاِذْنِ اللّٰهِ ؕ وَیَتَعَلَّمُوْنَ مَا یَضُرُّهُمْ وَلَا یَنْفَعُهُمْ ؕ وَلَقَدْ عَلِمُوْا لَمَنِ اشْتَرٰىهُ مَا لَهٗ فِی الْاٰخِرَةِ مِنْ خَلَاقٍ ؕ۫ وَلَبِئْسَ مَا شَرَوْا بِهٖۤ اَنْفُسَهُمْ ؕ لَوْ كَانُوْا یَعْلَمُوْنَ ۟","assameseTranslation":"আৰু ছুলাইমানৰ ৰাজত্বত চয়তানসকলে যি আবৃত্তি কৰিছিল সেয়া সিহঁতে অনুসৰণ কৰিছে আৰু ছুলাইমানে (কেতিয়াও) কুফৰী কৰা নাছিল, বৰং চয়তানেহে কুফৰী কৰিছিল। সিহঁতে মানুহক যাদু শিক্ষা দিছিল আৰু (সেই বিষয়ে শিক্ষা দিছিল) যিটো বাবিল চহৰত হাৰূত আৰু মাৰূত ফিৰিস্তাদয়ৰ ওপৰত অৱতীৰ্ণ হৈছিল। তেওঁলোক উভয়েই এই কথা নোকোৱালৈকে কাকো শিক্ষা দিয়া নাছিল যে, ‘আমি কেৱল এটা পৰীক্ষাহে’; সেয়ে তুমি কুফৰী নকৰিবা। ইয়াৰ পিছতো সিহঁতে ফিৰিস্তাদ্বয়ৰ পৰা এনেকুৱা যাদু শিকি লৈছিল যিটোৰ দ্বাৰা সিহঁতে স্বামী-স্ত্ৰীৰ মাজত বিচ্ছেদ ঘটাইছিল। অথচ সিহঁতে আল্লাহৰ অনুমতিবিনে তাৰ দ্বাৰা কাৰো ক্ষতি কৰিব পৰা নাছিল; আৰু সিহঁতে কেৱল সেইটোৱে শিকিছিল যিটো সিহঁতক ক্ষতি কৰিছিল, কোনো উপকাৰ কৰা নাছিল; আৰু সিহঁতে নিশ্চিতভাৱে জানে যে, যিয়ে ইয়াক ক্ৰয় কৰে (অৰ্থাৎ যিয়ে যাদুৰ আশ্ৰয় লয়) তাৰ বাবে আখিৰাতত কোনো অংশ নাই। যাৰ বিনিময়ত সিহঁতে নিজকে বিক্ৰী কৰি আছে, সেয়া কিমান যে নিকৃষ্ট, যদি সিহঁত জানিলেহেঁতেন!","footnotes":"","tafseer":"যেতিয়া সিহঁতে আল্লাহৰ দ্বীনৰ পৰা মুখ ঘূৰাই ল’লে, তেতিয়া ইয়াৰ পৰিবৰ্তে সেই সমূহ মনেসজা কথাৰ অনুসৰণ কৰিবলৈ ধৰিলে, যিবোৰ ছুলাইমান আলাইহিচ্ছালামৰ ৰাজত্বৰ বিষয়ে চয়তানে প্ৰচাৰ কৰিছিল। সিহঁতে ধাৰণা কৰিছিল যে, ছুলাইমান আলাইহিচ্ছালামে তেওঁৰ ৰাজত্বক মজবুত কৰি ৰাখিবলৈ যাদু বিদ্যাৰ সহায় লৈছিল। অথচ ছুলাইমান আলাইহিচ্ছালামে যাদু বিদ্যাৰ সহায় লৈ কুফৰী কৰা নাছিল। বৰং চয়তানেহে কুফৰী কৰিছিল, যিয়ে মানুহক যাদু শিকাইছিল। চয়তানে মানুহক সেইসমূহ যাদু শিকাইছিল যিটো ইৰাকৰ বেবিলন চহৰত দুজন ফিৰিস্তা হাৰূত আৰু মাৰূতৰ প্ৰতি মানুহৰ পৰীক্ষাৰ বাবে অৱতীৰ্ণ কৰা হৈছিল। এওঁলোক উভয়ে যাদু শিকোৱাৰ আগতে প্ৰত্যেককে এই সতৰ্কবাণী দি কৈছিলঃ আমি মানুহৰ বাবে কেৱল মাথোন এটা পৰীক্ষাহে, এতেকে তোমালোকে যাদু শিকি কুফৰী নকৰিবা। যিয়ে তেওঁলোকৰ উপদেশ গ্ৰহণ কৰা নাছিল, সি যাদু শিকিছিল। সেই যাদুৰে এটা প্ৰকাৰ আছিল এই ধৰণৰ যে, যিটোৰ দ্বাৰা স্বামী-স্ত্ৰীৰ মাজত বিদ্বেষ সৃষ্টি কৰি বিচ্ছেদ ঘটোৱা হৈছিল। অথচ সিহঁতৰ যাদুৱে আল্লাহৰ অনুমতি আৰু ইচ্ছা অবিহনে কাকো কোনো ধৰণৰ ক্ষতি কৰিব পৰা নাছিল। লগতে এই কথা ইয়াহুদীসকলেও জানে যে, আল্লাহৰ কিতাবৰ পৰিবৰ্তে যাদু বিদ্যা পছন্দ কৰা সকলৰ আখিৰাতত কোনো অংশ নাথাকিব। সিহঁতে আল্লাহৰ অহী আৰু তেওঁৰ চৰীয়তৰ পৰিবৰ্তে যাদু বিদ্যাক পছন্দ কৰিছে। নিশ্চয় সেয়া জঘন্য বস্তু যিটোৰ পৰিবৰ্তে সিহঁতে নিজকে বিক্ৰী কৰিছে। যদি সিহঁতে জানিলেহেঁতেন যে, কোনটো বস্তুৰ দ্বাৰা সিহঁতৰ লাভ হ’ব তেন্তে এই জঘন্য কৰ্ম আৰু স্পষ্ট ভ্ৰষ্টতাত পতিত নহ’লহেঁতেন!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002102.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002102.mp3"},{"index":"103","arabicText":"وَلَوْ اَنَّهُمْ اٰمَنُوْا وَاتَّقَوْا لَمَثُوْبَةٌ مِّنْ عِنْدِ اللّٰهِ خَیْرٌ ؕ لَوْ كَانُوْا یَعْلَمُوْنَ ۟۠","assameseTranslation":"আৰু যদি সিহঁতে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন, তেন্তে আল্লাহৰ তৰফৰ পৰা পাবলগীয়া ছোৱাব নিশ্চিতভাৱে (সিহঁতৰ বাবে) অধিক কল্যাণকৰ হ’লহেঁতেন, এই কথা যদি সিহঁত জানিলেহেঁতেন!","footnotes":"","tafseer":"যদি ইয়াহুদীসকলে আল্লাহৰ প্ৰতি প্ৰকৃত ঈমান পোষণ কৰিলেহেঁতেন! আৰু তেওঁক ভয় কৰি সত্কৰ্ম কৰিলেহেঁতেন, লগতে তেওঁৰ অবাধ্যতা পৰিত্যাগ কৰিলেহেঁতেন! তেন্তে সিহঁতে বৰ্তমান যি অৱস্থাত আছে তাতোকৈ উত্তম প্ৰতিদান আল্লাহৰ ওচৰত পালেহেঁতেন! হায়! যদি সিহঁতে জানিলেহেঁতেন যে, কোনটো বস্তু সিহঁতৰ বাবে উপকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002103.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002103.mp3"},{"index":"104","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَقُوْلُوْا رَاعِنَا وَقُوْلُوا انْظُرْنَا وَاسْمَعُوْا ؕ وَلِلْكٰفِرِیْنَ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকে ‘ৰা-য়িনা’ বুলি নক'বা, বৰং ‘উনযুৰনা’ বুলি কোৱা আৰু শুনা; আৰু কাফিৰসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"আল্লাহে মুমিনসকলক ভাল শব্দ ব্যৱহাৰৰ প্ৰতি মনোযোগ প্ৰদান কৰি কৈছেঃ হে ঈমান্দাৰসকল! তোমালোকে ৰা-ঈনা (অৰ্থাৎ আমাৰ প্ৰতি লক্ষ্য কৰক) শব্দটো ব্যৱহাৰ নকৰিবা। কিয়নো ইয়াহুদীসকলে ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰাৰ সময়ত অহংকাৰ কৰি বেয়া অৰ্থ প্ৰকাশ কৰে। সেয়ে আল্লাহে এই দুৱাৰ বন্ধ কৰিবলৈ এই শব্দটোকে ব্যৱহাৰ কৰিবলৈ নিষেধ কৰিছে আৰু বান্দাসকলক আদেশ দিছে যে, ইয়াৰ পৰিবৰ্তে তোমালোকে উনযুৰনা (অৰ্থাৎ অকণমান অপেক্ষা কৰক, যাতে আমি আপোনাৰ কথা ভালদৰে বুজি পাওঁ) শব্দ ব্যৱহাৰ কৰা। এই শব্দটোৱে কোনো ক্ষতি নোহোৱাকৈ মূল অৰ্থ প্ৰকাশ কৰে। আৰু কাফিৰসকলৰ বাবে আছে যন্ত্ৰণাদায়ক অতি কষ্টকৰ শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002104.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002104.mp3"},{"index":"105","arabicText":"مَا یَوَدُّ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ وَلَا الْمُشْرِكِیْنَ اَنْ یُّنَزَّلَ عَلَیْكُمْ مِّنْ خَیْرٍ مِّنْ رَّبِّكُمْ ؕ وَاللّٰهُ یَخْتَصُّ بِرَحْمَتِهٖ مَنْ یَّشَآءُ ؕ وَاللّٰهُ ذُو الْفَضْلِ الْعَظِیْمِ ۟","assameseTranslation":"কিতাবীসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে সিহঁত আৰু মুশ্বৰিকসকলে এইটো নিবিচাৰে যে, তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওপৰত কোনো কল্যাণ অৱতীৰ্ণ হওক। অথচ আল্লাহে যাক ইচ্ছা নিজ ৰহমতৰ দ্বাৰা বিশেষিত কৰে; আৰু আল্লাহ মহান অনুগ্ৰহদাতা।","footnotes":"","tafseer":"কাফিৰ আহলে কিতাবসকলৰ হওক নাইবা মুশ্বৰিকসকলৰ মাজৰ, তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো কল্যাণ অহাটো সিহঁতে কেতিয়াও পছন্দ নকৰে। কম হওক বা বেছি। অথচ আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে নুবুওৱত, অহী আৰু ঈমান প্ৰদান কৰে, আৰু আল্লাহ মহা অনুগ্ৰহশীল। সৃষ্টিজগতৰ সকলো কল্যাণ তেওঁৰ পৰাই আহে। ৰাছুল প্ৰেৰণ কৰা আৰু কিতাপ অৱতীৰ্ণ কৰাটোও হৈছে তেওঁৰ এটা অনুগ্ৰহ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002105.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002105.mp3"},{"index":"106","arabicText":"مَا نَنْسَخْ مِنْ اٰیَةٍ اَوْ نُنْسِهَا نَاْتِ بِخَیْرٍ مِّنْهَاۤ اَوْ مِثْلِهَا ؕ اَلَمْ تَعْلَمْ اَنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"আমি কোনো আয়াত ৰহিত কৰিলে বা পাহৰাই দিলে তাতোকৈ উত্তম অথবা তাৰ সমপৰ্যায়ৰ কোনো আয়াত আনি দিওঁ। তুমি নাজানানে যে, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"মহান আল্লাহে বৰ্ণনা কৰিছে যে, তেওঁ যেতিয়াই কোনো আয়াতৰ বিধান মনছুখ (ৰহিত) কৰে অথবা কোনো আয়াতৰ শব্দ মনছুখ কৰি সেয়া মানুহক পাহৰাই দিয়ে, তেতিয়া তাৰ ঠাইত তেনেকুৱাই আয়াত পুনৰ লৈ আহে যিটো সিহঁতৰ বাবে দুনিয়া আৰু আখিৰাত উভয় ঠাইতে বেছি লাভদায়ক হ’ব, নাইবা বেছি নহ’লেও পূৰ্বৰ আয়াতৰ সমান লাভদায়ক হ’ব আৰু এই সকলোবোৰ আল্লাহৰ জ্ঞান আৰু তেওঁৰ প্ৰজ্ঞা মুতাবিকহে সংঘটিত হয়। হে নবী আপুনি দেখোন জানেই যে, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। তেওঁ যি বিচাৰে সেইটোৱে কৰে আৰু তেওঁ যিদৰে বিচাৰে সেইটোৱে আদেশ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002106.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002106.mp3"},{"index":"107","arabicText":"اَلَمْ تَعْلَمْ اَنَّ اللّٰهَ لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ وَمَا لَكُمْ مِّنْ دُوْنِ اللّٰهِ مِنْ وَّلِیٍّ وَّلَا نَصِیْرٍ ۟","assameseTranslation":"তুমি নাজানানে যে, আকামণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব একমাত্ৰ আল্লাহৰেই? (জানি থোৱা) আল্লাহৰ বাহিৰে তোমালোকৰ কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।","footnotes":"","tafseer":"হে নবী! আপুনি জানেই যে, নিশ্চয় আল্লাহ আকাশমণ্ডল আৰু পৃথিৱীৰ মালিক। তেওঁ যি বিচাৰে সেইটোৱে ফয়চালা কৰে। এতেকে তেওঁ যি বিচাৰে সেই কামৰে বান্দাসকলক আদেশ দিয়ে আৰু যিটো ইচ্ছা কৰে সেইটোৱে নিষেধ কৰে। চৰীয়তৰ যিটো বিধান ইচ্ছা কৰে বলৱৎ কৰে আৰু যিটো ইচ্ছা কৰে ৰহিত কৰে। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই, যিয়ে তোমালোকৰ দায়িত্ব গ্ৰহণ কৰিব, আৰু তোমালোকৰ কোনো সহায়কো নাই যিয়ে তোমালোকৰ বিপদ দূৰ কৰিব। বৰং এই সকলো কৰ্মৰ মালিক আৰু একমাত্ৰ ক্ষমতাৱান কেৱল মহান আল্লাহ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002107.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002107.mp3"},{"index":"108","arabicText":"اَمْ تُرِیْدُوْنَ اَنْ تَسْـَٔلُوْا رَسُوْلَكُمْ كَمَا سُىِٕلَ مُوْسٰی مِنْ قَبْلُ ؕ وَمَنْ یَّتَبَدَّلِ الْكُفْرَ بِالْاِیْمَانِ فَقَدْ ضَلَّ سَوَآءَ السَّبِیْلِ ۟","assameseTranslation":"তোমালোকে তোমালোকৰ ৰাছুলক এনেকুৱা প্ৰশ্ন কৰিব বিচৰা নেকি যেনেকুৱা প্ৰশ্ন ইয়াৰ পূৰ্বে মূছাক কৰা হৈছিল? আৰু যিয়ে ঈমানক কুফৰীলৈ পৰিবৰ্তন কৰে, নিশ্চিয় সি পোন পথ হেৰুৱায়।","footnotes":"","tafseer":"হে মুমিনসকল! অভিমান আৰু অহংকাৰ কৰি নিজ ৰাছুলৰ কথাত অভিযোগ উত্থাপন কৰাটো তোমালোকৰ বাবে শোভা নাপায়, ইতিপূৰ্বে যিদৰে মূছা আলাইহিচ্ছালামৰ সম্প্ৰদায়ে তেওঁক কৰিছিল। যেনে- সিহঁতে কৈছিলঃ আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুৱা। (আন-নিছাঃ ১৫৩) এতেকে শুনা! যিয়ে ঈমানৰ পৰিবৰ্তে কুফৰী অৱলম্বন কৰিব, সি মধ্যম পন্থাৰ পৰা অৰ্থাৎ পোন পথৰ পৰা আঁতৰি যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002108.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002108.mp3"},{"index":"109","arabicText":"وَدَّ كَثِیْرٌ مِّنْ اَهْلِ الْكِتٰبِ لَوْ یَرُدُّوْنَكُمْ مِّنْ بَعْدِ اِیْمَانِكُمْ كُفَّارًا ۖۚ حَسَدًا مِّنْ عِنْدِ اَنْفُسِهِمْ مِّنْ بَعْدِ مَا تَبَیَّنَ لَهُمُ الْحَقُّ ۚ فَاعْفُوْا وَاصْفَحُوْا حَتّٰی یَاْتِیَ اللّٰهُ بِاَمْرِهٖ ؕ اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"কিতাবীসকলৰ বহুতেই বিচাৰে, যদি সিহঁতে তোমালোকক তোমালোকৰ ঈমান পোষণ কৰাৰ পিছত কাফিৰৰূপে ওভতাই নিব পাৰিলেহেঁতেন! সত্য স্পষ্ট হোৱাৰ পিছতো সিহঁতৰ নিজৰ ফালৰ পৰা বিদ্বেষবশতঃ (সিহঁতে এইটো কৰি থাকে)। এতেকে তোমালোকে ক্ষমা কৰা আৰু উপেক্ষা কৰা আল্লাহে তেওঁৰ কোনো নিৰ্দেশনা নিদিয়ালৈকে--- নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"ইয়াহুদী আৰু খৃষ্টানসকলৰ অধিকাংশ লোকে তোমালোকক ঈমানৰ সীমাৰেখাৰ পৰা উলিয়াই পুনৰ কুফৰত বৰ্তি কৰাব বিচাৰে, যিদৰে তোমালোকে ইয়াৰ পূৰ্বে মূৰ্ত্তি পূজাত লিপ্ত আছিলা। ইহঁতে ঈৰ্ষাৰ ফলত এনেকুৱা কামনা কৰে। অথচ সিহঁতৰ ওচৰত এইটো স্পষ্ট হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যি লৈ আহিছে সেয়া সত্য। এতেকে হে ঈমান্দাৰসকল! সিহঁতৰ এই কৰ্মক ক্ষমা কৰি দিয়া লগতে সিহঁতৰ অজ্ঞানতা আৰু ঈৰ্ষাক মাৰ্জনা কৰা, যেতিয়ালৈকে সিহঁতৰ বিষয়ে আল্লাহৰ আদেশ নাহে। এতিয়া যিহেতু আল্লাহৰ সেই আদেশ আহি পৰিছে। সেয়ে এতিয়া কাফিৰসকলক সুযোগ দিয়া হ’ব যে, ইছলাম অথবা জিয-ইয়া কৰ নাইবা যুদ্ধ এই তিনিটাৰ যিটো ইচ্ছা চয়ন কৰা। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তুৰ ওপৰত ক্ষমতাৱান। সেয়ে সিহঁতে তেওঁক অপাৰগ কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002109.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002109.mp3"},{"index":"110","arabicText":"وَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ ؕ وَمَا تُقَدِّمُوْا لِاَنْفُسِكُمْ مِّنْ خَیْرٍ تَجِدُوْهُ عِنْدَ اللّٰهِ ؕ اِنَّ اللّٰهَ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟","assameseTranslation":"আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা আৰু যিখিনি নেক আমল তোমালোকে নিজৰ বাবে আগলৈ প্ৰেৰণ কৰিবা, সেইটো তোমালোকে আল্লাহৰ ওচৰত নিশ্চয় পাবা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।","footnotes":"","tafseer":"নামাজক ইয়াৰ আৰকান, ওৱাজিবাত আৰু ছুন্নতৰ সৈতে সম্পূৰ্ণৰূপে আদায় কৰা। লগতে নিজৰ সম্পত্তিৰ যাকাত আদায় কৰি উপযুক্ত ব্যক্তিসকলৰ মাজত বন্টন কৰি দিয়া। তোমালোকে নিজৰ জীৱন কালত যি সত্কৰ্মই কৰিবা সেয়া তোমালোকৰ মৃত্যুৰ পূৰ্বে পৰকালত সঞ্চিত হ’ব। ইয়াৰ প্ৰতিদান ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ ওচৰত পাবা, আৰু আল্লাহে তোমালোকক ইয়াৰ প্ৰতিদান দিব। নিশ্চয় আল্লাহে তোমালোকৰ কৰ্মসমূহ প্ৰত্যক্ষ কৰি আছে। সেয়ে প্ৰত্যেককে নিজৰ কৰ্ম অনুসাৰে তেওঁ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002110.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002110.mp3"},{"index":"111","arabicText":"وَقَالُوْا لَنْ یَّدْخُلَ الْجَنَّةَ اِلَّا مَنْ كَانَ هُوْدًا اَوْ نَصٰرٰی ؕ تِلْكَ اَمَانِیُّهُمْ ؕ قُلْ هَاتُوْا بُرْهَانَكُمْ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"আৰু সিহঁতে কয়, ‘ইয়াহূদী অথবা নাছাৰাৰ বাহিৰে আন কোনেও কেতিয়াও জান্নাতত প্ৰৱেশ নকৰিব’। এইটো সিহঁতৰ মিছা আশা মাথোন। কোৱা, ‘যদি তোমালোকে সত্যবাদী হোৱা তেনেহ’লে প্ৰমাণ লৈ আহা’।","footnotes":"","tafseer":"ইয়াহুদী আৰু খৃষ্টানসকলৰ প্ৰত্যেকে কয় যে, জান্নাত কেৱল সিহঁতৰ বাবেই নিৰ্দিষ্ট। এতেকে ইয়াহুদীসকলে কয় যে, জান্নাতত কেৱল ইয়াহুদীসকলহে যাব। আনহাতে খৃষ্টানসকলে কয় যে, জান্নাতত কেৱল খৃষ্টান বিলাকেহে যাব। দৰাচলতে এয়া সিহঁতৰ মিছা আকাংক্ষা আৰু অসত্য ধাৰণাহে মাত্ৰ। হে নবী! আপুনি ইয়াৰ খণ্ডন কৰি কওক যে, যদি তোমালোকৰ কথাত সত্যতা আছে তেন্তে উপযুক্ত প্ৰমাণ লৈ আহা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002111.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002111.mp3"},{"index":"112","arabicText":"بَلٰی ۗ مَنْ اَسْلَمَ وَجْهَهٗ لِلّٰهِ وَهُوَ مُحْسِنٌ فَلَهٗۤ اَجْرُهٗ عِنْدَ رَبِّهٖ ۪ وَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟۠","assameseTranslation":"হয়, যিয়ে আল্লাহৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰে আৰু সৎকৰ্মশীল হয় তাৰ প্ৰতিদান তাৰ প্ৰতিপালকৰ ওচৰত আছে; আৰু তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।","footnotes":"","tafseer":"প্ৰত্যেক সেই ব্যক্তি জান্নাতত প্ৰৱেশ কৰিব, যিয়ে নিষ্ঠাৰ সৈতে আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে, তথা ৰাছুলে দেখুৱাই দিয়া পদ্ধতি অনুযায়ী আন্তৰিকতাৰে আল্লাহৰ ইবাদত কৰে। এনেকুৱা ব্যক্তিয়েহে জান্নাতত প্ৰৱেশ কৰিব। সি যি সম্প্ৰদায়ৰে নহওক কিয়। তাৰ প্ৰতিদান আছে নিজ প্ৰতিপালকৰ ওচৰত। আখিৰাতত তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু পৃথিৱীত কোনো বস্তু নোপোৱাৰ বাবে দুখ প্ৰকাশো নকৰিব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আবিৰ্ভাৱৰ পিছত এনেকুৱা বৈশিষ্ট্য কেৱল মুমিনসকলৰহে আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002112.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002112.mp3"},{"index":"113","arabicText":"وَقَالَتِ الْیَهُوْدُ لَیْسَتِ النَّصٰرٰی عَلٰی شَیْءٍ ۪ وَّقَالَتِ النَّصٰرٰی لَیْسَتِ الْیَهُوْدُ عَلٰی شَیْءٍ ۙ وَّهُمْ یَتْلُوْنَ الْكِتٰبَ ؕ كَذٰلِكَ قَالَ الَّذِیْنَ لَا یَعْلَمُوْنَ مِثْلَ قَوْلِهِمْ ۚ فَاللّٰهُ یَحْكُمُ بَیْنَهُمْ یَوْمَ الْقِیٰمَةِ فِیْمَا كَانُوْا فِیْهِ یَخْتَلِفُوْنَ ۟","assameseTranslation":"আৰু ইয়াহূদীসকলে কয়, ‘নাছাৰাসকলৰ কোনো ভিত্তি নাই’ আৰু নাছাৰাসকলে কয়, ‘ইয়াহূদীসকলৰ কোনো ভিত্তি নাই’ অথচ সিহঁতে কিতাব অধ্যায়ন কৰে। এইদৰে যিসকলে একোৱেই নাজানে সিহঁতেও সেই একেই কথাই কয়। এতেকে যি বিষয়ে সিহঁতে মতভেদ কৰিছিল ক্বিয়ামতৰ দিনা আল্লাহে সিহঁতৰ মাজত (সেই বিষয়ে) মীমাংসা কৰি দিব।","footnotes":"","tafseer":"ইয়াহুদীসকলে কয়, খৃষ্টানসকল সঠিক ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত নহয়। আনহাতে খৃষ্টানসকলে কয়, ইয়াহুদীসকল সঠিক ধৰ্মৰ ওপৰত নহয়। অথচ উভয় ধৰ্মৰ অনুসাৰীসকলে নিজৰ নিজৰ ধৰ্মগ্ৰন্থত সিহঁতে অস্বীকাৰ কৰা বিষয়টো, আৰু তাৰ মাজত থকা সকলো নবীৰ প্ৰতি কোনো ধৰণৰ পাৰ্থক্য নকৰাকৈ ঈমান পোষণ কৰাৰ আদেশসমূহ পাঠ কৰে। দৰাচলতে ইহঁতে সকলো ৰাছুলক আৰু তেওঁলোকে পোৱা কিতাবসমূহক অস্বীকাৰ কৰি সেইসকল মুশ্বৰিকৰ দৰে হৈ গৈছে যিসকলৰ ওচৰত (কিতাবৰ কোনো) জ্ঞান নাই। সেয়ে আল্লাহে কিয়ামতৰ দিনা সকলো মতানৈক্যকাৰীৰ মাজত ফয়চালা কৰিব। সেই ন্যায়পূৰ্ণ আদেশৰ জৰিয়তে যিটো তেখেতে তেওঁৰ বান্দাসকলক জনাই দিছে যে, আল্লাহে অৱতীৰ্ণ কৰা সকলো গ্ৰন্থৰ প্ৰতি ঈমান পোষণ নকৰাকৈ সফলতা পোৱাটো অসম্ভৱ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002113.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002113.mp3"},{"index":"114","arabicText":"وَمَنْ اَظْلَمُ مِمَّنْ مَّنَعَ مَسٰجِدَ اللّٰهِ اَنْ یُّذْكَرَ فِیْهَا اسْمُهٗ وَسَعٰی فِیْ خَرَابِهَا ؕ اُولٰٓىِٕكَ مَا كَانَ لَهُمْ اَنْ یَّدْخُلُوْهَاۤ اِلَّا خَآىِٕفِیْنَ ؕ۬ لَهُمْ فِی الدُّنْیَا خِزْیٌ وَّلَهُمْ فِی الْاٰخِرَةِ عَذَابٌ عَظِیْمٌ ۟","assameseTranslation":"আৰু সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে, যিয়ে আল্লাহৰ মছজিদসমূহত তেওঁৰ নাম স্মৰণ কৰিবলৈ বাধা দিয়ে আৰু সেইবোৰৰ অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰে? অথচ সিহঁতৰ উচিত আছিল ভীত-সন্ত্ৰস্ত হৈ তাত প্ৰৱেশ কৰা। সিহঁতৰ বাবে পৃথিৱীত আছে লাঞ্ছনা আৰু আৰু আখিৰাতত সিহঁতৰ বাবে আছে মহাশাস্তি।","footnotes":"","tafseer":"সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আৰুনো কোন হ’ব পাৰে, যিয়ে আল্লাহৰ মছজিদত আল্লাহৰ নাম স্মৰণ কৰিবলৈ বাধা প্ৰদান কৰে। এতেকে সেই বাধাটো নামাজ, যিকিৰ-আজকাৰ আৰু কোৰআন তিলাৱতৰ পৰা নিষেধ কৰাৰ মাধ্যমত হওক অথবা মছজিদ বিনষ্ট কৰাৰ মাধ্যমত, নাইবা তাৰ ভিতৰত ইবাদত কৰিবলৈ বাধা প্ৰদান কৰি বিধ্বস্ত কৰাৰ মাধ্যমতে হওক। মছজিদ বিনষ্ট কৰা এই লোকসকল মছজিদত প্ৰৱেশ কৰাৰ উপযুক্ত নহয়। যদিও মছজিদত প্ৰৱেশ কৰে তেন্তে সিহঁতৰ কুফৰ আৰু আল্লাহৰ মছজিদৰ পৰা মানুহক বাধা প্ৰদান কৰাৰ কাৰণে সিহঁতে ভয় কৰা উচিত আৰু সিহঁতৰ অন্তৰ কপি উঠা উচিত। পাৰ্থিৱ জীৱনত সিহঁতৰ বাবে মুমিনসকলৰ হাতত আছে লাঞ্ছনা, আৰু আখিৰাতত আছে মহা শাস্তি। কিয়নো সিহঁতে মানুহক আল্লাহৰ মছজিদৰ পৰা বিৰত ৰাখিছিল আৰু বাধা প্ৰদান কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002114.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002114.mp3"},{"index":"115","arabicText":"وَلِلّٰهِ الْمَشْرِقُ وَالْمَغْرِبُ ۗ فَاَیْنَمَا تُوَلُّوْا فَثَمَّ وَجْهُ اللّٰهِ ؕ اِنَّ اللّٰهَ وَاسِعٌ عَلِیْمٌ ۟","assameseTranslation":"পূৱ আৰু পশ্চিম আল্লাহৰেই; এতেকে তোমালোকে যি ফালেই মুখ নকৰা কিয়, সেইটোৱেই হৈছে আল্লাহৰ দিশ। নিশ্চয় আল্লাহ সৰ্বব্যাপী, সৰ্বজ্ঞ।","footnotes":"","tafseer":"পূৱ, পশ্চিম আৰু এই দুয়োৰে মাজত থকা ৰাজত্ব কেৱল আল্লাহৰেই। তেওঁ বান্দাসকলক যি ইচ্ছা কৰে সেইটোৰে আদেশ দিয়ে। তোমালোকে যিফালেই মুখ কৰিবা, সেই ফালেই আল্লাহক পাবা। এতেকে যদি তোমালোকক বাইতুল মাক্বদিছ অথবা কাবাৰ পিনে মুখ কৰিবলৈ আদেশ দিয়ে নাইবা কিবলাৰ ফালে মুখ কৰাত ত্ৰুটি হয় বা কিবলাৰ ফালে মুখ কৰা সম্ভৱ নহয় তেন্তে চিন্তাৰ কোনো কাৰণ নাই, কিয়নো সকলো দিশ আল্লাহৰেই। নিশ্চয় আল্লাহ সৰ্বব্যাপী। তেওঁৰ কৃপা আৰু কৰুণা সকলো সৃষ্টিৰ ওপৰত প্ৰসাৰিত। লগতে তেওঁ মানুহৰ সংকল্প আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002115.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002115.mp3"},{"index":"116","arabicText":"وَقَالُوا اتَّخَذَ اللّٰهُ وَلَدًا ۙ سُبْحٰنَهٗ ؕ بَلْ لَّهٗ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ كُلٌّ لَّهٗ قٰنِتُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে কয়, আল্লাহে সন্তান গ্ৰহণ কৰিছে। তেওঁ (ইয়াৰ পৰা) অতি পৱিত্ৰ। বৰং আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহৰেই। সকলো তেওঁৰেই একান্ত অনুগত।","footnotes":"","tafseer":"ইয়াহুদী, খৃষ্টান আৰু মুশ্বৰিকসকলে কয়ঃ আল্লাহৰ সন্তান আছে। অথচ আল্লাহ ইয়াৰ পৰা অতি পৱিত্ৰ। তেওঁ নিজ সৃষ্টিৰ পৰা অমুখাপেক্ষী। সন্তান তাক লাগে, যাক ইয়াৰ প্ৰয়োজন। অথচ আল্লাহ আকাশমণ্ডল আৰু পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰে মালিক। সকলো সৃষ্টি তেওঁৰ অধীনত আৰু সকলোৱে তেওঁৰ সন্মুখতে শিৰ নত কৰে। তেওঁ যেনেকৈ ইচ্ছা সেইদৰেই পৰিচালনা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002116.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002116.mp3"},{"index":"117","arabicText":"بَدِیْعُ السَّمٰوٰتِ وَالْاَرْضِ ؕ وَاِذَا قَضٰۤی اَمْرًا فَاِنَّمَا یَقُوْلُ لَهٗ كُنْ فَیَكُوْنُ ۟","assameseTranslation":"তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ উদ্ভাৱক; আৰু তেওঁ যেতিয়া কিবা কৰাৰ সিদ্ধান্ত লয়, তেতিয়া তাৰ বাবে কেৱল কয়, ‘হ’, ফলত ই হৈ যায়।","footnotes":"","tafseer":"মহান আল্লাহে আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু ভূতপূৰ্ব কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে। তেওঁ যেতিয়া কোনো বস্তুক অস্তিত্ব প্ৰদান কৰিব বিচাৰে, তেতিয়া তেওঁ কেৱল কয় “হ” ফলত সেইটো তত্ক্ষণাত হৈ যায়। তেওঁৰ আদেশ আৰু ফয়চালাক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002117.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002117.mp3"},{"index":"118","arabicText":"وَقَالَ الَّذِیْنَ لَا یَعْلَمُوْنَ لَوْلَا یُكَلِّمُنَا اللّٰهُ اَوْ تَاْتِیْنَاۤ اٰیَةٌ ؕ كَذٰلِكَ قَالَ الَّذِیْنَ مِنْ قَبْلِهِمْ مِّثْلَ قَوْلِهِمْ ؕ تَشَابَهَتْ قُلُوْبُهُمْ ؕ قَدْ بَیَّنَّا الْاٰیٰتِ لِقَوْمٍ یُّوْقِنُوْنَ ۟","assameseTranslation":"আৰু যিহঁতে একোৱেই নাজানে সিহঁতে কয়, ‘আল্লাহে আমাৰ লগত কথা নকয় কিয়? অথবা আমাৰ ওচৰত কোনো নিদৰ্শন নাহে কিয়?’ এনেকৈ সিহঁতৰ পূৰ্বৱৰ্তীসকলেও সিহঁতৰ দৰেই কথা কৈছিল। সিহঁতৰ অন্তৰসমূহ একেই ধৰণৰ। নিশ্চয় আমি আয়াতসমূহক স্পষ্টভাৱে বৰ্ণনা কৰিছোঁ সেইসকল লোকৰ বাবে, যিসকলে দৃঢ় বিশ্বাস পোষণ কৰে।","footnotes":"","tafseer":"মুশ্বৰিক আৰু আহলে কিতাবসকলৰ মাজৰ যিসকলে একোৱেই নাজানে সিহঁতে সত্যৰ সন্মুখত অহংকাৰ কৰি কয়, আল্লাহে আমাৰ লগত প্ৰত্যক্ষভাৱে কথা নকয় কিয়। অথবা আমাৰ ওচৰত অনুধাৱন কৰিব পৰা কোনো নিদৰ্শন নাহে কিয়, যিটো বিশেষকৈ কেৱল আমাৰ বাবে অৱতীৰ্ণ হ'ব? ঠিক এনেকুৱাই কথা ইতিপূৰ্বে সেইসকল লোকেও কৈছিল যিসকলে নিজ নবীসকলক অস্বীকাৰ কৰিছিল। পাৰ্থক্য কেৱল সময় আৰু স্থানৰ। কুফৰ, স্বৈৰাচাৰিতা, ধৃষ্টতাৰ ক্ষেত্ৰত ইহঁত আৰু পূৰ্বৱৰ্তী লোকসকলৰ অন্তৰ হৈছে একেই। এতেকে আমি এনেকুৱা ব্যক্তিসকলৰ বাবে নিদৰ্শন স্পষ্ট কৰি দিছোঁ, যিসকলে সত্য প্ৰকাশ পোৱাৰ পিছত তাৰ প্ৰতি বিশ্বাস স্থাপন কৰে। তেওঁলোকক সন্দেহেও প্ৰতিৰোধ নকৰে আৰু অহংকাৰেও তেওঁলোকক বাধা নিদিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002118.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002118.mp3"},{"index":"119","arabicText":"اِنَّاۤ اَرْسَلْنٰكَ بِالْحَقِّ بَشِیْرًا وَّنَذِیْرًا ۙ وَّلَا تُسْـَٔلُ عَنْ اَصْحٰبِ الْجَحِیْمِ ۟","assameseTranslation":"নিশ্চয় আমি তোমাক প্ৰেৰণ কৰিছোঁ সত্য সহকাৰে, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে; আৰু জাহান্নামীসকলৰ বিষয়ে তোমাক কোনো সোধ-পোচ কৰা নহ’ব।","footnotes":"","tafseer":"হে নবী! আমি আপোনাক সত্য দ্বীনৰ সৈতে প্ৰেৰণ কৰিছোঁ, যাৰ মাজত কোনো সন্দেহ নাই; যাতে আপুনি মুমিনসকলক সুসংবাদ দিয়ে আৰু কাফিৰসকলক জাহান্নামৰ ভয় দেখুৱায়। আপোনাৰ কাম কেৱল স্পষ্টভাৱে পৌঁচাই দিয়া। আল্লাহে আপোনাক সেইসকল জাহান্নামীৰ বিষয়ে প্ৰশ্ন নকৰিব যিসকলে আপোনাৰ প্ৰতি ঈমান পোষণ কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002119.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002119.mp3"},{"index":"120","arabicText":"وَلَنْ تَرْضٰی عَنْكَ الْیَهُوْدُ وَلَا النَّصٰرٰی حَتّٰی تَتَّبِعَ مِلَّتَهُمْ ؕ قُلْ اِنَّ هُدَی اللّٰهِ هُوَ الْهُدٰی ؕ وَلَىِٕنِ اتَّبَعْتَ اَهْوَآءَهُمْ بَعْدَ الَّذِیْ جَآءَكَ مِنَ الْعِلْمِ ۙ مَا لَكَ مِنَ اللّٰهِ مِنْ وَّلِیٍّ وَّلَا نَصِیْرٍ ۟ؔ","assameseTranslation":"ইয়াহূদী আৰু নাছাৰাসকলে কেতিয়াও তোমাৰ প্ৰতি সন্তুষ্ট নহ’ব, যেতিয়ালৈকে তুমি সিহঁতৰ মিল্লাতৰ অনুসৰণ নকৰিবা। কোৱা, ‘নিশ্চয় আল্লাহৰ হিদায়তেই প্ৰকৃত হিদায়ত’; আৰু তোমাৰ ওচৰত যি জ্ঞান আহিছে তাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা তেন্তে আল্লাহৰ তৰফৰ পৰা তোমাৰ কোনো অভিভাৱক আৰু কোনো সহায়কাৰীও নাথাকিব।","footnotes":"","tafseer":"আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সতৰ্ক কৰি কৈছেঃ আপোনাৰ প্ৰতি ইয়াহুদী আৰু খৃষ্টানসকল তেতিয়ালৈকে সন্তুষ্ট নহ'ব যেতিয়ালৈকে আপুনি ইছলাম ত্যাগ কৰি সিহঁতৰ ধৰ্মৰ অনুসৰণ নকৰিব। এতেকে আপুনি কওক, নিশ্চয় আল্লাহৰ কিতাব আৰু ইয়াৰ বৰ্ণনাই হৈছে প্ৰকৃত সত্য, সিহঁত যিটোৰ ওপৰত অৱস্থিত সেইটো কেতিয়াও সত্য নহয়। গতিকে আপুনি অথবা আপোনাৰ কোনো অনুসাৰীয়ে সত্য স্পষ্ট হোৱাৰ পিছতো যদি সিহঁতৰ অনুসৰণ কৰে, তেন্তে জানি থওক! আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায়ক নাপাব। এই আয়াতত সত্য ত্যাগ কৰি বাতিলৰ অনুসাৰীসকলৰ লগ দিয়াৰ যি ক্ষতি, সেই বিষয়টো উল্লেখ কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002120.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002120.mp3"},{"index":"121","arabicText":"اَلَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ یَتْلُوْنَهٗ حَقَّ تِلَاوَتِهٖ ؕ اُولٰٓىِٕكَ یُؤْمِنُوْنَ بِهٖ ؕ وَمَنْ یَّكْفُرْ بِهٖ فَاُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ۟۠","assameseTranslation":"যিসকলক আমি কিতাব প্ৰদান কৰিছোঁ, সিহঁতৰ মাজত যিসকলে যথাযথভাৱে সেয়া তিলাৱত কৰে, তেওঁলোকেই ইয়াৰ প্ৰতি ঈমান পোষণ কৰে; আনহাতে যিসকলে ইয়াক অস্বীকাৰ কৰে, সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।","footnotes":"","tafseer":"ইয়াত কোৰআনে আহলে কিতাবৰ এটা দলৰ কথা বৰ্ণনা কৰিছে, যিসকলে নিজৰ ঐশীগ্ৰন্থৰ ওপৰত আমল কৰে আৰু যিদৰে অনুসৰণ কৰা উচিত সেইদৰেই অনুসৰণ কৰে। এইসকল লোকে তেওঁলোকৰ গ্ৰন্থত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে তেওঁ যে সত্য নবী তাৰ স্পষ্ট নিদৰ্শনসমূহ পঢ়িবলৈ পায়। ফলত তেওঁলোকে তত্ক্ষণাত ঈমান পোষণ কৰে। আনহাতে দ্বিতীয় দল, যিসকলে কুফৰত অটল আছিল সিহঁত হৈছে ক্ষতিগ্ৰস্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002121.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002121.mp3"},{"index":"122","arabicText":"یٰبَنِیْۤ اِسْرَآءِیْلَ اذْكُرُوْا نِعْمَتِیَ الَّتِیْۤ اَنْعَمْتُ عَلَیْكُمْ وَاَنِّیْ فَضَّلْتُكُمْ عَلَی الْعٰلَمِیْنَ ۟","assameseTranslation":"হে ঈছৰাঈলৰ বংশধৰসকল! মোৰ সেই অনুগ্ৰহৰ কথা মনত পেলোৱা, যি অনুগ্ৰহ মই তোমালোকক প্ৰদান কৰিছিলোঁ, আৰু নিশ্চয় মই (সেই সময়ত) তোমালোকক সমগ্ৰ বিশ্বত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলোঁ।","footnotes":"","tafseer":"হে বনী ইছৰাঈল! মই প্ৰদান কৰা দ্বীনি আৰু দুনিয়াৱী অনুগ্ৰহসমূহক স্মৰণ কৰা। লগতে এই কথাও স্মৰণ কৰা যে, ময়ে তোমালোকক সমকালীন লোকৰ ওপৰত নুবুওৱত আৰু ৰাজত্বৰ দ্বাৰা প্ৰাধান্য প্ৰদান কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002122.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002122.mp3"},{"index":"123","arabicText":"وَاتَّقُوْا یَوْمًا لَّا تَجْزِیْ نَفْسٌ عَنْ نَّفْسٍ شَیْـًٔا وَّلَا یُقْبَلُ مِنْهَا عَدْلٌ وَّلَا تَنْفَعُهَا شَفَاعَةٌ وَّلَا هُمْ یُنْصَرُوْنَ ۟","assameseTranslation":"আৰু তোমালোকে সেই দিৱসক ভয় কৰা, যিদিনা কোনেৱেই কাৰো উপকাৰত নাহিব আৰু কোনো ব্যক্তিৰ পৰা বিনিময় গ্ৰহণ কৰা নহ’ব আৰু কোনো মধ্যস্ততাও তাৰ কোনো কামত নাহিব আৰু সিহঁত সহায়প্ৰাপ্তও নহ’ব।","footnotes":"","tafseer":"আল্লাহৰ আদেশসমূহ পালন কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কিয়ামতৰ শাস্তিৰ পৰা নিজকে ৰক্ষা কৰা। সেইদিনা কোনেও কাৰো কামত নাহিব আৰু ডাঙৰতকৈ ডাঙৰ অৰ্থদণ্ডও স্বীকাৰ কৰা নহ’ব, লগতে কোনো মধ্যস্ততাও গ্ৰহণ কৰা নহ’ব সি যিমানেই উচ্চস্তৰীয় ব্যক্তি নহওক কিয়, আনকি আল্লাহৰ বাহিৰে আন কোনো সহায়কাৰীও নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002123.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002123.mp3"},{"index":"124","arabicText":"وَاِذِ ابْتَلٰۤی اِبْرٰهٖمَ رَبُّهٗ بِكَلِمٰتٍ فَاَتَمَّهُنَّ ؕ قَالَ اِنِّیْ جَاعِلُكَ لِلنَّاسِ اِمَامًا ؕ قَالَ وَمِنْ ذُرِّیَّتِیْ ؕ قَالَ لَا یَنَالُ عَهْدِی الظّٰلِمِیْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমক তেওঁৰ প্ৰতিপালকে কেইটামান বাণীৰ দ্বাৰা পৰীক্ষা কৰিছিল, আৰু তেওঁ সেইবোৰ পূৰণ কৰিছিল। আল্লাহে ক’লে, ‘নিশ্চয় মই তোমাক মানৱ জাতিৰ ইমাম বনাম’। তেওঁ ক’লে, ‘আৰু মোৰ বংশধৰসকলৰ পৰাও? আল্লাহে ক’লে, ‘মোৰ এই প্ৰতিশ্ৰুতি যালিমসকলক অন্তৰ্ভুক্ত নকৰিব’।","footnotes":"","tafseer":"স্মৰণ কৰা সেই সময়টোক, যেতিয়া আল্লাহে ইব্ৰাহীম আলাইহিচ্ছালামক কিছুমান আদেশৰ দ্বাৰা পৰীক্ষা কৰিছিল, আৰু তেওঁ সেই আদেশসমূহ পালন কৰি সুকলমে সফলভাৱে উত্তীৰ্ণ হৈছিল। এতেকে আল্লাহে নবী ইব্ৰাহীমক ক’লেঃ মই আপোনাক আদৰ্শ বনাব বিচাৰোঁ। যাতে মানুহে আপোনাৰ কাৰ্যকলাপ আৰু চৰিত্ৰৰ অনুকৰণ কৰিব পাৰে। ইব্ৰাহীম আলাইহিচ্ছালামে ক’লেঃ হে মোৰ প্ৰতিপালক! মোৰ বংশধৰসকলৰ মাজৰো কিছুমানক আদৰ্শ বনাই দিবা, যাতে মানুহে তেওঁলোকৰ অনুকৰণ কৰে। আল্লাহে তেওঁৰ উত্তৰ দি কৈছেঃ দ্বীনৰ নেতৃত্বৰ যি বচন আপোনাক দিয়া হৈছে, আপোনাৰ বংশধৰসকলৰ মাজৰ অত্যাচাৰী ব্যক্তিসকল ইয়াৰ অন্তৰ্ভুক্ত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002124.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002124.mp3"},{"index":"125","arabicText":"وَاِذْ جَعَلْنَا الْبَیْتَ مَثَابَةً لِّلنَّاسِ وَاَمْنًا ؕ وَاتَّخِذُوْا مِنْ مَّقَامِ اِبْرٰهٖمَ مُصَلًّی ؕ وَعَهِدْنَاۤ اِلٰۤی اِبْرٰهٖمَ وَاِسْمٰعِیْلَ اَنْ طَهِّرَا بَیْتِیَ لِلطَّآىِٕفِیْنَ وَالْعٰكِفِیْنَ وَالرُّكَّعِ السُّجُوْدِ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আমি কা’বাঘৰক মানৱ জাতিৰ মিলন কেন্দ্ৰ তথা নিৰাপত্তাস্থল বনালোঁ; আৰু (আদেশ দিলোঁ যে,) ‘তোমালোকে মাকামে ইব্ৰাহীমক ছালাতৰ স্থানৰূপে গ্ৰহণ কৰা। ইব্ৰাহীম আৰু ইছমাঈলক দায়িত্ব দিছিলোঁ যে, তোমালোকে মোৰ ঘৰক তাৱাফকাৰী, এ’তেকাফকাৰী আৰু ৰুকু’ আৰু ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ ৰাখিবা’।","footnotes":"","tafseer":"স্মৰণ কৰা সেই সময়ৰ কথা, যেতিয়া আল্লাহে সন্মানিত কাবা ঘৰক মানুহৰ বাবে বাৰে বাৰে অহাৰ কেন্দ্ৰৰূপে স্বীকৃতি দিছিল; যাতে মানুহৰ অন্তৰ ইয়াৰ লগত জড়িত হৈ থাকে। যেতিয়াই তাৰ পৰা উভতি আহিব, তালৈ আকৌ যোৱাৰ মন যাব। লগতে সেই ঠাইক নিৰাপত্তাস্থল বনাইছিল, যাতে তাত কোনেও নিৰ্যাতিত হ’ব নোৱাৰে। আৰু মানুহক কৈছিলঃ সেই শিলডোখৰ থকা স্থানটোক নামাজৰ ঠাই বনাই লোৱা, যিটোৰ ওপৰত থিয় হৈ ইব্ৰাহীম আলাইহিচ্ছালামে কাবা ঘৰ নিৰ্মাণ কৰিছিল। তথা আমি ইব্ৰাহীম আৰু তেওঁৰ পুত্ৰ ইছমাঈল আলাইহিমাচ্ছালামক আদেশ দি কৈছিলোঁ যে, কাবা ঘৰক আৱৰ্জনামুক্ত আৰু মুৰ্ত্তি আদিৰ পৰা পৱিত্ৰ ৰাখিবা লগতে তাৱাফ, এতেকাফ আৰু ছালাত আদায়কাৰীসকলৰ বাবে সদায় প্ৰস্তুত ৰাখিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002125.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002125.mp3"},{"index":"126","arabicText":"وَاِذْ قَالَ اِبْرٰهٖمُ رَبِّ اجْعَلْ هٰذَا بَلَدًا اٰمِنًا وَّارْزُقْ اَهْلَهٗ مِنَ الثَّمَرٰتِ مَنْ اٰمَنَ مِنْهُمْ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ قَالَ وَمَنْ كَفَرَ فَاُمَتِّعُهٗ قَلِیْلًا ثُمَّ اَضْطَرُّهٗۤ اِلٰی عَذَابِ النَّارِ ؕ وَبِئْسَ الْمَصِیْرُ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে কৈছিল, ‘হে মোৰ প্ৰতিপালক! ইয়াক তুমি নিৰাপদ চহৰ বনাই দিয়া আৰু ইয়াৰ অধিবাসীসকলৰ মাজত যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকক ফল-মূলৰ জীৱিকা প্ৰদান কৰা’। তেওঁ (আল্লাহে) ক’লে, ‘যিয়ে কুফৰী কৰিব তাকো মই অলপ সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ সুবিধা দিম, তাৰ পিছত মই তাক জুইৰ শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম আৰু সেইটো যে কিমান নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল’!","footnotes":"","tafseer":"হে নবী স্মৰণ কৰক, যেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি কৈছিলঃ হে মোৰ প্ৰতিপালক! তুমি মক্কা চহৰখনক নিৰাপদ চহৰ বনাই দিয়া। যাতে ইয়াত কোনেও কাৰো ওপৰত নিৰ্যাতন নকৰে। লগতে ইয়াৰ অধিবাসীসকলক বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ জীৱিকা প্ৰদান কৰা আৰু এই জীৱিকা নিৰ্দিষ্ট কৰি দিয়া সেইসকল লোকৰ বাবে, যিসকলে তোমাক বিশ্বাস কৰে, আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে। তেতিয়া আল্লাহে কৈছিলঃ যিয়ে কুফৰী কৰিব তাকো মই অলপ সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ সুযোগ প্ৰদান কৰিম। কিন্তু আখিৰাতত মই তাক জুইৰ শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম। বৰ বেয়া আৱাসস্থল, য’ত সিহঁতে কিয়ামতৰ দিনা উভতি যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002126.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002126.mp3"},{"index":"127","arabicText":"وَاِذْ یَرْفَعُ اِبْرٰهٖمُ الْقَوَاعِدَ مِنَ الْبَیْتِ وَاِسْمٰعِیْلُ ؕ رَبَّنَا تَقَبَّلْ مِنَّا ؕ اِنَّكَ اَنْتَ السَّمِیْعُ الْعَلِیْمُ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীম আৰু ইছমাঈলে কা’বাঘৰৰ আধাৰশিলা স্থাপন কৰিছিল, (আৰু কৈছিল) ‘হে আমাৰ প্ৰতিপালক! আমাৰ ফালৰ পৰা তুমি কবুল কৰা। নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।","footnotes":"","tafseer":"তথা হে নবী! সেই সময়ক স্মৰণ কৰক, যেতিয়া ইব্ৰাহীম আৰু ইছমাঈল আলাইহিমাচ্ছালামে কাবা ঘৰৰ আধাৰশিলা নিৰ্মাণ কৰি আছিল, আৰু তেওঁলোকে বিনয়পূৰ্বক দুআ কৰি আছিল যে, হে আমাৰ প্ৰতিপালক! আমাৰ আমলসমূহ (ইয়াৰ ভিতৰত এই ঘৰৰ নিৰ্মাণ কাৰ্যও অন্তৰ্ভুক্ত) কবুল কৰা। নিশ্চয় তুমিয়ে আমাৰ দুআ শ্ৰৱণকাৰী। অৱশ্যে তুমি আমাৰ সংকল্প আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002127.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002127.mp3"},{"index":"128","arabicText":"رَبَّنَا وَاجْعَلْنَا مُسْلِمَیْنِ لَكَ وَمِنْ ذُرِّیَّتِنَاۤ اُمَّةً مُّسْلِمَةً لَّكَ ۪ وَاَرِنَا مَنَاسِكَنَا وَتُبْ عَلَیْنَا ۚ اِنَّكَ اَنْتَ التَّوَّابُ الرَّحِیْمُ ۟","assameseTranslation":"‘হে আমাৰ প্ৰতিপালক! আমাক উভয়কে তোমাৰ একান্ত অনুগত কৰা আৰু আমাৰ বংশধৰৰ পৰা তোমাৰ এটা অনুগত জাতি উত্থিত কৰা; আৰু আমাক ইবাদতৰ নিয়ম-পদ্ধতি দেখুৱাই দিয়া আৰু আমাৰ তাওবা কবুল কৰা। নিশ্চয় তুমি অধিক তাওবা গ্ৰহণকাৰী, পৰম দয়ালু’।","footnotes":"","tafseer":"হে আল্লাহ! তুমি আমাক তোমাৰ আদেশ পালনকাৰী আৰু তোমাৰ সন্মুখত শিৰ নতকাৰী বনাই দিয়া, যাতে আমি তোমাৰ লগত কাকো অংশীদাৰ স্থাপন নকৰোঁ। আৰু আমাৰ বংশধৰসকলৰ পৰা তোমাৰ এটা অনুগত জাতি উত্থিত কৰা, আৰু আমাক তোমাৰ ইবাদত কৰাৰ পদ্ধতি শিকাই দিয়া, আৰু আমাৰ গুনাহসমূহ ক্ষমা কৰা, লগতে তোমাৰ আনুগত্যত হোৱা আমাৰ ভুল-ত্ৰুটিসমূহ মাৰ্জনা কৰা। নিশ্চয় তুমি তোমাৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰা আৰু তেওঁলোকৰ ওপৰত তুমি কৃপা কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002128.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002128.mp3"},{"index":"129","arabicText":"رَبَّنَا وَابْعَثْ فِیْهِمْ رَسُوْلًا مِّنْهُمْ یَتْلُوْا عَلَیْهِمْ اٰیٰتِكَ وَیُعَلِّمُهُمُ الْكِتٰبَ وَالْحِكْمَةَ وَیُزَكِّیْهِمْ ؕ اِنَّكَ اَنْتَ الْعَزِیْزُ الْحَكِیْمُ ۟۠","assameseTranslation":"‘হে আমাৰ প্ৰতিপালক! তুমি সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰলৈ এজন ৰাছুল প্ৰেৰণ কৰা, যিয়ে তোমাৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰিব; আৰু সিহঁতক কিতাব আৰু হিকমতৰ শিক্ষা দিব আৰু সিহঁতক পৰিশুদ্ধ কৰিব। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"হে আমাৰ প্ৰতিপালক! ইছমাঈলৰ বংশধৰ সকলৰ পৰা তেওঁলোকৰ মাজতেই এজন ৰাছুল প্ৰেৰণ কৰিবা। যিয়ে তোমাৰ অৱতীৰ্ণ কৰা আয়াতসমূহ তিলাৱত কৰি শুনাব আৰু তেওঁলোকক কোৰআন আৰু ছুন্নতৰ শিক্ষা প্ৰদান কৰিব। লগতে শিৰ্ক আৰু কুঃসংস্কাৰৰ পৰা পৱিত্ৰ কৰিব। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰভূত্বশীল। নিজ কৰ্ম আৰু বিধানত প্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002129.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002129.mp3"},{"index":"130","arabicText":"وَمَنْ یَّرْغَبُ عَنْ مِّلَّةِ اِبْرٰهٖمَ اِلَّا مَنْ سَفِهَ نَفْسَهٗ ؕ وَلَقَدِ اصْطَفَیْنٰهُ فِی الدُّنْیَا ۚ وَاِنَّهٗ فِی الْاٰخِرَةِ لَمِنَ الصّٰلِحِیْنَ ۟","assameseTranslation":"ইব্ৰাহীমৰ মিল্লাতৰ পৰা কেৱল সেই ব্যক্তিয়েই বিমুখ হ’ব পাৰে যিয়ে নিজকে নিৰ্বোধ বনাই লৈছে। নিশ্চয় আমি তেওঁক পৃথিৱীত মনোনীত কৰিছোঁ আৰু আখিৰাততো তেওঁ সৎকৰ্মশীলসকলৰ অন্যতম হ’ব।","footnotes":"","tafseer":"ইব্ৰাহীম আলাইহিচ্ছালামৰ দ্বীনৰ পৰা বিমুখ হৈ আন কোনো ধৰ্মৰ পিনে কেৱল সেই ব্যক্তিয়েই আকৰ্ষিত হ’ব পাৰে, যিয়ে নিৰ্বোধতা আৰু মুৰ্খতাত পৰি সত্য পৰিত্যাগ কৰি পথভ্ৰষ্টতাক আঁকোৱালি লৈ নিজৰ ওপৰত অন্যায় কৰিছে, আৰু নিজৰ বাবে অপমান স্বীকাৰ কৰিছে। নিশ্চয় আমি তেওঁক পৃথিৱীত ৰাছুল আৰু বন্ধু বনাইছিলোঁ তথা আখিৰাতত তেওঁ সেইসকল পূণ্যৱান ব্যক্তিৰ অন্তৰ্ভুক্ত হ’ব যিসকলে আল্লাহৰ আদেশ পালন কৰি উচ্চ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002130.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002130.mp3"},{"index":"131","arabicText":"اِذْ قَالَ لَهٗ رَبُّهٗۤ اَسْلِمْ ۙ قَالَ اَسْلَمْتُ لِرَبِّ الْعٰلَمِیْنَ ۟","assameseTranslation":"স্মৰণ কৰা, যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক কৈছিল, ‘তুমি আত্মসমৰ্পণ কৰা’। তেওঁ কৈছিল, ‘মই বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ’।","footnotes":"","tafseer":"আল্লাহে তেওঁক নিৰ্বাচন কৰাৰ কাৰণ হৈছে, তেওঁ আজ্ঞাপালনত ক্ষীপ্ৰতাৰে অগ্ৰসৰ হৈছিল। যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক কৈছিলঃ “নিৰ্ভেজালভাৱে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ আনগত্যত শিৰ নত কৰা”। তেওঁ নিজ প্ৰতিপালকক উত্তৰ দি কৈছিলঃ “মই বান্দাসকলৰ সৃষ্টিকৰ্তা আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ যিজন তেওঁলোকৰ জীৱিকাদাতা লগতে তেওঁলোকৰ সকলো কৰ্মৰ নিয়ন্ত্ৰণকাৰী”।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002131.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002131.mp3"},{"index":"132","arabicText":"وَوَصّٰی بِهَاۤ اِبْرٰهٖمُ بَنِیْهِ وَیَعْقُوْبُ ؕ یٰبَنِیَّ اِنَّ اللّٰهَ اصْطَفٰی لَكُمُ الدِّیْنَ فَلَا تَمُوْتُنَّ اِلَّا وَاَنْتُمْ مُّسْلِمُوْنَ ۟ؕ","assameseTranslation":"আৰু ইব্ৰাহীম আৰু ইয়াকূবে তেওঁলোকৰ পুত্ৰসকলক ইয়াৰেই নিৰ্দেশ দি কৈছিল, ‘হে মোৰ পুত্ৰসকল! নিশ্চয় আল্লাহে তোমালোকৰ বাবে এই দ্বীনক মনোনীত কৰিছে। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী (মুছলিম) নোহোৱালৈকে মৃত্যু বৰণ নকৰিবা’।","footnotes":"","tafseer":"ইব্ৰাহীমে তেওঁৰ পুত্ৰসকলক এই বাক্যৰ উপদেশ দিছিলঃ (মই বিশ্বজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ) এইদৰে ইয়াকূব আলাইহিচ্ছালামেও তেওঁৰ পুত্ৰসকলক এই কথাৰেই উপদেশ দিছিল। উভয়ে নিজ নিজ পুত্ৰসকলক কৈছিলঃ আল্লাহে তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে নিৰ্বাচিত কৰিছে। এতেকে তোমালোকে মৃত্যু নোহোৱালৈকে ইয়াক দৃঢ়ভাৱে ধাৰণ কৰিবা। যাতে তোমালোকে প্ৰকাশ্য-অপ্ৰকাশ্য সকলো ক্ষেত্ৰতে আল্লাহৰ ওচৰত আত্মসমৰ্পণকাৰী হোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002132.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002132.mp3"},{"index":"133","arabicText":"اَمْ كُنْتُمْ شُهَدَآءَ اِذْ حَضَرَ یَعْقُوْبَ الْمَوْتُ ۙ اِذْ قَالَ لِبَنِیْهِ مَا تَعْبُدُوْنَ مِنْ بَعْدِیْ ؕ قَالُوْا نَعْبُدُ اِلٰهَكَ وَاِلٰهَ اٰبَآىِٕكَ اِبْرٰهٖمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ اِلٰهًا وَّاحِدًا ۖۚ وَّنَحْنُ لَهٗ مُسْلِمُوْنَ ۟","assameseTranslation":"ইয়াকূবৰ মৃত্যুৰ সময়ত তোমালোকে তাত উপস্থিত আছিলা নেকি? তেওঁ যেতিয়া নিজ সন্তানসকলক কৈছিল, ‘মোৰ পিছত তোমালোকে কাৰ ইবাদত কৰিবা? সিহঁতে কৈছিল, ‘আমি আপোনাৰ ইলাহ আৰু আপোনাৰ পিতৃ-পুৰুষ ইব্ৰাহীম, ইছমাঈল আৰু ইছহাকৰ ইলাহ- সেই এজন ইলাহৰেই ইবাদত কৰিম; আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী’।","footnotes":"","tafseer":"তোমালোকে সেই সময়ত উপস্থিত আছিলা নেকি, যেতিয়া ইয়াকূব আলাইহিচ্ছালাম মুমূৰ্ষু অৱস্থাত আছিল? যেতিয়া তেওঁ নিজ পুত্ৰসকলক কৈছিলঃ ‘মোৰ মৃত্যুৰ পিছত তোমালোকে কাৰ ইবাদত কৰিবা’? তেওঁলোকে তেওঁৰ প্ৰশ্নৰ উত্তৰ দি কৈছিলঃ ‘আমি আপোনাৰ উপাস্য আৰু আপোনাৰ পিতৃ-পুৰুষ ইব্ৰাহীম, ইছমাঈল আৰু ইছহাকৰ উপাস্যৰ ইবাদত কৰিম। একমাত্ৰ উপাস্য কেৱল তেৱেঁই। তেওঁৰ কোনো অংশীদাৰ নাই। আমি কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পণ কৰোঁ, আৰু তেওঁৰ সন্মুখতেই শিৰ নত কৰোঁ’।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002133.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002133.mp3"},{"index":"134","arabicText":"تِلْكَ اُمَّةٌ قَدْ خَلَتْ ۚ لَهَا مَا كَسَبَتْ وَلَكُمْ مَّا كَسَبْتُمْ ۚ وَلَا تُسْـَٔلُوْنَ عَمَّا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"তেওঁলোক আছিল এনেকুৱা এটা জাতি, যিসকল অতীত হৈ গৈছে। তেওঁলোকে যি অৰ্জন কৰিছে সেয়া তেওঁলোকৰ বাবে, আৰু তোমালোকে যি অৰ্জন কৰিছা সেয়া তোমালোকৰ বাবে; আৰু তেওঁলোকে যি কৰিছিল সেই সম্পৰ্কে তোমালোকক প্ৰশ্ন কৰা নহ’ব।","footnotes":"","tafseer":"সেয়া তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা সম্প্ৰদায়সমূহৰ মাজৰ এটা সম্প্ৰদায় আছিল। তেওঁলোকে নিজৰ কৰ্ম সম্পন্ন কৰিছে। গতিকে ভাল হওক বেয়া হওক, তেওঁলোকৰ কৰ্ম তেওঁলোকৰ বাবে, আৰু তোমালোকৰ কৰ্ম তোমালোকৰ বাবে। এতেকে তোমালোকক তেওঁলোকৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰা নহ’ব; আৰু তেওঁলোককো তোমালোকৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰা নহ’ব, আৰু কোনেও আনৰ গুনাহৰ বাবে জবাবদিহি নহ’ব। প্ৰত্যেককে নিজৰ কৰ্মৰ প্ৰতিদান দিয়া হ’ব। গতিকে অতিবাহিত হোৱা লোকসকলৰ কৰ্মৰ পিছত লাগি থাকি কোনো লাভ নাই, বৰং নিজৰ কৰ্মৰ প্ৰতি লক্ষ্য কৰা। কিয়নো আল্লাহৰ কৃপাৰ পিছত সত্কৰ্মৰ বাহিৰে একোৱেই কাকো উপকাৰ নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002134.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002134.mp3"},{"index":"135","arabicText":"وَقَالُوْا كُوْنُوْا هُوْدًا اَوْ نَصٰرٰی تَهْتَدُوْا ؕ قُلْ بَلْ مِلَّةَ اِبْرٰهٖمَ حَنِیْفًا ؕ وَمَا كَانَ مِنَ الْمُشْرِكِیْنَ ۟","assameseTranslation":"আৰু সিহঁতে কয়, ‘তোমালোকে ইয়াহূদী বা নাছাৰা হৈ যোৱা, সঠিক পথ পাবা’। কোৱা, ‘বৰং আমি একনিষ্ঠ হৈ ইব্ৰাহীমৰ মিল্লাতৰ অনুসৰণ কৰিম; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।","footnotes":"","tafseer":"ইয়াহুদীসকলে মুছলিমসকলক কয়ঃ ইয়াহুদী হৈ যোৱা হিদায়তৰ পথ পাবা। আনহাতে খৃষ্টানসকলে কয়ঃ খৃষ্টান হৈ যোৱা, হিদায়ত প্ৰাপ্ত হ’বা। হে নবী! আপুনি সিহঁতক কৈ দিয়কঃ বৰং আমি কেৱল ইব্ৰাহীমৰ দ্বীনৰ অনুসৰণ কৰিম। যিয়ে সকলো অসত্য ধৰ্মৰ পৰা বিমুখ হৈ সত্য ধৰ্মক আঁকোৱালি লৈছিল, আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002135.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002135.mp3"},{"index":"136","arabicText":"قُوْلُوْۤا اٰمَنَّا بِاللّٰهِ وَمَاۤ اُنْزِلَ اِلَیْنَا وَمَاۤ اُنْزِلَ اِلٰۤی اِبْرٰهٖمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ وَیَعْقُوْبَ وَالْاَسْبَاطِ وَمَاۤ اُوْتِیَ مُوْسٰی وَعِیْسٰی وَمَاۤ اُوْتِیَ النَّبِیُّوْنَ مِنْ رَّبِّهِمْ ۚ لَا نُفَرِّقُ بَیْنَ اَحَدٍ مِّنْهُمْ ۖؗ وَنَحْنُ لَهٗ مُسْلِمُوْنَ ۟","assameseTranslation":"তোমালোকে কোৱা, ‘আমি ঈমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে, লগতে তাৰ প্ৰতিও ঈমান আনিছোঁ যি অৱতীৰ্ণ হৈছে ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও ঈমান আনিছোঁ)। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু আমি তেওঁৰেই ওচৰত আত্মসমৰ্পণকাৰী।","footnotes":"","tafseer":"হে ঈমান্দাৰসকল! এই অসত্য দাবী কৰা ইয়াহুদী আৰু খৃষ্টানসকলক কৈ দিয়াঃ আমি ঈমান আনিছোঁ আল্লাহৰ ওপৰত আৰু সেই কোৰআনৰ ওপৰত, যিখন আমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে, লগতে তাৰ ওপৰতো ঈমান আনিছোঁ যিবোৰ ইব্ৰাহীম আৰু তেওঁৰ পুত্ৰ ইছমাঈল, ইছহাক্ব আৰু ইয়াকূবৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছিল। এইদৰে আমি ঈমান আনিছোঁ তাওৰাতৰ ওপৰত, যিখন মূছাৰ প্ৰতি অৱতীৰ্ণ হৈছিল, আৰু ইঞ্জীলৰ ওপৰত যিখন ঈছাৰ প্ৰতি অৱতীৰ্ণ হৈছিল। লগতে সেই সকলো গ্ৰন্থৰ ওপৰত যিবোৰ আন আন নবীসকলৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছিল। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰোঁ যে, কিছুমানৰ প্ৰতি ঈমান আনিম আকৌ আন কিছুমানক অস্বীকাৰ কৰিম। বৰং আমি সকলো নবীৰ প্ৰতি ঈমান পোষণ কৰোঁ, আৰু একমাত্ৰ পৱিত্ৰ আল্লাহৰ আজ্ঞা পালন কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002136.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002136.mp3"},{"index":"137","arabicText":"فَاِنْ اٰمَنُوْا بِمِثْلِ مَاۤ اٰمَنْتُمْ بِهٖ فَقَدِ اهْتَدَوْا ۚ وَاِنْ تَوَلَّوْا فَاِنَّمَا هُمْ فِیْ شِقَاقٍ ۚ فَسَیَكْفِیْكَهُمُ اللّٰهُ ۚ وَهُوَ السَّمِیْعُ الْعَلِیْمُ ۟ؕ","assameseTranslation":"এতেকে তোমালোকে যেনেকৈ ঈমান আনিছা সিহঁতেও যদি তেনেকৈ ঈমান আনে, তেন্তে নিশ্চয় সিহঁত হিদায়ত প্ৰাপ্ত হ’ব; আৰু যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে সিহঁত আছে কেৱল বিৰোধিতাত লিপ্ত, এতেকে সিহঁতৰ বিপক্ষে তোমাৰ বাবে আল্লাহেই যথেষ্ট; আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"এতেকে এতিয়া যদি ইয়াহুদী, খৃষ্টান আৰু আন আন কাফিৰসকলে তোমালোকৰ দৰে ঈমান পোষণ কৰে, তেন্তে সিহঁতে সেই পোন পথৰ হিদায়ত পাব যিটো আল্লাহে পছন্দ কৰে। কিন্তু যদি ঈমানৰ পৰা বিমুখ হয় লগতে সকলো অথবা কিছুমান নবীক অস্বীকাৰ কৰে তেন্তে জানি থোৱা! সিহঁত বিভেদ আৰু শত্ৰুতাত লিপ্ত হৈছে। এতেকে হে নবী! আপুনি চিন্তা নকৰিব। কিয়নো আল্লাহে আপোনাক সিহঁতৰ নিৰ্যাতনৰ পৰা বচাবলৈ আৰু সিহঁতৰ অন্যায়ৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ অকলেই যথেষ্ট। তেওঁ সিহঁতৰ কথা শুনে আৰু সিহঁতৰ সংকল্প ও কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002137.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002137.mp3"},{"index":"138","arabicText":"صِبْغَةَ اللّٰهِ ۚ وَمَنْ اَحْسَنُ مِنَ اللّٰهِ صِبْغَةً ؗ وَّنَحْنُ لَهٗ عٰبِدُوْنَ ۟","assameseTranslation":"আল্লাহৰ ৰঙেৰে ৰঞ্জিত হোৱা; আৰু আল্লাহৰ ৰঙতকৈ আৰু কাৰ ৰং বেছি সুন্দৰ হ’ব পাৰে? আৰু আমি তেওঁৰেই ইবাদতকাৰী।","footnotes":"","tafseer":"আল্লাহৰ দ্বীনক বাহ্যিক আৰু আভ্যন্তৰীণভাৱে গ্ৰহণ কৰা। আল্লাহৰ দ্বীনতকৈ সুন্দৰ আন কোনো দ্বীন নাই। এইটো প্ৰকৃতিৰ অনুকূল, লাভপ্ৰদ আৰু ক্ষতিৰ পৰা ৰক্ষাকাৰী দ্বীন। সিহঁতক কৈ দিয়া যে, আমি কেৱল এক আল্লাহৰ ইবাদত কৰোঁ, তাৰ লগত আন কাকো অংশী নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002138.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002138.mp3"},{"index":"139","arabicText":"قُلْ اَتُحَآجُّوْنَنَا فِی اللّٰهِ وَهُوَ رَبُّنَا وَرَبُّكُمْ ۚ وَلَنَاۤ اَعْمَالُنَا وَلَكُمْ اَعْمَالُكُمْ ۚ وَنَحْنُ لَهٗ مُخْلِصُوْنَ ۟ۙ","assameseTranslation":"কোৱা, ‘আল্লাহ সম্পৰ্কে তোমালোকে আমাৰ লগত বিতৰ্কত লিপ্ত হ’ব বিচৰা নেকি? অথচ তেওঁ আমাৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক! আমাৰ বাবে আমাৰ আমল, আৰু তোমালোকৰ বাবে তোমালোকৰ আমল; আৰু আমি তেওঁৰেই প্ৰতি একনিষ্ঠ।","footnotes":"","tafseer":"হে নবী আপুনি কওক, হে আহলে কিতাব! তোমালোকে মোৰ লগত এই কথাত বিতৰ্ক কৰা নেকি যে, তোমালোকে আমাৰ তুলনাত আল্লাহ আৰু তেওঁৰ ধৰ্মৰ বেছি হকদাৰ, এই কাৰণে নেকি যে, তোমালোকৰ ধৰ্ম পুৰণি আৰু তোমালোকৰ গ্ৰন্থ আগতে অৱতীৰ্ণ হৈছে? তেন্তে শুনা! ইয়াৰ দ্বাৰা তোমালোকৰ কোনো লাভ নহ’ব। কিয়নো আল্লাহ আমাৰ সকলোৰে ৰব্ব, অকল তোমালোকৰ ৰব্ব নহয়। আমাৰ বাবে আমাৰ কৰ্ম, আমাৰ কৰ্ম সম্পৰ্কে তোমালোকক সোধ-পোচ কৰা নহ’ব। আনহাতে তোমালোকৰ বাবে তোমালোকৰ কৰ্ম, তোমালোকৰ কৰ্ম সম্পৰ্কেও আমাক সোধ-পোচ কৰা নহ’ব। প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিদান দিয়া হ’ব। আমি কেৱল আল্লাহৰ ইবাদত আৰু অনুসৰণ কৰোঁ। তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002139.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002139.mp3"},{"index":"140","arabicText":"اَمْ تَقُوْلُوْنَ اِنَّ اِبْرٰهٖمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ وَیَعْقُوْبَ وَالْاَسْبَاطَ كَانُوْا هُوْدًا اَوْ نَصٰرٰی ؕ قُلْ ءَاَنْتُمْ اَعْلَمُ اَمِ اللّٰهُ ؕ وَمَنْ اَظْلَمُ مِمَّنْ كَتَمَ شَهَادَةً عِنْدَهٗ مِنَ اللّٰهِ ؕ وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟","assameseTranslation":"তোমালোকে এইটো ক’ব বিচৰা নেকি যে, ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকল ইয়াহূদী বা নাছাৰা আছিল? কোৱা, ‘তোমালোকে বেছি জানা নে আল্লাহে বেছি জানে’? সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে, যিয়ে আল্লাহৰ তৰফৰ পৰা লাভ কৰা সাক্ষ্য গোপন কৰে? আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।","footnotes":"","tafseer":"হে আহলে কিতাব! তোমালোকে এইটো কোৱা নেকি যে, ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁলোকৰ বংশধৰ সকলৰ আন আন নবীসকল ইয়াহুদী অথবা খৃষ্টান আছিল? হে নবী! সিহঁতক উত্তৰ দি কৈ দিয়ক যে, তোমালোকে বেছি জানা, নে আল্লাহে বেছি জানে? যদি সিহঁতে এইটো ভাবে যে, সকলো নবীয়ে সিহঁতৰ ধৰ্মৰ অনুসাৰী আছিল তেন্তে সিহঁত হৈছে মিছলীয়া। কিয়নো তাওৰাত আৰু ইঞ্জীল অৱতীৰ্ণ হোৱাৰ আগতেই তেওঁলোকৰ মৃত্যু হৈছিল। ইয়াৰ দ্বাৰা বুজা গ’ল যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি মিছা আৰোপ কৰিছিল। আৰু সিহঁতে সেই সত্যক গোপন কৰিছিল, যিটো সিহঁতৰ ওপৰত অৱতীৰ্ণ হৈছিল। এতেকে সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আৰুনো কোন হ’ব পাৰে, যিয়ে নিজৰ ওচৰত থকা আল্লাহৰ প্ৰমাণিত সাক্ষ্যক গোপন কৰে। যেনে- আহলে কিতাবসকলে কৰিছিল। আল্লাহে তোমালোকৰ কৰ্মৰ পৰা অমনোযোগী নহয় আৰু তেওঁ নিশ্চয় ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002140.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002140.mp3"},{"index":"141","arabicText":"تِلْكَ اُمَّةٌ قَدْ خَلَتْ ۚ لَهَا مَا كَسَبَتْ وَلَكُمْ مَّا كَسَبْتُمْ ۚ وَلَا تُسْـَٔلُوْنَ عَمَّا كَانُوْا یَعْمَلُوْنَ ۟۠","assameseTranslation":"তেওঁলোক আছিল এনেকুৱা এটা জাতি, যিসকল অতীত হৈ গৈছে। তেওঁলোকে যি অৰ্জন কৰিছে সেয়া তেওঁলোকৰ বাবে, আৰু তোমালোকে যি অৰ্জন কৰিছা সেয়া তোমালোকৰ বাবে; আৰু তেওঁলোকে যি কৰিছিল সেই সম্পৰ্কে তোমালোকক প্ৰশ্ন কৰা নহ’ব।","footnotes":"","tafseer":"সেয়া আছিল তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা এটা সম্প্ৰদায়। তেওঁলোকে নিজৰ কৰ্ম সম্পন্ন কৰিছে। গতিকে তেওঁলোকৰ কৰ্ম তেওঁলোকৰ বাবে, আৰু তোমালোকৰ কৰ্ম তোমালোকৰ বাবে। এতেকে তোমালোকক তেওঁলোকৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰা নহ’ব; আৰু তেওঁলোককো তোমালোকৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰা নহ’ব। লগতে কোনেও আনৰ গুনাহৰ বাবে জবাবদিহি নহ’ব। লগতে কোনেও আনৰ আমলেৰে লাভাম্বিত নহ’ব। বৰং প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিদান দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002141.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002141.mp3"},{"index":"142","arabicText":"سَیَقُوْلُ السُّفَهَآءُ مِنَ النَّاسِ مَا وَلّٰىهُمْ عَنْ قِبْلَتِهِمُ الَّتِیْ كَانُوْا عَلَیْهَا ؕ قُلْ لِّلّٰهِ الْمَشْرِقُ وَالْمَغْرِبُ ؕ یَهْدِیْ مَنْ یَّشَآءُ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟","assameseTranslation":"মানুহৰ মাজৰ নিৰ্বোধসকলে অনতিপলমে ক’ব যে, ‘ইমান দিনে সিহঁতে যি কিবলাৰ অনুসৰণ কৰি আহিছিল তাৰ পৰা সিহঁতক কিহে বিমুখ কৰালে? কোৱা, ‘পূৱ আৰু পশ্চিম আল্লাহৰেই। তেওঁ যাক ইচ্ছা কৰে সৰল পথৰ হিদায়ত প্ৰদান কৰে’।","footnotes":"","tafseer":"অজ্ঞান তথা নিৰ্বোধ ইয়াহুদী আৰু সিহঁতৰ লগত হয় ভৰ দিয়া মুনাফিকসকলে নিশ্চয় ক’ব যে, ইতিপূৰ্বে দেখোন মুছলিমসকলৰ কিবলা বাইতুল মাক্বদিছ আছিল, এতিয়া কিয় সেই কিবলা পৰিত্যাগ কৰিলে? হে নবী! আপুনি কৈ দিয়ক, পূৱ, পশ্চিম আৰু সকলো দিশৰ ৰাজত্ব কেৱল আল্লাহৰেই। তেওঁ নিজৰ বান্দাসকলক যিফালে ইচ্ছা সেই ফালেই মুখ কৰিবলৈ আদেশ দিব পাৰে। তেওঁ নিজ বান্দাসকলৰ যাকে ইচ্ছা তাকেই পোন বাটৰ হিদায়ত দিয়ে যি বাটত কোনো বক্ৰতা নাই আৰু ভ্ৰষ্টতাও নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002142.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002142.mp3"},{"index":"143","arabicText":"وَكَذٰلِكَ جَعَلْنٰكُمْ اُمَّةً وَّسَطًا لِّتَكُوْنُوْا شُهَدَآءَ عَلَی النَّاسِ وَیَكُوْنَ الرَّسُوْلُ عَلَیْكُمْ شَهِیْدًا ؕ وَمَا جَعَلْنَا الْقِبْلَةَ الَّتِیْ كُنْتَ عَلَیْهَاۤ اِلَّا لِنَعْلَمَ مَنْ یَّتَّبِعُ الرَّسُوْلَ مِمَّنْ یَّنْقَلِبُ عَلٰی عَقِبَیْهِ ؕ وَاِنْ كَانَتْ لَكَبِیْرَةً اِلَّا عَلَی الَّذِیْنَ هَدَی اللّٰهُ ؕ وَمَا كَانَ اللّٰهُ لِیُضِیْعَ اِیْمَانَكُمْ ؕ اِنَّ اللّٰهَ بِالنَّاسِ لَرَءُوْفٌ رَّحِیْمٌ ۟","assameseTranslation":"আৰু এনেকৈ আমি তোমালোকক এটা মধ্যপন্থী জাতিত পৰিণত কৰিছোঁ, যাতে তোমালোক মানৱ জাতিৰ ওপৰত সাক্ষী হোৱা, আৰু ৰাছুলে তোমালোকৰ ওপৰত সাক্ষী হয়; আৰু তুমি ইমান দিনে যিটো কিবলাৰ অনুসৰণ কৰি আছিলা সেইটোক আমি এই উদ্দেশ্যে কিবলাত পৰিণত কৰিছিলোঁ, যাতে প্ৰকাশ কৰি দিব পাৰোঁ যে, কোনে ৰাছুলৰ অনুসৰণ কৰে আৰু কোনে পিছফালে উভতি যায়? আল্লাহে যিসকলক হিদায়ত কৰিছে সিহঁতৰ বাহিৰে আনৰ বাবে এইটো এটা নিশ্চিত কঠিন কাম। আল্লাহ এনেকুৱা নহয় যে, তোমাোলকৰ ঈমান ব্যৰ্থ কৰি দিব। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি সহানুভূতিশীল, পৰম দয়ালু।","footnotes":"","tafseer":"যিদৰে আমি তোমালোকৰ বাবে নিজৰ পছন্দ অনুযায়ী কিবলা নিৰ্বাচন কৰিছোঁ, সেইদৰে আমি তোমালোকক আক্বীদাহ, ইবাদত আৰু লেনদেনৰ ক্ষেত্ৰতো সকলো উম্মতৰ মাজত উত্তম, ন্যায় পথত পৰিচালিত তথা মধ্যৱৰ্তী উম্মত বনাইছোঁ। যাতে তোমালোকে কিয়ামতৰ দিনা সকলো ৰাছুলৰ সপক্ষে সাক্ষী হ’ব পাৰা যে, তেওঁলোকে নিজৰ উম্মতক আল্লাহৰ দ্বীন পৌঁচাই দিছিল। লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকৰ বিষয়ে এই সাক্ষ্য প্ৰদান কৰিব যে, তেওঁ তোমালোকক আল্লাহৰ দ্বীন পৌঁচাই দিছে। আমি বাইতুল মাক্বদিছৰ ঠাইত কাবা ঘৰক কিবলা এই কাৰণে বনাইছোঁ, যাতে এই কথা স্পষ্ট হয় যে, আল্লাহৰ ফয়চালাত কোনে সন্তুষ্ট হৈ শিৰ নত কৰে আৰু ৰাছুলৰ অনুসৰণ কৰে। লগতে এই কথাও যাতে স্পষ্ট হয় যে, কোনে তেওঁৰ ধৰ্মৰ পৰা আঁতৰি প্ৰবৃত্তিৰ অনুসৰণ কৰে আৰু আল্লাহৰ ফয়চালাক অৱজ্ঞা কৰে। যদিও প্ৰথম কিবলা পৰিবৰ্তনৰ আদেশটো আছিল বৰ ডাঙৰ বিষয়, কিন্তু যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে আৰু এই কথা বিশ্বাস কৰে যে, আল্লাহৰ কোনো আদেশেই ৰহস্যহীন নহয়, তেনে ব্যক্তিৰ বাবে এই আদেশটো কোনো ডাঙৰ কথা নহয়। আল্লাহে তোমালোকৰ ঈমান বিনষ্ট নকৰিব; কিবলা পৰিবৰ্তন হোৱাৰ পূৰ্বে আদায় কৰা ছলাতসমূহ ঈমানৰেই অন্তৰ্ভুক্ত। প্ৰকৃততে মানুহৰ বাবে আল্লাহ অত্যন্ত কৰুণাময়, দয়াৱান। সেয়ে তেওঁ তোমালোকক কষ্টও দিব নিবিচাৰে আৰু তোমালোকৰ কৰ্মকো ব্যৰ্থ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002143.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002143.mp3"},{"index":"144","arabicText":"قَدْ نَرٰی تَقَلُّبَ وَجْهِكَ فِی السَّمَآءِ ۚ فَلَنُوَلِّیَنَّكَ قِبْلَةً تَرْضٰىهَا ۪ فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ؕ وَحَیْثُ مَا كُنْتُمْ فَوَلُّوْا وُجُوْهَكُمْ شَطْرَهٗ ؕ وَاِنَّ الَّذِیْنَ اُوْتُوا الْكِتٰبَ لَیَعْلَمُوْنَ اَنَّهُ الْحَقُّ مِنْ رَّبِّهِمْ ؕ وَمَا اللّٰهُ بِغَافِلٍ عَمَّا یَعْمَلُوْنَ ۟","assameseTranslation":"আকাশৰ ফালে তোমাৰ বাৰে বাৰে চাই থকাটো নিশ্চয় আমি লক্ষ্য কৰিছোঁ। এতেকে আমি তোমাক এনে কিবলাৰ ফালে নিশ্চয় ওভতাই দিম যিটোক তুমি পছন্দ কৰা। এতেকে তুমি মছজিদে হাৰামৰ ফালে মুখ কৰা; আৰু তোমালোকে য’তেই নাথাকা কিয় ইয়াৰ ফালেই তোমালোকৰ চেহাৰা ঘূৰাই লোৱা; আৰু নিশ্চয় যিসকলক কিতাব দিয়া হৈছে সিহঁতে নিশ্চিতভাৱে জানে যে, এইটো সিহঁতৰ প্ৰতিপালকৰ পৰা সত্য; আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ অমনোযাগী নহয়।","footnotes":"","tafseer":"হে নবী! আমি আপোনাৰ মুখমণ্ডল আৰু দৃষ্টিক বাৰে বাৰে আকাশৰ পিনে উঠোৱা বিষয়টো লক্ষ্য কৰিছোঁ। আপুনি এই আশাত আছিল যে, আপোনাৰ পছন্দৰ কিবলাৰ পিনে মুখ কৰি ছালাত আদায় কৰাৰ অনুমতি লাভ কৰক। এতেকে আমি অনতিপলমে বৰ্তমানৰ কিবলা বাইতুল মাক্বদিছৰ পৰিবৰ্তে আপোনাৰ পছন্দৰ কিবলা অৰ্থাৎ কাবা ঘৰৰ পিনে মুখ ঘূৰাই দিম। গতিকে এতিয়া মক্কাত অৱস্থিত পৱিত্ৰ ঘৰৰ পিনে মুখ কৰি লওক। হে মুছলিমসকল! তোমালোকে য’তে নাথাকা কিয়, ছালাতৰ সময়ত সেই পিনেই মুখ কৰি ছালাত আদায় কৰিবা। দৰাচলতে ইয়াহুদী আৰু খৃষ্টানসকলে এই কথা অৱগত যে, কিবলা পৰিবৰ্তনৰ আদেশ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা আহিছে আৰু ইয়াৰ সত্যতাত কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। কিয়নো সিহঁতৰ গ্ৰন্থত ইয়াৰ উল্লেখ আছে। এনেকুৱা সত্যৰ পৰা পলায়নকাৰী সকলৰ কৰ্ম সম্পৰ্কে আল্লাহ অমনোযোগী নহয়। বৰং আল্লাহ সেই বিষয়ে সম্যক অৱগত আৰু সিহঁতক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002144.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002144.mp3"},{"index":"145","arabicText":"وَلَىِٕنْ اَتَیْتَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ بِكُلِّ اٰیَةٍ مَّا تَبِعُوْا قِبْلَتَكَ ۚ وَمَاۤ اَنْتَ بِتَابِعٍ قِبْلَتَهُمْ ۚ وَمَا بَعْضُهُمْ بِتَابِعٍ قِبْلَةَ بَعْضٍ ؕ وَلَىِٕنِ اتَّبَعْتَ اَهْوَآءَهُمْ مِّنْ بَعْدِ مَا جَآءَكَ مِنَ الْعِلْمِ ۙ اِنَّكَ اِذًا لَّمِنَ الظّٰلِمِیْنَ ۟ۘ","assameseTranslation":"আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছে, তুমি যদি সিহঁতৰ ওচৰত সকলো দলিল-প্ৰমাণ দাঙি ধৰা, তথাপিও সিহঁতে তোমাৰ কিবলাৰ অনুসৰণ নকৰিব; আৰু তুমিও সিহঁতৰ কিবলাৰ অনুসাৰী নহয়; আৰু সিহঁতেও পৰস্পৰৰ কিবলাৰ অনুসাৰী নহয়। তোমাৰ ওচৰত সত্যৰ জ্ঞান অহাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা, তেন্তে নিশ্চয় তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।","footnotes":"","tafseer":"আল্লাহৰ শপত! হে নবী আপুনি যদি আহলে কিতাব অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলৰ সন্মুখত সকলো প্ৰকাৰৰ নিদৰ্শন ও দলীল-প্ৰমাণ দাঙি ধৰি প্ৰমাণ কৰে যে, কিবলা পৰিবৰ্তন হোৱাৰ আদেশটো সত্য; তথাপিও সিহঁতে শত্ৰুতা আৰু সত্যৰ অনুসৰণৰ পৰা অহংকাৰ কৰি আপোনাৰ কিবলাৰ পিনে মুখ নকৰিব। আনহাতে আপুনিও সিহঁতৰ কিবলাৰ অনুসৰণ নকৰিব যিহেতু আল্লাহে আপোনাক তাৰ পৰা ওভোতাই আনিছে। বৰং সিহঁতৰো কোনো পক্ষই ইজনে সিজনৰ কিবলাৰ অনুসৰণ নকৰিব। কাৰণ সিহঁতৰ প্ৰত্যেক দলে ইজনে সিজনক কাফিৰ বুলি ভাবে। যদি আপুনি কিবলা তথা আন কোনো চৰীয়তি বিষয়ৰ ক্ষেত্ৰত, আপোনাৰ ওচৰত সন্দেহমুক্ত সঠিক জ্ঞান অহাৰ পিছতো সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে তেন্তে নিশ্চয় আপুনি হিদায়ত ত্যাগ কৰি প্ৰবৃত্তিৰ অনুসৰণত লিপ্ত হোৱাৰ ফলত অন্যায়কাৰী সকলৰ অন্তৰ্ভুক্ত হৈ যাব। এই কথা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি এই কাৰণেই কোৱা হৈছে, যাতে আহলে কিতাবৰ অনুসৰণৰ ক্ষতি ও ভয়াৱহতা স্পষ্ট কৰিব পৰা যায়। অন্যথা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণৰ পৰা স্বয়ং আল্লাহে সুৰক্ষা প্ৰদান কৰিছে। দৰাচলতে এয়া তেখেতৰ উম্মতৰ বাবে সতৰ্কবাণী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002145.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002145.mp3"},{"index":"146","arabicText":"اَلَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ یَعْرِفُوْنَهٗ كَمَا یَعْرِفُوْنَ اَبْنَآءَهُمْ ؕ وَاِنَّ فَرِیْقًا مِّنْهُمْ لَیَكْتُمُوْنَ الْحَقَّ وَهُمْ یَعْلَمُوْنَ ۟ؔ","assameseTranslation":"আমি যিসকলক কিতাব প্ৰদান কৰিছোঁ, সিহঁতে তেওঁক এনেকৈ চিনি পায় যেনেকৈ সিহঁতে নিজৰ সন্তানক চিনি পায়; আৰু নিশ্চয় সিহঁতৰ এটা দলে জানি বুজি সত্য গোপন কৰি থাকে।","footnotes":"","tafseer":"যিসকলক আমি কিতাব প্ৰদান কৰিছোঁ সিহঁতে অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টান ধৰ্ম গুৰুসকলে কিবলা পৰিবৰ্তনৰ এই বিষয়টো যে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ নিদৰ্শনসমূহৰ এটা অন্যতম নিদৰ্শন, এই বিষয়টোৰ সৈতে সিহঁতে সেই দৰেই পৰিচিত, যিদৰে সিহঁতে নিজৰ সন্তানক চিনি পায় বা সিহঁতৰ মাজত পাৰ্থক্য কৰিব পাৰে। ইয়াৰ পিছতো সিহঁতৰ এটা দলে সত্যক গোপন কৰে। দৰাচলতে সিহঁতে সত্য জনাৰ পিছতো কেৱল ঈৰ্ষাৰ ফলত সেয়া গোপন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002146.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002146.mp3"},{"index":"147","arabicText":"اَلْحَقُّ مِنْ رَّبِّكَ فَلَا تَكُوْنَنَّ مِنَ الْمُمْتَرِیْنَ ۟۠","assameseTranslation":"সত্য তোমাৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত। গতিকে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।","footnotes":"","tafseer":"হে ৰাছুল! এইটোৱে আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য। এতেকে আপুনি কদাপিও ইয়াৰ সত্যতাত সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002147.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002147.mp3"},{"index":"148","arabicText":"وَلِكُلٍّ وِّجْهَةٌ هُوَ مُوَلِّیْهَا فَاسْتَبِقُوا الْخَیْرٰتِ ؔؕ اَیْنَ مَا تَكُوْنُوْا یَاْتِ بِكُمُ اللّٰهُ جَمِیْعًا ؕ اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"আৰু প্ৰত্যেকৰে একোটাকৈ (নিৰ্দিষ্ট) দিশ আছে, সেই ফালেই সি মুখ কৰে, এতেকে তোমালোকে সৎকৰ্মত প্ৰতিযোগিতা কৰা। তোমালোকে য’তেই নাথাকা কিয় আল্লাহে তোমালোক সকলোকে সমবেত কৰিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"প্ৰত্যেক উম্মতৰে এটা নিৰ্দিষ্ট দিশ আছে, যিফালে সিহঁতে মুখ কৰে। সেই দিশটো বাহ্যিক হওক অথবা আভ্যন্তৰীণ। এই কাৰণেই বেলেগ বেলেগ সম্প্ৰদায়ৰ বেলেগ বেলেগ কিবলা আৰু বেলেগ বেলেগ চৰীয়তি আদেশ আছিল। সেয়ে যদি দিশৰ এই ভিন্নতা আল্লাহৰ আদেশ আৰু তেওঁৰ চৰীয়ত অনুসাৰে হয়, তেন্তে এই বিষয়ত কোনো অসুবিধা থকাৰ কথা নহয়। এতেকে হে মুমিনসকল! সত্কৰ্মত ইজনে সিজনৰ লগত প্ৰতিযোগিতা কৰা, যিটো কৰিবলৈ তোমালোকক আদেশ দিয়া হৈছে। তোমালোকে য’তেই নাথাকা কিয় কিয়ামতৰ দিনা আল্লাহে তোমালোকক একত্ৰিত কৰিব, যাতে তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব পাৰে। নিশ্চয় আল্লাহ সকলো বিষয়তে ক্ষমতাৱান। এতেকে তোমালোকক একত্ৰিত কৰা আৰু প্ৰতিদান দিয়াটো তেওঁৰ বাবে কোনো কঠিন কাম নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002148.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002148.mp3"},{"index":"149","arabicText":"وَمِنْ حَیْثُ خَرَجْتَ فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ؕ وَاِنَّهٗ لَلْحَقُّ مِنْ رَّبِّكَ ؕ وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟","assameseTranslation":"আৰু তুমি য’ৰ পৰাই নোলোৱা কিয়, তুমি মছজিদুল হাৰামৰ ফালে মুখ কৰিবা; নিশ্চয় এইটো তোমাৰ প্ৰতিপালকৰ পৰা পঠোৱা সত্য; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।","footnotes":"","tafseer":"হে নবী! আপুনি আৰু আপোনাৰ অনুসাৰীসকলে য’ৰ পৰাই নোলাওক আৰু যি ঠাইতে অৱস্থান নকৰক কিয়, ছালাত আদায় কৰিব বিচাৰিলে মছজিদে হাৰামৰ পিনে মুখ কৰি লয় যেন। কাৰণ এইটোৱে হৈছে আপোনাৰ প্ৰতিপালকৰ সত্য আদেশ, যিটো অহীৰ দ্বাৰা আপোনাক জনোৱা হৈছে। আল্লাহে আপোনালোকৰ কৰ্মৰ পৰা অমনোযোগী নহয়। তেওঁ এই বিষয়ে সম্যক অৱগত আৰু তেওঁ ইয়াৰ প্ৰতিদানো প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002149.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002149.mp3"},{"index":"150","arabicText":"وَمِنْ حَیْثُ خَرَجْتَ فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ؕ وَحَیْثُ مَا كُنْتُمْ فَوَلُّوْا وُجُوْهَكُمْ شَطْرَهٗ ۙ لِئَلَّا یَكُوْنَ لِلنَّاسِ عَلَیْكُمْ حُجَّةٌ ۙۗ اِلَّا الَّذِیْنَ ظَلَمُوْا مِنْهُمْ ۗ فَلَا تَخْشَوْهُمْ وَاخْشَوْنِیْ ۗ وَلِاُتِمَّ نِعْمَتِیْ عَلَیْكُمْ وَلَعَلَّكُمْ تَهْتَدُوْنَ ۟ۙۛ","assameseTranslation":"আৰু তুমি য’ৰ পৰাই নোলোৱা কিয়, মছজিদুল হাৰামৰ ফালে তোমাৰ মুখ ঘূৰাই লোৱা, আৰু তোমালোকেও য’তেই নাথাকা কিয় ইয়াৰ ফালেই তোমালোকে মুখ কৰিবা, যাতে তোমালোকৰ বিপক্ষে মানুহৰ বাবে বিতৰ্ক কৰাৰ কোনো অৱকাশ নাথাকে; কিন্তু সিহঁতৰ মাজত থকা যালিমসকলৰ বাহিৰে। গতিকে তোমালোকে সিহঁতক ভয় নকৰিবা, কেৱল মোকেই ভয় কৰাঁ; এই কাৰণে যে, যাতে আমি তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ পৰিপূৰ্ণ কৰিব পাৰোঁ আৰু যাতে তোমালোকে হিদায়ত প্ৰাপ্ত হোৱা।","footnotes":"","tafseer":"হে নবী! আপুনি য’ৰ পৰাই নোলাওক কিয়, ছালাত আদায় কৰিব বিচাৰিলে মছজিদে হাৰামৰ পিনে মুখ কৰি লওক। লগতে হে মুমিনসকল! তোমালোকে য’তেই নাথাকা কিয়, ছালাতৰ সময়ত সেই পিনেই মুখ কৰি ছালাত আদায় কৰিবা। যাতে মানুহে তোমালোকৰ বিৰুদ্ধে কোনো দলীল বিচাৰি নাপায়। কিন্তু অন্যায়কাৰী লোকসকলৰ কথাটো বেলেগ। কিয়নো সিহঁত বিদ্বেষপূৰ্ণ আচৰণত অটল থাকিব আৰু তোমালোকৰ বিৰুদ্ধে দুৰ্বলতকৈ দুৰ্বল প্ৰমাণ প্ৰস্তুত কৰি থাকিব। এতেকে তোমালোকে সিহঁতক ভয় নকৰিবা, বৰং নিজ প্ৰতিপালকৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। প্ৰকৃততে আল্লাহে কাবা ঘৰৰ পিনে মুখ কৰাৰ আদেশ এই কাৰণেই দিছে যাতে তোমালোকক আন আন সম্প্ৰদায়ৰ পৰা পৃথক পৰিচয় প্ৰদান কৰি তোমালোকৰ ওপৰত তেওঁৰ নিয়ামতসমূহ সম্পূৰ্ণ কৰিব পাৰে লগতে যাতে তোমালোকক সৰ্বশ্ৰেষ্ঠ কিবলাৰ পিনে হিদায়ত দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002150.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002150.mp3"},{"index":"151","arabicText":"كَمَاۤ اَرْسَلْنَا فِیْكُمْ رَسُوْلًا مِّنْكُمْ یَتْلُوْا عَلَیْكُمْ اٰیٰتِنَا وَیُزَكِّیْكُمْ وَیُعَلِّمُكُمُ الْكِتٰبَ وَالْحِكْمَةَ وَیُعَلِّمُكُمْ مَّا لَمْ تَكُوْنُوْا تَعْلَمُوْنَ ۟ؕۛ","assameseTranslation":"যেনেকৈ আমি তোমালোকৰ মাজৰ পৰা তোমালোকৰ ওচৰতেই এজন ৰাছুল প্ৰেৰণ কৰিছোঁ, যিজনে তোমালোকৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰে, আৰু তোমালোকক পৰিশুদ্ধ কৰে তথা তোমালোকক কিতাব আৰু হিকমতৰ শিক্ষা দিয়ে, এনে শিক্ষা দিয়ে যিটো তোমালোকে জনা নাছিলা।","footnotes":"","tafseer":"যিদৰে আমি ইতিপূৰ্বে তোমালোকৰ ওপৰত আৰু এটা অনুগ্ৰহ কৰিছোঁ, তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিছোঁ, তেওঁ তোমালোকক আমাৰ আয়াতসমূহ পাঠ কৰি শুনায়। তোমালোকক সদাচৰণ তথা সত্কৰ্মৰ আদেশ আৰু অসৎ আচৰণ তথা অসৎ কৰ্মৰ পৰা নিষেধ কৰি পৱিত্ৰ কৰে। লগতে তোমালোকক কোৰআন আৰু ছুন্নতৰ শিক্ষা দিয়ে। লগতে তোমালোকক দ্বীন দুনীয়া সম্পৰ্কে এনেকুৱা শিক্ষা দিয়ে যিটো তোমাকে আগতে জনা নাছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002151.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002151.mp3"},{"index":"152","arabicText":"فَاذْكُرُوْنِیْۤ اَذْكُرْكُمْ وَاشْكُرُوْا لِیْ وَلَا تَكْفُرُوْنِ ۟۠","assameseTranslation":"এতেকে, তোমালোকে মোকেই স্মৰণ কৰা, ময়ো তোমালোকক স্মৰণ কৰিম; আৰু তোমালোকে মোৰ প্ৰতি কৃতজ্ঞ হোৱা আৰু অকৃতজ্ঞ নহ’বা।","footnotes":"","tafseer":"তোমালোকে নিজৰ অন্তৰ আৰু শৰীৰৰ দ্বাৰা মোক স্মৰণ কৰা। মই তোমালোকক প্ৰশংসা আৰু সুৰক্ষা প্ৰদানৰ দ্বাৰা স্মৰণ কৰিম। কিয়নো প্ৰতিদান অনুৰূপ কৰ্মৰ দ্বাৰাই প্ৰদান কৰা হয়। মোৰ সেইসমূহ অনুগ্ৰহৰ কৃতজ্ঞতা জ্ঞাপন কৰা, যিবোৰ মই তোমালোকৰ ওপৰত কৰিছোঁ। সেইবোৰ অস্বীকাৰ কৰি আৰু সেইবোৰক অবৈধ কৰ্মত ব্যৱহাৰ কৰি মোৰ অকৃতজ্ঞতা নকৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002152.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002152.mp3"},{"index":"153","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اسْتَعِیْنُوْا بِالصَّبْرِ وَالصَّلٰوةِ ؕ اِنَّ اللّٰهَ مَعَ الصّٰبِرِیْنَ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকে ধৈৰ্য্য আৰু ছালাতৰ মাধ্যমত সহায় প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ধৈৰ্য্যশীলসকলৰ লগত আছে।","footnotes":"","tafseer":"হে ঈমান্দাৰসকল! মোৰ আনুগত্য আৰু আদেশ পালন কৰিবলৈ, ধৈৰ্য্য আৰু ছালাতৰ দ্বাৰা সহায় প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ধৈৰ্য্যশীলসকলৰ লগত আছে, তেওঁ তেওঁলোকক সামৰ্থ প্ৰদান কৰে তথা তেওঁলোকৰ সহায় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002153.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002153.mp3"},{"index":"154","arabicText":"وَلَا تَقُوْلُوْا لِمَنْ یُّقْتَلُ فِیْ سَبِیْلِ اللّٰهِ اَمْوَاتٌ ؕ بَلْ اَحْیَآءٌ وَّلٰكِنْ لَّا تَشْعُرُوْنَ ۟","assameseTranslation":"আৰু যিসকলে আল্লাহৰ পথত নিহত হয়, তেওঁলোকক মৃত বুলি নামাতিবা, বৰং তেওঁলোক হৈছে জীৱিত; কিন্তু তোমালোকে উপলব্ধি কৰিব নোৱাৰা।","footnotes":"","tafseer":"হে মুমিনসকল! যিসকলে আল্লাহৰ পথত জিহাদ কৰি শ্বহীদ হৈছে, তেওঁলোকৰ বিষয়ে এইটো নাভাবিবা যে, তেওঁলোকে সাধাৰণ ব্যক্তিৰ দৰে মৃত্যুবৰণ কৰিছে। বৰং তেওঁলোক নিজ প্ৰতিপালকৰ ওচৰত জীৱিত আছে। কিন্তু তোমালোকে তেওঁলোকৰ জীৱনক ঠাৱৰ কৰিব নোৱাৰিবা। কাৰণ তেওঁলোকক এটা বিশেষ জীৱন দান দিয়া হয়। এই বিষয়ে অৱগত হোৱাৰ একমাত্ৰ মাধ্যম হৈছে অহী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002154.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002154.mp3"},{"index":"155","arabicText":"وَلَنَبْلُوَنَّكُمْ بِشَیْءٍ مِّنَ الْخَوْفِ وَالْجُوْعِ وَنَقْصٍ مِّنَ الْاَمْوَالِ وَالْاَنْفُسِ وَالثَّمَرٰتِ ؕ وَبَشِّرِ الصّٰبِرِیْنَ ۟ۙ","assameseTranslation":"আৰু আমি তোমালোকক নিশ্চয় পৰীক্ষা কৰিম অলপ ভয়-ভীতি, ভোক আৰু ধন-সম্পদ, জীৱন আৰু ফচলৰ ক্ষয়-ক্ষতিৰ দ্বাৰা; আৰু তুমি ধৈৰ্য্যশীলসকলক সুসংবাদ দিয়া--","footnotes":"","tafseer":"আমি তোমালোকক অৱশ্যে বিভিন্ন প্ৰকাৰৰ বিপদ-আপদৰ দ্বাৰা পৰীক্ষা কৰিম। কেতিয়াবা শত্ৰুৰ ভয়, আকৌ কেতিয়াবা খাদ্য বস্তুৰ অনাটনৰ বাবে ভোকৰ জৰিয়তে, কেতিয়াবা ধন-সম্পত্তিত ক্ষয়-ক্ষতি, আকৌ কেতিয়াবা সেয়া অৰ্জনত বাধাৰ জৰিয়তে পৰীক্ষা কৰা হ’ব। কেতিয়াবা বিপদ-আপদত জীৱন ধ্বংস অথবা আল্লাহৰ পথত শ্বহীদ হোৱাৰ ফলত প্ৰাণ হেৰুৱাৰ দ্বাৰা পৰীক্ষা কৰা হ’ব। আকৌ কেতিয়াবা ভূমিজাত শস্যৰ উত্পাদনত হ্ৰাস পাব। এতেকে হে নবী! এনেকুৱা বিপদত ধৈৰ্য্য ধাৰণকাৰী সকলক পৃথিৱী আৰু আখিৰাতত আনন্দৰ সুসংবাদ দিয়ক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002155.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002155.mp3"},{"index":"156","arabicText":"الَّذِیْنَ اِذَاۤ اَصَابَتْهُمْ مُّصِیْبَةٌ ۙ قَالُوْۤا اِنَّا لِلّٰهِ وَاِنَّاۤ اِلَیْهِ رٰجِعُوْنَ ۟ؕ","assameseTranslation":"যিসকলে বিপদত আক্ৰান্ত হ’লে কয়, ‘আমিতো আল্লাহৰেই, আৰু নিশ্চয় আমি তেওঁৰ পিনেই প্ৰত্যাৱৰ্তনকাৰী’।","footnotes":"","tafseer":"যেতিয়া তেওঁলোকে এইসমূহ বিপদৰ পৰা কোনো এটা বিপদত আক্ৰান্ত হয় তেতিয়া তেওঁলোকে আল্লাহৰ সিদ্ধান্তত সন্তুষ্টি প্ৰকাশ কৰি কয়ঃ আমি আল্লাহৰেই সম্পত্তি, আল্লাহে আমাক যি অৱস্থাত ৰাখিব সেইটোৱে উত্তম আৰু নিশ্চয় আমি ক্বিয়ামতৰ দিনা তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হ’ম। তেৱেঁই আমাক সৃষ্টি কৰিছে আৰু তেওঁৰ অশেষ কৃপাত আমাক বিভিন্ন প্ৰকাৰৰ অনুগ্ৰহ প্ৰদান কৰিছে। তেওঁৰ পিনেই আমি উভতি যাব লাগিব আৰু এয়াই আমাৰ শেষ লক্ষ্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002156.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002156.mp3"},{"index":"157","arabicText":"اُولٰٓىِٕكَ عَلَیْهِمْ صَلَوٰتٌ مِّنْ رَّبِّهِمْ وَرَحْمَةٌ ۫ وَاُولٰٓىِٕكَ هُمُ الْمُهْتَدُوْنَ ۟","assameseTranslation":"এওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতি তেওঁলোকৰ প্ৰতিপালকৰ পৰা বিশেষ অনুগ্ৰহ আৰু ৰহমত বৰ্ষিত হয়, আৰু এওঁলোকেই সৎপথত পৰিচালিত।","footnotes":"","tafseer":"এই ধৰণৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰ বিষয়ে আল্লাহে তেওঁৰ নিকটৱৰ্তী ফিৰিস্তাসকলৰ মাজত প্ৰশংসা কৰে। এওঁলোকৰ ওপৰতেই আল্লাহৰ ৰহমত অৱতীৰ্ণ হয় আৰু এওঁলোকেই হিদায়তপ্ৰাপ্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002157.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002157.mp3"},{"index":"158","arabicText":"اِنَّ الصَّفَا وَالْمَرْوَةَ مِنْ شَعَآىِٕرِ اللّٰهِ ۚ فَمَنْ حَجَّ الْبَیْتَ اَوِ اعْتَمَرَ فَلَا جُنَاحَ عَلَیْهِ اَنْ یَّطَّوَّفَ بِهِمَا ؕ وَمَنْ تَطَوَّعَ خَیْرًا ۙ فَاِنَّ اللّٰهَ شَاكِرٌ عَلِیْمٌ ۟","assameseTranslation":"নিশ্চয় চাফা আৰু মাৰৱা আল্লাহৰ নিদৰ্শনসমূহৰ অন্তৰ্ভুক্ত। এতেকে যিয়ে (কাবা) ঘৰৰ হজ্জ অথবা ওমৰাহ সম্পন্ন কৰে, এই দুটাৰ মাজত ছায়ী (প্ৰদক্ষিণ) কৰিলে তাৰ কোনো পাপ নহ’ব; আৰু যিয়ে স্বতঃস্ফূৰ্তভাৱে কোনো সৎকৰ্ম কৰিব, তেন্তে নিশ্চয় আল্লাহ উত্তম পুৰস্কাৰদাতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"চাফা আৰু মাৰৱা হৈছে কাবা ঘৰৰ ওচৰতে অৱস্থিত সকলোৰে পৰিচিত দুখন পৰ্বত। উক্ত পৰ্বত দুখন হৈছে চৰীয়তৰ প্ৰকাশ্য প্ৰতীক। এতেকে যিয়ে হজ্জ অথবা উমৰাহ কৰিবলৈ কাবা ঘৰত যাব, তেওঁ যদি এই দুটা পৰ্বতৰ মাজত প্ৰদক্ষিণ কৰে তেন্তে কোনো গুনাহ নহয়। ইয়াত গুনাহ নোহোৱাৰ কথাটো উল্লেখ কৰি সেইসকল মুছলিমক সান্তনা দিয়া হৈছে যিসকলে ইয়াৰ মাজত কৰা প্ৰদক্ষিণক অজ্ঞতা যুগৰ কৰ্ম বুলি ভাবিছিল। এতেকে আল্লাহে স্পষ্ট কৰি দিছে যে, এইটোও হজ্জৰ এটা কৰ্ম। গতিকে যিয়ে মুস্তাহাব ইবাদত নিৰ্ভেজালভাৱে পালন কৰিব, আল্লাহে তাৰ ইবাদতক মৰ্যদা প্ৰদান কৰিব আৰু সেয়া কবুল কৰি তাক প্ৰতিদান দিব। আল্লাহে ভালদৰে জানে যে, কোনে সত্কৰ্ম কৰে আৰু কোন ছোৱাবৰ অধিকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002158.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002158.mp3"},{"index":"159","arabicText":"اِنَّ الَّذِیْنَ یَكْتُمُوْنَ مَاۤ اَنْزَلْنَا مِنَ الْبَیِّنٰتِ وَالْهُدٰی مِنْ بَعْدِ مَا بَیَّنّٰهُ لِلنَّاسِ فِی الْكِتٰبِ ۙ اُولٰٓىِٕكَ یَلْعَنُهُمُ اللّٰهُ وَیَلْعَنُهُمُ اللّٰعِنُوْنَ ۟ۙ","assameseTranslation":"নিশ্চয় আমি যিবোৰ সু-স্পষ্ট নিদৰ্শন আৰু হিদায়ত অৱতীৰ্ণ কৰিছোঁ, মানুহৰ বাবে কিতাবত সেইবোৰ স্পষ্টভাৱে ব্যক্ত কৰাৰ পিছতো যিসকলে সেইবোৰ গোপন কৰে, সিহঁতক আল্লাহে অভিশাপ কৰে আৰু অভিশাপকাৰীসকলেও সিহঁতক অভিশাপ কৰে।","footnotes":"","tafseer":"ইয়াহুদী আৰু খৃষ্টানসকলৰ মাজৰ যিসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু ইছলামৰ সত্যতা প্ৰকাশ কৰা নিদৰ্শনসমূহক গোপন কৰে, অথচ সিহঁতৰ গ্ৰন্থত সেইবোৰ লিপিবদ্ধ আছে, তেনেকুৱা ব্যক্তিক আল্লাহে তেওঁৰ ৰহমতৰ পৰা দূৰ কৰি দিয়ে। লগতে সকলো ফিৰিস্তা, নবীসকল আৰু সকলো মানুহে এই বদ্দুআ কৰে যে, আল্লাহে যেন সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই ৰাখে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002159.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002159.mp3"},{"index":"160","arabicText":"اِلَّا الَّذِیْنَ تَابُوْا وَاَصْلَحُوْا وَبَیَّنُوْا فَاُولٰٓىِٕكَ اَتُوْبُ عَلَیْهِمْ ۚ وَاَنَا التَّوَّابُ الرَّحِیْمُ ۟","assameseTranslation":"কিন্তু যিসকলে তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে আৰু সত্যক সুস্পষ্টভাৱে ব্যক্ত কৰিছে। তেওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ তাওবা আমি কবুল কৰোঁ; আৰু মই অধিক তাওবা কবুলকাৰী, পৰম দয়ালু।","footnotes":"","tafseer":"আনহাতে যিয়ে এই স্পষ্ট নিদৰ্শনসমূহ গোপন কৰাৰ কাৰণে অনুতপ্ত হৈ আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰিব, লগতে নিজৰ বাহ্যিক আৰু আভ্যন্তৰীণ কৰ্মসমূহ শুধৰাই ল’ব লগতে এই কথাও স্পষ্ট কৰিব যে, সি কি কি সত্য আৰু হিদায়ত গোপন কৰিছিল তেন্তে মই মোৰ আনুগত্যত সিহঁতৰ এই প্ৰত্যাৱৰ্তন স্বীকাৰ কৰিম। কিয়নো মই মোৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰোঁ আৰু সিহঁতৰ প্ৰতি দয়া কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002160.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002160.mp3"},{"index":"161","arabicText":"اِنَّ الَّذِیْنَ كَفَرُوْا وَمَاتُوْا وَهُمْ كُفَّارٌ اُولٰٓىِٕكَ عَلَیْهِمْ لَعْنَةُ اللّٰهِ وَالْمَلٰٓىِٕكَةِ وَالنَّاسِ اَجْمَعِیْنَ ۟ۙ","assameseTranslation":"নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু কাফিৰ অৱস্থাতেই মৃত্যুবৰণ কৰিছে, সিহঁতৰ ওপৰত আল্লাহৰ, ফিৰিস্তাসকলৰ আৰু সকলো মানুহৰ অভিশাপ।","footnotes":"","tafseer":"নিশ্চয় যিসকলে কুফৰ কৰিছে আৰু তাওবা নকৰাকৈ কুফৰ অৱস্থাতেই মৃত্যুবৰণ কৰিছে, সিহঁতৰ ওপৰত আছে আল্লাহৰ অভিসম্পাত। লগতে আল্লাহে সিহঁতক তেওঁৰ ৰহমতৰ পৰা দূৰ কৰি দিয়ে, আৰু সকলো ফিৰিস্তা তথা সকলো মানুহে সিহঁতক আল্লাহৰ ৰহমতৰ পৰা আঁতৰাই দিয়াৰ বদ্দুআ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002161.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002161.mp3"},{"index":"162","arabicText":"خٰلِدِیْنَ فِیْهَا ۚ لَا یُخَفَّفُ عَنْهُمُ الْعَذَابُ وَلَا هُمْ یُنْظَرُوْنَ ۟","assameseTranslation":"তাত সিহঁত স্থায়ী হ’ব। সিহঁতৰ শাস্তি অকণো শিথিল কৰা নহ’ব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।","footnotes":"","tafseer":"সিহঁত সদায় এই অভিশাপত থাকিব। এদিনৰ কাৰণেও সিহঁতৰ পৰা শাস্তি লাঘৱ কৰা নহ’ব, আনকি কিয়ামতৰ দিনাও সিহঁতক অৱসৰ দিয়া নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002162.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002162.mp3"},{"index":"163","arabicText":"وَاِلٰهُكُمْ اِلٰهٌ وَّاحِدٌ ۚ لَاۤ اِلٰهَ اِلَّا هُوَ الرَّحْمٰنُ الرَّحِیْمُ ۟۠","assameseTranslation":"আৰু তোমালোকৰ ইলাহ কেৱল এজন ইলাহ। তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। তেওঁ পৰম কৰুণাময়, পৰম দয়ালু।","footnotes":"","tafseer":"হে মানৱজাতি! তোমালোকৰ সত্য উপাস্য কেৱল এজনেই। তেওঁ সত্ত্বাগত আৰু বৈশিষ্ট্যৰ ফালৰ পৰাও অদ্বিতীয়। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ পৰম দয়ালু, বান্দাৰ প্ৰতি অতি দয়াশীল। সেয়ে তেওঁ বান্দাসকলক অসংখ্য- অগণন অনুগ্ৰহ দান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002163.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002163.mp3"},{"index":"164","arabicText":"اِنَّ فِیْ خَلْقِ السَّمٰوٰتِ وَالْاَرْضِ وَاخْتِلَافِ الَّیْلِ وَالنَّهَارِ وَالْفُلْكِ الَّتِیْ تَجْرِیْ فِی الْبَحْرِ بِمَا یَنْفَعُ النَّاسَ وَمَاۤ اَنْزَلَ اللّٰهُ مِنَ السَّمَآءِ مِنْ مَّآءٍ فَاَحْیَا بِهِ الْاَرْضَ بَعْدَ مَوْتِهَا وَبَثَّ فِیْهَا مِنْ كُلِّ دَآبَّةٍ ۪ وَّتَصْرِیْفِ الرِّیٰحِ وَالسَّحَابِ الْمُسَخَّرِ بَیْنَ السَّمَآءِ وَالْاَرْضِ لَاٰیٰتٍ لِّقَوْمٍ یَّعْقِلُوْنَ ۟","assameseTranslation":"নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিৰ মাজত, ৰাতি আৰু দিনৰ পৰিবৰ্তনৰ মাজত, মানুহৰ উপকাৰী দ্ৰৱ্যবাহী সাগৰত চলাচল কৰা জাহাজত আৰু আকাশৰ পৰা আল্লাহে পানী বৰ্ষণ কৰি মৃত ভূমিক পুনৰ্জীৱিত কৰাৰ মাজত, লগতে আল্লাহে প্ৰসাৰিত কৰা সকলো প্ৰকাৰ বিচৰণশীল প্ৰাণীৰ মাজত আৰু বতাহৰ দিশ পৰিবৰ্তনত তথা আকাশ আৰু পৃথিৱীৰ মাজত নিয়ন্ত্ৰিত মেঘমালাৰ মাজত বিবেকৱান সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন।","footnotes":"","tafseer":"নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিত আৰু এই দুয়োৰে মাজত থকা অদ্ভূত সৃষ্টিৰ মাজত লগতে দিন ৰাতিৰ আৱৰ্তনত আৰু খাদ্য, বস্ত্ৰ আৰু ব্যৱসায়-বাণিজ্যৰ পণ্য আদি মানুহৰ লাগতীয়াল বস্তু লৈ সাগৰত চলাচল কৰা জাহাজৰ মাজত আৰু আল্লাহে আকাশৰ পৰা অৱতীৰ্ণ কৰা পানীৰ মাজত, যাৰ দ্বাৰা আল্লাহে পৃথিৱীক সজীৱ কৰি তোলে আৰু যাৰ দ্বাৰা উত্পাদন হয় শস্য আৰু ঘাঁহ-বন, লগতে পৃথিৱীত বসবাস কৰা বিভিন্ন প্ৰকাৰৰ প্ৰাণীৰ মাজত, আৰু বতাহক ইমূৰৰ পৰা সিমূৰলৈ ঘূৰাই দিয়াৰ মাজত, আৰু আকাশত উৰি ফুৰা মেঘৰ মাজত, এই সকলোবোৰৰ মাজত আছে আল্লাহৰ একত্ববাদৰ স্পষ্ট প্ৰমাণ। সেই ব্যক্তিৰ বাবে যিয়ে প্ৰমাণ বুজি পায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002164.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002164.mp3"},{"index":"165","arabicText":"وَمِنَ النَّاسِ مَنْ یَّتَّخِذُ مِنْ دُوْنِ اللّٰهِ اَنْدَادًا یُّحِبُّوْنَهُمْ كَحُبِّ اللّٰهِ ؕ وَالَّذِیْنَ اٰمَنُوْۤا اَشَدُّ حُبًّا لِّلّٰهِ ؕ وَلَوْ یَرَی الَّذِیْنَ ظَلَمُوْۤا اِذْ یَرَوْنَ الْعَذَابَ ۙ اَنَّ الْقُوَّةَ لِلّٰهِ جَمِیْعًا ۙ وَّاَنَّ اللّٰهَ شَدِیْدُ الْعَذَابِ ۟","assameseTranslation":"আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যিসকলে আল্লাহৰ বাহিৰে আনক আল্লাহৰ সমকক্ষৰূপে গ্ৰহণ কৰে, সিহঁতে সিহঁতক সেইদৰে ভাল পায়, যিদৰে আল্লাহক ভাল পাব লাগে; আনহাতে যিসকলে ঈমান আনিছে, তেওঁলোকে আল্লাহক সৰ্বাধিক ভাল পায়; আৰু যিসকলে অন্যায় কৰিছে সিহঁতে যদি আযাব দেখিবলৈ পালেহেঁতেন (তেন্তে সিহঁত নিশ্চিত হ’লহেঁতেন যে,) নিশ্চয় সকলো শক্তি আল্লাহৰেই; আৰু নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।","footnotes":"","tafseer":"এই স্পষ্ট প্ৰমাণসমূহ আৰু নিদৰ্শনসমূহৰ পিছতো কিছুমান মানুহ এনেকুৱাও আছে, যিসকলে আনক আল্লাহৰ সমকক্ষ আৰু সমতুল্য কৰি লয়। সিহঁতৰ লগতো তেনেকুৱাই মুহাব্বত কৰে যেনেকুৱা মুহাব্বত আল্লাহৰ লগত কৰে। আনহাতে এই অসত্য উপাস্যবোৰক ইহঁতে যিমান ভালপায় তাতোকৈ অধিক ঈমান্দাৰসকলে আল্লাহক ভালপায়। কিয়নো তেওঁলোকে কাকো আল্লাহৰ সমকক্ষ নকৰে। লগতে সুখ-দুখ উভয় অৱস্থাতেই আল্লাহক ভালপায়। আনহাতে অসত্য উপাস্যবোৰৰ পূজাৰীসকলে কেৱল সুখৰ সময়ত সিহঁতক ভালপায় আৰু দুখৰ সময়ত কেৱল আল্লাহৰ ওচৰতহে প্ৰাৰ্থনা কৰে। শ্বিৰ্ক আৰু গুনাহত লিপ্ত যালিমসকলে আখিৰাতত শাস্তি দেখাৰ পিছত সিহঁতৰ যি অৱস্থা হ’ব, সেয়া যদি সিহঁতে আজি দেখিলেহেঁতেন তেন্তে বিশ্বাস কৰিলেহেঁতেন যে, বিশ্বজগতত কেৱল আল্লাহেই সৰ্বশক্তিমান। নিশ্চয় তেওঁ পাপিষ্ঠসকলক অতি কঠোৰ শাস্তি প্ৰদান কৰিব। যদি সিহঁতে সেই অৱস্থা দেখিলেহেঁতেন তেন্তে কেতিয়াও আল্লাহৰ লগত অংশী স্থাপন নকৰিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002165.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002165.mp3"},{"index":"166","arabicText":"اِذْ تَبَرَّاَ الَّذِیْنَ اتُّبِعُوْا مِنَ الَّذِیْنَ اتَّبَعُوْا وَرَاَوُا الْعَذَابَ وَتَقَطَّعَتْ بِهِمُ الْاَسْبَابُ ۟","assameseTranslation":"যেতিয়া, নেতাসকলে (যিসকলক অনুসৰণ কৰা হৈছিল) সিহঁতৰ অনুসাৰীসকলৰ পৰা নিজকে মুক্ত কৰি লব আৰু সিহঁতে শাস্তি দেখিবলৈ পাব (তেতিয়া) সিহঁতৰ যাৱতীয় পাৰস্পৰিক সম্পৰ্ক বিচ্ছিন্ন হৈ যাব।","footnotes":"","tafseer":"এইটো সেই সময়ত হ’ব, যেতিয়া পৃথিৱীত অনুসৰণ কৰা নেতাসকলে কিয়ামত দিৱসৰ ভিষণ পৰিস্থিতি দেখি নিজৰ দুৰ্বল অনুসাৰীসকলৰ পৰা আঁতৰি যাব। লগতে তেতিয়া অনুসাৰীসকলৰ মুক্তিৰ সকলো মাধ্যম বিচ্ছিন্ন হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002166.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002166.mp3"},{"index":"167","arabicText":"وَقَالَ الَّذِیْنَ اتَّبَعُوْا لَوْ اَنَّ لَنَا كَرَّةً فَنَتَبَرَّاَ مِنْهُمْ كَمَا تَبَرَّءُوْا مِنَّا ؕ كَذٰلِكَ یُرِیْهِمُ اللّٰهُ اَعْمَالَهُمْ حَسَرٰتٍ عَلَیْهِمْ ؕ وَمَا هُمْ بِخٰرِجِیْنَ مِنَ النَّارِ ۟۠","assameseTranslation":"আৰু যিসকলে অনুসৰণ কৰিছিল সিহঁতে ক’ব, ‘হায়’, আকৌ এবাৰ যদি আমি উভতি যাবলৈ সুযোগ পালোহেঁতেন, তেনেহ’লে আমিও সিহঁতৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিলোহেঁতেন যেনেকৈ সিহঁতে আমাৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিছে। এনেকৈ আল্লাহে সিহঁতৰ কাৰ্যাৱলী সিহঁতক দেখুৱাব, সিহঁতৰ বাবে আক্ষেপস্বৰূপ; আৰু সিহঁত কেতিয়াও জুইৰ পৰা ওলাব নোৱাৰিব।","footnotes":"","tafseer":"দুৰ্বল অনুসাৰীসকলে ক’বঃ হায়! আমি যদি পুনৰ পৃথিৱীত উভতি যোৱাৰ অৱকাশ পালোহেঁতেন! তেন্তে আমিও আমাৰ নেতাসকলৰ পৰা সেইদৰেই সম্পৰ্ক বিচ্ছিন্ন কৰিলোঁহেঁতেন যিদৰে সিহঁতে আজি আমাৰ লগত কৰিছে। দৰাচলতে আল্লাহে সিহঁতক আখিৰাতৰ কঠিন শাস্তি দেখুৱাব, লগতে সিহঁতৰ নেতাসকলৰ অসত্য অনুসৰণৰ শাস্তিও দেখুৱাব, লাঞ্ছিত তথা অপমান কৰাৰ বাবে, আৰু সিহঁতে জাহান্নামৰ পৰা কেতিয়াও ওলাব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002167.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002167.mp3"},{"index":"168","arabicText":"یٰۤاَیُّهَا النَّاسُ كُلُوْا مِمَّا فِی الْاَرْضِ حَلٰلًا طَیِّبًا ۖؗ وَّلَا تَتَّبِعُوْا خُطُوٰتِ الشَّیْطٰنِ ؕ اِنَّهٗ لَكُمْ عَدُوٌّ مُّبِیْنٌ ۟","assameseTranslation":"হে মানৱ সম্প্ৰদায়! পৃথিৱীত থকা হালাল আৰু পৱিত্ৰ বস্তুবোৰ তোমালোকে ভক্ষণ কৰা; আৰু তোমালোকে চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।","footnotes":"","tafseer":"হে মানৱজাতি! পৃথিৱীত উপলব্ধ জীৱ-জন্তু, গছ, তৃণ-লতা আদিৰ যিবোৰ হালালৰূপে প্ৰাপ্ত হয়, লগতে যিবোৰ পৱিত্ৰ সেইবোৰ তোমালোকে ভক্ষণ কৰা, আৰু চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় চয়তান হৈছে তোমালোকৰ প্ৰকাশ্য শত্ৰু। এতেকে কোনো বুদ্ধিমান ব্যক্তিয়ে কেতিয়াও নিজৰ শত্ৰুৰ কথা মতে নচলিব, যি শত্ৰুৱে সদায় তাক নিৰ্যাতন কৰিবলৈ আৰু পথভ্ৰষ্ট কৰিবলৈ প্ৰয়াস কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002168.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002168.mp3"},{"index":"169","arabicText":"اِنَّمَا یَاْمُرُكُمْ بِالسُّوْٓءِ وَالْفَحْشَآءِ وَاَنْ تَقُوْلُوْا عَلَی اللّٰهِ مَا لَا تَعْلَمُوْنَ ۟","assameseTranslation":"নিশ্চয় সি তোমালোকক কেৱল বেয়া আৰু অশ্লীল কামৰ আদেশ দিয়ে আৰু আল্লাহ সম্পৰ্কে এনেবোৰ কথা কোৱাৰ (আদেশ দিয়ে) যিটো তোমালোকে নাজানা।","footnotes":"","tafseer":"সি তোমালোকক ঘৃণনীয় পাপ কৰ্ম আৰু ডাঙৰ ডাঙৰ গুনাহৰ আদেশ দিয়ে, লগতে সি তোমালোকক এই প্ৰেৰণাও যোগায় যে, তোমালোকে যাতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা পোৱা জ্ঞান অবিহনে আক্বীদাহ আৰু চৰীয়ত সম্পৰ্কে কথা কোৱা তথা আল্লাহৰ ওপৰত মিছা আৰোপ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002169.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002169.mp3"},{"index":"170","arabicText":"وَاِذَا قِیْلَ لَهُمُ اتَّبِعُوْا مَاۤ اَنْزَلَ اللّٰهُ قَالُوْا بَلْ نَتَّبِعُ مَاۤ اَلْفَیْنَا عَلَیْهِ اٰبَآءَنَا ؕ اَوَلَوْ كَانَ اٰبَآؤُهُمْ لَا یَعْقِلُوْنَ شَیْـًٔا وَّلَا یَهْتَدُوْنَ ۟","assameseTranslation":"আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া তোমালোকে অনুসৰণ কৰা’, (তেতিয়া) সিহঁতে কয়, ‘নহয়, বৰং আমি অনুসৰণ কৰিম সেইটোৰ, যিটোৰ ওপৰত আমি আমাৰ পিতৃ পুৰুষসকলক পাইছোঁ’। যদিও সিহঁতৰ পিতৃ-পুৰুষসকলে একো বুজা নাছিল আৰু সিহঁত সৎপথতো পৰিচালিত নাছিল, (তথাপিও সিহঁতে তাৰেই অনুসৰণ কৰিবনে?)","footnotes":"","tafseer":"যেতিয়া এই কাফিৰসকলক কোৱা হয় যে, আল্লাহে অৱতীৰ্ণ কৰা হিদায়ত আৰু জ্যোতিৰ অনুসৰণ কৰা, তেতিয়া সিহঁতে অহংকাৰ কৰি কয়ঃ “আমি সেইসমূহ আস্থা আৰু ৰীতি-নীতিৰ অনুসৰণ কৰিম যিটোৰ ওপৰত আমি আমাৰ পূৰ্বপুৰুষসকলক পাইছো”। যদিও সিহঁতৰ পূৰ্বপুৰুষ সকলে হিদায়ত আৰু নূৰ বুজি পোৱা নাছিল লগতে সেই সত্যৰ পথো পোৱা নাছিল যিটোক আল্লাহে পছন্দ কৰে, তথাপিও এইসকল লোকে সিহঁতৰেই অনুসৰণ কৰিবনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002170.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002170.mp3"},{"index":"171","arabicText":"وَمَثَلُ الَّذِیْنَ كَفَرُوْا كَمَثَلِ الَّذِیْ یَنْعِقُ بِمَا لَا یَسْمَعُ اِلَّا دُعَآءً وَّنِدَآءً ؕ صُمٌّۢ بُكْمٌ عُمْیٌ فَهُمْ لَا یَعْقِلُوْنَ ۟","assameseTranslation":"আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ উদাহৰণ হৈছে সেই ব্যক্তিৰ দৰে, যিয়ে এনে কাৰোবাক মাতিছে যিয়ে চিঞৰ বাখৰৰ বাহিৰে একো নুশুনে। সিহঁত কলা, বোবা, অন্ধ; সেয়ে সিহঁতে নুবুজে।","footnotes":"","tafseer":"পূৰ্বপুৰুষৰ অনুসৰণৰ ক্ষেত্ৰত কাফিৰসকলৰ উদাহৰণ হৈছে সেই গৰখীয়াৰ দৰে, যিয়ে নিজৰ চতুষ্পদ জন্তুবোৰক চিঞৰি চিঞৰি মাতে। জন্তুৱে তাৰ মাত শুনে কিন্তু তাৰ কথা বুজি নাপায়। এইদৰে এই কাফিৰসকল হৈছে বধিৰ; উপকৃত হোৱাৰ উদ্দেশ্যে সত্য শুনিবলৈ নাপায়। লগতে ইহঁত হৈছে বোবা; সত্য কোৱাৰ ক্ষমতাৰ পৰা বঞ্চিত। লগতে ইহঁত হৈছে অন্ধ; সত্য দেখিবলৈ সক্ষম নহয়। এই কাৰণেই ইহঁতে হিদায়ত বুজি নাপায়, যিফালে আপুনি ইহঁতক মাতি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002171.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002171.mp3"},{"index":"172","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا كُلُوْا مِنْ طَیِّبٰتِ مَا رَزَقْنٰكُمْ وَاشْكُرُوْا لِلّٰهِ اِنْ كُنْتُمْ اِیَّاهُ تَعْبُدُوْنَ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকক আমি যিবোৰ জীৱিকা প্ৰদান কৰিছোঁ তাৰ পৰা তোমালোকে পৱিত্ৰ বস্তুবোৰ ভক্ষণ কৰা, আৰু আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰা, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি বিশ্বাসী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! সেই সমূহ পৱিত্ৰ বস্তুৰ পৰা আহাৰ কৰা, যিবোৰ আল্লাহে তোমালোকক প্ৰদান কৰিছে, আৰু তোমালোকৰ বাবে বৈধ কৰিছে, লগতে প্ৰকাশ্য আৰু অপ্ৰকাশ্যভাৱে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা, কিয়নো তেওঁ তোমালোকক অসংখ্য অনুগ্ৰহ দান কৰিছে। তেওঁৰ কৃতজ্ঞতাৰ ভিতৰত এইটোও আছে যে, তোমালোকে তেওঁৰ আনুগত্য কৰা আৰু তেওঁক অৱজ্ঞা কৰাৰ পৰা বিৰত থাকা, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা, আৰু তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002172.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002172.mp3"},{"index":"173","arabicText":"اِنَّمَا حَرَّمَ عَلَیْكُمُ الْمَیْتَةَ وَالدَّمَ وَلَحْمَ الْخِنْزِیْرِ وَمَاۤ اُهِلَّ بِهٖ لِغَیْرِ اللّٰهِ ۚ فَمَنِ اضْطُرَّ غَیْرَ بَاغٍ وَّلَا عَادٍ فَلَاۤ اِثْمَ عَلَیْهِ ؕ اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"নিশ্চয় তেওঁ তোমালোকৰ ওপৰত হাৰাম কৰিছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস আৰু যিটো গায়ৰুল্লাহৰ নামত (জবেহ কৰাৰ সময়ত আল্লাহৰ নাম নলৈ আনৰ নামত) জবেহ কৰা হৈছে। কিন্তু যিয়ে নিৰূপায় হৈ (অলপ ভক্ষণ কৰে) অবাধ্য বা সীমালংঘন নকৰে তেন্তে তাৰ কোনো পাপ নহ’ব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"খাদ্য বস্তুৰ মাজৰ পৰা যিবোৰ আল্লাহে হাৰাম কৰিছে, সেয়া হৈছেঃ এনেকুৱা জন্তু যিটো চৰীয়তমতে জবেহ নকৰাকৈ মৃত্যু হৈছে লগতে প্ৰবাহিত তেজ, গাহৰিৰ মাংস আৰু এনেকুৱা জন্তু যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হোৱা নাই। কিন্তু যদি কোনোবাই বাধ্য হয়, আৰু আৱশ্যকতা অবিহনে নাখায় লগতে প্ৰয়োজনৰ সীমাও অতিক্ৰম নকৰে, তেন্তে তাৰ কোনো গুনাহ নহ’ব আৰু তাক শাস্তিও দিয়া নহ’ব। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰে, আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। বান্দাৰ প্ৰতি এইটো তেওঁৰ এটা কৃপা যে, তেওঁ নিৰূপায় অৱস্থাত এই হাৰাম বস্তুবোৰ খোৱাৰ অনুমতি প্ৰদান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002173.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002173.mp3"},{"index":"174","arabicText":"اِنَّ الَّذِیْنَ یَكْتُمُوْنَ مَاۤ اَنْزَلَ اللّٰهُ مِنَ الْكِتٰبِ وَیَشْتَرُوْنَ بِهٖ ثَمَنًا قَلِیْلًا ۙ اُولٰٓىِٕكَ مَا یَاْكُلُوْنَ فِیْ بُطُوْنِهِمْ اِلَّا النَّارَ وَلَا یُكَلِّمُهُمُ اللّٰهُ یَوْمَ الْقِیٰمَةِ وَلَا یُزَكِّیْهِمْ ۖۚ وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"নিশ্চয় যিসকলে আল্লাহে অৱতীৰ্ণ কৰা গ্ৰন্থৰ পৰা কিছু কথা গোপন কৰে আৰু ইয়াৰ বিনিময়ত সামান্য মূল্য গ্ৰহণ কৰে, সিহঁতে নিজৰ পেটত জুইৰ বাহিৰে আন একো নভৰায়। ক্বিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নক’ব আৰু সিহঁতক পৱিত্ৰও নকৰিব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহে অৱতীৰ্ণ কৰা গ্ৰন্থক, তাৰ মাজত থকা সত্যক আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতক অস্বীকাৰ কৰে, লগতে সিহঁতৰ এই কামৰ বিনিময় হিচাপে ৰাজত্ব, পদ আৰু সম্পদ আদিৰ দৰে তুচ্ছ মূল্য গ্ৰহণ কৰে, যেনে ইয়াহুদী আৰু খৃষ্টানসকলৰ আচৰণ আছিল, সিহঁতে নিজৰ পেটত যি ভৰাই আছে, এইবোৰ এটা সময়ত গৈ জাহান্নামৰ শাস্তিৰ কাৰণ হ’ব। আল্লাহে সিহঁতৰ লগত এনেকুৱা কোনো কথা নক’ব যিটো সিহঁতে ভালপায়, বৰং এনেকুৱা কথা ক’ব যিটো সিহঁতৰ বেয়া লাগে। সিহঁতক পৱিত্ৰও নকৰিব আৰু সিহঁতৰ প্ৰশংসাও কৰা নহ’ব। লগতে সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002174.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002174.mp3"},{"index":"175","arabicText":"اُولٰٓىِٕكَ الَّذِیْنَ اشْتَرَوُا الضَّلٰلَةَ بِالْهُدٰی وَالْعَذَابَ بِالْمَغْفِرَةِ ۚ فَمَاۤ اَصْبَرَهُمْ عَلَی النَّارِ ۟","assameseTranslation":"সিহঁতেই হিদায়তৰ বিনিময়ত ভ্ৰষ্টতা আৰু মাগফিৰাতৰ পৰিবৰ্তে শাস্তি কিনি লৈছে; এতেকে জুই সহ্য কৰিবলৈ সিহঁত কিমান যে ধৈৰ্য্যশীল!","footnotes":"","tafseer":"এইসকল লোকেই মানুহৰ আৱশ্যকীয় জ্ঞান গোপন কৰে, যিসকলে হিদায়তৰ পৰিবৰ্তে ভ্ৰষ্টতাক আৰু আল্লাহৰ ক্ষমাৰ পৰিবৰ্তে শাস্তিক আঁকোৱালি লৈছে। জাহান্নামলৈ লৈ যোৱা কাৰ্যত সিহঁতে কিমান ধৈৰ্য্য ধাৰণ কৰি আছে! এনেকুৱা লাগে যেনিবা জাহান্নামৰ শাস্তি সহ্য কৰিব পাৰিব কাৰণে সিহঁতৰ কোনো চিন্তা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002175.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002175.mp3"},{"index":"176","arabicText":"ذٰلِكَ بِاَنَّ اللّٰهَ نَزَّلَ الْكِتٰبَ بِالْحَقِّ ؕ وَاِنَّ الَّذِیْنَ اخْتَلَفُوْا فِی الْكِتٰبِ لَفِیْ شِقَاقٍ بَعِیْدٍ ۟۠","assameseTranslation":"এয়া এইবাবেই যে, আল্লাহে সত্যসহ কিতাব অৱতীৰ্ণ কৰিছে আৰু যিসকলে কিতাব সম্বন্ধে মতভেদ সৃষ্টি কৰিছে, সিহঁত নিশ্চয় সুদূৰ মতানৈক্যত লিপ্ত।","footnotes":"","tafseer":"জ্ঞান তথা হিদায়ত গোপন কৰাৰ এই শাস্তি এই কাৰণেই যে, আল্লাহে তেওঁৰ গ্ৰন্থ সত্য সহকাৰে অৱতীৰ্ণ কৰিছিল, আৰু ইয়াৰ দাবী আছিল, ইয়াক গোপন কৰাৰ পৰিবৰ্তে স্পষ্টভাৱে প্ৰকাশ কৰা। কিন্তু সিহঁতে এনেকুৱা কৰা নাছিল। যিসকলে ঐশী গ্ৰন্থসমূহক লৈ মতানৈক্য কৰিছে, ইয়াৰ কিছু অংশক মানিছে আৰু কিছু অংশক গোপন কৰিছে; দৰাচলতে সিহঁতে সত্যৰ পৰা বহু দূৰ আঁতৰি গৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002176.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002176.mp3"},{"index":"177","arabicText":"لَیْسَ الْبِرَّ اَنْ تُوَلُّوْا وُجُوْهَكُمْ قِبَلَ الْمَشْرِقِ وَالْمَغْرِبِ وَلٰكِنَّ الْبِرَّ مَنْ اٰمَنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَالْمَلٰٓىِٕكَةِ وَالْكِتٰبِ وَالنَّبِیّٖنَ ۚ وَاٰتَی الْمَالَ عَلٰی حُبِّهٖ ذَوِی الْقُرْبٰی وَالْیَتٰمٰی وَالْمَسٰكِیْنَ وَابْنَ السَّبِیْلِ ۙ وَالسَّآىِٕلِیْنَ وَفِی الرِّقَابِ ۚ وَاَقَامَ الصَّلٰوةَ وَاٰتَی الزَّكٰوةَ ۚ وَالْمُوْفُوْنَ بِعَهْدِهِمْ اِذَا عٰهَدُوْا ۚ وَالصّٰبِرِیْنَ فِی الْبَاْسَآءِ وَالضَّرَّآءِ وَحِیْنَ الْبَاْسِ ؕ اُولٰٓىِٕكَ الَّذِیْنَ صَدَقُوْا ؕ وَاُولٰٓىِٕكَ هُمُ الْمُتَّقُوْنَ ۟","assameseTranslation":"পূৱ বা পশ্চিম দিশত তোমালোকৰ মুখ কৰাটোৱে সৎকৰ্ম নহয়, বৰং সৎকৰ্ম হৈছে, যিয়ে আল্লাহ, শেষ দিৱস, ফিৰিস্তাসকল, কিতাবসমূহ আৰু নবীসকলৰ প্ৰতি ঈমান পোষণ কৰে আৰু সম্পদৰ প্ৰতি আসক্তি থকা সত্ত্বেও আত্মীয়-স্বজন, ইয়াতীম, অভাৱগ্ৰস্ত, মুছাফিৰ, সাহায্যপ্ৰাৰ্থী আৰু দাসমুক্তিৰ বাবে ব্যয় কৰে আৰু ছালাত প্ৰতিষ্ঠা কৰে, যাকাত প্ৰদান কৰে, প্ৰতিশ্ৰুতি দিলে সেয়া পূৰণ কৰে, অৰ্থ-সংকটত, দুখ-কষ্টত আৰু সংগ্ৰাম-সংকটত ধৈৰ্য্য ধাৰণ কৰে। এওঁলোকেই হৈছে সত্যবাদী আৰু এওঁলোকেই হৈছে মুত্তাক্বী।","footnotes":"","tafseer":"সত্কৰ্ম যিটো আল্লাহে পছন্দ কৰে সেয়া কেৱল পূব বা পশ্চিম পিনে মুখ কৰিলেই নহয়, আৰু কিবলা লৈ মতানৈক্য কৰাটোৱে সত্কৰ্ম নহয়। বৰং প্ৰকৃত সত্কৰ্মকাৰী হৈছে সেইজন, যিয়ে অদ্বিতীয় আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে, কিয়ামতৰ প্ৰতি ঈমান পোষণ কৰে, সকলো ফিৰিস্তা, সকলো ঐশী গ্ৰন্থ আৰু কাৰো প্ৰতি ভেদভাৱ নকৰাকৈ সকলো নবীৰ প্ৰতি ঈমান পোষণ কৰে। সম্পত্তিৰ মোহ আৰু লোভ থকাৰ পিছতো আত্মীয়স্বজন, অনাথ শিশু, অভাৱী ব্যক্তি, ঘৰ পৰিয়ালৰ পৰা দূৰত থকা যাত্ৰীসকল, প্ৰয়োজনত বাধ্য হৈ হাত প্ৰসাৰিত কৰা ব্যক্তিৰ ওপৰত নিজৰ ধন-সম্পদ ব্যয় কৰে, তথা দাস মুক্তিৰ বাবে ব্যয় কৰে। সম্পূৰ্ণৰূপে আল্লাহে দেখুৱাই দিয়া পদ্ধতি অনুসাৰে ছালাত আদায় কৰে, লগতে ফৰজ যাকাত আদায় দিয়ে। এইদৰে যিসকলে প্ৰতিশ্ৰুতি কৰাৰ পিছত সেয়া পূৰণ কৰে, অভাৱ-অনাটন আৰু বেমাৰত ধৈৰ্য্য ধাৰণ কৰে লগতে যুদ্ধৰ সময়ত পলায়ন কৰাৰ পৰিবৰ্তে দৃঢ়ভাৱে অটল থাকে। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই নিজৰ ঈমান, আমলত সত্যবাদী, আৰু আল্লাহৰ আদেশ পালনকাৰী তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বী বান্দা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002177.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002177.mp3"},{"index":"178","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا كُتِبَ عَلَیْكُمُ الْقِصَاصُ فِی الْقَتْلٰی ؕ اَلْحُرُّ بِالْحُرِّ وَالْعَبْدُ بِالْعَبْدِ وَالْاُ بِالْاُ ؕ فَمَنْ عُفِیَ لَهٗ مِنْ اَخِیْهِ شَیْءٌ فَاتِّبَاعٌ بِالْمَعْرُوْفِ وَاَدَآءٌ اِلَیْهِ بِاِحْسَانٍ ؕ ذٰلِكَ تَخْفِیْفٌ مِّنْ رَّبِّكُمْ وَرَحْمَةٌ ؕ فَمَنِ اعْتَدٰی بَعْدَ ذٰلِكَ فَلَهٗ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! হত্যাৰ ক্ষেত্ৰত তোমালোকৰ ওপৰত কিচাচৰ (প্ৰতিশোধ গ্ৰহণৰ) বিধান ফৰজ কৰা হৈছে। স্বাধীন ব্যক্তিৰ পৰিৱৰ্তে স্বাধীন ব্যক্তি, ক্ৰীতদাসৰ পৰিৱৰ্তে ক্ৰীতদাস, নাৰীৰ পৰিৱৰ্তে নাৰী। কিন্তু তাৰ ভাতৃৰ ফালৰ পৰা ক্ষমা প্ৰদৰ্শন কৰা হ'লে যথাযথ বিধিৰ অনুসৰণ কৰি সততাৰ সৈতে তাৰ ৰক্তপণ আদায় কৰা কৰ্তব্য। এইটো হৈছে তোমালোকৰ প্ৰতিপালকৰ ফালৰ পৰা শিথিলতা আৰু অনুগ্ৰহ। এতেকে ইয়াৰ পিছতো যিয়ে সীমালংঘন কৰিব তাৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"হে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যিয়ে কাৰোবাক জানি-বুজি অন্যায়ভাৱে হত্যা কৰিব, তাৰ অপৰাধ অনুসাৰে তাক শাস্তি দিয়াটো তোমালোকৰ ওপৰত ফৰজ কৰা হৈছে। এতেকে স্বাধীন ব্যক্তিক স্বাধীন ব্যক্তিৰ পৰিবৰ্তে মৃত্যুদণ্ড দিয়া হ’ব। দাসক দাসৰ পৰিবৰ্তে আৰু নাৰীক নাৰীৰ পৰিবৰ্তে মৃত্যুদণ্ড দিয়া হ’ব। কিন্তু যদি নিহত ব্যক্তিয়ে মৃত্যুৰ আগতে হত্যাকাৰীক ক্ষমা কৰি দিয়ে, অথবা নিহত ব্যক্তিৰ অভিভাৱকে ৰক্তপণ (যিটো হত্যাকাৰীয়ে নিহত ব্যক্তিৰ আত্মীয়ক দিয়ে) ল’বলৈ সন্তুষ্টি প্ৰকাশ কৰে, তেন্তে ক্ষমাকাৰীসকলে ৰক্তপণ বিচৰাত সাধাৰণ নিয়মসমূহ মানি চলা উচিত। যাতে ইয়াৰ দ্বাৰা কষ্ট তথা আঘাত দিয়া নহয়। হত্যাকাৰীৰো উচিত সি যেন বাহানাবাজি (টালৈবাজি) নকৰি উত্তমভাৱে ৰক্তপণ আদায় দিয়ে। এই ক্ষমা আৰু ৰক্তপণ লোৱাৰ নিয়মটো হৈছে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এই উম্মতৰ বাবে এটা সুবিধা আৰু ৰহমতস্বৰূপ। কিন্তু যিয়ে ক্ষমা কৰাৰ পিছত অথবা ৰক্তপণ লোৱাৰ পিছত হত্যাকাৰীৰ ওপৰত অত্যাচাৰ কৰিব, তাৰ বাবে আছে আল্লাহৰ ওচৰত কষ্টদায়ক শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002178.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002178.mp3"},{"index":"179","arabicText":"وَلَكُمْ فِی الْقِصَاصِ حَیٰوةٌ یّٰۤاُولِی الْاَلْبَابِ لَعَلَّكُمْ تَتَّقُوْنَ ۟","assameseTranslation":"আৰু হে বুদ্ধি-বিবেকসম্পন্ন লোকসকল! কিচাচৰ মাজত তোমালোকৰ বাবে আছে জীৱন, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰা।","footnotes":"","tafseer":"দৰাচলতে কিচাচৰ বিধানৰ ভিতৰত তোমালোকৰ বাবে আছে জীৱন দান। কিয়নো এইটো হৈছে তেজ সংৰক্ষণ আৰু পৰস্পৰৰ শত্ৰুতা নিবাৰণৰ অন্যতম মাধ্যম। কিন্তু এই কথাটো কেৱল সেই জ্ঞানী ব্যক্তিয়ে উপলব্ধি কৰিব পাৰে যিয়ে আল্লাহক ভয় কৰি তেওঁৰ চৰীয়ত মতে চলে আৰু তেওঁৰ আদেশ পালন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002179.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002179.mp3"},{"index":"180","arabicText":"كُتِبَ عَلَیْكُمْ اِذَا حَضَرَ اَحَدَكُمُ الْمَوْتُ اِنْ تَرَكَ خَیْرَا ۖۚ لْوَصِیَّةُ لِلْوَالِدَیْنِ وَالْاَقْرَبِیْنَ بِالْمَعْرُوْفِ ۚ حَقًّا عَلَی الْمُتَّقِیْنَ ۟ؕ","assameseTranslation":"তোমালোকৰ মাজত যাৰ মৃত্যুৰ সময় উপস্থিত হ’ব, সি যদি ধন-সম্পদ ৰাখি যায়, তেন্তে প্ৰচলিত ন্যায়নীতি অনুযায়ী তাৰ পিতৃ-মাতৃ আৰু আত্মীয় স্বজনৰ বাবে অছিয়ত কৰাৰ বিধান তোমালোকক দিয়া হ’ল। এইটো মুত্তাক্বীসকলৰ এটা কৰ্তব্য।","footnotes":"","tafseer":"যেতিয়া তোমালোকৰ কাৰোবাৰ মৃ্ত্যুৰ লক্ষণ তথা কাৰণ দেখা দিয়ে, আৰু যদি তাৰ বহুত সম্পত্তি থাকে তেন্তে তাৰ ওপৰত পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ বাবে চৰীয়ত অনুযায়ী অৰ্থাৎ এক তৃতীয়াংশ সম্পদ অছিয়ত কৰা জৰুৰী। এয়া এক অনিবাৰ্য কৰ্ম, সেইসকল লোকৰ বাবে যিসকলে আল্লাহক ভয় কৰে। জানি থোৱা উচিত যে, এই আদেশ মিৰাছ (উত্তৰাধিকাৰী) সম্পৰ্কীয় আয়াত অৱতীৰ্ণ হোৱাৰ পূৰ্বৰ আদেশ। কিন্তু মিৰাছৰ আয়াত অৱতীৰ্ণ হোৱাৰ পিছত এই কথা স্পষ্টভাৱে বৰ্ণনা কৰা হৈছে যে, মৃত ব্যক্তিৰ ওৱাৰিছ কোন কোন হ’ব আৰু কিমান অংশ পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002180.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002180.mp3"},{"index":"181","arabicText":"فَمَنْ بَدَّلَهٗ بَعْدَ سَمِعَهٗ فَاِنَّمَاۤ اِثْمُهٗ عَلَی الَّذِیْنَ یُبَدِّلُوْنَهٗ ؕ اِنَّ اللّٰهَ سَمِیْعٌ عَلِیْمٌ ۟ؕ مَا","assameseTranslation":"এতেকে এইটো শুনাৰ পিছতো যিয়ে ইয়াত পৰিবৰ্তন সাধন কৰিব, তেন্তে যিসকলে পৰিবৰ্তন কৰিব অপৰাধ সিহঁতৰে হ’ব। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।","footnotes":"","tafseer":"যিয়ে অছীয়তত হেৰফেৰ কৰিব অথবা অছীয়তৰ কথা জনাৰ পিছতো সেয়া জাৰি কৰিবলৈ অস্বীকাৰ কৰিব, তেন্তে এই পৰিবৰ্তনৰ পাপ পৰিবৰ্তনকাৰীৰহে হ’ব, অছীয়ত কৰ্তাৰ নহয়। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী, আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। সিহঁতৰ কোনো অৱস্থাই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002181.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002181.mp3"},{"index":"182","arabicText":"فَمَنْ خَافَ مِنْ مُّوْصٍ جَنَفًا اَوْ اِثْمًا فَاَصْلَحَ بَیْنَهُمْ فَلَاۤ اِثْمَ عَلَیْهِ ؕ اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟۠","assameseTranslation":"কিন্তু যদি কোনোবাই অছিয়তকাৰীৰ পক্ষপাতিত্ব অথবা গুনাহৰ আশংকা কৰে, তাৰ পিছত সিহঁতৰ মাজত মীমাংসা কৰি দিয়ে তেন্তে তাৰ কোনো অপৰাধ নাই। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।","footnotes":"","tafseer":"অছীয়তত যদি কোনো অন্যায় পৰিলক্ষিত হয় অথবা অছীয়তকাৰীয়ে যদি ন্যায়ভাৱে অছীয়ত কৰা নাই বুলি প্ৰকাশিত হয়, এনে অৱস্থাত অছীয়তক লৈ বাক-বিতণ্ডাত লিপ্তসকলৰ মাজত যদি কোনোবাই মীমাংসা কৰি দিয়ে, তেন্তে তাৰ কোনো গুনাহ নহ’ব। বৰং তেওঁ মীমাংসা কৰি দিয়াৰ বাবে ছোৱাবহে পাব। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল, আৰু তেওঁলোকৰ প্ৰতি পৰম দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002182.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002182.mp3"},{"index":"183","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا كُتِبَ عَلَیْكُمُ الصِّیَامُ كَمَا كُتِبَ عَلَی الَّذِیْنَ مِنْ قَبْلِكُمْ لَعَلَّكُمْ تَتَّقُوْنَ ۟ۙ","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকৰ ওপৰত ছিয়াম ফৰজ কৰা হৈছে যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত ফৰজ কৰা হৈছিল, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰিব পাৰা।","footnotes":"","tafseer":"হে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! তোমালোকৰ ওপৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰোজা ফৰজ কৰা হৈছে, যিদৰে তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা লোকসকলৰ ওপৰত ফৰজ কৰা হৈছিল। যাতে তোমালোকে আল্লাহক ভয় কৰা। লগতে নেক আমলক যাতে তোমালোকে আল্লাহৰ শাস্তি আৰু নিজৰ মাজত ব্যৱধান বনাই লোৱা। আটাইতকৈ ডাঙৰ নেক আমলসমূহৰ অন্যতম হৈছে ৰোজা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002183.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002183.mp3"},{"index":"184","arabicText":"اَیَّامًا مَّعْدُوْدٰتٍ ؕ فَمَنْ كَانَ مِنْكُمْ مَّرِیْضًا اَوْ عَلٰی سَفَرٍ فَعِدَّةٌ مِّنْ اَیَّامٍ اُخَرَ ؕ وَعَلَی الَّذِیْنَ یُطِیْقُوْنَهٗ فِدْیَةٌ طَعَامُ مِسْكِیْنٍ ؕ فَمَنْ تَطَوَّعَ خَیْرًا فَهُوَ خَیْرٌ لَّهٗ ؕ وَاَنْ تَصُوْمُوْا خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟","assameseTranslation":"(ৰোজা) নিৰ্দিষ্ট কিছুমান দিনৰ বাবে। এতেকে তোমালোকৰ মাজত কোনোবাই অসুস্থ হ’লে অথবা ভ্ৰমণত থাকিলে, আন দিনবোৰত এই সংখ্যা পূৰণ কৰি লব, আৰু যিসকলৰ বাবে ছিয়াম পালন কৰা কষ্টসাধ্য সিহঁতৰ কৰ্তব্য হৈছে ইয়াৰ পৰিবৰ্তে ফিদিয়া- এজন মিছকিনক খাদ্য দান কৰা। যদি কোনোবাই স্বেচ্ছাই সৎকৰ্ম কৰে তেন্তে সেয়া তাৰ বাবে কল্যাণকৰ; আৰু ছিয়াম পালন কৰাটোৱে তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁতেন!","footnotes":"","tafseer":"তোমালোকৰ ওপৰত বছৰৰ কেৱল কেইটামান দিনৰহে ৰোজা ফৰজ কৰা হৈছে। এতেকে যদি তোমালোকৰ মাজৰ কোনোবাই অসুস্থ থাকে আৰু ৰোজা ৰাখিবলৈ সক্ষম নহয় অথবা ভ্ৰমণত থাকে, তেন্তে সি ৰোজা ভাঙিব পাৰে। কিন্তু এৰি দিয়া ৰোজাসমূহ পাছত কাজ্বা কৰিব লাগিব। ৰোজা ৰাখিবলৈ সক্ষম ব্যক্তিয়ে যদি ৰোজা ভাঙে তেন্তে ইয়াৰ পৰিবৰ্তে ফিদিয়া দিব লাগিব। অৰ্থাৎ এৰি দিয়া প্ৰতিদিনৰ পৰিবৰ্তে একোজনকৈ মিছকিনক খাদ্য দিব লাগিব। যদি কোনোবাই একাধিক মিছকিনক খাদ্য খুৱায়, তেন্তে সেইটো তেওঁৰ বাবে উত্তম। যদি তোমালোকে ৰোজাৰ মহত্ব তথা গুৰুত্ব আৰু ইয়াৰ ছোৱাব সম্পৰ্কে নাজানা তেন্তে শুনা! ৰোজা এৰি দিয়া আৰু ইয়াৰ পৰিবৰ্তে ফিদিয়া দিয়াতকৈ ৰোজা ৰখাই উত্তম। এই বিধানটো ৰোজা ফৰজ হোৱাৰ প্ৰাৰম্ভিক অৱস্থাত আছিল। সেই সময়ত যিয়ে ইচ্ছা কৰিছিল ৰোজা ৰাখিছিল আৰু যিয়ে ইচ্ছা কৰিছিল ভঙ্গ কৰি মিছকিনক খাদ্য খোৱাইছিল। কিন্তু পাছত আল্লাহে ৰোজাক ফৰজ কৰি প্ৰত্যেক প্ৰাপ্তবয়স্ক ব্যক্তি আৰু সক্ষম ব্যক্তিৰ ওপৰত অনিবাৰ্য কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002184.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002184.mp3"},{"index":"185","arabicText":"شَهْرُ رَمَضَانَ الَّذِیْۤ اُنْزِلَ فِیْهِ الْقُرْاٰنُ هُدًی لِّلنَّاسِ وَبَیِّنٰتٍ مِّنَ الْهُدٰی وَالْفُرْقَانِ ۚ فَمَنْ شَهِدَ مِنْكُمُ الشَّهْرَ فَلْیَصُمْهُ ؕ وَمَنْ كَانَ مَرِیْضًا اَوْ عَلٰی سَفَرٍ فَعِدَّةٌ مِّنْ اَیَّامٍ اُخَرَ ؕ یُرِیْدُ اللّٰهُ بِكُمُ الْیُسْرَ وَلَا یُرِیْدُ بِكُمُ الْعُسْرَ ؗ وَلِتُكْمِلُوا الْعِدَّةَ وَلِتُكَبِّرُوا اللّٰهَ عَلٰی مَا هَدٰىكُمْ وَلَعَلَّكُمْ تَشْكُرُوْنَ ۟","assameseTranslation":"ৰমজান হৈছে সেই মাহ, যি মাহত কোৰআন অৱতীৰ্ণ কৰা হৈছে মানৱ জাতিৰ হিদায়তৰ বাবে আৰু হিদায়তৰ স্পষ্ট নিদৰ্শন হিচাপে আৰু সত্য-অসত্যৰ পাৰ্থক্যকাৰীৰূপে।এতেকে তোমালোকৰ মাজত যিয়ে এই মাহত উপনীত হ’ব সি যেন এই মাহত ছিয়াম পালন কৰে। কিন্তু তোমালোকৰ কোনোবাই অসুস্থ থাকিলে অথবা ভ্ৰমণাৱস্থাত থাকিলে বেলেগ দিনবোৰত এই সংখ্যা পূৰণ কৰিব। আল্লাহে তোমালোকৰ বাবে সহজটো বিচাৰে আৰু তোমালোকৰ কষ্ট নিবিচাৰে, কাৰণ যাতে তোমালোকে সংখ্যা পূৰণ কৰিব পাৰা আৰু তেওঁ যিহেতু তোমালোকক হিদায়ত দিছে সেয়ে তোমালোকে যাতে আল্লাহৰ মহিমা ঘোষণা কৰিব পাৰা আৰু যাতে তোমালোক কৃতজ্ঞ হ’ব পাৰা।","footnotes":"","tafseer":"ৰমজান মাহৰ পৱিত্ৰ ৰাতিত (লাইলাতুল ক্বদৰত) পৱিত্ৰ কোৰআন অৱতীৰ্ণ হোৱা আৰম্ভ হৈছিল। ইয়াক আল্লাহে পথপ্ৰদৰ্শনৰূপে অৱতীৰ্ণ কৰিছে। ইয়াৰ মাজত আছে হিদায়তৰ স্পষ্ট প্ৰমাণাদি আৰু ই হৈছে সত্য আৰু অসত্যৰ মাজত পাৰ্থক্যকাৰী গ্ৰন্থ। যি ব্যক্তিয়ে সুস্থ আৰু মুকীম অৱস্থাত এই মাহত উপনীত হ’ব, সি অনিবাৰ্যভাৱে এই মাহৰ ৰোজা পালন কৰা উচিত। কিন্তু অসুস্থতাৰ কাৰণে অথবা ভ্ৰমণৰ কাৰণে যাৰ বাবে ৰোজা ৰখা কঠিন, সি ৰোজা ভাঙিব পাৰে। কিন্তু পিছত ইয়াৰ ক্বাজা কৰিব লাগিব। আল্লাহে এইবোৰ বিধানৰ দ্বাৰা তোমালোকক সুবিধা কৰি দিব বিচাৰে, অসুবিধা নহয়। যাতে তোমালোকে ৰমজানৰ গণনা সম্পূৰ্ণ কৰিব পাৰা। লগতে যাতে তোমালোকে ৰমজানৰ শেষত ঈদৰ দিনা আল্লাহৰ মহত্ব বৰ্ণনা কৰিব পাৰা যে, তেওঁ তোমালোকক ৰোজা ৰখাৰ তাওফীক দান কৰিছে আৰু ৰোজা সমাপ্ত কৰাত সহায় কৰিছে। এইদৰে যাতে তোমালোকে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা, এই কাৰণে যে, তেওঁ তোমালোকক সেই দ্বীনৰ হিদায়ত দিছে যিটো তেওঁ তোমালোকৰ বাবে পছন্দ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002185.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002185.mp3"},{"index":"186","arabicText":"وَاِذَا سَاَلَكَ عِبَادِیْ عَنِّیْ فَاِنِّیْ قَرِیْبٌ ؕ اُجِیْبُ دَعْوَةَ الدَّاعِ اِذَا دَعَانِ ۙ فَلْیَسْتَجِیْبُوْا لِیْ وَلْیُؤْمِنُوْا بِیْ لَعَلَّهُمْ یَرْشُدُوْنَ ۟","assameseTranslation":"আৰু মোৰ বান্দাসকলে যেতিয়া মোৰ বিষয়ে তোমাক সোধে, (তেতিয়া তুমি কৈ দিয়া) নিশ্চয় মই অতি ওচৰত আছোঁ। মই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবুল কৰোঁ, যেতিয়া সি প্ৰাৰ্থনা কৰে। এতেকে সিহঁতেও যেন মোৰ আহ্বানত সঁহাৰি দিয়ে আৰু মোৰ প্ৰতি ঈমান পোষণ কৰে, যাতে সিহঁত সঠিক পথত পৰিচালিত হ’ব পাৰে।","footnotes":"","tafseer":"হে নবী! যেতিয়া মোৰ বান্দাই আপোনাক মোৰ নৈকট্য আৰু দুআ কবুল হোৱাৰ বিষয়ে সোধে, তেতিয়া সিহঁতক কৈ দিয়ক যে, মই অতি নিকটৱৰ্তী, সিহঁতৰ অৱস্থা সম্পৰ্কে মই জ্ঞাত আৰু সিহঁতৰ দুআ মই শ্ৰৱণ কৰোঁ। সেয়ে সিহঁতৰ বাবে কোনো মাধ্যমৰ প্ৰয়োজন নাই আৰু উচ্চস্বৰে যিকিৰ কৰাৰো আৱশ্যকতা নাই। মই নিৰ্ভেজালভাৱে দুআকাৰীৰ দুআ কবুল কৰোঁ। সেয়ে সিহঁতে কেৱল মোৰেই আদেশ পালন কৰা উচিত আৰু ঈমানৰ ওপৰত অবিচল থকা উচিত। কিয়নো মোৰ ওচৰত প্ৰাৰ্থনা গ্ৰহণযোগ্য হোৱাৰ এইটো হৈছে উত্তম উপায়। যাতে সিহঁতে পাৰ্থিৱ আৰু আখিৰাতৰ কৰ্মত সঠিক পথ লাভ কৰিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002186.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002186.mp3"},{"index":"187","arabicText":"اُحِلَّ لَكُمْ لَیْلَةَ الصِّیَامِ الرَّفَثُ اِلٰی نِسَآىِٕكُمْ ؕ هُنَّ لِبَاسٌ لَّكُمْ وَاَنْتُمْ لِبَاسٌ لَّهُنَّ ؕ عَلِمَ اللّٰهُ اَنَّكُمْ كُنْتُمْ تَخْتَانُوْنَ اَنْفُسَكُمْ فَتَابَ عَلَیْكُمْ وَعَفَا عَنْكُمْ ۚ فَالْـٰٔنَ بَاشِرُوْهُنَّ وَابْتَغُوْا مَا كَتَبَ اللّٰهُ لَكُمْ ۪ وَكُلُوْا وَاشْرَبُوْا حَتّٰی یَتَبَیَّنَ لَكُمُ الْخَیْطُ الْاَبْیَضُ مِنَ الْخَیْطِ الْاَسْوَدِ مِنَ الْفَجْرِ ۪ ثُمَّ اَتِمُّوا الصِّیَامَ اِلَی الَّیْلِ ۚ وَلَا تُبَاشِرُوْهُنَّ وَاَنْتُمْ عٰكِفُوْنَ ۙ فِی الْمَسٰجِدِ ؕ تِلْكَ حُدُوْدُ اللّٰهِ فَلَا تَقْرَبُوْهَا ؕ كَذٰلِكَ یُبَیِّنُ اللّٰهُ اٰیٰتِهٖ لِلنَّاسِ لَعَلَّهُمْ یَتَّقُوْنَ ۟","assameseTranslation":"ছিয়ামৰ ৰাতিত তোমালোকৰ বাবে স্ত্ৰী-সম্ভোগ বৈধ কৰা হৈছে। সিহঁত তোমালোকৰ পোছাকস্বৰূপ আৰু তোমালোকেও সিহঁতৰ পোছাকস্বৰূপ। আল্লাহে জানে যে, তোমালোকে নিজৰ লগত খিয়ানত কৰিছিলা। এতেকে তেওঁ তোমালোকৰ তাওবা কবুল কৰিছে আৰু তোমালোকক মাৰ্জনা কৰিছে। তোমালোকে এতিয়া সিহঁতৰ লগত মিলিত হ’ব পাৰিবা আৰু আল্লাহে তোমালোকৰ বাবে যি বিধিবদ্ধ কৰি ৰাখিছে সেইটো কামনা কৰা; আৰু তোমালোকে পানাহাৰ কৰা যেতিয়ালৈকে ৰাতিৰ ক'লা ৰেখাৰ পৰা ঊষাৰ বগা ৰেখা স্পষ্টৰূপে তোমালোকৰ ওচৰত প্ৰকাশ নহয়। তাৰ পিছত ৰাতিৰ আগমন পৰ্যন্ত ছিয়াম পালন কৰা; আৰু তোমালোকে মছজিদত এ’তিকাফ অৱস্থাত সিহঁতৰ লগত সহবাস নকৰিবা। এইবোৰ হৈছে আল্লাহৰ সীমাৰেখা। সেয়ে এইবোৰৰ নিকটৱৰ্তী নহ’বা। এনেকৈ আল্লাহে তেওঁৰ আয়াতসমূহ মানুহৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰে, যাতে সিহঁত তাক্বৱাৰ অধিকাৰী হ’ব পাৰে।","footnotes":"","tafseer":"প্ৰথমাৱস্থাত এইটো বিধান আছিল যে, যদি কোনো ব্যক্তিয়ে ৰমজান মাহৰ ৰাতিত টোপনি যায় আৰু ফজৰৰ আগত সাৰ পায়, তেন্তে ভোজন কৰিব নোৱাৰিব আৰু স্ত্ৰী সহবাসো কৰিব নোৱাৰিব। কিন্তু পিছত এই আদেশ ৰহিত কৰা হৈছে। হে মুমিনসকল! তোমালোকৰ বাবে ৰমজান মাহৰ ৰাতিত স্ত্ৰী সহবাস বৈধ কৰি দিয়া হৈছে। কাৰণ স্ত্ৰীসকল হৈছে তোমালোকৰ পৰ্দা আৰু সন্মান ৰক্ষাৰ মাধ্যম, আৰু তোমালোকেও হৈছা সিহঁতৰ পৰ্দা আৰু সন্মান ৰক্ষাৰ মাধ্যম। তোমালোকে পৰস্পৰে পৰস্পৰৰ পৰা অমুখাপেক্ষী হ’ব নোৱাৰা। আল্লাহে অৱশ্যে জানে যে, তোমালোকে তেওঁৰ নিষেধকৃত কৰ্ম কৰি নিজৰ নফছৰ লগত বিশ্বাসঘাতকতা কৰি আছিলা। সেয়ে তেওঁ তোমালোকৰ ওপৰত কৃপা কৰি তোমালোকৰ তাওবা কবুল কৰিছে লগতে বিষয়টো সহজ কৰি দিছে। এতেকে এতিয়া তোমালোকে সহবাস কৰিব পাৰা, আৰু আল্লাহে ভাগ্যত লিখা সন্তান অনুসন্ধান কৰা। লগতে ৰাতিৰ অন্ধকাৰ ভেদি ফজৰৰ কিৰণ স্পষ্ট নোহোৱালৈকে আৰু ছুবেহ ছাদিক প্ৰকাশ নোপোৱালৈকে খোৱা আৰু পান কৰা (কোনো অসুবিধা নাই)। তাৰ পিছত প্ৰভাতৰ পৰা সূৰ্যাস্তলৈকে, ৰোজা ভঙ্গ হোৱা সকলো কৰ্মৰ পৰা বিৰত থাকি ৰোজা সম্পূৰ্ণ কৰা। কিন্তু মছজিদত এতেকাফ কৰা অৱস্থাত স্ত্ৰী সহবাস নকৰিবা। কিয়নো ইয়াৰ দ্বাৰা এতেকাফ ভঙ্গ হ’ব। উক্ত আদেশসমূহ হৈছে হালাল আৰু হাৰামৰ মাজত আল্লাহৰ সীমাৰেখা। এতেকে তোমালোকে উক্ত সীমাৰেখাৰ ওচৰলৈকেও নাযাবা। কিয়নো যিয়ে আল্লাহৰ সীমাৰেখাৰ নিকটৱৰ্তী হয়, সি তাত প্ৰৱেশ কৰাৰ সম্ভৱনা বেছি থাকে। এই স্পষ্ট বিৱৰণৰ দৰে আল্লাহে তেওঁৰ নিদৰ্শনসমূহ স্পষ্টভাৱে বৰ্ণনা কৰে, যাতে মানুহে তেওঁক ভয় কৰি তেওঁৰ আদেশৰ প্ৰতি আমল কৰে আৰু নিষেধকৃত বস্তুৰ পৰা দূৰত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002187.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002187.mp3"},{"index":"188","arabicText":"وَلَا تَاْكُلُوْۤا اَمْوَالَكُمْ بَیْنَكُمْ بِالْبَاطِلِ وَتُدْلُوْا بِهَاۤ اِلَی الْحُكَّامِ لِتَاْكُلُوْا فَرِیْقًا مِّنْ اَمْوَالِ النَّاسِ بِالْاِثْمِ وَاَنْتُمْ تَعْلَمُوْنَ ۟۠","assameseTranslation":"আৰু তোমালোকে নিজৰ মাজতে এজনে আনজনৰ অৰ্থ-সম্পদ অন্যায়ভাৱে নাখাবা আৰু মানুহৰ ধন-সম্পত্তিৰ কিছু অংশ জানি বুজি অন্যায়ভাৱে আত্মসাৎ কৰিবলৈ বিচাৰকসকলক উৎকোচ প্ৰদান নকৰিবা।","footnotes":"","tafseer":"তোমালোকে ইজনে সিজনৰ সম্পদ অবৈধভাৱে ভক্ষণ নকৰিবা। যেনে- চুৰি, লুন্ঠণ, ঠগি খোৱা ইত্যাদি। লগতে সম্পত্তি সম্পৰ্কীয় কোনো মোকৰ্দমা অধিকাৰীসকলৰ ওচৰত এই উদ্দেশ্যে লৈ নাযাবা যে, মানুহৰ সম্পত্তিৰ এটা অংশ অন্যায়ভাৱে আত্মসাৎ কৰিব পাৰা। অথচ তোমালোকে জানা যে, নিশ্চয় আল্লাহে এইটো হাৰাম কৰিছে। কিয়নো হাৰাম বুলি জনাৰ পিছতো সেই গুনাহত লিপ্ত হোৱাটো অধিক ঘৃণনীয় আৰু ইয়াৰ শাস্তিও অতি কঠোৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002188.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002188.mp3"},{"index":"189","arabicText":"یَسْـَٔلُوْنَكَ عَنِ الْاَهِلَّةِ ؕ قُلْ هِیَ مَوَاقِیْتُ لِلنَّاسِ وَالْحَجِّ ؕ وَلَیْسَ الْبِرُّ بِاَنْ تَاْتُوا الْبُیُوْتَ مِنْ ظُهُوْرِهَا وَلٰكِنَّ الْبِرَّ مَنِ اتَّقٰی ۚ وَاْتُوا الْبُیُوْتَ مِنْ اَبْوَابِهَا ۪ وَاتَّقُوا اللّٰهَ لَعَلَّكُمْ تُفْلِحُوْنَ ۟","assameseTranslation":"সিহঁতে তোমাক নতুন জোন সম্পৰ্কে প্ৰশ্ন কৰে (কিয় এইটো সৰু হয় আৰু ডাঙৰ হয়)। কোৱা, 'এইটো হৈছে মানুহৰ (বিভিন্ন কামকাজৰ) আৰু হজ্জৰ বাবে সময় নিৰ্ধাৰক; আৰু পিছফালেৰে ঘৰত প্ৰৱেশ কৰাটো কোনো পূণ্যৰ কাম নহয়, বৰং পূণ্য হৈছে তাক্বৱা অৱলম্বন কৰা। এতেকে তোমালোকে (সন্মুখৰ) দুৱাৰেৰেই ঘৰত প্ৰৱেশ কৰা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা'।","footnotes":"","tafseer":"হে ৰাছুল! মানুহে আপোনাক চন্দ্ৰৰ উত্পত্তি আৰু ইয়াৰ অৱস্থাৰ পৰিবৰ্তন সম্পৰ্কে প্ৰশ্ন কৰে। সিহঁতক কৈ দিয়ক যে, ইয়াৰ কাৰণ হৈছে, ই হৈছে মানুহৰ বাবে সময় নিৰ্ধাৰণৰ মাধ্যম। মানুহে ইয়াৰ দ্বাৰাই ইবাদতৰ সময় নিৰ্ণয় কৰে। যেনে- হজ্জৰ মাহ, ৰমজান মাহ আৰু যাকাতৰ বাবে বছৰ সম্পূৰ্ণ হোৱাৰ গণনা নিৰ্ণয় কৰে। লেনদেন সম্পৰ্কীয় সময়ও ইয়াৰ দ্বাৰাই নিৰ্ধাৰণ কৰে। যেনে- ৰক্তপণ অথবা ঋণ আদি আদায় দিয়াৰ সময়সীমা। লগতে তোমালোকে হজ্জ তথা ওমৰাৰ ইহৰাম বন্ধাৰ সময়ত, ঘৰৰ পিছফালেৰে প্ৰৱেশ কৰাটো কোনো সত্কৰ্ম নহয়। যিদৰে তোমালোকে অজ্ঞতা যুগত কৰিছিলা। বৰং প্ৰকৃত সত্কৰ্মকাৰী সেইজন ব্যক্তি, যিয়ে প্ৰকাশ্য অপ্ৰকাশ্য সকলো ক্ষেত্ৰতে আল্লাহক ভয় কৰে। ঘৰত দুৱাৰেৰে প্ৰৱেশ কৰাটো হৈছে তোমালোকৰ বাবে সহজ, আৰু অনাৱশ্যক কষ্টও নহ’ব। কিয়নো আল্লাহে তোমালোকক এনে কোনো আদেশ দিয়া নাই, যাৰ ওপৰত আমল কৰা টান আৰু কঠিন। এতেকে নেক আমলক নিজৰ আৰু আল্লাহৰ শাস্তিৰ মাজত ব্যৱধান বনাই লোৱা। যাতে তোমালোকে সেইবোৰ বস্তু পোৱাত সফল হ’ব পাৰা, যিবোৰ তোমালোকে পাবলৈ ইচ্ছা কৰা, লগতে সেইবোৰৰ পৰা মুক্তি পাব পাৰা, যিবোৰক তোমালোকে ভয় কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002189.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002189.mp3"},{"index":"190","arabicText":"وَقَاتِلُوْا فِیْ سَبِیْلِ اللّٰهِ الَّذِیْنَ یُقَاتِلُوْنَكُمْ وَلَا تَعْتَدُوْا ؕ اِنَّ اللّٰهَ لَا یُحِبُّ الْمُعْتَدِیْنَ ۟","assameseTranslation":"আৰু যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তোমালোকেও আল্লাহৰ পথত সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰা; কিন্তু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহ সীমালংঘনকাৰীসকলক ভাল নাপায়।","footnotes":"","tafseer":"তথা আল্লাহৰ কলিমা উচ্চ কৰিবলৈ সেইসকল কাফিৰৰ সৈতে যুদ্ধ কৰা, যিসকলে তোমালোকক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখিবলৈ তোমালোকৰ লগত যুদ্ধ কৰে। কিন্তু আল্লাহৰ সীমাৰেখা উলংঘন নকৰিবা। যেনে- শিশু, মহিলা, আৰু বৃদ্ধক হত্যা নকৰিবা, লগতে নিহত ব্যক্তিৰ অংগ কৰ্তন নকৰিবা। নিশ্চয় আল্লাহে তেওঁৰ চৰীয়ত আৰু আদেশৰ ক্ষেত্ৰত সীমালংঘনকাৰীক ভাল নাপায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002190.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002190.mp3"},{"index":"191","arabicText":"وَاقْتُلُوْهُمْ حَیْثُ ثَقِفْتُمُوْهُمْ وَاَخْرِجُوْهُمْ مِّنْ حَیْثُ اَخْرَجُوْكُمْ وَالْفِتْنَةُ اَشَدُّ مِنَ الْقَتْلِ ۚ وَلَا تُقٰتِلُوْهُمْ عِنْدَ الْمَسْجِدِ الْحَرَامِ حَتّٰی یُقٰتِلُوْكُمْ فِیْهِ ۚ فَاِنْ قٰتَلُوْكُمْ فَاقْتُلُوْهُمْ ؕ كَذٰلِكَ جَزَآءُ الْكٰفِرِیْنَ ۟","assameseTranslation":"আৰু সিহঁতক য’তেই পাবা হত্যা কৰিবা, আৰু যি স্থানৰ পৰা সিহঁতে তোমালোকক বহিষ্কাৰ কৰিছিল তোমালোকেও সেই স্থানৰ পৰা সিহঁতক বহিষ্কাৰ কৰিবা। (জানি থোৱা) ফিতনা (অশান্তি, শ্বিৰ্ক বা ধৰ্মদ্ৰোহিতা) হৈছে হত্যা কৰাতকৈও সাংঘাতিক; আৰু মছজিদুল হাৰামৰ ওচৰত তোমালোকে সিহঁতৰ লগত যুদ্ধ নকৰিবা যেতিয়ালৈকে সিহঁতে তোমালোকৰ বিৰুদ্ধে তাত যুদ্ধ নকৰে। এতেকে যদি সিহঁতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে তেন্তে তোমালোকেও সিহঁতক হত্যা কৰিবা, এইটোৱেই কাফিৰসকলৰ পৰিণাম।","footnotes":"","tafseer":"সিহঁতক য’তেই পোৱা হত্যা কৰা আৰু সিহঁতক সেই ঠাইৰ পৰা বহিষ্কাৰ কৰা, য’ৰ পৰা সিহঁতে তোমালোকক বহিষ্কাৰ কৰিছিল অৰ্থাৎ মক্কাৰ পৰা। মুমিন ব্যক্তিক তেওঁৰ ধৰ্মৰ পৰা বাধা দিয়াৰ ফলত আৰু তেওঁক কুফৰৰ পিনে উভতি যাবলৈ বাধ্য কৰাৰ ফলত যি ফিতনাৰ সৃষ্টি হয়, সেয়া হত্যাতকৈও অধিক সাংঘাতিক। লগতে কাবা ঘৰৰ সন্মান ৰক্ষা কৰি তাৰ ওচৰত কাজিয়া নকৰিবা। কিন্তু যদি সিহঁতে যুদ্ধ আৰম্ভ কৰে, তেন্তে সিহঁতক হত্যা কৰা। পৱিত্ৰ মছজিদৰ ওচৰত যুদ্ধ কৰি ইয়াৰ সন্মান হানি কৰাৰ ফলস্বৰূপে কাফিৰসকলৰ পৰিণাম এইটোৱে হোৱা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002191.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002191.mp3"},{"index":"192","arabicText":"فَاِنِ انْتَهَوْا فَاِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"এতেকে যদি সিহঁত বিৰত হয় তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"যদি সিহঁতে তোমালোকৰ লগত যুদ্ধ নকৰে আৰু কুফৰৰ পথ ত্যাগ কৰে, তেন্তে তোমালোকেও সিহঁতক এৰি দিয়া। নিশ্চয় আল্লাহে তাওবাকাৰীসকলক ক্ষমা কৰে। সেয়ে তেওঁ বান্দাসকলক বিগত গুনাহৰ বাবেও দায়ী নকৰিব। কাৰণ তেওঁ বান্দাসকলৰ প্ৰতি অত্যন্ত দয়ালু, তেওঁ বান্দাসকলক শাস্তি প্ৰদানৰ ক্ষেত্ৰত ক্ষীপ্ৰতা অৱলম্বন নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002192.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002192.mp3"},{"index":"193","arabicText":"وَقٰتِلُوْهُمْ حَتّٰی لَا تَكُوْنَ فِتْنَةٌ وَّیَكُوْنَ الدِّیْنُ لِلّٰهِ ؕ فَاِنِ انْتَهَوْا فَلَا عُدْوَانَ اِلَّا عَلَی الظّٰلِمِیْنَ ۟","assameseTranslation":"আৰু তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিয়েই থাকিবা যেতিয়ালৈকে ফিতনা চুড়ান্তভাৱে দূৰীভূত নহয় আৰু দ্বীন একমাত্ৰ আল্লাহৰ বাবে প্ৰতিষ্ঠিত নহয়। কিন্তু যদি সিহঁতে বিৰত হয় তেন্তে যালিমসকলৰ বাহিৰে আন কাৰো ওপৰত আক্ৰমণ কৰা বৈধ নহয়।","footnotes":"","tafseer":"আৰু কাফিৰসকলৰ লগত যুদ্ধ কৰা যেতিয়ালৈকে সিহঁতে শ্বিৰ্কৰ পৰা, আল্লাহৰ পথত বাধা দিয়াৰ পৰা আৰু কুফৰৰ পৰা বিৰত নাথাকিব। তথা যেতিয়ালৈকে আল্লাহৰ ধৰ্মৰ প্ৰভূত্ব প্ৰতিষ্ঠা নহ’ব। যদি সিহঁতে কুফৰ আৰু আল্লাহৰ পথত বাধা প্ৰদান কৰা এৰি দিয়ে, তেন্তে সিহঁতৰ লগত তোমালোকে যুদ্ধ নকৰিবা। কাৰণ কুফৰী কৰাসকলে আৰু আল্লাহৰ পথত বাধা প্ৰদান কৰা অত্যাচাৰীসকলৰ বাহিৰে বেলেগৰ সৈতে শত্ৰুতা পোষণ কৰা উচিত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002193.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002193.mp3"},{"index":"194","arabicText":"اَلشَّهْرُ الْحَرَامُ بِالشَّهْرِ الْحَرَامِ وَالْحُرُمٰتُ قِصَاصٌ ؕ فَمَنِ اعْتَدٰی عَلَیْكُمْ فَاعْتَدُوْا عَلَیْهِ بِمِثْلِ مَا اعْتَدٰی عَلَیْكُمْ ۪ وَاتَّقُوا اللّٰهَ وَاعْلَمُوْۤا اَنَّ اللّٰهَ مَعَ الْمُتَّقِیْنَ ۟","assameseTranslation":"পৱিত্ৰ মাহৰ পৰিৱৰ্তে পৱিত্ৰ মাহ। যাৰ পৱিত্ৰতা অলংঘনীয় তাৰ অৱমাননা কিচাচৰ অন্তৰ্ভুক্ত। এতেকে যিয়ে তোমালোকক আক্ৰমণ কৰিব তোমালোকেও তাক অনুৰূপ আক্ৰমণ কৰিবা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবা; আৰু জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।","footnotes":"","tafseer":"চন ৭ হিজৰীৰ এই পৱিত্ৰ মাহটো, যিটো মাহত আল্লাহে তোমালোকক হৰমত প্ৰৱেশ কৰিবলৈ আৰু ওমৰাহ আদায় কৰিবলৈ সুযোগ প্ৰদান কৰিছে, এইটো হৈছে সেই পৱিত্ৰ মাহৰ বিনিময়ত যিটো চন ৬ হিজৰীত মুশ্বৰিকসকলে তোমালোকক হৰমত প্ৰৱেশ কৰিবলৈ বাধা দিছিল। দৰাচলতে পৱিত্ৰ নগৰ, পৱিত্ৰ মাহ আৰু ইহৰাম- আদিৰ যদি কোনোবাই সন্মানহানি কৰে তথা পৱিত্ৰতা বিনষ্ট কৰে তেন্তে সেই অপৰাধীৰ পৰা কিচাচ বা সমপৰিমাণ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰাটো চৰীয়তসন্মত। ইয়াৰ মাজত যিয়ে তোমালোকৰ লগত অত্যাচাৰ কৰিব, তাৰ লগত তাৰ অত্যাচাৰ অনুপাতে প্ৰতিশোধ ল’বা। কিন্তু তুলনাতকৈ অধিক প্ৰতিশোধ নল’বা। নিশ্চয় আল্লাহে তেওঁৰ সীমাৰেখা উলংঘনকাৰীক পছন্দ নকৰে। আল্লাহে যিবোৰ কাম কৰিবলৈ আদেশ দিছে, তাত সীমালংঘন নকৰিবা। জানি থোৱা! নিশ্চয় আল্লাহ তাওফীক আৰু সহায়-সমৰ্থনৰ দ্বাৰা মুত্ত্বাক্বীসকলৰ লগত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002194.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002194.mp3"},{"index":"195","arabicText":"وَاَنْفِقُوْا فِیْ سَبِیْلِ اللّٰهِ وَلَا تُلْقُوْا بِاَیْدِیْكُمْ اِلَی التَّهْلُكَةِ ۛۖۚ وَاَحْسِنُوْا ۛۚ اِنَّ اللّٰهَ یُحِبُّ الْمُحْسِنِیْنَ ۟","assameseTranslation":"আৰু তোমালোকে আল্লাহৰ পথত ব্যয় কৰা আৰু নিজ হাতেৰে নিজকে ধ্বংসৰ মুখত ঠেলি নিদিবা, আৰু তোমালোকে ইহছান কৰা, নিশ্চয় আল্লাহে ইহছানকাৰীসকলক ভালপায়।","footnotes":"","tafseer":"তথা নিজৰ ধন-সম্পত্তি আল্লাহৰ আনুগত্যত ব্যয় কৰা, যেনে- জিহাদ আদিত। লগতে আল্লাহৰ পথত ব্যয় আৰু জিহাদ পৰিত্যাগ কৰি নিজকে ধ্বংসৰ পথত ঠেলি নিদিবা। অথবা নিজক এনেকুৱা কৰ্মত নিয়োজিত নকৰিবা, যিটো বিনাশৰ কাৰণ হ’ব, আৰু নিজৰ ইবাদত, লেনদেন আৰু চৰিত্ৰ উত্তম হিচাপে গঢ়ি তোলা। নিশ্চয় আল্লাহে উত্তম চৰিত্ৰৱান লোকক পছন্দ কৰে, আৰু তেওঁলোকক মহা প্ৰতিদান দিয়ে, লগতে সুপথত চলাৰ তাওফীক প্ৰদান কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002195.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002195.mp3"},{"index":"196","arabicText":"وَاَتِمُّوا الْحَجَّ وَالْعُمْرَةَ لِلّٰهِ ؕ فَاِنْ اُحْصِرْتُمْ فَمَا اسْتَیْسَرَ مِنَ الْهَدْیِ ۚ وَلَا تَحْلِقُوْا رُءُوْسَكُمْ حَتّٰی یَبْلُغَ الْهَدْیُ مَحِلَّهٗ ؕ فَمَنْ كَانَ مِنْكُمْ مَّرِیْضًا اَوْ بِهٖۤ اَذًی مِّنْ رَّاْسِهٖ فَفِدْیَةٌ مِّنْ صِیَامٍ اَوْ صَدَقَةٍ اَوْ نُسُكٍ ۚ فَاِذَاۤ اَمِنْتُمْ ۥ فَمَنْ تَمَتَّعَ بِالْعُمْرَةِ اِلَی الْحَجِّ فَمَا اسْتَیْسَرَ مِنَ الْهَدْیِ ۚ فَمَنْ لَّمْ یَجِدْ فَصِیَامُ ثَلٰثَةِ اَیَّامٍ فِی الْحَجِّ وَسَبْعَةٍ اِذَا رَجَعْتُمْ ؕ تِلْكَ عَشَرَةٌ كَامِلَةٌ ؕ ذٰلِكَ لِمَنْ لَّمْ یَكُنْ اَهْلُهٗ حَاضِرِی الْمَسْجِدِ الْحَرَامِ ؕ وَاتَّقُوا اللّٰهَ وَاعْلَمُوْۤا اَنَّ اللّٰهَ شَدِیْدُ الْعِقَابِ ۟۠","assameseTranslation":"আৰু তোমালোকে হজ্জ আৰু ওমৰাহ আল্লাহৰ বাবেই সম্পাদন কৰা। এতেকে যদি তোমালোকে (ইহৰাম বন্ধি লোৱাৰ পিছত) বাধাপ্ৰাপ্ত হোৱা তেন্তে সহজলভ্য হাদ’য়ী (কুৰবানী) প্ৰদান কৰা, আৰু হাদ’য়ী (কুৰবানীৰ জন্তু) তাৰ নিৰ্দিষ্ট স্থান নোপাৱালৈকে তোমালোকে মূৰ নুখুৰাবা। কিন্তু তোমালোকৰ মাজৰ কোনোবাই যদি অসুস্থ হয় অথবা মূৰত কষ্টদায়ক কিবা হয় (আৰু ইয়াৰ ফলত যদি মূৰ খুৰাবলগীয়া হয়) তেন্তে ছিয়াম অথবা ছাদক্বা নাইবা পশু জবেহ কৰি তাৰ ফিদিয়া দিব লাগিব। এতেকে যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া তোমালোকৰ মাজত যিয়ে ওমৰাক হজ্জৰ লগত মিলাই তামাত্তু কৰিব বিচাৰে, সি সহজলভ্য হাদ’য়ী জবেহ কৰিব। কিন্তু যদি কোনোবাই এইটো কৰিব নোৱাৰে, তেন্তে তাৰ বাবে হজ্জৰ সময়ত তিনি দিন আৰু ঘৰত উভতি আহি সাত দিন, এই সম্পূৰ্ণ দহ দিন ছিয়াম পালন কৰিব লাগিব। এইটো কেৱল সেই ব্যক্তিৰ বাবে যাৰ পৰিয়ালবৰ্গ মছজিদুল হাৰামৰ অধিবাসী নহয়; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা যে, নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।","footnotes":"","tafseer":"হজ্জ আৰু ওমৰাহ আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে সম্পূৰ্ণৰূপে আদায় কৰা। যদি বেমাৰ-আজাৰ অথবা শত্ৰু নাইবা অন্য কোনো কাৰণত হজ্জ ওমৰাহ পালন কৰাত বাধাগ্ৰস্ত হোৱা, তেন্তে ইহৰামৰ পৰা হালাল হ'বলৈ কোৰবানী এটা দিব লাগিব; উট, গৰু অথবা ছাগলী যিটো উপলব্ধ হয় সেইটোৱে জবেহ কৰিব লাগিব। মূৰ তেতিয়ালৈকে নুখুৰাবা যেতিয়ালৈকে কোৰবানীৰ জন্তু সেই ঠাইত উপস্থিত নহ'ব, যি ঠাইত তাক জবেহ কৰা বৈধ। যদি হৰমত উপস্থিত হোৱাৰ আগতেই বাধা দিয়া হয় তেন্তে সেই ঠাইতে জবেহ কৰা, য’ত বাধা দিয়া হৈছে। কিন্তু যদি হৰমত যাবলৈ বাধাগ্ৰস্ত নোহোৱা তেন্তে কোৰবানীৰ দিনা আৰু তাৰ পিছত তাশ্বৰীকৰ দিনবোৰতো কোৰবানী কৰিব পাৰিবা। কিন্তু তোমালোকৰ মাজৰ কোনোবাই যদি অসুস্থ হয় অথবা মূৰৰ চুলিত কোনো অসুবিধা হ'লে; যেনে ওকণি আদি, আৰু ইয়াৰ ফলত সময়ৰ আগতে মূৰ খুৰাবলগীয়া হয় তেন্তে তাৰ বাবে কোনো অসুবিধা নাই। কিন্তু সি ফিদিয়া আদায় দিব লাগিব। ফিদিয়া হিচাপে তিনিটা ৰোজা ৰাখিব লাগিব অথবা মক্কাৰ ৬ জন মিছকিনক খাদ্য খোৱাব লাগিব নাইবা এটা ছাগলী জবেহ কৰি মক্কাৰ দৰিদ্ৰসকলৰ মাজত বন্টন কৰিব লাগিব। কিন্তু যদি কোনো ভয়-ভীতিৰ পৰিৱেশ নাথাকে তেন্তে তোমালোকৰ মাজৰ যিয়ে হজ্জৰ মাহবোৰত ওমৰাহ আদায় কৰাৰ পিছত ইহৰাম খুলিব বিচাৰে আৰু হজ্জৰ আগ মূহুৰ্তলৈকে সেইসমূহ বস্তুৰ পৰা উপকৃত হ'ব বিচাৰে যিবোৰ ইহৰাম অৱস্থাত হাৰাম আছিল; এনেকুৱা ব্যক্তিয়ে নিজৰ সুবিধা অনুযায়ী কোৰবানী কৰা উচিত, অৰ্থাৎ এটা ছাগলী জবেহ কৰিব, অথবা উট নাইবা গৰুত সাতজন লোক অংশী হ'ব। যদি কোৰবানী দিয়াৰ সামৰ্থ নাথাকে তেন্তে ইয়াৰ পৰিবৰ্তে হজ্জৰ দিনবোৰত তিনিটা ৰোজা ৰাখিব লাগিব আৰু ঘৰত উভতি অহাৰ পিছত সাতটা ৰোজা ৰাখিব লাগিব। এইদৰে সৰ্বমুঠ দহটা ৰোজা ৰাখিব লাগিব। দৰাচলতে কোৰবানী অথবা ইয়াৰ সামৰ্থ নথকা ব্যক্তিৰ বাবে ৰোজা পালন কৰাৰ অনিবাৰ্যতাৰ সৈতে (ওমৰাহ আৰু হজ্জৰ মধ্যৱৰ্তী সময়ত) ইহৰাম খোলাৰ যিটো অনুমতি দিয়া হৈছে, সেয়া মক্কাৰ অধিবাসীসকলৰ বাবে নহয়। শুনা! আল্লাহৰ চৰীয়তৰ অনুসৰণৰ লগতে তেওঁৰ সীমাৰেখাক সন্মান কৰি তেওঁক ভয় কৰা। জানি থোৱা! আল্লাহে তেওঁৰ আদেশ লংঘনকাৰীক কঠিন শাস্তি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002196.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002196.mp3"},{"index":"197","arabicText":"اَلْحَجُّ اَشْهُرٌ مَّعْلُوْمٰتٌ ۚ فَمَنْ فَرَضَ فِیْهِنَّ الْحَجَّ فَلَا رَفَثَ وَلَا فُسُوْقَ ۙ وَلَا جِدَالَ فِی الْحَجِّ ؕ وَمَا تَفْعَلُوْا مِنْ خَیْرٍ یَّعْلَمْهُ اللّٰهُ ؔؕ وَتَزَوَّدُوْا فَاِنَّ خَیْرَ الزَّادِ التَّقْوٰی ؗ وَاتَّقُوْنِ یٰۤاُولِی الْاَلْبَابِ ۟","assameseTranslation":"হজ্জ হৈছে নিৰ্দিষ্ট মাহসমূহত (শ্বাওৱাল, জুলকাদাহ আৰু জুলহিজ্জা মাহত)। এতেকে যিয়ে এই মাহসমূহত হজ্জ কৰিবলৈ স্থিৰ কৰে সি যেন হজ্জৰ সময়ত স্ত্ৰী-সম্ভোগ, অন্যায় আচৰণ আৰু কলহ-বিবাদ নকৰে; আৰু তোমালোকে যি সৎকৰ্মই নকৰা কিয় সেয়া আল্লাহে জানে আৰু তোমালোকে সম্বল সংগ্ৰহ কৰা। নিশ্চয় আটাইতকৈ উত্তম সম্বল হৈছে তাক্বৱা। হে বিবেকসম্পন্ন ব্যক্তিসকল! তোমালোকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা।","footnotes":"","tafseer":"হজ্জৰ কেইটামান প্ৰসিদ্ধ মাহ আছে। এইটো আৰম্ভ হয় শ্বাওৱালৰ পৰা আৰু জুলহিজ্জা মাহৰ ১০ তাৰিখে সমাপ্ত হয়। যিয়ে এই মাহবোৰত হজ্জৰ বাবে নিয়ত কৰি ইহৰাম বান্ধিব, তাৰ বাবে (ইহৰাম অৱস্থাত) পত্নীৰ সৈতে সহবাস আৰু ইয়াৰ আনুষঙ্গিক বিষয়বোৰ নিষিদ্ধ। এইদৰে এই সময়ছোৱাত সময় আৰু স্থানৰ সন্মানৰ কাৰণে, গুনাহত লিপ্ত হৈ আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱাৰ পাপ অধিক বৃদ্ধি হ’ব। এইদৰে এই দিনবোৰত এনেকুৱা বাদানুবাদ কৰাও হাৰাম, যিটো ক্ৰোধ আৰু কাজিয়াৰ সৃষ্টি কৰে। এতেকে তোমালোকে যি সত্কৰ্ম কৰিবা সেয়া আল্লাহে জানে, আৰু তাৰ প্ৰতিদানো তেওঁ তোমালোকক প্ৰদান কৰিব। তথা তোমালোকে হজ্জ আদায় কৰা অৱস্থাত সেইবোৰ বস্তুৰ সহায় লোৱা যিবোৰ বস্তু তোমালোকৰ প্ৰয়োজন হয়, যেনে- খাদ্য সামগ্ৰী। লগতে জানি থোৱা! তোমালোকৰ সকলো বিষয়তে আটাইতকৈ সহায়ক হৈছে আল্লাহৰ তাক্বৱা বা ভয়। এতেকে হে সৎবুদ্ধিৰ অধিকাৰীসকল! মোৰ আদেশ পালন কৰি আৰু মই নিষেধ কৰা বস্তু পৰিত্যাগ কৰি, কেৱল মোকেই ভয় কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002197.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002197.mp3"},{"index":"198","arabicText":"لَیْسَ عَلَیْكُمْ جُنَاحٌ اَنْ تَبْتَغُوْا فَضْلًا مِّنْ رَّبِّكُمْ ؕ فَاِذَاۤ اَفَضْتُمْ مِّنْ عَرَفٰتٍ فَاذْكُرُوا اللّٰهَ عِنْدَ الْمَشْعَرِ الْحَرَامِ ۪ وَاذْكُرُوْهُ كَمَا هَدٰىكُمْ ۚ وَاِنْ كُنْتُمْ مِّنْ قَبْلِهٖ لَمِنَ الضَّآلِّیْنَ ۟","assameseTranslation":"(হজ্জৰ সময়ত) তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান (ব্যৱসায়-বাণিজ্য) কৰাত তোমালোকৰ কোনো পাপ নহয়। এতেকে তোমালোকে যেতিয়া আৰাফাতৰ পৰা উভতি আহিবা তেতিয়া (মুজদালিফাত) মাশ্বআৰুল হাৰামৰ ওচৰত আল্লাহক স্মৰণ কৰিবা আৰু তেওঁ তোমালোকক যেনেকৈ শিক্ষা দিছে ঠিক তেনেকৈয়ে তোমালোকে তেওঁক স্মৰণ কৰিবা। যদিও ইয়াৰ আগত তোমালোকে বিভ্ৰান্তসকলৰ অন্তৰ্ভুক্ত আছিলা।","footnotes":"","tafseer":"হজ্জৰ দিনবোৰত ব্যৱসায় আদিৰ দ্বাৰা হালাল জীৱিকা সন্ধান কৰা কোনো পাপ কৰ্ম নহয়। ৯ তাৰিখে আৰাফা ময়দানত অৱস্থান কৰাৰ পিছত, যেতিয়া ১০ তাৰিখে ৰাতি মুজদালিফালৈ ৰাৱানা হ’বা, তেতিয়া মুজদালিফাত মাশ্বআৰুল হাৰামৰ ওচৰত তছবীহ, তাহলীল আৰু দুআ কৰি আল্লাহক স্মৰণ কৰিবা। আল্লাহক এই কাৰণে স্মৰণ কৰিবা যে, তেওঁ তোমালোকক তেওঁৰ দ্বীনৰ নিদৰ্শনসমূহ আৰু তেওঁৰ ঘৰৰ হজ্জ আদায় কৰিবলৈ তাওফীক দান কৰিছে; অথচ ইতিপূৰ্বে তোমালোকে তেওঁৰ চৰীয়ত সম্পৰ্কে অজ্ঞ আছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002198.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002198.mp3"},{"index":"199","arabicText":"ثُمَّ اَفِیْضُوْا مِنْ حَیْثُ اَفَاضَ النَّاسُ وَاسْتَغْفِرُوا اللّٰهَ ؕ اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"তাৰ পিছত (কুৰাইশ্বৰ দৰে আৰাফাতত নগৈ কেৱল মুজদালিফাৰ পৰা উভতি নাহিবা বৰং) অন্যান্য লোকে য'ৰ পৰা উভতি আহে তোমালোকেও সেই স্থানৰ পৰা (আৰাফাতৰ পৰা মুজদালিফালৈ) উভতি আহিবা আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"আৰাফা ময়দানৰ পৰা ঠিক তেনেকৈ প্ৰত্যাৱৰ্তন কৰা যিদৰে ইব্ৰাহীম আলাইহিচ্ছালামৰ অনুসাৰীসকলে প্ৰত্যাৱৰ্তন কৰিছিল। অজ্ঞতা যুগৰ লোকসকলৰ দৰে নহয়, সিহঁতে ইয়াত অৱস্থানেই কৰা নাছিল। তথা আল্লাহৰ আদেশ পালনত হোৱা দোষ-ত্ৰুটিৰ বাবে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002199.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002199.mp3"},{"index":"200","arabicText":"فَاِذَا قَضَیْتُمْ مَّنَاسِكَكُمْ فَاذْكُرُوا اللّٰهَ كَذِكْرِكُمْ اٰبَآءَكُمْ اَوْ اَشَدَّ ذِكْرًا ؕ فَمِنَ النَّاسِ مَنْ یَّقُوْلُ رَبَّنَاۤ اٰتِنَا فِی الدُّنْیَا وَمَا لَهٗ فِی الْاٰخِرَةِ مِنْ خَلَاقٍ ۟","assameseTranslation":"তাৰ পিছত যেতিয়া তোমালোকে হজ্জৰ যাৱতীয় কামসমূহ সমাপ্ত কৰিবা তেতিয়া (মিনাত) আল্লাহক এনেকৈ স্মৰণ কৰিবা যেনেকৈ (অজ্ঞতা যুগত) তোমালোকে নিজৰ পিতৃ-পুৰুষসকলক স্মৰণ কৰিছিলা অথবা তাতকৈও অধিক। মানুহৰ মাজত এনেকুৱা মানুহো আছে যিয়ে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীতেই (সকলো) দি দিয়া’। (জানি থোৱা) আখিৰাতত তাৰ বাবে কোনো অংশ নাই।","footnotes":"","tafseer":"যেতিয়া হজ্জৰ কাৰ্যাৱলী সম্পূৰ্ণ কৰিবা তেতিয়া আল্লাহক স্মৰণ কৰিবা আৰু তেওঁৰ অধিক প্ৰশংসা কৰিবা, যিদৰে তোমালোকে নিজৰ পূৰ্বপুৰুষক লৈ গৌৰৱ কৰা আৰু সিহঁতৰ প্ৰশংসা কৰা; অথবা নিজৰ পুৰ্বপুৰুষ সকলতকৈও অধিক আল্লাহক স্মৰণ কৰিবা। কিয়নো তোমালোকে যি যি নিয়ামতৰ অধিকাৰী হৈছা, সেই সকলো আল্লাহেই প্ৰদান কৰিছে। যদিও মানুহে বিভিন্ন পন্থা অৱলম্বন কৰিছে। কিছুমান হৈছে কাফিৰ আৰু মুশ্বৰিক, যিসকলে কেৱল পাৰ্থিৱ জীৱনৰ প্ৰতিহে বিশ্বাস পোষণ কৰে। সেয়ে সিহঁতে কেৱল নিজ প্ৰতিপালকৰ পৰা তেওঁৰ অনুগ্ৰহ আৰু সৌন্দৰ্যৰ বস্তু যেনে- সুস্থতা, ধন-সম্পত্তি আৰু সন্তানৰ বাহিৰে আন একো নিবিচাৰে। এনেকুৱা ব্যক্তিসকলৰ পাৰ্থিৱ জীৱনৰ মোহ আৰু আখিৰাতৰ পৰা বিমুখতাৰ কাৰণে, সেই বস্তুসমূহৰ মাজত সিহঁতৰ কোনো অংশ নাথাকিব, যিবোৰ আল্লাহে তেওঁৰ মুমিন বান্দাসকলৰ বাবে আখিৰাতত প্ৰস্তুত কৰি ৰাখিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002200.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002200.mp3"},{"index":"201","arabicText":"وَمِنْهُمْ مَّنْ یَّقُوْلُ رَبَّنَاۤ اٰتِنَا فِی الدُّنْیَا حَسَنَةً وَّفِی الْاٰخِرَةِ حَسَنَةً وَّقِنَا عَذَابَ النَّارِ ۟","assameseTranslation":"আনহাতে সিহঁতৰ মাজত এনেকুৱা মানুহো আছে যিয়ে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।","footnotes":"","tafseer":"কিন্তু মানুহৰ মাজৰ আন এটা দলে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে। এনেকুৱা ব্যক্তিয়ে নিজ প্ৰতিপালকৰ পৰা পাৰ্থিৱ জীৱনৰ নিয়ামতৰ লগতে নেক আমল কৰাৰ তাওফীক প্ৰাৰ্থনা কৰে। তথা জান্নাতত প্ৰৱেশ কৰিবলৈ আৰু জাহান্নামৰ শাস্তিৰ পৰা মুক্তি পাবলৈ প্ৰাৰ্থনা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002201.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002201.mp3"},{"index":"202","arabicText":"اُولٰٓىِٕكَ لَهُمْ نَصِیْبٌ مِّمَّا كَسَبُوْا ؕ وَاللّٰهُ سَرِیْعُ الْحِسَابِ ۟","assameseTranslation":"এওঁলোকে যি অৰ্জন কৰিছে সেই প্ৰাপ্য অংশ এওঁলোকৰ বাবেই, আৰু আল্লাহ হিচাপ গ্ৰহণত অত্যন্ত তৎপৰ।","footnotes":"","tafseer":"এওঁলোকেই হৈছে পৃথিৱী আৰু আখিৰাতৰ কল্যাণকামী লোক। এওঁলোকৰ বাবে পাৰ্থিৱ জীৱনত কৰা নেক আমলৰ ফলস্বৰূপে আছে বৰ ডাঙৰ ছোৱাব, আৰু আল্লাহ আমলৰ দ্ৰুত হিচাপ গ্ৰহণকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002202.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002202.mp3"},{"index":"203","arabicText":"وَاذْكُرُوا اللّٰهَ فِیْۤ اَیَّامٍ مَّعْدُوْدٰتٍ ؕ فَمَنْ تَعَجَّلَ فِیْ یَوْمَیْنِ فَلَاۤ اِثْمَ عَلَیْهِ ۚ وَمَنْ تَاَخَّرَ فَلَاۤ اِثْمَ عَلَیْهِ ۙ لِمَنِ اتَّقٰی ؕ وَاتَّقُوا اللّٰهَ وَاعْلَمُوْۤا اَنَّكُمْ اِلَیْهِ تُحْشَرُوْنَ ۟","assameseTranslation":"আৰু তোমালোকে নিৰ্দিষ্ট দিনসমূহত (জুলহিজ্জা মাহৰ ১১, ১২ আৰু ১৩ তাৰিখ এই তিনিদিন মীনাত অৱস্থান কৰা সময়ত) আল্লাহক স্মৰণ কৰিবা। এতেকে কোনোবাই যদি খৰখেদাকৈ দুদিনতেই গুচি আহে তেন্তে তাৰ কোনো পাপ নহ’ব আৰু যদি কোনোবাই পলমকৈ আহে তাৰো কোনো পাপ নহ’ব। এইটো (নিয়ম) সেই ব্যক্তিৰ বাবে যিয়ে তাক্বৱা অৱলম্বন কৰে, আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা লগতে জানি থোৱা যে, তোমালোকক তেওঁৰ ওচৰতেই সমবেত কৰা হ’ব।","footnotes":"","tafseer":"নিৰ্দিষ্ট কেইটামান দিনত তকবীৰ আৰু তাহলীলৰ জৰিয়তে আল্লাহক স্মৰণ কৰা। ইয়াত কেইটামান দিনৰ দ্বাৰা জুলহিজ্জা মাহৰ ১১, ১২ আৰু ১৩ তাৰিখক বুজোৱা হৈছে। যদি কোনোবাই আগতীয়াকৈ শিল দলিয়াই ১২ তাৰিখে মিনা ত্যাগ কৰিব বিচাৰে তেন্তে কৰিব পাৰে, এনে কৰাত কোনো গুনাহ নহ’ব। কিয়নো এই সুবিধা আল্লাহে প্ৰদান কৰিছে। আনহাতে যিয়ে ১৩ তাৰিখ লৈকে অপেক্ষা কৰি শিল দলিয়াই মিনা ত্যাগ কৰিব বিচাৰে, তাৰ অপেক্ষা কৰাত কোনো অসুবিধা নাই। বৰং তেওঁ উত্তম কৰ্মহে কৰিছে আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰিছে। এই সকলো বিধান তাৰ বাবে, যিয়ে হজ্জৰ ক্ষেত্ৰত আল্লাহৰ তাক্বৱা অৱলম্বন কৰে আৰু আল্লাহৰ আদেশ মতে হজ্জ আদায় কৰিব বিচাৰে। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা, লগতে এই বিশ্বাস পোষণ কৰা যে, নিশ্চয় তোমালোক তেওঁৰ পিনেই উভতি যাবা আৰু তেওঁ তোমালোকক তোমালোকৰ আমলৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002203.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002203.mp3"},{"index":"204","arabicText":"وَمِنَ النَّاسِ مَنْ یُّعْجِبُكَ قَوْلُهٗ فِی الْحَیٰوةِ الدُّنْیَا وَیُشْهِدُ اللّٰهَ عَلٰی مَا فِیْ قَلْبِهٖ ۙ وَهُوَ اَلَدُّ الْخِصَامِ ۟","assameseTranslation":"আৰু মানুহৰ মাজত এনেকুৱা ব্যক্তিও আছে, পাৰ্থিৱ জীৱনত যাৰ কথাবাৰ্তাই তোমাক মুগ্ধ কৰে আৰু তাৰ অন্তৰত যি আছে সেই সম্পৰ্কে সি আল্লাহক সাক্ষী ৰাখে। কিন্তু প্ৰকৃততে সি ভীষণ কলহপ্ৰিয়।","footnotes":"","tafseer":"হে নবী! মানুহৰ মাজত কিছুমান মুনাফিক মানুহো আছে, পাৰ্থিৱ জীৱন সম্পৰ্কে সিহঁতৰ কিছুমান কথা আপোনাৰ অন্তৰ চুই যায়। সিহঁতৰ মিঠা আৰু সুমধুৰ কথাৰ ফলত আপুনি সিহঁতক সত্যবাদী আৰু শুভাকাংক্ষী বুলি ধাৰণা কৰে। অথচ সিহঁতৰ এনে কৰাৰ উদ্দেশ্য হৈছে একমাত্ৰ নিজৰ ধন-সম্পদ আৰু প্ৰাণ ৰক্ষাৰ বাহিৰে আন একো নহয়। সিহঁতে আল্লাহক এই কথাৰ সাক্ষী বনাই লয় যে, সিহঁতৰ অন্তৰত ঈমান আৰু কল্যাণৰ বাহিৰে আন একো নাই অথচ সিহঁত হৈছে মিছলীয়া, অত্যন্ত কলহপ্ৰিয় আৰু মুছলিমসকলৰ শত্ৰু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002204.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002204.mp3"},{"index":"205","arabicText":"وَاِذَا تَوَلّٰی سَعٰی فِی الْاَرْضِ لِیُفْسِدَ فِیْهَا وَیُهْلِكَ الْحَرْثَ وَالنَّسْلَ ؕ وَاللّٰهُ لَا یُحِبُّ الْفَسَادَ ۟","assameseTranslation":"আৰু যেতিয়া সি (তোমাৰ ওচৰৰ পৰা) উভতি যায়, তেতিয়া সি পৃথিৱীত ফাছাদ (অশান্তি) সৃষ্টি কৰে, লগতে শস্যক্ষেত্ৰ আৰু প্ৰাণী ধ্বংস কৰিবলৈ চেষ্টা কৰে; কিন্তু আল্লাহে ফাছাদ ভাল নাপায়।","footnotes":"","tafseer":"যেতিয়া আপোনাৰ পৰা আঁতৰি যায় তেতিয়া পৃথিৱীত দৌৰা-দৌৰি আৰম্ভ কৰে যাতে গুনাহৰ দ্বাৰা বিপৰ্যয় সৃষ্টি কৰিব পাৰে লগতে খেতি-বাতি বিনষ্ট কৰিব পাৰে আৰু জীৱ-জন্তু হত্যা কৰিব পাৰে। অথচ আল্লাহে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰা কাৰ্যক আৰু উপদ্ৰৱ সৃষ্টিকাৰীক পছন্দ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002205.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002205.mp3"},{"index":"206","arabicText":"وَاِذَا قِیْلَ لَهُ اتَّقِ اللّٰهَ اَخَذَتْهُ الْعِزَّةُ بِالْاِثْمِ فَحَسْبُهٗ جَهَنَّمُ ؕ وَلَبِئْسَ الْمِهَادُ ۟","assameseTranslation":"আৰু যেতিয়া তাক কোৱা হয়, ‘আল্লাহৰ তাক্বৱা অৱলম্বন কৰা’, তেতিয়া তাৰ আত্মাভিমানে তাক পাপ কৰিবলৈ উৎসাহ দিয়ে, এতেকে তাৰ বাবে জাহান্নামেই যথেষ্ট। নিশ্চয় ই নিকৃষ্ট বিশ্ৰামস্থল।","footnotes":"","tafseer":"যেতিয়া এই বিপৰ্যয়কাৰী সকলক উপদেশ দি কোৱা হয় যে, আল্লাহৰ সীমাৰেখাৰ সন্মান কৰা, আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা, তেতিয়া তাৰ অভিমানে তাক সত্যৰ পিনে উভতিবলৈ বাধা দিয়ে, লগতে সি গুনাহত আৰু অধিক আগুৱায় যায়। এতেকে তাৰ বাবে জাহান্নামেই যথেষ্ট, আৰু জাহান্নাম বৰ নিকৃষ্ট ঠাই, আৰু অত্যন্ত বেয়া আৱাসস্থল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002206.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002206.mp3"},{"index":"207","arabicText":"وَمِنَ النَّاسِ مَنْ یَّشْرِیْ نَفْسَهُ ابْتِغَآءَ مَرْضَاتِ اللّٰهِ ؕ وَاللّٰهُ رَءُوْفٌۢ بِالْعِبَادِ ۟","assameseTranslation":"পক্ষান্তৰে মানুহৰ মাজত এনেকুৱা লোকো আছে, যিয়ে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে নিজকে বিক্ৰী কৰি দিয়ে। আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত সহানুভূতিশীল।","footnotes":"","tafseer":"তথা মানুহৰ মাজত ঈমান্দাৰ মানুহো আছে। যিসকলে নিজ প্ৰতিপালকৰ আনুগত্যত আৰু তেওঁৰ পথত জিহাদ কৰাৰ কাৰণে আৰু তেওঁৰ সন্তুষ্টি লাভৰ বাবে নিজকে বিক্ৰী কৰি দিয়ে। আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অসীম দয়াৱান, আৰু সিহঁতৰ প্ৰতি পৰম কৰুণাময়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002207.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002207.mp3"},{"index":"208","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا ادْخُلُوْا فِی السِّلْمِ كَآفَّةً ۪ وَلَا تَتَّبِعُوْا خُطُوٰتِ الشَّیْطٰنِ ؕ اِنَّهٗ لَكُمْ عَدُوٌّ مُّبِیْنٌ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে পৰিপূৰ্ণভাৱে ইছলামত প্ৰৱেশ কৰা আৰু চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।","footnotes":"","tafseer":"হে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! ইছলামৰ ভিতৰত সম্পূৰ্ণৰূপে প্ৰৱেশ কৰা, আৰু ইয়াৰ কোনো বিধানক এৰি নিদিবা। যিদৰে আহলে কিতাবসকলে কৰিছিল, সিহঁতে গ্ৰন্থৰ এটা ভাগৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু আনটো ভাগক অস্বীকাৰ কৰিছিল। লগতে তোমালোকে চয়তানৰ পদানুসৰণ নকৰিবা। কিয়নো সি তোমালোকৰ প্ৰকাশ্য শত্ৰু, তাৰ শত্ৰুতা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002208.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002208.mp3"},{"index":"209","arabicText":"فَاِنْ زَلَلْتُمْ مِّنْ بَعْدِ مَا جَآءَتْكُمُ الْبَیِّنٰتُ فَاعْلَمُوْۤا اَنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟","assameseTranslation":"এতেকে তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদি অহাৰ পিছতো যদি তোমালোকৰ পদস্খলন ঘটে, তেন্তে জানি থোৱা, নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"যদি এনেকুৱা স্পষ্ট আৰু সংশয়হীন প্ৰমাণ অহাৰ পিছতো তোমালোকে আঁতৰি যোৱা, আৰু বিমুখ হোৱা, তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ মহাপৰাক্ৰশালী অতি ক্ষমতাৱান। পৰিচালনা আৰু বিধান প্ৰস্তুত কৰাত তেওঁ মহাপ্ৰজ্ঞাৱান। সেয়ে কেৱল তেওঁকেই ভয় কৰা আৰু তেওঁক সন্মান কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002209.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002209.mp3"},{"index":"210","arabicText":"هَلْ یَنْظُرُوْنَ اِلَّاۤ اَنْ یَّاْتِیَهُمُ اللّٰهُ فِیْ ظُلَلٍ مِّنَ الْغَمَامِ وَالْمَلٰٓىِٕكَةُ وَقُضِیَ الْاَمْرُ ؕ وَاِلَی اللّٰهِ تُرْجَعُ الْاُمُوْرُ ۟۠","assameseTranslation":"সিহঁতে এই অপেক্ষাত আছে নেকি যে, আল্লাহ আৰু ফিৰিস্তাসকল মেঘৰ ছাঁত সিহঁতৰ ওচৰত আহি উপস্থিত হ’ব? আৰু তেতিয়া সকলো বিষয়ৰ মীমাংসা হৈ যাব? আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হ’ব।","footnotes":"","tafseer":"চয়তানৰ পদানুসৰণকাৰী সকলে আৰু সত্পথৰ পৰা পথভ্ৰষ্ট লোকসকলে কেৱল ইয়াৰ অপেক্ষাত আছে যে, সিহঁতৰ ফয়চালা কৰিবলৈ ক্বিয়ামতৰ দিনা আল্লাহে নিজৰ মৰ্যদা আৰু প্ৰতাপ অনুযায়ী মেঘৰ ছাঁত আগমন কৰিব, আৰু তেওঁৰ লগত থাকিব ফিৰিস্তাসকল, সিহঁতক চাৰিওফালৰ পৰা পৰিবেষ্টন কৰিব, সেই সময়ত সিহঁতৰ বিষয়ে আল্লাহৰ ফয়চালা সম্পন্ন হ’ব। দৰাচলতে সৃষ্টিজগতৰ সকলো বিষয় কেৱল আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002210.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002210.mp3"},{"index":"211","arabicText":"سَلْ بَنِیْۤ اِسْرَآءِیْلَ كَمْ اٰتَیْنٰهُمْ مِّنْ اٰیَةٍۭ بَیِّنَةٍ ؕ وَمَنْ یُّبَدِّلْ نِعْمَةَ اللّٰهِ مِنْ بَعْدِ مَا جَآءَتْهُ فَاِنَّ اللّٰهَ شَدِیْدُ الْعِقَابِ ۟","assameseTranslation":"ইছৰাঈলৰ বংশধৰসকলক সুধি চোৱা, আমি সিহঁতক কিমান স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলোঁ! আৰু আল্লাহৰ অনুগ্ৰহ অহাৰ পিছত কোনোবাই তাক পৰিবৰ্তন কৰিলে তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।","footnotes":"","tafseer":"হে নবী! বনী ইছৰাঈলক ভৰ্ৎসনা কৰি সিহঁতক সোধক, আল্লাহে তোমালোকৰ সন্মুখত ৰাছুলসকলৰ সত্যবাদীতাৰ সপক্ষে কিমান যে স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিল যিবোৰক তোমালোকে অস্বীকাৰ কৰিছিলা, আৰু তাৰ পৰা বিমুখ হৈছিলা। আল্লাহৰ নিয়ামত স্পষ্ট হোৱাৰ পিছত আৰু জনাৰ পিছতো যিয়ে সেইবোৰ অস্বীকাৰ কৰিব, তেন্তে জানি থোৱা! নিশ্চয় আল্লাহে কাফিৰসকলক আৰু অস্বীকাৰকাৰী সকলক কঠিন শাস্তি প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002211.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002211.mp3"},{"index":"212","arabicText":"زُیِّنَ لِلَّذِیْنَ كَفَرُوا الْحَیٰوةُ الدُّنْیَا وَیَسْخَرُوْنَ مِنَ الَّذِیْنَ اٰمَنُوْا ۘ وَالَّذِیْنَ اتَّقَوْا فَوْقَهُمْ یَوْمَ الْقِیٰمَةِ ؕ وَاللّٰهُ یَرْزُقُ مَنْ یَّشَآءُ بِغَیْرِ حِسَابٍ ۟","assameseTranslation":"যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে পৃথিৱীৰ জীৱন সুশোভিত কৰা হৈছে আৰু সিহঁতে মুমিনসকলক উপহাস কৰে; আৰু যিসকলে তাক্বৱা অৱলম্বন কৰিছে তেওঁলোকে ক্বিয়ামতৰ দিনা সিহঁতৰ ওপৰত (জান্নাতত) থাকিব; আৰু আল্লাহে যাক ইচ্ছা কৰে অপৰিমিত জীৱিকা প্ৰদান কৰে।","footnotes":"","tafseer":"পাৰ্থিৱ জীৱন আৰু ইয়াৰ অস্থায়ী উপকৰণসমূহক লগতে অচিৰে সমাপ্ত হ’বলগীয়া আনন্দদায়ক বস্তুবোৰক, মহান আল্লাহক অস্বীকাৰ কৰা লোকসকলৰ বাবে সুসজ্জিত কৰি দিয়া হৈছে। সিহঁতে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণকাৰী লোকসকলৰ লগত ঠাট্টা-বিদ্ৰূপ কৰে। অথচ যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা আঁতৰত থাকি কেৱল আল্লাহকেই ভয় কৰে, তেওঁলোকে আখিৰাতত এইসকল কাফিৰৰ ওপৰত প্ৰাধান্য লাভ কৰিব। আল্লাহে তেওঁলোকক চিৰস্থায়ী জান্নাতত ঠাই দিব, আৰু আল্লাহে তেওঁৰ সৃষ্টিৰ মাজত যাক ইচ্ছা কৰে, তাক অসংখ্য অগণন নিয়ামত প্ৰদান কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002212.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002212.mp3"},{"index":"213","arabicText":"كَانَ النَّاسُ اُمَّةً وَّاحِدَةً ۫ فَبَعَثَ اللّٰهُ النَّبِیّٖنَ مُبَشِّرِیْنَ وَمُنْذِرِیْنَ ۪ وَاَنْزَلَ مَعَهُمُ الْكِتٰبَ بِالْحَقِّ لِیَحْكُمَ بَیْنَ النَّاسِ فِیْمَا اخْتَلَفُوْا فِیْهِ ؕ وَمَا اخْتَلَفَ فِیْهِ اِلَّا الَّذِیْنَ اُوْتُوْهُ مِنْ بَعْدِ مَا جَآءَتْهُمُ الْبَیِّنٰتُ بَغْیًا بَیْنَهُمْ ۚ فَهَدَی اللّٰهُ الَّذِیْنَ اٰمَنُوْا لِمَا اخْتَلَفُوْا فِیْهِ مِنَ الْحَقِّ بِاِذْنِهٖ ؕ وَاللّٰهُ یَهْدِیْ مَنْ یَّشَآءُ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟","assameseTranslation":"(আদিতে) সকলো মানুহ এটাই উম্মতৰ অন্তৰ্ভুক্ত আছিল। (পিছলৈ তাত মানুহে বিভেদ সৃষ্টি কৰিছে) ফলত আল্লাহে নবীসকলক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিলে আৰু তেওঁলোকৰ লগত সত্যসহ কিতাব অৱতীৰ্ণ কৰিলে যাতে মানুহে যিবোৰ বিষয়ত মতভেদ কৰিছিল সেইবোৰৰ মীমাংসা কৰিব পাৰে; আৰু যিসকলক এইটো দিয়া হৈছিল, স্পষ্ট নিদৰ্শন সিহঁতৰ ওচৰলৈ অহাৰ পিছতো কেৱল পৰস্পৰ বিদ্বেষবশতঃ সিহঁতে সেই বিষয়ত মতভেদ সৃষ্টি কৰিছিল। তাৰ পিছত আল্লাহে তেওঁৰ ইচ্ছাক্ৰমে ঈমান্দাৰসকলক সেই সত্য বিষয়ত হিদায়ত কৰিছে, যি বিষয়ে সিহঁতে মতানৈক্য সৃষ্টি কৰিছিল; আৰু আল্লাহে যাক ইচ্ছা কৰে সৰল পথৰ ফালে হিদায়ত কৰে।","footnotes":"","tafseer":"আৰম্ভণিতে সকলো মানুহ এটাই উম্মত আছিল। হিদায়তৰ ওপৰত সকলোৱে একমত আৰু আদি পিতা আদমৰ দ্বীনৰ অনুসাৰী আছিল। অৱশেষত চয়তানে সিহঁতক পথভ্ৰষ্ট কৰিলে, মতানৈক্য সৃষ্টি হ'ল। কিছুমান মুমিন, আৰু আন কিছুমান কাফিৰ হৈ গ'ল। সেয়ে আল্লাহে ৰাছুল প্ৰেৰণ কৰিলে যাতে ঈমান্দাৰসকলক আৰু আনুগত্যকাৰীসকলক সুসংবাদ দিয়ে, আৰু কাফিৰসকলক কঠিন শাস্তিৰ ভয় দেখুৱায়, যি শাস্তি সম্পৰ্কে সিহঁতক সতৰ্ক কৰা হৈছে। লগতে আল্লাহে তেওঁৰ ৰাছুলসকলৰ প্ৰতি সন্দেহমুক্ত সত্যৰ ওপৰত প্ৰতিষ্ঠিত কিতাপ অৱতীৰ্ণ কৰিছে। যাতে সেইবোৰ বিষয় মীমাংসা কৰিব পাৰে, যিবোৰ বিষয়ে মানুহে মতানৈক্য কৰিছিল। লগতে আল্লাহে অৱতীৰ্ণ কৰা তাওৰাত সম্পৰ্কেও সেই ইয়াহুদীসকলেই মতভেদ সৃষ্টি কৰিছিল, যিসকলক ইয়াৰ জ্ঞান দিয়া হৈছিল। সিহঁতৰ ওচৰত এই কথা স্পষ্ট হৈ পৰিছিল যে, এয়া আল্লাহৰ সত্য গ্ৰন্থ, য’ত মতভেদ কৰাৰ কোনো স্থান নাই। কিন্তু আল্লাহে তেওঁৰ ইচ্ছাত মুমিনসকলক হিদায়ত আৰু পথভ্ৰষ্টতাৰ মাজত পাৰ্থক্য কৰাৰ তাওফীক প্ৰদান কৰিছে। আল্লাহে যাক ইচ্ছা কৰে তাক পোন পথৰ হিদায়ত প্ৰদান কৰে, য’ত কোনো বক্ৰতা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002213.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002213.mp3"},{"index":"214","arabicText":"اَمْ حَسِبْتُمْ اَنْ تَدْخُلُوا الْجَنَّةَ وَلَمَّا یَاْتِكُمْ مَّثَلُ الَّذِیْنَ خَلَوْا مِنْ قَبْلِكُمْ ؕ مَسَّتْهُمُ الْبَاْسَآءُ وَالضَّرَّآءُ وَزُلْزِلُوْا حَتّٰی یَقُوْلَ الرَّسُوْلُ وَالَّذِیْنَ اٰمَنُوْا مَعَهٗ مَتٰی نَصْرُ اللّٰهِ ؕ اَلَاۤ اِنَّ نَصْرَ اللّٰهِ قَرِیْبٌ ۟","assameseTranslation":"তোমালোকে ভাবিছা নেকি যে, তোমালোকে জান্নাতত প্ৰৱেশ কৰিবা অথচ তোমালোকৰ ওচৰলৈ এতিয়াও তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ দৰে অৱস্থা আহি পোৱা নাই? অৰ্থ-সংকট আৰু দুখ-কষ্টই সিহঁতক স্পৰ্শ কৰিছিল আৰু সিহঁত ভীত-কম্পিত হৈছিল। আনকি ৰাছুল আৰু তেওঁৰ সংগী-সাৰথি ঈমান্দাৰসকলে কৈ উঠিছিল, ‘আল্লাহৰ সহায় কেতিয়া আহিব’? জানি থোৱা, নিশ্চয় আল্লাহৰ সহায় অতি নিকটৱৰ্তী।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকে ভাবিছা নেকি যে, তোমালোকে এনেই জান্নাতত প্ৰৱেশ কৰিবা, অথচ তোমালোকে এতিয়াও সেই পৰীক্ষাৰ সন্মুখীন হোৱা নাই, যি পৰীক্ষাৰ সন্মুখীন তোমালোকৰ পুৰ্বপুৰুষসকলে হৈছিল। তেওঁলোক দুৰ্ভিক্ষ আৰু বেমাৰৰ সন্মুখীন হৈছিল, লগতে ভয়াৱহ বিপৰ্যয়ে তেওঁলোকক কম্পমান কৰি তুলিছিল। অৱশেষত তেওঁলোকে আল্লাহৰ সহায় অচিৰেই কামনা কৰিছিল। সেই সময়ছোৱাত ৰাছুল আৰু তেওঁৰ লগত থকা মুমিনসকলে কৈছিলঃ আল্লাহৰ সহায় কেতিয়া আহিব? জানি থোৱা! নিশ্চয় আল্লাহৰ সহায় অতি নিকটৱৰ্তী, তেওঁৰ প্ৰতি ভৰসাকাৰী মুমিনসকলৰ বাবে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002214.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002214.mp3"},{"index":"215","arabicText":"یَسْـَٔلُوْنَكَ مَاذَا یُنْفِقُوْنَ ؕ۬ قُلْ مَاۤ اَنْفَقْتُمْ مِّنْ خَیْرٍ فَلِلْوَالِدَیْنِ وَالْاَقْرَبِیْنَ وَالْیَتٰمٰی وَالْمَسٰكِیْنِ وَابْنِ السَّبِیْلِ ؕ وَمَا تَفْعَلُوْا مِنْ خَیْرٍ فَاِنَّ اللّٰهَ بِهٖ عَلِیْمٌ ۟","assameseTranslation":"তেওঁলোকে তোমাক প্ৰশ্ন কৰে যে, তেওঁলোকে কি ব্যয় কৰিব? কোৱা, যি ধন-সম্পদ তোমালোকে ব্যয় কৰিবা তাৰ অধিক হকদাৰ হৈছে, পিতৃ-মাতৃ, আত্মীয়-স্বজন, ইয়াতীম (পিতৃহীন), মিছকীন (অভাৱগ্ৰস্ত) আৰু (দুৰ্দশাগ্ৰস্ত) মুছাফিৰসকল; আৰু তোমালোকে যি সৎকৰ্মই নকৰা কিয় সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।","footnotes":"","tafseer":"হে নবী! আপোনাৰ সঙ্গী-সাৰথীসকলে প্ৰশ্ন কৰে যে, তেওঁলোকৰ বিভিন্ন প্ৰকাৰৰ সম্পদৰ মাজৰ পৰা কোনটো কোনটো ব্যয় কৰিব আৰু কাক প্ৰদান কৰিব? তেওঁলোকক কওক, তোমালোকে কল্যাণৰ পৰা যি ব্যয় কৰিবা- অৰ্থাৎ হালাল আৰু পৱিত্ৰ বস্তুৰ পৰা যি খৰচ কৰিবা। সেইটো পিতৃ-মাতৃ, প্ৰয়োজন অনুযায়ী আত্মীয় স্বজন, অভাৱী, অনাথ, সম্পদৰ পৰা বঞ্চিত মানুহ, লগতে ঘৰ পৰিয়ালৰ পৰা দূৰৈত থকা ভ্ৰমণকাৰীক প্ৰদান কৰিবা। হে মুমিনসকল! তোমালোকে যি খৰচ কৰিবা সেয়া কম হওক বা বেছি, সেয়া আল্লাহে জানে। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়, তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002215.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002215.mp3"},{"index":"216","arabicText":"كُتِبَ عَلَیْكُمُ الْقِتَالُ وَهُوَ كُرْهٌ لَّكُمْ ۚ وَعَسٰۤی اَنْ تَكْرَهُوْا شَیْـًٔا وَّهُوَ خَیْرٌ لَّكُمْ ۚ وَعَسٰۤی اَنْ تُحِبُّوْا شَیْـًٔا وَّهُوَ شَرٌّ لَّكُمْ ؕ وَاللّٰهُ یَعْلَمُ وَاَنْتُمْ لَا تَعْلَمُوْنَ ۟۠","assameseTranslation":"তোমালোকৰ ওপৰত যুদ্ধৰ বিধান অনিবাৰ্য কৰা হৈছে যদিও এইটো তোমালোকৰ বাবে অপছন্দনীয়। কিন্তু তোমালোকে যিটো অপছন্দ কৰা, হয়তো সেইটো তোমালোকৰ বাবে কল্যাণকৰ আৰু যিটোক তোমালোকে ভাল পোৱা হয়তো সেইটো তোমালোকৰ বাবে অকল্যাণকৰ; আৰু আল্লাহে জানে তোমালোকে নাজানা।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকৰ ওপৰত আল্লাহৰ পথত যুদ্ধ কৰাটো ফৰজ কৰি দিয়া হৈছে। যদিও এইটো মানসিকভাৱে অপছন্দনীয়। কিয়নো ইয়াত ধন-সম্পদ আৰু প্ৰাণ ব্যয় কৰিব লাগে। সম্ভৱত এনেকুৱাও হ’ব পাৰে যে, যিটো বস্তুক তোমালোকে অপছন্দ কৰা, সেইটোৱে তোমালোকৰ বাবে উপকাৰী আৰু কল্যাণকৰ। যেনে আল্লাহৰ পথত যুদ্ধ কৰা, ইয়াত বহুত ছোৱাব আছে, লগতে ইয়াৰ দ্বাৰা শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব পাৰি, আৰু আল্লাহৰ কলিমাই প্ৰাধান্য লাভ কৰে। আনহাতে তোমালোকে যিটোক পছন্দ কৰা, হয়তো সেইটো তোমালোকৰ বাবে ক্ষতিকৰ আৰু বিপদৰ কাৰণ। যেনে- জিহাদৰ পৰা দূৰৈত থকা। এনে কৰিলে তোমালোক ক্ষতিগ্ৰস্ত হোৱাটো খাটাং আৰু শত্ৰুৱে তোমালোকৰ ওপৰত আধিপত্য লাভ কৰিব। নিশ্চয় ভাল বেয়া সম্পৰ্কে আল্লাহ সম্যক অৱগত, অথচ তোমালোকে একোৱেই নাজানা। সেয়ে আল্লাহৰ আদেশ পালন কৰা, ইয়াতেই তোমালোকৰ কল্যাণ নিহিত হৈ আছে। ","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002216.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002216.mp3"},{"index":"217","arabicText":"یَسْـَٔلُوْنَكَ عَنِ الشَّهْرِ الْحَرَامِ قِتَالٍ فِیْهِ ؕ قُلْ قِتَالٌ فِیْهِ كَبِیْرٌ ؕ وَصَدٌّ عَنْ سَبِیْلِ اللّٰهِ وَكُفْرٌ بِهٖ وَالْمَسْجِدِ الْحَرَامِ ۗ وَاِخْرَاجُ اَهْلِهٖ مِنْهُ اَكْبَرُ عِنْدَ اللّٰهِ ۚ وَالْفِتْنَةُ اَكْبَرُ مِنَ الْقَتْلِ ؕ وَلَا یَزَالُوْنَ یُقَاتِلُوْنَكُمْ حَتّٰی یَرُدُّوْكُمْ عَنْ دِیْنِكُمْ اِنِ اسْتَطَاعُوْا ؕ وَمَنْ یَّرْتَدِدْ مِنْكُمْ عَنْ دِیْنِهٖ فَیَمُتْ وَهُوَ كَافِرٌ فَاُولٰٓىِٕكَ حَبِطَتْ اَعْمَالُهُمْ فِی الدُّنْیَا وَالْاٰخِرَةِ ۚ وَاُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ هُمْ فِیْهَا خٰلِدُوْنَ ۟","assameseTranslation":"পৱিত্ৰ মাহত যুদ্ধ কৰা সম্পৰ্কে মানুহে তোমাক প্ৰশ্ন কৰে; কোৱা, ‘এনে মাহত যুদ্ধ কৰাটো কঠিন অপৰাধ। কিন্তু আল্লাহৰ পথত বাধা প্ৰদান কৰা, আল্লাহৰ লগত কুফৰী কৰা, মছজিদুল হাৰামত বাধা দিয়া আৰু ইয়াৰ অধিবাসীসকলক ইয়াৰ পৰা বহিষ্কাৰ কৰাটো আল্লাহৰ ওচৰত তাতোকৈ বেছি অপৰাধ; আৰু ফিতনা (শ্বিৰ্ক) হৈছে হত্যা কৰাতকৈও কঠিন অপৰাধ। (জানি থোৱা) যদি সিহঁত সক্ষম হয় তেন্তে তোমালোকক তোমালোকৰ (সুপ্ৰতিষ্ঠিত) দ্বীনৰ পৰা ওভতাই লৈ নোযোৱা পৰ্যন্ত সিহঁতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰি যাব। এতেকে তোমালোকৰ মাজৰ পৰা যিয়ে নিজৰ ধৰ্ম ত্যাগ কৰি কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিব তেন্তে (জানি থোৱা) পৃথিৱী আৰু আখিৰাতত সিহঁতৰ আমলসমূহ নিষ্ফল হৈ যাব; আৰু সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল থাকিব’।","footnotes":"","tafseer":"হে নবী! মানুহে আপোনাক পৱিত্ৰ মাহবোৰৰ বিষয়ে অৰ্থাৎ জুলকাদাহ, জুলহিজ্জা, মুহাৰ্ৰম আৰু ৰজব মাহত যুদ্ধ কৰাৰ বিধান সম্পৰ্কে প্ৰশ্ন কৰে। আপুনি সিহঁতক জনাই দিয়ক যে, এই মাহবোৰত যুদ্ধ কৰা আল্লাহৰ দৃষ্টিত বৰ অপছন্দনীয়। ঠিক সেইদৰে যিদৰে আল্লাহৰ পথত মুশ্বৰিকসকলৰ বাধা প্ৰদান কৰা কাৰ্য অপছন্দনীয়। লগতে মুমিনসকলক মছজিদুল হাৰামত প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰা, মছজিদুল হাৰামৰ অধিবাসীসকলক তাৰ পৰা বহিষ্কাৰ কৰা, আল্লাহৰ দৃষ্টিত পৱিত্ৰ মাহবোৰত যুদ্ধ কৰাতকৈও অধিক ডাঙৰ পাপ। তথা শ্বিৰ্ক, যিটোত সিহঁতে লিপ্ত হৈ আছে, সেইটো হত্যাতকৈও ডাঙৰ গুনাহ। হে মুমিনসকল! মুশ্বৰিকসকল সদায় অন্যায়-অত্যাচাৰত বৰ্তি হৈ থাকিব, আৰু তোমালোকৰ লগত যুদ্ধ কৰি থাকিব, আনকি সম্ভৱ হ’লে তোমালোকক সত্য ধৰ্মৰ পৰা আঁতৰাই সিহঁতৰ অসত্য ধৰ্মৰ পিনে ওভোতাই নিব। এতেকে তোমালোকৰ মাজৰ যিয়ে নিজৰ ধৰ্ম ত্যাগ কৰিব আৰু সেই কুফৰ অৱস্থাতে মৃত্যুবৰণ কৰিব তেন্তে তাৰ সকলো নেক আমল অথলে যাব আৰু অৱশেষত সি জাহান্নামত প্ৰৱেশ কৰিব আৰু তাত সি চিৰকাল থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002217.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002217.mp3"},{"index":"218","arabicText":"اِنَّ الَّذِیْنَ اٰمَنُوْا وَالَّذِیْنَ هَاجَرُوْا وَجٰهَدُوْا فِیْ سَبِیْلِ اللّٰهِ ۙ اُولٰٓىِٕكَ یَرْجُوْنَ رَحْمَتَ اللّٰهِ ؕ وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে হিজৰত কৰিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, তেওঁলোকেই আল্লাহৰ ৰহমত কামনা কৰে; আৰু আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিলে, লগতে যিসকলে নিজৰ ঘৰ-দুৱাৰ ত্যাগ কৰি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে হিজৰত কৰিছে, তথা আল্লাহৰ কলিমা উত্তোলন কৰিবলৈ জিহাদ কৰিছে। প্ৰকৃততে তেওঁলোকেই আল্লাহৰ ৰহমত আৰু তেওঁৰ মাগফিৰাতৰ আশা পোষণ কৰে। জানি থোৱা! আল্লাহে তেওঁৰ বান্দাসকলৰ গুনাহ ক্ষমা কৰে আৰু সিহঁতৰ প্ৰতি কৃপা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002218.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002218.mp3"},{"index":"219","arabicText":"یَسْـَٔلُوْنَكَ عَنِ الْخَمْرِ وَالْمَیْسِرِ ؕ قُلْ فِیْهِمَاۤ اِثْمٌ كَبِیْرٌ وَّمَنَافِعُ لِلنَّاسِ ؗ وَاِثْمُهُمَاۤ اَكْبَرُ مِنْ نَّفْعِهِمَا ؕ وَیَسْـَٔلُوْنَكَ مَاذَا یُنْفِقُوْنَ ؕ۬ قُلِ الْعَفْوَؕ كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمُ الْاٰیٰتِ لَعَلَّكُمْ تَتَفَكَّرُوْنَ ۟ۙ","assameseTranslation":"সিহঁতে তোমাক মদ আৰু জুৱা সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘দুয়োটাৰ মাজতে আছে মহাপাপ আৰু মানুহৰ বাবে (কিছু পৰিমাণ) উপকাৰো আছে; আৰু উভয়ৰে পাপ উপকাৰতকৈ বহু গুণে ডাঙৰ’। আৰু সিহঁতে তোমাক সোধে, সিহঁতে (আল্লাহৰ পথত) কি ব্যয় কৰিব? কোৱা, ‘যিটো প্ৰয়োজনৰ অতিৰিক্ত’। এনেকৈয়ে আল্লাহ তাআলাই তোমালোকৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰে, যাতে তোমালোকে চিন্তা-গৱেষণা কৰা,","footnotes":"","tafseer":"হে নবী! আপোনাৰ সঙ্গী-সাৰথীসকলে মাদক দ্ৰৱ্য ( প্ৰত্যেক সেই বস্তু যিটো সেৱন কৰিলে বা খালে বুদ্ধিমত্তা কাম নকৰা হৈ যায়) সম্পৰ্কে আপোনাক প্ৰশ্ন কৰে। দৰাচলতে সিহঁতে এইবোৰ সেৱন কৰা আৰু কিনা-বেচা সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰে। লগতে সিহঁতে জুৱা সম্পৰ্কেও প্ৰশ্ন কৰে, (জুৱা হৈছে এনেকুৱা প্ৰতিযোগিতা, য’ত দুয়ো পক্ষই ধন বিনিয়োগ কৰে)। আপুনি সিহঁতক জনাই দিয়ক যে, এইবোৰ দ্বীনি আৰু দুনিয়াৱী উভয় দিশতে ক্ষতিকৰ। এইবোৰত ধন-সম্পদ আৰু বুদ্ধিমত্তা বিনষ্ট হয়। লগতে সৃষ্টি হয় হিংসা, বিদ্বেষ আৰু শত্ৰুতা। যদিও ইয়াত সামান্য উপকাৰ নথকা নহয়। যেনে- সম্পদ অৰ্জন। কিন্তু ইয়াৰ উপকাৰতকৈ অপকাৰৰ দিশটো বেছি ডাঙৰ আৰু ক্ষতিকৰ। এতেকে য’ত উপকাৰতকৈ অপকাৰ বেছি, বিবেকৱান ব্যক্তিয়ে তেনেকুৱা বস্তু পৰিহাৰ কৰে। আল্লাহৰ এই বৰ্ণনা দৰাচলতে মাদক দ্ৰৱ্য হাৰাম কৰাৰ ভূমিকাহে। তথা হে নবী! আপোনাৰ ছাহাবাসকলে আপোনাক প্ৰশ্ন কৰে যে, নিজৰ সম্পত্তিৰ কিমান অংশ স্ব-ইচ্চাই দান কৰিব পাৰিব। আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকৰ প্ৰয়োজনতকৈ অতিৰিক্ত ধনৰ পৰা দান কৰা। (এইটো প্ৰাৰাম্ভিক আদেশ আছিল, পিছত আল্লাহে সম্পত্তি অনুপাতে বিশেষ অংশ যাকাত হিচাপে আদায় কৰিবলৈ অনিবাৰ্য কৰিছে)। এনেকুৱা স্পষ্ট বৰ্ণনাৰ দৰেই আল্লাহে তোমালোকৰ বাবে চৰীয়তৰ আদেশ বৰ্ণনা কৰে, যাতে তোমালোকে চিন্তা-চৰ্চা কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002219.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002219.mp3"},{"index":"220","arabicText":"فِی الدُّنْیَا وَالْاٰخِرَةِ ؕ وَیَسْـَٔلُوْنَكَ عَنِ الْیَتٰمٰی ؕ قُلْ اِصْلَاحٌ لَّهُمْ خَیْرٌ ؕ وَاِنْ تُخَالِطُوْهُمْ فَاِخْوَانُكُمْ ؕ وَاللّٰهُ یَعْلَمُ الْمُفْسِدَ مِنَ الْمُصْلِحِ ؕ وَلَوْ شَآءَ اللّٰهُ لَاَعْنَتَكُمْ ؕ اِنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟","assameseTranslation":"পৃথিৱী আৰু আখিৰাতৰ বিষয়ে। মানুহে তোমাক ইয়াতীমসকলৰ বিষয়ে প্ৰশ্ন কৰে; কোৱা, ‘সিহঁতৰ বাবে সুব্যৱস্থা কৰাটো উত্তম’। তোমালোকে যদি সিহঁতৰ লগত একেলগে থাকা তেন্তে সিহঁত তোমালোকৰে ভাই। আল্লাহে জানে কোন উপকাৰী আৰু কোন অনিষ্টকাৰী। আৰু আল্লাহে ইচ্ছা কৰিলে এই বিষয়ে নিশ্চয় তোমালোকক কষ্টত পেলাব পাৰিলেহেঁতেন। নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"ইয়াক (অৰ্থাৎ উক্ত বিধানক) চৰীয়তৰ অন্তৰ্ভুক্ত কৰিছে যাতে তোমালোকে চিন্তা-চৰ্চা কৰা যে, পৃথিৱী আৰু পৰকালত কোনটো বস্তু তোমালোকৰ বাবে লাভদায়ক হ’ব। তথা হে নবী! আপোনাক আপোনাৰ সঙ্গীসকলে অনাথৰ অভিভাৱক হোৱাৰ বিষয়ে প্ৰশ্ন কৰে যে, অনাথৰ লগত কেনেকুৱা ব্যৱহাৰ কৰা উচিত? অনাথৰ সম্পত্তি নিজৰ সম্পত্তিৰ লগত একত্ৰিত কৰি ব্যয় কৰিব পাৰি নে নাই? লগতে খোৱা-বোৱা আৰু থকা মেলাৰ বিধান কি? আপুনি কৈ দিয়ক যে, যদি সিহঁতৰ সম্পদ তোমালোকৰ সম্পদৰ লগত মিশ্ৰিত নকৰাকৈ আৰু কোনো পাৰিশ্ৰমিক নোলোৱাকৈ সঠিকভাৱে সিহঁতৰ সম্পদ সংৰক্ষণ কৰা, তেন্তে এয়া তোমালোকৰ বাবে অতি উত্তম আৰু আল্লাহৰ ওচৰত ইয়াৰ ছোৱাবো অধিক। লগতে সিহঁতৰ সম্পত্তিৰ বাবেও উত্তম, কাৰণ এনে কৰিলে সিহঁতৰ সম্পদ সুৰক্ষিত থাকিব। কিন্তু যদি সিহঁতৰ সম্পদ তোমালোকৰ সম্পদৰ লগত মিশ্ৰিত কৰি সিহঁতৰ খোৱা-বোৱা আৰু থকা মেলাৰ ব্যৱস্থা কৰা, তথাপিও কোনো অসুবিধা নাই, কিয়নো সিহঁত হৈছে তোমালোকৰ দ্বীনি ভাই। গতিকে ভাই এজনে আনজনৰ সহায় কৰে। আল্লাহে অতি ভালকৈ জানে যে, কোনে অভিভাৱক হৈ অনাথৰ সম্পদ আত্মসাৎ কৰিবলৈ সিহঁতৰ সম্পদ নিজৰ সম্পদৰ সৈতে মিশ্ৰিত কৰে, আৰু কোনে সংৰক্ষণ কৰিবলৈ মিশ্ৰিত কৰে। যদি আল্লাহে অনাথ সম্পৰ্কে তোমালোকক বিপদত পেলাব বিচাৰিলেহেঁতেন তেন্তে নিশ্চয় পেলালেহেঁতেন। কিন্তু আল্লাহে সিহঁতৰ লগত লেনদেন সহজ কৰি দিছে। কিয়নো সিহঁতৰ বিষয়টো সৰলতাৰ ওপৰত প্ৰতিষ্ঠিত। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। তেওঁ সৃষ্টি, নিয়ন্ত্ৰণ আৰু বিধান প্ৰস্তুত কৰাত প্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002220.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002220.mp3"},{"index":"221","arabicText":"وَلَا تَنْكِحُوا الْمُشْرِكٰتِ حَتّٰی یُؤْمِنَّ ؕ وَلَاَمَةٌ مُّؤْمِنَةٌ خَیْرٌ مِّنْ مُّشْرِكَةٍ وَّلَوْ اَعْجَبَتْكُمْ ۚ وَلَا تُنْكِحُوا الْمُشْرِكِیْنَ حَتّٰی یُؤْمِنُوْا ؕ وَلَعَبْدٌ مُّؤْمِنٌ خَیْرٌ مِّنْ مُّشْرِكٍ وَّلَوْ اَعْجَبَكُمْ ؕ اُولٰٓىِٕكَ یَدْعُوْنَ اِلَی النَّارِ ۖۚ وَاللّٰهُ یَدْعُوْۤا اِلَی الْجَنَّةِ وَالْمَغْفِرَةِ بِاِذْنِهٖ ۚ وَیُبَیِّنُ اٰیٰتِهٖ لِلنَّاسِ لَعَلَّهُمْ یَتَذَكَّرُوْنَ ۟۠","assameseTranslation":"আৰু মুশ্বৰিকা নাৰীয়ে ঈমান পোষণ নকৰালৈকে তোমালোকে তাইক বিবাহ নকৰাবা। যদিও মুশ্বৰিকা নাৰীয়ে তোমালোকক মুগ্ধ নকৰক কিয়, এজনী মুমিনা কৃতদাসী মুশ্বৰিকা নাৰীতকৈ উত্তম। এইদৰে মুশ্বৰিক পুৰুষে ঈমান পোষণ নকৰালৈকে (তাৰ সৈতে কোনো মুছলিম ছোৱালীক) বিবাহ নিদিবা, যদিও মুশ্বৰিক পুৰুষে তোমালোকক মুগ্ধ কৰে, ইয়াৰ পৰিবৰ্তে এজন মুমিন কৃতদাস মুশ্বৰিক ব্যক্তিতকৈ উত্তম। কাৰণ সিহঁতে জাহান্নামৰ পিনে আহ্বান কৰে আৰু আল্লাহে তোমালোকক স্ব-ইচ্ছাই জান্নাতফালে আৰু ক্ষমাৰ পিনে আহ্বান কৰে; আৰু তেওঁ মানুহৰ বাবে তেওঁৰ আয়াতসমূহ সুস্পষ্টভাৱে বৰ্ণনা কৰে, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।","footnotes":"","tafseer":"হে মুমিনসকল! মুশ্বৰিকা নাৰীৰ লগত বিবাহ পাশত আৱদ্ধ নহ’বা, যেতিয়ালৈকে সিহঁতে এক আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰিব আৰু ইছলামত প্ৰৱেশ নকৰিব। নিশ্চয় আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰীণী এজনী দাসী, এজনী মূৰ্তি পূজা কৰা স্বাধীন নাৰীতকৈ উত্তম। যদিও তাইৰ সৌন্দৰ্য আৰু সম্পদে তোমালোকক আকৰ্ষিত নকৰক কিয়। এইদৰে মুছলিম নাৰীক মুশ্বৰিকসকলৰ লগত বিবাহ নিদিবা। আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা এজন দাস, এজন স্বাধীন মুশ্বৰিকতকৈ বেছি উত্তম। যদিও তোমালোকে তাক পছন্দ নকৰা কিয়। শ্বিৰ্কত লিপ্ত এইসকল পুৰুষ মহিলাই সিহঁতৰ কথা আৰু কৰ্মৰ দ্বাৰা জাহান্নামত লৈ যোৱা কৰ্মৰ পিনে আহ্বান কৰে। অথচ আল্লাহে সত্কৰ্মৰ পিনে আহ্বান কৰে, যিটো তেওঁৰ অনুমতি আৰু অনুগ্ৰহত জান্নাতত প্ৰৱেশৰ আৰু গুনাহৰ পৰা ক্ষমাৰ কাৰণ হয়। আল্লাহে তেওঁৰ আয়াতসমূহ মানুহৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰে যাতে সিহঁতে ইয়াৰ অৰ্থৰ পৰা শিক্ষা লৈ তাৰ ওপৰত আমল কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002221.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002221.mp3"},{"index":"222","arabicText":"وَیَسْـَٔلُوْنَكَ عَنِ الْمَحِیْضِ ؕ قُلْ هُوَ اَذًی ۙ فَاعْتَزِلُوا النِّسَآءَ فِی الْمَحِیْضِ ۙ وَلَا تَقْرَبُوْهُنَّ حَتّٰی یَطْهُرْنَ ۚ فَاِذَا تَطَهَّرْنَ فَاْتُوْهُنَّ مِنْ حَیْثُ اَمَرَكُمُ اللّٰهُ ؕ اِنَّ اللّٰهَ یُحِبُّ التَّوَّابِیْنَ وَیُحِبُّ الْمُتَطَهِّرِیْنَ ۟","assameseTranslation":"আৰু সিহঁতে তোমাক হায়েজ সম্পৰ্কে প্ৰশ্ন কৰে, কোৱা, ‘ই এবিধ অশুচি’। এতেকে তোমালোকে হায়েজ অৱস্থাত স্ত্ৰী-সংগমৰ পৰা বিৰত থাকা আৰু পৱিত্ৰ নোহোৱালৈকে (সংগমৰ বাবে) সিহঁতৰ নিকটৱৰ্তী নহ’বা। তাৰ পিছত সিহঁতে যেতিয়া উত্তমৰূপে পৰিশুদ্ধ হ’ব তেতিয়া সিহঁতৰ ওচৰলৈ ঠিক তেনেকৈ গমন কৰিবা যেনেকৈ আল্লাহে তোমালোকক আদেশ দিছে। নিশ্চয় আল্লাহে তাওবাকাৰীসকলক ভাল পায় আৰু সিহঁতকো ভাল পায় যিসকলে অধিক পৱিত্ৰতা অৰ্জন কৰে।","footnotes":"","tafseer":"হে নবী! আপোনাৰ ছাহাবাসকলে আপোনাক হায়েজ (এইটো স্বভাৱিক ৰক্তক্ষৰণ, যিটো বিশেষ সময়ত নাৰীসকলৰ গৰ্ভাশয়ৰ পৰা নিৰ্গত হয়) সম্পৰ্কে প্ৰশ্ন কৰে। আপুনি সিহঁতক উত্তৰ দিয়ক যে, সেইটো নাৰী আৰু পুৰুষ উভয়ৰ বাবে কষ্টদায়ক। সেয়ে হায়েজ অৱস্থাত স্ত্ৰী সহবাসৰ পৰা বিৰত থাকা, আৰু ৰক্তক্ষৰণ বন্ধ নোহোৱালৈকে আৰু গোছল কৰি পৱিত্ৰ নোহোৱালৈকে সহবাসৰ উদ্দেশ্যে সিহঁতৰ ওচৰলৈকে নাযাবা। যেতিয়া তেজ বন্ধ হ’ব আৰু সিহঁতে গা-গোছল কৰি পৱিত্ৰ হ’ব, তেতিয়া তোমালোকে সিহঁতৰ সৈতে সেইদৰে সহবাস কৰা যিদৰে আল্লাহে বৈধ কৰিছে অৰ্থাৎ পৱিত্ৰ অৱস্থাত সন্মুখৰ লজ্জাস্থানেৰে সহবাস কৰা। নিশ্চয় আল্লাহে সেইসকল লোকক ভালপায় যিসকলে গুনাহৰ পৰা অধিক তাওবা কৰে আৰু অপৱিত্ৰতাৰ পৰা ভালকৈ পৱিত্ৰতা অৰ্জন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002222.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002222.mp3"},{"index":"223","arabicText":"نِسَآؤُكُمْ حَرْثٌ لَّكُمْ ۪ فَاْتُوْا حَرْثَكُمْ اَنّٰی شِئْتُمْ ؗ وَقَدِّمُوْا لِاَنْفُسِكُمْ ؕ وَاتَّقُوا اللّٰهَ وَاعْلَمُوْۤا اَنَّكُمْ مُّلٰقُوْهُ ؕ وَبَشِّرِ الْمُؤْمِنِیْنَ ۟","assameseTranslation":"তোমালোকৰ স্ত্ৰীসকল তোমালোকৰ বাবে শস্যক্ষেত্ৰ(স্বৰূপ)। এতেকে তোমালোকে তোমালোকৰ শস্যক্ষেত্ৰত যেনেকৈ ইচ্ছা গমন কৰিব পাৰা, আৰু তোমালোকে নিজৰ ভৱিষ্যতৰ বাবে আগলৈ সম্বল প্ৰেৰণ কৰা আৰু আল্লাহক ভয় কৰা লগতে জানি থোৱা! নিশ্চয় তোমালোক আল্লাহৰ সন্মুখীন হ’বা আৰু মুমিনসকলক সুসংবাদ দিয়া।","footnotes":"","tafseer":"তোমালোকৰ স্ত্ৰীসকল হৈছে তোমালোকৰ বাবে খেতিস্বৰূপ। সিহঁতে তোমালোকৰ বাবে সন্তান জন্ম দিয়ে, যিদৰে খেতিৰ পৰা তোমালোকৰ বাবে ফচল উত্পন্ন হয়। এতেকে নিজৰ খেতিত অৰ্থাৎ সন্মুখৰ লজ্জাস্থানত যেনেকৈ আৰু যিফালৰ পৰা ইচ্ছা কৰা আহিব পাৰা। তথা নিজৰ বাবে সত্কৰ্ম আগলৈ প্ৰেৰণ কৰা। ইয়াৰ ভিতৰত এইটোও অন্তৰ্ভুক্ত যে, মানুহে তাৰ স্ত্ৰীৰ লগত আল্লাহৰ নৈকট্য আৰু নেক সন্তানৰ আশাত সহবাস কৰা উচিত। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। মহিলাসকলৰ বিষয়ে দিয়া আদেশো ইয়াৰে অন্তৰ্ভুক্ত। জানি থোৱা! ক্বিয়ামতৰ দিনা নিশ্চয় আল্লাহৰ লগত তোমালোকৰ সাক্ষাৎ হ’ব, তেওঁৰ সন্মুখত তোমালোকে থিয় দিব লাগিব, আৰু তোমালোকে তোমালোকৰ কৰ্মৰ প্ৰতিদান লাভ কৰিবা। হে নবী! মুমিনসকলক সুসংবাদ দিয়ক যে, তেওঁলোকে আল্লাহৰ লগত সাক্ষাৎ কৰাৰ সময়ত চিৰস্থায়ী নিয়ামত লাভ কৰিব, লগতে আল্লাহৰ সন্মানীয় পৱিত্ৰ মুখমণ্ডল দৰ্শনৰ সৌভাগ্য লাভ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002223.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002223.mp3"},{"index":"224","arabicText":"وَلَا تَجْعَلُوا اللّٰهَ عُرْضَةً لِّاَیْمَانِكُمْ اَنْ تَبَرُّوْا وَتَتَّقُوْا وَتُصْلِحُوْا بَیْنَ النَّاسِ ؕ وَاللّٰهُ سَمِیْعٌ عَلِیْمٌ ۟","assameseTranslation":"তোমালোকে সৎকৰ্ম আৰু তাক্বৱা আৰু মানুহৰ মাজত শান্তি স্থাপনৰ পৰা বিৰত থকাৰ বাবে আল্লাহৰ নামৰ শপতক প্ৰতিবন্ধক হিচাপে ব্যৱহাৰ নকৰিবা; (জানি থোৱা) আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"আল্লাহৰ শপতক সত্কৰ্ম, তাক্বৱা আৰু মানুহৰ মাজত মীমাংসা নকৰাৰ বাহানা কৰি প্ৰতিৰোধ হিচাপে ব্যৱহাৰ নকৰিবা, কিন্তু যদি সত্কৰ্ম নকৰাৰ শপত খাইছা, তেন্তে সেই শপত ভংগ কৰি সত্কৰ্ম কৰা আৰু নিজৰ শপতৰ কাফফাৰা আদায় দিয়া। নিশ্চয় আল্লাহে তোমালোকৰ কথা শুনে, আৰু তেওঁ তোমালোকৰ কৰ্ম সম্পৰ্কে সবিশেষ অৱগত, লগতে তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002224.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002224.mp3"},{"index":"225","arabicText":"لَا یُؤَاخِذُكُمُ اللّٰهُ بِاللَّغْوِ فِیْۤ اَیْمَانِكُمْ وَلٰكِنْ یُّؤَاخِذُكُمْ بِمَا كَسَبَتْ قُلُوْبُكُمْ ؕ وَاللّٰهُ غَفُوْرٌ حَلِیْمٌ ۟","assameseTranslation":"তোমালোকৰ অনৰ্থক শপতৰ বাবে আল্লাহে তোমালোকক সোধ-পোচ নকৰিব; কিন্তু তেওঁ সেইবোৰ শপতৰ বিষয়ে সোধ-পোচ কৰিব, যিবোৰ তোমালোকৰ অন্তৰে দৃঢ়ভাৱে সংকল্প কৰিছিল, আৰু আল্লাহ ক্ষমাপৰায়ণ, পৰম সহনশীল।","footnotes":"","tafseer":"আল্লাহে তোমালোকৰ অনিচ্ছাকৃত শপত সম্পৰ্কে সোধ-পোচ নকৰিব। যেনে- কথায় কথায় কোনোবাই কয়ঃ ‘আল্লাহৰ শপত! এইটো এনেকুৱা নহয়। আল্লাহৰ শপত! এয়া সত্য’। এনেকুৱা শপতৰ বাবে কোনো কাফফাৰাও দিব নালাগে আৰু কোনো শাস্তিও নাই। কিন্তু সেইসমূহ শপতৰ বিষয়ে নিশ্চয় সোধ-পোচ কৰিব, যিবোৰ তোমালোকে স্ব-ইচ্ছাই খাইছিলা। নিশ্চয় আল্লাহ তেওঁৰ বান্দাৰ গুনাহৰ প্ৰতি ক্ষমাশীল, আৰু তেওঁ সহনশীল, শাস্তি প্ৰদানত ক্ষীপ্ৰতা নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002225.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002225.mp3"},{"index":"226","arabicText":"لِلَّذِیْنَ یُؤْلُوْنَ مِنْ نِّسَآىِٕهِمْ تَرَبُّصُ اَرْبَعَةِ اَشْهُرٍ ۚ فَاِنْ فَآءُوْ فَاِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"যিসকলে নিজৰ স্ত্ৰীৰ সৈতে মিলিত নোহোৱাৰ শপত কৰে সিহঁতে চাৰি মাহ অপেক্ষা কৰিব লাগিব। এই সময়ছোৱাত যদি সিহঁতে মত পৰিবৰ্তন কৰে (তথা সহবাসলৈ উভতি আহিব বিচাৰে) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"যিসকলে নিজৰ স্ত্ৰীৰ লগত সহবাস নকৰাৰ শপত খায়, সিহঁতে শপত খোৱাৰ পিছৰ পৰা অধিকতম চাৰি মাহলৈকে প্ৰতীক্ষা কৰিব পাৰিব। ইয়াকে ঈলা বুলি কয়। যদি সিহঁতে সহবাস নকৰাৰ শপত খোৱাৰ পিছত চাৰি মাহৰ ভিতৰতে শপত উঠায় লয়, আৰু স্ত্ৰীৰ লগত সহবাস কৰে তেন্তে আল্লাহ ক্ষমাশীল, তেওঁ সিহঁতক ক্ষমা কৰি দিব, আৰু তেওঁ সিহঁতৰ ওপৰত অত্যন্ত স্নেহশীল, সেই কাৰণে তেওঁ এই শপতৰ পৰা ওলাবলৈ কাফফাৰাৰ দৰে পথ সুলভ কৰি দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002226.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002226.mp3"},{"index":"227","arabicText":"وَاِنْ عَزَمُوا الطَّلَاقَ فَاِنَّ اللّٰهَ سَمِیْعٌ عَلِیْمٌ ۟","assameseTranslation":"আনহাতে যদি সিহঁতে তালাক্ব দিয়াৰ সংকল্প কৰে তেন্তে নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"তথা যদি সহবাস নকৰাৰ শপতৰ ওপৰত অটল থাকি তালাকৰ দৃঢ় সংকল্প লয়, আৰু প্ৰত্যাৱৰ্তন নকৰে তেন্তে আল্লাহে নিশ্চয় সিহঁতৰ কথা শুনে, ইয়াৰ ভিতৰত তালাকৰ কথাও অন্তৰ্ভুক্ত আছে। নিশ্চয় তেওঁ সিহঁতৰ অৱস্থা আৰু উদ্দেশ্য সম্পৰ্কেও সম্যক অৱগত, আৰু সিহঁতক ইয়াৰ প্ৰতিদানো দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002227.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002227.mp3"},{"index":"228","arabicText":"وَالْمُطَلَّقٰتُ یَتَرَبَّصْنَ بِاَنْفُسِهِنَّ ثَلٰثَةَ قُرُوْٓءٍ ؕ وَلَا یَحِلُّ لَهُنَّ اَنْ یَّكْتُمْنَ مَا خَلَقَ اللّٰهُ فِیْۤ اَرْحَامِهِنَّ اِنْ كُنَّ یُؤْمِنَّ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ وَبُعُوْلَتُهُنَّ اَحَقُّ بِرَدِّهِنَّ فِیْ ذٰلِكَ اِنْ اَرَادُوْۤا اِصْلَاحًا ؕ وَلَهُنَّ مِثْلُ الَّذِیْ عَلَیْهِنَّ بِالْمَعْرُوْفِ ۪ وَلِلرِّجَالِ عَلَیْهِنَّ دَرَجَةٌ ؕ وَاللّٰهُ عَزِیْزٌ حَكِیْمٌ ۟۠","assameseTranslation":"আৰু তালাক্বপ্ৰাপ্তা স্ত্ৰীসকলে তিনি কুৰূলৈকে [1] অপেক্ষাত থাকিব, আৰু সিহঁতে যদি আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে তেন্তে সিহঁতৰ গৰ্ভাশয়ত আল্লাহে যি সৃষ্টি কৰিছে সেয়া গোপন কৰা সিহঁতৰ বাবে বৈধ নহয়; আৰু যদি সিহঁতে সংশোধন বিচাৰে তেন্তে এই সময়ছোৱাত পুনৰ গ্ৰহণ কৰাৰ বেছি অধিকাৰ হৈছে সিহঁতৰ স্বামীৰ; আৰু নাৰীসকলৰো তেনেকৈয়ে ন্যায়সংগত অধিকাৰ আছে যেনেকৈ সিহঁতৰ ওপৰত পুৰুষসকলৰ অধিকাৰ আছে; কিন্তু নাৰীসকলৰ ওপৰত পুৰুষসকলৰ মৰ্যাদা (কিছু পৰিমাণে বেছি) আছে; আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"[1] অৰ্থাৎ তিনি হায়েজ অথবা তিনি তুহুৰলৈকে।","tafseer":"তালাকপ্ৰাপ্তা নাৰীয়ে তিনিটা হায়েজলৈকে অপেক্ষা কৰিব, এই সময়ছোৱাত সিহঁতে বিবাহ পাশত আৱদ্ধ হ’ব নোৱাৰিব। লগতে সিহঁতে যদি সঁচাই আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰিছে, তেন্তে সিহঁতৰ গৰ্ভাশয়ত আল্লাহে যি সৃষ্টি কৰিছে সেয়া গোপন কৰাটো সিহঁতৰ বাবে বৈধ নহয়। কিন্তু যদি তালাক প্ৰদান কৰা স্বামীয়ে মুহাব্বতৰ সৈতে আকৌ জীৱন-যাপন কৰিব বিচাৰে, লগতে তালাকৰ কাৰণে সৃষ্টি হোৱা মতভেদ দূৰ কৰিব বিচাৰে তেন্তে সিহঁত ইদ্দতৰ ভিতৰতে ওভোতাই লোৱাৰ বেছি হকদাৰ। সমাজত প্ৰচলিত নিয়মানুসাৰে মহিলাসকলৰো সিমানেই অধিকাৰ আছে, যিমান অধিকাৰ স্বামীৰ আছে। কিন্তু মহিলাসকলৰ ওপৰত পুৰুষসকলক এখোপ বেছি প্ৰাধান্য দিয়া হৈছে। যেনে- পৰিচালনা আৰু তালাকৰ অধিকাৰ। আল্লাহ মহাপ্ৰতাপশালী, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰস্তুতকৰণৰ ক্ষেত্ৰত আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মহা প্ৰজ্ঞৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002228.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002228.mp3"},{"index":"229","arabicText":"اَلطَّلَاقُ مَرَّتٰنِ ۪ فَاِمْسَاكٌ بِمَعْرُوْفٍ اَوْ تَسْرِیْحٌ بِاِحْسَانٍ ؕ وَلَا یَحِلُّ لَكُمْ اَنْ تَاْخُذُوْا مِمَّاۤ اٰتَیْتُمُوْهُنَّ شَیْـًٔا اِلَّاۤ اَنْ یَّخَافَاۤ اَلَّا یُقِیْمَا حُدُوْدَ اللّٰهِ ؕ فَاِنْ خِفْتُمْ اَلَّا یُقِیْمَا حُدُوْدَ اللّٰهِ ۙ فَلَا جُنَاحَ عَلَیْهِمَا فِیْمَا افْتَدَتْ بِهٖ ؕ تِلْكَ حُدُوْدُ اللّٰهِ فَلَا تَعْتَدُوْهَا ۚ وَمَنْ یَّتَعَدَّ حُدُوْدَ اللّٰهِ فَاُولٰٓىِٕكَ هُمُ الظّٰلِمُوْنَ ۟","assameseTranslation":"তালাক্ব হৈছে দুবাৰ। ইয়াৰ পিছত (স্ত্ৰীক) হ’লে বিধিমতে ৰাখি দিয়া, নহ’লে সদ্ভাৱে এৰি দিয়া; আৰু তোমালোকে তোমালোকৰ স্ত্ৰীসকলক যি প্ৰদান কৰিছা তাৰ পৰা কিবা ওভতাই লোৱাটো তোমালোকৰ বাবে বৈধ নহয়। কিন্তু যদি সিহঁত উভয়ৰে আশংকা হয় যে, সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব নোৱাৰিব (তেন্তে বিষয়টো সুকীয়া)। এতেকে যদি তোমালোকে আশংকা কৰা যে, সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব নোৱাৰিব, এনে অৱস্থাত স্ত্ৰীয়ে যদি কোনো বস্তুৰ বিনিময়ত নিজকে মুক্ত কৰি লয় তেন্তে কোনো অপৰাধ নহ’ব। এইবোৰ হৈছে আল্লাহৰ সীমাৰেখা, এতেকে তোমালোকে ইয়াক উলংঘন নকৰিবা; আৰু যিসকলে আল্লাহৰ সীমাৰেখা লংঘন কৰে সিহঁতেই হৈছে যালিম।","footnotes":"","tafseer":"এনেকুৱা তালাক, যি তালাকৰ পিছত স্বামীয়ে স্ত্ৰীক ওভোতাই ল’ব পাৰে সেয়া হৈছে দুই প্ৰকাৰ। ইয়াৰ পদ্ধতি হৈছে, এবাৰ তালাক দিয়াৰ পিছত ওভোতাই লোৱা, তাৰ পিছত আকৌ তালাক দিয়াৰ পিছত আকৌ ওভোতাই লোৱা। দুটা তালাকৰ পিছত (সমাজত প্ৰচলিত) নিয়মানুসাৰে জীৱন-যাপন কৰিবলৈ বিবাহ অটল ৰাখিব, অথবা তাইৰ লগত ভাল ব্যৱহাৰ কৰি আৰু তাইৰ অধিকাৰ আদায় কৰি তৃতীয় তালাক দি দিব। তথা স্ত্ৰীক দিয়া মোহৰৰ পৰা স্বামীয়ে একো ওভোতাই লোৱা বৈধ নহয়। কিন্তু যদি স্ত্ৰীয়ে স্বামীক ব্যৱহাৰ আৰু আকাৰ আকৃতিৰ কাৰণে অপছন্দ কৰে আৰু উভয়ে যদি ভাবে যে, এই অপছন্দৰ কাৰণে সিহঁতে ইজনে সিজনৰ অধিকাৰ আদায় কৰিব নোৱাৰিব, তেন্তে উভয়ে এই বিষয়টো কোনো আত্মীয় অথবা কোনো দায়িত্বশীল ব্যক্তিৰ ওচৰত ব্যক্ত কৰা উচিত, ইয়াৰ পিছত যদি সিহঁতৰ অভিভাৱকে আশংকা কৰে যে, দুয়ো বৈবাহিক জীৱনৰ দায়িত্ব বহন কৰিব নোৱাৰিব, তেনে অৱস্থাত স্ত্ৰীয়ে স্বামীক তালাকৰ বিনিময়ত কিবা মূল্য প্ৰদান কৰি খুলা ল’ব পাৰে। এই চৰীয়তি বিধানটো, হালাল আৰু হাৰামৰ মাজত পাৰ্থক্যকাৰী, সেয়ে ইয়াক উলংঘা নকৰিবা। যিসকলে হালাল আৰু হাৰামৰ মাজত আল্লাহে প্ৰতিষ্ঠা কৰা সীমাক অতিক্ৰম কৰিব, সিহঁতে নিজৰ প্ৰাণ নাশ কৰাৰ দৰে অপৰাধ কৰে আৰু সিহঁতে নিজকে আল্লাহৰ ক্ৰোধ তথা শাস্তিৰ বাবে উপস্থাপন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002229.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002229.mp3"},{"index":"230","arabicText":"فَاِنْ طَلَّقَهَا فَلَا تَحِلُّ لَهٗ مِنْ بَعْدُ حَتّٰی تَنْكِحَ زَوْجًا غَیْرَهٗ ؕ فَاِنْ طَلَّقَهَا فَلَا جُنَاحَ عَلَیْهِمَاۤ اَنْ یَّتَرَاجَعَاۤ اِنْ ظَنَّاۤ اَنْ یُّقِیْمَا حُدُوْدَ اللّٰهِ ؕ وَتِلْكَ حُدُوْدُ اللّٰهِ یُبَیِّنُهَا لِقَوْمٍ یَّعْلَمُوْنَ ۟","assameseTranslation":"এতেকে যদি সি স্ত্ৰীক (অন্তিম) তালাক্ব দিয়ে তেন্তে সেই স্ত্ৰী আৰু তাৰ বাবে হালাল নহ’ব, যেতিয়ালৈকে তাই আন এজন স্বামীৰ লগত মিলিত নহ’ব। তাৰ পিছত সি ( সেই দ্বিতীয় স্বামীয়ে) যদি তালাক দিয়ে আৰু ইপিনে সিহঁত উভয়ে (স্ত্ৰী আৰু প্ৰথম স্বামীয়ে যদি) অনুভৱ কৰে যে, সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব পাৰিব, তেন্তে সিহঁতৰ পুনৰ মিলনত কাৰো একো অপৰাধ নহ’ব। এইবোৰ হৈছে আল্লাহৰ সীমাৰেখা, যিবোৰ তেওঁ স্পষ্টভাৱে এনে সম্প্ৰদায়ৰ বাবে বৰ্ণনা কৰে যিসকলে জানে।","footnotes":"","tafseer":"যদি তাইৰ স্বামীয়ে তাইক তৃতীয় তালাক দি দিয়ে, তেন্তে এই স্বামীৰ বাবে নতুনকৈ তাইক বিবাহ কৰা বৈধ নহয়। যেতিয়ালৈকে এই মহিলাই কোনো আন পুৰুষৰ লগত জীৱন-যাপন কৰাৰ উদ্দেশ্যে সঠিক বিবাহ নকৰিব। কিন্তু এই বিবাহ যাতে প্ৰথম স্বামীৰ বাবে হালাল হোৱাৰ উদ্দেশ্যে নহয়। লগতে এই বিবাহৰ পিছত সহবাস কৰাটো জৰুৰী। ইয়াৰ পিছত যদি দ্বিতীয় স্বামীয়ে তালাক দিয়ে অথবা সি মৃত্যুবৰণ কৰে, আনহাতে এই মহিলা আৰু তাইৰ প্ৰথম স্বামীয়ে যদি ভাবে যে, সিহঁতে চৰীয়তি নিয়ম-কানূন পালন কৰি জীৱন-যাপন কৰিব পাৰিব তেন্তে দুয়ো নতুন মোহৰৰ সৈতে নতুনকৈ বিবাহ কৰাত কোনো আপত্তি নাই। এইবোৰ হৈছে চৰীয়তি বিধান, যিবোৰ আল্লাহে সেইসকল লোকৰ বাবে বৰ্ণনা কৰে, যিসকলে তেওঁৰ বিধান আৰু সীমা সম্পৰ্কে জানে, কিয়নো তেওঁলোকেই ইয়াৰ পৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002230.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002230.mp3"},{"index":"231","arabicText":"وَاِذَا طَلَّقْتُمُ النِّسَآءَ فَبَلَغْنَ اَجَلَهُنَّ فَاَمْسِكُوْهُنَّ بِمَعْرُوْفٍ اَوْ سَرِّحُوْهُنَّ بِمَعْرُوْفٍ ۪ وَلَا تُمْسِكُوْهُنَّ ضِرَارًا لِّتَعْتَدُوْا ۚ وَمَنْ یَّفْعَلْ ذٰلِكَ فَقَدْ ظَلَمَ نَفْسَهٗ ؕ وَلَا تَتَّخِذُوْۤا اٰیٰتِ اللّٰهِ هُزُوًا ؗ وَاذْكُرُوْا نِعْمَتَ اللّٰهِ عَلَیْكُمْ وَمَاۤ اَنْزَلَ عَلَیْكُمْ مِّنَ الْكِتٰبِ وَالْحِكْمَةِ یَعِظُكُمْ بِهٖ ؕ وَاتَّقُوا اللّٰهَ وَاعْلَمُوْۤا اَنَّ اللّٰهَ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟۠","assameseTranslation":"আৰু যেতিয়া তোমালোকে স্ত্ৰীক তালাক্ব দিবা, আৰু ইয়াৰ পিছত যেতিয়া সিহঁত ইদ্দত সম্পূৰ্ণ কৰাৰ নিকটৱৰ্তী হ’ব তেতিয়া তোমালোকে হ’লে বিধি অনুযায়ী সিহঁতক ৰাখি দিবা নাইবা বিধিমতে সিহঁতক এৰি দিবা। সিহঁতক ক্ষতি সাধন কৰিবলৈ সীমালংঘনৰ উদ্দেশ্যে সিহঁতক আটক কৰি নাৰাখিবা। যিয়ে এনেকুৱা কৰে, সি নিজৰ ওপৰতে অন্যায় কৰে; আৰু তোমালোকে আল্লাহৰ বিধি-বিধানক ঠাট্টা-বিদ্ৰূপৰ বিষয়ৰূপে গ্ৰহণ নকৰিবা; আৰু তোমালোকে আল্লাহৰ নিয়ামতসমূহক স্মৰণ কৰা যিবোৰ তেওঁ তোমালোকক দান কৰিছে লগতে তেওঁ তোমালোকৰ ওপৰত অৱতীৰ্ণ কৰিছে কিতাব আৰু হিকমত, যাৰ দ্বাৰা তেওঁ তোমালোকক উপদেশ দিয়ে; এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা, নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সুপৰিজ্ঞাত।","footnotes":"","tafseer":"যেতিয়া তোমালোকে নিজৰ স্ত্ৰীক তালাক দিয়া আৰু সিহঁতৰ ইদ্দত শেষ হোৱাৰ উপক্ৰম হয়, তেতিয়া তোমালোকে ইচ্ছা কৰিলে তাইক ৰাখিব পাৰা অথবা ইদ্দত শেষ হোৱাৰ পাছত (সমাজত প্ৰচলিত) নিয়মানুসাৰে এৰি দিব পাৰা। সিহঁতক অন্যায়-অত্যাচাৰ কৰাৰ উদ্দেশ্যে ওভোতাই নল’বা, যিদৰে অজ্ঞতা যুগত কৰা হৈছে। যিয়ে সিহঁতক ক্ষতি কৰাৰ উদ্দেশ্যে ওভোতাই ল’ব, সি নিজকে গুনাহ আৰু শাস্তিৰ হকদাৰ বনাই নিজৰে অন্যায় কৰিব। আল্লাহৰ আয়াতসমূহৰ লগত ঠাট্টা-বিদ্ৰূপ কৰাৰ আৰু ধেমালি কৰাৰ সাহস নেদেখুৱাবা। লগতে আল্লাহৰ নিয়ামতসমূহ স্মৰণ কৰা, আৰু তেওঁৰ নিয়ামতসমূহৰ অন্যতম হৈছে, তেওঁ তোমালোকৰ প্ৰতি কোৰআন আৰু ছুন্নত অৱতীৰ্ণ কৰিছে। ইয়াৰ দ্বাৰা আল্লাহে তোমালোকক উপদেশ দিয়ে, কেতিয়াবা সতৰ্ক কৰে, আকৌ কেতিয়াবা প্ৰেৰণা প্ৰদান কৰে। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা; আৰু জানি থোৱা! নিশ্চয় আল্লাহ প্ৰত্যেক বস্তু সম্পৰ্কে সম্যক আৱগত। কোনো বস্তুৱেই তেওঁৰ পৰা গোপন নহয়। অনতিপলমে তেওঁ তোমালোকৰ আমলৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002231.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002231.mp3"},{"index":"232","arabicText":"وَاِذَا طَلَّقْتُمُ النِّسَآءَ فَبَلَغْنَ اَجَلَهُنَّ فَلَا تَعْضُلُوْهُنَّ اَنْ یَّنْكِحْنَ اَزْوَاجَهُنَّ اِذَا تَرَاضَوْا بَیْنَهُمْ بِالْمَعْرُوْفِ ؕ ذٰلِكَ یُوْعَظُ بِهٖ مَنْ كَانَ مِنْكُمْ یُؤْمِنُ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ ذٰلِكُمْ اَزْكٰی لَكُمْ وَاَطْهَرُ ؕ وَاللّٰهُ یَعْلَمُ وَاَنْتُمْ لَا تَعْلَمُوْنَ ۟","assameseTranslation":"আৰু যেতিয়া তোমালোকে স্ত্ৰীসকলক তালাক্ব দিয়া আৰু সিহঁতে সিহঁতৰ ইদ্দতকাল পূৰ্ণ কৰে, ইয়াৰ পিছত যদি সিহঁতে বিধি মুতাবিক পৰস্পৰে সন্মত হয়, তেন্তে স্ত্ৰীসকলে নিজৰ (পূৰ্ব) স্বামীৰ লগত বিবাহ পাশত আৱদ্ধ হ’ব বিচাৰিলে তোমালোকে সিহঁতক বাধা প্ৰদান নকৰিবা। ইয়াৰ দ্বাৰা সেই ব্যক্তিক উপদেশ দিয়া হৈছে তোমালোকৰ মাজৰ যিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, এইটোৱে তোমালোকৰ বাবে শুদ্ধ আৰু পৱিত্ৰ; আৰু আল্লাহে জানে তোমালোকেহে নাজানা।","footnotes":"","tafseer":"যেতিয়া তোমালোকে নিজৰ স্ত্ৰীক তিনিটাতকৈ কম তালাক দিয়া আৰু সিহঁতে ইদ্দতৰ সময় সম্পূৰ্ণ কৰে; তাৰ পাছত সিহঁতে যদি আকৌ নতুনকৈ বিবাহ পাতি স্বামীৰ ওচৰলৈ পুনৰ উভতি যাব বিচাৰে, লগতে স্বামী-স্ত্ৰী উভয়ে যদি এই সিদ্ধান্তত সহমত পোষণ কৰে তেন্তে অভিভাৱকসকলে এনে কৰাত বাধা দিয়া উচিত নহয়। এই আদেশ সেইসকল অভিভাৱকক দিয়া হৈছে, যিসকলে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে। এনে কৰিলে তোমালোকৰ মাজত সত্কৰ্ম বৃদ্ধি পাব, লগতে তোমালোকৰ সন্মান আৰু আমল অধিক পৱিত্ৰ থাকিব। নিশ্চয় আল্লাহ সকলো কৰ্মৰ বাস্তৱতা আৰু পৰিণাম সম্পৰ্কে অৱগত, আনহাতে তোমালোকে এই বিষয়ে একো নাজানা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002232.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002232.mp3"},{"index":"233","arabicText":"وَالْوَالِدٰتُ یُرْضِعْنَ اَوْلَادَهُنَّ حَوْلَیْنِ كَامِلَیْنِ لِمَنْ اَرَادَ اَنْ یُّتِمَّ الرَّضَاعَةَ ؕ وَعَلَی الْمَوْلُوْدِ لَهٗ رِزْقُهُنَّ وَكِسْوَتُهُنَّ بِالْمَعْرُوْفِ ؕ لَا تُكَلَّفُ نَفْسٌ اِلَّا وُسْعَهَا ۚ لَا تُضَآرَّ وَالِدَةٌ بِوَلَدِهَا وَلَا مَوْلُوْدٌ لَّهٗ بِوَلَدِهٖ ۗ وَعَلَی الْوَارِثِ مِثْلُ ذٰلِكَ ۚ فَاِنْ اَرَادَا فِصَالًا عَنْ تَرَاضٍ مِّنْهُمَا وَتَشَاوُرٍ فَلَا جُنَاحَ عَلَیْهِمَا ؕ وَاِنْ اَرَدْتُّمْ اَنْ تَسْتَرْضِعُوْۤا اَوْلَادَكُمْ فَلَا جُنَاحَ عَلَیْكُمْ اِذَا سَلَّمْتُمْ مَّاۤ اٰتَیْتُمْ بِالْمَعْرُوْفِ ؕ وَاتَّقُوا اللّٰهَ وَاعْلَمُوْۤا اَنَّ اللّٰهَ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟","assameseTranslation":"আৰু মাতৃসকলে সিহঁতৰ সন্তানসকলক পৰিপূৰ্ণ দুবছৰ স্তন্য পান কৰাব, যদি কোনোবাই স্তন্যপান কৰোৱাৰ সময় সম্পূৰ্ণ কৰিব বিচাৰে। পিতাৰ কৰ্তব্য হৈছে বিধি মুতাবিক সিহঁতৰ (মাতৃসকলৰ) ভৰণ-পোষণ কৰা। সাধ্যৰ অতিৰিক্ত কোনো ব্যক্তিক দায়িত্ব প্ৰদান কৰা নহয়। কোনো মাতৃক তাইৰ সন্তানৰ বাবে আৰু যাৰ সন্তান (পিতা) তাকো তাৰ সন্তানৰ বাবে কষ্ট দিয়া উচিত নহয়, আৰু উত্তৰাধিকাৰিৰো সেই একেই কৰ্তব্য। কিন্তু যদি সিহঁতে পৰস্পৰৰ সন্মতি আৰু পৰামৰ্শক্ৰমে (দুবছৰৰ মাজতেই) স্তন্যপান এৰাব বিচাৰে, তেন্তে সিহঁতৰ কোনো অপৰাধ নহ’ব; আৰু যদি তোমালোকে (কোনো ধাত্ৰীৰ দ্বাৰা) তোমালোকৰ সন্তানসকলক স্তন্য পান কৰাব বিচৰা, তেন্তে যদি তোমালোকে প্ৰচলিত বিধি মুতাবিক বিনিময় প্ৰদান কৰা তেন্তে তোমালোকৰ কোনো পাপ নহ’ব; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা লগতে জানি থোৱা, তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেয়া প্ৰত্যক্ষকাৰী।","footnotes":"","tafseer":"মাতৃসকলে নিজৰ সন্তানক সম্পূৰ্ণ দুবছৰ গাখীৰ খোৱাব। দুবছৰৰ এই সময় সীমা সেই ব্যক্তিৰ বাবে, যিয়ে গাখীৰ খোৱাৰ ম্যাদ সম্পূৰ্ণ কৰিব বিচাৰে। তালাকপ্ৰাপ্তা মাকক গাখীৰ পান কৰোৱাৰ বিনিময়ত শিশুৰ পিতৃয়ে প্ৰচলিত নিয়মানুসাৰে খৰচ বহন কৰিব লাগিব, এনেকুৱা নিয়ম যিটো চৰীয়ত বিৰোধী নহয়। আল্লাহে কোনো ব্যক্তিৰ ওপৰত তাৰ সাধ্যাতীত কোনো বোজা অৰ্পন নকৰে। পিতৃ-মাতৃয়ে ইজনে সিজনক আঘাত দিয়াৰ বাবে শিশুক মাধ্যম হিচাপে ব্যৱহাৰ কৰা উচিত নহয়। আনহাতে যদি পিতৃ নাথাকে আৰু শিশুৰ ওচৰত সম্পত্তিও নাথাকে তেন্তে শিশুৰ উত্তৰাধিকাৰীসকলৰ ওপৰতো সিমানেই অধিকাৰ আছে, যিমান অধিকাৰ পিতৃৰ ওপৰত আছে। যদি পিতৃ-মাতৃ উভয়ে দুবছৰত গাখীৰ এৰোৱাব খোজে, লগতে উভয়ে শিশুৰ উপকাৰ সন্মুখত ৰাখি পৰামৰ্শ কৰাৰ পিছত এই নিৰ্ণয় লয়, তেন্তে সিহঁতৰ কোনো গুনাহ নহ’ব, আৰু যদি তোমালোকে নিজৰ শিশুৰ বাবে মাকৰ বাহিৰে আন কোনো ধাত্ৰীৰ জৰিয়তে স্তন্য পান কৰোৱাব বিচৰা তেন্তে তোমালোকৰ কোনো গুনাহ নহয়, যদি তোমালোকে ধাত্ৰীক তাইৰ পাৰিশ্ৰমিক সুকলমে আদায় দিয়া। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা; আৰু জানি থোৱা! নিশ্চয় আল্লাহ তোমালোকৰ আমল সম্পৰ্কে সম্যক অৱগত। তোমালোকৰ কোনো আমল তেওঁৰ পৰা গোপন নহয়। অনতিপলমে তেওঁ তোমালোকৰ আমলৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002233.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002233.mp3"},{"index":"234","arabicText":"وَالَّذِیْنَ یُتَوَفَّوْنَ مِنْكُمْ وَیَذَرُوْنَ اَزْوَاجًا یَّتَرَبَّصْنَ بِاَنْفُسِهِنَّ اَرْبَعَةَ اَشْهُرٍ وَّعَشْرًا ۚ فَاِذَا بَلَغْنَ اَجَلَهُنَّ فَلَا جُنَاحَ عَلَیْكُمْ فِیْمَا فَعَلْنَ فِیْۤ اَنْفُسِهِنَّ بِالْمَعْرُوْفِ ؕ وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟","assameseTranslation":"আৰু তোমালোকৰ মাজৰ যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতৰ স্ত্ৰীসকলে চাৰি মাহ দহদিন অপেক্ষা কৰিব (ইদ্দত পালন কৰিব)। তাৰ পিছত যেতিয়া সিহঁতে নিজৰ ইদ্দতকাল পূৰ্ণ কৰিব, তেতিয়া বিধি মুতাবিক নিজৰ বাবে কিবা (সৌন্দৰ্য বা বিবাহ) কৰিলে তাত তোমালোকৰ কোনো পাপ নহ’ব; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত।","footnotes":"","tafseer":"যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, আৰু স্ত্ৰী যদি গৰ্ভ অৱস্থাত নাথাকে তেন্তে এনেকুৱা স্ত্ৰীয়ে অনিবাৰ্যৰূপে চাৰি মাহ দহ দিন পৰ্যন্ত ইদ্দত পালন কৰিব লাগিব। এই সময়ছোৱাত তাই স্বামীৰ ঘৰৰ পৰা ওলাব নোৱাৰিব আৰু সৌন্দৰ্যময় বস্তু ব্যৱহাৰ কৰিব নোৱাৰিব, লগতে বিবাহৰ পৰা বিৰত থাকিব লাগিব। হে অভিভাৱকসকল! এই সময়ছোৱা শেষ হোৱাৰ পিছত সিহঁতৰ ওপৰত যিবোৰ কৰ্ম নিষেধ আছিল, সেইবোৰ কৰিলে তোমালোকৰ কোনো গুনাহ নহয়। কিন্তু উক্ত কৰ্মবোৰ চৰীয়ত তথা সমাজৰ দৃষ্টিত ভাল কৰ্ম বুলি বিবেচিত হ’ব লাগিব। নিশ্চয় তোমালোকৰ কৰ্ম সম্পৰ্কে আল্লাহ সম্যক অৱগত, তেওঁৰ পৰা কোনো বস্তুৱে গোপন নহয়, আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002234.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002234.mp3"},{"index":"235","arabicText":"وَلَا جُنَاحَ عَلَیْكُمْ فِیْمَا عَرَّضْتُمْ بِهٖ مِنْ خِطْبَةِ النِّسَآءِ اَوْ اَكْنَنْتُمْ فِیْۤ اَنْفُسِكُمْ ؕ عَلِمَ اللّٰهُ اَنَّكُمْ سَتَذْكُرُوْنَهُنَّ وَلٰكِنْ لَّا تُوَاعِدُوْهُنَّ سِرًّا اِلَّاۤ اَنْ تَقُوْلُوْا قَوْلًا مَّعْرُوْفًا ؕ۬ وَلَا تَعْزِمُوْا عُقْدَةَ النِّكَاحِ حَتّٰی یَبْلُغَ الْكِتٰبُ اَجَلَهٗ ؕ وَاعْلَمُوْۤا اَنَّ اللّٰهَ یَعْلَمُ مَا فِیْۤ اَنْفُسِكُمْ فَاحْذَرُوْهُ ۚ وَاعْلَمُوْۤا اَنَّ اللّٰهَ غَفُوْرٌ حَلِیْمٌ ۟۠","assameseTranslation":"আৰু যদি তোমালোকে আকাৰ-ইঙ্গিতত (সেইজনী) নাৰীক বিবাহৰ প্ৰস্তাৱ দিয়া অথবা অন্তৰতে গোপন ৰখা তেন্তে তোমালোকৰ কোনো পাপ নহ’ব। আল্লাহে জানে যে, তোমালোকে সিহঁতৰ বিষয়ে নিশ্চয় আলোচনা কৰিবা; কিন্তু বিধি মুতাবিক কথা-বতৰাৰ বাহিৰে গোপনে সিহঁতৰ লগত কোনো প্ৰতিশ্ৰুতি নিদিবা; আৰু নিৰ্দিষ্ট কাল পূৰ্ণ নোহোৱালৈকে বিবাহ বন্ধনৰ সংকল্প নকৰিবা; আৰু জানি থোৱা, তোমালোকৰ অন্তৰত যি আছে সেয়া আল্লাহে জানে। এতেকে তেওঁক ভয় কৰা, আৰু জানি থোৱা, নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম সহনশীল।","footnotes":"","tafseer":"যাৰ স্বামী মৃত্যুবৰণ কৰিছে অথবা যিয়ে তালাকে বাইন প্ৰাপ্তা হৈছে তাইৰ ওচৰত আকাৰ-ইংগিতৰ জৰিয়তে বিবাহৰ ইচ্ছা প্ৰকাশ কৰাত তোমালোকৰ কোনো গুনাহ নহয়, কিন্তু স্পষ্টভাৱে প্ৰকাশ কৰা নিষেধ। যেনে- এইদৰে কোৱা যে, যেতিয়া তোমাৰ ইদ্দত শেষ হ’ব তেতিয়া মোক জনাবা। এইদৰে ইদ্দত পালনকাৰী স্ত্ৰীৰ ইদ্দত পূৰণ হোৱাৰ পিছত, বিবাহৰ ইচ্ছা মনত পুহি ৰখাটোও কোনো দোষণীয় নহয়। আল্লাহে জানে যে, তাইক পোৱাৰ বাবে নিশ্চয় তোমালোকৰ মনত প্ৰতিচ্ছবি ভাহিঁ উঠিব। এতেকে আল্লাহে স্পষ্টভাৱে নহ’লেও ইঙ্গিতেৰে ইচ্ছা প্ৰকাশ কৰাৰ অনুমতি দিছে। কিন্তু ইদ্দতৰ সময়ছোৱাত গোপনে সাক্ষাৎ কৰি বিবাহৰ প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকা। অথচ সৎভাৱে অৰ্থাৎ ইঙ্গিতেৰে বিবাহৰ প্ৰস্তাৱ দিয়াত কোনো ক্ষতি নাই, কিন্তু ইদ্দতৰ সময়ত বিবাহৰ বিষয়টো নিশ্চিত নকৰিবা। জানি থোৱা! আল্লাহে তোমালোকৰ অন্তৰৰ ভাল বেয়া সকলো বিষয় জানে। গতিকে তেওঁক ভয় কৰা, আৰু তেওঁৰ আদেশ উলঙ্ঘা নকৰিবা। জানি থোৱা! মহান আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু সহনশীল, তেওঁ শাস্তি প্ৰদানত খৰধৰ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002235.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002235.mp3"},{"index":"236","arabicText":"لَا جُنَاحَ عَلَیْكُمْ اِنْ طَلَّقْتُمُ النِّسَآءَ مَا لَمْ تَمَسُّوْهُنَّ اَوْ تَفْرِضُوْا لَهُنَّ فَرِیْضَةً ۖۚ وَّمَتِّعُوْهُنَّ ۚ عَلَی الْمُوْسِعِ قَدَرُهٗ وَعَلَی الْمُقْتِرِ قَدَرُهٗ ۚ مَتَاعًا بِالْمَعْرُوْفِ ۚ حَقًّا عَلَی الْمُحْسِنِیْنَ ۟","assameseTranslation":"যদি তোমালোকে স্ত্ৰীসকলক স্পৰ্শ কৰাৰ আগতেই বা মোহৰানা নিৰ্ধাৰণ কৰাৰ পূৰ্বেই তালাক্ব দিয়া তেন্তে তোমালোকৰ কোনো পাপ নহয়; কিন্তু তোমালোকে সিহঁতক উপযুক্ত (ক্ষতিপূৰণ) সংস্থান কৰি দিবা, সচ্ছলে তাৰ সাধ্যমতে আৰু অসচ্ছলে তাৰ সামৰ্থানুযায়ী, বিধিমতে সংস্থান কৰিব, এইটো সৎকৰ্মশীল লোকৰ কৰ্তব্য।","footnotes":"","tafseer":"যদি তোমালোকে বিবাহ কৰাৰ পিছত সহবাস আৰু মোহৰানা নিৰ্ধাৰণ কৰাৰ আগতেই স্ত্ৰীক তালাক দিয়া, তেন্তে কোনো গুনাহ নাই। লগতে এনে অৱস্থাত তালাক্ব দিলে তোমালোকৰ ওপৰত মোহৰানা ওৱাজিব নহ’ব। কিন্তু স্বামী ধনী হওক অথবা দৰিদ্ৰ, নিজৰ সামৰ্থ অনুযায়ী তাইক কিবা দিব লাগিব, যাতে তাই উপকৃত হয় আৰু অন্তৰক বুজনি দিব পাৰে। এই দান সত্কৰ্মকাৰীসকলৰ বাবে এটা কৰ্তব্য, যিসকলে নিজৰ কৰ্ম আৰু লেনদেনত সততা অৱলম্বন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002236.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002236.mp3"},{"index":"237","arabicText":"وَاِنْ طَلَّقْتُمُوْهُنَّ مِنْ قَبْلِ اَنْ تَمَسُّوْهُنَّ وَقَدْ فَرَضْتُمْ لَهُنَّ فَرِیْضَةً فَنِصْفُ مَا فَرَضْتُمْ اِلَّاۤ اَنْ یَّعْفُوْنَ اَوْ یَعْفُوَا الَّذِیْ بِیَدِهٖ عُقْدَةُ النِّكَاحِ ؕ وَاَنْ تَعْفُوْۤا اَقْرَبُ لِلتَّقْوٰی ؕ وَلَا تَنْسَوُا الْفَضْلَ بَیْنَكُمْ ؕ اِنَّ اللّٰهَ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟","assameseTranslation":"আনহাতে তোমালোকে যদি সিহঁতক স্পৰ্শ কৰাৰ আগতে তালাক্ব দিয়া, অথচ সিহঁতৰ বাবে মোহৰানা ধাৰ্য্য কৰিছা, তেন্তে যি নিৰ্ধাৰণ কৰিছা তাৰ অৰ্দ্ধেক আদায় দিব লাগিব। কিন্তু যদি স্ত্ৰীসকলে ক্ষমা কৰি দিয়ে অথবা যাৰ হাতত বিবাহ বন্ধনৰ দায়িত্ব আছে সি যদি মাফ কৰি দিয়ে (তেন্তে সেইটো সুকীয়া কথা)। ক্ষমা কৰি দিয়াটোৱেই তাক্বৱাৰ অধিক নিকটৱৰ্তী; তোমালোকে নিজৰ মাজত অনুগ্ৰহৰ কথা পাহৰি নাযাবা। তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেয়া সবিশেষ প্ৰত্যক্ষকাৰী।","footnotes":"","tafseer":"যদি তোমালোকে সহবাস কৰাৰ আগতেই স্ত্ৰীক তালাক্ব দিয়া, আৰু তোমালোকে সিহঁতক দিবলগীয়া মোহৰানাও নিৰ্ধাৰণ কৰিছা, তেন্তে নিৰ্ধাৰিত মোহৰানাৰ অৰ্দ্ধেক আদায় দিব লাগিব। কিন্তু যদি সিহঁত বিবেকৱান হয়, আৰু তোমালোকক ক্ষমা কৰি দিয়ে নাইবা স্বামীয়ে যদি উদাৰতা দেখুৱাই সম্পূৰ্ণ মোহৰানা আদায় কৰি দিয়ে, তেন্তে এনে কৰাত কোনো অসুবিধা নাই। তোমালোকৰ পৰস্পৰৰ অধিকাৰৰ ক্ষেত্ৰত ক্ষমাৰ পথ অৱলম্বন কৰাটো হৈছে আল্লাহৰ ভয় আৰু আনুগত্যৰ অধিক নিকটৱৰ্তী। এতেকে হে মানৱজাতি! পৰস্পৰৰ অধিকাৰ খৰ্ব নকৰিবা। নিশ্চয় আল্লাহে তোমালোকৰ কৰ্ম দেখি আছে। সেয়ে বেছি বেছি সত্কৰ্ম কৰা, যাতে আল্লাহৰ ওচৰত উত্তম প্ৰতিদান পোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002237.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002237.mp3"},{"index":"238","arabicText":"حٰفِظُوْا عَلَی الصَّلَوٰتِ وَالصَّلٰوةِ الْوُسْطٰی ۗ وَقُوْمُوْا لِلّٰهِ قٰنِتِیْنَ ۟","assameseTranslation":"তোমালোকে ছালাতৰ প্ৰতি যত্নৱান হোৱা, বিশেষকৈ মধ্যৱৰ্তী (আচৰ) ছালাতৰ প্ৰতি, আৰু আল্লাহৰ বাবে বিনিতভাৱে থিয় হোৱা।","footnotes":"","tafseer":"ছালাতক আল্লাহৰ আদেশ অনুসাৰে পূৰ্ণৰূপে আদায় কৰা। লগতে মধ্যৱৰ্তী ছালাত অৰ্থাৎ আচৰৰ ছালাতৰ হিফাজত কৰা। ছালাতৰত অৱস্থাত আল্লাহৰ বাবে আনুগত্যকাৰী হৈ বিনয়পূৰ্বকভাৱে থিয় হোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002238.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002238.mp3"},{"index":"239","arabicText":"فَاِنْ خِفْتُمْ فَرِجَالًا اَوْ رُكْبَانًا ۚ فَاِذَاۤ اَمِنْتُمْ فَاذْكُرُوا اللّٰهَ كَمَا عَلَّمَكُمْ مَّا لَمْ تَكُوْنُوْا تَعْلَمُوْنَ ۟","assameseTranslation":"কিন্তু যদি তোমালোকে বিপদ আশংকা কৰা, তেন্তে খোজকঢ়া অথবা আৰোহী অৱস্থাতেই (ছালাত আদায় কৰিবা)। তাৰ পিছত যেতিয়া তোমালোকে নিৰাপদ বোধ কৰিবা তেতিয়া তোমালোকে আল্লাহক সেইদৰে স্মৰণ কৰিবা, যেনেকৈ তেওঁ তোমালোকক শিক্ষা দিছে, যিটো তোমালোকে জনা নাছিলা।","footnotes":"","tafseer":"যদি শত্ৰুৰ ভয় থাকে আৰু সম্পূৰ্ণৰূপে ছালাত আদায় কৰিব নোৱাৰা তেন্তে খোজকাঢ়ি থকা অৱস্থাত অথবা উট, ঘোঁৰা আদিৰ ওপৰত আৰোহণ কৰা অৱস্থাত নাইবা যি অৱস্থাতে পঢ়িব পাৰা, সেই অৱস্থাতে আদায় কৰি লোৱা। পাছত যেতিয়া ভয় দূৰ হ'ব, তেতিয়া আল্লাহক সকলো প্ৰকাৰ জিকৰ-আজকাৰৰ জৰিয়তে স্মৰণ কৰিবা। পৰিপূৰ্ণৰূপে ছালাত আদায় কৰাটোও ইয়াৰেই অন্তৰ্ভুক্ত। তেওঁক স্মৰণ কৰাৰ কাৰণ হৈছে, তেৱেঁই তোমালোকক সেই জ্যোতি আৰু হিদায়তৰ শিক্ষা দিছে, যিটো তোমালোকে আগতে জনা নাছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002239.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002239.mp3"},{"index":"240","arabicText":"وَالَّذِیْنَ یُتَوَفَّوْنَ مِنْكُمْ وَیَذَرُوْنَ اَزْوَاجًا ۖۚ وَّصِیَّةً لِّاَزْوَاجِهِمْ مَّتَاعًا اِلَی الْحَوْلِ غَیْرَ اِخْرَاجٍ ۚ فَاِنْ خَرَجْنَ فَلَا جُنَاحَ عَلَیْكُمْ فِیْ مَا فَعَلْنَ فِیْۤ اَنْفُسِهِنَّ مِنْ مَّعْرُوْفٍ ؕ وَاللّٰهُ عَزِیْزٌ حَكِیْمٌ ۟","assameseTranslation":"আৰু তোমালোকৰ মাজৰ যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতে নিজৰ স্ত্ৰীসকলৰ বিষয়ে এই অছিয়ত কৰিব যে, তেওঁলোকক যেন সম্পূৰ্ণ এবছৰলৈকে ভৰণ-পোষণ দিয়া হয় আৰু যাতে ঘৰৰ পৰা উলিয়াই দিয়া নহয়। কিন্তু যদি সিহঁতে (নিজ ইচ্ছাতে) ওলাই যায়, তেন্তে বিধি মুতাবিক সিহঁতে নিজৰ বাবে যি কৰিব তাত তোমালোকৰ কোনো পাপ নহয়; আৰু আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"তোমালোকৰ মাজত যিয়ে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতে স্ত্ৰীৰ বাবে অছিয়ত কৰি যোৱা আৱশ্যক যে, তাৰ মৃত্যুৰ পিছত যাতে স্ত্ৰীক এবছৰলৈকে ঘৰত থাকিব দিয়ে। লগতে সম্পূৰ্ণ এবছৰৰ খৰচ বহন কৰিব লাগিব, আৰু উত্তৰাধিকাৰীসকলেও সিহঁতক ঘৰৰ পৰা উলিয়াব নোৱাৰিব। এই আদেশটো সিহঁতৰ দুখ হ্ৰাস কৰাৰ উদ্দেশ্যে আৰু মৃত ব্যক্তিৰ লগত আনুগত্য পূৰণ কৰা বাবে দিয়া হৈছে। যদি সিহঁতে এবছৰ পূৰ্ণ হোৱাৰ আগতেই স্ব-ইচ্ছাই ঘৰৰ পৰা ওলাই যায়, তেন্তে তোমালোকৰ কোনো দোষ নাই, লগতে সিহঁতে সৌন্দৰ্যৰ বস্তু আৰু সুগন্ধি ব্যৱহাৰ কৰাতো কোনো অসুবিধা নাই। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে, পৰিমাণ, নিয়ন্ত্ৰণ আৰু বিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তেওঁ মহা প্ৰজ্ঞাৱান। সাধাৰণ তাফছীৰবিদ সকলৰ মতে এই আয়াতটো আল্লাহৰ এই বাণীৰ দ্বাৰা ৰহিত হৈছেঃ “আৰু তোমালোকৰ মাজত যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতে (স্ত্ৰীসকলে) চাৰি মাহ দহ দিন অপেক্ষা কৰিব। তাৰ পিছত যেতিয়া সিহঁতে নিজৰ ইদ্দতকাল পূৰ্ণ কৰিব, তেতিয়া বিধি মুতাবিক নিজৰ বাবে যি কৰিব তাত তোমালোকৰ কোনো পাপ নাই; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত”। (ছুৰা আল-বাক্বাৰাহঃ ২৩৪)","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002240.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002240.mp3"},{"index":"241","arabicText":"وَلِلْمُطَلَّقٰتِ مَتَاعٌ بِالْمَعْرُوْفِ ؕ حَقًّا عَلَی الْمُتَّقِیْنَ ۟","assameseTranslation":"আৰু তালাক্বপ্ৰাপ্তা নাৰীসকলেও বিধি মুতাবিক ভৰণ-পোষণ (ক্ষতিপূৰণ) লাভ কৰিব। মুত্তাক্বীসকলৰ বাবে এইটো অৱশ্য কৰ্তব্য।","footnotes":"","tafseer":"তালাকপ্ৰাপ্তা নাৰীসকলক স্বামীৰ আৰ্থিক স্থিতি অনুসাৰে ধন অথবা বস্ত্ৰ আদিৰ দৰে কিছুমান সামগ্ৰী দি দিব লাগে, যাতে তালাকৰ ফলত হোৱা মনৰ কষ্ট অলপ লাঘৱ হয়। এই আদেশ সেইসকল লোকৰ বাবে অনিবাৰ্য, যিসকলে আল্লাহক ভয় কৰে, যিসকলে তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা দূৰৈত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002241.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002241.mp3"},{"index":"242","arabicText":"كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمْ اٰیٰتِهٖ لَعَلَّكُمْ تَعْقِلُوْنَ ۟۠","assameseTranslation":"এনেকৈয়ে আল্লাহে তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰে যাতে তোমালোকে বুজিব পাৰা।","footnotes":"","tafseer":"হে মুমিনসকল! উক্ত বিৱৰণৰ দৰেই আল্লাহে তোমালোকৰ বাবে তেওঁৰ বিধান আৰু সীমাৰেখাৰ বৰ্ণনা দিয়ে। যাতে তোমালোকে বুজি পোৱা আৰু আমল কৰা, লগতে পৰিণামস্বৰূপে পৃথিৱী আৰু আখিৰাতত কল্যাণ প্ৰাপ্ত হোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002242.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002242.mp3"},{"index":"243","arabicText":"اَلَمْ تَرَ اِلَی الَّذِیْنَ خَرَجُوْا مِنْ دِیَارِهِمْ وَهُمْ اُلُوْفٌ حَذَرَ الْمَوْتِ ۪ فَقَالَ لَهُمُ اللّٰهُ مُوْتُوْا ۫ ثُمَّ اَحْیَاهُمْ ؕ اِنَّ اللّٰهَ لَذُوْ فَضْلٍ عَلَی النَّاسِ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَشْكُرُوْنَ ۟","assameseTranslation":"তুমি সিহঁতক দেখা নাইনে, যিসকলে মৃত্যুৰ ভয়ত হাজাৰে হাজাৰে নিজ আবাসভূমি পৰিত্যাগ কৰিছিল? তাৰ পিছত আল্লাহে সিহঁতক কৈছিল, ‘তোমালোকে মৃত্যুবৰণ কৰা’। ইয়াৰ পিছত আল্লাহে সিহঁতক (পুনৰ) জীৱিত কৰিছিল। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল; কিন্তু অধিকাংশ মানুহে কৃতজ্ঞতা প্ৰকাশ নকৰে।","footnotes":"","tafseer":"হে নবী! বনী ইছৰাঈলৰ সেইসকল লোকৰ বিষয়ে আপুনি গম পোৱা নাইনে, যিসকলে মহামাৰী অথবা আন কিবা কাৰণত মৃত্যুৰ ভয়ত নিজৰ ঘৰৰ পৰা বহু সংখ্যক লোকে পলায়ন কৰিছিল; কিন্তু আল্লাহে সিহঁতক কৈছিলঃ মৃত্যুবৰণ কৰা। ফলত লগে লগে সিহঁতৰ মৃত্যু হৈছিল। পিছত আল্লাহে পুনৰ সিহঁতক জীৱিত কৰিছিল। যাতে স্পষ্ট কৰি দিয়ে যে, সকলো বিষয় তেওঁৰেই নিয়ন্ত্ৰণাধীন, সিহঁত নিজেই নিজৰ কোনো উপকাৰ বা অপকাৰ কৰিব নোৱাৰে। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল। যদিও অধিকাংশ লোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002243.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002243.mp3"},{"index":"244","arabicText":"وَقَاتِلُوْا فِیْ سَبِیْلِ اللّٰهِ وَاعْلَمُوْۤا اَنَّ اللّٰهَ سَمِیْعٌ عَلِیْمٌ ۟","assameseTranslation":"আৰু তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰা আৰু জানি থোৱা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"হে মুমিনসকল! আল্লাহৰ দ্বীনৰ সহায় আৰু তেওঁৰ কলিমা উত্তোলন কৰাৰ উদ্দেশ্যে তেওঁৰ শত্ৰুৰ লগত যুদ্ধ কৰা। লগতে জানি থোৱা! আল্লাহে তোমালোকৰ কথা শ্ৰৱণ কৰে, তোমালোকৰ নিয়্যত আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002244.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002244.mp3"},{"index":"245","arabicText":"مَنْ ذَا الَّذِیْ یُقْرِضُ اللّٰهَ قَرْضًا حَسَنًا فَیُضٰعِفَهٗ لَهٗۤ اَضْعَافًا كَثِیْرَةً ؕ وَاللّٰهُ یَقْبِضُ وَیَبْصُۜطُ ۪ وَاِلَیْهِ تُرْجَعُوْنَ ۟","assameseTranslation":"কোনোবা আছেনে, যিয়ে আল্লাহক উত্তম ঋণ প্ৰদান কৰিব? তেওঁ ইয়াক তাৰ বাবে বহুগুণে বৃদ্ধি কৰি দিব; আৰু আল্লাহেই জীৱিকা সংকুচিত কৰে আৰু সম্প্ৰসাৰিত কৰে, আৰু তেওঁৰ পিনেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব।","footnotes":"","tafseer":"তোমালোকৰ মাজত কোনোবা আছেনে, যিয়ে ঋনদাতাৰ দৰে কাম কৰিব, সৎ নিয়তে আৰু সন্তুষ্টচিত্তে আল্লাহৰ পথত নিজৰ সম্পদ ব্যয় কৰিব, যাতে অধিক মাত্ৰাত ঘূৰাই পায়। আল্লাহেই নিজৰ হিকমত আৰু ন্যায় মুতাবিক জীৱিকা আৰু স্বাস্থ্য প্ৰদান কৰে অথবা ইয়াৰ পৰা বঞ্চিত কৰে। আখিৰাতত তোমালোকক তেওঁৰ পিনেই ওভোতাই নিয়া হ’ব। তেওঁ তোমালোকক তোমালোকৰ আমলৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002245.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002245.mp3"},{"index":"246","arabicText":"اَلَمْ تَرَ اِلَی الْمَلَاِ مِنْ بَنِیْۤ اِسْرَآءِیْلَ مِنْ بَعْدِ مُوْسٰی ۘ اِذْ قَالُوْا لِنَبِیٍّ لَّهُمُ ابْعَثْ لَنَا مَلِكًا نُّقَاتِلْ فِیْ سَبِیْلِ اللّٰهِ ؕ قَالَ هَلْ عَسَیْتُمْ اِنْ كُتِبَ عَلَیْكُمُ الْقِتَالُ اَلَّا تُقَاتِلُوْا ؕ قَالُوْا وَمَا لَنَاۤ اَلَّا نُقَاتِلَ فِیْ سَبِیْلِ اللّٰهِ وَقَدْ اُخْرِجْنَا مِنْ دِیَارِنَا وَاَبْنَآىِٕنَا ؕ فَلَمَّا كُتِبَ عَلَیْهِمُ الْقِتَالُ تَوَلَّوْا اِلَّا قَلِیْلًا مِّنْهُمْ ؕ وَاللّٰهُ عَلِیْمٌ بِالظّٰلِمِیْنَ ۟","assameseTranslation":"তুমি মুছাৰ পৰৱৰ্তী ইছৰাঈল বংশীয় নেতাসকলক দেখা নাইনে? সিহঁতে যেতিয়া সিহঁতৰ নবীক কৈছিল, ‘আমাৰ বাবে এজন ৰজা নিযুক্ত কৰি দিয়ক যাতে আমি আল্লাহৰ পথত যুদ্ধ কৰিব পাৰোঁ’, তেওঁ ক’লে, ‘এনেকুৱা নহয়তো যে, তোমালোকক যুদ্ধৰ বিধান দিয়া হ’লে তেতিয়া তোমালোকে আৰু যুদ্ধ নকৰিবা’? সিহঁতে ক’লে, ‘আমি যিহেতু নিজৰ আবাসভূমি আৰু নিজ সন্তান-সন্ততিৰ পৰা বহিষ্কৃত হৈছোঁ, তেতিয়াহ’লে আল্লাহৰ পথত কিয় যুদ্ধ নকৰিম’? এতেকে যেতিয়া সিহঁতৰ প্ৰতি যুদ্ধৰ বিধান দিয়া হ’ল তেতিয়া সিহঁতৰ কিছুমানৰ বাহিৰে আটায়ে পৃষ্ঠ প্ৰদৰ্শন কৰিলে; আৰু আল্লাহে যালিমসকলৰ বিষয়ে ভালকৈয়ে অৱগত।","footnotes":"","tafseer":"হে নবী! মুছা আলাইহিচ্ছালামৰ যুগ পাৰ হোৱাৰ পিছত জন্ম গ্ৰহণ কৰা প্ৰমূখসকলৰ খবৰ আপোনাৰ ওচৰলৈ আহি পোৱা নাইনে? যেতিয়া সিহঁতে নিজৰ নবীক কৈছিলঃ আমাৰ বাবে এজন ৰজা পাতি দিয়ক। আমি তেওঁৰ লগত থাকি আল্লাহৰ পথত যুদ্ধ কৰিম। সিহঁতৰ নবীয়ে সিহঁতক কৈছিলঃ ভাবি চোৱা! আল্লাহে তোমালোকৰ ওপৰত যুদ্ধ অনিবাৰ্য কৰাৰ পিছত যাতে তোমালোকে যুদ্ধৰ পৰা বিৰত নাথাকা। সিহঁতে নবীৰ ধাৰণাক খণ্ডন কৰি কৈছিলঃ “যুদ্ধৰ সকলো উপকৰণ থকাৰ পিছতো আমি কিয় যুদ্ধৰ পৰা বিৰত থাকিম? অথচ শত্ৰুসকলে আমাক নিজ দেশৰ পৰা বহিষ্কাৰ কৰিছে আৰু আমাৰ সন্তানসকলক বন্দী কৰিছে। সেয়ে আমি নিজ দেশত উভতি যোৱাৰ বাবে আৰু কয়েদীসকলক মুক্ত কৰাৰ বাবে সিহঁতৰ লগত যুদ্ধ কৰিম”। কিন্তু আল্লাহে যুদ্ধ ফৰজ কৰি দিয়াৰ পাছত কিছুসংখ্যক লোকৰ বাহিৰে আন সকলোৱে মুখ ঘূৰাই লৈছিল, আৰু প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি গৈছিল। অথচ আল্লাহে তেওঁৰ আদেশৰ পৰা মুখ ঘূৰাই লোৱাসকলক তথা তেওঁৰ প্ৰতিশ্ৰুতি ভঙ্গকাৰী অন্যায়কাৰী সকলক ভালকৈয়ে জানে, আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিফল শীঘ্ৰেই প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002246.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002246.mp3"},{"index":"247","arabicText":"وَقَالَ لَهُمْ نَبِیُّهُمْ اِنَّ اللّٰهَ قَدْ بَعَثَ لَكُمْ طَالُوْتَ مَلِكًا ؕ قَالُوْۤا اَنّٰی یَكُوْنُ لَهُ الْمُلْكُ عَلَیْنَا وَنَحْنُ اَحَقُّ بِالْمُلْكِ مِنْهُ وَلَمْ یُؤْتَ سَعَةً مِّنَ الْمَالِ ؕ قَالَ اِنَّ اللّٰهَ اصْطَفٰىهُ عَلَیْكُمْ وَزَادَهٗ بَسْطَةً فِی الْعِلْمِ وَالْجِسْمِ ؕ وَاللّٰهُ یُؤْتِیْ مُلْكَهٗ مَنْ یَّشَآءُ ؕ وَاللّٰهُ وَاسِعٌ عَلِیْمٌ ۟","assameseTranslation":"আৰু সিহঁতৰ নবীয়ে সিহঁতক কৈছিল, ‘নিশ্চয় আল্লাহে তালুতক তোমালোকৰ বাবে ৰজা হিচাপে প্ৰেৰণ কৰিছে’। সিহঁতে ক’লে, ‘তাৰ ৰাজত্ব আমাৰ ওপৰত কেনেকৈ সম্ভৱ? অথচ আমি তাতকৈ ৰাজত্বৰ বেছি হকদাৰ আৰু তাক প্ৰচুৰ ঐশ্বৰ্যও দিয়া হোৱা নাই’! তেওঁ ক’লে, ‘আল্লাহে নিশ্চয় তাক তোমালোকৰ বাবে মনোনীত কৰিছে আৰু তেওঁ তাক জ্ঞান আৰু শাৰীৰিকভাৱে সমৃদ্ধ কৰিছে; আৰু আল্লাহে যাক ইচ্ছা কৰে তাক ৰাজত্ব প্ৰদান কৰে আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ’।","footnotes":"","tafseer":"সিহঁতৰ নবীয়ে সিহঁতক ক’লে যে, আল্লাহে তালূতক তোমালোকৰ বাবে বাদশ্বাহ (ৰজা) নিযুক্ত কৰিছে, যাতে তোমালোকে তেওঁৰ পতাকাৰ তলত যুদ্ধ কৰা। তেতিয়া সিহঁতৰ প্ৰমুখসকলে অভিযোগ কৰি ক’লেঃ সি আমাৰ বাদশ্বাহ কেনেকৈ হ’ব পাৰে? তাতকৈ দেখোন আমিহে বাদশ্বাহ হোৱাৰ বেছি উপযুক্ত। তাৰ পুৰ্বপুৰুষৰ কোনেও বাদশ্বাহ নাছিল আনহাতে সি ঐশৰ্যশীলো নহয় যে, নিজৰ সম্পত্তিৰে ৰাজত্বত সহায় কৰিব। সিহঁতৰ নবীয়ে কৈছিলঃ আল্লাহে তেওঁক তোমালোকৰ বাবে নিৰ্বাচন কৰিছে লগতে তেওঁক অধিক জ্ঞান আৰু শাৰীৰিক শক্তি প্ৰদান কৰিছে। দৰাচলতে আল্লাহে তেওঁৰ প্ৰজ্ঞা আৰু কৃপাত, যাক ইচ্ছা কৰে তাকেই ৰাজত্ব প্ৰদান কৰে। আল্লাহ অতি অনুগ্ৰহশীল, তেওঁ যাক ইচ্ছা কৰে, দান কৰে। লগতে তেওঁ নিজৰ উপযুক্ত বান্দাসকলৰ বিষয়ে সম্যক অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002247.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002247.mp3"},{"index":"248","arabicText":"وَقَالَ لَهُمْ نَبِیُّهُمْ اِنَّ اٰیَةَ مُلْكِهٖۤ اَنْ یَّاْتِیَكُمُ التَّابُوْتُ فِیْهِ سَكِیْنَةٌ مِّنْ رَّبِّكُمْ وَبَقِیَّةٌ مِّمَّا تَرَكَ اٰلُ مُوْسٰی وَاٰلُ هٰرُوْنَ تَحْمِلُهُ الْمَلٰٓىِٕكَةُ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لَّكُمْ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟۠","assameseTranslation":"সিহঁতৰ নবীয়ে সিহঁতক এই কথাও কৈছিল যে, ‘তাৰ ৰাজত্বৰ নিদৰ্শন হ’ব এই যে, তোমালোকৰ ওচৰলৈ তাবূত (চন্দুক) আহিব য’ত থাকিব তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰশান্তি লগতে তাত থাকিব কিছু পৰিত্যক্ত আচবাব যিবোৰ মুছা আৰু হাৰূনৰ বংশধৰসকলে এৰি থৈ গৈছে; ফিৰিস্তাসকলে সেইটো বহন কৰি আনিব। যদি তোমালোকে মুমিন হোৱা, নিশ্চয় তোমালোকৰ বাবে ইয়াত আছে নিদৰ্শন’।","footnotes":"","tafseer":"সিহঁতৰ নবীয়ে সিহঁতক ক’লেঃ তোমালোকৰ ওপৰত ৰাজত্ব কৰিবলৈ তেওঁক যে সঠিকভাৱে নিৰ্বাচন কৰা হৈছে তাৰ প্ৰমাণ হৈছে, আল্লাহে তোমালোকক তাবূত ওভোতাই দিব। -বনী ইছৰাঈলে এই তাবূতক সন্মান কৰিছিল, আৰু এই তাবূত সিহঁতৰ পৰা কাঢ়ি লোৱা হৈছিল-। ইয়াৰ ভিতৰত তোমালোকৰ বাবে আছে সন্তুষ্টি, লগতে মুছা আৰু হাৰূন পৰিয়ালৰ অৱশিষ্ট সামগ্ৰী। যেনে- মুছাৰ লাখুটি আৰু কিছুমান ফলক। নিশ্চয় ইয়াৰ মাজত আছে তোমালোকৰ বাবে স্পষ্ট নিদৰ্শন; যদি তোমালোকে সঁচাই ঈমান আনিছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002248.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002248.mp3"},{"index":"249","arabicText":"فَلَمَّا فَصَلَ طَالُوْتُ بِالْجُنُوْدِ ۙ قَالَ اِنَّ اللّٰهَ مُبْتَلِیْكُمْ بِنَهَرٍ ۚ فَمَنْ شَرِبَ مِنْهُ فَلَیْسَ مِنِّیْ ۚ وَمَنْ لَّمْ یَطْعَمْهُ فَاِنَّهٗ مِنِّیْۤ اِلَّا مَنِ اغْتَرَفَ غُرْفَةً بِیَدِهٖ ۚ فَشَرِبُوْا مِنْهُ اِلَّا قَلِیْلًا مِّنْهُمْ ؕ فَلَمَّا جَاوَزَهٗ هُوَ وَالَّذِیْنَ اٰمَنُوْا مَعَهٗ ۙ قَالُوْا لَا طَاقَةَ لَنَا الْیَوْمَ بِجَالُوْتَ وَجُنُوْدِهٖ ؕ قَالَ الَّذِیْنَ یَظُنُّوْنَ اَنَّهُمْ مُّلٰقُوا اللّٰهِ ۙ كَمْ مِّنْ فِئَةٍ قَلِیْلَةٍ غَلَبَتْ فِئَةً كَثِیْرَةً بِاِذْنِ اللّٰهِ ؕ وَاللّٰهُ مَعَ الصّٰبِرِیْنَ ۟","assameseTranslation":"তাৰ পিছত তালুতে যেতিয়া সেনাবাহিনীসহ ওলাই আহিল, তেতিয়া তেওঁ ক’লে, ‘আল্লাহে তোমালোকক এটা নদীৰ দ্বাৰা পৰীক্ষা কৰিব। যিয়ে তাৰ পৰা পানী খাব সি মোৰ দলৰ অন্তৰ্ভুক্ত নহয়; আৰু যিয়ে তাৰ সোৱাদ গ্ৰহণ নকৰিব সি মোৰ দলভুক্ত; ইয়াৰ বাহিৰে যিয়ে এচলু পানী গ্ৰহণ কৰিব সিও (মোৰ দলৰ অন্তৰ্ভুক্ত)’। এতেকে কিছুসংখ্যক লোকৰ বাহিৰে আটায়ে তাৰ পৰা পানী পান কৰিলে। ইয়াৰ পিছত তেওঁ আৰু তেওঁৰ সংগী ঈমান্দাৰসকলে যেতিয়া নদী অতিক্ৰম কৰিলে তেতিয়া সিহঁতে ক’লে, ‘জালুত আৰু তাৰ সেনাবাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰাৰ শক্তি আজি আৰু আমাৰ ওচৰত নাই’। কিন্তু যিসকলে দৃঢ় বিশ্বাস কৰিছিল যে, আল্লাহৰ লগত তেওঁলোকৰ সাক্ষাৎ হ’ব, তেওঁলোকে ক’লে, ‘আল্লাহৰ আদেশত কিমান যে ক্ষুদ্ৰ দলে কিমান বৃহৎ দলক পৰাজয় কৰিছে’! আৰু আল্লাহ ধৈৰ্য্যশীলসকলৰ লগত আছে।","footnotes":"","tafseer":"যেতিয়া তালূতে তেওঁৰ সৈন্য বাহিনী লৈ ৰাওনা হ’ল, তেতিয়া তেওঁ নিজৰ সৈন্য বাহিনীক উপদেশ দি ক’লেঃ নিশ্চয় আল্লাহে তোমালোকক এটা নদীৰ দ্বাৰা পৰীক্ষা কৰিব। যিয়ে সেই নদীৰ পৰা পানী পান কৰিব, সি মোৰ পথৰ পদাচাৰী নহয়; লগতে সি মোৰ লগত থাকি যুদ্ধও কৰিব নোৱাৰিব। আনহাতে যিয়ে তাৰ পৰা পানী পান নকৰিব সি হৈছে মোৰ পথৰ অনুসাৰী, লগতে সি মোৰ লগত থাকি যুদ্ধ কৰিব পাৰিব। কিন্তু কোনোবাই যদি বাধ্য হৈ এচলু পানী পান কৰে তেন্তে কোনো অসুবিধা নাই। এতেকে সৈন্যবাহিনীৰ কেৱল কিছু সংখ্যক লোকেহে প্ৰচণ্ড গৰমত ধৈৰ্য্য ধাৰণ কৰিছিল আৰু বাকী সকলোৱে তাৰ পৰা পানী পান কৰিছিল। যেতিয়া তালূত আৰু মুমিনসকলে নদী পাৰ কৰিলে তেতিয়া কিছুমান সৈন্যই ক’লেঃ আজি আমাৰ ওচৰত জালূত আৰু তাৰ সৈন্যবাহিনীৰ লগত যুদ্ধ কৰাৰ শক্তি নাই। কিন্তু সেই সময়ত কিছুমান এনেকুৱা ব্যক্তিয়ে যিসকলে ক্বিয়ামতৰ দিনা আল্লাহৰ লগত সাক্ষাৎ সম্পৰ্কে বিশ্বাস পোষণ কৰিছিল তেওঁলোকে ক’লেঃ তোমালোকে জানানে, ঈমান্দাৰসকলৰ বহুতো সৰু-সুৰা দলে আল্লাহৰ অনুমতি আৰু তেওঁৰ সহায়ত কাফিৰসকলৰ ডাঙৰ ডাঙৰ দলক পৰাজিত কৰিছে। এতেকে সহায়-সহযোগিতাৰ মূল উত্স হৈছে ঈমান, সংখ্যাগৰিষ্ঠতা নহয়। জানি থোৱা! আল্লাহে তেওঁৰ ধৈৰ্য্যশীল বান্দাসকলক সংগ দিয়াৰ লগতে সহায়- সহযোগিতা আৰু সমৰ্থন প্ৰদান কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002249.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002249.mp3"},{"index":"250","arabicText":"وَلَمَّا بَرَزُوْا لِجَالُوْتَ وَجُنُوْدِهٖ قَالُوْا رَبَّنَاۤ اَفْرِغْ عَلَیْنَا صَبْرًا وَّثَبِّتْ اَقْدَامَنَا وَانْصُرْنَا عَلَی الْقَوْمِ الْكٰفِرِیْنَ ۟ؕ","assameseTranslation":"আৰু তেওঁলোকে যেতিয়া যুদ্ধ কৰিবলৈ জালুত আৰু তাৰ সেনাবাহিনীৰ মুখামুখি হ’ল, তেতিয়া তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত ধৈৰ্য্য ঢালি দিয়া আৰু আমাৰ ভৰি অবিচলিত ৰাখা আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক জয়যুক্ত কৰা’।","footnotes":"","tafseer":"যেতিয়া তেওঁলোকে জালূত আৰু তাৰ সৈন্যবাহিনীৰ মুখামুখি হ’ল, তেতিয়া আল্লাহৰ ওচৰত বিনয়পূৰ্বকভাৱে দুআ কৰিলেঃ হে আমাৰ প্ৰতিপালক! আমাৰ অন্তৰত ধৈৰ্য্য ঢালি দিয়া, লগতে ৰণক্ষেত্ৰত আমাক দৃঢ়তা প্ৰদান কৰা, যাতে আমি শত্ৰুৰ পৰা পলায়ন নকৰোঁ আৰু পৰাজিত নহওঁ। লগতে আমাক শক্তি আৰু সমৰ্থন প্ৰদান কৰা, যাতে কাফিৰ সম্প্ৰদায়ৰ ওপৰত বিজয় অৰ্জন কৰিব পাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002250.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002250.mp3"},{"index":"251","arabicText":"فَهَزَمُوْهُمْ بِاِذْنِ اللّٰهِ ۙ۫ وَقَتَلَ دَاوٗدُ جَالُوْتَ وَاٰتٰىهُ اللّٰهُ الْمُلْكَ وَالْحِكْمَةَ وَعَلَّمَهٗ مِمَّا یَشَآءُ ؕ وَلَوْلَا دَفْعُ اللّٰهِ النَّاسَ بَعْضَهُمْ بِبَعْضٍ ۙ لَّفَسَدَتِ الْاَرْضُ وَلٰكِنَّ اللّٰهَ ذُوْ فَضْلٍ عَلَی الْعٰلَمِیْنَ ۟","assameseTranslation":"এতেকে তেওঁলোকে আল্লাহৰ আদেশত সিহঁতক (কাফিৰসকলক) পৰাজিত কৰিলে আৰু দাঊদে জালুতক হত্যা কৰিলে। আল্লাহে তেওঁক ৰাজত্ব আৰু হিকমত দান কৰিলে লগতে তেওঁ যি ইচ্ছা কৰিলে সেইটোৱেই তেওঁক শিক্ষা দিলে; আৰু আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন তেন্তে পৃথিৱী বিপৰ্যস্ত হৈ গ'লহেঁতেন। কিন্তু আল্লাহ সৃষ্টিজগতৰ প্ৰতি অনুগ্ৰহশীল।","footnotes":"","tafseer":"ফলত আল্লাহৰ সহায়ত তেওঁলোকে সিহঁতক পৰাজিত কৰিলে আৰু দাঊদে প্ৰতিপক্ষৰ নেতা জালূতক বধ কৰিলে। তাৰ পিছত আল্লাহে দাঊদক ৰাজত্ব আৰু নুবুওৱত প্ৰদান কৰিলে, লগতে বিভিন্ন প্ৰকাৰৰ জ্ঞান প্ৰদান কৰিলে। এইদৰে তেওঁক পৃথিৱী আৰু আখিৰাতৰ কল্যাণ প্ৰদান কৰিলে। দৰাচলতে যদি আল্লাহে কিছুমান লোকৰ দ্বাৰা আন কিছুমান লোকৰ উপদ্ৰৱ প্ৰতিৰোধ নকৰিলেহেঁতেন তেন্তে উপদ্ৰৱকাৰী সকলৰ অন্যায়-অত্যাচাৰ প্ৰতিষ্ঠিত হোৱাৰ ফলত পৃথিৱীত বিপৰ্যয় সৃষ্টি হ’লহেঁতেন। কিন্তু আল্লাহ সকলো সৃষ্টিৰ প্ৰতি অনুগ্ৰহশীল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002251.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002251.mp3"},{"index":"252","arabicText":"تِلْكَ اٰیٰتُ اللّٰهِ نَتْلُوْهَا عَلَیْكَ بِالْحَقِّ ؕ وَاِنَّكَ لَمِنَ الْمُرْسَلِیْنَ ۟","assameseTranslation":"এইবোৰ হৈছে আল্লাহৰ আয়াত, আমি তোমাৰ ওপৰত এইবোৰ যথাযথভাৱে তিলাৱত কৰোঁ; আৰু নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভুক্ত।","footnotes":"","tafseer":"হে নবী! আমি আপোনাক যিবোৰ পাঠ কৰি শুনাই আছোঁ এয়া আল্লাহৰ স্পষ্ট নিদৰ্শন। ইয়াৰ মাজত আছে সত্য ঘটনা আৰু ন্যায়সংগত বিধান। নিশ্চয় আপুনি বিশ্বজগতৰ প্ৰতিপালকৰ ৰাছুলসকলৰ অন্তৰ্ভুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002252.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002252.mp3"},{"index":"253","arabicText":"تِلْكَ الرُّسُلُ فَضَّلْنَا بَعْضَهُمْ عَلٰی بَعْضٍ ۘ مِنْهُمْ مَّنْ كَلَّمَ اللّٰهُ وَرَفَعَ بَعْضَهُمْ دَرَجٰتٍ ؕ وَاٰتَیْنَا عِیْسَی ابْنَ مَرْیَمَ الْبَیِّنٰتِ وَاَیَّدْنٰهُ بِرُوْحِ الْقُدُسِ ؕ وَلَوْ شَآءَ اللّٰهُ مَا اقْتَتَلَ الَّذِیْنَ مِنْ بَعْدِهِمْ مِّنْ بَعْدِ مَا جَآءَتْهُمُ الْبَیِّنٰتُ وَلٰكِنِ اخْتَلَفُوْا فَمِنْهُمْ مَّنْ اٰمَنَ وَمِنْهُمْ مَّنْ كَفَرَ ؕ وَلَوْ شَآءَ اللّٰهُ مَا اقْتَتَلُوْا ۫ وَلٰكِنَّ اللّٰهَ یَفْعَلُ مَا یُرِیْدُ ۟۠","assameseTranslation":"সেই ৰাছুলসকল, আমি তেওঁলোকৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্টত্ব প্ৰদান কৰিছোঁ। তেওঁলোকৰ মাজৰ কিছুমানৰ সৈতে আল্লাহে কথাও পাতিছে, আকৌ কিছুমানক উচ্চ মৰ্যাদা প্ৰদান কৰিছে; আৰু মাৰয়ামৰ পুত্ৰ ঈছাক আমি স্পষ্ট প্ৰমাণাদি প্ৰদান কৰিছিলোঁ লগতে ৰূহুল কুদুছ (জিব্ৰীল ফিৰিস্তা)ৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছিলোঁ; আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰৱৰ্তী লোকসকলে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদি সমাগত হোৱাৰ পিছতো পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লহেঁতেন; কিন্তু সিহঁতে মতভেদ কৰিছিল। ফলত সিহঁতৰ কিছুমানে ঈমান আনিছিল আৰু কিছুমানে কুফুৰী কৰিছিল; কিন্তু আল্লাহে ইচ্ছা কৰিলে সিহঁত পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লহেতেন; কিন্তু আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱেই কৰে।","footnotes":"","tafseer":"সেইসকল ৰাছুল যিসকলৰ বিষয়ে আমি উল্লেখ কৰিছোঁ, তেওঁলোকৰ মাজত কিছুমানক আমি অহী, অনুগামী আৰু শ্ৰেণীৰ ফালেৰে আন আন নবী আৰু ৰাছুলসকলৰ তুলনাত প্ৰাধান্য দিছোঁ। তেওঁলোকৰ মাজত কিছুমান এনেকুৱা আছে যিসকলৰ লগত আল্লাহে কথা পাতিছে, যেনে- মুছা আলাইহিচ্ছালাম। আন কিছুমানক উচ্চ মৰ্যদা প্ৰদান কৰিছে, যেনে- মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। কিয়নো তেখেতক গোটেই মানৱ জাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। তেখেতৰ জৰিয়তে নুবুওৱতৰ ধাৰা বন্ধ কৰি দিয়া হৈছে। লগতে তেখেতৰ উম্মতক আন সকলো উম্মতৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰা হৈছে। (আল্লাহে কৈছেঃ) আমিয়ে মৰিয়মৰ পুত্ৰ ঈছাক তেওঁৰ নুবুওৱত প্ৰমাণ কৰিবলৈ স্পষ্ট অলৌকিকতা প্ৰদান কৰিছোঁ, যেনে- মৃত ব্যক্তিক জীৱিত কৰা, অন্ধ আৰু কুষ্ঠ ৰোগীক আৰোগ্য প্ৰদান কৰা। আমিয়ে জিব্ৰীল আলাইহিচ্ছালামৰ দ্বাৰা তেওঁক সমৰ্থন কৰিছিলোঁ, যাতে আল্লাহৰ আদেশ পালন কৰাত তেওঁৰ সুবিধা হয়। যদি আল্লাহে বিচাৰিলেহেঁতেন তেন্তে ৰাছুলৰ পিছত অহা লোকসকলে স্পষ্ট নিদৰ্শন পোৱাৰ পিছতো পৰস্পৰে পৰস্পৰৰ মাজত মতভেদ নকৰিলেহেঁতেন। কিন্তু তথাপিও সিহঁতে মতভেদ কৰিলে আৰু বিভাজিত হৈ গ’ল। সিহঁতৰ মাজৰ কিছুমানে আল্লাহৰ প্ৰতি ঈমান আনিলে আৰু কিছুমানে অস্বীকাৰ কৰিলে। অথচ আল্লাহে ইচ্ছা কৰিলে সিহঁতে পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লহেঁতেন। কিন্তু আল্লাহে যিটো বিচাৰে সেইটোৱে কৰে। এতেকে তেওঁ যাক ইচ্ছা কৰে, নিজৰ কৃপা আৰু দয়াৰে ঈমান পোষণ কৰাৰ হিদায়ত দিয়ে, আনহাতে যাক ইচ্ছা কৰে ন্যায় আৰু হিকমতৰ দ্বাৰা পথভ্ৰষ্ট কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002253.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002253.mp3"},{"index":"254","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَنْفِقُوْا مِمَّا رَزَقْنٰكُمْ مِّنْ قَبْلِ اَنْ یَّاْتِیَ یَوْمٌ لَّا بَیْعٌ فِیْهِ وَلَا خُلَّةٌ وَّلَا شَفَاعَةٌ ؕ وَالْكٰفِرُوْنَ هُمُ الظّٰلِمُوْنَ ۟","assameseTranslation":"হে মুমিনসকল! আমি তোমালোকক যি জীৱিকা প্ৰদান কৰিছোঁ তাৰ পৰা তোমালোকে ব্যয় কৰা, সেই (শেষ বিচাৰৰ) দিৱস অহাৰ আগতে, যিদিনা ব্যৱসায়, বন্ধুত্ব আৰু চুপাৰিছ আদি একো নাথাকিব, আৰু কাফিৰসকলেই হৈছে যালিম।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! ক্বিয়ামত সংঘটিত হোৱাৰ পূৰ্বেই আমি প্ৰদান কৰা বিভিন্ন হালাল সম্পদৰ পৰা ব্যয় কৰা। কিয়নো ক্বিয়ামতৰ দিনা লাভদায়ক কোনো ব্যৱসায় নাথাকিব, লগতে বিপদৰ পৰা ৰক্ষাকাৰী কোনো বন্ধত্বও কামত নাহিব। এইদৰে কোনো মধ্যস্ততাও সংকট দূৰ কৰিব নোৱাৰিব আৰু উপকাৰো কৰিব নোৱাৰিব। যেতিয়ালৈকে আল্লাহে কাৰো প্ৰতি সন্তুষ্ট হৈ মধ্যস্ততা কৰাৰ অনুমতি প্ৰদান নকৰিব। জানি থোৱা! প্ৰকৃত অন্যায়কাৰী হৈছে কাফিৰসকল, কিয়নো সিহঁতে আল্লাহৰ লগত কুফুৰী কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002254.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002254.mp3"},{"index":"255","arabicText":"اَللّٰهُ لَاۤ اِلٰهَ اِلَّا هُوَ ۚ اَلْحَیُّ الْقَیُّوْمُ ۚ۬ لَا تَاْخُذُهٗ سِنَةٌ وَّلَا نَوْمٌ ؕ لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ مَنْ ذَا الَّذِیْ یَشْفَعُ عِنْدَهٗۤ اِلَّا بِاِذْنِهٖ ؕ یَعْلَمُ مَا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ ۚ وَلَا یُحِیْطُوْنَ بِشَیْءٍ مِّنْ عِلْمِهٖۤ اِلَّا بِمَا شَآءَ ۚ وَسِعَ كُرْسِیُّهُ السَّمٰوٰتِ وَالْاَرْضَ ۚ وَلَا یَـُٔوْدُهٗ حِفْظُهُمَا ۚ وَهُوَ الْعَلِیُّ الْعَظِیْمُ ۟","assameseTranslation":"আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্ত্বাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন আছে এনেকুৱা, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত চুপাৰিছ কৰিব পাৰিব? সিহঁতৰ সন্মুখত আৰু পাছত যি যি আছে সেই সকলো তেওঁ জানে; আৰু তেওঁ যি ইচ্ছা কৰে সেইখিনিৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে আয়ত্ত কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।","footnotes":"","tafseer":"আল্লাহ তেৱেঁই, যাৰ বাহিৰে প্ৰকৃততে আন কোনো ইবাদতৰ যোগ্য নাই। উপাস্য একমাত্ৰ তেৱেঁই, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ পূৰ্ণাংগ জীৱনৰ অধিকাৰী, সকলো ধৰণৰ অসম্পূৰ্ণতাৰ পৰা পৱিত্ৰ, তেওঁৰ জীৱনত কেতিয়াও মৃত্যু নাই। বিশ্বজগতৰ ধাৰক, যিজন স্বয়ং প্ৰতিষ্ঠিত। এতেকে তেওঁ সকলো সৃষ্টিৰ পৰা অমুখাপেক্ষী। তেওঁৰ দ্বাৰাই সকলো সৃষ্টি পৰিচালিত, সিহঁত কোনো অৱস্থাতেই তেওঁৰ অমুখাপেক্ষী নহয়। তেওঁ স্বয়ং প্ৰতিষ্ঠিত আৰু পূৰ্ণাংগ জীৱনৰ অধিকাৰী হোৱাৰ কাৰণে তেওঁক কলাঘূমটি আৰু টোপনিও নধৰে। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোৰে কেৱল তেৱেঁই মালিক। তেওঁৰ সন্তুষ্টি আৰু অনুমতি অবিহনে কোনেও ছুপাৰিছ কৰিব নোৱাৰে। তেওঁ মখলুকৰ সেই সকলো ঘটনা সম্পৰ্কে অৱগত, যিবোৰ বিগত সময়ত সংঘটিত হৈছে আৰু যিবোৰ ভবিষ্যতত সংঘটিত হ’ব। সিহঁতে তেওঁৰ জ্ঞানৰ অকণো আয়ত্ব কৰিব নোৱাৰে, কিন্তু যিটো তেওঁ স্ব-ইচ্ছাই প্ৰদান কৰিব বিচাৰে সেইটো সুকীয়া বিষয়। তেওঁৰ কুৰছীৰ প্ৰশস্ততা আৰু মহানতাই – যিখন তেওঁৰ ভৰি থোৱাৰ ঠাই- আকাশমণ্ডল আৰু পৃথিৱীক আগুৰি আছে। আকাশমণ্ডল আৰু পৃথিৱীৰ সংৰক্ষণ তেওঁৰ বাবে কোনো কঠিন বা ক্লান্তমূলক কাম নহয়। তেওঁ নিজৰ সত্ত্বা, শক্তি আৰু ক্ষমতাত সৰ্বোচ্চ, লগতে ৰাজত্ব আৰু হুকুমতত মহান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002255.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002255.mp3"},{"index":"256","arabicText":"لَاۤ اِكْرَاهَ فِی الدِّیْنِ ۙ۫ قَدْ تَّبَیَّنَ الرُّشْدُ مِنَ الْغَیِّ ۚ فَمَنْ یَّكْفُرْ بِالطَّاغُوْتِ وَیُؤْمِنْ بِاللّٰهِ فَقَدِ اسْتَمْسَكَ بِالْعُرْوَةِ الْوُثْقٰی ۗ لَا انْفِصَامَ لَهَا ؕ وَاللّٰهُ سَمِیْعٌ عَلِیْمٌ ۟","assameseTranslation":"দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। এতেকে যিয়ে তাগুতক (অৰ্থাৎ আল্লাহৰ বাহিৰে অন্যান্য বাতিল উপাস্যসমূহক) অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ঈমান আনিব, সি দৰাচলতে এনেকুৱা এডাল ৰছীত খামুচি ধৰিব যিটো কেতিয়াও বিচ্ছিন্ন নহ’ব; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।","footnotes":"","tafseer":"ইছলামত প্ৰৱেশ কৰিবলৈ কাকো বাধ্য কৰাৰ অৱকাশ নাই। কিয়নো এইটো সত্য আৰু স্পষ্ট দ্বীন। সেয়ে ইয়াত প্ৰৱেশ কৰিবলৈ কাকো বাধ্য কৰোৱাৰ প্ৰয়োজন নাই। নিশ্চয় হিদায়ত পথভ্ৰষ্টতাৰ পৰা পৃথক হৈছে। এতেকে আল্লাহৰ বাহিৰে যিবোৰ বস্তুৰ উপাসনা কৰা হয়, যিয়ে সেই সকলোবোৰক অস্বীকাৰ কৰিব আৰু সিহঁতৰ পৰা সম্পৰ্কচ্ছেদ কৰিব, লগতে কেৱলমাত্ৰ আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব, সি দৰাচলতে ক্বিয়ামতৰ দিনা মুক্তি লাভ কৰিবলৈ দ্বীনৰ এনেকুৱা মজবুত ৰছী ধাৰণ কৰিলে, যিটো কেতিয়াও বিচ্ছিন্ন নহ’ব। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত, আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002256.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002256.mp3"},{"index":"257","arabicText":"اَللّٰهُ وَلِیُّ الَّذِیْنَ اٰمَنُوْا ۙ یُخْرِجُهُمْ مِّنَ الظُّلُمٰتِ اِلَی النُّوْرِ ؕ۬ وَالَّذِیْنَ كَفَرُوْۤا اَوْلِیٰٓـُٔهُمُ الطَّاغُوْتُ ۙ یُخْرِجُوْنَهُمْ مِّنَ النُّوْرِ اِلَی الظُّلُمٰتِ ؕ اُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ هُمْ فِیْهَا خٰلِدُوْنَ ۟۠","assameseTranslation":"যিসকলে ঈমান আনিছে আল্লাহেই তেওঁলোকৰ অভিভাৱক, তেৱেঁই তেওঁলোকক (কুফৰীৰ) অন্ধকাৰৰ পৰা উলিয়াই (ঈমানৰ) পোহৰৰ ফালে লৈ যায়; আনহাতে যিসকলে কুফুৰী কৰিছে, তাগুত হৈছে সিহঁতৰ অভিভাৱক, এইবোৰে সিহঁতক (ঈমানৰ) পোহৰৰ পৰা (কুফৰীৰ) অন্ধকাৰৰ পিনে লৈ যায়। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল অৱস্থান কৰিব।","footnotes":"","tafseer":"আল্লাহেই হৈছে ঈমান্দাৰসকলৰ অভিভাৱক। তেওঁ সিহঁতক তাওফীক দিয়ে আৰু সিহঁতক সহায় কৰে, লগতে সিহঁতক অজ্ঞতা আৰু কুফৰৰ অন্ধকাৰৰ পৰা জ্ঞান আৰু ঈমানৰ পোহৰৰ পিনে উলিয়াই আনে। আনহাতে যিসকলে কুফৰী কৰে, সিহঁতৰ অভিভাৱক হৈছে মূৰ্তি আৰু সমকক্ষসকল। যিসকলে সিহঁতৰ বাবে কুফৰক সুসজ্জিত কৰিছে। এইবোৰেই সিহঁতক জ্ঞান আৰু ঈমানৰ পোহৰৰ পৰা উলিয়াই কুফৰ আৰু অজ্ঞতাৰ অন্ধকাৰলৈ লৈ আহিছে। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002257.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002257.mp3"},{"index":"258","arabicText":"اَلَمْ تَرَ اِلَی الَّذِیْ حَآجَّ اِبْرٰهٖمَ فِیْ رَبِّهٖۤ اَنْ اٰتٰىهُ اللّٰهُ الْمُلْكَ ۘ اِذْ قَالَ اِبْرٰهٖمُ رَبِّیَ الَّذِیْ یُحْیٖ وَیُمِیْتُ ۙ قَالَ اَنَا اُحْیٖ وَاُمِیْتُ ؕ قَالَ اِبْرٰهٖمُ فَاِنَّ اللّٰهَ یَاْتِیْ بِالشَّمْسِ مِنَ الْمَشْرِقِ فَاْتِ بِهَا مِنَ الْمَغْرِبِ فَبُهِتَ الَّذِیْ كَفَرَ ؕ وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟ۚ","assameseTranslation":"তুমি সেইজন ব্যক্তিৰ (নমৰূদৰ) কথা ভাৱি চোৱা নাইনে? যিয়ে ইব্ৰাহীমৰ লগত তেওঁৰ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছিল, যিহেতু আল্লাহে তাক ৰাজত্ব প্ৰদান কৰিছিল। যেতিয়া ইব্ৰাহীমে ক’লে, ‘তেওঁ হৈছে মোৰ প্ৰতিপালক, যিজনে জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে’, সি ক’লে, ‘ময়ো জীৱন দান কৰোঁ আৰু মৃত্যু ঘটাওঁ’। ইব্ৰাহীমে ক’লে, ‘নিশ্চয় আল্লাহে সূৰ্যক পূৱৰ পৰা উদয় কৰে, তুমি ইয়াক পশ্চিমৰ পৰা উদয় কৰি দেখুওৱাচোন’। ফলত কাফিৰজন বুদ্ধিহীন হৈ পৰিল; আৰু আল্লাহ যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।","footnotes":"","tafseer":"হে নবী আপুনি সেই বিদ্ৰোহীৰ সাহসতকৈ অধিক আশ্চৰ্যজনক আন কোনো বস্তু দেখিছেনে, যিয়ে ইব্ৰাহীম আলাইহিচ্ছালামৰ লগত আল্লাহৰ ৰূবুবিয়্যত আৰু তাওহীদ সম্পৰ্কে বিতৰ্ক কৰিছিল? এয়া এই কাৰণে হৈছিল যে, আল্লাহে তাক ৰাজত্ব প্ৰদান কৰিছিল, যিটো পাই সি বিদ্ৰোহী হৈ গৈছিল। ইব্ৰাহীমে তেওঁৰ প্ৰতিপালকৰ বৈশিষ্ট্য বৰ্ণনা কৰি ক’লেঃ মোৰ প্ৰতিপালক হৈছে সেইজন, যিয়ে প্ৰাণীক জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে। বিদ্ৰোহীয়ে অহংকাৰ কৰি ক’লেঃ ময়ো জীৱন দান কৰিব পাৰোঁ আৰু ময়ো মৃত্যু প্ৰদান কৰিব পাৰোঁ। মই যাক ইচ্ছা তাকে হত্যা কৰিব পাৰোঁ আৰু যাক ইচ্ছা তাকে এৰি দিব পাৰোঁ। তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে ইয়াতকৈ ডাঙৰ প্ৰমাণ এটা দাঙি ধৰি ক’লেঃ মই যি প্ৰতিপালকৰ ইবাদত কৰোঁ তেওঁ পূৱৰ পৰা সূৰ্যোদয় কৰে, এতেকে তুমি পশ্চিমৰ পৰা উদয় কৰি দেখুৱাচোন। এই শুনি বিদ্ৰোহীয়ে তথমথ খালে, অৱশেষত ক্লান্ত হৈ পৰাজিত হ’ল। আল্লাহে অন্যায়কাৰীসকলক সিহঁতৰ অত্যাচাৰ আৰু বিদ্ৰোহৰ কাৰণে তেওঁৰ পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002258.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002258.mp3"},{"index":"259","arabicText":"اَوْ كَالَّذِیْ مَرَّ عَلٰی قَرْیَةٍ وَّهِیَ خَاوِیَةٌ عَلٰی عُرُوْشِهَا ۚ قَالَ اَنّٰی یُحْیٖ هٰذِهِ اللّٰهُ بَعْدَ مَوْتِهَا ۚ فَاَمَاتَهُ اللّٰهُ مِائَةَ عَامٍ ثُمَّ بَعَثَهٗ ؕ قَالَ كَمْ لَبِثْتَ ؕ قَالَ لَبِثْتُ یَوْمًا اَوْ بَعْضَ یَوْمٍ ؕ قَالَ بَلْ لَّبِثْتَ مِائَةَ عَامٍ فَانْظُرْ اِلٰی طَعَامِكَ وَشَرَابِكَ لَمْ یَتَسَنَّهْ ۚ وَانْظُرْ اِلٰی حِمَارِكَ۫ وَلِنَجْعَلَكَ اٰیَةً لِّلنَّاسِ وَانْظُرْ اِلَی الْعِظَامِ كَیْفَ نُنْشِزُهَا ثُمَّ نَكْسُوْهَا لَحْمًا ؕ فَلَمَّا تَبَیَّنَ لَهٗ ۙ قَالَ اَعْلَمُ اَنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"অথবা সেই ব্যক্তিৰ কথা ভাৱি চোৱা নাইনে, যিয়ে এনেকুৱা এটা জনপদ অতিক্ৰম কৰি আছিল যিটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল। সেই ব্যক্তিজনে ক'লে, 'মৃত্যুৰ পিছত আকৌ কেনেকৈ আল্লাহে ইয়াক জীৱিত কৰিব'? তাৰ পিছত আল্লাহে তাক এশ বছৰ মৃত অৱস্থাত ৰাখিলে। অৱশেষত তাক পুনৰ্জীৱিত কৰিলে। আল্লাহে ক'লে, 'তুমি কিমান দিন অৱস্থান কৰিলা'? সি ক'লে, 'এদিন বা এদিনতকৈও কম সময় অৱস্থান কৰিছোঁ'। তেওঁ ক'লে, 'বৰং তুমি এশ বছৰ অৱস্থান কৰিছা। এতেকে তুমি তোমাৰ খাদ্যসামগ্ৰী আৰু পানীয় বস্তুৰ ফালে লক্ষ্য কৰা, সেইবোৰ অবিকৃত আছে আৰু চোৱা, তোমাৰ গাধটোৰ পিনে, আৰু (এয়া কৰিছোঁ) যাতে আমি তোমাক মানুহৰ বাবে নিদৰ্শন বনাব পাৰোঁ, আৰু (গাধৰ) অস্থিসমূহৰ পিনে চোৱা; কেনেকৈ সেইবোৰ সংযোজিত কৰোঁ আৰু মাংসপিণ্ডৰে ঢাকি দিওঁ'। তাৰ পিছত যেতিয়া তাৰ ওচৰত স্পষ্ট হ’ল তেতিয়া সি ক’লে, 'মই জানো, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান'।","footnotes":"","tafseer":"অথবা আপুনি সেই ব্যক্তিৰ দৰে আন কোনো ব্যক্তি দেখিছে নেকি? যিজন ব্যক্তিয়ে এনেকুৱা এটা গাওঁৰ মাজেৰে অতিক্ৰম কৰিছিল, যি গাওঁৰ ঘৰ দুৱাৰ বিনষ্ট হৈছিল আৰু তাত থকা অধিবাসীসকল ধ্বংস হৈছিল আৰু সেই গাওঁখন ভয়াৱহ আৰু জনশূন্য হৈ গৈছিল। ব্যক্তিজনে আচৰিত হৈ ক’লে, আল্লাহে এই গাওঁবাসীক মৃত্যুৰ পিছত আকৌ কেনেকৈ জীৱিত কৰিব? ফলত আল্লাহে তেওঁক এশ বছৰৰ বাবে মৃত্যু প্ৰদান কৰিলে। পুনৰ তেওঁক জীৱিত কৰিলে আৰু সুধিলেঃ তুমি কিমান সময় মৃত হৈ আছিলা? তেওঁ উত্তৰ দিলেঃ মই এদিন অথবা কেই ঘন্টামান মৃত হৈ আছিলোঁ। আল্লাহে তেওঁক জনালে যে, বৰং তুমি সম্পূৰ্ণ এশ বছৰ মৃত অৱস্থাত আছিলা। ইয়াৰ পিছতো তোমাৰ খাদ্যসামগ্ৰীৰ পিনে চোৱা, সেয়া আগৰ দৰেই সতেজ হৈ আছে, কোনো পৰিবৰ্তন হোৱা নাই। যদিও খাদ্য সামগ্ৰী অতি সোনকালে বেয়া হয়। আনহাতে তোমাৰ মৃত গাধটোৰ পিনে চোৱা। আমি তোমাৰ লগত এইটো এই বাবে কৰিলোঁ, যাতে তোমাক মানুহৰ বাবে নিদৰ্শন বনাব পাৰি যে, আল্লাহে পুনৰজীৱিত কৰিবলৈ সম্পূৰ্ণ সক্ষম। তোমাৰ মৃত গাধটোৰ হাড়খিনিলৈ চোৱা, কেনেকৈ তচ-নচ হৈ সিঁচৰতি হৈ আছে। চোৱা! আমি কেনেকৈ এইবোৰক একত্ৰিত কৰি সংযুক্ত কৰোঁ আৰু কেনেকৈ ইয়াৰ ওপৰত মাংস লগাই দিওঁ আৰু চোৱা কেনেকৈ আমি ইয়াক জীৱন দান কৰোঁ। যেতিয়া তেওঁ এই দৃশ্য দেখা পালে, তেতিয়া তেওঁৰ ওচৰত সত্য উদ্ঘাটন হ'ল, আৰু আল্লাহৰ শক্তি স্বীকাৰ কৰি ক’লে, মই জানো যে, আল্লাহ সকলো বিষয়তে ক্ষমতাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002259.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002259.mp3"},{"index":"260","arabicText":"وَاِذْ قَالَ اِبْرٰهٖمُ رَبِّ اَرِنِیْ كَیْفَ تُحْیِ الْمَوْتٰی ؕ قَالَ اَوَلَمْ تُؤْمِنْ ؕ قَالَ بَلٰی وَلٰكِنْ لِّیَطْمَىِٕنَّ قَلْبِیْ ؕ قَالَ فَخُذْ اَرْبَعَةً مِّنَ الطَّیْرِ فَصُرْهُنَّ اِلَیْكَ ثُمَّ اجْعَلْ عَلٰی كُلِّ جَبَلٍ مِّنْهُنَّ جُزْءًا ثُمَّ ادْعُهُنَّ یَاْتِیْنَكَ سَعْیًا ؕ وَاعْلَمْ اَنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟۠","assameseTranslation":"আৰু যেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি কেনেকৈ মৃতক জীৱিত কৰা মোক দেখুৱাই দিয়া’, তেওঁ ক’লে, ‘তেন্তে তুমি বিশ্বাস কৰা নাই নেকি’? ইব্ৰাহীমে ক’লে, ‘নিশ্চয় কৰোঁ, কিন্তু মোৰ মনৰ প্ৰশান্তিৰ বাবে (চাব বিচাৰোঁ)’, আল্লাহে ক’লে, ‘তেন্তে চাৰিটা চৰাই লোৱা আৰু সেইবোৰক পোহ মনাই লোৱা (যাতে মাতিলেই তোমাৰ ওচৰলৈ আহে)। তাৰ পিছত সেইবোৰৰ টুকুৰা-টুকুৰ কৰি এটা এটা ভাগ প্ৰত্যেক পাহাৰত স্থাপন কৰা। তাৰ পিছত সেইবোৰক মাতা, (চাবা) সেইবোৰ তোমাৰ ওচৰলৈ দ্ৰুতগতিত গুচি আহিব, আৰু জানি থোৱা, নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।","footnotes":"","tafseer":"হে নবী! স্মৰণ কৰক, যেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে কৈছিলঃ হে মোৰ ৰব্ব ! মই মোৰ নিজ চকুৰে দেখিব বিচাৰোঁ যে, মৃতক কেনেকৈ পুনৰ জীৱিত কৰা হ’ব? আল্লাহে ক’লেঃ কিয়, তুমি বিশ্বাস নকৰা নেকি? ইব্ৰাহীমে ক’লেঃ নিশ্চয় বিশ্বাস কৰোঁ, কিন্তু মনৰ সন্তুষ্টি বৃদ্ধি কৰাৰ বাবে দেখিব বিচাৰোঁ। আল্লাহে তেওঁক আদেশ দি ক'লেঃ চাৰিটা চৰাই লোৱা আৰু সেইবোৰক প্ৰশিক্ষণ দিয়া, আৰু তাৰ পিছত সেইবোৰক টুকুৰা টুকুৰ কৰি সেই টুকুৰাসমূহ ওচৰে পাঁজৰে থকা পাহাৰত গৈ এটা এটাকৈ টুকুৰা থৈ আহা। তাৰ পিছত সেই চৰাইবোৰৰ নাম লৈ মাতা। সিহঁত তোমাৰ পিনে দৌৰি আহিব আৰু সিহঁত পুনৰ জীৱন দান পাব। হে ইব্ৰাহীম! জানি থোৱা যে, মহান আল্লাহ ৰাজত্বৰ ক্ষেত্ৰত মহা ক্ষমতাৱান, লগতে তেওঁ আদেশ আৰু চৰীয়ত প্ৰণয়নত মহা প্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002260.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002260.mp3"},{"index":"261","arabicText":"مَثَلُ الَّذِیْنَ یُنْفِقُوْنَ اَمْوَالَهُمْ فِیْ سَبِیْلِ اللّٰهِ كَمَثَلِ حَبَّةٍ اَنْۢبَتَتْ سَبْعَ سَنَابِلَ فِیْ كُلِّ سُنْۢبُلَةٍ مِّائَةُ حَبَّةٍ ؕ وَاللّٰهُ یُضٰعِفُ لِمَنْ یَّشَآءُ ؕ وَاللّٰهُ وَاسِعٌ عَلِیْمٌ ۟","assameseTranslation":"যিসকলে নিজৰ ধন-সম্পদ আল্লাহৰ পথত ব্যয় কৰে, তেওঁলোকৰ (এই ব্যয়ৰ) উদাহৰণ হৈছে শস্যৰ এটা বীজৰ দৰে, যিটোৰ পৰা সাতটাকৈ সিহ (থোক) ওলায়, প্ৰত্যেক থোকত থাকে এশটাকৈ শস্য দানা; আৰু আল্লাহে যাক ইচ্ছা কৰে বহু গুণে বৃদ্ধি কৰি দিয়ে; আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।","footnotes":"","tafseer":"আল্লাহৰ পথত ব্যয়কাৰী মুমিনসকলৰ ছোৱাবৰ উদাহৰণ হৈছে সেই শস্য দানাৰ দৰে, যিটোক কৃষকে ভাল মাটিত ৰোপন কৰে, তাৰ পিছত ইয়াৰ পৰা সাত টা শীহ ওলায়, আৰু প্ৰতিটো শীহত থাকে এশ টাকৈ দানা। আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে, তাৰ ছোৱাব বৃদ্ধি কৰি দিয়ে আৰু তাক অগণন প্ৰতিফল প্ৰদান কৰে। মহান আল্লাহ মহা অনুগ্ৰহশীল আৰু অত্যন্ত দানশীল। তেওঁ ভালকৈয়ে জানে কোনে অধিক পোৱাৰ বেছি যোগ্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002261.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002261.mp3"},{"index":"262","arabicText":"اَلَّذِیْنَ یُنْفِقُوْنَ اَمْوَالَهُمْ فِیْ سَبِیْلِ اللّٰهِ ثُمَّ لَا یُتْبِعُوْنَ مَاۤ اَنْفَقُوْا مَنًّا وَّلَاۤ اَذًی ۙ لَّهُمْ اَجْرُهُمْ عِنْدَ رَبِّهِمْ ۚ وَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟","assameseTranslation":"যিসকলে আল্লাহৰ পথত নিজৰ ধন-সম্পদ ব্যয় কৰে, আৰু সেই দানৰ কথা মানুহৰ ওচৰত গাই নুফুৰে লগতে (এই দানৰ বিনিময়ত মানুহক) কোনো প্ৰকাৰ কষ্টও নিদিয়ে, তেওঁলোকৰ প্ৰতিদান আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আৰু তেওঁলোকৰ কোনো ভয় নাই লগতে তেওঁলোক চিন্তিতও নহ’ব।","footnotes":"","tafseer":"যিসকলে নিজৰ সম্পদ আল্লাহৰ অনুসৰণ আৰু তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবে ব্যয় কৰে, আৰু ব্যয় কৰাৰ পিছত এনেকুৱা কোনো কাম নকৰে যাৰ ফলত তাৰ আমল বিনষ্ট হৈ যায়, যেনেঃ মানুহৰ প্ৰতি সহায় সহযোগিতা কৰি সেই কথা গাই নুফুৰে। তেনেকুৱা লোকৰ ছোৱাব তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত সুৰক্ষিত আছে। তেওঁলোকে এনেকুৱা অনুগ্ৰহ লাভ কৰিব, যাৰ ফলত ভৱিষ্যতৰ কোনো চিন্তা নাথাকিব আৰু অতীতৰ প্ৰতিও কোনো দুখ নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002262.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002262.mp3"},{"index":"263","arabicText":"قَوْلٌ مَّعْرُوْفٌ وَّمَغْفِرَةٌ خَیْرٌ مِّنْ صَدَقَةٍ یَّتْبَعُهَاۤ اَذًی ؕ وَاللّٰهُ غَنِیٌّ حَلِیْمٌ ۟","assameseTranslation":"যি দানৰ পিছত (দান গ্ৰহণকাৰীক) কষ্ট দিয়া হয়, সেই দানতকৈ ভাল কথা কোৱা আৰু ক্ষমা কৰাই উত্তম, আৰু আল্লাহ অভাৱমুক্ত, পৰম সহনশীল।","footnotes":"","tafseer":"ভাল কথাই মুমিনৰ অন্তৰত আনন্দ দিয়ে। জানি থোৱা! বেয়া ব্যৱহাৰকাৰীক ক্ষমা কৰি দিয়াটো হৈছে সেই দানতকৈ উত্তম, যি দান দিয়াৰ পিছত মানুহৰ মাজত প্ৰচাৰ কৰি দানকৃত ব্যক্তিক কষ্ট দিয়া হয়। মহান আল্লাহ তেওঁৰ বান্দাসকলৰ পৰা অমুখাপেক্ষী। তেওঁ বৰ সহনশীল, শাস্তি প্ৰদানত খৰখেদা নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002263.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002263.mp3"},{"index":"264","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تُبْطِلُوْا صَدَقٰتِكُمْ بِالْمَنِّ وَالْاَذٰی ۙ كَالَّذِیْ یُنْفِقُ مَالَهٗ رِئَآءَ النَّاسِ وَلَا یُؤْمِنُ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ فَمَثَلُهٗ كَمَثَلِ صَفْوَانٍ عَلَیْهِ تُرَابٌ فَاَصَابَهٗ وَابِلٌ فَتَرَكَهٗ صَلْدًا ؕ لَا یَقْدِرُوْنَ عَلٰی شَیْءٍ مِّمَّا كَسَبُوْا ؕ وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الْكٰفِرِیْنَ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! দানৰ কথা প্ৰচাৰ কৰি আৰু (দান গ্ৰহণকাৰীক) কষ্ট প্ৰদান কৰি তোমালোকে নিজৰ দানক সেই ব্যক্তিৰ দৰে নিষ্ফল নকৰিবা যিয়ে নিজৰ ধন-সম্পদ লোকক দেখুৱাবলৈ ব্যয় কৰে, লগতে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে। ফলত তাৰ উপমা হৈছে এনেকুৱা এটা মসৃণ শিলৰ দৰে, যাৰ ওপৰত অলপ মাটি আছে, তাৰ পিছত ধাৰাষাৰ বৰষুণে সেইটোক পৰিষ্কাৰ কৰি দিয়ে। ইহঁতে যি উপাৰ্জন কৰিছে তাৰ একোৱেই নিজৰ কামত খটাবলৈ সক্ষম নহয়; আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছুলৰ অনুসাৰীসকল! দান কৰাৰ পিছত সেই দানৰ কথা মানুহৰ মাজত গাই ফুৰি তথা দান লোৱ ব্যক্তিক কষ্ট প্ৰদান কৰি নিজৰ দানৰ ছোৱাব বিনষ্ট নকৰিবা। এনে কৰা ব্যক্তিৰ উদাহৰণ হৈছে সেই ব্যক্তিৰ দৰে, যিয়ে নিজৰ ধন-সম্পত্তি এই উদ্দেশ্যে ব্যয় কৰে, যাতে মানুহে সেয়া দেখি তাৰ প্ৰশংসা কৰে। অথচ এনেকুৱা ব্যক্তিয়ে আল্লাহৰ প্ৰতি, শেষ দিৱসৰ প্ৰতি আৰু সেইদিনা পাবলগীয়া ছোৱাব আৰু শাস্তিৰ প্ৰতি বিশ্বাস নকৰে। তাৰ উদাহৰণ হৈছে সেই শিলৰ দৰে, যাৰ ওপৰত অলপ মাটি আছে কিন্তু ধাৰাসাৰ বৰষুণে সেই মাটিক ধুই নিয়ে আৰু সেই শিল পুনৰ আগৰ অৱস্থাত আহি পৰে। মানুহক দেখুৱাবলৈ নেক কৰ্ম কৰা ব্যক্তিৰ অৱস্থাও এনেকুৱাই হয়। সিহঁতৰ কৰ্ম আৰু ব্যয়ৰ পুণ্য শেষ হৈ যায়। আল্লাহৰ ওচৰত সিহঁতৰ কোনো পুণ্যই অৱশিষ্ট নাথাকিব। আল্লাহে কাফিৰসকলক তেওঁৰ সন্তুষ্টি অৰ্জনৰ তাওফীক নিদিয়ে। লগতে এনেকুৱা কোনো কৰ্ম আৰু ব্যয়ৰো তাওফীক নিদিয়ে, যিটোৰ পৰা সিহঁতৰ উপকাৰ হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002264.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002264.mp3"},{"index":"265","arabicText":"وَمَثَلُ الَّذِیْنَ یُنْفِقُوْنَ اَمْوَالَهُمُ ابْتِغَآءَ مَرْضَاتِ اللّٰهِ وَتَثْبِیْتًا مِّنْ اَنْفُسِهِمْ كَمَثَلِ جَنَّةٍ بِرَبْوَةٍ اَصَابَهَا وَابِلٌ فَاٰتَتْ اُكُلَهَا ضِعْفَیْنِ ۚ فَاِنْ لَّمْ یُصِبْهَا وَابِلٌ فَطَلٌّ ؕ وَاللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟","assameseTranslation":"আনহাতে যিসকলে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে আৰু নিজৰ আত্মা বলিষ্ঠ কৰাৰ বাবে ধন-সম্পদ ব্যয় কৰে, তেওঁলোকৰ উপমা হৈছে কোনো ওখ ভূমিত অৱস্থিত এখন উদ্যানৰ দৰে, য'ত ধাৰাষাৰ বৰষুণ হয়, ফলত তাত দ্বিগুণ ফল-মূল উৎপাদন হয়; আৰু ধাৰাষাৰ বৰষুণ নহ’লেও অলপ বৰষুণেই তাৰ বাবে যথেষ্ট হয়। তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ যথাৰ্থ প্ৰত্যক্ষকাৰী।","footnotes":"","tafseer":"সেইসকল মুমিনৰ উদাহৰণ, যিসকলে অন্তৰেৰে পূৰ্ণ বিশ্বাসৰ সৈতে, কোনো ধৰণৰ জোৰ-জবৰদস্তি নোহোৱাকৈ আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ বাবে নিজৰ সম্পদ ব্যয় কৰে, তেওঁলোকৰ উদাহৰণ হৈছে সেই বাগানৰ দৰে, যিখন ওখ স্থানত অৱস্থিত। ধাৰাসাৰ বৰষুণ হ’লে সেই বাগানত দ্বিগুণ ফল উত্পন্ন হয়। আনহাতে বেছি বৰষুণ নহ’লেও ভাল মাটি হোৱাৰ বাবে অলপ বৰষুণেই যথেষ্ট হয়। নিষ্ঠাৰ সৈতে ব্যয়কাৰী সকলৰো এনেকুৱাই অৱস্থা। আল্লাহে তেওঁলোকৰ দান কবুল কৰে আৰু তাৰ নেকী বৃদ্ধি কৰি দিয়ে, যদিও তাৰ দানৰ পৰিমাণ কম হয়। আল্লাহে তোমালোকৰ কৰ্ম দেখি আছে। এতেকে যিসকলে মানুহক দেখুৱাবলৈ নেক কাম কৰে, আৰু যিসকলে নিষ্ঠাৰ সৈতে কাম কৰে, সিহঁত উভয়ৰে অৱস্থা আল্লাহৰ পৰা গোপন নহয়। আল্লাহে প্ৰত্যেককে সেই অনুপাতেই প্ৰতিদান দিব, যিটোৰ সি উপযুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002265.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002265.mp3"},{"index":"266","arabicText":"اَیَوَدُّ اَحَدُكُمْ اَنْ تَكُوْنَ لَهٗ جَنَّةٌ مِّنْ نَّخِیْلٍ وَّاَعْنَابٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ۙ لَهٗ فِیْهَا مِنْ كُلِّ الثَّمَرٰتِ ۙ وَاَصَابَهُ الْكِبَرُ وَلَهٗ ذُرِّیَّةٌ ضُعَفَآءُ ۪ۖ فَاَصَابَهَاۤ اِعْصَارٌ فِیْهِ نَارٌ فَاحْتَرَقَتْ ؕ كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمُ الْاٰیٰتِ لَعَلَّكُمْ تَتَفَكَّرُوْنَ ۟۠","assameseTranslation":"তোমালোকৰ কোনোবাই বিচৰানে যে, তাৰ বাবে খেজুৰ আৰু আঙুৰৰ এখন উদ্যান হওক, যাৰ মাজেৰে নদী প্ৰবাহিত থাকিব, লগতে সেই উদ্যানত তাৰ বাবে সকলো ধৰণৰ ফলমূল থাকিব, তেনে অৱস্থাতে তাক বাৰ্ধক্যই পাব আৰু ইপিনে তাৰ কিছুমান দুৰ্বল সন্তান-সন্ততিও থাকিব, এনেকুৱা পৰিস্থিতিত তাৰ এই উদ্যানৰ ওপৰত এটা অগ্নিসহ প্ৰচণ্ড ঘুৰ্ণি বতাহ আহি উদ্যানখন দাহ কৰি যাব (এইটো তোমালোকৰ কোনোবাই বিচৰানে)? এইদৰেই আল্লাহে তেওঁৰ নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাৱে ব্যক্ত কৰে, যাতে তোমালোকে চিন্তা-ভাৱনা আৰু গৱেষণা কৰা।","footnotes":"","tafseer":"তোমালোকৰ কোনোবাই এনেকুৱা আশা কৰানে যে, তাৰ বাবে খেজুৰ আৰু আঙুৰৰ এটা উদ্যান হওক, তাৰ মাজেৰে নিজৰা প্ৰবাহিত হওক। লগতে সেই উদ্যানত সকলো ধৰণৰ ফলমূল হওক। কিন্তু সেই উদ্যানৰ গৰাকীজন ইমান বয়সীয়াল যে, সি উপাৰ্জন কৰাৰ আৰু কৰ্ম কৰাৰো শক্তি নাই। কিন্তু তাৰ সৰু সৰু দুৰ্বল ল’ৰা-ছোৱালী আছে, সিহঁতেও কাম কৰা বয়সত উপনীত হোৱা নাই। হঠাৎ এনেকুৱা ধুমুহা আহি পৰে, যাৰ ভিতৰত আছে প্ৰচণ্ড জুই, আৰু সেই ধুমুহাই গোটেই উদ্যানখনক জ্বলাই ছাৰখাৰ কৰে। যদিও বৃদ্ধাৱস্থাত উপনীত হোৱাৰ কাৰণে আৰু সৰু সৰু ল’ৰা ছোৱালী থকাৰ বাবে সেই উদ্যানখন আছিল তাৰ বাবে অতি আৱশ্যকীয়। এতেকে মানুহক দেখুৱাবলৈ দান (নেক কৰ্ম) কৰা ব্যক্তিৰ অৱস্থাও সেই ব্যক্তিৰ দৰেই। সি ক্বিয়ামতৰ দিনা আল্লাহৰ ওচৰত এনেকুৱা সময়ত উপস্থিত হ’ব, যেতিয়া তাৰ নেকীৰ খুবেই প্ৰয়োজন হ’ব। আল্লাহে এই দৰেই বিস্তাৰিত বৰ্ণনা কৰে যে, পৃথিৱী আৰু আখিৰাতত কোনটো বস্তু তোমালোকৰ বাবে উপকাৰী যাতে তোমালোকে চিন্তা-চৰ্চা কৰিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002266.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002266.mp3"},{"index":"267","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَنْفِقُوْا مِنْ طَیِّبٰتِ مَا كَسَبْتُمْ وَمِمَّاۤ اَخْرَجْنَا لَكُمْ مِّنَ الْاَرْضِ ۪ وَلَا تَیَمَّمُوا الْخَبِیْثَ مِنْهُ تُنْفِقُوْنَ وَلَسْتُمْ بِاٰخِذِیْهِ اِلَّاۤ اَنْ تُغْمِضُوْا فِیْهِ ؕ وَاعْلَمُوْۤا اَنَّ اللّٰهَ غَنِیٌّ حَمِیْدٌ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকে যি উপাৰ্জন কৰা আৰু আমি মাটিৰ পৰা তোমালোকৰ বাবে যি উৎপাদন কৰোঁ, তাৰ পৰা যিটো উৎকৃষ্ট সম্পদ সেইটো দান কৰা; আৰু নিম্নমানৰ বস্তু দান কৰাৰ সংকল্প নকৰিবা, অথচ তোমালোকে নিজেই এনেকুৱা বস্তু চকু বন্ধ নকৰালৈকে গ্ৰহণ নকৰা। জানি থোৱা, নিশ্চয় আল্লাহ অভাৱমুক্ত, প্ৰশংসিত।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! নিজে উপাৰ্জন কৰা পৱিত্ৰ হালাল সম্পদৰ পৰা দান কৰা, লগতে দান কৰা খেতিৰ পৰা উত্পাদিত ফচলৰ এটা অংশ, যিটো আমি তোমালোকৰ বাবে উত্পন্ন কৰিছোঁ। এনেকুৱা পেলনীয়া বস্তু দান কৰাৰ সংকল্প নকৰিবা যিটো তোমালোকক দিলে তোমালোকে নিজেই গ্ৰহণ নকৰিবা, হয়তো বাধ্যত পৰি গ্ৰহণ কৰিব পাৰা। এতেকে যিটো তোমালোকে নিজৰ বাবে পছন্দ নকৰা, সেইটো আল্লাহৰ বাবে কিয় নিৰ্বাচন কৰা? জানি থোৱা! তোমালোকৰ ব্যয়ৰ পৰা আল্লাহ অমুখাপেক্ষী, আৰু তেওঁৰ সত্ত্বা তথা তেওঁৰ কৰ্ম অত্যন্ত প্ৰশংসনীয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002267.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002267.mp3"},{"index":"268","arabicText":"اَلشَّیْطٰنُ یَعِدُكُمُ الْفَقْرَ وَیَاْمُرُكُمْ بِالْفَحْشَآءِ ۚ وَاللّٰهُ یَعِدُكُمْ مَّغْفِرَةً مِّنْهُ وَفَضْلًا ؕ وَاللّٰهُ وَاسِعٌ عَلِیْمٌ ۟ۖۙ","assameseTranslation":"চয়তানে তোমালোকক দৰিদ্ৰতাৰ প্ৰতিশ্ৰুতি দিয়ে (ভয় দেখুৱায়) আৰু অশ্লিলতাৰ নিৰ্দেশ দিয়ে। আনহাতে আল্লাহে তোমালোকক তেওঁৰ ক্ষমা আৰু অনুগ্ৰহৰ প্ৰতিশ্ৰুতি দিয়ে; আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।","footnotes":"","tafseer":"চয়তানে তোমালোকক অভাৱ অনাটনৰ ভয় দেখুৱায়, কৃপণতাৰ নিৰ্দেশ দিয়ে আৰু পাপ কৰ্মৰ পিনে আহ্বান কৰে। আনহাতে আল্লাহে তোমালোকক তোমালোকৰ গুনাহ ক্ষমা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে লগতে ব্যপক জীৱিকা প্ৰদানৰ বচন দিয়ে। মহান আল্লাহ অত্যন্ত অনুগ্ৰহশীল আৰু বান্দাৰ অৱস্থা সম্পৰ্কে সম্যক অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002268.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002268.mp3"},{"index":"269","arabicText":"یُّؤْتِی الْحِكْمَةَ مَنْ یَّشَآءُ ۚ وَمَنْ یُّؤْتَ الْحِكْمَةَ فَقَدْ اُوْتِیَ خَیْرًا كَثِیْرًا ؕ وَمَا یَذَّكَّرُ اِلَّاۤ اُولُوا الْاَلْبَابِ ۟","assameseTranslation":"তেওঁ যাক ইচ্ছা কৰে হিকমত দান কৰে, আৰু যাক হিকমত প্ৰদান কৰা হয়, তাক প্ৰকৃততে প্ৰচুৰ কল্যাণ প্ৰদান কৰা হয়; আৰু বিবেকসম্পন্ন ব্যক্তিসকলেই কেৱল উপদেশ গ্ৰহণ কৰে।","footnotes":"","tafseer":"আল্লাহে যাক ইচ্ছা কৰে তাৰ কথাত সত্যতা আৰু কৰ্মত শুদ্ধতা প্ৰদান কৰে। এতেকে যাক এই গুণ প্ৰদান কৰা হৈছে, তাক দৰাচলতে অসংখ্য কল্যাণ প্ৰদান কৰা হৈছে। আল্লাহৰ নিদৰ্শনৰ পৰা কেৱল সেইজন বুদ্ধিমানেই শিক্ষা গ্ৰহণ কৰে, যিয়ে তেওঁৰ নূৰৰ পৰা পোহৰ গ্ৰহণ কৰে আৰু তেওঁৰ নিৰ্দেশিত পথত পৰিচালিত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002269.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002269.mp3"},{"index":"270","arabicText":"وَمَاۤ اَنْفَقْتُمْ مِّنْ نَّفَقَةٍ اَوْ نَذَرْتُمْ مِّنْ نَّذْرٍ فَاِنَّ اللّٰهَ یَعْلَمُهٗ ؕ وَمَا لِلظّٰلِمِیْنَ مِنْ اَنْصَارٍ ۟","assameseTranslation":"আৰু যিটো তোমালোকে ব্যয় কৰা অথবা তোমালোকে যিটো মান্নত কৰা নিশ্চয় সেয়া আল্লাহে জানে; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই।","footnotes":"","tafseer":"তোমালোকে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে যি দান কৰা, কম হওক বা বেছি, অথবা নিজৰ ফালৰ পৰা এনেকুৱা কোনো নেকী কৰা, যিটো চৰীয়তে তোমাৰ ওপৰত অনিবাৰ্য্য কৰা নাই, আল্লাহে সেই সকলোবোৰ জানে। তেওঁৰ ওচৰত কোনো আমলেই বিনষ্ট নহয়, আৰু তেওঁ শীঘ্ৰেই তোমালোকক অতি উত্তম প্ৰতিদান দিব। আনহাতে অন্যায়কাৰীসকলৰ বাবে, যিসকলে আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখা লংঘন কৰে আৰু নিজৰ ওপৰত অনিবাৰ্য কৰ্তব্যসমূহ আদায় নকৰে, সিহঁতৰ এনেকুৱা কোনো সহায়ক নাথাকিব, যিয়ে ক্বিয়ামতৰ দিনা সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002270.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002270.mp3"},{"index":"271","arabicText":"اِنْ تُبْدُوا الصَّدَقٰتِ فَنِعِمَّا هِیَ ۚ وَاِنْ تُخْفُوْهَا وَتُؤْتُوْهَا الْفُقَرَآءَ فَهُوَ خَیْرٌ لَّكُمْ ؕ وَیُكَفِّرُ عَنْكُمْ مِّنْ سَیِّاٰتِكُمْ ؕ وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟","assameseTranslation":"তোমালোকে যদি প্ৰকাশ্যভাৱে চাদাকা কৰা তেন্তে এয়া ভাল কথা; আৰু যদি গোপনে কৰা আৰু অভাৱগ্ৰস্থক প্ৰদান কৰা তেন্তে এয়া তোমালোকৰ বাবে আৰু উত্তম; আৰু (ইয়াৰ ফলত) তেওঁ তোমালোকৰ বাবে কিছু পৰিমাণ পাপ মোচন কৰিব; প্ৰকৃততে তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।","footnotes":"","tafseer":"তোমালোকে নিজৰ সম্পদৰ পৰা যি দান কৰা, সেয়া প্ৰকাশ্যভাৱে দান কৰাত কোনো বাধা নাই, এইটোও ভাল, কিন্তু যদি গোপনে দুখীয়াক দান কৰা তেন্তে এয়া প্ৰকাশ্য দান কৰাতকৈ অধিক উত্তম। কিয়নো এইটো পৱিত্ৰতা আৰু নিষ্ঠাৰ অধিক অনুকূল। তথা দানৰ পৰিবৰ্তে আল্লাহৰ তৰফৰ পৰা নিষ্ঠাৱানৰ পাপসমূহ গোপন কৰা হয় আৰু ক্ষমা কৰি দিয়া হয়। জানি থোৱা! আল্লাহে তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। এতেকে তোমালোকৰ কোনো অৱস্থাই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002271.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002271.mp3"},{"index":"272","arabicText":"لَیْسَ عَلَیْكَ هُدٰىهُمْ وَلٰكِنَّ اللّٰهَ یَهْدِیْ مَنْ یَّشَآءُ ؕ وَمَا تُنْفِقُوْا مِنْ خَیْرٍ فَلِاَنْفُسِكُمْ ؕ وَمَا تُنْفِقُوْنَ اِلَّا ابْتِغَآءَ وَجْهِ اللّٰهِ ؕ وَمَا تُنْفِقُوْا مِنْ خَیْرٍ یُّوَفَّ اِلَیْكُمْ وَاَنْتُمْ لَا تُظْلَمُوْنَ ۟","assameseTranslation":"সিহঁতক হিদায়ত প্ৰদানৰ দায়িত্ব তোমাৰ নহয়; বৰং আল্লাহে যাক ইচ্ছা কৰে হিদায়ত দিয়ে; তোমালোকে যি ধন-সম্পদ দান কৰা সেইটো কেৱল তোমালোকৰ নিজৰ বাবেই উপকাৰী। এতেকে তোমালোকে কেৱল আল্লাহৰ (সন্তুষ্টি অৰ্জনৰ) বাবেই দান কৰা; আৰু তোমালোকে উত্তম কোনো বস্তু দান কৰিলে তাৰ পুৰস্কাৰ তোমালোকক পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ'ব আৰু তোমালোকৰ প্ৰতি অন্যায় কৰা নহ’ব।","footnotes":"","tafseer":"হে নবী! সিহঁতক হিদায়ত প্ৰদান কৰাৰ দায়িত্ব আৰু সত্য গ্ৰহণ কৰিবলৈ তথা সত্যৰ প্ৰতি নত স্বীকাৰ কৰিবলৈ বাধ্য কৰোৱাটো আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত কৰাৰ দায়িত্ব আপোনাৰ নহয়। বৰং আপোনাৰ কৰ্তব্য হৈছে, সত্যৰ পথ দেখুৱা আৰু সেই পথৰ পৰিচয় দিয়া। কিয়নো সত্যৰ হিদায়ত আৰু ইয়াৰ তাওফীক হৈছে কেৱল আল্লাহৰ হাতত। তেওঁ যাক ইচ্ছা কৰে হিদায়ত দিয়ে। তথা তোমালোকে যি ব্যয় কৰা, ইয়াৰ প্ৰতিদান তোমালোকেই লাভ কৰিবা। কিয়নো আল্লাহ ইয়াৰ পৰা অমুখাপেক্ষী। এতেকে তোমালোকে নিৰ্ভেজালভাৱে কেৱল আল্লাহৰ উদ্দেশ্যেই দান কৰা উচিত। কিয়নো প্ৰকৃত মুমিন ব্যক্তিয়ে কেৱল আল্লাহৰ সন্তুষ্টি লাভৰ বাবেহে দান কৰে। তোমালোকে যি দান কৰা, তাৰ মাত্ৰা কম হওক বা বেছি, তোমালোকক ইয়াৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া হ’ব আৰু তাত অলপো হ্ৰাস কৰা নহ'ব। জানি থোৱা! আল্লাহে কাৰো ওপৰত অন্যায় নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002272.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002272.mp3"},{"index":"273","arabicText":"لِلْفُقَرَآءِ الَّذِیْنَ اُحْصِرُوْا فِیْ سَبِیْلِ اللّٰهِ لَا یَسْتَطِیْعُوْنَ ضَرْبًا فِی الْاَرْضِ ؗ یَحْسَبُهُمُ الْجَاهِلُ اَغْنِیَآءَ مِنَ التَّعَفُّفِ ۚ تَعْرِفُهُمْ بِسِيْمٰهُمْۚ لَا یَسْـَٔلُوْنَ النَّاسَ اِلْحَافًا ؕ وَمَا تُنْفِقُوْا مِنْ خَیْرٍ فَاِنَّ اللّٰهَ بِهٖ عَلِیْمٌ ۟۠","assameseTranslation":"(চাদাকা হৈছে) সেইসকল অভাৱগ্ৰস্থ লোকৰ প্ৰাপ্য, যিসকলে আল্লাহৰ পথত এনেকৈ ব্যাপৃত যে, (জীৱিকাৰ সন্ধানত) পৃথিৱীত চলা ফুৰা কৰিব নোৱাৰে; আত্মসন্মানবোধৰ বাবে তেওঁলোকে আনৰ ওচৰত খুজি নোখোৱাৰ কাৰণে অজ্ঞ লোকসকলে তেওঁলোকক অভাৱমুক্ত বুলি ধাৰণা কৰে; তুমি তেওঁলোকৰ লক্ষণ দেখিয়ে চিনিব পাৰিবা। তেওঁলোকে মানুহৰ পাছে পাছে গৈ ব্যাকুলভাৱে সহায় ভিক্ষা কৰি নুফুৰে; আৰু যি ধন-সম্পদ তোমালোকে দান কৰা, নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ জানে।","footnotes":"","tafseer":"দান সেইসকল দুখীয়াক কৰা, যিসকলে আল্লাহৰ পথত যুদ্ধত ব্যস্ত থকাৰ কাৰণে জীৱিকা উপাৰ্জনৰ বাবে যাত্ৰা কৰিব নোৱাৰে। তেওঁলোকৰ অৱস্থা সম্পৰ্কে অজানা ব্যক্তিয়ে তেওঁলোকক ধনী বুলি ধাৰণা কৰে, কাৰণ তেওঁলোকে মানুহৰ ওচৰত মাগি নুফুৰে। আনহাতে জনা ব্যক্তিয়ে তেওঁলোকৰ লক্ষণ দেখিয়ে চিনি পায়, কিয়নো তেওঁলোকৰ শৰীৰ আৰু পৰিধানত অভাৱৰ চিহ্ন প্ৰকাশ পায়। তেওঁলোকৰ আন এটা চিহ্ন হৈছে এই যে, তেওঁলোকে আন আন মগনীয়াৰ দৰে আঠাৰ নিচিনা লাগি ধৰি মাগি নুফুৰে। এতেকে তোমালোকে যি দান কৰা, নিশ্চয় আল্লাহ সেই সম্পৰ্কে সম্যক অৱগত। শীঘ্ৰেই তেওঁ তোমালোকক ইয়াৰ উত্তম প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002273.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002273.mp3"},{"index":"274","arabicText":"اَلَّذِیْنَ یُنْفِقُوْنَ اَمْوَالَهُمْ بِالَّیْلِ وَالنَّهَارِ سِرًّا وَّعَلَانِیَةً فَلَهُمْ اَجْرُهُمْ عِنْدَ رَبِّهِمْ ۚ وَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟ؔ","assameseTranslation":"যিসকলে নিজৰ ধন-সম্পদ দিনে-ৰাতি, গোপনে আৰু প্ৰকাশ্যভাৱে দান কৰে, তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে পুৰস্কাৰ; তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।","footnotes":"","tafseer":"আৰু যিসকলে নিজৰ ধন-সম্পদ দিনে-ৰাতি, প্ৰকাশ্য অপ্ৰকাশ্যভাৱে কেৱল আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে ব্যয় কৰে, মানুহক দেখুৱাবলৈ বা প্ৰচাৰ কৰাৰ উদ্দেশ্যে ব্যয় নকৰে। তেওঁলোকে কিয়ামতৰ দিনা ইয়াৰ প্ৰতিদান নিজ প্ৰতিপালকৰ ওচৰত নিশ্চয় পাব। ভৱিষ্যতৰ কোনো ভয় তেওঁলোকৰ নাথাকিব আৰু পৃথিৱীত এৰি থৈ যোৱা কোনো বস্তুৰো চিন্তা নাথাকিব। এই সকলো পুৰষ্কাৰ আল্লাহৰ তৰফৰ পৰা নিয়ামত আৰু অনুগ্ৰহৰূপে লাভ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002274.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002274.mp3"},{"index":"275","arabicText":"اَلَّذِیْنَ یَاْكُلُوْنَ الرِّبٰوا لَا یَقُوْمُوْنَ اِلَّا كَمَا یَقُوْمُ الَّذِیْ یَتَخَبَّطُهُ الشَّیْطٰنُ مِنَ الْمَسِّ ؕ ذٰلِكَ بِاَنَّهُمْ قَالُوْۤا اِنَّمَا الْبَیْعُ مِثْلُ الرِّبٰوا ۘ وَاَحَلَّ اللّٰهُ الْبَیْعَ وَحَرَّمَ الرِّبٰوا ؕ فَمَنْ جَآءَهٗ مَوْعِظَةٌ مِّنْ رَّبِّهٖ فَانْتَهٰی فَلَهٗ مَا سَلَفَ ؕ وَاَمْرُهٗۤ اِلَی اللّٰهِ ؕ وَمَنْ عَادَ فَاُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ هُمْ فِیْهَا خٰلِدُوْنَ ۟","assameseTranslation":"যিসকলে সুত খায়, সিহঁতে সেই ব্যক্তিৰ দৰেই (কবৰৰ পৰা) উঠিব, যাক চয়তানে স্পৰ্শ কৰি বলিয়া বনাইছে। এইটো এইকাৰণে যে, সিহঁতে কয়, ব্যৱসায়-বাণিজ্যও দেখোন সুতৰ দৰেই। অথচ আল্লাহে ব্যৱসায়.-বাণিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে। এতেকে যাৰ ওচৰত তেওঁৰ প্ৰতিপালকৰ উপদেশ আহি পাইছে, তাৰ পিছত সি (সুত খোৱাৰ পৰা) বিৰত হৈছে, গতিকে (নিষিদ্ধ হোৱাৰ পূৰ্বে) যি অতীত হৈছে সেইটো হৈছেই; তাৰ হিচাপ নিকাচ আল্লাহৰ অধীনত; আনহাতে যিসকলে অমান্য কৰি উভতি যাব (অৰ্থাৎ পুনৰ সুত খাব) সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।","footnotes":"","tafseer":"যিসকলে সুতৰ লেন দেন কৰে তথা সুত খায়, সিহঁতে ক্বিয়ামতৰ দিনা কবৰৰ পৰা এনেকৈ উঠিব, যিদৰে চয়তানে স্পৰ্শ কৰা ব্যক্তিয়ে উঠে। সি কবৰৰ পৰা এনেকৈ থিয় হ'ব যিদৰে মিৰ্গী ৰোগীয়ে থৰক বৰক কৈ থিয় হয়। এনেকুৱা এই কাৰণেই হ'ব যে, সিহঁতে সুতক বৈধ বুলি ভাবিছিল, লগতে আল্লাহে হালাল কৰা ব্যৱসায় আৰু সুতৰ মাজত কোনো পাৰ্থক্য কৰা নাছিল। সিহঁতে কয়, সুত হৈছে ব্যৱসায়ৰ দৰেই। উভয় ক্ষেত্ৰতে ধন বৃদ্ধি হয়। এতেকে আল্লাহে সিহঁতৰ কথাক খণ্ডন কৰিছে, আৰু সিহঁতৰ যুক্তিক ৰদ্দ কৰিছে, সিহঁতক অস্বীকাৰ কৰিছে আৰু স্পষ্টকৈ কৈছে যে, আল্লাহে ব্যৱসায় বৈধ কৰিছে। কিয়নো ইয়াত সৰ্বসাধাৰণৰ কল্যাণ আছে আনহাতে সুতক হাৰাম কৰিছে, কিয়নো ইয়াত অন্যায় আৰু আনৰ ধন-সম্পদ আত্মসাৎ কৰাৰ পথ প্ৰশস্ত আছে। এতেকে নিজ প্ৰতিপালকৰ তৰফৰ পৰা সুত সম্পৰ্কীয় সতৰ্কবাণী আৰু নিষেধাজ্ঞা সম্বলিত উপদেশ অহাৰ পিছত, যিয়ে ইয়াৰ পৰা বিৰত থাকিব আৰু তাওবা কৰিব তেন্তে সেই ব্যক্তি ইতিপূৰ্বে যি সুতৰ লেন-দেন কৰিছে ইয়াৰ বাবে তাৰ কোনো গুনাহ নহ'ব। তথা তাৰ ভৱিষ্যতৰ বিষয় আল্লাহৰ অধীনত থাকিব। কিন্তু আল্লাহৰ ফালৰ পৰা স্পষ্ট আদেশ অহাৰ পিছতো যিয়ে সুতৰ লেন-দেন কৰিব, সি নিশ্চিতভাৱে জাহান্নামত প্ৰৱেশ কৰিব আৰু তাত চিৰকাল হ'ব। জানি থোৱা উচিত যে, ইয়াত চিৰকাল মানে হৈছে দীৰ্ঘ সময় থাকিব। কিয়নো জাহান্নামত চিৰস্থায়ী কেৱল কাফিৰসকলেহে থাকিব। তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত ব্যক্তি তাত চিৰস্থায়ী নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002275.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002275.mp3"},{"index":"276","arabicText":"یَمْحَقُ اللّٰهُ الرِّبٰوا وَیُرْبِی الصَّدَقٰتِ ؕ وَاللّٰهُ لَا یُحِبُّ كُلَّ كَفَّارٍ اَثِیْمٍ ۟","assameseTranslation":"আল্লাহে সুতক নিশ্চিহ্ন কৰে আৰু চাদাকাক বৃদ্ধি কৰে; আল্লাহে কোনো অকৃতজ্ঞ, পাপীক ভাল নাপায়।","footnotes":"","tafseer":"আল্লাহে সুতৰ ধন বিনষ্ট কৰি দিয়ে, প্ৰকাশ্যভাৱে বিনষ্ট কৰে অথবা বৰকত উঠাই লয়। আনহাতে চাদাকাৰ ছোৱাব বহু গুণ বৃদ্ধি কৰি দিয়ে। এতেকে এটা নেকীৰ বৃদ্ধি দহৰ পৰা সাত শ গুণ পৰ্যন্ত হয় বা তাতোকৈ বেছি কৰি দিয়ে, লগতে দানকাৰীৰ সম্পত্তিত বৰকত দিয়ে। আল্লাহে বিৰুদ্ধাচাৰী কাফিৰক, হাৰামক হালাল বুলি ভবা ব্যক্তিক, লগতে পাপ কৰ্মত লিপ্ত থকা ব্যক্তিক ভাল নাপায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002276.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002276.mp3"},{"index":"277","arabicText":"اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَاَقَامُوا الصَّلٰوةَ وَاٰتَوُا الزَّكٰوةَ لَهُمْ اَجْرُهُمْ عِنْدَ رَبِّهِمْ ۚ وَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে, নেক আমল কৰিছে, ছালাত প্ৰতিষ্ঠা কৰিছে আৰু যাকাত প্ৰদান কৰিছে, তেওঁলোকৰ প্ৰতিদান আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত; তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।","footnotes":"","tafseer":"প্ৰকৃততে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে, তেওঁৰ ৰাছুলৰ অনুসৰণ কৰিছে, সত্কৰ্ম কৰিছে আৰু আল্লাহে যেনেকৈ কৈছে সেই অনুযায়ী সম্পূৰ্ণ ছালাত আদায় কৰিছে, লগতে যাকাতৰ উপযুক্ত ব্যক্তিক যাকাত প্ৰদান কৰিছে, তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ প্ৰতিদান পাব। ভৱিষ্যতৰ কোনো চিন্তা তেওঁলোকৰ নাথাকিব আৰু পৃথিৱীত এৰি থৈ যোৱা বস্তুৰ প্ৰতিও কোনো দুখ নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002277.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002277.mp3"},{"index":"278","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اتَّقُوا اللّٰهَ وَذَرُوْا مَا بَقِیَ مِنَ الرِّبٰۤوا اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সুতৰ যি অৱশিষ্ট আছে সেইখিনি এৰি দিয়া, যদি তোমালোকে মুমিন হোৱা।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! আল্লাহক ভয় কৰা, তেওঁৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তু পৰিত্যাগ কৰা, লগতে মানুহৰ ওচৰত সুতৰ যি ধন বাকী আছে সেইখিনি আৰু বিচাৰি নাযাবা, যদিহে তোমালোকে প্ৰকৃত মুমিন হোৱা আৰু সুতৰ নিষেধাজ্ঞাৰ প্ৰতি বিশ্বাস পোষণ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002278.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002278.mp3"},{"index":"279","arabicText":"فَاِنْ لَّمْ تَفْعَلُوْا فَاْذَنُوْا بِحَرْبٍ مِّنَ اللّٰهِ وَرَسُوْلِهٖ ۚ وَاِنْ تُبْتُمْ فَلَكُمْ رُءُوْسُ اَمْوَالِكُمْ ۚ لَا تَظْلِمُوْنَ وَلَا تُظْلَمُوْنَ ۟","assameseTranslation":"কিন্তু যদি তোমালোকে (সুত বৰ্জন) নকৰা তেন্তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা যুদ্ধ সুনিশ্চিত বুলি জানি থোৱা, আৰু যদি তোমালোকে তাওবা কৰা তেন্তে তোমালোকৰ মূলধন তোমালোকৰেই থাকিব। তোমালোকে অন্যায় নকৰিবা আৰু তোমালোকৰ ওপৰতো অন্যায় কৰা নহ’ব।","footnotes":"","tafseer":"যদি তোমালোকে এইটো নকৰা যিটো তোমালোকক আদেশ দিয়া হৈছে, তেন্তে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে যুদ্ধ কৰিবলৈ সাজু হোৱা। আনহাতে যদি তোমালোকে তাওবা কৰা আৰু সুতৰ লেন-দেন এৰি দিয়া তেন্তে তোমালোকে প্ৰদান কৰা ঋণৰ মূল ধন ঘূৰাই লোৱাত কোনো অসুবিধা নাই। গতিকে মূল ধনতকৈ অধিক বিচাৰি কাৰো প্ৰতি অন্যায় নকৰিবা। আনহাতে মূল ধনৰ পৰা কম প্ৰদান কৰি তোমালোককো অন্যায় কৰা নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002279.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002279.mp3"},{"index":"280","arabicText":"وَاِنْ كَانَ ذُوْ عُسْرَةٍ فَنَظِرَةٌ اِلٰی مَیْسَرَةٍ ؕ وَاَنْ تَصَدَّقُوْا خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟","assameseTranslation":"আৰু যদি (খাতক) অভাৱগ্ৰস্থ হয় তেন্তে সচ্ছলতা নোহোৱালৈকে তাৰ অৱকাশ আছে; আৰু যদি তোমালোকে ছাদাকা (ক্ষমা) কৰি দিয়া তেন্তে এইটো তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁতেন।","footnotes":"","tafseer":"আৰু যাক তুমি ঋণ পৰিশোধ কৰাৰ তাগিদ কৰি আছা, যদি সেই ব্যক্তিজন অভাৱী হয়, আৰু ঋণ পৰিশোধ কৰাৰ সামৰ্থ নাথাকে, তেন্তে তাক ইমানখিনি সময় অৱকাশ দিয়া, যি সময়ছোৱাত সি ধন উপাৰ্জন কৰিব পাৰিব আৰু ঋণ পৰিশোধ কৰিব পাৰিব। আনহাতে যদি তুমি ঋণ লোৱা ব্যক্তিক মাফ কৰি দিয়া আৰু সেই ধনখিনি তাক দান কৰি দিয়া অথবা কিছু অংশ মাফ কৰি দিয়া তেন্তে এয়া হ’ব তোমাৰ বাবে অতি উত্তম। আল্লাহৰ ওচৰত ইয়াৰ কিমান যে গুৰুত্ব যদি তুমি জানিলাহেঁতেন!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002280.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002280.mp3"},{"index":"281","arabicText":"وَاتَّقُوْا یَوْمًا تُرْجَعُوْنَ فِیْهِ اِلَی اللّٰهِ ۫ۗ ثُمَّ تُوَفّٰی كُلُّ نَفْسٍ مَّا كَسَبَتْ وَهُمْ لَا یُظْلَمُوْنَ ۟۠","assameseTranslation":"আৰু তোমালোকে সেই দিৱসক ভয় কৰা যিদিনা তোমালোকক আল্লাহৰ পিনে ওভতাই লৈ যোৱা হ'ব। তাৰ পিছত প্ৰত্যেককে তাৰ কৰ্মফল পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ’ব আৰু সিহঁতৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব।","footnotes":"","tafseer":"সেই দিৱসৰ শাস্তিক ভয় কৰা যিদিনা তোমালোকক আল্লাহৰ পিনে ওভোতাই নিয়া হ'ব আৰু তেওঁৰ সন্মুখত থিয় হ'বা। তেতিয়া প্ৰত্যেককে নিজৰ ভাল অথবা বেয়া কৰ্মৰ প্ৰতিদান দিয়া হ'ব। সেইদিনা কাৰো ছোৱাব হ্ৰাস কৰি অথবা অধিক শাস্তিৰে কাকো অত্যাচাৰ কৰা নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002281.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002281.mp3"},{"index":"282","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا تَدَایَنْتُمْ بِدَیْنٍ اِلٰۤی اَجَلٍ مُّسَمًّی فَاكْتُبُوْهُ ؕ وَلْیَكْتُبْ بَّیْنَكُمْ كَاتِبٌ بِالْعَدْلِ ۪ وَلَا یَاْبَ كَاتِبٌ اَنْ یَّكْتُبَ كَمَا عَلَّمَهُ اللّٰهُ فَلْیَكْتُبْ ۚ وَلْیُمْلِلِ الَّذِیْ عَلَیْهِ الْحَقُّ وَلْیَتَّقِ اللّٰهَ رَبَّهٗ وَلَا یَبْخَسْ مِنْهُ شَیْـًٔا ؕ فَاِنْ كَانَ الَّذِیْ عَلَیْهِ الْحَقُّ سَفِیْهًا اَوْ ضَعِیْفًا اَوْ لَا یَسْتَطِیْعُ اَنْ یُّمِلَّ هُوَ فَلْیُمْلِلْ وَلِیُّهٗ بِالْعَدْلِ ؕ وَاسْتَشْهِدُوْا شَهِیْدَیْنِ مِنْ رِّجَالِكُمْ ۚ فَاِنْ لَّمْ یَكُوْنَا رَجُلَیْنِ فَرَجُلٌ وَّامْرَاَتٰنِ مِمَّنْ تَرْضَوْنَ مِنَ الشُّهَدَآءِ اَنْ تَضِلَّ اِحْدٰىهُمَا فَتُذَكِّرَ اِحْدٰىهُمَا الْاُخْرٰی ؕ وَلَا یَاْبَ الشُّهَدَآءُ اِذَا مَا دُعُوْا ؕ وَلَا تَسْـَٔمُوْۤا اَنْ تَكْتُبُوْهُ صَغِیْرًا اَوْ كَبِیْرًا اِلٰۤی اَجَلِهٖ ؕ ذٰلِكُمْ اَقْسَطُ عِنْدَ اللّٰهِ وَاَقْوَمُ لِلشَّهَادَةِ وَاَدْنٰۤی اَلَّا تَرْتَابُوْۤا اِلَّاۤ اَنْ تَكُوْنَ تِجَارَةً حَاضِرَةً تُدِیْرُوْنَهَا بَیْنَكُمْ فَلَیْسَ عَلَیْكُمْ جُنَاحٌ اَلَّا تَكْتُبُوْهَا ؕ وَاَشْهِدُوْۤا اِذَا تَبَایَعْتُمْ ۪ وَلَا یُضَآرَّ كَاتِبٌ وَّلَا شَهِیْدٌ ؕ۬ وَاِنْ تَفْعَلُوْا فَاِنَّهٗ فُسُوْقٌ بِكُمْ ؕ وَاتَّقُوا اللّٰهَ ؕ وَیُعَلِّمُكُمُ اللّٰهُ ؕ وَاللّٰهُ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে যেতিয়া এজনে আনজনৰ লগত নিৰ্ধাৰিত সময়ৰ বাবে ঋণ আদান-প্ৰদান কৰিবা তেতিয়া সেইটো লিখি ৰাখিবা; তোমালোকৰ মাজত কোনো লেখকে যাতে সেইটো ন্যায়ভাৱে লিখি দিয়ে; আৰু যেনেকৈ আল্লাহে তাক শিক্ষা দিছে তেনেকৈ লিখিবলৈ কোনো লেখকে যেন অস্বীকাৰ নকৰে। এতেকে তাৰ লিখি দিয়াটোৱে উচিত; আৰু যি ব্যক্তিৰ ওপৰত হক আছে (ঋণগ্ৰহীতা) তেওঁ যেন লিখাৰ বিষয়বস্তু কৈ দিয়ে লগতে তেওঁ যেন তেওঁৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰে; আৰু তাৰ পৰা একো যাতে হ্ৰাস নকৰে (অৰ্থাৎ লিখাৰ মাজত যাতে কোনো কম বেছি নকৰে)। আনহাতে ঋণগ্ৰহীতা যদি নিৰ্বোধ হয় বা দুৰ্বল হয় অথবা লিখাৰ বিষয়বস্তু কৈ দিব নোৱাৰে তেন্তে তাৰ অভিভাৱকে যেন ন্যায়ভাৱে লিখাৰ বিষয়বস্তু কৈ দিয়ে। তোমালোকে তোমালোকৰ মাজৰ দুজন পুৰুষক (এই আদান-প্ৰদানৰ) সাক্ষী ৰাখিবা, এতেকে যদি দুজন পুৰুষ নাথাকে তেন্তে এজন পুৰুষ আৰু দুজনী নাৰীক সাক্ষী বনাই লবা, যিসকলক তোমালোকে সাক্ষী হিচাপে পছন্দ কৰা, যাতে নাৰীসকলৰ মাজৰ কোনোবাই পাহৰি গ'লে এজনীয়ে আনজনীক স্মৰণ কৰাই দিব পাৰে; আৰু সাক্ষীসকলক যেতিয়া (সাক্ষী দিবলৈ) মাতা হ'ব তেতিয়া সিহঁতে যেন অস্বীকাৰ নকৰে; ঋণ সৰু হওক বা ডাঙৰ, নিৰ্ধাৰিত সময় লিখিবলৈ তোমালোকে কোনো ধৰণৰ অলসতা নকৰিবা। এইটোৱেই আল্লাহৰ ওচৰত ন্যায় আৰু সাক্ষ্যদানৰ বাবে দৃঢ়তৰ আৰু তোমালোকৰ মাজত সন্দেহে স্থান নোপোৱাৰ বাবে অধিক উপযুক্ত। কিন্তু তোমালোকে পৰস্পৰে যি নগদ ব্যৱসায় পৰিচালনা কৰা সেইটো তোমালোকে নিলিখিলেও কোনো দোষ নাই, আৰু তোমালোকে যেতিয়া পৰস্পৰে বেচা-কিনা কৰা তেতিয়া সাক্ষী ৰাখিবা; (মন কৰিবা) কোনো লেখক আৰু সাক্ষীয়ে যাতে ক্ষতিগ্ৰস্ত নহয়, আৰু যদি তোমালোকে তেওঁলোকক কোনো ক্ষতি কৰা তেন্তে এইটো হ'ব তোমালোকৰ বাবে গুনাহৰ বিষয়। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, এইটোৱে আল্লাহে তোমালোকক শিক্ষা দিয়ে আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যেতিয়া তোমালোকে নিৰ্ধাৰিত সময়ৰ বাবে পৰস্পৰে ঋণ আদান-প্ৰদান কৰিবা, তেতিয়া সেই ঋণ সম্পৰ্কে লিখি ৰাখিবা। তোমালোকৰ মাজৰ কোনোবা লিখকে, চৰীয়ত অনুসৰি সততা আৰু ন্যায়ভাৱে এই চুক্তিখন লিখি দিয়া উচিত। কোনো লেখকে যাতে আল্লাহে শিকোৱা নিয়মেৰে ন্যায়ভাৱে ইনচাফভিত্তিক ঋণৰ চুক্তিটো লিখিবলৈ অস্বীকাৰ নকৰে। ঋণগ্ৰহীতাই যিদৰে লিখিবলৈ কয় সেইদৰে লিখা উচিত। যাতে এয়া ঋণগ্ৰহীতাৰ ফালৰ পৰা স্বীকৃতিনামা হৈ থাকে। ঋণগ্ৰহীতাই আল্লাহক ভয় কৰা উচিত, লগতে ঋণৰ পৰিমাণ, প্ৰকাৰ আৰু ধৰণ লিখাওঁতে কোনো হেৰফেৰ যাতে নকৰে। যদি ঋণগ্ৰহীতাই সক্ষম নহয়, শিশু বা উন্মাদ হোৱাৰ কাৰণে যদি কৰ্তব্য পালনত ব্যৰ্থ হয় অথবা বোবা হোৱাৰ কাৰণে মুখেৰে কৈ লিখাবলৈ সক্ষম নহয় তেন্তে এইবোৰ অৱস্থাত তাৰ ফালৰ পৰা এজন অভিভাৱকে সততা আৰু ন্যায়ৰ সৈতে লিখোৱাব। লগতে দুজন বুদ্ধিমান নিৰপেক্ষ আৰু নিৰ্ভৰযোগ্য ব্যক্তিক সাক্ষী ৰাখিব। যদি দুজন পুৰুষ পোৱা নাযায় তেন্তে যাৰ দ্বীনদাৰী আৰু সততা সম্পৰ্কে তোমালোক সন্তুষ্ট এনেকুৱা এজন পুৰুষ আৰু দুজনী মহিলা হ’লেই যথেষ্ট হ’ব। (দুজনী মহিলা হোৱাৰ কাৰণ হৈছে) যদি এজনীয়ে পাহৰি যায়, আনজনীয়ে স্মৰণ কৰাই দিব। মনত ৰখা উচিত যে, সাক্ষীসকলৰ ওচৰত যেতিয়া সাক্ষ্য বিচৰা হ’ব তেতিয়া যেন সিহঁতে পিছুৱাই নাযায়। সিহঁতক সাক্ষ্য দিয়াৰ বাবে মাতিলে সিহঁতে যেন উপস্থিত হয়। নিৰ্ধাৰিত সময়ৰ বাবে লোৱা ঋণৰ লেনদেন কম হওক বা বেছি, লিখোঁতে যাতে কোনেও সংকোচবোধ নকৰে। কিয়নো ঋণৰ তথ্যপাতি লিখি ৰখাটো আল্লাহৰ চৰীয়ত মতে অধিক ন্যায়সংগত, সাক্ষ্য প্ৰতিষ্ঠা কৰাত আৰু ঋণ আদায়তো সহায়ক, লগতে ঋণৰ পৰিমাণ, ইয়াৰ ধৰণ আৰু ইয়াৰ নিৰ্ধাৰিত সময় সম্পৰ্কীয় সকলো প্ৰকাৰ সন্দেহ দূৰ কৰাত অধিক ফলপ্ৰসূ। হয়, সেই সময়ত লিখাৰ কোনো প্ৰয়োজন নাই যেতিয়া নগদ লেনদেন কৰা হয়। সেয়ে এইটো নিলিখিলেও কোনো গুনাহ নহয়। দৰাচলতে সাক্ষ্য প্ৰদানৰ নিয়ম এই কাৰণে বনোৱা হৈছে, যাতে বিবাদৰ কাৰণসমূহ সমাপ্ত কৰা যায়। লগতে মনত ৰখা উচিত যে, লিখক আৰু সাক্ষীক ক্ষতিসাধন কৰাটো কেতিয়াও বৈধ নহয়। এইদৰে সেই ব্যক্তিকো ক্ষতি কৰা বৈধ নহয়, যিয়ে লিখিবলৈ বা সাক্ষ্য দিবলৈ নিবেদন কৰে। যদি সিহঁতক ক্ষতি কৰা হয় তেন্তে এইটো হ’ব আল্লাহৰ আনুগত্যৰ পৰা আঁতৰি অবাধ্যতাৰ অন্তৰ্ভুক্ত। হে ঈমান্দাৰসকল! আল্লাহক ভয় কৰা, তেওঁৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুবোৰ পৰিত্যাগ কৰা। আল্লাহে তোমালোকক সেইসমূহ কথাৰ শিক্ষা দিয়ে, যিবোৰ পৃথিৱী আৰু আখিৰাতত তোমালোকৰ বাবে কল্যাণকৰ। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত, কোনো বস্তুৱেই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002282.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002282.mp3"},{"index":"283","arabicText":"وَاِنْ كُنْتُمْ عَلٰی سَفَرٍ وَّلَمْ تَجِدُوْا كَاتِبًا فَرِهٰنٌ مَّقْبُوْضَةٌ ؕ فَاِنْ اَمِنَ بَعْضُكُمْ بَعْضًا فَلْیُؤَدِّ الَّذِی اؤْتُمِنَ اَمَانَتَهٗ وَلْیَتَّقِ اللّٰهَ رَبَّهٗ ؕ وَلَا تَكْتُمُوا الشَّهَادَةَ ؕ وَمَنْ یَّكْتُمْهَا فَاِنَّهٗۤ اٰثِمٌ قَلْبُهٗ ؕ وَاللّٰهُ بِمَا تَعْمَلُوْنَ عَلِیْمٌ ۟۠","assameseTranslation":"যদি তোমালোকে ভ্ৰমণত থকা আৰু কোনো লেখক নোপোৱা তেন্তে হস্তান্তৰকৃত বন্ধক ৰাখিবা। এতেকে যদি তোমালোকে এজনে আনজনক বিশ্বাস কৰা, তেন্তে যাৰ ওচৰত আমানত ৰখা হৈছে তেওঁ (সেই বিশ্বাস বজায় ৰাখি) আমানত প্ৰত্যাৰ্পন কৰা উচিত, আৰু তেওঁৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা উচিত; আৰু তোমালোকে সাক্ষী গোপন নকৰিবা, কাৰণ যিয়ে ইয়াক গোপন কৰে নিশ্চয় তাৰ অন্তৰ হৈছে পাপী; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।","footnotes":"","tafseer":"যদি তোমালোক ভ্ৰমণত থাকা আৰু ঋণৰ নথি লিখিবলৈ কোনো নাথাকে তেন্তে ঋণগ্ৰহীতাই ঋণদাতাৰ ওচৰত কোনো বস্তু বন্ধকত ৰাখিলেই যথেষ্ট হ’ব। এই বস্তুটো জামানত হিচাপে তাৰ ওচৰত থাকিব, যেতিয়ালৈকে সি ঋণ পৰিশোধ নকৰিব। যদি পৰস্পৰৰ ওপৰত ভৰসা থাকে তেন্তে লিখাটো বাধ্যতামূলক নহয়, এনে পৰিস্থিতিত সাক্ষীৰো প্ৰয়োজন নাই আৰু বন্ধকত থোৱাৰো দৰকাৰ নাই। এনে কৰিলে ঋণগ্ৰহীতাৰ ওপৰত ঋণ এটা আমানত স্বৰূপে থাকিব, যিটো আদায় কৰা জৰুৰী হ’ব। লগতে সি এই আমানত সম্পৰ্কে আল্লাহক ভয় কৰা উচিত, আৰু এই সম্পৰ্কীয় কোনো কথা অস্বীকাৰ কৰা অনুচিত। যদি সি অস্বীকাৰ কৰে তেন্তে সাক্ষীয়ে ন্যায় সাক্ষ্য দিয়া উচিত। সাক্ষ্য গোপন কৰা বৈধ নহয়। যদি কোনোবাই সাক্ষ্য গোপন কৰে তেন্তে তাৰ অন্তৰ হৈছে পাপিষ্ঠ। জানি থোৱা! তোমালোকে যি কৰা আল্লাহ সেই সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বস্তুৱে গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002283.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002283.mp3"},{"index":"284","arabicText":"لِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ وَاِنْ تُبْدُوْا مَا فِیْۤ اَنْفُسِكُمْ اَوْ تُخْفُوْهُ یُحَاسِبْكُمْ بِهِ اللّٰهُ ؕ فَیَغْفِرُ لِمَنْ یَّشَآءُ وَیُعَذِّبُ مَنْ یَّشَآءُ ؕ وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰ আল্লাহৰেই। তোমালোকৰ মনত যি আছে সেয়া প্ৰকাশ কৰা বা গোপন কৰা, আল্লাহে সেইবোৰৰ হিচাব তোমালোকৰ পৰা লব। তাৰ পিছত যাক ইচ্ছা কৰিব তেওঁ তাক ক্ষমা কৰিব আৰু যাক ইচ্ছা কৰিব শাস্তি বিহিব; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাৱান।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীত যি আছে, সেই সকলোৰে সৃষ্টিকৰ্তা, মালিক আৰু নিয়ন্ত্ৰণকাৰী হৈছে একমাত্ৰ মহান আল্লাহ। তোমালোকে অন্তৰৰ কথা ব্যক্ত কৰা অথবা নকৰা সেয়া আল্লাহে জানে, আৰু সেই বিষয়ে আল্লাহে তোমালোকৰ পৰা হিচাপ গ্ৰহণ কৰিব। তাৰ পিছত আল্লাহে যাক ইচ্ছা কৰিব নিজৰ দয়া আৰু কৃপাত ক্ষমা কৰি দিব, আৰু যাক ইচ্ছা কৰিব ন্যায় আৰু হিকমতেৰে শাস্তি প্ৰদান কৰিব। আল্লাহ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002284.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002284.mp3"},{"index":"285","arabicText":"اٰمَنَ الرَّسُوْلُ بِمَاۤ اُنْزِلَ اِلَیْهِ مِنْ رَّبِّهٖ وَالْمُؤْمِنُوْنَ ؕ كُلٌّ اٰمَنَ بِاللّٰهِ وَمَلٰٓىِٕكَتِهٖ وَكُتُبِهٖ وَرُسُلِهٖ ۫ لَا نُفَرِّقُ بَیْنَ اَحَدٍ مِّنْ رُّسُلِهٖ ۫ وَقَالُوْا سَمِعْنَا وَاَطَعْنَا ؗۗ غُفْرَانَكَ رَبَّنَا وَاِلَیْكَ الْمَصِیْرُ ۟","assameseTranslation":"ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰত যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাপসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু এওঁলোকে কয়, ‘আমি শুনিছোঁ আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই (আমি) উভতি যাব লাগিব’।","footnotes":"","tafseer":"ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক সেই বিষয়ৰ ওপৰত ঈমান আনিছে, যিটো তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে, আৰু সেইদৰে মুমিনসকলেও ঈমান আনিছে। সকলোৱে আল্লাহৰ প্ৰতি, তেওঁৰ সকলো ফিৰিস্তাৰ প্ৰতি, লগতে সেই সকলো গ্ৰন্থৰ প্ৰতি যিবোৰ নবীসকলৰ ওপৰত অৱতীৰ্ণ কৰা হৈছিল, লগতে তেওঁৰ সকলো ৰাছুলৰ প্ৰতি ঈমান আনিছে। তেওঁলোকৰ ভাষ্য হৈছেঃ আমি আল্লাহৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ। তথা তেওঁলোকে কয়, হে আমাৰ প্ৰতিপালক! তুমি যি আদেশ কৰিছা আৰু যিবোৰৰ পৰা নিষেধ কৰিছা, আমি সেয়া শুনিছোঁ, আৰু তোমাৰ আদেশ মতে আমি আমল কৰিছোঁ আৰু তোমাৰ নিষেধকৃত বস্তুৰ পৰা আঁতৰ হৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তুমি আমাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া। প্ৰতিটো ক্ষেত্ৰতেই আমাৰ প্ৰত্যাৱৰ্তন তোমাৰ ওচৰতেই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002285.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002285.mp3"},{"index":"286","arabicText":"لَا یُكَلِّفُ اللّٰهُ نَفْسًا اِلَّا وُسْعَهَا ؕ لَهَا مَا كَسَبَتْ وَعَلَیْهَا مَا اكْتَسَبَتْ ؕ رَبَّنَا لَا تُؤَاخِذْنَاۤ اِنْ نَّسِیْنَاۤ اَوْ اَخْطَاْنَا ۚ رَبَّنَا وَلَا تَحْمِلْ عَلَیْنَاۤ اِصْرًا كَمَا حَمَلْتَهٗ عَلَی الَّذِیْنَ مِنْ قَبْلِنَا ۚ رَبَّنَا وَلَا تُحَمِّلْنَا مَا لَا طَاقَةَ لَنَا بِهٖ ۚ وَاعْفُ عَنَّا ۥ وَاغْفِرْ لَنَا ۥ وَارْحَمْنَا ۥ اَنْتَ مَوْلٰىنَا فَانْصُرْنَا عَلَی الْقَوْمِ الْكٰفِرِیْنَ ۟۠","assameseTranslation":"আল্লাহে কাকো তাৰ সামৰ্থৰ বাহিৰত কোনো দায়িত্ব নিদিয়ে। যিয়ে ভাল উপাৰ্জন কৰিব তাৰ প্ৰতিফল সি নিজে পাব, আৰু যিয়ে বেয়া উপাৰ্জন কৰিব তাৰ প্ৰতিফলো সি নিজেই ভোগ কৰিব। হে আমাৰ প্ৰতিপালক! যদি আমি বিস্মৃত হওঁ অথবা ভুল কৰোঁ তেন্তে তুমি আমাক অপৰাধ নধৰিবা। হে আমাৰ প্ৰতিপালক! আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত যেনেকৈ তুমি বোজা অৰ্পণ কৰিছিলা আমাৰ ওপৰত তেনেকুৱা বোজা অৰ্পণ নকৰিবা। হে আমাৰ প্ৰতিপালক! তুমি আমাক এনেকুৱা বোজা বহন নকৰাবা যিটো বহন কৰাৰ সামৰ্থ আমাৰ নাই; আৰু তুমি আমাৰ পাপ মোচন কৰি দিয়া, আমাক ক্ষমা কৰি দিয়া, আমাৰ প্ৰতি দয়া কৰা, তুমিয়েই আমাৰ অভিভাৱক। গতিকে কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা।","footnotes":"","tafseer":"আল্লাহে কোনো প্ৰাণীৰ ওপৰত এনেকুৱা কৰ্মৰ বোজা অৰ্পন নকৰে যিটো তাৰ সহনশক্তিতকৈ অধিক। কাৰণ আল্লাহৰ দ্বীন সৰলতাৰ ওপৰত প্ৰতিষ্ঠিত, আৰু ইয়াত কোনো কঠোৰতা নাই। এতেকে যিয়ে ভাল কাম কৰিব, সি ভাল ফলাফল লাভ কৰিব, আৰু তাৰ পৰা অলপো হ্ৰাস কৰা নহ’ব। আনহাতে যিয়ে বেয়া কৰ্ম কৰিব, সি তাৰ গুনাহৰ শাস্তি নিজেই ভোগ কৰিব, আন কোনেও তাৰ এই বোজা বহন নকৰিব। ৰাছুল আৰু মুমিনসকলে কয়, হে আমাৰ প্ৰতিপালক! যদি আমি পাহৰি যাওঁ, অথবা আমাৰ কথা বা কৰ্মৰ জৰিয়তে যদি অজানিতে কোনো ভুল হয়, তেন্তে আমাক শাস্তি নিবিহিবা। লগতে আমাৰ ওপৰত এনেকুৱা বোজা অৰ্পন নকৰিবা যিটো বহন কৰিবলৈ আমাৰ ক্ষমতা নাই। যেনেকুৱা বোজা তুমি আমাৰ পূৰ্বে ইয়াহুদীসকলক সিহঁতৰ অত্যাচাৰৰ কাৰণে শাস্তিস্বৰূপে অৰ্পন কৰিছিলা। লগতে আমাৰ ওপৰত এনেকুৱা কোনো আদেশ-নিষেধৰ বোজাও জাপি নিদিবা, যিটো আমাৰ বাবে কঠিন আৰু আমাৰ সাধ্যাতীত। আমাৰ গুনাহসমূহক আওকাণ কৰা, আমাক ক্ষমা কৰা, আমাৰ প্ৰতি দয়া কৰা। তুমিয়ে আমাৰ অভিভাৱক আৰু সহায়ক। এতেকে কাফিৰসকলৰ বিৰুদ্ধে তুমি আমাক সহায় কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/002286.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/002286.mp3"}]