[{"index":"1","arabicText":"طٰهٰ ۟ۚ","assameseTranslation":"ত্বা-হা [1]","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"(ত্বা-হা) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020001.mp3"},{"index":"2","arabicText":"مَاۤ اَنْزَلْنَا عَلَیْكَ الْقُرْاٰنَ لِتَشْقٰۤی ۟ۙ","assameseTranslation":"তোমাক দুখ-কষ্টত পতিত কৰিবলৈ আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰা নাই;","footnotes":"","tafseer":"হে ৰাছুল! আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰি ইয়াক কষ্টৰ কাৰণ বনাব বিচৰা নাই যে, আপোনাৰ সম্প্ৰদায়ে আপোনাৰ প্ৰতি ঈমান পোষণ নকৰিব, ফলত আপুনি দুশ্চিন্তাত ভাগি পৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020002.mp3"},{"index":"3","arabicText":"اِلَّا تَذْكِرَةً لِّمَنْ یَّخْشٰی ۟ۙ","assameseTranslation":"বৰং যিয়ে (আল্লাহক) ভয় কৰে তাৰ বাবে উপদেশ স্বৰূপ (অৱতীৰ্ণ কৰিছোঁ),","footnotes":"","tafseer":"আমি ইয়াক সেইসকল লোকক স্মৰণ কৰাবলৈ অৱতীৰ্ণ কৰিছোঁ, যিসকলক আল্লাহে তেওঁৰ পৰা ভয় কৰাৰ তাওফীক প্ৰদান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020003.mp3"},{"index":"4","arabicText":"تَنْزِیْلًا مِّمَّنْ خَلَقَ الْاَرْضَ وَالسَّمٰوٰتِ الْعُلٰی ۟ؕ","assameseTranslation":"এইখন তেওঁৰ ফালৰ পৰা অৱতীৰ্ণ; যিজনে পৃথিৱী আৰু সুউচ্চ আকাশসমূহ সৃষ্টি কৰিছে,","footnotes":"","tafseer":"ইয়াক সেই মহান সত্তা আল্লাহে অৱতীৰ্ণ কৰিছে, যিয়ে পৃথিৱী সৃষ্টি কৰিছে আৰু সুউচ্চ আকাশমণ্ডল সৃজন কৰিছে। গতিকে এইখন হৈছে মহান কোৰআন, কিয়নো এইখন মহান সত্তাৰ তৰফৰ পৰা অৱতীৰ্ণ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020004.mp3"},{"index":"5","arabicText":"اَلرَّحْمٰنُ عَلَی الْعَرْشِ اسْتَوٰی ۟","assameseTranslation":"পৰম কৰুণাময় (ৰহমান) আৰছৰ ওপৰত উঠিছে।","footnotes":"","tafseer":"ৰহমানে (অত্যান্ত কৃপাশীল আল্লাহে) নিজৰ আৰচৰ (সিংহাসনৰ) ওপৰত তেনেকৈয়ে উঠিছে, যেনেকৈ উঠা পৱিত্ৰ আৰু মহান আল্লাহৰ মৰ্যাদা তথা প্ৰতাপৰ বাবে উপযুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020005.mp3"},{"index":"6","arabicText":"لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ وَمَا بَیْنَهُمَا وَمَا تَحْتَ الثَّرٰی ۟","assameseTranslation":"আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে লগতে ভূ-গৰ্ভত যি আছে সেই সকলো তেওঁৰেই।","footnotes":"","tafseer":"যিমানবোৰ সৃষ্টি আকাশমণ্ডল আৰু পৃথিৱী তথা মাটিৰ তলত আছে, সেই সকলোৰে স্ৰষ্টা, মালিক আৰু সঞ্চালক হৈছে কেৱলমাত্ৰ পৱিত্ৰ আল্লাহ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020006.mp3"},{"index":"7","arabicText":"وَاِنْ تَجْهَرْ بِالْقَوْلِ فَاِنَّهٗ یَعْلَمُ السِّرَّ وَاَخْفٰی ۟","assameseTranslation":"আৰু যদি তুমি উচ্চ কণ্ঠত কথা কোৱা (যদিও ইয়াৰ কোনো প্ৰয়োজন নাই), তেন্তে (জানি থোৱা) তেওঁ গোপন আৰু অব্যক্ত সকলো বিষয়ে অৱগত।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি উচ্চস্বৰে কথা কওক অথবা নিম্নস্বৰে, পৱিত্ৰ আল্লাহে সকলো জানে। তেওঁ গোপন বিষয় সম্পৰ্কে তথা গোপনতকৈও গোপন বিষয় সম্পৰ্কে, যেনে অন্তৰত উৎপন্ন হোৱা ভাৱনা সম্পৰ্কেও অৱগত। তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020007.mp3"},{"index":"8","arabicText":"اَللّٰهُ لَاۤ اِلٰهَ اِلَّا هُوَ ؕ لَهُ الْاَسْمَآءُ الْحُسْنٰی ۟","assameseTranslation":"আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সুন্দৰ নামসমূহ কেৱল তেওঁৰেই।","footnotes":"","tafseer":"আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। অকল তেওঁৰ বাবেই আছে এনেকুৱা নাম, যিবোৰ সৌন্দৰ্যৰ চৰম সীমাত উপনীত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020008.mp3"},{"index":"9","arabicText":"وَهَلْ اَتٰىكَ حَدِیْثُ مُوْسٰی ۟ۘ","assameseTranslation":"আৰু মুছাৰ বৃত্তান্ত তোমাৰ ওচৰলৈ আহি পাইছেনে?","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চিতভাৱে আপোনাৰ ওচৰলৈ মূছা বিন ইমৰাণ সম্পৰ্কীয় বাৰ্তা আহি পৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020009.mp3"},{"index":"10","arabicText":"اِذْ رَاٰ نَارًا فَقَالَ لِاَهْلِهِ امْكُثُوْۤا اِنِّیْۤ اٰنَسْتُ نَارًا لَّعَلِّیْۤ اٰتِیْكُمْ مِّنْهَا بِقَبَسٍ اَوْ اَجِدُ عَلَی النَّارِ هُدًی ۟","assameseTranslation":"তেওঁ যেতিয়া জুই দেখা পালে তেতিয়া তেওঁ নিজৰ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় মই জুই দেখা পাইছোঁ। আশা কৰোঁ মই তোমালোকৰ বাবে তাৰ পৰা অলপ জ্বলন্ত এঙাৰ আনিব পাৰিম নাইবা জুইৰ ওচৰত কোনো পথনিৰ্দেশ পাব পাৰোঁ’।","footnotes":"","tafseer":"তেওঁ ভ্ৰমণ অৱস্থাত যেতিয়া এটুকুৰা জুই দেখা পাই নিজ পৰিয়ালক উদ্দেশ্যি কৈছিলঃ তোমালোকে এই স্থানতে অৱস্থান কৰা, মই এটুকুৰা জুই দেখা পাইছোঁ। আশা কৰোঁ তাৰ পৰা তোমালোকৰ বাবে এধানি এঙাৰ লৈ আহিম, নাইবা তাতগৈ কোনো পথপ্ৰদৰ্শকৰ সন্ধান পাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020010.mp3"},{"index":"11","arabicText":"فَلَمَّاۤ اَتٰىهَا نُوْدِیَ یٰمُوْسٰی ۟ؕ","assameseTranslation":"যেতিয়া তেওঁ জুইৰ ওচৰ আহি পালে তেতিয়া তেওঁক আহ্বান কৰা হ’ল, ‘হে মুছা!","footnotes":"","tafseer":"কিন্তু যেতিয়া তেওঁ সেই অগ্নিৰ ওচৰ গৈ পালে, তেতিয়া পৱিত্ৰ আল্লাহে তেওঁক “হে মূছা!” বুলি আহ্বান কৰিলেঃ","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020011.mp3"},{"index":"12","arabicText":"اِنِّیْۤ اَنَا رَبُّكَ فَاخْلَعْ نَعْلَیْكَ ۚ اِنَّكَ بِالْوَادِ الْمُقَدَّسِ طُوًی ۟ؕ","assameseTranslation":"‘নিশ্চয় ময়েই হৈছোঁ তোমাৰ প্ৰতিপালক, এতেকে তোমাৰ জোতাযোৰ খুলি পেলোৱা, কাৰণ তুমি এতিয়া পৱিত্ৰ তোৱা উপত্যকাত আছা।","footnotes":"","tafseer":"চোৱা! মই হৈছোঁ তোমাৰ প্ৰতিপালক! গতিকে মোৰ লগত কথা ক'বলৈ তুমি প্ৰস্তুতি লোৱা আৰু তোমাৰ জুতাযোৰ খুলি থৈ আহা। কিয়নো তুমি এতিয়া পৱিত্ৰ স্থান ‘তুৱা’ত অৱস্থান কৰিছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020012.mp3"},{"index":"13","arabicText":"وَاَنَا اخْتَرْتُكَ فَاسْتَمِعْ لِمَا یُوْحٰی ۟","assameseTranslation":"‘আৰু মই তোমাক মনোনীত কৰিছোঁ। এতেকে যি অহী প্ৰেৰণ কৰা হয় সেয়া মনোযোগ সহকাৰে শুনা।","footnotes":"","tafseer":"হে মূছা! তোমাক মই মোৰ বাৰ্তা প্ৰচাৰৰ বাবে নিৰ্বাচিত কৰিছোঁ। এতেকে মই তোমাৰ প্ৰতি যি অহী কৰিম সেয়া মনোযোগ সহকাৰে শুনিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020013.mp3"},{"index":"14","arabicText":"اِنَّنِیْۤ اَنَا اللّٰهُ لَاۤ اِلٰهَ اِلَّاۤ اَنَا فَاعْبُدْنِیْ ۙ وَاَقِمِ الصَّلٰوةَ لِذِكْرِیْ ۟","assameseTranslation":"‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা।","footnotes":"","tafseer":"নিশ্চয় ময়েই আল্লাহ। মোৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা, আৰু পৰিপূৰ্ণৰূপে ছালাত আদায় কৰা, যাতে তাত মোক স্মৰণ কৰিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020014.mp3"},{"index":"15","arabicText":"اِنَّ السَّاعَةَ اٰتِیَةٌ اَكَادُ اُخْفِیْهَا لِتُجْزٰی كُلُّ نَفْسٍ بِمَا تَسْعٰی ۟","assameseTranslation":"‘নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, মই এইটো গোপন ৰাখিব বিচাৰোঁ, যাতে প্ৰত্যেককে নিজ নিজ চেষ্টা-সাধনা অনুযায়ী প্ৰতিদান দিব পৰা যায়।","footnotes":"","tafseer":"নিশ্চিতভাৱে কিয়ামত আহিব আৰু কিয়ামতৰ দৃশ্যাৱলী সংঘটিত হ'বই হ'ব। কিন্তু বিষয়টো মই গোপন ৰাখিছোঁ, কেতিয়া সংঘটিত হ'ব সেই সময় সম্পৰ্কে কোনো সৃষ্টিয়েই জানিবলৈ সক্ষম নহয়। কিন্তু যিহেতু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ কিছুমান নিদৰ্শন বৰ্ণনা কৰিছিল, সেয়ে মানুহে সেই নিদৰ্শনসমূহ চিনি পাব। কিয়ামতৰ মূল উদ্দেশ্য হৈছে মানুহে যাতে নিজৰ ভাল বেয়া কৰ্মৰ প্ৰতিফল লাভ কৰিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020015.mp3"},{"index":"16","arabicText":"فَلَا یَصُدَّنَّكَ عَنْهَا مَنْ لَّا یُؤْمِنُ بِهَا وَاتَّبَعَ هَوٰىهُ فَتَرْدٰی ۟","assameseTranslation":"‘এতেকে যি ব্যক্তিয়ে কিয়ামতৰ প্ৰতি ঈমান পোষণ নকৰে আৰু নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে, সি যেন তোমাক ইয়াৰ প্ৰতি ঈমান আনিবলৈ বিৰত ৰাখিব নোৱাৰে, অন্যথা তুমি ধ্বংস হৈ যাবা।","footnotes":"","tafseer":"এতেকে কাফিৰসকলে যাতে তোমাক ইয়াৰ প্ৰতি বিশ্বাস কৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ বাবে প্ৰস্তুতি লোৱাৰ ক্ষেত্ৰত তথা নেক আমল কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব নোৱাৰে। সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে তথা নিজৰ প্ৰবৃত্তিৰ চাহিদা অনুযায়ী হাৰাম কামত লিপ্ত থাকে। অন্যথা ইয়াৰ ফলত তোমাৰ বিনাশ হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020016.mp3"},{"index":"17","arabicText":"وَمَا تِلْكَ بِیَمِیْنِكَ یٰمُوْسٰی ۟","assameseTranslation":"‘আৰু হে মুছা! তোমাৰ সোঁহাতত সেইডাল কি’?","footnotes":"","tafseer":"তথা হে মূছা! তোমাৰ সোঁহাতত এইডাল কি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020017.mp3"},{"index":"18","arabicText":"قَالَ هِیَ عَصَایَ ۚ اَتَوَكَّؤُا عَلَیْهَا وَاَهُشُّ بِهَا عَلٰی غَنَمِیْ وَلِیَ فِیْهَا مَاٰرِبُ اُخْرٰی ۟","assameseTranslation":"তেওঁ ক’লে, ‘এইডাল হৈছে মোৰ লাখুটি, ইয়াৰ ওপৰত মই ভৰ দিওঁ, আৰু ইয়াৰ দ্বাৰা মই মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ, লগতে এইডাল মোৰ অন্যান্য কামতো আহে’।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে ক'লেঃ এইডাল হৈছে মোৰ লাখুটি। মই ইয়াৰ সহায়ত খোজকাঢ়োঁ, তথা ইয়াৰ জৰিয়তে মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ, ইয়াৰ বাহিৰেও ইয়াৰ দ্বাৰা আৰু বহুতো কাম কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020018.mp3"},{"index":"19","arabicText":"قَالَ اَلْقِهَا یٰمُوْسٰی ۟","assameseTranslation":"আল্লাহে ক’লে, ‘হে মুছা! তুমি এইডাল (মাটিত) নিক্ষেপ কৰাচোন’।","footnotes":"","tafseer":"আল্লাহে ক'লেঃ হে মূছা! তুমি ইয়াক মাটিত নিক্ষেপ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020019.mp3"},{"index":"20","arabicText":"فَاَلْقٰىهَا فَاِذَا هِیَ حَیَّةٌ تَسْعٰی ۟","assameseTranslation":"তাৰ পিছত তেওঁ সেই লাখুটিডাল নিক্ষেপ কৰিলে, লগে লগে সেয়া এডাল সাপ হৈ দৌৰিবলৈ ধৰিলে,","footnotes":"","tafseer":"এতেকে মূছা আলাইহিচ্ছালামে সেইডাল মাটিত নিক্ষেপ কৰিলে, চাওঁতে চাওঁতে সেইডাল প্ৰকাণ্ড সাপত ৰূপান্তৰিত হ'ল, তথা আগুৱাই গতি কৰিবলৈ ধৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020020.mp3"},{"index":"21","arabicText":"قَالَ خُذْهَا وَلَا تَخَفْ ۥ سَنُعِیْدُهَا سِیْرَتَهَا الْاُوْلٰی ۟","assameseTranslation":"আল্লাহে ক’লে, ‘তুমি ইয়াক ধৰা, ভয় নকৰিবা, আমি ইয়াক ইয়াৰ আগৰ অৱস্থালৈ ওভতাই দিম।","footnotes":"","tafseer":"আল্লাহে মূছা আলাইহিচ্ছালামক ক'লেঃ লাখুটিডাল খামোচি ধৰা, সাপলৈ ৰূপান্তৰিত হৈছে বুলি ভয় নকৰিবা। যেতিয়া তুমি ধৰিবা, আমি সেইডালক আগৰ অৱস্থালৈ ৰূপান্তৰিত কৰি দিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020021.mp3"},{"index":"22","arabicText":"وَاضْمُمْ یَدَكَ اِلٰی جَنَاحِكَ تَخْرُجْ بَیْضَآءَ مِنْ غَیْرِ سُوْٓءٍ اٰیَةً اُخْرٰی ۟ۙ","assameseTranslation":"‘আৰু তুমি তোমাৰ হাতখন কাষলতিত ৰাখা, কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ উজ্জ্বল হৈ ওলাই আহিব, এইটো হৈছে আন এটা নিদৰ্শন।","footnotes":"","tafseer":"তোমাৰ হাতখনক তোমাৰ কাষলতিৰ তলত লৈ যোৱা। চাবা তোমাৰ হাতখন শুভ্ৰোজ্জ্বল হৈ ওলাই আহিব। কিন্তু এই উজ্জ্বলতা কোনো বেমাৰৰ বাবে নহয়। বৰং এইটো হৈছে আল্লাহৰ ফালৰ পৰা তোমাক প্ৰদান কৰা দ্বিতীয়টো নিদৰ্শন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020022.mp3"},{"index":"23","arabicText":"لِنُرِیَكَ مِنْ اٰیٰتِنَا الْكُبْرٰی ۟ۚ","assameseTranslation":"‘এইটো এইকাৰণে যে, আমি তোমাক আমাৰ কিছুমান মহান নিদৰ্শনাৱলী দেখুৱাম।","footnotes":"","tafseer":"আমি তোমাক এই দুটা নিদৰ্শন দেখুৱালোঁ, যাতে হে মূছা! আমি তোমাক আমাৰ ক্ষমতাৰ আৰু তুমি যে আল্লাহৰ নবী তাৰ ডাঙৰ ডাঙৰ নিদৰ্শনবোৰ দেখুৱাব পাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020023.mp3"},{"index":"24","arabicText":"اِذْهَبْ اِلٰی فِرْعَوْنَ اِنَّهٗ طَغٰی ۟۠","assameseTranslation":"‘তুমি ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে’।","footnotes":"","tafseer":"হে মূছা! তুমি এতিয়া ফিৰআউনৰ ওচৰলৈ যোৱা। কিয়নো সি কুফৰী আৰু আল্লাহৰ অবাধ্যতাৰ বিদ্ৰোহত সীমা চেৰাই গৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020024.mp3"},{"index":"25","arabicText":"قَالَ رَبِّ اشْرَحْ لِیْ صَدْرِیْ ۟ۙ","assameseTranslation":"মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোৰ বুকু প্ৰশস্ত কৰি দিয়া।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ বাবে মোৰ বুকু প্ৰশস্ত কৰি দিয়া। যাতে মই এই পথত সন্মুখীন হোৱা সকলো কষ্ট সহ্য কৰিব পাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020025.mp3"},{"index":"26","arabicText":"وَیَسِّرْ لِیْۤ اَمْرِیْ ۟ۙ","assameseTranslation":"‘আৰু মোৰ কাম সহজ কৰি দিয়া,","footnotes":"","tafseer":"আৰু মোৰ বাবে মোৰ সকলো কৰ্ম সহজ কৰি দিয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020026.mp3"},{"index":"27","arabicText":"وَاحْلُلْ عُقْدَةً مِّنْ لِّسَانِیْ ۟ۙ","assameseTranslation":"‘আৰু মোৰ জিভাৰ জড়তা দূৰ কৰি দিয়া-","footnotes":"","tafseer":"তথা মোক স্পষ্টৰূপে কথা কোৱাৰ শক্তি প্ৰদান কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020027.mp3"},{"index":"28","arabicText":"یَفْقَهُوْا قَوْلِیْ ۪۟","assameseTranslation":"‘যাতে সিহঁতে মোৰ কথা বুজিব পাৰে।","footnotes":"","tafseer":"মই যেতিয়া তোমাৰ বাৰ্তা সিহঁতলৈ পৌঁচাই দিম তেতিয়া সিহঁতে যাতে মোৰ কথা ভালদৰে বুজি পায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020028.mp3"},{"index":"29","arabicText":"وَاجْعَلْ لِّیْ وَزِیْرًا مِّنْ اَهْلِیْ ۟ۙ","assameseTranslation":"‘আৰু মোৰ পৰিয়ালৰ মাজৰ পৰা মোৰ বাবে এজন সহায়ক নিৰ্ধাৰণ কৰি দিয়া;","footnotes":"","tafseer":"মোৰ পৰিয়ালৰ মাজৰ পৰা এজনক সহায়ক বনাই দিয়া, যিয়ে মোৰ কামত মোক সহায় কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020029.mp3"},{"index":"30","arabicText":"هٰرُوْنَ اَخِی ۟ۙ","assameseTranslation":"‘মোৰ ভাই হাৰূনক;","footnotes":"","tafseer":"মোৰ ভাতৃ হাৰূনক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020030.mp3"},{"index":"31","arabicText":"اشْدُدْ بِهٖۤ اَزْرِیْ ۟ۙ","assameseTranslation":"‘তেওঁৰ দ্বাৰা মোৰ শক্তি সুদৃঢ় কৰা,","footnotes":"","tafseer":"তেওঁৰ জৰিয়তে মোক শক্তিশালী কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020031.mp3"},{"index":"32","arabicText":"وَاَشْرِكْهُ فِیْۤ اَمْرِیْ ۟ۙ","assameseTranslation":"‘আৰু তেওঁক মোৰ কামত অংশীদাৰ কৰা,","footnotes":"","tafseer":"বাৰ্তা পৌঁচাই দিয়া কৰ্মত তেওঁক মোৰ অংশীদাৰ বনাই দিয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020032.mp3"},{"index":"33","arabicText":"كَیْ نُسَبِّحَكَ كَثِیْرًا ۟ۙ","assameseTranslation":"‘যাতে আমি তোমাৰ বেছি বেছি তাছবীহ পাঠ কৰিব পাৰোঁ,","footnotes":"","tafseer":"যাতে আমি তোমাৰ বেছি বেছি গুণগান কৰিব পাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020033.mp3"},{"index":"34","arabicText":"وَّنَذْكُرَكَ كَثِیْرًا ۟ؕ","assameseTranslation":"‘আৰু অধিক পৰিমাণে তোমাক স্মৰণ কৰিব পাৰোঁ।","footnotes":"","tafseer":"যাতে আমি তোমাক বেছি বেছি স্মৰণ কৰিব পাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020034.mp3"},{"index":"35","arabicText":"اِنَّكَ كُنْتَ بِنَا بَصِیْرًا ۟","assameseTranslation":"‘নিশ্চয় তুমি আমাৰ সম্যক দ্ৰষ্টা’।","footnotes":"","tafseer":"নিশ্চয় তুমি আমাক সুক্ষ্মভাৱে চাই আছা। আমাৰ কোনো কৰ্মই তোমাৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020035.mp3"},{"index":"36","arabicText":"قَالَ قَدْ اُوْتِیْتَ سُؤْلَكَ یٰمُوْسٰی ۟","assameseTranslation":"তেওঁ ক’লে, ‘হে মুছা! তুমি যি বিচাৰিছা সেয়া তোমাক প্ৰদান কৰা হ’ল।","footnotes":"","tafseer":"আল্লাহে ক'লেঃ হে মূছা! তুমি যি বিচাৰিছা, আমি তোমাক প্ৰদান কৰিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020036.mp3"},{"index":"37","arabicText":"وَلَقَدْ مَنَنَّا عَلَیْكَ مَرَّةً اُخْرٰۤی ۟ۙ","assameseTranslation":"‘নিশ্চয় আমি তোমাৰ প্ৰতি আৰু এবাৰ অনুগ্ৰহ কৰিছিলোঁ;","footnotes":"","tafseer":"নিশ্চয় ইয়াৰ পূৰ্বেও আমি তোমাক আৰু এবাৰ উপকাৰ কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020037.mp3"},{"index":"38","arabicText":"اِذْ اَوْحَیْنَاۤ اِلٰۤی اُمِّكَ مَا یُوْحٰۤی ۟ۙ","assameseTranslation":"‘যেতিয়া আমি তোমাৰ মাকক যি জনাবলগীয়া আছিল সেয়া জনাইছিলোঁ,","footnotes":"","tafseer":"যেতিয়া আমি তোমাৰ মাতৃৰ হৃদয়ত এটা কথা নিক্ষেপ কৰিছিলোঁ, যাৰ ফলত আল্লাহে তোমাক ফিৰআউনৰ চক্ৰান্তৰ পৰা ৰক্ষা কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020038.mp3"},{"index":"39","arabicText":"اَنِ اقْذِفِیْهِ فِی التَّابُوْتِ فَاقْذِفِیْهِ فِی الْیَمِّ فَلْیُلْقِهِ الْیَمُّ بِالسَّاحِلِ یَاْخُذْهُ عَدُوٌّ لِّیْ وَعَدُوٌّ لَّهٗ ؕ وَاَلْقَیْتُ عَلَیْكَ مَحَبَّةً مِّنِّیْ ۚ۬ وَلِتُصْنَعَ عَلٰی عَیْنِیْ ۟ۘ","assameseTranslation":"‘যে, তুমি ইয়াক বাকচৰ ভিতৰত ৰাখি দিয়া, তাৰ পিছত ইয়াক (নীল) নদীত উটুৱাই দিয়া, যাতে নদীয়ে ইয়াক পাৰলৈ ঠেলি দিয়ে, ফলত ইয়াক মোৰ আৰু তেওঁৰ শত্ৰুৱে উঠাই লৈ যাব। মই মোৰ ফালৰ পৰা তোমাৰ প্ৰতি মুহাব্বত ঢালি দিছিলোঁ, যাতে তুমি মোৰ চকুৰ আগত প্ৰতিপালিত হোৱা’।","footnotes":"","tafseer":"এতেকে তেওঁক ইলহামৰ দ্বাৰা আদেশ প্ৰদান কৰিছিলোঁ যে, মূছাক জন্ম দিয়াৰ পিছত বাকচত ভৰাই সাগৰত উটুৱাই দিবা। ইয়াৰ পিছত সাগৰে আমাৰ আদেশত তেওঁক পাৰত নিক্ষেপ কৰিব। তেতিয়া তেওঁক মোৰ আৰু তেওঁৰ শত্ৰুৱে অৰ্থাৎ ফিৰআউনে তুলি ল’ব। তথা মই মোৰ ফালৰ পৰা তোমাৰ ওপৰত মুহাব্বাত ৰাখি দিছোঁ। যাতে মানুহে তোমাক ভালপায়। যাতে মোৰ চকুৰ সন্মুখতে তথা মোৰ সুৰক্ষা বেষ্টনী আৰু চোৱাচিতাৰ জৰিয়তে তোমাৰ লালন-পালন হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020039.mp3"},{"index":"40","arabicText":"اِذْ تَمْشِیْۤ اُخْتُكَ فَتَقُوْلُ هَلْ اَدُلُّكُمْ عَلٰی مَنْ یَّكْفُلُهٗ ؕ فَرَجَعْنٰكَ اِلٰۤی اُمِّكَ كَیْ تَقَرَّ عَیْنُهَا وَلَا تَحْزَنَ ؕ۬ وَقَتَلْتَ نَفْسًا فَنَجَّیْنٰكَ مِنَ الْغَمِّ وَفَتَنّٰكَ فُتُوْنًا ۫۬ فَلَبِثْتَ سِنِیْنَ فِیْۤ اَهْلِ مَدْیَنَ ۙ۬ ثُمَّ جِئْتَ عَلٰی قَدَرٍ یّٰمُوْسٰی ۟","assameseTranslation":"‘যেতিয়া তোমাৰ বায়েৰে (বাকচটোক অনুসৰণ কৰি) খোজ কাঢ়ি গৈ আছিল, তাৰ পিছত (সিহঁতক) তেওঁ ক’লে, ‘মই তোমালোকক এনে কাৰোবাৰ সন্ধান দিমনে যিয়ে এই শিশুৰ দায়িত্বভাৰ লব পাৰিব’? ফলত আমি তোমাক তোমাৰ মাতৃৰ ওচৰলৈ ঘূৰাই আনিলোঁ, যাতে তেওঁৰ চকু জুৰ পৰে আৰু শোকত ভাগি নপৰে, আৰু তুমি এজন ব্যক্তিক হত্যা কৰিছিলা; তথাপিও আমি তোমাক মনোকষ্টৰ পৰা মুক্তি দিছিলোঁ আৰু আমি তোমাক বহু পৰীক্ষা কৰিছোঁ। হে মুছা! তাৰ পিছত তুমি কেইবা বছৰো মাদাইনবাসীৰ মাজত অৱস্থান কৰিছিলা, ইয়াৰ পিছতহে তুমি নিৰ্ধাৰিত সময়ত উপস্থিত হ’লা।","footnotes":"","tafseer":"যেতিয়া তোমাৰ ভনীয়ে সেই বাকচৰ অনুসৰণ কৰি আছিল, যিপিনে বাকচ গৈছিল সেই পিনেই তেওঁ গতি কৰিছিল। অৱশেষত তেওঁ বাকচ ল’ব ধৰা ব্যক্তিক সম্বোধন কৰি ক'লেঃ মই আপোনাক সেই ব্যক্তিৰ সন্ধান দিমনে, যিয়ে ইয়াৰ হিফাজত কৰিব পাৰিব তথা ইয়াক পিয়াহ খোৱাব পাৰিব আৰু লালন-পালন কৰিব? এইদৰে (হে মূছা) আমি তোমাক তোমাৰ মাতৃৰ ওচৰলৈ ওভোতাই দি তোমাৰ প্ৰতি উপকাৰ কৰিছিলোঁ। যাতে তোমাৰ মায়ে তোমাক ওভোতাই পাই আনন্দিত হয় আৰু তোমাক হেৰুৱাৰ বেদনা সহিব নালাগে। তুমি এজন কিবতীক ঘোচা মাৰি হত্যা কৰিছিলা, কিন্তু আমি তোমাক সেই দণ্ডৰ পৰাও ৰক্ষা কৰিছিলোঁ আৰু তোমাক তোমাৰ জীৱনত অহা এটাৰ পিছত এটা পৰীক্ষাৰ পৰা ৰক্ষা কৰিছিলোঁ। ইয়াৰ পিছত তুমি সেই ঠাইৰ পৰা প্ৰস্থান কৰি মাদিয়ানবাসী সকলৰ মাজত কেইবা বছৰ অৱস্থান কৰিছিলা। তাৰ পিছত, হে মূছা! তুমি সেই সময়ত উভতি আহিছা, যিটো সময় তোমাৰ সৈতে কথা কোৱাৰ বাবে নিৰ্ধাৰিত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020040.mp3"},{"index":"41","arabicText":"وَاصْطَنَعْتُكَ لِنَفْسِیْ ۟ۚ","assameseTranslation":"‘আৰু মই তোমাক মোৰ নিজৰ বাবে প্ৰস্তুত কৰি (মনোনীত কৰি) লৈছোঁ।","footnotes":"","tafseer":"আৰু মই তোমাক নিৰ্বাচিত কৰিছোঁ, যাতে তুমি মোৰ ফালৰ পৰা বাৰ্তাবাহক হ'ব পাৰা, আৰু মানুহৰ মাজত সেইটো প্ৰচাৰ কৰিব পাৰা, যিটো মই তোমাৰ ফালে অহী কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020041.mp3"},{"index":"42","arabicText":"اِذْهَبْ اَنْتَ وَاَخُوْكَ بِاٰیٰتِیْ وَلَا تَنِیَا فِیْ ذِكْرِیْ ۟ۚ","assameseTranslation":"‘তুমি আৰু তোমাৰ ভাই মোৰ নিদৰ্শনসমূহ লৈ যাত্ৰা কৰা আৰু মোৰ স্মৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ অলসতা নকৰিবা,","footnotes":"","tafseer":"হে মূছা! তুমি আৰু তোমাৰ ভাই হাৰূন, দুয়ো মিলি আল্লাহৰ ক্ষমতা আৰু একত্ববাদৰ প্ৰমাণ বহন কৰা নিদৰ্শনসমূহ লৈ যোৱা। তোমালোক দুয়োজনে (শুনা)! ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত তথা মোৰ স্মৰণত কেতিয়াও অমনোযোগী নহ'বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020042.mp3"},{"index":"43","arabicText":"اِذْهَبَاۤ اِلٰی فِرْعَوْنَ اِنَّهٗ طَغٰی ۟ۚۖ","assameseTranslation":"‘তোমালোকে দুয়ো ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে।","footnotes":"","tafseer":"তোমালোক দুয়ো ফিৰআউনৰ ওচৰলৈ যোৱা, কিয়নো সি কুফৰী আৰু আল্লাহৰ অবাধ্যতাৰ ক্ষেত্ৰত সীমা চেৰাই গৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020043.mp3"},{"index":"44","arabicText":"فَقُوْلَا لَهٗ قَوْلًا لَّیِّنًا لَّعَلَّهٗ یَتَذَكَّرُ اَوْ یَخْشٰی ۟","assameseTranslation":"‘তোমালোকে তাৰ লগত নম্ৰভাৱে কথা ক'বা, হয়তো সি উপদেশ গ্ৰহণ কৰিব অথবা ভয় কৰিব’।","footnotes":"","tafseer":"তোমালোকে দুয়ো তাৰ লগত নম্ৰভাৱে আলোচনা কৰিবা, যি আলোচনাত কোনো ধৰণৰ কঠোৰতা নাই। সম্ভৱতঃ সি উপদেশ গ্ৰহণ কৰিব তথা আল্লাহক ভয় কৰি তাওবা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020044.mp3"},{"index":"45","arabicText":"قَالَا رَبَّنَاۤ اِنَّنَا نَخَافُ اَنْ یَّفْرُطَ عَلَیْنَاۤ اَوْ اَنْ یَّطْغٰی ۟","assameseTranslation":"তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমাৰ আশংকা হৈছে সি আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিব নাইবা অন্যায় আচৰণত সীমালঙ্ঘন কৰিব’।","footnotes":"","tafseer":"মূছা আৰু হাৰূন আলাইহিমাচ্ছালামে ক'লেঃ আমি আশংকা কৰিছোঁ, আমি তাক নিমন্ত্ৰণ কৰাৰ পূৰ্বেই সি আমাক শাস্তি বিহিব। নাইবা হত্যা তথা অন্য কোনো শাস্তিৰ দ্বাৰা আমাৰ ওপৰত অন্যায়ৰ সীমা অতিক্ৰম কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020045.mp3"},{"index":"46","arabicText":"قَالَ لَا تَخَافَاۤ اِنَّنِیْ مَعَكُمَاۤ اَسْمَعُ وَاَرٰی ۟","assameseTranslation":"তেওঁ ক’লে, ‘তোমালোকে ভয় নকৰিবা, নিশ্চয় মই তোমালোকৰ লগত আছোঁ, মই শুনো আৰু দেখোঁ’।","footnotes":"","tafseer":"আল্লাহে তেওঁলোক দুয়োকে সম্বোধন কৰি ক'লেঃ তোমালোকে ভয় নকৰিবা। নিশ্চয় সহায় তথা সমৰ্থনৰ বাবে মই তোমালোকৰ লগত আছোঁ। নিশ্চয় মই সেই সকলো বিষয় শুনা পাম তথা চাই থাকিম, যিবোৰ তোমালোকৰ আৰু ফিৰআউনৰ মাজত সংঘটিত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020046.mp3"},{"index":"47","arabicText":"فَاْتِیٰهُ فَقُوْلَاۤ اِنَّا رَسُوْلَا رَبِّكَ فَاَرْسِلْ مَعَنَا بَنِیْۤ اِسْرَآءِیْلَ ۙ۬ وَلَا تُعَذِّبْهُمْ ؕ قَدْ جِئْنٰكَ بِاٰیَةٍ مِّنْ رَّبِّكَ ؕ وَالسَّلٰمُ عَلٰی مَنِ اتَّبَعَ الْهُدٰی ۟","assameseTranslation":"এতেকে তোমালোকে তাৰ ওচৰলৈ যোৱা আৰু কোৱাগৈ যে, ‘আমি দুয়ো তোমাৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল, সেয়ে আমাৰ লগত বনী ইছৰাঈলক যাবলৈ দিয়া আৰু সিহঁতক কষ্ট নিদিবা, আমি তোমাৰ ওচৰত তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা নিদৰ্শন লৈ আহিছোঁ; আৰু যিসকলে সৎপথ অনুসৰণ কৰে তেওঁলোকৰ প্ৰতি শান্তি বৰ্ষিত হওক।","footnotes":"","tafseer":"এতেকে তোমালোক দুয়ো তাৰ ওচৰলৈ যোৱা আৰু কোৱাগৈ যে, হে ফিৰআউন! নিশ্চয় আমি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰাছুল হিচাপে প্ৰেৰিত হৈছোঁ। এতেকে বনী ইছৰাঈলক আমাৰ লগত প্ৰেৰণ কৰা, তথা সিহঁতৰ সন্তানক হত্যা কৰি আৰু সিহঁতৰ নাৰীসকলক জীৱিত ৰাখি তুমি সিহঁতক যি শাস্তি প্ৰদান কৰি আছা, সেয়া বন্ধ কৰা। নিশ্চয় আমি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰলৈ আমাৰ সত্যতাৰ প্ৰমাণ লৈ আহিছোঁ, আৰু সেই ব্যক্তিৰ বাবে আল্লাহৰ শাস্তিৰ পৰা সুৰক্ষা কবচ লৈ আহিছোঁ, যিয়ে ঈমান পোষণ কৰিব আৰু আল্লাহৰ হিদায়তৰ অনুসৰণ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020047.mp3"},{"index":"48","arabicText":"اِنَّا قَدْ اُوْحِیَ اِلَیْنَاۤ اَنَّ الْعَذَابَ عَلٰی مَنْ كَذَّبَ وَتَوَلّٰی ۟","assameseTranslation":"‘নিশ্চয় আমাৰ প্ৰতি অহী প্ৰেৰণ কৰা হৈছে যে, শাস্তি কেৱল তাৰ বাবে যিয়ে (সত্যক) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়’।","footnotes":"","tafseer":"দৰাচলতে আল্লাহে আমাৰ প্ৰতি অহী কৰিছে যে, নিশ্চয় পৃথিৱী আৰু আখিৰাতৰ শাস্তি হৈছে সেই ব্যক্তিৰ ওপৰত অৱধাৰিত, যিয়ে আল্লাহৰ নিদৰ্শনক অস্বীকাৰ কৰিব আৰু ৰাছুলে লৈ অহা শিক্ষাক অৱজ্ঞা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020048.mp3"},{"index":"49","arabicText":"قَالَ فَمَنْ رَّبُّكُمَا یٰمُوْسٰی ۟","assameseTranslation":"ফিৰআউনে ক’লে, ‘হে মুছা! তেনেহ’লে তোমালোকৰ ৰব কোন’?","footnotes":"","tafseer":"ফিৰআউনে তেওঁলোকৰ দুয়োৰে কথা অগ্ৰাহ্য কৰি ক'লেঃ হে মূছা! তোমালোকৰ ৰব্ব আকৌ কোন? যিয়ে তোমালোকক ৰাছুল হিচাপে মোলৈ প্ৰেৰণ কৰিছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020049.mp3"},{"index":"50","arabicText":"قَالَ رَبُّنَا الَّذِیْۤ اَعْطٰی كُلَّ شَیْءٍ خَلْقَهٗ ثُمَّ هَدٰی ۟","assameseTranslation":"মুছাই ক’লে, ‘তেৱেঁই হৈছে আমাৰ ৰব (প্ৰতিপালক), যিজনে প্ৰত্যেক বস্তুক উপযুক্ত আকৃতি দান কৰিছে, তাৰ পিছত সঠিক পথ নিৰ্দেশ কৰিছে’।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে ক'লেঃ সেইজনেই আমাৰ ৰব্ব, যিয়ে প্ৰত্যেককে এটা ৰূপ তথা উচিত আকৃতি প্ৰদান কৰিছে, তাৰ পিছত সকলো সৃষ্টিকেই সেই পথৰ হিদায়ত দিছে, যাৰ বাবে সিহঁতক সৃষ্টি কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020050.mp3"},{"index":"51","arabicText":"قَالَ فَمَا بَالُ الْقُرُوْنِ الْاُوْلٰی ۟","assameseTranslation":"ফিৰআউনে ক’লে, ‘তেনেহ’লে অতীত যুগৰ লোকসকলৰ অৱস্থা কি’?","footnotes":"","tafseer":"ফিৰআউনে ক'লেঃ তেন্তে বিগত সম্প্ৰদায়সমূহৰ কি গতি হ'ব, যিসকলে কুফৰী অৱস্থাতে মৃত্যুবৰণ কৰিছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020051.mp3"},{"index":"52","arabicText":"قَالَ عِلْمُهَا عِنْدَ رَبِّیْ فِیْ كِتٰبٍ ۚ لَا یَضِلُّ رَبِّیْ وَلَا یَنْسَی ۟ؗ","assameseTranslation":"মুছাই ক’লে, ‘ইয়াৰ জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত কিতাবত আছে, মোৰ প্ৰতিপালকে ভুল নকৰে আৰু বিস্মৃতও নহয়’।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে ফিৰআউনক ক'লেঃ সেই উম্মতসকলৰ বিষয়ে পূৰ্ণাংগ জ্ঞান, মোৰ প্ৰতিপালকৰ ওচৰত লাওহে মাহফুজত লিপিবদ্ধ আছে। মোৰ প্ৰতিপালকৰ জ্ঞানত কোনো ত্ৰুটি নাই, আৰু তেওঁ কেতিয়াও একো নাপাহৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020052.mp3"},{"index":"53","arabicText":"الَّذِیْ جَعَلَ لَكُمُ الْاَرْضَ مَهْدًا وَّسَلَكَ لَكُمْ فِیْهَا سُبُلًا وَّاَنْزَلَ مِنَ السَّمَآءِ مَآءً ؕ فَاَخْرَجْنَا بِهٖۤ اَزْوَاجًا مِّنْ نَّبَاتٍ شَتّٰی ۟","assameseTranslation":"‘যিজনে তোমালোকৰ বাবে পৃথিৱীখনক শয্যাৰূপে পাৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ কৰি দিছে, আৰু তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে’। ফলত তাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ।","footnotes":"","tafseer":"যিয়ে তোমালোকৰ বাবে পৃথিৱীখনক বসবাস উপযোগী বনাইছে, তথা তাত তোমালোকৰ বাবে চলাচল কৰিব পৰা সুগম পথ বনাইছে, আৰু তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে. যাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020053.mp3"},{"index":"54","arabicText":"كُلُوْا وَارْعَوْا اَنْعَامَكُمْ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّاُولِی النُّهٰی ۟۠","assameseTranslation":"তোমালোকে খোৱা আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰকো চৰোৱা; নিশ্চয় ইয়াত বিবেকসম্পন্ন ব্যক্তিসকলৰ বাবে নিদৰ্শন আছে।","footnotes":"","tafseer":"হে মানৱ! আমি তোমালোকৰ বাবে যি পৱিত্ৰ বস্তু উৎপন্ন কৰিছোঁ সেয়া ভক্ষণ কৰা, তথা তোমালোকৰ ঘৰচীয়া জন্তুবোৰক খাবলৈ দিয়া। নিশ্চয় উক্ত নিয়ামতসমূহৰ মাজত বিবেকৱানসকলৰ বাবে আল্লাহৰ শক্তি আৰু তেওঁৰ একত্বৰ প্ৰমাণ নিহিত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020054.mp3"},{"index":"55","arabicText":"مِنْهَا خَلَقْنٰكُمْ وَفِیْهَا نُعِیْدُكُمْ وَمِنْهَا نُخْرِجُكُمْ تَارَةً اُخْرٰی ۟","assameseTranslation":"আমি তোমালোকক মাটিৰ পৰাই সৃষ্টি কৰিছোঁ, তালৈকেই তোমালোকক ওভতাই দিম আৰু তাৰ পৰাই তোমালোকক পুনৰ উলিয়াই আনিম।","footnotes":"","tafseer":"পৃথিৱীৰ মাটিৰেই আমি তোমালোকৰ পিতৃ আদমক সৃষ্টি কৰিছোঁ, এতেকে তোমালোকে যেতিয়া মৃত্যুবৰণ কৰিবা, তেতিয়া এই মাটিতেই তোমালোকক দাফন কৰা হ’ব, আকৌ কিয়ামতৰ দিনা আমি তোমালোকক এই মাটিৰ পৰাই পুনৰুত্থিত কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020055.mp3"},{"index":"56","arabicText":"وَلَقَدْ اَرَیْنٰهُ اٰیٰتِنَا كُلَّهَا فَكَذَّبَ وَاَبٰی ۟","assameseTranslation":"নিশ্চয় আমি তাক আমাৰ প্ৰত্যেকটো নিদৰ্শন দেখুৱাইছিলোঁ; কিন্তু সি অস্বীকাৰ কৰিছে আৰু অমান্য কৰিছে।","footnotes":"","tafseer":"আমি ফিৰআউনৰ সন্মুখত ন টা নিদৰ্শনৰ গোটেই কেইটা প্ৰকট কৰিছিলোঁ, সি সেইবোৰ দেখিও অস্বীকাৰ কৰিছিল। তথা আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিবলৈও অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020056.mp3"},{"index":"57","arabicText":"قَالَ اَجِئْتَنَا لِتُخْرِجَنَا مِنْ اَرْضِنَا بِسِحْرِكَ یٰمُوْسٰی ۟","assameseTranslation":"সি ক’লে, ‘হে মুছা! তুমি তোমাৰ যাদুৰ দ্বাৰা আমাক আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰিবলৈ আহিছা নেকি’?","footnotes":"","tafseer":"ফিৰআউনে ক'লেঃ হে মূছা! তুমি তোমাৰ যাদুৰ জৰিয়তে আমাক মিচৰৰ পৰা বহিষ্কাৰ কৰিবলৈ আহিছা নেকি, যাতে তুমি ইয়াত শাসন কৰিব পাৰা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020057.mp3"},{"index":"58","arabicText":"فَلَنَاْتِیَنَّكَ بِسِحْرٍ مِّثْلِهٖ فَاجْعَلْ بَیْنَنَا وَبَیْنَكَ مَوْعِدًا لَّا نُخْلِفُهٗ نَحْنُ وَلَاۤ اَنْتَ مَكَانًا سُوًی ۟","assameseTranslation":"‘তেনেহ’লে নিশ্চয় আমিও তোমাৰ ওচৰলৈ অনুৰূপ যাদু উপস্থিত কৰিম, গতিকে আমাৰ আৰু তোমাৰ মাজত তুমি এটা সময় নিৰ্ধাৰণ কৰা, যিটোক আমিও লঙ্ঘন নকৰোঁ আৰু তুমিও লঙ্ঘন নকৰিবা’।","footnotes":"","tafseer":"এতেকে হে মূছা! নিশ্চয় আমিও তোমাৰ যাদুৰ দৰে যাদু লৈ আহিম। গতিকে আমাৰ আৰু তোমাৰ বাবে স্থান আৰু নিৰ্দিষ্ট সময় এটা নিৰ্ধাৰণ কৰা একত্ৰিত হ'বলৈ। যিটো প্ৰতিশ্ৰুতিৰ পৰা আমিও পিছুৱাই নাযাওঁ আৰু তুমিও পিছুৱাই নাযাবা। তথা সেই স্থান যাতে হয় উপযুক্ত আৰু দুয়ো দলৰ বাবে মধ্যৱৰ্তী ঠাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020058.mp3"},{"index":"59","arabicText":"قَالَ مَوْعِدُكُمْ یَوْمُ الزِّیْنَةِ وَاَنْ یُّحْشَرَ النَّاسُ ضُحًی ۟","assameseTranslation":"মুছাই ক’লে, ‘উৎসৱৰ দিনটোৱে তোমালোকৰ বাবে নিৰ্ধাৰিত সময় আৰু (সেইদিনা) যাতে পূৰ্বাহ্নতেই জনগণক সমবেত কৰা হয়’।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে ফিৰআউনক ক'লেঃ ঠিক আছে, তেনেহ’লে একত্ৰিত হ'বলৈ উৎসৱৰ দিনটোকে মই নিৰ্ধাৰণ কৰিলোঁ আমাৰ আৰু তোমালোকৰ বাবে। যিদিনা মানুহে আগবেলিয়ে উৎসৱ উদযাপন কৰিবলৈ একত্ৰিত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020059.mp3"},{"index":"60","arabicText":"فَتَوَلّٰی فِرْعَوْنُ فَجَمَعَ كَیْدَهٗ ثُمَّ اَتٰی ۟","assameseTranslation":"লগে লগে ফিৰআউনে প্ৰস্থান কৰি তাৰ যাৱতীয় কৌশল একত্ৰিত কৰিলে, তাৰ পিছত সি আহিল।","footnotes":"","tafseer":"ইয়াৰ পিছত ফিৰআউন উভতি গ'ল, আৰু চক্ৰান্ত ৰচিবলৈ ধৰিলে তথা নিৰ্দিষ্ট সময়ত নিৰ্ধাৰিত স্থানতগৈ উপস্থিত হ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020060.mp3"},{"index":"61","arabicText":"قَالَ لَهُمْ مُّوْسٰی وَیْلَكُمْ لَا تَفْتَرُوْا عَلَی اللّٰهِ كَذِبًا فَیُسْحِتَكُمْ بِعَذَابٍ ۚ وَقَدْ خَابَ مَنِ افْتَرٰی ۟","assameseTranslation":"মুছাই সিহঁতক ক’লে, ‘দূৰ্ভোগ তোমালোকৰ! তোমালোকে আল্লাহৰ ওপৰত মিছা আৰোপ নকৰিবা। অন্যথা তেওঁ তোমালোকক শাস্তিৰ দ্বাৰা সমূলি ধ্বংস কৰিব, আৰু যিয়ে মিছা উদ্ভাৱন কৰিছে সিয়েই ব্যৰ্থ হৈছে’।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে ফিৰআউনৰ যাদুকৰসকলক উপদেশ দি ক'লেঃ এতিয়াও সময় আছে সাৱধান হোৱা, তোমালোকে যাদুৰ জৰিয়তে মানুহক প্ৰতাৰণা কৰি আল্লাহৰ প্ৰতি মিছা আৰোপ নকৰিবা, অন্যথা আল্লাহে তোমালোকক কোনো শাস্তিৰ জৰিয়তে নিৰ্মূল কৰি পেলাব। কিয়নো যিয়ে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে, নিশ্চিতভাৱে সি হৈছে ক্ষতিগ্ৰস্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020061.mp3"},{"index":"62","arabicText":"فَتَنَازَعُوْۤا اَمْرَهُمْ بَیْنَهُمْ وَاَسَرُّوا النَّجْوٰی ۟","assameseTranslation":"তেতিয়া সিহঁতে নিজৰ মাজতে সিহঁতৰ কৰ্ম সম্পৰ্কে বাক-বিতণ্ডা কৰিলে আৰু সিহঁতে গোপনে পৰামৰ্শ কৰিলে।","footnotes":"","tafseer":"যাদুকৰসকলে মূছা আলাইহিচ্ছালামৰ কথা শুনি তেওঁৰ লগত বাদানুবাদ কৰিবলৈ ধৰিলে আৰু ইজনে সিজনৰ লগত কাণে কাণে কথা পাতিবলৈ ধৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020062.mp3"},{"index":"63","arabicText":"قَالُوْۤا اِنْ هٰذٰىنِ لَسٰحِرٰنِ یُرِیْدٰنِ اَنْ یُّخْرِجٰكُمْ مِّنْ اَرْضِكُمْ بِسِحْرِهِمَا وَیَذْهَبَا بِطَرِیْقَتِكُمُ الْمُثْلٰی ۟","assameseTranslation":"সিহঁতে ক’লে, ‘ইহঁত দুজন নিশ্চয় যাদুকৰ, ইহঁতে ইহঁতৰ যাদুৰ দ্বাৰা তোমালোকক তোমালোকৰ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে আৰু তোমালোকৰ উৎকৃষ্ট জীৱন পদ্ধতি ধ্বংস কৰিব বিচাৰে।","footnotes":"","tafseer":"সিহঁতে ইজনে সিজনৰ কাণত গোপনভাৱে ক'লেঃ নিশ্চয় মূছা আৰু হাৰূন হৈছে যাদুকৰ, তেওঁলোকে নিজৰ যাদুৰ জৰিয়তে তোমালোকক মিচৰৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে, তথা তোমালোকৰ জীৱন-যাপনৰ উত্তম পদ্ধতি আৰু উচ্চতম সিদ্ধান্তক বিনষ্ট কৰিব বিচাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020063.mp3"},{"index":"64","arabicText":"فَاَجْمِعُوْا كَیْدَكُمْ ثُمَّ ائْتُوْا صَفًّا ۚ وَقَدْ اَفْلَحَ الْیَوْمَ مَنِ اسْتَعْلٰی ۟","assameseTranslation":"‘এতেকে তোমালোকে তোমালোকৰ কৌশল (যাদুক্ৰিয়া) গোটাই লোৱা, তাৰ পিছত শাৰীবদ্ধ হৈ উপস্থিত হোৱা; আৰু আজি যিয়ে জয় লাভ কৰিব সিয়ে সফল হ’ব’।","footnotes":"","tafseer":"এতেকে তোমালোকে নিজৰ সিদ্ধান্তত দৃঢ় থাকিবা, এই ক্ষেত্ৰত কোনো মতানৈক্যৰ চিকাৰ নহ'বা, তথা শাৰীবদ্ধভাৱে আগুৱাই যাবা, আৰু তোমালোকৰ হাতত যি যি আছে সেয়া সকলোৱে এবাৰতেই নিক্ষেপ কৰিবা। আজি সেই ব্যক্তিয়ে সফলতা অৰ্জন কৰিব যিয়ে নিজৰ প্ৰতিপক্ষক পৰাস্ত কৰিব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020064.mp3"},{"index":"65","arabicText":"قَالُوْا یٰمُوْسٰۤی اِمَّاۤ اَنْ تُلْقِیَ وَاِمَّاۤ اَنْ نَّكُوْنَ اَوَّلَ مَنْ اَلْقٰی ۟","assameseTranslation":"সিহঁতে ক’লে, ‘হে মুছা! হ’লে তুমি আগতে নিক্ষেপ কৰা, নহ'লে প্ৰথমে আমিয়ে নিক্ষেপকাৰী হম’।","footnotes":"","tafseer":"যাদুকৰসকলে মূছা আলাইহিচ্ছালামক ক'লেঃ হে মূছা! তুমি দুটা বিকল্পৰ যিকোনো এটা গ্ৰহণ কৰা, হয় তুমি প্ৰথমে তোমাৰ যাদু দেখুৱা, নহ'লে আমি প্ৰথমে আৰম্ভ কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020065.mp3"},{"index":"66","arabicText":"قَالَ بَلْ اَلْقُوْا ۚ فَاِذَا حِبَالُهُمْ وَعِصِیُّهُمْ یُخَیَّلُ اِلَیْهِ مِنْ سِحْرِهِمْ اَنَّهَا تَسْعٰی ۟","assameseTranslation":"মুছাই ক’লে, ‘বৰং তোমালোকেই (আগতে) নিক্ষেপ কৰা’। ফলত (সিহঁতে নিক্ষেপ কৰাৰ) লগে লগে সিহঁতৰ যাদুৰ প্ৰভাৱত মুছাৰ এনেকুৱা লাগিল যেনিবা সিহঁতৰ জৰীবোৰ আৰু লাঠিসমূহ কেৰমেৰ কৰি আছে।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে ক'লেঃ তোমালোকৰ ওচৰত যি আছে সেইবোৰকে প্ৰথমে নিক্ষেপ কৰা। এতেকে সিহঁতে সিহঁতৰ ওচৰত থকা যি যি আছিল নিক্ষেপ কৰিলে, হঠাৎ সিহঁতে নিক্ষেপ কৰা ৰচী আৰু লাখুটিবোৰ যাদুৰ প্ৰভাৱত মূছা আলাইহিচ্ছালামৰ ওচৰত এনেকুৱা প্ৰতীত হ'বলৈ ধৰিলে যেনিবা সেইবোৰ সাপ হৈ দৌৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020066.mp3"},{"index":"67","arabicText":"فَاَوْجَسَ فِیْ نَفْسِهٖ خِیْفَةً مُّوْسٰی ۟","assameseTranslation":"তেতিয়া মুছাই অন্তৰত অলপ ভীতি অনুভৱ কৰিলে।","footnotes":"","tafseer":"এতেকে সিহঁতৰ এই কৰ্ম দেখি মূছা আলাইহিচ্ছালামৰ অন্তৰত ভয় অনুভৱ হ'বলৈ ধৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020067.mp3"},{"index":"68","arabicText":"قُلْنَا لَا تَخَفْ اِنَّكَ اَنْتَ الْاَعْلٰی ۟","assameseTranslation":"আমি ক’লোঁ, ‘তুমি ভয় নকৰিবা, নিশ্চয় তুমিয়েই জয় লাভ কৰিবা।","footnotes":"","tafseer":"তেতিয়া আল্লাহে মূছা আলাইহিচ্ছালামক সান্তনা প্ৰদান কৰি ক'লেঃ তুমি যিটো অনুভৱ কৰি আছা, সেইটোক ভয় নকৰিবা। হে মূছা! নিশ্চয় তুমিয়েই সিহঁতক পৰাস্ত কৰি বিজয় লাভ কৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020068.mp3"},{"index":"69","arabicText":"وَاَلْقِ مَا فِیْ یَمِیْنِكَ تَلْقَفْ مَا صَنَعُوْا ؕ اِنَّمَا صَنَعُوْا كَیْدُ سٰحِرٍ ؕ وَلَا یُفْلِحُ السَّاحِرُ حَیْثُ اَتٰی ۟","assameseTranslation":"‘আৰু তোমাৰ সোঁ হাতত যি আছে সেয়া নিক্ষেপ কৰা, এইটোৱে সিহঁতে যি কৰিছে সেইবোৰক খাই পেলাব। সিহঁতে যি কৰিছে সেইবোৰ হৈছে কেৱল যাদুকৰৰ কৌশল; আৰু যাদুকৰ য’ৰ পৰাই নাহক কিয়, কেতিয়াও সফল নহ’ব’।","footnotes":"","tafseer":"তোমাৰ সোঁ হাতত যিডাল লাখুটি আছে, সেইডাল নিক্ষেপ কৰা। সেইডাল এডাল প্ৰকাণ্ড সাপ হৈ সেইবোৰক গিলি খাব। দৰাচলতে সিহঁতে যি বনাইছে, সেইবোৰ যাদুৰ চক্ৰান্তৰ বাহিৰে আন একো নহয়। এতেকে যাদুকৰ য’তে নাথাকক কিয়, সিহঁত কেতিয়াও উদ্দেশ্যত সফল হ'ব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020069.mp3"},{"index":"70","arabicText":"فَاُلْقِیَ السَّحَرَةُ سُجَّدًا قَالُوْۤا اٰمَنَّا بِرَبِّ هٰرُوْنَ وَمُوْسٰی ۟","assameseTranslation":"ফলত যাদুকৰসকলে ছাজদাৱনত হ’ল, সিহঁতে ক’লে, ‘আমি হাৰূন আৰু মুছাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিলোঁ’।","footnotes":"","tafseer":"এতেকে মূছা আলাইহিচ্ছালামে তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে, ফলত সেই লাখুটিডাল এডাল প্ৰকাণ্ড সাপ হৈ যাদুকৰসকলৰ সৰু সৰু সাপবোৰক এফালৰ পৰা গিলি খাবলৈ ধৰিলে। এতেকে যাদুকৰসকলে যেতিয়া পতিয়ন গ'ল যে, মূছাৰ ওচৰত যি আছে সেয়া যাদু নহয়, বৰং সেয়া হৈছে আল্লাহৰ ফালৰ পৰা প্ৰাপ্ত নিদৰ্শন, তেতিয়া সিহঁতে আল্লাহৰ বাবে ছাজদাত পৰি ক'লেঃ আমি ঈমান পোষণ কৰিলোঁ মূছা আৰু হাৰূনৰ প্ৰতিপালকৰ প্ৰতি তথা গোটেই সৃষ্টিজগতৰ প্ৰতিপালকৰ প্ৰতি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020070.mp3"},{"index":"71","arabicText":"قَالَ اٰمَنْتُمْ لَهٗ قَبْلَ اَنْ اٰذَنَ لَكُمْ ؕ اِنَّهٗ لَكَبِیْرُكُمُ الَّذِیْ عَلَّمَكُمُ السِّحْرَ ۚ فَلَاُقَطِّعَنَّ اَیْدِیَكُمْ وَاَرْجُلَكُمْ مِّنْ خِلَافٍ وَّلَاُوصَلِّبَنَّكُمْ فِیْ جُذُوْعِ النَّخْلِ ؗ وَلَتَعْلَمُنَّ اَیُّنَاۤ اَشَدُّ عَذَابًا وَّاَبْقٰی ۟","assameseTranslation":"ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস স্থাপন কৰিলা! নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান, সিয়েই তোমালোকক যাদু শিকাইছে। গতিকে নিশ্চয় মই তোমালোকৰ হাত ভৰি বিপৰীত দিশৰ পৰা কাটিম আৰু মই তোমালোকক খেজুৰ গছৰ কাণ্ডত শূলবিদ্ধ কৰিম আৰু তোমালোকে অৱশ্যে জানিব পাৰিবা আমাৰ মাজত কাৰ শাস্তি বেছি কঠোৰ আৰু অধিক স্থায়ী’।","footnotes":"","tafseer":"ফিৰআউনে যাদুকৰসকলৰ ঈমানক নাকচ কৰি আৰু সিহঁতক সকীয়নি দি ক'লেঃ মই অনুমতি দিয়াৰ আগতেই তোমালোকে মূছাৰ প্ৰতি ঈমান আনিলা? হে যাদুকৰসকল! মোৰ এতিয়া বিশ্বাস হৈছে যে, নিশ্চয় মূছাই হৈছে তোমালোকৰ প্ৰতিনিধি, যিয়ে তোমালোকক যাদু শিকাইছে। মই তোমালোকৰ প্ৰত্যেকৰে হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটিম, আৰু তোমালোকৰ শৰীৰক মৃত্যু নোহোৱালৈকে খেজুৰ গছৰ কাণ্ডত ওলোমাই ৰাখিম, আৰু তোমালোকৰ এই শাস্তি যাতে মানুহৰ বাবে শিক্ষামূলক হয়। তেতিয়াহে তোমালোকে গম পাবা, আমাৰ মাজৰ কোনে অধিক কঠোৰ আৰু স্থায়ী শাস্তি প্ৰদান কৰিব পাৰে, মই নে মূছাৰ প্ৰতিপালক?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020071.mp3"},{"index":"72","arabicText":"قَالُوْا لَنْ نُّؤْثِرَكَ عَلٰی مَا جَآءَنَا مِنَ الْبَیِّنٰتِ وَالَّذِیْ فَطَرَنَا فَاقْضِ مَاۤ اَنْتَ قَاضٍ ؕ اِنَّمَا تَقْضِیْ هٰذِهِ الْحَیٰوةَ الدُّنْیَا ۟ؕ","assameseTranslation":"সিহঁতে ক’লে, ‘আমাৰ ওচৰত যিবোৰ স্পষ্ট নিদৰ্শন আহিছে তাৰ ওপৰত আৰু যিজনে আমাক সৃষ্টি কৰিছে তেওঁৰ ওপৰত আমি তোমাক কেতিয়াও প্ৰধান্য নিদিওঁ। সেয়ে তোমাৰ যি সিদ্ধান্ত লব লগা আছে লোৱা। তুমি কেৱল এই পাৰ্থিৱ জীৱনৰ ওপৰতেই কৰ্তৃত্ব কৰিব পাৰা’।","footnotes":"","tafseer":"যাদুকৰসকলে ফিৰআউনক ক'লেঃ হে ফিৰআউন! আমাৰ ওচৰত যিবোৰ স্পষ্ট নিদৰ্শন আহি পৰিছে, সেইবোৰৰ অনুসৰণৰ ওপৰত আমি কেতিয়াও তোমাৰ অনুসৰণক প্ৰাধান্য দিব নোৱাৰোঁ। তথা যিজন আল্লাহে আমাক সৃষ্টি কৰিছে, তেওঁৰ ওপৰত আমি কেতিয়াও তোমাক অগ্ৰাধিকাৰ নিদিওঁ। এতেকে তুমি আমাৰ সৈতে যি আচৰণ কৰিব বিচৰা কৰা। এই ধ্বংসশীল জীৱনতেই কেৱল তুমি আমাৰ ওপৰত শাসন কৰিব পাৰিবা, আৰু জানি থোৱা! অতিশীঘ্ৰে তোমাৰ এই ৰাজত্ব বিনষ্ট হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020072.mp3"},{"index":"73","arabicText":"اِنَّاۤ اٰمَنَّا بِرَبِّنَا لِیَغْفِرَ لَنَا خَطٰیٰنَا وَمَاۤ اَكْرَهْتَنَا عَلَیْهِ مِنَ السِّحْرِ ؕ وَاللّٰهُ خَیْرٌ وَّاَبْقٰی ۟","assameseTranslation":"‘নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছোঁ, যাতে তেওঁ আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিয়ে, আৰু তুমি আমাক যি যাদু কৰিবলৈ বাধ্য কৰাইছিলা তাৰ পাপসমূহ যাতে ক্ষমা কৰি দিয়ে, আৰু আল্লাহ শ্ৰেষ্ঠ তথা স্থায়ী’।","footnotes":"","tafseer":"নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছোঁ, আশা কৰোঁ তেওঁ আমাৰ বিগত গুনাহসমূহ যেনে কুফৰী আদি ক্ষমা কৰিব তথা আমাৰ যাদুকৰ্মৰ পাপবোৰ মাৰ্জনা কৰিব, যিটো শিকিবলৈ আৰু অভ্যাস কৰিবলৈ তথা যাৰ দ্বাৰা মূছাক পৰাস্ত কৰিবলৈ তুমি আমাক বাধ্য কৰিছিলা। আল্লাহে তাতোকৈ অধিক প্ৰতিফল দান কৰিব যিবোৰৰ তুমি প্ৰতিশ্ৰুতি দিছিলা, তথা তেওঁ তাতোকৈও অধিক স্থায়ী আৰু কঠিন শাস্তি দিবলৈ সক্ষম, যিটো শাস্তিৰ সকীয়নি তুমি আমাক প্ৰদান কৰিছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020073.mp3"},{"index":"74","arabicText":"اِنَّهٗ مَنْ یَّاْتِ رَبَّهٗ مُجْرِمًا فَاِنَّ لَهٗ جَهَنَّمَ ؕ لَا یَمُوْتُ فِیْهَا وَلَا یَحْیٰی ۟","assameseTranslation":"নিশ্চয় যিয়ে তাৰ প্ৰতিপালকৰ ওচৰত অপৰাধী হৈ উপস্থিত হ’ব, নিশ্চয় তাৰ বাবে আছে জাহান্নাম, সি তাত মৃত্যুবৰণো নকৰিব আৰু জীয়াই থাকিবও নোৱাৰিব।","footnotes":"","tafseer":"এতেকে মূল কথা হৈছে, যিয়ে কিয়ামতৰ দিনা কাফিৰ অৱস্থাত আল্লাহৰ ওচৰত আহিব, তাৰ বাবে আছে জাহান্নাম, য’ত সি প্ৰৱেশ কৰিব আৰু চিৰকাল অৱস্থান কৰিব, তাত শাস্তিৰ পৰা ৰক্ষা পাবলৈ কেতিয়াও তাৰ মৃত্যু নহ'ব, ইপিনে পৱিত্ৰ জীৱনো লাভ নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020074.mp3"},{"index":"75","arabicText":"وَمَنْ یَّاْتِهٖ مُؤْمِنًا قَدْ عَمِلَ الصّٰلِحٰتِ فَاُولٰٓىِٕكَ لَهُمُ الدَّرَجٰتُ الْعُلٰی ۟ۙ","assameseTranslation":"আনহাতে যিয়ে তেওঁৰ ওচৰত সৎকৰ্ম কৰি মুমিন অৱস্থাত আহিব, তেওঁলোকৰ বাবে আছে উচ্চ মৰ্যাদা।","footnotes":"","tafseer":"আনহাতে যিয়ে নিজ প্ৰতিপালকৰ ওচৰত মুমিন অৱস্থাত আহিব তথা সৎকৰ্ম কৰি উপস্থিত হ'ব, তেনেকুৱা মহান গুণবিশিষ্ট ব্যক্তিসকলৰ বাবে আছে উচ্চ স্থান তথা উচ্চ মৰ্যাদা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020075.mp3"},{"index":"76","arabicText":"جَنّٰتُ عَدْنٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا ؕ وَذٰلِكَ جَزٰٓؤُا مَنْ تَزَكّٰی ۟۠","assameseTranslation":"স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোকে চিৰস্থায়ী হ'ব আৰু এইটো তেওঁলোকৰেই পুৰস্কাৰ যিসকলে পৰিশুদ্ধ হয়।","footnotes":"","tafseer":"সেই উচ্চ মৰ্যাদাৰ দ্বাৰা সেই প্ৰতিষ্ঠিত জান্নাতক বুজোৱা হৈছে যাৰ অট্টালিকসমূহৰ তলদেশত আছে জলপ্ৰবাহ আৰু তাত তেওঁলোকে চিৰকাল বসবাস কৰিব। উক্ত প্ৰতিদান প্ৰত্যেক সেই ব্যক্তিয়ে লাভ কৰিব, যিয়ে কুফৰী আৰু পাপকৰ্মৰ পৰা নিজকে পৱিত্ৰ ৰাখিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020076.mp3"},{"index":"77","arabicText":"وَلَقَدْ اَوْحَیْنَاۤ اِلٰی مُوْسٰۤی ۙ۬ اَنْ اَسْرِ بِعِبَادِیْ فَاضْرِبْ لَهُمْ طَرِیْقًا فِی الْبَحْرِ یَبَسًا ۙ لَّا تَخٰفُ دَرَكًا وَّلَا تَخْشٰی ۟","assameseTranslation":"আৰু নিশ্চয় আমি মুছাৰ প্ৰতি অহী কৰিছিলোঁ এই কথা কৈ যে, মোৰ বান্দাসকলক লৈ তুমি ৰাতিৰ ভিতৰতে ওলাই যোৱা, এতেকে তুমি সিহঁতৰ বাবে সাগৰৰ মাজেৰে এটি শুকান পথৰ ব্যৱস্থা কৰা, পিচফালৰ পৰা আহি ধৰাৰ আশংকা নকৰিবা আৰু ভয়ও নকৰিবা।","footnotes":"","tafseer":"নিশ্চয় আমি মূছাৰ প্ৰতি অহী কৰিছিলোঁ যে, তুমি ৰাতিৰ ভিতৰতেই মোৰ বান্দাসকলক লগত লৈ মিচৰৰ পৰা ৰাওনা হোৱা, যাতে কোনেও একো গম নাপায়, আৰু সাগৰত তোমাৰ লাখুটিৰে আঘাত কৰি তেওঁলোকৰ বাবে শুকান ৰাস্তা বনাই লোৱা, তথা সম্পূৰ্ণ নিৰাপত্তাৰ সৈতে আৰু কোনো ভয়-ভীতি নোহোৱাকৈ আগুৱাই যোৱা, এই ভয় কেতিয়াও নকৰিবা যে, ফিৰআউনে তোমালোকক ধৰিব পাৰিব অথবা তোমালোকে সাগৰত ডুবি যাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020077.mp3"},{"index":"78","arabicText":"فَاَتْبَعَهُمْ فِرْعَوْنُ بِجُنُوْدِهٖ فَغَشِیَهُمْ مِّنَ الْیَمِّ مَا غَشِیَهُمْ ۟ؕ","assameseTranslation":"তাৰ পিছত ফিৰআউনে তাৰ সৈন্যবাহিনীক লগত লৈ তেওঁলোকক চোঁচা ল’লে, ফলত সাগৰে সিহঁতক সম্পূৰ্ণৰূপে ডুবাই নিলে।","footnotes":"","tafseer":"ইপিনে ফিৰআউনে নিজৰ সৈন্যবাহিনীক লৈ তেওঁলোকক চোঁচা ল'লে, ফলত সাগৰে তাক আৰু তাৰ সৈন্যবাহিনীক এনেকৈ ডুবাই মাৰিলে যাৰ বাস্তৱিকতা কেৱল আল্লাহেই জানে। অৱশেষত সিহঁতৰ সকলোৱে ডুবি গ'ল আৰু ধ্বংস হ'ল, আনহাতে মূছা আৰু তেওঁৰ সঙ্গীসকল সুকলমে পাৰ হৈ গ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020078.mp3"},{"index":"79","arabicText":"وَاَضَلَّ فِرْعَوْنُ قَوْمَهٗ وَمَا هَدٰی ۟","assameseTranslation":"কাৰণ ফিৰআউনে তাৰ সম্প্ৰদায়ক পথভ্ৰষ্ট কৰিছিল আৰু সৎপথ দেখুৱা নাছিল।","footnotes":"","tafseer":"ফিৰআউনে নিজৰ সম্প্ৰদায়ক পথভ্ৰষ্ট কৰিছিল, সিহঁতৰ সন্মুখত কুফৰী কৰ্মক সৌন্দৰ্যময় কৰি উপস্থাপন কৰিছিল তথা অসত্যৰ জৰিয়তে প্ৰবঞ্চিত কৰিছিল। সি কেতিয়াও সত্যৰ পথ দেখুৱা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020079.mp3"},{"index":"80","arabicText":"یٰبَنِیْۤ اِسْرَآءِیْلَ قَدْ اَنْجَیْنٰكُمْ مِّنْ عَدُوِّكُمْ وَوٰعَدْنٰكُمْ جَانِبَ الطُّوْرِ الْاَیْمَنَ وَنَزَّلْنَا عَلَیْكُمُ الْمَنَّ وَالسَّلْوٰی ۟","assameseTranslation":"হে বনী ইছৰাঈল! নিশ্চয় আমি তোমালোকক তোমালোকৰ শত্ৰুৰ পৰা উদ্ধাৰ কৰিছিলোঁ, আৰু আমিয়ে তোমালোকক প্ৰতিশ্ৰুতি দিছিলোঁ তূৰ পৰ্বতৰ সোঁফালে, আৰু তোমালোকৰ ওপৰত মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলোঁ,","footnotes":"","tafseer":"আমি বনী ইছৰাঈলক ফিৰআউন আৰু তাৰ সৈন্যবাহিনীৰ পৰা ৰক্ষা কৰাৰ পিছত ক’লোঁঃ হে বনী ইছৰাঈল! আমি তোমালোকক তোমালোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰিছোঁ। তথা তুৰ পৰ্বতৰ কাষত অৱস্থিত উপত্যকাৰ সোঁফালে মূছাৰ লগত কথাপোকথন কৰিম বুলি তোমালোকক প্ৰতিশ্ৰুতি দিছোঁ। লগতে তীহৰ ময়দানত আমি আমাৰ নিয়ামতৰ পৰা তোমালোকৰ ওপৰত অৱতীৰ্ণ কৰিছিলোঁ মৌৰ দৰে মিঠা পানীয় আৰু বটা চৰাইৰ দৰে সৰু চৰাইৰ পৱিত্ৰ মাংস।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020080.mp3"},{"index":"81","arabicText":"كُلُوْا مِنْ طَیِّبٰتِ مَا رَزَقْنٰكُمْ وَلَا تَطْغَوْا فِیْهِ فَیَحِلَّ عَلَیْكُمْ غَضَبِیْ ۚ وَمَنْ یَّحْلِلْ عَلَیْهِ غَضَبِیْ فَقَدْ هَوٰی ۟","assameseTranslation":"তোমালোকক আমি যি জীৱিকা দান কৰিছোঁ তাৰ পৰা পৱিত্ৰ বস্তুসমূহ খোৱা আৰু এই বিষয়ে সীমালঙ্ঘন নকৰিবা, অন্যথা তোমালোকৰ ওপৰত মোৰ ক্ৰোধ আপতিত হ’ব; আৰু যাৰ ওপৰত মোৰ ক্ৰোধ আপতিত হয় নিশ্চিতভাৱে সি ধ্বংস হৈ যায়।","footnotes":"","tafseer":"আমি তোমালোকক যিবোৰ হালাল খাদ্য প্ৰদান কৰিছোঁ, তাৰ পৰা সোৱাদ লগা বস্তুবোৰ তোমালোকে ভক্ষণ কৰা, তথা আমি তোমালোকৰ বাবে যিবোৰ বস্তু বৈধ কৰিছোঁ সেইবোৰক এৰি আমি হাৰাম কৰা বস্তুবোৰৰ পিনে কেতিয়াও ঢাপলি নেমেলিবা। অন্যথা তোমালোকৰ ওপৰত মোৰ প্ৰকোপ অৱতীৰ্ণ হ'ব, আৰু (জানি থোৱা) যাৰ ওপৰত মোৰ প্ৰকোপ অৱতীৰ্ণ হ'ব, নিশ্চিতভাৱে তাৰ সৰ্বনাশ হ'ব, লগতে পৃথিৱী আৰু আখিৰাতত সি দুৰ্ভগীয়া হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020081.mp3"},{"index":"82","arabicText":"وَاِنِّیْ لَغَفَّارٌ لِّمَنْ تَابَ وَاٰمَنَ وَعَمِلَ صَالِحًا ثُمَّ اهْتَدٰی ۟","assameseTranslation":"আৰু নিশ্চয় মই সেই ব্যক্তিৰ প্ৰতি ক্ষমাশীল, যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে, সৎকৰ্ম কৰে আৰু তাৰ পিছত সৎপথত অবিচল থাকে।","footnotes":"","tafseer":"যিয়ে তাওবা কৰি মোৰ ফালে প্ৰত্যাৱৰ্তন কৰিছে আৰু ঈমান পোষণ কৰিছে তথা সৎকৰ্ম কৰিছে আৰু সত্যৰ ওপৰত সুদৃঢ় আছিল, নিঃসন্দেহে মই তেনেকুৱা লোকৰ প্ৰতি অধিক ক্ষমাশীল তথা মাৰ্জনাকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020082.mp3"},{"index":"83","arabicText":"وَمَاۤ اَعْجَلَكَ عَنْ قَوْمِكَ یٰمُوْسٰی ۟","assameseTranslation":"হে মুছা! তোমাৰ সম্প্ৰদায়ক পিচফালে এৰি থৈ তোমাক খৰখেদা কৰিবলৈ কিহে বাধ্য কৰালে?","footnotes":"","tafseer":"হে মূছা! তুমি তোমাৰ সম্প্ৰদায়ক পিছফালে এৰি থৈ কিয় ইমান খৰখেদাকৈ আগতে আহিলা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020083.mp3"},{"index":"84","arabicText":"قَالَ هُمْ اُولَآءِ عَلٰۤی اَثَرِیْ وَعَجِلْتُ اِلَیْكَ رَبِّ لِتَرْضٰی ۟","assameseTranslation":"মুছাই ক’লে, ‘সিহঁত মোৰ পিচে পিচে আছেই দেখোন, হে মোৰ প্ৰতিপালক! মই তোমাৰ ওচৰত খৰখেদা কৈ আহিছোঁ যাতে তুমি সন্তুষ্ট হোৱা’।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে ক'লেঃ তেওঁলোকে মোৰ পিছে পিছে আহি আছে, অনতিপলমে তেওঁলোকে আহি মোক লগ ধৰিব। মই মোৰ সম্প্ৰদায়ৰ আগতে তোমাৰ ওচৰলৈ এই কাৰণে আহিছোঁ, যাতে তুমি মোৰ আগতীয়াকৈ অহাৰ আগ্ৰহ দেখি সন্তুষ্ট হোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020084.mp3"},{"index":"85","arabicText":"قَالَ فَاِنَّا قَدْ فَتَنَّا قَوْمَكَ مِنْ بَعْدِكَ وَاَضَلَّهُمُ السَّامِرِیُّ ۟","assameseTranslation":"তেওঁ ক’লে, ‘তুমি গুচি অহাৰ পিছত আমি তোমাৰ সম্প্ৰদায়ক পৰীক্ষাৰ সন্মুখীন কৰিছোঁ, আৰু ছামেৰীয়ে সিহঁতক পথভ্ৰষ্ট কৰিছে’।","footnotes":"","tafseer":"আল্লাহে ক'লেঃ তুমি তোমাৰ পিছফালে এৰি থৈ অহা সম্প্ৰদায়ক, আমি দামুৰী পূজাৰ পৰীক্ষাত পতিত কৰিছোঁ। দৰাচলতে ছামিৰীয়ে সিহঁতক এই পূজাৰ পিনে আহ্বান কৰিছে, তথা ইয়াৰ দ্বাৰা সি সিহঁতক পথভ্ৰষ্ট কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020085.mp3"},{"index":"86","arabicText":"فَرَجَعَ مُوْسٰۤی اِلٰی قَوْمِهٖ غَضْبَانَ اَسِفًا ۚ۬ قَالَ یٰقَوْمِ اَلَمْ یَعِدْكُمْ رَبُّكُمْ وَعْدًا حَسَنًا ؕ۬ اَفَطَالَ عَلَیْكُمُ الْعَهْدُ اَمْ اَرَدْتُّمْ اَنْ یَّحِلَّ عَلَیْكُمْ غَضَبٌ مِّنْ رَّبِّكُمْ فَاَخْلَفْتُمْ مَّوْعِدِیْ ۟","assameseTranslation":"তাৰ পিছত মুছাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰত ক্ৰুদ্ধ আৰু ক্ষুব্ধ হৈ উভতি আহিল। তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ প্ৰতিপালকে তোমালোকক এটা উত্তম প্ৰতিশ্ৰুতি দিয়া নাছিলনে? তেন্তে তোমালোকৰ ওচৰত প্ৰতিশ্ৰুতিৰ সময় সুদীৰ্ঘ হৈছে নেকি? নে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ক্ৰোধ আপতিত হোৱাটো কামনা কৰা? এইকাৰণেই তোমালোকে মোক দিয়া অংগীকাৰ ভংগ কৰিলানে’?","footnotes":"","tafseer":"এতেকে মূছা আলাইহিচ্ছালামে দুখ মনেৰে আৰু ক্ৰোধান্বিত হৈ নিজৰ সম্প্ৰদায়ৰ অভিমূখে ৰাওনা হ'ল। মূছা আলাইহিচ্ছামে আহি ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! আল্লাহে তোমালোকক ভাল প্ৰতিশ্ৰুতি দিয়া নাছিলনে যে, তেওঁ তোমালোকৰ ওপৰত তাওৰাত অৱতীৰ্ণ কৰিব আৰু তোমালোকক জান্নাতত প্ৰৱেশ কৰাব? দীৰ্ঘ সময় অতিবাহিত হোৱাৰ কাৰণে পাহৰি গৈছা নেকি? অথবা তোমালোকে এই কৰ্মৰ দ্বাৰা তোমালোকৰ প্ৰতিপালকৰ গজব অৱতীৰ্ণ হোৱাটো কামনা কৰা নেকি, যাতে তোমালোকে শাস্তিত পতিত হোৱা, সেইকাৰণেই তোমালোকে আনুগত্যৰ ওপৰত অবিচল থকাৰ যি প্ৰতিশ্ৰুতি মই দিছিলোঁ সেইটো ভঙ্গ কৰিছা?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020086.mp3"},{"index":"87","arabicText":"قَالُوْا مَاۤ اَخْلَفْنَا مَوْعِدَكَ بِمَلْكِنَا وَلٰكِنَّا حُمِّلْنَاۤ اَوْزَارًا مِّنْ زِیْنَةِ الْقَوْمِ فَقَذَفْنٰهَا فَكَذٰلِكَ اَلْقَی السَّامِرِیُّ ۟ۙ","assameseTranslation":"সিহঁতে ক’লে, ‘আমি আপোনাক দিয়া অঙ্গীকাৰ ইচ্ছা কৰি ভংগ কৰা নাই, কিন্তু আমাৰ ওপৰত মানুহৰ অলংকাৰৰ বোজা চপাই দিয়া হৈছিল। সেয়ে আমি সেইবোৰক জুইত নিক্ষেপ কৰিছোঁ, এইদৰে ছামেৰীয়েও (তাত অলপ মাটি) নিক্ষেপ কৰিছিল।","footnotes":"","tafseer":"মূছাৰ সম্প্ৰদায়ৰ লোকসকলে ক'লেঃ হে মূছা! আমি আপোনাৰ প্ৰতিশ্ৰুতি নিজৰ  ইচ্ছা অনুসৰি ভংগ কৰা নাই, বৰং বাধ্যত পৰিহে ভংগ কৰিছোঁ। দৰাচলতে আমাৰ ওচৰত ফিৰআউন জাতিৰ আ-অলংকাৰৰ ভাৰি বোজা আছিল, যিবোৰৰ পৰা হাত সাৰিবলৈ আমি সেইবোৰক এটা গাতত নিক্ষেপ কৰিছিলোঁ। এতেকে যিদৰে আমি নিক্ষেপ কৰিছিলোঁ, ঠিক সেইদৰে ছামিৰিয়েও তাৰ ওচৰত থকা জিব্ৰীল আলাইহিচ্ছালামৰ ঘোঁৰাৰ খুৰৰ মাটি নিক্ষেপ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020087.mp3"},{"index":"88","arabicText":"فَاَخْرَجَ لَهُمْ عِجْلًا جَسَدًا لَّهٗ خُوَارٌ فَقَالُوْا هٰذَاۤ اِلٰهُكُمْ وَاِلٰهُ مُوْسٰی ۬ فَنَسِیَ ۟ؕ","assameseTranslation":"‘তাৰ পিছত সিহঁতৰ বাবে সি এটা দামুৰী সাজিছিল, এটা অৱয়ব, যিটোৱে গৰুৰ দৰে হাম্বা হাম্বা কৰিছিল’। তেতিয়া সিহঁতে কৈছিল, ‘এইটোৱে তোমালোকৰ ইলাহ আৰু মুছাৰো ইলাহ, কিন্তু সি (মুছাই) পাহৰি গৈছে’।","footnotes":"","tafseer":"ইয়াৰ পিছত ছামেৰীয়ে বনী ইছৰাঈলৰ বাবে সেই আ-অলংকাৰৰ দ্বাৰা এটা দামুৰি সাজিলে, যাৰ ভিতৰত ৰূহ (জীৱন) নাছিল কিন্তু গৰুৰ দৰে মাত উলিয়াইছিল। ছামেৰীৰ এই কৰ্ম দেখি আকৰ্ষিত হোৱা লোকসকলে ক'লেঃ এইটোৱে হৈছে মূছা আৰু তোমালোকৰ প্ৰতিপালক। মূছাই এইটোক ইয়াতে পাহৰি এৰি গৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020088.mp3"},{"index":"89","arabicText":"اَفَلَا یَرَوْنَ اَلَّا یَرْجِعُ اِلَیْهِمْ قَوْلًا ۙ۬ وَّلَا یَمْلِكُ لَهُمْ ضَرًّا وَّلَا نَفْعًا ۟۠","assameseTranslation":"সিহঁতে দেখা নাইনে, এইটোৱে যে সিহঁতৰ কোনো প্ৰত্যুত্তৰ দিব নোৱাৰে আৰু সিহঁতৰ কোনো ক্ষতি বা উপকাৰ সাধন কৰাৰো ক্ষমতা নাৰাখে?","footnotes":"","tafseer":"যিসকল লোকে দামুৰিৰ ফিতনাত পৰি তাৰ পূজা-পাঠ আৰম্ভ কৰিছিল, সিহঁতে লক্ষ্য কৰা নাইনে যে, এই দামুৰিটোৱে কথাও ক'ব নোৱাৰে, তথা কোনো কথাৰ উত্তৰো দিব নোৱাৰে, আনকি নিজকে অথবা আনক কোনো বিপদৰ পৰা ৰক্ষাও কৰিব নোৱাৰে, নাইবা নিজৰ অথবা আনৰ উপকাৰো সাধিব নোৱাৰে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020089.mp3"},{"index":"90","arabicText":"وَلَقَدْ قَالَ لَهُمْ هٰرُوْنُ مِنْ قَبْلُ یٰقَوْمِ اِنَّمَا فُتِنْتُمْ بِهٖ ۚ وَاِنَّ رَبَّكُمُ الرَّحْمٰنُ فَاتَّبِعُوْنِیْ وَاَطِیْعُوْۤا اَمْرِیْ ۟","assameseTranslation":"নিশ্চয় হাৰূনে সিহঁতক আগতেই কৈছিল, ‘হে মোৰ সম্প্ৰদায়! ইয়াৰ দ্বাৰা তোমালোকক কেৱল পৰীক্ষাৰ সন্মুখীন কৰা হৈছে। নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি দয়ালু; সেয়ে তোমালোকে মোৰ অনুসৰণ কৰা আৰু মোৰ আদেশ মানি চলা’।","footnotes":"","tafseer":"আনহাতে মূছা আলাইহিচ্ছালাম উভতি অহাৰ পূৰ্বে হাৰূন আলাইহিচ্ছালামেও সিহঁতক উদ্দেশ্যি কৈছিলঃ আ-অলংকাৰেৰে নিৰ্মিত এই দামুৰি আৰু ইয়াৰ মাতটো তোমালোকৰ বাবে এটা পৰীক্ষাহে, যাতে মুমিন আৰু কাফিৰৰ মাজত পাৰ্থক্য হয়। তথা হে মোৰ জাতিৰ লোকসকল! নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে সেইজন, যিজন অত্যন্ত দয়াৰ অধিকাৰী। সেইজন কেতিয়াও নহয় যিজন দয়াতো দূৰৰ কথা ক্ষয়-ক্ষতি তথা উপকাৰৰো মালিক নহয়। এতেকে সেই একক আল্লাহৰ ইবাদত কৰাৰ স্বাৰ্থত তোমালোকে মোৰ অনুসৰণ কৰা, তথা তেওঁৰ বাহিৰে আনৰ ইবাদত ত্যাগ কৰাৰ ক্ষেত্ৰত মোৰ আদেশ পালন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020090.mp3"},{"index":"91","arabicText":"قَالُوْا لَنْ نَّبْرَحَ عَلَیْهِ عٰكِفِیْنَ حَتّٰی یَرْجِعَ اِلَیْنَا مُوْسٰی ۟","assameseTranslation":"(কিন্তু) সিহঁতে কৈছিল, ‘আমাৰ ওচৰলৈ মুছা উভতি নহালৈকে আমি ইয়াৰ পূজা-পাঠৰ পৰা বিৰত নহওঁ’।","footnotes":"","tafseer":"দামুৰিৰ পূজা-পাঠত লিপ্ত লোকসকলে উত্তৰ দি ক'লেঃ মূছা উভতি নহালৈকে আমি ইয়াৰ ইবাদত কৰিয়ে থাকিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020091.mp3"},{"index":"92","arabicText":"قَالَ یٰهٰرُوْنُ مَا مَنَعَكَ اِذْ رَاَیْتَهُمْ ضَلُّوْۤا ۟ۙ","assameseTranslation":"মুছাই ক’লে, ‘হে হাৰূন! তুমি যেতিয়া দেখিছিলা যে, সিহঁত পথভ্ৰষ্ট হৈছে তথাপিও তোমাক কিহে বিৰত ৰাখিছিল--","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে (উভতি অহাৰ পিছত) তেওঁৰ ভাতৃ হাৰূনক ক'লেঃ তুমি যিহেতু লক্ষ্য কৰিছিলা যে, সিহঁতে আল্লাহক এৰি দামুৰিৰ পূজা-পাঠত লিপ্ত হৈছে, তাৰ পিছতো তুমি সিহঁতক কিয় বাধা দিয়া নাছিলা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020092.mp3"},{"index":"93","arabicText":"اَلَّا تَتَّبِعَنِ ؕ اَفَعَصَیْتَ اَمْرِیْ ۟","assameseTranslation":"‘যে তুমি মোৰ অনুসৰণ নকৰিলা? তেন্তে তুমি মোৰ আদেশ অমান্য কৰিলা নেকি’?","footnotes":"","tafseer":"সিহঁতক এৰি মোৰ লগত সাক্ষাৎ কৰিলাহেঁতেন। তুমি মোৰ সেই আদেশ অমান্য কৰিছিলা নেকি, যিটো আদেশ মই তোমাক সিহঁতৰ প্ৰতিনিধি নিযুক্তি দিয়াৰ সময়ত দিছিলোঁ?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020093.mp3"},{"index":"94","arabicText":"قَالَ یَبْنَؤُمَّ لَا تَاْخُذْ بِلِحْیَتِیْ وَلَا بِرَاْسِیْ ۚ اِنِّیْ خَشِیْتُ اَنْ تَقُوْلَ فَرَّقْتَ بَیْنَ بَنِیْۤ اِسْرَآءِیْلَ وَلَمْ تَرْقُبْ قَوْلِیْ ۟","assameseTranslation":"হাৰূনে ক’লে, ‘হে মোৰ সহোদৰ! আপুনি মোৰ দাড়ি আৰু চুলিত নধৰিব। নিশ্চয় মই আশংকা কৰিছিলোঁ যে, আপুনি এই বুলি ক'ব, ‘তুমিয়ে বনী ইছৰাঈলৰ মাজত বিভেদ সৃষ্টি কৰিছা আৰু মোৰ কথাত যত্নৱান হোৱা নাছিলা’।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে যেতিয়া তেওঁৰ ভাতৃৰ দাঢ়ি আৰু মূৰৰ চুলি খামোচি ধৰি নিজৰ ফালে টানি তেওঁক ভৰ্ৎসনা কৰি আছিল, তেতিয়া হাৰূনে তেওঁৰ ওচৰত কৃপা কৰাৰ আবেদন জনাই ক'লেঃ আপুনি অনুগ্ৰহ কৰি মোৰ দাঢ়ি আৰু চুলিত ধৰি নাটানিব। কিয়নো সিহঁতৰ সৈতে অৱস্থান কৰা সম্পৰ্কে মোৰ ওচৰত উপযুক্ত কাৰণ আছে। দৰাচলতে মই যদি সিহঁতক এৰি গুচি গ’লোঁহেঁতেন তেন্তে সিহঁতে বিভিন্ন দলত বিভক্ত হ'লহেঁতেন। তেতিয়া আপুনি মোক দোষাৰোপ কৰিলেহেঁতেন যে, ময়েই সিহঁতক বিভক্ত কৰিছোঁ, তথা আপোনাৰ উপদেশৰ প্ৰতি ভ্ৰূক্ষেপ কৰা নাছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020094.mp3"},{"index":"95","arabicText":"قَالَ فَمَا خَطْبُكَ یٰسَامِرِیُّ ۟","assameseTranslation":"মুছাই ক’লে, ‘হে ছামেৰী! তোমাৰ কি অৱস্থা’?","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে ছামেৰীক উদ্দেশ্যি ক'লেঃ হে ছামেৰী! তোমাৰ আকৌ কি হ'ল, তুমি যি কৰ্মটো কৰিছা, এইটো কৰিবলৈ তোমাক কিহে অনুপ্ৰেৰণা যোগাইছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020095.mp3"},{"index":"96","arabicText":"قَالَ بَصُرْتُ بِمَا لَمْ یَبْصُرُوْا بِهٖ فَقَبَضْتُ قَبْضَةً مِّنْ اَثَرِ الرَّسُوْلِ فَنَبَذْتُهَا وَكَذٰلِكَ سَوَّلَتْ لِیْ نَفْسِیْ ۟","assameseTranslation":"সি ক’লে, ‘মই যি দেখিছিলোঁ সিহঁতে সেয়া দেখা নাছিল, তাৰ পিছত মই সেই দূতৰ পদচিহ্নৰ পৰা এমুঠি মাটি লৈছিলোঁ, সেইটোৱে মই নিক্ষেপ কৰিছিলোঁ, আৰু মোৰ মনে মোৰ বাবে এইটো কৰিবলৈ শোভনীয় কৰি দিছিল’।","footnotes":"","tafseer":"ছামেৰীয়ে মূছা আলাইহিচ্ছালামক ক'লেঃ মই সেইটো প্ৰত্যক্ষ কৰিছোঁ যিটো সিহঁতে প্ৰত্যক্ষ কৰা নাই। মই জিব্ৰীলক ঘোঁৰাৰ ওপৰত দেখিছোঁ আৰু তেওঁৰ ঘোঁৰাৰ পদ চিহ্নৰ এমুঠি মাটি সংগ্ৰহ কৰিছোঁ, সেই মাটি আ-অলংকাৰেৰে নিৰ্মিত দামুৰিৰ অৱয়বত নিক্ষেপ কৰিছোঁ। এতেকে ইয়াৰ দ্বাৰা এটা দামুৰিৰ শৰীৰ সৃষ্টি হৈছে, যিটো হাম্বা হাম্বা মাতিছিল। মই যি কৰিছোঁ সেইটো মোৰ মনে মোৰ বাবে সৌন্দৰ্যময় কৰি দিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020096.mp3"},{"index":"97","arabicText":"قَالَ فَاذْهَبْ فَاِنَّ لَكَ فِی الْحَیٰوةِ اَنْ تَقُوْلَ لَا مِسَاسَ ۪ وَاِنَّ لَكَ مَوْعِدًا لَّنْ تُخْلَفَهٗ ۚ وَانْظُرْ اِلٰۤی اِلٰهِكَ الَّذِیْ ظَلْتَ عَلَیْهِ عَاكِفًا ؕ لَنُحَرِّقَنَّهٗ ثُمَّ لَنَنْسِفَنَّهٗ فِی الْیَمِّ نَسْفًا ۟","assameseTranslation":"মুছাই ক’লে, ‘আঁতৰি যোৱা, তুমি ওৰে জীৱন এইটোৱে কৈ থাকিবা, ‘মই অস্পৃশ্য’, আৰু তোমাৰ বাবে থাকিল এটা নিৰ্দিষ্ট সময়, যিটো কেতিয়াও ব্যতিক্ৰম নহ’ব। লগতে তুমি তোমাৰ সেই ইলাহৰ প্ৰতি লক্ষ্য কৰা, যাৰ পূজাত তুমি আসক্ত আছিলা, সেইটোক আমি ভষ্ম কৰিম, তাৰ পিছত তাক বিক্ষিপ্ত কৰি সাগৰত ছটিয়াই দিম’।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে ছামেৰীক ক'লেঃ তুমি ইয়াৰ পৰা ওলাই যোৱা, তোমাৰ শাস্তি হৈছে ওৰে জীৱন এইটো কৈ থাকিবা, “মই কাকো স্পৰ্শ নকৰোঁ, কোনেও যেন মোক স্পৰ্শ নকৰে”। আছুতীয়াকৈ জীৱন-যাপন কৰিবা। তথা কিয়ামতৰ দিনা তোমাৰ বাবে আছে এটা প্ৰতিশ্ৰুতি, সেইদিনা তোমাৰ হিচাপ হ'ব আৰু শাস্তি প্ৰদান কৰা হ'ব। আল্লাহে এই প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰিব। তুমি তোমাৰ এই দামুৰিটোৰ পিনে চোৱা, যাক তুমি আল্লাহৰ বাহিৰে উপাস্য বুলি গ্ৰহণ কৰি ইবাদত কৰিছিলা। আমি ইয়াক অগ্নিত নিক্ষেপ কৰিম, অৱশেষত ই গলি তৰল হৈ যাব। তেতিয়া আমি ইয়াক সাগৰত নিক্ষেপ কৰিম, যাতে ইয়াৰ কোনো চিহ্ন অৱশিষ্ট নাথাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020097.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020097.mp3"},{"index":"98","arabicText":"اِنَّمَاۤ اِلٰهُكُمُ اللّٰهُ الَّذِیْ لَاۤ اِلٰهَ اِلَّا هُوَ ؕ وَسِعَ كُلَّ شَیْءٍ عِلْمًا ۟","assameseTranslation":"তোমালোকৰ ইলাহ কেৱল একমাত্ৰ আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সকলো বস্তু তেওঁৰ জ্ঞানৰ পৰিধিভুক্ত।","footnotes":"","tafseer":"হে মানৱজাতি! নিশ্চয় তোমালোকৰ প্ৰকৃত প্ৰতিপালক হৈছে সেই আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ নিজ জ্ঞানৰ জৰিয়তে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। এতেকে পৱিত্ৰ আল্লাহৰ জ্ঞানৰ পৰিসৰৰ পৰা কোনো বস্তুৱেই ওলাবলৈ সক্ষম নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020098.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020098.mp3"},{"index":"99","arabicText":"كَذٰلِكَ نَقُصُّ عَلَیْكَ مِنْ اَنْۢبَآءِ مَا قَدْ سَبَقَ ۚ وَقَدْ اٰتَیْنٰكَ مِنْ لَّدُنَّا ذِكْرًا ۟ۖۚ","assameseTranslation":"পূৰ্বে যি সংঘটিত হৈছে তাৰে কিছু সংবাদ এইদৰে আমি তোমাৰ ওচৰত বৰ্ণনা কৰোঁ, আৰু আমি তোমাক আমাৰ তৰফৰ পৰা দান কৰিছোঁ উপদেশবাণী (কোৰআন)।","footnotes":"","tafseer":"হে ৰাছুল! যিদৰে আমি আপোনাৰ সন্মুখত মূছা আৰু ফিৰআউন তথা সিহঁতৰ সম্প্ৰদায়ৰ বিষয়ে আলোকপাত কৰিলোঁ, ঠিক সেইদৰে আপোনাক সিহঁতৰ পূৰ্বে অহা আম্বীয়া আৰু তেওঁলোকৰ সম্প্ৰদায়ৰ বিষয়েও বহু কথা অৱগত কৰাইছোঁ, যাতে ইয়াৰ দ্বাৰা আপুনি সান্তনা লভিব পাৰে, নিশ্চয় আমি আপোনাক আমাৰ ফালৰ পৰা কোৰআন প্ৰদান কৰিছোঁ, যাৰ দ্বাৰা উপদেশ গ্ৰহণকাৰীয়ে উপদেশ গ্ৰহণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020099.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020099.mp3"},{"index":"100","arabicText":"مَنْ اَعْرَضَ عَنْهُ فَاِنَّهٗ یَحْمِلُ یَوْمَ الْقِیٰمَةِ وِزْرًا ۟ۙ","assameseTranslation":"ইয়াৰ পৰা যিয়ে বিমুখ হ’ব, নিশ্চয় সি কিয়ামতৰ দিনা (পাপকৰ্মৰ) মহা ভাৰ বহন কৰিব।","footnotes":"","tafseer":"আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনৰ পৰা যিয়ে বিমুখ হ'ব, আৰু ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিব, তথা ইয়াৰ মাজত থকা শিক্ষাৰ প্ৰতি আমল নকৰিব, তেনেকুৱা ব্যক্তিয়ে কিয়ামতৰ দিনা মহাপাপ বহন কৰি আহিব, আৰু সি কষ্টদায়ক শাস্তিৰ উপযুক্ত হৈ আহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020100.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020100.mp3"},{"index":"101","arabicText":"خٰلِدِیْنَ فِیْهِ ؕ وَسَآءَ لَهُمْ یَوْمَ الْقِیٰمَةِ حِمْلًا ۟ۙ","assameseTranslation":"তাত সিহঁতে স্থায়ী হ’ব আৰু কিয়ামতৰ দিনা সিহঁতৰ বাবে এই বোজা কিমান যে বেয়া হ’ব!","footnotes":"","tafseer":"সিহঁত চিৰকাল শাস্তিৰ মাজত অৱস্থান কৰিব, কিমান যে নিকৃষ্ট বোজা সেইটো, যিটো সিহঁতে কিয়ামতৰ দিনা বহন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020101.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020101.mp3"},{"index":"102","arabicText":"یَّوْمَ یُنْفَخُ فِی الصُّوْرِ وَنَحْشُرُ الْمُجْرِمِیْنَ یَوْمَىِٕذٍ زُرْقًا ۟ۚۖ","assameseTranslation":"যিদিনা শিঙাত ফুঁ দিয়া হ’ব আৰু সেইদিনা আমি অপৰাধীবিলাকক দৃষ্টিহীন অৱস্থাত সমবেত কৰিম।","footnotes":"","tafseer":"পুনৰুত্থানৰ বাবে ফিৰিস্তাই যিদিনা শিঙাত দ্বিতীয়বাৰ ফুঁ দিব, সেইদিনা আমি কাফিৰসকলক এনেকুৱা অৱস্থাত একত্ৰিত কৰিম যে, কিয়ামতৰ ভয়ৱহতাৰ সন্মুখীন হোৱাৰ কাৰণে সিহঁতৰ শৰীৰ তথা চকুৰ ৰং নীলা হৈ পৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020102.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020102.mp3"},{"index":"103","arabicText":"یَّتَخَافَتُوْنَ بَیْنَهُمْ اِنْ لَّبِثْتُمْ اِلَّا عَشْرًا ۟","assameseTranslation":"সেইদিনা সিহঁতে পৰস্পৰে ফুচ-ফুচাই ক’ব, ‘তোমালোকে (পৃথিৱীত) মাত্ৰ দহদিনহে অৱস্থান কৰিছিলা’।","footnotes":"","tafseer":"সিহঁতে ইজনে সিজনক কাণত ফুচফুচাই ক'বঃ মৃত্যুৰ পিছত বাৰঝাখত তোমালোকে কেৱল দহদিন মানহে অতিবাহিত কৰিছা, ইয়াতকৈ বেছি নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020103.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020103.mp3"},{"index":"104","arabicText":"نَحْنُ اَعْلَمُ بِمَا یَقُوْلُوْنَ اِذْ یَقُوْلُ اَمْثَلُهُمْ طَرِیْقَةً اِنْ لَّبِثْتُمْ اِلَّا یَوْمًا ۟۠","assameseTranslation":"আমি ভালদৰেই জানো সিহঁতে কি ক’ব, সিহঁতৰ মাজৰ যিয়ে সৰ্বাপেক্ষা বেছি উত্তমপথত আছিল (বিবেকৱান ব্যক্তি) সি ক’ব, ‘তোমালোকে মাত্ৰ এদিনহে অৱস্থান কৰিছিলা’।","footnotes":"","tafseer":"সিহঁতে ফুচফুচাই কি কথা ক'ব সেয়া আমি ভালদৰেই জানো, সিহঁতৰ কোনো বিষয়েই আমাৰ পৰা গোপন নহয়। এনেতে সিহঁতৰ মাজৰ বুদ্ধিমান ব্যক্তিয়ে ক'বঃ তোমালোকে বাৰঝাখত কেৱলমাত্ৰ এদিনহে অৱস্থান কৰিছিলা, ইয়াতকৈ অধিক নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020104.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020104.mp3"},{"index":"105","arabicText":"وَیَسْـَٔلُوْنَكَ عَنِ الْجِبَالِ فَقُلْ یَنْسِفُهَا رَبِّیْ نَسْفًا ۟ۙ","assameseTranslation":"আৰু সিহঁতে তোমাক পৰ্বতসমূহৰ বিষয়ে সোধে। কোৱা, ‘মোৰ প্ৰতিপালকে এইবোৰক সমূলি উৎপাটন কৰি বিক্ষিপ্ত কৰি দিব।","footnotes":"","tafseer":"হে ৰাছুল! সিহঁতে আপোনাক কিয়ামতৰ দিনা পৰ্বতবোৰৰ কি অৱস্থা হ'ব বুলি প্ৰশ্ন কৰে, আপুনি সিহঁতক কৈ দিয়কঃ মোৰ প্ৰতিপালকে পৰ্বতবোৰক নিৰ্মূল কৰি উৰুৱাই দিব, আৰু সেইবোৰ ধূলি কণাত পৰিণত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020105.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020105.mp3"},{"index":"106","arabicText":"فَیَذَرُهَا قَاعًا صَفْصَفًا ۟ۙ","assameseTranslation":"‘তাৰ পিছত তেওঁ ইয়াক মসৃণ সমতল পথাৰত পৰিণত কৰিব,","footnotes":"","tafseer":"ফলত সেইবোৰ সমতল ভূমিত পৰিণত হ'ব, তাত কোনো ঘৰ-দুৱাৰো নাথাকিব আৰু কোনো উদ্ভিদো গজালি নেমেলিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020106.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020106.mp3"},{"index":"107","arabicText":"لَّا تَرٰی فِیْهَا عِوَجًا وَّلَاۤ اَمْتًا ۟ؕ","assameseTranslation":"‘য’ত তুমি বক্ৰতা আৰু খলা-বমা একোৱে দেখা নাপাবা’।","footnotes":"","tafseer":"হে প্ৰত্যক্ষকাৰী ব্যক্তি! তুমি সেই সমতল ভূমিত কোনো খলা-বমা দেখিবলৈ নাপাবা তথা কোনো ওখ-নিচ বিচাৰি নাপাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020107.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020107.mp3"},{"index":"108","arabicText":"یَوْمَىِٕذٍ یَّتَّبِعُوْنَ الدَّاعِیَ لَا عِوَجَ لَهٗ ۚ وَخَشَعَتِ الْاَصْوَاتُ لِلرَّحْمٰنِ فَلَا تَسْمَعُ اِلَّا هَمْسًا ۟","assameseTranslation":"সেইদিনা সিহঁতে আহ্বানকাৰীৰ অনুসৰণ কৰিব, এই বিষয়ে কোনোৱেই ইফাল-সিফাল কৰিব নোৱাৰিব। ৰহমানৰ সন্মুখত সকলো শব্দ স্তব্ধ হৈ যাব; সেয়ে মৃদু ধ্বনিৰ বাহিৰে তুমি একো শুনা নাপাবা।","footnotes":"","tafseer":"সেইদিনা মানুহে একত্ৰিত হোৱাৰ স্থানলৈ আহ্বানকাৰীৰ আহ্বানক অনুসৰণ কৰি দৌৰি আগুৱাই যাব। এই আহ্বানক অনুসৰণৰ পৰা কোনেও সিহঁতক বিৰত ৰাখিব নোৱাৰিব। ৰহমানৰ ভয়ত সকলোৱে মৌনতা অৱলম্বন কৰিব। এতেকে সেইদিনা ৰিণিকি-ৰিণিকি অহা শব্দৰ বাহিৰে অতিৰিক্ত একো শুনা নাযাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020108.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020108.mp3"},{"index":"109","arabicText":"یَوْمَىِٕذٍ لَّا تَنْفَعُ الشَّفَاعَةُ اِلَّا مَنْ اَذِنَ لَهُ الرَّحْمٰنُ وَرَضِیَ لَهٗ قَوْلًا ۟","assameseTranslation":"ৰহমানে যাক অনুমতি দিব আৰু যাৰ কথাত তেওঁ সন্তুষ্ট হ’ব, তাৰ বাহিৰে আন কাৰো চুপাৰিছ সেইদিনা কোনো কামত নাহিব।","footnotes":"","tafseer":"সেই মহা দিৱসটোত কোনো মধ্যস্ততাকাৰীৰ মধ্যস্ততা কামত নাহিব, কেৱল সেই মধ্যস্ততাকাৰীৰ বাহিৰে যাক স্বয়ং আল্লাহে মধ্যস্ততা কৰাৰ অনুমতি প্ৰদান কৰিব, তথা মধ্যস্ততা সম্পৰ্কীয় তেওঁৰ যাৱতীয় কথাত তেওঁ সন্তুষ্ট হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020109.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020109.mp3"},{"index":"110","arabicText":"یَعْلَمُ مَا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ وَلَا یُحِیْطُوْنَ بِهٖ عِلْمًا ۟","assameseTranslation":"সিহঁতৰ সন্মুখত আৰু পিচফালে যি আছে, সেয়া তেওঁ অৱগত, কিন্তু সিহঁতে জ্ঞানৰ দ্বাৰা তেওঁক বেষ্টন কৰিব নোৱাৰে।","footnotes":"","tafseer":"পৱিত্ৰ আল্লাহে ভালদৰেই জানে মানুহে কিয়ামত সম্পৰ্কীয় কি কি বিষয়ৰ সন্মুখীন হ'ব, তথা এই বিষয়েও ভালদৰে অৱগত যে, সিহঁতে পৃথিৱীত কি এৰি থৈ আহিছে। আনহাতে বান্দাই কিন্তু আল্লাহৰ সত্ত্বাগত দিশ আৰু তেওঁৰ গুণাৱলীক সম্পূৰ্ণৰূপে আয়ত্ব কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020110.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020110.mp3"},{"index":"111","arabicText":"وَعَنَتِ الْوُجُوْهُ لِلْحَیِّ الْقَیُّوْمِ ؕ وَقَدْ خَابَ مَنْ حَمَلَ ظُلْمًا ۟","assameseTranslation":"আৰু চিৰঞ্জীৱ, চিৰপ্ৰতিষ্ঠিত-সৰ্বসত্তাৰ ধাৰকৰ ওচৰত সকলোৱে নিম্নমুখী হ'ব, লগতে নিশ্চয় সি ব্যৰ্থ হ'ব যিয়ে যুলুম (অন্যায়) বহন কৰিব।","footnotes":"","tafseer":"বান্দাসকলে সেই সত্ত্বাৰ সন্মুখত শিৰনত হৈ থিয় দিব, বিনয়ভাৱ প্ৰকাশ কৰিব, যি সত্ত্বাই কেতিয়াও মৃত্যুবৰণ নকৰিব, তেৱেঁই বান্দাসকলৰ সকলো দিশ নিয়ন্ত্ৰণ কৰে। তথা সেই ব্যক্তি নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত, যিয়ে নিজকে বিনাশৰ পথত ঠেলি দি গুনাহৰ বোজা বহন কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020111.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020111.mp3"},{"index":"112","arabicText":"وَمَنْ یَّعْمَلْ مِنَ الصّٰلِحٰتِ وَهُوَ مُؤْمِنٌ فَلَا یَخٰفُ ظُلْمًا وَّلَا هَضْمًا ۟","assameseTranslation":"আৰু যিয়ে মুমিন হৈ সৎকৰ্ম কৰিব, তাৰ বাবে অবিচাৰ তথা কোনো ক্ষতিৰ আশংকা নাই।","footnotes":"","tafseer":"আনহাতে যিয়ে সৎকৰ্ম কৰিব তথা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব, তেনেকুৱা ব্যক্তিয়ে পৰিপূৰ্ণভাৱে নিজৰ প্ৰতিফল লাভ কৰিব। তেওঁ নকৰা কোনো গুনাহৰ শাস্তি ভোগ কৰিব লাগিব বুলি কোনো ধৰণৰ ভয় নাথাকিব, তথা তেওঁ কৰা সৎকৰ্মৰ ছোৱাবো হ্ৰাস কৰা নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020112.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020112.mp3"},{"index":"113","arabicText":"وَكَذٰلِكَ اَنْزَلْنٰهُ قُرْاٰنًا عَرَبِیًّا وَّصَرَّفْنَا فِیْهِ مِنَ الْوَعِیْدِ لَعَلَّهُمْ یَتَّقُوْنَ اَوْ یُحْدِثُ لَهُمْ ذِكْرًا ۟","assameseTranslation":"আৰু এইদৰেই আমি আৰবী ভাষাত কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু তাত বিশদভাৱে সতৰ্কবাণী বিবৃত কৰিছোঁ, যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে অথবা এইটোৱে সিহঁতৰ মাজত স্মৰণিকাৰ উৎপত্তি কৰে।","footnotes":"","tafseer":"যিদৰে আমি পূৰ্বৱৰ্তী লোকসকলৰ ঘটনাৰ বিৱৰণ দাঙি ধৰিছোঁ, সেইদৰে আমি এই কোৰআনখনক স্পষ্ট আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ। ইয়াৰ মাজত আমি বিভিন্ন প্ৰকাৰৰ সতৰ্কবাণী যেনে সকীয়ণি আৰু ভয় দেখুৱাবলৈ বৰ্ণনা দিছোঁ, যাতে সিহঁতে আল্লাহক ভয় কৰে, আৰু কোৰআনখন যাতে সিহঁতৰ বাবে উপদেশ হয়, যাৰ পৰা সিহঁতে শিক্ষা লাভ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020113.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020113.mp3"},{"index":"114","arabicText":"فَتَعٰلَی اللّٰهُ الْمَلِكُ الْحَقُّ ۚ وَلَا تَعْجَلْ بِالْقُرْاٰنِ مِنْ قَبْلِ اَنْ یُّقْضٰۤی اِلَیْكَ وَحْیُهٗ ؗ وَقُلْ رَّبِّ زِدْنِیْ عِلْمًا ۟","assameseTranslation":"এতেকে প্ৰকৃত মালিক কেৱল আল্লাহ, অতি মহান, সৰ্বোচ্চ সত্তা। তোমাৰ প্ৰতি আল্লাহৰ অহী সম্পূৰ্ণ হোৱাৰ আগতেই তুমি কোৰআন পাঠ কৰিবলৈ খৰখেদা নকৰিবা আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া’।","footnotes":"","tafseer":"এতেকে আল্লাহ সুউচ্চ, পৱিত্ৰ তথা প্ৰতাপী। তেওঁ মালিক, সকলো বস্তু তেওঁৰেই অধীনস্থ। তেওঁ সত্য, তেওঁৰ সকলো কথাই সত্য। মুশ্বৰিকসকলে তেওঁৰ বিষয়ে উত্থাপন কৰা সকলো বিষয়ৰ পৰা তেওঁ মহাঊৰ্দ্ধত। হে ৰাছুল! জিব্ৰীলে আপোনালৈ কোনো বিষয় সম্পূৰ্ণভাৱে পৌঁচাই দিয়াৰ পূৰ্বে আপুনি তেওঁৰ সৈতে কোৰআন পাঠ কৰাত খৰধৰ নকৰিব। বৰং আপুনি এইটো কওক যে, হে মোৰ প্ৰতিপালক! তুমি মোক যি জ্ঞান দান কৰিছা, ইয়াৰ লগতে আৰু অধিক জ্ঞান প্ৰদান কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020114.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020114.mp3"},{"index":"115","arabicText":"وَلَقَدْ عَهِدْنَاۤ اِلٰۤی اٰدَمَ مِنْ قَبْلُ فَنَسِیَ وَلَمْ نَجِدْ لَهٗ عَزْمًا ۟۠","assameseTranslation":"আৰু নিশ্চয় ইয়াৰ পূৰ্বে আমি আদমৰ প্ৰতি নিৰ্দেশ দান কৰিছিলোঁ, কিন্তু তেওঁ পাহৰি গৈছিল, আৰু আমি তেওঁৰ সংকল্পত দৃঢ়তা পোৱা নাছিলোঁ।","footnotes":"","tafseer":"নিশ্চয় ইয়াৰ পূৰ্বে আমি আদমক (নিৰ্দিষ্ট এটা) গছৰ পৰা ফল ভক্ষণ নকৰিবলৈ উপদেশ দিছিলোঁ, অৰ্থাৎ ফল ভক্ষণ কৰিবলৈ নিষেধ কৰিছিলোঁ, আৰু ইয়াৰ পৰিণাম সম্পৰ্কে অৱগত কৰাইছিলোঁ। কিন্তু তেওঁ আমাৰ আদেশ পাহৰি গৈছিল, আৰু সেই গছৰ ফল ভক্ষণ কৰিছিল, ধৈৰ্য্য ধাৰণ কৰিব পৰা নাছিল। আমি তেওঁৰ মাজত আমাৰ আদেশ পালন কৰাৰ দৃঢ় সংকল্প দেখা পোৱা নাছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020115.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020115.mp3"},{"index":"116","arabicText":"وَاِذْ قُلْنَا لِلْمَلٰٓىِٕكَةِ اسْجُدُوْا لِاٰدَمَ فَسَجَدُوْۤا اِلَّاۤ اِبْلِیْسَ ؕ اَبٰی ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক ক’লোঁ, ‘তোমালোকে আদমৰ প্ৰতি ছাজদাহ কৰা, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিলে; কিন্তু সি অমান্য কৰিলে।","footnotes":"","tafseer":"তথা হে ৰাছুল! আপুনি স্মৰণ কৰক, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঁঃ আদমক আদৰণি জনাবলৈ ছাজদাহ কৰা, এতেকে সকলোৱে ছাজদাহ কৰিলে কিন্তু ইবলিছে নকৰিলে (সি দৰাচলতে ফিৰিস্তাসকলৰ লগত আছিল কিন্তু ফিৰিস্তা নাছিল।) সি অহংকাৰ তথা অভিমান দেখুৱাই ছাজদাহ কৰাৰ পৰা বিৰত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020116.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020116.mp3"},{"index":"117","arabicText":"فَقُلْنَا یٰۤاٰدَمُ اِنَّ هٰذَا عَدُوٌّ لَّكَ وَلِزَوْجِكَ فَلَا یُخْرِجَنَّكُمَا مِنَ الْجَنَّةِ فَتَشْقٰی ۟","assameseTranslation":"তাৰ পিছত আমি ক’লোঁ, ‘হে আদম! নিশ্চয় ই হৈছে তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ শত্ৰু, গতিকে সি যাতে কোনোমতেই তোমালোকক জান্নাতৰ পৰা বহিষ্কাৰ কৰাব নোৱাৰে, এনে কৰিলে তোমালোকে বিপদত পৰিবা।","footnotes":"","tafseer":"ইয়াৰ পিছত আমি ক’লোঁঃ হে আদম! নিশ্চয় ইবলীছ তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ ঘোৰ শত্ৰু। এতেকে সি যাতে তোমাক আৰু তোমাৰ স্ত্ৰীক প্ৰতাৰণা কৰি জান্নাতৰ পৰা উলিয়াই দিবলৈ সক্ষম নহয়, এনেকুৱা হ'লে তুমি বৰ কষ্ট আৰু কঠিনতাৰ সন্মুখীন হ'বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020117.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020117.mp3"},{"index":"118","arabicText":"اِنَّ لَكَ اَلَّا تَجُوْعَ فِیْهَا وَلَا تَعْرٰی ۟ۙ","assameseTranslation":"নিশ্চয় তোমাৰ বাবে জান্নাতত এই ব্যৱস্থা দিয়া হ’ল যে, তুমি ইয়াত ক্ষুধাৰ্তও নহ’বা আৰু বিবস্ত্ৰও নহ’বা।","footnotes":"","tafseer":"জান্নাতত তোমালোকক পানাহাৰ কৰোৱাৰ দায়িত্ব নিশ্চিতভাৱে আল্লাহৰ। গতিকে তোমালোক কেতিয়াও ক্ষুধাৰ্ত নহ'বা। তেৱেঁই তোমালোকক পৰিধান কৰাব, কেতিয়াও নিৰ্বস্ত্ৰ নহ'বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020118.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020118.mp3"},{"index":"119","arabicText":"وَاَنَّكَ لَا تَظْمَؤُا فِیْهَا وَلَا تَضْحٰی ۟","assameseTranslation":"‘আৰু নিশ্চয় তুমি তাত তৃষ্ণাতুৰো নহ’বা, ৰ’দতো আক্ৰান্ত নহ’বা’।","footnotes":"","tafseer":"তেওঁ তোমালোকক পান কৰাব, যাৰ পিছত কেতিয়াও পিয়াহ নালাগিব। তথা তোমালোকক ছাঁ দান কৰিব, য’ত সূৰ্যৰ উত্তাপ কেতিয়াও ঢুকি নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020119.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020119.mp3"},{"index":"120","arabicText":"فَوَسْوَسَ اِلَیْهِ الشَّیْطٰنُ قَالَ یٰۤاٰدَمُ هَلْ اَدُلُّكَ عَلٰی شَجَرَةِ الْخُلْدِ وَمُلْكٍ لَّا یَبْلٰی ۟","assameseTranslation":"তাৰ পিছত চয়তানে তেওঁক কুমন্ত্ৰণা দিলে; সি ক’লে, ‘হে আদম! মই তোমাক সেইজোপা গছ দেখুৱামনে যিজোপাৰ দ্বাৰা অমৰত্ব আৰু অক্ষয় ৰাজত্ব লাভ কৰা যায়’?","footnotes":"","tafseer":"ইপিনে চয়তানে আদমক ভ্ৰমিত কৰিবলৈ প্ৰয়াস আৰম্ভ কৰিলে আৰু ক'লেঃ মই তোমালোকক এনেকুৱা এটা গছৰ সন্ধান দিম নেকি, যি গছৰ ফল ভক্ষণ কৰিলে মানুহে অমৰত্ব লাভ কৰে, সি কেতিয়াও মৃত্যুবৰণ নকৰে, বৰং সি চিৰকাল জীৱিত থাকিব। তথা এনেকুৱা নিৰন্তৰ পৰিচালিত ৰাজ্যৰ মালিক হ'ব, যিটো কেতিয়াও নিঃশেষ নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020120.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020120.mp3"},{"index":"121","arabicText":"فَاَكَلَا مِنْهَا فَبَدَتْ لَهُمَا سَوْاٰتُهُمَا وَطَفِقَا یَخْصِفٰنِ عَلَیْهِمَا مِنْ وَّرَقِ الْجَنَّةِ ؗ وَعَصٰۤی اٰدَمُ رَبَّهٗ فَغَوٰی ۪۟ۖ","assameseTranslation":"অৱশেষত তেওঁলোক (স্বামী-স্ত্ৰী) উভয়ে সেই গছজোপাৰ পৰা (ফল) খালে; লগে লগে তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত প্ৰকাশ হৈ গ’ল, আৰু তেওঁলোকে জান্নাতৰ গছৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে, আৰু আদমে তেওঁৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে, ফলত তেওঁ পথভ্ৰান্ত হৈ গ’ল।","footnotes":"","tafseer":"ফলস্বৰূপে আদম আৰু হাৱায় সেই গছৰ ফল ভক্ষণ কৰিলে, যিটো খাবলৈ তেওঁলোকক নিষেধ কৰা হৈছিল। ফলত এই ফল ভক্ষণ কৰাৰ পিছত দুয়োৰে লজ্জাস্থান প্ৰকাশ পালে, ইতিপূৰ্বে তেওঁলোকৰ লজ্জাস্থান আবৃত আছিল। তেতিয়া দুয়ো জান্নাতৰ গছৰ পাত ছিঙি নিজৰ লজ্জাস্থান ঢাকিবলৈ ধৰিলে। আদমে নিষিদ্ধ গছৰ ফল ভক্ষণ কৰি নিজ প্ৰতিপালকৰ আদেশ অমান্য কৰিছিল, এনেকুৱা কাম কৰি বহিছিল যিটো তেওঁৰ বাবে উচিত নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020121.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020121.mp3"},{"index":"122","arabicText":"ثُمَّ اجْتَبٰهُ رَبُّهٗ فَتَابَ عَلَیْهِ وَهَدٰی ۟","assameseTranslation":"তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে, ফলত তেওঁৰ তাওবা কবুল কৰিলে আৰু তেওঁক পথনিৰ্দেশ কৰিলে।","footnotes":"","tafseer":"ইয়াৰ পিছত আল্লাহে তেওঁক মনোনীত কৰিলে আৰু তেওঁৰ তাওবা কবূল কৰিলে। তথা সঠিক পথত চলাৰ তাওফীক প্ৰদান কৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020122.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020122.mp3"},{"index":"123","arabicText":"قَالَ اهْبِطَا مِنْهَا جَمِیْعًا بَعْضُكُمْ لِبَعْضٍ عَدُوٌّ ۚ فَاِمَّا یَاْتِیَنَّكُمْ مِّنِّیْ هُدًی ۙ۬ فَمَنِ اتَّبَعَ هُدَایَ فَلَا یَضِلُّ وَلَا یَشْقٰی ۟","assameseTranslation":"তেওঁ ক’লে, ‘তোমালোকে উভয়ে একেলগে জান্নাতৰ পৰা নামি যোৱা। তোমালোকে পৰস্পৰে পৰস্পৰৰ শত্ৰু। সেয়ে যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ সৎপথৰ নিৰ্দেশ আহি পায়, যিয়ে মোৰ প্ৰদৰ্শিত সৎপথৰ অনুসৰণ কৰিব সি বিপথগামী নহ’ব আৰু দুৰ্দশাগ্ৰস্তও নহ’ব।","footnotes":"","tafseer":"আল্লাহে আদম আৰু হাৱাক উদ্দেশ্যি ক'লেঃ তোমালোক দুয়ো আৰু ইবলীছ জান্নাতৰ পৰা নামি যোৱা। ইবলীছ হৈছে তোমালোক দুজনৰে শত্ৰু, আৰু তোমালোক দুজন হৈছা ইবলীছৰ শত্ৰু। এতেকে মোৰ ফালৰ পৰা যেতিয়া কোনো দিশ নিৰ্দেশনা আহিব, যিয়ে সেই দিশ নিৰ্দেশনাৰ অনুসৰণ কৰিব আৰু সেইমতে আমল কৰিব আৰু ইয়াৰ পৰা আঁতৰি নাযাব, তেওঁ কেতিয়াও সত্যৰ পৰা পথভ্ৰষ্ট নহ'ব আৰু আখিৰাতত শাস্তিৰ সন্মুখীন হোৱাৰ দৰে দুৰ্ভগীয়া নহ'ব। বৰং আল্লাহে তাক জান্নাতত প্ৰৱেশ কৰাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020123.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020123.mp3"},{"index":"124","arabicText":"وَمَنْ اَعْرَضَ عَنْ ذِكْرِیْ فَاِنَّ لَهٗ مَعِیْشَةً ضَنْكًا وَّنَحْشُرُهٗ یَوْمَ الْقِیٰمَةِ اَعْمٰی ۟","assameseTranslation":"‘আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ থাকিব, নিশ্চয় তাৰ জীৱন-যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম’।","footnotes":"","tafseer":"যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ হ'ব আৰু ইয়াক গ্ৰহণ নকৰিব, সি পৃথিৱী আৰু আখিৰাতত সংকীৰ্ণ জীৱন লাভ কৰিব, আৰু কিয়ামতৰ দিনা আমি তাক হাচৰৰ ময়দানলৈ দৃষ্টিহীন আৰু প্ৰমাণহীন অৱস্থাত খেদি লৈ যাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020124.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020124.mp3"},{"index":"125","arabicText":"قَالَ رَبِّ لِمَ حَشَرْتَنِیْۤ اَعْمٰی وَقَدْ كُنْتُ بَصِیْرًا ۟","assameseTranslation":"সি ক’ব, ‘হে মোৰ প্ৰতিপালক! কিয় মোক অন্ধ অৱস্থাত উত্থিত কৰিলা? অথচ মই দৃষ্টিশক্তি সম্পন্ন আছিলোঁ’।","footnotes":"","tafseer":"আল্লাহৰ স্মৰণৰ পৰা বিমুখ হোৱা ব্যক্তিয়ে ক'বঃ হে মোৰ প্ৰতিপালক! আজি তুমি মোক অন্ধ অৱস্থাত কিয় হাজিৰ কৰোৱাইছা, অথচ পৃথিৱীত মই দৃষ্টিশক্তি সম্পন্ন আছিলোঁ?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020125.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020125.mp3"},{"index":"126","arabicText":"قَالَ كَذٰلِكَ اَتَتْكَ اٰیٰتُنَا فَنَسِیْتَهَا ۚ وَكَذٰلِكَ الْیَوْمَ تُنْسٰی ۟","assameseTranslation":"তেওঁ ক’ব, ‘এইদৰেই তোমাৰ ওচৰলৈ আমাৰ নিদৰ্শনাৱলী আহিছিল, কিন্তু তুমি তাক এৰি দিছিলা, ঠিক সেইদৰে আজি তোমাকো (জাহান্নামত) এৰি দিয়া হ’ব’।","footnotes":"","tafseer":"মহান আল্লাহে সেই ব্যক্তিক প্ৰত্যুত্তৰ প্ৰদান কৰি ক'বঃ তুমিও পৃথিৱীত এনেকুৱাই কৰিছিলা। তোমাৰ ওচৰলৈ আমাৰ আয়াতসমূহ আহিছিল, সেইবোৰৰ পৰা তুমি বিমুখ হৈছিলা, আৰু সেইবোৰৰ প্ৰতি কেৰেপ কৰা নাছিলা। ঠিক সেইদৰেই আজি তোমাক শাস্তিত এৰি দিয়া হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020126.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020126.mp3"},{"index":"127","arabicText":"وَكَذٰلِكَ نَجْزِیْ مَنْ اَسْرَفَ وَلَمْ یُؤْمِنْ بِاٰیٰتِ رَبِّهٖ ؕ وَلَعَذَابُ الْاٰخِرَةِ اَشَدُّ وَاَبْقٰی ۟","assameseTranslation":"আৰু এইদৰেই আমি প্ৰতিফল দিওঁ যিয়ে সীমালঙ্ঘন কৰে আৰু নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলীক বিশ্বাস নকৰে। অৱশ্যে আখিৰাতৰ শাস্তি আৰু বেছি কঠোৰ, লগতে অধিক স্থায়ী।","footnotes":"","tafseer":"এনেকুৱা শাস্তি আমি সেই ব্যক্তিকো প্ৰদান কৰিম যিয়ে হাৰাম ইচ্ছাবোৰৰ মাজত নিমজ্জিত থাকে আৰু নিজ প্ৰতিপালকৰ স্পষ্ট প্ৰমাণবোৰৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা বিমুখ হয়। (জানি থোৱা উচিত) আখিৰাতৰ শাস্তি পৃথিৱী আৰু বাৰঝখৰ সংকীৰ্ণ জীৱনতকৈও অধিক কঠিন তথা চিৰস্থায়ী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020127.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020127.mp3"},{"index":"128","arabicText":"اَفَلَمْ یَهْدِ لَهُمْ كَمْ اَهْلَكْنَا قَبْلَهُمْ مِّنَ الْقُرُوْنِ یَمْشُوْنَ فِیْ مَسٰكِنِهِمْ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّاُولِی النُّهٰی ۟۠","assameseTranslation":"এইটোৱেও সিহঁতক সৎপথ নেদেখুৱালেনে যে, আমি সিহঁতৰ পূৰ্বে বহুতো মানৱগোষ্ঠীক ধ্বংস কৰিছোঁ, যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে? নিশ্চয় ইয়াত বিবেকসম্পন্ন ব্যক্তিসকলৰ বাবে আছে নিদৰ্শন।","footnotes":"","tafseer":"মুশ্বৰিকসকলৰ ওচৰত এই বিষয়টো স্পষ্ট হোৱা নাই নেকি যে, আমি সিহঁতৰ পূৰ্বে বহুতো সম্প্ৰদায় ধ্বংস কৰিছোঁ? ইহঁতে দেখোন সেই ধ্বংস হোৱা সম্প্ৰদায়সমূহৰ বসবাস কৰা স্থানৰ মাজেৰেই চলাফুৰা কৰে, তথা সিহঁতৰ ওপৰত অহা শাস্তিৰ প্ৰভাৱবোৰো দেখা পায়!! সেই সম্প্ৰদায়সমূহ যি কাৰণত ধ্বংসপ্ৰাপ্ত তথা বিনষ্ট হৈছিল, তাৰ মাজত আছে বিবেকৱান সকলৰ বাবে বহুতো উপদেশ তথা শিক্ষা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020128.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020128.mp3"},{"index":"129","arabicText":"وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَّبِّكَ لَكَانَ لِزَامًا وَّاَجَلٌ مُّسَمًّی ۟ؕ","assameseTranslation":"যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা পূৰ্ব সিদ্ধান্ত আৰু এটা সময় নিৰ্ধাৰিত নাথাকিলহেঁতেন, তেন্তে আশু শাস্তি অৱশ্যম্ভাৱী হ’লহেঁতেন।","footnotes":"","tafseer":"হে ৰাছুল! যদি আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা এই বিষয়টো পূৰ্বনিৰ্ধাৰিত নাথাকিলহেঁতেন যে, দোষী সাব্যস্ত হোৱাৰ পূৰ্বে তেওঁ কাকো শাস্তি প্ৰদান নকৰিব তথা আল্লাহৰ ওচৰত যদি কোনো সময় নিৰ্দিষ্ট নাথাকিলহেঁতেন তেন্তে তেওঁ সিহঁতক শীঘ্ৰেই ইয়াতে শাস্তি বিহিলহেঁতেন। কিয়নো সিহঁত শাস্তি পোৱাৰ যোগ্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020129.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020129.mp3"},{"index":"130","arabicText":"فَاصْبِرْ عَلٰی مَا یَقُوْلُوْنَ وَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوْعِ الشَّمْسِ وَقَبْلَ غُرُوْبِهَا ۚ وَمِنْ اٰنَآئِ الَّیْلِ فَسَبِّحْ وَاَطْرَافَ النَّهَارِ لَعَلَّكَ تَرْضٰی ۟","assameseTranslation":"সেয়ে সিহঁতে যি কয়, সেই বিষয়ে তুমি ধৈৰ্য্য ধাৰণ কৰা, লগতে সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰৰ আগত তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা আৰু ৰাতিতো তাছবীহ পাঠ কৰা, আৰু দিনৰ প্ৰান্তসমূহতো, যাতে তুমি সন্তুষ্ট হ’ব পাৰা।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাক অস্বীকাৰকাৰী লোকসকলে আপোনাৰ বিষয়ে যিবোৰ কটু-মন্তব্য কৰে সেই বিষয়ে আপুনি ধৈৰ্য্য ধাৰণ কৰক, তথা আপোনাৰ প্ৰতিপালকৰ প্ৰশংসা আৰু পৱিত্ৰতা বৰ্ণনা কৰক সূৰ্যোদয়ৰ পূৰ্বে ফজৰৰ নামাজত, সূৰ্যাস্ত যোৱাৰ পূৰ্বে আচৰৰ চালাতত, আৰু ৰাতিৰ ভাগত মাগৰিব আৰু ঈশ্বাৰ চালাতত, আৰু দিনৰ ভাগত সূৰ্য্য ঢাল খোৱাৰ পিছত জোহৰৰ চালাতত, লগতে সম্পূৰ্ণৰূপে সূৰ্যাস্ত যোৱাৰ পিছত অৰ্থাৎ মাগৰিবৰ চালাতত, যাতে আপুনি আল্লাহৰ ওচৰত এনেকুৱা প্ৰতিফল লাভ কৰে, যিটোকলৈ আপুনি সন্তুষ্ট হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020130.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020130.mp3"},{"index":"131","arabicText":"وَلَا تَمُدَّنَّ عَیْنَیْكَ اِلٰی مَا مَتَّعْنَا بِهٖۤ اَزْوَاجًا مِّنْهُمْ زَهْرَةَ الْحَیٰوةِ الدُّنْیَا ۙ۬ لِنَفْتِنَهُمْ فِیْهِ ؕ وَرِزْقُ رَبِّكَ خَیْرٌ وَّاَبْقٰی ۟","assameseTranslation":"আৰু তুমি তোমাৰ দুচকু কেতিয়াও প্ৰসাৰিত নকৰিবা সেইবোৰৰ প্ৰতি, যিবোৰ আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক পাৰ্থিৱ জীৱনৰ সৌন্দৰ্যস্বৰূপ উপভোগৰ উপকৰণ হিচাপে প্ৰদান কৰিছোঁ, যাতে আমি সেইবোৰৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰোঁ।(জানি থোৱা) তোমাৰ প্ৰতিপালকে দিয়া জীৱিকাই হৈছে সৰ্বোৎকৃষ্ট আৰু অধিক স্থায়ী।","footnotes":"","tafseer":"আপুনি পাৰ্থিৱ জীৱনৰ সেই শোভাৰ প্ৰতি অপেক্ষা কৰি নাথাকিব, যিটো আমি অস্বীকাৰকাৰী সকলক আনন্দৰ উপকৰণ কৰি দিছোঁ, আৰু যিটো সিহঁতে উপভোগ কৰি আছে, যাতে সিহঁতক পৰীক্ষা কৰিব পাৰোঁ। কিয়নো আমি এই ধৰণৰ যিবোৰ বস্তু সিহঁতক প্ৰদান কৰিছোঁ, সেই সকলোবোৰ হৈছে ধ্বংসশীল। আনহাতে আপোনাৰ প্ৰতিপালকৰ চোৱাব হৈছে স্থায়ী তথা নিৰৱচ্ছিন্ন, যিটোকলৈ আপুনি সন্তুষ্ট হ'ব আৰু সেই প্ৰতিফল পাৰ্থিৱ জীৱনৰ এই উপভোগতকৈও অধিক কল্যাণকৰ, কিয়নো পাৰ্থিৱ জীৱনৰ উপভোগ হৈছে ক্ষণস্থায়ী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020131.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020131.mp3"},{"index":"132","arabicText":"وَاْمُرْ اَهْلَكَ بِالصَّلٰوةِ وَاصْطَبِرْ عَلَیْهَا ؕ لَا نَسْـَٔلُكَ رِزْقًا ؕ نَحْنُ نَرْزُقُكَ ؕ وَالْعَاقِبَةُ لِلتَّقْوٰی ۟","assameseTranslation":"তুমি তোমাৰ পৰিয়ালবৰ্গক ছালাতৰ আদেশ দিয়া আৰু নিজেও তাৰ ওপৰত অবিচল থাকা; আমি তোমাৰ ওচৰত কোনো জীৱিকা নিবিচাৰোঁ, আমিয়েই তোমাক জীৱিকা দান কৰোঁ; আৰু শুভ পৰিণাম কেৱল তাক্বৱাৰ ভিতৰতেই নিহিত।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি আপোনাৰ পৰিয়ালক চালাত আদায় কৰাৰ আদেশ দিয়ক, তথা আপুনি নিজেও ধৈৰ্য্য সহকাৰে আদায় কৰক। আমি আপোনাৰ পৰা আপোনাৰ বাবে নাইবা আনৰ বাবে কোনো ধৰণৰ জীৱিকাৰ আশা কৰা নাই। বৰং আপোনাক জীৱিকা প্ৰদানৰ দায়িত্ব হৈছে আমাৰ হাতত। পৃথিৱী আৰু আখিৰাতত প্ৰশংসনীয় পৰিণাম হৈছে সেই তাক্বৱা অৱলম্বনকাৰী লোকসকলৰ বাবে, যিসকলে আল্লাহক ভয় কৰে। এতেকে যিসকলে আল্লাহৰ আদেশ পালন কৰে তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020132.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020132.mp3"},{"index":"133","arabicText":"وَقَالُوْا لَوْلَا یَاْتِیْنَا بِاٰیَةٍ مِّنْ رَّبِّهٖ ؕ اَوَلَمْ تَاْتِهِمْ بَیِّنَةُ مَا فِی الصُّحُفِ الْاُوْلٰی ۟","assameseTranslation":"আৰু সিহঁতে কয়, ‘সি তাৰ প্ৰতিপালকৰ পৰা আমাৰ ওচৰলৈ কোনো নিদৰ্শন লৈ নাহে কিয়’? সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণ অহা নাইনে যিবোৰ পূৰ্বৰ গ্ৰন্থসমূহত আছে?","footnotes":"","tafseer":"অস্বীকাৰকাৰী এই কাফিৰসকলে কয়ঃ মুহাম্মদে তেওঁৰ প্ৰতিপালকৰ ফালৰ পৰা আমাৰ ওচৰলৈ এনেকুৱা কোনো নিদৰ্শন কিয় লৈ নাহে যিটো তেওঁৰ সত্যতাৰ প্ৰতীক হ'ব তথা তেওঁ ৰাছুল হোৱাৰ প্ৰমাণবহন কৰিব? এই অস্বীকাৰকাৰী সকলৰ ওচৰত কোৰআন অহা নাই নেকি, যিখনে পূৰ্বৱৰ্তী সকলো আচমানী গ্ৰন্থক সমৰ্থন কৰে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020133.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020133.mp3"},{"index":"134","arabicText":"وَلَوْ اَنَّاۤ اَهْلَكْنٰهُمْ بِعَذَابٍ مِّنْ قَبْلِهٖ لَقَالُوْا رَبَّنَا لَوْلَاۤ اَرْسَلْتَ اِلَیْنَا رَسُوْلًا فَنَتَّبِعَ اٰیٰتِكَ مِنْ قَبْلِ اَنْ نَّذِلَّ وَنَخْزٰی ۟","assameseTranslation":"আৰু যদি আমি সিহঁতক ইয়াৰ পূৰ্বেই শাস্তিৰ দ্বাৰা ধ্বংস কৰিলোঁহেঁতেন, তেন্তে নিশ্চয় সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাৰ ওচৰলৈ ৰাছুল নপঠালা কিয়? তেতিয়া আমি লাঞ্ছিত আৰু অপমানিত হোৱাৰ আগতেই তোমাৰ নিদৰ্শনাৱলীৰ অনুসৰণ কৰিলোঁহেঁতেন’।","footnotes":"","tafseer":"নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰা এই কাফিৰসকলক সিহঁতৰ কুফৰী আৰু স্বৈৰাচাৰীতাৰ কাৰণে ৰাছুল প্ৰেৰণ কৰাৰ পূৰ্বেই যদি আমি সিহঁতৰ প্ৰতি আজাব অৱতীৰ্ণ কৰি শাস্তি বিহিলোঁহেঁতেন তেন্তে সিহঁতে কিয়ামতৰ দিনা নিজৰ কুফুৰীৰ বাবে অজুহাত দেখুৱাই ক'লেহেঁতেনঃ হে আমাৰ প্ৰতিপালক! তুমি পৃথিৱীত আমাৰ ওচৰলৈ কিয় ৰাছুল প্ৰেৰণ নকৰিলা, তেন্তে আমি অপমানিত তথা তোমাৰ শাস্তিৰ সন্মুখীন হোৱাৰ পূৰ্বেই তেওঁৰ প্ৰতি ঈমান আনিলোঁহেঁতেন আৰু তেওঁ লৈ অহা আয়াতসমূহৰ অনুসৰণ কৰিলোঁহেঁতেন?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020134.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020134.mp3"},{"index":"135","arabicText":"قُلْ كُلٌّ مُّتَرَبِّصٌ فَتَرَبَّصُوْا ۚ فَسَتَعْلَمُوْنَ مَنْ اَصْحٰبُ الصِّرَاطِ السَّوِیِّ وَمَنِ اهْتَدٰی ۟۠","assameseTranslation":"কোৱা, ‘প্ৰত্যেকেই প্ৰতীক্ষা কৰি আছে, গতিকে তোমালোকেও প্ৰতীক্ষা কৰা। তাৰ পিছত অচিৰেই তোমালোকে জানিব পাৰিবা সৰল পথত কোন আছে আৰু কোনে সৎপথ অৱলম্বন কৰিছে’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰীসকলক কৈ দিয়কঃ শুনা! আমি সকলোৱেই সেই পৰিণামৰ বাবে অপেক্ষা কৰি আছোঁ, যিটো আল্লাহৰ ফালৰ পৰা জাৰি হ'ব। এতেকে তোমালোকেও অপেক্ষা কৰা। তোমালোকে (নিশ্চিতভাৱে) শীঘ্ৰেই জানিব পাৰিবা কোনসকল লোক সঠিক পথত পৰিচালিত তথা হিদায়তপ্ৰাপ্ত। আমি নে তোমালোক?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/020135.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/020135.mp3"}]