[{"index":"1","arabicText":"اِقْتَرَبَ لِلنَّاسِ حِسَابُهُمْ وَهُمْ فِیْ غَفْلَةٍ مُّعْرِضُوْنَ ۟ۚ","assameseTranslation":"মানুহৰ হিচাপ-নিকাচৰ সময় সমীপৱৰ্ত্তী, অথচ সিহঁতে উদাসিনতাত বিমুখ হৈ আছে।","footnotes":"","tafseer":"কিয়ামতৰ দিনা হ'বলগীয়া মানুহৰ হিচাপ-নিকাচৰ সময় অতি ক্ষীপ্ৰতাৰে নিকটৱৰ্ত্তী হৈছে। তথাপিও মানুহে অৱহেলাত লিপ্ত হৈ আছে, আৰু আখিৰাতৰ পৰা বিমুখ হৈ পৃথিৱীকলৈ ব্যস্ত হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021001.mp3"},{"index":"2","arabicText":"مَا یَاْتِیْهِمْ مِّنْ ذِكْرٍ مِّنْ رَّبِّهِمْ مُّحْدَثٍ اِلَّا اسْتَمَعُوْهُ وَهُمْ یَلْعَبُوْنَ ۟ۙ","assameseTranslation":"যেতিয়াই সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাক কৌতুকচ্ছলেৰে শ্ৰৱণ কৰে,","footnotes":"","tafseer":"যেতিয়াই সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা কোৰআনৰ কোনো নতুন আয়াত অৱতীৰ্ণ হয়, তেতিয়াই সিহঁতে সেইটোক উপকৃত হোৱাৰ আশাৰে নুশুনে, বৰং অৱহেলা কৰি খেল-ধেমালিৰ সৈতে শ্ৰৱণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021002.mp3"},{"index":"3","arabicText":"لَاهِیَةً قُلُوْبُهُمْ ؕ وَاَسَرُّوا النَّجْوَی ۖۗ الَّذِیْنَ ظَلَمُوْا ۖۗ هَلْ هٰذَاۤ اِلَّا بَشَرٌ مِّثْلُكُمْ ۚ اَفَتَاْتُوْنَ السِّحْرَ وَاَنْتُمْ تُبْصِرُوْنَ ۟","assameseTranslation":"সিহঁতৰ অন্তৰ থাকে অমনোযোগী। যিসকলে অন্যায় কৰিছে সিহঁতে গোপনে পৰামৰ্শ কৰে, ‘এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, তথাপিও তোমালোকে দেখি-শুনি যাদুৰ কবলত পৰিবানে’?","footnotes":"","tafseer":"সিহঁতে সেইটোক শুনিছে ঠিকেই, কিন্তু সিহঁতৰ অন্তৰ হৈছে সম্পূৰ্ণৰূপে ইয়াৰ পৰা অমনোযোগী। অন্যায়কাৰী কাফিৰসকলে পৰস্পৰে কাণত ফুচফুচাই কয়ঃ নিজকে ৰাছুল বুলি দাবী কৰা এই মানুহজন তোমালোকৰ দৰেই এজন মানুহ নহয় জানো? তেওঁ তোমালোকতকৈ পৃথক কোনো বৈশিষ্ট্যৰো অধিকাৰী নহয়। তেওঁ লৈ অহা বিষয়বোৰ হৈছে এক প্ৰকাৰ যাদু। এতেকে তোমালোকে এই কথা জনাৰ পিছতো তেওঁৰ অনুসৰণ কৰিবা নেকি যে, তেওঁ তোমালোকৰ দৰেই এজন মানুহ, তথা তেওঁ যি লৈ আহিছে সেইবোৰ হৈছে এক প্ৰকাৰ যাদু?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021003.mp3"},{"index":"4","arabicText":"قٰلَ رَبِّیْ یَعْلَمُ الْقَوْلَ فِی السَّمَآءِ وَالْاَرْضِ ؗ وَهُوَ السَّمِیْعُ الْعَلِیْمُ ۟","assameseTranslation":"তেওঁ (ৰাছুলে) ক’লে, ‘আকাশসমূহ আৰু পৃথিৱীৰ সকলো কথাই মোৰ প্ৰতিপালকৰ জনা আছে আৰু তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।","footnotes":"","tafseer":"ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে গোপনে কি আলোচনা কৰা সেই বিষয়ে মোৰ প্ৰতিপালক ভালকৈয়ে অৱগত। কিয়নো আকাশমণ্ডল আৰু পৃথিৱীত থকা প্ৰত্যেকৰে মুখৰ পৰা যি ওলায় সেই সম্পৰ্কে তেওঁ সম্যক অৱগত। তেওঁ নিজ বান্দাসকলৰ কথা শ্ৰৱণকাৰী আৰু সিহঁতৰ আমল সম্পৰ্কে জ্ঞাত, তেৱেঁই সিহঁতক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021004.mp3"},{"index":"5","arabicText":"بَلْ قَالُوْۤا اَضْغَاثُ اَحْلَامٍ بَلِ افْتَرٰىهُ بَلْ هُوَ شَاعِرٌ ۖۚ فَلْیَاْتِنَا بِاٰیَةٍ كَمَاۤ اُرْسِلَ الْاَوَّلُوْنَ ۟","assameseTranslation":"বৰং সিহঁতে কয়, ‘এইবোৰ হৈছে অলীক কল্পনা, হয়তো সি এইবোৰ নিজেই ৰচনা কৰিছে, নহয় সি এজন কবি। নহ’লে সি আমাৰ ওচৰলৈ কোনো এটা নিদৰ্শন লৈ আহক, যেনেকৈ পূৰ্বৱৰ্তীসকল নিদৰ্শনসহ প্ৰেৰিত হৈছিল’।","footnotes":"","tafseer":"দৰাচলতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যি লৈ আহিছে সেই সম্পৰ্কে সিহঁতে দোধোৰমোধোৰ অৱস্থাত আছে, সেয়ে কেতিয়াবা কয়ঃ এইবোৰ হৈছে মিশ্ৰিত সপোন, যাৰ কোনো ব্যাখ্যা নাই। আকৌ কেতিয়াবা কয়ঃ এইবোৰৰ কোনো বাস্তৱিকতা নাই, মুহাম্মদে নিজেই এইবোৰ ৰচনা কৰিছে। আকৌ কেতিয়াবা কয়ঃ তেওঁ হৈছে এজন কবি। সঁচাই যদি তেওঁ এজন ৰাছুল তেন্তে পূৰ্বৱৰ্তী ৰাছুলসকলৰ দৰে তেওঁ আমাৰ ওচৰলৈ কোনো মুযিঝা (অলৌকিকতা) লৈ অহা উচিত। পূৰ্বৱৰ্তী ৰাছুলসকলে মুযিঝা লৈ আহিছিল, যেনে মূছাই আনিছিল লাখুটি আৰু চলেহ আলাইহিচ্ছালামে আনিছিল উট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021005.mp3"},{"index":"6","arabicText":"مَاۤ اٰمَنَتْ قَبْلَهُمْ مِّنْ قَرْیَةٍ اَهْلَكْنٰهَا ۚ اَفَهُمْ یُؤْمِنُوْنَ ۟","assameseTranslation":"ইহঁতৰ পূৰ্বে যিবোৰ জনপদ আমি ধ্বংস কৰিছোঁ, সেইবোৰ ঠাইৰ অধিবাসীসকলেও ঈমান পোষণ কৰা নাছিল; তেন্তে ইহঁতে ঈমান পোষণ কৰিবনে?","footnotes":"","tafseer":"মুযিঝা দাবী কৰা এই ব্যক্তিসকলৰ পূৰ্বেও কিছুমান জনবসতি অতিবাহিত হৈছে যিসকলে মুযিঝা দাবী কৰিছিল কিন্তু সেইটো প্ৰকট হোৱাৰ পিছত সিহঁতে ঈমান পোষণ কৰা নাছিল। বৰং সিহঁতে সেইটোক অস্বীকাৰ কৰিছিল, ফলত আমি সিহঁতক ধ্বংস কৰিছিলোঁ। তেনে পৰিস্থিতিত এইসকল লোকে ঈমান আনিব বুলি কেনেকৈ আশা কৰিব পাৰি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021006.mp3"},{"index":"7","arabicText":"وَمَاۤ اَرْسَلْنَا قَبْلَكَ اِلَّا رِجَالًا نُّوْحِیْۤ اِلَیْهِمْ فَسْـَٔلُوْۤا اَهْلَ الذِّكْرِ اِنْ كُنْتُمْ لَا تَعْلَمُوْنَ ۟","assameseTranslation":"আৰু তোমাৰ পূৰ্বে আমি কেৱল পুৰুষসকলকেই (ৰাছুল হিচাপে) প্ৰেৰণ কৰিছিলোঁ; তেওঁলোকৰ প্ৰতি আমি অহী প্ৰেৰণ কৰিছিলোঁ। এতেকে যদি তোমালোকে নাজানা তেনেহ’লে জ্ঞানীসকলক সুধি লোৱা।","footnotes":"","tafseer":"হে ৰাছুল! আমি আপোনাৰ পূৰ্বে প্ৰেৰণ কৰা ৰাছুলসকল আছিল মানৱ সন্তান, যিসকলৰ প্ৰতি আমি অহী কৰিছিলোঁ। আমি ফিৰিস্তাসকলক ৰাছুল হিচাপে প্ৰেৰণ কৰা নাছিলোঁ। যদি তোমালোকে নাজানা তেন্তে তোমালোকৰ পূৰ্বে গ্ৰন্থপ্ৰাপ্ত আহলে কিতাবসকলক সুধি লোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021007.mp3"},{"index":"8","arabicText":"وَمَا جَعَلْنٰهُمْ جَسَدًا لَّا یَاْكُلُوْنَ الطَّعَامَ وَمَا كَانُوْا خٰلِدِیْنَ ۟","assameseTranslation":"আমি তেওঁলোকক এনেকুৱা কোনো দেহবিশিষ্ট কৰা নাছিলোঁ যে, তেওঁলোকে খাদ্য গ্ৰহণ কৰা নাছিল, লগতে তেওঁলোক চিৰঞ্জীৱীও নাছিল।","footnotes":"","tafseer":"আমি প্ৰেৰণ কৰা ৰাছুলসকলক এনেকুৱা কোনো শৰীৰ দান কৰা নাছিলোঁ যে, তেওঁলোকক পানাহাৰৰ প্ৰয়োজন নহ'ব। বৰং তেওঁলোকেও আন আন লোকসকলৰ দৰেই খোৱা-বোৱা কৰিছিল। তথা তেওঁলোক এনেকুৱাও নাছিল যে, পৃথিৱীত অমৰ হৈ থাকিব আৰু কেতিয়াও মৃত্যুবৰণ নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021008.mp3"},{"index":"9","arabicText":"ثُمَّ صَدَقْنٰهُمُ الْوَعْدَ فَاَنْجَیْنٰهُمْ وَمَنْ نَّشَآءُ وَاَهْلَكْنَا الْمُسْرِفِیْنَ ۟","assameseTranslation":"তাৰ পিছত আমি তেওঁলোকৰ প্ৰতি কৰা প্ৰতিশ্ৰুতি সত্য কৰি দেখুৱালোঁ, ফলত আমি তেওঁলোকক আৰু যিসকলক ইচ্ছা ৰক্ষা কৰিছিলোঁ আৰু সীমালংঘন কাৰীসকলক ধ্বংস কৰিছিলোঁ।","footnotes":"","tafseer":"তাৰ পিছত ৰাছুলসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি আমি তেওঁলোকক আৰু মুমিনসকলৰ মাজৰ যিসকলক ইচ্ছা কৰিছিলোঁ ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ। আল্লাহৰ লগত কুফৰী কৰা তথা গুনাহৰ কৰ্মত লিপ্ত হৈ সীমালঙ্ঘন কৰা লোকসকলক ধ্বংস কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021009.mp3"},{"index":"10","arabicText":"لَقَدْ اَنْزَلْنَاۤ اِلَیْكُمْ كِتٰبًا فِیْهِ ذِكْرُكُمْ ؕ اَفَلَا تَعْقِلُوْنَ ۟۠","assameseTranslation":"নিশ্চয় আমি তোমালোকৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছোঁ, য’ত আছে তোমালোকৰ বাবে উপদেশ আৰু মৰ্যাদা, তথাপিও তোমালোকে বুজি নোপোৱানে?","footnotes":"","tafseer":"নিশ্চয় আমি তোমালোকৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যদি তোমালোকে ইয়াক সত্য বুলি মানি লোৱা আৰু ইয়াৰ মাজত যি আছে তাৰ প্ৰতি আমল কৰা তেন্তে তোমালোকে নিশ্চয় মান-মৰ্যাদাৰ অধিকাৰী হ'বা। তোমালোকে এই কথাষাৰ বুজি নোপোৱানে? তেন্তে তোমালোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ মাজত থকা শিক্ষা অনুসাৰে আমল কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021010.mp3"},{"index":"11","arabicText":"وَكَمْ قَصَمْنَا مِنْ قَرْیَةٍ كَانَتْ ظَالِمَةً وَّاَنْشَاْنَا بَعْدَهَا قَوْمًا اٰخَرِیْنَ ۟","assameseTranslation":"আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছোঁ, যাৰ অধিবাসীসকল আছিল যালিম আৰু সিহঁতৰ পিছত সৃষ্টি কৰিছোঁ আন এটা জাতি!","footnotes":"","tafseer":"বহুতো এনেকুৱা জনবসতিক আমি ধ্বংস কৰিছোঁ যিসকলে কুফৰী কৰাৰ জৰিয়তে অন্যায় কৰিছিল। আৰু সিহঁতৰ পিছত আমি অন্য সম্প্ৰদায়ক সৃষ্টি কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021011.mp3"},{"index":"12","arabicText":"فَلَمَّاۤ اَحَسُّوْا بَاْسَنَاۤ اِذَا هُمْ مِّنْهَا یَرْكُضُوْنَ ۟ؕ","assameseTranslation":"এতেকে সিহঁতে যেতিয়া আমাৰ শাস্তি অহা বুলি অনুভৱ কৰিলে, তেতিয়াই সিহঁতে তাৰ পৰা পলায়ন কৰিবলৈ ধৰিলে।","footnotes":"","tafseer":"এতেকে আমাৰ শাস্তিৰ দ্বাৰা ধ্বংস হোৱা লোকসকলে যেতিয়া নিজ চকুৰে শাস্তি প্ৰত্যক্ষ কৰিলে, তেতিয়া সিহঁতে ধ্বংস হোৱাৰ পৰা ৰক্ষা পাবলৈ গাওঁ এৰি পলায়ন কৰিবলৈ ধৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021012.mp3"},{"index":"13","arabicText":"لَا تَرْكُضُوْا وَارْجِعُوْۤا اِلٰی مَاۤ اُتْرِفْتُمْ فِیْهِ وَمَسٰكِنِكُمْ لَعَلَّكُمْ تُسْـَٔلُوْنَ ۟","assameseTranslation":"(সিহঁতক কোৱা হ’ল) ‘পলায়ন নকৰিবা, তোমালোকে য’ত ভোগ-বিলাসত মত্ত আছিলা সেই ঠাইলৈ উভতি যোৱা তথা তোমালোকে নিজৰ ঘৰ-দুৱাৰলৈ উভতি যোৱা, যাতে এই বিষয়ে তোমালোকক সুধিব পৰা যায়’।","footnotes":"","tafseer":"এতেকে সিহঁতক উপহাস কৰি কোৱা হ'লঃ দৌৰি পলায়ন নকৰিবা, বৰং তোমালোকে নিজৰ ভোগ-সামগ্ৰীৰ প্ৰতি উভতি যোৱা, যিবোৰ তোমালোকে উপভোগ কৰি আছিলা, তথা নিজৰ বাসস্থানলৈ উভতি যোৱা যাতে তোমালোকক তোমালোকৰ পাৰ্থিৱ জীৱন সম্পৰ্কে সোধ-পোচ কৰিব পৰা যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021013.mp3"},{"index":"14","arabicText":"قَالُوْا یٰوَیْلَنَاۤ اِنَّا كُنَّا ظٰلِمِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘হায়! দুৰ্ভাগ্য আমাৰ! নিশ্চয় আমি যালিম আছিলোঁ’।","footnotes":"","tafseer":"অন্যায়কাৰী এই লোকসকলে নিজৰ গুনাহ স্বীকাৰ কৰি ক'লেঃ হায় আমাৰ বিনাশ আৰু ক্ষতিগ্ৰস্ততা! নিশ্চয় আমি অন্যায়কাৰী আছিলোঁ, কাৰণ আমি আল্লাহৰ লগত কুফৰী কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021014.mp3"},{"index":"15","arabicText":"فَمَا زَالَتْ تِّلْكَ دَعْوٰىهُمْ حَتّٰی جَعَلْنٰهُمْ حَصِیْدًا خٰمِدِیْنَ ۟","assameseTranslation":"এতেকে সিহঁতৰ এই আৰ্তনাদ চলিয়ে আছিল যেতিয়ালৈকে আমি সিহঁতক দাই নিয়া শস্য আৰু নুমাই যোৱা জুইৰ দৰে কৰা নাছিলোঁ।","footnotes":"","tafseer":"ইয়াৰ পিছত একেলেঠাৰিয়ে সিহঁতে নিজৰ গুনাহ স্বীকাৰ কৰিবলৈ ধৰিলে আৰু ধ্বংসৰ কাৰণে নিজৰ প্ৰতি অভিশাপ কৰিবলৈ ধৰিলে, অৱশেষত আমি সিহঁতক চপাই লোৱা খেতিৰ নিচিনা কৰি পেলালোঁ। সিহঁত মৃত অৱস্থাত পৰি আছিল, কোনো ধৰণৰ লৰচৰ কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021015.mp3"},{"index":"16","arabicText":"وَمَا خَلَقْنَا السَّمَآءَ وَالْاَرْضَ وَمَا بَیْنَهُمَا لٰعِبِیْنَ ۟","assameseTranslation":"আকাশ আৰু পৃথিৱী লগতে এই দুয়োৰে মাজত যি আছে সেইবোৰক আমি খেল-ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই।","footnotes":"","tafseer":"আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুক আমি খেল-ধেমালিৰ বাবে অথবা উদ্দেশ্যহীনভাৱে সৃষ্টি কৰা নাই, বৰং সেইবোৰক আমি আমাৰ ক্ষমতা আৰু সামৰ্থ প্ৰমাণ কৰিবলৈহে সৃষ্টি কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021016.mp3"},{"index":"17","arabicText":"لَوْ اَرَدْنَاۤ اَنْ نَّتَّخِذَ لَهْوًا لَّاتَّخَذْنٰهُ مِنْ لَّدُنَّاۤ ۖۗ اِنْ كُنَّا فٰعِلِیْنَ ۟","assameseTranslation":"খেল-ধেমালিৰ বস্তু সৃষ্টি কৰাই যদি আমাৰ অভিপ্ৰায় হ’লহেঁতেন, তেন্তে আমাৰ (ওচৰত যি আছে তাৰ) পৰাই আমি কৰিলোঁহেঁতেন; কিন্তু আমি সেয়া কৰা নাই।","footnotes":"","tafseer":"পত্নী অথবা পুত্ৰ গ্ৰহণ কৰাৰ যদি আমাৰ ইচ্ছা থাকিলহেঁতেন, তেন্তে আমি আমাৰ ফালৰ পৰাই গ্ৰহণ কৰিলোঁহেঁতেন। কিন্তু আমি এইটো কেতিয়াও নকৰোঁ, কাৰণ আমি ইয়াৰ পৰা সম্পূৰ্ণৰূপে পৱিত্ৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021017.mp3"},{"index":"18","arabicText":"بَلْ نَقْذِفُ بِالْحَقِّ عَلَی الْبَاطِلِ فَیَدْمَغُهٗ فَاِذَا هُوَ زَاهِقٌ ؕ وَلَكُمُ الْوَیْلُ مِمَّا تَصِفُوْنَ ۟","assameseTranslation":"বৰং আমি সত্যৰ দ্বাৰা অসত্যক আঘাত কৰোঁ, ফলত ই অসত্যক চূৰ্ণ-বিচূৰ্ণ কৰি দিয়ে আৰু তৎক্ষণাত অসত্য নিচিহ্ন হৈ যায়, আৰু তোমালোকে আল্লাহক যি গুণেৰে আখ্যায়িত কৰিছা তাৰ কাৰণে তোমালোকৰ বাবে আছে দুৰ্ভোগ!","footnotes":"","tafseer":"বৰং আমি ৰাছুলৰ প্ৰতি প্ৰেৰণ কৰা সত্যক কাফিৰসকলৰ বাতিলৰ ওপৰত নিক্ষেপ কৰোঁ, ফলত বাতিল চূৰ্ণ-বিচূৰ্ণ হৈ যায় আৰু ধ্বংসস্তুপত পৰিণত হয়। হেৰা আল্লাহৰ স্ত্ৰী আৰু পুত্ৰ দাবী কৰা ব্যক্তিসকল! তোমালোকৰ বাবে আছে বিনাশ, কিয়নো তোমালোকে এনেকুৱা কথা কৈছা, যিটোৰ লগত আল্লাহৰ কোনো সম্পৰ্ক নাই তেওঁ অতি পৱিত্ৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021018.mp3"},{"index":"19","arabicText":"وَلَهٗ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ وَمَنْ عِنْدَهٗ لَا یَسْتَكْبِرُوْنَ عَنْ عِبَادَتِهٖ وَلَا یَسْتَحْسِرُوْنَ ۟ۚ","assameseTranslation":"আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই; আৰু তেওঁৰ সান্নিধ্যত যিসকল আছে তেওঁলোকে অহংকাৰ কৰি তেওঁৰ ইবাদতৰ পৰা বিমুখ নহয় আৰু তেওঁলোকে বিৰক্তি বোধো নকৰে।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ মহান আল্লাহৰ। তেওঁৰ ওচৰত থকা ফিৰিস্তাসকলে তেওঁৰ ইবাদত কৰাৰ ক্ষেত্ৰত অহংকাৰ নকৰে, তথা ক্লান্তবোধো নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021019.mp3"},{"index":"20","arabicText":"یُسَبِّحُوْنَ الَّیْلَ وَالنَّهَارَ لَا یَفْتُرُوْنَ ۟","assameseTranslation":"তেওঁলোকে দিনে-ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁলোকে অলসতা নকৰে।","footnotes":"","tafseer":"তেওঁলোকে সদায় আল্লাহৰ পৱিত্ৰতাৰ গুণগান কৰে। কেতিয়াও বিৰক্ত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021020.mp3"},{"index":"21","arabicText":"اَمِ اتَّخَذُوْۤا اٰلِهَةً مِّنَ الْاَرْضِ هُمْ یُنْشِرُوْنَ ۟","assameseTranslation":"সিহঁতে (কাফিৰসকলে) পৃথিৱীৰ পৰা যিবোৰক উপাস্য হিচাপে গ্ৰহণ কৰিছে সেইবোৰে কোনো মৃতক জীৱিত কৰিবলৈ সক্ষমনে?","footnotes":"","tafseer":"বৰং মুশ্বৰিকসকলে আল্লাহক এৰি এনেকুৱা কিছুমান উপাস্য বনাই লৈছে, যিবোৰে কেতিয়াও মৃতক জীৱিত কৰিবলৈ সক্ষম নহয়। তেন্তে সিহঁতে কেনেকৈ এই অপাৰগ উপাস্যবোৰৰ উপাসনা কৰে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021021.mp3"},{"index":"22","arabicText":"لَوْ كَانَ فِیْهِمَاۤ اٰلِهَةٌ اِلَّا اللّٰهُ لَفَسَدَتَا ۚ فَسُبْحٰنَ اللّٰهِ رَبِّ الْعَرْشِ عَمَّا یَصِفُوْنَ ۟","assameseTranslation":"যদি এই দুয়োৰে (আকাশ আৰু পৃথিৱীৰ) মাজত আল্লাহৰ বাহিৰে বহু ইলাহ থাকিলহেঁতেন, তেন্তে উভয়েই বিশৃংখল হৈ গ’লহেঁতেন। এতেকে সিহঁতে যি বৰ্ণনা কৰে তাৰ পৰা আৰছৰ অধিপতি আল্লাহ অতি পৱিত্ৰ।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীত আল্লাহৰ বাহিৰে যদি একাধিক উপাস্য থাকিলহেঁতেন, তেন্তে নিশ্চয় পৰিচালনাত মতানৈক্য সৃষ্টি হ'লহেঁতেন। প্ৰকৃততে বাস্তৱতা ইয়াৰ বিপৰীত। এতেকে জানি থোৱা! আৰচৰ প্ৰতিপালক মহান আল্লাহ মুশ্বৰিকসকলৰ মিছা অপবাদৰ পৰা পৱিত্ৰ, তেওঁৰ কোনো অংশীদাৰ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021022.mp3"},{"index":"23","arabicText":"لَا یُسْـَٔلُ عَمَّا یَفْعَلُ وَهُمْ یُسْـَٔلُوْنَ ۟","assameseTranslation":"তেওঁ যি কৰে সেই বিষয়ে তেওঁ জবাবদিহি নহ’ব; বৰং সিহঁতকেই প্ৰশ্ন কৰা হ’ব।","footnotes":"","tafseer":"মহান আল্লাহ হৈছে তেওঁৰ ৰাজত্ব আৰু সিদ্ধান্তত একক তথা অদ্বিতীয়। তেওঁৰ কোনো ফয়চালা আৰু সিদ্ধান্তৰ বিষয়ে কোনেও তেওঁক সোধ-পোচ কৰিবলৈ সক্ষম নহয়। আনহাতে তেওঁ বান্দাসকলক সিহঁতৰ কৰ্ম সম্পৰ্কে জবাবদিহি কৰিব, তথা সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিফল দান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021023.mp3"},{"index":"24","arabicText":"اَمِ اتَّخَذُوْا مِنْ دُوْنِهٖۤ اٰلِهَةً ؕ قُلْ هَاتُوْا بُرْهَانَكُمْ ۚ هٰذَا ذِكْرُ مَنْ مَّعِیَ وَذِكْرُ مَنْ قَبْلِیْ ؕ بَلْ اَكْثَرُهُمْ لَا یَعْلَمُوْنَ ۙ الْحَقَّ فَهُمْ مُّعْرِضُوْنَ ۟","assameseTranslation":"সিহঁতে তেওঁৰ বাহিৰে বহু ইলাহ গ্ৰহণ কৰিছে নেকি? কোৱা, ‘(তেন্তে) তোমালোকে ইয়াৰ প্ৰমাণ লৈ আহা। মোৰ লগত যি আছে এইটোহে তেওঁৰ উপদেশ আৰু এইটোৱেই উপদেশ আছিল মোৰ পূৰ্বৱৰ্তীসকলৰ’। কিন্তু সিহঁতৰ বেছি ভাগেই প্ৰকৃত সত্য নাজানে; ফলত সিহঁতে মুখ ঘূৰাই লয়।","footnotes":"","tafseer":"বৰং সিহঁতে আল্লাহক এৰি বহুতো উপাস্য বনাই লৈছে। হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়কঃ তোমালোকে প্ৰমাণ কৰাচোন যে, এই উপাস্যবোৰ ইবাদতৰ যোগ্য। চোৱা! এই হৈছে মোৰ ওপৰত অৱতীৰ্ণ হোৱা কিতাব (আল-কোৰআন) আৰু ইয়াৰ পূৰ্বে আন আন ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হোৱা গ্ৰন্থসমূহৰ ভিতৰতো এই সম্পৰ্কে তোমালোকৰ কোনো প্ৰমাণ নাই। প্ৰকৃততে অধিকাংশ মুশ্বৰিকেই অজ্ঞানতা আৰু পিতৃপুৰুষসকলৰ অন্ধানুকৰণত পৰিচালিত, সেইকাৰণেই সিহঁতে সত্যৰ পৰা বিমুখ হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021024.mp3"},{"index":"25","arabicText":"وَمَاۤ اَرْسَلْنَا مِنْ قَبْلِكَ مِنْ رَّسُوْلٍ اِلَّا نُوْحِیْۤ اِلَیْهِ اَنَّهٗ لَاۤ اِلٰهَ اِلَّاۤ اَنَا فَاعْبُدُوْنِ ۟","assameseTranslation":"আৰু তোমাৰ পূৰ্বে আমি যি ৰাছুলকেই প্ৰেৰণ কৰিছোঁ তেওঁৰ ওচৰত এইটোৱেই অহী কৰিছোঁ যে, ‘মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সেয়ে তোমালোকে কেৱল মোৰেই ইবাদত কৰা’।","footnotes":"","tafseer":"হে ৰাছুল! আমি আপোনাৰ পূৰ্বেও ৰাছুল প্ৰেৰণ কৰিছিলোঁ, আৰু তেওঁৰ প্ৰতি অহী কৰিছিলোঁ যে, মোৰ বাহিৰে আন কোনো সত্য উপাস্য নাই; সেয়ে কেৱল মোৰেই ইবাদত কৰা তথা আন কাকো মোৰ লগত অংশী নকৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021025.mp3"},{"index":"26","arabicText":"وَقَالُوا اتَّخَذَ الرَّحْمٰنُ وَلَدًا سُبْحٰنَهٗ ؕ بَلْ عِبَادٌ مُّكْرَمُوْنَ ۟ۙ","assameseTranslation":"আৰু সিহঁতে কয়, ‘ৰহমানে (আল্লাহে ফিৰিস্তাসকলক) সন্তান (হিচাপে) গ্ৰহণ কৰিছে’। তেওঁ পৱিত্ৰ মহান! বৰং তেওঁলোক হৈছে তেওঁৰ সন্মানিত বান্দা।","footnotes":"","tafseer":"মুশ্বৰিকসকলে কয়ঃ আল্লাহে ফিৰিস্তাসকলক নিজৰ জীয়াৰী বনাই লৈছে। আল্লাহ সিহঁতৰ এনেকুৱা মিছা অপবাদৰ পৰা পৱিত্ৰ। প্ৰকৃত সত্যটো হৈছে এই যে, ফিৰিস্তাসকল হৈছে আল্লাহৰ বান্দা। আল্লাহৰ ওচৰত তেওঁলোক হৈছে সন্মানিত তথা নৈকট্যপ্ৰাপ্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021026.mp3"},{"index":"27","arabicText":"لَا یَسْبِقُوْنَهٗ بِالْقَوْلِ وَهُمْ بِاَمْرِهٖ یَعْمَلُوْنَ ۟","assameseTranslation":"তেওঁলোকে তেওঁৰ আগধৰি নামাতে; তেওঁলোকে কেৱল তেওঁৰ আদেশ অনুসাৰেই কাম কৰে।","footnotes":"","tafseer":"তেওঁলোকে নিজ প্ৰতিপালকৰ আগধৰি নামাতে। তেওঁৰ অনুমতি নোহোৱাকৈ তেওঁলোকে কোনো কথাই নকয়, তেওঁলোকে তেওঁৰ আদেশ অনুসৰিহে কাম কৰে। তেওঁৰ কোনো আদেশকে উলঙ্ঘা নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021027.mp3"},{"index":"28","arabicText":"یَعْلَمُ مَا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ وَلَا یَشْفَعُوْنَ ۙ اِلَّا لِمَنِ ارْتَضٰی وَهُمْ مِّنْ خَشْیَتِهٖ مُشْفِقُوْنَ ۟","assameseTranslation":"তেওঁলোকৰ সন্মুখত আৰু পিছত যি আছে সেই সকলো তেওঁ জানে। তেওঁলোকে চুপাৰিছ কৰে কেৱল সেইসকল লোকৰ বাবেই যিসকলৰ প্ৰতি আল্লাহ সন্তুষ্ট আৰু তেওঁলোকে তেওঁৰ ভয়ত ভীত সন্ত্ৰস্ত।","footnotes":"","tafseer":"তেওঁলোকৰ আগৰ পিছৰ সকলো কৰ্ম সম্পৰ্কে তেওঁ অৱগত। তেওঁলোকে (কিয়ামতৰ দিনা) সেই ব্যক্তিৰ সপক্ষে মধ্যস্ততা কৰিব, যাৰ বাবে মধ্যস্ততা কৰাৰ অনুমতি আল্লাহে প্ৰদান কৰিব, তথা তেওঁৰ মধ্যস্তাত আল্লাহ সন্তুষ্ট হ'ব। তেওঁলোকে আল্লাহৰ ভয়ত ভীত-সন্ত্ৰস্ত হৈ থাকে। এতেকে তেওঁলোকে তেওঁৰ কোনো আদেশ তথা নিষেধক অমান্য নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021028.mp3"},{"index":"29","arabicText":"وَمَنْ یَّقُلْ مِنْهُمْ اِنِّیْۤ اِلٰهٌ مِّنْ دُوْنِهٖ فَذٰلِكَ نَجْزِیْهِ جَهَنَّمَ ؕ كَذٰلِكَ نَجْزِی الظّٰلِمِیْنَ ۟۠","assameseTranslation":"আৰু তেওঁলোকৰ মাজৰ যিয়ে ক’ব যে, ‘আল্লাহৰ বাহিৰে ময়েই ইলাহ’, তাক আমি জাহান্নামৰ শাস্তি প্ৰদান কৰিম; এইদৰেই আমি যালিমসকলক প্ৰতিদান দিওঁ।","footnotes":"","tafseer":"ধৰি লোৱা যদি কোনো ফিৰিস্তাই দাবী কৰে যে, আল্লাহৰ বাহিৰে নিশ্চয় ময়েই উপাস্য তেন্তে আমি তাক তাৰ এই অসত্য দাবীৰ কাৰণে কিয়ামতৰ দিনা জাহান্নামৰ শাস্তি প্ৰদান কৰিম, য’ত সি চিৰকাল অৱস্থান কৰিব। কুফৰ আৰু শ্বিৰ্কৰ জৰিয়তে অত্যাচাৰ কৰা লোকসকলক আমি এনেকৈয়ে প্ৰতিদান দিওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021029.mp3"},{"index":"30","arabicText":"اَوَلَمْ یَرَ الَّذِیْنَ كَفَرُوْۤا اَنَّ السَّمٰوٰتِ وَالْاَرْضَ كَانَتَا رَتْقًا فَفَتَقْنٰهُمَا ؕ وَجَعَلْنَا مِنَ الْمَآءِ كُلَّ شَیْءٍ حَیٍّ ؕ اَفَلَا یُؤْمِنُوْنَ ۟","assameseTranslation":"যিসকলে কুফৰী কৰে সিহঁতে (ভাবি-চিন্তি) চোৱা নাই নেকি যে, আকাশসমূহ আৰু পৃথিৱী ওতপ্ৰোতভাৱে মিলিত হৈ আছিল, তাৰ পিছত আমি উভয়ক পৃথক কৰি দিছোঁ; লগতে প্ৰত্যেক সজীৱ বস্তুকে আমি পানীৰ পৰা সৃষ্টি কৰিছোঁ; তথাপিও সিহঁতে ঈমান পোষণ নকৰিবনে?","footnotes":"","tafseer":"আল্লাহক অস্বীকাৰকাৰী লোকসকলে নাজানে নেকি যে, আকাশমণ্ডল আৰু পৃথিৱী এটা সময়ত মিলিত আছিল, বৰষুণ পৰিবলৈ উভয়ৰ মাজত কোনো খালী ঠাই নাছিল। ইয়াৰ পিছত আমি উভয়ক পৃথক কৰি দিলোঁ। তথা আকাশৰ পৰা অৱতীৰ্ণ হোৱা বৰষুণৰ পানীৰে সকলো প্ৰকাৰৰ জীৱ-জন্তু আৰু গছ-গছনি উৎপন্ন কৰিলোঁ। সিহঁতে এইবোৰৰ পৰা কিয় শিক্ষা নলয়, তথা এক আল্লাহৰ প্ৰতি ঈমান কিয় পোষণ নকৰে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021030.mp3"},{"index":"31","arabicText":"وَجَعَلْنَا فِی الْاَرْضِ رَوَاسِیَ اَنْ تَمِیْدَ بِهِمْ ۪ وَجَعَلْنَا فِیْهَا فِجَاجًا سُبُلًا لَّعَلَّهُمْ یَهْتَدُوْنَ ۟","assameseTranslation":"আৰু আমি পৃথিৱীত সৃষ্টি কৰিছোঁ সুদৃঢ় পৰ্বত, যাতে পৃথিৱীয়ে সিহঁতক লৈ থৰক-বৰক নকৰে, আৰু তাত আমি তৈয়াৰ কৰিছোঁ প্ৰশস্ত পথ, যাতে সিহঁতে গন্তব্যস্থলত গৈ পায়।","footnotes":"","tafseer":"পৃথিৱীত আমি সুদৃঢ় পৰ্বত স্থাপন কৰিছোঁ, যাতে পৃথিৱীয়ে তাৰ ওপৰত বসবাস কৰা লোকসকলকলৈ কম্পিত নহয়। লগতে পৃথিৱীত বনাই দিছোঁ প্ৰশস্ত পথ, যাতে মানুহে ভ্ৰমণত অতি সহজেই গন্তব্যস্থলত উপনীত হ'ব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021031.mp3"},{"index":"32","arabicText":"وَجَعَلْنَا السَّمَآءَ سَقْفًا مَّحْفُوْظًا ۖۚ وَّهُمْ عَنْ اٰیٰتِهَا مُعْرِضُوْنَ ۟","assameseTranslation":"আৰু আমি আকাশক কৰিছোঁ সুৰক্ষিত চাদ; কিন্তু সিহঁতে আকাশত অৱস্থিত নিদৰ্শনাৱলীৰ পৰা মুখ ঘুৰাই লয়।","footnotes":"","tafseer":"আৰু আমি আকাশখনক খুঁটাবিহীন সুৰক্ষিত চাদ বনাইছোঁ। তথা সুৰক্ষিত কৰিছোঁ চয়তানৰ গোপনে কথাপোকথন শুনাৰ পৰা। মুশ্বৰিকসকলে আকাশত থকা নিদৰ্শনসমূহ (যেনেঃ চন্দ্ৰ, সূৰ্য আদি)ৰ পৰা বিমুখ হৈ আছে, সেইবোৰৰ পৰা শিক্ষা নলয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021032.mp3"},{"index":"33","arabicText":"وَهُوَ الَّذِیْ خَلَقَ الَّیْلَ وَالنَّهَارَ وَالشَّمْسَ وَالْقَمَرَ ؕ كُلٌّ فِیْ فَلَكٍ یَّسْبَحُوْنَ ۟","assameseTranslation":"আৰু আল্লাহেই সৃষ্টি কৰিছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ; প্ৰত্যেকেই নিজ নিজ কক্ষপথত বিচৰণ কৰে।","footnotes":"","tafseer":"একমাত্ৰ আল্লাহেই বিশ্ৰামৰ বাবে ৰাতি সৃষ্টি কৰিছে, আৰু দিন সৃষ্টি কৰিছে জীৱিকা উপাৰ্জনৰ বাবে। সূৰ্যক সৃষ্টি কৰিছে দিনৰ প্ৰতীক হিচাপে, আনহাতে চন্দ্ৰক সৃষ্টি কৰিছে ৰাতিৰ প্ৰতীক হিচাপে। চন্দ্ৰ, সূৰ্য প্ৰত্যেকেই নিজ নিজ কক্ষপথত ঘূৰি আছে। কোনেও নিজ নিজ কক্ষপথৰ পৰা আঁতৰি নাযায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021033.mp3"},{"index":"34","arabicText":"وَمَا جَعَلْنَا لِبَشَرٍ مِّنْ قَبْلِكَ الْخُلْدَ ؕ اَفَاۡىِٕنْ مِّتَّ فَهُمُ الْخٰلِدُوْنَ ۟","assameseTranslation":"আৰু আমি তোমাৰ পূৰ্বেও কোনো মানুহকেই চিৰজীৱী কৰা নাছিলোঁ, গতিকে তুমি যদি মৃত্যুবৰণ কৰা তেন্তে সিহঁতে চিৰজীৱী হৈ থাকিব নেকি?","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ পূৰ্বে আগমন কৰা আমি কোনো ৰাছুলকেই অমৰত্ব দান কৰা নাই। এতেকে যদি আপোনাৰ জীৱনৰ সমাপ্তি ঘটে তথা আপুনি মৃত্যুবৰণ কৰে তেন্তে এইসকল লোকে আপোনাৰ পিছত অমৰত্ব লাভ কৰিব নেকি? নহয়, কদাপিও নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021034.mp3"},{"index":"35","arabicText":"كُلُّ نَفْسٍ ذَآىِٕقَةُ الْمَوْتِ ؕ وَنَبْلُوْكُمْ بِالشَّرِّ وَالْخَیْرِ فِتْنَةً ؕ وَاِلَیْنَا تُرْجَعُوْنَ ۟","assameseTranslation":"প্ৰতিটো জীৱই মৃ্ত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আমি তোমালোকক ভাল আৰু বেয়াৰ দ্বাৰা বিশেষভাৱে পৰীক্ষা কৰি থাকোঁ, আৰু আমাৰ ওচৰতেই তোমালোকে উভতি আহিব লাগিব।","footnotes":"","tafseer":"প্ৰত্যেক মানুহেই, মুমিন হওক অথবা কাফিৰ পৃথিৱীত মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিবই লাগিব। হে মানৱজাতি! পাৰ্থিৱ জীৱনত আমি তোমালোকক চৰীয়ত পালনৰ দায়িত্ব প্ৰদান কৰি তথা নিয়ামত দান কৰি আৰু বিভিন্ন আপদ-বিপদত পেলাই পৰীক্ষা কৰিম। জানি থোৱা! তোমালোকৰ মৃত্যুৰ পিছত মোৰ ফালেই উভতি আহিব লাগিব, তেতিয়া আমি তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিফল দান কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021035.mp3"},{"index":"36","arabicText":"وَاِذَا رَاٰكَ الَّذِیْنَ كَفَرُوْۤا اِنْ یَّتَّخِذُوْنَكَ اِلَّا هُزُوًا ؕ اَهٰذَا الَّذِیْ یَذْكُرُ اٰلِهَتَكُمْ ۚ وَهُمْ بِذِكْرِ الرَّحْمٰنِ هُمْ كٰفِرُوْنَ ۟","assameseTranslation":"আৰু যিসকলে কুফৰী কৰে সিহঁতে যেতিয়া তোমাক দেখে তেতিয়া সিহঁতে কেৱল তোমাক উপহাসৰ পাত্ৰ হিচাপেহে গ্ৰহণ কৰে। সিহঁতে কয়, ‘এওঁৱেই সেইজন নেকি, যিয়ে তোমালোকৰ উপাস্যবোৰক লৈ সমালোচনা কৰে’?, অথচ সিহঁতেই ৰহমানৰ আলোচনাৰ বিৰোধিতা কৰে।","footnotes":"","tafseer":"হে ৰাছুল! এই মুশ্বৰিকসকলে যেতিয়া আপোনাক দেখা পায়, তেতিয়া আপোনাকলৈ উপহাস কৰে, আৰু এই বুলি কৈ সিহঁতৰ অনুসাৰীসকলক আপোনাৰ পৰা আঁতৰাই ৰাখে যে, “এইজনেই সেই ব্যক্তি নেকি যিয়ে তোমালোকৰ উপাস্যবোৰক গালি-শপনি পাৰে, যিবোৰক তোমালোকে উপাসনা কৰা?” সিহঁতে আপোনাৰ লগত ঠাট্টা কৰাৰ লগতে সিহঁতৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনকো অস্বীকাৰ কৰে, তথা আল্লাহৰ নিয়ামতসমূহৰ অকৃতজ্ঞতা কৰে। গতিকে, যিহেতু সিহঁতৰ মাজতেই দোষ-ত্ৰুটিৰে পৰিপূৰ্ণ, সেয়ে সিহঁতেই গৰিহণাৰ যোগ্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021036.mp3"},{"index":"37","arabicText":"خُلِقَ الْاِنْسَانُ مِنْ عَجَلٍ ؕ سَاُورِیْكُمْ اٰیٰتِیْ فَلَا تَسْتَعْجِلُوْنِ ۟","assameseTranslation":"মানুহ সৃষ্টিগতভাৱেই ক্ষীপ্ৰতা-প্ৰৱণ, শীঘ্ৰেই মই তোমালোকক মোৰ নিদৰ্শনাৱলী দেখুৱাম; সেয়ে তোমালোকে খৰধৰ নকৰিবা।","footnotes":"","tafseer":"মানুহ জন্মগতভাৱে খৰধৰ প্ৰৱণতা সম্পন্ন। সিহঁতে সময়ৰ পূৰ্বেই খৰধৰ কৰিবলৈ ধৰে। উদাহৰণস্বৰূপে মুশ্বৰিকসকলে শাস্তিৰ বাবে কৰা খৰধৰ। (মোৰ শাস্তিৰ বাবে খৰধৰ কৰা হে লোকসকল!) যিটো শাস্তিৰ বাবে তোমালোকে খৰধৰ কৰি আছা, সেইটো শীঘ্ৰেই মই তোমালোকক দেখুৱাম। গতিকে সেইটোৰ বাবে তোমালোকে খৰধৰ কৰিব নালাগে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021037.mp3"},{"index":"38","arabicText":"وَیَقُوْلُوْنَ مَتٰی هٰذَا الْوَعْدُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"আৰু সিহঁতে কয়, ‘যদি তোমালোকে সত্যবাদী হোৱা তেন্তে কোৱা এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’?","footnotes":"","tafseer":"পুনৰুত্থানক অস্বীকাৰকাৰী কাফিৰসকলে খৰধৰ কৰি কয়ঃ হে মুছলিমসকল! যদি তোমালোকে এই দাবীত সত্যবাদী যে, আমি পুনৰ জীৱিত হ’বই লাগিব তেন্তে কোৱাচোন! এইটো কেতিয়া সংঘটিত হ’ব?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021038.mp3"},{"index":"39","arabicText":"لَوْ یَعْلَمُ الَّذِیْنَ كَفَرُوْا حِیْنَ لَا یَكُفُّوْنَ عَنْ وُّجُوْهِهِمُ النَّارَ وَلَا عَنْ ظُهُوْرِهِمْ وَلَا هُمْ یُنْصَرُوْنَ ۟","assameseTranslation":"যদি কাফিৰসকলে সেই সময়ৰ কথা জানিলেহেঁতেন, যেতিয়া সিহঁতে সিহঁতৰ মুখমণ্ডল আৰু পিঠিৰ পৰা জুই প্ৰতিৰোধ কৰিব নোৱাৰিব আৰু সিহঁতক সহায়ও কৰা নহ’ব (তেন্তে সিহঁতে সেই শাস্তিক খৰখেদাকৈ নিবিচাৰিলেহেঁতেন)।","footnotes":"","tafseer":"পুনৰুত্থানক অস্বীকাৰ কৰা এই কাফিৰসকলে যদি সেই সময়ৰ অৱস্থা সম্পৰ্কে অৱগত হ'লহেঁতেন, যেতিয়া সিহঁতে নিজৰ মুখমণ্ডল আৰু পিঠিক জুইৰ পৰা ৰক্ষা কৰিব নোৱাৰিব, সেইদিনা সিহঁতৰ কোনো সহায়ক নাথাকিব, যিয়ে সিহঁতৰ পৰা শাস্তি দূৰ কৰিব। যদি সিহঁতে এই বিষয়টোক বিশ্বাস কৰিলেহেঁতেন তেন্তে কেতিয়াও সিহঁতে শাস্তিৰ বাবে খৰধৰ নকৰিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021039.mp3"},{"index":"40","arabicText":"بَلْ تَاْتِیْهِمْ بَغْتَةً فَتَبْهَتُهُمْ فَلَا یَسْتَطِیْعُوْنَ رَدَّهَا وَلَا هُمْ یُنْظَرُوْنَ ۟","assameseTranslation":"বৰং সেয়া সিহঁতৰ ওপৰত আকস্মিকভাৱে আহিব আৰু সিহঁতক হতভম্ব কৰি দিব। ফলত সিহঁতে তাক ৰোধ কৰিবও নোৱাৰিব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।","footnotes":"","tafseer":"এই জুই, যিটোৰ জৰিয়তে সিহঁতক শাস্তি প্ৰদান কৰা হ’ব, এনেকৈ হঠাৎ আগমন কৰিব যে, সিহঁতে উপলব্ধিও কৰিব নোৱাৰিব। সিহঁতে সেই শাস্তিক প্ৰতিৰোধো কৰিব নোৱাৰিব, আৰু ইমানখিনিও সুযোগ নাপাব যে, তাওবা কৰি ল’ব তথা আল্লাহৰ দয়াৰ উপযুক্ত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021040.mp3"},{"index":"41","arabicText":"وَلَقَدِ اسْتُهْزِئَ بِرُسُلٍ مِّنْ قَبْلِكَ فَحَاقَ بِالَّذِیْنَ سَخِرُوْا مِنْهُمْ مَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟۠","assameseTranslation":"নিশ্চয় তোমাৰ পূৰ্বে বহুতো ৰাছুলক উপহাস কৰা হৈছিল। ফলত যিসকলে তেওঁলোকৰ লগত উপহাস কৰিছিল সিহঁতক সিহঁতৰ উপহাসেই পৰিবেষ্টন কৰি লৈছিল।","footnotes":"","tafseer":"হে ৰাছুল! যদি আপোনাৰ সম্প্ৰদায়ে আপোনাক উপহাস কৰি আছে তেন্তে এয়া কোনো নতুন কথা নহয়, আপোনাৰ পূৰ্বেও বহুতো ৰাছুলৰ লগত ঠাট্টা-মস্কৰা কৰা হৈছিল। সেই কাফিৰসকলৰ মাজৰ যিসকলে উপহাস কৰিছিল, সিহঁতক সেই শাস্তিয়েই আগুৰি ধৰিছিল, যি শাস্তিৰ পৰা ৰাছুলে সিহঁতক সতৰ্ক কৰাত সিহঁতে উপহাস কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021041.mp3"},{"index":"42","arabicText":"قُلْ مَنْ یَّكْلَؤُكُمْ بِالَّیْلِ وَالنَّهَارِ مِنَ الرَّحْمٰنِ ؕ بَلْ هُمْ عَنْ ذِكْرِ رَبِّهِمْ مُّعْرِضُوْنَ ۟","assameseTranslation":"কোৱা, ‘ৰাতিতে হওক বা দিনতে হওক ৰহমানৰ (শাস্তিৰ) পৰা কোনে তোমালোকক ৰক্ষা কৰিব’? তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয়।","footnotes":"","tafseer":"হে ৰাছুল! খৰখেদাকৈ যিসকলে শাস্তি বিচাৰি আছে সিহঁতক আপুনি কৈ দিয়কঃ ৰহমানে যদি তোমালোকক শাস্তি অৱতীৰ্ণ কৰি ধ্বংস কৰিব বিচাৰে তেন্তে কোৱাচোন, ৰাতি অথবা দিনৰ ভাগতেই হওক তোমালোকক কোনে সুৰক্ষা প্ৰদান কৰিব? বৰং সিহঁত নিজ প্ৰতিপালকৰ উপদেশ আৰু প্ৰমাণৰ পৰা বিমুখ হৈ আছে। নিজৰ মুৰ্খতা আৰু নিৰ্বোধতাৰ কাৰণে এই সম্পৰ্কে অকণো চিন্তা-চৰ্চা নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021042.mp3"},{"index":"43","arabicText":"اَمْ لَهُمْ اٰلِهَةٌ تَمْنَعُهُمْ مِّنْ دُوْنِنَا ؕ لَا یَسْتَطِیْعُوْنَ نَصْرَ اَنْفُسِهِمْ وَلَا هُمْ مِّنَّا یُصْحَبُوْنَ ۟","assameseTranslation":"তেন্তে আমাৰ বাহিৰে সিহঁতৰ এনেকুৱাও কিছুমান ইলাহ আছে নেকি যিবোৰে সিহঁতক ৰক্ষা কৰিব পাৰিব? সিহঁতে দেখোন নিজকেই সহায় কৰিব নোৱাৰে আৰু আমাৰ (শাস্তিৰ) পৰা ৰক্ষা পাবলৈও সিহঁতে কোনো আশ্ৰয়দানকাৰী নাপাব।","footnotes":"","tafseer":"সিহঁতৰ এনেকুৱা কিছুমান উপাস্য আছে নেকি, যিবোৰে সিহঁতক মোৰ শাস্তিৰ পৰা ৰক্ষা কৰিব? সেইবোৰে দেখোন নিজকেই ক্ষতিৰ পৰা ৰক্ষা কৰিব নোৱাৰে, তথা কোনো উপকাৰ সাধন কৰিব নোৱাৰে। গতিকে যিয়ে নিজৰ বাবে কল্যাণ কঢ়িয়াই আনিব নোৱাৰে, সি কেনেকৈ আনক সহায় কৰিব? (জানি থোৱা) সিহঁতক কোনেও আমাৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021043.mp3"},{"index":"44","arabicText":"بَلْ مَتَّعْنَا هٰۤؤُلَآءِ وَاٰبَآءَهُمْ حَتّٰی طَالَ عَلَیْهِمُ الْعُمُرُ ؕ اَفَلَا یَرَوْنَ اَنَّا نَاْتِی الْاَرْضَ نَنْقُصُهَا مِنْ اَطْرَافِهَا ؕ اَفَهُمُ الْغٰلِبُوْنَ ۟","assameseTranslation":"বৰং আমিয়েই সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ-সম্ভাৰ দান কৰিছিলোঁ, লগতে সিহঁতৰ আয়ু কালও আছিল দীঘলীয়া। সিহঁতে দেখা নাইনে যে, আমি সিহঁতৰ ভূমিক চাৰিওফালৰ পৰা সংকুচিত কৰি আনি আছোঁ। তথাপিও সিহঁতেই বিজয়ী হ’বনে?","footnotes":"","tafseer":"বৰং আমি এইসকল কাফিৰ আৰু ইহঁতৰ পিতৃপুৰুষসকলক অৱকাশ প্ৰদান কৰি পাৰ্থিৱ জীৱনত নিয়ামত উপভোগ কৰিবলৈ সুযোগ প্ৰদান কৰিছিলোঁ, সময়টো অলপ দীঘলীয়া আছিল কাৰণে সিহঁতে প্ৰতাৰণাত পতিত হৈছিল আৰু কুফৰীত অটল আছিল। আমাৰ নিয়ামতসমূহৰ দ্বাৰা প্ৰবঞ্চিত হোৱা আৰু আমাৰ শাস্তি শীঘ্ৰে কামনা কৰা কাফিৰসকলে দেখা নাপায় নেকি যে, আমি পৃথিৱীৰ অধিবাসীসকলক পৰাজিত কৰি পৃথিৱীক কেউফালৰ পৰা সংকুচিত কৰি আনি আছোঁ। যাতে সিহঁতে শিক্ষা লাভ কৰে যে, সেই অৱস্থা যাতে সিহঁতৰো নহয় যিটো আনৰ হৈছে? এতেকে ইহঁত বিজয়ী নহয়, বৰং ইহঁত হৈছে পৰাজিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021044.mp3"},{"index":"45","arabicText":"قُلْ اِنَّمَاۤ اُنْذِرُكُمْ بِالْوَحْیِ ۖؗ وَلَا یَسْمَعُ الصُّمُّ الدُّعَآءَ اِذَا مَا یُنْذَرُوْنَ ۟","assameseTranslation":"কোৱা, ‘মই কেৱল অহীৰ দ্বাৰাহে তোমালোকক সতৰ্ক কৰোঁ’; কিন্তু যিসকল বধিৰ সিহঁতক যেতিয়া সতৰ্ক কৰা হয় তেতিয়া সিহঁতে সেই আহ্বান নুশুনে।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কওক, হে মানৱজাতি! মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সেই অহীৰ দ্বাৰা সতৰ্ক কৰোঁ, যি অহী মোৰ প্ৰতিপালকে মোৰ প্ৰতি প্ৰেৰণ কৰে। কিন্তু যিসকলে সত্য শুনাৰ যোগ্যতাৰ পৰা বঞ্চিত হৈছে, সেইসকল লোকক যেতিয়া সত্যৰ পৰা সতৰ্ক কৰা হয়, তেতিয়া সিহঁতে আমল কৰাৰ মানসিকতাৰে নুশুনে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021045.mp3"},{"index":"46","arabicText":"وَلَىِٕنْ مَّسَّتْهُمْ نَفْحَةٌ مِّنْ عَذَابِ رَبِّكَ لَیَقُوْلُنَّ یٰوَیْلَنَاۤ اِنَّا كُنَّا ظٰلِمِیْنَ ۟","assameseTranslation":"আৰু তোমাৰ প্ৰতিপালকৰ শাস্তিৰ অকণমানো যদি সিহঁতক স্পৰ্শ কৰে তেন্তে নিশ্চয় সিহঁতে কৈ উঠিব, ‘হায়! দুৰ্ভাগ্য আমাৰ, নিশ্চয় আমি যালিম আছিলোঁ!","footnotes":"","tafseer":"হে ৰাছুল! শাস্তিৰ বাবে খৰধৰ কৰা এই লোকসকলক যদি আপোনাৰ প্ৰতিপালকৰ শাস্তিৰ অলপো অংশই স্পৰ্শ কৰে তেন্তে সিহঁতে নিশ্চয় ক'বঃ হায় আমাৰ ধ্বংস আৰু বিনাশ! আল্লাহৰ লগত শ্বিৰ্ক কৰি আৰু নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তক অস্বীকাৰ কৰি নিশ্চয় আমি অন্যায় কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021046.mp3"},{"index":"47","arabicText":"وَنَضَعُ الْمَوَازِیْنَ الْقِسْطَ لِیَوْمِ الْقِیٰمَةِ فَلَا تُظْلَمُ نَفْسٌ شَیْـًٔا ؕ وَاِنْ كَانَ مِثْقَالَ حَبَّةٍ مِّنْ خَرْدَلٍ اَتَیْنَا بِهَا ؕ وَكَفٰی بِنَا حٰسِبِیْنَ ۟","assameseTranslation":"আৰু কিয়ামতৰ দিনা আমি ন্যায়বিচাৰৰ তুলাচনী স্থাপন কৰিম, সেয়ে কাৰো প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব আৰু আমল যদি সৰিয়হ দানা পৰিমাণ ওজনৰো হয় তথাপিও আমি সেয়া উপস্থিত কৰিম; আৰু হিচাপ গ্ৰহণকাৰীৰূপে আমিয়েই যথেষ্ট।","footnotes":"","tafseer":"আমি কিয়ামতৰ দিনা মানুহৰ আমল ওজন কৰিবলৈ সঠিক তুলাচনী প্ৰতিষ্ঠা কৰিম। সেইদিনা কাৰোবাৰ ছোৱাব হ্ৰাস কৰি অথবা গুনাহ বৃদ্ধি কৰি কাৰো প্ৰতি অন্যায় কৰা নহ'ব। অণু পৰিমাণ কৰ্মকো সেইদিনা আমি উপস্থাপন কৰিম। বান্দাৰ আমল হিচাপ কৰিবলৈ আমিয়ে যথেষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021047.mp3"},{"index":"48","arabicText":"وَلَقَدْ اٰتَیْنَا مُوْسٰی وَهٰرُوْنَ الْفُرْقَانَ وَضِیَآءً وَّذِكْرًا لِّلْمُتَّقِیْنَ ۟ۙ","assameseTranslation":"নিশ্চয় আমি মুছা আৰু হাৰূনক দান কৰিছিলোঁ ফুৰক্বান (সত্য-অসত্য পাৰ্থক্য কৰিব পৰা গ্ৰন্থ), যিখন আছিল মুত্তাক্বীসকলৰ বাবে জ্যোতি আৰু উপদেশ--","footnotes":"","tafseer":"নিশ্চয় আমি মূছা আৰু হাৰূন আলাইহিমাচ্ছালামক তাওৰাত প্ৰদান কৰিছিলোঁ। যিখন আছিল সত্য আৰু অসত্যৰ মাজত তথা হালাল আৰু হাৰামৰ মাজত পাৰ্থক্যকাৰী গ্ৰন্থ। সেইখন আছিল মুমিনসকলৰ বাবে হিদায়ত আৰু মুত্ত্বাক্বীসকলৰ বাবে উপদেশমূলক গ্ৰন্থ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021048.mp3"},{"index":"49","arabicText":"الَّذِیْنَ یَخْشَوْنَ رَبَّهُمْ بِالْغَیْبِ وَهُمْ مِّنَ السَّاعَةِ مُشْفِقُوْنَ ۟","assameseTranslation":"যিসকলে নেদেখাকৈয়ে তেওঁলোকৰ প্ৰতিপালকক ভয় কৰে আৰু তেওঁলোকে কিয়ামত সম্পৰ্কে ভীত-সন্ত্ৰস্ত।","footnotes":"","tafseer":"যিসকলে নিজ প্ৰতিপালকৰ সেই শাস্তিক ভয় কৰে, যিটোক তেওঁলোকে স্বচক্ষে দেখা পোৱা নাই কিন্তু বিশ্বাস কৰে। লগতে তেওঁলোকে কিয়ামতক ভয় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021049.mp3"},{"index":"50","arabicText":"وَهٰذَا ذِكْرٌ مُّبٰرَكٌ اَنْزَلْنٰهُ ؕ اَفَاَنْتُمْ لَهٗ مُنْكِرُوْنَ ۟۠","assameseTranslation":"আৰু এইখন হৈছে বৰকতময় উপদেশ, যিখন আমি অৱতীৰ্ণ কৰিছোঁ। তথাপিও তোমালোকে ইয়াক অস্বীকাৰ কৰিবানে?","footnotes":"","tafseer":"মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ এই কোৰআন, সেইসকল লোকৰ বাবে উপদেশ আৰু নচিহত, যিসকলে উপদেশ গ্ৰহণ কৰিব বিচাৰে, এইখন হৈছে মহা লাভদায়ক তথা বৰকতম গ্ৰন্থ। ইয়াৰ পিছতো তোমালোকে ইয়াক অস্বীকাৰ কৰিবানে? ইয়াৰ মাজত থকা শিক্ষাক স্বীকাৰ নকৰিবানে আৰু তাৰ প্ৰতি আমল নকৰিবানে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021050.mp3"},{"index":"51","arabicText":"وَلَقَدْ اٰتَیْنَاۤ اِبْرٰهِیْمَ رُشْدَهٗ مِنْ قَبْلُ وَكُنَّا بِهٖ عٰلِمِیْنَ ۟ۚ","assameseTranslation":"আৰু আমি ইয়াৰ আগত ইব্ৰাহীমক শুভবুদ্ধি আৰু সঠিক জ্ঞান দান কৰিছিলোঁ আৰু আমি তেওঁৰ বিষয়ে আছিলোঁ সম্যক পৰিজ্ঞাত।","footnotes":"","tafseer":"নিশ্চয় আমি ইব্ৰাহীমক শৈশৱ কালতে তেওঁৰ জাতিৰ বিৰুদ্ধে প্ৰমাণ প্ৰদান কৰিছিলোঁ, আমি তেওঁৰ বিষয়ে ভালদৰেই অৱগত আছিলোঁ। সেয়ে আমি তেওঁক তেওঁৰ জাতিৰ বিৰুদ্ধে সেইবোৰ প্ৰমাণ প্ৰদান কৰিছিলোঁ, যিবোৰৰ তেওঁ উপযুক্ত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021051.mp3"},{"index":"52","arabicText":"اِذْ قَالَ لِاَبِیْهِ وَقَوْمِهٖ مَا هٰذِهِ التَّمَاثِیْلُ الَّتِیْۤ اَنْتُمْ لَهَا عٰكِفُوْنَ ۟","assameseTranslation":"যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক ক’লে, ‘এই মূৰ্তিবোৰ কি? যিবোৰৰ পূজাত তোমালোকে আসক্ত হৈছা!’","footnotes":"","tafseer":"যেতিয়া তেওঁ নিজৰ পিতৃ আঝাৰ আৰু তেওঁৰ সম্প্ৰদায়ক ক'লেঃ এই মূৰ্তিবোৰ আচলতে কি, যিবোৰক তোমালোকে নিজ হাতে নিৰ্মাণ কৰি সেইবোৰৰ ইবাদত কৰি আছা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021052.mp3"},{"index":"53","arabicText":"قَالُوْا وَجَدْنَاۤ اٰبَآءَنَا لَهَا عٰبِدِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘আমি আমাৰ পিতৃ-পুৰুষসকলক এইবোৰৰ ইবাদত কৰা দেখিছোঁ’।","footnotes":"","tafseer":"তেওঁৰ সম্প্ৰদায়ে তেওঁক ক'লেঃ আমি আমাৰ পিতৃ-পুৰুষসকলক এইবোৰৰ ইবাদত কৰা দেখা পাইছোঁ। সেয়ে তেওঁলোকৰ অনুসৰণ কৰি আমি এইবোৰক উপাসনা কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021053.mp3"},{"index":"54","arabicText":"قَالَ لَقَدْ كُنْتُمْ اَنْتُمْ وَاٰبَآؤُكُمْ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟","assameseTranslation":"তেওঁ ক’লে, ‘নিশ্চয় তোমালোক আৰু তোমালোকৰ পিতৃ-পুৰুষসকল স্পষ্ট বিভ্ৰান্তিত আছা’।","footnotes":"","tafseer":"ইব্ৰাহীম আলাইহিচ্ছালামে সিহঁতক ক'লেঃ হে অন্ধানুসাৰীসকল! তোমালোক আৰু তোমালোকৰ পিতৃ-পুৰুষসকলে সত্যৰ পথৰ পৰা আঁতৰি প্ৰকাশ্য বিভ্ৰান্তিত পতিত হৈছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021054.mp3"},{"index":"55","arabicText":"قَالُوْۤا اَجِئْتَنَا بِالْحَقِّ اَمْ اَنْتَ مِنَ اللّٰعِبِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰলৈ সত্য আনিছা, নে আমাৰ লগত ধেমালি কৰি আছা?","footnotes":"","tafseer":"তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ তুমি কোৱা কথাষাৰ সঁচাই সত্যনে? নে তুমি আমাৰ লগত ঠাট্টা কৰি আছা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021055.mp3"},{"index":"56","arabicText":"قَالَ بَلْ رَّبُّكُمْ رَبُّ السَّمٰوٰتِ وَالْاَرْضِ الَّذِیْ فَطَرَهُنَّ ۖؗ وَاَنَا عَلٰی ذٰلِكُمْ مِّنَ الشّٰهِدِیْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘বৰং তোমালোকৰ প্ৰতিপালক হৈছে সেইজন, যিজনে আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক, যিয়ে এইবোৰক সৃষ্টি কৰিছে, আৰু এই বিষয়ত মই অন্যতম সাক্ষী’।","footnotes":"","tafseer":"ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ এয়া ঠাট্টা নহয়, বৰং প্ৰকৃত সত্য। আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালকেই হৈছে তোমালোকৰ প্ৰকৃত প্ৰতিপালক। তেৱেঁই এইবোৰক পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে। নিশ্চিতভাৱে মই এই কথাৰ সাক্ষ্য দিওঁ যে, আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালকেই হৈছে তোমালোকৰ প্ৰকৃত প্ৰতিপালক। এই ক্ষেত্ৰত তোমালোকৰ মূৰ্তিবোৰৰ কোনো হস্তক্ষেপ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021056.mp3"},{"index":"57","arabicText":"وَتَاللّٰهِ لَاَكِیْدَنَّ اَصْنَامَكُمْ بَعْدَ اَنْ تُوَلُّوْا مُدْبِرِیْنَ ۟","assameseTranslation":"‘আল্লাহৰ শপত! তোমালোকে গুচি যোৱাৰ পিছত মই নিশ্চয় তোমালোকৰ মূৰ্তিবোৰৰ বিষয়ে কৌশল অৱলম্বন কৰিম’।","footnotes":"","tafseer":"ইব্ৰাহীমে তেওঁৰ সম্প্ৰদায়ে নুশুনাকৈ লাহে লাহে ক'লেঃ তোমালোকে উৎসৱত গুচি যোৱাৰ পিছত নিশ্চয় মই তোমালোকৰ মূৰ্তিবোৰৰ বিষয়ে এটা কৌশল অৱলম্বন কৰিম। যিটো তোমালোকৰ বাবে হ'ব অপ্ৰিয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021057.mp3"},{"index":"58","arabicText":"فَجَعَلَهُمْ جُذٰذًا اِلَّا كَبِیْرًا لَّهُمْ لَعَلَّهُمْ اِلَیْهِ یَرْجِعُوْنَ ۟","assameseTranslation":"তাৰ পিছত তেওঁ মূৰ্তিবোৰ চূৰ্ণ-বিচূৰ্ণ কৰি দিলে কেৱল ডাঙৰ মূৰ্তিটোৰ বাহিৰে; যাতে সিহঁতে তাৰ ওচৰলৈ উভতি যায়।","footnotes":"","tafseer":"ইব্ৰাহীম আলাইহিচ্ছালামে সিহঁতৰ মূৰ্তিবোৰক ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰি পেলালে। কিন্তু আটাইতকৈ ডাঙৰ মূৰ্তিটোক একো নকৰিলে, যাতে মানুহে সেই মূৰ্তিটোক সোধ-পোচ কৰিব পাৰে যে, কোনে এইবোৰক চূৰ্ণ-বিচূৰ্ণ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021058.mp3"},{"index":"59","arabicText":"قَالُوْا مَنْ فَعَلَ هٰذَا بِاٰلِهَتِنَاۤ اِنَّهٗ لَمِنَ الظّٰلِمِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘আমাৰ উপাস্যবোৰৰ সৈতে কোনে এই কাম কৰিছে? নিশ্চয় সি হৈছে অন্যতম যালিম’।","footnotes":"","tafseer":"যেতিয়া সিহঁত উভতি আহিল, আৰু দেখা পালে যে, সিহঁতৰ মূৰ্তিবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ আছে, তেতিয়া সিহঁতে ইজনে সিজনক সুধিলেঃ আমাৰ উপাস্যবোৰৰ কোনে এনেকুৱা অৱস্থা কৰিছে? যিয়ে এনেকুৱা কৰিছে, নিশ্চয় সি হৈছে এজন যালিম ব্যক্তি। কিয়নো সি সন্মানৰ পাত্ৰক অপমান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021059.mp3"},{"index":"60","arabicText":"قَالُوْا سَمِعْنَا فَتًی یَّذْكُرُهُمْ یُقَالُ لَهٗۤ اِبْرٰهِیْمُ ۟ؕ","assameseTranslation":"কিছুমানে ক’লে, ‘আমি এজন যুৱকক এইবোৰৰ সমালোচনা কৰোঁতে শুনিছোঁ; যাক ইব্ৰাহীম বুলি কোৱা হয়’।","footnotes":"","tafseer":"সিহঁতৰ মাজৰ কোনোবাই ক'লেঃ মই এজন যুৱকক -যাক ইব্ৰাহীম বুলি কোৱা হয়- এই উপাস্যবোৰৰ বিষয়ে বেয়া মন্তব্য কৰা শুনিছোঁ। জানোচা সিয়েই এইবোৰ চূৰ্ণ-বিচূৰ্ণ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021060.mp3"},{"index":"61","arabicText":"قَالُوْا فَاْتُوْا بِهٖ عَلٰۤی اَعْیُنِ النَّاسِ لَعَلَّهُمْ یَشْهَدُوْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘তেনেহ’লে তাক জনসন্মুখত উপস্থিত কৰাঁ, যাতে সিহঁতে সাক্ষ্য হয়’।","footnotes":"","tafseer":"সিহঁতৰ প্ৰতিনিধিসকলে ক'লেঃ ইব্ৰাহীমক জনসন্মুখত উপস্থিত কৰা হওক, যাতে সকলোৱে তাক অপৰাধ স্বীকাৰ কৰা দেখা পায়, তাৰ সেই স্বীকৃতি যাতে তোমালোকৰ বাবে তাৰ বিৰুদ্ধে প্ৰমাণ সাব্যস্ত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021061.mp3"},{"index":"62","arabicText":"قَالُوْۤا ءَاَنْتَ فَعَلْتَ هٰذَا بِاٰلِهَتِنَا یٰۤاِبْرٰهِیْمُ ۟ؕ","assameseTranslation":"সিহঁতে ক’লে, ‘হে ইব্ৰাহীম! আমাৰ উপাস্যবোৰৰ সৈতে তুমিয়েই এই কাম কৰিছা নেকি’?","footnotes":"","tafseer":"এতেকে সিহঁতে ইব্ৰাহীম আলাইহিচ্ছালামক উপস্থিত কৰালে, আৰু তেওঁক সুধিলেঃ হে ইব্ৰাহীম! আমাৰ উপাস্যবোৰৰ সৈতে এই জঘন্য আচৰণ তুমিয়ে কৰিছা নেকি?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021062.mp3"},{"index":"63","arabicText":"قَالَ بَلْ فَعَلَهٗ ۖۗ كَبِیْرُهُمْ هٰذَا فَسْـَٔلُوْهُمْ اِنْ كَانُوْا یَنْطِقُوْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘বৰং ইহঁতৰ এই প্ৰধানজনেই কিজানি এই কাম কৰিছে, এতেকে এইবোৰক সুধি চোৱা, যদি এইবোৰে কথা ক’ব পাৰে’।","footnotes":"","tafseer":"ইব্ৰাহীম আলাইহিচ্ছালামে (সিহঁতক পৰিহাস কৰি আৰু মানুহৰ সন্মুখত সিহঁতৰ মূৰ্তিবোৰৰ অপাৰগতা প্ৰকাশ কৰি) ক'লেঃ এই আচৰণ মই কৰা নাই, বৰং এই কাম সেই ডাঙৰ মূৰ্তিটোৱেহে কৰিছে। যদি তোমালোকৰ মূৰ্তিবোৰে কথা ক’ব পাৰে তেন্তে সেইবোৰক সুধি লোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021063.mp3"},{"index":"64","arabicText":"فَرَجَعُوْۤا اِلٰۤی اَنْفُسِهِمْ فَقَالُوْۤا اِنَّكُمْ اَنْتُمُ الظّٰلِمُوْنَ ۟ۙ","assameseTranslation":"তেতিয়া সিহঁতে নিজেই পুনৰ বিবেচনা কৰি দেখিলে আৰু ইজনে সিজনক ক’লে, ‘নিশ্চয় তোমালোকেই আচল অন্যায়কাৰী’।","footnotes":"","tafseer":"সিহঁতে মনে মনে ভাবিবলৈ বাধ্য হ'ল যে, সিহঁতৰ মূৰ্তিবোৰৰ সঁচাই কোনো উপকাৰ বা অপকাৰ কৰাৰ সাধ্য নাই। গতিকে এইবোৰৰ উপাসনা কৰি সিহঁতে এক প্ৰকাৰ অন্যায়হে কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021064.mp3"},{"index":"65","arabicText":"ثُمَّ نُكِسُوْا عَلٰی رُءُوْسِهِمْ ۚ لَقَدْ عَلِمْتَ مَا هٰۤؤُلَآءِ یَنْطِقُوْنَ ۟","assameseTranslation":"তাৰ পিছত সিহঁতৰ শিৰ নত হ’ল আৰু ক’লে, ‘তুমি দেখোন জানাই যে, এইবোৰে কথা ক'ব নোৱাৰে’।","footnotes":"","tafseer":"কিন্তু ইয়াৰ পিছত সিহঁতে আকৌ আকোঁৰগোজ আৰু স্বৈৰাচাৰী স্বভাৱবলৈ উভতি আহিল আৰু ক’লেঃ হে ইব্ৰাহীম! তুমি ভালদৰেই জানা যে, এই মূৰ্তিবোৰৰ বাকশক্তি নাই। তথাপিও তুমি আমাক সেইবোৰক সোধ-পোচ কৰিবলৈ কিয় কোৱা? এই কথাষাৰক যদিও সিহঁতে নিজৰ সপক্ষে দলিল হিচাপে উপস্থাপন কৰিছিল, কিন্তু সেইটো সিহঁতৰ বিৰুদ্ধেহে দলিল সাব্যস্ত হ’ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021065.mp3"},{"index":"66","arabicText":"قَالَ اَفَتَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ مَا لَا یَنْفَعُكُمْ شَیْـًٔا وَّلَا یَضُرُّكُمْ ۟ؕ","assameseTranslation":"তেওঁ ক’লে, ‘তেনেহ’লে তোমালোকে আল্লাহৰ পৰিবৰ্তে এনেকুৱা বস্তুৰ ইবাদত কৰা নেকি যিয়ে তোমালোকৰ কোনো উপকাৰও কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে?","footnotes":"","tafseer":"ইব্ৰাহীম আলাইহিচ্ছালামে সিহঁতৰ যুক্তিক খণ্ডন কৰি ক'লেঃ তোমালোকে আল্লাহক এৰি এনেকুৱা মূৰ্তিবোৰৰ উপাসনা কৰা নেকি, যিবোৰে তোমালোকৰ উপকাৰো কৰিব নোৱাৰে তথা অপকাৰো কৰিব নোৱাৰে। আনকি সেইবোৰে নিজকো ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ অপাৰগ, তথা নিজৰো কোনো উপকাৰ সাধন কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021066.mp3"},{"index":"67","arabicText":"اُفٍّ لَّكُمْ وَلِمَا تَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ ؕ اَفَلَا تَعْقِلُوْنَ ۟","assameseTranslation":"‘ধিক তোমালোকৰ প্ৰতি আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰৰ প্ৰতি! তথাপিও তোমালোকে নুবুজানে’?","footnotes":"","tafseer":"ধিক্, তোমালোকৰ প্ৰতি, তথা সেই মূৰ্তিবোৰৰ প্ৰতি যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে। তেন্তে সেইবোৰৰ উপাসনা পৰিত্যাগ কৰিব নোৱাৰানে, তোমালোকে এইখিনিও বুজি নোপোৱা নেকি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021067.mp3"},{"index":"68","arabicText":"قَالُوْا حَرِّقُوْهُ وَانْصُرُوْۤا اٰلِهَتَكُمْ اِنْ كُنْتُمْ فٰعِلِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘যদি তোমালোকে কিবা কৰিব বিচৰা তেন্তে ইয়াক জ্বলাই দিয়া আৰু তোমালোকৰ উপাস্যবোৰক সহায় কৰা’।","footnotes":"","tafseer":"যেতিয়া সিহঁতে প্ৰমাণৰ জৰিয়তে তেওঁৰ মোকাবিলা কৰিব নোৱাৰিলে, তেতিয়া সিহঁতে শক্তি প্ৰদৰ্শন কৰিবলৈ ল'লে আৰু ক'লেঃ যদি তোমালোকে ইব্ৰাহীমক মূৰ্তি চূৰ্ণ-বিচূৰ্ণ কৰাৰ বাবে যথোচিত শাস্তি দিব বিচৰা তেন্তে তাক জুইত নিক্ষেপ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021068.mp3"},{"index":"69","arabicText":"قُلْنَا یٰنَارُ كُوْنِیْ بَرْدًا وَّسَلٰمًا عَلٰۤی اِبْرٰهِیْمَ ۟ۙ","assameseTranslation":"আমি ক’লোঁ, ‘হে জুই! তুমি ইব্ৰাহীমৰ বাবে শীতল আৰু নিৰাপদ হৈ যোৱা’।","footnotes":"","tafseer":"ফলত সিহঁতে জুই উত্তপ্ত কৰিলে আৰু ইব্ৰাহীম আলাইহিচ্ছালামক তাত নিক্ষেপ কৰিলে, তেতিয়া আমি (জুইক নিৰ্দেশ দিলোঁ), “হে অগ্নি! ইব্ৰাহীমৰ বাবে তুমি শীতল তথা শান্ত হৈ যোৱা।” ফলত তেনেকুৱাই হ’ল। তেওঁক অগ্নিত নিক্ষেপ কৰাৰ পিছতো তেওঁৰ একো ক্ষতি নহ’ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021069.mp3"},{"index":"70","arabicText":"وَاَرَادُوْا بِهٖ كَیْدًا فَجَعَلْنٰهُمُ الْاَخْسَرِیْنَ ۟ۚ","assameseTranslation":"সিহঁতে তেওঁক ক্ষতি সাধন কৰিবলৈ চক্ৰান্ত কৰিছিল। কিন্তু আমি সিহঁতকেই বেছি ক্ষতিগ্ৰস্ত কৰি দিলোঁ।","footnotes":"","tafseer":"ইব্ৰাহীম আলাইহিচ্ছালামৰ সম্প্ৰদায়ে তেওঁক অগ্নিত নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল, কিন্তু আমি সেই ষড়যন্ত্ৰক সফল হ’বলৈ দিয়া নাছিলোঁ। পক্ষান্তৰে সিহঁতকেই বিনাশ তথা পৰাজিত কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021070.mp3"},{"index":"71","arabicText":"وَنَجَّیْنٰهُ وَلُوْطًا اِلَی الْاَرْضِ الَّتِیْ بٰرَكْنَا فِیْهَا لِلْعٰلَمِیْنَ ۟","assameseTranslation":"আমি তেওঁক আৰু লূতক উদ্ধাৰ কৰি সেই (শ্বাম বা চিৰিয়া) দেশত লৈ গ’লোঁ, য’ত বিশ্বাবাসীৰ বাবে আমি কল্যাণ ৰাখিছোঁ।","footnotes":"","tafseer":"আমি তেওঁক আৰু লূতক ৰক্ষা কৰিছিলোঁ, আৰু দুয়োকে সুকলমে শ্বামত (ছিৰিয়া) লৈ গৈছিলোঁ, য’ত আমি বৰকত সিঁচৰিত কৰি ৰাখিছোঁ। কিয়নো তাত আমি নবী প্ৰেৰণ কৰিছিলোঁ আৰু সৃষ্টিজগতৰ বাবে কল্যাণ ৰাখিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021071.mp3"},{"index":"72","arabicText":"وَوَهَبْنَا لَهٗۤ اِسْحٰقَ ؕ وَیَعْقُوْبَ نَافِلَةً ؕ وَكُلًّا جَعَلْنَا صٰلِحِیْنَ ۟","assameseTranslation":"আমি তেওঁক (ইব্ৰাহীমক) দান কৰিছিলোঁ ইছহাক্ব, লগতে অতিৰিক্ত পুৰস্কাৰস্বৰূপে দান কৰিছিলোঁ ইয়াকূব; আৰু প্ৰত্যেককে আমি সৎকৰ্মপৰায়ণ বনাইছিলোঁ।","footnotes":"","tafseer":"যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত পুত্ৰ সন্তানৰ বাবে প্ৰাৰ্থনা কৰিছিল। তেতিয়া আমি তেওঁক ইছহাক প্ৰদান কৰিছিলোঁ আৰু অতিৰিক্তভাৱে দান কৰিছিলোঁ ইয়াকূবক। ইব্ৰাহীম, তেওঁৰ পুত্ৰ ইছহাক তথা নাতিয়েক ইয়াকূব, প্ৰত্যেককে আমি পুণ্যৱান আৰু আল্লাহৰ আনুগত্যকাৰী বনাইছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021072.mp3"},{"index":"73","arabicText":"وَجَعَلْنٰهُمْ اَىِٕمَّةً یَّهْدُوْنَ بِاَمْرِنَا وَاَوْحَیْنَاۤ اِلَیْهِمْ فِعْلَ الْخَیْرٰتِ وَاِقَامَ الصَّلٰوةِ وَاِیْتَآءَ الزَّكٰوةِ ۚ وَكَانُوْا لَنَا عٰبِدِیْنَ ۟ۚۙ","assameseTranslation":"আৰু আমি তেওঁলোকক নেতৃত্ব দান কৰিছিলোঁ, তেওঁলোকে আমাৰ নিৰ্দেশ অনুসাৰে মানুহক সঠিক পথ দেখুৱাইছিল; আৰু আমি তেওঁলোকক সৎকৰ্ম কৰিবলৈ, ছালাত কায়েম কৰিবলৈ আৰু যাকাত প্ৰদান কৰিবলৈ অহী প্ৰেৰণ কৰিছিলোঁ; আৰু তেওঁলোক আমাৰেই ইবাদতকাৰী আছিল।","footnotes":"","tafseer":"আমি তেওঁলোকক প্ৰতিনিধি বনাইছিলোঁ, তেওঁলোকৰ পৰা মানুহে কল্যাণ সম্পৰ্কে অৱগত হৈছিল। তেওঁলোকে আল্লাহৰ অনুমতিত মানুহক এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰিছিল। আমি তেওঁলোকক অহীৰ মাধ্যমত জনাইছিলোঁ যে, সৎকৰ্ম কৰা, পৰিপূৰ্ণৰূপে চালাত আদায় কৰা আৰু যাকাত প্ৰদান কৰা। তেওঁলোক আছিল আমাৰ আনুগত্যকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021073.mp3"},{"index":"74","arabicText":"وَلُوْطًا اٰتَیْنٰهُ حُكْمًا وَّعِلْمًا وَّنَجَّیْنٰهُ مِنَ الْقَرْیَةِ الَّتِیْ كَانَتْ تَّعْمَلُ الْخَبٰٓىِٕثَ ؕ اِنَّهُمْ كَانُوْا قَوْمَ سَوْءٍ فٰسِقِیْنَ ۟ۙ","assameseTranslation":"আৰু লূতক আমি দান কৰিছিলোঁ প্ৰজ্ঞা আৰু জ্ঞান, আৰু তেওঁক আমি উদ্ধাৰ কৰিছিলোঁ এনেকুৱা এটা জনপদৰ পৰা যাৰ অধিবাসীবিলাক লিপ্ত আছিল অশ্লীল কামত; নিশ্চয় সিহঁত আছিল এটা বেয়া ফাছিক্ব সম্প্ৰদায়।","footnotes":"","tafseer":"লূত আলাইহিচ্ছালামক আমি দ্বন্দকাৰী ব্যক্তিসকলৰ মাজত মীমাংসা কৰাৰ শক্তি প্ৰদান কৰিছিলোঁ। আৰু তেওঁক দ্বীনৰ জ্ঞান প্ৰদান কৰিছিলোঁ। লগতে তেওঁৰ জনবসতি (ছুদুম)ৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তিৰ পৰা তেওঁক ৰক্ষা কৰিছিলোঁ। যি জনবসতিৰ অধিবাসীসকলে প্ৰকাশ্য অশ্লীলতাত লিপ্ত আছিল। নিশ্চয় সিহঁত আছিল বিপৰ্যয় সৃষ্টিকাৰী লোক, যিসকলে নিজ প্ৰতিপালকৰ আনুগত্যৰ পৰা ওলাই গৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021074.mp3"},{"index":"75","arabicText":"وَاَدْخَلْنٰهُ فِیْ رَحْمَتِنَا ؕ اِنَّهٗ مِنَ الصّٰلِحِیْنَ ۟۠","assameseTranslation":"আৰু আমি তেওঁক আমাৰ অনুগ্ৰহৰ অন্তৰ্ভুক্ত কৰিছিলোঁ; নিশ্চয় তেওঁ আছিল সৎকৰ্মপৰায়ণসকলৰ অন্যতম।","footnotes":"","tafseer":"তেওঁক আমি তেওঁৰ সম্প্ৰদায়ৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তিৰ পৰা ৰক্ষা কৰি আমাৰ ৰহমতৰ ভিতৰত প্ৰৱেশ কৰাইছিলোঁ। তেওঁ সেইসকল পুণ্যৱান ব্যক্তিৰ অন্তৰ্ভুক্ত আছিল, যিসকলে আমাৰ আদেশ পালন কৰে আৰু আমাৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021075.mp3"},{"index":"76","arabicText":"وَنُوْحًا اِذْ نَادٰی مِنْ قَبْلُ فَاسْتَجَبْنَا لَهٗ فَنَجَّیْنٰهُ وَاَهْلَهٗ مِنَ الْكَرْبِ الْعَظِیْمِ ۟ۚ","assameseTranslation":"আৰু (স্মৰণ কৰা) নূহৰ কথা; ইতিপূৰ্বে তেওঁ যেতিয়া আহ্বান কৰিছিল তেতিয়া আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ, লগতে তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলোঁ,","footnotes":"","tafseer":"হে ৰাছুল! নূহ আলাইহিচ্ছালামৰ ঘটনাৱলী স্মৰণ কৰক, ইব্ৰাহীম আৰু লূত আলাইহিমাচ্ছালামৰ পূৰ্বে যেতিয়া তেওঁ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। তেতিয়া আমি তেওঁৰ প্ৰাৰ্থনা কবূল কৰি তেওঁ বিচৰাখিনি দান কৰিছিলোঁ। তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ মুমিন পৰিয়ালবৰ্গক মহাবিপদৰ পৰা ৰক্ষা কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021076.mp3"},{"index":"77","arabicText":"وَنَصَرْنٰهُ مِنَ الْقَوْمِ الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا ؕ اِنَّهُمْ كَانُوْا قَوْمَ سَوْءٍ فَاَغْرَقْنٰهُمْ اَجْمَعِیْنَ ۟","assameseTranslation":"আৰু আমি তেওঁক সহায় কৰিছিলোঁ সেই সম্প্ৰদায়ৰ বিৰুদ্ধে যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল; নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়। এইকাৰণেই আমি সিহঁত সকলোকে ডুবাই মাৰিছিলোঁ।","footnotes":"","tafseer":"আমি তেওঁক সেই সম্প্ৰদায়ৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিছিলোঁ, যিসকলে তেওঁৰ সত্যতা নিৰূপনকাৰী নিদৰ্শনবোৰক অস্বীকাৰ কৰিছিল। যিবোৰ নিদৰ্শনৰ দ্বাৰা আমি তেওঁক সমৰ্থন কৰিছিলোঁ। নিশ্চয় সিহঁত বিপৰ্যয় সৃষ্টিকাৰী আৰু দুষ্ট সম্প্ৰদায় আছিল। সেয়ে আমি সিহঁতক পানীত ডুবাই ধ্বংস কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021077.mp3"},{"index":"78","arabicText":"وَدَاوٗدَ وَسُلَیْمٰنَ اِذْ یَحْكُمٰنِ فِی الْحَرْثِ اِذْ نَفَشَتْ فِیْهِ غَنَمُ الْقَوْمِ ۚ وَكُنَّا لِحُكْمِهِمْ شٰهِدِیْنَ ۟ۗۙ","assameseTranslation":"লগতে স্মৰণ কৰা দাউদ আৰু ছুলাইমানক, যেতিয়া তেওঁলোকে শস্যক্ষেত্ৰ সম্পৰ্কে বিচাৰ কৰিছিল; যি শস্যক্ষেত্ৰত ৰাতি মানুহৰ ভেৰা-ছাগলী প্ৰৱেশ কৰিছিল; আৰু আমি তেওঁলোকৰ বিচাৰ পৰ্যবেক্ষণ কৰি আছিলোঁ।","footnotes":"","tafseer":"হে ৰাছুল! দাঊদ আৰু তেওঁৰ পুত্ৰ ছুলাইমান আলাইহিচ্ছালামৰ ঘটনাৱলী স্মৰণ কৰক, যেতিয়া তেওঁলোকে দুজন বিবাদকাৰী লোকৰ মীমাংসা কৰি আছিল, যি দুজনে তেওঁলোকৰ ওচৰত মীমাংসা বিচাৰি আহিছিল। বিষয়টো আছিল এনেকুৱা যে, এজন ব্যক্তিৰ ছাগলীয়ে ৰাতিৰ ভাগত দ্বিতীয় ব্যক্তিৰ খেতিত সোমাই লোকচান কৰিছিল। ইপিনে আমি দাঊদ আৰু ছুলাইমানৰ মীমাংসা প্ৰত্যক্ষ কৰি আছিলোঁ। তেওঁলোকৰ মীমাংসাৰ কোনো এটা অংশ আমাৰ পৰা গোপন নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021078.mp3"},{"index":"79","arabicText":"فَفَهَّمْنٰهَا سُلَیْمٰنَ ۚ وَكُلًّا اٰتَیْنَا حُكْمًا وَّعِلْمًا ؗ وَّسَخَّرْنَا مَعَ دَاوٗدَ الْجِبَالَ یُسَبِّحْنَ وَالطَّیْرَ ؕ وَكُنَّا فٰعِلِیْنَ ۟","assameseTranslation":"এতেকে আমি ছুলাইমানক এই বিষয়ৰ মীমাংসা বুজাই দিছিলোঁ আৰু তেওঁলোক দুয়োকে প্ৰজ্ঞা আৰু জ্ঞান দান কৰিছিলোঁ, লগতে পৰ্বত আৰু চৰাইবোৰক আমি দাউদৰ অনুগত কৰি দিছিলোঁ, সেইবোৰে তেওঁৰ লগত পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিছিল; আৰু আমিয়েই আছিলোঁ এইবোৰৰ কৰ্তা।","footnotes":"","tafseer":"কিন্তু বিষয়টোৰ মীমাংসা দাঊদক এৰি তেওঁৰ পুত্ৰ ছুলাইমানক ভালদৰে আমি বুজাই দিছিলোঁ। যদিও দাঊদ আৰু ছুলাইমান দুয়োকে আমি নুবুওৱত আৰু চৰীয়তৰ বিধি-বিধানৰ জ্ঞান প্ৰদান কৰিছিলোঁ। এনেকুৱা নহয় যে, কেৱল ছুলাইমানকেই প্ৰদান কৰিছিলোঁ, আৰু পৰ্বতবোৰক আমি দাঊদৰ অধীনস্থ কৰি দিছিলোঁ, সেইবোৰে তেওঁৰ সৈতে আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰিছিল। তথা চৰাই-চিৰকটিকো আমি তেওঁৰ অধীনস্থ কৰিছিলোঁ। উত্তম বোধশক্তি, মীমাংসা কৰাৰ ক্ষমতা, জ্ঞান আৰু অধীনস্থৰ ক্ষমতা আমিয়েই তেওঁক প্ৰদান কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021079.mp3"},{"index":"80","arabicText":"وَعَلَّمْنٰهُ صَنْعَةَ لَبُوْسٍ لَّكُمْ لِتُحْصِنَكُمْ مِّنْ بَاْسِكُمْ ۚ فَهَلْ اَنْتُمْ شٰكِرُوْنَ ۟","assameseTranslation":"আৰু আমি তেওঁক তোমালোকৰ বাবেই কৱচ নিৰ্মাণৰ শিক্ষা দিছিলোঁ, যাতে ই যুদ্ধত তোমালোকক ৰক্ষা কৰে; গতিকে তোমালোকে কৃতজ্ঞ হ’বানে?","footnotes":"","tafseer":"আনহাতে ছুলাইমানক এৰি দাঊদক আমি কৱচ নিৰ্মাণৰ দক্ষতা প্ৰদান কৰিছিলোঁ, যাতে অস্ত্ৰই তোমালোকৰ শৰীৰক আঘাত কৰিব নোৱাৰে। এতেকে হে মানৱজাতি! তোমালোকে আল্লাহৰ এই নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰিবানে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021080.mp3"},{"index":"81","arabicText":"وَلِسُلَیْمٰنَ الرِّیْحَ عَاصِفَةً تَجْرِیْ بِاَمْرِهٖۤ اِلَی الْاَرْضِ الَّتِیْ بٰرَكْنَا فِیْهَا ؕ وَكُنَّا بِكُلِّ شَیْءٍ عٰلِمِیْنَ ۟","assameseTranslation":"আৰু প্ৰবল বায়ুক ছুলাইমানৰ বশীভূত কৰি দিছিলোঁ; যিটো তেওঁৰ নিৰ্দেশত প্ৰবাহিত হৈছিল সেই দেশৰ পিনে যি দেশত আমি প্ৰভূত কল্যাণ ৰাখি থৈছোঁ; আৰু প্ৰত্যেক বিষয় সম্পৰ্কে আমিয়েই সম্যক জ্ঞানী।","footnotes":"","tafseer":"প্ৰচণ্ড দ্ৰুতগামী বতাহক আমি ছুলাইমানৰ অধীনস্থ কৰি দিছিলোঁ, যিটো তেওঁৰ আদেশ অনুসৰি শ্বামদেশ (বৰ্তমানৰ ছিৰিয়া)লৈ প্ৰচণ্ড বেগত বলিছিল। যিখন দেশক আমি নবীসকলক প্ৰেৰণ কৰি আৰু কল্যাণ প্ৰসাৰিত কৰি বৰকতময় কৰিছিলোঁ। প্ৰত্যেক বিষয় সম্পৰ্কে আমি অৱগত। আমাৰ পৰা কোনো বিষয়েই গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021081.mp3"},{"index":"82","arabicText":"وَمِنَ الشَّیٰطِیْنِ مَنْ یَّغُوْصُوْنَ لَهٗ وَیَعْمَلُوْنَ عَمَلًا دُوْنَ ذٰلِكَ ۚ وَكُنَّا لَهُمْ حٰفِظِیْنَ ۟ۙ","assameseTranslation":"আৰু চয়তানসকলৰ মাজৰ পৰাও (কিছুমানক তেওঁৰ বশীভূত কৰিছিলোঁ), সিহঁতে তেওঁৰ বাবে ডুবাৰুৰ কাম কৰিছিল, ইয়াৰ বাহিৰেও ভিন ভিন কাম কৰিছিল; আৰু আমিয়েই সিহঁতৰ ৰক্ষাকাৰী আছিলোঁ।","footnotes":"","tafseer":"লগতে চয়তানবোৰকো আমি তেওঁৰ অধীনস্থ কৰি দিছিলোঁ, যিবোৰে সাগৰৰ গভীৰৰ পৰা তেওঁৰ বাবে মুকুতা সংগ্ৰহ কৰিছিল আৰু ইয়াৰ বাহিৰেও আন আন কাম কৰিছিল, যেনে অট্টালিকা আদি নিৰ্মাণ কৰা। আমি সিহঁতৰ সংখ্যা আৰু কৰ্ম সম্পৰ্কে অৱগত। এই ক্ষেত্ৰত কোনো বিষয়েই আমাৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021082.mp3"},{"index":"83","arabicText":"وَاَیُّوْبَ اِذْ نَادٰی رَبَّهٗۤ اَنِّیْ مَسَّنِیَ الضُّرُّ وَاَنْتَ اَرْحَمُ الرّٰحِمِیْنَ ۟ۚۖ","assameseTranslation":"লগতে স্মৰণ কৰা আইয়ূবৰ কথা, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই দুখ-কষ্টত পতিত হৈছোঁ, আৰু তুমি সৰ্বশ্ৰেষ্ঠ দয়ালু’।","footnotes":"","tafseer":"হে ৰাছুল! আইয়্যুবৰ ঘটনাৱলী স্মৰণ কৰক, যেতিয়া তেওঁ বিপদগ্ৰস্ত হৈ নিজ প্ৰতিপালকক প্ৰাৰ্থনা কৰি কৈছিলঃ হে মোৰ প্ৰতিপালক! মই বেমাৰত ভুগি আছোঁ আৰু পৰিয়ালবৰ্গৰ পৰাও আঁতৰ হৈ আছোঁ। তুমিয়ে আটাইতকৈ দয়ালু। গতিকে মোক এই বিপদৰ পৰা ৰক্ষা কৰাঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021083.mp3"},{"index":"84","arabicText":"فَاسْتَجَبْنَا لَهٗ فَكَشَفْنَا مَا بِهٖ مِنْ ضُرٍّ وَّاٰتَیْنٰهُ اَهْلَهٗ وَمِثْلَهُمْ مَّعَهُمْ رَحْمَةً مِّنْ عِنْدِنَا وَذِكْرٰی لِلْعٰبِدِیْنَ ۟","assameseTranslation":"তেতিয়া আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ, তেওঁৰ দুখ-কষ্ট দূৰ কৰি দিছিলোঁ, আৰু তেওঁক তেওঁৰ পৰিয়ালবৰ্গ ওভতাই দিছিলোঁ আৰু প্ৰদান কৰিছিলোঁ তেওঁলোকৰ লগতে তেওঁলোকৰ সমপৰিমাণ, আমাৰ ফালৰ পৰা বিশেষ ৰহমতস্বৰূপে আৰু ইবাদতকাৰীসকলৰ বাবে উপদেশ হিচাপে।","footnotes":"","tafseer":"ফলত আমি তেওঁৰ প্ৰাৰ্থনা কবূল কৰিলোঁ, তেওঁৰ কষ্ট দূৰ কৰি দিলোঁ। তেওঁৰ পৰিয়ালবৰ্গ আৰু সন্তান-সন্ততি ওভোতাই দিলোঁ। লগতে তেওঁলোকৰ সমপৰিমাণ আৰু দান কৰিলোঁ। এইবোৰ আমি আমাৰ দয়াৰ ফলত কৰিছোঁ আৰু সেইসকল লোকৰ বাবে শিক্ষা গ্ৰহণৰ উদ্দেশ্যে কৰিছোঁ যিসকলে ইবাদতৰ মাধ্যমত আল্লাহৰ আনুগত্য কৰে। যাতে তেওঁলোকেও আয়্যুব আলাইহিচ্ছালামৰ দৰে ধৈৰ্য্য ধাৰণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021084.mp3"},{"index":"85","arabicText":"وَاِسْمٰعِیْلَ وَاِدْرِیْسَ وَذَا الْكِفْلِ ؕ كُلٌّ مِّنَ الصّٰبِرِیْنَ ۟ۚۖ","assameseTranslation":"আৰু স্মৰণ কৰা ইছমাঈল, ইদ্ৰীছ আৰু জুল-কিফ্লক, তেওঁলোকৰ প্ৰত্যেকেই আছিল ধৈৰ্য্যশীল;","footnotes":"","tafseer":"হে ৰাছুল! ইছমাঈল, ইদ্ৰীছ আৰু জুল-কিফল আলাইহিমুচ্ছালামক স্মৰণ কৰক। তেওঁলোক প্ৰত্যেকেই বিপদত ধৈৰ্য্য ধাৰণ কৰিছিল, তথা আল্লাহে প্ৰদান কৰা দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021085.mp3"},{"index":"86","arabicText":"وَاَدْخَلْنٰهُمْ فِیْ رَحْمَتِنَا ؕ اِنَّهُمْ مِّنَ الصّٰلِحِیْنَ ۟","assameseTranslation":"আৰু আমি তেওঁলোকক আমাৰ অনুগ্ৰহৰ অন্তৰ্ভুক্ত কৰিছিলোঁ। নিশ্চয় তেওঁলোক আছিল সৎকৰ্মপৰায়ণ।","footnotes":"","tafseer":"আমি তেওঁলোকক আমাৰ দয়াত প্ৰৱেশ কৰাইছিলোঁ আৰু তেওঁলোকক নবী বনাইছিলোঁ। তথা জান্নাতৰ অধিবাসী বনাইছোঁ। নিশ্চয় তেওঁলোক আছিল আল্লাহৰ সদাচাৰী বান্দা। তেওঁলোকে নিজ প্ৰতিপালকৰ আনুগত্য কৰিছিল, লগতে তেওঁলোকৰ বাহ্যিক-আভ্যন্তৰীণ সকলো দিশ নেক আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021086.mp3"},{"index":"87","arabicText":"وَذَا النُّوْنِ اِذْ ذَّهَبَ مُغَاضِبًا فَظَنَّ اَنْ لَّنْ نَّقْدِرَ عَلَیْهِ فَنَادٰی فِی الظُّلُمٰتِ اَنْ لَّاۤ اِلٰهَ اِلَّاۤ اَنْتَ سُبْحٰنَكَ ۖۗ اِنِّیْ كُنْتُ مِنَ الظّٰلِمِیْنَ ۟ۚۖ","assameseTranslation":"আৰু স্মৰণ কৰা জুন-নুনক (মাছৰ গৰাকী ইউনুছক), যেতিয়া তেওঁ ক্ৰোধ অৱস্থাত গুচি গৈছিল আৰু ধাৰণা কৰিছিল যে, আমি তেওঁৰ প্ৰতি সংকীৰ্ণতা নকৰিম। তাৰ পিছত তেওঁ অন্ধকাৰৰ পৰা আহ্বান কৰি কৈছিল যে, ‘তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তুমি পৱিত্ৰ মহান, নিশ্চয় মই অন্যায় কৰিছিলোঁ’।","footnotes":"","tafseer":"হে ৰাছুল! মাছৰ গৰাকী ইউনুছ আলাইহিচ্ছালামৰ বিষয়টো স্মৰণ কৰক, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ অনুমতি নোহোৱাকৈ নিজ সম্প্ৰদায়ৰ অবাধ্যতাত অসন্তুষ্ট হৈ গুচি গৈছিল। তেওঁ ভাবিছিল যে, তেওঁ গুচি গ’লে আমি তেওঁক শাস্তিস্বৰূপে তেওঁৰ প্ৰতি সংকীৰ্ণতা জাপি নিদিওঁ। কিন্তু তেওঁক মাছে গিলি খালে আৰু মাছৰ পেটৰ অন্ধকাৰাচ্ছন্ন সংকীৰ্ণ ঠাইত বন্দী হৈ থাকিল। ফলত তেওঁ ৰাতিৰ অন্ধকাৰ, সাগৰ আৰু মাছৰ পেটৰ অন্ধকাৰত নিজৰ গুনাহ স্বীকাৰৰ জৰিয়তে তাওবা কৰি আল্লাহৰ ওচৰত দুআ কৰিলেঃ তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তুমি পাক তথা পৱিত্ৰ। নিশ্চয় মই অপৰাধ কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021087.mp3"},{"index":"88","arabicText":"فَاسْتَجَبْنَا لَهٗ ۙ وَنَجَّیْنٰهُ مِنَ الْغَمِّ ؕ وَكَذٰلِكَ نُـجِی الْمُؤْمِنِیْنَ ۟","assameseTranslation":"তেতিয়া আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ আৰু তেওঁক দুশ্চিন্তাৰ পৰা উদ্ধাৰ কৰিছিলোঁ, আৰু এইদৰেই আমি মুমিনসকলক উদ্ধাৰ কৰোঁ।","footnotes":"","tafseer":"তেতিয়া আমি তেওঁৰ দুআ কবূল কৰিছিলোঁ, আৰু অন্ধকাৰ তথা মাছৰ পেটৰ পৰা উলিয়াই কঠিন বিপদৰ পৰা ৰক্ষা কৰিছিলোঁ। এতেকে যিদৰে ইউনুছ আলাইহিচ্ছালামক আমি বিপদৰ পৰা ৰক্ষা কৰিছিলোঁ, সেইদৰেই আমি মুমিন সকলকো বিপদৰ পৰা ৰক্ষা কৰোঁ, যেতিয়া তেওঁলোকে কোনো বিপদগ্ৰস্ত হৈ আল্লাহৰ ওচৰত দুআ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021088.mp3"},{"index":"89","arabicText":"وَزَكَرِیَّاۤ اِذْ نَادٰی رَبَّهٗ رَبِّ لَا تَذَرْنِیْ فَرْدًا وَّاَنْتَ خَیْرُ الْوٰرِثِیْنَ ۟ۚۖ","assameseTranslation":"আৰু স্মৰণ কৰা যাকাৰিয়্যাৰ কথা, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘হে মোৰ প্ৰতিপালক! মোক অকলশৰীয়াকৈ (নিঃসন্তান) এৰি নিদিবা, তুমিয়েইতো শ্ৰেষ্ঠ উত্তৰাধিকাৰী’।","footnotes":"","tafseer":"হে ৰাছুল! যাকাৰিয়্যা আলাইহিচ্ছালামৰ ঘটনাক স্মৰণ কৰক, যেতিয়া তেওঁ পৱিত্ৰ আল্লাহক এই বুলি প্ৰাৰ্থনা কৰিছিলঃ হে মোৰ প্ৰতিপালক! তুমি মোক সন্তানহীন অকলশৰীয়া অৱস্থাত নেৰিবা। নিশ্চয় তুমিয়ে উত্তম বাকী থকা সত্ত্বা। এতেকে মোক সন্তান দান কৰা, যিজন মোৰ পিছত অৱস্থান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021089.mp3"},{"index":"90","arabicText":"فَاسْتَجَبْنَا لَهٗ ؗ وَوَهَبْنَا لَهٗ یَحْیٰی وَاَصْلَحْنَا لَهٗ زَوْجَهٗ ؕ اِنَّهُمْ كَانُوْا یُسٰرِعُوْنَ فِی الْخَیْرٰتِ وَیَدْعُوْنَنَا رَغَبًا وَّرَهَبًا ؕ وَكَانُوْا لَنَا خٰشِعِیْنَ ۟","assameseTranslation":"ফলত আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ আৰু তেওঁক দান কৰিছিলোঁ ইয়াহইয়া, আৰু তেওঁৰ বাবে তেওঁৰ স্ত্ৰীক (গৰ্ভধাৰণৰ) যোগ্য কৰিছিলোঁ। তেওঁলোকে সৎকৰ্মত প্ৰতিযোগিতা কৰিছিল, লগতে তেওঁলোকে আমাক আগ্ৰহ আৰু ভীতিৰ সৈতে আহ্বান কৰিছিল আৰু তেওঁলোক আমাৰ প্ৰতি বিনীত আছিল।","footnotes":"","tafseer":"তেতিয়া আমি তেওঁৰ দুআ কবূল কৰিছিলোঁ আৰু ইয়াহইয়াৰ ৰূপত এজন সন্তান প্ৰদান কৰিছিলোঁ আৰু তেওঁৰ পত্নীক (গৰ্ভধাৰণ যোগ্য বনাই) সংশোধন কৰিছিলোঁ। ফলত তাইৰ বন্ধ্যা ৰোগ দূৰ হৈছিল আৰু সন্তান জন্ম দিয়াৰ বাবে উপযুক্ত হৈছিল। নিশ্চয় যাকাৰিয়্যা, তেওঁৰ স্ত্ৰী আৰু পুত্ৰ সৎকৰ্মৰ ফালে ক্ষীপ্ৰতাৰে আগবাঢ়িছিল, তথা আমাৰ ছোৱাবৰ আশাত আৰু আমাৰ শাস্তিৰ ভয়ত দুআ কৰিছিল, লগতে আমাৰ সন্মুখত বিনীত হৈ নত স্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021090.mp3"},{"index":"91","arabicText":"وَالَّتِیْۤ اَحْصَنَتْ فَرْجَهَا فَنَفَخْنَا فِیْهَا مِنْ رُّوْحِنَا وَجَعَلْنٰهَا وَابْنَهَاۤ اٰیَةً لِّلْعٰلَمِیْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা সেইজনী নাৰীৰ কথা, যিয়ে নিজৰ লজ্জাস্থানক হিফাজত কৰিছিল, সেয়ে তাৰ মাজত আমি আমাৰ ৰূহ ফুঁৱাই দিছিলোঁ। তেওঁক আৰু তেওঁৰ পুত্ৰক বিশ্ববাসীৰ বাবে এটা নিদৰ্শন বনাইছিলোঁ।","footnotes":"","tafseer":"হে ৰাছুল! মৰিয়ম আলাইহাচ্ছালামৰ বিষয়টো স্মৰণ কৰক, যিয়ে নিজৰ লজ্জাস্থানক ব্যভিচাৰৰ পৰা সুৰক্ষিত কৰি ৰাখিছিল। ফলত আল্লাহে তেওঁৰ ওচৰলৈ জিব্ৰীলক প্ৰেৰণ কৰিলে। জিব্ৰীলে তেওঁক ফুঁৱাই দিলে, ইয়াৰ ফলত তেওঁ গৰ্ভৱতী হৈ গ'ল। দৰাচলতে মৰিয়ম আৰু তেওঁৰ পুত্ৰ ঈছা হৈছে মানুহৰ বাবে আল্লাহৰ ক্ষমতাৰ প্ৰতীক। তেওঁক পিতৃ নোহোৱাকৈ সৃষ্টি কৰা বিষয়টোৱে প্ৰমাণ কৰে যে, কোনো কৰ্মই আল্লাহৰ বাবে সাধ্যাতীত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021091.mp3"},{"index":"92","arabicText":"اِنَّ هٰذِهٖۤ اُمَّتُكُمْ اُمَّةً وَّاحِدَةً ۖؗ وَّاَنَا رَبُّكُمْ فَاعْبُدُوْنِ ۟","assameseTranslation":"নিশ্চয় তোমালোকৰ এই জাতি প্ৰকৃততে এটাই জাতি আৰু ময়েই তোমালোকৰ প্ৰতিপালক, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।","footnotes":"","tafseer":"হে মানৱজাতি! তোমালোকৰ এই সম্প্ৰদায়, মূলতে এটাই সম্প্ৰদায়। সেইটো হৈছে তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত ইছলাম ধৰ্ম। ময়েই তোমালোকৰ প্ৰতিপালক, গতিকে নিৰ্ভেজালভাৱে কেৱল মোৰেই ইবাদত কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021092.mp3"},{"index":"93","arabicText":"وَتَقَطَّعُوْۤا اَمْرَهُمْ بَیْنَهُمْ ؕ كُلٌّ اِلَیْنَا رٰجِعُوْنَ ۟۠","assameseTranslation":"কিন্তু সিহঁতে নিজৰ কাৰ্যকলাপৰ মাজত বিভেদ সৃষ্টি কৰিছে। প্ৰত্যেকেই আমাৰ ওচৰত প্ৰত্যাৱৰ্তনকাৰী।","footnotes":"","tafseer":"মানুহ বিভিন্ন দলত বিভক্ত হৈছে। কিছুমান তাওহীদৰ ওপৰত পৰিচালিত, আকৌ কিছুমান শ্বিৰ্কৰ ওপৰত; কিছুমান হৈছে কাফিৰ, আকৌ কিছুমান মুমিন। বিভিন্ন গোটত বিভক্ত এই লোকসকল কিয়ামতৰ দিনা কেৱল আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব। তেতিয়া আমিয়ে সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021093.mp3"},{"index":"94","arabicText":"فَمَنْ یَّعْمَلْ مِنَ الصّٰلِحٰتِ وَهُوَ مُؤْمِنٌ فَلَا كُفْرَانَ لِسَعْیِهٖ ۚ وَاِنَّا لَهٗ كٰتِبُوْنَ ۟","assameseTranslation":"এতেকে যদি কোনোবাই মুমিন হৈ সৎকৰ্ম কৰে তেন্তে তাৰ প্ৰচেষ্টা কেতিয়াও অস্বীকাৰ কৰা নহ’ব আৰু নিশ্চয় আমি ইয়াৰ লিপিবদ্ধকাৰী।","footnotes":"","tafseer":"সিহঁতৰ মাজৰ যিয়ে সৎকৰ্ম কৰিব, তথা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব, লগতে আখিৰাতৰ প্ৰতি ঈমান ৰাখিব, সেই ব্যক্তিৰ সৎকৰ্মক কেতিয়াও নসাৎ কৰা নহ'ব। বৰং আল্লাহে ইয়াৰ উচিত মৰ্যাদা প্ৰদান কৰি অধিক বৃদ্ধি কৰি দিব। পুনৰুত্থানৰ দিনা তেওঁ নিজৰ কৰ্মপুথিত এইবোৰ লিখা দেখিবলৈ পাব, আৰু সেয়া দেখি তেওঁ আনন্দিত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021094.mp3"},{"index":"95","arabicText":"وَحَرٰمٌ عَلٰی قَرْیَةٍ اَهْلَكْنٰهَاۤ اَنَّهُمْ لَا یَرْجِعُوْنَ ۟","assameseTranslation":"আৰু আমি যি জনপদক ধ্বংস কৰিছোঁ তাৰ বাবে নিষেধাজ্ঞা আছে যে, নিশ্চয় তাৰ অধিবাসীসকলে কেতিয়াও ঘূৰি নাহিব,","footnotes":"","tafseer":"যেতিয়া আমি কোনো জনবসতিক কুফৰী কৰাৰ কাৰণে ধ্বংস কৰি দিওঁ, সিহঁতক পুনৰ তাওবাৰ অৱকাশ দিবলৈ পৃথিৱীত ওভোতাই পঠোৱা বিষয়টো অসম্ভৱ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021095.mp3"},{"index":"96","arabicText":"حَتّٰۤی اِذَا فُتِحَتْ یَاْجُوْجُ وَمَاْجُوْجُ وَهُمْ مِّنْ كُلِّ حَدَبٍ یَّنْسِلُوْنَ ۟","assameseTranslation":"অৱশেষত যেতিয়া ইয়া’জুজ আৰু মা’জুজক মুক্তি দিয়া হ’ব আৰু সিহঁতে প্ৰতিটো উচ্চভূমিৰ পৰা দৌৰি আহিব।","footnotes":"","tafseer":"সিহঁতে কেতিয়াও উভতি আহিব নোৱাৰিব। অৱশেষত যেতিয়া ইয়া’জুজ মা’জুজৰ বান্ধোন খুলি দিয়া হ'ব, আৰু সিহঁতে প্ৰতিটো উচ্চভূমিৰ পৰা দৌৰি আহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021096.mp3"},{"index":"97","arabicText":"وَاقْتَرَبَ الْوَعْدُ الْحَقُّ فَاِذَا هِیَ شَاخِصَةٌ اَبْصَارُ الَّذِیْنَ كَفَرُوْا ؕ یٰوَیْلَنَا قَدْ كُنَّا فِیْ غَفْلَةٍ مِّنْ هٰذَا بَلْ كُنَّا ظٰلِمِیْنَ ۟","assameseTranslation":"আৰু অমোঘ প্ৰতিশ্ৰুত সময় নিকটৱৰ্তী হ’লে আকস্মিকভাৱে কাফিৰসকলৰ চকু স্থিৰ হৈ যাব, সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! নিশ্চয় আমি এই বিষয়ে উদাসীন আছিলোঁ; বৰং আমি আছিলোঁ অন্যায়কাৰী’।","footnotes":"","tafseer":"সিহঁতে মুক্ত হ'লে কিয়ামত নিকটৱৰ্তী হ'ব আৰু কিয়ামতৰ ভয়াৱহ দৃশ্য তথা কঠিন পৰিস্থিতি প্ৰকাশ পাব। সেই কঠিন পৰিস্থিতি দেখি কাফিৰসকলৰ চকু কপালত উঠিব। সিহঁতে ক'বঃ হায় আমাৰ বিনাশ! পৃথিৱীত আমি এই ভয়াৱহ দিনৰ প্ৰস্তুতিৰ পৰা অমনোযোগী আছিলোঁ। বৰং কুফৰ আৰু অবাধ্যতাৰ ফলত আমি যালিম হৈ পৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021097.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021097.mp3"},{"index":"98","arabicText":"اِنَّكُمْ وَمَا تَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ حَصَبُ جَهَنَّمَ ؕ اَنْتُمْ لَهَا وٰرِدُوْنَ ۟","assameseTranslation":"নিশ্চয় তোমালোকে আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেই সকলোবোৰ হৈছে জাহান্নামৰ ইন্ধন; তোমালোক আটায়ে তাত প্ৰৱেশ কৰিবা।","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! নিশ্চয় তোমালোক আৰু সেই মূৰ্তিবোৰ যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা, লগতে যিসকল জিন আৰু মানৱক তোমালোকে উপাসনা কৰা আৰু সিহঁত তোমালোকৰ উপাসনাত সন্তুষ্ট, সেই সকলোবোৰ হ'ব জাহান্নামৰ ইন্ধন। তোমালোকে নিজ নিজ উপাস্যবোৰৰ সৈতে জাহান্নামত প্ৰৱেশ কৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021098.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021098.mp3"},{"index":"99","arabicText":"لَوْ كَانَ هٰۤؤُلَآءِ اٰلِهَةً مَّا وَرَدُوْهَا ؕ وَكُلٌّ فِیْهَا خٰلِدُوْنَ ۟","assameseTranslation":"যদি সিহঁত ইলাহ হ’লহেঁতেন তেন্তে সিহঁত জাহান্নামত প্ৰৱেশ নকৰিলেহেঁতেন; আৰু সিহঁত আটায়ে তাত স্থায়ী হ’ব,","footnotes":"","tafseer":"যদি সিহঁতৰ এই উপাস্যবোৰ সঁচাই উপাসনাৰ যোগ্য হ’লহেঁতেন, আৰু সিহঁতৰ সন্মুখত শিৰ নত কৰা ঠিক হ’লহেঁতেন, তেন্তে নিজ উপাস্যবোৰৰ সৈতে সিহঁত জাহান্নামত প্ৰৱেশ নকৰিলেহেঁতেন। কিয়নো এই উপাসক আৰু উপাস্য সকলোৱে জাহান্নামত প্ৰৱেশ কৰিব আৰু তাত চিৰকাল অৱস্থান কৰিব, কেতিয়াও তাৰ পৰা ওলাব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021099.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021099.mp3"},{"index":"100","arabicText":"لَهُمْ فِیْهَا زَفِیْرٌ وَّهُمْ فِیْهَا لَا یَسْمَعُوْنَ ۟","assameseTranslation":"তাত থাকিব সিহঁতৰ চিঞৰ-বাখৰ আৰু আৰ্তনাদ, সেই কাৰণে সিহঁতে তাত একোৱে শুনা নাপাব;","footnotes":"","tafseer":"প্ৰচণ্ড শাস্তিৰ ফলত তাত সিহঁতৰ শ্বাস-প্ৰশ্বাসৰ গতি বাঢ়িব। পৰিস্থিতি ইমান ভয়াৱহ হ'ব যে, চিঞৰ-বাখৰৰ ফলত জাহান্নামত কোনেও কাৰো মাত শুনা নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021100.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021100.mp3"},{"index":"101","arabicText":"اِنَّ الَّذِیْنَ سَبَقَتْ لَهُمْ مِّنَّا الْحُسْنٰۤی ۙ اُولٰٓىِٕكَ عَنْهَا مُبْعَدُوْنَ ۟ۙ","assameseTranslation":"নিশ্চয় যিসকলৰ বাবে পূৰ্বৰে পৰা আমাৰ কল্যাণ নিৰ্ধাৰিত আছে তেওঁলোকক ইয়াৰ পৰা আঁতৰত ৰখা হ’ব।","footnotes":"","tafseer":"যেতিয়া মুশ্বৰিকসকলে ক'লেঃ “তেনেহ’লে নিশ্চয় ঈছা আৰু সেইসকল ফিৰিস্তাও জাহান্নামত প্ৰৱেশ কৰিব যিবোৰক উপাসনা কৰা হৈছিল।” তেতিয়া আল্লাহে প্ৰত্যুত্তৰ দি ক’লেঃ “যিসকলৰ বিষয়ে আল্লাহে পূৰ্বেই নিৰ্ধাৰণ কৰিছে যে, তেওঁলোক হৈছে সৌভাগ্যশালী (উদাহৰণস্বৰূপে ঈছা আলাইহিচ্ছালাম) তেনেকুৱা লোকক জাহান্নামৰ পৰা আঁতৰাই ৰখা হ’ব।”","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021101.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021101.mp3"},{"index":"102","arabicText":"لَا یَسْمَعُوْنَ حَسِیْسَهَا ۚ وَهُمْ فِیْ مَا اشْتَهَتْ اَنْفُسُهُمْ خٰلِدُوْنَ ۟ۚ","assameseTranslation":"তেওঁলোকে জাহান্নামৰ ক্ষিণ শব্দও শুনা নাপাব, আৰু তাত তেওঁলোকে মনঃপুত বস্তুৰ মাজত চিৰকাল থাকিব।","footnotes":"","tafseer":"তেওঁলোকে জাহান্নামৰ শব্দ শুনা নাপাব, তেওঁলোকে নিজৰ পছন্দ অনুযায়ী নিয়ামত আৰু আকৰ্ষণীয় বস্তুৰ মাজত চিৰকাল থাকিব। তেওঁলোকৰ সেই নিয়ামত কেতিয়াও অন্ত নপৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021102.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021102.mp3"},{"index":"103","arabicText":"لَا یَحْزُنُهُمُ الْفَزَعُ الْاَكْبَرُ وَتَتَلَقّٰىهُمُ الْمَلٰٓىِٕكَةُ ؕ هٰذَا یَوْمُكُمُ الَّذِیْ كُنْتُمْ تُوْعَدُوْنَ ۟","assameseTranslation":"মহা ভীতিয়েও তেওঁলোকক চিন্তিত নকৰিব আৰু ফিৰিস্তাসকলে তেওঁলোকক অভ্যৰ্থনা কৰিব এই বুলি যে, ‘এইটোৱে হৈছে তোমালোকৰ সেই দিৱস, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল’।","footnotes":"","tafseer":"সেইদিৱসৰ ভয়াৱহ পৰিস্থিতিৰ কোনো প্ৰভাৱ তেওঁলোকৰ ওপৰত নপৰিব, যিদিনা জাহান্নামীসকলক জাহান্নামত বন্দী কৰা হ'ব। ফিৰিস্তাসকলে তেওঁলোকক এই বুলি অভিবাদন জনাই ক'বঃ এইটোৱেই তোমালোকৰ সেইদিন, যাৰ প্ৰতিশ্ৰুতি তোমালোকক পৃথিৱীত দিয়া হৈছিল আৰু যিবোৰ নিয়ামত সম্পৰ্কে তোমালোকক সুসংবাদ দিয়া হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021103.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021103.mp3"},{"index":"104","arabicText":"یَوْمَ نَطْوِی السَّمَآءَ كَطَیِّ السِّجِلِّ لِلْكُتُبِ ؕ كَمَا بَدَاْنَاۤ اَوَّلَ خَلْقٍ نُّعِیْدُهٗ ؕ وَعْدًا عَلَیْنَا ؕ اِنَّا كُنَّا فٰعِلِیْنَ ۟","assameseTranslation":"সেইদিনা আমি আকাশক মেৰিয়াই পেলাম, যেনেকৈ মেৰিওৱা হয় লিখিত দলীল-পত্ৰ। যিদৰে আমি প্ৰথমবাৰ সৃষ্টিৰ সূচনা কৰিছিলোঁ সেইদৰে পুনৰ সৃষ্টি কৰিম; এইটো আমাৰ কৃত প্ৰতিশ্ৰুতি, নিশ্চয় আমি সেয়া পালন কৰিমেই।","footnotes":"","tafseer":"যিদিনা আমি আকাশমণ্ডলক মেৰিয়াই লম, যিদৰে কাকতৰ পৃষ্ঠাবোৰ মেৰিওৱা হয়। সকলো সৃষ্টিকেই সেই অৱস্থাত একত্ৰিত কৰিম, যি অৱস্থাত সিহঁত প্ৰথমবাৰ সৃষ্টি হৈছিল। এইটো আমাৰ দৃঢ় প্ৰতিশ্ৰুতি, যিটো কেতিয়াও ভঙ্গ নহ’ব। নিশ্চয় আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021104.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021104.mp3"},{"index":"105","arabicText":"وَلَقَدْ كَتَبْنَا فِی الزَّبُوْرِ مِنْ بَعْدِ الذِّكْرِ اَنَّ الْاَرْضَ یَرِثُهَا عِبَادِیَ الصّٰلِحُوْنَ ۟","assameseTranslation":"আৰু নিশ্চয় আমি উপদেশৰ পিছত যাবূৰত লিখি দিছোঁ যে, ‘কেৱল মোৰ সৎকৰ্মশীল বান্দাসকলেই পৃথিৱীৰ উত্তৰাধিকাৰী হ’ব’।","footnotes":"","tafseer":"লওহে মাহফুজত লিপিবদ্ধ কৰাৰ পিছত আমি আমাৰ ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰা গ্ৰন্থসমূহত লিখি দিছিলোঁ যে, পৃথিৱীৰ উত্তৰাধিকাৰী কেৱল আল্লাহৰ নেক বান্দাসকল আৰু তেওঁৰ আনুগত্যকাৰী বান্দাসকলহে হ’ব। ইয়াৰ দ্বাৰা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ লোক সকলক বুজোৱা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021105.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021105.mp3"},{"index":"106","arabicText":"اِنَّ فِیْ هٰذَا لَبَلٰغًا لِّقَوْمٍ عٰبِدِیْنَ ۟ؕ","assameseTranslation":"নিশ্চয় ইয়াত আছে ইবাদতকাৰী সম্প্ৰদায়ৰ বাবে পৰ্যাপ্ত বিষয়বস্তু।","footnotes":"","tafseer":"নিঃসন্দেহে আমি অৱতীৰ্ণ কৰা গ্ৰন্থত সেইসকল লোকৰ বাবে উপকাৰী ডাঙৰ উপদেশ আছে, যিসকলে নিজ প্ৰতিপালকৰ দেখুৱাই দিয়া পদ্ধতি অনুসাৰে তেওঁৰ ইবাদত কৰে। কিয়নো তেওঁলোকেই ইয়াৰ দ্বাৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021106.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021106.mp3"},{"index":"107","arabicText":"وَمَاۤ اَرْسَلْنٰكَ اِلَّا رَحْمَةً لِّلْعٰلَمِیْنَ ۟","assameseTranslation":"আৰু আমি তোমাক বিশ্ববাসীৰ বাবে কেৱল ৰহমত হিচাপেহে প্ৰেৰণ কৰিছোঁ।","footnotes":"","tafseer":"হে মুহাম্মদ! আমি আপোনাক গোটেই বিশ্বজগতৰ বাবে ৰহমত হিচাপে প্ৰেৰণ কৰিছোঁ। কিয়নো আপুনি মানুহক সুপথ দেখুৱাই দিয়াৰ ক্ষেত্ৰত আৰু সিহঁতক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰা ক্ষেত্ৰত বৰ আগ্ৰহী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021107.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021107.mp3"},{"index":"108","arabicText":"قُلْ اِنَّمَا یُوْحٰۤی اِلَیَّ اَنَّمَاۤ اِلٰهُكُمْ اِلٰهٌ وَّاحِدٌ ۚ فَهَلْ اَنْتُمْ مُّسْلِمُوْنَ ۟","assameseTranslation":"কোৱা, ‘মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ ইলাহ কেৱল একক ইলাহ। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী হ’বানে?’","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কওক, মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ প্ৰতি অহী কৰা হৈছে যে, তোমালোকৰ প্ৰকৃত উপাস্য কেৱল এজনেই, তেওঁৰ কোনো অংশীদাৰ নাই। তেৱেঁই হৈছে আল্লাহ। গতিকে তেওঁৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ আদেশ পালন কৰি তেওঁৰ ওচৰত শিৰ নত কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021108.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021108.mp3"},{"index":"109","arabicText":"فَاِنْ تَوَلَّوْا فَقُلْ اٰذَنْتُكُمْ عَلٰی سَوَآءٍ ؕ وَاِنْ اَدْرِیْۤ اَقَرِیْبٌ اَمْ بَعِیْدٌ مَّا تُوْعَدُوْنَ ۟","assameseTranslation":"তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তুমি কৈ দিয়া, ‘মই তোমালোকক যথাযথভাৱে জনাই দিছোঁ আৰু তোমালোকক যি বিষয়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, মই নাজানো সেয়া নিকটৱৰ্তী নে দূৰৱৰ্তী।","footnotes":"","tafseer":"ইয়াৰ পিছতো যদি ইহঁতে আপুনি লৈ অহা বাৰ্তাৰ পৰা বিমুখ হয় তেন্তে হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ মই তোমালোকক জনাই দিছোঁ, শাস্তি আহিবলৈ কিমান সময় বাকী আছে সেই বিষয়টোৰ ক্ষেত্ৰত তোমালোক আৰু মই সমান। মই ডাঠি ক'ব নোৱাৰোঁ আল্লাহে প্ৰতিশ্ৰুতি দিয়া শাস্তিটো কেতিয়া আহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021109.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021109.mp3"},{"index":"110","arabicText":"اِنَّهٗ یَعْلَمُ الْجَهْرَ مِنَ الْقَوْلِ وَیَعْلَمُ مَا تَكْتُمُوْنَ ۟","assameseTranslation":"‘নিশ্চয় তেওঁ প্ৰকাশ্য কথা সম্পৰ্কেও জানে আৰু তোমালোকে যি গোপন কৰা সেয়াও জানে।","footnotes":"","tafseer":"তোমালোকে প্ৰকাশ কৰা আৰু গোপন কৰা সকলো তথ্য নিশ্চিতভাৱে আল্লাহে ভালদৰেই জানে। তোমালোকৰ কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021110.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021110.mp3"},{"index":"111","arabicText":"وَاِنْ اَدْرِیْ لَعَلَّهٗ فِتْنَةٌ لَّكُمْ وَمَتَاعٌ اِلٰی حِیْنٍ ۟","assameseTranslation":"‘আৰু মই নাজানো হয়তো এইটো (বিলম্ব হোৱাটো) তোমালোকৰ বাবে এটা পৰীক্ষা, আৰু কিছুসময়ৰ বাবে জীৱনোপভোগৰ সুযোগ’।","footnotes":"","tafseer":"মই নাজানো তোমালোকক শাস্তি দিয়াৰ ক্ষেত্ৰত পলম কৰাটো তোমালোকৰ বাবে পৰীক্ষা নে অৱকাশ, যাতে তোমালোকে আল্লাহৰ জ্ঞান অনুসাৰে এটা নিৰ্দিষ্ট সময়লৈকে উপকৃত হ’ব পাৰা, তথা কুফৰী আৰু পথভ্ৰষ্টতাত মতলীয়া হৈ থাকিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021111.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021111.mp3"},{"index":"112","arabicText":"قٰلَ رَبِّ احْكُمْ بِالْحَقِّ ؕ وَرَبُّنَا الرَّحْمٰنُ الْمُسْتَعَانُ عَلٰی مَا تَصِفُوْنَ ۟۠","assameseTranslation":"ৰাছুলে কৈছিল, ‘হে মোৰ প্ৰতিপালক! তুমি ন্যায়সঙ্গতভাৱে ফয়চালা কৰি দিয়া’, আৰু আমাৰ প্ৰতিপালক হৈছে দয়াময়, তোমালোকে যি সাব্যস্ত কৰিছা সেই বিষয়ে একমাত্ৰ সহায়স্থল কেৱল তেৱেঁই’।","footnotes":"","tafseer":"ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ প্ৰতিপালকক দুআ কৰি ক'লেঃ “হে মোৰ প্ৰতিপালক! আমাৰ মাজত আৰু এই কুফৰী কৰ্মত অটল থকা আমাৰ সম্প্ৰদায়ৰ মাজত উচিত সিদ্ধান্ত অনুযায়ী দূৰত্ব কৰি দিয়া।” (হে কাফিৰসকল!) তোমালোকে যিবোৰ কুফৰী আৰু অস্বীকাৰমূলক কথা কোৱা সেইবোৰৰ পৰা আমি আমাৰ দয়াময় প্ৰতিপালকৰ ওচৰত সহায় প্ৰাৰ্থনা কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/021112.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/021112.mp3"}]