[{"index":"1","arabicText":"یٰۤاَیُّهَا النَّاسُ اتَّقُوْا رَبَّكُمْ ۚ اِنَّ زَلْزَلَةَ السَّاعَةِ شَیْءٌ عَظِیْمٌ ۟","assameseTranslation":"হে মানৱজাতি! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় কিয়ামতৰ প্ৰকম্পন এটা বৰ ভয়ংকৰ বিষয়!","footnotes":"","tafseer":"হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় কিয়ামতৰ ভূমিকম্প আৰু তাৰ লগত আহিবলগীয়া পৰিস্থিতিবোৰ অতি ভয়ংকৰ। গতিকে ইয়াৰ প্ৰস্তুতিৰ বাবে আল্লাহক সন্তুষ্ট কৰিবলগীয়া আমল কৰাটো অত্যন্ত জৰুৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022001.mp3"},{"index":"2","arabicText":"یَوْمَ تَرَوْنَهَا تَذْهَلُ كُلُّ مُرْضِعَةٍ عَمَّاۤ اَرْضَعَتْ وَتَضَعُ كُلُّ ذَاتِ حَمْلٍ حَمْلَهَا وَتَرَی النَّاسَ سُكٰرٰی وَمَا هُمْ بِسُكٰرٰی وَلٰكِنَّ عَذَابَ اللّٰهِ شَدِیْدٌ ۟","assameseTranslation":"যিদিনা তোমালোকে সেয়া দেখিবলৈ পাবা সেইদিনা প্ৰত্যেক পিয়াহ খুউৱা তিৰোতাই নিজৰ কেঁচুৱাক পাহৰি যাব আৰু প্ৰত্যেক গৰ্ভৱতী নাৰীয়ে গৰ্ভপাত কৰিব; আৰু তুমি মানুহক নিচাগ্ৰস্ত সদৃশ দেখিবলৈ পাবা, অথচ সিহঁত নিচাগ্ৰস্ত নহয়। বৰং আল্লাহৰ শাস্তি অতি কঠিন।","footnotes":"","tafseer":"যিদিনা তোমালোকে ইয়াক স্বচক্ষে প্ৰত্যক্ষ কৰিবা (সেইদিনাৰ পৰিস্থিতি এনেকুৱা হ’ব যে) প্ৰত্যেক পিয়াহ খুউৱা তিৰোতাই নিজৰ কেঁচুৱাক পাহৰি যাব, আৰু প্ৰত্যেক গৰ্ভৱতী নাৰীয়ে ভয়তে গৰ্ভপাত কৰিব, আৰু তুমি সেইদিনা মানুহক দেখিবলৈ পাবা, সিহঁত ভয়তে বিবেক হেৰাই যোৱাৰ ফলত নিচাগ্ৰস্ত ব্যক্তিৰ দৰে আচৰণ কৰিব। যদিও সিহঁত নিচাগ্ৰস্ত নহ’ব, কিন্তু আল্লাহৰ কঠিন শাস্তিৰ ফলত সিহঁতৰ বিবেক নাইকিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022002.mp3"},{"index":"3","arabicText":"وَمِنَ النَّاسِ مَنْ یُّجَادِلُ فِی اللّٰهِ بِغَیْرِ عِلْمٍ وَّیَتَّبِعُ كُلَّ شَیْطٰنٍ مَّرِیْدٍ ۟ۙ","assameseTranslation":"মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিবিলাকে নাজানি আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে আৰু সি প্ৰত্যেক বিদ্ৰোহী চয়তানৰ অনুসৰণ কৰে,","footnotes":"","tafseer":"কিছুমান মানুহ এনেকুৱাও আছে, যিসকলে মৃত ব্যক্তিক জীৱিত কৰা সম্পৰ্কীয় আল্লাহৰ ক্ষমতাৰ বিষয়ে বাদানুবাদ কৰে, যদিও এই সম্পৰ্কে সিহঁতৰ ওচৰত কোনো জ্ঞানেই নাই, যাৰ ওপৰত সিহঁতে নিৰ্ভৰ কৰিব। সিহঁতে নিজৰ আস্থা, আৰু দাবীৰ ক্ষেত্ৰত এনেকুৱা চয়তান আৰু পথভ্ৰষ্ট লোকৰ অনুসৰণ কৰে, যিসকল নিজেই প্ৰতিপালকৰ বিদ্ৰোহী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022003.mp3"},{"index":"4","arabicText":"كُتِبَ عَلَیْهِ اَنَّهٗ مَنْ تَوَلَّاهُ فَاَنَّهٗ یُضِلُّهٗ وَیَهْدِیْهِ اِلٰی عَذَابِ السَّعِیْرِ ۟","assameseTranslation":"তাৰ বিষয়ে লিখি দিয়া হৈছে যে, যিয়ে তাৰ লগত বন্ধুত্ব কৰিব সি নিশ্চয় তাক পথভ্ৰষ্ট কৰিব আৰু তাক প্ৰজ্জ্বলিত অগ্নিৰ শাস্তিৰ পিনে পৰিচালিত কৰিব।","footnotes":"","tafseer":"জ্বিন আৰু মানুহৰ মাজত থকা বিদ্ৰোহী চয়তানসকলৰ লগত যিয়ে সম্পৰ্ক স্থাপন কৰিব, এই কথা লিখি দিয়া হৈছে যে, যিয়ে এইসকলৰ অনুসৰণ কৰিব আৰু সত্য বুলি মানিব, সিহঁতে তাক নিশ্চয় সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিব, লগতে কুফৰ তথা গুনাহৰ পথত পৰিচালিত কৰি জাহান্নামৰ পিনে আগুৱাই লৈ যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022004.mp3"},{"index":"5","arabicText":"یٰۤاَیُّهَا النَّاسُ اِنْ كُنْتُمْ فِیْ رَیْبٍ مِّنَ الْبَعْثِ فَاِنَّا خَلَقْنٰكُمْ مِّنْ تُرَابٍ ثُمَّ مِنْ نُّطْفَةٍ ثُمَّ مِنْ عَلَقَةٍ ثُمَّ مِنْ مُّضْغَةٍ مُّخَلَّقَةٍ وَّغَیْرِ مُخَلَّقَةٍ لِّنُبَیِّنَ لَكُمْ ؕ وَنُقِرُّ فِی الْاَرْحَامِ مَا نَشَآءُ اِلٰۤی اَجَلٍ مُّسَمًّی ثُمَّ نُخْرِجُكُمْ طِفْلًا ثُمَّ لِتَبْلُغُوْۤا اَشُدَّكُمْ ۚ وَمِنْكُمْ مَّنْ یُّتَوَفّٰی وَمِنْكُمْ مَّنْ یُّرَدُّ اِلٰۤی اَرْذَلِ الْعُمُرِ لِكَیْلَا یَعْلَمَ مِنْ بَعْدِ عِلْمٍ شَیْـًٔا ؕ وَتَرَی الْاَرْضَ هَامِدَةً فَاِذَاۤ اَنْزَلْنَا عَلَیْهَا الْمَآءَ اهْتَزَّتْ وَرَبَتْ وَاَنْۢبَتَتْ مِنْ كُلِّ زَوْجٍ بَهِیْجٍ ۟","assameseTranslation":"হে মানৱজাতি! যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছোঁ মাটিৰ পৰা, তাৰ পিছত শুক্ৰকীটৰ পৰা, তাৰ পিছত আলাক্বা (ৰক্তপিণ্ড)ৰ পৰা, তাৰ পিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা—যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিব পাৰোঁ। আমাৰ ইচ্ছানুসৰি তাক (শুক্ৰকীটক) এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখোঁ, তাৰ পিছত আমি তোমালোকক শিশুৰূপে উলিয়াই আনো। যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হ’ব পাৰা। তোমালোকৰ মাজৰ কিছুমানক (আগতেই) মৃত্যু দিয়া হয়, আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। তুমি দেখা পোৱা যে, ভূমিডৰা শুকান হৈ পৰি আছে, তাৰ পিছত আমি তাত পানী বৰ্ষণ কৰোঁ, ফলত সেই ভূমি সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়;","footnotes":"","tafseer":"হে মানৱজাতি! মৃত্যুৰ পিছত হ'বলগীয়া পুনৰুত্থান সম্পৰ্কীয় মোৰ ক্ষমতা সম্পৰ্কে যদি তোমালোকে সন্দেহ কৰা তেন্তে নিজৰ সৃষ্টি সম্পৰ্কে ভাবি চোৱা। নিশ্চয় আমি তোমাৰ আদি পিতা আদমক মাটিৰে সৃষ্টি কৰিছিলোঁ। তাৰ পিছত তেওঁৰ সন্তান-সন্ততিক শুক্ৰকীটৰ পৰা সৃষ্টি কৰিছিলোঁ, যিটোক পুৰুষে নাৰীৰ গৰ্ভাশয়ত নিক্ষেপ কৰে। পিছত সেই শুক্ৰকীট গোট খাই থকা ৰক্তত ৰূপান্তৰিত হয়। তাৰ পিছত সেই গোট খাই থকা ৰক্ত সৰু মাংসৰ টুকুৰালৈ ৰূপান্তৰিত হয়। তাৰ পিছত সেই মাংসৰ টুকুৰা পূৰ্ণ আকৃতি ধাৰণ কৰি গৰ্ভাশয়ত থাকে, যিটো অৱশেষত জীৱিত নৱজাতকৰ ৰূপত জন্ম লাভ কৰে। নাইবা অপূৰ্ণ আকৃতি ধাৰণ কৰি গৰ্ভপাত হৈ যায়। তোমালোকক বিভিন্ন স্তৰত সৃষ্টি কৰাৰ অৰ্থ হৈছে, যাতে আমি তোমালোকক আমাৰ ক্ষমতা দেখুৱাব পাৰোঁ। আমি যিটো গৰ্ভক ইচ্ছা কৰোঁ, গৰ্ভাশয়ত স্থিত ৰাখোঁ। অৱশেষত নিৰ্ধাৰিত সময়ত অৰ্থাৎ ন মাহ পিছত সন্তান ভূমিষ্ঠ হয়। আমি তোমালোকক তোমালোকৰ মাতৃ-গৰ্ভৰ পৰা শিশু অৱস্থাত উলিয়াই আনো, তাৰ পিছত তোমালোকক সম্পূৰ্ণ শক্তি আৰু বিবেক-বুদ্ধি প্ৰদান কৰোঁ। তোমালোকৰ মাজৰ কিছুমানে ইয়াৰ পূৰ্বেই মৃত্যুবৰণ কৰে আৰু কিছুমানে অসহায় বৃদ্ধ বয়সলৈকে জীৱিত থাকে, যি সময়ত শক্তি-সামৰ্থ আৰু বিবেক-বুদ্ধি হ্ৰাস পায়। আনকি সিহঁতৰ অৱস্থা শিশুতকৈও অধিক অৱনতি ঘটে। যিবোৰ কথা শিকিছিল, সকলো পাহৰি যায়। ঠিক সেইদৰে, যিদৰে তোমালোকে ভূমিক শুকান দেখিবলৈ পোৱা, তাত কোনো উদ্ভিদ নাথাকে। ইয়াৰ পিছত তাত বৰষুণৰ পানী নামি আহে, ফলত উদ্ভিদ আদি গজালি মেলে। ওখ ওখ গছ-গছনি বৃদ্ধি পায়। লগতে বিভিন্ন প্ৰকাৰৰ সুন্দৰ সেউজীয়া দৃশ্য প্ৰকাশ পায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022005.mp3"},{"index":"6","arabicText":"ذٰلِكَ بِاَنَّ اللّٰهَ هُوَ الْحَقُّ وَاَنَّهٗ یُحْیِ الْمَوْتٰی وَاَنَّهٗ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟ۙ","assameseTranslation":"এইটো এইকাৰণে যে, আল্লাহেই সত্য আৰু তেৱেঁই মৃতক জীৱিত কৰে আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান;","footnotes":"","tafseer":"এই সকলোবোৰ (তোমালোকৰ সৃষ্টিৰ আৰম্ভণি আৰু ইয়াৰ বিভিন্ন পৰ্যায়, তথা তোমালোকৰ মাজৰ যিসকলে জন্ম লাভ কৰে সেইসকলৰ অৱস্থা আদি) যিবোৰ আমি তোমালোকৰ আগত দাঙি ধৰিলোঁ, ইয়াৰ উদ্দেশ্য হৈছেঃ তোমালোকে সেই আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা, যিয়ে তোমালোকক সৃষ্টি কৰিছে; তেৱেঁই সত্য, ইয়াত কোনো সন্দেহ নাই। আনহাতে তেওঁৰ বাহিৰে তোমালোকে যিবোৰ মূৰ্তিৰ উপাসনা কৰা সেই সকলোবোৰ হৈছে অসত্য। ইয়াৰ আন এটা উদ্দেশ্য হৈছেঃ তোমালোকে বিশ্বাস পোষণ কৰা যে, তেৱেঁই মৃত লোকসকলক জীৱিত কৰিব। নিশ্চয় তেওঁ সকলো কৰ্মত ক্ষমতাৱান। কোনো কৰ্মই তেওঁৰ সাধ্যাতীত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022006.mp3"},{"index":"7","arabicText":"وَّاَنَّ السَّاعَةَ اٰتِیَةٌ لَّا رَیْبَ فِیْهَا ۙ وَاَنَّ اللّٰهَ یَبْعَثُ مَنْ فِی الْقُبُوْرِ ۟","assameseTranslation":"লগতে এইকাৰণেও যে, নিশ্চয় কিয়ামত আহিব, ইয়াত কোনো সন্দেহ নাই; আৰু যিসকল কবৰত আছে নিশ্চয় আল্লাহে তেওঁলোককো পুনৰুত্থিত কৰিব।","footnotes":"","tafseer":"যাতে তোমালোকে দৃঢ়ভাৱে এই বিশ্বাস পোষণ কৰা যে, কিয়ামত নিশ্চয় আহিব, ইয়াত কোনো সন্দেহ নাই। তথা আল্লাহে নিশ্চয় মৃত ব্যক্তিসকলক জীৱিত কৰিব সিহঁতৰ কবৰৰ পৰা, যাতে সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022007.mp3"},{"index":"8","arabicText":"وَمِنَ النَّاسِ مَنْ یُّجَادِلُ فِی اللّٰهِ بِغَیْرِ عِلْمٍ وَّلَا هُدًی وَّلَا كِتٰبٍ مُّنِیْرٍ ۟ۙ","assameseTranslation":"আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যিসকলৰ কোনো জ্ঞান নাই, পথনিৰ্দেশও নাই আৰু দীপ্তিমান কোনো পুথিও নাই। তথাপিও আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে।","footnotes":"","tafseer":"কাফিৰসকলৰ মাজত এনেকুৱা কিছুমান ব্যক্তিও আছে যিসকলে আল্লাহৰ তাওহীদ সম্পৰ্কে বিবাদ কৰে। অথচ সিহঁতৰ ওচৰত সত্য সম্পৰ্কে অৱগত হ'বলৈ কোনো জ্ঞান নাই, আনকি কোনো পথপ্ৰদৰ্শকৰ হিদায়তো নাই, তথা সিহঁতৰ ওচৰত আল্লাহৰ পৰা অৱতীৰ্ণ কোনো গ্ৰন্থও নাই যিখনে সিহঁতক পথ দেখুৱাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022008.mp3"},{"index":"9","arabicText":"ثَانِیَ عِطْفِهٖ لِیُضِلَّ عَنْ سَبِیْلِ اللّٰهِ ؕ لَهٗ فِی الدُّنْیَا خِزْیٌ وَّنُذِیْقُهٗ یَوْمَ الْقِیٰمَةِ عَذَابَ الْحَرِیْقِ ۟","assameseTranslation":"এনেকুৱা স্বভাৱৰ ব্যক্তিয়ে মানুহক আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট কৰিবলৈ অহংকাৰ কৰি দাং খাই উঠে। এনেকুৱা লোকৰ বাবে পৃথিৱীত আছে লাঞ্ছনা আৰু কিয়ামতৰ দিনা আমি তাক ভোগ কৰাম দহন যন্ত্ৰণা।","footnotes":"","tafseer":"এনেকুৱা স্বভাৱৰ ব্যক্তিয়ে অহংকাৰত ঘাৰ ঘূৰায়। যাতে মানুহক ঈমান পোষণৰ পৰা বিৰত ৰাখিব পাৰে আৰু আল্লাহৰ দ্বীনত প্ৰৱেশ কৰাত বাধা দিব পাৰে। এনেকুৱা স্বভাৱৰ ব্যক্তিৰ বাবে পৃথিৱীত আছে অপমানজনক শাস্তি আৰু আখিৰাতত আমি তাক জাহান্নামৰ শাস্তি ভোগ কৰাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022009.mp3"},{"index":"10","arabicText":"ذٰلِكَ بِمَا قَدَّمَتْ یَدٰكَ وَاَنَّ اللّٰهَ لَیْسَ بِظَلَّامٍ لِّلْعَبِیْدِ ۟۠","assameseTranslation":"(সেইদিনা তাক কোৱা হ’ব) ‘এইটো তোমাৰেই কৃতকৰ্মৰ ফল, নিশ্চয় আল্লাহে বান্দাসকলৰ প্ৰতি বিন্দুমাত্ৰও অন্যায় নকৰে’।","footnotes":"","tafseer":"তাক কোৱা হ’বঃ এই শাস্তি, যিটোৰ সোৱাদ তুমি গ্ৰহণ কৰি আছা, এইটো হৈছে তোমাৰ কুফৰী আৰু গুনাহৰ প্ৰতিফল। আল্লাহে তেওঁৰ কোনো সৃষ্টিক কাৰণ অবিহনে কোনো শাস্তি নিদিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022010.mp3"},{"index":"11","arabicText":"وَمِنَ النَّاسِ مَنْ یَّعْبُدُ اللّٰهَ عَلٰی حَرْفٍ ۚ فَاِنْ اَصَابَهٗ خَیْرُ طْمَاَنَّ بِهٖ ۚ وَاِنْ اَصَابَتْهُ فِتْنَةُ نْقَلَبَ عَلٰی وَجْهِهٖ ۚ۫ خَسِرَ الدُّنْیَا وَالْاٰخِرَةَ ؕ ذٰلِكَ هُوَ الْخُسْرَانُ الْمُبِیْنُ ۟","assameseTranslation":"মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে দ্বিধাৰ সৈতে আল্লাহৰ ইবাদত কৰে; তাৰ মঙ্গল হ’লে তেতিয়া সি প্ৰশান্তি লাভ কৰে আৰু কোনো বিপৰ্যয় ঘটিলে সি তাৰ পূৰ্বৰ চেহেৰালৈ উভতি যায়। সি ক্ষতিগ্ৰস্ত হয় পৃথিৱীত আৰু আখিৰাততো; এইটোৱেই হৈছে সুস্পষ্ট ক্ষতি।","footnotes":"","tafseer":"কিছুমান ব্যক্তিয়ে দোমোজাত পৰি, সন্দেহৰ বশৱৰ্তী হৈ আল্লাহৰ ইবাদত কৰে। যদি সুস্বাস্থ্য আৰু সুখ-শান্তি পায় তেন্তে আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ ইবাদত অব্যাহত ৰাখে। আনহাতে যদি বেমাৰ-আজাৰ আৰু দৰিদ্ৰতাৰ ৰূপত কোনো পৰীক্ষাৰ সন্মুখীন হয় তেন্তে ধৰ্মৰ প্ৰতি দোষ জাপি দি তাৰ পৰা আঁতৰি যায়। এনেকুৱা ব্যক্তি পাৰ্থিৱ জীৱনতেই ক্ষতিগ্ৰস্ত, তাৰ কুফৰীয়ে তাৰ বাবে পৃথিৱীৰ এনেকুৱা কোনো উপকাৰ কঢ়িয়াই আনিব নোৱাৰিব যিটো তাৰ ভাগ্যত লিখা নাই। সি আখিৰাততো ক্ষতিগ্ৰস্ত হ’ব, কিয়নো সি আল্লাহৰ শাস্তিৰ সন্মুখীন হ’ব। দৰাচলতে এইটোৱে হৈছে স্পষ্ট ক্ষতি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022011.mp3"},{"index":"12","arabicText":"یَدْعُوْا مِنْ دُوْنِ اللّٰهِ مَا لَا یَضُرُّهٗ وَمَا لَا یَنْفَعُهٗ ؕ ذٰلِكَ هُوَ الضَّلٰلُ الْبَعِیْدُ ۟ۚ","assameseTranslation":"সি আল্লাহৰ পৰিবৰ্তে সেইবোৰক আহ্বান কৰে যিবোৰে তাৰ কোনো ক্ষতিও কৰিব নোৱাৰে আৰু তাৰ কোনো উপকাৰো কৰিব নোৱাৰে; এইটোৱে হৈছে চৰম পথভ্ৰষ্টতা!","footnotes":"","tafseer":"সি আল্লাহৰ বাহিৰে এনেকুৱা মূৰ্তিৰ উপাসনা কৰে, যাৰ অবাধ্যতা কৰিলে কোনো ক্ষতি কৰিব নোৱাৰে আৰু আনুগত্য কৰিলে কোনো উপকাৰ কৰিব নোৱাৰে। এনেকুৱা উপকাৰ তথা অপকাৰ কৰাৰ ক্ষমতা নথকা মূৰ্তিবোৰক পূজা পাঠ কৰাটোৱেই হৈছে সত্যৰ পৰা বহু দূৰত অৱস্থিত পথভ্ৰষ্টতা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022012.mp3"},{"index":"13","arabicText":"یَدْعُوْا لَمَنْ ضَرُّهٗۤ اَقْرَبُ مِنْ نَّفْعِهٖ ؕ لَبِئْسَ الْمَوْلٰی وَلَبِئْسَ الْعَشِیْرُ ۟","assameseTranslation":"সি যিবোৰক আহ্বান কৰে সেইবোৰৰ ক্ষতি তাৰ লাভতকৈও বেছি। কিমান যে নিকৃষ্ট এই অভিভাৱক আৰু কিমান যে নিকৃষ্ট এই সহচৰ!","footnotes":"","tafseer":"এই কাফিৰে যিবোৰ মূৰ্তিৰ উপাসনা কৰে, তাৰ লাভতকৈ ক্ষতিৰ পৰিমাণ বেছি। এইবোৰ হৈছে নিকৃষ্ট উপাস্য, যাৰ ক্ষতিৰ পৰিমাণ লাভতকৈ বহুগুণে বেছি। সেই ব্যক্তিৰ বাবে ই কিমান নিকৃষ্ট সহায়ক, যিয়ে ইয়াৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে, আৰু কিমান যে নিকৃষ্ট সঙ্গী, যিয়ে ইয়াৰ সংস্পৰ্শত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022013.mp3"},{"index":"14","arabicText":"اِنَّ اللّٰهَ یُدْخِلُ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ؕ اِنَّ اللّٰهَ یَفْعَلُ مَا یُرِیْدُ ۟","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত; নিশ্চয় আল্লাহে যি ইচ্ছা কৰে সেইটোৱেই কৰে।","footnotes":"","tafseer":"যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আল্লাহে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকাসমূহৰ তলদেশত নিজৰা প্ৰবাহিত থাকিব। নিশ্চয় আল্লাহে যিটো বিচাৰে সেইটোৱেই কৰে। যাৰ প্ৰতি ইচ্ছা কৰে দয়া কৰে আৰু যাক ইচ্ছা কৰে শাস্তি প্ৰদান কৰে। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022014.mp3"},{"index":"15","arabicText":"مَنْ كَانَ یَظُنُّ اَنْ لَّنْ یَّنْصُرَهُ اللّٰهُ فِی الدُّنْیَا وَالْاٰخِرَةِ فَلْیَمْدُدْ بِسَبَبٍ اِلَی السَّمَآءِ ثُمَّ لْیَقْطَعْ فَلْیَنْظُرْ هَلْ یُذْهِبَنَّ كَیْدُهٗ مَا یَغِیْظُ ۟","assameseTranslation":"যিয়ে ধাৰণা কৰে যে, আল্লাহে তেওঁক (ৰাছুলক) কেতিয়াও ইহকাল আৰু পৰকালত সহায় নকৰিব, সি আকাশৰ ফালে এটা ৰছী প্ৰসাৰিত কৰক, তাৰ পিছত তাক কাটি দিয়ক, তাৰ পিছত চাওক তাৰ এই কৌশলে তাৰ আক্ৰোশ দূৰ কৰে নে নাই।","footnotes":"","tafseer":"যিয়ে এই ধাৰণা পোষণ কৰে যে, আল্লাহে পৃথিৱী আৰু আখিৰাতত তেওঁৰ ৰাছুলক সহায় নকৰিব, সেই ব্যক্তিয়ে নিজৰ ঘৰৰ চাদৰ সৈতে এটা ৰচী লগাই চিপজৰী লওক আৰু নিজকে মাটিৰ পৰা বিচ্ছিন্ন কৰক, তাৰ পিছত চাওক, ইয়াৰ দ্বাৰা তাৰ অন্তৰৰ ক্ৰোধ আৰু আক্ৰোশ শেষ হয় নে নহয়? আল্লাহ সকলো অৱস্থাতেই ৰাছুলৰ সহায়কাৰী। শত্ৰুৱে এইটো বিচাৰক বা নিবিচাৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022015.mp3"},{"index":"16","arabicText":"وَكَذٰلِكَ اَنْزَلْنٰهُ اٰیٰتٍ بَیِّنٰتٍ ۙ وَّاَنَّ اللّٰهَ یَهْدِیْ مَنْ یُّرِیْدُ ۟","assameseTranslation":"এইদৰেই আমি সুস্পষ্ট নিদৰ্শন হিচাপে ইয়াক অৱতীৰ্ণ কৰিছোঁ। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে হিদায়ত প্ৰদান কৰে।","footnotes":"","tafseer":"যিদৰে আমি তোমালোকৰ বাবে পুনৰুত্থান সম্পৰ্কীয় স্পষ্ট প্ৰমাণাদি বৰ্ণনা কৰিছোঁ, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোৰআনৰ স্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছোঁ। গতিকে নিশ্চিতভাৱে আল্লাহে যাক ইচ্ছা কৰে নিজ অনুগ্ৰহত হিদায়তৰ তাওফীক দিয়ে আৰু সুপথ দেখুৱায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022016.mp3"},{"index":"17","arabicText":"اِنَّ الَّذِیْنَ اٰمَنُوْا وَالَّذِیْنَ هَادُوْا وَالصّٰبِـِٕیْنَ وَالنَّصٰرٰی وَالْمَجُوْسَ وَالَّذِیْنَ اَشْرَكُوْۤا ۖۗ اِنَّ اللّٰهَ یَفْصِلُ بَیْنَهُمْ یَوْمَ الْقِیٰمَةِ ؕ اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে ইয়াহুদী হৈছে, আৰু যিসকলে ছাবেয়ী, খ্ৰীষ্টান আৰু অগ্নিপূজক হৈছে লগতে যিবিলাকে মুশ্বৰিক হৈছে, কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ মাজত ফয়চালা কৰি দিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত সম্যক প্ৰত্যক্ষকাৰী।","footnotes":"","tafseer":"নিশ্চয় এই উম্মতৰ যিসকল লোকে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে, তেওঁলোকৰ মাজত আৰু ইয়াহুদী, চাবেয়ী (কোনোবা নবীৰ অনুসৰণকাৰী এটা দল), নাচাৰা, অগ্নিপূজাৰী, মূৰ্তিপূজাৰী আদি সকলৰ মাজত নিশ্চয় আল্লাহে কিয়ামতৰ দিনা মীমাংসা কৰি দিব। তেতিয়া মুমিনসকলক জান্নাতত প্ৰৱেশ কৰাব আৰু তেওঁলোকৰ বাহিৰে অন্য লোকসকলক জাহান্নামত নিক্ষেপ কৰিব। নিশ্চয় আল্লাহ, তেওঁৰ বান্দাসকলৰ সকলো কথা আৰু কৰ্ম সম্পৰ্কে পূৰ্ণ অৱহিত। তেওঁৰ পৰা একোৱেই গোপন নহয়। অনতিপলমে তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022017.mp3"},{"index":"18","arabicText":"اَلَمْ تَرَ اَنَّ اللّٰهَ یَسْجُدُ لَهٗ مَنْ فِی السَّمٰوٰتِ وَمَنْ فِی الْاَرْضِ وَالشَّمْسُ وَالْقَمَرُ وَالنُّجُوْمُ وَالْجِبَالُ وَالشَّجَرُ وَالدَّوَآبُّ وَكَثِیْرٌ مِّنَ النَّاسِ ؕ وَكَثِیْرٌ حَقَّ عَلَیْهِ الْعَذَابُ ؕ وَمَنْ یُّهِنِ اللّٰهُ فَمَا لَهٗ مِنْ مُّكْرِمٍ ؕ اِنَّ اللّٰهَ یَفْعَلُ مَا یَشَآءُ ۟","assameseTranslation":"তুমি দেখা নাইনে যে, আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোৱে আল্লাহকেই ছাজদাহ কৰে, আৰু সূৰ্য, চন্দ্ৰ, নক্ষত্ৰমণ্ডলী, পৰ্বতৰাজি, বৃক্ষলতা, জীৱ-জন্তু লগতে বহুতো মানুহেও ছাজদাহ কৰে? আনহাতে বহুতৰে প্ৰতি সাব্যস্ত হৈছে শাস্তি। আল্লাহে যাক অপমানিত কৰে তাক সন্মানদাতা কোনো নাই; নিশ্চয় আল্লাহে যি ইচ্ছা কৰে সেইটোৱে কৰে। (ছাজদাহ)","footnotes":"","tafseer":"হে ৰাছুল! আপুনি নাজানে নেকি যে, আকাশমণ্ডলৰ সকলো ফিৰিস্তাই, এইদৰে পৃথিৱীৰ সকলো ইমান্দাৰ জ্বিন আৰু মানৱে আল্লাহৰ সন্মুখত তেওঁৰ ইবাদত কৰিবলৈ ছাজদাহ কৰে। সূৰ্য্যও তেওঁকেই ছাজদাহ কৰে আৰু চন্দ্ৰও তেওঁকেই ছাজদাহ কৰে আৰু আকাশত থকা তৰাবোৰেও তেওঁকেই ছাজদাহ কৰে, লগতে পাহাৰ-পৰ্বত, গছ-গছনি আৰু পৃথিৱীৰ সকলো জীৱ-জন্তুৱে তেওঁৰ ওচৰতেই নত স্বীকাৰ কৰে। বহুতো লোকে ইবাদত কৰি আল্লাহক ছাজদাহ কৰে, আনহাতে বহুতো লোকে আনুগত্যমূলক ছাজদাৰ পৰা নিজকে বিৰত ৰাখে। এনেকুৱা লোকৰ বিপক্ষে সিহঁতৰ কুফৰীৰ কাৰণে সিহঁতৰ ওপৰত শাস্তি অৱধাৰিত হৈছে। কুফৰীৰ কাৰণে আল্লাহে যাৰ ক্ষেত্ৰত অপমানজনক শাস্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিব, তাৰ বাবে কোনেও সন্মান কঢ়িয়াই আনিব নোৱাৰে। নিশ্চয় আল্লাহে যিটো বিচাৰে সেইটোৱে কৰে। পৱিত্ৰ মহান আল্লাহক কোনেও বাধ্য কৰাব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022018.mp3"},{"index":"19","arabicText":"هٰذٰنِ خَصْمٰنِ اخْتَصَمُوْا فِیْ رَبِّهِمْ ؗ فَالَّذِیْنَ كَفَرُوْا قُطِّعَتْ لَهُمْ ثِیَابٌ مِّنْ نَّارٍ ؕ یُصَبُّ مِنْ فَوْقِ رُءُوْسِهِمُ الْحَمِیْمُ ۟ۚ","assameseTranslation":"এই দুটা বিবদমান পক্ষ, সিহঁতে নিজ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছে; এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে জুইৰ কাপোৰ কাটি পোছাক তৈয়াৰ কৰা হৈছে, সিহঁতৰ মূৰত ঢালি দিয়া হ’ব উতলা পানী।","footnotes":"","tafseer":"এই দল দুটা হৈছে বিবদমান পক্ষ, সিহঁতে নিজ প্ৰতিপালক সম্পৰ্কে বিবাদ কৰে, কোন সত্য পথত আছেঃ মুমিনসকলৰ দল নে কাফিৰসকলৰ দল। কাফিৰসকলৰ দলক জাহান্নামে ঠিক সেইদৰে পৰিবেষ্টন কৰিব, যিদৰে কাপোৰে মানুহৰ শৰীৰক আৱৰি ৰাখে, আৰু সিহঁতৰ মূৰত উতলা গৰম পানী ঢালি দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022019.mp3"},{"index":"20","arabicText":"یُصْهَرُ بِهٖ مَا فِیْ بُطُوْنِهِمْ وَالْجُلُوْدُ ۟ؕ","assameseTranslation":"ইয়াৰ দ্বাৰা সিহঁতৰ পেটৰ ভিতৰত যি আছে তাক, লগতে সিহঁতৰ ছালবোৰক বিগলিত কৰা হ’ব।","footnotes":"","tafseer":"গৰমত সিহঁতৰ পেটৰ নাড়ীভুঁৰু গলি পচি যাব, গৰমৰ এই প্ৰচণ্ডতাই সিহঁতৰ ছালকো বিগলিত কৰি পেলাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022020.mp3"},{"index":"21","arabicText":"وَلَهُمْ مَّقَامِعُ مِنْ حَدِیْدٍ ۟","assameseTranslation":"আৰু সিহঁতৰ বাবে থাকিব লোৰ হাতুৰী।","footnotes":"","tafseer":"জাহান্নামত সিহঁতৰ বাবে থাকিব লোৰ হাঁতুৰী, যিটোৰে ফিৰিস্তাসকলে সিহঁতৰ মূৰত আঘাত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022021.mp3"},{"index":"22","arabicText":"كُلَّمَاۤ اَرَادُوْۤا اَنْ یَّخْرُجُوْا مِنْهَا مِنْ غَمٍّ اُعِیْدُوْا فِیْهَا ۗ وَذُوْقُوْا عَذَابَ الْحَرِیْقِ ۟۠","assameseTranslation":"যেতিয়াই সিহঁতে যন্ত্ৰণাত কাতৰ হৈ জাহান্নামৰ পৰা ওলাব বিচাৰিব, তেতিয়াই সিহঁতক তালৈকে ওভতাই দিয়া হ’ব; আৰু (সিহঁতক কোৱা হ’ব,) ‘ভোগ কৰা দহন যন্ত্ৰণা’।","footnotes":"","tafseer":"সিহঁতে যেতিয়াই শাস্তি সহ্য কৰিব নোৱাৰি ওলাই আহিবলৈ প্ৰয়াস কৰিব, তেতিয়াই সিহঁতক ওভোতাই পঠোৱা হ'ব, আৰু সিহঁতক কোৱা হ'বঃ অগ্নিৰ শাস্তি উপভোগ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022022.mp3"},{"index":"23","arabicText":"اِنَّ اللّٰهَ یُدْخِلُ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ یُحَلَّوْنَ فِیْهَا مِنْ اَسَاوِرَ مِنْ ذَهَبٍ وَّلُؤْلُؤًا ؕ وَلِبَاسُهُمْ فِیْهَا حَرِیْرٌ ۟","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদ দেশত নদীসমূহ প্ৰবাহিত; তাত তেওঁলোকক অলংকৃত কৰা হ’ব সোণৰ খাৰু আৰু মুকুতাৰ দ্বাৰা, আৰু তাত তেওঁলোকৰ পোছাক হ’ব ৰেচমৰ।","footnotes":"","tafseer":"আনহাতে মুমিনসকলৰ দলক, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক আল্লাহে এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ অট্টালিকাসমূহৰ তলদেশত আৰু গছ-গছনিসমূহৰ মাজেৰে নিজৰা প্ৰবাহিত থাকিব। আল্লাহে তেওঁলোকক সোণৰ খাৰুৰে অলংকৃত কৰিব। মুকুতাৰ অলংকাৰেৰে অলংকৃত কৰিব আৰু তাত তেওঁলোকৰ পোচাক হ'ব ৰেচমৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022023.mp3"},{"index":"24","arabicText":"وَهُدُوْۤا اِلَی الطَّیِّبِ مِنَ الْقَوْلِ ۖۚ وَهُدُوْۤا اِلٰی صِرَاطِ الْحَمِیْدِ ۟","assameseTranslation":"তেওঁলোকক পৱিত্ৰ বাক্যৰ অনুগামী কৰা হৈছিল আৰু তেওঁলোক পৰিচালিত হৈছিল পৰম প্ৰশংসিত আল্লাহৰ পথত।","footnotes":"","tafseer":"আল্লাহে পাৰ্থিৱ জীৱনত তেওঁলোকক পৱিত্ৰ কথাৰ পথ দেখুৱাইছিল, উদাহৰণস্বৰূপে এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আল্লাহৰ মহত্ব বৰ্ণনা কৰা আৰু তেওঁৰ প্ৰশংসা কৰা ইত্যাদি। তথা তেওঁলোকক ইছলামৰ প্ৰশংসনীয় পথ দেখুৱাইছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022024.mp3"},{"index":"25","arabicText":"اِنَّ الَّذِیْنَ كَفَرُوْا وَیَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ وَالْمَسْجِدِ الْحَرَامِ الَّذِیْ جَعَلْنٰهُ لِلنَّاسِ سَوَآءَ لْعَاكِفُ فِیْهِ وَالْبَادِ ؕ وَمَنْ یُّرِدْ فِیْهِ بِاِلْحَادٍ بِظُلْمٍ نُّذِقْهُ مِنْ عَذَابٍ اَلِیْمٍ ۟۠","assameseTranslation":"নিশ্চয় যিসকলে কুফৰী কৰিছে সিহঁতে আল্লাহৰ পথৰ পৰা লগতে মছজিদে হাৰামৰ পৰা মানুহক বাধা দিয়ে, য’ত আমি স্থানীয় আৰু বহিৰাগত সকলো মানুহৰ বাবেই সম অধিকাৰ দান কৰিছোঁ, তাত যিয়ে অন্যায়ভাৱে ইলহাদ তথা দ্বীনবিৰোধী পাপ কৰ্মৰ ইচ্ছা কৰে, আমি তাক যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰাম।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে, আৰু আন আন লোকসকলক ইছলাম গ্ৰহণত বাধা প্ৰদান কৰিছে আৰু মছজিদে হাৰামৰ পৰা মানুহক বিৰত ৰাখিছে, যিদৰে মুশ্বৰিকসকলে হুদাইবিয়াৰ বছৰত বাধা প্ৰদান কৰিছিল। সিহঁতক আমি অচিৰেই কষ্টদায়ক শাস্তি উপভোগ কৰাম। সেই মছজিদ যিটোক আমি মানুহৰ চালাতৰ বাবে কিবলা বনাইছোঁ, লগতে হজ্জ তথা ওমৰা সম্পাদনৰ স্থান বনাইছোঁ। সেই ঠাইডোখৰ মক্কাৰ অধিবাসী আৰু মক্কাৰ বাহিৰৰ পৰা অহা সকলো লোকসকলৰ বাবেই সমান। যিয়েই তাত জানি বুজি গুনাহৰ কৰ্ম কৰি সত্যৰ পৰা আঁতৰি যোৱাৰ চেষ্টা কৰিব, আমি তাক কষ্টদায়ক শাস্তিৰ সোৱাদ উপভোগ কৰাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022025.mp3"},{"index":"26","arabicText":"وَاِذْ بَوَّاْنَا لِاِبْرٰهِیْمَ مَكَانَ الْبَیْتِ اَنْ لَّا تُشْرِكْ بِیْ شَیْـًٔا وَّطَهِّرْ بَیْتِیَ لِلطَّآىِٕفِیْنَ وَالْقَآىِٕمِیْنَ وَالرُّكَّعِ السُّجُوْدِ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আমি ইব্ৰাহীমৰ বাবে ঘৰৰ (বাইতুল্লাহৰ) স্থান নিৰ্ধাৰণ কৰি দিছিলোঁ, তেতিয়া কৈছিলোঁ, ‘মোৰ লগত আন কাকো অংশী নকৰিবা আৰু মোৰ ঘৰখনক তাৱাফকাৰীসকলৰ বাবে, ছালাত আদায়কাৰীসকলৰ বাবে আৰু ৰুকু-ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ কৰি ৰাখিবা।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক, যেতিয়া আমি ইব্ৰাহীমক কাবাৰ স্থান আৰু তাৰ সীমা সম্পৰ্কে অৱগত কৰিছিলোঁ। কিয়নো ইয়াৰ পূৰ্বৰ চিহ্ন নাইকিয়া হৈ গৈছিল। আমি তেওঁৰ প্ৰতি অহী কৰি কৈছিলোঁ, মোৰ ইবাদতৰ ক্ষেত্ৰত আপুনি কাকো অংশীদাৰ স্থাপন নকৰিব। বৰং কেৱল মোৰেই ইবাদত কৰিব, আৰু তাৱাফকাৰীসকলৰ বাবে আৰু চালাত আদায়কাৰীসকলৰ বাবে মোৰ ঘৰখনক দৃশ্যাৱলী আৱৰ্জনা আৰু অদৃশ্য মলিনতাৰ পৰা পৰিস্কাৰ-পৰিচ্ছন্ন তথা পৱিত্ৰ কৰি ৰাখিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022026.mp3"},{"index":"27","arabicText":"وَاَذِّنْ فِی النَّاسِ بِالْحَجِّ یَاْتُوْكَ رِجَالًا وَّعَلٰی كُلِّ ضَامِرٍ یَّاْتِیْنَ مِنْ كُلِّ فَجٍّ عَمِیْقٍ ۟ۙ","assameseTranslation":"‘আৰু মানুহৰ মাজত হজ্জৰ বাবে ঘোষণা কৰি দিয়া, তেওঁলোকে তোমাৰ ওচৰলৈ আহিব খোজকাঢ়ি আৰু সকলো ধৰণৰ উটৰ পিঠিত আৰোহণ কৰি, তেওঁলোক আহিব দূৰ-দূৰণিৰ পথ অতিক্ৰম কৰি;","footnotes":"","tafseer":"লগতে মানুহক এই ঘৰৰ হজ্জ কৰিবলৈ আহ্বান কৰক, যিটোক নিৰ্মাণ কৰাৰ আদেশ আমি আপোনাক প্ৰদান কৰিছোঁ। তেওঁলোকে আপোনাৰ ওচৰলৈ খোজকাঢ়ি আহিব অথবা উটৰ পিঠিত আৰোহণ কৰি আহিব, দীঘলীয়া ভ্ৰমণৰ বাবে উট দুৰ্বল হৈ পৰিব। দূৰ-দাৰান্ত পথ অতিক্ৰম কৰি উটে তেওঁলোকক বহন কৰি আনিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022027.mp3"},{"index":"28","arabicText":"لِّیَشْهَدُوْا مَنَافِعَ لَهُمْ وَیَذْكُرُوا اسْمَ اللّٰهِ فِیْۤ اَیَّامٍ مَّعْلُوْمٰتٍ عَلٰی مَا رَزَقَهُمْ مِّنْ بَهِیْمَةِ الْاَنْعَامِ ۚ فَكُلُوْا مِنْهَا وَاَطْعِمُوا الْبَآىِٕسَ الْفَقِیْرَ ۟ؗ","assameseTranslation":"‘যাতে তেওঁলোকে নিজৰ কল্যাণৰ ঠাইবোৰত উপস্থিত হ’ব পাৰে আৰু আল্লাহে তেওঁলোকক চতুষ্পদ জন্তুৰ পৰা যিবোৰ জীৱিকা হিচাপে দান কৰিছে সেইবোৰৰ ওপৰত নিৰ্দিষ্ট দিনবোৰত আল্লাহৰ নাম উচ্চাৰণ (কৰি জবেহ) কৰিব পাৰে। এতেকে (সেই কুৰাবনীৰ পৰা) তোমালোকে নিজে খোৱা আৰু দুখীয়া-নিচলা, অভাৱগ্ৰস্তক আহাৰ কৰোৱা।","footnotes":"","tafseer":"যাতে তেওঁলোকে মাগফিৰাত লাভ কৰিবলৈ আৰু ছোৱাব অৰ্জন কৰিবলৈ, লগতে মুছলিমসকলৰ মাজত একতা বৃদ্ধি কৰিবলৈ উপস্থিত হয়। যাতে তেওঁলোকে নিৰ্দিষ্ট দিনসমূহত অৰ্থাৎ জিল-হিজ্জা মাহৰ দশম তাৰিখ আৰু ইয়াৰ পিছৰ তিনিদিনত হ'বলগীয়া কোৰবানীৰ পশু জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লয়, আৰু আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত, কিয়নো তেৱেঁই উট, গৰু আৰু ছাগলী আদি চতুষ্পদ জন্তু প্ৰদান কৰিছে। তোমালোকে এই কোৰবানীৰ মাংস নিজে খোৱা আৰু দুখীয়া, নিচলা, দৰিদ্ৰসকলক খুউৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022028.mp3"},{"index":"29","arabicText":"ثُمَّ لْیَقْضُوْا تَفَثَهُمْ وَلْیُوْفُوْا نُذُوْرَهُمْ وَلْیَطَّوَّفُوْا بِالْبَیْتِ الْعَتِیْقِ ۟","assameseTranslation":"‘তাৰ পিছত তেওঁলোকে যেন অপৰিচ্ছন্নতা দূৰ কৰে আৰু তেওঁলোকৰ মানত পূৰ্ণ কৰে, লগতে প্ৰাচীন (কা’বা) ঘৰৰ তাৱাফ কৰে’।","footnotes":"","tafseer":"তাৰ পিছত হজ্জৰ অৱশিষ্ট কৰণীয়খিনি সম্পাদন কৰা উচিত। মূৰ খুৰাই, নখ কাটি আৰু ইহৰামৰ ফলত হোৱা শৰীৰ ময়লা-আৱৰ্জনা পৰিস্কাৰ কৰি হালাল হ'ব লাগে। তাৰ পিছত হজ্জ, ওমৰাহ আৰু হাদী সম্পৰ্কীয় মান্নত আদি পূৰণ কৰা উচিত। তাৰ পিছত সেই কাবা গৃহৰ অন্তিম তাৱাফ কৰিব লাগে, যিটোক আল্লাহে দমনকাৰী শক্তিৰ পৰা ৰক্ষা কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022029.mp3"},{"index":"30","arabicText":"ذٰلِكَ ۗ وَمَنْ یُّعَظِّمْ حُرُمٰتِ اللّٰهِ فَهُوَ خَیْرٌ لَّهٗ عِنْدَ رَبِّهٖ ؕ وَاُحِلَّتْ لَكُمُ الْاَنْعَامُ اِلَّا مَا یُتْلٰی عَلَیْكُمْ فَاجْتَنِبُوا الرِّجْسَ مِنَ الْاَوْثَانِ وَاجْتَنِبُوْا قَوْلَ الزُّوْرِ ۟ۙ","assameseTranslation":"এইটোৱে বিধান, যিয়ে আল্লাহৰ সন্মানিত বিধানাৱলীৰ প্ৰতি সন্মান কৰিব তেন্তে তাৰ প্ৰতিপালকৰ ওচৰত তাৰ বাবে এইটোৱে উত্তম। তোমালোকৰ বাবে (ঘৰচীয়া) চতুষ্পদ জন্তুবোৰ হালাল কৰা হৈছে কিন্তু সেইবোৰৰ বাহিৰে যিবোৰৰ বিষয়ে তোমালোকক তিলাৱত কৰি (নিষিদ্ধ বুলি) জনোৱা হৈছে। সেয়ে তোমালোকে মূৰ্তিপূজাৰ অপৱিত্ৰতাৰ পৰা আঁতৰি থাকা আৰু মিছা কথা বৰ্জন কৰা।","footnotes":"","tafseer":"তোমালোকক এই যিবোৰ আদেশ দিয়া হৈছে (যেনেঃ মূৰ খুৰোৱা, নখ কটা, শৰীৰৰ ময়লা দূৰ কৰা, মান্নত আদি পূৰণ কৰা আৰু কাবা গৃহৰ তাৱাফ কৰা) আল্লাহে তোমালোকৰ ওপৰত এইবোৰ ওৱাজিব কৰিছে। এতেকে আল্লাহে ওৱাজিব কৰা বিষয়বোৰৰ তোমালোকে সন্মান কৰা উচিত। এতেকে যিয়ে আল্লাহৰ সীমালংঘন কৰাৰ ভয়ত, ইহৰাম অৱস্থাত আল্লাহে হাৰাম কৰা বস্তুৰ পৰা বিৰত থাকিব, তথা তেওঁ হাৰাম কৰা বস্তুক হালাল বুলি নাভাবিব, তেন্তে এই পদক্ষেপ তেওঁৰ বাবে তেওঁৰ প্ৰতিপালকৰ ওচৰত উত্তম বুলি পৰিগণিত হ'ব। হে মানৱ! তোমালোকৰ বাবে উট, গৰু আৰু ছাগলী আদি চতুষ্পদ জন্তুবোৰক হালাল কৰা হৈছে। এইবোৰৰ মাজৰ হামী, বাহীৰাহ আৰু অচীলাকো তোমালোকৰ বাবে হাৰাম কৰা নাই। হাৰাম কেৱল সেইবোৰ জীৱ-জন্তু যিবোৰ কোৰআনত উল্লেখ আছে, যেনেঃ মৃত জীৱ-জন্তু আৰু প্ৰবাহিত তেজ। এতেকে আৱৰ্জনা অৰ্থাৎ মূৰ্তি আদিৰ পৰা দূৰত্ব অৱলম্বন কৰা, লগতে সেই সকলো কথাৰ পৰা বিৰত থাকা, যিবোৰ আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰা হৈছে অথবা তেওঁৰ কোনো সৃষ্টি সম্পৰ্কে বনোৱা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022030.mp3"},{"index":"31","arabicText":"حُنَفَآءَ لِلّٰهِ غَیْرَ مُشْرِكِیْنَ بِهٖ ؕ وَمَنْ یُّشْرِكْ بِاللّٰهِ فَكَاَنَّمَا خَرَّ مِنَ السَّمَآءِ فَتَخْطَفُهُ الطَّیْرُ اَوْ تَهْوِیْ بِهِ الرِّیْحُ فِیْ مَكَانٍ سَحِیْقٍ ۟","assameseTranslation":"আল্লাহৰ প্ৰতি একনিষ্ঠ হৈ আৰু তেওঁৰ লগত আনক অংশীদাৰ নকৰি (উক্ত কামবোৰ কৰা)। কাৰণ যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে, (তাৰ অৱস্থা হৈছে এনেকুৱা) সি যেনিবা আকাশৰ পৰা পৰিল আৰু চৰাইয়ে তাক থাপ মাৰি লৈ গ’ল, নাইবা বতাহে তাক উৰুৱাই নি কোনো দূৰৱৰ্তী ঠাইত নিক্ষেপ কৰিলে।","footnotes":"","tafseer":"আল্লাহৰ মনোনীত দ্বীনৰ বাহিৰে আন সকলো ধৰ্মৰ পৰা নিজকে বিৰত ৰাখি তেওঁৰ ইবাদতত আন কাকো অংশীদাৰ স্থপনৰ পৰা দূৰত্ব অৱলম্বন কৰি, উপৰোক্ত আয়াতত উল্লেখ কৰা উপদেশবোৰ মানি চলা। এতেকে যিয়ে আল্লাহৰ লগত শ্বিৰ্ক কৰিব, ধৰি লোৱা সি আকাশৰ পৰা সৰি পৰিল, এতিয়া হয়তো চৰাই-চিৰকটিয়ে তাৰ মাংস আৰু হাড়সমূহ থাপ মাৰি লৈ যাব, নাইবা বতাহে তাক উৰুৱাই দূৰৱৰ্তী কোনো ঠাইত নিক্ষেপ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022031.mp3"},{"index":"32","arabicText":"ذٰلِكَ ۗ وَمَنْ یُّعَظِّمْ شَعَآىِٕرَ اللّٰهِ فَاِنَّهَا مِنْ تَقْوَی الْقُلُوْبِ ۟","assameseTranslation":"এইটোৱে হৈছে আল্লাহৰ বিধান, আৰু যিয়ে আল্লাহৰ নিদৰ্শনাৱলীক সন্মান কৰে, নিঃসন্দেহে সেইটো হৈছে তাৰ হৃদয়ৰ তাক্বৱাৰ বহিঃপ্ৰকাশ।","footnotes":"","tafseer":"এইবোৰেই হৈছে সেইবোৰ কৰ্ম, যিবোৰৰ আদেশ আল্লাহে প্ৰদান কৰিছে। যেনেঃ তেওঁক একক বুলি স্বীকাৰ কৰা আৰু নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰা, মূৰ্তিপূজা আৰু মিছা কথাৰ পৰা বিৰত থকা ইত্যাদি। যিয়ে মাআলিমে দ্বীনৰ (ধৰ্মৰ প্ৰতীকসমূহৰ) সন্মান কৰিব, যেনেঃ কোৰবানীৰ জন্তু, হজ্জৰ কৰ্ম আদি, তেন্তে তেওঁৰ এই কৰ্মই প্ৰমাণ বহন কৰে যে, তেওঁৰ অন্তৰত আল্লাহৰ ভয় আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022032.mp3"},{"index":"33","arabicText":"لَكُمْ فِیْهَا مَنَافِعُ اِلٰۤی اَجَلٍ مُّسَمًّی ثُمَّ مَحِلُّهَاۤ اِلَی الْبَیْتِ الْعَتِیْقِ ۟۠","assameseTranslation":"এই (ঘৰচীয়া) চতুষ্পদ জন্তুবোৰৰ মাজত তোমালোকৰ বাবে নানাবিধ উপকাৰ আছে এটা নিৰ্দিষ্ট সময়লৈকে; তাৰ পিছত এইবোৰৰ কুৰবানীৰ স্থান হৈছে প্ৰাচীন ঘৰখনৰ নিকটৱৰ্তী ঠাইত।","footnotes":"","tafseer":"হাদীৰ জন্তুবোৰৰ মাজত আছে তোমালোকৰ বাবে কেইবাটাও উপকাৰ, যিবোৰ জন্তুক তোমালোকে কাবাৰ ওচৰত কুৰবানী কৰা। যেনেঃ পৰিবহণ হিচাপে ব্যৱহাৰ কৰা, ঊণ সংগ্ৰহ কৰা, সেই পশুৰ বংশ জীয়াই ৰখা, গাখীৰ আদি। এটা নিৰ্দিষ্ট সময়লৈকে তোমালোকে ইয়াৰ পৰা উপকৃত হ’ব পাৰা অৰ্থাৎ কাবা গৃহৰ ওচৰত জবেহ কৰাৰ আগমূৰ্তলৈকে, যি কাবা ঘৰক দমনকাৰী শক্তিৰ পৰা সুৰক্ষিত কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022033.mp3"},{"index":"34","arabicText":"وَلِكُلِّ اُمَّةٍ جَعَلْنَا مَنْسَكًا لِّیَذْكُرُوا اسْمَ اللّٰهِ عَلٰی مَا رَزَقَهُمْ مِّنْ بَهِیْمَةِ الْاَنْعَامِ ؕ فَاِلٰهُكُمْ اِلٰهٌ وَّاحِدٌ فَلَهٗۤ اَسْلِمُوْا ؕ وَبَشِّرِ الْمُخْبِتِیْنَ ۟ۙ","assameseTranslation":"আৰু আমি প্ৰত্যেক সম্প্ৰদায়ৰ বাবে কুৰবানীৰ নিয়ম বনাই দিছোঁ; আমি সিহঁতক জীৱনোপকৰণ হিচাপে যিবোৰ চতুষ্পদ জন্তু প্ৰদান কৰিছোঁ, (জবেহ কৰাৰ সময়ত) সেইবোৰৰ ওপৰত যাতে তেওঁলোকে আল্লাহৰ নাম উচ্চাৰণ কৰে। এতেকে তোমালোকৰ ইলাহ হৈছে কেৱল একক ইলাহ, সেয়ে তোমালোকে কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পণ কৰা, আৰু সুসংবাদ দিয়া বিনীত লোকসকলক,","footnotes":"","tafseer":"অতিবাহিত হোৱা সকলো সম্প্ৰদায়ৰ বাবে আল্লাহৰ নৈকট্য অৱলম্বন কৰিবলৈ তেজ প্ৰবাহিত কৰাৰ পদ্ধতি নিৰ্ধাৰণ কৰি দিছিলোঁ। যাতে তেওঁলোকে নৈকট্য অৱলম্বন কৰিবলৈ জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লয়। তথা তেওঁলোকে যাতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰে, কিয়নো তেৱেঁই তেওঁলোকক উট, গৰু আৰু ছাগলী আদি প্ৰদান কৰিছে। হে মানৱজাতি! তোমালোকৰ সত্য উপাস্য কেৱল এজনেই, তেওঁৰ কোনো অংশীদাৰ নাই। গতিকে তেওঁৰ ওচৰত নত স্বীকাৰ কৰি তেওঁৰ আনুগত্য কৰা। হে ৰাছুল! নিজ প্ৰতিপালকক ভয় কৰা লোকসকলক আৰু নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰা লোকসকলক এনেকুৱা সুসংবাদ দিয়ক যাতে তেওঁলোকে আনন্দিত হৈ যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022034.mp3"},{"index":"35","arabicText":"الَّذِیْنَ اِذَا ذُكِرَ اللّٰهُ وَجِلَتْ قُلُوْبُهُمْ وَالصّٰبِرِیْنَ عَلٰی مَاۤ اَصَابَهُمْ وَالْمُقِیْمِی الصَّلٰوةِ ۙ وَمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ ۟","assameseTranslation":"যিসকলৰ ওচৰত আল্লাহৰ কথা উল্লেখ কৰা হ’লে তেওঁলোকৰ হৃদয় ভয়তে কম্পিত হয়, যিসকলে নিজৰ বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰে আৰু ছালাত কায়েম কৰে, লগতে আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা দান কৰে।","footnotes":"","tafseer":"যেতিয়া তেওঁলোকৰ সন্মুখত আল্লাহৰ নাম লোৱা হয়, তেওঁলোকে তেওঁৰ শাস্তিক স্মৰণ কৰি ভীত-সন্ত্ৰস্ত হয়, তথা তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে, লগতে বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰে, আৰু পৰিপূৰ্ণৰূপে চালাত আদায় কৰে। আল্লাহে প্ৰদান কৰা ধন বিভিন্ন প্ৰকাৰৰ কল্যাণমূলক কামত ব্যয় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022035.mp3"},{"index":"36","arabicText":"وَالْبُدْنَ جَعَلْنٰهَا لَكُمْ مِّنْ شَعَآىِٕرِ اللّٰهِ لَكُمْ فِیْهَا خَیْرٌ ۖۗ فَاذْكُرُوا اسْمَ اللّٰهِ عَلَیْهَا صَوَآفَّ ۚ فَاِذَا وَجَبَتْ جُنُوْبُهَا فَكُلُوْا مِنْهَا وَاَطْعِمُوا الْقَانِعَ وَالْمُعْتَرَّ ؕ كَذٰلِكَ سَخَّرْنٰهَا لَكُمْ لَعَلَّكُمْ تَشْكُرُوْنَ ۟","assameseTranslation":"আৰু (কুৰবানীৰ) উটক আমি আল্লাহৰ (দ্বীনৰ) প্ৰতীকসমূহৰ মাজত অন্যতম প্ৰতীক বনাইছোঁ, তোমালোকৰ বাবে তাৰ মাজত বহুতো কল্যাণ আছে। সেয়ে এটা ভৰি বান্ধি আৰু বাকী তিনিটা ভৰিত থিয় দি থকা অৱস্থাত তোমালোকে তাৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ (কৰি নহৰ) কৰা। তাৰ পিছত যেতিয়া সিহঁত কাতি হৈ পৰি যাব, তেতিয়া তোমালোকে তাৰ পৰা (মাংস) খোৱা আৰু আহাৰ কৰোৱা ধৈৰ্য্যশীল অভাৱগ্ৰস্তক লগতে সহায়প্ৰাৰ্থী নিচলাসকলক; এইদৰেই আমি সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছোঁ যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।","footnotes":"","tafseer":"হাদীৰ বাবে নিৰ্ধাৰণ কৰা সেই উট আৰু গৰু যিবোৰক কাবাৰ পিনে লৈ যোৱা হয়, সেইবোৰক আমি তোমালোকৰ বাবে ধৰ্মৰ প্ৰতীক বনাই দিছোঁ। সেইবোৰৰ মাজত তোমালোকৰ বাবে পৃথিৱী আৰু আখিৰাতৰ উপকাৰ আছে। এতেকে সেই উট জবেহ কৰাৰ সময়ত, তাৰ এটা ভৰি বান্ধি তিনি ঠেঙৰ ওপৰত থিয় কৰাই বিছমিল্লাহ বুলি কৈ জবেহ কৰিবা। জবেহ কৰাৰ পিছত যেতিয়া মাটিত বাগৰি পৰিব, (হে কুৰবানীকাৰী ব্যক্তি!) তেতিয়া তোমালোকে তাৰ মাংস ভক্ষণ কৰা, আৰু সেইসকল দুখীয়াক দিয়া যিসকলে মানুহৰ আগত হাত প্ৰসাৰিত নকৰে, লগতে সেইসকল দুখীয়াকো দিয়া যিসকলে মানুহৰ ওচৰত বিচাৰি ফুৰে। এইদৰেই আমি সেই জন্তুবোৰক তোমালোকৰ বশীভূত কৰি দিছোঁ, যাতে তোমালোকে সেইবোৰক পৰিবহন হিচাপে ব্যৱহাৰ কৰিব পাৰা, লগতে সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছোঁ যাতে তোমালোকে আল্লাহৰ নৈকট্য অৱলম্বন কৰিবলৈ সেইবোৰক জবেহ কৰাৰ স্থানলৈ লৈ যাব পাৰা। আল্লাহে সেইবোৰক তোমালোকৰ অধীনস্থ কৰি দিয়াৰ বাবে যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022036.mp3"},{"index":"37","arabicText":"لَنْ یَّنَالَ اللّٰهَ لُحُوْمُهَا وَلَا دِمَآؤُهَا وَلٰكِنْ یَّنَالُهُ التَّقْوٰی مِنْكُمْ ؕ كَذٰلِكَ سَخَّرَهَا لَكُمْ لِتُكَبِّرُوا اللّٰهَ عَلٰی مَا هَدٰىكُمْ ؕ وَبَشِّرِ الْمُحْسِنِیْنَ ۟","assameseTranslation":"সেইবোৰ পশুৰ তেজ আৰু মাংস আল্লাহৰ ওচৰলৈ একোৱেই গৈ নাপায়, বৰং তেওঁৰ ওচৰলৈ গৈ পায় কেৱল তোমালোকৰ তাক্বৱা। এইদৰেই তেওঁ এইবোৰক তোমালোকৰ বশীভূত কৰি দিছে যাতে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা, কাৰণ তেৱেঁই তোমালোকক হিদায়ত কৰিছে, সেয়ে তুমি সুসংবাদ দিয়া সৎকৰ্মপৰায়ণসকলক।","footnotes":"","tafseer":"তোমালোকৰ কুৰবানীৰ মাংস আৰু তেজ একোৱেই আল্লাহৰ ওচৰলৈ গৈ নাপায়। এইবোৰক আল্লাহৰ ওচৰলৈ উঠায়ো লোৱা নহয়। কিন্তু জবেহ কৰাৰ সময়ত তোমালোকৰ আজ্ঞা পালন আৰু আগ্ৰহ তথা তাক্বৱাহে তেওঁৰ ওচৰলৈ গৈ পায়। সেয়ে তোমালোকে তেওঁৰ নৈকট্য অৰ্জন কৰিবলৈ ছোৱাবৰ আশাত নিৰ্ভেজালভাৱে কুৰবানী কৰা। যিহেতু আল্লাহে সেইবোৰক তোমালোকৰ অধীনস্থ কৰি দিছে, যাতে তোমালোকে সঠিক পথ পোৱাৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁৰ মহিমা বৰ্ণনা কৰা। হে ৰাছুল! লগতে আপুনি সেইসকল লোকক সুসংবাদ দিয়ক, যিসকলে উত্তমভাৱে আল্লাহৰ ইবাদত কৰে আৰু তেওঁৰ সৃষ্টিৰ সৈতে ভাল ব্যৱহাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022037.mp3"},{"index":"38","arabicText":"اِنَّ اللّٰهَ یُدٰفِعُ عَنِ الَّذِیْنَ اٰمَنُوْا ؕ اِنَّ اللّٰهَ لَا یُحِبُّ كُلَّ خَوَّانٍ كَفُوْرٍ ۟۠","assameseTranslation":"নিশ্চয় আল্লাহে মুমিনসকলক (তেওঁলোকৰ শত্ৰুৰ পৰা) প্ৰতিৰক্ষা দি থাকে, নিশ্চয় তেওঁ কোনো বিশ্বাসঘাতক, অকৃতজ্ঞ ব্যক্তিক পছন্দ নকৰে।","footnotes":"","tafseer":"নিশ্চয় আল্লাহে মুমিনসকলক তেওঁলোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰে। নিশ্চয় আল্লাহে বিশ্বাসঘাতকতা কৰা ব্যক্তিক পছন্দ নকৰে। যিসকলে আল্লাহৰ নিয়ামত অস্বীকাৰ কৰে তথা সেই নিয়ামতৰ বাবে আল্লাহৰ কৃতজ্ঞতা নকৰি বিদ্বেষভাৱ পোষণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022038.mp3"},{"index":"39","arabicText":"اُذِنَ لِلَّذِیْنَ یُقٰتَلُوْنَ بِاَنَّهُمْ ظُلِمُوْا ؕ وَاِنَّ اللّٰهَ عَلٰی نَصْرِهِمْ لَقَدِیْرُ ۟ۙ","assameseTranslation":"যুদ্ধৰ অনুমতি দিয়া হ’ল তেওঁলোকক, যিসকলে আক্ৰান্ত হৈছে, কাৰণ তেওঁলোকক নিৰ্যাতন কৰা হৈছে। নিশ্চয় আল্লাহে তেওঁলোকক সহায় কৰিবলৈ সম্যক সক্ষম;","footnotes":"","tafseer":"আল্লাহে সেইসকল মুমিনক যুদ্ধৰ অনুমতি প্ৰদান কৰিছে, যিসকলৰ লগত মুশ্বৰিকসকলে যুদ্ধ কৰে। কিয়নো তেওঁলোকৰ শত্ৰুসকলে তেওঁলোকৰ প্ৰতি মহা অন্যায় কৰিছে। যুদ্ধ নকৰাকৈও নিশ্চয় আল্লাহে মুমিনসকলক সহায় কৰিবলৈ সক্ষম, কিন্তু তেওঁৰ হিকমতৰ দাবী হৈছে, মুমিনসকলক কাফিৰসকলৰ লগত যুদ্ধ কৰাই পৰীক্ষা কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022039.mp3"},{"index":"40","arabicText":"لَّذِیْنَ اُخْرِجُوْا مِنْ دِیَارِهِمْ بِغَیْرِ حَقٍّ اِلَّاۤ اَنْ یَّقُوْلُوْا رَبُّنَا اللّٰهُ ؕ وَلَوْلَا دَفْعُ اللّٰهِ النَّاسَ بَعْضَهُمْ بِبَعْضٍ لَّهُدِّمَتْ صَوَامِعُ وَبِیَعٌ وَّصَلَوٰتٌ وَّمَسٰجِدُ یُذْكَرُ فِیْهَا اسْمُ اللّٰهِ كَثِیْرًا ؕ وَلَیَنْصُرَنَّ اللّٰهُ مَنْ یَّنْصُرُهٗ ؕ اِنَّ اللّٰهَ لَقَوِیٌّ عَزِیْزٌ ۟","assameseTranslation":"তেওঁলোকক নিজৰ ঘৰ-বাৰীৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰা হৈছে, তেওঁলোকৰ অপৰাধ কেৱল এইটোৱে আছিল যে, তেওঁলোকে কয়, ‘আমাৰ প্ৰতিপালক হৈছে আল্লাহ’। আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন, তেন্তে বিধ্বস্ত হৈ গ’লহেঁতেন খৃষ্টান সন্যাসীসকলৰ উপাসনালয়, গীৰ্জা, ইয়াহুদীসকলৰ উপাসনালয় লগতে মছজিদসমূহ—য’ত বেছি বেছি আল্লাহৰ নাম স্মৰণ কৰা হয়। নিশ্চয় আল্লাহে তাক সহায় কৰে যিয়ে আল্লাহক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।","footnotes":"","tafseer":"কাফিৰসকলে তেওঁলোকক অন্যায়ভাৱে নিজৰ ঘৰৰ পৰা বহিষ্কাৰ কৰিছিল, তেওঁলোকৰ কোনো অপৰাধ নাছিল; অপৰাধ কেৱল এইটোৱে যে, তেওঁলোকে কৈছিলঃ “আল্লাহ হৈছে আমাৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ আন কোনো প্ৰতিপালক নাই।” যদি আল্লাহে নবীসকলক আৰু মুমিনসকলক শত্ৰুৰ সৈতে যুদ্ধ কৰাৰ অনুমতি প্ৰদান নকৰিলেহেঁতেন, তেন্তে সিহঁতে ইবাদতৰ স্থানসমূহক বিধ্বস্ত কৰিলেহেঁতেন, বৈৰাগীসকলৰ উপাসনালয়, খৃষ্টানসকলৰ গীৰ্জা, ইয়াহুদীসকলৰ উপাসনালয় আৰু মুছলিমসকলৰ চালাত আদায় কৰা স্থান মছজিদসমূহক বিধ্বস্ত কৰিলেহেঁতেন, য’ত মুছলিমসকলে আল্লাহক অধিক বেছি বেছি স্মৰণ কৰে। নিশ্চয় আল্লাহে সেই ব্যক্তিক সহায় কৰিব, যিয়ে তেওঁৰ ধৰ্ম আৰু তেওঁৰ নবীক সহায় কৰে। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022040.mp3"},{"index":"41","arabicText":"اَلَّذِیْنَ اِنْ مَّكَّنّٰهُمْ فِی الْاَرْضِ اَقَامُوا الصَّلٰوةَ وَاٰتَوُا الزَّكٰوةَ وَاَمَرُوْا بِالْمَعْرُوْفِ وَنَهَوْا عَنِ الْمُنْكَرِ ؕ وَلِلّٰهِ عَاقِبَةُ الْاُمُوْرِ ۟","assameseTranslation":"এওঁলোকেই হৈছে সেইসকল লোক যিসকলক আমি পৃথিৱীৰ বুকুত প্ৰতিষ্ঠিত কৰিলে তেওঁলোকে ছালাত কায়েম কৰিব, যাকাত প্ৰদান কৰিব আৰু সৎকৰ্মৰ নিৰ্দেশ দিব লগতে অসৎকৰ্ম নিষেধ কৰিব; আৰু সকলো কৰ্মৰ চূড়ান্ত পৰিণতি আল্লাহৰ ইখতিয়াৰত।","footnotes":"","tafseer":"যিসকল লোকক সহায়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, যদি আমি তেওঁলোকক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি পৃথিৱীত আধিপত্য প্ৰদান কৰোঁ, তেন্তে তেওঁলোকে নিয়মিতভাৱে পৰিপূৰ্ণৰূপে চালাত আদায় কৰিব, আৰু নিজৰ সম্পত্তিৰ যাকাত আদায় কৰিব, চৰীয়তে আদেশ দিয়া কৰ্মৰ প্ৰতি আনকো আহ্বান কৰিব, আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত ৰাখিব। জানি থোৱা! ছোৱাব তথা শাস্তি সম্পৰ্কীয় সকলো বিষয় একমাত্ৰ আল্লাহৰ ফালেই প্ৰত্যাৱৰ্তন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022041.mp3"},{"index":"42","arabicText":"وَاِنْ یُّكَذِّبُوْكَ فَقَدْ كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوْحٍ وَّعَادٌ وَّثَمُوْدُ ۟ۙ","assameseTranslation":"আৰু সিহঁতে যদি তোমাক অস্বীকাৰ কৰে, তেন্তে (এয়া কোনো নতুন কথা নহয়) সিহঁতৰ পূৰ্বেও নূহ, আদ আৰু ছামূদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল,","footnotes":"","tafseer":"হে ৰাছুল! যদি আপোনাৰ সম্প্ৰদায়ে আপোনাক অস্বীকাৰ কৰে তেন্তে আপুনি ধৈৰ্য্য ধাৰণ কৰক। কাৰণ ৰাছুলসকলক অস্বীকাৰ কৰাৰ ক্ষেত্ৰত আপুনিয়ে প্ৰথম নহয়। কিয়নো আপোনাৰ পূৰ্বে নূহৰ সম্প্ৰদায়ে নূহ আলাইহিচ্ছালামক, আদ সম্প্ৰদায়ে হূদ আলাইহিচ্ছালামক আৰু ছামূদ সম্প্ৰদায়ে চলেহ আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022042.mp3"},{"index":"43","arabicText":"وَقَوْمُ اِبْرٰهِیْمَ وَقَوْمُ لُوْطٍ ۟ۙ","assameseTranslation":"লগতে ইব্ৰাহীম আৰু লূতৰ সম্প্ৰদায়েও (অস্বীকাৰ কৰিছিল),","footnotes":"","tafseer":"ইব্ৰাহীমৰ সম্প্ৰদায়ে ইব্ৰাহীম আলাইহিচ্ছালামক আৰু লূতৰ সম্প্ৰদায়ে লূত আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022043.mp3"},{"index":"44","arabicText":"وَّاَصْحٰبُ مَدْیَنَ ۚ وَكُذِّبَ مُوْسٰی فَاَمْلَیْتُ لِلْكٰفِرِیْنَ ثُمَّ اَخَذْتُهُمْ ۚ فَكَیْفَ كَانَ نَكِیْرِ ۟","assameseTranslation":"আৰু মাদাইনৰ অধিবাসীবিলাকেও (অস্বীকাৰ কৰিছিল)। এইদৰে অস্বীকাৰ কৰা হৈছিল মুছাকো। এতেকে কাফিৰসকলক মই অৱকাশ দিছিলোঁ, তাৰ পিছতহে আমি সিহঁতক ধৰিছিলোঁ। এতেকে (প্ৰত্যক্ষ কৰা) মোৰ প্ৰত্যাখ্যান (শাস্তি) কেনেকুৱা (ভয়ংকৰ) আছিল!","footnotes":"","tafseer":"মাদিয়ানৰ অধিবাসীসকলে শ্বুআইব আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল, ইপিনে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে মূছা আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল। এতেকে ময়ো সিহঁতক অৱকাশ প্ৰদান কৰি সিহঁতৰ শাস্তিক পিছুৱাই দিছিলোঁ। তাৰ পিছত শাস্তিয়ে সিহঁতক গ্ৰাস কৰিছিল। এতেকে ভাবি চাওক, সিহঁতৰ প্ৰতি মোৰ কৰায়ত্ত কেনেকুৱা আছিল? সিহঁতৰ কুফৰীৰ কাৰণে মই সিহঁতক ধ্বংস কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022044.mp3"},{"index":"45","arabicText":"فَكَاَیِّنْ مِّنْ قَرْیَةٍ اَهْلَكْنٰهَا وَهِیَ ظَالِمَةٌ فَهِیَ خَاوِیَةٌ عَلٰی عُرُوْشِهَا وَبِئْرٍ مُّعَطَّلَةٍ وَّقَصْرٍ مَّشِیْدٍ ۟","assameseTranslation":"আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছোঁ যিবোৰৰ অধিবাসীবিলাক আছিল যালিম। ফলত এইবোৰ জনপদে সিহঁতৰ ঘৰৰ চাদৰ সৈতে ধ্বংসস্তূপত পৰিণত হৈছে। এইদৰে কিমান যে কুঁৱা পৰিত্যক্ত হৈছে আৰু কিমান যে সুদৃঢ় প্ৰাসাদ ধ্বংস হৈছে!","footnotes":"","tafseer":"বহুতো জনবসতিক আমি আমাৰ শাস্তিৰ দ্বাৰা ধ্বংস কৰিছোঁ, সিহঁতে কুফৰী কৰি অন্যায় কৰিছিল। সিহঁতৰ ঘৰ-দুৱাৰ বিধ্বস্ত আৰু জনশূন্য হৈ পৰি আছে। বহুতো কুঁৱা এতিয়া এনেই পৰি আছে, যিবোৰৰ পৰা পানী সংগ্ৰহকাৰী ব্যক্তিসকল ধ্বংস হৈছে। বহুতো আটক ধুনীয়া ওখ ওখ অট্টালিকা আছে, যিবোৰৰ অধিবাসীসকলক সিহঁতৰ অট্টালিকাই শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022045.mp3"},{"index":"46","arabicText":"اَفَلَمْ یَسِیْرُوْا فِی الْاَرْضِ فَتَكُوْنَ لَهُمْ قُلُوْبٌ یَّعْقِلُوْنَ بِهَاۤ اَوْ اٰذَانٌ یَّسْمَعُوْنَ بِهَا ۚ فَاِنَّهَا لَا تَعْمَی الْاَبْصَارُ وَلٰكِنْ تَعْمَی الْقُلُوْبُ الَّتِیْ فِی الصُّدُوْرِ ۟","assameseTranslation":"সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে জ্ঞান বুদ্ধি সম্পন্ন হৃদয় আৰু শ্ৰুতিশক্তি সম্পন্ন শ্ৰৱণৰ অধিকাৰী হ’ব পাৰিলেহেঁতেন। প্ৰকৃততে চকু অন্ধ নহয়, বৰং অন্ধ হৈছে বুকুৰ মাজত অৱস্থিত হৃদয়।","footnotes":"","tafseer":"ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তক অস্বীকাৰ কৰা লোকসকলে পৃথিৱীত ঘূৰি পকি চোৱা নাই নেকি? তেতিয়াহে বিধ্বস্ত জনবসতিৰ ঐতিহাসিক চিহ্নবোৰ নিজ চকুৰে চাব পাৰিলেহেঁতেন, আৰু চিন্তা-চৰ্চা কৰি উপদেশ গ্ৰহণ কৰিব পাৰিলেহেঁতেন! লগতে সিহঁতৰ ঘটনাৱলী মানাৰ মানসিকতাৰে শ্ৰৱণ কৰি শিক্ষা ল'লেহেঁতেন! দৰাচলতে দৃষ্টিহীনতাই প্ৰকৃত অন্ধতা নহয়, বৰং বিনাশকাৰী অন্ধতা হৈছে বিবেকৰ অন্ধতা। যাৰ ফলত মানুহে শিক্ষা গ্ৰহণ কৰিব নোৱাৰে আৰু উপদেশ গ্ৰহণ কৰাৰ উপযুক্ত নাথাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022046.mp3"},{"index":"47","arabicText":"وَیَسْتَعْجِلُوْنَكَ بِالْعَذَابِ وَلَنْ یُّخْلِفَ اللّٰهُ وَعْدَهٗ ؕ وَاِنَّ یَوْمًا عِنْدَ رَبِّكَ كَاَلْفِ سَنَةٍ مِّمَّا تَعُدُّوْنَ ۟","assameseTranslation":"আৰু সিহঁতে শাস্তি আনিবলৈ তোমাক খৰখেদা কৰিবলৈ কয়, অথচ আল্লাহে তেওঁৰ প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰে। নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ ওচৰত এদিন, তোমালোকৰ গণনাত সেয়া এহেজাৰ বছৰৰ সমান;","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ সম্প্ৰদায়ৰ লোকসকলক যেতিয়া অচিৰেই আহিবলগীয়া পৃথিৱীৰ শাস্তি আৰু পিছত হ'বলগীয়া আখিৰাতৰ শাস্তি সম্পৰ্কে সতৰ্ক কৰা হয়, তেতিয়া সিহঁতে সেই শাস্তি অতি শীঘ্ৰে আনিবলৈ আপোনাৰ ওচৰত দাবী জনায়, অথচ আল্লাহে সিহঁতৰ লগত যি প্ৰতিশ্ৰুতি কৰিছে, সেইটো তেওঁ কেতিয়াও ভঙ্গ নকৰিব। দৰাচলতে সেই পৰাজয়ো পাৰ্থিৱ জীৱনৰ এটা অংশ, যিটোৰ সন্মুখীন সিহঁত বদৰৰ যুদ্ধৰ দিনা হৈছিল। জানি থোৱা! আখিৰাতৰ শাস্তিৰ এদিন, পাৰ্থিৱ জীৱনৰ গণনা অনুযায়ী এহেজাৰ বছৰৰ সমান। কাৰণ তাত আছে অধিক কষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022047.mp3"},{"index":"48","arabicText":"وَكَاَیِّنْ مِّنْ قَرْیَةٍ اَمْلَیْتُ لَهَا وَهِیَ ظَالِمَةٌ ثُمَّ اَخَذْتُهَا ۚ وَاِلَیَّ الْمَصِیْرُ ۟۠","assameseTranslation":"আৰু আমি বহুতো জনপদক অৱকাশ দিছিলোঁ অথচ সিহঁত আছিল অত্যাচাৰী, তাৰ পিছত আমি সিহঁতক গ্ৰেপ্তাৰ কৰিছিলোঁ, আৰু আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তনস্থল।","footnotes":"","tafseer":"বহুতো জনবসতি এনেকুৱা আছিল যিসকলে কুফৰী কৰি অন্যায় কৰিছিল, কিন্তু তথাপিও মই সিহঁতক অৱকাশ দিছিলোঁ, লাহে লাহে কৰায়ত্ত কৰাৰ উদ্দেশ্যে শীঘ্ৰে শাস্তি দিয়া নাছিলোঁ, অৱশেষত সিহঁতক বিনাশকাৰী শাস্তিৰ জৰিয়তে কৰায়ত্ত কৰিছিলোঁ। কিয়ামতৰ দিনা কেৱল মোৰ ওচৰতেই সিহঁতে প্ৰত্যাৱৰ্তন কৰিব লাগিব। এতেকে মই সিহঁতক সিহঁতৰ কুফৰীৰ কাৰণে চিৰস্থায়ী শাস্তি প্ৰদান কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022048.mp3"},{"index":"49","arabicText":"قُلْ یٰۤاَیُّهَا النَّاسُ اِنَّمَاۤ اَنَا لَكُمْ نَذِیْرٌ مُّبِیْنٌ ۟ۚ","assameseTranslation":"কোৱা, ‘হে মানৱ সম্প্ৰদায়! মই কেৱল তোমালোকৰ বাবে এজন সুস্পষ্ট সতৰ্ককাৰীহে’;","footnotes":"","tafseer":"কওক হে মানৱজাতি! মই তোমালোকৰ বাবে এজন প্ৰকাশ্য সতৰ্ককাৰীহে, মই তোমালোকক সেই বাৰ্তা পৌঁচাই দিওঁ, যিটো বাৰ্তা অৰ্পণ কৰি মোক প্ৰেৰণ কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022049.mp3"},{"index":"50","arabicText":"فَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَهُمْ مَّغْفِرَةٌ وَّرِزْقٌ كَرِیْمٌ ۟","assameseTranslation":"এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা;","footnotes":"","tafseer":"যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ বাবে আছে গুনাহৰ মাগফিৰাত (পাপ মোচন) আৰু জান্নাতত আছে উৎকৃষ্ট জীৱিকা, যিটো কেতিয়াও বিচ্ছিন্ন নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022050.mp3"},{"index":"51","arabicText":"وَالَّذِیْنَ سَعَوْا فِیْۤ اٰیٰتِنَا مُعٰجِزِیْنَ اُولٰٓىِٕكَ اَصْحٰبُ الْجَحِیْمِ ۟","assameseTranslation":"আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰিবলৈ চেষ্টা কৰে, সিহঁতেই হ’ব জাহান্নামৰ অধিবাসী।","footnotes":"","tafseer":"যিসকল লোকে আমাৰ আয়াতসমূহক মিছা প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰিছিল, এইবুলি ভাবি যে, সিহঁতে আল্লাহক বিৱশ কৰিব আৰু তেওঁৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ’ব, ফলত তেওঁ সিহঁতক শাস্তি দিব নোৱাৰিব। সেইসকল লোকেই হৈছে জাহান্নামী। সিহঁত এইদৰে শাস্তিৰ লগত নিৰৱচ্ছিন্ন হৈ থাকিব, যিদৰে সঙ্গীয়ে সঙ্গীৰ লগত লগ লাগি থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022051.mp3"},{"index":"52","arabicText":"وَمَاۤ اَرْسَلْنَا مِنْ قَبْلِكَ مِنْ رَّسُوْلٍ وَّلَا نَبِیٍّ اِلَّاۤ اِذَا تَمَنّٰۤی اَلْقَی الشَّیْطٰنُ فِیْۤ اُمْنِیَّتِهٖ ۚ فَیَنْسَخُ اللّٰهُ مَا یُلْقِی الشَّیْطٰنُ ثُمَّ یُحْكِمُ اللّٰهُ اٰیٰتِهٖ ؕ وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟ۙ","assameseTranslation":"আৰু আমি তোমাৰ পূৰ্বে যি ৰাছুল অথবা নবী প্ৰেৰণ কৰিছোঁ, তেওঁলোকৰ কোনোবাই যেতিয়া (অহীৰ বাণী) তিলাৱত কৰিছে, তেতিয়াই চয়তানে তেওঁলোকৰ তিলাৱতত (কিবা) নিক্ষেপ কৰিছে, কিন্তু চয়তানে যি নিক্ষেপ কৰে আল্লাহে সেয়া বিদূৰিত কৰে। তাৰ পিছত আল্লাহে তেওঁৰ আয়াতসমূহক সুপ্ৰতিষ্ঠিত কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"হে ৰাছুল! আমি আপোনাৰ পূৰ্বেও ৰাছুল অথবা নবী প্ৰেৰণ কৰিছিলোঁ, যেতিয়া তেওঁলোকে আল্লাহৰ কিতাব পাঠ কৰিছিল, তেতিয়া চয়তানে তেওঁলোকৰ পাঠৰ মাজত এনেকুৱা বস্তু মিহলাই দিছিল, যিটোক মানুহে সন্দেহৰ বশৱৰ্তী হৈ আল্লাহৰ অহী বুলি ধাৰণা কৰিছিল। তেতিয়া আল্লাহে চয়তানৰ মিশ্ৰিত বাক্যক বাতিল কৰিছিল আৰু তেওঁৰ আয়াতসমূহক সত্য সাব্যস্ত কৰিছিল। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ, তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনা কৰাৰ ক্ষেত্ৰত মহাজ্ঞানী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022052.mp3"},{"index":"53","arabicText":"لِّیَجْعَلَ مَا یُلْقِی الشَّیْطٰنُ فِتْنَةً لِّلَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ وَّالْقَاسِیَةِ قُلُوْبُهُمْ ؕ وَاِنَّ الظّٰلِمِیْنَ لَفِیْ شِقَاقٍ بَعِیْدٍ ۟ۙ","assameseTranslation":"এইটো এইকাৰণে যে, চয়তানে যি প্ৰক্ষিপ্ত কৰে, সেইটোক তেওঁ সেইসকল লোকৰ বাবে পৰীক্ষাৰ বস্তু বনাই দিয়ে যিসকলৰ অন্তৰত ব্যাধি আছে আৰু যিসকলৰ অন্তৰ অতি কঠোৰ। নিশ্চয় যালিমসকল ঘোৰ বিৰোধিতাত লিপ্ত হৈ আছে।","footnotes":"","tafseer":"নবীয়ে পাঠ কৰাৰ সময়ত চয়তানে যি মিশ্ৰিত কৰে, সেইবোৰৰ দ্বাৰা আল্লাহে মুনাফিকসকলক আৰু সেই মুশ্বৰিকসকলক পৰীক্ষা কৰিব বিচাৰে যিবোৰৰ অন্তৰ কঠোৰ হৈ পৰিছে। নিশ্চয় যালিম মুনাফিক আৰু মুশ্বৰিকসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ শত্ৰুতাত লিপ্ত হৈছে, তথা সিহঁতে সত্য আৰু হিদায়তৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022053.mp3"},{"index":"54","arabicText":"وَّلِیَعْلَمَ الَّذِیْنَ اُوْتُوا الْعِلْمَ اَنَّهُ الْحَقُّ مِنْ رَّبِّكَ فَیُؤْمِنُوْا بِهٖ فَتُخْبِتَ لَهٗ قُلُوْبُهُمْ ؕ وَاِنَّ اللّٰهَ لَهَادِ الَّذِیْنَ اٰمَنُوْۤا اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟","assameseTranslation":"আৰু এইটো এইবাবেও যে, যিসকলক জ্ঞান দিয়া হৈছে তেওঁলোকে যেন জানিব পাৰে যে, এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; ফলত তেওঁলোকে যেন ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰে আৰু তেওঁলোকৰ অন্তৰ যেন ইয়াৰ প্ৰতি বিনয়াৱনত হয়। নিশ্চয় যিসকলে ঈমান আনিছে আল্লাহে তেওঁলোকক সৰল পথ দেখুৱাব।","footnotes":"","tafseer":"যিসকল লোকক আল্লাহে জ্ঞান দান কৰিছে, তেওঁলোকে যাতে পতিয়ন যাব পাৰে যে, এই কোৰআন, যিখন মুহাম্মদৰ ওপৰত অৱতীৰ্ণ হৈছে সেইখন হৈছে সত্য; হে ৰাছুল! যিখন আল্লাহে আপোনাৰ প্ৰতি অহী কৰিছে। ইয়াৰ ফলত যাতে তেওঁলোকৰ অন্তৰ আৰু মজবুত হয়। তথা ইয়াৰ প্ৰতি তেওঁলোকৰ অন্তৰ যাতে কোমল হয় আৰু নত স্বীকাৰ কৰে। নিশ্চয় আল্লাহে সেইসকল লোকক তেওঁৰ প্ৰতি ঈমান আনিবলৈ হিদায়ত দিয়ে আৰু সত্যৰ সুপথ দেখুৱায়, যিপথত কোনো ধৰণৰ বক্ৰতা নাই। এই প্ৰতিদান দিয়াৰ কাৰণ হৈছে, তেওঁলোকে তেওঁৰ প্ৰতি নত স্বীকাৰ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022054.mp3"},{"index":"55","arabicText":"وَلَا یَزَالُ الَّذِیْنَ كَفَرُوْا فِیْ مِرْیَةٍ مِّنْهُ حَتّٰی تَاْتِیَهُمُ السَّاعَةُ بَغْتَةً اَوْ یَاْتِیَهُمْ عَذَابُ یَوْمٍ عَقِیْمٍ ۟","assameseTranslation":"আৰু যিসকলে কুফৰী কৰিছে সিহঁতে ইয়াৰ প্ৰতি সন্দেহ পোষণ কৰিয়েই থাকিব, সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে কিয়ামত নহালৈকে অথবা সিহঁতৰ ওচৰলৈ এটা বন্ধ্যা দিনৰ শাস্তি নহালৈকে।","footnotes":"","tafseer":"আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰা লোকসকলে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন সম্পৰ্কে সদায় সন্দেহত পতিত হৈ থাকিব। এই সন্দেহত থকা অৱস্থাতেই হঠাৎ কিয়ামত আহি পৰিব, নাইবা এনেকুৱা কোনো শাস্তি আহি পৰিব, যিদিনা সিহঁতৰ বাবে কোনো দয়া নাথাকিব আৰু কল্যাণো নাথাকিব। সেইটোৱে হ’ব সিহঁতৰ বাবে কিয়ামতৰ দিন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022055.mp3"},{"index":"56","arabicText":"اَلْمُلْكُ یَوْمَىِٕذٍ لِّلّٰهِ ؕ یَحْكُمُ بَیْنَهُمْ ؕ فَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فِیْ جَنّٰتِ النَّعِیْمِ ۟","assameseTranslation":"সেইদিনা কেৱল আল্লাহৰেই আধিপত্য থাকিব; তেৱেঁই সিহঁতৰ মাজত বিচাৰ কৰিব। এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে নিয়ামতপূৰ্ণ জান্নাতত অৱস্থান কৰিব।","footnotes":"","tafseer":"কিয়ামতৰ দিনা যেতিয়া সিহঁতৰ লগত কৰা প্ৰতিশ্ৰুত শাস্তি আহি পৰিব, তেতিয়া এইক্ষেত্ৰত সিহঁতৰ কোনো সহায়ক নাথাকিব, সেইদিনা কৰ্তৃত্ব একমাত্ৰ আল্লাহৰ হাতত থাকিব। তেৱেঁই মুমিন আৰু কাফিৰসকলৰ মাজত মীমাংসা কৰিব। সকলোৰে পক্ষে উপযুক্ত ন্যায় বিচাৰ কৰিব। এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান। অৰ্থাৎ তেওঁলোকৰ বাবে এনেকুৱা জান্নাতৰ উপহাৰ থাকিব, যিবোৰ কেতিয়াও শেষ নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022056.mp3"},{"index":"57","arabicText":"وَالَّذِیْنَ كَفَرُوْا وَكَذَّبُوْا بِاٰیٰتِنَا فَاُولٰٓىِٕكَ لَهُمْ عَذَابٌ مُّهِیْنٌ ۟۠","assameseTranslation":"আনহাতে যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবেই আছে লাঞ্ছনাদায়ক শাস্তি।","footnotes":"","tafseer":"যিসকল লোকে আল্লাহৰ লগত কুফৰী কৰিছে আৰু আমি আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰা আয়াতসমূহক অস্বীকাৰ কৰিছে, সেইসকল লোকৰ বাবেই আছে অপমানজনক শাস্তি। ইয়াৰ দ্বাৰা আল্লাহে সিহঁতক জাহান্নামত অপমানিত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022057.mp3"},{"index":"58","arabicText":"وَالَّذِیْنَ هَاجَرُوْا فِیْ سَبِیْلِ اللّٰهِ ثُمَّ قُتِلُوْۤا اَوْ مَاتُوْا لَیَرْزُقَنَّهُمُ اللّٰهُ رِزْقًا حَسَنًا ؕ وَاِنَّ اللّٰهَ لَهُوَ خَیْرُ الرّٰزِقِیْنَ ۟","assameseTranslation":"আৰু যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে, তাৰ পিছত (শত্ৰুৰ হাতত) নিহত হৈছে নাইবা মৃত্যুবৰণ কৰিছে, তেওঁলোকক নিশ্চিতভাৱে আল্লাহে উৎকৃষ্ট জীৱিকা প্ৰদান কৰিব; আৰু নিশ্চয় আল্লাহ, তেৱেঁই হৈছে সৰ্বোৎকৃষ্ট জীৱিকাদাতা।","footnotes":"","tafseer":"যিসকল লোকে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে আৰু তেওঁৰ দ্বীনক শক্তিশালী কৰাৰ বাবে নিজৰ ঘৰ-দুৱাৰ আৰু মাতৃভূমি ত্যাগ কৰিছে, লগতে তেওঁৰ পথত যুদ্ধ কৰি শ্বহীদ হৈছে অথবা মৃত্যুবৰণ কৰিছে, সেইসকল লোকক আল্লাহে জান্নাতত নিৰৱচ্ছিন্ন উত্তম জীৱিকা প্ৰদান কৰিব। নিশ্চয় আল্লাহেই উত্তম জীৱিকা প্ৰদানকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022058.mp3"},{"index":"59","arabicText":"لَیُدْخِلَنَّهُمْ مُّدْخَلًا یَّرْضَوْنَهٗ ؕ وَاِنَّ اللّٰهَ لَعَلِیْمٌ حَلِیْمٌ ۟","assameseTranslation":"তেওঁ নিশ্চয় তেওঁলোকক এনেকুৱা এটা স্থানত প্ৰৱেশ কৰাব, যিটোক তেওঁলোকে পছন্দ কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী, পৰম সহনশীল।","footnotes":"","tafseer":"আল্লাহে তেওঁলোকক নিশ্চয় এনেকুৱা ঠাইত প্ৰৱেশ কৰাব, যিটো স্থান পাই তেওঁলোক সন্তুষ্ট হ'ব। সেইটো হৈছে জান্নাত। নিশ্চয় আল্লাহ সিহঁতৰ কৰ্ম সম্পৰ্কে আৰু নিয়্যত সম্পৰ্কে সম্পূৰ্ণ অৱগত। তেওঁ অত্যন্ত সহনশীল, দোষ-ত্ৰুটিৰ ক্ষেত্ৰত কেতিয়াও শাস্তি প্ৰদানত খৰখেদা নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022059.mp3"},{"index":"60","arabicText":"ذٰلِكَ ۚ وَمَنْ عَاقَبَ بِمِثْلِ مَا عُوْقِبَ بِهٖ ثُمَّ بُغِیَ عَلَیْهِ لَیَنْصُرَنَّهُ اللّٰهُ ؕ اِنَّ اللّٰهَ لَعَفُوٌّ غَفُوْرٌ ۟","assameseTranslation":"এইটোৱেই হৈছে প্ৰকৃত ৰীতি, আৰু যি ব্যক্তিয়ে নিৰ্যাতিত হৈ তাৰ সমপৰিমাণ প্ৰতিশোধ গ্ৰহণ কৰে, তাৰ পিছত পুনৰ (যদি) সি নিৰ্যাতিত হয় তেন্তে নিশ্চয় আল্লাহে তেওঁক সহায় কৰিব; নিশ্চয় আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।","footnotes":"","tafseer":"ওপৰত যিবোৰ বৰ্ণনা হ'ল, যেনে- আল্লাহৰ পথত যুদ্ধকাৰীসকলক জান্নাতত প্ৰৱেশ কৰাব, তথা অন্যায়কাৰী ব্যক্তিৰ পৰা সেই অনুপাতে প্ৰতিশোধ লোৱাৰ অনুমতি প্ৰদান কৰিছে যিমানখিনি অন্যায় তাৰ প্ৰতি হৈছে, যাতে দ্বিতীয়বাৰ এনেকুৱা অন্যায় কৰাৰ সাহস নকৰে। ইয়াৰ পিছতো যদি অন্যায়-অত্যাচাৰত সীমালঙ্ঘন কৰে তেন্তে নিশ্চয় আল্লাহে নিৰ্যাতনকৃত ব্যক্তিক সহায় কৰিব। এতেকে জানি থোৱা! নিশ্চয় আল্লাহে মুমিন বান্দাসকলৰ গুনাহ মাফ কৰিব আৰু তেওঁলোকক ক্ষমা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022060.mp3"},{"index":"61","arabicText":"ذٰلِكَ بِاَنَّ اللّٰهَ یُوْلِجُ الَّیْلَ فِی النَّهَارِ وَیُوْلِجُ النَّهَارَ فِی الَّیْلِ وَاَنَّ اللّٰهَ سَمِیْعٌ بَصِیْرٌ ۟","assameseTranslation":"এইটো এইকাৰণে যে, নিশ্চয় আল্লাহে ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক প্ৰৱেশ কৰায় ৰাতিৰ মাজত। নিশ্চয় আল্লাহ সৰ্ব শ্ৰোতা, সৰ্ব দ্ৰষ্টা,","footnotes":"","tafseer":"নিৰ্যাতিত ব্যক্তিক এইকাৰণে সহায় কৰিব, কিয়নো আল্লাহে যিটো কৰিবলৈ ইচ্ছা কৰে সেইটোৱে কৰিবলৈ সক্ষম। তেওঁৰ ক্ষমতাৰ এটা প্ৰকাশ্য প্ৰমাণ হৈছে দিনক ৰাতিৰে আচ্ছাদিত কৰা আৰু ৰাতিক দিনেৰে আচ্ছাদিত কৰা। এটাক বঢ়াই দিয়ে আনটোক হ্ৰাস কৰি দিয়ে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী আৰু তেওঁলোকৰ আমল সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেৱেঁই সিহঁতক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022061.mp3"},{"index":"62","arabicText":"ذٰلِكَ بِاَنَّ اللّٰهَ هُوَ الْحَقُّ وَاَنَّ مَا یَدْعُوْنَ مِنْ دُوْنِهٖ هُوَ الْبَاطِلُ وَاَنَّ اللّٰهَ هُوَ الْعَلِیُّ الْكَبِیْرُ ۟","assameseTranslation":"আৰু এইকাৰণেও যে, নিশ্চয় আল্লাহ, কেৱল তেৱেঁই সত্য আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সেই সকলোবোৰ হৈছে অসত্য। নিশ্চয় আল্লাহ, তেৱেঁই সুউচ্চ, সুমহান।","footnotes":"","tafseer":"ৰাতিক দিনৰ জৰিয়তে আৰু দিনক ৰাতিৰ জৰিয়তে আচ্ছাদিত কৰাৰ এই ধাৰাবাহিকতা এইকাৰণে যাতে এইটো প্ৰমাণিত হয় যে, আল্লাহেই সত্য, তেওঁৰ দ্বীন সত্য, তেওঁৰ প্ৰতিশ্ৰুতি সত্য, মুমিনসকলৰ প্ৰতি তেওঁৰ সহায়-সহযোগিতা সত্য, কিন্তু মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে যিবোৰ মূৰ্তিৰ উপাসনা কৰে সেই সকলোবোৰ হৈছে অসত্য। সেইবোৰৰ কোনো ভিত্তি নাই। নিশ্চয় আল্লাহ সত্ত্বাগতভাৱে, সন্মান আৰু শক্তি সামৰ্থৰ ফালেৰে মখলুকতকৈ অতি উচ্চ। তেওঁ সুমহান, গৌৰৱ-গৰিমা, আত্মাভিমান, প্ৰতাপ আদি কেৱল তেওঁৰ বাবেই উপযুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022062.mp3"},{"index":"63","arabicText":"اَلَمْ تَرَ اَنَّ اللّٰهَ اَنْزَلَ مِنَ السَّمَآءِ مَآءً ؗ فَتُصْبِحُ الْاَرْضُ مُخْضَرَّةً ؕ اِنَّ اللّٰهَ لَطِیْفٌ خَبِیْرٌ ۟ۚ","assameseTranslation":"তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে? যাৰ ফলত পৃথিৱী সেউজীয়া হৈ উঠে? নিশ্চয় আল্লাহ সুক্ষ্মদৰ্শী, সম্যক অৱহিত।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি দেখা নাইনে- নিশ্চয় আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, সেই পানী বৰ্ষণৰ পিছত পৃথিৱীত গজালি মেলা উদ্ভিদবোৰ সেউজীয়া হৈ পৰে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অতি দয়ালু, সেইকাৰণেই তেওঁ সিহঁতৰ ওপৰত পানী বৰ্ষণ কৰে, আৰু পৃথিৱীক সেউজীয়া কৰি তোলে। নিশ্চয় তেওঁ সিহঁতৰ কল্যাণ সম্পৰ্কে অৱগত। সেইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022063.mp3"},{"index":"64","arabicText":"لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ وَاِنَّ اللّٰهَ لَهُوَ الْغَنِیُّ الْحَمِیْدُ ۟۠","assameseTranslation":"আকাশসমূত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, পৰম প্ৰশংসিত।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীৰ কৰ্তৃত্ব একমাত্ৰ আল্লাহৰ হাতত। নিশ্চয় আল্লাহ অমুখাপেক্ষী, কোনো সৃষ্টিকেই তেওঁ প্ৰয়োজনবোধ নকৰে। তেওঁ সকলো অৱস্থাতেই প্ৰশংসিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022064.mp3"},{"index":"65","arabicText":"اَلَمْ تَرَ اَنَّ اللّٰهَ سَخَّرَ لَكُمْ مَّا فِی الْاَرْضِ وَالْفُلْكَ تَجْرِیْ فِی الْبَحْرِ بِاَمْرِهٖ ؕ وَیُمْسِكُ السَّمَآءَ اَنْ تَقَعَ عَلَی الْاَرْضِ اِلَّا بِاِذْنِهٖ ؕ اِنَّ اللّٰهَ بِالنَّاسِ لَرَءُوْفٌ رَّحِیْمٌ ۟","assameseTranslation":"তুমি লক্ষ্য কৰা নাইনে, পৃথিৱীত যি আছে সেই সকলোবোৰক আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু নৌযানসমূহকো, যিবোৰ তেওঁৰ নিৰ্দেশতেই সাগৰত বিচৰণ কৰে? আৰু তেৱেঁই আকাশক ধৰি ৰাখিছে, যাতে তেওঁৰ অনুমতি নোহোৱাকৈ পৃথিৱীৰ ওপৰত পৰি নাযায়। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি স্নেহশীল, পৰম দয়ালু।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি দেখা নাইনে, নিশ্চয় আল্লাহে পৃথিৱীৰ সকলো জীৱ-জন্তু আৰু জীৱ আৰু জড় সকলো বস্তুকেই আপোনাৰ আৰু মানুহৰ আয়ত্তাধীন কৰি দিছে, যাতে সিহঁতৰ উপকাৰ হয় আৰু প্ৰয়োজনীয়তা পূৰণ হয়। লগতে তেওঁৰ আদেশত সাগৰত চলা জাহাজসমূহক তোমালোকৰ আয়ত্তাধীন কৰি দিছে. যিবোৰ এটা দেশৰ পৰা আনটো দেশলৈ ভ্ৰমণ কৰে। তেৱেঁই আকাশক নিজৰ অধীনত ৰাখিছে, তেওঁৰ অনুমতি অবিহনে সেইখন ভাঙি নপৰে। যদি তেওঁ অনুমতি দিয়ে তেন্তে নিশ্চয় সেইখন ভাঙি পৰিব। নিশ্চয় আল্লাহ মানুহৰ বাবে অতি কৰুণাময় আৰু দয়াৱান, সেইকাৰণেই তেওঁ মানুহে অন্যায়-অত্যাচাৰ কৰাৰ পিছতো এইবোৰ বস্তুক সিহঁতৰ অধীনস্থ কৰি দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022065.mp3"},{"index":"66","arabicText":"وَهُوَ الَّذِیْۤ اَحْیَاكُمْ ؗ ثُمَّ یُمِیْتُكُمْ ثُمَّ یُحْیِیْكُمْ ؕ اِنَّ الْاِنْسَانَ لَكَفُوْرٌ ۟","assameseTranslation":"তেৱেঁই তোমালোকক জীৱিত কৰিছে আৰু তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব, আকৌ তেৱেঁই পুনৰ তোমালোকক জীৱিত কৰিব। নিশ্চয় মানুহ বৰ বেছি অকৃতজ্ঞ।","footnotes":"","tafseer":"আল্লাহেই তোমালোকক অনস্তিত্বৰ পৰা অস্তিত্বলৈ আনিছে। ইয়াৰ পিছত আকৌ যেতিয়া তোমালোকৰ আয়ু সমাপ্ত হ'ব, তেতিয়া তোমালোকক মৃত্যু প্ৰদান কৰিব। মৃত্যুৰ পিছত আমলৰ হিচাপ-নিকাচ আৰু প্ৰতিদান দিয়াৰ বাবে তোমালোকক পুনৰ্জীৱিত কৰিব। নিশ্চয় মানুহে আল্লাহৰ নিয়ামতৰ অধিক অকৃতজ্ঞতা কৰে, যদিও তেওঁৰ নিয়ামত প্ৰকাশ্য। লগতে তেওঁৰ ইবাদতত আনক অংশীদাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022066.mp3"},{"index":"67","arabicText":"لِكُلِّ اُمَّةٍ جَعَلْنَا مَنْسَكًا هُمْ نَاسِكُوْهُ فَلَا یُنَازِعُنَّكَ فِی الْاَمْرِ وَادْعُ اِلٰی رَبِّكَ ؕ اِنَّكَ لَعَلٰی هُدًی مُّسْتَقِیْمٍ ۟","assameseTranslation":"আমি প্ৰত্যেক উম্মতৰ বাবে ইবাদতৰ নিয়ম-পদ্ধতি নিৰ্ধাৰণ কৰি দিছোঁ যিটো সিহঁতে পালন কৰে। এতেকে সিহঁতে যেন এই বিষয়ে তোমাৰ লগত বিতৰ্ক নকৰে। তুমি তোমাৰ প্ৰতিপালকৰ পিনে আহ্বান কৰা। নিশ্চয় তুমি সৰল পথত প্ৰতিষ্ঠিত।","footnotes":"","tafseer":"প্ৰত্যেক উম্মতকে আমি এটা চৰীয়ত প্ৰদান কৰিছিলোঁ, সিহঁতে নিজ নিজ চৰীয়ত মুতাবিক আমল কৰিছিল। গতিকে হে ৰাছুল! মুশ্বৰিকসকলে আৰু অন্যান্য ধৰ্মাৱলম্বী লোকসকলে আপোনাৰ চৰীয়তকলৈ বাদানুবাদ কৰা উচিত নহয়। কিয়নো আপুনি সিহঁতৰ তুলনাত সত্যৰ অধিক নিকটৱৰ্তী, কাৰণ সিহঁত হৈছে বাতিল পন্থী। আপুনি মানুহক নিৰ্ভেজাল তাওহীদৰ পিনে আহ্বান কৰক। নিশ্চয় আপুনি সঠিক পথত পৰিচালিত, য’ত কোনো ধৰণৰ বক্ৰতা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022067.mp3"},{"index":"68","arabicText":"وَاِنْ جٰدَلُوْكَ فَقُلِ اللّٰهُ اَعْلَمُ بِمَا تَعْمَلُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে যদি তোমাৰ লগত বিতৰ্ক কৰে তেন্তে কোৱা, ‘তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত’।","footnotes":"","tafseer":"এতেকে সত্য প্ৰকাশ পোৱাৰ পিছতো যদি সিহঁতে আপোনাৰ লগত বিতৰ্ক কৰিবলৈ জিদ কৰে, তেন্তে সিহঁতৰ বিষয়টো আল্লাহৰ ওপৰত অৰ্পণ কৰি সিহঁতক সতৰ্ক কৰাৰ মাধ্যমেৰে জনাই দিয়ক যে, তোমালোকে যি যি কৰি আছা, সেই সকলোবোৰৰ বিষয়ে আল্লাহ সম্যক অৱগত। তেওঁৰ পৰা তোমালোকৰ কোনো আমলেই গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022068.mp3"},{"index":"69","arabicText":"اَللّٰهُ یَحْكُمُ بَیْنَكُمْ یَوْمَ الْقِیٰمَةِ فِیْمَا كُنْتُمْ فِیْهِ تَخْتَلِفُوْنَ ۟","assameseTranslation":"‘তোমালোকে যি বিষয়ে মতানৈক্য কৰিছা আল্লাহে কিয়ামতৰ দিনা সেই বিষয়ে তোমালোকৰ মাজত বিচাৰ-মীমাংসা কৰি দিব’।","footnotes":"","tafseer":"আল্লাহে কিয়ামতৰ দিনা তেওঁৰ বান্দাসকলৰ মাজৰ পৰা মুমিন আৰু কাফিৰসকলৰ মাজত দ্বীন সম্পৰ্কীয় বিষয়ত মীমাংসা কৰি দিব। যিবোৰ বিষয়ত তেওঁলোকে পৃথিৱীত মতানৈক্য কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022069.mp3"},{"index":"70","arabicText":"اَلَمْ تَعْلَمْ اَنَّ اللّٰهَ یَعْلَمُ مَا فِی السَّمَآءِ وَالْاَرْضِ ؕ اِنَّ ذٰلِكَ فِیْ كِتٰبٍ ؕ اِنَّ ذٰلِكَ عَلَی اللّٰهِ یَسِیْرٌ ۟","assameseTranslation":"তুমি নাজানানে যে, আকাশ আৰু পৃথিৱীত যি আছে সেই সকলো বিষয়ে আল্লাহ অৱগত। নিশ্চয় সেই সকলো (লিখা) আছে এখন পুথিত। নিশ্চয় আল্লাহৰ ওচৰত এয়া অতি সহজ।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি নাজানে নেকি যে, নিশ্চয় আল্লাহ আকাশৰ আৰু পৃথিৱীৰ সকলো বিষয়েই অৱগত, এই দুয়োৰে মাজত থকা একোৱেই তেওঁৰ পৰা গোপন নহয়। এই সকলো বিষয়ৰ জ্ঞান লওহে মাহফুজত লিপিবদ্ধ আছে। এইবোৰ বিষয় সম্পৰ্কে জ্ঞান ৰখা আল্লাহৰ পক্ষে তেনেই উজু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022070.mp3"},{"index":"71","arabicText":"وَیَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ مَا لَمْ یُنَزِّلْ بِهٖ سُلْطٰنًا وَّمَا لَیْسَ لَهُمْ بِهٖ عِلْمٌ ؕ وَمَا لِلظّٰلِمِیْنَ مِنْ نَّصِیْرٍ ۟","assameseTranslation":"আৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনেকুৱা বস্তুৰ ইবাদত কৰে যিবোৰৰ বিষয়ে তেওঁ কোনো দলিল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই, আৰু যাৰ বিষয়ে সিহঁতৰ কোনো জ্ঞানো নাই। (জানি থোৱা) যালিমসকলৰ কোনো সহায়কাৰী নাই।","footnotes":"","tafseer":"মুশ্বৰিকসকলে আল্লাহক এৰি এনেকুৱা মূৰ্তিবোৰৰ উপাসনা কৰে, যিবোৰক উপাসনা কৰাৰ কোনো প্ৰমাণ আল্লাহে তেওঁৰ পুথিত অৱতীৰ্ণ কৰা নাই। তথা সেইবোৰ যে, উপাস্য তাৰ সপক্ষে সিহঁতৰ ওচৰতো জ্ঞান নিৰ্ভৰ কোনো প্ৰমাণ নাই। সিহঁতৰ ভিত্তি হৈছে পিতৃ-পুৰুষসকলৰ অন্ধানুসৰণ। অন্যায়কাৰীসকলক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায়ক নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022071.mp3"},{"index":"72","arabicText":"وَاِذَا تُتْلٰی عَلَیْهِمْ اٰیٰتُنَا بَیِّنٰتٍ تَعْرِفُ فِیْ وُجُوْهِ الَّذِیْنَ كَفَرُوا الْمُنْكَرَ ؕ یَكَادُوْنَ یَسْطُوْنَ بِالَّذِیْنَ یَتْلُوْنَ عَلَیْهِمْ اٰیٰتِنَا ؕ قُلْ اَفَاُنَبِّئُكُمْ بِشَرٍّ مِّنْ ذٰلِكُمْ ؕ اَلنَّارُ ؕ وَعَدَهَا اللّٰهُ الَّذِیْنَ كَفَرُوْا ؕ وَبِئْسَ الْمَصِیْرُ ۟۠","assameseTranslation":"আৰু সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে তুমি কাফিৰসকলৰ মুখমণ্ডলত অসন্তুষ্ট ভাৱ দেখিবলৈ পাবা। যিসকলে আমাৰ আয়াতসমূহক সিহঁতৰ ওচৰত তিলাৱত কৰে, তেওঁলোকক সিহঁতে আক্ৰমণ কৰিবলৈ উদ্যত হয়। কোৱা, ‘মই তোমালোকক ইয়াতকৈও নিকৃষ্ট বস্তুৰ সংবাদ দিমনে?--- সেয়া হ’ল জুই (জাহান্নাম)। যিসকলে কুফৰী কৰিছে আল্লাহে সিহঁতক ইয়াৰ প্ৰতিশ্ৰুতি দিছে। এইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!’","footnotes":"","tafseer":"সিহঁতৰ সন্মুখত আমাৰ কোৰআনৰ স্পষ্ট আয়াতসমূহ যেতিয়া তিলাৱত কৰা হয়, তেতিয়া আপুনি আল্লাহক অস্বীকাৰ কৰা লোকসকলৰ মুখমণ্ডলত সেইবোৰক অপছন্দ কৰাৰ প্ৰভাৱ দেখিবলৈ পাব। এনেকুৱা অনুভৱ হয় যেনিবা সিহঁতে ক্ৰোধ সহ্য কৰিব নোৱাৰি আয়াত তিলাৱতকাৰীৰ ওপৰত আক্ৰমণ কৰিব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, মই তোমালোকক সেই বিষয়ে অৱগত কৰামনে, যিটো তোমালোকৰ ক্ৰোধ আৰু ভ্ৰূকুটীতকৈ নিকৃষ্ট, সেইখন হৈছে সেই জাহান্নাম যিখনত আল্লাহে কাফিৰসকলক প্ৰৱেশ কৰাব বুলি প্ৰতিশ্ৰুতি দিছে। সেইটো কিমান যে, নিকৃষ্ট ঠাই, য’ত সিহঁতে প্ৰৱেশ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022072.mp3"},{"index":"73","arabicText":"یٰۤاَیُّهَا النَّاسُ ضُرِبَ مَثَلٌ فَاسْتَمِعُوْا لَهٗ ؕ اِنَّ الَّذِیْنَ تَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ لَنْ یَّخْلُقُوْا ذُبَابًا وَّلَوِ اجْتَمَعُوْا لَهٗ ؕ وَاِنْ یَّسْلُبْهُمُ الذُّبَابُ شَیْـًٔا لَّا یَسْتَنْقِذُوْهُ مِنْهُ ؕ ضَعُفَ الطَّالِبُ وَالْمَطْلُوْبُ ۟","assameseTranslation":"হে মানৱ সম্প্ৰদায়! এটা উদাহৰণ দাঙি ধৰা হৈছে, তোমালোকে মনোযোগ সহকাৰে শুনাঃ তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে আটায়ে মিলি কেতিয়াও এটা মাখিও সৃষ্টি কৰিব নোৱাৰে। বৰং মাখিয়ে যদি সিহঁতৰ পৰা কোনো বস্তু এটা কাঢ়ি নিয়ে, তথাপিও সিহঁতে তাৰ পৰা সেই বস্তুটোক উদ্ধাৰ কৰিব নোৱাৰিব। প্ৰাৰ্থনাকাৰী আৰু যাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় সিহঁত উভয়েই দুৰ্বল।","footnotes":"","tafseer":"হে মানৱজাতি! এটা উদাহৰণ দাঙি ধৰা হৈছে, মনোযোগ সহকাৰে শুনা, আৰু শিক্ষা লোৱা। তোমালোকে আল্লাহৰ বাহিৰে যিবোৰ মূৰ্তি আৰু অন্যান্য বস্তুবোৰক উপাসনা কৰা, সিহঁতে মাখীৰ দৰে সৰু পৰুৱা এটাকো সৃষ্টি কৰিব নোৱাৰে। বৰং যদি সিহঁত সকলোৱে একত্ৰিত হৈ সেইটোক সৃষ্টি কৰিব বিচাৰে, তথাপিও সিহঁতে সৃষ্টি কৰিব নোৱাৰিব। আনকি মাখীয়ে যদি সিহঁতৰ ওচৰত থকা কোনো বস্তু এটা লৈ উৰা মাৰে, তেন্তে সেইটোকো সিহঁতে কাঢ়ি নিবলৈ সক্ষম নহয়। যেতিয়া সিহঁতে এটা মাখী পৰ্যন্ত সৃষ্টি কৰিব নোৱাৰে আৰু মাখীয়ে কিবা লৈ উৰা মাৰিলে সেইটো কাঢ়ি লোৱাৰো ক্ষমতা নাই তেন্তে এই কথা স্পষ্ট যে, ইয়াতকৈ ডাঙৰ কোনো কামেই সিহঁত কৰিবলৈ সক্ষম নহয়। যিহেতু সিহঁত অত্যন্ত অক্ষম, তেন্তে তোমালোকে সিহঁতৰ উপাসনা কেনেকৈ কৰা? দুৰ্বল এই অন্বেষণকাৰী অৰ্থাৎ মূৰ্তিবোৰ, যিবোৰক পূজা পাঠ কৰা হয়। আৰু সেইবোৰো দুৰ্বল যিবোৰৰ ওচৰত অন্বেষণ কৰা হয় অৰ্থাৎ সেই মাখীবোৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022073.mp3"},{"index":"74","arabicText":"مَا قَدَرُوا اللّٰهَ حَقَّ قَدْرِهٖ ؕ اِنَّ اللّٰهَ لَقَوِیٌّ عَزِیْزٌ ۟","assameseTranslation":"সিহঁতে আল্লাহক যথাযোগ্য মৰ্যাদা দিয়া নাই যেনেকুৱা মৰ্যাদা দিয়া উচিত আছিল। নিশ্চয় আল্লাহ ক্ষমতাৱান, মহাপৰাক্ৰমশালী।","footnotes":"","tafseer":"সিহঁতে আল্লাহক যিদৰে সন্মান কৰা উচিত সেইদৰে সন্মান কৰা নাই, কিয়নো সিহঁতে আল্লাহৰ সৈতে তেওঁৰ কিছুমান সৃষ্টিৰো উপাসনা কৰে। নিশ্চয় আল্লাহ সৰ্বশক্তিমান। তেওঁৰ শক্তি আৰু ক্ষমতাৰ এইটোৱেই প্ৰমাণ যে, তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুকে সৃষ্টি কৰিছে। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। পক্ষান্তৰে মুশ্বৰিকসকলৰ মূৰ্তিবোৰ হৈছে অতি দুৰ্বল, মৰ্যাদাহীন। একোৱেই সৃষ্টি কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022074.mp3"},{"index":"75","arabicText":"اَللّٰهُ یَصْطَفِیْ مِنَ الْمَلٰٓىِٕكَةِ رُسُلًا وَّمِنَ النَّاسِ ؕ اِنَّ اللّٰهَ سَمِیْعٌ بَصِیْرٌ ۟ۚ","assameseTranslation":"আল্লাহে ফিৰিস্তাসকলৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা ৰাছুল মনোনীত কৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।","footnotes":"","tafseer":"পৱিত্ৰ আল্লাহে ফিৰিস্তাসকলৰ মাজৰ পৰা কিছুমানক বাৰ্তাবাহক হিচাপে নিৰ্বাচিত কৰে। সেইদৰে মানুহৰ মাজৰ পৰাও কিছুমানক ৰাছুল হিচাপে মনোনীত কৰে। এতেকে কিছুমান ফিৰিস্তাক তেওঁ নবীসকলৰ ওচৰলৈ প্ৰেৰণ কৰে। যেনে- জিব্ৰীল আলাইহিচ্ছালামক তেওঁ ৰাছুলসকলৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। আনহাতে মানৱ ৰাছুলসকলক মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰিছিল। নিশ্চয় আল্লাহে সেই যাৱতীয় কথা শ্ৰৱণ কৰে, মুশ্বৰিকসকলে যিবোৰ কথা ৰাছুলসকলৰ বিষয়ে কয়। লগতে তেওঁ সদায় সেইসকলৰ প্ৰতি দৃষ্টি ৰাখে, যিসকলক তেওঁ ৰাছুল হিচাপে নিৰ্বাচিত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022075.mp3"},{"index":"76","arabicText":"یَعْلَمُ مَا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ ؕ وَاِلَی اللّٰهِ تُرْجَعُ الْاُمُوْرُ ۟","assameseTranslation":"তেওঁলোকৰ সন্মুখত আৰু পিছত যি যি আছে সেই সকলো তেওঁ জানে, আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত কৰা হ’ব।","footnotes":"","tafseer":"তেওঁ ৰাছুলসকলৰ সৃষ্টিৰ পূৰ্বৰ অৱস্থা আৰু মৃত্যুৰ পিছৰ অৱস্থা সম্পৰ্কে অৱগত, ফিৰিস্তাই হওক অথবা মানৱ। কিয়ামতৰ দিনা তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰিব, যেতিয়া তেওঁ বান্দাসকলক পুনৰ্জীৱিত কৰিব। তেতিয়া তেওঁ বান্দাসকলক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022076.mp3"},{"index":"77","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا ارْكَعُوْا وَاسْجُدُوْا وَاعْبُدُوْا رَبَّكُمْ وَافْعَلُوا الْخَیْرَ لَعَلَّكُمْ تُفْلِحُوْنَ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে ৰুকু কৰা, ছাজদাহ কৰা আৰু তোমালোকৰ প্ৰতিপালকৰ ইবাদত কৰা, লগতে সৎকৰ্ম কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।(ছাজদাহ)","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰী লোকসকল! তোমালোকে চালাতত ৰুকু ছাজদাহ কেৱল আল্লাহৰ বাবেই কৰিবা। তথা কল্যাণমূলক কাম কৰিবা, যেনে- দান খয়ৰাত আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা আদি। যাতে তোমালোকে উদ্দেশ্যত সফল হ’ব পাৰা, লগতে ভয়-ভীতিৰ পৰা মুক্তি পোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022077.mp3"},{"index":"78","arabicText":"وَجَاهِدُوْا فِی اللّٰهِ حَقَّ جِهَادِهٖ ؕ هُوَ اجْتَبٰىكُمْ وَمَا جَعَلَ عَلَیْكُمْ فِی الدِّیْنِ مِنْ حَرَجٍ ؕ مِلَّةَ اَبِیْكُمْ اِبْرٰهِیْمَ ؕ هُوَ سَمّٰىكُمُ الْمُسْلِمِیْنَ ۙ۬ مِنْ قَبْلُ وَفِیْ هٰذَا لِیَكُوْنَ الرَّسُوْلُ شَهِیْدًا عَلَیْكُمْ وَتَكُوْنُوْا شُهَدَآءَ عَلَی النَّاسِ ۖۚ فَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ وَاعْتَصِمُوْا بِاللّٰهِ ؕ هُوَ مَوْلٰىكُمْ ۚ فَنِعْمَ الْمَوْلٰی وَنِعْمَ النَّصِیْرُ ۟۠","assameseTranslation":"আৰু আল্লাহৰ পথত জিহাদ কৰা যেনেকৈ জিহাদ কৰা উচিত। তেওঁ তোমালোকক মনোনীত কৰিছে। তেওঁ দ্বীন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই। এইটো তোমালোকৰ পিতা ইব্ৰাহীমৰ দ্বীন। তেৱেঁই তোমালোকক ইয়াৰ পূৰ্বেই নামকৰণ কৰিছে ‘মুছলিম’ হিচাপে, আৰু এই কিতাবতো (এই নামেৰে নামকৰণ কৰা হৈছে); যাতে ৰাছুল তোমালোকৰ বাবে সাক্ষী হয় আৰু তোমালোকে মানৱজাতিৰ বাবে সাক্ষী হোৱা। সেয়ে তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা; তেৱেঁই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী!","footnotes":"","tafseer":"আল্লাহৰ পথত নিৰ্ভেজালভাৱে তেওঁৰ সন্তুষ্টি লাভৰ বাবে যুদ্ধ কৰা, তেওঁ তোমালোকক নিৰ্বাচিত কৰিছে, লগতে তোমালোকৰ ধৰ্মক উদাৰ বনাইছে, য’ত কোনো ধৰণৰ কঠোৰতা আৰু সংকীৰ্ণতা নাই। এই উদাৰ ধৰ্মটোৱে আছিল তোমালোকৰ পিতা ইব্ৰাহীম আলাইহিচ্ছালামৰ ধৰ্ম। আল্লাহেই তোমালোকৰ নাম পূৰ্বৱৰ্তী গ্ৰন্থসমূহত আৰু কোৰআনতো মুছলিম বুলি উল্লেখ কৰিছে। যাতে ৰাছুলে তোমালোকৰ বাবে সাক্ষী দিয়ে যে, তেওঁ তোমালোকক সেই সকলো বাৰ্তা পৌঁচাই দিছে, যিবোৰ পৌঁচাবলৈ তেওঁক দায়িত্ব দিয়া হৈছিল। আনহাতে তোমালোকেও যাতে সাক্ষী দিব পাৰা যে, তোমালোকৰ পূৰ্বে অহা ৰাছুলসকলে নিজ নিজ দায়িত্ব পালন কৰিছে। এতেকে ইয়াৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰি পৰিপূৰ্ণৰূপে নিয়মিতভাৱে চালাত আদায় কৰা আৰু যাকাত প্ৰদান কৰা, আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা, লগতে নিজৰ সকলো কৰ্মত আল্লাহৰ প্ৰতি ভৰসা কৰা। নিশ্চয় আল্লাহ হৈছে তেওঁৰ ওচৰত আশ্ৰয় লোৱা মুমিনসকলৰ উত্তম সংৰক্ষক, তথা সহায় প্ৰাৰ্থনাকাৰীৰ বাবে উত্তম সহায়ক। এতেকে তেওঁৰ আশ্ৰয় লোৱা, তেৱেঁই সুৰক্ষা প্ৰদান কৰিব, লগতে তেওঁৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, তেৱেঁই তোমালোকক সহায় কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/022078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/022078.mp3"}]