[{"index":"1","arabicText":"قَدْ اَفْلَحَ الْمُؤْمِنُوْنَ ۟ۙ","assameseTranslation":"নিশ্চয় মুমিনসকল সফল হৈছে,","footnotes":"","tafseer":"আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী মুমিনসকল তথা তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰী লোকসকল, নিজৰ মনোকামনা পূৰণত আৰু তেওঁলোকে ভয় কৰা বস্তুৰ পৰা মুক্তি লাভ কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023001.mp3"},{"index":"2","arabicText":"الَّذِیْنَ هُمْ فِیْ صَلَاتِهِمْ خٰشِعُوْنَ ۟ۙ","assameseTranslation":"যিসকল নিজৰ চালাতৰ ক্ষেত্ৰত ভীতি-অৱনত,","footnotes":"","tafseer":"তেওঁলোকে চালাতত ইমান বিনম্ৰতা অৱলম্বন কৰে যে, চালাত আদায় কৰাৰ সময়ত তেওঁলোকৰ শৰীৰৰ অংগ কোনো ধৰণৰ লৰচৰ নকৰে। লগতে তেওঁলোকৰ অন্তৰ সকলো চিন্তা-ভাৱনাৰ পৰা বিৰত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023002.mp3"},{"index":"3","arabicText":"وَالَّذِیْنَ هُمْ عَنِ اللَّغْوِ مُعْرِضُوْنَ ۟ۙ","assameseTranslation":"আৰু যিসকল অসাৰ কথা-বতৰাৰ পৰা বিমুখ,","footnotes":"","tafseer":"তেওঁলোকে অসত্য আৰু ব্যৰ্থ তথা সেই সকলো কথা-কৰ্মৰ পৰা বিৰত থাকে যিবোৰ গুনাহৰ কাৰণ হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023003.mp3"},{"index":"4","arabicText":"وَالَّذِیْنَ هُمْ لِلزَّكٰوةِ فٰعِلُوْنَ ۟ۙ","assameseTranslation":"আৰু যিসকল যাকাতৰ ক্ষেত্ৰত সক্ৰিয়,","footnotes":"","tafseer":"তেওঁলোকে নিজকে সকলো প্ৰকাৰ অপৱিত্ৰতাৰ পৰা পৱিত্ৰ ৰাখে, আৰু যাকাত আদায়ৰ মাধ্যমত নিজৰ সম্পত্তি পৱিত্ৰ কৰি ৰাখে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023004.mp3"},{"index":"5","arabicText":"وَالَّذِیْنَ هُمْ لِفُرُوْجِهِمْ حٰفِظُوْنَ ۟ۙ","assameseTranslation":"আৰু যিসকল নিজৰ যৌনাঙ্গসমূহৰ হিফাজতকাৰী,","footnotes":"","tafseer":"তেওঁলোকে ব্যভিচাৰ, সমকামিতা আৰু সকলো প্ৰকাৰ অশ্লীলতাৰ পৰা নিজকে সুৰক্ষিত ৰাখে, তেওঁলোকে সদায় পৰিস্কাৰ-পৰিচ্ছন্ন আৰু পৱিত্ৰ থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023005.mp3"},{"index":"6","arabicText":"اِلَّا عَلٰۤی اَزْوَاجِهِمْ اَوْ مَا مَلَكَتْ اَیْمَانُهُمْ فَاِنَّهُمْ غَیْرُ مَلُوْمِیْنَ ۟ۚ","assameseTranslation":"কিন্তু তেওঁলোকৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত তেওঁলোক নিন্দনীয় নহ’ব--","footnotes":"","tafseer":"কিন্তু সিহঁতৰ পত্নী আৰু অধিকাৰভুক্ত দাসীৰ বাহিৰে। কিয়নো সিহঁতৰ সৈতে মিলনৰ মাধ্যমত উপকৃত হোৱাটো কোনো নিন্দনীয় বিষয় নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023006.mp3"},{"index":"7","arabicText":"فَمَنِ ابْتَغٰی وَرَآءَ ذٰلِكَ فَاُولٰٓىِٕكَ هُمُ الْعٰدُوْنَ ۟ۚ","assameseTranslation":"কিন্তু যিসকলে ইয়াৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই হৈছে সীমালঙ্ঘনকাৰী।","footnotes":"","tafseer":"কিন্তু যদি কোনোবাই নিজৰ স্ত্ৰী আৰু দাসীক এৰি আন কোনো পথেৰে উপকৃত হ’ব বিচাৰে, তেন্তে তেনেকুৱা ব্যক্তিয়েই হৈছে আল্লাহে নিৰ্ধাৰণ কৰা সীমা লঙ্ঘনকাৰী। কাৰণ সি আল্লাহে হালাল কৰা যৌন-সম্ভোগৰ পথ এৰি, হাৰাম পথ অৱলম্বন কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023007.mp3"},{"index":"8","arabicText":"وَالَّذِیْنَ هُمْ لِاَمٰنٰتِهِمْ وَعَهْدِهِمْ رٰعُوْنَ ۟ۙ","assameseTranslation":"আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে,","footnotes":"","tafseer":"তথা তেওঁলোকে আল্লাহৰ আমানত আৰু বান্দাৰ আমানত, লগতে তেওঁলোকৰ বচন ৰক্ষা কৰে, কেতিয়াও ভঙ্গ নকৰে; বৰং সদায় পূৰণ কৰাৰ চেষ্টা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023008.mp3"},{"index":"9","arabicText":"وَالَّذِیْنَ هُمْ عَلٰی صَلَوٰتِهِمْ یُحَافِظُوْنَ ۟ۘ","assameseTranslation":"আৰু যিসকলে নিজৰ চালাতত থাকে যত্নৱান,","footnotes":"","tafseer":"তেওঁলোকে চালাতৰ আৰকান, ওৱাজিবাত আৰু মুস্তাহাবসমূহ ৰক্ষা কৰি সদায় যথাসময়ত নিয়মিতভাৱে চালাত আদায় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023009.mp3"},{"index":"10","arabicText":"اُولٰٓىِٕكَ هُمُ الْوٰرِثُوْنَ ۟ۙ","assameseTranslation":"তেওঁলোকেই হ’ব উত্তৰাধিকাৰী--","footnotes":"","tafseer":"উপৰোক্ত বৈশিষ্ট্যসমূহৰ অধিকাৰী ব্যক্তিসকলেই হৈছে ওৱাৰিচ তথা উত্তৰাধিকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023010.mp3"},{"index":"11","arabicText":"الَّذِیْنَ یَرِثُوْنَ الْفِرْدَوْسَ ؕ هُمْ فِیْهَا خٰلِدُوْنَ ۟","assameseTranslation":"তেওঁলোকে উত্তৰাধিকাৰী হ’ব ফিৰদাউছৰ, য’ত তেওঁলোক স্থায়ী হ’ব।","footnotes":"","tafseer":"তেওঁলোকেই হৈছে আটাইতকৈ উচ্চ জান্নাতৰ উত্তৰাধিকাৰী, য’ত তেওঁলোকে চিৰকাল অৱস্থান কৰিব, তাত তেওঁলোকে যিবোৰ নিয়ামত লাভ কৰিব সেইবোৰ কেতিয়াও শেষ নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023011.mp3"},{"index":"12","arabicText":"وَلَقَدْ خَلَقْنَا الْاِنْسَانَ مِنْ سُلٰلَةٍ مِّنْ طِیْنٍ ۟ۚ","assameseTranslation":"নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ মাটিৰ উপাদানৰ পৰা,","footnotes":"","tafseer":"মানুহৰ আদি পিতা আদমক আমি মাটিৰে সৃষ্টি কৰিছিলোঁ; আৰু সেই মাটি পৃথিৱীৰ বোকা মাটিৰ পৰা লোৱা হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023012.mp3"},{"index":"13","arabicText":"ثُمَّ جَعَلْنٰهُ نُطْفَةً فِیْ قَرَارٍ مَّكِیْنٍ ۪۟","assameseTranslation":"তাৰ পিছত আমি তাক স্থাপন কৰোঁ শুক্ৰবিন্দুৰূপে এটা নিৰাপদ ভাণ্ডাৰত (জৰায়ুত);","footnotes":"","tafseer":"ইয়াৰ পিছত তেওঁৰ সন্তানসকলক ধাৰাবাহিকভাৱে বীৰ্যৰ দ্বাৰা সৃষ্টি কৰিছোঁ। যিটো মাকৰ গৰ্ভাশয়ত জন্ম নোহোৱালৈকে অৱস্থান কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023013.mp3"},{"index":"14","arabicText":"ثُمَّ خَلَقْنَا النُّطْفَةَ عَلَقَةً فَخَلَقْنَا الْعَلَقَةَ مُضْغَةً فَخَلَقْنَا الْمُضْغَةَ عِظٰمًا فَكَسَوْنَا الْعِظٰمَ لَحْمًا ۗ ثُمَّ اَنْشَاْنٰهُ خَلْقًا اٰخَرَ ؕ فَتَبٰرَكَ اللّٰهُ اَحْسَنُ الْخٰلِقِیْنَ ۟ؕ","assameseTranslation":"তাৰ পিছত আমি শুক্ৰবিন্দুক আলাকাত পৰিণত কৰোঁ, পিছত আলাকাক পৰিণত কৰোঁ মাংসপিণ্ডত, মাংসপিণ্ডক পৰিণত কৰোঁ অস্থিত, তাৰ পিছত অস্থিক ঢাকি দিওঁ মাংসৰে, অৱশেষত আমি তাক গঢ়ি তোলোঁ আন এটা সৃষ্টিৰূপে। এতেকে (চোৱা) সৰ্বোত্তম স্ৰষ্টা আল্লাহ কিমান বৰকতময়!","footnotes":"","tafseer":"তাৰ পিছত আমি মাকৰ গৰ্ভাশয়ত অৱস্থান কৰা বীৰ্যক ৰঙা ৰক্তপিণ্ডলৈ ৰূপান্তৰিত কৰিছোঁ। ইয়াৰ পিছত সেই ৰক্তপিণ্ডক এটুকুৰা মাংসত ৰূপান্তৰিত কৰিছোঁ। ইয়াৰ পিছত মাংসৰ টুকুৰাৰে মজবুত হাড় সৃষ্টি কৰিছোঁ। ইয়াৰ পিছত সেই হাড়ক মাংস পৰিধান কৰাইছোঁ। তাৰ পিছত ইয়াৰ মাজত ৰূহ প্ৰদান কৰি এটা নতুন সৃষ্টিৰ ৰূপ দিছোঁ। লগতে ইয়াক পাৰ্থিৱ জীৱনৰ বাবে উলিয়াই আনিছোঁ। এতেকে (চোৱা) সৰ্বোত্তম স্ৰষ্টা আল্লাহ তাআলা কিমান বৰকতময়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023014.mp3"},{"index":"15","arabicText":"ثُمَّ اِنَّكُمْ بَعْدَ ذٰلِكَ لَمَیِّتُوْنَ ۟ؕ","assameseTranslation":"ইয়াৰ পিছত নিশ্চয় তোমালোকে মৃত্যুবৰণ কৰিবা,","footnotes":"","tafseer":"এতেকে শুনা হে মানৱজাতি! এই ধাপসমূহ শেষ হোৱাৰ পিছত, নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে নিশ্চয় তোমালোকে মৃত্যুবৰণ কৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023015.mp3"},{"index":"16","arabicText":"ثُمَّ اِنَّكُمْ یَوْمَ الْقِیٰمَةِ تُبْعَثُوْنَ ۟","assameseTranslation":"তাৰ পিছত কিয়ামতৰ দিনা তোমালোকক নিশ্চয় উত্থিত কৰা হ’ব।","footnotes":"","tafseer":"মৃত্যুৰ পিছত কিয়ামতৰ দিনা তোমালোকক কবৰৰ পৰা পুনৰুত্থিত কৰা হ’ব। যাতে তোমালোকে কৰা আমলৰ হিচাপ-কিতাপ ল’ব পৰা যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023016.mp3"},{"index":"17","arabicText":"وَلَقَدْ خَلَقْنَا فَوْقَكُمْ سَبْعَ طَرَآىِٕقَ ۖۗ وَمَا كُنَّا عَنِ الْخَلْقِ غٰفِلِیْنَ ۟","assameseTranslation":"আৰু নিশ্চয় আমি তোমালোকৰ ওপৰত সৃষ্টি কৰিছোঁ সাতখন আকাশ আৰু আমি সৃষ্টি সম্পৰ্কে কদাপিও উদাসীন নহয়,","footnotes":"","tafseer":"হে মানৱজাতি! নিশ্চয় আমি তোমালোকৰ ওপৰত, এটাৰ ওপৰত এটাকৈ সাতখন আকাশ সৃষ্টি কৰিছোঁ। আমি আমাৰ সৃষ্টিৰ পৰা কেতিয়াও অমনোযোগী নহয়, আৰু সিহঁতক পাহৰাও নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023017.mp3"},{"index":"18","arabicText":"وَاَنْزَلْنَا مِنَ السَّمَآءِ مَآءً بِقَدَرٍ فَاَسْكَنّٰهُ فِی الْاَرْضِ ۖۗ وَاِنَّا عَلٰی ذَهَابٍ بِهٖ لَقٰدِرُوْنَ ۟ۚ","assameseTranslation":"আৰু আমি আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ পৰিমিতভাৱে, ফলত সেয়া আমি মাটিত সংৰক্ষিত কৰোঁ, আৰু আমি তাক অপসাৰণ কৰিবলৈও সম্পূৰ্ণ সক্ষম।","footnotes":"","tafseer":"আকাশৰ পৰা আমি প্ৰয়োজন অনুসাৰে পানী বৰ্ষণ কৰোঁ, বেছিও নকৰোঁ যে বিপদ আহিব, আৰু কমো নিদিওঁ যে, যথেষ্ট নহ'ব। তথা সেই পানীক আমি পৃথিৱীত ৰখাই দিওঁ যাতে মানুহ আৰু জীৱ-জন্তুৱে উপকৃত হ'ব পাৰে। সেই পানীক আমি নাইকিয়া কৰিবলৈকো সক্ষম, ফলত তোমালোকে উপকৃত হ'ব নোৱাৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023018.mp3"},{"index":"19","arabicText":"فَاَنْشَاْنَا لَكُمْ بِهٖ جَنّٰتٍ مِّنْ نَّخِیْلٍ وَّاَعْنَابٍ ۘ لَكُمْ فِیْهَا فَوَاكِهُ كَثِیْرَةٌ وَّمِنْهَا تَاْكُلُوْنَ ۟ۙ","assameseTranslation":"ইয়াৰ পিছত আমি তাৰ দ্বাৰা তোমালোকৰ বাবে খেজুৰ আৰু আঙুৰৰ বাগান সৃষ্টি কৰোঁ, য’ত তোমালোকৰ বাবে থাকে প্ৰচুৰ ফল, যিবোৰ তোমালোকে খোৱা;","footnotes":"","tafseer":"সেই পানীৰ পৰাই আমি তোমালোকক খেজুৰ আৰু আঙুৰৰ বাগান সাজি দিছোঁ। তাত তোমালোকৰ বাবে আছে বিভিন্ন আকাৰৰ আৰু বিভিন্ন ৰঙৰ ফল-মূল। উদাহৰণস্বৰূপে ডিমৰু, ডালিম আৰু আপেল, যিবোৰ তোমালোকে ভক্ষণ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023019.mp3"},{"index":"20","arabicText":"وَشَجَرَةً تَخْرُجُ مِنْ طُوْرِ سَیْنَآءَ تَنْۢبُتُ بِالدُّهْنِ وَصِبْغٍ لِّلْاٰكِلِیْنَ ۟","assameseTranslation":"আৰু (ইয়াৰ দ্বাৰাই) সৃষ্টি কৰোঁ এটা গছ যিটো উৎপন্ন হয় চিনাই পৰ্বতত, যিটোৰ পৰা উৎপন্ন হয় আহাৰকাৰীসকলৰ বাবে তেল আৰু তৰকাৰি।","footnotes":"","tafseer":"সেই পানীৰ পৰাই আমি তোমালোকৰ বাবে উৎপন্ন কৰিছোঁ যায়তুন গছ, যিটো চিনাই পৰ্বতৰ অঞ্চলত উৎপাদিত হয়। সেই গছৰ ফলৰ পৰা তেল উলিওৱা হয়, আৰু সেইবোৰক তেল আৰু আঞ্জা হিচাপেও ব্যৱহাৰ কৰা হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023020.mp3"},{"index":"21","arabicText":"وَاِنَّ لَكُمْ فِی الْاَنْعَامِ لَعِبْرَةً ؕ نُسْقِیْكُمْ مِّمَّا فِیْ بُطُوْنِهَا وَلَكُمْ فِیْهَا مَنَافِعُ كَثِیْرَةٌ وَّمِنْهَا تَاْكُلُوْنَ ۟ۙ","assameseTranslation":"আৰু নিশ্চয় তোমালোকৰ বাবে ঘৰচীয়া জন্তুবোৰৰ মাজত আছে শিক্ষণীয় বিষয়, সেইবোৰৰ পেটত যি (গাখীৰ) আছে তাৰ পৰা আমি তোমালোকক সেৱন কৰাওঁ আৰু তাত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰিতা, সেইবোৰ (জন্তু)ক তোমালোকে ভক্ষণো কৰা।","footnotes":"","tafseer":"হে মানৱজাতি! বাস্তৱতে তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তুবোৰ (উট, গৰু আৰু ছাগলী)ৰ মাজত আছে ডাঙৰ শিক্ষা আৰু নিৰ্দেশনা, যাৰ দ্বাৰা তোমালোকে আল্লাহৰ ক্ষমতা আৰু তোমালোকৰ প্ৰতি তেওঁৰ দয়া তথা কৃপা অতি সহজে অনুভৱ কৰিব পাৰিবা। আমিয়েই তোমালোকক এইবোৰ চতুষ্পদ জন্তুৰ নিৰ্ভেজাল তথা সোৱাদ লগা গাখীৰ খোৱাওঁ। এইবোৰৰ দ্বাৰা তোমালোকে আৰু বহুতো প্ৰকাৰে উপকৃত হোৱা, যেনেঃ পৰিবহণ হিচাপে ব্যৱহাৰ কৰা, ঊণ সংগ্ৰহ কৰা, গোবৰ আৰু নোমৰ দ্বাৰাও তোমালোকে উপকৃত হোৱা। তথা তোমালোকে এইবোৰৰ মাংসও ভক্ষণ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023021.mp3"},{"index":"22","arabicText":"وَعَلَیْهَا وَعَلَی الْفُلْكِ تُحْمَلُوْنَ ۟۠","assameseTranslation":"লগতে এইবোৰ পশু (ৰ পিঠিত) আৰু নৌযানত তোমালোকক আৰোহণ কৰোৱা হয়।","footnotes":"","tafseer":"স্থলত তোমালোকে চতুষ্পদ জন্তুবোৰৰ মাজৰ পৰা উটক পৰিবহন হিচাপে ব্যৱহাৰ কৰা, আনহাতে সাগৰত তোমালোকক প্ৰকাণ্ড জাহাজক পৰিবহণ হিচাপে ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023022.mp3"},{"index":"23","arabicText":"وَلَقَدْ اَرْسَلْنَا نُوْحًا اِلٰی قَوْمِهٖ فَقَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ اَفَلَا تَتَّقُوْنَ ۟","assameseTranslation":"নিশ্চয় আমি নূহক প্ৰেৰণ কৰিছিলোঁ তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ। তেওঁ কৈছিল হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই, তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?","footnotes":"","tafseer":"নিশ্চয় আমি নূহ আলাইহিচ্ছালামক তেওঁৰ সম্প্ৰদায়ৰ ফালে প্ৰেৰণ কৰিছিলোঁ, যাতে তেওঁ সিহঁতক আল্লাহৰ পিনে আহ্বান কৰে। ফলত নূহ আলাইহিচ্ছালামে সিহঁতক কৈছিলঃ হে মোৰ জাতিৰ লোকসকল! তোমালোকে কেৱল এক আল্লাহৰ ইবাদত কৰা। সেই পৱিত্ৰ সত্ত্বাৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। তথাপিও তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় নকৰিবানে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023023.mp3"},{"index":"24","arabicText":"فَقَالَ الْمَلَؤُا الَّذِیْنَ كَفَرُوْا مِنْ قَوْمِهٖ مَا هٰذَاۤ اِلَّا بَشَرٌ مِّثْلُكُمْ ۙ یُرِیْدُ اَنْ یَّتَفَضَّلَ عَلَیْكُمْ ؕ وَلَوْ شَآءَ اللّٰهُ لَاَنْزَلَ مَلٰٓىِٕكَةً ۖۚ مَّا سَمِعْنَا بِهٰذَا فِیْۤ اٰبَآىِٕنَا الْاَوَّلِیْنَ ۟ۚ","assameseTranslation":"তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ নেতা শ্ৰেণীৰ যিসকল লোকে কুফৰী কৰিছিল সিহঁতে কৈছিল, এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, এওঁ কেৱল তোমালোকৰ ওপৰত শ্ৰেষ্ঠত্ব লাভ কৰিব বিচাৰিছে, যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে ফিৰিস্তাকেই অৱতীৰ্ণ কৰিলেহেঁতেন, আমি আমাৰ পূৰ্বপূৰুষসকলৰ ওচৰত এনেকুৱা ঘটনা কেতিয়াও শুনা নাই।","footnotes":"","tafseer":"ইয়াৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ সন্মানিত আৰু প্ৰমূখ লোকসকলে (যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল) নিজৰ অনুসাৰীসকলক আৰু সাধাৰণ লোকসকলক সম্বোধন কৰি ক’লেঃ “এই মানুহজন, যিজনে নিজকে ৰাছুল বুলি দাবী কৰে, তেওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ। দৰাচলতে এওঁ তোমালোকৰ ওপৰত ৰাজত্ব কৰিব বিচাৰে আৰু তোমালোকৰ নেতা হ’ব বিচাৰে। সঁচাই যদি আল্লাহে আমাৰ ফালে ৰাছুল প্ৰেৰণ কৰিব বিচাৰিলেহেঁতেন তেন্তে তেওঁ কোনো ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰিলেহেঁতেন। মানুহক কেতিয়াও ৰাছুল হিচাপে প্ৰেৰণ নকৰিলেহেঁতেন। আমাৰ পূৰ্বপুৰুষসকলৰ মাজত এনেকুৱা দাবীদাৰ ব্যক্তিৰ বিষয়ে কেতিয়াও আমি শুনা নাছিলোঁ।”","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023024.mp3"},{"index":"25","arabicText":"اِنْ هُوَ اِلَّا رَجُلٌۢ بِهٖ جِنَّةٌ فَتَرَبَّصُوْا بِهٖ حَتّٰی حِیْنٍ ۟","assameseTranslation":"নিশ্চয় এওঁ বলিয়া হৈছে। গতিকে তোমালোকে এওঁৰ বিষয়ে কিছুদিন ধৈৰ্য্য ধৰা।","footnotes":"","tafseer":"দৰাচলতে এওঁ হৈছে এজন উন্মাদ ব্যক্তি। এওঁ নিজেই নাজানে, এওঁ কি কৈ আছে। গতিকে কিছু সময় অপেক্ষা কৰা, তেওঁৰ সকলো বিষয় মানুহৰ সন্মুখত প্ৰকাশ পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023025.mp3"},{"index":"26","arabicText":"قَالَ رَبِّ انْصُرْنِیْ بِمَا كَذَّبُوْنِ ۟","assameseTranslation":"নূহে (আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি) কৈছিল, ‘হে মোৰ প্ৰতিপালক! মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে’।","footnotes":"","tafseer":"নূহ আলাইহিচ্ছালামে ক’লেঃ “হে মোৰ প্ৰতিপালক, সিহঁতৰ বিৰুদ্ধে তুমি মোক সহায় কৰা। লগতে সিহঁতে মোক অস্বীকাৰ কৰিছে; গতিকে তুমি ইয়াৰ প্ৰতিশোধ লোৱা।”","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023026.mp3"},{"index":"27","arabicText":"فَاَوْحَیْنَاۤ اِلَیْهِ اَنِ اصْنَعِ الْفُلْكَ بِاَعْیُنِنَا وَوَحْیِنَا فَاِذَا جَآءَ اَمْرُنَا وَفَارَ التَّنُّوْرُ ۙ فَاسْلُكْ فِیْهَا مِنْ كُلٍّ زَوْجَیْنِ اثْنَیْنِ وَاَهْلَكَ اِلَّا مَنْ سَبَقَ عَلَیْهِ الْقَوْلُ مِنْهُمْ ۚ وَلَا تُخَاطِبْنِیْ فِی الَّذِیْنَ ظَلَمُوْا ۚ اِنَّهُمْ مُّغْرَقُوْنَ ۟","assameseTranslation":"তাৰ পিছত আমি তেওঁৰ ওচৰলৈ অহী প্ৰেৰণ কৰিছিলোঁ, তুমি আমাৰ চাক্ষুষ তত্ত্বাৱধায়নত আৰু আমাৰ অহী অনুযায়ী নৌযান নিৰ্মাণ কৰা, ইয়াৰ পিছত যেতিয়া আমাৰ আদেশ আহিব আৰু চৌকাৰ পানী উথলি উঠিব, তেতিয়া প্ৰত্যেক জীৱ-জন্তুৰে একো একোযোৰকৈ লৈ (নাৱত) উঠিবা আৰু তোমাৰ পৰিয়ালবৰ্গকো লগত লবা, কেৱল সেইসকল লোকৰ বাহিৰে যিসকলৰ বিৰুদ্ধে পূৰ্বেই সিদ্ধান্ত লোৱা হৈছে। লগতে যিসকলে অন্যায় কৰিছে সিহঁতৰ বিষয় লৈ তুমি মোক সম্বোধন নকৰিবা। নিশ্চয় সিহঁত ডুবি মৰিব।","footnotes":"","tafseer":"আমি নূহ আলাইহিচ্ছালামক সংবাদ প্ৰদান কৰিছিলোঁ যে, আপুনি আমাৰ চকুৰ সন্মুখত আৰু আমি কোৱা পদ্ধতিমতে এখন নাও বনাওক। সিহঁতৰ বিনাশ সম্পৰ্কীয় যেতিয়া আমাৰ আদেশ আহি পৰিব আৰু চৌকাত পানী উথলি উঠিব তেতিয়া প্ৰত্যেক জীৱ-জন্তুৰ মাজৰ পৰা এযোৰ এযোৰকৈ নাঁৱত উঠাই ল’ব, যাতে সেইবোৰৰ বংশ পৃথিৱীত বাকী থাকে। লগতে আপোনাৰ পৰিয়ালকো উঠাই ল’ব, কিন্তু সেইসকল লোকক নাঁৱত নুঠাব যিসকলৰ বিৰুদ্ধে আল্লাহে পূৰ্বেই সিদ্ধান্ত গ্ৰহণ কৰিছে। যেনেঃ আপোনাৰ স্ত্ৰী আৰু আপোনাৰ ল’ৰা। তথা সিহঁতৰ মুক্তি আৰু ৰক্ষাৰ বাবে আপুনি মোৰ ওচৰত প্ৰাৰ্থনা নকৰিব, কিয়নো সিহঁতে কুফৰী কৰি অন্যায় কৰিছে। সিহঁত নিশ্চিতভাৱে পানীত ডুবি ধ্বংস হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023027.mp3"},{"index":"28","arabicText":"فَاِذَا اسْتَوَیْتَ اَنْتَ وَمَنْ مَّعَكَ عَلَی الْفُلْكِ فَقُلِ الْحَمْدُ لِلّٰهِ الَّذِیْ نَجّٰىنَا مِنَ الْقَوْمِ الظّٰلِمِیْنَ ۟","assameseTranslation":"এতেকে যেতিয়া তুমি আৰু তোমাৰ সঙ্গীসকল নৌযানৰ ওপৰত স্থিৰ হ’বা তেতিয়া ক’বা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিয়ে আমাক যালিম সম্প্ৰদায়ৰ পৰা উদ্ধাৰ কৰিছে’।","footnotes":"","tafseer":"এতেকে আপুনি আৰু আপোনাৰ মুমিন সঙ্গীসকলে যেতিয়া নাঁৱত আৰোহণ কৰিব তেতিয়া ক’বঃ সকলো ধৰণৰ প্ৰশংসা সেই আল্লাহৰ বাবে, যিজনে আমাক কাফিৰ সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰিছে আৰু সিহঁতক ধ্বংস কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023028.mp3"},{"index":"29","arabicText":"وَقُلْ رَّبِّ اَنْزِلْنِیْ مُنْزَلًا مُّبٰرَكًا وَّاَنْتَ خَیْرُ الْمُنْزِلِیْنَ ۟","assameseTranslation":"তুমি আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! মোক বৰকতময় অৱতৰণস্থলত অৱতৰণ কৰোৱা; যিহেতু তুমিয়েই শ্ৰেষ্ঠ অৱতাৰণকাৰী’।","footnotes":"","tafseer":"লগতে এই দুআ কৰিবঃ হে মোৰ প্ৰতিপালক! তুমি মোক বৰকতময় ভূমিত অৱতৰণ কৰোৱা, নিশ্চয় তুমিয়েই শ্ৰেষ্ঠ স্থান প্ৰদানকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023029.mp3"},{"index":"30","arabicText":"اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ وَّاِنْ كُنَّا لَمُبْتَلِیْنَ ۟","assameseTranslation":"নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন; আৰু আমি সিহঁতক পৰীক্ষাহে কৰিছিলোঁ।","footnotes":"","tafseer":"উপৰোক্ত বিষয়টোৱে অৰ্থাৎ নূহ আলাইহিচ্ছালাম আৰু তেওঁৰ মুমিন সঙ্গীসকলক ৰক্ষা কৰা আৰু কাফিৰসকলক ধ্বংস কৰাৰ বিষয়টোৱে এই কথা স্পষ্টৰূপে প্ৰমাণ কৰে যে, নিশ্চয় আমি আমাৰ ৰাছুলসকলক সহায় কৰিবলৈ আৰু তেওঁলোকক অস্বীকাৰ কৰা লোকসকলক ধ্বংস কৰিবলৈ সক্ষম। দৰাচলতে আমি নূহ আলাইহিচ্ছালামক তেওঁৰ জাতিৰ মাজত প্ৰেৰণ কৰি সিহঁতক পৰীক্ষা কৰিব বিচাৰিছিলোঁ, যাতে কাফিৰৰ পৰা মুমিন আৰু গুনাহগাৰৰ পৰা আনুগত্যকাৰী স্পষ্টভাৱে প্ৰকাশ পায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023030.mp3"},{"index":"31","arabicText":"ثُمَّ اَنْشَاْنَا مِنْ بَعْدِهِمْ قَرْنًا اٰخَرِیْنَ ۟ۚ","assameseTranslation":"এতেকে আমি সিহঁতৰ পিছত আন এটা প্ৰজন্ম সৃষ্টি কৰিছিলোঁ,","footnotes":"","tafseer":"নূহ আলাইহিচ্ছালামৰ জাতিক ধ্বংস কৰাৰ পিছত, আমি আৰু এটা জাতিক সৃষ্টি কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023031.mp3"},{"index":"32","arabicText":"فَاَرْسَلْنَا فِیْهِمْ رَسُوْلًا مِّنْهُمْ اَنِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ اَفَلَا تَتَّقُوْنَ ۟۠","assameseTranslation":"ইয়াৰ পিছত আমি সিহঁতৰ মাজৰ পৰাই এজনক ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলোঁ, তেওঁ কৈছিল, ‘তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই, তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?","footnotes":"","tafseer":"ইয়াৰ পিছত আমি সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিছিলোঁ, যাতে তেওঁ সিহঁতক আল্লাহৰ পিনে আহ্বান কৰে। এতেকে তেওঁ সিহঁতক সম্বোধন কৰি ক'লেঃ তোমালোকে কেৱল এক আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। তেওঁ পৱিত্ৰ। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন নকৰিবানে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023032.mp3"},{"index":"33","arabicText":"وَقَالَ الْمَلَاُ مِنْ قَوْمِهِ الَّذِیْنَ كَفَرُوْا وَكَذَّبُوْا بِلِقَآءِ الْاٰخِرَةِ وَاَتْرَفْنٰهُمْ فِی الْحَیٰوةِ الدُّنْیَا ۙ مَا هٰذَاۤ اِلَّا بَشَرٌ مِّثْلُكُمْ ۙ یَاْكُلُ مِمَّا تَاْكُلُوْنَ مِنْهُ وَیَشْرَبُ مِمَّا تَشْرَبُوْنَ ۟","assameseTranslation":"আৰু তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে, যিসকলে কুফৰী কৰিছিল আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছিল আৰু যিসকলক আমি প্ৰদান কৰিছিলোঁ পাৰ্থিৱ জীৱনৰ প্ৰচুৰ ভোগ-সম্ভাৰ, সিহঁতে কৈছিল, ‘এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, তোমালোকে যি খোৱা তেৱোঁ তাকেই খায় আৰু তোমালোকে যি পান কৰা তেৱোঁ তাকেই পান কৰে;","footnotes":"","tafseer":"তেওঁৰ জাতিৰ গণ্যমান্য আৰু প্ৰমুখ লোকসকলে যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল তথা আখিৰাতক নাকচ কৰিছিল আৰু আখিৰাতৰ প্ৰতিফল আৰু শাস্তিক অৱমাননা কৰিছিল, পৃথিৱীত থকা আমাৰ অগণন নিয়ামতে সিহঁতক স্বৈৰাচাৰী বনাইছিল, সেইসকল লোকে নিজৰ অনুসাৰী আৰু সাধাৰণ লোকসকলক সম্বোধন কৰি ক'লেঃ এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ। তোমালোকে যি খোৱা, তেৱোঁ সেইটোৱেই খায়। তোমালোকে যি পান কৰা, তেৱোঁ সেইটোৱে পান কৰে। তেওঁৰ মাজত এনেকুৱা কোনো বৈশিষ্ট্য নাই, যাৰ ভিত্তিত তেওঁক তোমালোকৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023033.mp3"},{"index":"34","arabicText":"وَلَىِٕنْ اَطَعْتُمْ بَشَرًا مِّثْلَكُمْ اِنَّكُمْ اِذًا لَّخٰسِرُوْنَ ۟ۙ","assameseTranslation":"‘যদি তোমালোকে তোমালোকৰ দৰেই এজন মানুহৰ আনুগত্য কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হ’বা;","footnotes":"","tafseer":"যদি তোমালোকে নিজৰ দৰেই এজন মানুহৰ অনুসৰণ কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হ'বা। কাৰণ নিজৰ উপাস্যবোৰক এৰি এনেকুৱা লোকৰ আনুগত্য কৰাত কোনো ধৰণৰ উপকাৰ নাই। এনেকুৱা লোকৰ অনুসৰণতো কোনো লাভ নাই, যিজনৰ মাজত তোমালোকৰ ওপৰত প্ৰাধান্য লাভ কৰিব পাৰা কোনো বৈশিষ্ট্য নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023034.mp3"},{"index":"35","arabicText":"اَیَعِدُكُمْ اَنَّكُمْ اِذَا مِتُّمْ وَكُنْتُمْ تُرَابًا وَّعِظَامًا اَنَّكُمْ مُّخْرَجُوْنَ ۟","assameseTranslation":"‘এওঁ তোমালোকক এই প্ৰতিশ্ৰুতি দিয়ে নেকি যে, তোমালোকে যেতিয়া মৃত্যুবৰণ কৰিবা আৰু তোমালোক মাটি আৰু অস্থিত পৰিণত হ’বা; তাৰ পিছতো তোমালোকক আকৌ উত্থিত কৰা হ’ব?","footnotes":"","tafseer":"এই ৰাছুল বুলি দাবী কৰা ব্যক্তিজনে তোমালোকক এই প্ৰতিশ্ৰুতি দিয়ে নেকি যে, তোমালোকে যেতিয়া মৃত্যুবৰণ কৰিবা আৰু মাটিত পৰিণত হ'বা আৰু তোমালোকৰ হাড়বোৰ গেলি-পচি যাব, তেতিয়া তোমালোকক কবৰৰ পৰা জীৱিত কৰি তোলা হ’ব? বিষয়টো কিন্তু বোধগম্য নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023035.mp3"},{"index":"36","arabicText":"هَیْهَاتَ هَیْهَاتَ لِمَا تُوْعَدُوْنَ ۟","assameseTranslation":"‘অসম্ভৱ, তোমালোকক যি বিষয়ে প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া অসম্ভৱ।","footnotes":"","tafseer":"এইটো এটা অসম্ভৱ বিষয়, যিটো তোমালোকক প্ৰতিশ্ৰুতি দিয়া হৈছে যে, তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক আকৌ জীৱিত কৰি তোলা হ'ব। যিহেতু তোমালোকৰ হাড়বোৰ গেলি পচি মাটিত পৰিণত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023036.mp3"},{"index":"37","arabicText":"اِنْ هِیَ اِلَّا حَیَاتُنَا الدُّنْیَا نَمُوْتُ وَنَحْیَا وَمَا نَحْنُ بِمَبْعُوْثِیْنَ ۟","assameseTranslation":"‘একমাত্ৰ পাৰ্থিৱ জীৱনেই হৈছে আমাৰ জীৱন, আমাৰ জীৱন-মৰণ ইয়াতেই; আৰু আমি কেতিয়াও পুনৰুত্থিত নহওঁ।","footnotes":"","tafseer":"শুনা! পাৰ্থিৱ জীৱনেই হৈছে একমাত্ৰ জীৱন। আখিৰাতৰ জীৱনৰ কোনো ভিত্তি নাই। আমাৰ মাজৰ জীৱিতসকলেহে মৃত্যুবৰণ কৰে, কিন্তু তেওঁলোক কেতিয়াও জীৱিত নহয়। ইয়াৰ পিছত অন্য লোকসকলে জন্ম লাভ কৰি এই পৃথিৱীত জীৱন-যাপন কৰে। আমি মৃত্যুবৰণ কৰাৰ পিছত কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে কেতিয়াও পুনৰুত্থিত নহওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023037.mp3"},{"index":"38","arabicText":"اِنْ هُوَ اِلَّا رَجُلُ فْتَرٰی عَلَی اللّٰهِ كَذِبًا وَّمَا نَحْنُ لَهٗ بِمُؤْمِنِیْنَ ۟","assameseTranslation":"‘এওঁ এনেকুৱা এজন ব্যক্তি যিয়ে আল্লাহ সম্পৰ্কে মিছা অপবাদ দি আছে, আমি তেওঁক কেতিয়াও বিশ্বাস নকৰোঁ’।","footnotes":"","tafseer":"ৰাছুল হিচাপে প্ৰেৰিত হোৱা বুলি দাবী কৰা এই ব্যক্তিজনে দৰাচলতে আল্লাহৰ ওপৰত মিছা আৰোপ কৰিছে। আমি এওঁৰ কথাক কেতিয়াও বিশ্বাস নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023038.mp3"},{"index":"39","arabicText":"قَالَ رَبِّ انْصُرْنِیْ بِمَا كَذَّبُوْنِ ۟","assameseTranslation":"নূহে (আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে’।","footnotes":"","tafseer":"তেতিয়া ৰাছুলে প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! ইহঁতৰ বিৰুদ্ধে তুমি মোক সহায় কৰা। যিহেতু ইহঁতে মোক অস্বীকাৰ কৰিছে, গতিকে তুমি ইয়াৰ প্ৰতিশোধ লোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023039.mp3"},{"index":"40","arabicText":"قَالَ عَمَّا قَلِیْلٍ لَّیُصْبِحُنَّ نٰدِمِیْنَ ۟ۚ","assameseTranslation":"আল্লাহে ক’লে, ‘কিছু সময়ৰ মাজতেই সিহঁত নিশ্চিতৰূপে অনুতপ্ত হ’ব’।","footnotes":"","tafseer":"আল্লাহে তেওঁৰ প্ৰাৰ্থনাৰ প্ৰতি সঁহাৰি জনাই ক'লেঃ তুমি লৈ অহা বাৰ্তাক অস্বীকাৰকাৰী এই লোকসকলে নিজৰ এই অপকৰ্মৰ বাবে শীঘ্ৰেই অনুতপ্ত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023040.mp3"},{"index":"41","arabicText":"فَاَخَذَتْهُمُ الصَّیْحَةُ بِالْحَقِّ فَجَعَلْنٰهُمْ غُثَآءً ۚ فَبُعْدًا لِّلْقَوْمِ الظّٰلِمِیْنَ ۟","assameseTranslation":"তাৰ পিছত এটা বিকট শব্দই সত্য-ন্যায়ৰ সৈতে সিহঁতক আক্ৰান্ত কৰিলে, ফলত আমি সিহঁতক বতাহে উৰুৱাই নিয়া আৱৰ্জনাৰ দৰে কৰি দিলোঁ। এতেকে যালিম সম্প্ৰদায়ৰ বাবে আছে কেৱল ধ্বংস।","footnotes":"","tafseer":"এতেকে যেতিয়া সিহঁত নিজৰ স্বৈৰাচাৰীতাৰ কাৰণে শাস্তিৰ উপযুক্ত হ'ল, তেতিয়া সিহঁতক প্ৰচণ্ড বিকট শব্দই আহি গ্ৰাস কৰিলে, আৰু সিহঁত প্লাৱিত ফেনৰ দৰে ধ্বংসস্তুপত পৰিণত হ'ল। এতেকে অন্যায়কাৰী জাতিৰ বাবে আছে কেৱল ধ্বংস।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023041.mp3"},{"index":"42","arabicText":"ثُمَّ اَنْشَاْنَا مِنْ بَعْدِهِمْ قُرُوْنًا اٰخَرِیْنَ ۟ؕ","assameseTranslation":"ইয়াৰ পিছত আমি আৰু বহুতো প্ৰজন্ম সৃষ্টি কৰিছিলোঁ।","footnotes":"","tafseer":"সিহঁতক বিনাশ কৰাৰ পিছত, আমি অন্যান্য সম্প্ৰদায় আৰু জাতি সৃষ্টি কৰিছিলোঁ, যেনেঃ লূত আলাইহিচ্ছালামৰ সম্প্ৰদায়, শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰদায় আৰু ইউনুছ আলাইহিচ্ছালামৰ সম্প্ৰদায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023042.mp3"},{"index":"43","arabicText":"مَا تَسْبِقُ مِنْ اُمَّةٍ اَجَلَهَا وَمَا یَسْتَاْخِرُوْنَ ۟ؕ","assameseTranslation":"কোনো জাতিয়েই সিহঁতৰ নিৰ্দিষ্ট সময়ক আগতীয়াকৈ আনিব নোৱাৰে আৰু পিছলৈও ঠেলি দিব নোৱাৰে।","footnotes":"","tafseer":"এই অস্বীকাৰকাৰী জাতিসকলৰ মাজৰ কোনেও বিনাশৰ বাবে নিৰ্ধাৰিত সময়ৰ পৰা আগবাঢ়িব নোৱাৰে আৰু পিছুৱাবও নোৱাৰে। সিহঁতৰ ওচৰত যিমানেই উপায় নাথাকক কিয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023043.mp3"},{"index":"44","arabicText":"ثُمَّ اَرْسَلْنَا رُسُلَنَا تَتْرَا ؕ كُلَّ مَا جَآءَ اُمَّةً رَّسُوْلُهَا كَذَّبُوْهُ فَاَتْبَعْنَا بَعْضَهُمْ بَعْضًا وَّجَعَلْنٰهُمْ اَحَادِیْثَ ۚ فَبُعْدًا لِّقَوْمٍ لَّا یُؤْمِنُوْنَ ۟","assameseTranslation":"ইয়াৰ পিছত আমি এজনৰ পিছত এজনকৈ আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছিলোঁ। যেতিয়াই কোনো জাতিৰ ওচৰলৈ সিহঁতৰ ৰাছুল আহিছিল তেতিয়াই সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। ফলত আমি সিহঁতক এটাৰ পিছত এটাকৈ ধ্বংস কৰি কাহিনীত পৰিণত কৰিছিলোঁ। এতেকে যিসকলে ঈমান পোষণ নকৰে সেইবোৰ সম্প্ৰদায়ৰ বাবে কেৱল ধ্বংসই ধ্বংস!","footnotes":"","tafseer":"আমি ধাৰাবাহিকভাৱে এজনৰ পিছত এজনকৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ। কিন্তু যেতিয়াই সেই উম্মতসমূহৰ মাজত কোনো ৰাছুলৰ আগমণ ঘটিছিল সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। আমিও সিহঁতক এটাৰ পিছত এটাকৈ ধ্বংস কৰিছিলোঁ। সেইসমূহ জাতিৰ ইতিহাসৰ বাহিৰে আন কোনো অস্তিত্ব নাছিল। ধ্বংস হওক সেইসকল লোক, যিসকলে ৰাছুলে লৈ অহা বাৰ্তাৰ প্ৰতি ঈমান পোষণ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023044.mp3"},{"index":"45","arabicText":"ثُمَّ اَرْسَلْنَا مُوْسٰی وَاَخَاهُ هٰرُوْنَ ۙ۬ بِاٰیٰتِنَا وَسُلْطٰنٍ مُّبِیْنٍ ۟ۙ","assameseTranslation":"তাৰ পিছত আমি মুছা আৰু তেওঁৰ ভাতৃ হাৰূনক আমাৰ নিদৰ্শনাৱলীসহ লগতে সুস্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিলোঁ,","footnotes":"","tafseer":"তাৰ পিছত আমি মূছা আৰু তেওঁৰ ভাতৃ হাৰূনক নটা নিদৰ্শন (যেনেঃ লাখুটি, শুভ্ৰ হাত, কাকতি ফৰিং, ওকণি, ভেকুলী, তেজ, ধুমুহা, দুৰ্ভিক্ষ, শস্য আদিৰ ক্ষয়-খতি) আৰু স্পষ্ট নিদৰ্শনসহ প্ৰেৰণ কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023045.mp3"},{"index":"46","arabicText":"اِلٰی فِرْعَوْنَ وَمَلَاۡىِٕهٖ فَاسْتَكْبَرُوْا وَكَانُوْا قَوْمًا عَالِیْنَ ۟ۚ","assameseTranslation":"ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ। কিন্তু সিহঁতে অহংকাৰ কৰিলে; আৰু সিহঁত আছিল উদ্ধত সম্প্ৰদায়।","footnotes":"","tafseer":"আমি তেওঁলোক দুয়োকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ গণ্যমান্য লোকসকলৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। কিন্তু সিহঁতে অহংকাৰ কৰিছিল আৰু তেওঁলোক দুয়োজনৰ কথা মানিবলৈ অস্বীকাৰ কৰিছিল। দৰাচলতে সিহঁত আছিল মানুহৰ ওপৰত অন্যায়-অত্যাচাৰ কৰি নিজৰ প্ৰভাৱ বিস্তাৰ কৰা ব্যক্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023046.mp3"},{"index":"47","arabicText":"فَقَالُوْۤا اَنُؤْمِنُ لِبَشَرَیْنِ مِثْلِنَا وَقَوْمُهُمَا لَنَا عٰبِدُوْنَ ۟ۚ","assameseTranslation":"তাৰ পিছত সিহঁতে ক’লে, ‘আমি আমাৰ দৰেই দুজন ব্যক্তিৰ প্ৰতি ঈমান পোষণ কৰিম নেকি, অথচ তেওঁলোকৰ জাতিৰ মানুহবিলাক হৈছে আমাৰ দাস’?","footnotes":"","tafseer":"সিহঁতে ক'লেঃ আমি এনেকুৱা দুজন লোকৰ ওপৰত ঈমান পোষণ কৰিম নেকি, যি দুজনৰ কোনো বিশেষ বৈশিষ্ট্যও নাই, আনহাতে সিহঁতৰ জাতি (বনী ইছৰাঈল) দেখোন আমাৰেই অধীনস্থ তথা অনুগত?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023047.mp3"},{"index":"48","arabicText":"فَكَذَّبُوْهُمَا فَكَانُوْا مِنَ الْمُهْلَكِیْنَ ۟","assameseTranslation":"এতেকে সিহঁতে তেওঁলোক উভয়কে অস্বীকাৰ কৰিলে, ফলত সিহঁত ধ্বংসপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত হ’ল।","footnotes":"","tafseer":"তেওঁলোক দুজনে আল্লাহৰ ফালৰ পৰা যি লৈ আহিছিল সিহঁতে সেয়া অস্বীকাৰ কৰিলে। এই অস্বীকাৰ কৰাৰ ফলত সিহঁতক সাগৰত ডুবাই ধ্বংস কৰা হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023048.mp3"},{"index":"49","arabicText":"وَلَقَدْ اٰتَیْنَا مُوْسَی الْكِتٰبَ لَعَلَّهُمْ یَهْتَدُوْنَ ۟","assameseTranslation":"আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ; যাতে সিহঁতে হিদায়ত পাব পাৰে।","footnotes":"","tafseer":"নিশ্চয় আমি মূছা আলাইহিচ্ছালামক তাওৰাত প্ৰদান কৰিছিলোঁ, যাতে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে সত্যৰ পথ পায় আৰু সেইমতে আমল কৰিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023049.mp3"},{"index":"50","arabicText":"وَجَعَلْنَا ابْنَ مَرْیَمَ وَاُمَّهٗۤ اٰیَةً وَّاٰوَیْنٰهُمَاۤ اِلٰی رَبْوَةٍ ذَاتِ قَرَارٍ وَّمَعِیْنٍ ۟۠","assameseTranslation":"লগতে আমি ইবনে মৰিয়ম আৰু তেওঁৰ মাতৃক এটা নিদৰ্শন বনাইছিলোঁ আৰু তেওঁলোকক আশ্ৰয় দিছিলোঁ এটা অৱস্থানযোগ্য আৰু প্ৰস্ৰৱণবিশিষ্ট উচ্চ ভূমিত।","footnotes":"","tafseer":"আমি মৰিয়ম আৰু তেওঁৰ পুত্ৰ ঈছাক আমাৰ অদ্ভুদ শক্তিৰ প্ৰতীক বনাইছিলোঁ। কিয়নো তেওঁ পিতৃ নোহোৱাকৈ জন্ম লাভ কৰিছিল। আমি দুয়োকে এটা ওখ স্থানত আশ্ৰয় দিছিলোঁ। যি ঠাইডোখৰ আছিল সমতল আৰু বসবাস উপযোগী। লগতে তাত প্ৰবাহিত পানীৰো সুব্যৱস্থা আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023050.mp3"},{"index":"51","arabicText":"یٰۤاَیُّهَا الرُّسُلُ كُلُوْا مِنَ الطَّیِّبٰتِ وَاعْمَلُوْا صَالِحًا ؕ اِنِّیْ بِمَا تَعْمَلُوْنَ عَلِیْمٌ ۟ؕ","assameseTranslation":"‘হে ৰাছুলসকল! তোমালোকে পৱিত্ৰ বস্তুৰ পৰা খাদ্য গ্ৰহণ কৰা আৰু সৎকৰ্ম কৰা; নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আমি সবিশেষ অৱগত।","footnotes":"","tafseer":"হে ৰাছুল! মই আপোনালোকৰ বাবে যিবোৰ পৱিত্ৰ বস্তু হালাল কৰিছোঁ সেইবোৰ ভক্ষণ কৰক। তথা চৰীয়ত মুতাবিক সৎকৰ্ম কৰক। আপোনালোকে কৰা সকলো কৰ্ম সম্পৰ্কে মই নিশ্চিতভাৱে অৱগত। আপোনালোকৰ কোনো কৰ্মই মোৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023051.mp3"},{"index":"52","arabicText":"وَاِنَّ هٰذِهٖۤ اُمَّتُكُمْ اُمَّةً وَّاحِدَةً وَّاَنَا رَبُّكُمْ فَاتَّقُوْنِ ۟","assameseTranslation":"‘আৰু তোমালোকৰ এই উম্মত কেৱল এটাই উম্মত, আৰু ময়েই তোমালোকৰ প্ৰতিপালক; গতিকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা’।","footnotes":"","tafseer":"হে ৰাছুল! প্ৰকৃততে আপোনালোকৰ এটাই ধৰ্ম, আৰু সেইটো হৈছে ইছলাম। ময়েই আপোনালোকৰ ৰব্ব, মোৰ বাহিৰে আপোনালোকৰ আন কোনো প্ৰকৃত ৰব্ব নাই। গতিকে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকি মোৰ তাক্বৱা অৱলম্বন কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023052.mp3"},{"index":"53","arabicText":"فَتَقَطَّعُوْۤا اَمْرَهُمْ بَیْنَهُمْ زُبُرًا ؕ كُلُّ حِزْبٍۭ بِمَا لَدَیْهِمْ فَرِحُوْنَ ۟","assameseTranslation":"পিছতহে মানুহে সিহঁতৰ নিজৰ মাজত সিহঁতৰ এই দ্বীনক বহুধা বিভক্ত কৰিছে। প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটো লৈহে আনন্দিত।","footnotes":"","tafseer":"কিন্তু তেওঁলোকৰ পিছত তেওঁলোকৰ অনুসাৰীসকলে দ্বীনৰ মাজত মতানৈক্য সৃষ্টি কৰিলে আৰু বহুধাবিভক্ত হৈ গ'ল। প্ৰত্যেকেই নিজৰ দলকলৈ আনন্দিত আছিল আৰু ভাবিছিল সিহঁত যিটো দলত আছে সেইটোৱেই আল্লাহৰ ওচৰত মনোনীত। অন্যান্য দলৰ প্ৰতি ভ্ৰূক্ষেপ কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023053.mp3"},{"index":"54","arabicText":"فَذَرْهُمْ فِیْ غَمْرَتِهِمْ حَتّٰی حِیْنٍ ۟","assameseTranslation":"এতেকে কিছু সময়ৰ বাবে সিহঁতক সিহঁতৰ বিভ্ৰান্তিৰ মাজতে এৰি দিয়া।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক সেই অজ্ঞনতা আৰু দোদুল্যমান অৱস্থাতে এৰি দিয়ক, যি অৱস্থাত সিহঁত বৰ্তমান আছে। অৱশেষত সিহঁতৰ ওপৰত আল্লাহৰ শাস্তি অৱতীৰ্ণ হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023054.mp3"},{"index":"55","arabicText":"اَیَحْسَبُوْنَ اَنَّمَا نُمِدُّهُمْ بِهٖ مِنْ مَّالٍ وَّبَنِیْنَ ۟ۙ","assameseTranslation":"সিহঁতে ভাবে নেকি যে, আমি সিহঁতক যি ধন-সম্পদ আৰু সন্তান-সন্ততিৰ দ্বাৰা সহযোগিতা কৰিছোঁ, তাৰ মাধ্যমত--","footnotes":"","tafseer":"পাৰ্থিৱ জীৱনত আমি সিহঁতক যিবোৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততি প্ৰদান কৰিছোঁ, নিজৰ দলকলৈ আনন্দিত লোকসকলে নিজকে সেইবোৰৰ উপযুক্ত বুলি ভাবে নেকি? সিহঁতে যিটো ভাবিছে বিষয়টো তেনেকুৱা নহয়। বৰং আমি সিহঁতক অৱকাশ দিবলৈ আৰু সুযোগ দিবলৈ এইবোৰ প্ৰদান কৰিছোঁ। কিন্তু সিহঁতে এইটো উপলব্ধি কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023055.mp3"},{"index":"56","arabicText":"نُسَارِعُ لَهُمْ فِی الْخَیْرٰتِ ؕ بَلْ لَّا یَشْعُرُوْنَ ۟","assameseTranslation":"আমি সিহঁতৰ বাবে সকলো মঙ্গল তৰান্বিত কৰিম? নহয়, বৰং সিহঁতে উপলব্ধি কৰিব পৰা নাই।","footnotes":"","tafseer":"পাৰ্থিৱ জীৱনত আমি সিহঁতক যিবোৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততি প্ৰদান কৰিছোঁ, নিজৰ দলকলৈ আনন্দিত লোকসকলে নিজকে সেইবোৰৰ উপযুক্ত বুলি ভাবে নেকি? সিহঁতে যিটো ভাবিছে বিষয়টো তেনেকুৱা নহয়। বৰং আমি সিহঁতক অৱকাশ দিবলৈ আৰু সুযোগ দিবলৈ এইবোৰ প্ৰদান কৰিছোঁ। কিন্তু সিহঁতে এইটো উপলব্ধি কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023056.mp3"},{"index":"57","arabicText":"اِنَّ الَّذِیْنَ هُمْ مِّنْ خَشْیَةِ رَبِّهِمْ مُّشْفِقُوْنَ ۟ۙ","assameseTranslation":"নিশ্চয় যিসকলে নিজ প্ৰতিপালকৰ ভয়ত ভীত-সন্ত্ৰস্ত,","footnotes":"","tafseer":"নিশ্চয় যিসকলে ঈমান আৰু নেকপৰায়ণতাৰ সৈতে নিজ প্ৰতিপালকক ভয় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023057.mp3"},{"index":"58","arabicText":"وَالَّذِیْنَ هُمْ بِاٰیٰتِ رَبِّهِمْ یُؤْمِنُوْنَ ۟ۙ","assameseTranslation":"আৰু যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনসমূহৰ প্ৰতি বিশ্বাস পোষণ কৰে,","footnotes":"","tafseer":"যিসকলে নিজ প্ৰতিপালকৰ কিতাবৰ প্ৰতি ঈমান পোষণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023058.mp3"},{"index":"59","arabicText":"وَالَّذِیْنَ هُمْ بِرَبِّهِمْ لَا یُشْرِكُوْنَ ۟ۙ","assameseTranslation":"আৰু যিসকলে নিজ প্ৰতিপালকৰ লগত শ্বিৰ্ক নকৰে,","footnotes":"","tafseer":"যিসকলে নিজ প্ৰতিপালকক একক বুলি বিশ্বাস কৰে আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023059.mp3"},{"index":"60","arabicText":"وَالَّذِیْنَ یُؤْتُوْنَ مَاۤ اٰتَوْا وَّقُلُوْبُهُمْ وَجِلَةٌ اَنَّهُمْ اِلٰی رَبِّهِمْ رٰجِعُوْنَ ۟ۙ","assameseTranslation":"আৰু যিসকলে দান কৰিবলগীয়া বস্তু ভীত-কম্পিত হৃদয়ত দান কৰে, এইকাৰণে যে, তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিব লাগিব।","footnotes":"","tafseer":"যিসকলে নেক কৰ্ম মনোযোগ সহকাৰে কৰে, লগতে সৎকৰ্মৰ জৰিয়তে আল্লাহৰ নৈকট্য অৱলম্বন কৰিব বিচাৰে। তথা তেওঁলোকে এই ভয়ো পোষণ কৰে যে, আল্লাহে তেওঁলোকৰ দান আৰু সৎকৰ্মক কিয়ামতৰ দিনা কবূল কৰে নে নকৰে, যিদিনা তেওঁলোকে তেওঁৰ ওচৰলৈ উভতি যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023060.mp3"},{"index":"61","arabicText":"اُولٰٓىِٕكَ یُسٰرِعُوْنَ فِی الْخَیْرٰتِ وَهُمْ لَهَا سٰبِقُوْنَ ۟","assameseTranslation":"তেওঁলোকেই কল্যাণ সাধনত খৰধৰ কৰে, আৰু এই ক্ষেত্ৰত তেওঁলোক অগ্ৰগামী হয়।","footnotes":"","tafseer":"এনেকুৱা মহান বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই সৎকৰ্ম কৰাৰ ক্ষেত্ৰত পলম নকৰে, তথা এনেকুৱা কৰ্মত সদায় আগভাগ লয়। লগতে এই ক্ষেত্ৰত আন আন লোকসকলক পিছ পেলাই আগুৱাই যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023061.mp3"},{"index":"62","arabicText":"وَلَا نُكَلِّفُ نَفْسًا اِلَّا وُسْعَهَا وَلَدَیْنَا كِتٰبٌ یَّنْطِقُ بِالْحَقِّ وَهُمْ لَا یُظْلَمُوْنَ ۟","assameseTranslation":"আৰু আমি কাকো তাৰ সাধ্যাতীত দায়িত্বৰ বোজা অৰ্পন নকৰোঁ আৰু আমাৰ ওচৰত আছে এনে এখন কিতাপ যিখনে সত্য ব্যক্ত কৰে আৰু সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।","footnotes":"","tafseer":"আমি প্ৰত্যেক প্ৰাণীৰ ওপৰত সেইখিনিয়ে কৰ্তব্যৰ বোজা অৰ্পণ কৰোঁ যিখিনি সি পালন কৰিবলৈ সক্ষম। আমাৰ ওচৰত আছে এখন কিতাব, য’ত আমি প্ৰত্যেক আমলকাৰীৰ আমল লিপিবদ্ধ কৰি থৈছোঁ। সেই কিতাবখনে সত্য কথা কয়, য’ত কোনো সন্দেহ নাই। সিহঁতৰ নেকী হ্ৰাস কৰি অথবা গুনাহ বৃদ্ধি কৰি সিহঁতৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023062.mp3"},{"index":"63","arabicText":"بَلْ قُلُوْبُهُمْ فِیْ غَمْرَةٍ مِّنْ هٰذَا وَلَهُمْ اَعْمَالٌ مِّنْ دُوْنِ ذٰلِكَ هُمْ لَهَا عٰمِلُوْنَ ۟","assameseTranslation":"বৰং এই বিষয়ে সিহঁতৰ অন্তৰ অজ্ঞানতাত আচ্ছন্ন, ইয়াৰ বাহিৰেও সিহঁতৰ আৰু কৰ্ম আছে যিবোৰ সিহঁতে কৰি আছে।","footnotes":"","tafseer":"বৰং কাফিৰসকলৰ অন্তৰ এই সত্য কথা কোৱা কিতাবৰ ক্ষেত্ৰত অমনোযোগী হৈ আছে। লগতে সেইখন কিতাবৰ পৰাও অমনোযোগী হৈ আছে যিখন সিহঁতৰ ওপৰত অৱতীৰ্ণ হৈছে। কুফৰীৰ বাহিৰেও সিহঁতে আৰু বহুতো কাম কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023063.mp3"},{"index":"64","arabicText":"حَتّٰۤی اِذَاۤ اَخَذْنَا مُتْرَفِیْهِمْ بِالْعَذَابِ اِذَا هُمْ یَجْـَٔرُوْنَ ۟ؕ","assameseTranslation":"অৱশেষত যেতিয়া আমি সিহঁতৰ মাজৰ বিলাসী ব্যক্তিসকলক শাস্তি দিওঁ তেতিয়াহে সিহঁতে আৰ্তনাদ কৰি উঠে।","footnotes":"","tafseer":"অৱশেষত কিয়ামতৰ দিনা যেতিয়া আমি সেইসকল লোকক শাস্তি প্ৰদান কৰিম, যিসকলে পৃথিৱীত সুখ-সামগ্ৰীৰ মাজত নিমজ্জিত আছিল, তেতিয়া সিহঁতে চিঞৰি চিঞৰি সহায় প্ৰাৰ্থনা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023064.mp3"},{"index":"65","arabicText":"لَا تَجْـَٔرُوا الْیَوْمَ ۫ اِنَّكُمْ مِّنَّا لَا تُنْصَرُوْنَ ۟","assameseTranslation":"সিহঁতক কোৱা হ’ব, ‘আজি আৰ্তনাদ নকৰিবা, নিশ্চয় তোমালোকে আমাৰ ফালৰ পৰা কোনো সহায় নাপাবা’।","footnotes":"","tafseer":"তেতিয়া সিহঁতক আল্লাহৰ ৰহমতৰ পৰা নিৰাশ কৰি কোৱা হ’বঃ আজি চিঞৰি নাথাকিবা, আৰু সহায় প্ৰাৰ্থনাও নকৰিবা। কাৰণ আজি তোমালোকক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায়ক নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023065.mp3"},{"index":"66","arabicText":"قَدْ كَانَتْ اٰیٰتِیْ تُتْلٰی عَلَیْكُمْ فَكُنْتُمْ عَلٰۤی اَعْقَابِكُمْ تَنْكِصُوْنَ ۟ۙ","assameseTranslation":"নিশ্চয় মোৰ আয়াতসমূহ তোমালোকৰ সন্মুখত তিলাৱত কৰা হৈছিল, কিন্তু তোমালোকে উলটি পিছফালেহে গুচি গৈছিলা--","footnotes":"","tafseer":"পৃথিৱীত তোমালোকক আল্লাহৰ আয়াতসমূহ শুনোৱা হৈছিল, কিন্তু তোমালোকে সেইবোৰক অপছন্দ কৰি বিমুখ হৈ গুচি গৈছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023066.mp3"},{"index":"67","arabicText":"مُسْتَكْبِرِیْنَ ۖۗ بِهٖ سٰمِرًا تَهْجُرُوْنَ ۟","assameseTranslation":"দাম্ভিকতাৰে এই বিষয়ত অৰ্থহীন গল্প-গুজব কৰি তোমালোকে ৰাতি অতিবাহিত কৰিছিলা।","footnotes":"","tafseer":"তোমালোকে এইবোৰ এই অহংকাৰত কৰিছিলা যে, তোমালোক হৈছা হৰমৰ গৰাকী, প্ৰকৃততে তোমালোক হৰমৰ গৰাকী নাছিলা। হৰমৰ প্ৰকৃত গৰাকী হৈছে সেইসকল লোক, যিসকলে আল্লাহক ভয় কৰে। আনহাতে তোমালোকে হৰমৰ আশে-পাশে বেয়া কথা কৈছিলা তথা তাৰ পৱিত্ৰতা আৰু সন্মান হানি কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023067.mp3"},{"index":"68","arabicText":"اَفَلَمْ یَدَّبَّرُوا الْقَوْلَ اَمْ جَآءَهُمْ مَّا لَمْ یَاْتِ اٰبَآءَهُمُ الْاَوَّلِیْنَ ۟ؗ","assameseTranslation":"এতেকে সিহঁতে এই বাণী সম্পৰ্কে চিন্তা-গৱেষণা কৰা নাইনে? নে এইকাৰণে যে, সিহঁতৰ ওচৰলৈ এনেকুৱা বস্তু আহিছে যিটো সিহঁতৰ পূৰ্বপুৰুষসকলৰ ওচৰলৈ অহা নাছিল?","footnotes":"","tafseer":"এই মুশ্বৰিকসকলে আল্লাহে অৱতীৰ্ণ কৰা কোৰআন সম্পৰ্কে চিন্তা-চৰ্চা নকৰে নেকি, যাতে ইয়াৰ প্ৰতি ঈমান পোষণ কৰিব পাৰে আৰু তাত থকা বিধান মুতাবিক আমল কৰিব পাৰে? নে সিহঁতৰ ওচৰত এনেকুৱা বস্তু আহি পৰিছে যিটো সিহঁতৰ পুৰ্বপুৰুষসকলৰ ওচৰত অহা নাছিল, সেইকাৰণেই সিহঁতে ইয়াক অস্বীকাৰ কৰি বিমুখ হৈছে নেকি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023068.mp3"},{"index":"69","arabicText":"اَمْ لَمْ یَعْرِفُوْا رَسُوْلَهُمْ فَهُمْ لَهٗ مُنْكِرُوْنَ ۟ؗ","assameseTranslation":"অথবা সিহঁতে নিজ ৰাছুলক চিনিব পৰা নাই বুলি অস্বীকাৰ কৰিছে নেকি?","footnotes":"","tafseer":"সিহঁতৰ প্ৰতি আল্লাহে ৰাছুল হিচাপে প্ৰেৰণ কৰা মুহাম্মদক সিহঁতে চিনিয়ে পোৱা নাই নেকি, যাৰ ফলত সিহঁতে তেওঁক অস্বীকাৰ কৰি আছে। প্ৰকৃততে সিহঁতে তেওঁক ভালদৰেই চিনি পায় আৰু তেওঁৰ সততা আৰু আমনতদাৰিতা সম্পৰ্কেও অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023069.mp3"},{"index":"70","arabicText":"اَمْ یَقُوْلُوْنَ بِهٖ جِنَّةٌ ؕ بَلْ جَآءَهُمْ بِالْحَقِّ وَاَكْثَرُهُمْ لِلْحَقِّ كٰرِهُوْنَ ۟","assameseTranslation":"নাইবা সিহঁতে এইটো কয় নেকি যে, এওঁ উন্মাদনাগ্ৰস্ত? নহয়, বৰং তেওঁ সিহঁতৰ ওচৰত সত্য লৈ আহিছে, আৰু সিহঁতৰ অধিকাংশই সত্যক অপছন্দ কৰে।","footnotes":"","tafseer":"তথাপিও সিহঁতে তেওঁক উন্মাদ বুলি কয়। সিহঁতৰ এই দাবী স্পষ্ট মিছা। বৰং তেওঁ আল্লাহৰ ফালৰ পৰা সিহঁতৰ ওচৰলৈ সত্যৰ বাৰ্তা লৈ আহিছে, যি বাৰ্তাত কোনো ধৰণৰ সন্দেহ নাই। কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকে সত্যক অপছন্দ কৰে, ঘৃণা কৰে আৰু হিংসা কৰে, লগতে গোড়ামীত অটল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023070.mp3"},{"index":"71","arabicText":"وَلَوِ اتَّبَعَ الْحَقُّ اَهْوَآءَهُمْ لَفَسَدَتِ السَّمٰوٰتُ وَالْاَرْضُ وَمَنْ فِیْهِنَّ ؕ بَلْ اَتَیْنٰهُمْ بِذِكْرِهِمْ فَهُمْ عَنْ ذِكْرِهِمْ مُّعْرِضُوْنَ ۟ؕ","assameseTranslation":"আৰু সত্য যদি সিহঁতৰ কামনা-বাসনাৰ অনুগামী হ’লহেঁতেন তেন্তে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু বিশৃংখল হৈ পৰিলহেঁতেন। বৰং আমি সিহঁতৰ ওচৰত লৈ আহিছোঁ সিহঁতৰ সন্মান সম্বলিত যিকৰ (কোৰআন) কিন্তু সিহঁতে সিহঁতৰ এই উপদেশবাণীৰ (কোৰআনৰ) পৰা মুখ ঘূৰাই লয়।","footnotes":"","tafseer":"যদি আল্লাহে সিহঁতৰ চাহিদা অনুপাতে সকলো বিষয়ৰ পৰিচালনা কৰে তেন্তে আকাশমণ্ডল আৰু পৃথিৱীৰ ব্যৱস্থাত বিপৰ্যয় সৃষ্টি হ'ব আৰু সিহঁতৰ ওচৰত থকা সকলো বিষয় ওলট-পালট হ'ব। কাৰণ সিহঁত সকলো বিষয়ৰ পৰিণাম আৰু সঠিক অথবা ভুল পৰিচালনা সম্পৰ্কে অৱগত নহয়। বৰং আমি সিহঁতৰ ওচৰলৈ কোৰআন লৈ আহিছোঁ, য'ত আছে সিহঁতৰ বাবে সন্মান আৰু মৰ্যাদা। কিন্তু তথাপিও সিহঁতে বিমুখ হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023071.mp3"},{"index":"72","arabicText":"اَمْ تَسْـَٔلُهُمْ خَرْجًا فَخَرَاجُ رَبِّكَ خَیْرٌ ۖۗ وَّهُوَ خَیْرُ الرّٰزِقِیْنَ ۟","assameseTranslation":"অথবা তুমি সিহঁতৰ ওচৰত কোনো প্ৰতিদান বিচৰা নেকি? (জানি থোৱা) তোমাৰ প্ৰতিপালকৰ প্ৰতিদানেই শ্ৰেষ্ঠ আৰু তেৱেঁই শ্ৰেষ্ঠ জীৱিকাদাতা।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি যি দ্বীনলৈ সিহঁতৰ ওচৰত আগমন কৰিছে, ইয়াৰ বাবে আপুনি সিহঁতৰ পৰা কোনো পাৰিশ্ৰমিক বিচাৰিছে নেকি? সেইকাৰণেই সিহঁতে আপোনাৰ আহ্বানক নসাৎ কৰে নেকি? এনেকুৱাতো আপুনি কৰা নাই। কাৰণ সিহঁতৰ পাৰিশ্ৰমিকতকৈ আপোনাৰ প্ৰতিপালকৰ ছোৱাব অধিক উত্তম। তেৱেঁই মহাপৱিত্ৰ, উত্তম জীৱিকাদাতা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023072.mp3"},{"index":"73","arabicText":"وَاِنَّكَ لَتَدْعُوْهُمْ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟","assameseTranslation":"আৰু নিশ্চয় তুমি সিহঁতক সৰল পথৰ পিনেই আহ্বান কৰি আছা।","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চয় আপুনি ইহঁতক আৰু ইহঁতৰ লগতে আন আন লোকসকলকো সত্যৰ পথলৈ আহ্বান কৰি আছে, য’ত কোনো ধৰণৰ বক্ৰতা নাই। সেই পথটো হৈছে ইছলাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023073.mp3"},{"index":"74","arabicText":"وَاِنَّ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ عَنِ الصِّرَاطِ لَنٰكِبُوْنَ ۟","assameseTranslation":"নিশ্চয় যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতেই হৈছে সৰল পথৰ পৰা বিচ্যুত,","footnotes":"","tafseer":"নিশ্চয় যিসকলে আখিৰাত আৰু ইয়াৰ হিচাপ-নিকাচ তথা শাস্তি আৰু ছোৱাবৰ প্ৰতি ঈমান পোষণ নকৰে, দৰাচলতে সিহঁতেই হৈছে সঠিক ইছলামৰ পৰা ফালৰি কাটি বক্ৰপথ অৱলম্বনকাৰী, যি পথে সিহঁতক জাহান্নামলৈ লৈ যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023074.mp3"},{"index":"75","arabicText":"وَلَوْ رَحِمْنٰهُمْ وَكَشَفْنَا مَا بِهِمْ مِّنْ ضُرٍّ لَّلَجُّوْا فِیْ طُغْیَانِهِمْ یَعْمَهُوْنَ ۟","assameseTranslation":"আৰু যদি আমি সিহঁতৰ প্ৰতি দয়া কৰোঁ আৰু সিহঁতৰ দুখ-দৈন্য দূৰ কৰি দিওঁ তথাপিও সিহঁতে অবাধ্যতাত বিভ্ৰান্তৰ দৰে ঘূৰি থাকিব।","footnotes":"","tafseer":"যদি আমি সিহঁতৰ প্ৰতি দয়া কৰিলোঁহেঁতেন আৰু সিহঁতৰ আকাল তথা দুৰ্ভিক্ষ দূৰ কৰিলোঁহেঁতেন, তথাপিও সিহঁতে সত্যক এৰি পথভ্ৰষ্টতাত বহু দূৰলৈ গ'লহেঁতেন, আৰু বিভ্ৰান্তিত নিমজ্জিত হৈ থাকিলহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023075.mp3"},{"index":"76","arabicText":"وَلَقَدْ اَخَذْنٰهُمْ بِالْعَذَابِ فَمَا اسْتَكَانُوْا لِرَبِّهِمْ وَمَا یَتَضَرَّعُوْنَ ۟","assameseTranslation":"নিশ্চয় আমি সিহঁতক শাস্তিৰ দ্বাৰা সতৰ্ক কৰিছোঁ, তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ প্ৰতি অৱনত নহ’ল আৰু বিনীত হৈ প্ৰাৰ্থনাও নকৰিলে।","footnotes":"","tafseer":"আমি বিভিন্ন বিপদ-আপদৰ দ্বাৰা সিহঁতৰ পৰীক্ষা লৈছিলোঁ। কিন্তু তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ ওচৰত নতস্বীকাৰ কৰা নাছিল আৰু বিনীত হৈ বিপদ দূৰ কৰাৰ বাবে তেওঁৰ ওচৰত প্ৰাৰ্থনাও কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023076.mp3"},{"index":"77","arabicText":"حَتّٰۤی اِذَا فَتَحْنَا عَلَیْهِمْ بَابًا ذَا عَذَابٍ شَدِیْدٍ اِذَا هُمْ فِیْهِ مُبْلِسُوْنَ ۟۠","assameseTranslation":"অৱশেষত যেতিয়া আমি সিহঁতৰ ওপৰত কঠিন শাস্তিৰ দুৱাৰ খুলি দিলোঁ তেতিয়াহে সিহঁতে হতাশ হৈ পৰিল।","footnotes":"","tafseer":"অৱশেষত আমি যেতিয়া সিহঁতৰ বাবে কঠিন শাস্তিৰ দুৱাৰ উন্মুক্ত কৰি দিম, তেতিয়া সিহঁতে সকলো কল্যাণ আৰু সহায়-সহযোগিতাৰ পৰা নিৰাশ হৈ পৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023077.mp3"},{"index":"78","arabicText":"وَهُوَ الَّذِیْۤ اَنْشَاَ لَكُمُ السَّمْعَ وَالْاَبْصَارَ وَالْاَفْـِٕدَةَ ؕ قَلِیْلًا مَّا تَشْكُرُوْنَ ۟","assameseTranslation":"তেৱেঁই তোমালোকৰ বাবে কাণ, চকু আৰু অন্তকৰণ সৃষ্টি কৰিছে; কিন্তু তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।","footnotes":"","tafseer":"হে পুনৰুত্থানক অস্বীকাৰকাৰী লোকসকল! আল্লাহেই তোমালোকৰ কাণ সৃষ্টি কৰিছে, যাতে তোমালোকে শুনিব পাৰা। চকু সৃষ্টি কৰিছে, যাতে তাৰ দ্বাৰা দেখিব পাৰা। অন্তৰ সৃষ্টি কৰিছে, যাতে তাৰ দ্বাৰা বুজিব পাৰা। তথাপিও তোমালোকে এইবোৰ নিয়ামত পোৱাৰ পিছতো বহুত কম কৃতজ্ঞতাহে জ্ঞাপন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023078.mp3"},{"index":"79","arabicText":"وَهُوَ الَّذِیْ ذَرَاَكُمْ فِی الْاَرْضِ وَاِلَیْهِ تُحْشَرُوْنَ ۟","assameseTranslation":"তেৱেঁই তোমালোকক পৃথিৱীত বিস্তৃত কৰিছে আৰু তোমালোকক তেওঁৰ ওচৰতেই সমবেত কৰা হ’ব।","footnotes":"","tafseer":"হে মানৱজাতি! তেৱেঁই তোমালোকক পৃথিৱীত সৃষ্টি কৰিছে। কিয়ামতৰ দিনা একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একত্ৰিত কৰা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023079.mp3"},{"index":"80","arabicText":"وَهُوَ الَّذِیْ یُحْیٖ وَیُمِیْتُ وَلَهُ اخْتِلَافُ الَّیْلِ وَالنَّهَارِ ؕ اَفَلَا تَعْقِلُوْنَ ۟","assameseTranslation":"তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়, তেওঁৰ অধিকাৰতেই ৰাতি আৰু দিনৰ পৰিবৰ্তন হয়। তথাপিও তোমালোকে বুজি নোপোৱানে?","footnotes":"","tafseer":"একমাত্ৰ তেৱেঁই জীৱন দান কৰে, তেওঁৰ বাহিৰে আন কোনেও জীৱন দান কৰিব নোৱাৰে। একমাত্ৰ তেৱেঁই মৃত্যুদান কৰে, তেওঁৰ বাহিৰে আন কোনেও মৃত্যু প্ৰদান কৰিব নোৱাৰে। দিন-ৰাতিৰ আৱৰ্তন, অন্ধকাৰ আৰু পোহৰ, দিন-ৰাতিক দীঘল কৰা অথবা সৰু কৰা, এই সকলোবোৰ হৈছে তেওঁৰেই অধীনস্থ। এতেকে তেওঁৰ ক্ষমতা আৰু তেওঁ যে অকলেই এই বিশ্বজগত সৃষ্টি কৰিছে আৰু অকলেই তেওঁ যে, ইয়াক পৰিচালনা কৰে এই কথা তোমালোকে বুজি নোপোৱা নেকি!?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023080.mp3"},{"index":"81","arabicText":"بَلْ قَالُوْا مِثْلَ مَا قَالَ الْاَوَّلُوْنَ ۟","assameseTranslation":"বৰং সিহঁতেও সেই কথাকেই কয় যি কথা সিহঁতৰ পূৰ্বৱৰ্তীসকলে কৈছিল।","footnotes":"","tafseer":"বৰং ইহঁতেও কুফৰীৰ সেই একে কথাকে পুনৰাবৃত্তি কৰিলে যিটো ইহঁতৰ পুৰ্বপুৰুষসকলে কৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023081.mp3"},{"index":"82","arabicText":"قَالُوْۤا ءَاِذَا مِتْنَا وَكُنَّا تُرَابًا وَّعِظَامًا ءَاِنَّا لَمَبْعُوْثُوْنَ ۟","assameseTranslation":"সিহঁতে কয়, ‘যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু আমি মাটি তথা অস্থিত পৰিণত হ'ম, তাৰ পিছতো আমি পুনৰুত্থিত হ'মনে?","footnotes":"","tafseer":"ইহঁতে পুনৰুত্থানক অস্বীকাৰ কৰি আৰু ইয়াক অসম্ভৱ বুলি ধাৰণা কৰি কয়ঃ যেতিয়া আমি মৃত্যুবৰণ কৰিম তথা মাটি আৰু গেলা-পচা হাড়ত পৰিণত হ’ম, তেতিয়া আমাক হিচাপ-নিকাচৰ বাবে জীৱিত কৰি পুনৰুত্থিত কৰা হ’ব নেকি?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023082.mp3"},{"index":"83","arabicText":"لَقَدْ وُعِدْنَا نَحْنُ وَاٰبَآؤُنَا هٰذَا مِنْ قَبْلُ اِنْ هٰذَاۤ اِلَّاۤ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟","assameseTranslation":"‘নিশ্চয় আমাক আৰু ইতিপূৰ্বে আমাৰ পূৰ্বপুৰুষসকলকো এনে ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। এয়া পূৰ্বৱৰ্তীসকলৰ উপকথাৰ বাহিৰে আন একো নহয়’।","footnotes":"","tafseer":"মৃত্যুৰ পিছত পুনৰুত্থিত হোৱাৰ এই প্ৰতিশ্ৰুতি আমাৰ পূৰ্বপুৰুষসকলৰ লগতো কৰা হৈছিল, কিন্তু সেই প্ৰতিশ্ৰুতিক আমি পুৰণ হোৱা দেখা নাই। এইটো দৰাচলতে পূৰ্বযুগৰ মনেসজা মিছা কাহিনীহে মাত্ৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023083.mp3"},{"index":"84","arabicText":"قُلْ لِّمَنِ الْاَرْضُ وَمَنْ فِیْهَاۤ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟","assameseTranslation":"কোৱা, ‘পৃথিৱী আৰু ইয়াত যি আছে সেই সকলোবোৰ(ৰঅধিকাৰ) কাৰ? যদি তোমালোকে জানা (তেন্তে কোৱা)’।","footnotes":"","tafseer":"হে ৰাছুল! পুনৰুত্থানক অস্বীকাৰকাৰী এই লোকসকলক কৈ দিয়ক, যদি তোমালোকৰ ওচৰত প্ৰকৃত জ্ঞান আছে তেন্তে কোৱাচোন, এই পৃথিৱী আৰু ইয়াত থকা সকলো বস্তু কাৰ?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023084.mp3"},{"index":"85","arabicText":"سَیَقُوْلُوْنَ لِلّٰهِ ؕ قُلْ اَفَلَا تَذَكَّرُوْنَ ۟","assameseTranslation":"সিহঁতে তৎক্ষণাত ক’ব, ‘আল্লাহৰ’। কোৱা, ‘তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে’?","footnotes":"","tafseer":"তেতিয়া সিহঁতে ক'বঃ এই পৃথিৱী আৰু ইয়াত থকা সকলো বস্তু হৈছে একমাত্ৰ আল্লাহৰ। তেতিয়া আপুনি সিহঁতক কওকঃ তেন্তে তোমালোকে বুজি নোপোৱা নেকি যে, পৃথিৱী আৰু ইয়াত থকা সকলো বস্তুৰ যিজন মালিক, তেওঁ তোমালোকক মৃত্যুৰ পিছত জীৱিত কৰি উঠোৱাব নোৱাৰিবনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023085.mp3"},{"index":"86","arabicText":"قُلْ مَنْ رَّبُّ السَّمٰوٰتِ السَّبْعِ وَرَبُّ الْعَرْشِ الْعَظِیْمِ ۟","assameseTranslation":"কোৱা, ‘সপ্ত আকাশ আৰু মহা আৰছৰ প্ৰতিপালক কোন’?","footnotes":"","tafseer":"আপুনি সিহঁতক সোধক! “সাতখন আকাশৰ ৰব্ব কোন? তথা মহাসিংহাসনৰ মালিক কোন? যিখনতকৈ ডাঙৰ আন কোনো সৃষ্টি নাই”?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023086.mp3"},{"index":"87","arabicText":"سَیَقُوْلُوْنَ لِلّٰهِ ؕ قُلْ اَفَلَا تَتَّقُوْنَ ۟","assameseTranslation":"শীঘ্ৰেই সিহঁতে ক’ব, ‘আল্লাহ’। কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?","footnotes":"","tafseer":"সিহঁতে ক’বঃ “সাতখন আকাশ আৰু মহাসিংহাসনৰ মালিক হৈছে আল্লাহ”। তেতিয়া আপুনি সিহঁতক কওকঃ “তেন্তে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকি তেওঁক ভয় নকৰা কিয়, যাতে তেওঁৰ শাস্তিৰ পৰা সুৰক্ষিত থাকিব পাৰা।”","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023087.mp3"},{"index":"88","arabicText":"قُلْ مَنْ بِیَدِهٖ مَلَكُوْتُ كُلِّ شَیْءٍ وَّهُوَ یُجِیْرُ وَلَا یُجَارُ عَلَیْهِ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟","assameseTranslation":"কোৱা, ‘কাৰ হাতত সকলো বস্তুৰ কৰ্তৃত্ব? যিজনে আশ্ৰয় দান কৰে অথচ তেওঁৰ বিপক্ষে কোনোৱেই কাকো আশ্ৰয় দিব নোৱাৰে, যদি তোমালোকে জানা (তেন্তে কোৱা)’।","footnotes":"","tafseer":"আপুনি সিহঁতক সোধক, প্ৰত্যেক বস্তু কাৰ অধীনস্থ, যাৰ অধীনৰ বাহিৰত একোৱেই নাই। তেওঁ নিজ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে সহায় কৰে। কিন্তু তেওঁ যাক ক্ষতি কৰিব বিচাৰে তাক কোনেও ৰক্ষা কৰিব নোৱাৰে আৰু তেওঁৰ শাস্তিক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে? যদি তোমালোকৰ ওচৰত জ্ঞান আছে তেন্তে কোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023088.mp3"},{"index":"89","arabicText":"سَیَقُوْلُوْنَ لِلّٰهِ ؕ قُلْ فَاَنّٰی تُسْحَرُوْنَ ۟","assameseTranslation":"অচিৰেই সিহঁতে ক’ব ‘আল্লাহ’। কোৱা, ‘তেন্তে ক’ৰ পৰা তোমালোকে যাদুগ্ৰস্ত হৈছা’?","footnotes":"","tafseer":"তেতিয়া সিহঁতে ক’বঃ “প্ৰত্যেক বস্তুৰ ৰাজত্ব হৈছে একমাত্ৰ আল্লাহৰ হাতত”। তেতিয়া আপুনি সিহঁতক কওকঃ “তেন্তে তোমালোকৰ বিবেক বুদ্ধি ক’ত হেৰাই যায়, এই স্বীকাৰোক্তিৰ পিছতো কিয় তোমালোকে তেওঁৰ বাহিৰে আনৰ উপাসনা কৰা?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023089.mp3"},{"index":"90","arabicText":"بَلْ اَتَیْنٰهُمْ بِالْحَقِّ وَاِنَّهُمْ لَكٰذِبُوْنَ ۟","assameseTranslation":"বৰং আমি সিহঁতৰ ওচৰলৈ সত্য আনিছোঁ; নিশ্চয় সিহঁত মিছলীয়া।","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয়, যিদৰে সিহঁতে দাবী কৰে। বৰং আমি সিহঁতৰ ওচৰলৈ সত্য লৈ আহিছোঁ, য’ত কোনো ধৰণৰ সন্দেহ নাই। নিশ্চয় সিহঁত আল্লাহৰ অংশীদাৰ আৰু তেওঁৰ পুত্ৰ থকা বুলি কৰা মন্তব্যত মিছলীয়া। সিহঁতৰ এনেকুৱা দাবীৰ পৰা মহান আল্লাহ অতি সুউচ্চ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023090.mp3"},{"index":"91","arabicText":"مَا اتَّخَذَ اللّٰهُ مِنْ وَّلَدٍ وَّمَا كَانَ مَعَهٗ مِنْ اِلٰهٍ اِذًا لَّذَهَبَ كُلُّ اِلٰهٍ بِمَا خَلَقَ وَلَعَلَا بَعْضُهُمْ عَلٰی بَعْضٍ ؕ سُبْحٰنَ اللّٰهِ عَمَّا یَصِفُوْنَ ۟ۙ","assameseTranslation":"আল্লাহে কোনো সন্তান গ্ৰহণ কৰা নাই, আৰু তেওঁৰ লগত আন কোনো উপাস্যও নাই; যদি থাকিলহেঁতেন তেন্তে প্ৰত্যেক ইলাহে নিজ নিজ সৃষ্টিক লৈ পৃথক হৈ গ’লহেঁতেন আৰু এজনে আনজনৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিলেহেঁতেন। সিহঁতে আল্লাহৰ প্ৰতি যিবোৰ আৰোপ কৰে সেইবোৰৰ পৰা তেওঁ অতি পৱিত্ৰ অতি মহান!","footnotes":"","tafseer":"আল্লাহে কোনো সন্তান গ্ৰহণ কৰা নাই, এইটো কাফিৰসকলৰ ধাৰণাহে মাত্ৰ। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্যও নাই। যদি তেওঁৰ বাহিৰে কোনো সত্য উপাস্য থাকিলহেঁতেন, তেন্তে প্ৰত্যেকেই নিজৰ নিজৰ সৃষ্টি কৰা অংশকলৈ পৃথক হৈ গ’লহেঁতেন আৰু ইজনে সিজনক পৰাজিত কৰিলেহেঁতেন। ফলত বিশ্বজগতৰ পৰিচালনা বিশৃংখল হ’লহেঁতেন। বাস্তৱত কিন্তু এনেকুৱা একো হোৱা নাই। গতিকে এইটোৱে প্ৰমাণ কৰে যে, প্ৰকৃত উপাস্য কেৱল এজনেই, আৰু তেওঁ হৈছে আল্লাহ তাআলা। মুশ্বৰিকসকলে তেওঁৰ লগত অংশীদাৰ আৰু সন্তান সম্পৃক্ত কৰি যি দাবী কৰে, তাৰ পৰা তেওঁ অতি পৱিত্ৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023091.mp3"},{"index":"92","arabicText":"عٰلِمِ الْغَیْبِ وَالشَّهَادَةِ فَتَعٰلٰی عَمَّا یُشْرِكُوْنَ ۟۠","assameseTranslation":"গোপন আৰু প্ৰকাশ্য সকলো বিষয়ে তেওঁ জ্ঞাত, এতেকে সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ বহু উৰ্দ্ধত।","footnotes":"","tafseer":"তেওঁ প্ৰত্যেক সেই বস্তু সম্পৰ্কে অৱগত, যিবোৰ তেওঁৰ সৃষ্টিয়ে নাজানে। লগতে প্ৰত্যেক সেই বস্তু সম্পৰ্কে অৱগত, যিবোৰ জ্ঞানিন্দ্ৰীয়ৰ জৰিয়তে উপলব্ধি কৰিব পাৰি। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। গতিকে তেওঁ অংশীদাৰৰ পৰা অতিপৱিত্ৰ তথা সুউচ্চ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023092.mp3"},{"index":"93","arabicText":"قُلْ رَّبِّ اِمَّا تُرِیَنِّیْ مَا یُوْعَدُوْنَ ۟ۙ","assameseTranslation":"কোৱা, ‘হে মোৰ প্ৰতিপালক! যি বিষয়ে সিহঁতক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে, তুমি যদি সেয়া মোক (মোৰ জীৱন কালতে) দেখুৱাব বিচৰা---","footnotes":"","tafseer":"হে ৰাছুল! আপুনি প্ৰাৰ্থনা কৰক যে, হে মোৰ প্ৰতিপালক! যদি তুমি মোক সেই শাস্তি দেখুৱা, যি শাস্তিৰ প্ৰতিশ্ৰুতি তুমি এই মুশ্বৰিকসকলক প্ৰদান কৰিছা-","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023093.mp3"},{"index":"94","arabicText":"رَبِّ فَلَا تَجْعَلْنِیْ فِی الْقَوْمِ الظّٰلِمِیْنَ ۟","assameseTranslation":"‘তেনেহ’লে, হে মোৰ প্ৰতিপালক! তুমি মোক যালিম সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত নকৰিবা’।","footnotes":"","tafseer":"হে মোৰ প্ৰতিপালক! যদি এই মুশ্বৰিকসকলক সেই শাস্তি প্ৰদান কৰা আৰু সেই সময়ত যদি মই উপস্থিত থাকোঁ তেন্তে তেতিয়া তুমি মোক ইহঁতৰ অন্তৰ্ভুক্ত নকৰিবা। অন্যথা ময়ো সেই শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023094.mp3"},{"index":"95","arabicText":"وَاِنَّا عَلٰۤی اَنْ نُّرِیَكَ مَا نَعِدُهُمْ لَقٰدِرُوْنَ ۟","assameseTranslation":"আৰু আমি সিহঁতক যি বিষয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ, নিশ্চয় সেয়া আমি তোমাক দেখুৱাবলৈ সক্ষম।","footnotes":"","tafseer":"নিশ্চয় আমি আপোনাক সেই শাস্তি দেখুৱাবলৈ সক্ষম, যি শাস্তিৰ প্ৰতিশ্ৰুতি আমি সিহঁতক প্ৰদান কৰিছোঁ। এইটো তথা আন আন সকলো কৰ্ম কৰিবলৈ আমি অপাৰগ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023095.mp3"},{"index":"96","arabicText":"اِدْفَعْ بِالَّتِیْ هِیَ اَحْسَنُ السَّیِّئَةَ ؕ نَحْنُ اَعْلَمُ بِمَا یَصِفُوْنَ ۟","assameseTranslation":"তুমি সৎকৰ্মৰ দ্বাৰা অসৎকৰ্মক প্ৰতিহত কৰা; সিহঁতে (আমাৰ প্ৰতি) যি আৰোপ কৰে সেই সম্পৰ্কে আমি সবিশেষ অৱগত।","footnotes":"","tafseer":"হে ৰাছুল! যিয়ে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিব, আপুনি তাৰ লগত ভাল ব্যৱহাৰ কৰক। অৰ্থাৎ তাৰ এই দুৰ্ব্যৱহাৰ ক্ষমা কৰি দিয়ক আৰু তাৰ ফালৰ পৰা পোৱা কষ্টত ধৈৰ্য্য ধাৰণ কৰক। আমি সিহঁতৰ শ্বিৰ্ক আৰু অস্বীকাৰ সম্পৰ্কে ভালদৰেই অৱগত। তথা আপোনাক যিবোৰ অনোপযুক্ত বিশেষণেৰে বিভূষিত কৰে, সেইবোৰৰ বিষয়েও আমি ভালদৰেই জানো, যেনেঃ যাদুকৰ, উন্মাদ ইত্যাদি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023096.mp3"},{"index":"97","arabicText":"وَقُلْ رَّبِّ اَعُوْذُ بِكَ مِنْ هَمَزٰتِ الشَّیٰطِیْنِ ۟ۙ","assameseTranslation":"আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! মই চয়তানৰ প্ৰৰোচনাৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ’।","footnotes":"","tafseer":"আপুনি দুআ কৰক, হে মোৰ প্ৰতিপালক! মই চয়তানৰ প্ৰৰোচনা আৰু কুমন্ত্ৰণাৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023097.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023097.mp3"},{"index":"98","arabicText":"وَاَعُوْذُ بِكَ رَبِّ اَنْ یَّحْضُرُوْنِ ۟","assameseTranslation":"‘লগতে কোৱা, হে মোৰ প্ৰতিপালক! মোৰ ওচৰত সিহঁতৰ (চয়তানবোৰৰ) উপস্থিতিৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ’।","footnotes":"","tafseer":"তথা হে মোৰ প্ৰতিপালক! মই তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, সি যেন মোৰ কোনো কামৰ সময়তে মোৰ ওচৰত উপস্থিত হ'ব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023098.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023098.mp3"},{"index":"99","arabicText":"حَتّٰۤی اِذَا جَآءَ اَحَدَهُمُ الْمَوْتُ قَالَ رَبِّ ارْجِعُوْنِ ۟ۙ","assameseTranslation":"অৱশেষত যেতিয়া সিহঁতৰ কাৰোবাৰ ওচৰলৈ মৃত্যু আহে, তেতিয়া সি কয়, হে মোৰ প্ৰতিপালক! মোক আকৌ (পৃথিৱীলৈ) ওভতাই দিয়া,","footnotes":"","tafseer":"অৱশেষত এই মুশ্বৰিকসকলৰ মাজৰ যেতিয়া কাৰোবাৰ মৃত্যু আহি পৰে, তেতিয়া সি সেই সকলো দেখা পায় যিবোৰ তাৰ লগত সংঘটিত হ'ব। এই দেখি সি নিজৰ অতিবাহিত আয়ু আৰু আল্লাহৰ আদেশ পালন নকৰাৰ বাবে অনুতাপ কৰি ক’বঃ “হে মোৰ প্ৰতিপালক! মোক আকৌ পৃথিৱীৰ জীৱনলৈ ওভোতাই দিয়া।”","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023099.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023099.mp3"},{"index":"100","arabicText":"لَعَلِّیْۤ اَعْمَلُ صَالِحًا فِیْمَا تَرَكْتُ كَلَّا ؕ اِنَّهَا كَلِمَةٌ هُوَ قَآىِٕلُهَا ؕ وَمِنْ وَّرَآىِٕهِمْ بَرْزَخٌ اِلٰی یَوْمِ یُبْعَثُوْنَ ۟","assameseTranslation":"যাতে মই সৎকৰ্ম কৰিব পাৰোঁ যিটো মই আগতে কৰা নাছিলোঁ। নহয়, এইটো কেতিয়াও নহ'ব। সি যি কৈছে নিশ্চয় সেইটো হৈছে এটা বাক্যমাত্ৰ। পুনৰুত্থানৰ দিৱসলৈকে সিহঁতৰ সন্মুখত থাকিব বাৰযাখ।","footnotes":"","tafseer":"“মই যদি পৃথিৱীলৈ পুনৰ উভতি যাওঁ তেন্তে নিশ্চয় নেক আমল কৰিম।” কেতিয়াও নহয়, তুমি যি কৈ আছা, বিষয়টো তেনেকুৱা নহয়। এইটো কেৱলমাত্ৰ তোমাৰ মুখৰ বাক্যহে (এইটো কেতিয়াও আমলত পৰিণত নহ'ব)। তাক যদিও পৃথিৱীলৈ ওভোতাই পঠোৱা হয়, তথাপিও সি এই অঙ্গীকাৰ পূৰণ নকৰিব। মৃত্যুবৰণ কৰা এইসকল লোক কিয়ামত পৰ্যন্ত পৃথিৱী আৰু আখিৰাতৰ মধ্যৱৰ্তী সময়ছোৱাত এটা পৰ্দাৰ আঁৰত থাকিব। সেই ঠাইৰ পৰা সিহঁতে পৃথিৱীত এৰি যোৱাখিনি পাবলৈ অথবা তাত কৰা ত্ৰুটিবোৰ সংশোধন কৰিবলৈ কেতিয়াও পৃথিৱীলৈ উভতি আহিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023100.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023100.mp3"},{"index":"101","arabicText":"فَاِذَا نُفِخَ فِی الصُّوْرِ فَلَاۤ اَنْسَابَ بَیْنَهُمْ یَوْمَىِٕذٍ وَّلَا یَتَسَآءَلُوْنَ ۟","assameseTranslation":"এতেকে যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনা পৰস্পৰৰ মাজত আত্মীয়তাৰ কোনো বন্ধন নাথাকিব আৰু কোনোৱেই কাৰো খা-খবৰ নল’ব,","footnotes":"","tafseer":"এতেকে শিঙাত ফুঁ দিয়াৰ বাবে নিয়োজিত ফিৰিস্তাই যেতিয়া দ্বিতীয়বাৰ শিঙাত ফুঁ মাৰিব, প্ৰকৃততে সেই ফুঁ দিয়াৰ অৰ্থ হ'ব কিয়ামতৰ জাননী। তেতিয়া সিহঁতে কিয়ামতৰ ভয়াৱহ পৰিস্থিতিত এনেকৈ বিলিন হৈ যাব যে, নিজৰ বংশকলৈ গৌৰৱ কৰাৰো সুযোগ নাথাকিব। প্ৰত্যেকেই নিজকলৈ ইমান ব্যস্ত থাকিব যে, আনক সোধ-পোচ কৰাৰো সময় নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023101.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023101.mp3"},{"index":"102","arabicText":"فَمَنْ ثَقُلَتْ مَوَازِیْنُهٗ فَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟","assameseTranslation":"এতেকে যিসকলৰ তুলাচনী গধূৰ হ’ব তেওঁলোকেই হ’ব সফলকাম,","footnotes":"","tafseer":"এতেকে যাৰ পাল্লা ভাৰী হ'ব, অৰ্থাৎ যাৰ নেকী গুনাহতকৈ বেছি হ'ব, সেইসকলেই হৈছে সাফল্যমণ্ডিত। তেওঁলোকেই লক্ষ্যস্থানত উপনীত হ'ব আৰু পছন্দনীয় বস্তুবোৰ লাভ কৰিব, লগতে সকলো ভয়-ভীতিৰ পৰা মুক্তি লাভ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023102.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023102.mp3"},{"index":"103","arabicText":"وَمَنْ خَفَّتْ مَوَازِیْنُهٗ فَاُولٰٓىِٕكَ الَّذِیْنَ خَسِرُوْۤا اَنْفُسَهُمْ فِیْ جَهَنَّمَ خٰلِدُوْنَ ۟ۚ","assameseTranslation":"আৰু যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই সেইসকল লোক যিসকলে নিজৰেই ক্ষতি কৰিছে; সিহঁত জাহান্নামত স্থায়ী হ’ব।","footnotes":"","tafseer":"আনহাতে যাৰ গুনাহৰ পাল্লা নেকীৰ পাল্লাতকৈ গধূৰ হ'ব, সিহঁত হৈছে সেইসকল লোক যিসকলে নিজৰেই ক্ষতি কৰিছে। কাৰণ সিহঁতে এনেকুৱা কৰ্ম কৰিছে যিবোৰ সিহঁতৰ বাবেই ক্ষতিকাৰক। লগতে এনেকুৱা কৰ্মৰ পৰা বিৰত থাকিছিল, যিবোৰ সিহঁতৰ বাবে আছিল লাভদায়ক। এতেকে সিহঁতে জাহান্নামত চিৰকাল অৱস্থান কৰিব। তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023103.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023103.mp3"},{"index":"104","arabicText":"تَلْفَحُ وُجُوْهَهُمُ النَّارُ وَهُمْ فِیْهَا كٰلِحُوْنَ ۟","assameseTranslation":"জুয়ে সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব আৰু সিহঁতে তাত থাকিব বীভৎস চেহেৰালৈ;","footnotes":"","tafseer":"জাহান্নামৰ অগ্নিয়ে সিহঁতক পুৰিব। ফলত প্ৰচণ্ড হতাশাত সিহঁতৰ দুয়ো ওঠ সংকুচিত হৈ দাঁতত লাগি ধৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023104.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023104.mp3"},{"index":"105","arabicText":"اَلَمْ تَكُنْ اٰیٰتِیْ تُتْلٰی عَلَیْكُمْ فَكُنْتُمْ بِهَا تُكَذِّبُوْنَ ۟","assameseTranslation":"তোমালোকৰ ওচৰত মোৰ আয়াতসমূহ তিলাৱত কৰা হোৱা নাছিলনে? অথচ তোমালোকে সেইবোৰক অস্বীকাৰ কৰিছিলা।","footnotes":"","tafseer":"সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ'বঃ পৃথিৱীত তোমালোকৰ আগত কোৰআনৰ আয়াতসমূহ তিলাৱত কৰা হোৱা নাছিল নেকি, তোমালোক দেখোন সেইবোৰক অস্বীকাৰ কৰিছিলা?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023105.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023105.mp3"},{"index":"106","arabicText":"قَالُوْا رَبَّنَا غَلَبَتْ عَلَیْنَا شِقْوَتُنَا وَكُنَّا قَوْمًا ضَآلِّیْنَ ۟","assameseTranslation":"সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! দুৰ্ভাগ্যই আমাক পৰাজয় কৰিছিল আৰু আমি আছিলোঁ এটা পথভ্ৰষ্ট সম্প্ৰদায়;","footnotes":"","tafseer":"সিহঁতে ক'বঃ হে আমাৰ প্ৰতিপালক! আমাৰ দুৰ্ভাগ্যই আমাক পৰাজিত কৰিছিল, যিটো বিষয় তুমি আগৰ পৰাই অৱগত, আৰু আমি আছিলোঁ সত্যৰ পৰা আঁতৰি থকা এটা পথভ্ৰষ্ট সম্প্ৰদায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023106.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023106.mp3"},{"index":"107","arabicText":"رَبَّنَاۤ اَخْرِجْنَا مِنْهَا فَاِنْ عُدْنَا فَاِنَّا ظٰلِمُوْنَ ۟","assameseTranslation":"‘হে আমাৰ প্ৰতিপালক! এই অগ্নিৰ পৰা আমাক মুক্ত কৰা; ইয়াৰ পিছতো যদি আমি পুনৰ কুফৰী কৰোঁ তেন্তে নিশ্চয় আমি যালিম হ'ম’।","footnotes":"","tafseer":"হে আমাৰ প্ৰতিপালক! আমাক এই জাহান্নামৰ পৰা মুক্তি দিয়া। ইয়াৰ পিছত পুনৰ যদি আমি কুফৰী আৰু পথভ্ৰষ্টতাত লিপ্ত হওঁ তেন্তে নিশ্চিতভাৱে আমি অন্যায়কাৰী বুলি পৰিগণিত হ'ম। তেতিয়া আমাৰ ওচৰত অজুহাত দাঙি ধৰাৰ কোনো অৱকাশ নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023107.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023107.mp3"},{"index":"108","arabicText":"قَالَ اخْسَـُٔوْا فِیْهَا وَلَا تُكَلِّمُوْنِ ۟","assameseTranslation":"আল্লাহে ক’ব, ‘তোমালোকে নিকৃষ্ট অৱস্থাত ইয়াতেই থাকা আৰু মোৰ লগত কোনো কথা নক'বা’।","footnotes":"","tafseer":"তেতিয়া আল্লাহে ক'বঃ তোমালোকে লাঞ্ছিত অপমানিত হৈ জাহান্নামতেই অৱস্থান কৰা, আৰু মোৰ সৈতে কোনো কথা কোৱাৰ চেষ্টা নকৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023108.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023108.mp3"},{"index":"109","arabicText":"اِنَّهٗ كَانَ فَرِیْقٌ مِّنْ عِبَادِیْ یَقُوْلُوْنَ رَبَّنَاۤ اٰمَنَّا فَاغْفِرْ لَنَا وَارْحَمْنَا وَاَنْتَ خَیْرُ الرّٰحِمِیْنَ ۟ۚۖ","assameseTranslation":"মোৰ বান্দাসকলৰ মাজৰ এনেকুৱা এটা দল আছিল যিসকলে কৈছিল, ‘হে আমাৰ প্ৰতিপালক! আমি ঈমান আনিছোঁ, এতেকে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা, আৰু তুমি সৰ্বশ্ৰেষ্ঠ দয়ালু’।","footnotes":"","tafseer":"মোৰ বান্দাসকলৰ মাজৰ কিছুমানে মোৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু তেওঁলোকে কৈছিলঃ হে আমাৰ প্ৰতিপালক! আমি তোমাৰ প্ৰতি ঈমান পোষণ কৰিছোঁ, গতিকে তুমি আমাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া, আৰু আমাৰ প্ৰতি তুমি দয়া কৰা, নিশ্চয় তুমি অতি দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023109.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023109.mp3"},{"index":"110","arabicText":"فَاتَّخَذْتُمُوْهُمْ سِخْرِیًّا حَتّٰۤی اَنْسَوْكُمْ ذِكْرِیْ وَكُنْتُمْ مِّنْهُمْ تَضْحَكُوْنَ ۟","assameseTranslation":"‘কিন্তু তোমালোকে তেওঁলোকক লৈ ইমান ঠাট্টা-বিদ্ৰূপ কৰিছিলা যে, সেই ঠাট্টা-বিদ্ৰূপে তোমালোকক মোৰ স্মৰণ পাহৰাই দিছিল। তোমালোকে তেওঁলোকৰ বিষয়ে কেৱল উপহাসহে কৰিছিলা’।","footnotes":"","tafseer":"তেতিয়া তোমালোকে সেইসকল মুমিনক উপহাস কৰিছিলা আৰু তেওঁলোকক ঠাট্টা কৰিছিলা, যিসকলে নিজ প্ৰতিপালকৰ প্ৰতি আহ্বান কৰিছিল। আনকি তোমালোকে এই ঠাট্টা-মস্কৰাত লিপ্ত হৈ আল্লাহৰ স্মৰণকো পাহৰি গৈছিলা। দৰাচলতে তোমালোকে উপহাস আৰু বিদ্ৰুপ কৰিবলৈ তেওঁলোকক দেখি হাঁহিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023110.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023110.mp3"},{"index":"111","arabicText":"اِنِّیْ جَزَیْتُهُمُ الْیَوْمَ بِمَا صَبَرُوْۤا ۙ اَنَّهُمْ هُمُ الْفَآىِٕزُوْنَ ۟","assameseTranslation":"নিশ্চয় আমি তেওঁলোকৰ ধৈৰ্য্যৰ কাৰণে আজি আমি তেওঁলোকক পুৰস্কৃত কৰিলোঁ; নিশ্চয় তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।","footnotes":"","tafseer":"নিশ্চয় আমি সেইসকল মুমিনক কিয়ামতৰ দিনা প্ৰতিদানস্বৰূপে জান্নাত প্ৰদান কৰিম। কিয়নো তেওঁলোকে আল্লাহৰ আনুগত্যত অটল আছিল আৰু তোমালোকৰ নিৰ্যাতনত ধৈৰ্য্য ধাৰণ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023111.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023111.mp3"},{"index":"112","arabicText":"قٰلَ كَمْ لَبِثْتُمْ فِی الْاَرْضِ عَدَدَ سِنِیْنَ ۟","assameseTranslation":"আল্লাহে ক’ব, ‘তোমালোকে পৃথিৱীত কিমান বছৰ অৱস্থান কৰিছিলা’?","footnotes":"","tafseer":"আল্লাহে সিহঁতক ক'বঃ তোমালোকে পৃথিৱীত কিমান বছৰ অৱস্থান কৰিছিলা? আৰু কিমান সময় নষ্ট কৰিছিলা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023112.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023112.mp3"},{"index":"113","arabicText":"قَالُوْا لَبِثْنَا یَوْمًا اَوْ بَعْضَ یَوْمٍ فَسْـَٔلِ الْعَآدِّیْنَ ۟","assameseTranslation":"সিহঁতে ক’ব, ‘আমি অৱস্থান কৰিছিলোঁ এদিন অথবা দিনৰ কিছু অংশ; এতেকে তুমি গণনাকাৰীসকলক সুধি চোৱা’।","footnotes":"","tafseer":"সিহঁতে উত্তৰ দি ক'বঃ আমি তাত এদিন অথবা দিনৰ কিছু অংশহে অতিবাহিত কৰিছিলোঁ। তুমি সিহঁতক সুধি চোৱা, যিসকলে দিন মাহৰ গণনা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023113.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023113.mp3"},{"index":"114","arabicText":"قٰلَ اِنْ لَّبِثْتُمْ اِلَّا قَلِیْلًا لَّوْ اَنَّكُمْ كُنْتُمْ تَعْلَمُوْنَ ۟","assameseTranslation":"তেওঁ ক’ব, ‘তোমালোকে অতি কম সময়হে অৱস্থান কৰিছিলা; যদি তোমালোকে নিশ্চিতভাৱে জানিব পাৰিলাহেঁতেন!","footnotes":"","tafseer":"আল্লাহে ক'বঃ সঁচাই তোমালোকে পৃথিৱীত অতি কম সময় অতিবাহিত কৰিছিলা। য'ত অতি সহজেই আল্লাহৰ আনুগত্যত পৰিচালিত হ'ব পাৰিলাহেঁতেন। আফচোচ, তোমালোকে পৃথিৱীৰ এই সংকীৰ্ণ ম্যাদ সম্পৰ্কে আগতেই যদি অৱগত হ’লাহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023114.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023114.mp3"},{"index":"115","arabicText":"اَفَحَسِبْتُمْ اَنَّمَا خَلَقْنٰكُمْ عَبَثًا وَّاَنَّكُمْ اِلَیْنَا لَا تُرْجَعُوْنَ ۟","assameseTranslation":"‘তোমালোকে ভাবিছিলা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছোঁ আৰু তোমালোকক আমাৰ ওচৰলৈকে ওভোতাই আনা নহ’ব?","footnotes":"","tafseer":"হে মানৱজাতি! তোমালোকে ভাবিছা নেকি যে, আমি তোমালোকক কোনো হিকমত নোহোৱাকৈ এনেই খেল-ধেমালিৰ বাবে সৃষ্টি কৰিছোঁ? তোমালোকে চতুষ্পদ জন্তুৰ দৰে নেকি যে, তোমালোকৰ ছোৱাবও নাই আৰু কোনো শাস্তিও নাই? আৰু তোমালোকক কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে ওভোতাই অনা নহ’ব নেকি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023115.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023115.mp3"},{"index":"116","arabicText":"فَتَعٰلَی اللّٰهُ الْمَلِكُ الْحَقُّ ۚ لَاۤ اِلٰهَ اِلَّا هُوَ ۚ رَبُّ الْعَرْشِ الْكَرِیْمِ ۟","assameseTranslation":"এতেকে আল্লাহ মহিমাময়, প্ৰকৃত মালিক, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই সন্মানিত আৰছৰ অধিপতি।","footnotes":"","tafseer":"এতেকে আল্লাহ তাআলা হৈছে মহাপৱিত্ৰ, তেৱেঁই হৈছে স্বত্তাধিকাৰী। তেওঁ বান্দাসকলক যিদৰে ইচ্ছা সেইদৰেই প্ৰয়োগ কৰে। তেওঁ সত্য, তেওঁৰ প্ৰতিশ্ৰুতি সত্য, তেওঁৰ কথা সত্য। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ মহাসিংহাসনৰ প্ৰতিপালক, যিখনতকৈ ডাঙৰ কোনো মখলুক নাই। যিজন আটাইতকৈ ডাঙৰ মখলুকৰ ৰব্ব, দৰাচলতে তেৱেঁই সকলো মখলুকৰ ৰব্ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023116.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023116.mp3"},{"index":"117","arabicText":"وَمَنْ یَّدْعُ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ ۙ لَا بُرْهَانَ لَهٗ بِهٖ ۙ فَاِنَّمَا حِسَابُهٗ عِنْدَ رَبِّهٖ ؕ اِنَّهٗ لَا یُفْلِحُ الْكٰفِرُوْنَ ۟","assameseTranslation":"আৰু যিয়ে আল্লাহৰ লগত অন্য কোনো উপাস্যকো আহ্বান কৰে, (অথচ) সেই বিষয়ে তাৰ ওচৰত কোনো প্ৰমাণ নাই, তাৰ হিচাপ-নিকাচ কেৱল তাৰ প্ৰতিপালকৰ ওচৰত আছে, নিশ্চয় কাফিৰসকল সফল হ’ব নোৱাৰিব।","footnotes":"","tafseer":"যিয়ে আল্লাহৰ বাহিৰে আন কোনো উপাস্যক আহ্বান কৰে, উপাসনাৰ উপযুক্ত হোৱাৰ বাবে যাৰ ওচৰত কোনো প্ৰমাণ নাই (আল্লাহৰ বাহিৰে সকলো উপাস্যৰেই এই একেই অৱস্থা) তেনেকুৱা ব্যক্তিৰ বাবে তাৰ এই বেয়া কৰ্মৰ প্ৰতিফলস্বৰূপে তাৰ প্ৰতিপালকৰ ওচৰত আছে বেয়া প্ৰতিদান। গতিকে তেৱেঁই তাক ইয়াৰ শাস্তি বিহিব। নিশ্চয় কাফিৰসকলে লক্ষ্যস্থানত উপনীত হ'বলৈ তথা নিজৰ পছন্দৰ বস্তু পাবলৈ আৰু ভয়-ভীতিমূলক বস্তুৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023117.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023117.mp3"},{"index":"118","arabicText":"وَقُلْ رَّبِّ اغْفِرْ وَارْحَمْ وَاَنْتَ خَیْرُ الرّٰحِمِیْنَ ۟۠","assameseTranslation":"আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! ক্ষমা কৰা আৰু দয়া কৰা, আৰু তুমিয়েই সৰ্বশ্ৰেষ্ঠ দয়ালু’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি দুআ কৰক, হে মোৰ প্ৰতিপালক! মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া, আৰু মোৰ প্ৰতি বিশেষ দয়া কৰা। নিশ্চয় তুমি অতি উত্তম, গুনাহগাৰৰ প্ৰতি কৃপা কৰা আৰু তাৰ তাওবা কবুল কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/023118.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/023118.mp3"}]