[{"index":"1","arabicText":"تَنْزِیْلُ الْكِتٰبِ مِنَ اللّٰهِ الْعَزِیْزِ الْحَكِیْمِ ۟","assameseTranslation":"এইখন কিতাব, মহা পৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ।","footnotes":"","tafseer":"কোৰআন অৱতীৰ্ণ হৈছে মহাপৰাক্ৰমশালী আল্লাহৰ ফালৰ পৰা, যি সত্তাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনাৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। পৱিত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ফালৰ পৰা এইখন অৱতীৰ্ণ হোৱা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039001.mp3"},{"index":"2","arabicText":"اِنَّاۤ اَنْزَلْنَاۤ اِلَیْكَ الْكِتٰبَ بِالْحَقِّ فَاعْبُدِ اللّٰهَ مُخْلِصًا لَّهُ الدِّیْنَ ۟ؕ","assameseTranslation":"নিশ্চয় আমি তোমাৰ ওচৰলৈ এই কিতাব যথাযথভাৱে অৱতীৰ্ণ কৰিছোঁ। এতেকে তুমি আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ তেওঁৰেই ইবাদত কৰা।","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চয় আমি আপোনাৰ প্ৰতি সত্য সহকাৰে কোৰআন অৱতীৰ্ণ কৰিছোঁ। ইয়াৰ মাজত থকা সকলো সংবাদ সত্য, তথা ইয়াৰ মাজত থকা সকলো বিধি-বিধান হৈছে ন্যায়সংগত। গতিকে আপুনি নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰ ইবাদত কৰক। শ্বিৰ্কৰ পৰা বিৰত থাকি তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত থাকক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039002.mp3"},{"index":"3","arabicText":"اَلَا لِلّٰهِ الدِّیْنُ الْخَالِصُ ؕ وَالَّذِیْنَ اتَّخَذُوْا مِنْ دُوْنِهٖۤ اَوْلِیَآءَ ۘ مَا نَعْبُدُهُمْ اِلَّا لِیُقَرِّبُوْنَاۤ اِلَی اللّٰهِ زُلْفٰی ؕ اِنَّ اللّٰهَ یَحْكُمُ بَیْنَهُمْ فِیْ مَا هُمْ فِیْهِ یَخْتَلِفُوْنَ ؕ۬ اِنَّ اللّٰهَ لَا یَهْدِیْ مَنْ هُوَ كٰذِبٌ كَفَّارٌ ۟","assameseTranslation":"জানি থোৱা! বিশুদ্ধ আনুগত্য কেৱল আল্লাহৰেই প্ৰাপ্য। যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতে কয়, ‘আমি কেৱল এইকাৰণেই ইহঁতৰ ইবাদত কৰোঁ যে, ইহঁতে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব’। সিহঁতে যি বিষয়কলৈ নিজৰ মাজতে মতভেদ কৰি আছে, নিশ্চয় আল্লাহে সিহঁতৰ মাজত সেই বিষয়ে মীমাংসা কৰি দিব। (লগতে জানি থোৱা) নিশ্চয় আল্লাহে মিছলীয়া কাফিৰক হিদায়ত দান নকৰে।","footnotes":"","tafseer":"জানি থোৱা! শ্বিৰ্কমুক্ত দ্বীন একমাত্ৰ আল্লাহৰেই প্ৰাপ্য। যিসকল লোকে আল্লাহৰ বাহিৰে মূৰ্ত্তি আৰু তাগুত আদিক নিজৰ অভিভাৱক বনাই লৈছে তথা আল্লাহৰ বাহিৰে সেইবোৰৰেই উপাসনা কৰে, লগতে সেইবোৰৰ উপাসনাক উচিত প্ৰমাণ কৰিবলৈ কয়ঃ “আমি এইবোৰৰ ইবাদত কেৱল এইকাৰণেই কৰোঁ, যাতে এইবোৰে আমাক আল্লাহৰ নৈকট্য অৱলম্বন কৰাত সহায় কৰে, তথা আমাৰ প্ৰয়োজনবোৰ আল্লাহৰ ওচৰত উপস্থাপন কৰে, লগতে তেওঁৰ ওচৰত আমাৰ বাবে যাতে মধ্যস্ততা কৰে”। নিশ্চয় কিয়ামতৰ দিনা আল্লাহে তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত মুমিনসকলৰ মাজত, লগতে কাফিৰ আৰু মুশ্বৰিকসকলৰ মাজত সেই তাওহীদ সম্পৰ্কে মীমাংসা কৰিব, যিটোকলৈ সিহঁতে মতানৈক্য কৰিছিল। নিশ্চিতভাৱে আল্লাহে সেইসকল লোকক কেতিয়াও হিদায়ত নিদিয়ে যিসকলে অংশীদাৰ স্থাপন কৰি আল্লাহ সম্পৰ্কে মিছা কথা প্ৰচাৰ কৰে, তথা আল্লাহে প্ৰদান কৰা নিয়ামতসমূহক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039003.mp3"},{"index":"4","arabicText":"لَوْ اَرَادَ اللّٰهُ اَنْ یَّتَّخِذَ وَلَدًا لَّاصْطَفٰی مِمَّا یَخْلُقُ مَا یَشَآءُ ۙ سُبْحٰنَهٗ ؕ هُوَ اللّٰهُ الْوَاحِدُ الْقَهَّارُ ۟","assameseTranslation":"যদি আল্লাহে সন্তান গ্ৰহণ কৰিব বিচাৰিলেহেঁতেন, তেন্তে তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰাই যাক ইচ্ছা মনোনীত কৰি ল'লেহেঁতেন। কিন্তু তেওঁ পৱিত্ৰ আৰু মহান! তেৱেঁই আল্লাহ, একক (অদ্বিতীয়), প্ৰবল প্ৰতাপশালী।","footnotes":"","tafseer":"সঁচাই যদি আল্লাহে পুত্ৰ গ্ৰহণ কৰিব বিচাৰিলেহেঁতেন তেন্তে তেওঁৰ মখলুকসকলৰ মাজৰ যাক ইচ্ছা তাকেই নিৰ্বাচন কৰি পুত্ৰৰ স্থান দিলেহেঁতেন। কিন্তু মুশ্বৰিকসকলৰ এনেকুৱা কথাৰ পৰা আল্লাহ পৱিত্ৰ আৰু সম্পূৰ্ণৰূপে পৰিচ্ছন্ন। তেওঁ সত্ত্বাগতভাৱে, গুণগতভাৱে আৰু কৰ্মগতভাৱে একক তথা অদ্বিতীয়। এইবোৰত তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁ গোটেই সৃষ্টিজগতৰ ওপৰত প্ৰবল প্ৰতাপী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039004.mp3"},{"index":"5","arabicText":"خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ بِالْحَقِّ ۚ یُكَوِّرُ الَّیْلَ عَلَی النَّهَارِ وَیُكَوِّرُ النَّهَارَ عَلَی الَّیْلِ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ ؕ كُلٌّ یَّجْرِیْ لِاَجَلٍ مُّسَمًّی ؕ اَلَا هُوَ الْعَزِیْزُ الْغَفَّارُ ۟","assameseTranslation":"তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। তেৱেঁই ৰাতিৰ দ্বাৰা দিনক আচ্ছাদিত কৰে আৰু ৰাতিক আচ্ছাদিত কৰে দিনৰ দ্বাৰা। সূৰ্য্য আৰু চন্দ্ৰক তেৱেঁই কৰিছে নিয়মাধীন। প্ৰত্যেকেই এটা নিৰ্ধাৰিত সময়লৈকে গতি কৰে। জানি থোৱা! তেওঁ মহা পৰাক্ৰমশালী, ক্ষমাশীল।","footnotes":"","tafseer":"তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক এটা মহৎ উদ্দেশ্য অনুযায়ী সৃষ্টি কৰিছে; অনৰ্থক সৃষ্টি কৰা নাই, যিদৰে অন্যায়কাৰীসকলে মন্তব্য কৰে। তেৱেঁই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰায়। এতেকে এই দুটাৰ যিকোনো এটাৰ আগমনত আনটো বিলুপ্ত হৈ যায়। তেৱেঁই সূৰ্য্য আৰু চন্দ্ৰক নিয়ন্ত্ৰণ কৰে। উভয়েই এটা নিৰ্ধাৰিত সময়লৈকে গতি কৰিব অৰ্থাৎ এই জীৱনৰ অন্তলৈকে। জানি থোৱা! পৱিত্ৰ আল্লাহ হৈছে মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰে। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039005.mp3"},{"index":"6","arabicText":"خَلَقَكُمْ مِّنْ نَّفْسٍ وَّاحِدَةٍ ثُمَّ جَعَلَ مِنْهَا زَوْجَهَا وَاَنْزَلَ لَكُمْ مِّنَ الْاَنْعَامِ ثَمٰنِیَةَ اَزْوَاجٍ ؕ یَخْلُقُكُمْ فِیْ بُطُوْنِ اُمَّهٰتِكُمْ خَلْقًا مِّنْ بَعْدِ خَلْقٍ فِیْ ظُلُمٰتٍ ثَلٰثٍ ؕ ذٰلِكُمُ اللّٰهُ رَبُّكُمْ لَهُ الْمُلْكُ ؕ لَاۤ اِلٰهَ اِلَّا هُوَ ۚ فَاَنّٰی تُصْرَفُوْنَ ۟","assameseTranslation":"তেৱেঁই তোমালোকক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা। তাৰ পিছত তেওঁ তাৰ পৰাই তাৰ যোৰা সৃষ্টি কৰিছে। তেৱেঁই তোমালোকৰ বাবে আঠ যোৰা ঘৰচীয়া জন্তু অৱতীৰ্ণ কৰিছে। তেৱেঁই তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ ত্ৰিবিধ অন্ধকাৰত পৰ্যায়ক্ৰমে সৃষ্টি কৰিছে। তেৱেঁই আল্লাহ; তোমালোকৰ প্ৰতিপালক; সাৰ্বভৌম কৰ্তৃত্ব কেৱল তেওঁৰেই; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ঘূৰাই নিয়া হৈছে?","footnotes":"","tafseer":"হে মানৱজাতি! তোমালোকক তোমালোকৰ প্ৰতিপালকে এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে, অৰ্থাৎ আদমৰ পৰা। তাৰ পিছত আদমৰ পৰা তেওঁৰ স্ত্ৰী হাৱাক সৃষ্টি কৰিছে। তেৱেঁই তোমালোকৰ বাবে উট, গৰু, ছাগলী, ভেড়া আদিৰ আঠ প্ৰকাৰ সৃষ্টি কৰিছে। প্ৰত্যেকৰে মাজত মতা-মাইকী সৃষ্টি কৰিছে। পৱিত্ৰ আল্লাহেই তোমালোকক তোমালোকৰ মাতৃগৰ্ভত ত্ৰিবিধ অন্ধকাৰত পৰ্যায়ক্ৰমে সৃষ্টি কৰিছে, পেট, গৰ্ভাশয় আৰু পাতল আৱৰণৰ অন্ধকাৰত। এইবোৰক যি সত্ত্বাই সৃষ্টি কৰে, সেই আল্লাহেই হৈছে তোমালোকৰ প্ৰতিপালক। সাৰ্বভৌমত্ব একমাত্ৰ তেওঁৰেই। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে তেওঁৰ ইবাদতৰ পৰা বিমুখ হৈ তোমালোকে কেনেকৈ সেইবোৰৰ উপাসনালৈ উভতি যোৱা যিবোৰে একোৱেই সৃষ্টি কৰিব নোৱাৰে, আনকি সেইবোৰ নিজেই সৃষ্ট?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039006.mp3"},{"index":"7","arabicText":"اِنْ تَكْفُرُوْا فَاِنَّ اللّٰهَ غَنِیٌّ عَنْكُمْ ۫ وَلَا یَرْضٰی لِعِبَادِهِ الْكُفْرَ ۚ وَاِنْ تَشْكُرُوْا یَرْضَهُ لَكُمْ ؕ وَلَا تَزِرُ وَازِرَةٌ وِّزْرَ اُخْرٰی ؕ ثُمَّ اِلٰی رَبِّكُمْ مَّرْجِعُكُمْ فَیُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ؕ اِنَّهٗ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟","assameseTranslation":"যদি তোমালোকে কুফৰী কৰা তেন্তে (জানি থোৱা) আল্লাহ তোমালোকৰ মুখাপেক্ষী নহয়। তেওঁ বান্দাসকলৰ বাবে কুফৰী পছন্দ নকৰে, আৰু যদি তোমালোকে কৃতজ্ঞ হোৱা তেন্তে তেওঁ তোমালোকৰ বাবে কৃতজ্ঞতাক পছন্দ কৰে। কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব। তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ’ব। তেতিয়া তোমালোকে যি আমল কৰিছিলা সেয়া তেওঁ তোমালোকক অৱহিত কৰিব। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেওঁ সম্যক অৱগত।","footnotes":"","tafseer":"হে মানৱজাতি! যদি তোমালোকে নিজ প্ৰতিপালকৰ সৈতে কুফৰী কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহ হৈছে তোমালোকৰ ঈমানৰ পৰা অমুখাপেক্ষী। আনকি তোমালোকৰ কুফৰীয়ে তেওঁৰ একো ক্ষতি কৰিব নোৱাৰে, বৰং তোমালোকৰ কুফৰীয়ে তোমালোককেই ক্ষতি কৰিব। কিন্তু বান্দাই তেওঁৰ লগত কুফৰী কৰাটো তেওঁ পছন্দ নকৰে। ইয়াৰ আদেশও তেওঁ নিদিয়ে। কিয়নো আল্লাহে কেতিয়াও অশ্লীলতা আৰু কুসংস্কাৰৰ আদেশ নিদিয়ে। আনহাতে যদি তোমালোকে আল্লাহৰ নিয়ামতৰ কৃতজ্ঞতা কৰা আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা তেন্তে তেওঁ তোমালোকৰ কৃতজ্ঞতাত সন্তুষ্ট হ’ব, লগতে তোমালোকক ছোৱাব প্ৰদান কৰিব। কোনো প্ৰাণীয়েই অন্য প্ৰাণীৰ গুনাহৰ বোজা বহন নকৰিব। প্ৰত্যেকেই নিজ নিজ কৰ্মৰ বাবে দায়বদ্ধ থাকিব। ইয়াৰ পিছত কিয়ামতৰ দিনা তোমালোকে একমাত্ৰ আল্লাহৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেৱেঁই তোমালোকক অৱগত কৰিব পৃথিৱীত তোমালোকে কি কি কৰ্ম কৰিছিলা আৰু তেৱেঁই তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব। নিশ্চয় তেৱেঁই বান্দাসকলৰ অন্তৰৰ ভেদ সম্পৰ্কে অৱগত। একোৱেই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039007.mp3"},{"index":"8","arabicText":"وَاِذَا مَسَّ الْاِنْسَانَ ضُرٌّ دَعَا رَبَّهٗ مُنِیْبًا اِلَیْهِ ثُمَّ اِذَا خَوَّلَهٗ نِعْمَةً مِّنْهُ نَسِیَ مَا كَانَ یَدْعُوْۤا اِلَیْهِ مِنْ قَبْلُ وَجَعَلَ لِلّٰهِ اَنْدَادًا لِّیُضِلَّ عَنْ سَبِیْلِهٖ ؕ قُلْ تَمَتَّعْ بِكُفْرِكَ قَلِیْلًا ۖۗ اِنَّكَ مِنْ اَصْحٰبِ النَّارِ ۟","assameseTranslation":"আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি একাগ্ৰচিত্তে নিজ প্ৰতিপালককহে আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া তেওঁৰ তৰফৰ পৰা তাৰ প্ৰতি অনুগ্ৰহ কৰে, তেতিয়া সি পাহৰি যায় যে, ইতিপূৰ্বে সি কি কাৰণত তেওঁৰ ওচৰত দুআ কৰিছিল, আৰু তেওঁৰ পথৰ পৰা আনক বিভ্ৰান্ত কৰিবলৈ সি আল্লাহৰ সমকক্ষ স্থিৰ কৰি লয়। কোৱা, ‘কুফৰীৰ অৱস্থাত তুমি কিছুকাল জীৱন উপভোগ কৰি লোৱা। নিশ্চয় তুমি অগ্নিবাসীবিলাকৰ অন্তৰ্ভুক্ত’।","footnotes":"","tafseer":"কাফিৰ ব্যক্তিক যেতিয়া কোনো বিপদ-আপদে স্পৰ্শ কৰে, যেনেঃ বেমাৰ-আজাৰ, আৰ্থিক ক্ষতি অথবা ডুবি যোৱাৰ ভয় আদিয়ে স্পৰ্শ কৰে তেতিয়া একমাত্ৰ তেওঁৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰে আৰু তেওঁৰ ওচৰতেই বিপদ দূৰীকৰণৰ বাবে দুআ কৰে। ইয়াৰ পিছত আল্লাহে যেতিয়া তাক কোনো নিয়ামত প্ৰদান কৰে, যেনেঃ সি আবদ্ধ হোৱা বিপদৰ পৰা তাক ৰক্ষা কৰে, তেতিয়া সি আকৌ আল্লাহক পাহৰি যায় তথা আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি সেইবোৰৰ উপাসনা কৰা আৰম্ভ কৰে, যাতে আন আন লোকসকলক আল্লাহৰ পথৰ পৰা আঁতৰাই ৰাখিব পাৰে। হে ৰাছুল! আপুনি এনেকুৱা স্বভাৱৰ লোকসকলক কৈ দিয়ক, তোমালোকে জীৱনৰ বাকী থকা অতি নগন্য সময়খিনি নিজৰ কুফৰী কৰ্মবোৰ উপভোগ কৰা। কিয়নো তোমালোক হৈছা জাহান্নামৰ অধিবাসী। কিয়ামতৰ দিনা তোমালোকে জাহান্নামত ওচৰা-ওচৰিকৈ থাকিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039008.mp3"},{"index":"9","arabicText":"اَمَّنْ هُوَ قَانِتٌ اٰنَآءَ الَّیْلِ سَاجِدًا وَّقَآىِٕمًا یَّحْذَرُ الْاٰخِرَةَ وَیَرْجُوْا رَحْمَةَ رَبِّهٖ ؕ قُلْ هَلْ یَسْتَوِی الَّذِیْنَ یَعْلَمُوْنَ وَالَّذِیْنَ لَا یَعْلَمُوْنَ ؕ اِنَّمَا یَتَذَكَّرُ اُولُوا الْاَلْبَابِ ۟۠","assameseTranslation":"যি ব্যক্তিয়ে ৰাতিৰ বিভিন্ন প্ৰহৰত ছাজদাৱনত হৈ আৰু থিয় হৈ আনুগত্য প্ৰকাশ কৰে, লগতে আখিৰাতক ভয় কৰে আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহ প্ৰত্যাশা কৰে, (এই ব্যক্তিক সেই ব্যক্তিৰ দৰে গণ্য কৰা হ'ব নেকি যিয়ে এইবোৰ নকৰে?) কোৱা, ‘যিসকলে জানে আৰু যিসকলে নাজানে সিহঁত সমান হ’ব পাৰেনে’? নিশ্চয় কেৱল বোধশক্তিসম্পন্ন ব্যক্তিসকলেহে উপদেশ গ্ৰহণ কৰে।","footnotes":"","tafseer":"উত্তম ব্যক্তি কোন, যিয়ে আল্লাহৰ আনুগত্য কৰে, ৰাতিৰ ভাগত নিজ প্ৰতিপালকৰ সন্মুখত ছাজদাৱনত হৈ তথা থিয় হৈ ৰাতি যাপন কৰে, আখিৰাতৰ শাস্তিক ভয় কৰে, নিজ প্ৰতিপালকৰ ৰহমত কামনা কৰে সেই ব্যক্তি উত্তম, নে সেই কাফিৰ ব্যক্তি উত্তম, যিয়ে কেৱল বিপদগ্ৰস্ত হ’লে আল্লাহৰ ইবাদত কৰে আৰু সুখ-শান্তিৰ সময়ত তেওঁৰ লগত কুফৰী কৰে, লগতে আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰে?! হে ৰাছুল! আপুনি কওক, যিয়ে আল্লাহ সম্পৰ্কে অৱগত হোৱাৰ কাৰণে আল্লাহে অনিবাৰ্য্য কৰা বিষয়বোৰ জানে, পক্ষান্তৰে যিসকলে এইবোৰ নাজানে, এই দুয়ো ধৰণৰ ব্যক্তি সমান হ’ব পাৰেনে? এই দুয়ো দলৰ মাজত পাৰ্থক্য কেৱল সেইসকল লোকেই কৰিব পাৰে যিসকলৰ ওচৰত স্বচ্ছ বিবেক আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039009.mp3"},{"index":"10","arabicText":"قُلْ یٰعِبَادِ الَّذِیْنَ اٰمَنُوا اتَّقُوْا رَبَّكُمْ ؕ لِلَّذِیْنَ اَحْسَنُوْا فِیْ هٰذِهِ الدُّنْیَا حَسَنَةٌ ؕ وَاَرْضُ اللّٰهِ وَاسِعَةٌ ؕ اِنَّمَا یُوَفَّی الصّٰبِرُوْنَ اَجْرَهُمْ بِغَیْرِ حِسَابٍ ۟","assameseTranslation":"জনাই দিয়া, ‘হে মোৰ মুমিন বান্দাসকল! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। যিসকলে এই পাৰ্থিৱ জীৱনত কল্যাণকৰ কাম কৰে তেওঁলোকৰ বাবে আছে কল্যাণ। আল্লাহৰ পৃথিৱী বিশাল প্ৰশস্ত, নিশ্চয় ধৈৰ্য্যশীলসকলক তেওঁলোকৰ প্ৰতিদান অগণিতভাৱে পৰিপূৰ্ণৰূপে প্ৰদান কৰা হ’ব’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি মোৰ সেইসকল বান্দাক কৈ দিয়ক, যিসকলে মোৰ প্ৰতি আৰু মোৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছেঃ তোমালোকে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। তোমালোকৰ মাজৰ যিয়ে সৎকৰ্ম কৰিব, তেওঁ এই পৃথিৱীতে সহায়, সুস্বাস্থ্য আৰু ধন-সম্পদৰ জৰিয়তে কল্যাণ লাভ কৰিব আৰু আখিৰাতত লাভ কৰিব জান্নাত। জানি থোৱা! আল্লাহৰ পৃথিৱী প্ৰশস্ত, এতেকে ইয়াৰ মাজত এনেকুৱা ঠাই বিচাৰি হিজৰত কৰা, য’ত আল্লাহৰ ইবাদত কৰিবলৈ কোনো ধৰণৰ বাধাৰ সন্মুখীন নহ’বা। দৰাচলতে ধৈৰ্য্য ধাৰণকাৰীসকলক কিয়ামতৰ দিনা অধিকমাত্ৰাত আৰু বেলেগ বেলেগ প্ৰকাৰৰ প্ৰতিদান দিয়া হ’ব যে, যাৰ গণনা সম্ভৱ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039010.mp3"},{"index":"11","arabicText":"قُلْ اِنِّیْۤ اُمِرْتُ اَنْ اَعْبُدَ اللّٰهَ مُخْلِصًا لَّهُ الدِّیْنَ ۟ۙ","assameseTranslation":"কোৱা, ‘মোক আদেশ কৰা হৈছে, মই যেন আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁৰেই ইবাদত কৰোঁ,","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কওক, নিশ্চয় আল্লাহে মোক নিৰ্দেশ দিছে, মই যেন নিৰ্ভেজালভাৱে একমাত্ৰ তেওঁৰেই ইবাদত কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039011.mp3"},{"index":"12","arabicText":"وَاُمِرْتُ لِاَنْ اَكُوْنَ اَوَّلَ الْمُسْلِمِیْنَ ۟","assameseTranslation":"‘মোক আৰু আদেশ কৰা হৈছে, ময়ে যেন আত্মসমৰ্পণকাৰী (মুছলিম)সকলৰ মাজত অগ্ৰণী হওঁ’।","footnotes":"","tafseer":"লগতে মোক এই নিৰ্দেশো দিছে যে, মই যেন এই উম্মতৰ প্ৰথম আত্মসমৰ্পনকাৰী তথা আনুগত্যকাৰী হওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039012.mp3"},{"index":"13","arabicText":"قُلْ اِنِّیْۤ اَخَافُ اِنْ عَصَیْتُ رَبِّیْ عَذَابَ یَوْمٍ عَظِیْمٍ ۟","assameseTranslation":"কোৱা, ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰোঁ, তেন্তে নিশ্চয় মই ভয় কৰোঁ যে, মহা দিৱসৰ শাস্তিয়ে মোক গ্ৰাস কৰিব’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কওক, মই কিয়ামত দিৱসৰ মহাশাস্তিক ভয় কৰোঁ, কাৰণ যদি মই আল্লাহৰ অবাধ্যতা কৰোঁ তথা তেওঁৰ আনুগত্য নকৰোঁ (তেন্তে সেই শাস্তিয়ে মোক গ্ৰাস কৰিব)।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039013.mp3"},{"index":"14","arabicText":"قُلِ اللّٰهَ اَعْبُدُ مُخْلِصًا لَّهٗ دِیْنِیْ ۟ۙ","assameseTranslation":"কোৱা, ‘মই আল্লাহৰ প্ৰতি মোৰ আনুগত্যক একনিষ্ঠ কৰি কেৱল তেওঁৰেই ইবাদত কৰোঁ’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কওক, নিশ্চয় মই নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰেই ইবাদত কৰোঁ, তেওঁৰ বাহিৰে আন কাৰো ইবাদত মই নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039014.mp3"},{"index":"15","arabicText":"فَاعْبُدُوْا مَا شِئْتُمْ مِّنْ دُوْنِهٖ ؕ قُلْ اِنَّ الْخٰسِرِیْنَ الَّذِیْنَ خَسِرُوْۤا اَنْفُسَهُمْ وَاَهْلِیْهِمْ یَوْمَ الْقِیٰمَةِ ؕ اَلَا ذٰلِكَ هُوَ الْخُسْرَانُ الْمُبِیْنُ ۟","assameseTranslation":"‘এতেকে তোমালোকে আল্লাহৰ পৰিবৰ্তে যাক ইচ্ছা কৰা তাৰে ইবাদত কৰা’। কোৱা, ‘প্ৰকৃত ক্ষতিগ্ৰস্ত হৈছে সেইসকল লোক, যিসকলে কিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিব। জানি থোৱা! এইটোৱেই হৈছে সুস্পষ্ট ক্ষতি’।","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! যোৱা, তেওঁৰ বাহিৰে তোমালোকে যি মূৰ্ত্তিৰ ইচ্ছা সেই মূৰ্ত্তিৰেই উপাসনা কৰাগৈ, (এইটো ধমকৰ সুৰত কোৱা হৈছে)। হে ৰাছুল! আপুনি কৈ দিয়ক, নিশ্চয় প্ৰকৃত ক্ষতিগ্ৰস্ত হৈছে সেইসকল, যিসকলে নিজৰ ক্ষতি সাধন কৰে আৰু নিজ পৰিয়ালৰ ক্ষতি কৰে। ফলত সিহঁতে সাক্ষাৎ কৰিব নোৱাৰিব। হয়তো সিহঁতৰ পৰিয়ালবৰ্গৰ লোকসকলে জান্নাতত প্ৰৱেশ কৰাৰ কাৰণে সিহঁতৰ পৰা বিচ্ছিন্ন হ’ব, অন্যথা একেলগে জাহান্নামত প্ৰৱেশ কৰাৰ পিছতো পৰস্পৰে কেতিয়াও সাক্ষাৎ কৰিব নোৱাৰিব। জানি থোৱা! এইটোৱেই হৈছে স্পষ্ট ক্ষতি, ইয়াত কোনো সন্দেহ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039015.mp3"},{"index":"16","arabicText":"لَهُمْ مِّنْ فَوْقِهِمْ ظُلَلٌ مِّنَ النَّارِ وَمِنْ تَحْتِهِمْ ظُلَلٌ ؕ ذٰلِكَ یُخَوِّفُ اللّٰهُ بِهٖ عِبَادَهٗ ؕ یٰعِبَادِ فَاتَّقُوْنِ ۟","assameseTranslation":"সিহঁতৰ বাবে সিহঁতৰ ওপৰতো থাকিব অগ্নিৰ স্তৰ আৰু তলফালেও থাকিব অগ্নিৰ স্তৰ। এইবোৰ শাস্তিৰ দ্বাৰাই আল্লাহে তেওঁৰ বান্দাসকলক সতৰ্ক কৰে। হে মোৰ বান্দাসকল! এতেকে তোমালোকে কেৱল মোকেই ভয় কৰা।","footnotes":"","tafseer":"সিহঁতৰ ওপৰত থাকিব ধোঁৱা, অগ্নি শিখা আৰু তাপ, তথা সিহঁতৰ তলফালেও থাকিব ধোঁৱা, অগ্নি শিখা আৰু তাপ। এইবোৰ শাস্তিৰ দ্বাৰা আল্লাহে তেওঁৰ বান্দাসকলক সতৰ্ক কৰে। হে মোৰ বান্দাসকল! তোমালোকে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি মোৰ তাক্বৱা অৱলম্বন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039016.mp3"},{"index":"17","arabicText":"وَالَّذِیْنَ اجْتَنَبُوا الطَّاغُوْتَ اَنْ یَّعْبُدُوْهَا وَاَنَابُوْۤا اِلَی اللّٰهِ لَهُمُ الْبُشْرٰی ۚ فَبَشِّرْ عِبَادِ ۟ۙ","assameseTranslation":"আনহাতে যিসকলে তাগূতৰ ইবাদত পৰিহাৰ কৰে আৰু কেৱল আল্লাহৰ অভিমুখী হয় তেওঁলোকৰ বাবে আছে সুসংবাদ। এতেকে মোৰ বান্দাসকলক সুসংবাদ দিয়া,","footnotes":"","tafseer":"যিসকলে মূৰ্ত্তি পূজাৰ পৰা দূৰত্ব অৱলম্বন কৰিছে, তথা আল্লাহৰ বাহিৰে উপাসনাকৃত সকলো বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখিছে, লগতে তাওবা কৰি আল্লাহৰ ফালে প্ৰত্যাৱৰ্তন কৰিছে তেওঁলোকৰ বাবে মৃত্যুৰ সময়ত, কবৰৰ মাজত আৰু কিয়ামতৰ দিনা আছে জান্নাতৰ শুভসংবাদ। হে ৰাছুল! আপুনি মোৰ বান্দাসকলক সুসংবাদ দিয়ক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039017.mp3"},{"index":"18","arabicText":"الَّذِیْنَ یَسْتَمِعُوْنَ الْقَوْلَ فَیَتَّبِعُوْنَ اَحْسَنَهٗ ؕ اُولٰٓىِٕكَ الَّذِیْنَ هَدٰىهُمُ اللّٰهُ وَاُولٰٓىِٕكَ هُمْ اُولُوا الْاَلْبَابِ ۟","assameseTranslation":"যিসকলে মনোযোগ সহকাৰে কথা শুনে আৰু তাৰ মাজৰ উত্তম কথাৰ অনুসৰণ কৰে। সেইসকল লোককেই আল্লাহে হিদায়ত দান কৰিছে আৰু তেওঁলোকেই হৈছে বোধশক্তিসম্পন্ন।","footnotes":"","tafseer":"যিসকলে মনোযোগ সহকাৰে কথা শুনে, তথা ভাল বেয়া পাৰ্থক্য কৰি উপকৃত হোৱাৰ উদ্দেশ্যে ভাল কথাৰ অনুসৰণ কৰে। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলকেই আল্লাহে হিদায়তৰ তাওফীক প্ৰদান কৰে। তথা তেওঁলোকেই হৈছে সুস্থ বিবেকৱান লোক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039018.mp3"},{"index":"19","arabicText":"اَفَمَنْ حَقَّ عَلَیْهِ كَلِمَةُ الْعَذَابِ ؕ اَفَاَنْتَ تُنْقِذُ مَنْ فِی النَّارِ ۟ۚ","assameseTranslation":"যাৰ ওপৰত শাস্তিৰ আদেশ সাব্যস্ত হৈছে, এতেকে জাহান্নামত থকা সেই ব্যক্তিক তুমি ৰক্ষা কৰিব পাৰিবানে?","footnotes":"","tafseer":"ধাৰাবাহিকভাৱে কুফৰী আৰু বিভ্ৰান্তিত পতিত থকাৰ কাৰণে যিসকলৰ ওপৰত শাস্তি অনিবাৰ্য্য হৈ পৰিছে, হে ৰাছুল! এনেকুৱা লোকক সুপথত পৰিচালিত কৰিবলৈ আপোনাৰ কোনো কৌশল কামত নাহিব। হে ৰাছুল! এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলক আপুনি জাহান্নামৰ পৰা ৰক্ষা কৰিব পাৰিবনে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039019.mp3"},{"index":"20","arabicText":"لٰكِنِ الَّذِیْنَ اتَّقَوْا رَبَّهُمْ لَهُمْ غُرَفٌ مِّنْ فَوْقِهَا غُرَفٌ مَّبْنِیَّةٌ ۙ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ؕ۬ وَعْدَ اللّٰهِ ؕ لَا یُخْلِفُ اللّٰهُ الْمِیْعَادَ ۟","assameseTranslation":"কিন্তু যিসকলে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকৰ বাবে আছে বহুতো অট্টালিকা, যাৰ ওপৰতো নিৰ্মিত আছে অট্টালিকা, যাৰ তলত নদীসমূহ প্ৰবাহিত আছে; এইটো আল্লাহৰ প্ৰতিশ্ৰুতি, আল্লাহে প্ৰতিশ্ৰুতি ভংগ নকৰে।","footnotes":"","tafseer":"পক্ষান্তৰে যিসকলে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকৰ বাবে আছে সুউচ্চ বহুতো অট্টালিকা। তাৰে কিছুমান আন কিছুমানতকৈ ওখ হ’ব। সেইবোৰৰ তলদেশত প্ৰবাহিত থাকিব নদীসমূহ। এই প্ৰতিশ্ৰুতি আল্লাহে তেওঁলোকক প্ৰদান কৰিছে। নিশ্চয় আল্লাহে কেতিয়াও প্ৰতিশ্ৰুতি ভংগ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039020.mp3"},{"index":"21","arabicText":"اَلَمْ تَرَ اَنَّ اللّٰهَ اَنْزَلَ مِنَ السَّمَآءِ مَآءً فَسَلَكَهٗ یَنَابِیْعَ فِی الْاَرْضِ ثُمَّ یُخْرِجُ بِهٖ زَرْعًا مُّخْتَلِفًا اَلْوَانُهٗ ثُمَّ یَهِیْجُ فَتَرٰىهُ مُصْفَرًّا ثُمَّ یَجْعَلُهٗ حُطَامًا ؕ اِنَّ فِیْ ذٰلِكَ لَذِكْرٰی لِاُولِی الْاَلْبَابِ ۟۠","assameseTranslation":"তুমি লক্ষ্য কৰা নাইনে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত সেয়া ভূমিত প্ৰস্ৰৱন হিচাপে প্ৰবাহিত কৰে, তাৰ পিছত সেইটোৰ জৰিয়তে নানা ধৰণৰ ফচল উৎপন্ন কৰে, অৱশেষত সেই ফচল পকি যায়। ফলত তুমি সেই ফচলক হালধীয়া বৰ্ণত দেখিবলৈ পোৱা, শেষত তেওঁ সেইটোক খেৰকুটাত পৰিণত কৰে? নিশ্চয় ইয়াত উপদেশ আছে বোধশক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে।","footnotes":"","tafseer":"সচৰাচৰ তোমালোকে দেখিবলৈ পোৱা যে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তেৱেঁই সেই পানীক প্ৰস্ৰৱনত প্ৰৱেশ কৰায় আৰু প্ৰবাহিত কৰে। ইয়াৰ পিছত সেই পানীৰে তেওঁ বিভিন্ন বৰণৰ শস্য উৎপন্ন কৰে। অৱশেষত সেই শস্য পকি যায়। হে প্ৰত্যক্ষকাৰী ব্যক্তি! নিশ্চয় তোমালোকে দেখিবলৈ পোৱা যে, সেই সেউজীয়া শস্যবোৰ এটা সময়ত হালধীয়া হৈ পৰে। ইয়াৰ পিছত তেওঁ সেইবোৰক খেৰকুটাত পৰিণত কৰে। নিশ্চয় এই বৰ্ণনা সেইসকল লোকৰ বাবে শিক্ষাপ্ৰদ, যিসকল জীৱিত অন্তৰৰ অধিকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039021.mp3"},{"index":"22","arabicText":"اَفَمَنْ شَرَحَ اللّٰهُ صَدْرَهٗ لِلْاِسْلَامِ فَهُوَ عَلٰی نُوْرٍ مِّنْ رَّبِّهٖ ؕ فَوَیْلٌ لِّلْقٰسِیَةِ قُلُوْبُهُمْ مِّنْ ذِكْرِ اللّٰهِ ؕ اُولٰٓىِٕكَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟","assameseTranslation":"আল্লাহে ইছলামৰ বাবে যাৰ বুকু উন্মুক্ত কৰি দিছে, ফলত তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা (অহা) নূৰৰ ওপৰত আছে, (এওঁ সেই ব্যক্তিৰ দৰে নেকি যিজন হিদায়তৰ ওপৰত নাই?) এতেকে দুৰ্ভোগ সেইসকল লোকৰ বাবে, যিসকলে আল্লাহৰ স্মৰণৰ পৰা বিমুখ হোৱাত সিহঁতৰ অন্তৰ কঠোৰ হৈ পৰিছে! সিহঁত আছে স্পষ্ট বিভ্ৰান্তিত।","footnotes":"","tafseer":"আল্লাহে যাৰ বুকু ইছলামৰ বাবে উন্মুক্ত কৰি দিছে, তথা যিয়ে হিদায়ত লাভ কৰিছে, লগতে তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰাপ্ত জ্যোতিৰ ওপৰত প্ৰতিষ্ঠিত, তেওঁ সেই ব্যক্তিৰ দৰে নেকি যাৰ অন্তৰ আল্লাহৰ স্মৰণৰ পৰা কঠোৰ হৃদয়ত পৰিণত হৈছে? এই দুয়োজন ব্যক্তি কেতিয়াও সমান হ’ব নোৱাৰে। এতেকে মুক্তি কেৱল হিদায়তপ্ৰাপ্ত লোকসকলৰ বাবে। আনহাতে ক্ষতিগ্ৰস্ত সেইসকল লোক, যিসকলৰ অন্তৰ স্মৰণৰ পৰা কঠোৰ হৈ পৰিছে। সেইসকল লোকেই সত্যৰ পৰা স্পষ্ট বিভ্ৰান্তিত পতিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039022.mp3"},{"index":"23","arabicText":"اَللّٰهُ نَزَّلَ اَحْسَنَ الْحَدِیْثِ كِتٰبًا مُّتَشَابِهًا مَّثَانِیَ ۖۗ تَقْشَعِرُّ مِنْهُ جُلُوْدُ الَّذِیْنَ یَخْشَوْنَ رَبَّهُمْ ۚ ثُمَّ تَلِیْنُ جُلُوْدُهُمْ وَقُلُوْبُهُمْ اِلٰی ذِكْرِ اللّٰهِ ؕ ذٰلِكَ هُدَی اللّٰهِ یَهْدِیْ بِهٖ مَنْ یَّشَآءُ ؕ وَمَنْ یُّضْلِلِ اللّٰهُ فَمَا لَهٗ مِنْ هَادٍ ۟","assameseTranslation":"আল্লাহে অৱতীৰ্ণ কৰিছে উত্তম হাদীছ (বাণী) সম্বলিত এনেকুৱা এখন কিতাব, য’ত পাৰস্পৰিক সাদৃশ্যপূৰ্ণ একেই কথাকে নানা ধৰণে বাৰে বাৰে কোৱা হৈছে। ফলত যিসকলে নিজ প্ৰতিপালকক ভয় কৰে, ইয়াৰ দ্বাৰা তেওঁলোকৰ শৰীৰ শিয়ঁৰি উঠে, তাৰ পিছত তেওঁলোকৰ দেহ-মন বিনম্ৰ হৈ আল্লাহৰ স্মৰণত ধাৱিত হয়। এইটোৱেই হৈছে আল্লাহৰ হিদায়ত, তেওঁ ইয়াৰ দ্বাৰা যাক ইচ্ছা কৰে হিদায়ত কৰে। কিন্তু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ হিদায়তকাৰী কোনো নাই।","footnotes":"","tafseer":"আল্লাহে ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে, সেইখন হৈছে উৎকৃষ্ট বাণী। তেওঁ এই কিতাবখনক সামঞ্জস্যপূৰ্ণভাৱে অৱতীৰ্ণ কৰিছে, যাৰ এটা ভাগ আনটো ভাগৰ সৈতে, সত্যতা, সুন্দৰতা, পৰস্পৰ সম্পৰ্ক আৰু বিভেদ ৰহিত হোৱাৰ ক্ষেত্ৰত সাদৃশ্যপূৰ্ণ। ইয়াৰ মাজত বিভিন্ন ঘটনা, বিধি-বিধান, প্ৰতিশ্ৰুতি আৰু সতৰ্কবাণী, সত্যবাদীসকলৰ বৈশিষ্ট্য আৰু অসত্যবাদীসকলৰ দোষ-গুণ আদি বৰ্ণনা কৰা হৈছে। এতেকে যিসকল লোকে নিজ প্ৰতিপালকক ভয় কৰে, ইয়াৰ মাজত থকা সতৰ্কবাণী তথা ধমকমূলক আয়াত শুনি তেওঁলোকৰ গাৰ নোম শিয়ঁৰি উঠে। আনহাতে যেতিয়া তেওঁলোকে আশা আৰু সুসংবাদমূলক আয়াতবোৰ শুনা পায়, তেতিয়া তেওঁলোকৰ দেহ মন বিনম্ৰ হৈ আল্লাহৰ স্মৰণৰ পিনে ধাৱিত হয়। এইটোৱেই হৈছে কোৰআনৰ প্ৰভাৱ তথা আল্লাহৰ হিদায়ত। তেওঁ যাক ইচ্ছা কৰে তাকহে হিদায়ত দিয়ে। পক্ষান্তৰে আল্লাহে যাক অকলে এৰি দিয়ে, অৰ্থাৎ তেওঁ যাক হিদায়ত নিদিয়ে, তাক কোনেও হিদায়ত দিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039023.mp3"},{"index":"24","arabicText":"اَفَمَنْ یَّتَّقِیْ بِوَجْهِهٖ سُوْٓءَ الْعَذَابِ یَوْمَ الْقِیٰمَةِ ؕ وَقِیْلَ لِلظّٰلِمِیْنَ ذُوْقُوْا مَا كُنْتُمْ تَكْسِبُوْنَ ۟","assameseTranslation":"যি ব্যক্তিয়ে কিয়ামতৰ দিনা নিজৰ মুখমণ্ডলৰ দ্বাৰা কঠিন শাস্তি ৰোধ কৰিবলৈ চেষ্টা কৰিব, (সি তেওঁৰ দৰে নেকি যিজন নিৰাপদ থাকিব?) আৰু যালিমসকলক কোৱা হ’ব, ‘তোমালোকে যি কৰ্ম কৰিছিলা তাৰেই শাস্তি উপভোগ কৰা’।","footnotes":"","tafseer":"আল্লাহে যাক হিদায়ত প্ৰদান কৰিছে, তথা পৃথিৱীত ইয়াৰ তাওফীক দান কৰিছে, লগতে আখিৰাতত যাক জান্নাতত প্ৰৱেশ কৰাব, এই ব্যক্তি সেই ব্যক্তিৰ সমান নেকি, যিয়ে কুফৰী কৰিছে আৰু কুফৰী অৱস্থাতেই মৃত্যুবৰণ কৰিছে, তথা আল্লাহে যাৰ হাত ভৰি বান্ধি জাহান্নামত নিক্ষেপ কৰিব, যিয়ে নিজকে জাহান্নামৰ পৰা ৰক্ষা কৰিবলৈ উবৰি খাই পৰি থকা মুখমণ্ডলৰ বাহিৰে আন কোনো অংগ-প্ৰত্যংগৰ সহায় ল’ব নোৱাৰিব?! কুফৰী আৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰা এই যালিমসকলক ধিক্কাৰ দি কোৱা হ’বঃ তোমালোকে কুফৰী আৰু গুনাহৰ কাম কৰি যি অৰ্জন কৰিছিলা, আজি তাৰেই ফলাফল ভোগ কৰা। এইটোৱে হৈছে তোমালোকৰ প্ৰতিদান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039024.mp3"},{"index":"25","arabicText":"كَذَّبَ الَّذِیْنَ مِنْ قَبْلِهِمْ فَاَتٰىهُمُ الْعَذَابُ مِنْ حَیْثُ لَا یَشْعُرُوْنَ ۟","assameseTranslation":"সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, ফলত সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে, সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল।","footnotes":"","tafseer":"এই মুশ্বৰিকসকলৰ পূৰ্বেও বহুতো উম্মতে অস্বীকাৰ কৰিছিল। এতেকে সিহঁতৰ ওচৰত আকস্মিক শাস্তি আহি পৰিছিল, সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল যে, তাওবা কৰি প্ৰস্তুতি গ্ৰহণ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039025.mp3"},{"index":"26","arabicText":"فَاَذَاقَهُمُ اللّٰهُ الْخِزْیَ فِی الْحَیٰوةِ الدُّنْیَا ۚ وَلَعَذَابُ الْاٰخِرَةِ اَكْبَرُ ۘ لَوْ كَانُوْا یَعْلَمُوْنَ ۟","assameseTranslation":"ফলত আল্লাহে সিহঁতক পাৰ্থিৱ জীৱনতে লাঞ্ছনা ভোগ কৰোৱাইছিল আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও কঠিন। হায়! যদি সিহঁত জানিলেহেঁতেন!","footnotes":"","tafseer":"এতেকে আল্লাহে এই শাস্তিৰ জৰিয়তে সিহঁতক পাৰ্থিৱ জীৱনতেই অপমান, লাঞ্ছনা আৰু গ্লানিৰ সন্মুখীন কৰিছে। হায়! যদি সিহঁতে জানিলেহেঁতেন, নিশ্চয় আখিৰাতৰ শাস্তি ইয়াতকৈও কঠিন আৰু ডাঙৰ হ’ব, যি শাস্তিৰ সিহঁতে অপেক্ষা কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039026.mp3"},{"index":"27","arabicText":"وَلَقَدْ ضَرَبْنَا لِلنَّاسِ فِیْ هٰذَا الْقُرْاٰنِ مِنْ كُلِّ مَثَلٍ لَّعَلَّهُمْ یَتَذَكَّرُوْنَ ۟ۚ","assameseTranslation":"নিশ্চয় আমি এই কোৰআনত মানুহৰ বাবে সৰ্বপ্ৰকাৰ দৃষ্টান্ত উপস্থাপন কৰিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।","footnotes":"","tafseer":"মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই কোৰআনত আমি মানুহৰ বাবে ভাল-বেয়া, সত্য-অসত্য তথা ঈমান আৰু কুফৰী আদিৰ বিষয়ে বিভিন্ন প্ৰকাৰৰ উদাহৰণ দাঙি ধৰিছোঁ। যাতে মানুহে এইবোৰ উদাহৰণৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰে। লগতে অসত্য পৰিত্যাগ কৰি যাতে সত্য সহকাৰে আমল কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039027.mp3"},{"index":"28","arabicText":"قُرْاٰنًا عَرَبِیًّا غَیْرَ ذِیْ عِوَجٍ لَّعَلَّهُمْ یَتَّقُوْنَ ۟","assameseTranslation":"আৰবী ভাষাত এই কোৰআন (অৱতীৰ্ণ), ইয়াৰ মাজত কোনো ধৰণৰ জটিলতা নাই, যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰিব পাৰে।","footnotes":"","tafseer":"এই কোৰআন আৰবী ভাষাত লিপিবদ্ধ। ইয়াৰ মাজত কোনো ধৰণৰ বক্ৰতা, বেমেজালি আৰু সন্দেহ-সংশয়ৰ অৱকাশ নাই। যাতে মানুহে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039028.mp3"},{"index":"29","arabicText":"ضَرَبَ اللّٰهُ مَثَلًا رَّجُلًا فِیْهِ شُرَكَآءُ مُتَشٰكِسُوْنَ وَرَجُلًا سَلَمًا لِّرَجُلٍ ؕ هَلْ یَسْتَوِیٰنِ مَثَلًا ؕ اَلْحَمْدُ لِلّٰهِ ۚ بَلْ اَكْثَرُهُمْ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"আল্লাহে এটা দৃষ্টান্ত উপস্থাপন কৰিছে: এজন ব্যক্তি, যাৰ কেইবাজনো মনিব আছে, যিসকল পৰস্পৰ বিৰুদ্ধভাবাপন্ন, পক্ষান্তৰে আন এজন ব্যক্তিৰ কেৱল এজনেই মনিব আছে; এই দুয়োজন ব্যক্তিৰ অৱস্থা একে হ’ব পাৰেনে? সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই; কিন্তু সিহঁতৰ অধিকাংশই নাজানে।","footnotes":"","tafseer":"আল্লাহে মুশ্বিৰক আৰু তাওহীদপন্থী ব্যক্তিৰ বিষয়ে এটা উদাহৰণ দাঙি ধৰিছে। উদাহৰণস্বৰূপে এনেকুৱা এজন ব্যক্তি যাৰ কেইবাজনো মালিক আছে, যিসকলে পৰস্পৰে বিবাদ কৰে। এজনক সন্তুষ্ট কৰিলে আনজন অসন্তুষ্ট হৈ পৰে। ফলত সেই ব্যক্তিজন সদায় ভাৰাক্ৰান্ত, পৰিশ্ৰান্ত হৈ থাকে। আনহাতে এনেকুৱা এজন ব্যক্তি আছে, যাৰ মালিক কেৱল এজনেই। সেই ব্যক্তিয়ে নিজৰ মালিকৰ সকলো সংকেত বুজি পায়। ফলত ব্যক্তিজন সদায় শান্তিত থাকে। এই দুয়োজন ব্যক্তি কেতিয়াও সমান হ’ব নোৱাৰে। সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকেই নাজানে। এইকাৰণেই সিহঁতে আল্লাহৰ সৈতে অন্যান্য বস্তুক অংশীদাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039029.mp3"},{"index":"30","arabicText":"اِنَّكَ مَیِّتٌ وَّاِنَّهُمْ مَّیِّتُوْنَ ۟ؗ","assameseTranslation":"নিশ্চয় তুমি মৰণশীল আৰু সিহঁতেও মৰণশীল।","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চয় আপুনিও মৃত্যুবৰণ কৰিব আৰু সিহঁতেও মৃত্যুবৰণ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039030.mp3"},{"index":"31","arabicText":"ثُمَّ اِنَّكُمْ یَوْمَ الْقِیٰمَةِ عِنْدَ رَبِّكُمْ تَخْتَصِمُوْنَ ۟۠","assameseTranslation":"এতেকে কিয়ামতৰ দিনা নিশ্চয় তোমালোকে নিজ প্ৰতিপালকৰ সন্মুখত পৰস্পৰে বাক-বিতণ্ডা কৰিবা।","footnotes":"","tafseer":"ইয়াৰ পিছত হে মানৱজাতি! কিয়ামতৰ দিনা তোমালোকে নিজ প্ৰতিপালকৰ সন্মুখত সেইসমূহ বিষয়কলৈ বিতৰ্ক কৰিবা যিবোৰকলৈ তোমালোকে মতভেদ কৰিছিলা। তেতিয়া স্পষ্ট হৈ পৰিব, সত্যৰ ওপৰত কোন আৰু অসত্যৰ ওপৰত কোন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039031.mp3"},{"index":"32","arabicText":"فَمَنْ اَظْلَمُ مِمَّنْ كَذَبَ عَلَی اللّٰهِ وَكَذَّبَ بِالصِّدْقِ اِذْ جَآءَهٗ ؕ اَلَیْسَ فِیْ جَهَنَّمَ مَثْوًی لِّلْكٰفِرِیْنَ ۟","assameseTranslation":"এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা আৰোপ কৰে আৰু সত্য অহাৰ পিছতো তাক অস্বীকাৰ কৰে, সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? কাফিৰসকলৰ আবাসস্থল জাহান্নাম নহয়নে বাৰু?","footnotes":"","tafseer":"সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো হ’ব নোৱাৰে, যিয়ে আল্লাহৰ সৈতে অনুচিত বিষয়বোৰ সম্পৃক্ত কৰি কয় যে, তেওঁৰ অংশী আছে অথবা স্ত্ৰী আৰু সন্তানো আছে। এইদৰে সেই ব্যক্তিও মহা অন্যায়কাৰী, যিয়ে সেই অহীক অস্বীকাৰ কৰে যিটো ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ আহিছে। আল্লাহক অস্বীকাৰ কৰা তথা ৰাছুলে লৈ অহা চৰীয়তক নাকচ কৰা কাফিৰসকলৰ বাবে জাহান্নাম অন্তিম ঠিকনা তথা বাসস্থান নহয়নে?! কিয় নহয়, নিশ্চয় সিহঁতৰ ঠিকনা তথা বাসস্থান হৈছে জাহান্নাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039032.mp3"},{"index":"33","arabicText":"وَالَّذِیْ جَآءَ بِالصِّدْقِ وَصَدَّقَ بِهٖۤ اُولٰٓىِٕكَ هُمُ الْمُتَّقُوْنَ ۟","assameseTranslation":"আনহাতে যিয়ে সত্য লৈ আহিছে আৰু সত্যক সত্য বুলি মানি লৈছে, তেওঁলোকেই হৈছে মুত্তাক্বী।","footnotes":"","tafseer":"যিসকলে সত্যৰ ওপৰত আধাৰিত নবীসকলৰ কথা কৰ্মক মনে-প্ৰাণে বিশ্বাস কৰে আৰু সেইমতে আমল কৰে, তেওঁলোকেই হৈছে প্ৰকৃত মুত্ত্বাক্বী ব্যক্তি। তেওঁলোকেই নিজ প্ৰতিপালকৰ আদেশ পালন কৰে আৰু তেওঁ যি যি নিষেধ কৰিছে, সেইবোৰ পৰিত্যাগ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039033.mp3"},{"index":"34","arabicText":"لَهُمْ مَّا یَشَآءُوْنَ عِنْدَ رَبِّهِمْ ؕ ذٰلِكَ جَزٰٓؤُا الْمُحْسِنِیْنَ ۟ۚۖ","assameseTranslation":"তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত সেই সকলো বস্তু উপলব্ধ আছে যিটো তেওঁলোকে বিচাৰিব। এইটোৱেই হৈছে সৎকৰ্মশীল লোকৰ পুৰস্কাৰ।","footnotes":"","tafseer":"তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকে বিচৰা সকলো প্ৰকাৰৰ চিৰস্থায়ী সা-সুবিধা উপলব্ধ থাকিব। এইটোৱেই হৈছে সেই পুণ্যৱান লোকসকলৰ কৰ্মৰ প্ৰতিদান, যিসকলে সৃষ্টিকৰ্তাৰ সৈতে আৰু তেওঁৰ বান্দাসকলৰ সৈতে সদ্ব্যৱহাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039034.mp3"},{"index":"35","arabicText":"لِیُكَفِّرَ اللّٰهُ عَنْهُمْ اَسْوَاَ الَّذِیْ عَمِلُوْا وَیَجْزِیَهُمْ اَجْرَهُمْ بِاَحْسَنِ الَّذِیْ كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"কাৰণ তেওঁলোকে যিবোৰ অসৎকৰ্ম কৰিছিল আল্লাহে সেইবোৰ ক্ষমা কৰি দিব আৰু তেওঁলোকক তেওঁলোকৰ সৰ্বোত্তম কৰ্মৰ বাবে পুৰস্কৃত কৰিব।","footnotes":"","tafseer":"যাতে আল্লাহে তেওঁলোকৰ সেই সকলো পাপকৰ্ম ক্ষমা কৰি দিয়ে, যিবোৰ তেওঁলোকৰ দ্বাৰা পৃথিৱীত সংঘটিত হৈছিল, কাৰণ তেওঁলোকে ইয়াৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল আৰু নিজ প্ৰতিপালকৰ প্ৰতি উভতি আহিছিল। লগতে আল্লাহে তেওঁলোকক যাতে উত্তম প্ৰতিদান দিয়ে সেইসমূহ নেক কৰ্মৰ বিনিময়ত যিবোৰ তেওঁলোকে কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039035.mp3"},{"index":"36","arabicText":"اَلَیْسَ اللّٰهُ بِكَافٍ عَبْدَهٗ ؕ وَیُخَوِّفُوْنَكَ بِالَّذِیْنَ مِنْ دُوْنِهٖ ؕ وَمَنْ یُّضْلِلِ اللّٰهُ فَمَا لَهٗ مِنْ هَادٍ ۟ۚ","assameseTranslation":"আল্লাহ তেওঁৰ বান্দাৰ বাবে যথেষ্ট নহয়নে? অথচ সিহঁতে তোমাক আল্লাহৰ পৰিবৰ্তে আনৰ ভয় দেখুৱায়। আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে কোনো হিদায়তকাৰী নাই।","footnotes":"","tafseer":"মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ধাৰ্মিক আৰু পাৰ্থিৱ হিতসমূহক ৰক্ষা কৰিবলৈ আৰু তেওঁক শত্ৰুসকলৰ পৰা সুৰক্ষা দিবলৈ আল্লাহেই যথেষ্ট নহয়নে? কিয় নহয়, নিশ্চয় তেৱেঁই যথেষ্ট। হে ৰাছুল! ইহঁতে অজ্ঞানতা আৰু মুৰ্খতাৰ ফলত আপোনাক সিহঁতৰ মূৰ্ত্তিবোৰৰ পৰা ভয় দেখুৱায় যে, সেইবোৰে আপোনাক ক্ষতি কৰিব যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰে। আল্লাহে যাক নিলগীয়া কৰে তথা হিদায়তৰ তাওফীক নিদিয়ে, তাক কোনেও হিদায়ত দিব নোৱাৰে আৰু ইয়াৰ তাওফীকো দিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039036.mp3"},{"index":"37","arabicText":"وَمَنْ یَّهْدِ اللّٰهُ فَمَا لَهٗ مِنْ مُّضِلٍّ ؕ اَلَیْسَ اللّٰهُ بِعَزِیْزٍ ذِی انْتِقَامٍ ۟","assameseTranslation":"এইদৰে যাক আল্লাহে হিদায়ত কৰে, তাক পথভ্ৰষ্ট কৰিবলৈও কোনো নাই; তেন্তে আল্লাহ মহা পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী নহয়নে বাৰু?","footnotes":"","tafseer":"আল্লাহে যাক হিদায়তৰ তাওফীক প্ৰদান কৰে, তাক কোনেও পথভ্ৰষ্ট কৰিব নোৱাৰে। আল্লাহ মহাপৰাক্ৰমশালী নহয়নে? যাক কোনেও পৰাজিত কৰিব নোৱাৰে, আৰু তেওঁ হৈছে কুফৰী আৰু পাপকৰ্ম কৰা ব্যক্তিৰ পৰা প্ৰতিশোধ গ্ৰহণকাৰী। নিশ্চয়, ইয়াত কোনো সন্দেহ নাই। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039037.mp3"},{"index":"38","arabicText":"وَلَىِٕنْ سَاَلْتَهُمْ مَّنْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ لَیَقُوْلُنَّ اللّٰهُ ؕ قُلْ اَفَرَءَیْتُمْ مَّا تَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ اِنْ اَرَادَنِیَ اللّٰهُ بِضُرٍّ هَلْ هُنَّ كٰشِفٰتُ ضُرِّهٖۤ اَوْ اَرَادَنِیْ بِرَحْمَةٍ هَلْ هُنَّ مُمْسِكٰتُ رَحْمَتِهٖ ؕ قُلْ حَسْبِیَ اللّٰهُ ؕ عَلَیْهِ یَتَوَكَّلُ الْمُتَوَكِّلُوْنَ ۟","assameseTranslation":"আৰু তুমি যদি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে’? সিহঁতে নিশ্চয় ক’ব, ‘আল্লাহে’। কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি মোক অনিষ্ট কৰিব বিচাৰে তেন্তে তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে সেই অনিষ্ট দূৰ কৰিব পাৰিবনে? অথবা তেওঁ যদি মোৰ প্ৰতি অনুগ্ৰহ কৰিব বিচাৰে তেন্তে সিহঁতে সেই অনুগ্ৰহক ৰোধ কৰিব পাৰিবনে’? কোৱা, ‘মোৰ বাবে আল্লাহেই যথেষ্ট’। নিৰ্ভৰকাৰীসকলে তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰে।","footnotes":"","tafseer":"হে ৰাছুল! এই মুশ্বৰিকসকলক যদি আপুনি প্ৰশ্ন কৰে যে, আকাশমণ্ডল আৰু পৃথিৱীক কোনে সৃষ্টি কৰিছে, তেতিয়া সিহঁতে নিশ্চয় ক’বঃ সেইবোৰক আল্লাহেই সৃষ্টি কৰিছে। এতেকে আপুনি সিহঁতৰ উপাস্যবোৰৰ অপাৰগতা তথা দুৰ্বলতা প্ৰকাশ কৰি সিহঁতক কওক, তোমালোকে আল্লাহক এৰি যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা সেইবোৰৰ বিষয়ে কোৱাচোন, যদি আল্লাহে মোক কিবা ক্ষতি কৰিব বিচাৰে তেন্তে সেইবোৰে মোক সেই ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰিবনে? অথবা তেওঁ যদি মোৰ প্ৰতি দয়া কৰিব বিচাৰে তেন্তে সেইবোৰে মোৰ পৰা তেওঁৰ দয়াক প্ৰতিৰোধ কৰিব পাৰিবনে? আপুনি সিহঁতক কৈ দিয়ক, মোৰ বাবে একমাত্ৰ আল্লাহেই যথেষ্ট। মই সকলো কৰ্মতে একমাত্ৰ তেওঁৰ ওপৰতেই ভৰসা কৰোঁ। গতিকে ভৰসাকাৰীসকলে একমাত্ৰ তেওঁৰ ওপৰতেই ভৰসা কৰা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039038.mp3"},{"index":"39","arabicText":"قُلْ یٰقَوْمِ اعْمَلُوْا عَلٰی مَكَانَتِكُمْ اِنِّیْ عَامِلٌ ۚ فَسَوْفَ تَعْلَمُوْنَ ۟ۙ","assameseTranslation":"কোৱা, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ নিজ স্থানত কাম কৰি যোৱা, নিশ্চয় মই মোৰ কাম কৰি যাম। এতেকে শীঘ্ৰেই তোমালোকে (তোমালোকৰ পৰিণাম) জানিবলৈ পাবা,","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কওক, হে মোৰ জাতিৰ লোকসকল! তোমালোকে শ্বিৰ্কৰ যিটো অৱস্থাক পছন্দ কৰি লৈছা, সেইমতেই আমল কৰি থাকা। আনহাতে ময়ো মোৰ প্ৰতিপালকৰ আদেশ অনুযায়ী আমল কৰিম, লগতে মানুহক তাওহীদৰ পিনে আৰু নিৰ্ভেজাল ইবাদতৰ পিনে আহ্বান কৰি থাকিম। অনতিপলমে তোমালোকে জানিব পাৰিবা, কোন পথৰ কি পৰিণাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039039.mp3"},{"index":"40","arabicText":"مَنْ یَّاْتِیْهِ عَذَابٌ یُّخْزِیْهِ وَیَحِلُّ عَلَیْهِ عَذَابٌ مُّقِیْمٌ ۟","assameseTranslation":"‘কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু আপতিত হ’ব স্থায়ী শাস্তি’।","footnotes":"","tafseer":"তোমালোকে শীঘ্ৰেই গম পাবা পৃথিৱীত কাৰ ওপৰত অপমানকাৰী তথা লাঞ্ছনাকাৰী শাস্তি অৱতীৰ্ণ হ’ব আৰু আখিৰাতত অৱতীৰ্ণ হ’ব স্থায়ী শাস্তি। যি শাস্তি কেতিয়াও বিচ্ছিন্ন নহ’ব, আৰু সমাপ্তও নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039040.mp3"},{"index":"41","arabicText":"اِنَّاۤ اَنْزَلْنَا عَلَیْكَ الْكِتٰبَ لِلنَّاسِ بِالْحَقِّ ۚ فَمَنِ اهْتَدٰی فَلِنَفْسِهٖ ۚ وَمَنْ ضَلَّ فَاِنَّمَا یَضِلُّ عَلَیْهَا ۚ وَمَاۤ اَنْتَ عَلَیْهِمْ بِوَكِیْلٍ ۟۠","assameseTranslation":"নিশ্চয় আমি তোমাৰ প্ৰতি মানুহৰ বাবে যথাযথভাৱে কিতাব অৱতীৰ্ণ কৰিছোঁ, এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবেই কৰে আৰু যিয়ে বিপথগামী হয় সি নিজৰ ধ্বংসৰ বাবেই হয়, আৰু তুমি সিহঁতৰ ওপৰত তত্ত্বাৱধায়ক নহয়।","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চয় আমি আপোনাৰ প্ৰতি সত্য সহকাৰে এই কোৰআন মানুহৰ বাবে অৱতীৰ্ণ কৰিছোঁ, যাতে আপুনি সিহঁতক সতৰ্ক কৰে। এতেকে যিয়ে সৎপথ অৱলম্বন কৰিব, তাৰ এই সুপথ লাভ কৰাৰ উপকাৰ সি নিজেই ভোগ কৰিব। কাৰণ সি সুপথ লাভ কৰিলে আল্লাহৰ কোনো উপকাৰ নহ'ব। কিয়নো আল্লাহৰ বাবে এইবোৰৰ কোনো প্ৰয়োজন নাই। আনহাতে যিয়ে সঠিক পথৰ পৰা আঁতৰি যাব, এই বিভ্ৰান্ত হোৱাৰ ক্ষতি তাৰ নিজৰেই হ'ব। ইয়াৰ ফলত আল্লাহৰ কোনো ক্ষতি নহয়। পক্ষান্তৰে (হে ৰাছুল!) সঠিক পথ গ্ৰহণ কৰিবলৈ সিহঁতক বাধ্য কৰাৰো আপোনাৰ হাতত কোনো ক্ষমতা নাই। আপোনাৰ দায়িত্ব হৈছে কেৱল সেই বাৰ্তা পৌঁচাই দিয়া, যিটো পৌঁচাই দিবলৈ আপোনাক আদেশ দিয়া হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039041.mp3"},{"index":"42","arabicText":"اَللّٰهُ یَتَوَفَّی الْاَنْفُسَ حِیْنَ مَوْتِهَا وَالَّتِیْ لَمْ تَمُتْ فِیْ مَنَامِهَا ۚ فَیُمْسِكُ الَّتِیْ قَضٰی عَلَیْهَا الْمَوْتَ وَیُرْسِلُ الْاُخْرٰۤی اِلٰۤی اَجَلٍ مُّسَمًّی ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یَّتَفَكَّرُوْنَ ۟","assameseTranslation":"আল্লাহেই প্ৰাণীসকলৰ প্ৰাণ হৰণ কৰে সিহঁতৰ মৃত্যুৰ সময়ত, আৰু যিসকলে মৃত্যুবৰণ কৰা নাই সিহঁতৰো (প্ৰাণ হৰণ কৰে) নিদ্ৰা অৱস্থাত। তাৰ পিছত তেওঁ যাৰ বাবে মৃত্যুৰ সিদ্ধান্ত গ্ৰহণ কৰে, তাৰ প্ৰাণ তেওঁ ৰাখি দিয়ে আৰু আনবোৰক এৰি দিয়ে, এটা নিৰ্দিষ্ট সময়লৈকে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে গৱেষণা কৰে।","footnotes":"","tafseer":"আল্লাহেই সেইসমূহ প্ৰাণ হৰণ কৰি লয়, যিবোৰৰ নিৰ্ধাৰিত সময় সম্পূৰ্ণ হৈছে। আনহাতে যিবোৰৰ নিৰ্ধাৰিত সময় সম্পূৰ্ণ হোৱা নাই, সেইবোৰক তেৱেঁই আয়ত্বত ৰাখে টোপনিৰ সময়ত। এতেকে যিবোৰৰ ক্ষেত্ৰত তেওঁ মৃত্যুৰ সিদ্ধান্ত লৈছে সেইবোৰ প্ৰাণক তেওঁ ৰাখি দিয়ে, আৰু যিবোৰৰ বিষয়ে তেওঁ সিদ্ধান্ত লোৱা নাই সেইবোৰক তেওঁৰ জ্ঞান অনুসাৰে এটা নিৰ্দিষ্ট সময়লৈকে এৰি দিয়ে। নিশ্চয় এইবোৰৰ মাজত অৰ্থাৎ প্ৰাণবোৰক ধৰি ৰখা, এৰি দিয়া, তথা মৃত্যু প্ৰদান আৰু জীৱনদান আদিৰ মাজত সেইসকল লোকৰ বাবে আছে নিদৰ্শন, যিসকলে এই বিষয়লৈ চিন্তা-চৰ্চা কৰে যে, যি সত্ত্বাই এইবোৰ কৰিবলৈ সক্ষম তেওঁ নিশ্চয় হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে মানুহৰ মৃত্যুৰ পিছত সিহঁতক পুনৰুত্থিত কৰিবলৈও সক্ষম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039042.mp3"},{"index":"43","arabicText":"اَمِ اتَّخَذُوْا مِنْ دُوْنِ اللّٰهِ شُفَعَآءَ ؕ قُلْ اَوَلَوْ كَانُوْا لَا یَمْلِكُوْنَ شَیْـًٔا وَّلَا یَعْقِلُوْنَ ۟","assameseTranslation":"তেন্তে সিহঁতে আল্লাহৰ বাহিৰে আনক চুপাৰিছকাৰী বনাই লৈছে নেকি? কোৱা, ‘সিহঁতৰ কোনো ক্ষমতা নাথাকিলেও আৰু সিহঁতে একো বুজি নাপালেও (তোমালোকে সিহঁতক মধ্যস্থতাকাৰী বনাই লবানে)’?","footnotes":"","tafseer":"মুশ্বৰিকসকলে সিহঁতৰ কিছুমান মূৰ্ত্তিক মধ্যস্ততাকাৰী বনাই লৈছে, সিহঁতে আল্লাহৰ বাহিৰে সেইবোৰৰ ওচৰতেই উপকাৰ কামনা কৰে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, যদি তোমালোকৰ বাবে অথবা সিহঁতৰ নিজৰ বাবে এইবোৰৰ কিবা কৰাৰ ক্ষমতা নাথাকে নাইবা এইবোৰে যদি একো বুজিও নাপায়, তথাপিও তোমালোকে এইবোৰক নিজৰ মধ্যস্ততাকাৰী বুলি গ্ৰহণ কৰিবা নেকি? তেন্তে জানি থোৱা! এইবোৰ হৈছে চেতনাহীন জড় পদাৰ্থ মাত্ৰ, যিবোৰে কথাও ক'ব নোৱাৰে, শুনিবও নোৱাৰে, দেখিবও নোৱাৰে আৰু উপকাৰ বা অপকাৰ কৰাৰো সিহঁতৰ কোনো ক্ষমতা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039043.mp3"},{"index":"44","arabicText":"قُلْ لِّلّٰهِ الشَّفَاعَةُ جَمِیْعًا ؕ لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ ثُمَّ اِلَیْهِ تُرْجَعُوْنَ ۟","assameseTranslation":"কোৱা, ‘সকলো ধৰণৰ মধ্যস্থতা কেৱল আল্লাহৰেই অধীনস্থ, আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব তেওঁৰেই, তাৰ পিছত তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰোৱা হ’ব’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, শ্বাফাআতৰ সম্পূৰ্ণ অধিকাৰ হৈছে একমাত্ৰ আল্লাহৰ হাতত। তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত কোনেও শ্বাফাআত কৰিব নোৱাৰে। আনহাতে শ্বাফাআত গ্ৰহণযোগ্য হ’ব কেৱল সেই ব্যক্তিৰ সপক্ষে, যাৰ ওপৰত আল্লাহ সন্তুষ্ট। আকাশমণ্ডল আৰু পৃথিৱীৰ ক্ষমতাধৰ একমাত্ৰ তেৱেঁই। ইয়াৰ পিছত কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে তোমালোকে একমাত্ৰ তেওঁৰ ওচৰলৈকেই উভতি যাব লাগিব। তেৱেঁই তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039044.mp3"},{"index":"45","arabicText":"وَاِذَا ذُكِرَ اللّٰهُ وَحْدَهُ اشْمَاَزَّتْ قُلُوْبُ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ ۚ وَاِذَا ذُكِرَ الَّذِیْنَ مِنْ دُوْنِهٖۤ اِذَا هُمْ یَسْتَبْشِرُوْنَ ۟","assameseTranslation":"আৰু যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয় তেতিয়া যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতৰ অন্তৰ বিতৃষ্ণাত সংকুচিত হয়। কিন্তু আল্লাহৰ পৰিবৰ্তে আন উপাস্যবোৰৰ কথা উল্লেখ কৰা হ’লে তেতিয়াই সিহঁতে আনন্দত উৎফুল্লিত হয়।","footnotes":"","tafseer":"যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয়, তেতিয়া সেইসকল মুশ্বৰিকৰ অন্তৰ সংকীৰ্ণ হৈ পৰে, যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে তথা পুনৰুত্থান, হিচাপ-নিকাচ আৰু প্ৰতিদানকো বিশ্বাস নকৰে। পক্ষান্তৰে যেতিয়া সেই মূৰ্ত্তিবোৰৰ বিষয়ে উল্লেখ কৰা হয় যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰে, তেতিয়া সিহঁত আনন্দিত হৈ পৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039045.mp3"},{"index":"46","arabicText":"قُلِ اللّٰهُمَّ فَاطِرَ السَّمٰوٰتِ وَالْاَرْضِ عٰلِمَ الْغَیْبِ وَالشَّهَادَةِ اَنْتَ تَحْكُمُ بَیْنَ عِبَادِكَ فِیْ مَا كَانُوْا فِیْهِ یَخْتَلِفُوْنَ ۟","assameseTranslation":"কোৱা, ‘হে আল্লাহ, আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা, প্ৰকাশ্য আৰু অপ্ৰকাশ্য বিষয়াদিৰ জ্ঞানী, নিশ্চয় তুমিয়ে তোমাৰ বান্দাসকলৰ মাজত সেই বিষয়ে ফয়চালা কৰি দিবা যি বিষয়ত সিহঁতে মতবিৰোধ কৰি আছে’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কওক, হে আল্লাহ! তুমিয়েই পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, প্ৰকাশ্য অপ্ৰকাশ্য সম্পৰ্কে সৰ্বজ্ঞ, তোমাৰ পৰা কোনো বস্তুৱেই গোপন নহয়, একমাত্ৰ তুমিয়েই কিয়ামতৰ দিনা বান্দাসকলৰ মাজত মীমাংসা কৰিবা, যিবোৰ বিষয়কলৈ সিহঁতে পৃথিৱীত মতানৈক্য কৰিছিল। এতেকে সেইদিনা তুমিয়েই সত্য আৰু অসত্যৰ মাজত, তথা সৌভাগ্যশালী আৰু দুৰ্ভগীয়াৰ মাজত পাৰ্থক্য কৰি দিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039046.mp3"},{"index":"47","arabicText":"وَلَوْ اَنَّ لِلَّذِیْنَ ظَلَمُوْا مَا فِی الْاَرْضِ جَمِیْعًا وَّمِثْلَهٗ مَعَهٗ لَافْتَدَوْا بِهٖ مِنْ سُوْٓءِ الْعَذَابِ یَوْمَ الْقِیٰمَةِ ؕ وَبَدَا لَهُمْ مِّنَ اللّٰهِ مَا لَمْ یَكُوْنُوْا یَحْتَسِبُوْنَ ۟","assameseTranslation":"আৰু যিসকলে সীমালংঘন কৰিছে, পৃথিৱীত থকা সকলো বস্তু যদি সিহঁতৰ হৈ যায়, লগতে ইয়াৰ সমপৰিমাণ বস্তুও যদি সিহঁতৰ থাকে, তেন্তে কিয়ামতৰ দিনা কঠিন শাস্তিৰ পৰা ৰক্ষা পাবলৈ মুক্তিপণস্বৰূপে সেই সকলো সিহঁতে দিবলৈ সাজু হ'ব, আৰু সিহঁতৰ বাবে আল্লাহৰ তৰফৰ পৰা এনেকুৱা কিবা প্ৰকাশিত হ’ব যিটো সিহঁতে কল্পনাও কৰিব পৰা নাই।","footnotes":"","tafseer":"যিসকলে শ্বিৰ্ক আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে, পৃথিৱীৰ সকলো মূল্যৱান সা-সম্পদ, আনকি তাতোকৈও দ্বিগুণ সম্পদ যদি সিহঁতৰ হৈ যায়, সেই সকলো সা-সম্পদ সিহঁতে সেই কঠিন শাস্তিৰ পৰা বাচিবলৈ মুক্তিপণ হিচাপে দিব বিচাৰিব, যি শাস্তি সিহঁতে মৃত্যুৰ পিছত প্ৰত্যক্ষ কৰিব। যদিও সেইবোৰ সা-সম্পদ সিহঁতৰ হোৱাটো অসম্ভৱ। আনহাতে ধৰি লোৱা হ’ল যে, সেইবোৰ যদি সিহঁতৰ হয়ো যায়, তথাপিও মুক্তিপণ হিচাপে সেইবোৰ সিহঁতৰ পৰা গ্ৰহণ কৰা নহ’ব। আল্লাহৰ ফালৰ পৰা সিহঁতক বিভিন্ন প্ৰকাৰৰ শাস্তি বিহা হ’ব, যিবোৰ সিহঁতে কল্পনাও কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039047.mp3"},{"index":"48","arabicText":"وَبَدَا لَهُمْ سَیِّاٰتُ مَا كَسَبُوْا وَحَاقَ بِهِمْ مَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে যি কৰ্ম কৰিছিল তাৰেই বেয়া পৰিণাম সিহঁতৰ ওচৰত প্ৰকাশ হৈ পৰিব, আৰু সিহঁতে যিটো বিষয়কলৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিব।","footnotes":"","tafseer":"সিহঁতে কৰা গুনাহ আৰু শ্বিৰ্কৰ দুষ্পৰিণাম সিহঁতৰ সন্মুখত উপস্থাপন কৰা হ’ব, আৰু সিহঁতক সেই শাস্তিয়ে পৰিবেষ্টন কৰিব যি শাস্তিৰ পৰা পৃথিৱীত সিহঁতক সতৰ্ক কৰা হৈছিল, কিন্তু সিহঁতে সেই শাস্তিৰ বিষয়ে শুনি উপহাস কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039048.mp3"},{"index":"49","arabicText":"فَاِذَا مَسَّ الْاِنْسَانَ ضُرٌّ دَعَانَا ؗ ثُمَّ اِذَا خَوَّلْنٰهُ نِعْمَةً مِّنَّا ۙ قَالَ اِنَّمَاۤ اُوْتِیْتُهٗ عَلٰی عِلْمٍ ؕ بَلْ هِیَ فِتْنَةٌ وَّلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"এতেকে যেতিয়া কোনো বিপদ-আপদে মানুহক স্পৰ্শ কৰে, তেতিয়া সি কেৱল মোকেই আহ্বান কৰে, তাৰ পিছত যেতিয়া আমি তাক আমাৰ কোনো নিয়ামতৰ অধিকাৰী কৰোঁ তেতিয়া সি কয়, ‘এইটো মোক কেৱল মোৰ জ্ঞানৰ কাৰণেহে দিয়া হৈছে’। বৰং এইটো এটা পৰীক্ষা, কিন্তু সিহঁতৰ সৰহভাগেই সেয়া নাজানে।","footnotes":"","tafseer":"কোনো কাফিৰ ব্যক্তিয়ে যেতিয়া কোনো বেমাৰ-আজাৰ অথবা দৰিদ্ৰতা আদিত আক্ৰান্ত হয়, তেতিয়া সি সেই বিপদ দূৰ কৰিবলৈ আমাৰ ওচৰত প্ৰাৰ্থনা কৰে। ইয়াৰ পিছত যেতিয়া আমি তাক সুস্বাস্থ্য আৰু ধন-সম্পদ আদি দান কৰোঁ, তেতিয়া সি কয়ঃ “আল্লাহে মোক এইবোৰ এইকাৰণে দান কৰিছে যে, মই এইবোৰৰ প্ৰকৃত উপযুক্ত”। দৰাচলতে এইটো হৈছে আল্লাহৰ ফালৰ পৰা পৰীক্ষা তথা অৱকাশহে। কিন্তু অধিকাংশ কাফিৰসকলেই এই বিষয়ে অৱগত নহয়। সেইকাৰণেই সিহঁতে আল্লাহৰ নিয়ামতসমূহকলৈ প্ৰবঞ্চিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039049.mp3"},{"index":"50","arabicText":"قَدْ قَالَهَا الَّذِیْنَ مِنْ قَبْلِهِمْ فَمَاۤ اَغْنٰی عَنْهُمْ مَّا كَانُوْا یَكْسِبُوْنَ ۟","assameseTranslation":"নিশ্চয় সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এইটোৱেই কৈছিল, কিন্তু সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।","footnotes":"","tafseer":"সিহঁতৰ পূৰ্বেও কাফিৰসকলে এই কথাষাৰকে কৈছিল। কিন্তু সিহঁতৰ সেই উপাৰ্জিত ধন-সম্পদ আৰু পদমৰ্যাদা আদি কোনো কামত অহা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039050.mp3"},{"index":"51","arabicText":"فَاَصَابَهُمْ سَیِّاٰتُ مَا كَسَبُوْا ؕ وَالَّذِیْنَ ظَلَمُوْا مِنْ هٰۤؤُلَآءِ سَیُصِیْبُهُمْ سَیِّاٰتُ مَا كَسَبُوْا ۙ وَمَا هُمْ بِمُعْجِزِیْنَ ۟","assameseTranslation":"এতেকে সিহঁতৰ কৃতকৰ্মৰ বেয়া পৰিণাম সিহঁতৰ ওপৰতেই আপতিত হৈছে; আৰু ইহঁতৰ মাজৰ যিসকলে যুলুম কৰে, ইহঁতৰ ওপৰতো শীঘ্ৰেই ইহঁতৰ কৃতকৰ্মৰ বেয়া পৰিণাম আপতিত হ’ব, আৰু ইহঁতে (সেই শাস্তিক কেতিয়াও) ৰোধ কৰিব নোৱাৰিব।","footnotes":"","tafseer":"এতেকে সিহঁতে কৰা গুনাহ আৰু শ্বিৰ্কৰ পৰিণামে সিহঁতক আগুৰি ধৰিছিল। গতিকে গুনাহ আৰু শ্বিৰ্কৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰা এই উপস্থিত লোকসকলকো পূৰ্বৱৰ্তী লোকসকলৰ দৰে ইহঁতৰ কৃতকৰ্মৰ পৰিণামে ইহঁতক আৱৰি ধৰিব। এই লোকসকলে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষাও পাব নোৱাৰে আৰু তেওঁক বিৱশ কৰিবও নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039051.mp3"},{"index":"52","arabicText":"اَوَلَمْ یَعْلَمُوْۤا اَنَّ اللّٰهَ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ وَیَقْدِرُ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یُّؤْمِنُوْنَ ۟۠","assameseTranslation":"সিহঁতে নাজানে নেকি যে, আল্লাহে যাৰ বাবে ইচ্ছা কৰে তাৰ বাবে জীৱিকা প্ৰশস্ত কৰি দিয়ে আৰু সংকুচিতও কৰি দিয়ে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।","footnotes":"","tafseer":"এই মুশ্বৰিকসকলে এই কথা কোৱাৰ আগতে এই তথ্যৰ প্ৰতি লক্ষ্য কৰা নাই নেকি যে, আল্লাহে যাক ইচ্ছা কৰে পৰীক্ষা কৰাৰ বাবে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে, সি কৃতজ্ঞতা স্বীকাৰ কৰে নে নকৰে? আনহাতে কাৰোবাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে এই পৰীক্ষা কৰিবলৈ যে, সি ধৈৰ্য্য ধাৰণ কৰে নে আল্লাহৰ তাকদীৰকলৈ অসন্তুষ্ট হয়? নিশ্চিতৰূপে জীৱিকাৰ প্ৰশস্ততা আৰু ইয়াৰ সংকীৰ্ণতাৰ মাজত সেইসকল লোকৰ বাবে আছে শিক্ষা, যিসকলে ঈমান পোষণ কৰে। কাৰণ তেওঁলোকেই এইবোৰ শিক্ষাৰ দ্বাৰা উপকৃত হয়। আনহাতে কাফিৰসকলে এইবোৰৰ পৰা বিমুখ হৈ পাৰ হৈ যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039052.mp3"},{"index":"53","arabicText":"قُلْ یٰعِبَادِیَ الَّذِیْنَ اَسْرَفُوْا عَلٰۤی اَنْفُسِهِمْ لَا تَقْنَطُوْا مِنْ رَّحْمَةِ اللّٰهِ ؕ اِنَّ اللّٰهَ یَغْفِرُ الذُّنُوْبَ جَمِیْعًا ؕ اِنَّهٗ هُوَ الْغَفُوْرُ الرَّحِیْمُ ۟","assameseTranslation":"(সিহঁতক) জনাই দিয়া, ‘হে মোৰ বান্দাসকল! তোমালোকৰ মাজৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা (কেতিয়াও) নিৰাশ নহ’বা, নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি মোৰ সেই বান্দাসকলক কৈ দিয়ক, যিসকলে শ্বিৰ্কত লিপ্ত হৈ অথবা গুনাহত পতিত হৈ সীমালঙ্ঘন কৰি নিজৰ ওপৰত অন্যায় কৰিছেঃ তোমালোকে আল্লাহৰ ৰহমতৰ পৰা আৰু তোমালোকৰ গুনাহৰ মাগফিৰাতৰ পৰা নিৰাশ নহ’বা। নিঃসন্দেহে আল্লাহে প্ৰত্যেক সেই ব্যক্তিৰ গুনাহ ক্ষমা কৰি দিয়ে, যিয়ে তেওঁৰ ওচৰত তাওবা কৰে। নিশ্চয় তেওঁ তাওবাকাৰী ব্যক্তিসকলৰ প্ৰতি ক্ষমাশীল, তেওঁলোকৰ প্ৰতি দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039053.mp3"},{"index":"54","arabicText":"وَاَنِیْبُوْۤا اِلٰی رَبِّكُمْ وَاَسْلِمُوْا لَهٗ مِنْ قَبْلِ اَنْ یَّاْتِیَكُمُ الْعَذَابُ ثُمَّ لَا تُنْصَرُوْنَ ۟","assameseTranslation":"আৰু তোমালোকে নিজ প্ৰতিপালকৰ অভিমুখী হোৱা আৰু তোমালোকৰ ওপৰত শাস্তি অহাৰ আগতেই তোমালোকে তেওঁৰ ওচৰত আত্মসমৰ্পন কৰা, ইয়াৰ পিছত কিন্তু তোমালোকক সহায় কৰা নহ’ব।","footnotes":"","tafseer":"তাওবা আৰু সৎকৰ্মৰ জৰিয়তে নিজ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা, আৰু তেওঁৰ আদেশ মতে আমল কৰা। কিয়ামত দিৱসৰ শাস্তি অহাৰ পূৰ্বেই এইবোৰ আমল কৰা। তেতিয়া কিন্তু তোমালোকে তোমালোকৰ মূৰ্ত্তিবোৰক আৰু নিজৰ পৰিয়ালক বিচাৰি নাপাবা যে, তোমালোকক শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039054.mp3"},{"index":"55","arabicText":"وَاتَّبِعُوْۤا اَحْسَنَ مَاۤ اُنْزِلَ اِلَیْكُمْ مِّنْ رَّبِّكُمْ مِّنْ قَبْلِ اَنْ یَّاْتِیَكُمُ الْعَذَابُ بَغْتَةً وَّاَنْتُمْ لَا تَشْعُرُوْنَ ۟ۙ","assameseTranslation":"আৰু তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি যি উত্তম (গ্ৰন্থ) অৱতীৰ্ণ কৰা হৈছে, তোমালোকৰ ওপৰত অতৰ্কিতভাৱে শাস্তি অহাৰ পূৰ্বেই তোমালোকে তাৰ অনুসৰণ কৰা, অন্যথা (যেতিয়া সেই শাস্তি আহিব) তোমালোকে উপলব্ধিও কৰিব নোৱাৰিবা।","footnotes":"","tafseer":"তথা সেই কোৰআনৰ অনুসৰণ কৰা, যিখন হৈছে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ হোৱা সৰ্বোত্তম বাণী, এইখন তেওঁৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ হৈছে। এতেকে তোমালোকে ইয়াৰ আদেশসমূহ পালন কৰা আৰু ইয়াত বৰ্ণিত নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থকা। সেই শাস্তি অহাৰ পূৰ্বেই যিটো আকস্মিক আহিব, তোমালোকে অনুমানো কৰিব নোৱাৰিবা। লগতে তাওবা কৰি ইয়াৰ বাবে প্ৰস্তুতিও ল’ব নোৱাৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039055.mp3"},{"index":"56","arabicText":"اَنْ تَقُوْلَ نَفْسٌ یّٰحَسْرَتٰی عَلٰی مَا فَرَّطْتُ فِیْ جَنْۢبِ اللّٰهِ وَاِنْ كُنْتُ لَمِنَ السّٰخِرِیْنَ ۟ۙ","assameseTranslation":"পিছত যাতে কোনোৱেই ক'বলগীয়া নহয় যে, ‘হায় মোৰ দুৰ্ভাগ্য! আল্লাহৰ প্ৰতি থকা মোৰ কৰ্তব্যত মই অৱহেলা কৰিছিলোঁ! আৰু মই উপহাসকাৰী বিলাকৰ অন্তৰ্ভুক্ত আছিলোঁ’।","footnotes":"","tafseer":"এইবোৰ কাম সুচাৰুৰূপে পালন কৰা। অন্যথা কিয়ামতৰ দিনা চৰম লজ্জিত হৈ ক’ব লাগিব যে, হায় আফচোচ! কুফৰী আৰু গুনাহৰ কামত লিপ্ত থাকি মই আল্লাহৰ অবাধ্যতা কৰিছিলোঁ, লগতে মুমিনসকলক তথা আনুগত্যকাৰীসকলক উপহাস কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039056.mp3"},{"index":"57","arabicText":"اَوْ تَقُوْلَ لَوْ اَنَّ اللّٰهَ هَدٰىنِیْ لَكُنْتُ مِنَ الْمُتَّقِیْنَ ۟ۙ","assameseTranslation":"অথবা এনেকৈও যাতে ক'বলগীয়া নহয়, ‘হায়! আল্লাহে যদি মোক হিদায়ত কৰিলেহেঁতেন তেন্তে নিশ্চয় মই মুত্তাক্বীসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন!’","footnotes":"","tafseer":"অথবা ভাগ্যক জগৰীয়া কৰি যাতে ক’বলগীয়া নহয় যে, যদি আল্লাহে মোক তাওফীক দিলেহেঁতেন তেন্তে ময়ো মুত্ত্বাক্বীসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন। তেওঁৰ আদেশ পালন কৰিলোঁহেঁতেন আৰু তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকিলোঁহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039057.mp3"},{"index":"58","arabicText":"اَوْ تَقُوْلَ حِیْنَ تَرَی الْعَذَابَ لَوْ اَنَّ لِیْ كَرَّةً فَاَكُوْنَ مِنَ الْمُحْسِنِیْنَ ۟","assameseTranslation":"অথবা শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত যাতে কোনোৱেই ক'বলগীয়া নহয়, ‘হায়! যদি মই এবাৰ উভতি যাব পাৰিলোঁহেঁতেন, তেন্তে মই সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন!’","footnotes":"","tafseer":"অথবা শাস্তি দেখিও যাতে এইদৰে ক’বলগীয়া নহয় যে, হায়! যদি মই পৃথিৱীলৈ উভতি যাব পাৰিলোঁহেতেন তেন্তে নিশ্চয় আল্লাহৰ ওচৰত তাওবা কৰিলোঁহেঁতেন। লগতে সেইসকল লোকৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন, যিসকলে সৎকৰ্ম কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039058.mp3"},{"index":"59","arabicText":"بَلٰی قَدْ جَآءَتْكَ اٰیٰتِیْ فَكَذَّبْتَ بِهَا وَاسْتَكْبَرْتَ وَكُنْتَ مِنَ الْكٰفِرِیْنَ ۟","assameseTranslation":"(আল্লাহে ক’ব) হয়, নিশ্চয় তোমাৰ ওচৰলৈ মোৰ নিদৰ্শন আহিছিল, কিন্তু তুমি সেইবোৰক অস্বীকাৰ কৰিছিলা আৰু অহংকাৰ কৰিছিলা; আৰু তুমি আছিলা কাফিৰবিলাকৰ অন্তৰ্ভুক্ত।","footnotes":"","tafseer":"তোমাৰ এই হিদায়ত কামনা কৰাটো তেনেকুৱা নহয় যিদৰে তুমি ধাৰণা কৰিছা। কাৰণ তোমাৰ ওচৰলৈ মোৰ নিদৰ্শনসমূহ আহিছিল, কিন্তু তুমি অহংকাৰ কৰি সেইবোৰক অস্বীকাৰ কৰিছিলা। আল্লাহৰ লগত কুফৰী কৰিছিলা, তেওঁৰ আয়াতসমূহক আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039059.mp3"},{"index":"60","arabicText":"وَیَوْمَ الْقِیٰمَةِ تَرَی الَّذِیْنَ كَذَبُوْا عَلَی اللّٰهِ وُجُوْهُهُمْ مُّسْوَدَّةٌ ؕ اَلَیْسَ فِیْ جَهَنَّمَ مَثْوًی لِّلْمُتَكَبِّرِیْنَ ۟","assameseTranslation":"আৰু যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে, তুমি কিয়ামতৰ দিনা দেখিবা সিহঁতৰ মুখ ক’লা পৰিছে। অহংকাৰীবিলাকৰ আবাসস্থল জাহান্নাম নহয়নে বাৰু?","footnotes":"","tafseer":"আপুনি দেখিবলৈ পাব কিয়ামতৰ দিনা সেইসকল লোকৰ মুখমণ্ডল ক’লা পৰিব, যিসকলে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি তথা তেওঁৰ সৈতে সন্তানৰ বিষয়টো সম্পৃক্ত কৰি মিছা প্ৰচাৰ কৰিছে। এইটো দৰাচলতে সিহঁতৰ দুৰ্ভগীয়া হোৱাৰ প্ৰমাণ। আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত অহংকাৰ কৰা লোকসকলৰ ঠিকনা জাহান্নাম নহয়নে? নিশ্চয়, সেইখনেই হৈছে সিহঁতৰ ঠিকনা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039060.mp3"},{"index":"61","arabicText":"وَیُنَجِّی اللّٰهُ الَّذِیْنَ اتَّقَوْا بِمَفَازَتِهِمْ ؗ لَا یَمَسُّهُمُ السُّوْٓءُ وَلَا هُمْ یَحْزَنُوْنَ ۟","assameseTranslation":"আৰু যিসকলে তাক্বৱা অৱলম্বন কৰিছে, আল্লাহে তেওঁলোকক সফলতাৰে উদ্ধাৰ কৰিব, তেওঁলোকক কোনো অমঙ্গলে স্পৰ্শ কৰিব নোৱাৰিব আৰু তেওঁলোক চিন্তিতও নহ’ব।","footnotes":"","tafseer":"আল্লাহে সেইসকল লোকক শাস্তিৰ পৰা ৰক্ষা কৰিব, যিসকলে তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল। তেওঁ সেইসকল লোকক সফলতাৰ স্থানত অৰ্থাৎ জান্নাতত প্ৰৱেশ কৰাব। য’ত তেওঁলোকক কোনো শাস্তিয়ে স্পৰ্শ কৰিব নোৱাৰিব। তথা পৃথিৱীত এৰি থৈ যোৱা ভোগ সামগ্ৰীকলৈও চিন্তিত নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039061.mp3"},{"index":"62","arabicText":"اَللّٰهُ خَالِقُ كُلِّ شَیْءٍ ؗ وَّهُوَ عَلٰی كُلِّ شَیْءٍ وَّكِیْلٌ ۟","assameseTranslation":"আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা আৰু তেৱেঁই সকলো বস্তুৰ তত্ত্বাৱধায়ক।","footnotes":"","tafseer":"তেৱেঁই প্ৰত্যেক বস্তুৰ সৃষ্টিকৰ্তা। তেওঁৰ বাহিৰে আন কোনো সৃষ্টিকৰ্তা নাই। তেৱেঁই প্ৰত্যেক বস্তুৰ সংৰক্ষক। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে। যিদৰে বিচাৰে সেইদৰেই পৰাচালনা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039062.mp3"},{"index":"63","arabicText":"لَهٗ مَقَالِیْدُ السَّمٰوٰتِ وَالْاَرْضِ ؕ وَالَّذِیْنَ كَفَرُوْا بِاٰیٰتِ اللّٰهِ اُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ۟۠","assameseTranslation":"আকাশসমূহ আৰু পৃথিৱীৰ চাবিসমূহ তেওঁৰ ওচৰতেই। যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে, সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীৰ ধন ভাণ্ডাৰৰ চাবিকাঠি হৈছে একমাত্ৰ তেওঁৰেই হাতত। তেওঁ যাক ইচ্ছা কৰে তাকেই ধন-সম্পদ দান কৰে, আৰু যাক ইচ্ছা কৰে তাক ইয়াৰ পৰা বঞ্চিত কৰে। এতেকে যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হৈছে প্ৰকৃত ক্ষতিগ্ৰস্ত। কিয়নো সিহঁতে পাৰ্থিৱ জীৱনত ঈমানৰ পৰা বঞ্চিত আছিল, সেইকাৰণে সিহঁতে আখিৰাতত জাহান্নামত প্ৰৱেশ কৰিব, য’ত সিহঁতে চিৰকাল থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039063.mp3"},{"index":"64","arabicText":"قُلْ اَفَغَیْرَ اللّٰهِ تَاْمُرُوْٓنِّیْۤ اَعْبُدُ اَیُّهَا الْجٰهِلُوْنَ ۟","assameseTranslation":"কোৱা, ‘হে অজ্ঞসকল! তোমালোকে মোক আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰিবলৈ নিৰ্দেশ দিয়া নেকি’?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, যিসকলে আপোনাক সিহঁতৰ মূৰ্ত্তিৰ পূজা-অৰ্চনা কৰিবলৈ প্ৰৰোচনা দিয়ে, হে প্ৰতিপালক সম্পৰ্কে অজ্ঞসকল! তোমালোকে মোক আল্লাহৰ বাহিৰে আনৰ পূজা পাঠ কৰিবলৈ কোৱা নেকি? তেন্তে শুনা! একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনেও ইবাদতৰ যোগ্য নহয়। গতিকে তেওঁৰ বাহিৰে মই আন কাৰো ইবাদত নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039064.mp3"},{"index":"65","arabicText":"وَلَقَدْ اُوْحِیَ اِلَیْكَ وَاِلَی الَّذِیْنَ مِنْ قَبْلِكَ ۚ لَىِٕنْ اَشْرَكْتَ لَیَحْبَطَنَّ عَمَلُكَ وَلَتَكُوْنَنَّ مِنَ الْخٰسِرِیْنَ ۟","assameseTranslation":"নিশ্চয় তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তীসকলৰ প্ৰতি অহী কৰা হৈছে যে, ‘যদি তুমি শ্বিৰ্ক কৰা তেন্তে তোমাৰ সকলো আমল নিষ্ফল হৈ যাব আৰু নিশ্চয় তুমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’বা।","footnotes":"","tafseer":"হে ৰাছুল! আল্লাহে আপোনাৰ প্ৰতি আৰু আপোনাৰ পূৰ্বে অহা ৰাছুলসকলৰ প্ৰতি এই অহী প্ৰেৰণ কৰিছে যে, যদি আপুনি আল্লাহৰ সৈতে আনৰ ইবাদত কৰে তেন্তে আপোনাৰ সকলো নেক কৰ্মৰ ছোৱাব বিনষ্ট হৈ যাব। তথা আপুনি পৃথিৱীত ক্ষতিগ্ৰস্তসকলৰ তালিকাভুক্ত হ’ব, কাৰণ আপুনি দ্বীন পালনত বিফল হৈছে, আৰু আখিৰাতত শাস্তিৰ সন্মুখীন হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039065.mp3"},{"index":"66","arabicText":"بَلِ اللّٰهَ فَاعْبُدْ وَكُنْ مِّنَ الشّٰكِرِیْنَ ۟","assameseTranslation":"‘বৰং তুমি কেৱল আল্লাহৰেই ইবাদত কৰা আৰু কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হোৱা’।","footnotes":"","tafseer":"বৰং আপুনি এককভাৱে আল্লাহৰ ইবাদত কৰক, তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰিব। লগতে তেওঁ আপোনাক যিবোৰ নিয়ামত দান কৰিছে সেইবোৰৰ বাবে তেওঁৰ কৃতজ্ঞতা স্বীকাৰ কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039066.mp3"},{"index":"67","arabicText":"وَمَا قَدَرُوا اللّٰهَ حَقَّ قَدْرِهٖ ۖۗ وَالْاَرْضُ جَمِیْعًا قَبْضَتُهٗ یَوْمَ الْقِیٰمَةِ وَالسَّمٰوٰتُ مَطْوِیّٰتٌ بِیَمِیْنِهٖ ؕ سُبْحٰنَهٗ وَتَعٰلٰی عَمَّا یُشْرِكُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে আল্লাহক যথোচিত সন্মান কৰা নাই, অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী থাকিব তেওঁৰ হাতৰ মুঠিত আৰু আকাশসমূহ তেওঁৰ সোঁ হাতত মেৰিয়াই থোৱা অৱস্থাত থাকিব। পৱিত্ৰ আৰু মহান তেওঁ, (আনহাতে) সিহঁতে যিবোৰক অংশী স্থাপন কৰে তেওঁ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।","footnotes":"","tafseer":"আল্লাহক যিদৰে সন্মান কৰা উচিত, মুশ্বৰিকসকলে সেইদৰে সন্মান কৰা নাই। কাৰণ সিহঁতে তেওঁৰ দুৰ্বল সৃষ্টিবোৰকো তেওঁৰ অংশী স্থাপন কৰি লৈছে। আনহাতে আল্লাহৰ মহান ক্ষমতাৰ নিদৰ্শনবোৰক আওকাণ কৰিছে, অথচ তেওঁৰ ক্ষমতাৰ এটা প্ৰমাণ হৈছে এই যে, তেওঁ কিয়ামতৰ দিনা বিশাল পৰ্বতসমূহ, নদ-নদী আৰু সাগৰ-মহাসাগৰসমূহ থকা সত্তেও এই পৃথিৱীক নিজৰ হাতৰ মুঠিত ল’ব। আনহাতে সাতখন আকাশক তেওঁ নিজৰ সোঁহাতত মেৰিয়াই ল’ব। তেওঁ মহা পৱিত্ৰ তথা সুউচ্চ সেই সকলো বিষয়ৰ পৰা যিবোৰ মুশ্বৰিকসকলে কয় আৰু বিশ্বাস কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039067.mp3"},{"index":"68","arabicText":"وَنُفِخَ فِی الصُّوْرِ فَصَعِقَ مَنْ فِی السَّمٰوٰتِ وَمَنْ فِی الْاَرْضِ اِلَّا مَنْ شَآءَ اللّٰهُ ؕ ثُمَّ نُفِخَ فِیْهِ اُخْرٰی فَاِذَا هُمْ قِیَامٌ یَّنْظُرُوْنَ ۟","assameseTranslation":"আৰু (সেইদিনা) শিঙাত ফুঁ দিয়া হ’ব। ফলত আকাশসমূহত যিসকল আছে আৰু পৃথিৱীত যিসকল আছে সিহঁত আটায়ে অজ্ঞান হৈ পৰিব, কেৱল আল্লাহে ইচ্ছা কৰা ব্যক্তিসকলৰ বাহিৰে। তাৰ পিছত আকৌ শিঙাত ফুঁ দিয়া হ’ব, ফলত তৎক্ষণাত সিহঁতে থিয় হৈ থৰ লাগি চাই থাকিব।","footnotes":"","tafseer":"শিঙাত ফুঁ দিয়াৰ বাবে নিয়োজিত ফিৰিস্তাই যিদিনা শিঙাত ফুঁ দিব, সেইদিনা আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো প্ৰাণীয়ে মৃত্যুবৰণ কৰিব, কেৱল সেইসকলৰ বাহিৰে যিসকলক আল্লাহে মৃত্যু দিব নিবিচাৰিব। ইয়াৰ পিছত ফিৰিস্তাই সকলো প্ৰাণীকে জীৱিত কৰিবলৈ দ্বিতীয় ফুঁ দিব। তেতিয়া সকলো প্ৰাণী জীৱিত হৈ থিয় হ’ব আৰু প্ৰত্যক্ষ কৰিব আল্লাহে সিহঁতৰ বাবে কি ব্যৱস্থা লয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039068.mp3"},{"index":"69","arabicText":"وَاَشْرَقَتِ الْاَرْضُ بِنُوْرِ رَبِّهَا وَوُضِعَ الْكِتٰبُ وَجِایْٓءَ بِالنَّبِیّٖنَ وَالشُّهَدَآءِ وَقُضِیَ بَیْنَهُمْ بِالْحَقِّ وَهُمْ لَا یُظْلَمُوْنَ ۟","assameseTranslation":"আৰু (সেইদিনা) পৃথিৱী তেওঁৰ প্ৰতিপালকৰ নূৰত উদ্ভাসিত হ'ব আৰু আমলনামা উপস্থাপন কৰা হ'ব। নবীসকলক আৰু সাক্ষীসকলক উপস্থিত কৰা হ'ব আৰু তেওঁলোকৰ মাজত ন্যায় বিচাৰ কৰা হ'ব, এনেকৈ যে সিহঁতৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব।","footnotes":"","tafseer":"যেতিয়া সৰ্বশক্তিমান পৱিত্ৰ আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত মীমাংসা কৰিবলৈ দেখা দিব, তেতিয়া তেওঁৰ নূৰৰ দ্বাৰা পৃথিৱী আলোকিত হৈ পৰিব। সেইদিনা মানুহৰ কৰ্মফল (আমলনামা) উপস্থাপন কৰা হ’ব। আনহাতে নবীসকলক উপস্থিত কৰা হ’ব, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতক নবীসকলৰ সপক্ষে তথা তেওঁলোকৰ জাতিৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিবলৈ উপস্থিত কৰা হ’ব। আল্লাহে সকলোৰে মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিব। সেইদিনা কাৰো প্ৰতি অন্যায় কৰা নহ’ব। কোনো মানুহৰেই গুনাহ বৃদ্ধি কৰা নহ’ব আৰু কোনো ব্যক্তিৰেই ছোৱাব হ্ৰাস কৰা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039069.mp3"},{"index":"70","arabicText":"وَوُفِّیَتْ كُلُّ نَفْسٍ مَّا عَمِلَتْ وَهُوَ اَعْلَمُ بِمَا یَفْعَلُوْنَ ۟۠","assameseTranslation":"আৰু প্ৰত্যেককে তাৰ আমলৰ পূৰ্ণ প্ৰতিফল দিয়া হ’ব আৰু সিহঁতে যি আমল কৰে সেই সম্পৰ্কে আল্লাহ সৰ্বাধিক অৱগত।","footnotes":"","tafseer":"আল্লাহে প্ৰত্যেক প্ৰাণীকেই পৰিপূৰ্ণৰূপে প্ৰতিদান দান কৰিব। আমল ভাল হওক অথবা বেয়া। নিশ্চয় আল্লাহে সিহঁতৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। সিহঁতৰ ভাল বেয়া কোনো কৰ্মই আল্লাহৰ পৰা গোপন নহয়। তেৱেঁই সিহঁতক সেইদিনা সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039070.mp3"},{"index":"71","arabicText":"وَسِیْقَ الَّذِیْنَ كَفَرُوْۤا اِلٰی جَهَنَّمَ زُمَرًا ؕ حَتّٰۤی اِذَا جَآءُوْهَا فُتِحَتْ اَبْوَابُهَا وَقَالَ لَهُمْ خَزَنَتُهَاۤ اَلَمْ یَاْتِكُمْ رُسُلٌ مِّنْكُمْ یَتْلُوْنَ عَلَیْكُمْ اٰیٰتِ رَبِّكُمْ وَیُنْذِرُوْنَكُمْ لِقَآءَ یَوْمِكُمْ هٰذَا ؕ قَالُوْا بَلٰی وَلٰكِنْ حَقَّتْ كَلِمَةُ الْعَذَابِ عَلَی الْكٰفِرِیْنَ ۟","assameseTranslation":"আৰু কাফিৰসকলক জাহান্নামৰ ফালে দলে দলে খেদি লৈ যোৱা হ’ব। অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ ওচৰত গৈ পাব, তেতিয়া ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ’ব আৰু জাহান্নামৰ ৰক্ষকসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই ৰাছুল অহা নাছিলনে, যিসকলে তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ আয়াতসমূহ তিলাৱত কৰিছিল আৰু এই দিৱসৰ সাক্ষাৎ সম্পৰ্কে তোমালোকক সতৰ্ক কৰিছিল’? সিহঁতে ক’ব, ‘নিশ্চয় আহিছিল’। কিন্তু শাস্তিৰ বাণী কাফিৰসকলৰ ওপৰত সাব্যস্ত হৈছে।","footnotes":"","tafseer":"ফিৰিস্তাসকলে আল্লাহক অস্বীকাৰ কৰা কাফিৰসকলক লাঞ্ছিত অপমানিত গোটত বিভিক্ত কৰি জাহান্নামৰ পিনে খেদি লৈ যাব। অৱশেষত যেতিয়া জাহান্নামৰ দুৱাৰডলিত গৈ সিহঁতে উপস্থিত হ’ব তেতিয়া তাত নিয়োজিত ৰক্ষক ফিৰিস্তাই জাহান্নামৰ দুৱাৰ খুলি দিব আৰু সিহঁতক ভৰ্ৎসনা কৰি ক’বঃ “তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই কোনো ৰাছুল প্ৰেৰিত হোৱা নাছিল নেকি, যিয়ে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ আয়াতসমূহ তিলাৱত কৰি শুনাইছিল, আৰু কিয়ামত দিৱসৰ সাক্ষাৎ আৰু ইয়াৰ শাস্তি সম্পৰ্কে সতৰ্ক কৰিছিল”? তেতিয়া কাফিৰসকলে এই কথা স্বীকাৰ কৰি ক’বঃ হয়, নিশ্চয় আহিছিল, আৰু তেওঁলোকে এই যাৱতীয় দায়িত্ববোৰও পালন কৰিছিল। কিন্তু যিহেতু কাফিৰসকলৰ বিষয়ে শাস্তিৰ সিদ্ধান্ত চূড়ান্ত হৈছে, গতিকে আমিও কাফিৰ আছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039071.mp3"},{"index":"72","arabicText":"قِیْلَ ادْخُلُوْۤا اَبْوَابَ جَهَنَّمَ خٰلِدِیْنَ فِیْهَا ۚ فَبِئْسَ مَثْوَی الْمُتَكَبِّرِیْنَ ۟","assameseTranslation":"কোৱা হ’ব, ‘তোমালোকে জাহান্নামৰ দুৱাৰেৰে তাত স্থায়ীভাৱে থকাৰ বাবে প্ৰৱেশ কৰা। এতেকে অহংকাৰীবিলাকৰ আবাসস্থল কিমান যে নিকৃষ্ট!","footnotes":"","tafseer":"সিহঁতক অপমানিত কৰি তথা আল্লাহৰ ৰহমতৰ পৰা নিৰাশ কৰি, লগতে জাহান্নামৰ পৰা উলিওৱাৰ আশাত চেঁচা পানী ঢালি সিহঁতক কোৱা হ’বঃ জাহান্নামত প্ৰৱেশ কৰা, এইটোৱে হৈছে তোমালোকৰ চিৰস্থায়ী বাসস্থান। সত্যৰ পৰা অহংকাৰ কৰা লোকসকলৰ এই ঠিকনা কিমান যে নিকৃষ্ট ঠিকনা!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039072.mp3"},{"index":"73","arabicText":"وَسِیْقَ الَّذِیْنَ اتَّقَوْا رَبَّهُمْ اِلَی الْجَنَّةِ زُمَرًا ؕ حَتّٰۤی اِذَا جَآءُوْهَا وَفُتِحَتْ اَبْوَابُهَا وَقَالَ لَهُمْ خَزَنَتُهَا سَلٰمٌ عَلَیْكُمْ طِبْتُمْ فَادْخُلُوْهَا خٰلِدِیْنَ ۟","assameseTranslation":"আনহাতে যিসকলে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰিছিল তেওঁলোকক দলে দলে জান্নাতৰ ফালে লৈ যোৱা হ’ব। অৱশেষত যেতিয়া তেওঁলোকে জান্নাতৰ ওচৰত আহি পাব, আৰু ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ’ব আৰু জান্নাতৰ ৰক্ষকসকলে তেওঁলোকক ক’ব, ‘আপোনালোকৰ প্ৰতি ছালাম (শান্তি অৱতীৰ্ণ) হওক, আপোনালোক সুখী থাকক। এতেকে চিৰস্থায়ী বসবাসৰ বাবে জান্নাতত প্ৰৱেশ কৰক’।","footnotes":"","tafseer":"ফিৰিস্তাসকলে সেইসকল মুমিনক যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰিছিল, তেওঁলোকক বিনম্ৰতা সহকাৰে সন্মানিত গোটত বিভক্ত কৰি জান্নাতৰ পিনে লৈ যাব। অৱশেষত তেওঁলোকে যেতিয়া জান্নাতৰ ওচৰতগৈ উপস্থিত হ'ব, তেতিয়া তেওঁলোকৰ বাবে জান্নাতৰ দুৱাৰ খুলি দিয়া হ’ব। লগতে জান্নাতৰ দুৱাৰত নিয়োজিত ফিৰিস্তাসকলে তেওঁলোকক ক’বঃ শান্তি অৱতীৰ্ণ হওক আপোনালোকৰ ওপৰত, তথা আপোনালোকে সকলো প্ৰকাৰ কষ্ট আৰু অপ্ৰিয় বস্তুৰ পৰা নিৰাপদে থাকক! আপোনালোকৰ অন্তৰ আৰু কৰ্ম উভয়েই পৱিত্ৰ। গতিকে আপোনালোকে জান্নাতত প্ৰৱেশ কৰক, এইটোৱে আপোনালোকৰ চিৰস্থায়ী বাসস্থান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039073.mp3"},{"index":"74","arabicText":"وَقَالُوا الْحَمْدُ لِلّٰهِ الَّذِیْ صَدَقَنَا وَعْدَهٗ وَاَوْرَثَنَا الْاَرْضَ نَتَبَوَّاُ مِنَ الْجَنَّةِ حَیْثُ نَشَآءُ ۚ فَنِعْمَ اَجْرُ الْعٰمِلِیْنَ ۟","assameseTranslation":"আৰু তেওঁলোকে (প্ৰৱেশ কৰি) ক’ব, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই প্ৰাপ্য, যিজনে আমাৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি সত্য হিচাপে বাস্তৱায়িত কৰিছে আৰু আমাক এই ভূমিৰ অধিকাৰী কৰিছে, আমি জান্নাতত য’তে ইচ্ছা ত’তেই বসবাসৰ ঠাই কৰি লম’। এতেকে (চোৱা) নেক আমলকাৰীসকলৰ পুৰস্কাৰ কিমান যে উত্তম!","footnotes":"","tafseer":"মুমিনসকলে জান্নাতত প্ৰৱেশ কৰি ক’বঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবেই, তেৱেঁই ৰাছুলসকলৰ মাধ্যমত আমালৈ যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি বাস্তৱত পৰিণত কৰিছে। তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিল যে, আমাক জান্নাতত প্ৰৱেশ কৰাব আৰু জান্নাতৰ ভূমিৰ উত্তৰাধিকাৰী কৰিব। তাত আমি য’ত ইচ্ছা ত’তেই অৱস্থান কৰিব পাৰিম। এতেকে যিসকল লোকে নিজ প্ৰতিপালকৰ সন্তুষ্টি অৰ্জন কৰিবলৈ সৎকৰ্ম কৰে, তেওঁলোকৰ প্ৰতিদান কিমান যে উত্তম!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039074.mp3"},{"index":"75","arabicText":"وَتَرَی الْمَلٰٓىِٕكَةَ حَآفِّیْنَ مِنْ حَوْلِ الْعَرْشِ یُسَبِّحُوْنَ بِحَمْدِ رَبِّهِمْ ۚ وَقُضِیَ بَیْنَهُمْ بِالْحَقِّ وَقِیْلَ الْحَمْدُ لِلّٰهِ رَبِّ الْعٰلَمِیْنَ ۟۠","assameseTranslation":"আৰু তুমি ফিৰিস্তাসকলক দেখিবলৈ পাবা যে, তেওঁলোকে আৰছৰ চাৰিওফালে আগুৰি ধৰি নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰি আছে। (সেইদিনা) ন্যায়ৰ সৈতে সকলোৰে বিচাৰ কৰা হ’ব আৰু কোৱা হ’ব, ‘সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য’।","footnotes":"","tafseer":"কিয়ামতৰ দিনা ফিৰিস্তাসকলে মহাসিংহাসনক অৰ্থাৎ আৰছক পৰিবেষ্টন কৰি থাকিব। কাফিৰসকলে তেওঁক যিবোৰ অনুচিত বিষয়ৰ সৈতে সম্পৃক্ত কৰে, সেইবোৰৰ পৰা তেওঁলোকে তেওঁক পৱিত্ৰ ঘোষণা কৰিব। আল্লাহে গোটেই সৃষ্টিজগতৰ মাজত ন্যায় সহকাৰে ফয়চালা কৰিব। এতেকে যিয়ে সন্মানৰ উপযুক্ত তাক সন্মান প্ৰদান কৰিব আৰু যিজন শাস্তিৰ উপযুক্ত তাক শাস্তি বিহিব। কোৱা হ’বঃ সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, তেৱেঁই মুমিন বান্দাসকলৰ পক্ষত দয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কাফিৰসকলৰ বাবে শাস্তিৰ সিদ্ধান্ত লৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/039075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/039075.mp3"}]