[{"index":"1","arabicText":"حٰمٓ ۟ۚ","assameseTranslation":"হা-মীম।[1]","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040001.mp3"},{"index":"2","arabicText":"تَنْزِیْلُ الْكِتٰبِ مِنَ اللّٰهِ الْعَزِیْزِ الْعَلِیْمِ ۟ۙ","assameseTranslation":"এইখন কিতাব অৱতীৰ্ণ হৈছে আল্লাহৰ তৰফৰ পৰা যিজন মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ,","footnotes":"","tafseer":"পৱিত্ৰ কোৰআন মহাপৰাক্ৰমশালী আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হৈছে, যি সত্ত্বাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ বান্দাসকলৰ হিত সম্পৰ্কে সৰ্বজ্ঞ। এইখন তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040002.mp3"},{"index":"3","arabicText":"غَافِرِ الذَّنْۢبِ وَقَابِلِ التَّوْبِ شَدِیْدِ الْعِقَابِ ۙ ذِی الطَّوْلِ ؕ لَاۤ اِلٰهَ اِلَّا هُوَ ؕ اِلَیْهِ الْمَصِیْرُ ۟","assameseTranslation":"তেওঁ পাপ ক্ষমাকাৰী, তাওবা গ্ৰহণকাৰী, কঠোৰ শাস্তি প্ৰদানকাৰী, অনুগ্ৰহ বৰ্ষণকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁৰ ফালেই প্ৰত্যাৱৰ্তন।","footnotes":"","tafseer":"তেৱেঁই পাপীসকলৰ পাপ মাৰ্জনাকাৰী। তেৱেঁই তাওবাকাৰী বান্দাসকলৰ তাওবা গ্ৰহণকাৰী। কিন্তু তেওঁ তাওবা নকৰা ব্যক্তিসকলক কঠোৰ শাস্তি প্ৰদানকাৰী। তেওঁ অনুগ্ৰহশীল, উপকাৰকাৰী সত্ত্বা। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। কিয়ামতৰ দিনা বান্দাসকলৰ শেষ প্ৰত্যাৱৰ্তন হৈছে একমাত্ৰ তেওঁৰ ওচৰতেই। তেৱেঁই বান্দাসকলক প্ৰাপ্য অনুযায়ী প্ৰতিদান দান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040003.mp3"},{"index":"4","arabicText":"مَا یُجَادِلُ فِیْۤ اٰیٰتِ اللّٰهِ اِلَّا الَّذِیْنَ كَفَرُوْا فَلَا یَغْرُرْكَ تَقَلُّبُهُمْ فِی الْبِلَادِ ۟","assameseTranslation":"আল্লাহৰ আয়াতসমূহকলৈ বিতৰ্ক কেৱল সিহঁতেই কৰে যিসকলে কুফৰী কৰিছে; এতেকে দেশ বিদেশলৈ সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে।","footnotes":"","tafseer":"আল্লাহৰ তাওহীদ আৰু তেওঁৰ ৰাছুলসকলৰ সত্যতা প্ৰমাণ কৰা আয়াতসমূহকলৈ কেৱল সেইসকল লোকেই বাক-বিতণ্ডা কৰে, যিসকলে বিবেকহীনতাৰ কাৰণে আল্লাহৰ লগত কুফৰী কৰিছে। গতিকে সিহঁতকলৈ আপুনি চিন্তিত নহ’ব। তথা সিহঁতক প্ৰদান কৰা প্ৰশস্ত জীৱিকা আৰু নিয়ামতবোৰকলৈও আপুনি ভুল নবুজিব। কাৰণ সেইবোৰ সিহঁতক অৱকাশ দিয়াৰ বাবে আৰু চক্ৰান্তমূলকভাৱে প্ৰদান কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040004.mp3"},{"index":"5","arabicText":"كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوْحٍ وَّالْاَحْزَابُ مِنْ بَعْدِهِمْ ۪ وَهَمَّتْ كُلُّ اُمَّةٍ بِرَسُوْلِهِمْ لِیَاْخُذُوْهُ وَجٰدَلُوْا بِالْبَاطِلِ لِیُدْحِضُوْا بِهِ الْحَقَّ فَاَخَذْتُهُمْ ۫ فَكَیْفَ كَانَ عِقَابِ ۟","assameseTranslation":"সিহঁতৰ পূৰ্বে নূহ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, লগতে সিহঁতৰ পিছত আৰু বহু দলে অস্বীকাৰ কৰিছিল। প্ৰত্যেক সম্প্ৰদায়েই নিজ নিজ ৰাছুলক কৰায়ত্ত কৰাৰ সংকল্প কৰিছিল আৰু সিহঁতে সত্যক ব্যৰ্থ কৰিবলৈ অসাৰ তৰ্ক-বিতৰ্কত লিপ্ত হৈছিল। ফলত ময়ে সিহঁতক কৰায়ত্ত কৰিছিলোঁ। এতেকে কিমান কঠোৰ আছিল মোৰ শাস্তি!","footnotes":"","tafseer":"ইহঁতৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ জাতিয়েও অস্বীকাৰ কৰিছিল। আনকি নূহ সম্প্ৰদায়ৰ পিছত বহুতো সম্প্ৰদায়ে অস্বীকাৰ কৰিছিল। এতেকে আদ, ছামূদ আৰু লূত সম্প্ৰদায়কে আদি কৰি মাদিয়ানবাসী আৰু ফিৰআউনেও অস্বীকাৰ কৰিছিল। প্ৰত্যেক উম্মতেই নিজ নিজ ৰাছুলক কৰায়ত্ত কৰি হত্যা কৰাৰ সংকল্প কৰিছিল। সিহঁতে সত্যক প্ৰতিহত কৰিবলৈ অসত্যৰ জৰিয়তে বাদানুবাদ কৰিছিল। ফলত আমি সেই সকলো উম্মতক কৰায়ত্ত কৰিছিলোঁ। এতিয়া চিন্তা কৰি চাওক, সিহঁতৰ ওপৰত আমাৰ শাস্তি কেনেকুৱা আছিল। কিয়নো সিহঁতক যি শাস্তি দিয়া হৈছিল, অতি কঠোৰ আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040005.mp3"},{"index":"6","arabicText":"وَكَذٰلِكَ حَقَّتْ كَلِمَتُ رَبِّكَ عَلَی الَّذِیْنَ كَفَرُوْۤا اَنَّهُمْ اَصْحٰبُ النَّارِ ۟","assameseTranslation":"আৰু যিসকলে কুফৰী কৰিছিল, এইদৰেই সিহঁতৰ ওপৰত বাস্তৱায়িত হৈছিল তোমাৰ প্ৰতিপালকৰ বাণী যে, নিশ্চয় সিহঁত হৈছে জাহান্নামী।","footnotes":"","tafseer":"হে ৰাছুল! যিদৰে আল্লাহে পূৰ্বৱৰ্তী অস্বীকাৰ কৰা উম্মতবোৰৰ বিষয়ে সিহঁতক ধ্বংস কৰাৰ সিদ্ধান্ত লৈছিল, ঠিক সেইদৰেই এই কাফিৰসকলৰ প্ৰতিও আপোনাৰ প্ৰতিপালকৰ সিদ্ধান্ত অনিবাৰ্য্য হৈ পৰিছে যে, নিশ্চিতভাৱে সিহঁত হৈছে জাহান্নামী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040006.mp3"},{"index":"7","arabicText":"اَلَّذِیْنَ یَحْمِلُوْنَ الْعَرْشَ وَمَنْ حَوْلَهٗ یُسَبِّحُوْنَ بِحَمْدِ رَبِّهِمْ وَیُؤْمِنُوْنَ بِهٖ وَیَسْتَغْفِرُوْنَ لِلَّذِیْنَ اٰمَنُوْا ۚ رَبَّنَا وَسِعْتَ كُلَّ شَیْءٍ رَّحْمَةً وَّعِلْمًا فَاغْفِرْ لِلَّذِیْنَ تَابُوْا وَاتَّبَعُوْا سَبِیْلَكَ وَقِهِمْ عَذَابَ الْجَحِیْمِ ۟","assameseTranslation":"যিসকলে আৰছ বহন কৰি আছে আৰু যিসকলে ইয়াৰ চাৰিওফালে আছে, তেওঁলোকে নিজ প্ৰতিপালকৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে প্ৰশংসাৰ সৈতে, লগতে তেওঁলোকে তেওঁৰ ওপৰত ঈমান পোষণ কৰে, আৰু মুমিনসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ প্ৰতিপালক! তোমাৰ দয়া আৰু জ্ঞান সৰ্বব্যাপী। এতেকে যিসকলে তাওবা কৰে আৰু তোমাৰ পথ অৱলম্বন কৰে, তুমি তেওঁলোকক ক্ষমা কৰি দিয়া। লগতে জাহান্নামৰ শাস্তিৰ পৰা তুমি তেওঁলোকক ৰক্ষা কৰা।","footnotes":"","tafseer":"হে ৰাছুল! যিসকল ফিৰিস্তাই আপোনাৰ প্ৰতিপালকৰ আৰছ বহন কৰি আছে আৰু যিসকলে ইয়াৰ চাৰিওফালে পৰিবেষ্টন কৰি আছে, তেওঁলোক আটায়ে নিজ প্ৰতিপালকৰ পৱিত্ৰতা ঘোষণা কৰে, প্ৰত্যেক সেইবোৰ বিষয়ৰ পৰা যিবোৰ তেওঁৰ বাবে অনুচিত। তেওঁলোকে তেওঁৰ প্ৰতি ঈমান পোষণ কৰে, আৰু মুমিনসকলৰ বাবে আল্লাহৰ ওচৰত মাগফিৰাত প্ৰাৰ্থনা কৰে। তেওঁলোকে দুআ কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! তোমাৰ জ্ঞান আৰু তোমাৰ ৰহমতে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। গতিকে সেইসকল লোকৰ গুনাহ মাৰ্জনা কৰি দিয়া, যিসকলে নিজৰ গুনাহৰ পৰা তাওবা কৰিছে আৰু তোমাৰ দ্বীনৰ অনুসৰণ কৰিছে। তথা তেওঁলোকক জাহান্নামৰ অগ্নিৰ পৰা সুৰক্ষা প্ৰদান কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040007.mp3"},{"index":"8","arabicText":"رَبَّنَا وَاَدْخِلْهُمْ جَنّٰتِ عَدْنِ لَّتِیْ وَعَدْتَّهُمْ وَمَنْ صَلَحَ مِنْ اٰبَآىِٕهِمْ وَاَزْوَاجِهِمْ وَذُرِّیّٰتِهِمْ ؕ اِنَّكَ اَنْتَ الْعَزِیْزُ الْحَكِیْمُ ۟ۙ","assameseTranslation":"‘হে আমাৰ প্ৰতিপালক! তুমি তেওঁলোকক প্ৰৱেশ কৰোৱা স্থায়ী জান্নাতত, যাৰ প্ৰতিশ্ৰুতি তুমি তেওঁলোকক প্ৰদান কৰিছা লগতে তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী আৰু সন্তান-সন্ততিৰ মাজৰ যিসকলে সৎকৰ্ম কৰিছে তেওঁলোককো (প্ৰৱেশ কৰোৱা)। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"ফিৰিস্তাসকলে কয়ঃ হে আমাৰ প্ৰতিপালক! মুমিনসকলক সেই চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰোৱা, যি জান্নাতত প্ৰৱেশ কৰোৱাৰ প্ৰতিশ্ৰুতি তুমি তেওঁলোকক প্ৰদান কৰিছা। তেওঁলোকৰ সৈতে তেওঁলোকৰ পূৰ্বপুৰুষ, স্ত্ৰী আৰু সন্তান-সন্ততিৰ মাজৰ যিসকলে নেক আমল কৰিছিল, তেওঁলোককো প্ৰৱেশ কৰোৱা। নিশ্চয় তুমি মহা পৰাক্ৰমশালী, তোমাক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় তুমি নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040008.mp3"},{"index":"9","arabicText":"وَقِهِمُ السَّیِّاٰتِ ؕ وَمَنْ تَقِ السَّیِّاٰتِ یَوْمَىِٕذٍ فَقَدْ رَحِمْتَهٗ ؕ وَذٰلِكَ هُوَ الْفَوْزُ الْعَظِیْمُ ۟۠","assameseTranslation":"‘আৰু তুমি তেওঁলোকক অপৰাধৰ শাস্তিৰ পৰা ৰক্ষা কৰা। সেইদিনা তুমি যাক (অপৰাধৰ) বেয়া পৰিণতিৰ পৰা ৰক্ষা কৰিবা, নিশ্চয় তুমি তাক অনুগ্ৰহহে কৰিবা; আৰু এইটোৱেই হৈছে মহাসফলতা!’","footnotes":"","tafseer":"তথা তেওঁলোকক তেওঁলোকৰ বেয়া কৰ্মৰ দুষ্পৰিণামৰ পৰা সুৰক্ষা প্ৰদান কৰা, সেইবোৰক কেন্দ্ৰ কৰি তেওঁলোকক শাস্তি নিবিহিবা। এই কথা নিশ্চিত যে, কিয়ামতৰ দিনা যাক তুমি বেয়া কৰ্মৰ শাস্তিৰ পৰা সুৰক্ষিত ৰাখিবা, তেওঁ নিশ্চয় ৰহমতপ্ৰাপ্ত। দৰাচলতে শাস্তিৰ পৰা ৰক্ষা পোৱা আৰু জান্নাতত প্ৰৱেশ কৰাৰ কৃপা আদিয়েই হৈছে মহা সফলতা। কোনো সফলতাৰেই ইয়াক তুলনা কৰিব নোৱাৰি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040009.mp3"},{"index":"10","arabicText":"اِنَّ الَّذِیْنَ كَفَرُوْا یُنَادَوْنَ لَمَقْتُ اللّٰهِ اَكْبَرُ مِنْ مَّقْتِكُمْ اَنْفُسَكُمْ اِذْ تُدْعَوْنَ اِلَی الْاِیْمَانِ فَتَكْفُرُوْنَ ۟","assameseTranslation":"নিশ্চয় যিসকলে কুফৰী কৰিছে সিহঁতক উচ্চ কণ্ঠত কোৱা হ’ব, ‘তোমালোকৰ নিজৰ প্ৰতি (আজি) তোমালোকৰ যিমান ক্ষোভ হৈছে, আল্লাহৰ ক্ষোভ ইয়াতকৈও অধিক আছিল, যেতিয়া তোমালোকক ঈমানৰ প্ৰতি আহ্বান কৰা হৈছিল, কিন্তু তোমালোকে সেয়া অস্বীকাৰ কৰিছিলা’।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, কিয়ামতৰ দিনা সিহঁতে যেতিয়া জাহান্নামত প্ৰৱেশ কৰিব তথা নিজেই নিজকে ভৰ্ৎসনা কৰিব আৰু অভিশাপ কৰিব তেতিয়া সিহঁতক মাতি কোৱা হ’বঃ আজি তোমালোকে নিজৰ ওপৰত যিমান ক্ৰোধান্বিত হৈছা, ইয়াতকৈও অধিক আল্লাহ তাআলা তোমালোকৰ ওপৰত ক্ৰোধান্বিত হৈছিল যেতিয়া তোমালোকে পৃথিৱীত আল্লাহৰ প্ৰতি ঈমান আনিবলৈ অস্বীকাৰ কৰিছিলা, আৰু তেওঁৰ সৈতে বহুতো উপাস্য গ্ৰহণ কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040010.mp3"},{"index":"11","arabicText":"قَالُوْا رَبَّنَاۤ اَمَتَّنَا اثْنَتَیْنِ وَاَحْیَیْتَنَا اثْنَتَیْنِ فَاعْتَرَفْنَا بِذُنُوْبِنَا فَهَلْ اِلٰی خُرُوْجٍ مِّنْ سَبِیْلٍ ۟","assameseTranslation":"সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাক দুবাৰকৈ মৃত্যু প্ৰদান কৰিছা আৰু দুবাৰকৈ আমাক জীৱন দান কৰিছা। সেয়ে আমি আমাৰ অপৰাধ স্বীকাৰ কৰিছোঁ। এতেকে (জাহান্নামৰ পৰা) ওলোৱাৰ কোনো উপায় আছে নেকি’?","footnotes":"","tafseer":"কাফিৰসকলে সেইসময়ত নিজৰ অপৰাধ স্বীকাৰ কৰিব, যেতিয়া সিহঁতৰ স্বীকাৰোক্তি আৰু তাওবা একোৱে কামত নাহিব। সিহঁতে ক’বঃ হে আমাৰ প্ৰতিপালক! তুমি আমাক দুবাৰকৈ মৃত্যু প্ৰদান কৰিছা, প্ৰথমবাৰ যেতিয়া আমাৰ কোনো অস্তিত্বই নাছিল, তুমিয়েই আমাক অস্তিত্ব প্ৰদান কৰিছা, আৰু দ্বিতীয় মৃত্যু, সেই অস্তিত্বৰ পিছত তুমি আমাক মৃত্যু প্ৰদান কৰিছা। তথা দুবাৰকৈ আমাক জীৱনো দান কৰিছা। যেতিয়া আমাৰ কোনো অস্তিত্বই নাছিল তেতিয়া তুমিয়ে আমাক জীৱন দান কৰিছা, আৰু দ্বিতীয়বাৰ আমাক জীৱন দান কৰিছা হিচাপ-নিকাচৰ বাবে পুনৰুত্থিত কৰি। গতিকে আমি এতিয়া আমাৰ অপৰাধবোৰ স্বীকাৰ কৰিছোঁ। এতেকে জাহান্নামৰ পৰা উলিওৱাৰ কোনো উপায় আছেনে? যাতে আমি পাৰ্থিৱ জীৱনলৈ উভতি গৈ আমাৰ আমলসমূহ সংশোধন কৰিব পাৰোঁ, যাতে তুমি সন্তুষ্ট হোৱা!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040011.mp3"},{"index":"12","arabicText":"ذٰلِكُمْ بِاَنَّهٗۤ اِذَا دُعِیَ اللّٰهُ وَحْدَهٗ كَفَرْتُمْ ۚ وَاِنْ یُّشْرَكْ بِهٖ تُؤْمِنُوْا ؕ فَالْحُكْمُ لِلّٰهِ الْعَلِیِّ الْكَبِیْرِ ۟","assameseTranslation":"(সিহঁতক কোৱা হ’ব) ‘তোমালোকক শাস্তি দিয়াৰ কাৰণ হৈছে, যেতিয়া আল্লাহক এককভাৱে আহ্বান কৰা হৈছিল তেতিয়া তোমালোকে কুফৰী কৰিছিলা, আৰু যেতিয়া তেওঁৰ লগত শ্বিৰ্ক কৰা হৈছিল তেতিয়া তোমালোকে সেয়া বিশ্বাস কৰিছিলা। এতেকে যাৱতীয় কৰ্তৃত্ব কেৱল সুউচ্চ, মহান আল্লাহৰেই’।","footnotes":"","tafseer":"তোমালোকক এই শাস্তি দিয়াৰ কাৰণ হৈছে, তোমালোকক যেতিয়া এক আল্লাহৰ প্ৰতি আহ্বান কৰা হৈছিল আৰু তেওঁৰ লগত অংশীদাৰ স্থাপন কৰিবলৈ বাৰণ কৰা হৈছিল, তেতিয়া তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা আৰু আল্লাহৰ লগত শ্বিৰ্ক কৰিছিলা। কিন্তু যেতিয়া আল্লাহৰ সৈতে অন্য উপাস্যক অংশী কৰা হৈছিল, তেতিয়া সেইটো তোমালোকে সহজেই মানি লৈছিলা। এতেকে শুনা! আজি চূড়ান্ত সিদ্ধান্ত প্ৰদানৰ দায়িত্ব হৈছে একমাত্ৰ আল্লাহৰ হাতত। তেওঁ সত্ত্বাগতভাৱে, ক্ষমতাৰ ক্ষেত্ৰত আৰু প্ৰতাপৰ ক্ষেত্ৰত অতি উচ্চ। তেওঁ আটাইতকৈ মহান, সকলো বস্তু তেওঁতকৈ সৰু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040012.mp3"},{"index":"13","arabicText":"هُوَ الَّذِیْ یُرِیْكُمْ اٰیٰتِهٖ وَیُنَزِّلُ لَكُمْ مِّنَ السَّمَآءِ رِزْقًا ؕ وَمَا یَتَذَكَّرُ اِلَّا مَنْ یُّنِیْبُ ۟","assameseTranslation":"তেৱেঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱায় আৰু আকাশৰ পৰা তোমালোকৰ বাবে জীৱিকা অৱতীৰ্ণ কৰে। উপদেশ কেৱল সেই ব্যক্তিহে গ্ৰহণ কৰে যিয়ে আল্লাহ অভিমুখী হয়।","footnotes":"","tafseer":"আল্লাহেই তোমালোকক মহাকাশত আৰু স্বয়ং তোমালোকৰ মাজতো তেওঁৰ নিদৰ্শনসমূহ দেখুৱায়। যাতে তেওঁ তোমালোকক তেওঁৰ ক্ষমতা আৰু তাওহীদ সম্পৰ্কে পৰিচিত কৰাব পাৰে। তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে, যাতে ইয়াৰ দ্বাৰা গছ-গছনি আৰু শস্য আদি উৎপন্ন হয় যিবোৰ তোমালোকে ভক্ষণ কৰা। আল্লাহৰ নিদৰ্শনসমূহৰ পৰা কেৱল সেইসকল লোকেই উপদেশ গ্ৰহণ কৰে, যিসকলে নিৰ্ভেজালভাৱে তাওবা কৰি তেওঁৰ ফালে প্ৰত্যাৱৰ্তন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040013.mp3"},{"index":"14","arabicText":"فَادْعُوا اللّٰهَ مُخْلِصِیْنَ لَهُ الدِّیْنَ وَلَوْ كَرِهَ الْكٰفِرُوْنَ ۟","assameseTranslation":"এতেকে তোমালোকে আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁকেই আহ্বান কৰা। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে।","footnotes":"","tafseer":"এতেকে হে মুমিনসকল! তোমালোকে নিৰ্ভেজালভাৱে আল্লাহৰ আনুগত্য কৰা আৰু তেওঁৰ ওচৰত দুআ কৰা। তেওঁৰ সৈতে শ্বিৰ্ক নকৰিবা। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে অথবা ক্ৰোধান্বিত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040014.mp3"},{"index":"15","arabicText":"رَفِیْعُ الدَّرَجٰتِ ذُو الْعَرْشِ ۚ یُلْقِی الرُّوْحَ مِنْ اَمْرِهٖ عَلٰی مَنْ یَّشَآءُ مِنْ عِبَادِهٖ لِیُنْذِرَ یَوْمَ التَّلَاقِ ۟ۙ","assameseTranslation":"তেওঁ সুউচ্চ মৰ্যাদাৰ অধিকাৰী, আৰছৰ অধিপতি, তেৱেঁই নিজৰ আদেশত বান্দাসকলৰ মাজৰ পৰা যাৰ প্ৰতি ইচ্ছা কৰে তাৰ প্ৰতি অহী প্ৰেৰণ কৰে, যাতে তেওঁ মহা সন্মিলন দিৱস সম্পৰ্কে সতৰ্ক কৰিব পাৰে।","footnotes":"","tafseer":"নিৰ্ভেজাল আনুগত্য আৰু নিৰ্ভেজাল দুআৰ একমাত্ৰ উপযুক্ত তেৱেঁই। কাৰণ তেওঁ সুউচ্চ মৰ্যাদাৰ অধিকাৰী, আৰু গোটেই সৃষ্টিজগতৰ পৰা পৃথক। তেৱেঁই মহা আৰছৰ প্ৰতিপালক। তেওঁ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ ওপৰতেই অহী প্ৰেৰণ কৰে। যাতে তেওঁলোক নিজেও সতৰ্ক থাকে আৰু আনকো সতৰ্ক কৰিব পাৰে। তথা সেই কিয়ামত সম্পৰ্কে যাতে মানুহক সতৰ্ক কৰে যিদিনা পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলোৱে একত্ৰিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040015.mp3"},{"index":"16","arabicText":"یَوْمَ هُمْ بٰرِزُوْنَ ۚ۬ لَا یَخْفٰی عَلَی اللّٰهِ مِنْهُمْ شَیْءٌ ؕ لِمَنِ الْمُلْكُ الْیَوْمَ ؕ لِلّٰهِ الْوَاحِدِ الْقَهَّارِ ۟","assameseTranslation":"যিদিনা সিহঁত (মানুহ বিলাক) প্ৰকাশিত হ’ব, সেইদিনা আল্লাহৰ ওচৰত সিহঁতৰ একোৱেই গোপন নাথাকিব। (তেওঁ ক’ব) ‘আজি কৰ্তৃত্ব কাৰ’? কেৱল আল্লাহৰেই, তেওঁ একক, প্ৰবল প্ৰতাপশালী।","footnotes":"","tafseer":"যিদিনা সকলোৱে এটা স্থানতে একত্ৰিত হ'ব। সিহঁতৰ কোনো বিষয়েই আল্লাহৰ পৰা গোপন নাথাকিব। সিহঁতৰ ব্যক্তিত্ব সম্পৰ্কেই হওক অথবা সিহঁতৰ কৰ্ম সম্পৰ্কে নাইবা সিহঁতৰ প্ৰতিফল সম্পৰ্কে। তেওঁ সুধিবঃ আজি ৰাজত্ব কাৰ, আজি এটা উত্তৰৰ বাহিৰে আন কোনো উপায় নাই। ৰাজত্ব একমাত্ৰ আল্লাহৰ, যিজন সত্ত্বাগতভাৱে, গুণগতভাৱে আৰু কৰ্মগতভাৱে একক। তেওঁ সৰ্বশক্তিমান, প্ৰত্যেক বস্তু তেওঁৰেই অধীনস্থ। তথা প্ৰত্যেকেই তেওঁৰ আগত শিৰ নত কৰিবলৈ বাধ্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040016.mp3"},{"index":"17","arabicText":"اَلْیَوْمَ تُجْزٰی كُلُّ نَفْسٍ بِمَا كَسَبَتْ ؕ لَا ظُلْمَ الْیَوْمَ ؕ اِنَّ اللّٰهَ سَرِیْعُ الْحِسَابِ ۟","assameseTranslation":"আজি প্ৰত্যেককে তাৰ কৃতকৰ্ম অনুসাৰে প্ৰতিফল দিয়া হ’ব, আজি কোনো ধৰণৰ অন্যায় কৰা নহ’ব। নিশ্চয় আল্লাহ হিচাপ গ্ৰহণত অতি তৎপৰ।","footnotes":"","tafseer":"আজি প্ৰত্যেক প্ৰাণীকেই নিজ নিজ কৰ্মৰ প্ৰতিফল দিয়া হ’ব। কৰ্ম ভাল হ’লে, প্ৰতিফল ভাল পাব। আনহাতে বেয়া হ’লে, বেয়া প্ৰতিফল পাব। আজি কাৰো প্ৰতি অন্যায় কৰা নহ’ব। কাৰণ ফয়চালাকাৰী হৈছে স্বয়ং আল্লাহ, তেওঁ সদায় ন্যায় ফয়চালা কৰে। নিশ্চয় আল্লাহ বান্দাসকলৰ দ্ৰুত হিচাপ গ্ৰহণকাৰী। কিয়নো তেওঁৰ জ্ঞানে সিহঁতক পৰিবেষ্টন কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040017.mp3"},{"index":"18","arabicText":"وَاَنْذِرْهُمْ یَوْمَ الْاٰزِفَةِ اِذِ الْقُلُوْبُ لَدَی الْحَنَاجِرِ كٰظِمِیْنَ ؕ۬ مَا لِلظّٰلِمِیْنَ مِنْ حَمِیْمٍ وَّلَا شَفِیْعٍ یُّطَاعُ ۟ؕ","assameseTranslation":"আৰু তুমি সিহঁতক আসন্ন দিৱস সম্পৰ্কে সতৰ্ক কৰি দিয়া; যেতিয়া দুখ-কষ্ট সম্বৰণ অৱস্থাত সিহঁতৰ প্ৰাণ কণ্ঠাগত হ’ব। যালিমসকলৰ বাবে কোনো অন্তৰঙ্গ বন্ধু নাই আৰু এনেকুৱা কোনো মধ্যস্থতাকাৰীও নাই যাৰ মধ্যস্থতা গ্ৰহণ কৰা হ’ব।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি ইহঁতক কিয়ামত দিৱস সম্পৰ্কে সতৰ্ক কৰক। নিশ্চয় কিয়ামত নিকটৱৰ্তী, তথা অৱশ্যম্ভাৱী। জানি থোৱা উচিত যে, প্ৰত্যেক আহিবলগীয়া বিষয়েই হৈছে নিকটৱৰ্তী। সেইদিনাৰ পৰিৱেশ ইমান ভয়াৱহ হ’ব যে, কষ্টত মানুহৰ প্ৰাণ কণ্ঠগত হ’ব। সকলোৱে মৌন হৈ থাকিব। কেৱল সেই ব্যক্তিয়ে কথা কোৱাৰ সাহস কৰিব, যাক ৰহমানে কথা কোৱাৰ অনুমতি প্ৰদান কৰিব। যিসকলে শ্বিৰ্ক আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে, সেইদিনা সিহঁতৰ কোনো বন্ধুও নাথাকিব আৰু কোনো নিকটৱৰ্তী লোকো নাথাকিব। তথা এনেকুৱা কোনো মধ্যস্ততাকাৰীও নাথাকিব, যাৰ মধ্যস্ততা গ্ৰহণ কৰা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040018.mp3"},{"index":"19","arabicText":"یَعْلَمُ خَآىِٕنَةَ الْاَعْیُنِ وَمَا تُخْفِی الصُّدُوْرُ ۟","assameseTranslation":"চকুসমূহৰ বিশ্বাসঘাতকতা আৰু অন্তৰসমূহে যি গোপন কৰে সেয়াও তেওঁ জানে।","footnotes":"","tafseer":"গোপনে দৃষ্টিপাত কৰা ব্যক্তিৰ দৃষ্টি সম্পৰ্কেও আল্লাহে অৱগত, আৰু অন্তৰত থকা গোপন বিষয় সম্পৰ্কেও অৱগত। মহান আল্লাহৰ পৰা একোৱেই গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040019.mp3"},{"index":"20","arabicText":"وَاللّٰهُ یَقْضِیْ بِالْحَقِّ ؕ وَالَّذِیْنَ یَدْعُوْنَ مِنْ دُوْنِهٖ لَا یَقْضُوْنَ بِشَیْءٍ ؕ اِنَّ اللّٰهَ هُوَ السَّمِیْعُ الْبَصِیْرُ ۟۠","assameseTranslation":"আল্লাহে যথাযথভাৱে ফয়চালা কৰে, আৰু আল্লাহৰ পৰিবৰ্তে সিহঁতে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই ফয়চালা কৰিব নোৱাৰে। নিশ্চয় আল্লাহ, তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।","footnotes":"","tafseer":"আল্লাহে ন্যায়ৰ সৈতে ফয়চালা কৰিব। কাৰোবাৰ ছোৱাব হ্ৰাস কৰি অথবা কাৰোবাৰ গুনাহ বৃদ্ধি কৰি কাৰো প্ৰতিয়ে অন্যায় নকৰিব। মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰে, সিহঁতৰ ফয়চালা কৰাৰ কোনো অধিকাৰ নাই। কিয়নো সিহঁত একোৰেই অধিকাৰী নহয়। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী। তথা সিহঁতৰ নিয়্যত আৰু কৰ্ম সম্পৰ্কে অৱগত। অচিৰেই তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040020.mp3"},{"index":"21","arabicText":"اَوَلَمْ یَسِیْرُوْا فِی الْاَرْضِ فَیَنْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الَّذِیْنَ كَانُوْا مِنْ قَبْلِهِمْ ؕ كَانُوْا هُمْ اَشَدَّ مِنْهُمْ قُوَّةً وَّاٰثَارًا فِی الْاَرْضِ فَاَخَذَهُمُ اللّٰهُ بِذُنُوْبِهِمْ ؕ وَمَا كَانَ لَهُمْ مِّنَ اللّٰهِ مِنْ وَّاقٍ ۟","assameseTranslation":"ইহঁতে পৃথিৱীত বিচৰণ নকৰে নেকি? তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন, পূৰ্বে যিসকল আছিল সিহঁতৰ পৰিণাম কি হৈছিল। সিহঁতে ইহঁতৰ তুলনাত পৃথিৱীত অধিক শক্তিশালী আছিল আৰু কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও আল্লাহে সিহঁতক সিহঁতৰ অপৰাধৰ বাবে কৰায়ত্ত কৰিছিল আৰু আল্লাহৰ শাস্তিৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাছিল।","footnotes":"","tafseer":"এই মুশ্বৰিকসকলে পৃথিৱীত চলাফুৰা কৰা নাই নেকি, তেতিয়াহে চিন্তা কৰিব পাৰিলেহেঁতেন যে, বিগত অস্বীকাৰকাৰী উম্মতবোৰৰ শেষ পৰিণতি কেনেকুৱা আছিল। নিশ্চিতভাৱে সিহঁতৰ শেষ পৰিণাম বেয়া আছিল। সেইবোৰ উম্মতৰ লোকসকল ইহঁততকৈও শক্তিশালী আছিল। পৃথিৱীৰ বুকুত এনেকুৱা এনেকুৱা অট্টালিকা নিৰ্মাণ কৰিছিল যিবোৰ ইহঁতৰ দ্বাৰা সম্ভৱ নহয়। তথাপিও আল্লাহে সিহঁতক সিহঁতৰ গুনাহৰ কাৰণে ধ্বংস কৰিছিল। কোনেও সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040021.mp3"},{"index":"22","arabicText":"ذٰلِكَ بِاَنَّهُمْ كَانَتْ تَّاْتِیْهِمْ رُسُلُهُمْ بِالْبَیِّنٰتِ فَكَفَرُوْا فَاَخَذَهُمُ اللّٰهُ ؕ اِنَّهٗ قَوِیٌّ شَدِیْدُ الْعِقَابِ ۟","assameseTranslation":"এইটো এইকাৰণে যে, সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল তথাপিও সিহঁতে (তেওঁলোকক) প্ৰত্যাখ্যান কৰিছিল। সেয়ে আল্লাহে সিহঁতক কৰায়ত্ত কৰিছিল। নিশ্চয় তেওঁ শক্তিশালী, শাস্তি প্ৰদানত অতি কঠোৰ।","footnotes":"","tafseer":"এই শাস্তি সিহঁতে এইকাৰণে ভোগ কৰিবলগীয়া হৈছিল, কাৰণ সিহঁতৰ ওচৰত ধাৰাহিকভাৱে আল্লাহৰ ফালৰ পৰা ৰাছুল আৰু স্পষ্ট দলিল-প্ৰমাণ তথা অকাট্য যুক্তি আহিছিল, তথাপিও সিহঁতে আল্লাহৰ লগত কুফৰী কৰিছিল আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। সিহঁত শক্তিশালী হোৱাৰ পিছতো আল্লাহে সিহঁতক ধ্বংস কৰিছিল। এতেকে যিয়ে আল্লাহৰ লগত কুফৰী কৰিব আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিব, নিশ্চয় আল্লাহে তাক কঠোৰ শাস্তি বিহিব। আল্লাহ সৰ্বশক্তিমান, অতি পৱিত্ৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040022.mp3"},{"index":"23","arabicText":"وَلَقَدْ اَرْسَلْنَا مُوْسٰی بِاٰیٰتِنَا وَسُلْطٰنٍ مُّبِیْنٍ ۟ۙ","assameseTranslation":"আৰু নিশ্চয় আমিয়েই মুছাক আমাৰ নিদৰ্শনাৱলী আৰু স্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলোঁ।","footnotes":"","tafseer":"নিশ্চয় আমি মুছা আলাইহিচ্ছালামক স্পষ্ট নিদৰ্শন আৰু অকাট্য প্ৰমাণৰ সৈতে প্ৰেৰণ কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040023.mp3"},{"index":"24","arabicText":"اِلٰی فِرْعَوْنَ وَهَامٰنَ وَقَارُوْنَ فَقَالُوْا سٰحِرٌ كَذَّابٌ ۟","assameseTranslation":"ফিৰআউন, হামান আৰু কাৰূনৰ ওচৰলৈ। কিন্তু সিহঁতে তেওঁক, ‘যাদুকৰ, চৰম মিছলীয়া বুলি কৈছিল’।","footnotes":"","tafseer":"ফিৰআউন আৰু তাৰ মন্ত্ৰী হামান আৰু কাৰূনৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। সিহঁতে কৈছিলঃ মুছা হৈছে এজন যাদুকৰ। তথা তেওঁ ৰাছুল হোৱাৰ যি দাবী কৰি আছে, এই ক্ষেত্ৰত তেওঁ হৈছে এজন মিছলীয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040024.mp3"},{"index":"25","arabicText":"فَلَمَّا جَآءَهُمْ بِالْحَقِّ مِنْ عِنْدِنَا قَالُوا اقْتُلُوْۤا اَبْنَآءَ الَّذِیْنَ اٰمَنُوْا مَعَهٗ وَاسْتَحْیُوْا نِسَآءَهُمْ ؕ وَمَا كَیْدُ الْكٰفِرِیْنَ اِلَّا فِیْ ضَلٰلٍ ۟","assameseTranslation":"তাৰ পিছত মুছাই যেতিয়া আমাৰ তৰফৰ পৰা সত্য লৈ সিহঁতৰ ওচৰত গৈ উপস্থিত হ’ল, তেতিয়া সিহঁতে ক’লে, ‘মুছাৰ লগত যিসকলে ঈমান আনিছে, সিহঁতৰ পুত্ৰ সন্তানবিলাকক হত্যা কৰা আৰু সিহঁতৰ নাৰীসকলক জীৱিত এৰি দিয়া’। নিশ্চয় কাফিৰসকলৰ ষড়যন্ত্ৰ হৈছে ভ্ৰষ্টতাপূৰ্ণ।","footnotes":"","tafseer":"যেতিয়া মুছাই সিহঁতৰ ওচৰলৈ তেওঁৰ সত্যতাৰ প্ৰমাণ লৈ উপস্থিত হ'ল, তেতিয়া ফিৰআউনে ক’লেঃ যিসকলে তেওঁৰ ওপৰত ঈমান আনিছে, সিহঁতৰ সন্তানসকলক হত্যা কৰা, আৰু সিহঁতৰ স্ত্ৰীসকলক অপমানিত অৱস্থাত জীৱিত ৰখা। কাফিৰসকলে মুমিনসকলৰ সংখ্যা হ্ৰাস কৰাৰ যি চক্ৰান্ত কৰিছিল, নিশ্চিতভাৱে সেই চক্ৰান্ত ধ্বংস হ’বলগীয়াই আছিল। যাৰ কোনো প্ৰভাৱ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040025.mp3"},{"index":"26","arabicText":"وَقَالَ فِرْعَوْنُ ذَرُوْنِیْۤ اَقْتُلْ مُوْسٰی وَلْیَدْعُ رَبَّهٗ ۚ اِنِّیْۤ اَخَافُ اَنْ یُّبَدِّلَ دِیْنَكُمْ اَوْ اَنْ یُّظْهِرَ فِی الْاَرْضِ الْفَسَادَ ۟","assameseTranslation":"আৰু ফিৰআউনে ক’লে, ‘মোক এৰি দিয়া মই মুছাক হত্যা কৰিম, চাওঁ সি তাৰ প্ৰতিপালকক আহ্বান কৰকচোন। নিশ্চয় মই আশংকা কৰোঁ যে, সি তোমালোকৰ দ্বীনক পৰিবৰ্তন কৰি দিব নাইবা দেশত অশান্তি বিয়পাব’।","footnotes":"","tafseer":"ফিৰআউনে ক’লেঃ মোক এৰি দিয়া মই মুছাক শাস্তিস্বৰূপে মৃত্যুদণ্ড প্ৰদান কৰিম। সিও নিজ প্ৰতিপালকক আহ্বান কৰক, যাতে মোক প্ৰতিৰোধ কৰিব পাৰে। তেওঁৰ প্ৰতিপালকক আহ্বান কৰাৰ ক্ষেত্ৰত তেওঁৰ বাবে মোৰ ফালৰ পৰা সম্পূৰ্ণ অনুমতি আছে, মই কোনো ভ্ৰূক্ষেপ নকৰোঁ। মই কেৱল এইটো আশংকা কৰি আছোঁ যে, সি তোমালোকৰ ধৰ্মক পৰিবৰ্তন কৰি পেলাব নাইবা হত্যা আৰু ধ্বংসজজ্ঞৰ জৰিয়তে উপদ্ৰৱ সৃষ্টি কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040026.mp3"},{"index":"27","arabicText":"وَقَالَ مُوْسٰۤی اِنِّیْ عُذْتُ بِرَبِّیْ وَرَبِّكُمْ مِّنْ كُلِّ مُتَكَبِّرٍ لَّا یُؤْمِنُ بِیَوْمِ الْحِسَابِ ۟۠","assameseTranslation":"মুছাই ক’লে, ‘মই মোৰ প্ৰতিপালক আৰু (যিজন) তোমালোকৰো প্ৰতিপালক তেওঁৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ, এনেকুৱা প্ৰত্যেক অহংকাৰী ব্যক্তিৰ পৰা যিয়ে বিচাৰ দিৱসৰ ওপৰত ঈমান পোষণ নকৰে’।","footnotes":"","tafseer":"মুছা আলাইহিচ্ছালামে ফিৰআউনৰ সকীয়নি গম পাই ক’লেঃ নিশ্চয় মই মোৰ তথা তোমালোকৰ প্ৰতিপালকৰ আশ্ৰয় গ্ৰহণ কৰিছোঁ, প্ৰত্যেক সেই ব্যক্তিৰ পৰা, যিয়ে সত্যৰ পৰা আৰু ইয়াৰ প্ৰতি ঈমান পোষণৰ পৰা অহংকাৰ কৰে। লগতে যিয়ে কিয়ামত দিৱস, আৰু ইয়াৰ হিচাপ-নিকাচ তথা শাস্তিৰ প্ৰতিও ঈমান পোষণ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040027.mp3"},{"index":"28","arabicText":"وَقَالَ رَجُلٌ مُّؤْمِنٌ ۖۗ مِّنْ اٰلِ فِرْعَوْنَ یَكْتُمُ اِیْمَانَهٗۤ اَتَقْتُلُوْنَ رَجُلًا اَنْ یَّقُوْلَ رَبِّیَ اللّٰهُ وَقَدْ جَآءَكُمْ بِالْبَیِّنٰتِ مِنْ رَّبِّكُمْ ؕ وَاِنْ یَّكُ كَاذِبًا فَعَلَیْهِ كَذِبُهٗ ۚ وَاِنْ یَّكُ صَادِقًا یُّصِبْكُمْ بَعْضُ الَّذِیْ یَعِدُكُمْ ؕ اِنَّ اللّٰهَ لَا یَهْدِیْ مَنْ هُوَ مُسْرِفٌ كَذَّابٌ ۟","assameseTranslation":"আৰু ফিৰআউন বংশৰ এজন মুমিন ব্যক্তিয়ে যিজনে নিজৰ ঈমান গোপন ৰাখিছিল তেওঁ ক’লে, ‘তোমালোকে এজন ব্যক্তিক এই কাৰণে হত্যা কৰিবা নেকি যে, তেওঁ কয়, ‘মোৰ প্ৰতিপালক হৈছে কেৱল আল্লাহ’, অথচ তেওঁ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সুস্পষ্ট প্ৰমাণসহ তোমালোকৰ ওচৰলৈ আহিছে? তেওঁ যদি মিছলীয়া হয় তাৰ বাবে দায়ী তেওঁ নিজেই হ’ব, আৰু যদি তেওঁ সত্যবাদী হয় তেন্তে তেওঁ তোমালোকক যি প্ৰতিশ্ৰুতি দিছে, তাৰ পৰা কিছু পৰিমাণ হ’লেও তোমালোকৰ ওপৰত আপতিত হ’ব’। নিশ্চয় আল্লাহে সেই ব্যক্তিক হিদায়ত নকৰে, যিজন সীমালংঘনকাৰী, মিছলীয়া।","footnotes":"","tafseer":"ফিৰআউন বংশৰ এজন মুমিন ব্যক্তিয়ে, যিয়ে নিজৰ ঈমান গোপন কৰি ৰাখিছিল, মুছা আলাইহিচ্ছালামৰ হত্যা সম্পৰ্কীয় সিদ্ধান্তক গৰিহণা দি ক'লেঃ তোমালোকে এজন নিৰ্দোষী ব্যক্তিক এইকাৰণে শাস্তি দিব বিচৰা নেকি, যাৰ দোষ কেৱল এইটো যে সি কয়ঃ মোৰ প্ৰতিপালক হৈছে একমাত্ৰ আল্লাহ তাআলা। অথচ তেওঁ এনেকুৱা স্পষ্ট দলিল-প্ৰমাণ লৈ আহিছে, যিবোৰে তেওঁৰ দাবীৰ সত্যতা প্ৰমাণ কৰে যে তেওঁ হৈছে আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল। যদি এই কথা মানিও লোৱা যায় যে, তেওঁ নিজৰ দাবীত মিছলীয়া, তথাপিও সেই শাস্তি তেওঁ নিজেই ভোগ কৰিব। আনহাতে যদি তেওঁ সত্যবাদী হয়, তেন্তে তেওঁ তোমালোকক যি শাস্তিৰ পৰা সতৰ্ক কৰি আছে, অচিৰেই সেই শাস্তিয়ে তোমালোকৰ কিছুমানক স্পৰ্শ কৰিব। জানি থোৱা! যিয়ে আল্লাহৰ নিৰ্ধাৰিত সীমা উলঙ্ঘা কৰে তথা তেওঁৰ ওপৰত আৰু ৰাছুলৰ ওপৰত মিছা অপবাদ জাপি দিয়ে, নিশ্চিতভাৱে আল্লাহে তেনেকুৱা ব্যক্তিক সত্যৰ তাওফীক প্ৰদান নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040028.mp3"},{"index":"29","arabicText":"یٰقَوْمِ لَكُمُ الْمُلْكُ الْیَوْمَ ظٰهِرِیْنَ فِی الْاَرْضِ ؗ فَمَنْ یَّنْصُرُنَا مِنْ بَاْسِ اللّٰهِ اِنْ جَآءَنَا ؕ قَالَ فِرْعَوْنُ مَاۤ اُرِیْكُمْ اِلَّا مَاۤ اَرٰی وَمَاۤ اَهْدِیْكُمْ اِلَّا سَبِیْلَ الرَّشَادِ ۟","assameseTranslation":"‘হে মোৰ সম্প্ৰদায়! আজি তোমালোকৰেই ৰাজত্ব, পৃথিৱীত তোমালোকেই প্ৰভাৱশালী; কিন্তু আল্লাহৰ শাস্তি আহিলে কোনে আমাক সহায় কৰিব’? ফিৰআউনে ক’লে, ‘মই যিটো সঠিক বুলি ভাবোঁ, সেইটোৱেই তোমালোকক দেখুৱাওঁ আৰু মই তোমালোকক কেৱল সঠিক পথহে দেখুৱাওঁ’।","footnotes":"","tafseer":"হে মোৰ জাতিৰ লোকসকল! আজি মিচৰৰ শাসনভাৰ তোমালোকৰ হাতত আছে, তথা তোমালোক হৈছা ইয়াত প্ৰভাৱশালী। কিন্তু মুছাক হত্যা কৰাৰ ফলত যদি আমাৰ ওপৰত আল্লাহৰ শাস্তি আহি পৰে তেন্তে কোনে আমাক ৰক্ষা কৰিব? ফিৰআউনে ক’লেঃ মোৰ পৰামৰ্শই হৈছে সঠিক পৰামৰ্শ, তথা মোৰ সিদ্ধান্তই হৈছে চূড়ান্ত সিদ্ধান্ত। গতিকে ফিতনা ফাছাদ আৰু উপদ্ৰৱ প্ৰতিৰোধ কৰিবলৈ মোৰ সিদ্ধান্ত হৈছে মুছাক হত্যা কৰা হওক। মই তোমালোকক সঠিক তথা শুদ্ধ পথহে দেখুৱাই আছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040029.mp3"},{"index":"30","arabicText":"وَقَالَ الَّذِیْۤ اٰمَنَ یٰقَوْمِ اِنِّیْۤ اَخَافُ عَلَیْكُمْ مِّثْلَ یَوْمِ الْاَحْزَابِ ۟ۙ","assameseTranslation":"মুমিন ব্যক্তিজনে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ প্ৰতিও সেই দিনটোৰ আশংকা কৰোঁ যিটো পূৰ্বৱৰ্তী দলসমূহৰ ওপৰত আহিছিল;","footnotes":"","tafseer":"ঈমান পোষণ কৰা ব্যক্তিজনে তেওঁৰ জাতিক উপদেশ দি ক’লেঃ শুনা! তোমালোকে যদি শত্ৰুতা পোষণ কৰি অন্যায়ভাৱে মুছাক হত্যা কৰা তেন্তে মই আশংকা কৰি আছোঁ, হয়তো তোমালোকৰ ওপৰতো তেনেকুৱা শাস্তি আহিব পাৰে যিদৰে পূৰ্বৱৰ্তী লোকসকলৰ ওপৰত আহিছিল, যিসকলে ৰাছুলসকলৰ বিৰুদ্ধে দল গঠন কৰিছিল, ফলত আল্লাহে সিহঁতক ধ্বংস কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040030.mp3"},{"index":"31","arabicText":"مِثْلَ دَاْبِ قَوْمِ نُوْحٍ وَّعَادٍ وَّثَمُوْدَ وَالَّذِیْنَ مِنْ بَعْدِهِمْ ؕ وَمَا اللّٰهُ یُرِیْدُ ظُلْمًا لِّلْعِبَادِ ۟","assameseTranslation":"‘যিদৰে সংঘটিত হৈছিল, নূহ, আদ, ছামূদ আৰু সিহঁতৰ পৰৱৰ্তী লোকসকলৰ ক্ষেত্ৰত। আল্লাহে বান্দাসকলৰ ওপৰত কোনো অন্যায় কৰিব নিবিচাৰে।","footnotes":"","tafseer":"সেইসকল লোকৰ দৰে যিসকলে কুফৰী কৰিছিল আৰু ৰাছুলসকলক অস্বীকাৰ কৰিছিল, যেনেঃ নূহ সম্প্ৰদায়, আদ আৰু ছামূদ সম্প্ৰদায়, আৰু যিসকলে সিহঁতৰ পিছত আহিছিল। আল্লাহে সিহঁতক ধ্বংস কৰিছিল কাৰণ সিহঁতে কুফৰী কৰিছিল আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। আল্লাহে বান্দাসকলৰ লগত অন্যায় কৰিব নিবিচাৰে। তেওঁ সিহঁতক কেৱল সিহঁতৰ গুনাহৰ কাৰণেহে উপযুক্ত শাস্তি বিহে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040031.mp3"},{"index":"32","arabicText":"وَیٰقَوْمِ اِنِّیْۤ اَخَافُ عَلَیْكُمْ یَوْمَ التَّنَادِ ۟ۙ","assameseTranslation":"‘আৰু হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ বাবে ভয়াৰ্ত আহ্বান দিৱসৰ আশংকা কৰিছোঁ,","footnotes":"","tafseer":"হে মোৰ জাতিৰ লোকসকল! মই তোমালোকৰ বিষয়ে কিয়ামত দিৱস সম্পৰ্কে ভয় কৰোঁ, যিদিনা মানুহে ইজনে সিজনক আত্মীয়তা আৰু পদমৰ্যাদাৰ আধাৰত আহ্বান কৰিব, এই আশাত যে হয়তো এই ভয়াৱহ পৰিস্থিতিত তেওঁ কিছু হ’লেও উপকাৰ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040032.mp3"},{"index":"33","arabicText":"یَوْمَ تُوَلُّوْنَ مُدْبِرِیْنَ ۚ مَا لَكُمْ مِّنَ اللّٰهِ مِنْ عَاصِمٍ ۚ وَمَنْ یُّضْلِلِ اللّٰهُ فَمَا لَهٗ مِنْ هَادٍ ۟","assameseTranslation":"‘যিদিনা তোমালোকে পিছ হোঁহকা দি পলাব বিচাৰিবা, (সেইদিনা) আল্লাহৰ শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব। আল্লাহে যাক বিভ্ৰান্ত কৰে, তাৰ বাবে কোনো হিদায়তকাৰী নাই’।","footnotes":"","tafseer":"যিদিনা তোমালোকে জাহান্নামক দেখি পিছ হোঁহকা দি পলায়ন কৰিব বিচাৰিবা, তেতিয়া কোনেও তোমালোকক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। আল্লাহে যাক নিলগীয়া কৰিব তথা তেওঁ যাক ঈমান পোষণ কৰাৰ তাওফীক নিদিব, তাক কোনেও হিদায়ত দিব নোৱাৰে। কিয়নো হিদায়তৰ বাবে তাওফীক প্ৰদানৰ ক্ষমতা হৈছে একমাত্ৰ আল্লাহৰ হাতত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040033.mp3"},{"index":"34","arabicText":"وَلَقَدْ جَآءَكُمْ یُوْسُفُ مِنْ قَبْلُ بِالْبَیِّنٰتِ فَمَا زِلْتُمْ فِیْ شَكٍّ مِّمَّا جَآءَكُمْ بِهٖ ؕ حَتّٰۤی اِذَا هَلَكَ قُلْتُمْ لَنْ یَّبْعَثَ اللّٰهُ مِنْ بَعْدِهٖ رَسُوْلًا ؕ كَذٰلِكَ یُضِلُّ اللّٰهُ مَنْ هُوَ مُسْرِفٌ مُّرْتَابُ ۟ۚۖ","assameseTranslation":"নিশ্চয় ইতিপূৰ্বে তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদিসহ ইউছুফ আহিছিল, ফলত তেওঁ তোমালোকৰ ওচৰলৈ যি আনিছিল তাক তোমালোকে সদায় সন্দেহ কৰিছিলা। অৱশেষত যেতিয়া তেওঁৰ মৃত্যু হ’ল, তেতিয়া তোমালোকে কৈছিলা, ‘আল্লাহে এওঁৰ পিছত কেতিয়াও আন কোনো ৰাছুল প্ৰেৰণ নকৰিব।’ এইদৰেই আল্লাহে প্ৰত্যেক সীমালংঘনকাৰী, সংশয়বাদীক বিভ্ৰান্ত কৰে।","footnotes":"","tafseer":"মুছা আলাইহিচ্ছালামৰ পূৰ্বে নিশ্চয় ইউছুফ আলাইহিচ্ছালামে তোমালোকৰ ওচৰলৈ আল্লাহৰ তাওহীদৰ স্পষ্ট দলিল-প্ৰমাণ লৈ আহিছিল। কিন্তু তেওঁ লৈ অহা বাৰ্তাক তোমালোকে সন্দেহ কৰিছিলা আৰু তেওঁক নবী হিচাপে অস্বীকাৰ কৰিছিলা। আনকি তেওঁৰ মৃত্যুৰ পিছত তোমালোকৰ সন্দেহ তথা সংশয় আৰু অধিক বৃদ্ধি পাইছিল। তোমালোকে এইটোও কৈছিলা যে, তেওঁৰ পিছত আল্লাহে কোনো ৰাছুলেই প্ৰেৰণ নকৰিব। যিদৰে এইক্ষেত্ৰত তোমালোকে সত্যৰ পৰা বিভ্ৰান্ত হৈছা, ঠিক সেইদৰে আল্লাহে প্ৰত্যেক সেই ব্যক্তিক পথভ্ৰষ্টত ৰাখে, যিয়ে আল্লাহৰ নিৰ্ধাৰিত সীমা লঙ্ঘন কৰে আৰু তেওঁৰ তাওহীদত সন্দেহ পোষণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040034.mp3"},{"index":"35","arabicText":"لَّذِیْنَ یُجَادِلُوْنَ فِیْۤ اٰیٰتِ اللّٰهِ بِغَیْرِ سُلْطٰنٍ اَتٰىهُمْ ؕ كَبُرَ مَقْتًا عِنْدَ اللّٰهِ وَعِنْدَ الَّذِیْنَ اٰمَنُوْا ؕ كَذٰلِكَ یَطْبَعُ اللّٰهُ عَلٰی كُلِّ قَلْبِ مُتَكَبِّرٍ جَبَّارٍ ۟","assameseTranslation":"যিসকলে সিহঁতৰ ওচৰলৈ (সিহঁতৰ দাবীৰ সমৰ্থনত) কোনো দলীল-প্ৰমাণ নহা সত্ত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়। আল্লাহ আৰু মুমিনসকলৰ দৃষ্টিত সিহঁতৰ এই কৰ্ম অতি ঘৃণাৰ যোগ্য। এইদৰেই আল্লাহে প্ৰত্যেক অহংকাৰী, স্বৈৰাচাৰী ব্যক্তিৰ হৃদয়ত মোহৰ মাৰি দিয়ে।","footnotes":"","tafseer":"যিসকলে কোনো দলিল-প্ৰমাণ নোহোৱাকৈ আল্লাহৰ আয়াতসমূহকলৈ বিবাদ কৰে, তথা সেইবোৰক অসত্য বুলি প্ৰমাণ কৰিবলৈ বিতৰ্ক কৰে। সিহঁতৰ এই বিতৰ্ক আল্লাহ আৰু মুমিনসকলৰ দৃষ্টিত অতি ঘৃণনীয়। এই আয়াতসমূহক মিছা প্ৰমাণিত কৰিবলৈ বিতৰ্ক কৰা ব্যক্তিসকলৰ অন্তৰত আল্লাহে যিদৰে মোহৰ মাৰি দিছে, ঠিক সেইদৰে আল্লাহে প্ৰত্যেক সেই ব্যক্তিৰ অন্তৰতো মোহৰ মাৰি দিয়ে, যিয়ে সত্যক স্বীকাৰ কৰাৰ ক্ষেত্ৰত অহংকাৰ কৰে, তথা অন্যায় কৰে। এতেকে সি কেতিয়াও সত্যৰ হিদায়ত নাপাব, আনকি কল্যাণৰ সন্ধানো নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040035.mp3"},{"index":"36","arabicText":"وَقَالَ فِرْعَوْنُ یٰهَامٰنُ ابْنِ لِیْ صَرْحًا لَّعَلِّیْۤ اَبْلُغُ الْاَسْبَابَ ۟ۙ","assameseTranslation":"আৰু ফিৰআউনে ক’লে, ‘হে হামান! মোৰ বাবে তুমি এখন সুউচ্চ প্ৰাসাদ নিৰ্মাণ কৰা, যাতে মই উপায় অৱলম্বন কৰিব পাৰোঁ,","footnotes":"","tafseer":"ফিৰআউনে তাৰ মন্ত্ৰী হামানক ক’লেঃ হে হামান! মোৰ বাবে এটা সুউচ্চ ভৱন নিৰ্মাণ কৰা, যাতে মই কোনো পথ বিচাৰি পাওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040036.mp3"},{"index":"37","arabicText":"اَسْبَابَ السَّمٰوٰتِ فَاَطَّلِعَ اِلٰۤی اِلٰهِ مُوْسٰی وَاِنِّیْ لَاَظُنُّهٗ كَاذِبًا ؕ وَكَذٰلِكَ زُیِّنَ لِفِرْعَوْنَ سُوْٓءُ عَمَلِهٖ وَصُدَّ عَنِ السَّبِیْلِ ؕ وَمَا كَیْدُ فِرْعَوْنَ اِلَّا فِیْ تَبَابٍ ۟۠","assameseTranslation":"‘আকাশসমূহত আৰোহণৰ উপায় বিচাৰি পাওঁ, যাতে মই মুছাৰ ইলাহক জুমি চাব পাৰোঁ, নিশ্চয় মই তাক মিছলীয়া বুলিহে ভাবোঁ’। এইদৰেই ফিৰআউনৰ কৰ্মক তাৰ ওচৰত শোভনীয় কৰি দিয়া হৈছিল আৰু তাক সৰল পথৰ পৰা নিবৃত্ত কৰা হৈছিল, লগতে ফিৰআউনৰ ষড়যন্ত্ৰ ব্যৰ্থহে হৈছিল।","footnotes":"","tafseer":"যাতে মই মহাকাশত যাব পৰা কোনো পথ বিচাৰি পাওঁ, আৰু মুছাৰ উপাস্যজনক দেখিব পাৰোঁ, যাৰ বিষয়ে মুছাই ধাৰণা কৰে যে তেওঁ হৈছে সত্য উপাস্য। নিশ্চয় মই মুছাক তেওঁৰ এই দাবীত মিছলীয়া বুলি ভাবোঁ। এইদৰে ফিৰআউনৰ বাবে তাৰ বেয়া কৰ্মবোৰক শোভনীয় কৰি দিয়া হৈছিল, সেইকাৰণেই সি হামানক উক্ত আদেশ প্ৰদান কৰিছিল। তাক সত্য পথৰ পৰা আঁতৰাই অসত্য পথত পৰিচালিত কৰা হৈছিল। বাতিলক বিকশিত কৰা আৰু মুছাই লৈ অহা সত্যক পৰাস্ত কৰিবলৈ কৰা ফিৰআউনৰ এই চক্ৰান্ত বিনষ্ট হোৱাটোৱে নিশ্চিত আছিল। অৱশেষত তাৰ এই প্ৰয়াস বিফল হৈছিল আৰু সি এনেকুৱা দুৰ্ভাগ্যগ্ৰস্ত হৈছিল যিটো কেতিয়াও সমাপ্ত নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040037.mp3"},{"index":"38","arabicText":"وَقَالَ الَّذِیْۤ اٰمَنَ یٰقَوْمِ اتَّبِعُوْنِ اَهْدِكُمْ سَبِیْلَ الرَّشَادِ ۟ۚ","assameseTranslation":"ঈমান পোষণ কৰা ব্যক্তিজনে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে মোৰ অনুসৰণ কৰা, মই তোমালোকক সঠিক পথত পৰিচালিত কৰিম।","footnotes":"","tafseer":"ফিৰআউন বংশৰ সেই ঈমান পোষণ কৰা ব্যক্তিজনে তেওঁৰ জাতিৰ লোকসকলক উপদেশ প্ৰদান কৰি তথা সত্যৰ পথ দেখুৱাই ক’লেঃ হে মোৰ জাতিৰ লোকসকল! মোৰ কথা মানি লোৱা, মই তোমালোকক সঠিক পথ দেখুৱাই আছোঁ। এইটোৱে সত্যৰ হিদায়ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040038.mp3"},{"index":"39","arabicText":"یٰقَوْمِ اِنَّمَا هٰذِهِ الْحَیٰوةُ الدُّنْیَا مَتَاعٌ ؗ وَّاِنَّ الْاٰخِرَةَ هِیَ دَارُ الْقَرَارِ ۟","assameseTranslation":"‘হে মোৰ সম্প্ৰদায়! এই পাৰ্থিৱ জীৱন হৈছে কেৱল অস্থায়ী ভোগ-সামগ্ৰী। নিশ্চয় আখিৰাত, সেইটোহে হৈছে স্থায়ী আবাস।","footnotes":"","tafseer":"হে মোৰ জাতিৰ লোকসকল! পাৰ্থিৱ জীৱনৰ এই সুখ-সুবিধাবোৰ হৈছে কেৱল অস্থায়ী ভোগ সামগ্ৰী। গতিকে তোমালোকে এইবোৰৰ মোহত পৰি প্ৰবঞ্চিত নহ’বা। পক্ষান্তৰে আখিৰাতৰ ঘৰ হৈছে চিৰস্থায়ী তথা কেতিয়াও সমাপ্ত নোহোৱা নিয়ামতেৰে ভৰা বাসস্থান। এতেকে আল্লাহৰ আনুগত্য কৰি আখিৰাতৰ বাবে আমল কৰি যোৱা। আৰু পাৰ্থিৱ জীৱনৰ কৰ্মত ব্যস্ত হৈ আখিৰাতৰ প্ৰস্তুতিৰ পৰা অমনোযোগী নহ’বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040039.mp3"},{"index":"40","arabicText":"مَنْ عَمِلَ سَیِّئَةً فَلَا یُجْزٰۤی اِلَّا مِثْلَهَا ۚ وَمَنْ عَمِلَ صَالِحًا مِّنْ ذَكَرٍ اَوْ اُ وَهُوَ مُؤْمِنٌ فَاُولٰٓىِٕكَ یَدْخُلُوْنَ الْجَنَّةَ یُرْزَقُوْنَ فِیْهَا بِغَیْرِ حِسَابٍ ۟","assameseTranslation":"‘কোনোবাই অসৎকৰ্ম কৰিলে সি কেৱল তাৰ কৰ্ম অনুপাতেই শাস্তি পাব। আনহাতে পুৰুষ হওক বা নাৰী মুমিন হৈ যিয়ে সৎকৰ্ম কৰিব, তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব, তাত তেওঁলোকক দিয়া হ’ব অগণন জীৱিকা।","footnotes":"","tafseer":"যিয়ে বেয়া আমল কৰিছে, তাক সেই অনুপাতেই শাস্তি দিয়া হ'ব। তাৰ কৰ্মতকৈ অধিক শাস্তি কেতিয়াও দিয়া নহ’ব। আনহাতে যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে সৎকৰ্ম কৰিব, পুৰষেই হওক অথবা নাৰী, কিন্তু আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰী হ’ব লাগিব, এই উত্তম আদৰ্শৱান লোকসকলেই কিয়ামতৰ দিনা জান্নাতত প্ৰৱেশ কৰিব। তাত আল্লাহে তেওঁলোকক জান্নাতৰ অগণিত ফলমূল আৰু অসীম নিয়ামত উপভোগ কৰাৰ সুবিধা প্ৰদান কৰিব, যিবোৰ কেতিয়াও সমাপ্ত নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040040.mp3"},{"index":"41","arabicText":"وَیٰقَوْمِ مَا لِیْۤ اَدْعُوْكُمْ اِلَی النَّجٰوةِ وَتَدْعُوْنَنِیْۤ اِلَی النَّارِ ۟ؕ","assameseTranslation":"‘হে মোৰ সম্প্ৰদায়! কি হ’ল! মই তোমালোকক মুক্তিৰ পিনে আহ্বান কৰি আছোঁ, আৰু তোমালোকে মোক অগ্নিৰ পিনে মাতি আছা!","footnotes":"","tafseer":"হে মোৰ জাতিৰ লোকসকল! এইটো কেনেকুৱা কথা, মই তোমালোকক আল্লাহৰ প্ৰতি ঈমান আনিবলৈ, সৎকৰ্ম কৰিবলৈ, লগতে পৃথিৱী আৰু আখিৰাতৰ ক্ষতিৰ পৰা ৰক্ষা পাবলৈ মুক্তিৰ পিনে আহ্বান কৰি আছোঁ, কিন্তু তোমালোকে মোক আল্লাহৰ সৈতে কুফৰী কৰিবলৈ আৰু তেওঁৰ অবাধ্যতা কৰিবলৈ তথা জাহান্নামত প্ৰৱেশ কৰিবলৈ আহ্বান কৰি আছা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040041.mp3"},{"index":"42","arabicText":"تَدْعُوْنَنِیْ لِاَكْفُرَ بِاللّٰهِ وَاُشْرِكَ بِهٖ مَا لَیْسَ لِیْ بِهٖ عِلْمٌ ؗ وَّاَنَا اَدْعُوْكُمْ اِلَی الْعَزِیْزِ الْغَفَّارِ ۟","assameseTranslation":"‘তোমালোকে মোক মাতি আছা যাতে মই আল্লাহৰ লগত কুফৰী কৰোঁ আৰু তেওঁৰ লগত শ্বিৰ্ক কৰোঁ, যি বিষয়ে মোৰ কোনো জ্ঞান নাই; অথচ মই তোমালোকক আহ্বান কৰি আছোঁ মহা পৰাক্ৰমশালী, পৰম ক্ষমাশীলৰ ফালে।","footnotes":"","tafseer":"তোমালোকে মোক বাতিলৰ পিনে আহ্বান কৰি আছা, যাতে মই আল্লাহৰ লগত কুফৰী কৰোঁ; লগতে যাতে তেওঁৰ সৈতে এনেকুৱা উপাস্যৰ উপাসনা কৰোঁ, যিবোৰৰ উপাসনা সঠিক হোৱাৰ সপক্ষে মোৰ ওচৰত কোনো জ্ঞান নাই। পক্ষান্তৰে মই তোমালোকক মহাপৰাক্ৰমশালী আল্লাহৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰি আছোঁ, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ ক্ষমাশীল, বান্দাসকলক ক্ষমা কৰি ভালপায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040042.mp3"},{"index":"43","arabicText":"لَا جَرَمَ اَنَّمَا تَدْعُوْنَنِیْۤ اِلَیْهِ لَیْسَ لَهٗ دَعْوَةٌ فِی الدُّنْیَا وَلَا فِی الْاٰخِرَةِ وَاَنَّ مَرَدَّنَاۤ اِلَی اللّٰهِ وَاَنَّ الْمُسْرِفِیْنَ هُمْ اَصْحٰبُ النَّارِ ۟","assameseTranslation":"‘এই বিষয়ত কোনো সন্দেহ নাই যে, তোমালোকে মোক যাৰ ফালে আহ্বান কৰি আছা, সি পৃথিৱী আৰু আখিৰাতৰ ক'তো আহ্বানৰ যোগ্য নহয়। প্ৰকৃততে আমাৰ প্ৰত্যাৱৰ্তন হ’ব কেৱল আল্লাহৰ পিনে আৰু নিশ্চয় সীমালংঘনকাৰী- বিলাক হৈছে অগ্নিৰ অধিবাসী।","footnotes":"","tafseer":"এই কথা সত্য যে, তোমালোকে মোক যাৰ প্ৰতি বিশ্বাস কৰিবলৈ তথা যাৰ আনুগত্য কৰিবলৈ মাতি আছা, প্ৰকৃততে সি পৃথিৱী আৰু আখিৰাতৰ ক'তো আহ্বানৰ যোগ্য নহয়। আনকি আহ্বানকাৰীৰ উত্তৰ দিয়াৰো তাৰ সামৰ্থ নাই। নিশ্চয় আমি সকলোৱে একমাত্ৰ আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। কুফৰী আৰু গুনাহৰ দ্বাৰা সীমালংঘন কৰা লোকসকলেই হৈছে জাহান্নামী, কিয়ামতৰ দিনা সিহঁতে তাত প্ৰৱেশ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040043.mp3"},{"index":"44","arabicText":"فَسَتَذْكُرُوْنَ مَاۤ اَقُوْلُ لَكُمْ ؕ وَاُفَوِّضُ اَمْرِیْۤ اِلَی اللّٰهِ ؕ اِنَّ اللّٰهَ بَصِیْرٌ بِالْعِبَادِ ۟","assameseTranslation":"‘এতেকে মই তোমালোকক যিবোৰ কথা কৈ আছোঁ, অনতিপলমে তোমালোকে সেইবোৰ কথা স্মৰণ কৰিবা; আৰু মই মোৰ (যাৱতীয়) বিষয় আল্লাহৰ ওচৰতেই সমৰ্পণ কৰিছোঁ। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি সৰ্বদ্ৰষ্টা’।","footnotes":"","tafseer":"কিন্তু সিহঁতে তেওঁৰ উপদেশক নাকচ কৰিলে। তেতিয়া তেওঁ ক’লেঃ তোমালোকে অচিৰেই মোৰ এই উপদেশক স্মৰণ কৰিবা আৰু সেইটো গ্ৰহণ নকৰাৰ বাবে পৰিতাপ কৰিবা। মই মোৰ সকলো বিষয় একমাত্ৰ আল্লাহৰ ওপৰতেই সমৰ্পন কৰিছোঁ। নিশ্চয় বান্দাসকলৰ কোনো কৰ্মই আল্লাহৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040044.mp3"},{"index":"45","arabicText":"فَوَقٰىهُ اللّٰهُ سَیِّاٰتِ مَا مَكَرُوْا وَحَاقَ بِاٰلِ فِرْعَوْنَ سُوْٓءُ الْعَذَابِ ۟ۚ","assameseTranslation":"ফলত আল্লাহে তেওঁক সিহঁতৰ যড়যন্ত্ৰৰ অনিষ্টৰ পৰা ৰক্ষা কৰিলে আৰু ফিৰআউন গোষ্ঠীক কঠিন শাস্তিয়ে ঘেৰি পেলালে,","footnotes":"","tafseer":"এতেকে যেতিয়া সিহঁতে তেওঁক হত্যা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, তেতিয়া আল্লাহে তেওঁক সিহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিলে। ইপিনে ফিৰআউন বংশক শাস্তিয়ে পৰিবেষ্টন কৰিলে। ফলত আল্লাহে ফিৰআউনক আৰু তাৰ সৈন্যবাহিনীক পৃথিৱীতেই ডুবাই মাৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040045.mp3"},{"index":"46","arabicText":"اَلنَّارُ یُعْرَضُوْنَ عَلَیْهَا غُدُوًّا وَّعَشِیًّا ۚ وَیَوْمَ تَقُوْمُ السَّاعَةُ ۫ اَدْخِلُوْۤا اٰلَ فِرْعَوْنَ اَشَدَّ الْعَذَابِ ۟","assameseTranslation":"পুৱা-গধূলি সিহঁতক অগ্নিত উপস্থিত কৰা হয় আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা (ফিৰিস্তাসকলক) কোৱা হ’ব, ‘ফিৰআউন গোষ্ঠীক কঠোৰ শাস্তিত নিক্ষেপ কৰা’।","footnotes":"","tafseer":"মৃত্যুৰ পিছত কবৰত পুৱা-গধূলি সিহঁতক অগ্নিৰ সন্মুখত উপস্থিত কৰা হয়। কিয়ামতৰ দিনা কোৱা হ’বঃ ফিৰআউনৰ অনুসাৰীসকলক কঠিন তথা মহাশাস্তিৰ ভিতৰত নিক্ষেপ কৰা। কিয়নো সিহঁতে কুফৰী কৰিছিল, অস্বীকাৰ কৰিছিল আৰু আল্লাহৰ পথত মানুহক বাধা দিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040046.mp3"},{"index":"47","arabicText":"وَاِذْ یَتَحَآجُّوْنَ فِی النَّارِ فَیَقُوْلُ الضُّعَفٰٓؤُا لِلَّذِیْنَ اسْتَكْبَرُوْۤا اِنَّا كُنَّا لَكُمْ تَبَعًا فَهَلْ اَنْتُمْ مُّغْنُوْنَ عَنَّا نَصِیْبًا مِّنَ النَّارِ ۟","assameseTranslation":"আৰু যেতিয়া সিহঁতে জাহান্নামতগৈ পৰস্পৰে বিতৰ্কত লিপ্ত হ’ব, তেতিয়া দুৰ্বলসকলে অহংকাৰীবিলাকক ক’ব, ‘নিশ্চয় আমি তোমালোকৰ অনুসাৰী আছিলোঁ, এতেকে তোমালোকে আমাৰ পৰা জাহান্নামৰ জুইৰ কিছু অংশ গ্ৰহণ কৰিবানে’?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া জাহান্নামত অনুসাৰীসকল আৰু যিসকলক অনুসৰণ কৰা হৈছিল সিহঁতে পৰস্পৰে বিবাদ কৰিব। এতেকে দুৰ্বল অনুসাৰীসকলে অহংকাৰী নেতাসকলক উদ্দেশ্যি ক’বঃ পৃথিৱীত আমি তোমালোকৰ অনুসৰণ কৰি বিভ্ৰান্ত হৈছিলোঁ, এতিয়া তোমালোকে আমাৰ পৰা আল্লাহৰ এই শাস্তি কিছু পৰিমাণ হ’লেও লাঘৱ কৰিব পাৰিবা নেকি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040047.mp3"},{"index":"48","arabicText":"قَالَ الَّذِیْنَ اسْتَكْبَرُوْۤا اِنَّا كُلٌّ فِیْهَاۤ ۙ اِنَّ اللّٰهَ قَدْ حَكَمَ بَیْنَ الْعِبَادِ ۟","assameseTranslation":"অহংকাৰীবিলাকে ক’ব, ‘আমি সকলোৱে দেখোন ইয়াতেই আছোঁ, নিশ্চয় আল্লাহে বান্দাসকলৰ মাজত বিচাৰ সম্পন্ন কৰিছে’।","footnotes":"","tafseer":"তেতিয়া অহংকাৰী নেতাসকলে ক'বঃ শুনা! নেতা আৰু অনুসাৰী আমি সকলোৱে এতিয়া জাহান্নামত আছোঁ। আমাৰ মাজৰ কোনেও এতিয়া কাৰো শাস্তি ভগাই ল'ব নোৱাৰে। যিহেতু আল্লাহে বান্দাসকলৰ মাজত চূড়ান্ত ফয়চালা কৰি দিছে, লগতে প্ৰত্যেককে উচিত শাস্তি বিহিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040048.mp3"},{"index":"49","arabicText":"وَقَالَ الَّذِیْنَ فِی النَّارِ لِخَزَنَةِ جَهَنَّمَ ادْعُوْا رَبَّكُمْ یُخَفِّفْ عَنَّا یَوْمًا مِّنَ الْعَذَابِ ۟","assameseTranslation":"আৰু জাহান্নামীবিলাকে জাহান্নামৰ প্ৰহৰীসকলক ক’ব, ‘আপোনালোকে (আমাৰ হৈ) আপোনালোকৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰকচোন, তেওঁ যেন আমাৰ পৰা এদিনৰ বাবে হ'লেও শাস্তি লাঘৱ কৰি দিয়ে’।","footnotes":"","tafseer":"জাহান্নামৰ শাস্তিপ্ৰাপ্ত নেতা আৰু অনুসাৰী, সকলোৱে যেতিয়া জাহান্নামৰ পৰা ওলোৱাৰ বিষয় সম্পৰ্কে নিৰাশ হৈ পৰিব, তথা সিহঁতৰ পৃথিৱীলৈ ঘূৰি অহাৰ আশাত যেতিয়া চেঁচা পানী পৰিব, তেতিয়া সিহঁতে জাহান্নামৰ চোৱাচিতাৰ দায়িত্বত থকা ফিৰিস্তাক সম্বোধন কৰি ক’বঃ আপোনালোকে আপোনালোকৰ প্ৰতিপালকক আমাৰ বাবে অলপ দুআ কৰি কওক, তেওঁ যেন আমাৰ পৰা এদিনৰ বাবে হ’লেও এই চিৰস্থায়ী শাস্তিক অকণমান লাঘৱ কৰি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040049.mp3"},{"index":"50","arabicText":"قَالُوْۤا اَوَلَمْ تَكُ تَاْتِیْكُمْ رُسُلُكُمْ بِالْبَیِّنٰتِ ؕ قَالُوْا بَلٰی ؕ قَالُوْا فَادْعُوْا ۚ وَمَا دُعٰٓؤُا الْكٰفِرِیْنَ اِلَّا فِیْ ضَلٰلٍ ۟۠","assameseTranslation":"তেওঁলোকে ক'ব’, ‘তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণাদি সহকাৰে তোমালোকৰ ৰাছুলসকল অহা নাছিলনে’? জাহান্নামীবিলাকে ক’ব, ‘হয় নিশ্চয় আহিছিল’। প্ৰহৰীসকলে ক’ব, ‘এতেকে তোমালোকেই প্ৰাৰ্থনা কৰা; আৰু কাফিৰসকলৰ প্ৰাৰ্থনা কেৱল নিষ্ফলহে হয়’।","footnotes":"","tafseer":"জাহান্নামৰ প্ৰহৰীয়ে কাফিৰসকলক উত্তৰ দি ক’বঃ “তোমালোকৰ ওচৰলৈ তোমালোকৰ ৰাছুলসকলে স্পষ্ট দলিল-প্ৰমাণ লৈ অহা নাছিলনে”? কাফিৰসকলে ক’বঃ “হয়, নিশ্চয় তেওঁলোকে আমাৰ ওচৰলৈ স্পষ্ট দলিল-প্ৰমাণ লৈ আহিছিল”। তেতিয়া প্ৰহৰীয়ে সিহঁতক ভৰ্ৎসনা কৰি ক’বঃ “তেন্তে তোমালোকে নিজেই প্ৰাৰ্থনা কৰা, আমি কাফিৰসকলৰ বাবে মধ্যস্ততা নকৰোঁ”। কাফিৰসকলৰ প্ৰাৰ্থনা ব্যৰ্থ হোৱাটোৱেই নিশ্চিত। গ্ৰহণযোগ্য নোহোৱাৰ কাৰণ হৈছে সিহঁতে কুফৰী কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040050.mp3"},{"index":"51","arabicText":"اِنَّا لَنَنْصُرُ رُسُلَنَا وَالَّذِیْنَ اٰمَنُوْا فِی الْحَیٰوةِ الدُّنْیَا وَیَوْمَ یَقُوْمُ الْاَشْهَادُ ۟ۙ","assameseTranslation":"নিশ্চয় আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক পাৰ্থিৱ জীৱনত সহায় কৰিম, আৰু সেইদিনাও সহায় কৰিম যিদিনা সাক্ষীসকল থিয় হ’ব।","footnotes":"","tafseer":"নিশ্চয় আমি আমাৰ ৰাছুলসকলক সহায় কৰোঁ, লগতে যিসকলে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে তেওঁলোককো সহায় কৰোঁ, পৃথিৱীত তেওঁলোকৰ পক্ষক শক্তিশালী কৰি আৰু শত্ৰুৰ বিৰুদ্ধে তেওঁলোকক সমৰ্থন কৰাৰ মাধ্যমত তেওঁলোকক সহায় কৰোঁ। লগতে কিয়ামতৰ দিনা তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাত সহায় কৰিম আৰু পৃথিৱীত তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰা লোকসকলক জাহান্নামত প্ৰৱেশ কৰাম। এইবোৰ সেইসময়ত সংঘটিত হ’ব যেতিয়া নবীসকলে আৰু ফিৰিস্তাসকলে লগতে মুমিনসকলে এই সাক্ষ্য প্ৰদান কৰিব যে, সিহঁতৰ ওচৰত ইছলামৰ বাৰ্তা আহি পৰিছিল কিন্তু সিহঁতে অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040051.mp3"},{"index":"52","arabicText":"یَوْمَ لَا یَنْفَعُ الظّٰلِمِیْنَ مَعْذِرَتُهُمْ وَلَهُمُ اللَّعْنَةُ وَلَهُمْ سُوْٓءُ الدَّارِ ۟","assameseTranslation":"যিদিনা যালিমসকলৰ ওজৰ-আপত্তি সিহঁতৰ কোনো কামত নাহিব। সিহঁতৰ বাবে আছে অভিসম্পাত আৰু সিহঁতৰ বাবে আছে নিকৃষ্ট আবাস।","footnotes":"","tafseer":"কুফৰ আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰা লোকসকলে সেইদিনা নিজৰ পাপকৰ্মৰ অজুহাত দাঙি ধৰিলেও কোনো উপকাৰ নহ’ব। সেইদিনা সিহঁতক আল্লাহৰ ৰহমতৰ পৰা আঁতৰাই দিয়া হ’ব। আখিৰাতত সিহঁতৰ বাবেই আছে নিকৃষ্ট বাসস্থান, য’ত সিহঁতক কষ্টদায়ক শাস্তি দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040052.mp3"},{"index":"53","arabicText":"وَلَقَدْ اٰتَیْنَا مُوْسَی الْهُدٰی وَاَوْرَثْنَا بَنِیْۤ اِسْرَآءِیْلَ الْكِتٰبَ ۟ۙ","assameseTranslation":"আৰু নিশ্চয় আমি মুছাক হিদায়ত দান কৰিছিলোঁ আৰু বনী ইছৰাঈলক কিতাবৰ উত্তৰাধিকাৰী কৰিছিলোঁ,","footnotes":"","tafseer":"নিশ্চয় আমি মুছা আলাইহিচ্ছালামক এনেকুৱা জ্ঞান প্ৰদান কৰিছিলোঁ, যাৰ দ্বাৰা বনী ইছৰাঈলে সত্যৰ হিদায়ত পাইছিল। তথা তাওৰাতক আমি এনেকুৱা এখন গ্ৰন্থত পৰিণত কৰিছিলোঁ, যিখনৰ উত্তৰাধিকাৰী বনী ইছৰাঈলৰ প্ৰজন্মৰ পিছত প্ৰজন্মই লাভ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040053.mp3"},{"index":"54","arabicText":"هُدًی وَّذِكْرٰی لِاُولِی الْاَلْبَابِ ۟","assameseTranslation":"বোধশক্তিসম্পন্ন লোকসকলৰ বাবে পথনিৰ্দেশ আৰু উপদেশ হিচাপে।","footnotes":"","tafseer":"যিখনে সত্যৰ পথ দেখুৱাইছিল আৰু সুস্থ বিবেকৱান লোকসকলৰ বাবে আছিল সেইখন উপদেশ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040054.mp3"},{"index":"55","arabicText":"فَاصْبِرْ اِنَّ وَعْدَ اللّٰهِ حَقٌّ وَّاسْتَغْفِرْ لِذَنْۢبِكَ وَسَبِّحْ بِحَمْدِ رَبِّكَ بِالْعَشِیِّ وَالْاِبْكَارِ ۟","assameseTranslation":"এতেকে তুমি ধৈৰ্য্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। লগতে তুমি তোমাৰ ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু পুৱা-গধূলি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা তথা মহিমা ঘোষণা কৰা।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ জাতিয়ে আপোনাক অস্বীকাৰ কৰা কাৰ্যত আৰু সিহঁতৰ নিৰ্যাতনত আপুনি ধৈৰ্য্য ধাৰণ কৰক। নিশ্চয় আল্লাহে আপোনাক সহায়-সহযোগিতা আৰু সমৰ্থন কৰিব বুলি যি প্ৰতিশ্ৰুতি দিছে সেয়া সত্য, ইয়াৰ মাজত কোনো সন্দেহ নাই। গতিকে আপুনি আপোনাৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক, লগতে পুৱা-গধূলি আপোনাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে তাছবীহ পাঠ কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040055.mp3"},{"index":"56","arabicText":"اِنَّ الَّذِیْنَ یُجَادِلُوْنَ فِیْۤ اٰیٰتِ اللّٰهِ بِغَیْرِ سُلْطٰنٍ اَتٰىهُمْ ۙ اِنْ فِیْ صُدُوْرِهِمْ اِلَّا كِبْرٌ مَّا هُمْ بِبَالِغِیْهِ ۚ فَاسْتَعِذْ بِاللّٰهِ ؕ اِنَّهٗ هُوَ السَّمِیْعُ الْبَصِیْرُ ۟","assameseTranslation":"নিশ্চয় যিসকলে নিজৰ ওচৰত কোনো দলীল-প্ৰমাণ নথকা সত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়, সিহঁতৰ অন্তৰত আছে কেৱল অহংকাৰ, সিহঁতে এই বিষয়ত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰিব। এতেকে তুমি কেৱল আল্লাহৰ ওচৰত আশ্ৰয় বিচৰা; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহক মিছা প্ৰমাণিত কৰিবলৈ, কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ বিতৰ্ক কৰে, সিহঁতৰ ওচৰত আল্লাহৰ ফালৰ পৰা অহা কোনো প্ৰমাণ নাই। সিহঁতৰ উদ্দেশ্য কেৱল সত্যক দমন কৰা আৰু নিজকে সুউচ্চ প্ৰমাণিত কৰাৰ বাহিৰে আন একো নহয়। সিহঁতে নিজৰ এই উদ্দেশ্যত কেতিয়াও সফল হ’ব নোৱাৰিব। হে ৰাছুল! আপুনি দৃঢ়ভাৱে তথা একনিষ্ঠভাৱে আল্লাহৰ হৈ থাকক। নিশ্চয় তেওঁ বান্দাসকলৰ কথা শ্ৰৱণকাৰী, আৰু তেওঁ সিহঁতৰ কৰ্ম সম্পৰ্কে সৰ্বদ্ৰষ্টা। একোৱেই তেওঁৰ পৰা বাদ নপৰে। তেওঁ অচিৰেই সিহঁতক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040056.mp3"},{"index":"57","arabicText":"لَخَلْقُ السَّمٰوٰتِ وَالْاَرْضِ اَكْبَرُ مِنْ خَلْقِ النَّاسِ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি, মানৱ সৃষ্টিতকৈও ডাঙৰ বিষয়, কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে।","footnotes":"","tafseer":"নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱী, বিশাল আৰু প্ৰশস্ততাৰ ক্ষেত্ৰত মানৱ সৃষ্টিতকৈও ডাঙৰ বিষয়। এতেকে যি সত্ত্বাই এই বিশাল আকাশমণ্ডল আৰু ভূমণ্ডলক সৃষ্টি কৰিছে, সেই সত্ত্বাই নিশ্চয় মৃতসকলক পুনৰুত্থিত কৰি কবৰৰ পৰা উঠাই হিচাপ-নিকাচ আৰু প্ৰতিদান দিবলৈ সক্ষম। কিন্তু অধিকাংশ লোকেই এই বিষয়টো নাজানে। সেইকাৰণেই সিহঁতে ইয়াৰ দ্বাৰা শিক্ষা গ্ৰহণ নকৰে, তথা ইয়াক পুনৰুত্থানৰ দলিল হিচাপে গ্ৰহণ নকৰে, যদিও বিষয়টো একেবাৰে স্পষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040057.mp3"},{"index":"58","arabicText":"وَمَا یَسْتَوِی الْاَعْمٰی وَالْبَصِیْرُ ۙ۬ وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَلَا الْمُسِیْٓءُ ؕ قَلِیْلًا مَّا تَتَذَكَّرُوْنَ ۟","assameseTranslation":"অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়, এইদৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, পক্ষান্তৰে যিসকলে অসৎকৰ্ম কৰিছে সিহঁতেও সমান নহয়। তোমালোকে অতি সামান্যহে উপদেশ গ্ৰহণ কৰা।","footnotes":"","tafseer":"দৃষ্টিশক্তি থকা আৰু দৃষ্টিশক্তি নথকা ব্যক্তি কেতিয়াও সমান হ’ব নোৱাৰে। ঠিক সেইদৰে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি বিশ্বাস কৰিছে লগতে সৎকৰ্ম কৰিছে, তেওঁলোকে কেতিয়াও সেইসকল লোকৰ দৰে নহয়, যিসকলে বাতিল আক্বীদাহ আৰু গুনাহৰ কৰ্মত লিপ্ত হৈ বেয়া আমল কৰি আছে। (পৰিলক্ষিত হৈছে যে) তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা। কিয়নো সঁচাই যদি তোমালোকে উপদেশ গ্ৰহণ কৰিলাহেঁতেন তেন্তে নিশ্চয় দুয়ো দলৰ পাৰ্থক্য বুজি পালাহেঁতেন তথা সেইসকল লোকৰ অন্তৰ্ভুক্ত হ’লাহেঁতেন যিসকলে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ ঈমান পোষণ কৰিছে আৰু সৎকৰ্ম কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040058.mp3"},{"index":"59","arabicText":"اِنَّ السَّاعَةَ لَاٰتِیَةٌ لَّا رَیْبَ فِیْهَا وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یُؤْمِنُوْنَ ۟","assameseTranslation":"নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই; কিন্তু অধিকাংশ লোকেই বিশ্বাস নকৰে।","footnotes":"","tafseer":"নিশ্চয় কিয়ামত দিৱস অৱশ্যম্ভাৱী, যিদিনা মৃতসকলক জীৱিত কৰি হিচাপ-নিকাচ লোৱা হ'ব আৰু প্ৰতিদান দিয়া। ইয়াৰ মাজত কোনো সন্দেহ নাই। কিন্তু অধিকাংশ লোকেই এই দিৱস আহিব বুলি বিশ্বাস নকৰে। সেইকাৰণেই সিহঁতে ইয়াৰ বাবে প্ৰস্তুতি নলয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040059.mp3"},{"index":"60","arabicText":"وَقَالَ رَبُّكُمُ ادْعُوْنِیْۤ اَسْتَجِبْ لَكُمْ ؕ اِنَّ الَّذِیْنَ یَسْتَكْبِرُوْنَ عَنْ عِبَادَتِیْ سَیَدْخُلُوْنَ جَهَنَّمَ دٰخِرِیْنَ ۟۠","assameseTranslation":"আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।","footnotes":"","tafseer":"হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকে কৈছে যে, তোমালোকে একমাত্ৰ মোৰেই ইবাদত কৰা আৰু কেৱল মোৰ ওচৰতেই প্ৰাৰ্থনা কৰা। মই তোমালোকৰ প্ৰাৰ্থনা কবূল কৰিম, তোমালোকক ক্ষমা কৰিম তথা তোমালোকৰ প্ৰতি দয়া কৰিম। নিশ্চয় যিসকলে এককভাৱে মোৰ ইবাদত কৰাৰ ক্ষেত্ৰত অহংকাৰ কৰে, শীঘ্ৰেই সিহঁতে কিয়ামতৰ দিনা লাঞ্ছিত অপমানিত হৈ জাহান্নামত প্ৰৱেশ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040060.mp3"},{"index":"61","arabicText":"اَللّٰهُ الَّذِیْ جَعَلَ لَكُمُ الَّیْلَ لِتَسْكُنُوْا فِیْهِ وَالنَّهَارَ مُبْصِرًا ؕ اِنَّ اللّٰهَ لَذُوْ فَضْلٍ عَلَی النَّاسِ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَشْكُرُوْنَ ۟","assameseTranslation":"আল্লাহ, যিজনে তোমালোকৰ বাবে ৰাতিক সৃষ্টি কৰিছে যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা, আৰু দিনক কৰিছে আলোকোজ্জ্বল। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল, কিন্তু অধিকাংশ মানুহেই কৃতজ্ঞতা প্ৰকাশ নকৰে।","footnotes":"","tafseer":"আল্লাহেই ৰাতিক তোমালোকৰ বাবে অন্ধকাৰাচ্ছন্ন কৰি দিছে, যাতে তোমালোকে বিশ্ৰাম ল’ব পাৰা। পক্ষান্তৰে দিনক আলোকিত কৰি দিছে, যাতে সেই সময়ছোৱাত কাম কৰিব পাৰা। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি মহা অনুগ্ৰহশীল, তেৱেঁই মানুহক প্ৰকাশ্য অপ্ৰকাশ্য সকলো প্ৰকাৰৰ নিয়ামত প্ৰদান কৰিছে। কিন্তু অধিকাংশ লোকেই তেওঁৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040061.mp3"},{"index":"62","arabicText":"ذٰلِكُمُ اللّٰهُ رَبُّكُمْ خَالِقُ كُلِّ شَیْءٍ ۘ لَاۤ اِلٰهَ اِلَّا هُوَۚؗ فَاَنّٰی تُؤْفَكُوْنَ ۟","assameseTranslation":"তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক, সকলো বস্তুৰ স্ৰষ্টা; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ওভোতাই নিয়া হৈছে?","footnotes":"","tafseer":"তেৱেঁই আল্লাহ, যিজনে তোমালোকক বিভিন্ন প্ৰকাৰৰ নিয়ামত প্ৰদান কৰিছে, তেৱেঁই সকলো বস্তুৰ স্ৰষ্টা। তেওঁৰ বাহিৰে কোনো সৃষ্টিকৰ্তা নাই। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্যও নাই। তেন্তে তেওঁক এৰি তোমালোকে কিহৰ ভিত্তিত আনৰ উপাসনা কৰা, যিবোৰে উপকাৰ বা অপকাৰ একোৱেই কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040062.mp3"},{"index":"63","arabicText":"كَذٰلِكَ یُؤْفَكُ الَّذِیْنَ كَانُوْا بِاٰیٰتِ اللّٰهِ یَجْحَدُوْنَ ۟","assameseTranslation":"এইদৰেই ওভতাই নিয়া হয় সেইসকল লোকক, যিসকলে আল্লাহৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে।","footnotes":"","tafseer":"যিদৰে এইসকল লোকক আল্লাহৰ প্ৰতি ঈমান পোষণৰ পৰা আৰু এককভাৱে তেওঁৰ ইবাদত কৰাৰ পৰা আঁতৰাই দিয়া হৈছে, ঠিক সেইদৰে সেইসকল লোককো প্ৰত্যেক যুগতে তথা প্ৰত্যেক স্থানতে আঁতৰাই ৰখা হ’ব, যিসকলে আল্লাহৰ তাওহীদৰ প্ৰমাণবহন কৰা নিদৰ্শনসমূহক অস্বীকাৰ কৰিব। ফলত সিহঁতে কেতিয়াও সত্যৰ পথ বিচাৰি নাপাব, লগতে সিহঁতক সঠিক পথত পৰিচালিত হোৱাৰ তাওফীকো দিয়া নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040063.mp3"},{"index":"64","arabicText":"اَللّٰهُ الَّذِیْ جَعَلَ لَكُمُ الْاَرْضَ قَرَارًا وَّالسَّمَآءَ بِنَآءً وَّصَوَّرَكُمْ فَاَحْسَنَ صُوَرَكُمْ وَرَزَقَكُمْ مِّنَ الطَّیِّبٰتِ ؕ ذٰلِكُمُ اللّٰهُ رَبُّكُمْ ۖۚ فَتَبٰرَكَ اللّٰهُ رَبُّ الْعٰلَمِیْنَ ۟","assameseTranslation":"আল্লাহেই তোমালোকৰ বাবে পৃথিৱীক স্থিতিশীল কৰিছে আৰু আকাশখনক কৰি দিছে চাদ আৰু তেৱেঁই তোমালোকৰ আকৃতি গঠন কৰিছে, তাৰ পিছত তোমালোকৰ আকৃতিক সুন্দৰ ৰূপ দিছে, লগতে তোমালোকক পৱিত্ৰ বস্তুৰ পৰা জীৱিকা দান কৰিছে। তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক। এতেকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহ কিমান যে বৰকতময়!","footnotes":"","tafseer":"হে মানৱজাতি! আল্লাহেই তোমালোকৰ বাবে পৃথিৱীখনক বসবাসযোগ্য বনাইছে। তেৱেঁই তোমালোকৰ ওপৰত সুদৃঢ় আকাশ বনাইছে, যিখন ভাঙি পৰাৰ পৰা সুৰক্ষিত। তেৱেঁই তোমালোকক মাকৰ গৰ্ভত সুন্দৰ আকৃতি প্ৰদান কৰিছে। লগতে তেৱেঁই তোমালোকক হালাল তথা পৱিত্ৰ জীৱিকা প্ৰদান কৰিছে। যি সত্ত্বাই তোমালোকক এই সকলোবোৰ নিয়ামত প্ৰদান কৰিছে, তেৱেঁই আল্লাহ, যিজন তোমালোকৰ প্ৰতিপালক। আল্লাহ মহা বৰকতময়, তেৱেঁই গোটেই সৃষ্টিজগতৰ প্ৰতিপালক। তেওঁৰ বাহিৰে আন কোনো প্ৰতিপালক নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040064.mp3"},{"index":"65","arabicText":"هُوَ الْحَیُّ لَاۤ اِلٰهَ اِلَّا هُوَ فَادْعُوْهُ مُخْلِصِیْنَ لَهُ الدِّیْنَ ؕ اَلْحَمْدُ لِلّٰهِ رَبِّ الْعٰلَمِیْنَ ۟","assameseTranslation":"তেওঁ চিৰঞ্জীৱ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে তেওঁৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁকেই প্ৰাৰ্থনা কৰা। সকলো ধৰণৰ প্ৰশংসা কেৱল বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য।","footnotes":"","tafseer":"তেওঁ চিৰঞ্জীৱ, কেতিয়াও মৃত্যুবৰণ নকৰে। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। গতিকে তোমালোকে সকলো প্ৰকাৰ দুআ তথা প্ৰাৰ্থনা একমাত্ৰ তেওঁৰ ওচৰতেই কৰাঁ, ইবাদতৰ বাবেই হওক অথবা প্ৰয়োজনৰ বাবে। লগতে তেওঁৰ সৈতে তেওঁৰ কোনো সৃষ্টিক অংশীদাৰ স্থাপন নকৰিবা। সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, তেৱেঁই সৃষ্টিজগতৰ প্ৰতিপালক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040065.mp3"},{"index":"66","arabicText":"قُلْ اِنِّیْ نُهِیْتُ اَنْ اَعْبُدَ الَّذِیْنَ تَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ لَمَّا جَآءَنِیَ الْبَیِّنٰتُ مِنْ رَّبِّیْ ؗ وَاُمِرْتُ اَنْ اُسْلِمَ لِرَبِّ الْعٰلَمِیْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক প্ৰাৰ্থনা কৰা, সেইবোৰৰ ইবাদত কৰিবলৈ মোক নিষেধ কৰা হৈছে, কাৰণ মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদি আহিছে। মই বিশ্বজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আদেশপ্ৰাপ্ত হৈছোঁ।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক, নিশ্চয় আল্লাহে মোক নিষেধ কৰিছে, মই যেন আল্লাহৰ বাহিৰে সেইবোৰ মূৰ্ত্তিৰ উপাসনা নকৰোঁ যিবোৰৰ উপাসনা তোমালোকে কৰা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে। অথচ সেইবোৰৰ উপাসনা ভুল বুলি মোৰ ওচৰত স্পষ্ট প্ৰমাণ আহি পৰিছে। লগতে আল্লাহে মোক আদেশ কৰিছে যে, মই যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰি তেওঁৰ আনুগত্য কৰোঁ। তেৱেঁই গোটেই সৃষ্টিজগতৰ ৰব্ব, তেওঁৰ বাহিৰে আন কোনো ৰব্ব নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040066.mp3"},{"index":"67","arabicText":"هُوَ الَّذِیْ خَلَقَكُمْ مِّنْ تُرَابٍ ثُمَّ مِنْ نُّطْفَةٍ ثُمَّ مِنْ عَلَقَةٍ ثُمَّ یُخْرِجُكُمْ طِفْلًا ثُمَّ لِتَبْلُغُوْۤا اَشُدَّكُمْ ثُمَّ لِتَكُوْنُوْا شُیُوْخًا ۚ وَمِنْكُمْ مَّنْ یُّتَوَفّٰی مِنْ قَبْلُ وَلِتَبْلُغُوْۤا اَجَلًا مُّسَمًّی وَّلَعَلَّكُمْ تَعْقِلُوْنَ ۟","assameseTranslation":"তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত শুক্ৰবিন্দুৰ পৰা, তাৰ পিছত আলাকা (ৰক্তপিণ্ড)ৰ পৰা, তাৰ পিছতহে তোমালোকক উলিয়াই আনে নৱজাত শিশুৰূপে, যাতে তোমালোকে যৌৱনত উপনীত হোৱা, তাৰ পিছত যাতে তোমালোকে বৃদ্ধ হোৱা। তোমালোকৰ কিছুমানক ইয়াৰ পূৰ্বেই মৃত্যু ঘটোৱা হয়, যাতে তোমালোকে নিৰ্ধাৰিত সময়ত উপনীত হোৱা আৰু তোমালোকে যাতে বুজিব পাৰা।","footnotes":"","tafseer":"তেৱেঁই তোমালোকৰ পিতা আদমক মাটিৰে সৃষ্টি কৰিছে। ইয়াৰ পিছত তেওঁ তোমালোকক বীৰ্যৰে সৃষ্টি কৰিছে। তেৱেঁই বীৰ্যৰ পিছত ৰক্তপিণ্ডত পৰিণত কৰিছে। তেৱেঁই তোমালোকক তোমালোকৰ মাকৰ গৰ্ভৰ পৰা নৱজাতকৰূপে ভূমিষ্ঠ কৰিছে। তেৱেঁই তোমালোকক ডাঙৰ দীঘল কৰি যৌৱনত উপনীত কৰে, আৰু অৱশেষত বৃদ্ধাৱস্থাত পৌঁচাই দিয়ে। তোমালোকৰ মাজৰ কিছুমানে ইয়াৰ পূৰ্বেই মৃত্যুবৰণ কৰে। এইবোৰৰ কাৰণ হৈছে যাতে তোমালোকে আল্লাহে নিৰ্ধাৰণ কৰা সময়ত উপনীত হ’ব পাৰা, যিটোক তোমালোকে হ্ৰাস কৰিবও নোৱাৰিবা আৰু বৃদ্ধি কৰিবও নোৱাৰিবা। যাতে তোমালোকে আল্লাহৰ তাওহীদ আৰু ক্ষমতাৰ এই প্ৰমাণ আৰু দলিলবোৰৰ দ্বাৰা উপকৃত হ’ব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040067.mp3"},{"index":"68","arabicText":"هُوَ الَّذِیْ یُحْیٖ وَیُمِیْتُ ۚ فَاِذَا قَضٰۤی اَمْرًا فَاِنَّمَا یَقُوْلُ لَهٗ كُنْ فَیَكُوْنُ ۟۠","assameseTranslation":"তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়, আৰু যেতিয়া তেওঁ কিবা কৰিবলৈ স্থিৰ কৰে তেতিয়া ইয়াৰ বাবে তেওঁ কেৱল কয় ‘হ’, সেইটো তৎক্ষণাত হৈ যায়।","footnotes":"","tafseer":"তেৱেঁই অদ্বিতীয় পৱিত্ৰ আল্লাহ, যাৰ হাতত আছে জীৱন দানৰ ক্ষমতা। একমাত্ৰ তেওঁৰ হাততেই আছে মৃত্যু প্ৰদানৰ ক্ষমতা। এতেকে তেওঁ যেতিয়া কোনো বিষয়ৰ ফয়চালা কৰে, তেতিয়া কেৱল কয় ‘হ’, ফলত সেইটো লগে লগে হৈ যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040068.mp3"},{"index":"69","arabicText":"اَلَمْ تَرَ اِلَی الَّذِیْنَ یُجَادِلُوْنَ فِیْۤ اٰیٰتِ اللّٰهِ ؕ اَنّٰی یُصْرَفُوْنَ ۟","assameseTranslation":"তুমি সিহঁতক লক্ষ্য কৰা নাইনে, যিসকলে আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্ক কৰে? সিহঁতক ক’লৈ ওভতাই নিয়া হৈছে?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সেইসকল লোকক লক্ষ্য কৰা নাইনে, যিসকলে আল্লাহৰ স্পষ্ট আয়াতসমূহক মিছা প্ৰমাণিত কৰিবলৈ বিতৰ্ক কৰে, সিহঁতৰ অৱস্থা দেখি আপুনি নিশ্চয় আশ্চৰ্য প্ৰকাশ কৰিব, যিসকলে সত্য স্পষ্ট হোৱাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040069.mp3"},{"index":"70","arabicText":"الَّذِیْنَ كَذَّبُوْا بِالْكِتٰبِ وَبِمَاۤ اَرْسَلْنَا بِهٖ رُسُلَنَا ۛ۫ فَسَوْفَ یَعْلَمُوْنَ ۟ۙ","assameseTranslation":"সিহঁতে কিতাবক আৰু আমাৰ ৰাছুলসকলে যি লৈ প্ৰেৰিত হৈছে তাক অস্বীকাৰ কৰে, এতেকে সিহঁতে শীঘ্ৰেই জানিবলৈ পাব,","footnotes":"","tafseer":"যিসকলে কোৰআনক আৰু আমি আমাৰ ৰাছুলসকলৰ দ্বাৰা যি সত্য প্ৰেৰণ কৰিছোঁ তাক অস্বীকাৰ কৰিছে। এই অস্বীকাৰকাৰী লোকসকলে অচিৰেই সিহঁতৰ পৰিণাম সম্পৰ্কে অৱগত হ’ব আৰু বেয়া সমাপ্তি দেখিবলৈ পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040070.mp3"},{"index":"71","arabicText":"اِذِ الْاَغْلٰلُ فِیْۤ اَعْنَاقِهِمْ وَالسَّلٰسِلُ ؕ یُسْحَبُوْنَ ۟ۙ","assameseTranslation":"যেতিয়া সিহঁতৰ ডিঙিত গলাবদ্ধ আৰু শিকলি থাকিব, আৰু সিহঁতক টানি লৈ যোৱা হ’ব,","footnotes":"","tafseer":"সেইসময়ত সিহঁতে নিজৰ পৰিণাম সম্পৰ্কে ভালকৈয়ে অৱগত হ'ব যেতিয়া সিহঁতৰ ডিঙিত থাকিব গলাবদ্ধ, আৰু সিহঁতৰ ভৰি শিকলিৰে আৱদ্ধ থাকিব। লগতে শাস্তিৰ ফিৰিস্তাই সিহঁতক চোঁচৰাই লৈ যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040071.mp3"},{"index":"72","arabicText":"فِی الْحَمِیْمِ ۙ۬ ثُمَّ فِی النَّارِ یُسْجَرُوْنَ ۟ۚ","assameseTranslation":"উতলা পানীৰ মাজত, তাৰ পিছত সিহঁতক জ্বলোৱা হ'ব অগ্নিৰ মাজত।","footnotes":"","tafseer":"সিহঁতক উতলা গৰম পানীত চোঁচৰাই নিয়া হ’ব। ইয়াৰ পিছত অগ্নিৰ মাজত নিক্ষেপ কৰা হ’ব, যাতে তাতেই জ্বলি পুৰি শাস্তি ভোগ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040072.mp3"},{"index":"73","arabicText":"ثُمَّ قِیْلَ لَهُمْ اَیْنَ مَا كُنْتُمْ تُشْرِكُوْنَ ۟ۙ","assameseTranslation":"তাৰ পিছত সিহঁতক কোৱা হ’ব, ‘ক'ত সিহঁত, যিসকলক তোমালোকে অংশীদাৰ স্থাপন কৰিছিলা,","footnotes":"","tafseer":"সিহঁতক গৰিহণা আৰু ধিক্কাৰ দি কোৱা হ’ব, ক’ত আছে তোমালোকৰ সেই তথাকথিত উপাস্যবোৰ, যিবোৰক তোমালোকে অংশীদাৰ স্থাপন কৰি উপাসনা কৰিছিলা?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040073.mp3"},{"index":"74","arabicText":"مِنْ دُوْنِ اللّٰهِ ؕ قَالُوْا ضَلُّوْا عَنَّا بَلْ لَّمْ نَكُنْ نَّدْعُوْا مِنْ قَبْلُ شَیْـًٔا ؕ كَذٰلِكَ یُضِلُّ اللّٰهُ الْكٰفِرِیْنَ ۟","assameseTranslation":"আল্লাহৰ বাহিৰে’? সিহঁতে ক’ব, ‘সিহঁত দেখোন আমাৰ পৰা (আজি) আঁতৰি গৈছে; বৰং ইতিপূৰ্বে আমি কাকো আহ্বানে কৰা নাছিলোঁ’। এইদৰেই আল্লাহে কাফিৰসকলক বিভ্ৰান্ত কৰে।","footnotes":"","tafseer":"সেই মূৰ্ত্তিবোৰ, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰিছিলা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে? কাফিৰসকলে ক’বঃ “সেইবোৰ আমাৰ পৰা আঁতৰি গৈছে, বৰং পৃথিৱীত আমি এনেকুৱা কোনো বস্তুৰ ইবাদত কৰাই নাছিলোঁ যিবোৰ ইবাদতৰ যোগ্য”। এইদৰেই আল্লাহে প্ৰত্যেক যুগতে আৰু প্ৰত্যেক স্থানতে কাফিৰসকলক পথভ্ৰষ্টতাত পতিত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040074.mp3"},{"index":"75","arabicText":"ذٰلِكُمْ بِمَا كُنْتُمْ تَفْرَحُوْنَ فِی الْاَرْضِ بِغَیْرِ الْحَقِّ وَبِمَا كُنْتُمْ تَمْرَحُوْنَ ۟ۚ","assameseTranslation":"এয়া এইকাৰণে যে, তোমালোকে পৃথিৱীত অযথা উল্লাস কৰিছিলা আৰু এই কাৰণেও যে, তোমালোকে অহংকাৰ কৰিছিলা।","footnotes":"","tafseer":"সিহঁতক কোৱা হ’বঃ যি শাস্তি তোমালোকে ভোগ কৰি আছা, ইয়াৰ কাৰণ হৈছে পৃথিৱীত কৰা তোমালোকৰ সেই শ্বিৰ্ক, যাক লৈ তোমালোকে আনন্দিত আছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040075.mp3"},{"index":"76","arabicText":"اُدْخُلُوْۤا اَبْوَابَ جَهَنَّمَ خٰلِدِیْنَ فِیْهَا ۚ فَبِئْسَ مَثْوَی الْمُتَكَبِّرِیْنَ ۟","assameseTranslation":"তোমালোকে জাহান্নামত স্থায়ীভাৱে অৱস্থান কৰিবলৈ ইয়াৰ বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰা, এতেকে (চোৱাচোন!) কিমান যে নিকৃষ্ট অহংকাৰী বিলাকৰ আবাসস্থল!","footnotes":"","tafseer":"এতেকে প্ৰৱেশদ্বাৰেৰে তোমালোকে জাহান্নামত প্ৰৱেশ কৰা। এইটোৱেই হৈছে তোমালোকৰ চিৰস্থায়ী বাসস্থান। হায়! সত্যৰ পৰা অহংকাৰ কৰা লোকৰ পৰিণাম কিমান যে নিকৃষ্ট!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040076.mp3"},{"index":"77","arabicText":"فَاصْبِرْ اِنَّ وَعْدَ اللّٰهِ حَقٌّ ۚ فَاِمَّا نُرِیَنَّكَ بَعْضَ الَّذِیْ نَعِدُهُمْ اَوْ نَتَوَفَّیَنَّكَ فَاِلَیْنَا یُرْجَعُوْنَ ۟","assameseTranslation":"গতিকে তুমি ধৈৰ্য্য ধাৰণ কৰা। নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আমি সিহঁতক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ তাৰে অলপ যদি মই তোমাক দেখুৱাই দিওঁ অথবা (তাৰ পূৰ্বেই যদি) তোমাৰ মৃত্যু ঘটাওঁ, তথাপিও দেখোন সিহঁতে মোৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তিত হ’ব।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি আপোনাৰ সম্প্ৰদায়ৰ অত্যাচাৰ আৰু অস্বীকাৰ কাৰ্যত ধৈৰ্য্য ধাৰণ কৰক। নিশ্চয় আল্লাহে আপোনাক সহায় কৰাৰ যি প্ৰতিশ্ৰুতি দিছে সেয়া সত্য, ইয়াত কোনো সন্দেহ নাই। আপোনাৰ জীৱনকালতেই যদি সেই প্ৰতিশ্ৰুতিৰ কিছু শাস্তি প্ৰদান কৰি আপোনাক দেখুৱাওঁ, যিদৰে বদৰৰ দিনা দেখুৱাইছোঁ, নাইবা ইয়াৰ পূৰ্বেই যদি আপোনাক মৃত্যু প্ৰদান কৰোঁ, তথাপিও সিহঁতে কিয়ামতৰ দিনা একমাত্ৰ আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব। আমিয়েই সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান প্ৰদান কৰিম। তথা সিহঁতক চিৰকালৰ বাবে জাহান্নামত প্ৰৱেশ কৰাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040077.mp3"},{"index":"78","arabicText":"وَلَقَدْ اَرْسَلْنَا رُسُلًا مِّنْ قَبْلِكَ مِنْهُمْ مَّنْ قَصَصْنَا عَلَیْكَ وَمِنْهُمْ مَّنْ لَّمْ نَقْصُصْ عَلَیْكَ ؕ وَمَا كَانَ لِرَسُوْلٍ اَنْ یَّاْتِیَ بِاٰیَةٍ اِلَّا بِاِذْنِ اللّٰهِ ۚ فَاِذَا جَآءَ اَمْرُ اللّٰهِ قُضِیَ بِالْحَقِّ وَخَسِرَ هُنَالِكَ الْمُبْطِلُوْنَ ۟۠","assameseTranslation":"নিশ্চয় আমি তোমাৰ পূৰ্বেও বহুতো ৰাছুল প্ৰেৰণ কৰিছোঁ। আমি তেওঁলোকৰ কিছুমানৰ বৰ্ণনা তোমাৰ ওচৰত কৰিছোঁ আৰু কিছুমানৰ বৰ্ণনা কৰা নাই। আল্লাহৰ অনুমতি অবিহনে কোনো নিৰ্দশন লৈ অহাটো কোনো ৰাছুলৰ পক্ষে সম্ভৱ নহয়। এতেকে যেতিয়া আল্লাহৰ আদেশ আহিব তেতিয়া ন্যায় সংগতভাৱে ফয়চালা হৈ যাব। তেতিয়া বাতিলপন্থীবিলাক ক্ষতিগ্ৰস্ত হ’ব।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ পূৰ্বেও আমি বহুতো ৰাছুলক তেওঁলোকৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তেওঁলোককো সিহঁতে অস্বীকাৰ কৰিছিল আৰু নিৰ্যাতন কৰিছিল। কিন্তু তেওঁলোকে সিহঁতৰ অস্বীকাৰ কাৰ্যত আৰু অত্যাচাৰত ধৈৰ্য্য ধাৰণ কৰিছিল। তেওঁলোকৰ মাজৰ কিছুমান নবীৰ বিষয়ে আমি আপোনাৰ সন্মুখত বৰ্ণনা কৰিছোঁ আৰু কিছুমানৰ বিষয়ে কৰা নাই। আল্লাহৰ অনুমতি নোহোৱাকৈ কোনো ৰাছুলৰেই তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ মুজিঝা বা অলৌকিকতা আনিব পৰা ক্ষমতা নাছিল। গতিকে কাফিৰসকলে তেওঁলোকৰ পৰা মুজিঝা বা অলৌকিকতা দাবী কৰাটো হৈছে এক প্ৰকাৰ অন্যায়। এতেকে আল্লাহৰ ফালৰ পৰা যেতিয়া জয় লাভৰ আদেশ আহি পৰিব, অথবা ৰাছুলসকলৰ আৰু তেওঁলোকৰ উম্মতবোৰৰ মাজত যেতিয়া ফয়চালা কৰাৰ সময় আহি পৰিব, তেতিয়া আল্লাহে ন্যায় সহকাৰে তেওঁলোকৰ মাজত ফয়চালা কৰিব। তেতিয়া কাফিৰসকলৰ বিনাশ হ’ব আৰু ৰাছুলসকলে জয়লাভ কৰিব। বান্দাসকলৰ মাজত ফয়চালা কৰাৰ এই সময়ছোৱাত বাতিল পন্থীসকলে নিজৰ কুফৰী কৰ্মৰ কাৰণে ধ্বংসত পতিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040078.mp3"},{"index":"79","arabicText":"اَللّٰهُ الَّذِیْ جَعَلَ لَكُمُ الْاَنْعَامَ لِتَرْكَبُوْا مِنْهَا وَمِنْهَا تَاْكُلُوْنَ ۟ؗ","assameseTranslation":"তেৱেঁই আল্লাহ, যিজনে তোমালোকৰ বাবে ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যাতে তোমালোকে সেইবোৰৰ কিছুমানৰ ওপৰত আৰোহণ কৰিব পাৰা আৰু কিছুমানক ভক্ষণ কৰিব পাৰা।","footnotes":"","tafseer":"আল্লাহেই তোমালোকৰ বাবে উট, গৰু আৰু ছাগলী আদি সৃষ্টি কৰিছে, যাতে সেইবোৰৰ কিছুমানক তোমালোকে পৰিবহণ হিচাপে ব্যৱহাৰ কৰিব পাৰা আৰু কিছুমানৰ মাংস ভক্ষণ কৰিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040079.mp3"},{"index":"80","arabicText":"وَلَكُمْ فِیْهَا مَنَافِعُ وَلِتَبْلُغُوْا عَلَیْهَا حَاجَةً فِیْ صُدُوْرِكُمْ وَعَلَیْهَا وَعَلَی الْفُلْكِ تُحْمَلُوْنَ ۟ؕ","assameseTranslation":"আৰু ইয়াত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰ, যাতে তোমালোকে নিজৰ অন্তৰত যি প্ৰয়োজন অনুভৱ কৰা, সেইবোৰৰ দ্বাৰা সেয়া পূৰণ কৰিব পাৰা। লগতে সেইবোৰৰ ওপৰত আৰু নৌযানৰ ওপৰত তোমালোকক বহন কৰা হয়।","footnotes":"","tafseer":"এই জন্তুবোৰৰ মাজত তোমালোকৰ বাবে আছে কিছুমান উপকাৰ, যিবোৰ সময় অনুসাৰে পৰিবৰ্তন হয়। এইবোৰৰ দ্বাৰা তোমালোকৰ সেই প্ৰয়োজনবোৰ পূৰণ হয় যিবোৰ তোমালোকে অনুভৱ কৰা। উদাহৰণস্বৰূপে এটা গুৰুত্বপূৰ্ণ প্ৰয়োজন হৈছে, এঠাইৰ পৰা আন ঠাইলৈ প্ৰস্থান কৰাৰ সময়ত সেইবোৰক পৰিবহণ হিচাপে ব্যৱহাৰ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040080.mp3"},{"index":"81","arabicText":"وَیُرِیْكُمْ اٰیٰتِهٖ ۖۗ فَاَیَّ اٰیٰتِ اللّٰهِ تُنْكِرُوْنَ ۟","assameseTranslation":"আৰু তেৱেঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱাই থাকে। এতেকে তোমালোকে আল্লাহৰ কোনটো কোনটো নিদৰ্শনক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"সেই পৱিত্ৰ সত্ত্বাই তোমালোকক তেওঁৰ তাওহীদ আৰু ক্ষমতাৰ প্ৰমাণ বহন কৰা নিদৰ্শনসমূহ দেখুৱাই থাকে। এতেকে তোমালোকে তেওঁৰ কোনটো কোনটো নিদৰ্শনক আওকাণ কৰিবা, অথচ সেইবোৰ যে তেওঁৰ ফালৰ পৰা নিদৰ্শন সেই কথা তোমালোকৰ ওচৰত স্পষ্ট হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040081.mp3"},{"index":"82","arabicText":"اَفَلَمْ یَسِیْرُوْا فِی الْاَرْضِ فَیَنْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الَّذِیْنَ مِنْ قَبْلِهِمْ ؕ كَانُوْۤا اَكْثَرَ مِنْهُمْ وَاَشَدَّ قُوَّةً وَّاٰثَارًا فِی الْاَرْضِ فَمَاۤ اَغْنٰی عَنْهُمْ مَّا كَانُوْا یَكْسِبُوْنَ ۟","assameseTranslation":"সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাই নেকি, তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন সিহঁতৰ পূৰ্বৱৰ্তী বিলাকৰ পৰিণাম কি হৈছিল? সিহঁতে পৃথিৱীত ইহঁততকৈও সংখ্যাগৰিষ্ঠ আছিল লগতে শক্তি আৰু কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।","footnotes":"","tafseer":"এই অস্বীকাৰকাৰীসকলে পৃথিৱীত ঘূৰি পকি নাচায় নেকি, তেতিয়াহে গ'ম পালেহেঁতেন যে, পূৰ্বৱৰ্তী অস্বীকাৰকাৰী উম্মতবোৰৰ শেষ পৰিণতি কেনেকুৱা আছিল আৰু তাৰ পৰা শিক্ষা ল’লেহেঁতেন? পূৰ্বৱৰ্তী সেই উম্মতবোৰৰ লোকসকল ইহঁততকৈও অধিক সন্তানৰ অধিকাৰী আৰু অধিক শক্তিশালী আছিল, লগতে সিহঁতে পৃথিৱীত বহুতো ঐতিহ্য এৰি থৈ গৈছে। কিন্তু সিহঁতৰ সেই শক্তিয়েও সিহঁতক আল্লাহৰ বিনাশকাৰী শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040082.mp3"},{"index":"83","arabicText":"فَلَمَّا جَآءَتْهُمْ رُسُلُهُمْ بِالْبَیِّنٰتِ فَرِحُوْا بِمَا عِنْدَهُمْ مِّنَ الْعِلْمِ وَحَاقَ بِهِمْ مَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟","assameseTranslation":"সিহঁতৰ ওচৰলৈ যেতিয়া সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদি লৈ উপস্থিত হৈছিল, তেতিয়া সিহঁতে (সেইবোৰক অৱজ্ঞা কৰি) নিজৰ ওচৰত থকা জ্ঞানকে প্ৰাধান্য দি আনন্দিত হৈছিল। ফলত সিহঁতে যিটোক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱেই সিহঁতক পৰিবেষ্টন কৰিছিল।","footnotes":"","tafseer":"এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট দলিল-প্ৰমাণ লৈ আগমন কৰিছিল তেতিয়া সিহঁতে অস্বীকাৰ কৰিছিল। তথা সিহঁতে ৰাছুলসকলে লৈ অহা জ্ঞানৰ বিপৰীতে সেই জ্ঞানকে খামোচি ধৰিলে যিটো সিহঁতৰ ওচৰত আছিল, তথা সিহঁতৰ এই জ্ঞান ৰাছুলসকলে লৈ অহা শিক্ষাৰ বিপৰীত আছিল। এতেকে সিহঁতৰ ওপৰত সেই শাস্তিটোৱে নামি আহিল, যি শাস্তিৰ পৰা সিহঁতৰ ৰাছুলসকলে সিহঁতক সতৰ্ক কৰিছিল আৰু যি শাস্তিক সিহঁতে ইতিপূৰ্বে উপহাস কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040083.mp3"},{"index":"84","arabicText":"فَلَمَّا رَاَوْا بَاْسَنَا قَالُوْۤا اٰمَنَّا بِاللّٰهِ وَحْدَهٗ وَكَفَرْنَا بِمَا كُنَّا بِهٖ مُشْرِكِیْنَ ۟","assameseTranslation":"আৰু সিহঁতে যেতিয়া আমাৰ শাস্তি দেখা পাইছিল তেতিয়া কৈছিল, ‘আমি একমাত্ৰ আল্লাহৰ ওপৰত ঈমান আনিলোঁ আৰু আমি তেওঁৰ লগত যিবোৰক অংশী কৰিছিলোঁ সেইবোৰক প্ৰত্যাখ্যান কৰিলোঁ’।","footnotes":"","tafseer":"কিন্তু যেতিয়া সিহঁতে আমাৰ শাস্তিক নিজ চকুৰে প্ৰত্যক্ষ কৰিলে তেতিয়া সিহঁতে স্বীকাৰ কৰিলে, কিন্তু এই সময়ত স্বীকাৰ কৰাৰ কোনো লাভ নাই। সিহঁতে স্বীকাৰ কৰি ক’লেঃ আমি এক আল্লাহৰ প্ৰতি ঈমান আনিলোঁ, আৰু তেওঁৰ বাহিৰে আমি যিবোৰ অংশীদাৰ স্থাপন কৰিছিলোঁ তথা যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰিছিলোঁ সেইবোৰক অসত্য বুলি ঘোষণা কৰিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040084.mp3"},{"index":"85","arabicText":"فَلَمْ یَكُ یَنْفَعُهُمْ اِیْمَانُهُمْ لَمَّا رَاَوْا بَاْسَنَا ؕ سُنَّتَ اللّٰهِ الَّتِیْ قَدْ خَلَتْ فِیْ عِبَادِهٖ ۚ وَخَسِرَ هُنَالِكَ الْكٰفِرُوْنَ ۟۠","assameseTranslation":"কিন্তু আমাৰ শাস্তি দেখা পোৱাৰ পিছত সিহঁতে লৈ অহা ঈমান সিহঁতৰ কোনো উপকাৰত অহা নাছিল। আল্লাহৰ এই বিধান পূৰ্বৰে পৰা তেওঁৰ বান্দাসকলৰ মাজত চলি আহিছে। ফলত কাফিৰসকল ক্ষতিগ্ৰস্ত হ’ল।","footnotes":"","tafseer":"আমাৰ শাস্তি অৱতীৰ্ণ হোৱা দেখি ঈমান পোষণ কৰাটো সিহঁতৰ বাবে লাভদায়ক নাছিল। আল্লাহৰ এই নীতি পূৰ্বৰে পৰা চলি আহিছে যে, শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত ঈমান পোষণ কৰিলে সেই ঈমানে কোনো লাভ নিদিব। কাফিৰসকলে নিজকে বিনাশৰ গৰালত ঠেলি দি ক্ষতিগ্ৰস্ত হৈছে, কাৰণ সিহঁতে আল্লাহৰ সৈতে কুফৰী কৰিছে, লগতে শাস্তি প্ৰত্যক্ষ কৰাৰ আগত তাওবা কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/040085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/040085.mp3"}]