[{"index":"1","arabicText":"حٰمٓ ۟ۚ","assameseTranslation":"হা-মীম।[1]","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046001.mp3"},{"index":"2","arabicText":"تَنْزِیْلُ الْكِتٰبِ مِنَ اللّٰهِ الْعَزِیْزِ الْحَكِیْمِ ۟","assameseTranslation":"মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা এইখন কিতাব অৱতীৰ্ণ হৈছে।","footnotes":"","tafseer":"মহাপ্ৰভুত্বশালী আল্লাহৰ ফালৰ পৰা এই কোৰআন অৱতীৰ্ণ হৈছে, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046002.mp3"},{"index":"3","arabicText":"مَا خَلَقْنَا السَّمٰوٰتِ وَالْاَرْضَ وَمَا بَیْنَهُمَاۤ اِلَّا بِالْحَقِّ وَاَجَلٍ مُّسَمًّی ؕ وَالَّذِیْنَ كَفَرُوْا عَمَّاۤ اُنْذِرُوْا مُعْرِضُوْنَ ۟","assameseTranslation":"আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু আমি যথাযথভাৱে আৰু নিৰ্দিষ্ট সময়ৰ বাবে সৃষ্টি কৰিছোঁ; কিন্তু যিসকলে কুফৰী কৰিছে, সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছে তাৰ পৰা সিহঁতে বিমুখ হয়।","footnotes":"","tafseer":"আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা গোটেই বস্তুবোৰক আমি অনৰ্থক সৃষ্টি কৰা নাই। বৰং সেইবোৰক আমি সত্য সহকাৰে সৃষ্টি কৰিছোঁ তথা গুৰুত্বপূৰ্ণ হিকমতসহ সৃষ্টি কৰিছোঁ। তাৰে এটা হিকমত হৈছে এই যে, যাতে বান্দাসকলে ইয়াৰ মাধ্যমত নিজ প্ৰতিপালকক চিনিব পাৰে আৰু তেওঁৰ ইবাদত কৰে, লগতে তেওঁৰ সৈতে যাতে কাকো অংশীদাৰ স্থাপন নকৰে। তথা এটা নিৰ্ধাৰিত সময়লৈকে যিটো কেৱল একমাত্ৰ আল্লাহেই জানে, সেই সময়ছোৱাত পৃথিৱীৰ উত্তৰাধিকাৰী হোৱাৰ দাবীসমূহ যাতে সিহঁতে পূৰণ কৰে। আনহাতে যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে, সিহঁতে সেই বিষয়বোৰৰ পৰা বিমুখ হৈ আছে, যিবোৰ বিষয় সম্পৰ্কে আল্লাহৰ কিতাবত সতৰ্ক কৰা হৈছে। সিহঁতে সেইবোৰক কোনো ভ্ৰূক্ষেপ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046003.mp3"},{"index":"4","arabicText":"قُلْ اَرَءَیْتُمْ مَّا تَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ اَرُوْنِیْ مَاذَا خَلَقُوْا مِنَ الْاَرْضِ اَمْ لَهُمْ شِرْكٌ فِی السَّمٰوٰتِ ؕ اِیْتُوْنِیْ بِكِتٰبٍ مِّنْ قَبْلِ هٰذَاۤ اَوْ اَثٰرَةٍ مِّنْ عِلْمٍ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"সিহঁতক কোৱা, ‘তোমালোকৰ ধাৰণা কি? তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলক আহ্বান কৰা, মোক দেখুৱাচোন সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে নেকি? অথবা আকাশসমূহত সিহঁতৰ কিবা অৰিহণা আছে নেকি? ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাবত অথবা পৰম্পৰাগত কোনো জ্ঞান থাকিলে সেয়া তোমালোকে মোৰ ওচৰলৈ লৈ আহা, যদি তোমালোকে সত্যবাদী হোৱা’।","footnotes":"","tafseer":"হে ৰাছুল! সত্যৰ পৰা বিমুখ হোৱা এই মুশ্বৰিকসকলক আপুনি সোধক, কোৱাচোন! তোমালোকে আল্লাহৰ বাহিৰে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা সেইবোৰে পৃথিৱীৰ কি কি বস্তু সৃষ্টি কৰিছে? পাহাৰ-পৰ্বত আদিক সেইবোৰে সৃষ্টি কৰিছে নেকি? নে সেইবোৰে নদ-নদী আদিক সৃষ্টি কৰিছে? নাইবা আকাশমণ্ডল সৃষ্টিৰ ক্ষেত্ৰত সিহঁতে আল্লাহক সহায় কৰিছে নেকি? যদি তোমালোকৰ এই মূৰ্ত্তিবোৰ সঁচাই উপাসনাৰ যোগ্য তেন্তে ইয়াৰ সপক্ষে কোৰআনৰ পূৰ্বে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা কোনো গ্ৰন্থৰ পৰা নাইবা পূৰ্বৱৰ্তী লোকসকলে এৰি থৈ যোৱা কোনো জ্ঞানকে উপস্থাপন কৰাচোন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046004.mp3"},{"index":"5","arabicText":"وَمَنْ اَضَلُّ مِمَّنْ یَّدْعُوْا مِنْ دُوْنِ اللّٰهِ مَنْ لَّا یَسْتَجِیْبُ لَهٗۤ اِلٰی یَوْمِ الْقِیٰمَةِ وَهُمْ عَنْ دُعَآىِٕهِمْ غٰفِلُوْنَ ۟","assameseTranslation":"আৰু সেই ব্যক্তিতকৈ অধিক বিভ্ৰান্ত আৰুনো কোন হ’ব পাৰে, যিয়ে আল্লাহৰ পৰিবৰ্তে এনে কিছুমানক আহ্বান কৰে যিবোৰে কিয়ামত দিৱসলৈকে তাৰ আহ্বানত সঁহাৰি দিব নোৱাৰে? আনকি সেইবোৰ সিহঁতৰ আহ্বান সম্পৰ্কেও উদাসীন।","footnotes":"","tafseer":"সেই ব্যক্তিতকৈ অধিক পথভ্ৰষ্ট আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ বাহিৰে এনেকুৱা মূৰ্ত্তিবোৰৰ উপাসনা কৰে, যিবোৰে কিয়ামত পৰ্যন্ত সিহঁতৰ কোনো প্ৰাৰ্থনাৰ সঁহাৰি দিব নোৱাৰে। আল্লাহৰ বাহিৰে উপাসনা কৰা এই মূৰ্ত্তিবোৰে লাভ-ক্ষতি কৰাতো দূৰৰ কথা, নিজৰ উপাসক বিলাকৰ প্ৰাৰ্থনা সম্পৰ্কেও অনভিজ্ঞ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046005.mp3"},{"index":"6","arabicText":"وَاِذَا حُشِرَ النَّاسُ كَانُوْا لَهُمْ اَعْدَآءً وَّكَانُوْا بِعِبَادَتِهِمْ كٰفِرِیْنَ ۟","assameseTranslation":"আৰু কিয়ামতৰ দিনা যেতিয়া মানুহক একত্ৰিত কৰা হ’ব তেতিয়া সেই উপাস্যবোৰেই হ’ব সিহঁতৰ শত্ৰু, আৰু সেইবোৰে সিহঁতৰ উপাসনাক অস্বীকাৰ কৰিব।","footnotes":"","tafseer":"যদিও এইবোৰ মূৰ্ত্তিয়ে পৃথিৱীত সিহঁতক একো উপকাৰ কৰিব নোৱাৰিব, আৰু কিয়ামতৰ দিনা যেতিয়া সিহঁতক একত্ৰিত কৰা হ’ব তেতিয়া সেইবোৰে নিজৰ উপাসকসকলৰ শত্ৰু হৈ পৰিব, যিসকলে সিহঁতৰ উপাসনা কৰিছিল। তথা সিহঁতৰ পৰা সম্পৰ্কচ্ছেদ কৰিব। লগতে সিহঁতে অস্বীকাৰ কৰিব যে, সিহঁতৰ উপাসনা সম্পৰ্কে সিহঁতে অৱগতই নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046006.mp3"},{"index":"7","arabicText":"وَاِذَا تُتْلٰی عَلَیْهِمْ اٰیٰتُنَا بَیِّنٰتٍ قَالَ الَّذِیْنَ كَفَرُوْا لِلْحَقِّ لَمَّا جَآءَهُمْ ۙ هٰذَا سِحْرٌ مُّبِیْنٌ ۟ؕ","assameseTranslation":"আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া যিসকলে কুফৰী কৰিছে সিহঁতৰ ওচৰলৈ সত্য অহাৰ পিছতো সিহঁতে কয়, ‘এয়া দেখোন সুস্পষ্ট যাদু’।","footnotes":"","tafseer":"যেতিয়া সিহঁতৰ সন্মুখত আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া কাফিৰসকলে ৰাছুলৰ মাধ্যমত অহা এই কোৰআন সম্পৰ্কে কয়ঃ এইখন হৈছে স্পষ্ট যাদু। কেতিয়াও এইখন আল্লাহৰ অহী হ’ব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046007.mp3"},{"index":"8","arabicText":"اَمْ یَقُوْلُوْنَ افْتَرٰىهُ ؕ قُلْ اِنِ افْتَرَیْتُهٗ فَلَا تَمْلِكُوْنَ لِیْ مِنَ اللّٰهِ شَیْـًٔا ؕ هُوَ اَعْلَمُ بِمَا تُفِیْضُوْنَ فِیْهِ ؕ كَفٰی بِهٖ شَهِیْدًا بَیْنِیْ وَبَیْنَكُمْ ؕ وَهُوَ الْغَفُوْرُ الرَّحِیْمُ ۟","assameseTranslation":"অথবা সিহঁতে কয় যে, ‘এওঁ এইখন নিজেই উদ্ভাৱন কৰিছে’। কোৱা, ‘যদি এইখন মই নিজে উদ্ভাৱন কৰিছোঁ, তেন্তে আল্লাহৰ পৰা মোক বচাবলৈ তোমালোকৰ কোনো ক্ষমতা নাই। তোমালোকে যি বিষয়ে আলোচনাত লিপ্ত হৈছা, সেই বিষয়ে আল্লাহ সবিশেষ অৱগত। মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে তেৱেঁই যথেষ্ট আৰু তেওঁ ক্ষমাশীল, পৰম দয়ালু’।","footnotes":"","tafseer":"এই মুশ্বৰিকসকলে এই দাবী কৰে নেকি যে, মুহাম্মদে নিজেই এই কোৰআন সৃষ্টি কৰি আল্লাহৰ লগত সম্পৃক্ত কৰিছে? হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ যদি মই এইখন নিজে ৰচনা কৰিছোঁ তেন্তে শুনা, ইয়াৰ কাৰণে আল্লাহে মোক শাস্তি দিব বিচাৰিলে তোমালোকে কেতিয়াও মোক সেই শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিবা। তেনেক্ষেত্ৰত মই আল্লাহৰ সৈতে মিছা কথা সম্পৃক্ত কৰি নিজকে কিয় ধ্বংসৰ গৰালত ঠেলি দিম?! তোমালোকে কোৰআন সম্পৰ্কে যিবোৰ মিছা কথা কৈ আছা আৰু মোৰ ওপৰত যিবোৰ মিছা আৰোপ কৰি আছা, সেই সকলোবোৰ আল্লাহে ভালদৰেই জানে। মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে পৱিত্ৰ আল্লাহেই যথেষ্ট। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল। তেওঁলোকৰ প্ৰতি পৰম দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046008.mp3"},{"index":"9","arabicText":"قُلْ مَا كُنْتُ بِدْعًا مِّنَ الرُّسُلِ وَمَاۤ اَدْرِیْ مَا یُفْعَلُ بِیْ وَلَا بِكُمْ ؕ اِنْ اَتَّبِعُ اِلَّا مَا یُوْحٰۤی اِلَیَّ وَمَاۤ اَنَا اِلَّا نَذِیْرٌ مُّبِیْنٌ ۟","assameseTranslation":"কোৱা, ‘মই কোনো নতুন (বা প্ৰথম) ৰাছুল নহয়। মই এই কথাও নাজানো যে, মোৰ আৰু তোমালোকৰ বিষয়ে কি কৰা হ’ব। মই কেৱল মোৰ প্ৰতি যি অহী কৰা হয় সেইটোৰহে অনুসৰণ কৰোঁ। মই এজন সুস্পষ্ট সতৰ্ককাৰী মাত্ৰ’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, মই কোনো নতুন ৰাছুল নহয়, যাক প্ৰথমবাৰ আল্লাহে প্ৰেৰণ কৰিছে, তেন্তে কিয় তোমালোকে মোৰ দাৱাত সম্পৰ্কে আশ্চৰ্য প্ৰকাশ কৰি আছা। মোৰ পূৰ্বেও বহুতো ৰাছুল আহিছিল। মই নাজানো পৃথিৱীত আল্লাহে মোৰ লগত কি কৰিব আৰু তোমালোকৰ সৈতে কি কৰিব। মই কেৱল সেই অহীৰহে অনুসৰণ কৰোঁ, যিটো মোৰ প্ৰতি প্ৰেৰণ কৰা হয়। মোৰ প্ৰত্যেক কথা আৰু কৰ্ম অহী অনুযায়ীহে সম্পাদন হয়। প্ৰকৃততে মই এজন সতৰ্ককাৰীহে মাত্ৰ, মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা স্পষ্টৰূপে সাৱধান কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046009.mp3"},{"index":"10","arabicText":"قُلْ اَرَءَیْتُمْ اِنْ كَانَ مِنْ عِنْدِ اللّٰهِ وَكَفَرْتُمْ بِهٖ وَشَهِدَ شَاهِدٌ مِّنْ بَنِیْۤ اِسْرَآءِیْلَ عَلٰی مِثْلِهٖ فَاٰمَنَ وَاسْتَكْبَرْتُمْ ؕ اِنَّ اللّٰهَ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟۠","assameseTranslation":"সিহঁতক কোৱা, ‘তোমালোকে ভাবি দেখিছানে, যদি এই কোৰআনখন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে আৰু তোমালোকে ইয়াক অস্বীকাৰ কৰিছা, অথচ বনী ইছৰাঈলৰ এজন সাক্ষীয়ে এই বিষয়ে অনুৰূপ সাক্ষী প্ৰদান কৰি তাৰ প্ৰতি ঈমান আনিছে; কিন্তু তোমালোকে ঔদ্ধত্য প্ৰকাশ কৰিছা, (তেনেহ’লে তোমালোকৰ পৰিণাম কি হ’ব?) নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে’।","footnotes":"","tafseer":"হে ৰাছুল! এই অস্বীকাৰকাৰীসকলক কৈ দিয়ক, তোমালোকে মোক কোৱাচোন, যদি এই কোৰআন সঁচাই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হৈছে বুলি প্ৰমাণিত হয়, যাক তোমালোকে অস্বীকাৰ কৰি আছা, অথচ বনী ইছৰাঈলৰ এজন সাক্ষীয়ে তাওৰাতৰ ভাষ্যৰ ভিত্তিত সাক্ষ্য দিছে যে এইখন হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ আৰু ইয়াৰ ওপৰত তেওঁ ঈমানো আনিছে, পক্ষান্তৰে তোমালোকে অহংকাৰ কৰি ইয়াৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা বিৰত আছা, তেনে অৱস্থাত তোমালোকে অন্যায়কাৰী বুলি গণ্য নহ’বানে? নিশ্চয় আল্লাহে অন্যায়কাৰী সম্প্ৰদায়ক সত্যৰ তাওফীক নিদিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046010.mp3"},{"index":"11","arabicText":"وَقَالَ الَّذِیْنَ كَفَرُوْا لِلَّذِیْنَ اٰمَنُوْا لَوْ كَانَ خَیْرًا مَّا سَبَقُوْنَاۤ اِلَیْهِ ؕ وَاِذْ لَمْ یَهْتَدُوْا بِهٖ فَسَیَقُوْلُوْنَ هٰذَاۤ اِفْكٌ قَدِیْمٌ ۟","assameseTranslation":"যিসকলে কুফৰী কৰিছে সিহঁতে মুমিনসকলৰ বিষয়ে কয়, ‘ইয়াৰ মাজত কোনো কল্যাণ থাকিলে সিহঁতে কেতিয়াও আমাতকৈ অগ্ৰণী হ’ব নোৱাৰিলেহেঁতেন’। সিহঁতে যিহেতু ইয়াৰ দ্বাৰা হিদায়ত পোৱা নাই সেয়ে সিহঁতে অচিৰেই ক’ব, ‘এয়া এটা প্ৰাচীন মিছা কথাহে’।","footnotes":"","tafseer":"যিসকলে কোৰআনক আৰু ৰাছুলে লৈ অহা বাৰ্তাক অস্বীকাৰ কৰিছে, সিহঁতে মুমিনসকলক কয়ঃ “সঁচাই যদি মুহাম্মদৰ বাৰ্তা সত্য হ’লহেঁতেন আৰু কল্যাণৰ পথ দেখুৱালেহেঁতেন তেন্তে এই দৰিদ্ৰ, দাস আৰু দুৰ্বলসকলে কেতিয়াও আমাক পিছ পেলোৱাই আগভাগ ল’ব নোৱাৰিলেহেঁতেন”। যিহেতু সিহঁতে ৰাছুলে লৈ অহা বাৰ্তাক স্বীকাৰ কৰিব পৰা নাই, সেয়ে সিহঁতে কয়ঃ “মুহাম্মদে লৈ অহা এই বাৰ্তা হৈছে প্ৰাচীনকালৰ মিছা কথাহে মাত্ৰ। গতিকে আমি মিছা কথা কেতিয়াও নামানো”।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046011.mp3"},{"index":"12","arabicText":"وَمِنْ قَبْلِهٖ كِتٰبُ مُوْسٰۤی اِمَامًا وَّرَحْمَةً ؕ وَهٰذَا كِتٰبٌ مُّصَدِّقٌ لِّسَانًا عَرَبِیًّا لِّیُنْذِرَ الَّذِیْنَ ظَلَمُوْا ۖۗ وَبُشْرٰی لِلْمُحْسِنِیْنَ ۟ۚ","assameseTranslation":"ইয়াৰ পূৰ্বে মুছাৰ কিতাব আছিল পথ প্ৰদৰ্শক আৰু ৰহমতস্বৰূপ, আৰু এই কিতাবখন (সেইখনৰে) সমৰ্থক, আৰবী ভাষাত, যাতে ই যালিমসকলক সতৰ্ক কৰে, লগতে ই হৈছে সৎকৰ্মশীলসকলৰ বাবে সুসংবাদ।","footnotes":"","tafseer":"এই কোৰআনৰ পূৰ্বে অৱতীৰ্ণ হৈছিল তাওৰাত গ্ৰন্থ। সেইখনক আল্লাহে মুছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ কৰিছিল। যিখন সত্যৰ পথপ্ৰদৰ্শক আছিল আৰু মুমিনসকলৰ বাবে আছিল সেইখন কৃপাস্বৰূপ, বনী ইছৰাঈলে সেইখনৰ অনুসৰণ কৰিছিল। মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত নাযিল হোৱা এই কোৰআনখন আৰবী ভাষাত অৱতীৰ্ণ হৈছে, এইখনে পূৰ্বৱৰ্তী সকলো গ্ৰন্থক সমৰ্থন কৰে। এই গ্ৰন্থখনৰ উদ্দেশ্য হৈছে, যাতে ইয়াৰ দ্বাৰা সেইসকল লোকক সতৰ্ক কৰিব পৰা যায়, যিসকলে শ্বিৰ্ক আৰু পাপকৰ্মৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে। লগতে এইখনে সেইসকল লোকৰ বাবে সুসংবাদ কঢ়িয়াই আনিছে, যিসকলে সৃষ্টিকৰ্তাৰ সৈতে আৰু তেওঁৰ সৃষ্টিৰ সৈতে ভাল ব্যৱহাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046012.mp3"},{"index":"13","arabicText":"اِنَّ الَّذِیْنَ قَالُوْا رَبُّنَا اللّٰهُ ثُمَّ اسْتَقَامُوْا فَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟ۚ","assameseTranslation":"নিশ্চয় যিসকলে কয়, ‘আমাৰ প্ৰতিপালক হৈছে আল্লাহ’, তাৰ পিছত অবিচল থাকে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।","footnotes":"","tafseer":"নিশ্চয় যিসকলে স্বীকাৰ কৰিছে যে, আল্লাহেই আমাৰ একমাত্ৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ কোনো প্ৰতিপালক নাই, তাৰ পিছত ঈমান আৰু সৎকৰ্মৰ ওপৰত অবিচল থাকে, আখিৰাত সম্পৰ্কে তেওঁলোকৰ কোনো ভয় নাথাকিব, আৰু পিছফালে এৰি থৈ অহা পাৰ্থিৱ জীৱনৰ সা-সুবিধাকলৈও তেওঁলোকৰ কোনো চিন্তা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046013.mp3"},{"index":"14","arabicText":"اُولٰٓىِٕكَ اَصْحٰبُ الْجَنَّةِ خٰلِدِیْنَ فِیْهَا ۚ جَزَآءً بِمَا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"তেওঁলোকেই হৈছে জান্নাতৰ অধিবাসী, তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰ হিচাপে তাত তেওঁলোক স্থায়ী হ’ব।","footnotes":"","tafseer":"এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই হ’ব জান্নাতবাসী, তেওঁলোকে তাত চিৰকাল থাকিব। এইটো তেওঁলোকৰ সেইসমূহ সৎকৰ্মৰ প্ৰতিদান যিবোৰ তেওঁলোকে পৃথিৱীত সম্পাদন কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046014.mp3"},{"index":"15","arabicText":"وَوَصَّیْنَا الْاِنْسَانَ بِوَالِدَیْهِ اِحْسٰنًا ؕ حَمَلَتْهُ اُمُّهٗ كُرْهًا وَّوَضَعَتْهُ كُرْهًا ؕ وَحَمْلُهٗ وَفِصٰلُهٗ ثَلٰثُوْنَ شَهْرًا ؕ حَتّٰۤی اِذَا بَلَغَ اَشُدَّهٗ وَبَلَغَ اَرْبَعِیْنَ سَنَةً ۙ قَالَ رَبِّ اَوْزِعْنِیْۤ اَنْ اَشْكُرَ نِعْمَتَكَ الَّتِیْۤ اَنْعَمْتَ عَلَیَّ وَعَلٰی وَالِدَیَّ وَاَنْ اَعْمَلَ صَالِحًا تَرْضٰىهُ وَاَصْلِحْ لِیْ فِیْ ذُرِّیَّتِیْ ؕۚ اِنِّیْ تُبْتُ اِلَیْكَ وَاِنِّیْ مِنَ الْمُسْلِمِیْنَ ۟","assameseTranslation":"আৰু আমি মানুহক সিহঁতৰ পিতৃ-মাতৃৰ প্ৰতি সদয় ব্যৱহাৰৰ নিৰ্দেশ প্ৰদান কৰিছোঁ। তাৰ মাকে তাক বহু কষ্টৰে গৰ্ভত ধাৰণ কৰিছিল আৰু বহু কষ্টৰে প্ৰসৱ কৰিছে, তাক গৰ্ভত ধাৰণ কৰা আৰু পিয়াহ খুওৱা এৰুৱাবলৈ লাগিছিল ত্ৰিশ মাহ, অৱশেষত যেতিয়া সি পূৰ্ণ শক্তি প্ৰাপ্ত হয় আৰু চল্লিশ বছৰত উপনীত হয়, তেতিয়া সি কয়, হে মোৰ প্ৰতিপালক! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে, লগতে যাতে মই এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটো তুমি পছন্দ কৰা, আৰু মোৰ বাবে মোৰ সন্তান-সন্ততিসকলক সংশোধন কৰি দিয়া, নিশ্চয় মই তোমাৰেই অভিমুখী হৈছোঁ আৰু নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত।","footnotes":"","tafseer":"আমি মানুহক গুৰুত্ব সহকাৰে নিৰ্দেশ দিছোঁ যে, সিহঁতে যেন পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰে। তেওঁলোকৰ আদেশ পালন কৰে, জীৱিত অৱস্থাতো আৰু তেওঁলোকৰ মৃত্যৰ পিছতো, মনত ৰখা উচিত যাতে আদেশ পালনত চৰীয়তৰ বিৰোধিতা নহয়। বিশেষকৈ মাকৰ প্ৰতি মনোযোগ দিয়া উচিত, যিয়ে বহু কষ্ট সহ্য কৰি গৰ্ভ ধাৰণ কৰিছিল আৰু প্ৰসৱ যন্ত্ৰণা সহ্য কৰি তাক জন্ম দিছে। গৰ্ভধাৰণ আৰু স্তনপান এৰুৱাবলৈ যাৰ সময় লাগিছিল ত্ৰিশ মাহ। অৱশেষত মানুহে যেতিয়া পূৰ্ণ বিবেকৱান তথা শক্তিপ্ৰাপ্ত হয় আৰু চল্লিশ বছৰত ভৰি দিয়ে, তেতিয়া এইদৰে দুআ কৰা উচিতঃ হে মোৰ প্ৰতিপালক! তুমি মোক শক্তি দিয়া যাতে মই তোমাৰ নিয়ামতৰ কৃতজ্ঞতা আদায় কৰিব পাৰোঁ, যিবোৰ নিয়ামত তুমি মোক প্ৰদান কৰিছা আৰু মোৰ পিতৃ-মাতৃক প্ৰদান কৰিছা। তুমি মোক সৎকৰ্ম কৰাৰ তাওফীক দান কৰা, যিবোৰ তুমি পছন্দ কৰা। তথা সেই সৎকৰ্ম তুমি মোৰ পৰা কবূল কৰি লোৱা। লগতে মোৰ বাবে মোৰ সন্তান-সন্ততিসকলক সংশোধন কৰি দিয়া। মই মোৰ গুনাহৰ পৰা তোমাৰ ওচৰত তাওবা কৰিছোঁ। লগতে তোমাৰ আনুগত্যৰ আগত মই শিৰ নত কৰিছোঁ আৰু তোমাৰ আদেশৰ আগত আত্মসমৰ্পন কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046015.mp3"},{"index":"16","arabicText":"اُولٰٓىِٕكَ الَّذِیْنَ نَتَقَبَّلُ عَنْهُمْ اَحْسَنَ مَا عَمِلُوْا وَنَتَجَاوَزُ عَنْ سَیِّاٰتِهِمْ فِیْۤ اَصْحٰبِ الْجَنَّةِ ؕ وَعْدَ الصِّدْقِ الَّذِیْ كَانُوْا یُوْعَدُوْنَ ۟","assameseTranslation":"এওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ উৎকৃষ্ট আমলসমূহ আমি কবুল কৰোঁ, আৰু তেওঁলোকৰ বেয়া আমলসমূহ আমি ক্ষমা কৰি দিওঁ, তেওঁলোকেই জান্নাতবাসীসকলৰ অন্তৰ্ভুক্ত। তেওঁলোকক যিটো প্ৰতিশ্ৰুতি দিয়া হৈছে, সেয়া নিশ্চিতভাৱে সত্য প্ৰমাণিত হ’ব।","footnotes":"","tafseer":"এনেকুৱা লোকৰ পৰাই আমি তেওঁলোকৰ সৎকৰ্মবোৰ কবূল কৰোঁ আৰু তেওঁলোকৰ গুনাহসমূহ মাৰ্জনা কৰোঁ, তেওঁলোকৰ ত্ৰুটিবোৰক কেন্দ্ৰ কৰি তেওঁলোকক জবাবদিহি নকৰোঁ। তেওঁলোক হৈছে জান্নাতীসকলৰ অন্তৰ্ভুক্ত। তেওঁলোকক প্ৰদান কৰা এই প্ৰতিশ্ৰুতি হৈছে সত্য। নিশ্চিতৰূপে এইটো কাৰ্যকৰি হ’বই হ’ব। ","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046016.mp3"},{"index":"17","arabicText":"وَالَّذِیْ قَالَ لِوَالِدَیْهِ اُفٍّ لَّكُمَاۤ اَتَعِدٰنِنِیْۤ اَنْ اُخْرَجَ وَقَدْ خَلَتِ الْقُرُوْنُ مِنْ قَبْلِیْ ۚ وَهُمَا یَسْتَغِیْثٰنِ اللّٰهَ وَیْلَكَ اٰمِنْ ۖۗ اِنَّ وَعْدَ اللّٰهِ حَقٌّ ۖۚ فَیَقُوْلُ مَا هٰذَاۤ اِلَّاۤ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟","assameseTranslation":"আৰু যিয়ে তাৰ পিতৃ-মাতৃক কয়, ‘আফচোচ তোমালোকৰ বাবে! তোমালোকে মোক এই প্ৰতিশ্ৰুতি দিয়া নেকি যে, মোক পুনৰুত্থিত কৰা হ’ব, অথচ মোৰ পূৰ্বে বহু প্ৰজন্ম অতীত হৈছে’? তেতিয়া তাৰ পিতৃ-মাতৃয়ে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে, আৰু তাক কয়, ‘দুৰ্ভাগ্য তোৰ! ঈমান পোষণ কৰ, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য’। তেতিয়া সি কয়, ‘এয়া অতীত কালৰ উপকথাৰ বাহিৰে আন একো নহয়’।","footnotes":"","tafseer":"যিয়ে নিজৰ পিতৃ-মাতৃক কয়ঃ “ধিক্ তোমালোকৰ ওপৰত, তোমালোকে মোক এই প্ৰতিশ্ৰুতি দিয়া নেকি যে, মোৰ মৃত্যুৰ পিছত মোক পুনৰ কবৰৰ পৰা উঠোৱা হ’ব, অথচ মোৰ পূৰ্বে বহু প্ৰজন্ম অতীত হৈছে, সিহঁতৰ মাজৰ কাকো দেখোন জীৱিত কৰি উঠোৱা দেখা পোৱা নাই”? তেতিয়া তাৰ পিতৃ-মাতৃয়ে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে যাতে আল্লাহে তেওঁলোকৰ পুত্ৰক ঈমানৰ হিদায়ত দিয়ে। লগতে পিতা-মাতা উভয়ে পুত্ৰক উদ্দেশ্যি কয়ঃ “আখিৰাতৰ জীৱনৰ প্ৰতি যদি তুমি ঈমান পোষণ নকৰা তেন্তে তোমাৰ বিনাশ অনিবাৰ্য্য। নিশ্চিতভাৱে আখিৰাত সম্পৰ্কীয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, ইয়াত কোনো সন্দেহ নাই”। কিন্তু সি পুনৰুত্থানক অস্বীকাৰ কৰি সেই একেটা কথাকে পুনৰাবৃত্তি কৰি ক’লেঃ “পুনৰুত্থান সম্পৰ্কে যিবোৰ কথা উত্থাপন হৈ আছে, সেইবোৰ দৰাচলতে পূৰ্বৱৰ্তী গ্ৰন্থৰ পৰা সংগৃহীত। আল্লাহৰ ফালৰ পৰা এইবোৰ প্ৰমাণিত নহয়”।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046017.mp3"},{"index":"18","arabicText":"اُولٰٓىِٕكَ الَّذِیْنَ حَقَّ عَلَیْهِمُ الْقَوْلُ فِیْۤ اُمَمٍ قَدْ خَلَتْ مِنْ قَبْلِهِمْ مِّنَ الْجِنِّ وَالْاِنْسِ ؕ اِنَّهُمْ كَانُوْا خٰسِرِیْنَ ۟","assameseTranslation":"ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতি শাস্তিৰ সেই ফয়চালা সাব্যস্ত হৈছে, যিটো সত্য প্ৰমাণিত হৈছিল সিহঁতৰ পূৰ্বে জিন আৰু মানৱৰ পৰা অতিবাহিত হোৱা উম্মতৰ ওপৰত। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।","footnotes":"","tafseer":"এইসকল লোকৰ ওপৰতেই শাস্তি অনিবাৰ্য্য হৈ পৰিছে। সিহঁতক পূৰ্বৱৰ্তী জিন আৰু মানুহৰ সৈতে শাস্তি বিহা হ’ব, নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত। কাৰণ জাহান্নামত প্ৰৱেশ কৰি সিহঁতে নিজৰ আৰু নিজ পৰিয়ালৰ ক্ষতি সাধন কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046018.mp3"},{"index":"19","arabicText":"وَلِكُلٍّ دَرَجٰتٌ مِّمَّا عَمِلُوْا ۚ وَلِیُوَفِّیَهُمْ اَعْمَالَهُمْ وَهُمْ لَا یُظْلَمُوْنَ ۟","assameseTranslation":"আৰু প্ৰত্যেকৰে বাবে সিহঁতৰ আমল অনুসাৰে মৰ্যাদা আছে; যাতে আল্লাহে প্ৰত্যেকৰে কৰ্মৰ পূৰ্ণ প্ৰতিফল প্ৰদান কৰে। লগতে সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।","footnotes":"","tafseer":"দুয়োটা গোটৰ বাবে –জান্নাতবাসী আৰু জাহান্নামবাসীৰ বাবে- সিহঁতৰ কৰ্ম অনুপাতে শ্ৰেণী থাকিব। জান্নাতীসকলে থাকিব উচ্চ শ্ৰেণীত আৰু জাহান্নামীসকলে থাকিব নিম্ন শ্ৰেণীত। আল্লাহে তেওঁলোক আটাইকে তেওঁলোকৰ কৰ্ম অনুসাৰে পৰিপূৰ্ণ প্ৰতিদান দান কৰিব। কিয়ামতৰ দিনা তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব, তেওঁলোকৰ নেকীও হ্ৰাস কৰা নহ’ব আৰু গুনাহো বৃদ্ধি কৰা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046019.mp3"},{"index":"20","arabicText":"وَیَوْمَ یُعْرَضُ الَّذِیْنَ كَفَرُوْا عَلَی النَّارِ ؕ اَذْهَبْتُمْ طَیِّبٰتِكُمْ فِیْ حَیَاتِكُمُ الدُّنْیَا وَاسْتَمْتَعْتُمْ بِهَا ۚ فَالْیَوْمَ تُجْزَوْنَ عَذَابَ الْهُوْنِ بِمَا كُنْتُمْ تَسْتَكْبِرُوْنَ فِی الْاَرْضِ بِغَیْرِ الْحَقِّ وَبِمَا كُنْتُمْ تَفْسُقُوْنَ ۟۠","assameseTranslation":"আৰু যিসকলে কুফৰী কৰিছে যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত পেচ কৰা হ’ব (সেইদিনা সিহঁতক কোৱা হ’ব) তোমালোকে তোমালোকৰ পাৰ্থিৱ জীৱনতেই যাৱতীয় সুখ-শান্তি ভোগ কৰি নিঃশেষ কৰিছা। এতেকে আজি তোমালোকক দিয়া হ’ব অৱমাননাকৰ শাস্তি; কাৰণ তোমালোকে পৃথিৱীত অন্যায়ভাৱে ঔদ্ধত্য প্ৰকাশ কৰিছিলা আৰু তোমালোকে অবাধ্যতা কৰিছিলা।","footnotes":"","tafseer":"আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলক যিদিনা শাস্তি বিহিবলৈ জাহান্নামৰ সন্মুখত উপস্থিত কৰোৱা হ’ব, তেতিয়া সিহঁতক ভৰ্ৎসনা কৰি আৰু তিৰস্কাৰ কৰি কোৱা হ’বঃ তোমালোকে পৃথিৱীতেই তোমালোকৰ নেকীসমূহ বিনষ্ট কৰিছিলা, আৰু পাৰ্থিৱ জীৱনৰ ভোগ সামগ্ৰীক প্ৰাধান্য দি সেইবোৰকে উপভোগ কৰিছিলা। সেয়ে আজি তোমালোকক শাস্তি বিহা হ’ব, কাৰণ তোমালোকে পৃথিৱীত অন্যায়ভাৱে সত্যৰ পৰা অহংকাৰ কৰিছিলা, লগতে কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046020.mp3"},{"index":"21","arabicText":"وَاذْكُرْ اَخَا عَادٍ ؕ اِذْ اَنْذَرَ قَوْمَهٗ بِالْاَحْقَافِ وَقَدْ خَلَتِ النُّذُرُ مِنْ بَیْنِ یَدَیْهِ وَمِنْ خَلْفِهٖۤ اَلَّا تَعْبُدُوْۤا اِلَّا اللّٰهَ ؕ اِنِّیْۤ اَخَافُ عَلَیْكُمْ عَذَابَ یَوْمٍ عَظِیْمٍ ۟","assameseTranslation":"আৰু স্মৰণ কৰা আদ সম্প্ৰদায়ৰ ভাতৃৰ কথা, যেতিয়া তেওঁ আহক্বাফত নিজ সম্প্ৰদায়ক সতৰ্ক কৰিছিল। যাৰ আগত আৰু পিছতো সতৰ্ককাৰী আহিছিল (এই নিৰ্দেশ লৈ) যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। নিশ্চয় মই তোমালোকৰ বাবে মহাদিৱসৰ শাস্তিৰ আশংকা কৰিছোঁ’।","footnotes":"","tafseer":"হে ৰাছুল! আদ সম্প্ৰদায়ৰ বংশগত ভাই হূদ আলাইহিচ্ছালামক স্মৰণ কৰক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ৰ লোকসকলক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিছিল। এইটো সেই সময়ৰ কথা যেতিয়া তেওঁ আৰবীয়ান দ্বীপৰ দক্ষিণ দিশত অৱস্থিত আহক্বাফ নামক ঠাইত নিজ অঞ্চলত বসবাস কৰি আছিল। এই কথাও নিশ্চিত যে, হূদ আলাইহিচ্ছালামৰ আগত আৰু পিছতো বহুতো ৰাছুল অতীত হৈছে। তেওঁলোকে নিজ নিজ সম্প্ৰদায়ক কৈছিলঃ একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। তেওঁৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা। হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ বিষয়ে এটা ভীষণ দিৱসৰ শাস্তিকলৈ আশংকা কৰি আছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046021.mp3"},{"index":"22","arabicText":"قَالُوْۤا اَجِئْتَنَا لِتَاْفِكَنَا عَنْ اٰلِهَتِنَا ۚ فَاْتِنَا بِمَا تَعِدُنَاۤ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘তুমি আমাক আমাৰ উপাস্যবোৰৰ পৰা নিবৃত্ত কৰিবলৈ আহিছা নেকি? অন্যথা তুমি যদি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হৈ থকা তেন্তে আমাৰ লগত তুমি যি প্ৰতিশ্ৰুতি কৰিছা সেয়া লৈ আহা’।","footnotes":"","tafseer":"তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক’লেঃ তুমি আমাক আমাৰ উপাস্যবোৰৰ উপাসনাৰ পৰা বাধা দিবলৈ আহিছা নেকি? তোমাক আমি এইটো কেতিয়াও কৰিবলৈ নিদিওঁ। যদি তুমি তোমাৰ দাবীত সত্যবাদী হোৱা তেন্তে তুমি সেই শাস্তি লৈ আহা, যি শাস্তিৰ ভয় তুমি আমাক দেখুৱাই আছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046022.mp3"},{"index":"23","arabicText":"قَالَ اِنَّمَا الْعِلْمُ عِنْدَ اللّٰهِ ۖؗ وَاُبَلِّغُكُمْ مَّاۤ اُرْسِلْتُ بِهٖ وَلٰكِنِّیْۤ اَرٰىكُمْ قَوْمًا تَجْهَلُوْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘এই জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে। মই যিটো লৈ প্ৰেৰিত হৈছোঁ কেৱল সেইটোহে মই তোমালোকৰ ওচৰত প্ৰচাৰ কৰোঁ, কিন্তু মই দেখি আছোঁ তোমালোক এটা মুৰ্খ সম্প্ৰদায়’।","footnotes":"","tafseer":"হূদ আলাইহিচ্ছালামে ক’লেঃ শাস্তি কেতিয়া আহিব ইয়াৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে। মই এই বিষয়ে একো নাজানো। মই হৈছোঁ এজন ৰাছুল তথা বাৰ্তাবাহক, মই তোমালোকক সেই বাৰ্তা পৌঁচাই দিওঁ যিটো প্ৰদান কৰি মোক তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে। কিন্তু মই যি দেখি আছোঁ তোমালোক হৈছা এটা বিবেকহীন সম্প্ৰদায়, কাৰণ যিটো বিষয় তোমালোকৰ বাবে উপকাৰী সেইটোক তোমালোকে পৰিত্যাগ কৰি আছা আৰু যিবোৰ বিষয় তোমালোকৰ বাবে ক্ষতিকৰ, সেইবোৰক আঁকোৱালি লৈছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046023.mp3"},{"index":"24","arabicText":"فَلَمَّا رَاَوْهُ عَارِضًا مُّسْتَقْبِلَ اَوْدِیَتِهِمْ ۙ قَالُوْا هٰذَا عَارِضٌ مُّمْطِرُنَا ؕ بَلْ هُوَ مَا اسْتَعْجَلْتُمْ بِهٖ ؕ رِیْحٌ فِیْهَا عَذَابٌ اَلِیْمٌ ۟ۙ","assameseTranslation":"তাৰ পিছত যেতিয়া সিহঁতে সিহঁতৰ উপত্যকাৰ পিনে মেঘ অহা দেখিলে তেতিয়া সিহঁতে ক’বলৈ ধৰিলে, ‘এই মেঘে আমাৰ ইয়াত বৰষুণ দিব’। (হূদে ক’লে) নহয়, বৰং এইটোৱে হৈছে সেই শাস্তি যিটোৰ বাবে তোমালোকে খৰধৰ কৰিছিলা, এজাক বৰষুণ, য’ত আছে যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ সেই শাস্তি আহি পালে যিটোকলৈ সিহঁতে খৰখেদা কৰি আছিল, সিহঁতে সেইটোক আকাশৰ এফালে বিস্তৃত অৱস্থাত মেঘৰূপে দেখা পালে, যিটো সিহঁতৰ উপত্যকাৰ ফালে আহি আছিল। এই দেখি সিহঁতে ক’বলৈ ধৰিলেঃ “এইটো দেখোন এটুকুৰা মেঘহে, যিটো বৰষুণ হৈ আমাৰ ওপৰত অৱতীৰ্ণ হ’ব”। সিহঁতৰ এই কথা শুনি হূদ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ “বিষয়টো তেনেকুৱা নহয়, যিটো তোমালোকে ধাৰণা কৰি আছা যে, এইটো এটুকুৰা মেঘ বুলি যিটো তোমালোকৰ ওপৰত বৰ্ষণ হ’ব। বৰং এইটো হৈছে সেই শাস্তি যিটোৰ বিষয়ে তোমালোকে খৰখেদা কৰি আছিলা। দৰাচলতে এইটো হৈছে কাল ধুমুহা, ইয়াৰ মাজত আছে কষ্টদায়ক শাস্তি”।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046024.mp3"},{"index":"25","arabicText":"تُدَمِّرُ كُلَّ شَیْءٍ بِاَمْرِ رَبِّهَا فَاَصْبَحُوْا لَا یُرٰۤی اِلَّا مَسٰكِنُهُمْ ؕ كَذٰلِكَ نَجْزِی الْقَوْمَ الْمُجْرِمِیْنَ ۟","assameseTranslation":"‘ই তাৰ প্ৰতিপালকৰ নিৰ্দেশত সকলো বস্তু ধ্বংস কৰি দিব’। ফলত সিহঁত এনেকৈ (ধ্বংস) হৈ গ’ল যে, সিহঁতৰ আবাসস্থলৰ বাহিৰে আন একো দৃশ্যমান নাছিল। এইদৰেই আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল প্ৰদান কৰি থাকোঁ।","footnotes":"","tafseer":"“এই ধুমুহা যি দিশেৰে গতি কৰিব, প্ৰত্যেক সেই বস্তুক বিনাশ কৰি যাব যিটোক ধ্বংস কৰাৰ আদেশ আল্লাহে প্ৰদান কৰিছে”। ফলত সিহঁত সকলোৱে ধ্বংস্তূপত পৰিণত হ’ল। এতেকে ইতিপূৰ্বে তাত যে জনবসতি আছিল সেইটোৰ প্ৰমাণ কেৱল সিহঁতৰ সেই চূৰ্ণ-বিচূৰ্ণ ঘৰ-বাৰিৰ দ্বাৰাহে পোৱা গৈছিল। এনেকুৱা কষ্টদায়ক শাস্তি আমি সেইসকল লোককো প্ৰদান কৰোঁ, যিসকলে কুফৰী আৰু পাপকৰ্মত সদায় অটল থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046025.mp3"},{"index":"26","arabicText":"وَلَقَدْ مَكَّنّٰهُمْ فِیْمَاۤ اِنْ مَّكَّنّٰكُمْ فِیْهِ وَجَعَلْنَا لَهُمْ سَمْعًا وَّاَبْصَارًا وَّاَفْـِٕدَةً ۖؗ فَمَاۤ اَغْنٰی عَنْهُمْ سَمْعُهُمْ وَلَاۤ اَبْصَارُهُمْ وَلَاۤ اَفْـِٕدَتُهُمْ مِّنْ شَیْءٍ اِذْ كَانُوْا یَجْحَدُوْنَ ۙ بِاٰیٰتِ اللّٰهِ وَحَاقَ بِهِمْ مَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟۠","assameseTranslation":"নিশ্চয় আমি সিহঁতক যেনেকৈ প্ৰতিষ্ঠিত কৰিছিলোঁ, তোমালোকক তেনেকৈ প্ৰতিষ্ঠিত কৰা নাই; আৰু আমি সিহঁতক দিছিলোঁ কাণ, চকু আৰু হৃদয়; তথাপিও সিহঁতৰ কাণ, চকু আৰু হৃদয় কোনো কামত অহা নাছিল, যেতিয়া সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। যিটো বিষয়কলৈ সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল, অৱশেষত সেইটোৱেই সিহঁতক পৰিবেষ্টন কৰিলে।","footnotes":"","tafseer":"নিশ্চয় আমি হূদ আলাইহিচ্ছালামৰ জাতিক শক্তিৰ সেই সকলো সাধন প্ৰদান কৰিছিলোঁ, যিবোৰ তোমালোকক প্ৰদান কৰা নাই। আমি সিহঁতক শুনিবলৈ কাণ, দেখিবলৈ চকু আৰু বুজিবলৈ অন্তৰ দিছিলোঁ, কিন্তু সিহঁতৰ সেই কাণ, চকু আৰু অন্তৰেও সিহঁতক কোনো উপকাৰ কৰিব পৰা নাছিল। যেতিয়া সিহঁতৰ ওচৰলৈ আল্লাহৰ শাস্তি আহি পৰিছিল, তেতিয়া সিহঁতে সিহঁতৰ পৰা সেই শাস্তিক প্ৰতিৰোধ কৰিব পৰা নাছিল। কিয়নো সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। নবী হূদ আলাইহিচ্ছালামে সিহঁতক যি শাস্তিৰ পৰা সতৰ্ক কৰিছিল, সিহঁতৰ ওপৰত সেই শাস্তিয়ে নামি আহিছিল, যিটোক সিহঁতে ঠাট্টা কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046026.mp3"},{"index":"27","arabicText":"وَلَقَدْ اَهْلَكْنَا مَا حَوْلَكُمْ مِّنَ الْقُرٰی وَصَرَّفْنَا الْاٰیٰتِ لَعَلَّهُمْ یَرْجِعُوْنَ ۟","assameseTranslation":"নিশ্চয় আমি ধ্বংস কৰিছিলোঁ তোমালোকৰ চাৰিওফালে থকা জনপদমূহক; আৰু আমি বিভিন্নভাৱে আয়াতসমূহ বিবৃত কৰিছিলোঁ, যাতে সিহঁতে (সৎপথলৈ) উভতি আহে।","footnotes":"","tafseer":"হে মক্কাৰ অধিবাসীসকল! নিশ্চয় আমি তোমালোকৰ ওচৰে-পাঁজৰে থকা জনবসতিসমূহকো ধ্বংস কৰিছিলোঁ। আমিয়ে আদ, ছামূদ, লূত সম্প্ৰদায় আৰু মাদিয়ানবাসীকো ধ্বংস কৰিছোঁ। সিহঁতৰ সন্মুখত আমি বিভিন্ন প্ৰকাৰৰ যুক্তি প্ৰমাণ উপস্থাপন কৰিছিলোঁ, যাতে সিহঁতে কুফৰীৰ পৰা উভতি আহে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046027.mp3"},{"index":"28","arabicText":"فَلَوْلَا نَصَرَهُمُ الَّذِیْنَ اتَّخَذُوْا مِنْ دُوْنِ اللّٰهِ قُرْبَانًا اٰلِهَةً ؕ بَلْ ضَلُّوْا عَنْهُمْ ۚ وَذٰلِكَ اِفْكُهُمْ وَمَا كَانُوْا یَفْتَرُوْنَ ۟","assameseTranslation":"এতেকে যিসকলে আল্লাহৰ সান্নিধ্য লাভ কৰাৰ বাবে আল্লাহৰ পৰিবৰ্তে যিবোৰক উপাস্যৰূপে গ্ৰহণ কৰিছিল সেইবোৰে সিহঁতক সহায় নকৰিলে কিয়? বৰং সেইবোৰ সিহঁতৰ পৰা উধাও হৈ গ’ল, কাৰণ এইটো আছিল সিহঁতৰ মনেসজা মিছা প্ৰতাৰণা; যিটো সিহঁতে অলীক উদ্ভাৱন কৰিছিল।","footnotes":"","tafseer":"তেতিয়া সিহঁতৰ সেই মূৰ্ত্তিবোৰে কিয় সিহঁতক সহায় কৰা নাছিল, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাস্য হিচাপে গ্ৰহণ কৰিছিল, ইবাদত আৰু বলি বিধানৰ জৰিয়তে যিবোৰৰ সিহঁতে নৈকট্য লাভ কৰিছিল?! সেইবোৰে সিহঁতৰ কোনো সহায় কৰা নাছিল। বৰং প্ৰকৃত প্ৰয়োজনৰ সময়তে সেইবোৰে সিহঁতৰ প্ৰতি কোনো ভ্ৰূক্ষেপ কৰা নাছিল। দৰাচলতে সেইটো আছিল মিথ্যাচাৰ, যিবোৰৰ দ্বাৰা সিহঁতে সান্তনা লভিছিল যে, এই মূৰ্তিবোৰে সিহঁতক উপকাৰ কৰিব তথা আল্লাহৰ ওচৰত সিহঁতৰ বাবে মধ্যস্ততা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046028.mp3"},{"index":"29","arabicText":"وَاِذْ صَرَفْنَاۤ اِلَیْكَ نَفَرًا مِّنَ الْجِنِّ یَسْتَمِعُوْنَ الْقُرْاٰنَ ۚ فَلَمَّا حَضَرُوْهُ قَالُوْۤا اَنْصِتُوْا ۚ فَلَمَّا قُضِیَ وَلَّوْا اِلٰی قَوْمِهِمْ مُّنْذِرِیْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আমি তোমাৰ ফালে জিনৰ এটা দল আনিছিলোঁ। যিসকলে মনোযোগ সহকাৰে কোৰআন পাঠ শুনি আছিল। এতেকে যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহি উপস্থিত হৈছিল, তেতিয়া তেওঁলোকে পৰস্পৰে কৈছিল, ‘মনে মনে শুনা’। তাৰ পিছত যেতিয়া কোৰআন পাঠ সমাপ্ত হ’ল তেতিয়া তেওঁলোকে সতৰ্ককাৰীৰূপে নিজ নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি গ’ল।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া আমি আপোনাৰ ওচৰলৈ জিনসকলৰ এটা দল প্ৰেৰণ কৰিছিলোঁ। যিসকলে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন মনোযোগ সহকাৰে শুনি আছিল। যেতিয়া তেওঁলোকে কোৰআন শুনিবলৈ উপস্থিত হৈছিল, তেতিয়া তেওঁলোকে ইজনে সিজনক কৈছিলঃ “মনে মনে থাকা, যাতে আমি ভালকৈ শুনিব পাৰোঁ”। এতেকে যেতিয়া ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কোৰআন তিলাৱত সমাপ্ত কৰিলে, তেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি গ’ল, আৰু সিহঁতক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ ধৰিলে যে, যদি সিহঁতে এই কোৰাআনৰ প্ৰতি ঈমান পোষণ নকৰে (তেন্তে সিহঁতে শাস্তিৰ সন্মুখীন হ'ব)।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046029.mp3"},{"index":"30","arabicText":"قَالُوْا یٰقَوْمَنَاۤ اِنَّا سَمِعْنَا كِتٰبًا اُنْزِلَ مِنْ بَعْدِ مُوْسٰی مُصَدِّقًا لِّمَا بَیْنَ یَدَیْهِ یَهْدِیْۤ اِلَی الْحَقِّ وَاِلٰی طَرِیْقٍ مُّسْتَقِیْمٍ ۟","assameseTranslation":"তেওঁলোকে কৈছিল, ‘হে আমাৰ সম্প্ৰদায়! নিশ্চয় আমি এনে এখন গ্ৰন্থৰ পাঠ শুনিছোঁ যিখন অৱতীৰ্ণ হৈছে মুছাৰ পিছত, এই গ্ৰন্থখনে ইয়াৰ পূৰ্বৱৰ্তী কিতাবসমূহক সত্যায়ন কৰে, লগতে সত্য আৰু সৰল পথৰ পিনে হিদায়ত কৰে।","footnotes":"","tafseer":"তেওঁলোকে নিজ সম্প্ৰদায়ক ক’লেঃ হে মোৰ জাতিৰ লোকসকল! আমি এখন কিতাব শুনিছোঁ, যিখন আল্লাহে মুছা আলাইহিচ্ছালামৰ পিছত অৱতীৰ্ণ কৰিছে। সেই কিতাবখনে পূৰ্বৱৰ্তী সকলো ঐশীগ্ৰন্থক সমৰ্থন কৰে। আমি শুনা এই কিতাবখনে সত্যৰ পথ দেখুৱায়, আৰু সঠিক পথৰ হিদায়ত দিয়ে। অৰ্থাৎ ইছলামৰ পথ দেখুৱায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046030.mp3"},{"index":"31","arabicText":"یٰقَوْمَنَاۤ اَجِیْبُوْا دَاعِیَ اللّٰهِ وَاٰمِنُوْا بِهٖ یَغْفِرْ لَكُمْ مِّنْ ذُنُوْبِكُمْ وَیُجِرْكُمْ مِّنْ عَذَابٍ اَلِیْمٍ ۟","assameseTranslation":"‘হে আমাৰ সম্প্ৰদায়! আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি সঁহাৰি দিয়া আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁ তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু যন্ত্ৰণাদায়ক শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিব’।","footnotes":"","tafseer":"হে মোৰ জাতিৰ লোকসকল! মুহাম্মদে তোমালোকক যি সত্যৰ পিনে আহ্বান কৰি আছে, তোমালোকে সেইটোক আঁকোৱালি লোৱা, লগতে এই কথা বিশ্বাস কৰা যে, তেওঁ হৈছে নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত এজন ৰাছুল। আল্লাহে তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিব। তথা সেই কষ্টদায়ক শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিব, যি শাস্তি সত্য স্বীকাৰ নকৰাসকলক তথা ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰাসকলক প্ৰদান কৰা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046031.mp3"},{"index":"32","arabicText":"وَمَنْ لَّا یُجِبْ دَاعِیَ اللّٰهِ فَلَیْسَ بِمُعْجِزٍ فِی الْاَرْضِ وَلَیْسَ لَهٗ مِنْ دُوْنِهٖۤ اَوْلِیَآءُ ؕ اُولٰٓىِٕكَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟","assameseTranslation":"আৰু আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি যিয়ে সঁহাৰি নিদিয়ে (মনত ৰখা উচিত) সি কিন্তু পৃথিৱীত আল্লাহক অপাৰগ কৰিব নোৱাৰিব; আৰু আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱকো নাই। সিহঁতেই আছে সুস্পষ্ট বিভ্ৰান্তিৰ মাজত।","footnotes":"","tafseer":"আৰু মুহাম্মদে যি সত্যৰ পিনে আহ্বান কৰি আছে, সেইটোক যিয়ে অস্বীকাৰ কৰিব, সি পৃথিৱীত পলায়ন কৰি কেতিয়াও আল্লাহক অপাৰগ কৰিব নোৱাৰে। আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সহায়কো নাই, যিয়ে সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিব। এনেকুৱা লোকেই সত্যৰ পৰা প্ৰকাশ্য পথভ্ৰষ্টত পতিত হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046032.mp3"},{"index":"33","arabicText":"اَوَلَمْ یَرَوْا اَنَّ اللّٰهَ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ وَلَمْ یَعْیَ بِخَلْقِهِنَّ بِقٰدِرٍ عَلٰۤی اَنْ یُّحْیِ الْمَوْتٰی ؕ بَلٰۤی اِنَّهٗ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"সিহঁতে দেখা নাইনে যে, নিশ্চয় আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু এইবোৰৰ সৃষ্টিত তেওঁ কোনো ক্লান্তিবোধ কৰা নাই, তেৱেঁই মৃতক জীৱন দান কৰিবলৈ সক্ষম? নিশ্চয় হয়, নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই মুশ্বৰিকসকলে লক্ষ্য কৰা নাই নেকি যে, যিজন আল্লাহে বিশালাকাৰ, বৃহদায়তন আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, যিবোৰ সৃষ্টি কৰিবলৈ তেওঁৰ কোনো অসুবিধা হোৱা নাই, তেওঁ নিশ্চয় মৃতসকলকো হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিবলৈ সক্ষম?! হয়, নিশ্চয় তেওঁ সিহঁতক জীৱিত কৰিবলৈ সক্ষম। নিশ্চয় তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। গতিকে মৃতসকলক জীৱন দানৰ ক্ষেত্ৰতো তেওঁ অপাৰগ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046033.mp3"},{"index":"34","arabicText":"وَیَوْمَ یُعْرَضُ الَّذِیْنَ كَفَرُوْا عَلَی النَّارِ ؕ اَلَیْسَ هٰذَا بِالْحَقِّ ؕ قَالُوْا بَلٰی وَرَبِّنَا ؕ قَالَ فَذُوْقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْفُرُوْنَ ۟","assameseTranslation":"আৰু যিসকলে কুফৰী কৰিছে যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হ’ব (সেইদিনা সিহঁতক কোৱা হ’ব) ‘এইটো সঁচা নহয়নে’? সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় সঁচা’। তেওঁ ক’ব, ‘তেন্তে শাস্তি ভোগ কৰা; কাৰণ তোমালোকে কুফৰী কৰিছিলা’।","footnotes":"","tafseer":"আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলক যিদিনা শাস্তি বিহিবলৈ জাহান্নামৰ সন্মুখত উপস্থিত কৰা হ’ব, তেতিয়া সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ “এই শাস্তি যিটোক তোমালোকে দেখি আছা, সত্য নহয়নে?! মিছা নেকি এইটো? যিদৰে পৃথিৱীত তোমালোকে ইয়াক মিছা বুলি কৈছিলা?”! তেতিয়া সিহঁতে ক’বঃ “নহয়, আমি আমাৰ প্ৰতিপালকৰ শপত খাই কওঁ, নিশ্চয় এয়া সত্য”। তেতিয়া সিহঁতক কোৱা হ’বঃ “তেন্তে এতিয়া তোমালোকে এই শাস্তি উপভোগ কৰা, কাৰণ তোমালোকে আল্লাহক অস্বীকাৰ কৰিছিলা”।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046034.mp3"},{"index":"35","arabicText":"فَاصْبِرْ كَمَا صَبَرَ اُولُوا الْعَزْمِ مِنَ الرُّسُلِ وَلَا تَسْتَعْجِلْ لَّهُمْ ؕ كَاَنَّهُمْ یَوْمَ یَرَوْنَ مَا یُوْعَدُوْنَ ۙ لَمْ یَلْبَثُوْۤا اِلَّا سَاعَةً مِّنْ نَّهَارٍ ؕ بَلٰغٌ ۚ فَهَلْ یُهْلَكُ اِلَّا الْقَوْمُ الْفٰسِقُوْنَ ۟۠","assameseTranslation":"এতেকে তুমি ধৈৰ্য্য ধাৰণ কৰা যেনেকৈ ধৈৰ্য্য ধাৰণ কৰিছিল দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকলে। তুমি সিহঁতৰ বাবে খৰখেদা নকৰিবা। সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছে সেইটোক যিদিনা সিহঁতে দেখিবলৈ পাব, সেইদিনা সিহঁতৰ ধাৰণা হ’ব, সিহঁতে যেনিবা পৃথিৱীত এটা মুহূৰ্তৰ বেছি সময় অৱস্থান কৰা নাছিল। এইটো হৈছে এটা ঘোষণা, এতেকে কেৱল ফাছিক্ব সম্প্ৰদায়কেই ধ্বংস কৰা হ’ব।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ সম্প্ৰদায়ে আপোনাক অস্বীকাৰ কৰিছে, গতিকে আপুনিও সেইদৰে ধৈৰ্য্য ধাৰণ কৰক যিদৰে দৃঢ় সংকল্পৱান ৰাছুলসকলে অৰ্থাৎ নূহ, ইব্ৰাহীম, মুছা আৰু ঈছা আলাইহিমুচ্ছালামে ধৈৰ্য্য ধাৰণ কৰিছিল। সিহঁতৰ ওপৰত শাস্তি আহিবলৈ ততাতৈয়া নকৰিব। আপোনাৰ সম্প্ৰদায়ৰ এই অস্বীকাৰকাৰীসকলে আখিৰাতত যেতিয়া সেই শাস্তি দেখা পাব, যি শাস্তিৰ পৰা সিহঁতক সতৰ্ক কৰা হৈছিল, তেতিয়া সিহঁতে শাস্তিৰ সময় সীমাৰ তুলনাত এনেকুৱা অনুভৱ কৰিব যেনিবা সিহঁতে পৃথিৱীত দিনৰ এটা অংশহে অতিবাহিত কৰিছিল। মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা এই কোৰআন হৈছে মানুহ আৰু জিনৰ বাবে এক সতৰ্ক বাৰ্তা, তথা এইখনেই যথেষ্ট। দৰাচলতে শাস্তিৰ জৰিয়তে কেৱল সেইসকল লোককেই ধ্বংস কৰা হ’ব, যিসকলে কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/046035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/046035.mp3"}]