[{"index":"1","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَوْفُوْا بِالْعُقُوْدِ ؕ۬ اُحِلَّتْ لَكُمْ بَهِیْمَةُ الْاَنْعَامِ اِلَّا مَا یُتْلٰی عَلَیْكُمْ غَیْرَ مُحِلِّی الصَّیْدِ وَاَنْتُمْ حُرُمٌ ؕ اِنَّ اللّٰهَ یَحْكُمُ مَا یُرِیْدُ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে অঙ্গীকাৰসমূহ (আৰু চুক্তিসমূহ) পূৰণ কৰা। যিবোৰ (জন্তুৰ কথা) তোমালোকৰ ওচৰত পাঠ কৰা হৈছে সেইবোৰৰ বাহিৰে তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তু হালাল কৰা হৈছে, কিন্তু ইহৰাম অৱস্থাত চিকাৰ কৰাক বৈধ বুলি নাভাবিবা। নিশ্চয় আল্লাহে যি বিচাৰে আদেশ দিয়ে।","footnotes":"","tafseer":"হে ঈমান্দাৰসকল! তোমালোকে সেই সকলো প্ৰতিশ্ৰুতি পুৰণ কৰা, যিবোৰ তোমালোকে তোমালোকৰ স্ৰষ্টাৰ লগত কৰিছা, আৰু সেইবোৰো পূৰণ কৰা যিবোৰ মানুহৰ লগত কৰিছা। আল্লাহে তোমালোকৰ প্ৰতি কৃপা কৰি তোমালোকৰ বাবে চতুষ্পদ জন্তুবোৰক হালাল কৰিছে (উট, গৰু, ছাগলী ইত্যাদি) কিন্তু কিছুমান জন্তুক হাৰাম, যাৰ বৰ্ণনা আগলৈ কৰা হ’ব। হজ্জ তথা উমৰাৰ ইহৰামৰ পিছত স্থলৰ জন্তু চিকাৰ কৰাও হাৰাম কৰা হৈছে। আল্লাহে তেওঁৰ হিকমত অনুসাৰে হালাল তথা হাৰামৰ আদেশ জাৰি কৰে। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে আৰু তেওঁৰ আদেশৰ প্ৰতি কোনোবাই আপত্তিও কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005001.mp3"},{"index":"2","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تُحِلُّوْا شَعَآىِٕرَ اللّٰهِ وَلَا الشَّهْرَ الْحَرَامَ وَلَا الْهَدْیَ وَلَا الْقَلَآىِٕدَ وَلَاۤ آٰمِّیْنَ الْبَیْتَ الْحَرَامَ یَبْتَغُوْنَ فَضْلًا مِّنْ رَّبِّهِمْ وَرِضْوَانًا ؕ وَاِذَا حَلَلْتُمْ فَاصْطَادُوْا ؕ وَلَا یَجْرِمَنَّكُمْ شَنَاٰنُ قَوْمٍ اَنْ صَدُّوْكُمْ عَنِ الْمَسْجِدِ الْحَرَامِ اَنْ تَعْتَدُوْا ۘ وَتَعَاوَنُوْا عَلَی الْبِرِّ وَالتَّقْوٰی ۪ وَلَا تَعَاوَنُوْا عَلَی الْاِثْمِ وَالْعُدْوَانِ ۪ وَاتَّقُوا اللّٰهَ ؕ اِنَّ اللّٰهَ شَدِیْدُ الْعِقَابِ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে আল্লাহৰ নিদৰ্শনসমূহক, পৱিত্ৰ মাহক, কুৰবানীৰ বাবে কা’বালৈ প্ৰেৰণ কৰা পশুক, ডিঙিত পৰিধান কৰোৱা চিহ্নবিশিষ্ট পশুক আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহক লগতে সন্তুষ্টিৰ অনুসন্ধানত পৱিত্ৰ ঘৰৰ অভিমুখে ৰাৱানা হোৱা যাত্ৰীসকলক অপমান নকৰিবা। আৰু যেতিয়া তোমালোকে ইহৰামমুক্ত হোৱা তেতিয়া চিকাৰ কৰিব পাৰা। তোমালোকক মছজিদুল হাৰামত প্ৰৱেশ কৰিবলৈ নিষেধ কৰাৰ কাৰণে কোনো সম্প্ৰদায়ৰ প্ৰতি থকা শত্ৰুতাই তোমালোকক যাতে কেতিয়াও সীমালংঘনত প্ৰৰোচিত নকৰে। সৎকৰ্ম আৰু তাক্বৱাৰ বিষয়ত তোমালোকে পৰস্পৰে পৰস্পৰক সহায়-সহযোগিতা কৰিবা, আনহাতে পাপকৰ্ম আৰু সীমালংঘনত এজনে আনজনক সহায়-সহযোগিতা নকৰিবা, আৰু আল্লাহৰ তাক্বৱা আৱলম্বন কৰা। নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।","footnotes":"","tafseer":"হে ঈমান্দাৰসকল! আল্লাহে যিবোৰ বস্তুক সন্মান প্ৰদান কৰিছে, আৰু সন্মান কৰাৰ আদেশ দিছে, সেইবোৰৰ অনাদৰ নকৰিবা। ইহৰাম অৱস্থাত যিবোৰ বস্তু অবৈধ, সেইবোৰৰ পৰা বিৰত থাকা, যেনে চিলাই কৰা কাপোৰ পৰিধান কৰা। হাৰামত (কাবা ঘৰৰ কাষৰীয়া অঞ্চলত) যিবোৰ কাম কৰা অবৈধ (যেনে- চিকাৰ কৰা) তেনে কৰ্মৰ পৰা দূৰৈত থাকিবা। সন্মানিত পৱিত্ৰ মাহবোৰত (যেনে- জুল-কাদাহ, জুলহিজ্জা, মুহাৰ্ৰম আৰু ৰজব মাহত) যুদ্ধ কৰা বৈধ বুলি নাভাবিবা। যিবোৰ জন্তু আল্লাহৰ ওৱাস্তে জবেহ কৰাৰ বাবে হাৰামলৈ প্ৰেৰণ কৰা হয়, সেইবোৰক যাবলৈ বাধা প্ৰদান কৰি অথবা লুন্ঠণ কৰি সেইবোৰক অনাদৰ নকৰিবা। লগতে সেইবোৰ জন্তুকো অপমান নকৰিবা যিবোৰক হজ্জত কুৰবানী কৰাৰ বাবে প্ৰতীক হিচাপে ডিঙিত মালা পিন্ধাই লৈ যোৱা হয়। সেইসকল লোককো ক্ষতি নকৰিবা যিসকলে আল্লাহৰ সন্তুষ্টি তথা ব্যৱসায়-বাণিজ্যত লাভ কৰাৰ উদ্দেশ্যে কাবা ঘৰলৈ আহিছে। আৰু যেতিয়া তোমালোকে হজ্জ তথা উমৰাৰ কাম সম্পন্ন কৰি ইহৰাম খুলি পেলোৱা আৰু হাৰামৰ পৰা ওলাই যোৱা, তেতিয়া ইচ্ছা কৰিলে চিকাৰ কৰিব পাৰা। যদি তোমালোকক কোনোবাই সন্মানিত মছজিদলৈ যাওঁতে বাধা প্ৰদান কৰে, তেন্তে সিহঁতৰ লগত শত্ৰুতা থকাৰ কাৰণে সিহঁতৰ ওপৰত অন্যায় অত্যাচাৰ নকৰিবা। হে মুমিনসকল! আল্লাহৰ আদেশ পালন কৰাত আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাৰ ক্ষেত্ৰত ইজনে সিজনক সহায় কৰিবা। লগতে পাপকাম তথা গুনাহৰ ক্ষেত্ৰত কাকো সহায় নকৰিবা আৰু কোনো মানুহৰ ধন-সম্পত্তি, তেজ আৰু সন্মানৰ ক্ষেত্ৰত শত্ৰুতা পোষণ কৰাত কেতিয়াও কাকো সহযোগিতা নকৰিবা। তথা আল্লাহৰ আদেশ পৰিপূৰ্ণৰূপে পালন কৰি আৰু তেওঁৰ অবাধ্যতাৰ পৰা দূৰৈত থাকি তেওঁক ভয় কৰা। নিশ্চয় আল্লাহে অবাধ্যতাকাৰী সকলক অতি কষ্টদায়ক শাস্তি প্ৰদান কৰিব, সেয়ে তেওঁৰ শাস্তিৰ পৰা সাৱধান থাকিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005002.mp3"},{"index":"3","arabicText":"حُرِّمَتْ عَلَیْكُمُ الْمَیْتَةُ وَالدَّمُ وَلَحْمُ الْخِنْزِیْرِ وَمَاۤ اُهِلَّ لِغَیْرِ اللّٰهِ بِهٖ وَالْمُنْخَنِقَةُ وَالْمَوْقُوْذَةُ وَالْمُتَرَدِّیَةُ وَالنَّطِیْحَةُ وَمَاۤ اَكَلَ السَّبُعُ اِلَّا مَا ذَكَّیْتُمْ ۫ وَمَا ذُبِحَ عَلَی النُّصُبِ وَاَنْ تَسْتَقْسِمُوْا بِالْاَزْلَامِ ؕ ذٰلِكُمْ فِسْقٌ ؕ اَلْیَوْمَ یَىِٕسَ الَّذِیْنَ كَفَرُوْا مِنْ دِیْنِكُمْ فَلَا تَخْشَوْهُمْ وَاخْشَوْنِ ؕ اَلْیَوْمَ اَكْمَلْتُ لَكُمْ دِیْنَكُمْ وَاَتْمَمْتُ عَلَیْكُمْ نِعْمَتِیْ وَرَضِیْتُ لَكُمُ الْاِسْلَامَ دِیْنًا ؕ فَمَنِ اضْطُرَّ فِیْ مَخْمَصَةٍ غَیْرَ مُتَجَانِفٍ لِّاِثْمٍ ۙ فَاِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"তোমালোকৰ বাবে হাৰাম কৰা হৈছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস, আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰা পশু, ডিঙি চেপি বধ কৰা জন্তু, প্ৰহাৰ কৰি বধ কৰা জন্তু, ওপৰৰ পৰা পৰি মৰা পশু, অন্য প্ৰাণীৰ শিঙৰ আঘাতত মৰা জন্তু আৰু হিংস্ৰ পশুৱে ভক্ষণ কৰা জন্তু কিন্তু যিটোক তোমালোকে জবেহ কৰিব পাৰিছা সেইটোৰ বাহিৰে, আৰু সেইটোও হাৰাম কৰা হৈছে যিটো মূৰ্তি পূজাৰ বেদীত বলি দিয়া হয়। তীৰ খেলৰ জুৱাৰে ভাগ্য নিৰ্ণয় কৰাও নিষিদ্ধ কৰা হৈছে। এই সকলোবোৰ মহাপাপ। আজি কাফিৰসকল তোমালোকৰ বিৰুদ্ধাচৰণত হতাশ হৈছে, সেয়ে সিহঁতক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা। আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পৰিপূৰ্ণ কৰিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ, আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলোঁ। এতেকে যিয়ে পাপকৰ্মৰ ফালে ধাৱিত নহৈ কেৱল ভোকৰ তাড়নাত বাধ্য হৈ (ভক্ষণ কৰিছে) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"চৰীয়তি পদ্ধতি জবেহ নকৰাকৈ মৃত্যুবৰণ কৰা জন্তু, প্ৰবাহিত তেজ, গাহৰিৰ মাংস, লগতে এনেকুৱা জন্তু যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ বাহিৰে আন কাৰোবাৰ নাম লোৱা হৈছে, শ্বাসৰূদ্ধ হৈ মৃত্যুবৰণ কৰা জন্তু, আঘাত প্ৰাপ্ত হৈ মৃত্যুবৰণ কৰা জন্তু, ওখ স্থানৰ পৰা পৰি মৃত্যু হোৱা আৰু অন্য জন্তুৱে শিঙেৰে আঘাত কৰাৰ ফলত মৃত্যুবৰণ কৰা জন্তু, বাঘ- সিংহ- আৰু কুকুৰ-নেচীয়াই চিকাৰ কৰাৰ ফলত মৃত্যুবৰণ কৰা জন্তু, এই সকলোবোৰ জন্তু হাৰাম। কিন্তু এইবোৰৰ মাজৰ পৰা জীৱিত অৱস্থাত পোৱা জন্তু যিটো জবেহ কৰিব পৰা যাব, সেইটো তোমালোকৰ বাবে হালাল। মূৰ্তিৰ বাবে জবেহ কৰা জন্তুও তোমালোকৰ বাবে হাৰাম। তীৰৰ জৰিয়তে ভাগ্য নিৰ্ণয় কৰাও হাৰাম। ইয়াৰ দ্বাৰা এনেকুৱা কিছুমান শিল বা কাঁড়ক বুজোৱা হৈছে, যিবোৰত লিখা থাকে (কৰা), বা (নকৰিবা) ইয়াৰ পিছত সেই কাঁড়বোৰৰ মাজৰ এটা কাঁড় তুলিব, তাত যি লিখা থাকিব, সেই মতেই কাম কৰিব। উল্লেখিত কৰ্মসমূহৰ যিকোনো কৰ্ম কৰাটোৱে আল্লাহৰ আদেশক উলংঘা কৰা বুজায়। ইছলামৰ মজবুতি আৰু শক্তি দেখি তোমালোকৰ ধৰ্ম ত্যাগ সম্পৰ্কে কাফিৰসকলে আজি নিৰাশ হৈ পৰিছে। এতেকে তোমালোকে সিহঁতক ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা। আজি আমি তোমালোকৰ বাবে তোমালোকৰ ধৰ্ম ইছলামক পৰিপূৰ্ণ কৰি দিলোঁ, লগতে তোমালোকৰ ওপৰত মোৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো অনুগ্ৰহ পৰিপূৰ্ণ কৰিলোঁ। এইদৰে ইছলামক তোমালোকৰ বাবে মনোনীত দ্বীন হিচাপে গ্ৰহণ কৰিলোঁ। ইয়াৰ বাহিৰে আন কোনো ধৰ্মই তোমালোকৰ পৰা গ্ৰহণ নকৰোঁ। কিন্তু যদি কোনোবাই ভোকৰ তাড়নাত মৃত জন্তুৰ মাংস ভক্ষণ কৰিবলৈ বাধ্য হয়, গুনাহৰ প্ৰতি যদি কোনো আকৰ্ষণ নাথাকে তেন্তে তাৰ কোনো গুনাহ নহয়। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005003.mp3"},{"index":"4","arabicText":"یَسْـَٔلُوْنَكَ مَاذَاۤ اُحِلَّ لَهُمْ ؕ قُلْ اُحِلَّ لَكُمُ الطَّیِّبٰتُ ۙ وَمَا عَلَّمْتُمْ مِّنَ الْجَوَارِحِ مُكَلِّبِیْنَ تُعَلِّمُوْنَهُنَّ مِمَّا عَلَّمَكُمُ اللّٰهُ ؗ فَكُلُوْا مِمَّاۤ اَمْسَكْنَ عَلَیْكُمْ وَاذْكُرُوا اسْمَ اللّٰهِ عَلَیْهِ ۪ وَاتَّقُوا اللّٰهَ ؕ اِنَّ اللّٰهَ سَرِیْعُ الْحِسَابِ ۟","assameseTranslation":"মানুহে তোমাক প্ৰশ্ন কৰে, সিহঁতৰ বাবে কি কি হালাল কৰা হৈছে? কোৱা, ‘তোমালোকৰ বাবে সকলো ধৰণৰ পৱিত্ৰ বস্তু হালাল কৰা হৈছে, আৰু চিকাৰী জীৱ-জন্তু যিবোৰক তোমালোকে চিকাৰ প্ৰশিক্ষণ দিছা, তোমালোকে সেইবোৰক সেই শিক্ষাই দিছা, যি শিক্ষা আল্লাহে তোমালোকক শিকাইছে। এতেকে এনেকুৱা (চিকাৰী) জীৱ-জন্তুৱে তোমালোকৰ বাবে যি ধৰি আনে সেইবোৰ তোমালোকে খোৱা, অৱশ্যে তাৰ ওপৰত (অৰ্থাৎ এৰি দিয়াৰ সময়ত) আল্লাহৰ নাম ল’বা, আৰু (শুনা) তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ অতি দ্ৰুত হিচাপ গ্ৰহণকাৰী।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ চাহাবাসকলে আপোনাক সোধে যে, আল্লাহে তেওঁলোকৰ বাবে কি কি বস্তু খোৱা হালাল কৰিছে, আপুনি কৈ দিয়কঃ আল্লাহে স্বচ্ছ তথা পৱিত্ৰ বস্তুবোৰ তোমালোকৰ বাবে হালাল কৰিছে, আৰু চোকা দাঁতবিশিষ্ট প্ৰশিক্ষণ প্ৰাপ্ত জন্তুৰ দ্বাৰা চিকাৰ কৰা বস্তুও হালাল কৰিছে, যেনে- কুকুৰ আৰু চিতা আদি, এইদৰে নখবিশিষ্ট চৰাইৰ চিকাৰো হালাল কৰিছে, যেনে- বাজ ইত্যাদি, যিবোৰক তোমালোকে আল্লাহে প্ৰদান কৰা জ্ঞানৰ দ্বাৰা চিকাৰ কৰাৰ পদ্ধতি শিকাইছা, অৱশেষত সিহঁত এনেকুৱা হৈ পৰে যে, তোমালোকে যিটো আদেশ দিয়া সেইটোৱে কৰে। যেতিয়া তোমালোকে ধমক দিয়া সিহঁতে মানি লয়। এতেকে সেইবোৰে তোমালোকৰ বাবে যি চিকাৰ কৰি আনে, সেয়া তোমালোকে খাব পাৰা, যদিও সিহঁতে সেয়া মাৰি পেলায়। এই চিকাৰী জন্তুবোৰ এৰি দিয়াৰ সময়ত আল্লাহৰ নাম লৈ এৰিবা। আল্লাহক ভয় কৰি তেওঁৰ আদেশ পালন কৰা, আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকা। নিশ্চয় আল্লাহে শীঘ্ৰেই আমলৰ হিচাপ গ্ৰহণ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005004.mp3"},{"index":"5","arabicText":"اَلْیَوْمَ اُحِلَّ لَكُمُ الطَّیِّبٰتُ ؕ وَطَعَامُ الَّذِیْنَ اُوْتُوا الْكِتٰبَ حِلٌّ لَّكُمْ ۪ وَطَعَامُكُمْ حِلٌّ لَّهُمْ ؗ وَالْمُحْصَنٰتُ مِنَ الْمُؤْمِنٰتِ وَالْمُحْصَنٰتُ مِنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ مِنْ قَبْلِكُمْ اِذَاۤ اٰتَیْتُمُوْهُنَّ اُجُوْرَهُنَّ مُحْصِنِیْنَ غَیْرَ مُسٰفِحِیْنَ وَلَا مُتَّخِذِیْۤ اَخْدَانٍ ؕ وَمَنْ یَّكْفُرْ بِالْاِیْمَانِ فَقَدْ حَبِطَ عَمَلُهٗ ؗ وَهُوَ فِی الْاٰخِرَةِ مِنَ الْخٰسِرِیْنَ ۟۠","assameseTranslation":"আজি তোমালোকৰ বাবে সকলো ধৰণৰ পৱিত্ৰ বস্তু হালাল কৰা হ’ল আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছে সিহঁতৰ খাদ্যদ্ৰৱ্যও তোমালোকৰ বাবে হালাল কৰা হৈছে আৰু তোমালোকৰ খাদ্যদ্ৰৱ্যও সিহঁতৰ বাবে হালাল কৰা হৈছে। মুমিনা সচ্চৰিত্ৰা নাৰী আৰু তোমালোকৰ আগত যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতৰ সচ্চৰিত্ৰা নাৰীসকলক তোমালোকৰ বাবে বৈধ কৰা হৈছে, যদিহে তোমালোকে বিবাহৰ বাবত মোহৰ প্ৰদান কৰা, প্ৰকাশ্য ব্যভিচাৰ বা গোপন যৌনসঙ্গীনী হিচাপে নহয়। (জানি থোৱা) যিয়ে ঈমানৰ সৈতে কুফৰী কৰিব, নিশ্চয় তাৰ আমল নিষ্ফল হৈ যাব, আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।","footnotes":"","tafseer":"আজি তোমালোকৰ বাবে আল্লাহে স্বচ্ছ তথা পৱিত্ৰ খোৱা বস্তুবোৰ হালাল কৰিছে, লগতে ইয়াহুদী আৰু খৃষ্টানসকলে জবেহ কৰা জন্তুৰ মাংসও হালাল কৰি দিছে, আৰু তোমালোকে জবেহ কৰা জন্তুও সিহঁতৰ বাবে হালাল। লগতে স্বাধীন পৱিত্ৰ মুমিনা নাৰী আৰু তোমালোকৰ পূৰ্বে গ্ৰন্থপ্ৰাপ্ত ইয়াহুদী আৰু খৃষ্টানসকলৰ নাৰীক তোমালোকৰ বাবে বিবাহ কৰা হালাল কৰা হৈছে, কিন্তু চৰ্ত হৈছে মোহৰ (বিবাহৰ সময়ত কইনাক দিবলগীয়া ধন) আদায় দিব লাগিব, আৰু তোমালোকৰ উদ্দেশ্য হ’ব লাগিব অসৎ কৰ্মৰ পৰা ৰক্ষা পোৱা, আনহাতে ব্যভিচাৰ কৰাৰ বাবে প্ৰেমিকা বনোৱাৰ উদ্দেশ্যে যাতে নহয়। এতেকে যিয়ে বান্দাৰ প্ৰতি দিয়া আল্লাহৰ বিধানক অস্বীকাৰ কৰিব, চৰ্ত পুৰণ নোহোৱাৰ কাৰণে তাৰ সকলো আমল বিনষ্ট হৈ যাব, আৰু সেই চৰ্তটো হৈছে ঈমান পোষণ কৰা তথা বিশ্বাস কৰা। কিয়ামতৰ দিনা সি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ জাহান্নামত প্ৰৱেশ কৰিব, তাত সি চিৰকাল অৱস্থান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005005.mp3"},{"index":"6","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا قُمْتُمْ اِلَی الصَّلٰوةِ فَاغْسِلُوْا وُجُوْهَكُمْ وَاَیْدِیَكُمْ اِلَی الْمَرَافِقِ وَامْسَحُوْا بِرُءُوْسِكُمْ وَاَرْجُلَكُمْ اِلَی الْكَعْبَیْنِ ؕ وَاِنْ كُنْتُمْ جُنُبًا فَاطَّهَّرُوْا ؕ وَاِنْ كُنْتُمْ مَّرْضٰۤی اَوْ عَلٰی سَفَرٍ اَوْ جَآءَ اَحَدٌ مِّنْكُمْ مِّنَ الْغَآىِٕطِ اَوْ لٰمَسْتُمُ النِّسَآءَ فَلَمْ تَجِدُوْا مَآءً فَتَیَمَّمُوْا صَعِیْدًا طَیِّبًا فَامْسَحُوْا بِوُجُوْهِكُمْ وَاَیْدِیْكُمْ مِّنْهُ ؕ مَا یُرِیْدُ اللّٰهُ لِیَجْعَلَ عَلَیْكُمْ مِّنْ حَرَجٍ وَّلٰكِنْ یُّرِیْدُ لِیُطَهِّرَكُمْ وَلِیُتِمَّ نِعْمَتَهٗ عَلَیْكُمْ لَعَلَّكُمْ تَشْكُرُوْنَ ۟","assameseTranslation":"হে মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধুই ল’বা লগতে কিলাকুটিলৈকে হাত ধুই ল’বা, তোমালোকৰ মূৰ মছেহ কৰিবা আৰু সৰুগাঁঠিলৈকে ভৰি ধুই ল’বা, আনহাতে যদি তোমালোকে জুনুবী অৱস্থাত থাকা তেনেহ’লে বিশেষভাৱে পৱিত্ৰতা অৰ্জন কৰি ল’বা। যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থাকা নাইবা তোমালোকৰ মাজৰ যিয়ে মল-মুত্ৰ ত্যাগ কৰি আহিছে অথবা স্ত্ৰীৰ লগত সহবাস কৰিছে আৰু (পৱিত্ৰ হ’বলৈ) পানী পোৱা নাই তেন্তে (তেনে সময়ত) পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰি ল’বা, অৰ্থাৎ তাৰ দ্বাৰা মুখমণ্ডল আৰু হাত (ৰ সৰুগাঁঠিলৈকে) মছেহ কৰিবা। আল্লাহে তোমালোকৰ ওপৰত কোনো ধৰণৰ সংকীৰ্ণতা জাপি দিব নিবিচাৰে; বৰং তেওঁ তোমালোকক পৱিত্ৰ কৰিব বিচাৰে আৰু তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত সম্পূৰ্ণ কৰিব বিচাৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।","footnotes":"","tafseer":"হে ঈমান্দাৰসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা, আৰু তেতিয়া যদি তোমালোকে হাদাছে আচগৰ (অজুবিহীন) অৱস্থাত থাকা তেন্তে অজু কৰি ল’বা, (প্ৰথমে) নিজৰ মুখমণ্ডল ধুই ল’বা আৰু তাৰ পিছত কিলাকুটিলৈকে হাত ধুই ল’বা, আৰু মূৰ মছেহ কৰিবা আৰু ভৰি ধুই ল’বা সৰুগাঁঠিলৈকে। আনহাতে যদি তোমালোকে হাদাছে আকবৰ (যিবোৰ কাৰণত গোছল কৰা জৰুৰী) অৱস্থাত থাকা তেন্তে গোছল কৰিবা। এইদৰে যদি তোমালোকে অসুস্থ অৱস্থাত থাকা আৰু পানী ব্যৱহাৰৰ ফলত যদি বেমাৰ বেছি হোৱাৰ অথবা সুস্থ হোৱাত পলম হোৱাৰ আশংকা হয়, নাইবা যদি তোমালোক সুস্থ অৱস্থাতে ভ্ৰমণত থাকা অথবা যদি তোমালোক হাদাছে আচগৰ যেনে- মল-মুত্ৰ ত্যাগ কৰাৰ ফলত অজুবিহীন অৱস্থাত থাকা নাইবা হাদাছে আকবৰ যেনে- স্ত্ৰী সহবাস কৰাৰ পিছৰ অৱস্থাত থাকা, আৰু যদি পৱিত্ৰতা অৰ্জন কৰিবলৈ পানী বিচাৰি নোপোৱা তেন্তে মাটিৰ দ্বাৰা পৱিত্ৰতা অৰ্জন কৰিবা, নিজৰ দুয়ো হাত মাটিত স্পৰ্শ কৰি মুখমণ্ডল আৰু দুয়ো হাতৰ ওপৰিভাগ মছেহ কৰিবা। আল্লাহে তেওঁৰ বিধানৰ জৰিয়তে তোমালোকৰ ক্ষতি সাধন কৰিব নিবিচাৰে, সেই কাৰণে তেওঁ তোমালোকক ক্ষতি হোৱা অৱস্থাত পানী ব্যৱহাৰৰ নিৰ্দেশ দিয়া নাই। এতেকে পানী ব্যৱহাৰত ক্ষতি হোৱাৰ আশংকা থাকিলে নাইবা পানী বিচাৰি নাপালে, ইয়াৰ বিকল্প ব্যৱস্থাও কৰি দিছে, যাতে তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত পৰিপূৰ্ণ হয় আৰু তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা তথা যাতে অকৃতজ্ঞ নোহোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005006.mp3"},{"index":"7","arabicText":"وَاذْكُرُوْا نِعْمَةَ اللّٰهِ عَلَیْكُمْ وَمِیْثَاقَهُ الَّذِیْ وَاثَقَكُمْ بِهٖۤ ۙ اِذْ قُلْتُمْ سَمِعْنَا وَاَطَعْنَا ؗ وَاتَّقُوا اللّٰهَ ؕ اِنَّ اللّٰهَ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, তোমালোকৰ ওপৰত থকা আল্লাহৰ নিয়ামতবোৰৰ কথা আৰু সেই অঙ্গীকাৰৰ কথা যিটো তেওঁ তোমালোকৰ পৰা লৈছিল, যেতিয়া তোমালোকে কৈছিলা, ‘আমি শুনিলোঁ আৰু মানি ল’লোঁ’, গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।","footnotes":"","tafseer":"আল্লাহৰ অনুগ্ৰহবোৰ স্মৰণ কৰা যে, তেৱেঁই তোমালোকক ইছলামৰ পথ দেখুৱাইছে, লগতে স্মৰণ কৰা তোমালোকৰ সেই প্ৰতিশ্ৰুতিটোক, যিটো তোমালোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বাইআত কৰাৰ সময়ত কৰিছিলা, তোমালোকে কৈছিলাঃ আমি সৰ্বাৱস্থাতে আপোনাৰ কথা মানিম আৰু আপোনাৰ কথাৰ ওপৰত আমল কৰিম, যদিও সেই আদেশ আমাৰ ইচ্ছা অনুকূল হওক বা নহওক। এতেকে তোমালোকে আল্লাহৰ আদেশ (এই প্ৰতিশ্ৰুতিও তেওঁৰ আদেশৰেই অন্তৰ্ভুক্ত) পালন কৰি তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি, কেৱল তেওঁকেই ভয় কৰা। নিশ্চয় আল্লাহ অন্তৰৰ গোপন বিষয় সম্পৰ্কেও অৱগত, একোৱেই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005007.mp3"},{"index":"8","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا كُوْنُوْا قَوّٰمِیْنَ لِلّٰهِ شُهَدَآءَ بِالْقِسْطِ ؗ وَلَا یَجْرِمَنَّكُمْ شَنَاٰنُ قَوْمٍ عَلٰۤی اَلَّا تَعْدِلُوْا ؕ اِعْدِلُوْا ۫ هُوَ اَقْرَبُ لِلتَّقْوٰی ؗ وَاتَّقُوا اللّٰهَ ؕ اِنَّ اللّٰهَ خَبِیْرٌ بِمَا تَعْمَلُوْنَ ۟","assameseTranslation":"হে মুমিনসকল! আল্লাহৰ উদ্দেশ্যে ন্যায় সাক্ষ্যদানত তোমালোকে অবিচল থাকিবা, কোনো সম্প্ৰদায়ৰ প্ৰতি থকা শত্ৰুতাই তোমালোকক যাতে সুবিচাৰ বৰ্জনত প্ৰৰোচিত নকৰে। তোমালোকে সুবিচাৰ কৰিবা, এইটোৱেই তাক্বৱাৰ অধিক নিকটৱৰ্তী। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় তোমালোকে যি কৰা আল্লাহ সেই বিষয়ে সম্যক অৱহিত।","footnotes":"","tafseer":"হেৰা যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছা! আল্লাহৰ সন্তুষ্টি লাভ কৰিবলৈ তেওঁৰ অধিকাৰসমূহ আদায় কৰা, আৰু ন্যায়ৰ সপক্ষে সাক্ষ্য দান কৰা, অন্যায়ৰ সপক্ষে নহয়। কোনো গোত্ৰৰ শত্ৰুতাই যাতে তোমালোকক অন্যায় কৰিবলৈ প্ৰৰোচিত নকৰে, কিয়নো বন্ধু আৰু শত্ৰু উভয়ৰ লগতে ন্যায়-নীতি অৱলম্বন কৰা উচিত। সেয়ে সিহঁতৰ লগত ন্যায় কৰা। ন্যায় হৈছে আল্লাহৰ প্ৰতি থকা ভয়ৰ অতি নিকটৱৰ্তী। আনহাতে অন্যায় হৈছে আল্লাহৰ সন্মুখত দুঃসাহস কৰাৰ অতি নিকটৱৰ্তী। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। তোমালোকে যি কৰা, সেই বিষয়ে নিশ্চয় আল্লাহ অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005008.mp3"},{"index":"9","arabicText":"وَعَدَ اللّٰهُ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ ۙ لَهُمْ مَّغْفِرَةٌ وَّاَجْرٌ عَظِیْمٌ ۟","assameseTranslation":"যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহাপুৰস্কাৰ।","footnotes":"","tafseer":"আল্লাহে (যিয়ে কেতিয়াও প্ৰতিশ্ৰুতি ভঙ্গ নকৰে) সেইসকল লোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে, তেওঁলোকক তেওঁ এই প্ৰতিশ্ৰুতি দিছে যে, তেওঁ তেওঁলোকৰ গুনাহসমূহ ক্ষমা কৰি দিব লগতে তেওঁলোকক মহা ছোৱাব তথা জান্নাতত প্ৰৱেশ কৰাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005009.mp3"},{"index":"10","arabicText":"وَالَّذِیْنَ كَفَرُوْا وَكَذَّبُوْا بِاٰیٰتِنَاۤ اُولٰٓىِٕكَ اَصْحٰبُ الْجَحِیْمِ ۟","assameseTranslation":"আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁত হৈছে প্ৰজ্বলিত জুইৰ আধিবাসী।","footnotes":"","tafseer":"যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছে তথা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সেইসকল লোকেই জাহান্নামৰ অধিবাসী, সিহঁতক সিহঁতৰ কুফুৰী আৰু মিথ্যাচাৰৰ বাবে শাস্তিস্বৰূপে তাত প্ৰৱেশ কৰোৱা হ’ব। তাত সিহঁত চিৰস্থায়ী হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005010.mp3"},{"index":"11","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اذْكُرُوْا نِعْمَتَ اللّٰهِ عَلَیْكُمْ اِذْ هَمَّ قَوْمٌ اَنْ یَّبْسُطُوْۤا اِلَیْكُمْ اَیْدِیَهُمْ فَكَفَّ اَیْدِیَهُمْ عَنْكُمْ ۚ وَاتَّقُوا اللّٰهَ ؕ وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟۠","assameseTranslation":"হে মুমিনসকল! তোমালোকৰ প্ৰতি আল্লাহে কৰা নিয়ামত স্মৰণ কৰা যেতিয়া এটা সম্প্ৰদায়ে তোমালোকৰ বিৰুদ্ধে সিহঁতৰ হাত প্ৰসাৰিত কৰিবলৈ মনস্থ কৰিছিল, তাৰ পিছত আল্লাহেই সিহঁতৰ হাত তোমালোকৰ পৰা নিবৃত ৰাখিছিল। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে ভৰসা কৰা উচিত।","footnotes":"","tafseer":"হে ঈমান্দাৰসকল! অন্তৰ আৰু জিভাৰ জৰিয়তে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, তেৱেঁই তোমালোকক শান্তি তথা নিৰাপত্তা প্ৰদান কৰিছে, আৰু যেতিয়া তোমালোকৰ শত্ৰুৱে তোমালোকৰ পিনে হাত বঢ়াব বিচাৰিছিল আৰু তোমালোকক ধৰি শাস্তি দিব বিচাৰিছিল, তেতিয়া আল্লাহেই সিহঁতৰ অন্তৰত ভয় সৃষ্টি কৰি দিছিল আৰু তোমালোকক সিহঁতৰ পৰা ৰক্ষা কৰিছিল। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। তথা মুমিনসকলে তেওঁলোকৰ নিজৰ ধাৰ্মিক তথা পাৰ্থিৱ উপকাৰ অৰ্জন কৰিবলৈ কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005011.mp3"},{"index":"12","arabicText":"وَلَقَدْ اَخَذَ اللّٰهُ مِیْثَاقَ بَنِیْۤ اِسْرَآءِیْلَ ۚ وَبَعَثْنَا مِنْهُمُ اثْنَیْ عَشَرَ نَقِیْبًا ؕ وَقَالَ اللّٰهُ اِنِّیْ مَعَكُمْ ؕ لَىِٕنْ اَقَمْتُمُ الصَّلٰوةَ وَاٰتَیْتُمُ الزَّكٰوةَ وَاٰمَنْتُمْ بِرُسُلِیْ وَعَزَّرْتُمُوْهُمْ وَاَقْرَضْتُمُ اللّٰهَ قَرْضًا حَسَنًا لَّاُكَفِّرَنَّ عَنْكُمْ سَیِّاٰتِكُمْ وَلَاُدْخِلَنَّكُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ۚ فَمَنْ كَفَرَ بَعْدَ ذٰلِكَ مِنْكُمْ فَقَدْ ضَلَّ سَوَآءَ السَّبِیْلِ ۟","assameseTranslation":"আৰু নিশ্চয় আল্লাহে বনী ইছৰাঈলৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছিল, আৰু সিহঁতৰ মাজৰ পৰা বাৰজন লোকক আমি দলপতি নিযুক্ত কৰি প্ৰেৰণ কৰিছিলোঁ। আল্লাহে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ লগত আছোঁ, যদি তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা, আৰু আমাৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁলোকক সন্মান কৰা তথা সহায়-সহযোগিতা কৰা আৰু আল্লাহক উত্তম ঋণ প্ৰদান কৰা, তেন্তে নিশ্চয় আমি তোমালোকৰ পাপসমূহ মোচন কৰিম আৰু তোমালোকক অৱশ্যে জান্নাতত প্ৰৱেশ কৰাম যাৰ তলদেশত নদীসমূহ প্ৰবাহিত’। ইয়াৰ পিছতো যিয়ে কুফুৰী কৰিব সি নিশ্চিতভাৱে সৰল পথৰ পৰা আঁতৰি যাব।","footnotes":"","tafseer":"নিশ্চয় আল্লাহে বনী ইছৰাঈলৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছিল, যাৰ বৰ্ণনা আগত আহি আছে, আৰু সিহঁতৰ মাজত বাৰজন প্ৰধান দায়িত্বশীল নিযুক্ত কৰিছিল, যিসকলে নিজৰ অধীনত থকা লোকৰ পৰ্যবেক্ষণ কৰিছিল, তথা আল্লাহে বনী ইছৰাঈলক কৈছিলঃ মই তোমালোকৰ সহায় তথা সমৰ্থনৰ বাবে তোমালোকৰ লগত আছোঁ, যদিহে তোমালোকে ভালদৰে ছালাত আদায় কৰা, যাকাত প্ৰদান কৰা, মোৰ সকলো ৰাছুলৰ প্ৰতি কোনো ভেদাভেদ নকৰাকৈ যদি ঈমান পোষণ কৰা, তেওঁলোকক সন্মান কৰা, আৰু তেওঁলোকক সহায় কৰা লগতে সৎ পথত ব্যয় কৰা। যদি তোমালোকে এইবোৰ কৰ্ম কৰা তেন্তে মই তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিম আৰু ক্বিয়ামতৰ দিনা এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ অট্টালিকাসমূহৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। ইমান দৃঢ় বচন লোৱাৰ পিছতো যিয়ে কুফৰী কৰিব, সি দৰাচলতে জানি বুজি সত্যৰ পথ ত্যাগ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005012.mp3"},{"index":"13","arabicText":"فَبِمَا نَقْضِهِمْ مِّیْثَاقَهُمْ لَعَنّٰهُمْ وَجَعَلْنَا قُلُوْبَهُمْ قٰسِیَةً ۚ یُحَرِّفُوْنَ الْكَلِمَ عَنْ مَّوَاضِعِهٖ ۙ وَنَسُوْا حَظًّا مِّمَّا ذُكِّرُوْا بِهٖ ۚ وَلَا تَزَالُ تَطَّلِعُ عَلٰی خَآىِٕنَةٍ مِّنْهُمْ اِلَّا قَلِیْلًا مِّنْهُمْ فَاعْفُ عَنْهُمْ وَاصْفَحْ ؕ اِنَّ اللّٰهَ یُحِبُّ الْمُحْسِنِیْنَ ۟","assameseTranslation":"তাৰ পিছত সিহঁতে অঙ্গীকাৰ ভংগ কৰাৰ কাৰণে সিহঁতক আমি অভিসম্পাত কৰিছোঁ আৰু সিহঁতৰ হৃদয়ক কঠিন কৰি দিছোঁ, সিহঁতে শব্দবোৰক স্ব-স্থানৰ পৰা বিকৃত কৰে আৰু সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰে একাংশ সিহঁতে পাহৰি গৈছে। তুমি সদায় সিহঁতৰ কিছুসংখ্যকৰ বাহিৰে অধিকাংশকেই বিশ্বাসঘাতকতা কৰোঁতে দেখিবলৈ পাবা, সেয়ে সিহঁতক ক্ষমা কৰা আৰু উপেক্ষা কৰা। নিশ্চয় আল্লাহে সৎকৰ্মপৰায়ণকাৰীসকলক ভালপায়।","footnotes":"","tafseer":"সিহঁতে অঙ্গীকাৰ ভঙ্গ কৰাৰ কাৰণে আমি সিহঁতক আমাৰ ৰহমতৰ পৰা আঁতৰ কৰি দিছোঁ, আৰু সিহঁতৰ অন্তৰক এনেকুৱা কঠোৰ কৰি দিছোঁ যে, সিহঁতৰ অন্তৰত কোনো ভাল কথা প্ৰৱেশ কৰিবই নোৱাৰে, আৰু কোনো উপদেশৰ দ্বাৰাও উপকৃত হ’ব নোৱাৰে। সিহঁতে আল্লাহৰ বাণীক বাস্তৱ স্থানৰ পৰা বিকৃত কৰে, কেতিয়াবা শব্দ পৰিবৰ্তন কৰে আকৌ কেতিয়াবা নিজৰ ইচ্ছা অনুসাৰে অৰ্থ বিকৃত কৰে। তথা সিহঁতক যিবোৰ কথাৰ উপদেশ দিয়া হৈছিল সেইবোৰৰ কিছুমানৰ ওপৰত সিহঁতে আমল কৰা এৰি দিছে। হে ৰাছুল! আপুনি খবৰ পাই থাকিব যে, সিহঁতে আল্লাহ আৰু তেওঁৰ মুমিন বান্দাসকলৰ লগত অমুক অমুক বিশ্বাসঘাতকতা কৰিছে। কিন্তু সিহঁতৰ মাজত কিছুমান এনেকুৱা ব্যক্তিও আছে, যিসকলে অঙ্গীকাৰ পূৰণ কৰিছে। এতেকে সিহঁতক ক্ষমা কৰি দিয়ক আৰু সিহঁতক এৰি দিয়ক। কাৰণ এইটো উত্কৃষ্ট কৰ্ম, আৰু আল্লাহে উত্কৃষ্ট কৰ্মকাৰীসকলক ভাল পায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005013.mp3"},{"index":"14","arabicText":"وَمِنَ الَّذِیْنَ قَالُوْۤا اِنَّا نَصٰرٰۤی اَخَذْنَا مِیْثَاقَهُمْ فَنَسُوْا حَظًّا مِّمَّا ذُكِّرُوْا بِهٖ ۪ فَاَغْرَیْنَا بَیْنَهُمُ الْعَدَاوَةَ وَالْبَغْضَآءَ اِلٰی یَوْمِ الْقِیٰمَةِ ؕ وَسَوْفَ یُنَبِّئُهُمُ اللّٰهُ بِمَا كَانُوْا یَصْنَعُوْنَ ۟","assameseTranslation":"আৰু যিসকলে কয়, ‘আমি নাছাৰা’, সিহঁতৰো আমি অঙ্গীকাৰ গ্ৰহণ কৰিছিলোঁ; তাৰ পিছত সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰে একাংশ সিহঁতে পাহৰি গৈছিল। ফলত আমি সিহঁতৰ মাজত কিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ সক্ৰিয় কৰি ৰাখিছোঁ। সিহঁতে যি কৰিছিল সেয়া আল্লাহে অচিৰেই সিহঁতক জনাই দিব।","footnotes":"","tafseer":"যিদৰে আমি ইয়াহুদীসকলৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিলোঁ, সেইদৰে আমি সেইসকল লোকৰ পৰাও অঙ্গীকাৰ লৈছিলোঁ, যিসকলে এই কথা কৈ নিজৰ পৱিত্ৰতা বৰ্ণনা কৰে যে, আমি ঈছা আলাইহিচ্ছালামৰ অনুসাৰী। সিহঁতেও নিজৰ পূৰ্বপুৰুষ ইয়াহুদীসকলৰ দৰেই সেইসমূহ বিধানৰ কিছুমানৰ ওপৰত আমল কৰা এৰি দিছিল, যিবোৰ কৰিবলৈ সিহঁতক আদেশ দিয়া হৈছিল। লগতে আমি ক্বিয়ামত পৰ্যন্ত সিহঁতৰ মাজত শত্ৰুতা আৰু ঘৃণা ঢালি দিছোঁ। ফলত সিহঁতে ইজনে সিজনৰ লগত বিবাদত লিপ্ত হ’বলৈ ধৰিলে আৰু পৰস্পৰে পৰস্পৰক কাফিৰ ক’বলৈ ধৰিলে। আল্লাহে সিহঁতক অনতিপলমে সিহঁতৰ কাৰ্যকলাপ সম্পৰ্কে অৱগত কৰাব, যিবোৰ কৰ্ম সিহঁতে কৰিছে, আৰু তেওঁ ইয়াৰ প্ৰতিদানো দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005014.mp3"},{"index":"15","arabicText":"یٰۤاَهْلَ الْكِتٰبِ قَدْ جَآءَكُمْ رَسُوْلُنَا یُبَیِّنُ لَكُمْ كَثِیْرًا مِّمَّا كُنْتُمْ تُخْفُوْنَ مِنَ الْكِتٰبِ وَیَعْفُوْا عَنْ كَثِیْرٍ ؕ۬ قَدْ جَآءَكُمْ مِّنَ اللّٰهِ نُوْرٌ وَّكِتٰبٌ مُّبِیْنٌ ۟ۙ","assameseTranslation":"হে কিতাবীসকল! নিশ্চয় তোমালোকৰ ওচৰলৈ আমাৰ ৰাছুল আহি পাইছে, তোমালোকে কিতাবৰ পৰা যি গোপন কৰিছিলা তাৰে বেছি ভাগ তেওঁ তোমালোকৰ ওচৰত প্ৰকাশ কৰিছে আৰু বহুখিনি এৰি দিছে। নিশ্চয় আল্লাহৰ তৰফৰ পৰা এটা জ্যোতি তথা স্পষ্ট কিতাব তোমালোকৰ ওচৰলৈ আহিছে।","footnotes":"","tafseer":"হে আহলে কিতাব, তাওৰাত ধাৰী ইয়াহুদীসকল আৰু ইঞ্জীল ধাৰী খৃষ্টানসকল! তোমালোকৰ ওচৰলৈ আমাৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আহি গৈছে। তোমালোকে তোমালোকৰ ওপৰত অৱতীৰ্ণ হোৱা গ্ৰন্থৰ যিবোৰ কথা গোপন কৰিছিলা, তাৰে বহুত কথা তেওঁ স্পষ্টভাৱে প্ৰকাশ কৰিব, আৰু বহু কথা আওকাণো কৰিব, যিবোৰত তোমালোকৰ অপমানৰ বাহিৰে আন একো নাই। তোমালোকৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা কোৰআন আহিছে, ই হৈছে প্ৰদীপ, যাৰ পৰা জ্যোতি লোৱা হয়। এইটো এনে এখন গ্ৰন্থ, য’ত মানুহৰ বাবে পৃথিৱী আৰু আখিৰাত সম্পৰ্কীয় সেই সকলো বিষয়ৰ বিৱৰণ আছে, যিবোৰ সিহঁতৰ বাবে অতি আৱশ্যক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005015.mp3"},{"index":"16","arabicText":"یَّهْدِیْ بِهِ اللّٰهُ مَنِ اتَّبَعَ رِضْوَانَهٗ سُبُلَ السَّلٰمِ وَیُخْرِجُهُمْ مِّنَ الظُّلُمٰتِ اِلَی النُّوْرِ بِاِذْنِهٖ وَیَهْدِیْهِمْ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟","assameseTranslation":"যিসকলে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰে, ইয়াৰ মাধ্যমত তেওঁ সিহঁতক শান্তিৰ পথত পৰিচালিত কৰে আৰু সিহঁতক নিজ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনে লগতে সিহঁতক সৰল পথৰ হিদায়ত দিয়ে।","footnotes":"","tafseer":"আল্লাহে এই গ্ৰন্থৰ দ্বাৰা সেইসকল লোকক হিদায়ত প্ৰদান কৰে, যিসকলে আল্লাহক সন্তুষ্ট কৰিবলৈ ঈমান আনিছে আৰু নেক আমল কৰে, তেওঁলোকক এনেকুৱা পথ দেখুৱায় যি পথে তেওঁলোকক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰি জান্নাতৰ পিনে লৈ যায়, আৰু তেওঁলোকক কুফৰ আৰু গুনাহৰ অন্ধকাৰৰ পৰা উলিয়াই ঈমান আৰু আনুগত্যৰ পোহৰৰ পিনে লৈ আহে। লগতে তেওঁলোকক পোন পথ তথা ইছলামৰ পথত পৰিচালিত হ’বলৈ তাওফীক প্ৰদান কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005016.mp3"},{"index":"17","arabicText":"لَقَدْ كَفَرَ الَّذِیْنَ قَالُوْۤا اِنَّ اللّٰهَ هُوَ الْمَسِیْحُ ابْنُ مَرْیَمَ ؕ قُلْ فَمَنْ یَّمْلِكُ مِنَ اللّٰهِ شَیْـًٔا اِنْ اَرَادَ اَنْ یُّهْلِكَ الْمَسِیْحَ ابْنَ مَرْیَمَ وَاُمَّهٗ وَمَنْ فِی الْاَرْضِ جَمِیْعًا ؕ وَلِلّٰهِ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا ؕ یَخْلُقُ مَا یَشَآءُ ؕ وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"নিশ্চয় সিহঁতে কুফুৰী কৰিছে যিসকলে কয় যে, ‘মাৰয়ামৰ পুত্ৰ মছীহেই হৈছে আল্লাহ’। কোৱা, ‘যদি আল্লাহে মছীহ ইবনে মাৰয়ামক আৰু তেওঁৰ মাকক লগতে পৃথিৱীত থকা সকলোকে ধ্বংস কৰিব বিচাৰে তেন্তে তেওঁক বাধা দিবলৈ কাৰ শক্তি আছে’? আকাশমণ্ডল আৰু পৃথিৱী আৰু এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে, আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"সেইসকল খৃষ্টানে কুফুৰী কৰিছে যিসকলে কয় যে, আল্লাহেই হৈছে ঈছা ইবনে মৰিয়ম। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, আল্লাহে যদি ঈছা ইবনে মৰিয়মক আৰু তেওঁৰ মাকক আৰু পৃথিৱীৰ বুকুত যি যি আছে সেই সকলোকে ধ্বংস কৰিব বিচাৰে, তেন্তে এনেকুৱা কোন আছে যিয়ে আল্লাহৰ এই কাৰ্যক বাধা প্ৰদান কৰিব পাৰিব? যদি কোনেও নোৱাৰে তেন্তে এই কথা প্ৰমাণিত যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। জানি থোৱা! ঈছা ইবনে মৰিয়মৰ লগতে তেওঁৰ মাতৃ আৰু আন সকলোৱেই হৈছে আল্লাহৰ সৃষ্টি। আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে, সেই সকলোবোৰৰে মালিক হৈছে একমাত্ৰ আল্লাহ। তেওঁ যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে, আৰু তেওঁ সৃষ্টি কৰা লোকসকলৰ মাজৰ অন্যতম এজন হৈছে ঈছা আলাইহিচ্ছালাম। এতেকে তেওঁ হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। মহান আল্লাহ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005017.mp3"},{"index":"18","arabicText":"وَقَالَتِ الْیَهُوْدُ وَالنَّصٰرٰی نَحْنُ اَبْنٰٓؤُا اللّٰهِ وَاَحِبَّآؤُهٗ ؕ قُلْ فَلِمَ یُعَذِّبُكُمْ بِذُنُوْبِكُمْ ؕ بَلْ اَنْتُمْ بَشَرٌ مِّمَّنْ خَلَقَ ؕ یَغْفِرُ لِمَنْ یَّشَآءُ وَیُعَذِّبُ مَنْ یَّشَآءُ ؕ وَلِلّٰهِ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا ؗ وَاِلَیْهِ الْمَصِیْرُ ۟","assameseTranslation":"ইয়াহূদী আৰু নাছাৰাসকলে কয়, ‘আমি আল্লাহৰ পুত্ৰ আৰু তেওঁৰ প্ৰিয়পাত্ৰ’। কোৱা, ‘তেন্তে কিয় তেওঁ তোমালোকক তোমালোকৰ গুণাহৰ কাৰণে শাস্তি দিব? বৰং তোমালোকেও সিহঁতৰ দৰেই মানুহ, যিসকলক তেওঁ সৃষ্টি কৰিছে। যাক ইচ্ছা কৰে তেওঁ ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা কৰে তেওঁ শাস্তি দিয়ে, আকাশসমূহ আৰু পৃথিৱীত লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব আল্লাহৰেই, আৰু তেওঁৰ ওচৰলৈকেই উভতি যাব লাগিব।","footnotes":"","tafseer":"ইয়াহুদী আৰু নাচাৰাসকলে দাবী কৰে যে, সিহঁত হৈছে আল্লাহৰ পুত্ৰ আৰু প্ৰিয়পাত্ৰ। হে ৰাছুল! আপুনি সিহঁতৰ এই দাবী খণ্ডন কৰি কৈ দিয়ক যে, তেনেহ’লে তেওঁ তোমালোকক তোমালোকৰ গুনাহৰ বাবে শাস্তি কিয় দিব। তোমালোকৰ দাবী অনুসাৰে যদি সঁচাকৈয়ে তোমালোক আল্লাহৰ প্ৰিয়পাত্ৰ হোৱা তেন্তে তেওঁ তোমালোকক পৃথিৱীত হত্যা তথা মুখমণ্ডল বিকৃত কৰাৰ দৰে শাস্তি আৰু আখিৰাতত জাহান্নামৰ শাস্তি নিদিলিহেঁতেন। কিয়নো তেওঁ নিজৰ প্ৰিয়পাত্ৰসকলক শাস্তি নিদিয়ে। প্ৰকৃততে তোমালোকেও আন আন মানুহৰ দৰেই মানুহ। সিহঁতৰ মাজৰ যিয়ে ভাল কৰ্ম কৰিছে, সি জান্নাত পাব, আৰু যিয়ে বেয়া কৰ্ম কৰিছে, সি পাব জাহান্নামত নিক্ষিপ্ত হ’ব। আল্লাহে যাক ইচ্ছা কৰে নিজ অনুগ্ৰহেৰে ক্ষমা কৰি দিয়ে, আৰু যাক ইচ্ছা কৰে ন্যায়ৰ জৰিয়তে শাস্তি দিয়ে। আকাশমণ্ডল আৰু পৃথিৱী তথা এই উভয়ৰে মাজৰ সকলো বস্তু তেওঁৰেই, আৰু কেৱল তেওঁৰ ফালেই সকলোৱে প্ৰত্যাৱৰ্তন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005018.mp3"},{"index":"19","arabicText":"یٰۤاَهْلَ الْكِتٰبِ قَدْ جَآءَكُمْ رَسُوْلُنَا یُبَیِّنُ لَكُمْ عَلٰی فَتْرَةٍ مِّنَ الرُّسُلِ اَنْ تَقُوْلُوْا مَا جَآءَنَا مِنْ بَشِیْرٍ وَّلَا نَذِیْرٍ ؗ فَقَدْ جَآءَكُمْ بَشِیْرٌ وَّنَذِیْرٌ ؕ وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟۠","assameseTranslation":"হে কিতাবীসকল! ৰাছুল প্ৰেৰণৰ এটা (দীৰ্ঘ) বিৰতিৰ পিছত তোমালোকৰ ওচৰলৈ আমাৰ ৰাছুল (মুহাম্মদ) আহিছে। তেওঁ তোমালোকৰ ওচৰত স্পষ্টভাৱে (চৰীয়ত) ব্যাখ্যা কৰিছে, যাতে তোমালোকে এইটো ক’ব নোৱাৰা যে, ‘আমাৰ ওচৰলৈ কোনো সুসংবাদবাহী আৰু সাৱধানকাৰী অহা নাছিল’। এতেকে (জানি থোৱা) নিশ্চয় এতিয়া তোমালোকৰ ওচৰলৈ সুসংবাদদাতা আৰু সাৱধানকাৰী আহিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"হে কিতাব ধাৰী ইয়াহুদী আৰু নাছাৰাসকল! তোমালোকৰ ওচৰলৈ আমাৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আহিছে। তেওঁ এনেকুৱা সময়ত আহিছে যেতিয়া ৰাছুলসকলৰ আগমণ অস্থায়ীভাৱে বন্ধ আছিল তথা ৰাছুল অহাটো বৰ আৱশ্যক আছিল। যাতে তোমালোকে এইটো ক'ব নোৱাৰা যে, আমাৰ ওচৰলৈ আল্লাহৰ প্ৰতিদানৰ সুসংবাদ দিবলৈ আৰু তেওঁৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ ৰাছুল অহা নাছিল। কিয়নো তোমালোকৰ ওচৰলৈ সুসংবাদদাতা তথা সতৰ্ককাৰী হিচাপে আমাৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আহি পৰিছে। মহান আল্লাহ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁৰ ক্ষমতাৰ এটা বহিঃপ্ৰকাশ হৈছে ৰাছুল প্ৰেৰণ, আৰু ৰাছুল প্ৰেৰণৰ এই ধাৰাবাহিকতা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জৰিয়তে শেষ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005019.mp3"},{"index":"20","arabicText":"وَاِذْ قَالَ مُوْسٰی لِقَوْمِهٖ یٰقَوْمِ اذْكُرُوْا نِعْمَةَ اللّٰهِ عَلَیْكُمْ اِذْ جَعَلَ فِیْكُمْ اَنْۢبِیَآءَ وَجَعَلَكُمْ مُّلُوْكًا ۖۗ وَّاٰتٰىكُمْ مَّا لَمْ یُؤْتِ اَحَدًا مِّنَ الْعٰلَمِیْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে তোমালোকৰ ওপৰত থকা আল্লাহৰ অনুগ্ৰহবোৰ স্মৰণ কৰা যেতিয়া তেওঁ তোমালোকৰ মাজৰ পৰাই নবী বনাইছিল আৰু তোমালোকক ৰজা-বাদশ্বাহ বনাইছিল। লগতে তোমালোকক সেইটো প্ৰদান কৰিছিল যিটো সৃষ্টিজগতৰ কাকো দান কৰা নাছিল’।","footnotes":"","tafseer":"হে ৰাছুল! সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া মুছা আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায় বনী ইছৰাঈলক কৈছিলঃ হে মোৰ জাতি ভাইসকল! তোমালোকে অন্তৰেৰে আৰু মুখেৰে আল্লাহৰ অনুগ্ৰহসমূহক স্মৰণ কৰা যে, আল্লাহে তোমালোকৰ মাজৰ পৰাই কিছুমানক নবী বনাইছিল, যিসকলে তোমালোকক সত্যৰ পিনে আহ্বান কৰিছিল, আৰু তোমালোকক স্বাধীনতা প্ৰদান কৰিছিল অথচ তোমালোকে দাসত্বৰ জীৱন পাৰ কৰিছিলা, আৰু তোমালোকক এনেকুৱা অনুগ্ৰহ প্ৰদান কৰিছিল, যিবোৰ অনুগ্ৰহ তোমালোকৰ যুগত আন কাকো দিয়া হোৱা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005020.mp3"},{"index":"21","arabicText":"یٰقَوْمِ ادْخُلُوا الْاَرْضَ الْمُقَدَّسَةَ الَّتِیْ كَتَبَ اللّٰهُ لَكُمْ وَلَا تَرْتَدُّوْا عَلٰۤی اَدْبَارِكُمْ فَتَنْقَلِبُوْا خٰسِرِیْنَ ۟","assameseTranslation":"‘হে মোৰ সম্প্ৰদায়! আল্লাহে তোমালোকৰ বাবে যিটো পৱিত্ৰ ভূমি লিখি দিছে তাত তোমালোকে প্ৰৱেশ কৰা আৰু পশ্চাদপসৰণ নকৰিবা, এনে কৰিলে তোমালোকে ক্ষতিগ্ৰস্ত হৈ প্ৰত্যাৱৰ্তন কৰিবা’।","footnotes":"","tafseer":"মুছা আলাইহিচ্ছালামে কৈছিলঃ হে মোৰ জাতি ভাইসকল! সেই পৱিত্ৰ ভূমিত (বাইতুল মাকদিছত তথা ইয়াৰ চাৰিওফালে থকা অঞ্চলত) প্ৰৱেশ কৰা, য’ত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত আৰু তাত থকা কাফিৰসকলৰ সৈতে যুদ্ধ কৰাৰ ক্ষেত্ৰত আল্লাহে তোমালোকৰ পৰা অঙ্গীকাৰ লৈছে, আৰু দাম্ভিকসকলৰ সন্মুখত হাৰ নামানিবা, অন্যথা পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005021.mp3"},{"index":"22","arabicText":"قَالُوْا یٰمُوْسٰۤی اِنَّ فِیْهَا قَوْمًا جَبَّارِیْنَ ۖۗ وَاِنَّا لَنْ نَّدْخُلَهَا حَتّٰی یَخْرُجُوْا مِنْهَا ۚ فَاِنْ یَّخْرُجُوْا مِنْهَا فَاِنَّا دٰخِلُوْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘হে মুছা! নিশ্চয় তাত এটা শক্তিশালী সম্প্ৰদায় আছে আৰু সিহঁত তাৰ পৰা ওলাই নোযোৱালৈকে আমি কেতিয়াও তাত প্ৰৱেশ নকৰোঁ। এতেকে সিহঁত তাৰ পৰা ওলাই গ'লে নিশ্চয় আমি তাত প্ৰৱেশ কৰিম’।","footnotes":"","tafseer":"তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক কৈছিলঃ হে মুছা! সেই পৱিত্ৰ ভূমিত বৰ শক্তিশালী লোকসকলে বাস কৰে। সেয়ে আমি তাত প্ৰৱেশ কৰিব নোৱাৰিম, যেতিয়ালৈকে সিহঁতে তাত থাকিব। কিয়নো সিহঁতৰ সৈতে যুদ্ধ কৰিব পৰা ক্ষমতা আমাৰ ওচৰত নাই। কিন্তু যদি সিহঁতে তাৰ পৰা ওলাই যায়, তেন্তে নিশ্চয় আমি তাত প্ৰৱেশ কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005022.mp3"},{"index":"23","arabicText":"قَالَ رَجُلٰنِ مِنَ الَّذِیْنَ یَخَافُوْنَ اَنْعَمَ اللّٰهُ عَلَیْهِمَا ادْخُلُوْا عَلَیْهِمُ الْبَابَ ۚ فَاِذَا دَخَلْتُمُوْهُ فَاِنَّكُمْ غٰلِبُوْنَ ۚ۬ وَعَلَی اللّٰهِ فَتَوَكَّلُوْۤا اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟","assameseTranslation":"যিসকলে ভয় কৰিছিল সিহঁতৰ মাজৰ দুজনে, যি দুজনৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছিল, সিহঁতে ক’লে, ‘তোমালোকে সিহঁতৰ মুকাবিলা কৰি নগৰদ্বাৰত প্ৰৱেশ কৰা, প্ৰৱেশ কৰিলেই তোমালোকে জয়লাভ কৰিবা আৰু যদি তোমালোকে মুমিন হোৱা, তেনেহ’লে আল্লাহৰ ওপৰতেই ভৰসা কৰা’।","footnotes":"","tafseer":"মুছা আলাইহিচ্ছালামৰ সঙ্গীসকলৰ মাজত দুজন এনেকুৱা সঙ্গীও আছিল যিসকলে আল্লাহক ভয় কৰিছিল তথা তেওঁৰ শাস্তিক ভয় কৰিছিল। আল্লাহে তেওঁলোকক আনুগত্য কৰিবলৈ তাওফীক তথা প্ৰেৰণা প্ৰদান কৰিছিল। তেওঁলোক উভয়ে নিজ জাতিক মুছা আলাইহিচ্ছালামৰ কথা মানিবলৈ প্ৰেৰণা প্ৰদান কৰি কৈছিল, নগৰৰ দুৱাৰ মুখেৰে প্ৰৱেশ কৰি এই শক্তিশালী লোকৰ মুখামুখী হোৱা। নিশ্চয় তোমালোকে সিহঁতক পৰাজিত কৰিব পাৰিবা। কিয়নো যদি আল্লাহৰ প্ৰতি ঈমান থাকে তথা সাধনা ব্যৱহাৰ কৰা হয় তেন্তে আল্লাহে নিশ্চিতভাৱে সহায় কৰে। এতেকে যদি তোমালোক প্ৰকৃত মুমিন হোৱা তেন্তে কেৱল আল্লাহৰ প্ৰতি ভৰসা কৰা। কিয়নো ঈমানে আল্লাহৰ প্ৰতি ভৰসা কৰাৰ প্ৰেৰণা প্ৰদান কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005023.mp3"},{"index":"24","arabicText":"قَالُوْا یٰمُوْسٰۤی اِنَّا لَنْ نَّدْخُلَهَاۤ اَبَدًا مَّا دَامُوْا فِیْهَا فَاذْهَبْ اَنْتَ وَرَبُّكَ فَقَاتِلَاۤ اِنَّا هٰهُنَا قٰعِدُوْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘হে মুছা! সিহঁত যেতিয়ালৈকে তাত থাকিব আমি কেতিয়াও তাত প্ৰৱেশ নকৰোঁ, এতেকে তুমি আৰু তোমাৰ প্ৰতিপালকে গৈ যুদ্ধ কৰাগৈ। নিশ্চয় আমি ইয়াতেই বহি থাকিম’।","footnotes":"","tafseer":"মুছা আলাইহিচ্ছালামৰ সম্প্ৰদায়ে সিহঁতৰ নবী মুছাৰ কথা অৱমাননা কৰি আৰু তাত অটল হৈ কৈছিলঃ আমি চহৰত তেতিয়ালৈকে প্ৰৱেশ নকৰোঁ, যেতিয়ালৈকে এই শক্তিশালী লোকসকল তাত থাকিব। এতেকে হে মুছা! আপুনি আৰু আপোনাৰ প্ৰতিপালকে যাওক, আৰু শক্তিশালী লোকসকলৰ লগত যুদ্ধত কৰকগৈ। আমি আপোনাৰ পৰা পৃথক হৈ ইয়াতে বহি থাকিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005024.mp3"},{"index":"25","arabicText":"قَالَ رَبِّ اِنِّیْ لَاۤ اَمْلِكُ اِلَّا نَفْسِیْ وَاَخِیْ فَافْرُقْ بَیْنَنَا وَبَیْنَ الْقَوْمِ الْفٰسِقِیْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! মোৰ আৰু মোৰ ভাতৃৰ বাহিৰে আন কাৰো ওপৰতে মোৰ কোনো আধিপত্য নাই, গতিকে তুমি আমাৰ আৰু ফাছিক্ব সম্প্ৰদায়ৰ মাজত বিচ্ছেদ কৰি দিয়া’।","footnotes":"","tafseer":"মুছা আলাইহিচ্ছালামে তেওঁৰ প্ৰতিপালকক ক’লেঃ হে মোৰ প্ৰতিপালক! মোৰ আৰু মোৰ ভাতৃৰ বাহিৰে আন কাৰো ওপৰত মোৰ শক্তি নচলে। এতেকে মোৰ আৰু এই জাতিৰ মাজত নিৰ্ণয় কৰি দিয়ক, যি জাতিয়ে আপোনাৰ ৰাছুলৰ আদেশ উলংঘা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005025.mp3"},{"index":"26","arabicText":"قَالَ فَاِنَّهَا مُحَرَّمَةٌ عَلَیْهِمْ اَرْبَعِیْنَ سَنَةً ۚ یَتِیْهُوْنَ فِی الْاَرْضِ ؕ فَلَا تَاْسَ عَلَی الْقَوْمِ الْفٰسِقِیْنَ ۟۠","assameseTranslation":"আল্লাহে ক’লে, ‘তেনেহ’লে ইয়াক (এই ভূমিক) সিহঁতৰ ওপৰত চল্লিশ বছৰলৈকে নিষিদ্ধ কৰা হ’ল, সিহঁতে পৃথিৱীত উদ্ভ্ৰান্ত হৈ ঘূৰি ফুৰিব, গতিকে তুমি ফাছিক্ব সম্প্ৰদায়ৰ বাবে দুখ নকৰিবা’।","footnotes":"","tafseer":"আল্লাহে নবী মুছা আলাইহিচ্ছালামক ক’লে যে, আল্লাহে বনী ইছৰাঈলৰ বাবে চল্লিশ বছৰলৈকে সেই পৱিত্ৰ ভূমিত প্ৰৱেশ নিষিদ্ধ কৰিছে। এই সময়ছোৱাত সিহঁতে মৰুভূমিৰ মাজতে ঘূৰি ফুৰিব লাগিব। এতেকে হে মুছা! আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱা লোকসকলৰ বাবে আপুনি অনুতপ্ত নহ'ব। কিয়নো সিহঁতে যি শাস্তি পাইছে সেয়া সিহঁতৰ কৰ্মৰ বাবেহে পাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005026.mp3"},{"index":"27","arabicText":"وَاتْلُ عَلَیْهِمْ نَبَاَ ابْنَیْ اٰدَمَ بِالْحَقِّ ۘ اِذْ قَرَّبَا قُرْبَانًا فَتُقُبِّلَ مِنْ اَحَدِهِمَا وَلَمْ یُتَقَبَّلْ مِنَ الْاٰخَرِ ؕ قَالَ لَاَقْتُلَنَّكَ ؕ قَالَ اِنَّمَا یَتَقَبَّلُ اللّٰهُ مِنَ الْمُتَّقِیْنَ ۟","assameseTranslation":"আৰু তুমি আদমৰ দুই পুত্ৰৰ (হাবীল আৰু কাবীলৰ) ঘটনাটো সিহঁতক যথাযথভাৱে বৰ্ণনা কৰি শুনোৱা। যেতিয়া সিহঁত উভয়ে কুৰবানী কৰিছিল, ফলত এজনৰ পৰা (কুৰবানী) কবুল কৰা হৈছিল আৰু আনজনৰ পৰা কবুল কৰা হোৱা নাছিল।(যাৰ কুৰবানী কবূল হোৱা নাছিল) সি ক’লে, ‘নিশ্চয় মই তোমাক হত্যা কৰিম’। আনজনে ক’লে, ‘নিশ্চয় আল্লাহে কেৱল মুত্তাক্বীসকলৰ পৰাই (কুৰবানী) কবুল কৰে’।","footnotes":"","tafseer":"হে ৰাছুল! এই যালিম তথা ঈৰ্ষা পোষণকাৰী ইয়াহুদীসকলক আদমৰ দুয়ো সন্তান হাবীল আৰু কাবীলৰ সংবাদ সঠিকভাৱে শুনাওক, য’ত কোনো সন্দেহৰ অৱকাশ নাই। যেতিয়া উভয়ে আল্লাহৰ নৈকট্য অৰ্জন কৰিবলৈ আল্লাহৰ দৰবাৰত কুৰবানী পেচ কৰিছিল, তেতিয়া আল্লাহে হাবীলৰ কুৰবানী কবূল কৰিছিল। কিয়নো তেওঁ আছিল তাক্বৱাৰ অধিকাৰী। আনহাতে কাবীলৰ কুৰবানী কবূল কৰা নাছিল, কাৰণ সি তাক্বৱাৰ অধিকাৰী নাছিল। সেয়ে কাবীলৰ মনত ঈৰ্ষা উপজিল আৰু ক'লেঃ হে হাবীল! মই তোমাক হত্যা কৰিম। তেতিয়া হাবীলে ক’লেঃ আল্লাহে কেৱল তাক্বৱাৰ অধিকাৰীসকলৰ কুৰবানীহে কবূল কৰে, যিসকলে তেওঁৰ আদেশ পালন কৰে তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005027.mp3"},{"index":"28","arabicText":"لَىِٕنْۢ بَسَطْتَّ اِلَیَّ یَدَكَ لِتَقْتُلَنِیْ مَاۤ اَنَا بِبَاسِطٍ یَّدِیَ اِلَیْكَ لِاَقْتُلَكَ ۚ اِنِّیْۤ اَخَافُ اللّٰهَ رَبَّ الْعٰلَمِیْنَ ۟","assameseTranslation":"‘মোক হত্যা কৰিবলৈ তুমি মোৰ প্ৰতি তোমাৰ হাত প্ৰসাৰিত কৰিলেও, তোমাক হত্যা কৰিবলৈ মই কিন্তু তোমাৰ প্ৰতি মোৰ হাত প্ৰসাৰিত নকৰোঁ; নিশ্চয় মই আল্লাহক ভয় কৰোঁ, তেৱেঁই সৃষ্টিজগতৰ প্ৰতিপালক’।","footnotes":"","tafseer":"তুমি যদি হত্যা কৰাৰ উদ্দেশ্যে মোৰ পিনে হাত প্ৰসাৰিত কৰা, তেন্তে মই ইয়াৰ পৰিবৰ্তে তোমাৰ দৰে কাৰ্য নকৰোঁ, আৰু এইটো মোৰ দুৰ্বলতাও নহয়, বৰং মই আল্লাহক ভয় কৰোঁ, যিজন গোটেই সৃষ্টিজগতৰ প্ৰতিপালক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005028.mp3"},{"index":"29","arabicText":"اِنِّیْۤ اُرِیْدُ اَنْ تَبُوْٓاَ بِاِثْمِیْ وَاِثْمِكَ فَتَكُوْنَ مِنْ اَصْحٰبِ النَّارِ ۚ وَذٰلِكَ جَزٰٓؤُا الظّٰلِمِیْنَ ۟ۚ","assameseTranslation":"‘নিশ্চয় মই বিচাৰোঁ তুমি মোৰ আৰু তোমাৰ পাপ লৈ উভতি যোৱা, ইয়াৰ ফলত তুমি জাহান্নামৰ অধিবাসী হ’বা, আৰু এইটোৱেই হৈছে যালিমসকলৰ প্ৰতিদান’।","footnotes":"","tafseer":"হাবীলে কাবিলক ভয় দেখুৱাই ক’লেঃ মই বিচাৰোঁ তুমি তোমাৰ পূৰ্বৱৰ্তী পাপসমূহৰ লগতে মোক অন্যায়ভাৱে কৰা হত্যাৰ গুনাহো লগত লৈ প্ৰত্যাৱৰ্তন কৰা, আৰু সেইসকল জাহান্নামীৰ অন্তৰ্ভুক্ত হোৱা যিসকলে ক্বিয়ামতৰ দিনা প্ৰৱেশ কৰিব। এইটোৱে হৈছে অন্যায়কাৰীসকলৰ প্ৰতিদান, আৰু মই তোমাক হত্যা কৰি সেইসকলৰ অন্তৰ্ভুক্ত হ'ব নিবিচাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005029.mp3"},{"index":"30","arabicText":"فَطَوَّعَتْ لَهٗ نَفْسُهٗ قَتْلَ اَخِیْهِ فَقَتَلَهٗ فَاَصْبَحَ مِنَ الْخٰسِرِیْنَ ۟","assameseTranslation":"তথাপিও তাৰ ভায়েকক হত্যা কৰিবলৈ তাৰ নফছে (প্ৰবৃত্তিয়ে) তাক উচটনি দিলে। ফলত সি তাক হত্যা কৰিলে আৰু এইদৰে সি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ল।","footnotes":"","tafseer":"কাবিলৰ বেয়া আদেশ প্ৰদানকাৰী আত্মাই তাক নিজৰ ভাতৃক হত্যা কৰিবলৈ উদ্বুদ্ধ কৰিলে, ফলত সি তেওঁক হত্যা কৰিলে। ইয়াৰ ফলত সি এনেকুৱা লোকৰ অন্তৰ্ভুক্ত হৈ গ'ল, যিসকলৰ পৃথিৱী আৰু আখিৰাতত নিজৰ প্ৰাপ্য তেনেই নগন্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005030.mp3"},{"index":"31","arabicText":"فَبَعَثَ اللّٰهُ غُرَابًا یَّبْحَثُ فِی الْاَرْضِ لِیُرِیَهٗ كَیْفَ یُوَارِیْ سَوْءَةَ اَخِیْهِ ؕ قَالَ یٰوَیْلَتٰۤی اَعَجَزْتُ اَنْ اَكُوْنَ مِثْلَ هٰذَا الْغُرَابِ فَاُوَارِیَ سَوْءَةَ اَخِیْ ۚ فَاَصْبَحَ مِنَ النّٰدِمِیْنَ ۟","assameseTranslation":"তাৰ পিছত আল্লাহে এটা কাউৰী পঠালে, যিটোৱে তাৰ ভায়েকৰ মৃতদেহ কেনেকৈ গোপন কৰিব লাগে সেইটো দেখুওৱাবলৈ মাটি খুচৰিবলৈ ধৰিলে। (এই দেখি) সি ক’লে, ‘হায়! মই এই কাউৰীটোৰ দৰেও হ’ব নোৱাৰিলোনে যে মোৰ ভাতৃৰ মৃতদেহটো ঢাকিব পাৰোঁ? ফলত সি অনুতপ্ত হ’ল।","footnotes":"","tafseer":"তাৰ পিছত আল্লাহে এটা কাউৰী প্ৰেৰণ কৰিলে, যিয়ে তাৰ সন্মুখত মাটি খান্দিবলৈ ধৰিলে, যাতে তাত মৃত আন এটা কাউৰীক দাফন কৰিব পাৰে। লগতে যাতে ইয়াৰ দ্বাৰা তাক বুজাই দিব পাৰে যে, সি কেনেকৈ নিজৰ ভাতৃৰ মৃতদেহ দাফন কৰিব। এই দেখি হত্যাকাৰী ভাতৃয়ে অনুতপ্ত হৈ ক'লেঃ হায় আফচোচ! মই এই কাউৰীটোৰ দৰেও হ'ব নোৱাৰিলোঁনে যে, মোৰ ভাতৃৰ মৃতদেহটো ঢাকিব পাৰোঁ, যিদৰে এই কাউৰীটোৱে এটা মৰা কাউৰীক দাফন কৰিলে। ফলত এই দেখি সি অনুতপ্ত হ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005031.mp3"},{"index":"32","arabicText":"مِنْ اَجْلِ ذٰلِكَ ؔۛۚ كَتَبْنَا عَلٰی بَنِیْۤ اِسْرَآءِیْلَ اَنَّهٗ مَنْ قَتَلَ نَفْسًا بِغَیْرِ نَفْسٍ اَوْ فَسَادٍ فِی الْاَرْضِ فَكَاَنَّمَا قَتَلَ النَّاسَ جَمِیْعًا ؕ وَمَنْ اَحْیَاهَا فَكَاَنَّمَاۤ اَحْیَا النَّاسَ جَمِیْعًا ؕ وَلَقَدْ جَآءَتْهُمْ رُسُلُنَا بِالْبَیِّنٰتِ ؗ ثُمَّ اِنَّ كَثِیْرًا مِّنْهُمْ بَعْدَ ذٰلِكَ فِی الْاَرْضِ لَمُسْرِفُوْنَ ۟","assameseTranslation":"এই কাৰণেই বনী ইছৰাঈলৰ বাবে এই বিধান দিছিলোঁ যে, হত্যাৰ পৰিবৰ্তে নাইবা পৃথিৱীত অশান্তি সৃষ্টি ৰোধ কৰাৰ বাহিৰে যদি কোনোবাই কাৰোবাক হত্যা কৰে সি যেনিবা সমগ্ৰ মানৱ জাতিকহে হত্যা কৰিলে আৰু যিয়ে কাৰোবাৰ প্ৰাণ ৰক্ষা কৰিলে সি যেনিবা সমগ্ৰ মানুহৰ প্ৰাণ ৰক্ষা কৰিলে। নিশ্চয় সিহঁতৰ ওচৰলৈ আমাৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, ইয়াৰ পিছতো সিহঁতৰ অধিকাংশই পৃথিৱীত সীমালংঘন কৰিছিল।","footnotes":"","tafseer":"কাবীলৰ হাতত ভাতৃ হত্যাৰ কাৰণে আমি বনী ইছৰাঈলক জনাই দিছিলোঁ যে, যদি কোনোবাই উপযুক্ত কাৰণ নোহোৱাকৈ কাৰোবাক হত্যা কৰে, যেনে কিচাচ অথবা কুফৰ আৰু বিদ্ৰোহৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা আদি, তেন্তে সি যেনিবা গোটেই মানৱ জাতিক হত্যা কৰিলে। কিয়নো তাৰ ওচৰত দোষী আৰু নিৰ্দোষীৰ মাজত কোনো পাৰ্থক্য নাই। আনহাতে যদি কোনোবাই এই বুলি প্ৰাণ নাশৰ পৰা বিৰত থাকে যে, আল্লাহে ইয়াক হাৰাম কৰিছে তেন্তে তেওঁ যেনিবা গোটেই মানৱ জাতিক জীৱন দান কৰিলে। কিয়নো তাৰ এই ব্যৱহাৰত সকলো মানুহৰেই নিৰাপত্তা আছে। নিশ্চয় আমাৰ ৰাছুলসকলে বনী ইছৰাঈলৰ ওচৰলৈ স্পষ্ট প্ৰমাণ আৰু প্ৰকাশ্য নিদৰ্শন লৈ আহিছিল, কিন্তু ইয়াৰ পিছতো সিহঁতৰ মাজৰ বহুতে গুনাহ তথা ৰাছুলসকলৰ বিৰুদ্ধাচাৰণ কৰি আল্লাহৰ আদেশ অমান্য কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005032.mp3"},{"index":"33","arabicText":"اِنَّمَا جَزٰٓؤُا الَّذِیْنَ یُحَارِبُوْنَ اللّٰهَ وَرَسُوْلَهٗ وَیَسْعَوْنَ فِی الْاَرْضِ فَسَادًا اَنْ یُّقَتَّلُوْۤا اَوْ یُصَلَّبُوْۤا اَوْ تُقَطَّعَ اَیْدِیْهِمْ وَاَرْجُلُهُمْ مِّنْ خِلَافٍ اَوْ یُنْفَوْا مِنَ الْاَرْضِ ؕ ذٰلِكَ لَهُمْ خِزْیٌ فِی الدُّنْیَا وَلَهُمْ فِی الْاٰخِرَةِ عَذَابٌ عَظِیْمٌ ۟ۙ","assameseTranslation":"যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যুদ্ধ কৰে আৰু পৃথিৱীত ধ্বংসাত্মক কাম কৰি ফুৰে সিহঁতৰ শাস্তি কেৱল এইটোৱেই যে, সিহঁতক হত্যা কৰা হ’ব অথবা ক্ৰুছবিদ্ধ কৰা হ’ব নাইবা বিপৰীত দিশৰ পৰা হাত ভৰি কাটি পেলোৱা হ’ব বা সিহঁতক দেশৰ পৰা নিৰ্বাসিত কৰা হ’ব। পৃথিৱীত এইটোৱেই হৈছে সিহঁতৰ লাঞ্ছনা আৰু আখিৰাতত সিহঁতৰ বাবে আছে মহা শাস্তি।","footnotes":"","tafseer":"যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত যুদ্ধ কৰে, লগতে তেওঁলোকৰ লগত প্ৰকাশ্য শত্ৰুতা পোষণ কৰি পৃথিৱীত হত্যা তথা লুন্ঠনৰ দ্বাৰা বিপৰ্যয় সৃষ্টি কৰে, সিহঁতৰ শাস্তি হৈছে এই যে, সিহঁতক হত্যা কৰা হ’ব অথবা ফাচী কাঠত ওলোমাই শাস্তি বিহা হ'ব নাইবা সোঁ হাত আৰু বাওঁ ভৰি কৰ্তন কৰা হ’ব, ইয়াৰ পিছত আকৌ যদি এনেকুৱা কৰ্ম কৰে তেন্তে বাওঁ হাত আৰু সোঁ ভৰি কৰ্তন কৰা হ'ব নাইবা দেশৰ পৰা বহিষ্কাৰ কৰা হ’ব। পৃথিৱীত এই শাস্তি কেৱল সিহঁতৰ অপমানৰ বাবে, আৰু আখিৰাতত আছে সিহঁতৰ বাবে মহা শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005033.mp3"},{"index":"34","arabicText":"اِلَّا الَّذِیْنَ تَابُوْا مِنْ قَبْلِ اَنْ تَقْدِرُوْا عَلَیْهِمْ ۚ فَاعْلَمُوْۤا اَنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟۠","assameseTranslation":"কিন্তু সিহঁতৰ বাহিৰে, যিসকলে তোমালোকৰ আয়ত্তাধীনত অহাৰ পূৰ্বেই তাওবা কৰিছে। এতেকে জানি থোৱা যে, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"হে প্ৰশাসনিক বিষয়াসকল! এই বিদ্ৰোহীসকলৰ মাজৰ যিসকলে গ্ৰেপ্তাৰ কৰাৰ আগতেই তাওবা কৰিব, তেন্তে জানি থোৱা! তাওবাৰ পিছত নিশ্চয় আল্লাহ সিহঁতৰ প্ৰতি ক্ষমাশীল আৰু দয়ালু। তেওঁৰ এই কৃপা ফলতেই সিহঁতৰ পৰা শাস্তি আঁতৰাই দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005034.mp3"},{"index":"35","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اتَّقُوا اللّٰهَ وَابْتَغُوْۤا اِلَیْهِ الْوَسِیْلَةَ وَجَاهِدُوْا فِیْ سَبِیْلِهٖ لَعَلَّكُمْ تُفْلِحُوْنَ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তেওঁৰ নৈকট্য লাভৰ উপায় অন্বেষণ কৰা লগতে তেওঁৰ পথত জিহাদ কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।","footnotes":"","tafseer":"হে মুমিনসকল! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। তেওঁ যি আদেশ কৰিছে সেয়া পালন কৰি তেওঁৰ নৈকট্য অৱলম্বন কৰা, আৰু তেওঁ যি নিষেধ কৰিছে তাৰ পৰা বিৰত থাকা। তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবে (সেইসকল) কাফিৰসকলৰ লগত (যিসকলে তোমালোকক আল্লাহৰ দ্বীন পালনত বাধা দিয়ে আৰু তোমালোকৰ ওপৰত নিৰ্যাতন কৰে) যুদ্ধ কৰা। এনেকুৱা কৰিলে হয়তো তোমালোকে সেইটো পাবা, যিটো তোমালোকে বিচৰা আৰু সেইটোৰ পৰা ৰক্ষা কৰা হ'ব যিটোক তোমালোকে ভয় কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005035.mp3"},{"index":"36","arabicText":"اِنَّ الَّذِیْنَ كَفَرُوْا لَوْ اَنَّ لَهُمْ مَّا فِی الْاَرْضِ جَمِیْعًا وَّمِثْلَهٗ مَعَهٗ لِیَفْتَدُوْا بِهٖ مِنْ عَذَابِ یَوْمِ الْقِیٰمَةِ مَا تُقُبِّلَ مِنْهُمْ ۚ وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"নিশ্চয় যিসকলে কুফুৰী কৰিছে, পৃথিৱীত যি আছে সেই সকলো যদি সিহঁতৰ হয় লগতে ইয়াৰ সমপৰিমাণ আৰু থাকে, যাতে সিহঁতে ইয়াৰ মাধ্যমত ক্বিয়ামতৰ দিনা শাস্তিৰ পৰা ৰক্ষা পাবলৈ মুক্তিপণ হিচাপে দিব পাৰে, তথাপিও সিহঁতৰ পৰা সেয়া গ্ৰহণ কৰা নহ’ব আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।","footnotes":"","tafseer":"যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰে, সিহঁত যদি পৃথিৱীৰ সকলো বস্তুৰে মালিক হয়, লগতে ইয়াৰ উপৰিও যদি সিহঁতৰ ওচৰত বেলেগ কোনো সম্পত্তি থাকে, আৰু সেই সকলোবোৰ সম্পত্তি যদি সিহঁতে ক্বিয়ামতৰ দিনা শাস্তিৰ পৰা মুক্তি লাভৰ উদ্দেশ্যে দিব বিচাৰে, তথাপিও সিহঁতৰ পৰা সেয়া গ্ৰহণ কৰা নহ'ব। সিহঁতক কষ্টকৰ শাস্তি প্ৰদান কৰা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005036.mp3"},{"index":"37","arabicText":"یُرِیْدُوْنَ اَنْ یَّخْرُجُوْا مِنَ النَّارِ وَمَا هُمْ بِخٰرِجِیْنَ مِنْهَا ؗ وَلَهُمْ عَذَابٌ مُّقِیْمٌ ۟","assameseTranslation":"সিহঁতে জুইৰ পৰা ওলাব খুজিব, কিন্তু সিহঁতে তাৰ পৰা ওলাব নোৱাৰিব আৰু সিহঁতৰ বাবে আছে চিৰস্থায়ী শাস্তি।","footnotes":"","tafseer":"জাহান্নামত প্ৰৱেশ কৰাৰ পিছত সিহঁত ওলাবলৈ চেষ্টা কৰিব, কিন্তু এইটো কেনেকৈ সম্ভৱ? সিহঁত তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব, আৰু সিহঁতৰ বাবে তাত আছে স্থায়ী শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005037.mp3"},{"index":"38","arabicText":"وَالسَّارِقُ وَالسَّارِقَةُ فَاقْطَعُوْۤا اَیْدِیَهُمَا جَزَآءً بِمَا كَسَبَا نَكَالًا مِّنَ اللّٰهِ ؕ وَاللّٰهُ عَزِیْزٌ حَكِیْمٌ ۟","assameseTranslation":"চোৰ পুৰুষ আৰু চোৰ নাৰী উভয়ৰে হাত কাটি দিয়া, এয়া সিহঁতৰ কৃতকৰ্মৰ ফল আৰু আল্লাহৰ তৰফৰ পৰা শিক্ষণীয় শাস্তি; (জানি থোৱা) আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"হে প্ৰশাসনিক বিষয়াসকল! চোৰ পুৰুষ হওক অথবা নাৰী, সিহঁতৰ সোঁ হাত কাটি দিয়া। এইটো হৈছে মানুহৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰাৰ পৰিণাম, যিটো আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰিত। এই শাস্তি সিহঁতৰ লগতে আন আন সকলৰ বাবেও সতৰ্কবাণী। নিশ্চয় আল্লাহ মহাপ্ৰভাৱশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰস্তুতকৰণত তথা ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005038.mp3"},{"index":"39","arabicText":"فَمَنْ تَابَ مِنْ بَعْدِ ظُلْمِهٖ وَاَصْلَحَ فَاِنَّ اللّٰهَ یَتُوْبُ عَلَیْهِ ؕ اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"এতেকে সীমালংঘন কৰাৰ পিছত যদি কোনোবাই তাওবা কৰে আৰু নিজকে সংশোধন কৰে তেন্তে নিশ্চয় আল্লাহে তাৰ তাওবা কবুল কৰিব; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"যিয়ে চুৰি কাৰ্যৰ পৰা তাওবা কৰিব আৰু নিজকে সংশোধন কৰিব, তেন্তে আল্লাহে নিজ অনুগ্ৰহত তাৰ তাওবা কবূল কৰিব। কিয়নো আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰি দিয়ে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে। কিন্তু বিষয়টো যদি প্ৰশাসনৰ ওচৰলৈ গৈ পায় তেন্তে তাওবা কৰিলেও (পাৰ্থিৱ) শাস্তিৰ পৰা মুক্তি নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005039.mp3"},{"index":"40","arabicText":"اَلَمْ تَعْلَمْ اَنَّ اللّٰهَ لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ یُعَذِّبُ مَنْ یَّشَآءُ وَیَغْفِرُ لِمَنْ یَّشَآءُ ؕ وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"তুমি নাজানা নেকি যে, আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই? তেওঁ যাক ইচ্ছা কৰে শাস্তি দিয়ে আৰু যাক ইচ্ছা কৰে ক্ষমা কৰি দিয়ে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চয় আপুনি জানে আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰেই। এই সকলোবোৰ তেওঁৰেই নিয়ন্ত্ৰণাধীন। তেওঁ যাক ইচ্ছা কৰে নিজ অনুগ্ৰহেৰে ক্ষমা কৰি দিয়ে, আৰু যাক ইচ্ছা কৰে তেওঁৰ ন্যায় অনুযায়ী দণ্ড দিয়ে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান। তথা তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005040.mp3"},{"index":"41","arabicText":"یٰۤاَیُّهَا الرَّسُوْلُ لَا یَحْزُنْكَ الَّذِیْنَ یُسَارِعُوْنَ فِی الْكُفْرِ مِنَ الَّذِیْنَ قَالُوْۤا اٰمَنَّا بِاَفْوَاهِهِمْ وَلَمْ تُؤْمِنْ قُلُوْبُهُمْ ۛۚ وَمِنَ الَّذِیْنَ هَادُوْا ۛۚ سَمّٰعُوْنَ لِلْكَذِبِ سَمّٰعُوْنَ لِقَوْمٍ اٰخَرِیْنَ ۙ لَمْ یَاْتُوْكَ ؕ یُحَرِّفُوْنَ الْكَلِمَ مِنْ بَعْدِ مَوَاضِعِهٖ ۚ یَقُوْلُوْنَ اِنْ اُوْتِیْتُمْ هٰذَا فَخُذُوْهُ وَاِنْ لَّمْ تُؤْتَوْهُ فَاحْذَرُوْا ؕ وَمَنْ یُّرِدِ اللّٰهُ فِتْنَتَهٗ فَلَنْ تَمْلِكَ لَهٗ مِنَ اللّٰهِ شَیْـًٔا ؕ اُولٰٓىِٕكَ الَّذِیْنَ لَمْ یُرِدِ اللّٰهُ اَنْ یُّطَهِّرَ قُلُوْبَهُمْ ؕ لَهُمْ فِی الدُّنْیَا خِزْیٌ ۖۚ وَّلَهُمْ فِی الْاٰخِرَةِ عَذَابٌ عَظِیْمٌ ۟","assameseTranslation":"হে ৰাছুল! তুমি সিহঁতৰ বাবে চিন্তিত নহ’বা যিসকলে কুফুৰীৰ ফালে দ্ৰুত গতিত আগুৱাই যায়—যিসকলে মুখেৰে কয়, ‘ঈমান আনিছোঁ’, অথচ সিহঁতৰ অন্তৰে ঈমান আনা নাই- আৰু যিসকলে ইয়াহুদী হৈছে, সিহঁত (সকলোৱেই) মিছা কথা শুনিবলৈ (আৰু অনুসৰণ কৰিবলৈ) অধিক তৎপৰ, অন্যান্য যিবোৰ সম্প্ৰদায় তোমাৰ ওচৰলৈ অহা নাই ইহঁতে সেইসকল লোকৰ বাবে (তোমাৰ কথাত) কাণ পাতি (চোৰাংচোৱাগিৰি কৰি) থাকে। (তাওৰাতৰ) শব্দসমূহ যথাযথ সুবিন্যস্ত থকাৰ পিছতো সিহঁতে সেইবোৰৰ অৰ্থ বিকৃত কৰে। সিহঁতে কয়, ‘যদি তোমালোকক এনেকুৱা বিধান দিয়ে তেনেহ’লে গ্ৰহণ কৰিবা আৰু যদি এনেকুৱা বিধান নিদিয়ে তেনেহ’লে বৰ্জন কৰিবা’। আল্লাহে যাক ফিতনাত পেলাব বিচাৰে তাৰ বাবে আল্লাহৰ ওচৰত তোমাৰ কৰিবলৈ একো নাই। ইহঁতেই হৈছে সেইসকল লোক যিসকলৰ হৃদয়ক আল্লাহে বিশুদ্ধ কৰিব নিবিচাৰে; সিহঁতৰ বাবে আছে পৃথিৱীত লাঞ্ছনা আৰু আখিৰাতত আছে মহাশাস্তি।","footnotes":"","tafseer":"হে ৰাছুল! অন্তৰত কুফৰ গোপন কৰি, ঈমানৰ ভাও ধৰা মুনাফিকসকলে যাতে আপোনাক উদাসীন কৰিব নোৱাৰে, যিসকলে আপোনাক ক্ৰোধিত কৰিবলৈ কুফুৰী কাৰ্যত খৰখেদা কৰে। এইদৰে সেইসকল ইয়াহুদীয়েও যাতে আপোনাক উদাসীন কৰিব নোৱাৰে যিসকলে নিজৰ নেতাৰ মিছা কথা শুনিবলৈ কাণ লগাই থাকে, তথা সেইবোৰ মানিও লয়। এইদৰে সিহঁতে সেইসকল নেতাৰ অনুসৰণ কৰে, যিসকলে আপোনাৰ লগত বিদ্বেষ থকাৰ কাৰণে আপোনাৰ ওচৰলৈ আহা নাই। সিহঁতে তাওৰাতত থকা আল্লাহৰ বাণীক নিজৰ ইচ্ছা মতে বিকৃত কৰে। নিজৰ অনুসাৰীসকলক কয়ঃ মুহাম্মদে যদি তোমালোকৰ ইচ্ছা অনুসাৰে ফয়চালা কৰে তেন্তে মানি ল’বা, অন্যথা তেওঁক এৰাই চলিবা। দৰাচলতে আল্লাহে মানুহৰ মাজত যাক পথভ্ৰষ্ট কৰিব বিচাৰে, হে ৰাছুল! আপুনি তাৰ বাবে এনেকুৱা কোনো ব্যক্তি বিচাৰি নাপাব, যিয়ে তাক পথভ্ৰষ্টতাৰ পৰা বচাব পাৰিব আৰু সত্য পথত ওভোতাই আনিব পাৰিব। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ইয়াহুদী আৰু মুনাফিকসকলৰ অন্তৰকেই আল্লাহে কুফৰৰ পৰা পৱিত্ৰ কৰিব নিবিচাৰে। পৃথিৱীত সিহঁতৰ বাবে আছে অপমান আৰু লাঞ্ছনা, আৰু আখিৰাতত আছে মহা শাস্তি, আৰু সেইটো হৈছে জাহান্নামৰ শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005041.mp3"},{"index":"42","arabicText":"سَمّٰعُوْنَ لِلْكَذِبِ اَكّٰلُوْنَ لِلسُّحْتِ ؕ فَاِنْ جَآءُوْكَ فَاحْكُمْ بَیْنَهُمْ اَوْ اَعْرِضْ عَنْهُمْ ۚ وَاِنْ تُعْرِضْ عَنْهُمْ فَلَنْ یَّضُرُّوْكَ شَیْـًٔا ؕ وَاِنْ حَكَمْتَ فَاحْكُمْ بَیْنَهُمْ بِالْقِسْطِ ؕ اِنَّ اللّٰهَ یُحِبُّ الْمُقْسِطِیْنَ ۟","assameseTranslation":"সিহঁতে মিছা শুনিবলৈ বৰ আগ্ৰহশীল আৰু অবৈধ সম্পদ খাবলৈ অত্যন্ত আসক্ত; এতেকে সিহঁতে যদি তোমাৰ ওচৰলৈ আহে তেন্তে সিহঁতৰ বিচাৰ মীমাংসা কৰিবা অথবা সিহঁতক উপেক্ষা কৰিবা। তুমি যদি সিহঁতক উপেক্ষা কৰা তেন্তে সিহঁতে তোমাৰ একো ক্ষতি কৰিব নোৱাৰিব আৰু তুমি যদি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা তেন্তে সিহঁতৰ মাজত ন্যায় বিচাৰ কৰিবা; নিশ্চয় আল্লাহে ন্যায়পৰায়ণকাৰীসকলক ভালপায়।","footnotes":"","tafseer":"এইসকল ইয়াহুদী হৈছে অধিক মিছা কথা শ্ৰৱণকাৰী, হাৰাম সম্পদ যেনে সুত আদি অধিক ভক্ষণকাৰী। এতেকে হে ৰাছুল! যদি সিহঁতে আপোনাৰ ওচৰত কোনো বিষয় লৈ মীমাংসা বিচাৰি আহে তেন্তে আপুনি ইচ্ছা কৰিলে সিহঁতৰ মাজত মীমাংসা কৰি দিব পাৰে অথবা ইচ্ছা কৰিলে মীমাংসা নকৰিবও পাৰে। এই দুটাৰ মাজত যিটো ইচ্ছা আপুনি কৰিব পাৰে। আপুনি যদি সিহঁতৰ বিচাৰ নকৰে তেন্তে সিহঁতে আপোনাক কোনো ক্ষতি কৰিব নোৱাৰে। আনহাতে যদি আপুনি সিহঁতৰ মাজত বিচাৰ কৰে তেন্তে ন্যায়ৰ সৈতে বিচাৰ কৰিব। যদিও সিহঁত অত্যাচাৰী তথা শত্ৰুৱে নহওক কিয়। নিশ্চয় আল্লাহে সেইসকল লোকক ভাল পায়, যিসকলে ন্যায়ৰ সৈতে ফয়চালা কৰে। যদিও মীমাংসা বিচৰাসকল মীমাংসাকাৰী ব্যক্তিৰ শত্ৰুৱে নহওক কিয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005042.mp3"},{"index":"43","arabicText":"وَكَیْفَ یُحَكِّمُوْنَكَ وَعِنْدَهُمُ التَّوْرٰىةُ فِیْهَا حُكْمُ اللّٰهِ ثُمَّ یَتَوَلَّوْنَ مِنْ بَعْدِ ذٰلِكَ ؕ وَمَاۤ اُولٰٓىِٕكَ بِالْمُؤْمِنِیْنَ ۟۠","assameseTranslation":"আৰু সিহঁতে কেনেকৈ তোমাক ফয়চালাকাৰী বনায়? অথচ সিহঁতৰ ওচৰত আছে তাওৰাত, য’ত আছে আল্লাহৰ বিধান, তথাপিও সিহঁতে মুখ ঘূৰাই লয় আৰু সিহঁত মুমিনো নহয়।","footnotes":"","tafseer":"ইহঁতৰ বিষয়টোও বৰ আশ্চৰ্যজনক। আপোনাক অস্বীকাৰ কৰে কিন্তু আপোনাৰ ওচৰতে আকৌ মীমাংসা বিচাৰি আহে, এই আশাত যে, আপুনি সিহঁতৰ আকাংক্ষা অনুযায়ী মীমাংসা কৰিব, অথচ সিহঁতৰ ওচৰত তাওৰাত আছে, যিটোৰ প্ৰতি সিহঁতে ঈমান পোষণ কৰে আৰু য’ত আছে আল্লাহৰ আদেশ। কিন্তু আপোনাৰ মীমাংসা যদি সিহঁতৰ ইচ্ছা অনুসাৰে নহয় তেন্তে সিহঁতে মুখ ঘূৰাই লয়। এইদৰে সিহঁতে নিজৰ কিতাবৰ আদেশো অমান্য কৰে আৰু আপোনাৰ ফয়চালাৰ পৰাও বিমুখ হয়। ইহঁতৰ এই ব্যৱহাৰটো মুমিনসকলৰ ব্যৱহাৰ নহয়। এতেকে ইহঁত আপোনাৰ প্ৰতি তথা আপুনি লৈ অহা চৰীয়তৰ প্ৰতিও বিশ্বাসী নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005043.mp3"},{"index":"44","arabicText":"اِنَّاۤ اَنْزَلْنَا التَّوْرٰىةَ فِیْهَا هُدًی وَّنُوْرٌ ۚ یَحْكُمُ بِهَا النَّبِیُّوْنَ الَّذِیْنَ اَسْلَمُوْا لِلَّذِیْنَ هَادُوْا وَالرَّبّٰنِیُّوْنَ وَالْاَحْبَارُ بِمَا اسْتُحْفِظُوْا مِنْ كِتٰبِ اللّٰهِ وَكَانُوْا عَلَیْهِ شُهَدَآءَ ۚ فَلَا تَخْشَوُا النَّاسَ وَاخْشَوْنِ وَلَا تَشْتَرُوْا بِاٰیٰتِیْ ثَمَنًا قَلِیْلًا ؕ وَمَنْ لَّمْ یَحْكُمْ بِمَاۤ اَنْزَلَ اللّٰهُ فَاُولٰٓىِٕكَ هُمُ الْكٰفِرُوْنَ ۟","assameseTranslation":"নিশ্চয় আমিয়েই তাওৰাত অৱতীৰ্ণ কৰিছিলোঁ, তাত আছিল হিদায়ত আৰু জ্যোতি, ইয়াৰ মাধ্যমত ইয়াহুদিসকলৰ বাবে ফয়চালা প্ৰদান কৰিছিল অনুগত নবীসকলে আৰু ৰাব্বানীসকলে লগতে বিদ্বানসকলেও। কাৰণ তেওঁলোকক আল্লাহৰ কিতাবৰ ৰক্ষক হিচাপে দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোক আছিল ইয়াৰ (সত্যতাৰ) সাক্ষী। সেয়ে তোমালোকে মানুহক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা, আৰু মোৰ আয়াতসমূহৰ বিনিময়ত তুচ্ছ মূল্য কিনি নল’বা। আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই হৈছে কাফিৰ।","footnotes":"","tafseer":"নিশ্চয় আমি মুছাৰ ওপৰত তাওৰাত অৱতীৰ্ণ কৰিছিলোঁ, য’ত আছিল কল্যাণৰ প্ৰতি পথপ্ৰদৰ্শন আৰু নূৰ। এই গ্ৰন্থ অনুযায়ী বনী ইছৰাঈলৰ নবীসকলে বিচাৰ ফয়চালা কৰিছিল, তেওঁলোক আছিল আল্লাহৰ আনুগত্যকাৰী। লগতে মানুহক সংশোধনকাৰী উলামা আৰু ফুকাহাসকলেও (ধৰ্মীয় জ্ঞানত পাকৈত সকলেও) সেই অনুসাৰেই বিচাৰ ফয়চালা কৰিছিল। কিয়নো আল্লাহে সিহঁতক তেওঁৰ গ্ৰন্থৰ সংৰক্ষক নিৰ্ধাৰণ কৰিছিল, যাতে সিহঁতে ইয়াক পৰিৱৰ্তন তথা পৰিবৰ্ধনৰ পৰা ৰক্ষা কৰে। সিহঁতে এই কথাৰো সাক্ষী যে, এইখন হৈছে সত্য গ্ৰন্থ, আৰু মানুহেও এই গ্ৰন্থ সম্পৰ্কীয় প্ৰশ্ন সিহঁতকেই সোধে। এতেকে হে ইয়াহুদীসকল! মানুহক ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা। সেয়ে ফয়চালা কৰাৰ সময়ত ধন-সম্পদ, সন্মান অথবা পদৰ লোভত আল্লাহৰ বিধান বিকৃত নকৰিবা। যিসকলে আল্লাহৰ বিধান অনুসাৰে মীমাংসা নকৰে লগতে এনেকুৱা কাৰ্যক বৈধ বুলি ভাবে, অথবা আন কোনো বিধানক আল্লাহৰ বিধানতকৈ উত্তম বা সমপৰ্যায়ৰ বুলি ভাবে, প্ৰকৃততে সিহঁতেই হৈছে কাফিৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005044.mp3"},{"index":"45","arabicText":"وَكَتَبْنَا عَلَیْهِمْ فِیْهَاۤ اَنَّ النَّفْسَ بِالنَّفْسِ ۙ وَالْعَیْنَ بِالْعَیْنِ وَالْاَنْفَ بِالْاَنْفِ وَالْاُذُنَ بِالْاُذُنِ وَالسِّنَّ بِالسِّنِّ ۙ وَالْجُرُوْحَ قِصَاصٌ ؕ فَمَنْ تَصَدَّقَ بِهٖ فَهُوَ كَفَّارَةٌ لَّهٗ ؕ وَمَنْ لَّمْ یَحْكُمْ بِمَاۤ اَنْزَلَ اللّٰهُ فَاُولٰٓىِٕكَ هُمُ الظّٰلِمُوْنَ ۟","assameseTranslation":"আৰু তাত (তাওৰাতত) আমি সিহঁতৰ বাবে (এই বিধান) অত্যাৱশ্যক কৰি দিছিলোঁ যে, প্ৰাণৰ পৰিবৰ্তে প্ৰাণ, চকুৰ পৰিবৰ্তে চকু, নাকৰ পৰিবৰ্তে নাক, কাণৰ পৰিবৰ্তে কাণ, দাঁতৰ পৰিবৰ্তে দাঁত আৰু আঘাতৰ পৰিবৰ্তে অনুৰূপ আঘাত। এতেকে কোনোবাই ক্ষমা কৰিলে তাৰ বাবে সেইটো কাফফাৰা হ’ব। আৰু আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই হৈছে যালিম।","footnotes":"","tafseer":"আমি তাওৰাতত ইয়াহুদীসকলৰ বাবে এই বিধান জাৰি কৰিছিলোঁ যে, যিয়ে জানি-বুজি কোনো ব্যক্তিক অন্যায়ভাৱে হত্যা কৰিব, ইয়াৰ বিপৰীতে তাক হত্যা কৰা হ’ব। যিয়ে জানি-বুজি কাৰোবাৰ চকু বিনষ্ট কৰিব, বিপৰীতে তাৰ চকু বিনাশ কৰা হ’ব। যিয়ে জানি-বুজি কাৰোবাৰ নাক কাটিব, বিপৰীতে তাৰো নাক কৰ্তন কৰা হ’ব। যিয়ে জানি-বুজি কাৰোবাৰ কাণ কাটিব, বিপৰীতে তাৰো কাণ কৰ্তন কৰা হ’ব। যিয়ে জানি-বুজি কাৰোবাৰ দাঁত ভাঙিব, বিপৰীতে তাৰো দাঁত ভাঙি দিয়া হ’ব। লগতে আমি এই আদেশো প্ৰদান কৰিছিলোঁ যে, আঘাতৰ ক্ষেত্ৰত অপৰাধীক তাৰ অপাৰধ অনুপাতেই শাস্তি দিয়া হ’ব। আনহাতে যিয়ে অপৰাধীক ক্ষমা কৰি দিব, আল্লাহে সেই ব্যক্তিৰ গুনাহ ক্ষমা কৰিব। কিয়নো তেওঁ অপৰাধীক ক্ষমা কৰিছে। এতেকে যিয়ে কিচাচ তথা আন আন বিষয়ত আল্লাহৰ বিধান অনুসাৰে মীমাংসা নকৰে, সি দৰাচলতে আল্লাহৰ সীমা লংঘনকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005045.mp3"},{"index":"46","arabicText":"وَقَفَّیْنَا عَلٰۤی اٰثَارِهِمْ بِعِیْسَی ابْنِ مَرْیَمَ مُصَدِّقًا لِّمَا بَیْنَ یَدَیْهِ مِنَ التَّوْرٰىةِ ۪ وَاٰتَیْنٰهُ الْاِنْجِیْلَ فِیْهِ هُدًی وَّنُوْرٌ ۙ وَّمُصَدِّقًا لِّمَا بَیْنَ یَدَیْهِ مِنَ التَّوْرٰىةِ وَهُدًی وَّمَوْعِظَةً لِّلْمُتَّقِیْنَ ۟ؕ","assameseTranslation":"আৰু আমি তেওঁলোকৰ পিছতেই মাৰয়ামৰ পুত্ৰ ঈছাক প্ৰেৰণ কৰিছিলোঁ, তেওঁৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতৰ সমৰ্থক হিচাপে। আমি তেওঁক ইঞ্জীল প্ৰদান কৰিছিলোঁ, তাত আছিল হিদায়ত আৰু জ্যোতি, আৰু এইখনেও তাৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতৰ সত্যতাৰ সমৰ্থনকাৰী আছিল, লগতে তাত আছিল মুত্তাক্বীসকলৰ বাবে হিদায়ত আৰু উপদেশ।","footnotes":"","tafseer":"আৰু আমি বনী ইছৰাঈলৰ নবীসকলৰ পিছতেই মৰিয়মৰ পুত্ৰ ঈছাক প্ৰেৰণ কৰিছিলোঁ। তেওঁ তাওৰাত বিশ্বাসী আছিল, আৰু সেই অনুসাৰেই বিচাৰ মীমাংসা কৰিছিল। আমি তেওঁক প্ৰদান কৰিছিলোঁ ইঞ্জীল, যিখনে সত্যৰ পথ দেখুৱাইছিল, আৰু তাত আছিল সংশয় নিৰসনৰ প্ৰমাণ, লগতে আছিল সমস্যা সমাধানৰ বহুতো বিধান, আৰু কিছুমান ৰহিত বিধানৰ বাহিৰে ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতক পূৰ্ণ সমৰ্থন কৰিছিল। লগতে আমি ইঞ্জীলক হিদায়তৰ মাধ্যম বনাইছিলোঁ, ইয়াৰ দ্বাৰা মুত্তাক্বীসকলে হিদায়ত পাইছিল। লগতে ইয়াক বনাইছিলোঁ সতৰ্ককাৰী, যাতে সিহঁতে হাৰাম কাৰ্যত লিপ্ত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005046.mp3"},{"index":"47","arabicText":"وَلْیَحْكُمْ اَهْلُ الْاِنْجِیْلِ بِمَاۤ اَنْزَلَ اللّٰهُ فِیْهِ ؕ وَمَنْ لَّمْ یَحْكُمْ بِمَاۤ اَنْزَلَ اللّٰهُ فَاُولٰٓىِٕكَ هُمُ الْفٰسِقُوْنَ ۟","assameseTranslation":"ইঞ্জীলৰ অনুসাৰীসকলে সেই অনুসাৰেই ফয়চালা কৰা উচিত, যিবোৰ বিধান আল্লাহে তাত অৱতীৰ্ণ কৰিছে। কাৰণ আল্লাহে যিবোৰ বিধান অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে ফয়চালা নকৰে সিহঁতেই হৈছে ফাছিক্ব।","footnotes":"","tafseer":"আল্লাহে ইঞ্জীলত অৱতীৰ্ণ কৰা বিধানসমূহৰ ওপৰত খৃষ্টানসকলে ঈমান পোষণ কৰা উচিত, তথা (নবী চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ পূৰ্বে সিহঁতৰ মাজত যি সত্য শিক্ষা আছিল) সেই মতে মীমাংসা কৰা উচিত। আনহাতে যিসকলে আল্লাহৰ বিধান অনুযায়ী মীমাংসা নকৰে, সেইসকলেই আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত, সত্য পৰিত্যাগকাৰী আৰু বাতিলৰ পিনে ধাবিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005047.mp3"},{"index":"48","arabicText":"وَاَنْزَلْنَاۤ اِلَیْكَ الْكِتٰبَ بِالْحَقِّ مُصَدِّقًا لِّمَا بَیْنَ یَدَیْهِ مِنَ الْكِتٰبِ وَمُهَیْمِنًا عَلَیْهِ فَاحْكُمْ بَیْنَهُمْ بِمَاۤ اَنْزَلَ اللّٰهُ وَلَا تَتَّبِعْ اَهْوَآءَهُمْ عَمَّا جَآءَكَ مِنَ الْحَقِّ ؕ لِكُلٍّ جَعَلْنَا مِنْكُمْ شِرْعَةً وَّمِنْهَاجًا ؕ وَلَوْ شَآءَ اللّٰهُ لَجَعَلَكُمْ اُمَّةً وَّاحِدَةً وَّلٰكِنْ لِّیَبْلُوَكُمْ فِیْ مَاۤ اٰتٰىكُمْ فَاسْتَبِقُوا الْخَیْرٰتِ ؕ اِلَی اللّٰهِ مَرْجِعُكُمْ جَمِیْعًا فَیُنَبِّئُكُمْ بِمَا كُنْتُمْ فِیْهِ تَخْتَلِفُوْنَ ۟ۙ","assameseTranslation":"আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছোঁ, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতাৰ সমৰ্থনকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছোঁ। আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকৰ্মত প্ৰতিযোগিতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৱে প্ৰত্যাৱৰ্তন কৰিব লাগিব। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।","footnotes":"","tafseer":"হে ৰাছুল! আমি সত্য সহকাৰে আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, এইখন যে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, ইয়াত কোনো সন্দেহ নাই। ই পূৰ্বৱৰ্তী সকলো ঐশী গ্ৰন্থক সমৰ্থন কৰে তথা এইখন হৈছে সেইবোৰৰ সংৰক্ষক। এতেকে যিটো ইয়াৰ অনুকূল হ’ব সেইটো সত্য, আৰু যিটো ইয়াৰ বিৰুদ্ধে যাব সেইটোৱে হৈছে অসত্য। এতেকে আপুনি মানুহৰ মাজত ইয়াৰ ভিতৰত থকা বিধান অনুযায়ী ফয়চালা কৰক। সন্দেহৰ অৱকাশ নথকা যি সত্য আপোনাৰ ওচৰলৈ আহিছে, সেইটো ত্যাগ কৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিব। আমি প্ৰত্যেক উম্মতৰ বাবে এটা এটাকৈ বিধান বনাইছোঁ, আমল কৰাৰ বাবে কিছুমান বিধি-বিধান আৰু এটা স্পষ্ট পথ, যি পথত সিহঁতে পৰিচালিত হোৱা উচিত। আল্লাহে ইচ্ছা কৰিলে সকলো চৰীয়তকে এক কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ এনে কৰা নাই বৰং প্ৰত্যেক উম্মতৰ বাবে এটাকৈ চৰীয়ত বনাইছে। যাতে সকলো মানুহকে পৰীক্ষা কৰিব পাৰে আৰু এইটো স্পষ্ট হয় যে, কোন আনুগত্যকাৰী আৰু কোন অৱজ্ঞাকাৰী। এতেকে তোমালোকে ভাল কৰ্ম কৰিবলৈ আৰু অসত্কৰ্ম পৰিত্যাগ কৰিবলৈ অগ্ৰসৰ হোৱা। কাৰণ ক্বিয়ামতৰ দিনা তোমালোক সকলোৱে আল্লাহৰ পিনেই উভতি যাব লাগিব। তেতিয়া তেওঁ তোমালোকক সেই সকলো বিষয় সম্পৰ্কে অৱগত কৰিব, যিবোৰ বিষয়ে তোমালোকে মতভেদ কৰিছিলা, আৰু শীঘ্ৰেই তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005048.mp3"},{"index":"49","arabicText":"وَاَنِ احْكُمْ بَیْنَهُمْ بِمَاۤ اَنْزَلَ اللّٰهُ وَلَا تَتَّبِعْ اَهْوَآءَهُمْ وَاحْذَرْهُمْ اَنْ یَّفْتِنُوْكَ عَنْ بَعْضِ مَاۤ اَنْزَلَ اللّٰهُ اِلَیْكَ ؕ فَاِنْ تَوَلَّوْا فَاعْلَمْ اَنَّمَا یُرِیْدُ اللّٰهُ اَنْ یُّصِیْبَهُمْ بِبَعْضِ ذُنُوْبِهِمْ ؕ وَاِنَّ كَثِیْرًا مِّنَ النَّاسِ لَفٰسِقُوْنَ ۟","assameseTranslation":"(আকৌ কৈছোঁ) আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ মাজত বিচাৰ নিষ্পত্তি কৰা, আৰু সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, লগতে সিহঁতৰ বিষয়ে সতৰ্ক থাকিবা, কাৰণ আল্লাহে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে সিহঁতে যাতে ইয়াৰ কোনো বিষয়ৰ পৰা তোমাক বিচ্যুত কৰিব নোৱাৰে। যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা যে, আল্লাহে সিহঁতক কেৱল সিহঁতৰ কিছুমান গুণাহৰ বাবে শাস্তি দিব বিচাৰে। নিশ্চয় মানুহৰ মাজৰ বহুতেই হৈছে ফাছিক্ব।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ ওপৰত আল্লাহে অৱতীৰ্ণ কৰা বিধান অনুযায়ী আপুনি সিহঁতৰ মাজত ফয়চালা কৰিব, আৰু সেইসকল ব্যক্তিৰ কথা মতে নচলিব, যিসকলে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে। সিহঁতক এৰাই চলক, অন্যথা সিহঁতে আপোনাক কিছুমান বিধানৰ পৰা আঁতৰাই লৈ যাব, আৰু এই কামত সিহঁত যথোচিত চেষ্টা কৰিব। যদি সিহঁতে আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰা আল্লাহৰ বিধান অনুযায়ী কৰা ফয়চালাক স্বীকাৰ নকৰে, তেন্তে জানি থওক যে, আল্লাহে পৃথিৱীতেই সিহঁতক সিহঁতৰ কিছুমান গুনাহৰ শাস্তি দিব বিচাৰে। আনহাতে বাকী গুনাহৰ শাস্তি আখিৰাতত প্ৰদান কৰিব। দৰাচলতে অধিকাংশ লোকেই আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005049.mp3"},{"index":"50","arabicText":"اَفَحُكْمَ الْجَاهِلِیَّةِ یَبْغُوْنَ ؕ وَمَنْ اَحْسَنُ مِنَ اللّٰهِ حُكْمًا لِّقَوْمٍ یُّوْقِنُوْنَ ۟۠","assameseTranslation":"সিহঁতে জাহিলিয়্যাত যুগৰ বিচাৰ-ব্যৱস্থা কামনা কৰে নেকি? দৃঢ় বিশ্বাসী সম্প্ৰদায়ৰ বাবে বিচাৰ-ব্যৱস্থা প্ৰদানত আল্লাহতকৈ শ্ৰেষ্ঠ আৰু কোন হ’ব পাৰে?","footnotes":"","tafseer":"সিহঁতে আপোনাৰ বিচাৰ এৰি জাহিলিয়্যাতৰ (অজ্ঞতা যুগৰ) মীমাংসা বিচাৰে নেকি, যিসকলে মূৰ্তি পূজা কৰিছিল আৰু নিজৰ প্ৰবৃত্তি অনুসাৰে ফয়চালা কৰিছিল? এতেকে যিসকলে আল্লাহৰ সেইসমূহ বাণীৰ প্ৰতি বিশ্বাস পোষণ কৰে, যিবোৰ তেওঁ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰিছে, তথা সেইবোৰ বুজিও পায়, তেওঁলোকৰ দৃষ্টিত আল্লাহৰ ফয়চালাতকৈ আন কোনো ফয়চালা উত্তম হ'বই নোৱাৰে। কিন্তু মুৰ্খসকল যিসকলে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে, সিহঁতে কেৱল সেইটোৰেই অনুসৰণ কৰে, যিটো সিহঁতৰ প্ৰবৃত্তিৰ অনুকূল, যদিও সেয়া বাতিলেই নহওক কিয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005050.mp3"},{"index":"51","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَتَّخِذُوا الْیَهُوْدَ وَالنَّصٰرٰۤی اَوْلِیَآءَ ؔۘ بَعْضُهُمْ اَوْلِیَآءُ بَعْضٍ ؕ وَمَنْ یَّتَوَلَّهُمْ مِّنْكُمْ فَاِنَّهٗ مِنْهُمْ ؕ اِنَّ اللّٰهَ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে ইয়াহুদী আৰু নাছাৰাসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা, সিহঁত হৈছে পৰস্পৰে পৰস্পৰৰ বন্ধু। তোমালোকৰ মাজৰ কোনোবাই সিহঁতক বন্ধুৰূপে গ্ৰহণ কৰিলে সি নিশ্চয় সিহঁতৰেই এজন বুলি গণ্য হ’ব। নিশ্চয় আল্লাহে অত্যাচাৰী সম্প্ৰদায়ক হিদায়ত নিদিয়ে।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰীসকল! ইয়াহুদী তথা খৃষ্টানসকলক সহযোগী আৰু অন্তৰঙ্গ বন্ধু বনাই সিহঁতৰ লগত আন্তৰিক মিত্ৰতা নকৰিবা, কিয়নো ইয়াহুদীসকলে নিজ ধৰ্মাৱলম্বীসকলৰ লগত আৰু খৃষ্টানসকলেও নিজ ধৰ্মাৱলম্বীসকলৰ লগতহে মিত্ৰতা কৰে, আনহাতে দুয়োটা সম্প্ৰদায়ে তোমালোকৰ লগত শত্ৰুতাৰ ক্ষেত্ৰত একত্ৰিত হোৱাটো স্বাভাৱিক। এতেকে তোমালোকৰ মাজৰ যিয়ে সিহঁতৰ লগত মিত্ৰতা কৰিব, সি সিহঁতৰেই অন্তৰ্ভুক্ত হ’ব। নিশ্চয় আল্লাহে কাফিৰসকলৰ লগত বন্ধুত্ব কৰি নিজৰ ওপৰত অন্যায় কৰাসকলক পোন পথৰ হিদায়ত নিদিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005051.mp3"},{"index":"52","arabicText":"فَتَرَی الَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ یُّسَارِعُوْنَ فِیْهِمْ یَقُوْلُوْنَ نَخْشٰۤی اَنْ تُصِیْبَنَا دَآىِٕرَةٌ ؕ فَعَسَی اللّٰهُ اَنْ یَّاْتِیَ بِالْفَتْحِ اَوْ اَمْرٍ مِّنْ عِنْدِهٖ فَیُصْبِحُوْا عَلٰی مَاۤ اَسَرُّوْا فِیْۤ اَنْفُسِهِمْ نٰدِمِیْنَ ۟ؕ","assameseTranslation":"এতেকে যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতক তুমি অতিসোনকালে সিহঁতৰ সৈতে মিলিত হোৱা দেখিবলৈ পাবা। সিহঁতে কয়, ‘আমি আশংকা কৰিছোঁ যে, কোনো এটা বিপদে আমাক আক্ৰান্ত কৰিব’। এতেকে এনেকুৱাও হ’ব পাৰে যে, আল্লাহে (তোমালোকক) বিজয় দান কৰিব অথবা তেওঁৰ ফালৰ পৰা এনেকুৱা কিবা প্ৰদান কৰিব যাতে সিহঁতে সিহঁতৰ অন্তৰত যি গোপন ৰাখিছিল সেই বাবে লজ্জিত হয়।","footnotes":"","tafseer":"এতেকে হে ৰাছুল! আপুনি দেখিবলৈ পাব মুনাফিকসকলে (যিসকল দৰাচলতে দুৰ্বল ঈমানৰ অধিকাৰী) ইয়াহুদী আৰু খৃষ্টানসকলৰ লগত বন্ধুত্ব কৰিবলৈ অগ্ৰসৰ হ’ব আৰু ক’বঃ “এওঁলোকৰ বিজয়ত আমাৰ ভয় লাগে, এওঁলোকৰ ৰাষ্ট্ৰ প্ৰতিষ্ঠা হ’লে আমাক ক্ষতি কৰিব পাৰে”। তেন্তে জানি থোৱা! নিশ্চয় আল্লাহে তেওঁৰ ৰাছুলক আৰু মুমিনসকলক সফল কৰিব অথবা তেওঁৰ ফালৰ পৰা এনেকুৱা কোনো বিষয় আহিব, যাৰ দ্বাৰা ইয়াহুদী আৰু সিহঁতৰ সহযোগীসকলৰ অভিযোগ নিঃশেষ হ’ব। তাৰ পিছত সিহঁতৰ লগত বন্ধুত্ব কৰিবলৈ আগভাগ লোৱা মুনাফিকসকলৰ আশাত পানী বৈ যোৱাৰ পিছত সিহঁতৰ অন্তৰত থকা গোপন নিফাকৰ কাৰণে অনুতপ্ত হ'বলৈ বাধ্য হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005052.mp3"},{"index":"53","arabicText":"وَیَقُوْلُ الَّذِیْنَ اٰمَنُوْۤا اَهٰۤؤُلَآءِ الَّذِیْنَ اَقْسَمُوْا بِاللّٰهِ جَهْدَ اَیْمَانِهِمْ ۙ اِنَّهُمْ لَمَعَكُمْ ؕ حَبِطَتْ اَعْمَالُهُمْ فَاَصْبَحُوْا خٰسِرِیْنَ ۟","assameseTranslation":"আৰু মুমিনসকলে ক’ব, ‘ইহঁতেই সেইসকল লোক নেকি যিসকলে আল্লাহৰ নামত দৃঢ়ভাৱে শপত কৰিছিল যে, নিশ্চয় সিহঁত তোমালোকৰ লগত আছে’? সিহঁতৰ আমলসমূহ নিষ্ফল হৈছে, ফলত সিহঁত ক্ষতিগ্ৰস্ত হৈছে।","footnotes":"","tafseer":"মুমিনসকলে সেইসকল মুনাফিকৰ অৱস্থাৰ প্ৰতি আশ্চৰ্য প্ৰকাশ কৰি ক'বঃ এইসকলেই দেখোন নিজৰ ঈমানৰ দৃঢ়তাৰ শপত খাই কৈছিল যে, সিহঁত ঈমান, সহায়-সহযোগিতা তথা বন্ধুত্বৰ ক্ষেত্ৰত তোমালোকৰ লগত আছে (হে মুমিনসকল)! সিহঁতৰ আমল বিনষ্ট হৈছে। উদ্দেশ্যত সফল নোহোৱাৰ বাবে আৰু শাস্তিৰ সন্মুখীন হোৱাৰ বাবে সিহঁত ক্ষতিগ্ৰস্ত হৈ গ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005053.mp3"},{"index":"54","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا مَنْ یَّرْتَدَّ مِنْكُمْ عَنْ دِیْنِهٖ فَسَوْفَ یَاْتِی اللّٰهُ بِقَوْمٍ یُّحِبُّهُمْ وَیُحِبُّوْنَهٗۤ ۙ اَذِلَّةٍ عَلَی الْمُؤْمِنِیْنَ اَعِزَّةٍ عَلَی الْكٰفِرِیْنَ ؗ یُجَاهِدُوْنَ فِیْ سَبِیْلِ اللّٰهِ وَلَا یَخَافُوْنَ لَوْمَةَ لَآىِٕمٍ ؕ ذٰلِكَ فَضْلُ اللّٰهِ یُؤْتِیْهِ مَنْ یَّشَآءُ ؕ وَاللّٰهُ وَاسِعٌ عَلِیْمٌ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকৰ মাজৰ কোনোবাই যদি দ্বীনৰ পৰা উভতি যায় (তেন্তে জানি থোৱা) নিশ্চয় আল্লাহে এনেকুৱা এটা সম্প্ৰদায় আনিব যিসকলক তেওঁ ভালপায় আৰু তেওঁলোকেও তেওঁক ভাল পাব; তেওঁলোক মুমিনসকলৰ প্ৰতি কোমল আৰু কাফিৰসকলৰ প্ৰতি অতি কঠোৰ হ’ব; তেওঁলোকে আল্লাহৰ পথত জিহাদ কৰিব আৰু কোনো ভৰ্ৎসনাকাৰীৰ ভৰ্ৎসনালৈ ভ্ৰূক্ষেপ নকৰিব। এইটো আল্লাহৰ অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে তাকেই দান কৰে। (জানি থোৱা) আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকৰ মাজৰ যিয়ে নিজৰ দ্বীন এৰি কুফুৰীৰ পিনে উভতি যাব, (সি জানি থোৱা উচিত যে, আল্লাহে সিহঁতৰ পৰিবৰ্তে) এনেকুৱা লোকক সৃষ্টি কৰিব, যিসকলে তেওঁক ভাল পাব, আৰু তেওঁলোক ধৰ্মৰ ওপৰত অটল থকাৰ কাৰণে তেৱোঁ তেওঁলোকক মুহাব্বত কৰিব। তেওঁলোক মুমিনসকলৰ প্ৰতি নম্ৰ হ’ব আৰু কাফিৰসকলৰ প্ৰতি কঠোৰ হ’ব। আল্লাহৰ পথত নিজৰ প্ৰাণ আৰু ধন-সম্পদৰ সৈতে যুদ্ধ কৰিব, যাতে আল্লাহৰ কলিমা সুউচ্চ থাকে, আৰু কোনো ভৰ্ৎসনাকাৰীৰ ভৰ্ৎসনালৈ ভ্ৰূক্ষেপ নকৰিব। কিয়নো তেওঁলোকৰ দৃষ্টিত সৃষ্টিৰ সন্তুষ্টিতকৈ স্ৰষ্টাৰ সন্তুষ্টি ডাঙৰ। এয়া হৈছে আল্লাহৰ দান, তেওঁ যাক ইচ্ছা কৰে দান কৰে। আল্লাহ অসীম অনু্গ্ৰহ তথা উপকাৰৰ অধিকাৰী। তেওঁ ভালকৈ জানে কোন তেওঁৰ অনুগ্ৰহ পোৱাৰ বেছি হকদাৰ, তেওঁ তাকেই প্ৰদান কৰে, আৰু কোন উপযুক্ত নহয়, তাক বঞ্চিত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005054.mp3"},{"index":"55","arabicText":"اِنَّمَا وَلِیُّكُمُ اللّٰهُ وَرَسُوْلُهٗ وَالَّذِیْنَ اٰمَنُوا الَّذِیْنَ یُقِیْمُوْنَ الصَّلٰوةَ وَیُؤْتُوْنَ الزَّكٰوةَ وَهُمْ رٰكِعُوْنَ ۟","assameseTranslation":"(জানি থোৱা) তোমালোকৰ (প্ৰকৃত) বন্ধু হৈছে কেৱল আল্লাহ আৰু তেওঁৰ ৰাছুল আৰু মুমিনসকল- যিসকলে বিনীত হৈ ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে।","footnotes":"","tafseer":"ইয়াহুদী, খৃষ্টান তথা আন আন কাফিৰসকল তোমালোকৰ বন্ধু নহয়, বৰং তোমালোকৰ বন্ধু আৰু সহায়ক হৈছে আল্লাহ, তেওঁৰ ৰাছুল আৰু মুমিনসকল, যিসকলে পৰিপূৰ্ণৰূপে ছালাত আদায় কৰে আৰু নিজৰ সম্পত্তিৰ যাকাত দিয়ে। তেওঁলোকেই আল্লাহৰ প্ৰতি বিনীত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005055.mp3"},{"index":"56","arabicText":"وَمَنْ یَّتَوَلَّ اللّٰهَ وَرَسُوْلَهٗ وَالَّذِیْنَ اٰمَنُوْا فَاِنَّ حِزْبَ اللّٰهِ هُمُ الْغٰلِبُوْنَ ۟۠","assameseTranslation":"এতেকে যিয়ে আল্লাহক আৰু তেওঁৰ ৰাছুলক লগতে মুমিনসকলক বন্ধুৰূপে গ্ৰহণ কৰিব (তেৱেঁই হ’ব আল্লাহৰ দলভুক্ত)। (জানি থোৱা) নিশ্চয় আল্লাহৰ দলেই জয়যুক্ত হ’ব।","footnotes":"","tafseer":"যিয়ে আল্লাহ, তেওঁৰ ৰাছুল তথা মুমিনসকলৰ লগত বন্ধুত্ব কৰিব, আৰু তেওঁলোকক সহায় কৰিব, তেওঁ হৈছে আল্লাহৰ দলৰ সদস্য, আৰু আল্লাহৰ দলেই বিজয় প্ৰাপ্ত হ’ব। কিয়নো তেওঁলোক হৈছে আল্লাহৰ সহায় প্ৰাপ্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005056.mp3"},{"index":"57","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَتَّخِذُوا الَّذِیْنَ اتَّخَذُوْا دِیْنَكُمْ هُزُوًا وَّلَعِبًا مِّنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ مِنْ قَبْلِكُمْ وَالْكُفَّارَ اَوْلِیَآءَ ۚ وَاتَّقُوا اللّٰهَ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকৰ পূৰ্বে যিসকলক কিতাব দিয়া হৈছিল সিহঁতৰ মাজৰ যিসকলে তোমালোকৰ দ্বীনক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে সিহঁতক আৰু কাফিৰসকলক তোমালোকে কেতিয়াও বন্ধুৰূপে গ্ৰহণ নকৰিবা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যদি তোমালোকে প্ৰকৃত মুমিন হোৱা।","footnotes":"","tafseer":"হে ঈমান্দাৰসকল! তোমালোকৰ পূৰ্বে গ্ৰন্থপ্ৰাপ্ত ইয়াহুদী, খৃষ্টান আৰু মুশ্বৰিকসকলক সহায়ক আৰু অন্তৰঙ্গ বন্ধু বনাই নল’বা, যিসকলে তোমালোকৰ ধৰ্মক উপহাস কৰে আৰু ধেমালি কৰে। যদিহে তোমালোকে প্ৰকৃততে আল্লাহৰ প্ৰতি আৰু তেওঁ অৱতীৰ্ণ কৰা বিধানৰ প্ৰতি ঈমান পোষণ কৰা, তেন্তে তেওঁ যিসকলৰ লগত বন্ধুত্ব কৰিবলৈ নিষেধ কৰিছে, সিহঁতৰ পৰা পৃথক হৈ কেৱল তেওঁকেই ভয় কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005057.mp3"},{"index":"58","arabicText":"وَاِذَا نَادَیْتُمْ اِلَی الصَّلٰوةِ اتَّخَذُوْهَا هُزُوًا وَّلَعِبًا ؕ ذٰلِكَ بِاَنَّهُمْ قَوْمٌ لَّا یَعْقِلُوْنَ ۟","assameseTranslation":"আৰু যেতিয়া তোমালোকে ছালাতৰ প্ৰতি আহ্বান কৰা তেতিয়া সিহঁতে ইয়াক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে- এইটো এইকাৰণে যে, সিহঁত হৈছে এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নবুজে।","footnotes":"","tafseer":"আৰু এইদৰে যেতিয়া তোমালোকে ছালাতৰ বাবে আহ্বান কৰা, যিটো হৈছে মহান উপাসনা, সিহঁতে এইটোক লৈয়ো উপহাস কৰে তথা ধেমালি কৰে। এইটো এই কাৰণে যে, সিহঁতে আল্লাহৰ ইবাদতৰ অৰ্থ আৰু তেওঁৰ ফালৰ পৰা মানুহৰ প্ৰতি অৱতীৰ্ণ কৰা চৰীয়তক বুজিয়ে পোৱা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005058.mp3"},{"index":"59","arabicText":"قُلْ یٰۤاَهْلَ الْكِتٰبِ هَلْ تَنْقِمُوْنَ مِنَّاۤ اِلَّاۤ اَنْ اٰمَنَّا بِاللّٰهِ وَمَاۤ اُنْزِلَ اِلَیْنَا وَمَاۤ اُنْزِلَ مِنْ قَبْلُ ۙ وَاَنَّ اَكْثَرَكُمْ فٰسِقُوْنَ ۟","assameseTranslation":"কোৱা, ‘হে কিতাবীসকল! তোমালোকে আমাৰ সৈতে এইকাৰণে শত্ৰুতা পোষণ কৰা নেকি যে, আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ আৰু আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তথা যি আমাৰ পূৰ্বে অৱতীৰ্ণ হৈছিল সেইবোৰক আমি বিশ্বাস কৰোঁ। নিশ্চয় তোমালোকৰ অধিকাংশই হৈছা ফাছিক্ব’।","footnotes":"","tafseer":"হে ৰাছুল! উপহাসকাৰী আহলে কিতাবক আপুনি কৈ দিয়কঃ এইটোৱে আমাৰ দোষ নেকি যে, আমি আল্লাহৰ ওপৰত ঈমান আনিছোঁ, লগতে আল্লাহে আমাৰ প্ৰতি আৰু আমাৰ পূৰ্বে যি অৱতীৰ্ণ কৰিছে তাৰ ওপৰত ঈমান আনিছোঁ, লগতে এই কথাৰ প্ৰতিও আমি ঈমান পোষণ কৰিছোঁ যে, তোমালোকৰ মাজৰ অধিকাংশ লোকে আল্লাহক অস্বীকাৰ কৰি আৰু তেওঁৰ আদেশক অমান্য কৰি তেওঁৰ সীমালংঘন কৰিব। এতেকে তোমালোকে যিটোক আমাৰ দোষ বুলি ভবা, সেইটো দৰাচলতে আমাৰ প্ৰশংসনীয় কৰ্ম, দোষণীয় নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005059.mp3"},{"index":"60","arabicText":"قُلْ هَلْ اُنَبِّئُكُمْ بِشَرٍّ مِّنْ ذٰلِكَ مَثُوْبَةً عِنْدَ اللّٰهِ ؕ مَنْ لَّعَنَهُ اللّٰهُ وَغَضِبَ عَلَیْهِ وَجَعَلَ مِنْهُمُ الْقِرَدَةَ وَالْخَنَازِیْرَ وَعَبَدَ الطَّاغُوْتَ ؕ اُولٰٓىِٕكَ شَرٌّ مَّكَانًا وَّاَضَلُّ عَنْ سَوَآءِ السَّبِیْلِ ۟","assameseTranslation":"কোৱা, ‘মই তোমালোকক ইয়াতকৈও নিকৃষ্ট পৰিণামৰ সংবাদ দিমনে যিটো আল্লাহৰ ওচৰত আছে? যাৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু যাৰ ওপৰত তেওঁ ক্ৰোধান্বিত হৈছে। যিসকলৰ মাজৰ পৰা কিছুমানক বান্দৰ আৰু কিছুমানক গাহৰি বনাইছিল আৰু (সিহঁতৰ কিছুমানে) তাগুতৰ উপাসনা কৰিছিল। সিহঁতেই অৱস্থানৰ দিশৰ পৰা নিকৃষ্ট আৰু সৰল পথৰ পৰা আটাইতকৈ বেছি বিচ্যুত’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কওক, মই তোমালোকক সংবাদ দিমনে ইহঁততকৈ অধিক নিন্দা আৰু শাস্তিৰ হকদাৰ কোন হ'ব পাৰে? দৰাচলতে সিহঁত হৈছে ইহঁতৰ পূৰ্বপূৰুষসকল, যিসকলক আল্লাহে তেওঁৰ কৃপাৰ পৰা দূৰ কৰিছিল, আৰু সিহঁতৰ ওপৰত তেওঁৰ ক্ৰোধ অৱতীৰ্ণ কৰিছিল আৰু সিহঁতৰ মুখমণ্ডলক বিকৃত কৰি গাহৰি তথা বান্দৰ বনাই দিছিল আৰু সিহঁতৰ মাজৰ কিছুমানক তাগুতৰ পূজাৰী বনাই দিছিল। আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয় আৰু এই উপাসনাত সন্তুষ্ট হোৱা উপাস্যকেই তাগুত বুলি কোৱা হয়। উল্লেখিত লোকসকলেই ক্বিয়ামতৰ দিনা সবাতোকৈ নিকৃষ্ট অৱস্থাত থাকিব তথা পোন পথৰ পৰা অধিক পথভ্ৰষ্ট হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005060.mp3"},{"index":"61","arabicText":"وَاِذَا جَآءُوْكُمْ قَالُوْۤا اٰمَنَّا وَقَدْ دَّخَلُوْا بِالْكُفْرِ وَهُمْ قَدْ خَرَجُوْا بِهٖ ؕ وَاللّٰهُ اَعْلَمُ بِمَا كَانُوْا یَكْتُمُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে যেতিয়া তোমালোকৰ ওচৰলৈ আহে তেতিয়া কয়, আমি ঈমান আনিছোঁ, অথচ সিহঁত কুফুৰী লৈ প্ৰৱেশ কৰিছে আৰু এইটো লৈয়ে ওলাই গৈছে। আৰু সিহঁতে যি গোপন কৰে, সেই সম্পৰ্কে আল্লাহে ভালদৰেই জানে।","footnotes":"","tafseer":"হে মুমিনসকল! মুনাফিকসকলে যেতিয়া তোমালোকৰ ওচৰলৈ আহে, তেতিয়া সিহঁতে তোমালোকৰ ওচৰত ঈমান পোষণ কৰিছে বুলি প্ৰকাশ কৰে। এইটো হৈছে সিহঁতৰ নিফাক। দৰাচলতে সিহঁতে কুফৰসহ প্ৰৱেশ কৰে আৰু কুফৰসহ ওলাই যায়। কুফৰ সিহঁতৰ পৰা দূৰেই নহয়। সিহঁতে নিজৰ অন্তৰত যি কুফুৰী গোপন কৰি ৰাখে, সেয়া আল্লাহে ভালদৰেই জানে, তথা তেওঁ অনতিপলমে সিহঁতক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005061.mp3"},{"index":"62","arabicText":"وَتَرٰی كَثِیْرًا مِّنْهُمْ یُسَارِعُوْنَ فِی الْاِثْمِ وَالْعُدْوَانِ وَاَكْلِهِمُ السُّحْتَ ؕ لَبِئْسَ مَا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"সিহঁতৰ মাজৰ বহুতকে তুমি দেখিবলৈ পাবা পাপকৰ্মত, সীমালংঘনত আৰু অবৈধ ভক্ষণৰ ক্ষেত্ৰত তৎপৰ; সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট!","footnotes":"","tafseer":"হে ৰাছুল! আপুনি বহুতো ইয়াহুদী আৰু মুনাফিকক দেখিবলৈ পাব যে, সিহঁতে গুনাহৰ কৰ্মত আগভাগ লয়, যেনেঃ মিছা কথা কোৱা, আনৰ ওপৰত অত্যাচাৰ কৰা আৰু মানুহৰ সম্পদ অবৈধভাৱে ভক্ষণ কৰা। সিহঁতৰ কৰ্ম অত্যন্ত নিকৃষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005062.mp3"},{"index":"63","arabicText":"لَوْلَا یَنْهٰىهُمُ الرَّبّٰنِیُّوْنَ وَالْاَحْبَارُ عَنْ قَوْلِهِمُ الْاِثْمَ وَاَكْلِهِمُ السُّحْتَ ؕ لَبِئْسَ مَا كَانُوْا یَصْنَعُوْنَ ۟","assameseTranslation":"ৰাব্বানীসকলে আৰু পণ্ডিতসকলে সিহঁতক বেয়া কথা কোৱাৰ পৰা আৰু অবৈধ ভক্ষণৰ পৰা কিয় নিষেধ নকৰে? ইহঁতে যি কৰি আছে নিশ্চয় এয়া কিমান যে নিকৃষ্ট!","footnotes":"","tafseer":"ইহঁতৰ পথপ্ৰদৰ্শক তথা ধৰ্মগুৰুসকলে মিছা কথা কোৱাৰ পৰা, মিছা সাক্ষ্য দিয়াৰ পৰা তথা অবৈধভাৱে মানুহৰ সম্পদ ভক্ষণৰ পৰা কিয় নিষেধ নকৰে? নিশ্চয় ইহঁতৰ নেতাসকলৰ আৰু ধৰ্মগুৰুসকলৰ কৰ্ম অত্যন্ত নিকৃষ্ট, যিসকলে সিহঁতক বেয়া কৰ্মৰ পৰা বাৰণ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005063.mp3"},{"index":"64","arabicText":"وَقَالَتِ الْیَهُوْدُ یَدُ اللّٰهِ مَغْلُوْلَةٌ ؕ غُلَّتْ اَیْدِیْهِمْ وَلُعِنُوْا بِمَا قَالُوْا ۘ بَلْ یَدٰهُ مَبْسُوْطَتٰنِ ۙ یُنْفِقُ كَیْفَ یَشَآءُ ؕ وَلَیَزِیْدَنَّ كَثِیْرًا مِّنْهُمْ مَّاۤ اُنْزِلَ اِلَیْكَ مِنْ رَّبِّكَ طُغْیَانًا وَّكُفْرًا ؕ وَاَلْقَیْنَا بَیْنَهُمُ الْعَدَاوَةَ وَالْبَغْضَآءَ اِلٰی یَوْمِ الْقِیٰمَةِ ؕ كُلَّمَاۤ اَوْقَدُوْا نَارًا لِّلْحَرْبِ اَطْفَاَهَا اللّٰهُ ۙ وَیَسْعَوْنَ فِی الْاَرْضِ فَسَادًا ؕ وَاللّٰهُ لَا یُحِبُّ الْمُفْسِدِیْنَ ۟","assameseTranslation":"আৰু ইয়াহুদীসকলে কয়, ‘আল্লাহৰ হাত ৰুদ্ধ’। বৰং ৰুদ্ধ হওক সিহঁতৰ হাত আৰু সিহঁতে যি কয় সেইকাৰণে সিহঁত অভিশপ্ত হওক, জানি থোৱা আল্লাহৰ উভয় হাতেই প্ৰসাৰিত; তেওঁ যেনেকৈ ইচ্ছা তেনেকৈ দান কৰে। তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া নিশ্চয় সিহঁতৰ বহুতৰে অবাধ্যতা আৰু কুফুৰী বৃদ্ধি কৰিব। আমি সিহঁতৰ মাজত ক্বিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ ঢালি দিছোঁ। যেতিয়াই সিহঁতে যুদ্ধৰ জুই লগায় তেতিয়াই আল্লাহে সেয়া নুমাই দিয়ে আৰু সিহঁতে পৃথিৱীত বিপৰ্যয় কৰি ফুৰে; আৰু আল্লাহে বিপৰ্যয়কাৰীসকলক ভাল নাপায়।","footnotes":"","tafseer":"ইয়াহুদীসকলক যেতিয়া অনাবৃষ্টি তথা বিপদে পালে, তেতিয়া ক’বলৈ ধৰিলে যে, আল্লাহৰ হাত দানৰ পৰা তথা কল্যাণৰ পৰা বঞ্চিত, এই কাৰণেই তেওঁ নিজৰ ধন ভাণ্ডাৰৰ পৰা আমাক বঞ্চিত কৰিছে। জানি থোৱা! প্ৰকৃততে সিহঁতৰেই হাত বন্ধা অৱস্থাত আছে, ফলত সিহঁতে কোনো ভাল কাম নকৰে আৰু দানো নকৰে। সিহঁতক সিহঁতৰ এই কথাৰ কাৰণে আল্লাহৰ কৃপাৰ পৰা বঞ্চিত কৰি দিয়া হৈছে। বৰং আল্লাহৰ দুয়ো হাত উন্মুক্ত, তেওঁ যিদৰে ইচ্ছা কৰে দান কৰে তথা ব্যয় কৰে। কেতিয়াবা অধিক, কেতিয়াবা কম। তেওঁক প্ৰতিৰোধকাৰীও কোনো নাই আৰু তেওঁক বাধ্য কৰিবলৈও কোনো নাই। হে ৰাছুল! আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে, ইয়াৰ ফলত ইয়াহুদীসকলৰ সীমালংঘন আৰু অস্বীকাৰ আৰু বৃদ্ধি পাব। কিয়নো সিহঁতৰ অন্তৰ ঈৰ্ষাৰে পৰিপূৰ্ণ। আমি ইয়াহুদীসকলৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত শত্ৰুতা তথা ঘৃণা সৃষ্টি কৰি দিছোঁ। যেতিয়া সিহঁত যুদ্ধৰ বাবে একত্ৰিত হয় বা ইয়াৰ বাবে প্ৰস্তুতি লয় অথবা যুদ্ধক অগ্নিগৰ্ভা কৰিবলৈ চক্ৰান্ত ৰচে, তেতিয়া আল্লাহে সিহঁতক ছিন্ন-ভিন্ন কৰি দিয়ে, আৰু সিহঁতৰ সকলো শক্তি বিনাশ কৰি দিয়ে। সিহঁতে নিজৰ স্বভাৱ অনুযায়ী ইছলামৰ ভাৱমূৰ্ত্তি ম্লান কৰিবলৈ আৰু ইয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ এনেকুৱা কৰ্ম কৰে, যাৰ ফলত পৃথিৱীত বিপৰ্যয় সৃষ্টি হয়। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীসকলক পছন্দ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005064.mp3"},{"index":"65","arabicText":"وَلَوْ اَنَّ اَهْلَ الْكِتٰبِ اٰمَنُوْا وَاتَّقَوْا لَكَفَّرْنَا عَنْهُمْ سَیِّاٰتِهِمْ وَلَاَدْخَلْنٰهُمْ جَنّٰتِ النَّعِیْمِ ۟","assameseTranslation":"আৰু যদি কিতাবীসকলে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন তেনেহ’লে নিশ্চয় আমি সিহঁতৰ পাপসমূহ মচি দিলোহেঁতেন আৰু সিহঁতক সুখময় জান্নাতত প্ৰৱেশ কৰালোঁহেঁতেন।","footnotes":"","tafseer":"মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যি লৈ আহিছে, ইয়াহুদী তথা খৃষ্টানসকলে যদি তাৰ ওপৰত ঈমান আনিলেহেঁতেন আৰু গুনাহৰ পৰা বিৰত থাকি আল্লাহক ভয় কৰিলেহেঁতেন, তেন্তে আমি সিহঁতৰ গুনাহসমূহ ক্ষমা কৰি দিলোঁহেঁতেন, যদিও সেয়া অসংখ্য নহওক কিয়। তথা ক্বিয়ামতৰ দিনা আমি সিহঁতক এনেকুৱা নিয়ামতপূৰ্ণ জান্নাতত প্ৰৱেশ কৰালোঁহেঁতেন, যাৰ নিয়ামতসমূহ কেতিয়াও শেষ নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005065.mp3"},{"index":"66","arabicText":"وَلَوْ اَنَّهُمْ اَقَامُوا التَّوْرٰىةَ وَالْاِنْجِیْلَ وَمَاۤ اُنْزِلَ اِلَیْهِمْ مِّنْ رَّبِّهِمْ لَاَكَلُوْا مِنْ فَوْقِهِمْ وَمِنْ تَحْتِ اَرْجُلِهِمْ ؕ مِنْهُمْ اُمَّةٌ مُّقْتَصِدَةٌ ؕ وَكَثِیْرٌ مِّنْهُمْ سَآءَ مَا یَعْمَلُوْنَ ۟۠","assameseTranslation":"আৰু সিহঁতে যদি তাওৰাত, ইঞ্জীল আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া প্ৰতিষ্ঠিত কৰিলেহেঁতেন, তেনেহ’লে সিহঁতে নিশ্চিতভাৱে সিহঁতৰ ওপৰৰ পৰা আৰু ভৰিৰ তলৰ পৰা খাদ্য লাভ কৰিলেহেঁতেন। সিহঁতৰ মাজৰ এটা দল আছে মধ্যপন্থী, কিন্তু সিহঁতৰ মাজৰ অধিকাংশই অতি নিকৃষ্ট কাম কৰে!","footnotes":"","tafseer":"যদি ইয়াহুদীসকলে তাওৰাত অনুসাৰে আৰু খৃষ্টানসকলে ইঞ্জীল অনুসাৰে কৰ্ম কৰিলেহেঁতেন আৰু উভয়ে কোৰআন অনুসাৰে আমল কৰিলেহেঁতেন, তেন্তে মই সিহঁতৰ বাবে বৰষুণ আৰু অন্ন উত্পাদনৰ জীৱিকাৰ মাধ্যম যোগান ধৰিলোঁহেঁতেন। আহলে কিতাবসকলৰ মাজৰ কিছুমান লোক ন্যায় তথা সত্যৰ ওপৰত প্ৰতিষ্ঠিত। অথচ সিহঁতৰ মাজৰ অধিকাংশ লোকে ঈমানৰ পৰা বঞ্চিত হোৱাৰ কাৰণে অসত্কৰ্মত লিপ্ত হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005066.mp3"},{"index":"67","arabicText":"یٰۤاَیُّهَا الرَّسُوْلُ بَلِّغْ مَاۤ اُنْزِلَ اِلَیْكَ مِنْ رَّبِّكَ ؕ وَاِنْ لَّمْ تَفْعَلْ فَمَا بَلَّغْتَ رِسَالَتَهٗ ؕ وَاللّٰهُ یَعْصِمُكَ مِنَ النَّاسِ ؕ اِنَّ اللّٰهَ لَا یَهْدِی الْقَوْمَ الْكٰفِرِیْنَ ۟","assameseTranslation":"হে ৰাছুল! তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া প্ৰচাৰ কৰা; আৰু যদি তুমি এনে নকৰা তেন্তে তুমি তেওঁৰ বাৰ্তা প্ৰচাৰ নকৰিলা। (জানি থোৱা) আল্লাহেই তোমাক মানুহৰ পৰা ৰক্ষা কৰিব। নিশ্চয় আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।","footnotes":"","tafseer":"হে ৰাছুল! আল্লাহে আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে, সেয়া পৰিপূৰ্ণৰূপে পৌঁচাই দিয়ক। একো গোপন নকৰিব, যদি আপুনি কিবা গোপন কৰে তেন্তে আপুনি আপোনাৰ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়াসকলৰ অন্তৰ্ভুক্ত নহ'ব। (এই কথাত কোনো সন্দেহ নাই যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক সেই বিধান পৌঁচাই দিছে, যিটো পৌঁচাই দিয়াৰ আদেশ তেখেতক দিয়া হৈছিল। যিয়ে ইয়াৰ বিপৰীতে কল্পনা কৰিব, সি আল্লাহৰ ওপৰত ডাঙৰ মিছা আৰোপ লগোৱা সকলৰ অন্তৰ্ভুক্ত হ’ব) আৰু আজিৰ পৰা আল্লাহে আপোনাক মানুহৰ পৰা ৰক্ষা কৰিব। সিহঁতে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। আপোনাৰ দায়িত্ব হৈছে কেৱল পৌঁচাই দিয়া। আল্লাহে সেইসকল কাফিৰক কেতিয়াও পোন পথৰ তাওফীক নিদিয়ে, যিসকলে নিজে পোন পথ পাব নিবিচাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005067.mp3"},{"index":"68","arabicText":"قُلْ یٰۤاَهْلَ الْكِتٰبِ لَسْتُمْ عَلٰی شَیْءٍ حَتّٰی تُقِیْمُوا التَّوْرٰىةَ وَالْاِنْجِیْلَ وَمَاۤ اُنْزِلَ اِلَیْكُمْ مِّنْ رَّبِّكُمْ ؕ وَلَیَزِیْدَنَّ كَثِیْرًا مِّنْهُمْ مَّاۤ اُنْزِلَ اِلَیْكَ مِنْ رَّبِّكَ طُغْیَانًا وَّكُفْرًا ۚ فَلَا تَاْسَ عَلَی الْقَوْمِ الْكٰفِرِیْنَ ۟","assameseTranslation":"কোৱা, ‘হে কিতাবীসকল! তাওৰাত, ইঞ্জীল আৰু তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া প্ৰতিষ্ঠা নকৰালৈকে তোমালোকৰ কোনো ভিত্তি নাই। আনহাতে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা (হে মুহাম্মদ) তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া সিহঁতৰ বহুতৰে অবাধ্যতা আৰু কুফুৰীহে বৃদ্ধি কৰিব। গতিকে তুমি কাফিৰ সম্প্ৰদায়কলৈ দুখ নকৰিবা’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়কঃ হে ইয়াহুদী আৰু খৃষ্টানসকল! তোমালোকে তেতিয়ালৈকে কোনো ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত হ’ব নোৱাৰা যেতিয়ালৈকে তাওৰাত আৰু ইঞ্জীলৰ শিক্ষাৰ ওপৰত আমল নকৰিবা, লগতে যেতিয়ালৈকে কোৰআনৰ ওপৰত আমল নকৰিবা, ইয়াৰ ওপৰত ঈমান পোষণ নকৰাকৈ আৰু ইয়াৰ ওপৰত আমল নকৰাকৈ তোমালোকৰ ঈমান সঠিক হ'বই নোৱাৰে। (হে নবী!) আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা আপোনাৰ ওচৰলৈ যি গ্ৰন্থ আহিছে, ইয়াৰ ফলত কিতাবীসকলৰ বহুতৰেই কুফৰ তথা সীমালংঘন বৃদ্ধি পাব। কাৰণ সিহঁত ঈৰ্ষাত জ্বলি আছে। এতেকে আপুনি এইসকল কাফিৰক লৈ আক্ষেপ নকৰিব। আপোনাৰ লগত থকা মুমিনসকলেই আপোনাৰ বাবে যথেষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005068.mp3"},{"index":"69","arabicText":"اِنَّ الَّذِیْنَ اٰمَنُوْا وَالَّذِیْنَ هَادُوْا وَالصّٰبِـُٔوْنَ وَالنَّصٰرٰی مَنْ اٰمَنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَعَمِلَ صَالِحًا فَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে, এইদৰে ইয়াহুদী আৰু ছাবেয়ী লগতে নাছাৰাসকলৰ মাজৰ যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।","footnotes":"","tafseer":"মুমিনসকল, ইয়াহুদীসকল তথা ছাবেয়ীসকল (কোনোবা এজন নবীৰ উম্মত) আৰু খৃষ্টানসকল, এওঁলোকৰ মাজৰ যিসকলে আল্লাহ তথা অন্তিম দিনৰ প্ৰতি ঈমান পোষণ কৰিব আৰু সত্কৰ্ম কৰিব, এনেকুৱা লোকে কোনো চিন্তাৰ সন্মুখীন নহ'ব, আৰু এওঁলোকে পৃথিৱীৰ কোনো বস্তু নোপোৱাৰ বাবেও দুখ নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005069.mp3"},{"index":"70","arabicText":"لَقَدْ اَخَذْنَا مِیْثَاقَ بَنِیْۤ اِسْرَآءِیْلَ وَاَرْسَلْنَاۤ اِلَیْهِمْ رُسُلًا ؕ كُلَّمَا جَآءَهُمْ رَسُوْلٌۢ بِمَا لَا تَهْوٰۤی اَنْفُسُهُمْ ۙ فَرِیْقًا كَذَّبُوْا وَفَرِیْقًا یَّقْتُلُوْنَ ۟ۗ","assameseTranslation":"নিশ্চয় আমি বনী ইছৰাঈলৰ পৰা অঙ্গীকাৰ লৈছিলোঁ আৰু সিহঁতৰ ওচৰলৈ বহুতো ৰাছুল প্ৰেৰণ কৰিছিলোঁ। যেতিয়াই কোনো ৰাছুলে সিহঁতৰ ওচৰলৈ এনেকুৱা কোনো বিধান লৈ আহিছিল যিটো সিহঁতৰ প্ৰবৃত্তিৰ বিপৰীত আছিল, তেতিয়াই সিহঁতে কিছুমান ৰাছুলক মিথ্যাৰোপ কৰিছিল আৰু কিছুমানক হত্যা কৰিছিল।","footnotes":"","tafseer":"আমি বনী ইছৰাঈলৰ পৰা আনুগত্য সম্পৰ্কীয় দৃঢ় প্ৰতিশ্ৰুতি লৈছিলোঁ, আৰু সিহঁতৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ আল্লাহৰ চৰীয়ত প্ৰচাৰ কৰিবলৈ। কিন্তু সিহঁতে প্ৰতিশ্ৰুতি ভঙ্গ কৰিছিল। ফলত সিহঁতে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰি ৰাছুলে লৈ অহা বিধানৰ পৰা বিমূখ হৈছিল। তেওঁলোকৰ মাজৰ কিছুমানক অস্বীকাৰ কৰিছিল আৰু কিছুমানক হত্যা কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005070.mp3"},{"index":"71","arabicText":"وَحَسِبُوْۤا اَلَّا تَكُوْنَ فِتْنَةٌ فَعَمُوْا وَصَمُّوْا ثُمَّ تَابَ اللّٰهُ عَلَیْهِمْ ثُمَّ عَمُوْا وَصَمُّوْا كَثِیْرٌ مِّنْهُمْ ؕ وَاللّٰهُ بَصِیْرٌ بِمَا یَعْمَلُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে ভাবিছিল যে, সিহঁতৰ কোনো শাস্তি নহ’ব, ফলত সিহঁত অন্ধ আৰু বধিৰ হৈ পৰিছিল। তাৰ পিছতো আল্লাহে সিহঁতৰ তাওবা কবুল কৰিছিল। ইয়াৰ পিছতো সিহঁতৰ বহুতেই অন্ধ আৰু বধিৰ হৈছিল। সিহঁতে যি আমল কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।","footnotes":"","tafseer":"সিহঁতে ধাৰণা কৰিছিল যে, অঙ্গীকাৰ ভঙ্গ কৰিলে, নবীসকলক অস্বীকাৰ কৰিলে তথা তেওঁলোকক হত্যা কৰিলে সিহঁতৰ কোনো ক্ষতি নহ’ব, কিন্তু সিহঁতৰ ক্ষতি সাধন হৈছিল, যিটো সিহঁতে কল্পনাও কৰা নাছিল। এনেকুৱা অন্ধ হৈছিল যে, সত্য সিহঁতে দেখা পোৱা নাছিল আৰু এনেকুৱা কলা হৈছিল যে, সত্য স্বীকাৰ কৰিব পৰা নাছিল। তাৰ পিছত আল্লাহে তেওঁৰ অনুগ্ৰহত সিহঁতৰ তাওবা কবূল কৰিলে। তাৰ পিছতো সিহঁতৰ মাজৰ বহু সংখ্যক লোকে অন্ধ আৰু কলা হৈ গৈছিল, আৰু সত্যৰ পৰা আঁতৰি গৈছিল। সিহঁতে যি কৰি আছে সেয়া আল্লাহে প্ৰত্যক্ষ কৰি আছে। তেওঁৰ পৰা কোনো বস্তুৱে গোপন নহয়। তথা আল্লাহে সিহঁতক ইয়াৰ প্ৰতিদানো দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005071.mp3"},{"index":"72","arabicText":"لَقَدْ كَفَرَ الَّذِیْنَ قَالُوْۤا اِنَّ اللّٰهَ هُوَ الْمَسِیْحُ ابْنُ مَرْیَمَ ؕ وَقَالَ الْمَسِیْحُ یٰبَنِیْۤ اِسْرَآءِیْلَ اعْبُدُوا اللّٰهَ رَبِّیْ وَرَبَّكُمْ ؕ اِنَّهٗ مَنْ یُّشْرِكْ بِاللّٰهِ فَقَدْ حَرَّمَ اللّٰهُ عَلَیْهِ الْجَنَّةَ وَمَاْوٰىهُ النَّارُ ؕ وَمَا لِلظّٰلِمِیْنَ مِنْ اَنْصَارٍ ۟","assameseTranslation":"যিসকলে কয়, ‘মছীহ ইবনে মাৰয়ামেই হৈছে আল্লাহ’, নিশ্চয় সিহঁতে কুফুৰী কৰিছে। অথচ মছীহে কৈছে, ‘হে ইছৰাঈলৰ সন্তানসকল! তোমালোকে সেই আল্লাহৰ ইবাদত কৰা যিজন মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক’। নিশ্চয় যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিব আল্লাহে তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছে আৰু তাৰ ঠিকনা হ’ব জাহান্নাম; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই।","footnotes":"","tafseer":"নিঃসন্দেহে সেইসকল খৃষ্টানে কুফুৰী কৰিছে, যিসকলে কৈছেঃ ঈছা ইবনে মৰিয়মেই হৈছে আল্লাহ। কিয়নো সিহঁতে আল্লাহৰ বাহিৰে আনক উপাস্য কৰি লৈছে। অথচ স্বয়ং ঈছা ইবনে মৰিয়মে কৈছিলঃ হে বনী ইছৰাঈলৰ লোকসকল! একমাত্ৰ আল্লাহৰ ইবাদত কৰা। তেৱেঁই মোৰ আৰু তোমালোকৰ প্ৰতিপালক। তেওঁৰ বন্দেগী আৰু দাসত্বৰ ক্ষেত্ৰ আমি একে পৰ্যায়ৰ। কিয়নো যিয়ে আল্লাহৰ লগত আনক অংশীদাৰ কৰিব, আল্লাহে তাক জান্নাত নচীব নকৰিব আৰু তাৰ ঠিকনা হ’ব জাহান্নাম। আল্লাহৰ সন্মুখত সিহঁতৰ কোনো সহায়ক নাথাকিব আৰু কোনো সহানুভূতিশীলো নাপাব, আৰু কোনেও তাক শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005072.mp3"},{"index":"73","arabicText":"لَقَدْ كَفَرَ الَّذِیْنَ قَالُوْۤا اِنَّ اللّٰهَ ثَالِثُ ثَلٰثَةٍ ۘ وَمَا مِنْ اِلٰهٍ اِلَّاۤ اِلٰهٌ وَّاحِدٌ ؕ وَاِنْ لَّمْ یَنْتَهُوْا عَمَّا یَقُوْلُوْنَ لَیَمَسَّنَّ الَّذِیْنَ كَفَرُوْا مِنْهُمْ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"সিহঁতেও নিশ্চিতভাৱে কুফুৰী কৰিছে- যিসকলে কয়, ‘আল্লাহ হৈছে তিনিজনৰ এজন’, অথচ এক আল্লাহৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই; আৰু সিহঁতে যি কয় তাৰ পৰা সিহঁতে বিৰত নাথাকিলে সিহঁতৰ মাজত যিসকলে কুফুৰী কৰিছে, নিশ্চয় সিহঁতৰ ওপৰত কষ্টদায়ক শাস্তি আপতিত হ’ব।","footnotes":"","tafseer":"সেইসকল খৃষ্টানেও কুফুৰী কৰিছে, যিসকলে কয়ঃ আল্লাহ হৈছে তিনি সত্ত্বাৰসমূহ। পিতা, পুত্ৰ আৰু পৱিত্ৰ আত্মা। আল্লাহ সিহঁতৰ এইবোৰ কথাৰ পৰা বহু ঊৰ্দ্ধত। আল্লাহ অনেক নহয় বৰং তেওঁ একক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। সিহঁতে যদি এইবোৰ নিকৃষ্ট কথাৰ পৰা বিৰত নাথাকে তেন্তে সিহঁতে নিশ্চয় কষ্টদায়ক শাস্তি পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005073.mp3"},{"index":"74","arabicText":"اَفَلَا یَتُوْبُوْنَ اِلَی اللّٰهِ وَیَسْتَغْفِرُوْنَهٗ ؕ وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"সিহঁতে আল্লাহৰ ফালে উভতি নাহিব নেকি আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা নকৰিবনে? (জানি থোৱা) আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"সিহঁতে নিজৰ এইবোৰ কথা এৰি আল্লাহৰ ওচৰত তাওবা নকৰিবনে আৰু শ্বিৰ্কৰ পৰা ক্ষমা নিবিচাৰিবনে? অথচ আল্লাহে তাওবাকাৰীৰ গুনাহ ক্ষমা কৰি দিয়ে। গুনাহ যিমানেই ডাঙৰ নহওক কিয়, আনকি তেওঁৰ লগত কৰা কুফৰেই নহওক কিয় (ক্ষমা কৰি দিয়ে)। তেওঁ মুমিনসকলৰ প্ৰতি বৰ কৃপাশীল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005074.mp3"},{"index":"75","arabicText":"مَا الْمَسِیْحُ ابْنُ مَرْیَمَ اِلَّا رَسُوْلٌ ۚ قَدْ خَلَتْ مِنْ قَبْلِهِ الرُّسُلُ ؕ وَاُمُّهٗ صِدِّیْقَةٌ ؕ كَانَا یَاْكُلٰنِ الطَّعَامَ ؕ اُنْظُرْ كَیْفَ نُبَیِّنُ لَهُمُ الْاٰیٰتِ ثُمَّ انْظُرْ اَنّٰی یُؤْفَكُوْنَ ۟","assameseTranslation":"মাৰয়ামৰ পুত্ৰ মছীহ হৈছে কেৱল এজন ৰাছুল। তেওঁৰ পূৰ্বে বহুতো ৰাছুল অতীত হৈছে আৰু তেওঁৰ মাক আছিল অত্যন্ত সত্যবাদী। তেওঁলোক দুজনেই খোৱা-বোৱা কৰিছিল। চোৱা, আমি সিহঁতৰ বাবে আয়াতসমূহ কেনেকৈ বিস্তাৰিতভাৱে বৰ্ণনা কৰোঁ, তথাপিও চোৱা, সিহঁত কেনেকৈ সত্যবিমুখ হয়।","footnotes":"","tafseer":"মৰিয়মৰ পুত্ৰ ঈছা মছীহ হৈছে কেৱল এজন ৰাছুল। আন আন নবীসকলৰ দৰেই তেৱোঁ মৃত্যুবৰণ কৰিব। তেওঁৰ মাক মৰিয়ম আলাইহাচ্ছালাম বহুত সত্যবাদী তথা আল্লাহৰ বিধান সমৰ্থনকাৰী আছিল। তেওঁলোক উভয়ে পানাহাৰ কৰিছিল, কাৰণ এইটো তেওঁলোকৰ প্ৰয়োজনীয় আছিল। তেন্তে কেনেকৈ তেওঁলোক উপাস্য হ’ব পাৰে? হে ৰাছুল আপুনি অলপ গভীৰভাৱে চিন্তা কৰি চাওকচোন! আমি কিমান স্পষ্টভাৱে ইহঁতৰ সন্মুখত এই কথাৰ নিদৰ্শনসমূহ বৰ্ণনা কৰিছোঁ যে, আল্লাহ একক তথা অদ্বিতীয়। আনহাতে সিহঁতে আনক উপাস্য বনোৱাৰ যি অভ্যাস পুহি ৰাখিছে, সেয়া যে ভ্ৰান্ত মতবাদ সেইটোও খণ্ডন কৰিছোঁ। কিন্তু ইয়াৰ পিছতো সিহঁতে এইবোৰ নিদৰ্শনক অস্বীকাৰ কৰে। আপুনি গভীৰভাৱে চাওক, আল্লাহ যে একক, ইয়াৰ স্পষ্ট নিদৰ্শনসমূহ পোৱাৰ পিছতো সিহঁতে সত্যৰ পৰা আঁতৰি গৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005075.mp3"},{"index":"76","arabicText":"قُلْ اَتَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ مَا لَا یَمْلِكُ لَكُمْ ضَرًّا وَّلَا نَفْعًا ؕ وَاللّٰهُ هُوَ السَّمِیْعُ الْعَلِیْمُ ۟","assameseTranslation":"কোৱা, তোমালোকে আল্লাহৰ বাহিৰে এনে বস্তুৰ ইবাদত কৰা নেকি যিয়ে তোমালোকৰ কোনো ক্ষতি বা উপকাৰ কৰাৰ ক্ষমতা নাৰাখে? আৰু আল্লাহেই সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"হে ৰাছুল! সিহঁতে যে আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰে, ইয়াৰ বিপক্ষে প্ৰমাণ হিচাপে আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে এনেকুৱা বস্তুৰ উপাসনা কৰানে, যিয়ে তোমালোকক উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে? সেইবোৰ হৈছে অক্ষম। নিশ্চয় আল্লাহ এনেকুৱা অপাৰগতাৰ পৰা পৱিত্ৰ। আল্লাহেই তোমালোকৰ কথা শুনে, কোনো কথাই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত, একোৱেই তেওঁৰ অগোচৰ নহয়, আৰু তেওঁ তোমালোকক শীঘ্ৰেই ইয়াৰ প্ৰতিদানো দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005076.mp3"},{"index":"77","arabicText":"قُلْ یٰۤاَهْلَ الْكِتٰبِ لَا تَغْلُوْا فِیْ دِیْنِكُمْ غَیْرَ الْحَقِّ وَلَا تَتَّبِعُوْۤا اَهْوَآءَ قَوْمٍ قَدْ ضَلُّوْا مِنْ قَبْلُ وَاَضَلُّوْا كَثِیْرًا وَّضَلُّوْا عَنْ سَوَآءِ السَّبِیْلِ ۟۠","assameseTranslation":"কোৱা, ‘হে কিতাবীসকল! তোমালোকে সত্যৰ বাহিৰে তোমালোকৰ ধৰ্মীয় ক্ষেত্ৰত সীমালংঘন নকৰিবা আৰু ইয়াৰ পূৰ্বে যিবোৰ সম্প্ৰদায়ে নিজে পথভ্ৰষ্ট হৈছে আৰু আন বহুতকে পথভ্ৰষ্ট কৰিছে, লগতে সৰল পথৰ পৰা বিচ্যুত হৈছে, সিহঁতৰ প্ৰবৃত্তিৰো অনুসৰণ নকৰিবা’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি খৃষ্টানসকলক কৈ দিয়ক যে, তোমালোকক যি সত্য অনুসৰণ কৰিবলৈ আদেশ দিয়া হৈছে, সেই বিষয়ে সীমালংঘন নকৰিবা, আৰু যাক সন্মান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে (যেনে- নবীসকলক) তেওঁলোকৰ সন্মানৰ ক্ষেত্ৰত সীমা অতিক্ৰম নকৰিবা। তেওঁলোকক উপাস্য বনাই নল’বা, যিদৰে তোমালোকে ঈছা ইবনে মৰিয়মৰ ক্ষেত্ৰত কৰিছা। তোমালোকে তোমালোকৰ সেইসকল পথভ্ৰষ্ট পুৰ্বপুৰুষসকলৰ অনুসৰণ কৰিহে এনেকুৱা কৰিছা, যিসকলে অসংখ্য লোকক পোন পথৰ পৰা আঁতৰাইছিল, আৰু সিহঁত নিজেও পথভ্ৰষ্ট হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005077.mp3"},{"index":"78","arabicText":"لُعِنَ الَّذِیْنَ كَفَرُوْا مِنْ بَنِیْۤ اِسْرَآءِیْلَ عَلٰی لِسَانِ دَاوٗدَ وَعِیْسَی ابْنِ مَرْیَمَ ؕ ذٰلِكَ بِمَا عَصَوْا وَّكَانُوْا یَعْتَدُوْنَ ۟","assameseTranslation":"বনী ইছৰাঈলৰ মাজৰ যিসকলে কুফুৰী কৰিছিল সিহঁত দাঊদ আৰু মাৰয়ামৰ পুত্ৰ ঈছাৰ মুখেৰে অভিশপ্ত হৈছিল। এইকাৰণে যে, সিহঁতে অবাধ্যতা কৰিছিল আৰু সিহঁতে সীমালংঘন কৰিছিল।","footnotes":"","tafseer":"আল্লাহে জনাইছে যে, তেওঁ নবী ইছৰাঈলৰ কাফিৰসকলক তেওঁৰ কৃপাৰ পৰা বঞ্চিত কৰিছিল। ইয়াৰ বিৱৰণ যাবূৰ গ্ৰন্থত আছে, যিখন দাঊদ আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ হৈছিল আৰু ইঞ্জীলতো আছে, যিখন ঈছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ হৈছিল। সিহঁতক কৃপাৰ পৰা এই কাৰণে বঞ্চিত কৰা হৈছিল যে, সিহঁতে পাপ কৰিছিল আৰু আল্লাহৰ হাৰাম বস্তুৰ ওচৰলৈ যাওঁতে দ্বিধাবোধ কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005078.mp3"},{"index":"79","arabicText":"كَانُوْا لَا یَتَنَاهَوْنَ عَنْ مُّنْكَرٍ فَعَلُوْهُ ؕ لَبِئْسَ مَا كَانُوْا یَفْعَلُوْنَ ۟","assameseTranslation":"সিহঁতে যিবোৰ গৰ্হিত কাম কৰিছিল সেইবোৰৰ পৰা সিহঁতে ইজনে সিজনক নিষেধ কৰা নাছিল। সিহঁতে কৰা কামবোৰ কিমান যে নিকৃষ্ট!","footnotes":"","tafseer":"সিহঁতে পৰস্পৰে পৰস্পৰক পাপ কৰ্মৰ পৰা নিষেধ কৰা নাছিল। বৰং সিহঁতৰ মাজৰ পাপিষ্ঠসকলে প্ৰকাশ্যভাৱে গুনাহৰ কৰ্ম কৰিছিল। কাৰণ সিহঁতক নিষেধ কৰিবলৈ কোনো নাছিল। পাপ কৰ্মৰ পৰা নিষেধ নকৰা সিহঁতৰ এই আচৰণ আছিল অতি নিকৃষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005079.mp3"},{"index":"80","arabicText":"تَرٰی كَثِیْرًا مِّنْهُمْ یَتَوَلَّوْنَ الَّذِیْنَ كَفَرُوْا ؕ لَبِئْسَ مَا قَدَّمَتْ لَهُمْ اَنْفُسُهُمْ اَنْ سَخِطَ اللّٰهُ عَلَیْهِمْ وَفِی الْعَذَابِ هُمْ خٰلِدُوْنَ ۟","assameseTranslation":"সিহঁতৰ মাজৰ বহুতকে তুমি কাফিৰসকলৰ লগত বন্ধুত্ব কৰা দেখিবলৈ পাবা। সিহঁতৰ অন্তৰে সিহঁতৰ বাবে যি পেচ কৰিছে (সিহঁতৰ কৃতকৰ্ম) সেয়া কিমান যে নিকৃষ্ট! সেই কাৰণে আল্লাহে সিহঁতৰ ওপৰত ক্ৰোধান্বিত হৈছে আৰু সিহঁত চিৰকাল শাস্তিতেই থাকিব।","footnotes":"","tafseer":"হে ৰাছুল! এই ইয়াহুদীসকলৰ মাজৰ কাফিৰসকলক আপুনি দেখিবলৈ পাব যে, সিহঁতে অন্যান্য কাফিৰসকলক ভালপায় তথা সিহঁতৰ পিনে ধাবিত হয়। লগতে আপোনাৰ লগত আৰু তাওহীদপন্থীসকলৰ লগত শত্ৰুতা পোষণ কৰে। কাফিৰসকলৰ লগত থকা সিহঁতৰ এই বন্ধুত্ব তেনেই নিকৃষ্ট। কাৰণ এইটো হৈছে আল্লাহৰ ক্ৰোধৰ কাৰণ। এই কাৰণে আল্লাহে সিহঁতক জাহান্নামত নিক্ষেপ কৰিব, য’ত সিহঁতে চিৰকাল থাকিব, কেতিয়াও ওলাব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005080.mp3"},{"index":"81","arabicText":"وَلَوْ كَانُوْا یُؤْمِنُوْنَ بِاللّٰهِ وَالنَّبِیِّ وَمَاۤ اُنْزِلَ اِلَیْهِ مَا اتَّخَذُوْهُمْ اَوْلِیَآءَ وَلٰكِنَّ كَثِیْرًا مِّنْهُمْ فٰسِقُوْنَ ۟","assameseTranslation":"সিহঁতে যদি আল্লাহৰ প্ৰতি ঈমান আনিলেহেঁতেন আৰু নবীৰ প্ৰতি লগতে তেওঁৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ প্ৰতি ঈমান আনিলেহেঁতেন তেন্তে কাফিৰসকলক (কেতিয়াও) বন্ধুৰূপে গ্ৰহণ নকৰিলেহেঁতেন, কিন্তু সিহঁতৰ বেছিভাগেই হৈছে ফাছিক্ব।","footnotes":"","tafseer":"এই ইয়াহুদীসকলে যদি প্ৰকৃততে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিলেহেঁতেন, তেন্তে মুমিনসকলক এৰি কেতিয়াও মুশ্বৰিকসকলক বন্ধু নবনালেহেঁতেন। কিয়নো সিহঁতক এনেকুৱা কৰিবলৈ নিষেধ কৰা হৈছিল। কিন্তু অধিকাংশ ইয়াহুদীসকলে আল্লাহৰ আনুগত্য, তেওঁৰ মুহাব্বত আৰু মুমিনসকলৰ মুহাব্বতৰ পৰা ওলাই গৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005081.mp3"},{"index":"82","arabicText":"لَتَجِدَنَّ اَشَدَّ النَّاسِ عَدَاوَةً لِّلَّذِیْنَ اٰمَنُوا الْیَهُوْدَ وَالَّذِیْنَ اَشْرَكُوْا ۚ وَلَتَجِدَنَّ اَقْرَبَهُمْ مَّوَدَّةً لِّلَّذِیْنَ اٰمَنُوا الَّذِیْنَ قَالُوْۤا اِنَّا نَصٰرٰی ؕ ذٰلِكَ بِاَنَّ مِنْهُمْ قِسِّیْسِیْنَ وَرُهْبَانًا وَّاَنَّهُمْ لَا یَسْتَكْبِرُوْنَ ۟","assameseTranslation":"মুমিনসকলৰ সৈতে শত্ৰুতাৰ ক্ষেত্ৰত মানুহৰ মাজৰ পৰা ইয়াহুদী আৰু মুশ্বৰিকসকলকেই তুমি অধিক উগ্ৰ দেখিবলৈ পাবা। আনহাতে মুমিনসকলৰ বাবে বন্ধুত্বৰ দিশত আটাইতকৈ নিকটৱৰ্তী পাবা সেইসকল লোকক যিসকলে কয়, ‘আমি নাছাৰা’,। কাৰণ সিহঁতৰ মাজত বহুতো পণ্ডিত আৰু সংসাৰবিৰাগী আছে, যিসকলে অহংকাৰ নকৰে।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি দেখিবলৈ পাব যে, মুমিনসকলৰ আৰু আপুনি লৈ অহা চৰীয়তৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে ইয়াহুদীসকল। কাৰণ সিহঁতৰ মাজত বিদ্বেষ, ঈৰ্ষা আৰু অহংকাৰৰ মাত্ৰা বেছি। লগতে মূৰ্ত্তি পূজকসকল তথা আন আন মুশ্বৰিকসকলকো আপুনি অধিক শত্ৰুতা পোষণ কৰা দেখিবলৈ পাব। আনহাতে ইছলামী চৰীয়ত তথা মুমিনসকলৰ লগত বন্ধুত্বৰ ক্ষেত্ৰত সেইসকল লোকক আগভাগ লোৱা দেখিবলৈ পাব, যিসকলে নিজকে ঈছাই (খৃষ্টান) বুলি দাবী কৰে। কাৰণ সিহঁতৰ মাজত আছে আলিম আৰু আবিদসকল। তেওঁলোক হৈছে বিনীত, অহংকাৰী নহয়। কাৰণ অহংকাৰীৰ অন্তৰত কল্যাণ প্ৰৱেশ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005082.mp3"},{"index":"83","arabicText":"وَاِذَا سَمِعُوْا مَاۤ اُنْزِلَ اِلَی الرَّسُوْلِ تَرٰۤی اَعْیُنَهُمْ تَفِیْضُ مِنَ الدَّمْعِ مِمَّا عَرَفُوْا مِنَ الْحَقِّ ۚ یَقُوْلُوْنَ رَبَّنَاۤ اٰمَنَّا فَاكْتُبْنَا مَعَ الشّٰهِدِیْنَ ۟","assameseTranslation":"আৰু ৰাছুলৰ প্ৰতি অৱতীৰ্ণ হোৱা বাণী যেতিয়া সিহঁতে শুনে, তেতিয়া সিহঁতে যি সত্য উপলব্ধি কৰে তাৰ ফলত তুমি সিহঁতৰ চকু অশ্ৰুসিক্ত দেখিবলৈ পাবা। সিহঁতে কয়, ‘হে আমাৰ প্ৰতিপালক! আমি ঈমান আনিছোঁ, এতেকে তুমি আমাক সাক্ষ্য দানকাৰীসকলৰ তালিকাভুক্ত কৰা’।","footnotes":"","tafseer":"এওঁলোকৰ (যেনে- নাজ্জাশ্বী আৰু তেওঁৰ সঙ্গীসকলৰ) অন্তৰ হৈছে অত্যন্ত কোমল। এই কাৰণেই যেতিয়া তেওঁলোকে কোৰআন তিলাৱত শুনে আৰু যেতিয়া বুজি পায় যে, এয়া সত্য তেতিয়া বিনীত হৈ কান্দিবলৈ ধৰে। কিয়নো তেওঁলোক ঈছা আলাইহিচ্ছালামে লৈ অহা চৰীয়ত সম্পৰ্কে পৰিচিত। তেওঁলোকে কয়ঃ হে আমাৰ প্ৰতিপালক! তুমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত যি অৱতীৰ্ণ কৰিছা, আমি তাৰ ওপৰত ঈমান আনিছোঁ। এতেকে হে আমাৰ ৰব্ব! আমাক মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ অন্তৰ্ভুক্ত কৰা, যিসকলে কিয়ামতৰ দিনা মানুহৰ সন্মুখত সাক্ষী হৈ উপস্থিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005083.mp3"},{"index":"84","arabicText":"وَمَا لَنَا لَا نُؤْمِنُ بِاللّٰهِ وَمَا جَآءَنَا مِنَ الْحَقِّ ۙ وَنَطْمَعُ اَنْ یُّدْخِلَنَا رَبُّنَا مَعَ الْقَوْمِ الصّٰلِحِیْنَ ۟","assameseTranslation":"‘আৰু আমাৰ কি হৈছে, আমি কিয় আল্লাহৰ প্ৰতি আৰু যি সত্য আমাৰ ওচৰলৈ আহিছে তাৰ প্ৰতি বিশ্বাস স্থাপন নকৰিম? যিহেতু আমি প্ৰত্যাশা কৰোঁ যে, আমাৰ প্ৰতিপালকে আমাক পূণ্যৱান সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত কৰিব’।","footnotes":"","tafseer":"আল্লাহৰ প্ৰতি আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা সত্যৰ প্ৰতি ঈমান পোষণ কৰিবলৈ কিহে আমাক বাধা দিব? অথচ আমি নবীসকলৰ সৈতে আৰু তেওঁলোকৰ অনুগামীসকলৰ সৈতে, লগতে যিসকলে আল্লাহৰ আনুগত্য কৰি তেওঁৰ শাস্তিক ভয় কৰে, তেওঁলোকৰ সৈতে জান্নাতত প্ৰৱেশ কৰাৰ আশা পোষণ কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005084.mp3"},{"index":"85","arabicText":"فَاَثَابَهُمُ اللّٰهُ بِمَا قَالُوْا جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا ؕ وَذٰلِكَ جَزَآءُ الْمُحْسِنِیْنَ ۟","assameseTranslation":"ফলত সিহঁতৰ এই কথাৰ কাৰণে আল্লাহে সিহঁতৰ বাবে পুৰস্কাৰ নিৰ্ধাৰণ কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত স্থায়ী হ’ব; আৰু এইটো হৈছে সৎকৰ্মশীলসকলৰ পুৰস্কাৰ।","footnotes":"","tafseer":"তেওঁলোকৰ ঈমান তথা সত্য স্বীকাৰ কৰাৰ বিনিময়ত আল্লাহে তেওঁলোকক জান্নাত প্ৰদান কৰিছে, যাৰ অট্টালিকা তথা গছ গছনিৰ তলেৰে নিজৰা প্ৰবাহিত থাকিব। তাত তেওঁলোক চিৰস্থায়ী হ’ব, আৰু এইটোৱেই হৈছে পূণ্যৱানসকলৰ প্ৰতিফল, যিসকলে সত্য অনুসৰণ কৰাৰ ক্ষেত্ৰত তথা আনুগত্যৰ ক্ষেত্ৰত কোনো চৰ্তাৰোপ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005085.mp3"},{"index":"86","arabicText":"وَالَّذِیْنَ كَفَرُوْا وَكَذَّبُوْا بِاٰیٰتِنَاۤ اُولٰٓىِٕكَ اَصْحٰبُ الْجَحِیْمِ ۟۠","assameseTranslation":"আনহাতে যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰিছে, সিহঁতেই হৈছে জাহান্নামী।","footnotes":"","tafseer":"আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফৰী কৰিছে, তথা আল্লাহৰ সেইসমূহ নিদৰ্শনক অস্বীকাৰ কৰিছে, যিবোৰ আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰিছে। এইসকল লোকেই হৈছে প্ৰজ্জ্বলিত জুইৰ অধিবাসী। তাৰ পৰা সিহঁত কেতিয়াও ওলাব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005086.mp3"},{"index":"87","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تُحَرِّمُوْا طَیِّبٰتِ مَاۤ اَحَلَّ اللّٰهُ لَكُمْ وَلَا تَعْتَدُوْا ؕ اِنَّ اللّٰهَ لَا یُحِبُّ الْمُعْتَدِیْنَ ۟","assameseTranslation":"হে মুমিনসকল! আল্লাহে তোমালোকৰ বাবে উৎকৃষ্ট যিবোৰ বস্তু হালাল কৰিছে সেইবোৰক তোমালোকে হাৰাম নকৰিবা আৰু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহে সীমালংঘনকাৰীসকলক পছন্দ নকৰে।","footnotes":"","tafseer":"হে ঈমান্দাৰসকল! মনোমোহা তথা বৈধ বস্তুবোৰক বৰ্জন নকৰিবা, সেয়া খাদ্য বস্তু হওক তথা পানীয় কোনো বস্তু, নাইবা বিবাহ আদি, আৰু এইবোৰ কৰ্মক ইবাদত তথা জুহুদ বুলি নাভাবিবা, আৰু আল্লাহে যিবোৰ বস্তুক হাৰাম কৰিছে, তাৰ সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহে সীমালংঘনকাৰী সকলক পছন্দ নকৰে, বৰং সিহঁতক ঘৃণা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005087.mp3"},{"index":"88","arabicText":"وَكُلُوْا مِمَّا رَزَقَكُمُ اللّٰهُ حَلٰلًا طَیِّبًا ۪ وَّاتَّقُوا اللّٰهَ الَّذِیْۤ اَنْتُمْ بِهٖ مُؤْمِنُوْنَ ۟","assameseTranslation":"আৰু আল্লাহে তোমালোকক যিবোৰ জীৱিকা প্ৰদান কৰিছে তাৰ পৰা তোমালোকে হালাল আৰু উৎকৃষ্ট বস্তুবোৰ খোৱা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ প্ৰতি তোমালোকে বিশ্বাস স্থাপন কৰিছা।","footnotes":"","tafseer":"যিবোৰ হালাল তথা পৱিত্ৰ জীৱিকা আল্লাহে তোমালোকলৈ যোগান ধৰিছে, তাৰ পৰা আহাৰ কৰা, আৰু হাৰাম বস্তু ভক্ষণ নকৰিবা, যেনে আত্মসাৎ কৰা বস্তু অথবা অপৱিত্ৰ বস্তু। এতেকে আল্লাহৰ বিধি-বিধান পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। কাৰণ তোমালোকে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা, আৰু এইটোৱেই হৈছে তোমালোকৰ ঈমানৰ দাবী যে, তোমালোকে কেৱল তেওঁকেই ভয় কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005088.mp3"},{"index":"89","arabicText":"لَا یُؤَاخِذُكُمُ اللّٰهُ بِاللَّغْوِ فِیْۤ اَیْمَانِكُمْ وَلٰكِنْ یُّؤَاخِذُكُمْ بِمَا عَقَّدْتُّمُ الْاَیْمَانَ ۚ فَكَفَّارَتُهٗۤ اِطْعَامُ عَشَرَةِ مَسٰكِیْنَ مِنْ اَوْسَطِ مَا تُطْعِمُوْنَ اَهْلِیْكُمْ اَوْ كِسْوَتُهُمْ اَوْ تَحْرِیْرُ رَقَبَةٍ ؕ فَمَنْ لَّمْ یَجِدْ فَصِیَامُ ثَلٰثَةِ اَیَّامٍ ؕ ذٰلِكَ كَفَّارَةُ اَیْمَانِكُمْ اِذَا حَلَفْتُمْ ؕ وَاحْفَظُوْۤا اَیْمَانَكُمْ ؕ كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمْ اٰیٰتِهٖ لَعَلَّكُمْ تَشْكُرُوْنَ ۟","assameseTranslation":"তোমালোকৰ অনৰ্থক শপতৰ বাবে আল্লাহে তোমালোকৰ দায়-দোষ নধৰিব, কিন্তু যিবোৰ শপত তোমালোকে ইচ্ছাকৃতভাৱে কৰা সেইবোৰৰ বাবে তেওঁ তোমালোকৰ দোষ ধৰিব। এতেকে ইয়াৰ কাফফাৰা হৈছে, দহজন মিছকীনক মধ্যম ধৰণৰ খাদ্য প্ৰদান কৰা, যিবোৰ খাদ্য তোমালোকে নিজ পৰিয়ালক খুওৱা, অথবা সিহঁতক বস্ত্ৰ দান কৰিবা নাইবা এজন দাস মুক্ত কৰিবা। যাৰ সামৰ্থ নাই সি তিনি দিন ছিয়াম পালন কৰিব। তোমালোকে শপত কৰিলে এইটোৱে তোমালোকৰ শপতৰ কাফফাৰা। তোমালোকে নিজৰ শপত ৰক্ষা কৰিবা। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ বৰ্ণনা কৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।","footnotes":"","tafseer":"হে মুমিনসকল! আল্লাহে তোমালোকৰ সেইসমূহ শপতৰ কোনো হিচাপ নল’ব, যিবোৰ তোমালোকৰ মুখত অনায়েসে আহি পৰে। তেওঁ তোমালোকৰ সেইসমূহ শপতৰ হিচাপ ল’ব, যিবোৰ তোমালোকে জানি বুজি খোৱা, আৰু ভঙ্গ কৰা। যদি তোমালোকে এনেকুৱা শপত ভঙ্গ কৰা, তেন্তে তিনিটা বস্তুৰ যিকোনো এটা কৰিলেহে তোমালোকে পাপ মুক্তি পাবা। তোমালোকৰ নিজ চহৰৰ মাধ্যমিক খাদ্যৰ পৰা দহ জন মিছকিনক খাদ্য খোৱাব লাগিব। প্ৰত্যক মিছকিনক দিব লাগিব আধা ছা পৰিমাণ খাদ্য দ্ৰৱ্য। অথবা কাপোৰ পৰিধান কৰাব লাগিব নাইবা এজন মুমিন দাস মুক্ত কৰাব লাগিব। শপত ভঙ্গকাৰীয়ে যদি এই তিনিটাৰ এটাও কৰিব নোৱাৰে তেন্তে তিনি দিন চওম পালন কৰিব লাগিব। হে মুমিনসকল! এয়া হৈছে তোমালোকৰ শপত ভঙ্গৰ কাফ্ফাৰা। এতেকে তোমালোকে নিজৰ শপত ৰক্ষা কৰা। আল্লাহৰ মিছা শপত নাখাবা, লগতে অধিক শপত খোৱাৰ পৰা বিৰত থাকা, আৰু ভঙ্গ নকৰিবা। কিন্তু যদি ভঙ্গ কৰাত কল্যাণ থাকে তেন্তে ভঙ্গ কৰা। কল্যাণ কৰ্মত আগভাগ লোৱা, আৰু ভঙ্গ শপতৰ কাফ্ফাৰা দিয়া। যিদৰে আল্লাহে তোমালোকক শপত সম্পৰ্কে বিৱৰণ দিছে, সেই দৰেই তেওঁ তোমালোকৰ বাবে হালাল আৰু হাৰামৰ বিধান স্পষ্ট ভাৱে বৰ্ণনা কৰিছে। যাতে তোমালোকে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা যে, তেওঁ তোমালোকক সেইসমূহ বিষয়ৰ জ্ঞান প্ৰদান কৰিছে, যিবোৰ তোমালোকে জনা নাছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005089.mp3"},{"index":"90","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنَّمَا الْخَمْرُ وَالْمَیْسِرُ وَالْاَنْصَابُ وَالْاَزْلَامُ رِجْسٌ مِّنْ عَمَلِ الشَّیْطٰنِ فَاجْتَنِبُوْهُ لَعَلَّكُمْ تُفْلِحُوْنَ ۟","assameseTranslation":"হে মুমিনসকল! মদ, জুৱা, মূৰ্তিপূজাৰ বেদী আৰু ভাগ্য নিৰ্ণয় কৰা তীৰ এইবোৰ হৈছে কেৱল ঘৃণাৰ বস্তু তথা চয়তানৰ কাম। সেয়ে তোমালোকে এইবোৰ বৰ্জন কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।","footnotes":"","tafseer":"হে ঈমান্দাৰসকল! নিচাযুক্ত বস্তু, যাৰ দ্বাৰা হিতাহিত জ্ঞান শূন্য হৈ যায়, আৰু জুৱা, য'ত দুয়ো পক্ষৰ পৰা ধন বিনিয়োগ কৰা হয়, আৰু এনেকুৱা শিল, যাৰ সন্মানাৰ্থে মুশ্বৰিকসকলে তাৰ ওচৰত বলিদান দিয়ে, অথবা যি শিলক পূজা-পাঠ কৰাৰ বাবে স্থাপন কৰা হয়, অথবা এনেকুৱা তীৰ, যাৰ দ্বাৰা অদৃশ্য ভাগ্য নিৰ্ণয় কৰাৰ প্ৰয়াস কৰা হয়, এই সকলোবোৰ হৈছে পাপ কৰ্ম, যিবোৰক চয়তানে সৌন্দৰ্যময় কৰি দেখুৱায়। এতেকে তোমালোকে ইয়াৰ পৰা বিৰত থাকা, যাতে তোমালোকে পৃথিৱীত উত্তম জীৱন পোৱা তথা আখিৰাতত জান্নাতত প্ৰৱেশ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005090.mp3"},{"index":"91","arabicText":"اِنَّمَا یُرِیْدُ الشَّیْطٰنُ اَنْ یُّوْقِعَ بَیْنَكُمُ الْعَدَاوَةَ وَالْبَغْضَآءَ فِی الْخَمْرِ وَالْمَیْسِرِ وَیَصُدَّكُمْ عَنْ ذِكْرِ اللّٰهِ وَعَنِ الصَّلٰوةِ ۚ فَهَلْ اَنْتُمْ مُّنْتَهُوْنَ ۟","assameseTranslation":"চয়তানে তোমালোকৰ মাজত মদ আৰু জুৱাৰ দ্বাৰা শত্ৰুতা তথা বিদ্বেষ সঞ্চাৰ কৰিব বিচাৰে আৰু তোমালোকক আল্লাহৰ স্মৰণত লগতে ছালাতত বাধা প্ৰদান কৰিব বিচাৰে। তথাপিও তোমালোকে বিৰত নেথাকিবানে?","footnotes":"","tafseer":"মাদক দ্ৰৱ্য তথা জুৱাক সৌন্দৰ্যময় কৰি দেখুৱাই চয়তানে তোমালোকৰ অন্তৰত শত্ৰুতা তথা ঘৃণা উপজাব খুজে, লগতে তোমালোকক আল্লাহৰ স্মৰণ তথা ছালাতৰ পৰা আঁতৰাব বিচাৰে। এতেকে হে মুমিনসকল! তথাপিও তোমালোকে এই অপকৰ্মসমূহ এৰি নিদিবানে? নিশ্চয় তোমালোকে এইবোৰ এৰি দিয়া উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005091.mp3"},{"index":"92","arabicText":"وَاَطِیْعُوا اللّٰهَ وَاَطِیْعُوا الرَّسُوْلَ وَاحْذَرُوْا ۚ فَاِنْ تَوَلَّیْتُمْ فَاعْلَمُوْۤا اَنَّمَا عَلٰی رَسُوْلِنَا الْبَلٰغُ الْمُبِیْنُ ۟","assameseTranslation":"আৰু তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে সাৱধানতা অৱলম্বন কৰা; তথাপিও যদি তোমালোকে বিমুখ হোৱা তেন্তে জানি থোৱা যে, আমাৰ ৰাছুলৰ দায়িত্ব হৈছে কেৱল সুস্পষ্টভাৱে প্ৰচাৰ কৰা।","footnotes":"","tafseer":"চৰীয়তৰ বিধি-বিধান পালন কৰি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। লগতে তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকা, আৰু বিৰুদ্ধাচৰণ নকৰিবা। যদি তোমালোকে বিমুখ হোৱা তেন্তে জানি থোৱা! আমাৰ ৰাছুলৰ দায়িত্ব হৈছে কেৱল পৌঁচাই দিয়া, যিটো আল্লাহে তেওঁক পৌঁচাবলৈ আদেশ কৰিছে, আৰু এই দায়িত্ব তেখেতে পৰিপূৰ্ণৰূপে পালন কৰিছে। যদি তোমালোকে হিদায়ত লাভ কৰা তেন্তে এয়া তোমালোকৰ বাবেই কল্যাণকৰ। আনহাতে যদি বেয়া কৰ্ম কৰা তেন্তে এয়া তোমালোকৰেই ক্ষতি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005092.mp3"},{"index":"93","arabicText":"لَیْسَ عَلَی الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ جُنَاحٌ فِیْمَا طَعِمُوْۤا اِذَا مَا اتَّقَوْا وَّاٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ ثُمَّ اتَّقَوْا وَّاٰمَنُوْا ثُمَّ اتَّقَوْا وَّاَحْسَنُوْا ؕ وَاللّٰهُ یُحِبُّ الْمُحْسِنِیْنَ ۟۠","assameseTranslation":"যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে ইয়াৰ আগতে যিবোৰ পানাহাৰ কৰিছে তাৰ বাবে তেওঁলোকৰ কোনো গুণাহ নহ'ব, যদি তেওঁলোকে তাক্বৱা অৱলম্বন কৰে, ঈমান আনে আৰু সৎকৰ্ম কৰে। তাৰ পিছত তেওঁলোকে তাক্বৱা অৱলম্বন কৰে আৰু ঈমান আনে। তাৰ পিছত তেওঁলোকে তাক্বৱা অৱলম্বন কৰে আৰু ইহছান কৰে। তেন্তে (জানি থোৱা) আল্লাহে মুহছীনসকলক পছন্দ কৰে।","footnotes":"","tafseer":"যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছিল, তথা তেওঁৰ নৈকট্য লাভ কৰাৰ বাবে সত্কৰ্ম কৰিছিল, তেন্তে মাদক দ্ৰৱ্য হাৰাম হোৱাৰ পূৰ্বে তেওঁলোকে যি পান কৰিছিল, ইয়াৰ বাবে তেওঁলোকৰ কোনো গুনাহ নহ'ব, যদিহে তেওঁলোকে অবৈধ বস্তুৰ পৰা তথা আল্লাহৰ ক্ৰোধৰ পৰা দূৰত্ব অৱলম্বন কৰিছিল, আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰি নেক কৰ্মত ব্ৰতী আছিল, আনকি আল্লাহৰ ইবাদতত এনেকৈ মগ্ন আছিল যে, যেনিবা আল্লাহক দেখি আছে। আল্লাহে এইদৰে ইবাদত কৰা ব্যক্তিসকলক ভালপায়। কিয়নো এনেকুৱা ব্যক্তিয়ে সদায় আল্লাহৰ ইবাদত কৰে। এনেকুৱা স্বভাৱেই মুমিন ব্যক্তিক নিষ্ঠাৰ সৈতে সত্কৰ্ম কৰিবলৈ অৰিহণা যোগায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005093.mp3"},{"index":"94","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَیَبْلُوَنَّكُمُ اللّٰهُ بِشَیْءٍ مِّنَ الصَّیْدِ تَنَالُهٗۤ اَیْدِیْكُمْ وَرِمَاحُكُمْ لِیَعْلَمَ اللّٰهُ مَنْ یَّخَافُهٗ بِالْغَیْبِ ۚ فَمَنِ اعْتَدٰی بَعْدَ ذٰلِكَ فَلَهٗ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! আল্লাহে তোমালোকক নিশ্চয় পৰীক্ষা কৰিব চিকাৰৰ এনেকুৱা বস্তুৰ দ্বাৰা যিবোৰ তোমালোকৰ হাতৰ আৰু বল্লমৰ আওতাত থাকে, যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে যে, কোনে তেওঁক নেদেখাকৈয়ে ভয় পায়। গতিকে ইয়াৰ পিছতো কোনোবাই সীমালংঘন কৰিলে তাৰ বাবে কষ্টদায়ক শাস্তি আছে।","footnotes":"","tafseer":"হে মুমিনসকল! যেতিয়া তোমালোকে ইহৰাম অৱস্থাত থাকিবা, নিশ্চয় আল্লাহে এনেকুৱা কিছুমান চিকাৰ কৰিব পৰা জীৱ-জন্তু প্ৰেৰণ কৰি তোমালোকৰ পৰীক্ষা ল’ব, সেইবোৰৰ মাজত কিছুমান থাকিব সৰু, যিবোৰক তোমালোকে নিজ হাতেৰে ধৰিব পাৰিবা, আৰু কিছুমান থাকিব ডাঙৰ, যিবোৰক তোমালোকে বল্লমৰ জৰিয়তে চিকাৰ কৰিব পাৰিবা। এই পৰীক্ষা এই কাৰণে যে, যাতে আল্লাহে স্পষ্ট কৰি দিয়ে যে, কোনে আল্লাহৰ জ্ঞানৰ প্ৰতি পৰিপূৰ্ণ ঈমান পোষণ কৰি তেওঁক নেদেখাকৈ ভয় কৰে, আৰু সেই স্ৰষ্টাৰ ভয়ত চিকাৰ নকৰে, যাৰ দৃষ্টিত সিহঁতৰ কোনো কৰ্মই গোপন নহয়। এতেকে যিয়ে সীমালংঘন কৰিব, তথা হজ্জ অথবা ওমৰাৰ ইহৰাম অৱস্থাত চিকাৰ কৰিব, আখিৰাতত তাৰ বাবে আছে কষ্টদায়ক শাস্তি, কিয়নো সি আল্লাহৰ নিষেধাজ্ঞাৰ অপমান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005094.mp3"},{"index":"95","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَقْتُلُوا الصَّیْدَ وَاَنْتُمْ حُرُمٌ ؕ وَمَنْ قَتَلَهٗ مِنْكُمْ مُّتَعَمِّدًا فَجَزَآءٌ مِّثْلُ مَا قَتَلَ مِنَ النَّعَمِ یَحْكُمُ بِهٖ ذَوَا عَدْلٍ مِّنْكُمْ هَدْیًا بٰلِغَ الْكَعْبَةِ اَوْ كَفَّارَةٌ طَعَامُ مَسٰكِیْنَ اَوْ عَدْلُ ذٰلِكَ صِیَامًا لِّیَذُوْقَ وَبَالَ اَمْرِهٖ ؕ عَفَا اللّٰهُ عَمَّا سَلَفَ ؕ وَمَنْ عَادَ فَیَنْتَقِمُ اللّٰهُ مِنْهُ ؕ وَاللّٰهُ عَزِیْزٌ ذُو انْتِقَامٍ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকে ইহৰামত থকা অৱস্থাত চিকাৰ (জন্তু হত্যা) নকৰিবা, আৰু যদি তোমালোকৰ মাজত কোনোবাই সেয়া ইচ্ছাকৃতভাৱে হত্যা কৰে তেন্তে সি যিটো হত্যা কৰিছে তাৰ বিনিময় হৈছে অনুৰূপ গৃহপালিত জন্তু, যাৰ ফয়চালা কৰিব তোমালোকৰ মাজৰ দুজন ন্যায়বিচাৰক লোকে- কুৰবানীৰ জন্তু হিচাপে কা’বালৈ পৌঁচাব লাগিব নাইবা ইয়াৰ কাফফাৰা হ’ব দৰিদ্ৰক খাদ্য দান কৰা অথবা সেই অনুপাতে ছিয়াম পালন কৰা, যাতে সি নিজৰ কৃতকৰ্মৰ ফল ভোগ কৰিব পাৰে। আগতে যি হৈছে আল্লাহে সেয়া ক্ষমা কৰিছে। কিন্তু কোনোবাই যদি পুনৰ কৰে তেন্তে আল্লাহে তাৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিব আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।","footnotes":"","tafseer":"হে ঈমান্দাৰসকল! হজ্জ তথা ওমৰাৰ ইহৰাম অৱস্থাত চিকাৰ নকৰিবা। জানি বুজি যিয়ে এই কাম কৰিব, সি উট, গৰু, তথা ছাগলীৰ মাজৰ পৰা চিকাৰ কৰা পশু অনুসৰি এটা জন্তু বিনিময় স্বৰূপে দিব লাগিব, যিটো নিৰ্ণয় কৰিব মুছলিমসকলৰ দুজন ন্যায়পৰায়ণ ব্যক্তিয়ে, আৰু যি পশু তেওঁলোকে নিৰ্ধাৰণ কৰিব, সেই পশুকো তেনেকুৱাই কৰা হ'ব যেনেকুৱা হজ্জত কৰা কুৰবানীৰ লগত কৰা হয়। সেই পশুক মক্কাত প্ৰেৰণ কৰা হ'ব তথা হাৰামত জৱেহ কৰা হ'ব, নাইবা চিকাৰ কৰা ব্যক্তিয়ে সেই পশুৰ মূল্য অনুযায়ী খাদ্য দ্ৰৱ্য আদায় দিব লাগিব, যিবোৰ হাৰামত থকা মিছকিনৰ মাজত বিতৰণ কৰা হ'ব। প্ৰত্যেক মিছকিনক আধা ছা (৩০০০ মিলি. লি. আয়াতনৰ এটা পাত্ৰক এক ছা পৰিমাণ বোলা হয়) আদায় দিব লাগিব। নাইবা প্ৰত্যেক আধা ছা-ৰ পৰিৱৰ্তে চওম পালন কৰিব লাগিব। এইটো হৈছে সি অবৈধভাৱে চিকাৰ কৰাৰ পৰিণাম। পূৰ্বৰ বিষয়বোৰ আল্লাহে ক্ষমা কৰিছে, হাৰামত চিকাৰ কৰাৰ বিষয় হওক অথবা ইহৰাম অৱস্থাত স্থলত থকা পশু চিকাৰৰ বিষয়। কিন্তু নিষিদ্ধ ঘোষিত হোৱাৰ পিছতো যিয়ে এনেকুৱা কৰ্ম কৰিব, আল্লাহে ইয়াৰ প্ৰতিশোধ ল’ব, আৰু তাক তাৰ কৰ্মৰ শাস্তি বিহিব। আল্লাহ মহাশক্তিশালী, তেওঁৰ শক্তিৰ এটা দিশ এই যে, তেওঁ যদি কোনো অবাধ্য ব্যক্তিৰ পৰা প্ৰতিশোধ ল’ব বিচাৰে, তেন্তে তেওঁক প্ৰতিৰোধকাৰী কোনো নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005095.mp3"},{"index":"96","arabicText":"اُحِلَّ لَكُمْ صَیْدُ الْبَحْرِ وَطَعَامُهٗ مَتَاعًا لَّكُمْ وَلِلسَّیَّارَةِ ۚ وَحُرِّمَ عَلَیْكُمْ صَیْدُ الْبَرِّ مَا دُمْتُمْ حُرُمًا ؕ وَاتَّقُوا اللّٰهَ الَّذِیْۤ اِلَیْهِ تُحْشَرُوْنَ ۟","assameseTranslation":"তোমালোকৰ বাবে সাগৰৰ পৰা চিকাৰ কৰা আৰু সেয়া ভক্ষণ কৰাটো হালাল কৰা হৈছে, তোমালোকৰ আৰু পৰ্যটকসকলৰ ভোগৰ বাবে। তোমালোকে যেতিয়ালৈকে ইহৰামত থাকিবা তেতিয়ালৈকে তোমালোকৰ বাবে স্থলৰ চিকাৰ কৰা হাৰাম; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ ওচৰত তোমালোকক একত্ৰিত কৰা হ’ব।","footnotes":"","tafseer":"আল্লাহে তোমালোকৰ বাবে জলচৰ প্ৰাণী তথা সেইবোৰ জন্তু চিকাৰ কৰা হালাল ঘোষণা কৰিছে, যিবোৰ তোমালোকে সাগৰৰ পৰা জীৱিত অথবা মৃত অৱস্থাত সংগ্ৰহ কৰা। এই চিকাৰৰ জৰিয়তে ঘৰত থকা ব্যক্তিয়ে লাভান্বিত হ'ব তথা ভ্ৰমণকাৰীৰ ব্যক্তিৰ বাবেও আহাৰৰ যোগান হ'ব। আনহাতে হজ্জ তথা ওমৰাৰ এহৰামত থকা অৱস্থাত তোমালোকৰ ওপৰত স্থলৰ প্ৰাণী চিকাৰ কৰিবলৈ হাৰাম কৰা হৈছে। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। কিয়নো ক্বিয়ামতৰ দিনা কেৱল তেওঁৰ পিনেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিব লাগিব। গতিকে শীঘ্ৰেই তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005096.mp3"},{"index":"97","arabicText":"جَعَلَ اللّٰهُ الْكَعْبَةَ الْبَیْتَ الْحَرَامَ قِیٰمًا لِّلنَّاسِ وَالشَّهْرَ الْحَرَامَ وَالْهَدْیَ وَالْقَلَآىِٕدَ ؕ ذٰلِكَ لِتَعْلَمُوْۤا اَنَّ اللّٰهَ یَعْلَمُ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ وَاَنَّ اللّٰهَ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟","assameseTranslation":"আল্লাহে পৱিত্ৰ কাবা ঘৰক, পৱিত্ৰ মাহক, হাদয়ি আৰু গলাৱদ্ধ জন্তুকো মানুহৰ কল্যাণৰ বাবে নিৰ্ধাৰিত কৰিছে। এইটো এইবাবে যে, যাতে তোমালোকে জানিব পাৰা, নিশ্চয় আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে আল্লাহে সেয়া জানে আৰু নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।","footnotes":"","tafseer":"আল্লাহে সন্মানিত কা'বা ঘৰক মানুহৰ বাবে (দ্বীন আৰু দুনিয়াৰ) স্থাপনাৰ সাধন বনাইছে, ইয়াৰ দ্বাৰাই তেওঁলোকৰ ধৰ্মীয় বিধি-বিধান, যেনে- ছালাত, চওম, হজ্জ তথা ওমৰাহ আদি পালন কৰা হয়। ইয়াৰ দ্বাৰা তেওঁলোকৰ পাৰ্থিৱ সহায়ও হয়, হাৰামত তেওঁলোকে নিৰাপত্তা পায়, তথা সকলো ধৰণৰ ফল তেওঁলোকে তাত উপলব্ধ পায়, আনহাতে সন্মানিত মাহবোৰক (জুল কাদা, জুল-হিজ্জা, মুহাৰ্ৰম তথা ৰজব আদি মাহক) তেওঁলোকৰ পাৰ্থিৱ জীৱন স্থাপনৰ মাধ্যম বনাইছে, এইবোৰ মাহৰ মাজত কোনেও তেওঁলোকৰ লগত যুদ্ধ নকৰে, তথা তেওঁলোকে এইবোৰ মাহৰ মাজত সুৰক্ষিত থাকে, লগতে হজ্জত কুৰবানী কৰা জন্তুবোৰক তথা সিহঁতৰ ডিঙিত বান্ধি দিয়া চিহ্নকো স্থাপনাৰ মাধ্যম বনাইছে, এই চিহ্নই বুজাই যে, এইবোৰ জন্তু হাৰামলৈ প্ৰেৰণ কৰা হৈছে, যাতে কোনেও সেইবোৰক বিৰক্ত নকৰে। আল্লাহে তোমালোকৰ প্ৰতি এই অনুগ্ৰহ এই কাৰণে কৰিছে, যাতে তোমালোকে জানিব পাৰা যে, আকাশমণ্ডল আৰু পৃথিৱীত যি আছে, সেই সকলোবোৰ আল্লাহে জানে, লগতে আল্লাহ সকলো বস্তু সম্পৰ্কে অৱগত। ইয়াৰ প্ৰমাণ এই যে, তেওঁ তোমালোকৰ বাবে তোমালোকৰ লাগতিয়াল বস্তুবোৰ উপলব্ধ কৰিছে, আনহাতে ক্ষতিকাৰক বস্তুবোৰ আহি পোৱাৰ আগতেই নিষ্কৃয় কৰিছে, এইটোৱে প্ৰমাণ কৰে যে, আল্লাহে ভালকৈয়ে জানে কোনটো বস্তুৰ মাজত বান্দাৰ কল্যাণ নিহিত হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005097.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005097.mp3"},{"index":"98","arabicText":"اِعْلَمُوْۤا اَنَّ اللّٰهَ شَدِیْدُ الْعِقَابِ وَاَنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟ؕ","assameseTranslation":"জানি থোৱা, নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ, আৰু আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"হে মানৱজাতি! জানি থোৱা, নিশ্চয় আল্লাহে পাপীষ্ঠসকলক অত্যন্ত কঠোৰ শাস্তি প্ৰদান কৰে, আনহাতে তাওবাকাৰীসকলক ক্ষমা কৰি দিয়ে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005098.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005098.mp3"},{"index":"99","arabicText":"مَا عَلَی الرَّسُوْلِ اِلَّا الْبَلٰغُ ؕ وَاللّٰهُ یَعْلَمُ مَا تُبْدُوْنَ وَمَا تَكْتُمُوْنَ ۟","assameseTranslation":"ৰাছুলৰ দায়িত্ব হৈছে কেৱল প্ৰচাৰ কৰা; আৰু তোমালোকে যি প্ৰকাশ কৰা আৰু যি গোপন কৰা সেয়া আল্লাহে জানে।","footnotes":"","tafseer":"ৰাছুলৰ দায়িত্ব হৈছে কেৱল সেই উপদেশ পৌঁচাই দিয়া, যিটো পৌঁচাই দিয়াৰ আদেশ তেওঁক দিয়া হৈছে। মানুহক হিদায়তৰ তাওফীক দিয়াৰ দায়িত্ব তেওঁৰ নাই, কিয়নো এইটো আছে কেৱল আল্লাহৰ হাতত। তোমালোকে হিদায়ত আৰু পথভ্ৰষ্টতা প্ৰকাশ কৰা নাইবা গোপন কৰা, আল্লাহ সেই সম্পৰ্কে অৱগত, অচিৰেই আল্লাহে তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005099.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005099.mp3"},{"index":"100","arabicText":"قُلْ لَّا یَسْتَوِی الْخَبِیْثُ وَالطَّیِّبُ وَلَوْ اَعْجَبَكَ كَثْرَةُ الْخَبِیْثِ ۚ فَاتَّقُوا اللّٰهَ یٰۤاُولِی الْاَلْبَابِ لَعَلَّكُمْ تُفْلِحُوْنَ ۟۠","assameseTranslation":"কোৱা, অপৱিত্ৰ আৰু পৱিত্ৰ সমান নহয়, যদিও অপৱিত্ৰৰ আধিক্যই তোমাক মুগ্ধ কৰে। সেয়ে, হে বোধসম্পন্ন ব্যক্তিসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে তোমালোকে সফল হ’ব পাৰা।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক যে, পৱিত্ৰ বস্তু আৰু অপৱিত্ৰ বস্তু কেতিয়াও সমান হ'ব নোৱাৰে, যদিও অপৱিত্ৰ বস্তুৱে তোমাক আকৰ্ষিত নকৰক কিয়। কিয়নো কোনো বস্তুৰ প্ৰচুৰতাই সেইটোৰ শ্ৰেষ্ঠতাৰ প্ৰমাণ নহয়। এতেকে হে মুমিনসকল! আল্লাহক ভয় কৰা, অপৱিত্ৰ বস্তু ত্যাগ কৰা আৰু পৱিত্ৰ বস্তুক আকোঁৱালি লোৱা, যাতে তোমালোকে জান্নাত লাভ কৰিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005100.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005100.mp3"},{"index":"101","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَسْـَٔلُوْا عَنْ اَشْیَآءَ اِنْ تُبْدَ لَكُمْ تَسُؤْكُمْ ۚ وَاِنْ تَسْـَٔلُوْا عَنْهَا حِیْنَ یُنَزَّلُ الْقُرْاٰنُ تُبْدَ لَكُمْ ؕ عَفَا اللّٰهُ عَنْهَا ؕ وَاللّٰهُ غَفُوْرٌ حَلِیْمٌ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে এনে কোনো বিষয় সম্পৰ্কে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে তোমালোকে কষ্ট পাবা। কোৰআন অৱতীৰ্ণ হোৱাৰ সময়ত তোমালোকে যদি তেনেকুৱা কোনো প্ৰশ্ন কৰা তেন্তে তোমালোকৰ ওচৰত প্ৰকাশ কৰি দিয়া হ’ব। (আগতে যি হৈছে) আল্লাহে সেইবোৰ ক্ষমা কৰিছে আৰু আল্লাহ ক্ষমাশীল, সহনশীল।","footnotes":"","tafseer":"হে মুমিনসকল! ৰাছুলক তোমালোকে এনেকুৱা বস্তু সম্পৰ্কে প্ৰশ্ন নকৰিবা, যিবোৰ তোমালোকৰ প্ৰয়োজনীয় নহয়, আনকি কোনো ধৰ্মীয় বিষয়তো সেয়া কোনো সহায়ক নহয়। অথচ এনেকুৱা বিষয়ে তোমালোকক জনোৱা হ'লে তোমালোকৰ অন্তৰেই কষ্ট পাব। কাৰণ তাত কষ্ট আছে। লগতে অহী অৱতৰণৰ সময়ত তোমালোকে এনেকুৱা প্ৰশ্ন কৰিলে, সেই বিষয়ে জনাই দিয়া হ'ব, আৰু এয়া আল্লাহৰ বাবে তেনেই উজু। কিছুমান বিষয় আল্লাহে ক্ষমা কৰিছে, সেয়ে কোৰআনেও সেই সম্পৰ্কে মৌনতা অৱলম্বন কৰিছে। সেয়ে এনেকুৱা বিষয় সম্পৰ্কে প্ৰশ্ন নকৰিবা, অন্যথা তোমালোকক সেইবোৰ বিধানৰ ওপৰত আমল কৰিবলৈ বাধ্য কৰোৱা হ'ব। নিশ্চয় আল্লাহ ক্ষমাশীল, যদি বান্দাই তাওবা কৰে তেন্তে তেওঁ ক্ষমা কৰি দিয়ে; লগতে তেওঁ সহনশীল, শাস্তি প্ৰদানত খৰধৰ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005101.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005101.mp3"},{"index":"102","arabicText":"قَدْ سَاَلَهَا قَوْمٌ مِّنْ قَبْلِكُمْ ثُمَّ اَصْبَحُوْا بِهَا كٰفِرِیْنَ ۟","assameseTranslation":"তোমালোকৰ আগতেও এটা সম্প্ৰদায়ে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিল; তাৰ পিছত সিহঁতে ইয়াৰ কাৰণে কাফিৰ হৈ গৈছিল।","footnotes":"","tafseer":"তোমালোকৰ পূৰ্বেও কিছুমানে এনেকুৱা প্ৰশ্ন কৰিছিল, কিন্তু যেতিয়া সিহঁতক সেই বিষয়ে আদেশ দিয়া হৈছিল, তেতিয়া সিহঁতে সেই আদেশ পালন কৰা নাছিল, ফলত সিহঁত কাফিৰত পৰিণত হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005102.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005102.mp3"},{"index":"103","arabicText":"مَا جَعَلَ اللّٰهُ مِنْ بَحِیْرَةٍ وَّلَا سَآىِٕبَةٍ وَّلَا وَصِیْلَةٍ وَّلَا حَامٍ ۙ وَّلٰكِنَّ الَّذِیْنَ كَفَرُوْا یَفْتَرُوْنَ عَلَی اللّٰهِ الْكَذِبَ ؕ وَاَكْثَرُهُمْ لَا یَعْقِلُوْنَ ۟","assameseTranslation":"বাহীৰাহ, ছায়েবাহ, অছীলাহ আৰু হাম (এইবোৰ বিধান) আল্লাহে প্ৰৱৰ্তন কৰা নাই; কিন্তু কাফিৰসকলে (এইবোৰ প্ৰণয়ন কৰি) আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰিছে। সিহঁতৰ অধিকাংশই নুবুজে।","footnotes":"","tafseer":"আল্লাহে চতুষ্পদ ঘৰচীয়া (কিছুমান) জন্তু হালাল কৰিছে। কিন্তু মুশ্বৰিকসকলে যিবোৰ জন্তুক সিহঁতৰ দেৱ-দেৱীসকলৰ নামত এৰি নিজৰ বাবে হাৰাম কৰিছে, সেইবোৰক আল্লাহে হাৰাম কৰা নাই। যেনে, বাহীৰা, এইটো কোৱা হয় সেই মাইকী উটক, যিটো উটৰ নিৰ্দিষ্ট সংখ্যক পোৱালি হোৱাৰ পিছত কাণ কাটি দিয়া হয়। লগতে ছায়েবা সেই উটক কোৱা হয়, যিটোক এটা নিৰ্দিষ্ট বয়সত দেৱতাৰ নামত এৰি দিয়া হয়। আনহাতে অছীলা, সেইজনী মাইকী উটক কোৱা হয়, যিয়ে ধাৰাবাহিকভাৱে দুটা মাইকী পোৱালি জন্ম দিয়ে। তথা হামী সেই মতা উটক কোৱা হয়, যাৰ দ্বাৰা কেইবাটাও উটৰ জন্ম হৈছে। আল্লাহে এইবোৰক হাৰাম কৰা নাই, কিন্তু কাফিৰসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি কয় যে, তেওঁ এইবোৰ হাৰাম কৰিছে। এতেকে অধিকাংশ কাফিৰে সত্য তথা অসত্য আৰু হালাল তথা হাৰামৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005103.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005103.mp3"},{"index":"104","arabicText":"وَاِذَا قِیْلَ لَهُمْ تَعَالَوْا اِلٰی مَاۤ اَنْزَلَ اللّٰهُ وَاِلَی الرَّسُوْلِ قَالُوْا حَسْبُنَا مَا وَجَدْنَا عَلَیْهِ اٰبَآءَنَا ؕ اَوَلَوْ كَانَ اٰبَآؤُهُمْ لَا یَعْلَمُوْنَ شَیْـًٔا وَّلَا یَهْتَدُوْنَ ۟","assameseTranslation":"আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে সেইপিনে আৰু ৰাছুলৰ পিনে আহা’, তেতিয়া সিহঁতে কয়, ‘আমি আমাৰ পূৰ্বপুৰুষসকলক যিটোত পাইছোঁ সেইটোৱেই আমাৰ বাবে যথেষ্ট’। যদিও সিহঁতৰ পূৰ্বপুৰুষসকলে একো জনা নাছিল আৰু সৎপথ প্ৰাপ্তও নাছিল, (তথাপিও সিহঁতৰ অনুসৰণ কৰিবনে?)","footnotes":"","tafseer":"কিছুমান জন্তুক আল্লাহে হাৰাম কৰা বুলি মিছা আৰোপ কৰা ব্যক্তিসকলক যেতিয়া কোৱা হয় যে, কোৰআনৰ পিনে আহা, যিখন আল্লাহে অৱতীৰ্ণ কৰিছে, তথা ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ পিনে আহা, যাতে তোমালোকে হালাল আৰু হাৰামৰ মাজত পাৰ্থক্য কৰিব পাৰা। তেতিয়া সিহঁতে কয়ঃ আমি আমাৰ পূৰ্বপুৰুষসকলৰ পৰা পোৱা বিশ্বাস, কথা আৰু কৰ্মই আমাৰ বাবে যথেষ্ট। এইবোৰ সিহঁতৰ বাবে কেনেকৈ যথেষ্ট হ’ব পাৰে, অথচ সিহঁতৰ পুৰ্বপুৰুষসকলে একোৱেই জনা নাছিল, আৰু সত্যৰ হিদায়তো পোৱা নাছিল। সিহঁতৰ অনুসৰণ কেৱল সেই ব্যক্তিয়ে কৰিব যিজন সিহঁততকৈও অধিক পথভ্ৰষ্ট তথা মুৰ্খ। সিহঁত সকলোৱে পথভ্ৰষ্ট তথা মুৰ্খ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005104.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005104.mp3"},{"index":"105","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا عَلَیْكُمْ اَنْفُسَكُمْ ۚ لَا یَضُرُّكُمْ مَّنْ ضَلَّ اِذَا اهْتَدَیْتُمْ ؕ اِلَی اللّٰهِ مَرْجِعُكُمْ جَمِیْعًا فَیُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকৰ দায়িত্ব তোমালোকৰ ওপৰতেই। তোমালোকে যদি সৎপথত পৰিচালিত হোৱা তেন্তে যিয়ে পথভ্ৰষ্ট হৈছে সি তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব। আল্লাহৰ পিনেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন হ'ব, তাৰ পিছত তোমালোকে যি কৰিছিলা সেই সম্বন্ধে তেওঁ তোমালোকক অৱহিত কৰিব।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকে নিজৰ চিন্তা কৰা। এনেকুৱা কৰ্ম কৰা যিটো তোমালোকৰ বাবে উপকাৰী। যিসকল পথভ্ৰষ্ট হৈছে তথা তোমালোকৰ কথা শুনা নাই, সিহঁতে তোমালোকৰ একোৱে ক্ষতি কৰিব নোৱাৰে, যদি তোমালোকে সঠিক পথত থাকা। সঠিক পথৰ পৰিচয় হৈছে, সত্কৰ্মৰ আদেশ দিয়া আৰু অসত্কৰ্মৰ পৰা নিষেধ কৰা। কেৱল আল্লাহৰ পিনেই তোমালোকে উভতি যাব লাগিব, তেতিয়া তেওঁ তোমালোকক জনাই দিব যে, তোমালোকে পৃথিৱীত কি কি কৰিছিলা, আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005105.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005105.mp3"},{"index":"106","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا شَهَادَةُ بَیْنِكُمْ اِذَا حَضَرَ اَحَدَكُمُ الْمَوْتُ حِیْنَ الْوَصِیَّةِ اثْنٰنِ ذَوَا عَدْلٍ مِّنْكُمْ اَوْ اٰخَرٰنِ مِنْ غَیْرِكُمْ اِنْ اَنْتُمْ ضَرَبْتُمْ فِی الْاَرْضِ فَاَصَابَتْكُمْ مُّصِیْبَةُ الْمَوْتِ ؕ تَحْبِسُوْنَهُمَا مِنْ بَعْدِ الصَّلٰوةِ فَیُقْسِمٰنِ بِاللّٰهِ اِنِ ارْتَبْتُمْ لَا نَشْتَرِیْ بِهٖ ثَمَنًا وَّلَوْ كَانَ ذَا قُرْبٰی ۙ وَلَا نَكْتُمُ شَهَادَةَ ۙ اللّٰهِ اِنَّاۤ اِذًا لَّمِنَ الْاٰثِمِیْنَ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যু উপস্থিত হয় তেতিয়া অছিয়ত কৰাৰ সময়ত তোমালোকৰ মাজৰ দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা; অথবা যদি তোমালোক ভ্ৰমণত থাকোঁতে তোমালোকক মৃত্যুৰ বিপদে আহি ধৰে তেন্তে আন মানুহৰ (অমুছলিমসকলৰ) পৰা হ'লেও দুজন মানুহক সাক্ষী মনোনীত কৰিবা। যদি তোমালোকৰ সন্দেহ হয় তেন্তে উভয়কে ছালাতৰ পিছত অপেক্ষাত ৰাখিবা। তাৰ পিছত সিহঁতে আল্লাহৰ নামত শপত কৰি ক’ব, ‘আমি ইয়াৰ বিনিময়ত কোনো মূল্য গ্ৰহণ নকৰোঁ যদিও সি আমাৰ কোনো আত্মীয়ই নহওক কিয় আৰু আমি আল্লাহৰ সাক্ষী গোপন নকৰোঁ, (যদি আমি এনেকুৱা কৰোঁ তেন্তে) নিশ্চয় আমি পাপিষ্ঠসকলৰ অন্তৰ্ভুক্ত হম’।","footnotes":"","tafseer":"হে মুমিনসকল! ভ্ৰমণ অৱস্থাত তোমালোকৰ মাজৰ কাৰোবাৰ যদি মৃত্যু নিকটৱৰ্তী হোৱাৰ সংকেত পোৱা যায়, আৰু মৃত্যু প্ৰভাৱ প্ৰকট হয়, আৰু তেওঁ যদি অছিয়ত কৰিব বিচাৰে, এনে অৱস্থাত তেওঁ দুজন ন্যায়পৰায়ণ মুছলিমক সাক্ষী কৰা উচিত। আনহাতে যদি কোনো মুছলিম নাথাকে তেন্তে দুজন কাফিৰকেই যেন সাক্ষী কৰি লয়। এতেকে সিহঁতৰ সাক্ষীত যদি তোমালোকৰ সন্দেহ হয় তেন্তে কোনো এক ছালাতৰ পিছত সিহঁতক থিয় কৰাই দিয়া, তেতিয়া সিহঁতে শপত খাই ক'ব যে, আমি আমাৰ শপতৰ বিনিময়ত কোনো ধৰণৰ মূল্য গ্ৰহণ কৰা নাই। লগতে কোনো আত্মীয়ৰ পক্ষপাতীও নহওঁ। লগতে আল্লাহৰ বাবে দিয়া কোনো সাক্ষ্যও গোপন নকৰোঁ। এতেকে যদি আমি এনেকুৱা কিবা কৰোঁ তেন্তে আমি পাপিষ্ঠ গুনাহগাৰসকলৰ অন্তৰ্ভুক্ত হৈ যাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005106.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005106.mp3"},{"index":"107","arabicText":"فَاِنْ عُثِرَ عَلٰۤی اَنَّهُمَا اسْتَحَقَّاۤ اِثْمًا فَاٰخَرٰنِ یَقُوْمٰنِ مَقَامَهُمَا مِنَ الَّذِیْنَ اسْتَحَقَّ عَلَیْهِمُ الْاَوْلَیٰنِ فَیُقْسِمٰنِ بِاللّٰهِ لَشَهَادَتُنَاۤ اَحَقُّ مِنْ شَهَادَتِهِمَا وَمَا اعْتَدَیْنَاۤ ۖؗ اِنَّاۤ اِذًا لَّمِنَ الظّٰلِمِیْنَ ۟","assameseTranslation":"কিন্তু যদি এইটো প্ৰকাশ হয় যে, সিহঁত দুজন অপৰাধত লিপ্ত হৈছে তেন্তে যিসকলৰ স্বাৰ্থহানী হৈছে সিহঁতৰ মাজৰ পৰা (মৃত ব্যক্তিৰ) নিকটতম দুজন ব্যক্তি সিহঁত দুজনৰ স্থলাভিষিক্ত হ’ব আৰু আল্লাহৰ নামত শপত কৰি ক’ব, ‘আমাৰ সাক্ষ্য নিশ্চয় সিহঁতৰ সাক্ষ্যৰ পৰা অধিক সত্য আৰু আমি সীমালংঘন কৰা নাই, (আৰু যদি আমি এনেকুৱা কৰি থাকোঁ তেন্তে) নিশ্চয় আমি যালিমসকলৰ অন্তৰ্ভুক্ত হম’।","footnotes":"","tafseer":"শপত বাক্য পাঠ কৰোৱাৰ পিছত, যদি উমান পোৱা যায় যে, সিহঁতে শপত খোৱাত তথা সাক্ষ্য প্ৰদানত মিছাৰ আশ্ৰয় লৈছে অথবা বিশ্বাসঘাতকতা কৰিছে, তেন্তে সিহঁতৰ স্থানত মৃত ব্যক্তিৰ দুজন আত্মীয়ই থিয় হৈ সত্য সাক্ষ্য দিব যে, সত্যতা তথা আমানতৰ ক্ষেত্ৰত সিহঁতৰ সাক্ষ্যতকৈ আমাৰ সাক্ষ্য অধিক সত্য, আৰু আমি কোনো মিছা শপত খোৱা নাই। অন্যথা আমি অন্যায়কাৰী তথা আল্লাহৰ সীমালংঘনকাৰী সকলৰ অন্তৰ্ভুক্ত হৈ যাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005107.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005107.mp3"},{"index":"108","arabicText":"ذٰلِكَ اَدْنٰۤی اَنْ یَّاْتُوْا بِالشَّهَادَةِ عَلٰی وَجْهِهَاۤ اَوْ یَخَافُوْۤا اَنْ تُرَدَّ اَیْمَانٌ بَعْدَ اَیْمَانِهِمْ ؕ وَاتَّقُوا اللّٰهَ وَاسْمَعُوْا ؕ وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الْفٰسِقِیْنَ ۟۠","assameseTranslation":"এই পদ্ধতিয়েই হৈছে অতি নিকটতম যে, সিহঁতে সাক্ষ্য সঠিকভাৱে উপস্থাপন কৰিব অথবা সিহঁতে (মিছা সাক্ষ্য প্ৰদানকাৰীসকলে) ভয় কৰিব যে, সিহঁতৰ (নিকটাত্মীসকলৰ) শপতৰ পিছত (পূৰ্বোক্ত) শপত প্ৰত্যাখ্যান কৰা হ’ব। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু শুনা, আল্লাহে ফাছিক সম্প্ৰদায়ক হিদায়ত নকৰে।","footnotes":"","tafseer":"সাক্ষ্য প্ৰদানত সন্দেহ হোৱাৰ পৰিপ্ৰেক্ষিতত দুয়োজন সাক্ষীক ছালাতৰ পিছত শপত বাক্য পাঠ কৰোৱা, আৰু সিহঁতৰ সাক্ষ্যক নাকচ কৰা বিষয়টোৱে সিহঁতক চৰীয়তসন্মত সাক্ষ্য দিবলৈ অধিক উৎসাহিত কৰিব। গতিকে সাক্ষ্য দানৰ ক্ষেত্ৰত পৰিৱৰ্তন, পৰিবৰ্ধন, বিকৃত তথা বিশ্বাসঘাতকতাৰ পৰা বিৰত থকা উচিত। লগতে সাক্ষীসকলে এই কথাও মনত ৰখা উচিত যে, সিহঁতৰ সাক্ষ্য প্ৰদানক উত্তৰাধিকাৰীসকলে প্ৰত্যাহ্বান জনাব পাৰে, ফলত তেতিয়া সাক্ষীসকল অপমানিত হ'ব। গতিকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰি সাক্ষ্য দানত তথা শপত বাক্য পাঠ কৰাত যাতে কোনো ধৰণৰ মিছাৰ আশ্ৰয় বা বিশ্বাসঘাতকতা কৰা নহয়, তাৰ পৰা বিৰত থকা উচিত। এতেকে তোমালোকক যিটোৰ আদেশ দিয়া হৈছে, সেইটো শুনা আৰু স্বীকাৰ কৰা, আৰু (জানি থোৱা) আল্লাহে অৱজ্ঞাকাৰীসকলক তাওফীক নিদিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005108.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005108.mp3"},{"index":"109","arabicText":"یَوْمَ یَجْمَعُ اللّٰهُ الرُّسُلَ فَیَقُوْلُ مَاذَاۤ اُجِبْتُمْ ؕ قَالُوْا لَا عِلْمَ لَنَا ؕ اِنَّكَ اَنْتَ عَلَّامُ الْغُیُوْبِ ۟","assameseTranslation":"(স্মৰণ কৰা) যিদিনা আল্লাহে ৰাছুলসকলক একত্ৰিত কৰিব আৰু সুধিব, ‘(উম্মতৰ ফালৰ পৰা) তোমালোকক কি উত্তৰ দিয়া হৈছিল’? তেওঁলোকে ক’ব, ‘এই বিষয়ে আমাৰ কোনো জ্ঞান নাই, নিশ্চয় গায়েব সম্পৰ্কে তুমিয়েই সৰ্বজ্ঞানী’।","footnotes":"","tafseer":"হে মানৱজাতি! স্মৰণ কৰা ক্বিয়ামতৰ দিৱসক, যেতিয়া আল্লাহে সকলো ৰাছুলকে একত্ৰিত কৰিব, আৰু তেওঁলোকক সুধিব যে, যি জাতিৰ ওচৰলৈ আপোনালোকক প্ৰেৰণ কৰা হৈছিল, সিহঁতে আপোনালোকক কেনেকুৱা সঁহাৰি দিছিল? তেওঁলোকে উত্তৰত ক'বঃ আমি একো নাজানো, হে ৰব্ব! প্ৰকৃত জ্ঞান তোমাৰেই ওচৰত। অদৃশ্য বিষয় সম্পৰ্কে কেৱল মাত্ৰ তুমিহে জানা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005109.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005109.mp3"},{"index":"110","arabicText":"اِذْ قَالَ اللّٰهُ یٰعِیْسَی ابْنَ مَرْیَمَ اذْكُرْ نِعْمَتِیْ عَلَیْكَ وَعَلٰی وَالِدَتِكَ ۘ اِذْ اَیَّدْتُّكَ بِرُوْحِ الْقُدُسِ ۫ تُكَلِّمُ النَّاسَ فِی الْمَهْدِ وَكَهْلًا ۚ وَاِذْ عَلَّمْتُكَ الْكِتٰبَ وَالْحِكْمَةَ وَالتَّوْرٰىةَ وَالْاِنْجِیْلَ ۚ وَاِذْ تَخْلُقُ مِنَ الطِّیْنِ كَهَیْـَٔةِ الطَّیْرِ بِاِذْنِیْ فَتَنْفُخُ فِیْهَا فَتَكُوْنُ طَیْرًا بِاِذْنِیْ وَتُبْرِئُ الْاَكْمَهَ وَالْاَبْرَصَ بِاِذْنِیْ ۚ وَاِذْ تُخْرِجُ الْمَوْتٰی بِاِذْنِیْ ۚ وَاِذْ كَفَفْتُ بَنِیْۤ اِسْرَآءِیْلَ عَنْكَ اِذْ جِئْتَهُمْ بِالْبَیِّنٰتِ فَقَالَ الَّذِیْنَ كَفَرُوْا مِنْهُمْ اِنْ هٰذَاۤ اِلَّا سِحْرٌ مُّبِیْنٌ ۟","assameseTranslation":"স্মৰণ কৰা, যেতিয়া আল্লাহে ক’ব, ‘হে মাৰয়ামৰ পুত্ৰ ঈছা! তোমাৰ প্ৰতি আৰু তোমাৰ মাকৰ প্ৰতি মোৰ নিয়ামত স্মৰণ কৰা, যেতিয়া ৰুহুল কুদুছ প্ৰদান কৰি মই তোমাক শক্তিশালী কৰিছিলোঁ আৰু তুমি দোলনাত থকা অৱস্থাত লগতে পৰিণত বয়সতো মানুহৰ লগত কথা ক’ব পাৰিছিলা, তোমাক কিতাব, হিকমত, তাওৰাত আৰু ইঞ্জীল শিক্ষা দিছিলোঁ, তুমি বোকা মাটিৰে মোৰ অনুমতিক্ৰমে চৰাইৰ দৰে আকৃতি গঠণ কৰিছিলা আৰু তাত ফুঁ মাৰিছিলা, ফলত মোৰ অনুমতিক্ৰমে সেইটো চৰাই হৈ গৈছিল, জন্মান্ধ আৰু কুষ্ঠ ৰোগীসকলক তুমি মোৰ অনুমতিক্ৰমে নিৰাময় কৰিব পাৰিছিলা আৰু তুমি মোৰ অনুমতিক্ৰমে মৃতক জীৱিত কৰিব পাৰিছিলা, আৰু স্মৰণ কৰা, যেতিয়া মই তোমাৰ পৰা বনী ইছৰাঈলক বিৰত ৰাখিছিলোঁ, যেতিয়া তুমি সিহঁতৰ ওচৰলৈ স্পষ্ট নিদৰ্শন আনিছিলা তেতিয়া সিহঁতৰ মাজৰ যিসকলে কুফুৰী কৰিছিল সিহঁতে কৈছিল, ‘এয়া স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়’।","footnotes":"","tafseer":"তথা স্মৰণ কৰা, যেতিয়া আল্লাহে ঈছা আলাইহিচ্ছালামক সম্বোধন কৰি কৈছিলঃ হে মৰিয়ম পুত্ৰ ঈছা! মোৰ অনুগ্ৰহসমূহ মনত পেলোৱা, মই তোমাক পিতৃ নোহোৱাকৈ জন্ম দিছিলোঁ, লগতে তোমাৰ মাতৃ মাৰয়ামৰ প্ৰতি মোৰ অনুগ্ৰহবোৰ মনত পেলোৱা, যেতিয়া মই তেওঁক তেওঁৰ যুগৰ মহিলাসকলৰ মাজৰ পৰা মনোনীত কৰিছিলোঁ। লগতে মোৰ সেই অনুগ্ৰহকো মনত পেলোৱা, যেতিয়া মই তোমাক জিব্ৰীলৰ দ্বাৰা শক্তি প্ৰদান কৰিছিলোঁ, আৰু কোলাত থকা অৱস্থাতেই তুমি কথা ক'ব পাৰিছিলা আৰু সিহঁতক আল্লাহৰ পিনে আহ্বান কৰিছিলা, লগতে বৃদ্ধা অৱস্থালৈকে তুমি সিহঁতক আল্লাহৰ প্ৰতি আহ্বান কৰিছিলা। মই তোমাক আৰু এটা অনুগ্ৰহ কৰিছিলোঁ এই যে, মই তোমাক লিখা শিকাইছিলোঁ, লগতে তাওৰাতৰ জ্ঞান দিছিলোঁ যিটো মুছা আলাইহিচ্ছালামৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছিল আৰু ইঞ্জীলৰ শিক্ষা দিছিলোঁ যিটো স্বয়ং তোমাৰ ওপৰত অৱতীৰ্ণ হৈছে, লগতে মই তোমাক চৰীয়তৰ ৰহস্য, উপকাৰিতা তথা হিকমত শিকাইছিলোঁ। তোমাৰ ওপৰত কৰা অনুগ্ৰহসমূহৰ ভিতৰত অন্যতম এটা অনুগ্ৰহ হৈছে এই যে, তুমি বোকা মাটিৰে চৰাইৰ আকৃতি বনাই তাত ফুঁ মাৰিছিলা আৰু সেইটো বাস্তৱত চৰাই হৈ গৈছিল। জন্মান্ধ তথা কুষ্ঠ ৰোগীসকলক তুমি সুস্থ কৰিছিলা, লগতে (আল্লাহৰ ওচৰত) দুআ কৰি তুমি মৃত ব্যক্তিকো জীৱিত কৰিছিলা। এই সকলোবোৰ মোৰ অনুমতিক্ৰমেই সম্ভৱ হৈছিল। মই তোমাৰ ওপৰত আৰু এটা অনুগ্ৰহ কৰিছিলোঁ যে, যেতিয়া তুমি বনী ইছৰাঈলৰ ওচৰত স্পষ্ট নিদৰ্শন লৈ আহিছিলা, তেতিয়া সিহঁতে সেইটো অস্বীকাৰ কৰিছিল আৰু তোমাক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল আৰু কৈছিল যে এয়া স্পষ্ট যাদু, তেতিয়া ময়েই তোমাক সিহঁতৰ পৰা ৰক্ষা কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005110.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005110.mp3"},{"index":"111","arabicText":"وَاِذْ اَوْحَیْتُ اِلَی الْحَوَارِیّٖنَ اَنْ اٰمِنُوْا بِیْ وَبِرَسُوْلِیْ ۚ قَالُوْۤا اٰمَنَّا وَاشْهَدْ بِاَنَّنَا مُسْلِمُوْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া মই হাৱাৰীসকলৰ মনত ইলহাম কৰিছিলোঁ যে, ‘তোমালোকে মোৰ প্ৰতি আৰু মোৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা’, সিহঁতে কৈছিল, ‘আমি ঈমান আনিলোঁ আৰু তুমি সাক্ষী থাকা যে, নিশ্চয় আমি মুছলিম’।","footnotes":"","tafseer":"তোমাৰ ওপৰত কৰা মোৰ অনুগ্ৰহবোৰ স্মৰণ কৰা, মই তোমাক কেইজনমান সঙ্গী প্ৰদান কৰিছিলোঁ, আৰু তেওঁলোকৰ অন্তৰত এই কথা উদ্ভৱ কৰিছিলোঁ যে, তেওঁলোকে যেন মোৰ ওপৰত আৰু তোমাৰ ওপৰত ঈমান পোষণ কৰে, তেওঁলোকে বিষয়টোৰ প্ৰতি সঁহাৰি দি ক’লেঃ আমি ঈমান আনিলোঁ হে আমাৰ প্ৰতিপালক! তুমি সাক্ষী থাকা যে, আমি তোমাৰ আদেশৰ প্ৰতি শিৰ নত কৰিম তথা আমি তোমাৰ প্ৰতি আত্মসমৰ্পণকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005111.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005111.mp3"},{"index":"112","arabicText":"اِذْ قَالَ الْحَوَارِیُّوْنَ یٰعِیْسَی ابْنَ مَرْیَمَ هَلْ یَسْتَطِیْعُ رَبُّكَ اَنْ یُّنَزِّلَ عَلَیْنَا مَآىِٕدَةً مِّنَ السَّمَآءِ ؕ قَالَ اتَّقُوا اللّٰهَ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟","assameseTranslation":"স্মৰণ কৰা, যেতিয়া হাৱাৰীসকলে কৈছিল, ‘হে মাৰয়ামৰ পুত্ৰ ঈছা! তোমাৰ প্ৰতিপালকে আমালৈ আকাশৰ পৰা খাদ্য বস্তুৰে ভৰা পাটী (ডাইনিং টেবুল) প্ৰেৰণ কৰিবলৈ সক্ষমনে? তেওঁ কৈছিল, ‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যদি তোমালোকে মুমিন হোৱা’।","footnotes":"","tafseer":"সেই সময়ছোৱাক স্মৰণ কৰা, যেতিয়া হাৱাৰীসকলে কৈছিল যে, আপুনি দুআ কৰিলে আপোনাৰ প্ৰতিপালকে আমালৈ খাদ্য বস্তুৰে ভৰা দস্তৰখান প্ৰেৰণ কৰিব পাৰিবনে? তেতিয়া ঈছা আলাইহিচ্ছালামে উত্তৰ দি ক’লেঃ আল্লাহক ভয় কৰা, আৰু এনেকুৱা বস্তুৰ প্ৰত্যাশা নকৰিবা, কাৰণ হয়তো ইয়াৰ দ্বাৰা তোমালোকৰ পৰীক্ষা হ'ব পাৰে। লগতে সিহঁতক ক'লেঃ যদি তোমালোক প্ৰকৃত মুমিন হোৱা তেন্তে জীৱিকা সন্ধানৰ ক্ষেত্ৰত নিজ প্ৰতিপালকৰ ওপৰত ভৰসা কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005112.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005112.mp3"},{"index":"113","arabicText":"قَالُوْا نُرِیْدُ اَنْ نَّاْكُلَ مِنْهَا وَتَطْمَىِٕنَّ قُلُوْبُنَا وَنَعْلَمَ اَنْ قَدْ صَدَقْتَنَا وَنَكُوْنَ عَلَیْهَا مِنَ الشّٰهِدِیْنَ ۟","assameseTranslation":"সিহঁতে কৈছিল, ‘আমি তাৰ পৰা খাব বিচাৰোঁ যাতে আমাৰ হৃদয়ে প্ৰশান্তি লাভ কৰিব, আৰু যাতে আমি জানিব পাৰোঁ যে, তুমি কোৱা কথাবোৰ সত্য আৰু আমি এই বিষয়ে সাক্ষী হ’ব বিচাৰোঁ’।","footnotes":"","tafseer":"হাৱাৰীসকলে ঈছা আলাইহিচ্ছালামক ক’লেঃ আমি সেই দস্তৰখানৰ পৰা খাব বিচাৰোঁ, যাতে আমি বিশ্বাস কৰিব পাৰোঁ যে, আল্লাহে সকলো কৰিব পাৰে, আৰু আপুনি হৈছে তেওঁৰ ৰাছুল। লগতে আমি যেন পতিয়ন যাব পাৰোঁ যে, আপুনি আমাৰ ওচৰলৈ আল্লাহৰ পৰা সত্য বাণী লৈ আহিছে, লগতে আমি যাতে সেইসকল লোকৰ বাবে সাক্ষী হ’ব পাৰোঁ যিসকল বৰ্তমান উপস্থিত নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005113.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005113.mp3"},{"index":"114","arabicText":"قَالَ عِیْسَی ابْنُ مَرْیَمَ اللّٰهُمَّ رَبَّنَاۤ اَنْزِلْ عَلَیْنَا مَآىِٕدَةً مِّنَ السَّمَآءِ تَكُوْنُ لَنَا عِیْدًا لِّاَوَّلِنَا وَاٰخِرِنَا وَاٰیَةً مِّنْكَ ۚ وَارْزُقْنَا وَاَنْتَ خَیْرُ الرّٰزِقِیْنَ ۟","assameseTranslation":"মাৰয়ামৰ পুত্ৰ ঈছাই ক’লে, ‘হে আল্লাহ (তুমি) আমাৰ প্ৰতিপালক! আমাৰ বাবে আকাশৰ পৰা দস্তৰখান (খাদ্য ভৰা পাটী) অৱতীৰ্ণ কৰা; এইটো আমাৰ আৰু আমাৰ পূৰ্বৱৰ্তী লগতে পৰৱৰ্তী সকলোৰে বাবে হ’ব আনন্দোৎসৱ স্বৰূপ আৰু এয়া হ'ব তোমাৰ ফালৰ পৰা এটা নিদৰ্শন। আমাক জীৱিকা দান কৰা, তুমিয়েইতো শ্ৰেষ্ঠ জীৱিকাদাতা’।","footnotes":"","tafseer":"ফলত ঈছা আলাইহিচ্ছালামে সিহঁতৰ কথা মতে আল্লাহৰ ওচৰত দুআ কৰিলেঃ হে আমাৰ প্ৰতিপালক! আমালৈ এখন দস্তৰখান অৱতীৰ্ণ কৰা, আমি আৰু আমাৰ পৰবৰ্তীসকলে এই অৱতীৰ্ণ হোৱা দিৱসটোক উৎসৱ হিচাপে পালন কৰি সেইদিনা তোমাৰ কৃতজ্ঞতা আদায় কৰিম, আৰু এইটো তোমাৰ অদ্বিতীয়তাৰ প্ৰমাণ তথা মোৰ প্ৰকৃত নবী হোৱাৰ প্ৰতীক হৈ ৰ'ব। লগতে আমাক এনেকুৱা জীৱিকা প্ৰদান কৰা যিটো তোমাৰ ইবাদত কৰিবলৈ সহায়ক হ'ব। হে আমাৰ প্ৰতিপালক! কেৱল তুমিয়েই উত্তম জীৱিকা প্ৰদানকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005114.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005114.mp3"},{"index":"115","arabicText":"قَالَ اللّٰهُ اِنِّیْ مُنَزِّلُهَا عَلَیْكُمْ ۚ فَمَنْ یَّكْفُرْ بَعْدُ مِنْكُمْ فَاِنِّیْۤ اُعَذِّبُهٗ عَذَابًا لَّاۤ اُعَذِّبُهٗۤ اَحَدًا مِّنَ الْعٰلَمِیْنَ ۟۠","assameseTranslation":"আল্লাহে ক’লে, ‘নিশ্চয় মই তোমালোকৰ ওপৰত সেয়া অৱতীৰ্ণ কৰিম, কিন্তু ইয়াৰ পিছত তোমালোকৰ মাজৰ পৰা কোনোবাই কুফুৰী কৰিলে তাক মই এনেকুৱা শাস্তি বিহিম যিটো শাস্তি সৃষ্টিজগতৰ আন কাকো নিদিওঁ’।","footnotes":"","tafseer":"আল্লাহে ঈছা আলাইহিচ্ছালামক উত্তৰ দি ক'লেঃ তোমালোকে বিচৰা এই দস্তৰখান মই অৱতীৰ্ণ কৰিম কিন্তু ইয়াৰ পিছত যিয়ে কুফুৰী কৰিব, সি নিজেই নিজকে দোষী সাব্যস্ত কৰিব। কিয়নো মই তাক এনেকুৱা কঠোৰ শাস্তি প্ৰদান কৰিম, যিটো আন কাকো দিয়া নহ'ব। কাৰণ সি স্পষ্ট নিদৰ্শন দেখিছে, সেয়ে তাৰ কুফুৰী হৈছে এক প্ৰকাৰ গোড়ামী। ফলত আল্লাহে প্ৰতিশ্ৰুতি ৰক্ষা কৰি সিহঁতৰ ওপৰত এটা দস্তৰখান অৱতীৰ্ণ কৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005115.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005115.mp3"},{"index":"116","arabicText":"وَاِذْ قَالَ اللّٰهُ یٰعِیْسَی ابْنَ مَرْیَمَ ءَاَنْتَ قُلْتَ لِلنَّاسِ اتَّخِذُوْنِیْ وَاُمِّیَ اِلٰهَیْنِ مِنْ دُوْنِ اللّٰهِ ؕ قَالَ سُبْحٰنَكَ مَا یَكُوْنُ لِیْۤ اَنْ اَقُوْلَ مَا لَیْسَ لِیْ ۗ بِحَقٍّ ؔؕ اِنْ كُنْتُ قُلْتُهٗ فَقَدْ عَلِمْتَهٗ ؕ تَعْلَمُ مَا فِیْ نَفْسِیْ وَلَاۤ اَعْلَمُ مَا فِیْ نَفْسِكَ ؕ اِنَّكَ اَنْتَ عَلَّامُ الْغُیُوْبِ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, আল্লাহে যেতিয়া ক’ব, ‘হে মাৰয়ামৰ পুত্ৰ ঈছা! তুমি মানুহক এই কথা কৈছিলা নেকি যে, তোমালোকে আল্লাহৰ বাহিৰে মোক আৰু মোৰ মাকক উপাস্যৰূপে গ্ৰহণ কৰা? তেওঁ ক’ব, ‘তুমি মহিমান্বিত! যিটো কোৱাৰ অধিকাৰ মোৰ নাই সেইটো কোৱা মোৰ পক্ষে কেতিয়াও শোভনীয় নহয়। যদি মই এনেকৈ ক’লোহেঁতেন তেন্তে তুমিতো সেয়া জানিলাহেঁতেন। মোৰ অন্তৰৰ কথাতো তুমি জানাই, কিন্তু তোমাৰ অন্তৰৰ কথা মই নাজানো, নিশ্চয় তুমি অদৃশ্য সম্পৰ্কে সৰ্বজ্ঞানী’।","footnotes":"","tafseer":"স্মৰণ কৰা, ক্বিয়ামতৰ দিনা যেতিয়া আল্লাহে ঈছা আলাইহিচ্ছালামক সম্বোধন কৰি ক'ব, হে ঈছা ইবনে মৰিয়ম! তুমি মানুহক কৈছিলা নেকি যে, আল্লাহক এৰি মোক আৰু মোৰ মাতৃক উপাস্য কৰি লোৱা, তেতিয়া ঈছা আলাইহিচ্ছালামে আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰি ক'ব, সত্যৰ বাহিৰে এনেকুৱা কথা কোৱা মোৰ বাবে উচিত নহয়। ধৰি লোৱা হওক যদি মই কৈছোঁ, তেন্তে তুমি সেই বিষয়ে নিশ্চিতভাৱে জানা, কিয়নো কোনো বস্তুৱে তোমাৰ পৰা গোপন নহয়। মোৰ অন্তৰৰ গোপন বিষয় সম্পৰ্কেও তুমি অৱগত। কিন্তু তোমাৰ অন্তৰত কি আছে সেয়া মই নাজানো। কেৱল তুমিয়ে প্ৰত্যেক অদৃশ্য, প্ৰকাশ্য, অপ্ৰকাশ্য বিষয় সম্পৰ্কে জানা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005116.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005116.mp3"},{"index":"117","arabicText":"مَا قُلْتُ لَهُمْ اِلَّا مَاۤ اَمَرْتَنِیْ بِهٖۤ اَنِ اعْبُدُوا اللّٰهَ رَبِّیْ وَرَبَّكُمْ ۚ وَكُنْتُ عَلَیْهِمْ شَهِیْدًا مَّا دُمْتُ فِیْهِمْ ۚ فَلَمَّا تَوَفَّیْتَنِیْ كُنْتَ اَنْتَ الرَّقِیْبَ عَلَیْهِمْ ؕ وَاَنْتَ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟","assameseTranslation":"‘তুমি মোক যি আদেশ কৰিছিলা তাৰ বাহিৰে মই সিহঁতক একো কোৱা নাছিলোঁ, সেইটো আছিল এই যে, তোমালোকে আল্লাহৰ ইবাদত কৰা যিজন মোৰো প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক; আৰু যিমান দিনলৈকে মই সিহঁতৰ মাজত আছিলোঁ সিমান দিনলৈকে মই সিহঁতৰ কাৰ্যকৰ্মৰ সাক্ষী আছিলোঁ, কিন্তু যেতিয়া তুমি মোক উঠাই আনিলা তেতিয়া তুমিয়েইতো আছিলা সিহঁতৰ কৃতকৰ্মৰ তত্ত্বাৱধায়ক আৰু তুমিয়েই সকলো বস্তুৰ পৰ্যবেক্ষক।","footnotes":"","tafseer":"ঈছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকক ক'লেঃ মই সিহঁতক সেইটোৱে কৈছোঁ যিটো ক'বলৈ তুমি মোক আদেশ কৰিছিলা যে, সিহঁতে যেন কেৱল তোমাৰেই ইবাদত কৰে, আৰু মই যিমান দিন সিহঁতৰ মাজত আছিলোঁ সিহঁতৰ তত্বাৱধায়ক আছিলোঁ। কিন্তু যেতিয়া মোৰ অৱস্থান সময় শেষ হ'ল আৰু তুমি মোক জীৱিত অৱস্থাত আকাশলৈ উঠাই আনিলা, তাৰ পিছত হে মোৰ ৰব্ব! তুমিয়ে সিহঁতৰ কৰ্মৰ ৰক্ষক আছিলা। তুমি প্ৰত্যেক বস্তু সম্পৰ্কে অৱগত। কোনো বস্তুৱে তোমাৰ পৰা গোপন নহয়, মই সিহঁতক কি কৈছিলোঁ, আৰু মোৰ পিছত সিহঁতে কি কৈছে, সেই সকলোবোৰ তুমি জানা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005117.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005117.mp3"},{"index":"118","arabicText":"اِنْ تُعَذِّبْهُمْ فَاِنَّهُمْ عِبَادُكَ ۚ وَاِنْ تَغْفِرْ لَهُمْ فَاِنَّكَ اَنْتَ الْعَزِیْزُ الْحَكِیْمُ ۟","assameseTranslation":"যদি তুমি সিহঁতক শাস্তি দিয়া তেন্তে সিহঁততো তোমাৰেই বান্দা, আৰু যদি সিহঁতক ক্ষমা কৰি দিয়া তেন্তে নিশ্চয় তুমি মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"(হে মোৰ ৰব্ব) যদি তুমি সিহঁতক শাস্তি দিয়া তেন্তে সিহঁত তোমাৰেই বান্দা। তুমি সিহঁতৰ লগত যিটো ইচ্ছা সেইটোৱে কৰিব পাৰা। আনহাতে সিহঁতৰ মাজৰ মুমিনসকলক যদি তুমি দয়া কৰি ক্ষমা কৰি দিয়া তেন্তে কোনেও তোমাক প্ৰতিৰোধ কৰিব নোৱাৰে। তুমি মহাপৰাক্ৰমশালী, তোমাক কোনেও পৰাজিত কৰিব নোৱাৰে তথা তুমি তোমাৰ কৰ্মত মহা প্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005118.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005118.mp3"},{"index":"119","arabicText":"قَالَ اللّٰهُ هٰذَا یَوْمُ یَنْفَعُ الصّٰدِقِیْنَ صِدْقُهُمْ ؕ لَهُمْ جَنّٰتٌ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ رَضِیَ اللّٰهُ عَنْهُمْ وَرَضُوْا عَنْهُ ؕ ذٰلِكَ الْفَوْزُ الْعَظِیْمُ ۟","assameseTranslation":"আল্লাহে ক’ব, ‘এইটোৱে হৈছে সেই দিন, যিদিনা সত্যবাদীসকলৰ সত্যবাদীতাই তেওঁলোকক উপকৃত কৰিব, তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত। তেওঁলোকে তাত চিৰস্থায়ী হ’ব, আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হ’ব আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হ’ব, এইটোৱেই হৈছে মহাসফলতা।","footnotes":"","tafseer":"আল্লাহে ঈছা আলাইহিচ্ছালামক ক'বঃ এইটো সেইদিন, যিদিনা সত্য নিয়ত পোষণকাৰীয়ে, সত্কৰ্মকাৰীয়ে তথা সত্যবাদীসকলৰ সত্যতাই উপকাৰ কৰিব। তেওঁলোকৰ বাবে এনেকুৱা জান্নাত থাকিব, যাৰ অট্টালিকা তথা গছ-গছনিবোৰৰ তলেদি নদী প্ৰবাহিত হ'ব। তাত তেওঁলোক চিৰস্থায়ী হ'ব। তাত তেওঁলোকৰ কেতিয়াও মৃত্যু নহ'ব। আল্লাহ তেওঁলোকৰ ওপৰত সন্তুষ্ট থাকিব, কেতিয়াও অসন্তুষ্ট নহ'ব তথা তেওঁলোকেও চিৰস্থায়ী নিয়ামতবোৰ পাই আল্লাহৰ ওপৰত সন্তুষ্ট হ'ব। এইটোৱেই মহাসফলতা, কোনো সফলতাই ইয়াৰ সমান নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005119.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005119.mp3"},{"index":"120","arabicText":"لِلّٰهِ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ وَمَا فِیْهِنَّ ؕ وَهُوَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟۠","assameseTranslation":"আকাশমণ্ডল আৰু পৃথিৱী লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ ৰাজত্ব আল্লাহৰেই আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"আকাশমণ্ডল তথা পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰ, তেৱেঁই ইয়াৰ সৃষ্টিকৰ্তা আৰু তেৱেঁই পৰিচালক। ইয়াৰ মাজত থকা সকলো সৃষ্টিৰ কেৱল তেৱেঁই মালিক। তেওঁ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান, তেওঁক কোনেও বিৱশ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/005120.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/005120.mp3"}]