[{"index":"1","arabicText":"وَالذّٰرِیٰتِ ذَرْوًا ۟ۙ","assameseTranslation":"শপত ধূলি উৰুৱাই নিয়া বতাহৰ,","footnotes":"","tafseer":"আল্লাহে সেই বতাহৰ শপত খাইছে, যি বতাহে ধূলি-বালি উৰুৱাই লৈ ফুৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051001.mp3"},{"index":"2","arabicText":"فَالْحٰمِلٰتِ وِقْرًا ۟ۙ","assameseTranslation":"তাৰ পিছত পানীৰ বোজা বহনকাৰী মেঘমালাৰ,","footnotes":"","tafseer":"সেই মেঘপুঞ্জৰ শপত খাইছে, যিয়ে বহন কৰে প্ৰচুৰ পৰিমাণে পানী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051002.mp3"},{"index":"3","arabicText":"فَالْجٰرِیٰتِ یُسْرًا ۟ۙ","assameseTranslation":"তাৰ পিছত মৃদুগতিত বৈ যোৱা নৌযানসমূহৰ,","footnotes":"","tafseer":"সেই নাওবোৰৰো শপত খাইছে, যিবোৰ সাগৰত মৃদুগতিত সহজে চলাচল কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051003.mp3"},{"index":"4","arabicText":"فَالْمُقَسِّمٰتِ اَمْرًا ۟ۙ","assameseTranslation":"তাৰ পিছত (আল্লাহৰ) নিৰ্দেশ বন্টনকাৰী ফিৰিস্তাসকলৰ--","footnotes":"","tafseer":"সেইসকল ফিৰিস্তাৰো শপত খাইছে, যিসকলে আল্লাহৰ আদেশত বান্দাসকলৰ মাজত তেওঁলোকৰ বিষয়বোৰ বণ্টন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051004.mp3"},{"index":"5","arabicText":"اِنَّمَا تُوْعَدُوْنَ لَصَادِقٌ ۟ۙ","assameseTranslation":"তোমালোকক দিয়া প্ৰতিশ্ৰুতি নিশ্চিতভাৱে সত্য।","footnotes":"","tafseer":"নিশ্চিতৰূপে তোমালোকৰ প্ৰতিপালকে তোমালোকক যি হিচাপ-নিকাচ আৰু প্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে, সেয়া হৈছে সত্য। ইয়াত কোনো ধৰণৰ সন্দেহ-সংশয়ৰ অৱকাশ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051005.mp3"},{"index":"6","arabicText":"وَّاِنَّ الدِّیْنَ لَوَاقِعٌ ۟ؕ","assameseTranslation":"নিশ্চয় প্ৰতিদান দিৱস অৱশ্যম্ভাৱী।","footnotes":"","tafseer":"নিশ্চিতৰূপে কিয়ামতৰ দিনা বান্দাসকলৰ হিচাপ-কিতাপ কৰা হ’ব, যিকোনো উপায়ে এইটো বাস্তাৱায়ন হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051006.mp3"},{"index":"7","arabicText":"وَالسَّمَآءِ ذَاتِ الْحُبُكِ ۟ۙ","assameseTranslation":"শপত বহু পথবিশিষ্ট আকাশৰ,","footnotes":"","tafseer":"লগতে আল্লাহে শপত খাইছে সৌন্দৰ্যময় তথা বহু পথবিশিষ্ট আকাশৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051007.mp3"},{"index":"8","arabicText":"اِنَّكُمْ لَفِیْ قَوْلٍ مُّخْتَلِفٍ ۟ۙ","assameseTranslation":"নিশ্চয় তোমালোক পৰস্পৰ বিৰোধী কথাত লিপ্ত।","footnotes":"","tafseer":"হে মক্কাৰ অধিবাসীসকল! নিশ্চয় তোমালোকৰ কথাৰ মাজত বহুতো বিৰোধাভাস পোৱা যায়। তোমালোকে কেতিয়াবা কোৰআনক যাদু বুলি কোৱা, আকৌ কেতিয়াবা কবিতা বুলি কোৱা। আনহাতে কেতিয়াবা মুহাম্মদক যাদুকৰ বুলি কোৱা আৰু কেতিয়াবা তেওঁক কবি বুলি কোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051008.mp3"},{"index":"9","arabicText":"یُّؤْفَكُ عَنْهُ مَنْ اُفِكَ ۟ؕ","assameseTranslation":"ইয়াৰ পৰা বিৰত থাকে সেই ব্যক্তি, যাক বিৰত ৰখা হৈছে।","footnotes":"","tafseer":"কোৰআন আৰু নবীৰ পৰা সেই ব্যক্তিকেই আঁতৰাই ৰখা হয়, যাক আল্লাহৰ জ্ঞানৰ দ্বাৰা আঁতৰাই ৰখা হৈছে। কাৰণ তেওঁ জানে, সি ঈমান পোষণ নকৰিব, সেইকাৰণেই তাক হিদায়তৰ তাওফীক দিয়া হোৱা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051009.mp3"},{"index":"10","arabicText":"قُتِلَ الْخَرّٰصُوْنَ ۟ۙ","assameseTranslation":"মিছলীয়াসকল (তথা অনুমানত কথা কোৱাসকল) ধ্বংস হওক!","footnotes":"","tafseer":"সেইসকল মিছলীয়াৰ ওপৰত আল্লাহৰ অভিসম্পাত, যিসকলে কোৰআন আৰু নবীৰ বিষয়ে অসত্য কথা গাই ফুৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051010.mp3"},{"index":"11","arabicText":"الَّذِیْنَ هُمْ فِیْ غَمْرَةٍ سَاهُوْنَ ۟ۙ","assameseTranslation":"যিসকল সন্দেহ-সংশয়ত নিপতিত, উদাসীন।","footnotes":"","tafseer":"যিসকলে অজ্ঞনতাৰ ফলত আখিৰাতৰ পৰা অমনোযোগী হৈ আছে। ইয়াক লৈ সিহঁতৰ কোনো ভ্ৰূক্ষেপ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051011.mp3"},{"index":"12","arabicText":"یَسْـَٔلُوْنَ اَیَّانَ یَوْمُ الدِّیْنِ ۟ؕ","assameseTranslation":"সিহঁতে সোধে, ‘প্ৰতিদান দিৱস কেতিয়া হ’ব’?","footnotes":"","tafseer":"সিহঁতে সোধেঃ প্ৰতিদান দিৱস কেতিয়া বাস্তৱায়িত হ’ব? অথচ ইয়াৰ বাবে সিহঁতে কোনো ধৰণৰ প্ৰস্তুতিও লোৱা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051012.mp3"},{"index":"13","arabicText":"یَوْمَ هُمْ عَلَی النَّارِ یُفْتَنُوْنَ ۟","assameseTranslation":"‘(কোৱা) যিদিনা সিহঁতক শাস্তি দিয়া হ’ব অগ্নিত’।","footnotes":"","tafseer":"আল্লাহে সিহঁতৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি কৈছেঃ যিদিনা সিহঁতক জুইত শাস্তি দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051013.mp3"},{"index":"14","arabicText":"ذُوْقُوْا فِتْنَتَكُمْ ؕ هٰذَا الَّذِیْ كُنْتُمْ بِهٖ تَسْتَعْجِلُوْنَ ۟","assameseTranslation":"কোৱা হ’ব, ‘তোমালোকে তোমালোকৰ শাস্তি ভোগ কৰা, ইয়াৰ বাবেই তোমালোকে খৰধৰ কৰিছিলা’।","footnotes":"","tafseer":"সিহঁতক কোৱা হ’বঃ তোমালোকে শাস্তিৰ সোৱাদ লোৱা। এইটোৱে হৈছে সেই শাস্তি, যিটোৰ পৰা তোমালোকক সতৰ্ক কৰিলে তোমালোকে উপহাস কৰি সোনকালে ইয়াৰ বাস্তৱায়ন বিচাৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051014.mp3"},{"index":"15","arabicText":"اِنَّ الْمُتَّقِیْنَ فِیْ جَنّٰتٍ وَّعُیُوْنٍ ۟ۙ","assameseTranslation":"নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত।","footnotes":"","tafseer":"আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বীসকলে নিশ্চিতভাৱে কিয়ামতৰ দিনা ঠাই লাভ কৰিব বাগানসমূহৰ মাজত আৰু প্ৰবাহিত প্ৰস্ৰৱনসমূহৰ মাজত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051015.mp3"},{"index":"16","arabicText":"اٰخِذِیْنَ مَاۤ اٰتٰىهُمْ رَبُّهُمْ ؕ اِنَّهُمْ كَانُوْا قَبْلَ ذٰلِكَ مُحْسِنِیْنَ ۟ؕ","assameseTranslation":"তেওঁলোকৰৰ প্ৰতিপালকে তেওঁলোকক যি দান কৰিব সেয়া তেওঁলোকে (আনন্দচিত্তে) গ্ৰহণ কৰিব; নিশ্চয় ইতিপূৰ্বে তেওঁলোক আছিল সৎকৰ্মশীল,","footnotes":"","tafseer":"তেওঁলোকে নিজ প্ৰতিপালকৰ তৰফৰ পৰা সন্মানিত প্ৰতিফল লাভ কৰিব। দৰাচলতে এই সন্মানিত প্ৰতিদানৰ পূৰ্বে তেওঁলোকে পৃথিৱীত সদাচাৰী আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051016.mp3"},{"index":"17","arabicText":"كَانُوْا قَلِیْلًا مِّنَ الَّیْلِ مَا یَهْجَعُوْنَ ۟","assameseTranslation":"তেওঁলোকে ৰাতিৰ অতি কম সময় টোপনিত কটাইছিল,","footnotes":"","tafseer":"তেওঁলোকে ৰাতিত চালাত আদায় কৰিছিল, খুবেই কম সময় টোপনিত কটাইছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051017.mp3"},{"index":"18","arabicText":"وَبِالْاَسْحَارِ هُمْ یَسْتَغْفِرُوْنَ ۟","assameseTranslation":"আৰু ৰাতিৰ শেষ প্ৰহৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিছিল,","footnotes":"","tafseer":"লগতে ৰাতিৰ শেষাংশত আল্লাহৰ ওচৰত নিজৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051018.mp3"},{"index":"19","arabicText":"وَفِیْۤ اَمْوَالِهِمْ حَقٌّ لِّلسَّآىِٕلِ وَالْمَحْرُوْمِ ۟","assameseTranslation":"আৰু তেওঁলোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ হক (প্ৰাপ্য)।","footnotes":"","tafseer":"তথা তেওঁলোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ বাবে নিৰ্দিষ্ট অংশ, যিসকলে কাৰণবশতঃ জীৱিকাৰ পৰা বঞ্চিত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051019.mp3"},{"index":"20","arabicText":"وَفِی الْاَرْضِ اٰیٰتٌ لِّلْمُوْقِنِیْنَ ۟ۙ","assameseTranslation":"আৰু সুনিশ্চিত বিশ্বাসীসকলৰ বাবে পৃথিৱীত আছে বহুতো নিদৰ্শন,","footnotes":"","tafseer":"পৃথিৱীৰ মাজত, লগতে আল্লাহে সৃষ্টি কৰা পাহাৰ-পৰ্বত, সাগৰ, নদ-নদী, বৃক্ষ, গছ-গছনি আৰু জীৱ-জন্তু আদিৰ মাজত, সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন আছে, যিসকলে আল্লাহক স্ৰষ্টা হিচাপে বিশ্বাস কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051020.mp3"},{"index":"21","arabicText":"وَفِیْۤ اَنْفُسِكُمْ ؕ اَفَلَا تُبْصِرُوْنَ ۟","assameseTranslation":"আৰু তোমালোকৰ নিজৰ মাজতো আছে (বহুতো নিদৰ্শন)। তোমালোকে লক্ষ্য নকৰা নেকি?","footnotes":"","tafseer":"হে মানৱজাতি! স্বয়ং তোমালোকৰ মাজতো আছে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন, শিক্ষা গ্ৰহণ কৰিবলৈ সেইবোৰ তোমালোকে দেখা নোপোৱা নেকি?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051021.mp3"},{"index":"22","arabicText":"وَفِی السَّمَآءِ رِزْقُكُمْ وَمَا تُوْعَدُوْنَ ۟","assameseTranslation":"আৰু আকাশত আছে তোমালোকৰ জীৱিকা আৰু প্ৰতিশ্ৰুতি দিয়া সকলো বস্তু।","footnotes":"","tafseer":"আকাশত আছে তোমালোকৰ বাবে পাৰ্থিৱ আৰু ধাৰ্মিক জীৱিকা। তথা ইয়াৰ মাজত প্ৰত্যেক সেইসমূহ কল্যাণ আৰু অকল্যাণ আছে, যিবোৰৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051022.mp3"},{"index":"23","arabicText":"فَوَرَبِّ السَّمَآءِ وَالْاَرْضِ اِنَّهٗ لَحَقٌّ مِّثْلَ مَاۤ اَنَّكُمْ تَنْطِقُوْنَ ۟۠","assameseTranslation":"এতেকে আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত! নিশ্চয় এইটো পৰম সত্য, যেনেকৈ তোমালোকৰ কথা কোৱাটো সত্য।","footnotes":"","tafseer":"আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত, নিশ্চয় আখিৰাতৰ জীৱন সত্য, ইয়াৰ মাজত কোনো সন্দেহ নাই। ঠিক সেইদৰে, যিদৰে তোমালোকৰ কথা কোৱাত কোনো সন্দেহ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051023.mp3"},{"index":"24","arabicText":"هَلْ اَتٰىكَ حَدِیْثُ ضَیْفِ اِبْرٰهِیْمَ الْمُكْرَمِیْنَ ۟ۘ","assameseTranslation":"ইব্ৰাহীমৰ সন্মানিত অতিথিসকলৰ বৃত্তান্ত তোমাৰ ওচৰলৈ আহিছেনে?","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ ওচৰলৈ ইব্ৰাহীম আলাইহিচ্ছালামৰ অতিথি ফিৰিস্তাসকলৰ বিষয়ে সংবাদ আহি পৰা নাইনে, যিসকলক তেখেতে আপ্যায়ন কৰিছিল?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051024.mp3"},{"index":"25","arabicText":"اِذْ دَخَلُوْا عَلَیْهِ فَقَالُوْا سَلٰمًا ؕ قَالَ سَلٰمٌ ۚ قَوْمٌ مُّنْكَرُوْنَ ۟","assameseTranslation":"যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহি উপস্থিত হ’ল আৰু ক'লে, ‘ছালাম’, উত্তৰত তেৱোঁ ক'লে ‘ছালাম’। এওঁলোক দেখোন অচিনাকি ব্যক্তি।","footnotes":"","tafseer":"যেতিয়া তেওঁলোকে ইব্ৰাহীম আলাইহিচ্ছালামৰ ওচৰত উপস্থিত হৈ ছালাম কৰিছিল, তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে ছালামৰ উত্তৰ প্ৰদান কৰি মনে মনে কৈছিল, এওঁলোক দেখোন অপৰিচিত লোক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051025.mp3"},{"index":"26","arabicText":"فَرَاغَ اِلٰۤی اَهْلِهٖ فَجَآءَ بِعِجْلٍ سَمِیْنٍ ۟ۙ","assameseTranslation":"তাৰ পিছত তেওঁ (ইব্ৰাহীম) সংগোপনে নিজৰ গৃহিণীৰ ওচৰলৈ গ’ল আৰু এটা স্বাস্থ্যৱান গো-পোৱালী (ভজা) লৈ উপস্থিত হ’ল,","footnotes":"","tafseer":"ইপিনে অতিথিসকলে নজনাকৈ তেওঁ গোপনে নিজ গৃহিণীৰ ওচৰলৈ গ’ল, আৰু এটা স্বাস্থ্যৱান সম্পূৰ্ণ গো-পোৱালি (ভজা) লৈ অতিথিসকলৰ সন্মুখত পৰিৱেশন কৰিলে। তেওঁ ভাবিছিল তেওঁলোক হৈছে মানৱ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051026.mp3"},{"index":"27","arabicText":"فَقَرَّبَهٗۤ اِلَیْهِمْ قَالَ اَلَا تَاْكُلُوْنَ ۟ؗ","assameseTranslation":"তাৰ পিছত তেওঁ সেইটো তেওঁলোকৰ সন্মুখত ৰাখি ক’লে, ‘আপোনালোকে নাখায় নেকি’?","footnotes":"","tafseer":"ভজা গো-পোৱালিটো তেওঁলোকৰ পিনে আগুৱাই দিলে, আৰু তেওঁলোকক বিনম্ৰভাৱে ক'লেঃ আপোনালোকৰ সন্মুখত পৰিৱেশন কৰা খাদ্য আপোনালোকে নাখায় কিয়?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051027.mp3"},{"index":"28","arabicText":"فَاَوْجَسَ مِنْهُمْ خِیْفَةً ؕ قَالُوْا لَا تَخَفْ ؕ وَبَشَّرُوْهُ بِغُلٰمٍ عَلِیْمٍ ۟","assameseTranslation":"ফলত তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব’; অৱশেষত তেওঁলোকে তেওঁক এজন জ্ঞানী পুত্ৰ সন্তানৰ সুসংবাদ দিলে।","footnotes":"","tafseer":"তথাপিও যেতিয়া তেওঁলোকে খাদ্য গ্ৰহণ নকৰিলে, তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে মনে মনে ভয় অনুভৱ কৰিলে, বিষয়টো তেওঁলোকে গম পাইছিল। গতিকে তেওঁলোকে ইব্ৰাহীম আলাইহিচ্ছালামক সান্তনা দি ক’লেঃ “ভয় নকৰিব, আমি আল্লাহৰ ফালৰ পৰা বাৰ্তাবাহক হিচাপে প্ৰেৰিত হৈছোঁ”। লগতে তেওঁলোকে তেওঁক আনন্দদায়ক সংবাদ এটা প্ৰদান কৰিলে। তেওঁলোকে ক’লেঃ তেওঁৰ ঘৰত এটা পুত্ৰ সন্তান জন্ম লাভ কৰিব, যিজন জ্ঞানী হ’ব। ইয়াত যিজন পুত্ৰ সন্তানৰ সুসংবাদ দিয়া হৈছে, তেওঁ হৈছে ইছহাক্ব আলাইহিচ্ছালাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051028.mp3"},{"index":"29","arabicText":"فَاَقْبَلَتِ امْرَاَتُهٗ فِیْ صَرَّةٍ فَصَكَّتْ وَجْهَهَا وَقَالَتْ عَجُوْزٌ عَقِیْمٌ ۟","assameseTranslation":"তেতিয়া তেওঁৰ স্ত্ৰী চিঞৰি চিঞৰি আগুৱাই আহিল আৰু নিজৰে মুখত থপৰিয়াই ক’লে, বন্ধ্যা-বৃদ্ধা (এজনীৰ সন্তান হ’ব কেনেকৈ?)।","footnotes":"","tafseer":"যেতিয়া তেখেতৰ স্ত্ৰীয়ে সুসংবাদটো শুনা পালে, তেতিয়া তেওঁ আনন্দত চিঞৰি আগুৱাই আহিল আৰু নিজৰে মুখমণ্ডলত থপৰিয়াই আশ্চৰ্য প্ৰকাশ কৰি ক’লেঃ “বৃদ্ধা বয়সত এজনী বন্ধ্যা নাৰীয়ে সন্তান জন্ম দিয়াটো সম্ভৱনে”?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051029.mp3"},{"index":"30","arabicText":"قَالُوْا كَذٰلِكِ ۙ قَالَ رَبُّكِ ؕ اِنَّهٗ هُوَ الْحَكِیْمُ الْعَلِیْمُ ۟","assameseTranslation":"তেওঁলোকে ক’লে, ‘তোমাৰ প্ৰতিপালকে এইটোৱে কৈছে; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ’।","footnotes":"","tafseer":"ফিৰিস্তাসকলে তেওঁক ক’লেঃ আমি আপোনাক যি সংবাদ দিছোঁ, সেইটো আপোনাৰ প্ৰতিপালকে প্ৰেৰণ কৰিছে। আল্লাহৰ সিদ্ধান্তক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। নিশ্চয় তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু নিৰ্ধাৰণৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান। সৃষ্টিজগতৰ বিষয়ে আৰু সিহঁতৰ হিত সম্পৰ্কে তেওঁ সৰ্বজ্ঞ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051030.mp3"},{"index":"31","arabicText":"قَالَ فَمَا خَطْبُكُمْ اَیُّهَا الْمُرْسَلُوْنَ ۟","assameseTranslation":"ইব্ৰাহীমে ক’লে, ‘হে প্ৰেৰিত ফিৰিস্তাসকল! তোমালোকৰ বিশেষ কাম কি’?","footnotes":"","tafseer":"ইব্ৰাহীম আলাইহিচ্ছালামে ফিৰিস্তাসকলক ক’লেঃ আপোনালোকে কি অভিযানত ওলাইছে, আপোনালোকৰ উদ্দেশ্য কি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051031.mp3"},{"index":"32","arabicText":"قَالُوْۤا اِنَّاۤ اُرْسِلْنَاۤ اِلٰی قَوْمٍ مُّجْرِمِیْنَ ۟ۙ","assameseTranslation":"তেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে---","footnotes":"","tafseer":"ফিৰিস্তাসকলে উত্তৰ প্ৰদান কৰি ক’লেঃ আল্লাহে আমাক এটা অপৰাধী সম্প্ৰদায়ৰ পিনে প্ৰেৰণ কৰিছে, যিসকলে জঘন্য অপৰাধত লিপ্ত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051032.mp3"},{"index":"33","arabicText":"لِنُرْسِلَ عَلَیْهِمْ حِجَارَةً مِّنْ طِیْنٍ ۟ۙ","assameseTranslation":"সিহঁতৰ ওপৰত পকা মাটিৰ টুকুৰা নিক্ষেপ কৰিবলৈ,","footnotes":"","tafseer":"যাতে আমি সিহঁতৰ ওপৰত পকা মাটিৰ শিল নিক্ষেপ কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051033.mp3"},{"index":"34","arabicText":"مُّسَوَّمَةً عِنْدَ رَبِّكَ لِلْمُسْرِفِیْنَ ۟","assameseTranslation":"যিটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা চিহ্নিত সীমালংঘনকাৰীসকলৰ বাবে।","footnotes":"","tafseer":"হে ইব্ৰাহীম! আপোনাৰ প্ৰতিপালকৰ ওচৰত (সিহঁতক) চিহ্নিত কৰি থোৱা আছে, সেইসকল লোকৰ ওপৰত নিক্ষেপ কৰা হ’ব, যিসকলে আল্লাহৰ নিৰ্ধাৰিত সীমা লঙ্ঘন কৰিছে আৰু কুফৰী তথা পাপকৰ্মত লিপ্ত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051034.mp3"},{"index":"35","arabicText":"فَاَخْرَجْنَا مَنْ كَانَ فِیْهَا مِنَ الْمُؤْمِنِیْنَ ۟ۚ","assameseTranslation":"আৰু তাত যিসকল মুমিন আছিল আমি সিহঁতক উলিয়াই আনিছোঁ।","footnotes":"","tafseer":"এতেকে লূত আলাইহিচ্ছালামৰ জনবসতিত থকা মুমিনসকলক আমি উলিয়াই আনিছিলোঁ, যাতে অপৰাধীসকলক দিয়া শাস্তিয়ে তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051035.mp3"},{"index":"36","arabicText":"فَمَا وَجَدْنَا فِیْهَا غَیْرَ بَیْتٍ مِّنَ الْمُسْلِمِیْنَ ۟ۚ","assameseTranslation":"কিন্তু আমি তাত এটা পৰিয়ালৰ বাহিৰে আন কোনো মুছলিম পোৱা নাছিলোঁ।","footnotes":"","tafseer":"আমি সেই জনবসতিত কেৱল এটাই মুছলিম পৰিয়াল পাইছিলোঁ। তেওঁলোক হৈছে লূত আলাইহিচ্ছালামৰ পৰিয়াল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051036.mp3"},{"index":"37","arabicText":"وَتَرَكْنَا فِیْهَاۤ اٰیَةً لِّلَّذِیْنَ یَخَافُوْنَ الْعَذَابَ الْاَلِیْمَ ۟ؕ","assameseTranslation":"আৰু যিসকলে যন্ত্ৰণাদায়ক শাস্তিক ভয় কৰে আমি সিহঁতৰ বাবে তাত এটা নিদৰ্শন থৈ আহিছোঁ।","footnotes":"","tafseer":"আমি লূত সম্প্ৰদায়ৰ জনবসতিত শাস্তিৰ কিছুমান চিহ্ন এৰিছোঁ, যিবোৰে প্ৰমাণ কৰে যে, সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ হৈছিল; যাতে সেইসকল লোকে ইয়াৰ দ্বাৰা শিক্ষা ল’ব পাৰে, যিসকলে কষ্টদায়ক শাস্তিক ভয় কৰে, আৰু তেওঁলোকে যেন এনেকুৱা কাম নকৰে যিবোৰ কাম সিহঁতে কৰিছিল; যাতে এনেকুৱা শাস্তিৰ পৰা ৰক্ষা পাব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051037.mp3"},{"index":"38","arabicText":"وَفِیْ مُوْسٰۤی اِذْ اَرْسَلْنٰهُ اِلٰی فِرْعَوْنَ بِسُلْطٰنٍ مُّبِیْنٍ ۟","assameseTranslation":"আৰু মূছাৰ কাহিনীতো নিদৰ্শন আছে, যেতিয়া আমি তেওঁক সুস্পষ্ট প্ৰমাণসহ ফিৰআউনৰ ওচৰলৈ পঠিয়াইছিলোঁ,","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামৰ ঘটনাতো আছে নিদৰ্শন, যেতিয়া আমি তেওঁক স্পষ্ট দলিল-প্ৰমাণসহ ফিৰআউনৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। সেইসকল লোকৰ বাবে নিদৰ্শন, যিসকলে কষ্টদায়ক শাস্তিক ভয় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051038.mp3"},{"index":"39","arabicText":"فَتَوَلّٰی بِرُكْنِهٖ وَقَالَ سٰحِرٌ اَوْ مَجْنُوْنٌ ۟","assameseTranslation":"কিন্তু সি ক্ষমতাৰ অহংকাৰত মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন (সুদক্ষ) যাদুকৰ নহ’লে উন্মাদ’।","footnotes":"","tafseer":"কিন্তু ফিৰআউনে নিজৰ সৈন্যবাহিনী আৰু ক্ষমতাৰ অহংকাৰত সত্যৰ পৰা বিমুখ হৈছিল, লগতে মুছা আলাইহিচ্ছালামৰ বিষয়ে কৈছিলঃ এওঁ হৈছে এজন যাদুকৰ, মানুহক যাদু কৰে। অথবা এওঁ হৈছে এজন উন্মাদ ব্যক্তি, যিয়ে নিজৰ কথা নিজেই নুবুজে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051039.mp3"},{"index":"40","arabicText":"فَاَخَذْنٰهُ وَجُنُوْدَهٗ فَنَبَذْنٰهُمْ فِی الْیَمِّ وَهُوَ مُلِیْمٌ ۟ؕ","assameseTranslation":"ফলত আমি তাক আৰু তাৰ সেনাবাহিনীক শাস্তি বিহিছিলোঁ আৰু সিহঁতক সাগৰত নিক্ষেপ কৰিছিলোঁ, আৰু সি আছিল তিৰস্কাৰযোগ্য।","footnotes":"","tafseer":"ফলত আমি ফিৰআউনক আৰু তাৰ সেনাবাহিনীক কৰায়ত্ত কৰি সাগৰত নিক্ষেপ কৰিছিলোঁ আৰু সিহঁতে পানীত ডুবি ধ্বংস হৈছিল। দৰাচলতে ফিৰআউনে ভৰ্ৎসনাযোগ্য কামেই কৰিছিল, যেনে- ৰাছুলক অস্বীকাৰ কৰা, আৰু নিজকে উপাস্য বুলি দাবী কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051040.mp3"},{"index":"41","arabicText":"وَفِیْ عَادٍ اِذْ اَرْسَلْنَا عَلَیْهِمُ الرِّیْحَ الْعَقِیْمَ ۟ۚ","assameseTranslation":"আৰু নিদৰ্শন আছে আদ সম্প্ৰদায়ৰ ঘটনাতো, (স্মৰণ কৰা) যেতিয়া আমি সিহঁতৰ বিৰুদ্ধে অকল্যাণকৰ বতাহ প্ৰেৰণ কৰিছিলোঁ;","footnotes":"","tafseer":"হূদ আলাইহিচ্ছালামৰ জাতি আদ সম্প্ৰদায়ৰ মাজতো আছে সেইসকল লোকৰ বাবে নিদৰ্শন, যিসকলে কষ্টদায়ক শাস্তিক ভয় কৰে। আমি সিহঁতৰ ওপৰত প্ৰেৰণ কৰিছিলোঁ প্ৰচণ্ড বতাহ, সেই বতাহৰ মাজত পানীও নাছিল আৰু সেই বতাহে কোনো গছক ফল দিয়াৰ যোগ্যও এৰা নাছিল। দৰাচলতে সেই বতাহৰ মাজত কোনো ধৰণৰ কল্যাণ নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051041.mp3"},{"index":"42","arabicText":"مَا تَذَرُ مِنْ شَیْءٍ اَتَتْ عَلَیْهِ اِلَّا جَعَلَتْهُ كَالرَّمِیْمِ ۟ؕ","assameseTranslation":"সেই বতাহজাকে একোৱে এৰা নাছিল, যাৰ ওপৰেদি গৈছিল তাক চূৰ্ণ-বিচূৰ্ণ কৰি গৈছিল।","footnotes":"","tafseer":"সেই বতাহে যি প্ৰাণ আৰু ধন-সম্পদৰ ওপৰেৰে অতিক্ৰম কৰিছিল, তাক ধ্বংস কৰিহে এৰিছিল আৰু সেই পূৰণি বস্তুৰ দৰে অৱস্থা কৰি দিছিল, যিটো পূৰণি হোৱাৰ ফলত টুকুৰা-টুকুৰ হৈ যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051042.mp3"},{"index":"43","arabicText":"وَفِیْ ثَمُوْدَ اِذْ قِیْلَ لَهُمْ تَمَتَّعُوْا حَتّٰی حِیْنٍ ۟","assameseTranslation":"আৰু নিদৰ্শন আছে ছামূদ সম্প্ৰদায়ৰ ঘটনাতো, যেতিয়া সিহঁতক কোৱা হৈছিল, ‘এটা নিৰ্দিষ্ট সময়লৈকে তোমালোকে ভোগ কৰি লোৱা’।","footnotes":"","tafseer":"এইদৰে ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায় ছামূদ জাতিৰ মাজতো আছে সেইসকল লোকৰ বাবে নিদৰ্শন, যিসকলে কষ্টদায়ক শাস্তিক ভয় কৰে, যেতিয়া সিহঁতক কোৱা হৈছিলঃ নিৰ্ধাৰিত সময় অহাৰ পূৰ্বেই তোমালোকে নিজৰ জীৱন উপভোগ কৰি লোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051043.mp3"},{"index":"44","arabicText":"فَعَتَوْا عَنْ اَمْرِ رَبِّهِمْ فَاَخَذَتْهُمُ الصّٰعِقَةُ وَهُمْ یَنْظُرُوْنَ ۟","assameseTranslation":"তথাপিও সিহঁতে সিহঁতৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে; ফলত সিহঁত চাই থকা অৱস্থাতে সিহঁতক বজ্ৰপাতে ধৰিলে।","footnotes":"","tafseer":"সিহঁতে নিজ প্ৰতিপালকৰ আদেশ মানিবলৈ অহংকাৰ কৰিছিল, আৰু এই অহংকাৰেই সিহঁতক ঈমান পোষণ কৰাত আৰু আনুগত্য কৰাত বাধা প্ৰদান কৰিছিল। ফলত কঠিন শাস্তিৰ বজ্ৰপাতে সিহঁতক আগুৰি ধৰিছিল, অথচ সেই শাস্তিৰ বাবেই সিহঁতে অপেক্ষা কৰি আছিল। কিয়নো তিনিদিন পূৰ্বেই সিহঁতক এই শাস্তিৰ পৰা সতৰ্ক কৰা হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051044.mp3"},{"index":"45","arabicText":"فَمَا اسْتَطَاعُوْا مِنْ قِیَامٍ وَّمَا كَانُوْا مُنْتَصِرِیْنَ ۟ۙ","assameseTranslation":"ফলত সিহঁতে থিয় হ’বলৈকেও সক্ষম নহ’ল আৰু প্ৰতিৰোধো কৰিব নোৱাৰিলে।","footnotes":"","tafseer":"সিহঁতে নিজৰ ওপৰত অহা শাস্তিকো প্ৰতিৰোধ কৰিব পৰা নাছিল, আৰু কেনেকৈ প্ৰতিৰোধ কৰিব, সিহঁতৰ ওচৰত এনেকুৱা কোনো শক্তিও নাছিল যে, ইয়াক বাধা দিব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051045.mp3"},{"index":"46","arabicText":"وَقَوْمَ نُوْحٍ مِّنْ قَبْلُ ؕ اِنَّهُمْ كَانُوْا قَوْمًا فٰسِقِیْنَ ۟۠","assameseTranslation":"আৰু (ধ্বংস কৰিছিলোঁ) ইয়াৰ আগত নূহৰ সম্প্ৰদায়ক, নিশ্চয় সিহঁত আছিল ফাছিক্ব সম্প্ৰদায়।","footnotes":"","tafseer":"এইসকল লোকৰ দৰেই আমি ইহঁতৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়কো ডুবাই ধ্বংস কৰিছিলোঁ। নিশ্চয় সিহঁত আছিল আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱা সম্প্ৰদায়। সেইকাৰণেই সিহঁতে তেওঁৰ শাস্তিৰ সন্মুখীন হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051046.mp3"},{"index":"47","arabicText":"وَالسَّمَآءَ بَنَیْنٰهَا بِاَیْىدٍ وَّاِنَّا لَمُوْسِعُوْنَ ۟","assameseTranslation":"আৰু আমি আমাৰ ক্ষমতাৰ বলত আকাশ নিৰ্মাণ কৰিছোঁ আৰু নিশ্চয় আমি মহাসম্প্ৰসাৰণকাৰী।","footnotes":"","tafseer":"আমিয়েই আকাশ নিৰ্মাণ কৰিছোঁ, আৰু আমাৰ ক্ষমতাৰ বলত মজবুত বনাইছোঁ, তথা আমিয়েই ইয়াক চাৰিওফালে প্ৰসাৰিত কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051047.mp3"},{"index":"48","arabicText":"وَالْاَرْضَ فَرَشْنٰهَا فَنِعْمَ الْمٰهِدُوْنَ ۟","assameseTranslation":"আৰু আমি ভূমিখনক পাৰি দিছোঁ, (চোৱাচোন, আমি) কিমান সুন্দৰ ব্যৱস্থাপনাকাৰী!","footnotes":"","tafseer":"আমিয়েই পৃথিৱীখনক ইয়াৰ অধিবাসীসকলৰ বাবে বিস্তৃত কৰি দিছোঁ আৰু বিছনাৰ দৰে পাৰি দিছোঁ। চোৱাচোন আমি কিমান সুন্দৰ ব্যৱস্থাপনাকাৰী আৰু কিমান সুন্দৰকৈ আমি ইয়াক তেওঁলোকৰ বাবে পাৰি দিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051048.mp3"},{"index":"49","arabicText":"وَمِنْ كُلِّ شَیْءٍ خَلَقْنَا زَوْجَیْنِ لَعَلَّكُمْ تَذَكَّرُوْنَ ۟","assameseTranslation":"আৰু আমি প্ৰতিটো বস্তু যোৰা যোৰাকৈ সৃষ্টি কৰিছোঁ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।","footnotes":"","tafseer":"আমি প্ৰতিটো বস্তু যোৰা যোৰাকৈ সৃষ্টি কৰিছোঁ, নৰ আৰু নাৰী, আকাশ আৰু পৃথিৱী, ভূ-পৃষ্ঠ আৰু সাগৰ, যাতে তোমালোকে আল্লাহৰ তাওহীদৰ প্ৰতি মনোযোগ দিয়া, যিজনে প্ৰত্যেক বস্তুকে যোৰা যোৰাকৈ সৃষ্টি কৰিছে। তথা তেওঁৰ ক্ষমতাৰ প্ৰতি মনোযোগ দিয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051049.mp3"},{"index":"50","arabicText":"فَفِرُّوْۤا اِلَی اللّٰهِ ؕ اِنِّیْ لَكُمْ مِّنْهُ نَذِیْرٌ مُّبِیْنٌ ۟ۚ","assameseTranslation":"এতেকে তোমালোকে আল্লাহৰ ফালে ধাৱিত হোৱা, নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰীহে।","footnotes":"","tafseer":"গতিকে তোমালোকে আল্লাহৰ শাস্তিৰ পৰা আঁতৰি তেওঁৰ ছোৱাবৰ প্ৰতি অগ্ৰসৰ হোৱা আৰু গুনাহৰ পৰা বিৰত থাকি তেওঁৰ আনুগত্যৰ পিনে ঢপলিয়াই আহা। হে মানৱজাতি! নিশ্চয় মই তোমালোকক তেওঁৰ শাস্তিৰ পৰা স্পষ্টৰূপে সতৰ্ক কৰিবলৈ আহিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051050.mp3"},{"index":"51","arabicText":"وَلَا تَجْعَلُوْا مَعَ اللّٰهِ اِلٰهًا اٰخَرَ ؕ اِنِّیْ لَكُمْ مِّنْهُ نَذِیْرٌ مُّبِیْنٌ ۟","assameseTranslation":"আৰু তোমালোকে আল্লাহৰ লগত আন কোনো ইলাহ নিৰ্ধাৰণ নকৰিবা; নিশ্চয় মই তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰীহে।","footnotes":"","tafseer":"তোমালোকে আল্লাহৰ বাহিৰে আনৰ উপাসনা কৰিবলৈ কোনো উপাস্য গ্ৰহণ নকৰিবা। নিশ্চয় মই তোমালোকক এই বিষয়ে স্পষ্টৰূপে সতৰ্ক কৰিবলৈ আহিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051051.mp3"},{"index":"52","arabicText":"كَذٰلِكَ مَاۤ اَتَی الَّذِیْنَ مِنْ قَبْلِهِمْ مِّنْ رَّسُوْلٍ اِلَّا قَالُوْا سَاحِرٌ اَوْ مَجْنُوْنٌ ۟ۚ","assameseTranslation":"এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ ওচৰলৈ যেতিয়াই কোনো ৰাছুল আহিছে, তেতিয়াই সিহঁতে কৈছে, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।","footnotes":"","tafseer":"মক্কাৰ অধিবাসীসকলৰ দৰেই পূৰ্বৱৰ্তী উম্মতৰ লোকসকলেও অস্বীকাৰ কৰিছিল। এতেকে সিহঁতৰ ওচৰত যেতিয়া কোনো ৰাছুল আহিছিল, সিহঁতে তেওঁক যাদুকৰ অথবা উন্মাদ বুলি কৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051052.mp3"},{"index":"53","arabicText":"اَتَوَاصَوْا بِهٖ ۚ بَلْ هُمْ قَوْمٌ طَاغُوْنَ ۟ۚ","assameseTranslation":"সিহঁতে ইজনে সিজনক এই বিষয়ে অছিয়ত কৰিছে নেকি? বৰং সিহঁত হৈছে সীমালঙ্ঘনকাৰী সম্প্ৰদায়।","footnotes":"","tafseer":"পূৰ্বৱৰ্তী কাফিৰসকলে ৰাছুলসকলক অস্বীকাৰ কৰিবলৈ পৰৱৰ্তী কাফিৰসকলক উপদেশ দি থৈ গৈছে নেকি? নহয়, কেতিয়াও নহয়; বৰং সিহঁতৰ অবাধ্যতাই সিহঁতক এই কৰ্মত একত্ৰিত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051053.mp3"},{"index":"54","arabicText":"فَتَوَلَّ عَنْهُمْ فَمَاۤ اَنْتَ بِمَلُوْمٍ ۟","assameseTranslation":"এতেকে তুমি সিহঁতক উপেক্ষা কৰা, তোমাৰ কোনো দোষ নহ’ব।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰীসকলক আওকাণ কৰক। ইয়াৰ ফলত আপোনাক কোনো ধৰণৰ জবাবদিহি কৰা নহ’ব। কিয়নো আপোনাক যি বাৰ্তা পৌঁচাই দিবলৈ নিৰ্দেশ দিয়া হৈছিল, সেইটো আপুনি পৌঁচাই দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051054.mp3"},{"index":"55","arabicText":"وَّذَكِّرْ فَاِنَّ الذِّكْرٰی تَنْفَعُ الْمُؤْمِنِیْنَ ۟","assameseTranslation":"আৰু তুমি উপদেশ দি থাকা, কাৰণ নিশ্চয় উপদেশ মুমিনসকলৰ উপকাৰত আহে।","footnotes":"","tafseer":"সিহঁতক আওকাণ কৰাৰ এইটো অৰ্থ নহয় যে, সিহঁতক ধৰ্মৰ কোনো কথাই নক’ব অথবা উপদেশ নিদিব, বৰং আপুনি সিহঁতক বুজাই থাকক আৰু উপদেশ দি যাওক। কিয়নো নিশ্চয় উপদেশে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা লোকসকলক উপকৃত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051055.mp3"},{"index":"56","arabicText":"وَمَا خَلَقْتُ الْجِنَّ وَالْاِنْسَ اِلَّا لِیَعْبُدُوْنِ ۟","assameseTranslation":"আৰু মই জিন আৰু মানুহক কেৱল এইকাৰণেই সৃষ্টি কৰিছোঁ যে, সিহঁতে যেন কেৱল মোৰেই ইবাদত কৰে।","footnotes":"","tafseer":"মই জিন আৰু মানৱক একমাত্ৰ মোৰ ইবাদতৰ বাবেই সৃষ্টি কৰিছোঁ। মই সিহঁতক মোৰ সৈতে অংশীদাৰ স্থাপন কৰিবলৈ সৃষ্টি কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051056.mp3"},{"index":"57","arabicText":"مَاۤ اُرِیْدُ مِنْهُمْ مِّنْ رِّزْقٍ وَّمَاۤ اُرِیْدُ اَنْ یُّطْعِمُوْنِ ۟","assameseTranslation":"মই সিহঁতৰ পৰা কোনো জীৱিকা নিবিচাৰোঁ আৰু মই এইটোও নিবিচাৰোঁ যে, সিহঁতে মোক খুৱাব।","footnotes":"","tafseer":"মই সিহঁতৰ পৰা জীৱিকা নিবিচাৰোঁ, আৰু এইটোও নিবিচাৰোঁ যে, সিহঁতে মোক আহাৰ কৰাওক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051057.mp3"},{"index":"58","arabicText":"اِنَّ اللّٰهَ هُوَ الرَّزَّاقُ ذُو الْقُوَّةِ الْمَتِیْنُ ۟","assameseTranslation":"নিশ্চয় আল্লাহেই জীৱিকাদাতা, প্ৰবল শক্তিধৰ, মহাপৰাক্ৰমশালী।","footnotes":"","tafseer":"নিশ্চয় আল্লাহেই তেওঁৰ বান্দাসকলৰ জীৱিকাদাতা। সকলোৱে তেওঁৰ জীৱিকাৰেই মুখাপেক্ষী। তেওঁ প্ৰবল সৰ্বশক্তিমান। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। গোটেই মানৱ আৰু জিন জাতি তেওঁৰ ক্ষমতাৰ সন্মুখত শিৰ নতকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051058.mp3"},{"index":"59","arabicText":"فَاِنَّ لِلَّذِیْنَ ظَلَمُوْا ذَنُوْبًا مِّثْلَ ذَنُوْبِ اَصْحٰبِهِمْ فَلَا یَسْتَعْجِلُوْنِ ۟","assameseTranslation":"এতেকে সীমালংঘনকাৰীসকলৰ বাবে আছে সিহঁতৰ সমমতালম্বীসকলৰ দৰেই প্ৰাপ্য (শাস্তি); গতিকে সিহঁতে খৰখেদা কৰিব নালাগে।","footnotes":"","tafseer":"হে ৰাছুল! যিসকলে আপোনাক অস্বীকাৰ কৰি নিজৰ ওপৰত অন্যায় কৰিছে, নিশ্চয় সিহঁতৰ বাবে আছে শাস্তিৰ এটা অংশ, যিদৰে সিহঁতৰ পূৰ্বৱৰ্তী সঙ্গীসকলৰ বাবে আছিল। ইয়াৰ বাবে এটা সময় নিৰ্ধাৰিত আছে। গতিকে সেই সময় অহাৰ পূৰ্বেই তোমালোকে সেই শাস্তিৰ বাবে মোৰ ওচৰত খৰধৰ নকৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051059.mp3"},{"index":"60","arabicText":"فَوَیْلٌ لِّلَّذِیْنَ كَفَرُوْا مِنْ یَّوْمِهِمُ الَّذِیْ یُوْعَدُوْنَ ۟۠","assameseTranslation":"যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে সেইদিনা ধ্বংস অনিবাৰ্য, যি দিৱসটোৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছে।","footnotes":"","tafseer":"কিয়ামতৰ দিনা বিনাশ আৰু ধ্বংস হৈছে সেইসকল লোকৰ বাবে নিৰ্ধাৰিত, যিসকলে আল্লাহক নসাৎ কৰিছে আৰু সিহঁতৰ প্ৰতি আগমন কৰা ৰাছুলক অস্বীকাৰ কৰিছে, সেই দিৱসৰ শাস্তিৰ পৰাই সিহঁতক সতৰ্ক কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/051060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/051060.mp3"}]