[{"index":"1","arabicText":"وَالطُّوْرِ ۟ۙ","assameseTranslation":"শপত তুৰ পৰ্বতৰ,","footnotes":"","tafseer":"আল্লাহে সেই পৰ্বতৰ শপত খাইছে, যি পৰ্বতৰ ওপৰত মুছা আলাইহিচ্ছালামে আল্লাহৰ সৈতে কথা পাতিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052001.mp3"},{"index":"2","arabicText":"وَكِتٰبٍ مَّسْطُوْرٍ ۟ۙ","assameseTranslation":"শপত লিপিবদ্ধ গ্ৰন্থৰ,","footnotes":"","tafseer":"তথা সেই গ্ৰন্থৰ শপত খাইছে, যিখন লিপিবদ্ধ,","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052002.mp3"},{"index":"3","arabicText":"فِیْ رَقٍّ مَّنْشُوْرٍ ۟ۙ","assameseTranslation":"উন্মুক্ত পাতত।","footnotes":"","tafseer":"প্ৰসাৰিত আৰু উন্মুক্ত পাতত। উদাহৰণস্বৰূপে ঐশী গ্ৰন্থসমূহ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052003.mp3"},{"index":"4","arabicText":"وَّالْبَیْتِ الْمَعْمُوْرِ ۟ۙ","assameseTranslation":"শপত বাইতুল মা’মূৰৰ (আবাদ গৃহৰ),","footnotes":"","tafseer":"তথা আকাশত অৱস্থিত সেই পৱিত্ৰ ঘৰৰ শপত খাইছে, যিখন ঘৰক আল্লাহৰ ইবাদতৰ জৰিয়তে ফিৰিস্তাসকলে আবাদ কৰি ৰাখে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052004.mp3"},{"index":"5","arabicText":"وَالسَّقْفِ الْمَرْفُوْعِ ۟ۙ","assameseTranslation":"শপত সুউচ্চ চাদৰ,","footnotes":"","tafseer":"লগতে সুউচ্চ আকাশৰ শপত খাইছে, যিখন পৃথিৱীৰ বাবে চাদস্বৰূপ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052005.mp3"},{"index":"6","arabicText":"وَالْبَحْرِ الْمَسْجُوْرِ ۟ۙ","assameseTranslation":"শপত তৰঙ্গ-বিক্ষুব্ধ উত্তাল সাগৰৰ--","footnotes":"","tafseer":"লগতে পানীৰে ভৰা সাগৰৰ শপত খাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052006.mp3"},{"index":"7","arabicText":"اِنَّ عَذَابَ رَبِّكَ لَوَاقِعٌ ۟ۙ","assameseTranslation":"নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অৱশ্যম্ভাৱী,","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চিতভাৱে কাফিৰসকলৰ ওপৰত আপোনাৰ প্ৰতিপালকৰ শাস্তি আহিবই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052007.mp3"},{"index":"8","arabicText":"مَّا لَهٗ مِنْ دَافِعٍ ۟ۙ","assameseTranslation":"ইয়াক প্ৰতিৰোধ কৰিব পৰা কোনো নাই।","footnotes":"","tafseer":"তেওঁৰ এই শাস্তিক কোনেও ৰোধ কৰিব নোৱাৰে, আনহাতে সিহঁতক কোনেও ৰক্ষাও কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052008.mp3"},{"index":"9","arabicText":"یَّوْمَ تَمُوْرُ السَّمَآءُ مَوْرًا ۟ۙ","assameseTranslation":"যিদিনা প্ৰবলভাৱে আকাশ প্ৰকম্পিত হ’ব,","footnotes":"","tafseer":"যিদিনা আকাশমণ্ডল প্ৰবলভাৱে প্ৰকম্পিত হ’ব, কিয়ামতৰ আগজাননীস্বৰূপে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052009.mp3"},{"index":"10","arabicText":"وَّتَسِیْرُ الْجِبَالُ سَیْرًا ۟ؕ","assameseTranslation":"আৰু পৰ্বতসমূহ দ্ৰুতগতিত পৰিভ্ৰমণ কৰিব;","footnotes":"","tafseer":"পৰ্বতসমূহে স্ব-স্থানৰ পৰা গতি কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052010.mp3"},{"index":"11","arabicText":"فَوَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟ۙ","assameseTranslation":"এতেকে সৰ্বনাশ সেইদিনা অস্বীকাৰকাৰীসকলৰ বাবে,","footnotes":"","tafseer":"সেইদিনা অস্বীকাৰকাৰীসকলৰ বাবে আছে বিনাশ আৰু ধ্বংস, কাৰণ আল্লাহে কাফিৰসকলক শাস্তিৰ প্ৰতিশ্ৰুতি দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052011.mp3"},{"index":"12","arabicText":"الَّذِیْنَ هُمْ فِیْ خَوْضٍ یَّلْعَبُوْنَ ۟ۘ","assameseTranslation":"যিসকলে খেল-ধেমালিৰ ছলনাৰে অসাৰ কৰ্মত লিপ্ত থাকে।","footnotes":"","tafseer":"যিসকলে বাতিল পন্থা অনুসৰণ কৰি খেল-ধেমালিত লিপ্ত হৈ আছে। সিহঁতে আখিৰাতৰ জীৱনক আৰু পুনৰুত্থানক একো ভ্ৰূক্ষেপ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052012.mp3"},{"index":"13","arabicText":"یَوْمَ یُدَعُّوْنَ اِلٰی نَارِ جَهَنَّمَ دَعًّا ۟ؕ","assameseTranslation":"সেইদিনা সিহঁতক জাহান্নামৰ জুইৰ ফালে গতিয়াই খেদি লৈ যোৱা হ’ব,","footnotes":"","tafseer":"যিদিনা সিহঁতক গতিয়াই জাহান্নামৰ ফালে খেদি লৈ যোৱা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052013.mp3"},{"index":"14","arabicText":"هٰذِهِ النَّارُ الَّتِیْ كُنْتُمْ بِهَا تُكَذِّبُوْنَ ۟","assameseTranslation":"‘এইটোৱে হৈছে সেই জাহান্নাম যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।","footnotes":"","tafseer":"তথা সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ এইটোৱেই হৈছে সেই অগ্নি, যিটোৰ বিষয়ে ৰাছুলে তোমালোকক সতৰ্ক কৰিছিল, যাক তোমালোকে অস্বীকাৰ কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052014.mp3"},{"index":"15","arabicText":"اَفَسِحْرٌ هٰذَاۤ اَمْ اَنْتُمْ لَا تُبْصِرُوْنَ ۟ۚ","assameseTranslation":"এইটো যাদু নেকি? নে তোমালোকে দেখা নোপোৱা!","footnotes":"","tafseer":"তোমালোকে এতিয়া প্ৰত্যক্ষ কৰা এই শাস্তিটো যাদু নেকি বাৰু? নে তোমালোকে দেখাই পোৱা নাই?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052015.mp3"},{"index":"16","arabicText":"اِصْلَوْهَا فَاصْبِرُوْۤا اَوْ لَا تَصْبِرُوْا ۚ سَوَآءٌ عَلَیْكُمْ ؕ اِنَّمَا تُجْزَوْنَ مَا كُنْتُمْ تَعْمَلُوْنَ ۟","assameseTranslation":"তোমালোকে জুইত প্ৰৱেশ কৰা, তাৰ পিছত তোমালোকে ধৈৰ্য্য ধাৰণ কৰা বা নকৰা উভয়েই তোমালোকৰ বাবে সমান। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।","footnotes":"","tafseer":"এই জাহান্নামৰ জুইৰ গৰমৰ সোৱাদ লোৱা, তথা উপভোগ কৰা। তোমালোকে এই জুইৰ উত্তাপ সহ্য কৰা বা নকৰা, দুয়োটাই তোমালোকৰ বাবে সমান। আজি তোমালোকক সেই কুফৰী আৰু গুনাহৰ বাবেই শাস্তি বিহা হ’ব, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052016.mp3"},{"index":"17","arabicText":"اِنَّ الْمُتَّقِیْنَ فِیْ جَنّٰتٍ وَّنَعِیْمٍ ۟ۙ","assameseTranslation":"নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰাচুৰ্যসমূহৰ মাজত।","footnotes":"","tafseer":"আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বীসকলে নিশ্চিতভাৱে জান্নাতত এনেকুৱা মহা নিয়ামতৰ মাজত থাকিব, যিবোৰ কেতিয়াও সমাপ্ত নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052017.mp3"},{"index":"18","arabicText":"فٰكِهِیْنَ بِمَاۤ اٰتٰىهُمْ رَبُّهُمْ ۚ وَوَقٰىهُمْ رَبُّهُمْ عَذَابَ الْجَحِیْمِ ۟","assameseTranslation":"তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক যি প্ৰদান কৰিছে সেয়া তেওঁলোকে উপভোগ কৰিব, লগতে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক ৰক্ষা কৰিব জ্বলন্ত অগ্নিৰ শাস্তিৰ পৰা,","footnotes":"","tafseer":"আল্লাহে প্ৰদান কৰা বিভিন্ন প্ৰকাৰৰ পানাহাৰ তেওঁলোকে উপভোগ কৰিব, তথা স্ত্ৰীসকলৰ দ্বাৰা উপকৃত হ’ব। আল্লাহে তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব। এইদৰে তেওঁলোকে ভোগ-সামগ্ৰী অৰ্জনত সফলতা লাভ কৰিব আৰু অপ্ৰীতিকৰ বস্তুৰ পৰা ৰক্ষা পোৱাৰ ক্ষেত্ৰতো সফলতা অৰ্জন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052018.mp3"},{"index":"19","arabicText":"كُلُوْا وَاشْرَبُوْا هَنِیْٓـًٔا بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟ۙ","assameseTranslation":"(তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদান হিচাপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা;","footnotes":"","tafseer":"তেওঁলোকক কোৱা হ’বঃ মনে যি বিচাৰে সেইটোৱে পানাহাৰ কৰা। তোমালোকৰ এই পানাহাৰৰ ফলত কোনো ধৰণৰ ক্ষয়-ক্ষতি নহ’ব। এইটো হৈছে দৰচলতে পৃথিৱীত কৰা তোমালোকৰ কৰ্মৰ প্ৰতিদানহে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052019.mp3"},{"index":"20","arabicText":"مُتَّكِـِٕیْنَ عَلٰی سُرُرٍ مَّصْفُوْفَةٍ ۚ وَزَوَّجْنٰهُمْ بِحُوْرٍ عِیْنٍ ۟","assameseTranslation":"তেওঁলোকে শ্ৰেণীবদ্ধভাৱে সুসজ্জিত আসনত আউজী বহিব; আৰু আমি তেওঁলোকৰ মিলন ঘটাম মৃগনয়নী ডাঙৰ চকুবিশিষ্টা হুৰৰ সৈতে;","footnotes":"","tafseer":"সুসৌন্দৰ্যময় আসনত তেওঁলোকে আউজি বহিব, সেই আসনবোৰ ওচৰা-ওচৰিকৈ থাকিব তথা ইজনে সিজনৰ সন্মুখত থাকিব। লগতে আমি তেওঁলোকক মৃগনয়নী ডাঙৰ চকু বিশিষ্টা ধুনীয়া নাৰীৰ সৈতে বিবাহ বন্ধনত আৱদ্ধ কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052020.mp3"},{"index":"21","arabicText":"وَالَّذِیْنَ اٰمَنُوْا وَاتَّبَعَتْهُمْ ذُرِّیَّتُهُمْ بِاِیْمَانٍ اَلْحَقْنَا بِهِمْ ذُرِّیَّتَهُمْ وَمَاۤ اَلَتْنٰهُمْ مِّنْ عَمَلِهِمْ مِّنْ شَیْءٍ ؕ كُلُّ امْرِىۢ بِمَا كَسَبَ رَهِیْنٌ ۟","assameseTranslation":"আৰু যিসকলে ঈমান আনিছে আৰু তেওঁলোকৰ সন্তান-সন্ততিও ঈমানৰ ক্ষেত্ৰত তেওঁলোকৰ অনুগামী হৈছে, আমি তেওঁলোকৰ লগত তেওঁলোকৰ সন্তান-সন্ততিক একত্ৰিত কৰিম, আৰু তেওঁলোকৰ কৰ্মফল আমি অলপো হ্ৰাস নকৰিম; প্ৰত্যেক ব্যক্তিয়েই নিজৰ কৃতকৰ্মৰ বাবে দায়ী।","footnotes":"","tafseer":"যিসকল লোকে ঈমান আনিছে, আৰু তেওঁলোকৰ সন্তানসকলেও ঈমান পোষণ কৰি তেওঁলোকৰ অনুসৰণ কৰিছে, আমি সেই সন্তানসকলকো তেওঁলোকৰ সৈতে একত্ৰিত কৰিম, যদিও সন্তানসকলে তেওঁলোকৰ সমান আমল কৰা নাই। আমি তেওঁলোকৰ আমলৰ প্ৰতিদান দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালি নকৰোঁ। আনহাতে প্ৰত্যেক ব্যক্তিয়ে নিজৰ বেয়া কৰ্মৰ বাবে নিজে জগৰীয়া। অন্য কোনো ব্যক্তিয়ে তাৰ এই বোজা লাঘৱ কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052021.mp3"},{"index":"22","arabicText":"وَاَمْدَدْنٰهُمْ بِفَاكِهَةٍ وَّلَحْمٍ مِّمَّا یَشْتَهُوْنَ ۟","assameseTranslation":"আৰু আমি তেওঁলোকক অতিৰিক্ত প্ৰদান কৰিম ফল-মূল আৰু মাংস, যিবোৰ তেওঁলোকে কামনা কৰিব।","footnotes":"","tafseer":"আমি জান্নাতৰ এই অধিবাসীসকলক বিভিন্ন প্ৰকাৰৰ ফল-মূল দান কৰিম, লগতে তেওঁলোকৰ মনে বিচৰা মাংসও প্ৰদান কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052022.mp3"},{"index":"23","arabicText":"یَتَنَازَعُوْنَ فِیْهَا كَاْسًا لَّا لَغْوٌ فِیْهَا وَلَا تَاْثِیْمٌ ۟","assameseTranslation":"তাত তেওঁলোকে পৰস্পৰে পানপাত্ৰ আদান-প্ৰদান কৰিব, তাত কোনো নিৰৰ্থক কথা-বতৰা নাথাকিব আৰু কোনো পাপকৰ্মও নাথাকিব।","footnotes":"","tafseer":"জান্নাতত তেওঁলোকে পৰস্পৰে সুৰাৰ পিয়লা আদান-প্ৰদান কৰিব, কিন্তু সেই সুৰা পান কৰাৰ ফলত কোনো ধৰণৰ অনৰ্থক কথা নোলাব আৰু সেই সুৰাৰ সেৱন গুনাহৰো কাৰণ নহ’ব, যিদৰে পৃথিৱীত মাতাল হৈ অনৰ্থক কথা কৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052023.mp3"},{"index":"24","arabicText":"وَیَطُوْفُ عَلَیْهِمْ غِلْمَانٌ لَّهُمْ كَاَنَّهُمْ لُؤْلُؤٌ مَّكْنُوْنٌ ۟","assameseTranslation":"আৰু তাত তেওঁলোকৰ সেৱাত চাৰিওফালে ঘুৰি থাকিব কিশোৰসকলৰ দল; সিহঁত দেখাত যেনিবা সুৰক্ষিত মুকুতাহে।","footnotes":"","tafseer":"তেওঁলোকৰ চাৰিওফালে সেৱাত নিয়োজিত থাকিব কিশোৰসকলৰ এটা দল। সেই কিশোৰসকল হ’ব পৰিস্কাৰ-পৰিচ্ছন্ন আৰু শুভ্ৰ উজ্জল আটক ধুনীয়া, যেনিবা সুৰক্ষিত মুকুতা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052024.mp3"},{"index":"25","arabicText":"وَاَقْبَلَ بَعْضُهُمْ عَلٰی بَعْضٍ یَّتَسَآءَلُوْنَ ۟","assameseTranslation":"আৰু তেওঁলোকে ইজনে সিজনৰ ফালে চাই সোধ-পোছ কৰিব,","footnotes":"","tafseer":"জান্নাতীসকলে ইজনে সিজনক পাৰ্থিৱ জীৱনৰ অৱস্থা সম্পৰ্কে সোধ-পোচ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052025.mp3"},{"index":"26","arabicText":"قَالُوْۤا اِنَّا كُنَّا قَبْلُ فِیْۤ اَهْلِنَا مُشْفِقِیْنَ ۟","assameseTranslation":"তেওঁলোকে ক’ব, ‘নিশ্চয় আমি ইতিপূৰ্বে আমাৰ পৰিয়াল বৰ্গৰ মাজত শংকিত অৱস্থাত আছিলোঁ’।","footnotes":"","tafseer":"তেতিয়া তেওঁলোকে উত্তৰ দিবঃ আমি পৃথিৱীত পৰিয়ালবৰ্গৰ মাজত থকা অৱস্থাতো আল্লাহৰ শাস্তিক ভয় কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052026.mp3"},{"index":"27","arabicText":"فَمَنَّ اللّٰهُ عَلَیْنَا وَوَقٰىنَا عَذَابَ السَّمُوْمِ ۟","assameseTranslation":"তাৰ পিছত আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰিছে।","footnotes":"","tafseer":"আল্লাহে আমাৰ ওপৰত উপকাৰ কৰি আমাক ইছলাম গ্ৰহণ কৰাৰ তাওফীক প্ৰদান কৰিছিল। লগতে তেৱেঁই আমাক প্ৰচণ্ড উত্তপ্ত শাস্তিৰ পৰা ৰক্ষা কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052027.mp3"},{"index":"28","arabicText":"اِنَّا كُنَّا مِنْ قَبْلُ نَدْعُوْهُ ؕ اِنَّهٗ هُوَ الْبَرُّ الرَّحِیْمُ ۟۠","assameseTranslation":"নিশ্চয় আমি আগতেও তেওঁকেই আহ্বান কৰিছিলোঁ; নিশ্চয় তেওঁ কৃপাময়, পৰম দয়ালু।","footnotes":"","tafseer":"পাৰ্থিৱ জীৱনত আমি তেওঁৰেই ইবাদত কৰিছিলোঁ, আৰু তেওঁৰ ওচৰতেই জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা পোৱাৰ বাবে প্ৰাৰ্থনা কৰিছিলোঁ। নিশ্চয় তেওঁ পৰোপকাৰী, বান্দাসকলৰ প্ৰতিশ্ৰুতি পূৰণত সত্যবাদী, তেওঁলোকৰ প্ৰতি পৰম দয়ালু। এতেকে তেওঁৰ কৃপাৰ ফলতেই আমি ঈমান পোষণ কৰিছোঁ আৰু জান্নাতত প্ৰৱেশ কৰিছোঁ তথা জাহান্নামৰ পৰা ৰক্ষা পাইছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052028.mp3"},{"index":"29","arabicText":"فَذَكِّرْ فَمَاۤ اَنْتَ بِنِعْمَتِ رَبِّكَ بِكَاهِنٍ وَّلَا مَجْنُوْنٍ ۟ؕ","assameseTranslation":"এতেকে তুমি উপদেশ দি থাকা, কাৰণ তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি গণকো নহয় আৰু উন্মাদো নহয়।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কোৰআনৰ জৰিয়তে উপদেশ দি থাকক। আল্লাহে আপোনাক যি ঈমান আৰু বিবেক দান কৰিছে, ইয়াৰ ফলত আপুনি কোনো গণকো নহয় যে, জিনৰ পৰামৰ্শ মতে আপুনি কাম কৰে, নাইবা আপুনি কোনো উন্মাদো নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052029.mp3"},{"index":"30","arabicText":"اَمْ یَقُوْلُوْنَ شَاعِرٌ نَّتَرَبَّصُ بِهٖ رَیْبَ الْمَنُوْنِ ۟","assameseTranslation":"সিহঁতে কয় নেকি যে, এওঁ (মুহাম্মদ) হৈছে এজন কবি? আমি তাৰ মৃত্যুৰ প্ৰতীক্ষা কৰিছোঁ।","footnotes":"","tafseer":"বৰং এই অস্বীকাৰকাৰীসকলে কয়ঃ মুহাম্মদ কোনো ৰাছুল নহয়, বৰং তেওঁ হৈছে এজন কবি। আমি অপেক্ষা কৰি আছোঁ, মৃত্যুৱে এওঁক সাৱটি লওক; যাতে আমি শান্তিত থাকিব পাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052030.mp3"},{"index":"31","arabicText":"قُلْ تَرَبَّصُوْا فَاِنِّیْ مَعَكُمْ مِّنَ الْمُتَرَبِّصِیْنَ ۟ؕ","assameseTranslation":"কোৱা, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছোঁ’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে মোৰ মৃত্যুৰ অপেক্ষা কৰা, আৰু মই সেই শাস্তিৰ অপেক্ষা কৰি আছোঁ যিটো তোমালোকৰ ওপৰত আহিব, কাৰণ তোমালোকে মোক অস্বীকাৰ কৰিছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052031.mp3"},{"index":"32","arabicText":"اَمْ تَاْمُرُهُمْ اَحْلَامُهُمْ بِهٰذَاۤ اَمْ هُمْ قَوْمٌ طَاغُوْنَ ۟ۚ","assameseTranslation":"সিহঁতৰ বিবেক-বুদ্ধিয়ে সিহঁতক এই আদেশ দিয়ে নেকি? নে সিহঁত সীমালংঘনকাৰী সম্প্ৰদায়?","footnotes":"","tafseer":"সিহঁতৰ বিবেকে সিহঁতক এই কথা ক’বলৈ আদেশ দিয়ে নেকি যে, মুহাম্মদ হৈছে এজন গণক তথা তেওঁ এজন উন্মাদ ব্যক্তি? দৰাচলতে সিহঁতে এজন ব্যক্তিৰ মাজত এনেকুৱা বৈশিষ্ট্য একত্ৰিত কৰিব বিচাৰে, যিটো কেতিয়াও সম্ভৱ নহয়। বৰং সিহঁত হৈছে সীমালঙ্ঘনকাৰী সম্প্ৰদায়। সিহঁতে চৰীয়তৰ পিনেও প্ৰত্যাৱৰ্তন নকৰে আৰু বিবেকৰ প্ৰতিও নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052032.mp3"},{"index":"33","arabicText":"اَمْ یَقُوْلُوْنَ تَقَوَّلَهٗ ۚ بَلْ لَّا یُؤْمِنُوْنَ ۟ۚ","assameseTranslation":"নে সিহঁতে কয় যে, ‘এইখন তেওঁ নিজেই ৰচনা কৰিছে’? বৰং সিহঁতে ঈমান পোষণ নকৰিব।","footnotes":"","tafseer":"অথবা সিহঁতে এই কথা কয় নেকি যে, মুহাম্মদে এই কোৰআনখন নিজেই ৰচনা কৰিছে, তেওঁৰ প্ৰতি ইয়াক অহী কৰা নাই, প্ৰকৃততে তেওঁ ইয়াক ৰচনা কৰা নাই। বৰং সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত অহংকাৰ কৰিছে। সেইকাৰণেই সিহঁতে ইয়াৰ প্ৰতি মিছা আৰোপ কৰি কয় যে, তেওঁ ইয়াক ৰচনা কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052033.mp3"},{"index":"34","arabicText":"فَلْیَاْتُوْا بِحَدِیْثٍ مِّثْلِهٖۤ اِنْ كَانُوْا صٰدِقِیْنَ ۟ؕ","assameseTranslation":"এতেকে সিহঁত যদি সত্যবাদী হয়, তেতিয়াহ’লে সিহঁতে ইয়াৰ দৰে কোনো বাণী লৈ আহকচোন!","footnotes":"","tafseer":"এতেকে সিহঁতে এই কোৰআনৰ দৰেই কোনো বাণী লৈ আহকচোন, দৰকাৰ হ’লে ৰচনা কৰিয়ে লৈ আহক। সঁচাই যদি সিহঁতে নিজৰ এই দাবীত সত্যবাদী হয় যে, মুহাম্মদে ইয়াক নিজেই ৰচনা কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052034.mp3"},{"index":"35","arabicText":"اَمْ خُلِقُوْا مِنْ غَیْرِ شَیْءٍ اَمْ هُمُ الْخٰلِقُوْنَ ۟ؕ","assameseTranslation":"সিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা?","footnotes":"","tafseer":"সিহঁতে সৃষ্টিকৰ্তা নোহোৱাকৈয়ে সৃষ্টি হৈছে নেকি? নে সিহঁতে নিজেই নিজকে সৃষ্টি কৰিছে? সৃষ্টিকৰ্তা নোহোৱাকৈ কোনো সৃষ্টিয়েই অস্তিত্ব লাভ কৰা সম্ভৱ নহয়। এইদৰে কোনো সৃষ্টিয়েও নিজেই নিজকে সৃষ্টি কৰিবলৈ সক্ষম নহয়। তথাপিও সিহঁতে নিজৰ সৃষ্টিকৰ্তাৰ ইবাদত কিয় নকৰে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052035.mp3"},{"index":"36","arabicText":"اَمْ خَلَقُوا السَّمٰوٰتِ وَالْاَرْضَ ۚ بَلْ لَّا یُوْقِنُوْنَ ۟ؕ","assameseTranslation":"অথবা সিহঁতে আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে নেকি? বৰং সিহঁতে দৃঢ় বিশ্বাস নকৰে।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীক সিহঁতে সৃষ্টি কৰিছে নেকি? দৰাচলতে সিহঁতে বিশ্বাসেই নকৰে যে, আল্লাহেই হৈছে সিহঁতৰ সৃষ্টিকৰ্তা। কিয়নো যদি সিহঁতে বিশ্বাস কৰিলেহেঁতেন তেন্তে নিশ্চয় তেওঁক একক বুলি স্বীকাৰ কৰিলেহেঁতেন আৰু তেওঁৰ ৰাছুলৰ ওপৰত ঈমান আনিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052036.mp3"},{"index":"37","arabicText":"اَمْ عِنْدَهُمْ خَزَآىِٕنُ رَبِّكَ اَمْ هُمُ الْمُصَۜیْطِرُوْنَ ۟ؕ","assameseTranslation":"নে সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ গোপন কোনো ভাণ্ডাৰ আছে? নে সিহঁতেই সকলো বস্তুৰ নিয়ন্ত্ৰণকাৰী?","footnotes":"","tafseer":"অথবা সিহঁতৰ ওচৰত আপোনাৰ প্ৰতিপালকৰ জীৱিকা ভাণ্ডাৰ আছে নেকি, ফলত সিহঁতে যাক ইচ্ছা দান কৰিব আৰু যাক ইচ্ছা বঞ্চিত কৰিব?! তথা সিহঁতে যাক ইচ্ছা কৰিব নুবুওৱত দান কৰিব আৰু যাক ইচ্ছা কৰিব আঁতৰাই ৰাখিব? নে সিহঁতক নিজ ইচ্ছা মতে ব্যয় কৰাৰ অধিকাৰ দিয়া হৈছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052037.mp3"},{"index":"38","arabicText":"اَمْ لَهُمْ سُلَّمٌ یَّسْتَمِعُوْنَ فِیْهِ ۚ فَلْیَاْتِ مُسْتَمِعُهُمْ بِسُلْطٰنٍ مُّبِیْنٍ ۟ؕ","assameseTranslation":"নে সিহঁতৰ ওচৰত জখলা আছে, য’ত আৰোহণ কৰি সিহঁতে (উৰ্দ্ধজগতৰ কথা) শুনিবলৈ পায়? তেন্তে সিহঁতে শুনা পোৱা সেই স্পষ্ট প্ৰমাণটো লৈ আহকচোন!","footnotes":"","tafseer":"অথবা সিহঁতৰ ওচৰত চিৰি আছে নেকি, যাৰ সহায়ত সিহঁতে আকাশত আৰোহণ কৰি আল্লাহৰ অহী শ্ৰৱণ কৰে যে, সিহঁত সত্য পথত আছে? এতেকে সিহঁতৰ মাজৰ যিয়ে সেই অহী শুনা পাইছে, সিয়ে স্পষ্ট প্ৰমাণ লৈ অহা উচিত, যিটোৱে প্ৰমাণ কৰিব সিহঁতৰ এই দাবী সত্য যে, সিহঁত সত্যৰ ওপৰত প্ৰতিষ্ঠিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052038.mp3"},{"index":"39","arabicText":"اَمْ لَهُ الْبَنٰتُ وَلَكُمُ الْبَنُوْنَ ۟ؕ","assameseTranslation":"নে কন্যা সন্তান তেওঁৰ বাবে; আৰু পুত্ৰ সন্তান তোমালোকৰ বাবে?","footnotes":"","tafseer":"অথবা সেই পৱিত্ৰ আল্লাহৰ কন্যা সন্তান থকা বুলি তোমালোকে বিশ্বাস কৰা নেকি, যিটোক তোমালোকে নিজেই অপছন্দ কৰা, পক্ষান্তৰে তোমালোকে নিজৰ বাবে পুত্ৰ সন্তান পছন্দ কৰা, যিটো তোমালোকৰ দৃষ্টিত প্ৰিয়?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052039.mp3"},{"index":"40","arabicText":"اَمْ تَسْـَٔلُهُمْ اَجْرًا فَهُمْ مِّنْ مَّغْرَمٍ مُّثْقَلُوْنَ ۟ؕ","assameseTranslation":"(হে নবী!) তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে?","footnotes":"","tafseer":"অথবা হে ৰাছুল! আপুনি আপোনাৰ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়াৰ বাবে সিহঁতৰ পৰা কোনো পাৰিশ্ৰমিক বিচাৰে নেকি? যাৰ ফলত সিহঁতে ইয়াক দুৰ্বহ বোজা বুলি গণ্য কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052040.mp3"},{"index":"41","arabicText":"اَمْ عِنْدَهُمُ الْغَیْبُ فَهُمْ یَكْتُبُوْنَ ۟ؕ","assameseTranslation":"নে সিহঁতৰ ওচৰত গায়েবৰ কোনো জ্ঞান আছে? যিটো সিহঁতে লিখি ৰাখে!","footnotes":"","tafseer":"অথবা সিহঁতৰ ওচৰত কোনো গায়েবী জ্ঞান আছে নেকি, গায়েবৰ যিবোৰ জ্ঞান সিহঁতে আহৰণ কৰে সেইবোৰ সিহঁতে মানুহৰ বাবে লিখি লয়, আৰু মানুহক সেইখিনিয়ে অৱগত কৰায়, যিখিনি সিহঁতে অৱগত কৰাব বিচাৰে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052041.mp3"},{"index":"42","arabicText":"اَمْ یُرِیْدُوْنَ كَیْدًا ؕ فَالَّذِیْنَ كَفَرُوْا هُمُ الْمَكِیْدُوْنَ ۟ؕ","assameseTranslation":"নে সিহঁতে কোনো ষড়যন্ত্ৰ কৰিব বিচাৰিছে? (জানি থোৱা) যিসকলে কুফৰী কৰে সিহঁতেই হ’ব ষড়যন্ত্ৰৰ চিকাৰ।","footnotes":"","tafseer":"অথবা এই অস্বীকাৰকাৰীসকলে আপোনাৰ সৈতে আৰু আপোনাৰ ধৰ্মৰ সৈতে কোনো চক্ৰান্ত কৰিব বিচাৰে নেকি? এতেকে আপুনি আল্লাহৰ ওপৰত ভৰসা কৰক। কিয়নো যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে সিহঁতেই এই চক্ৰান্তৰ বলি হ’ব, আপুনি নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052042.mp3"},{"index":"43","arabicText":"اَمْ لَهُمْ اِلٰهٌ غَیْرُ اللّٰهِ ؕ سُبْحٰنَ اللّٰهِ عَمَّا یُشْرِكُوْنَ ۟","assameseTranslation":"নে আল্লাহৰ বাহিৰে সিহঁতৰ কোনো ইলাহ আছে? (জানি থোৱা) সিহঁতে যি শ্বিৰ্ক কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ।","footnotes":"","tafseer":"অথবা আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সত্য উপাস্য আছে নেকি, আল্লাহ পৱিত্ৰ সেই সকলো অংশীদাৰৰ পৰা যিবোৰ সিহঁতে তেওঁৰ সৈতে সম্পৃক্ত কৰে। ওপৰত যিবোৰ কথা আলোচনা কৰা হ’ল, সেইবোৰ কেতিয়াও হোৱা নাই আৰু ভৱিষ্যতেও সেইবোৰ কল্পনা কৰিব নোৱাৰি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052043.mp3"},{"index":"44","arabicText":"وَاِنْ یَّرَوْا كِسْفًا مِّنَ السَّمَآءِ سَاقِطًا یَّقُوْلُوْا سَحَابٌ مَّرْكُوْمٌ ۟","assameseTranslation":"আৰু আকাশৰ কোনো টুকুৰা ভাগি পৰা দেখিলেও সিহঁতে ক’ব, ‘এইটো এটা পুঞ্জিভূত মেঘ’।","footnotes":"","tafseer":"সিহঁতে যদি আকাশৰ কোনো এটা টুকুৰা ভাঙিও পৰা দেখা পায়, তথাপিও ইয়াক পুঞ্জীভূত মেঘ বুলিহে ধাৰণা কৰিব। সিহঁতে উপদেশো গ্ৰহণ নকৰিব আৰু ঈমানো পোষণ নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052044.mp3"},{"index":"45","arabicText":"فَذَرْهُمْ حَتّٰی یُلٰقُوْا یَوْمَهُمُ الَّذِیْ فِیْهِ یُصْعَقُوْنَ ۟ۙ","assameseTranslation":"এতেকে সিহঁতক এৰি দিয়া সেই দিৱসলৈকে, যিদিনা সিহঁত বজ্ৰাঘাতৰ ফলত অচেতন হৈ পৰিব।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক সিহঁতৰ বিদ্বেষ আৰু অস্বীকাৰ অৱস্থাতেই এৰি দিয়ক, যাতে সিহঁত গৈ গৈ সেই দিৱসত উপনীত হয়, যিদিনা সিহঁতক শাস্তি বিহা হ’ব। সেইটো হৈছে কিয়ামতৰ দিৱস।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052045.mp3"},{"index":"46","arabicText":"یَوْمَ لَا یُغْنِیْ عَنْهُمْ كَیْدُهُمْ شَیْـًٔا وَّلَا هُمْ یُنْصَرُوْنَ ۟ؕ","assameseTranslation":"সেইদিনা সিহঁতৰ ষড়যন্ত্ৰ কোনো কামত নাহিব আৰু সিহঁতক সহায়ও কৰা নহ’ব।","footnotes":"","tafseer":"যিদিনা সিহঁতৰ কোনো চক্ৰান্তই কামত নাহিব। শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ সিহঁতক কোনো ধৰণৰ সহায়ো কৰা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052046.mp3"},{"index":"47","arabicText":"وَاِنَّ لِلَّذِیْنَ ظَلَمُوْا عَذَابًا دُوْنَ ذٰلِكَ وَلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"নিশ্চয় ইয়াৰ বাহিৰেও আৰু শাস্তি আছে সীমালংঘনকাৰীসকলৰ বাবে। কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে।","footnotes":"","tafseer":"যিসকলে শ্বিৰ্ক আৰু পাপকৰ্মৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে, আখিৰাতৰ শাস্তিৰ পূৰ্বেই সিহঁতক শাস্তি বিহা হ’ব। পৃথিৱীত হত্যা আৰু বন্দীত্বৰ শাস্তি আৰু বাৰঝাখত কবৰৰ শাস্তি। কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকেই এই বিষয়টো নাজানে। সেইকাৰণেই সিহঁতে কুফৰীৰ ওপৰত অবিচল থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052047.mp3"},{"index":"48","arabicText":"وَاصْبِرْ لِحُكْمِ رَبِّكَ فَاِنَّكَ بِاَعْیُنِنَا وَسَبِّحْ بِحَمْدِ رَبِّكَ حِیْنَ تَقُوْمُ ۟ۙ","assameseTranslation":"আৰু তুমি তোমাৰ প্ৰতিপালকৰ সিদ্ধান্তৰ অপেক্ষত ধৈৰ্য্য ধাৰণ কৰা; কাৰণ তুমি আমাৰ চুকুৰ সন্মুখতে আছা। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি আপোনাৰ প্ৰতিপালকৰ সিদ্ধান্ত আৰু তেওঁৰ শ্বাৰঈ বিধান নহালৈকে ধৈৰ্য্য ধাৰণ কৰক। নিশ্চিতভাৱে আপুনি মোৰ দৃষ্টিৰ সন্মুখত আছে তথা সুৰক্ষাবেষ্টনীৰ মাজত আছে। এতেকে আপুনি টোপনিৰ পৰা উঠি আপোনাৰ প্ৰতিপালকৰ পৱিত্ৰতাৰ সৈতে প্ৰশংসা কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052048.mp3"},{"index":"49","arabicText":"وَمِنَ الَّیْلِ فَسَبِّحْهُ وَاِدْبَارَ النُّجُوْمِ ۟۠","assameseTranslation":"আৰু তেওঁৰ পৱিত্ৰতা ঘোষণা কৰা নিশাৰ ভাগত আৰু তৰাবোৰ অস্তমিত হোৱাৰ পিছত।","footnotes":"","tafseer":"ৰাতিৰ এটা অংশতো তেওঁৰ পৱিত্ৰতা বৰ্ণনা কৰক তথা তেওঁৰ বাবে চালাত আদায় কৰক। তথা ফজৰৰ চালাত আদায় কৰক যেতিয়া তৰাবোৰ সূৰ্য্যৰ কিৰণৰ ফলত অদৃশ্য হৈ যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/052049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/052049.mp3"}]