[{"index":"1","arabicText":"اِقْتَرَبَتِ السَّاعَةُ وَانْشَقَّ الْقَمَرُ ۟","assameseTranslation":"কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হৈছে,","footnotes":"","tafseer":"কিয়ামত নিকটৱৰ্তী হৈছে, আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত চন্দ্ৰ দ্বিখণ্ডিত হৈছিল। লগতে চন্দ্ৰ দ্বিখণ্ডিত হোৱা বিষয়টো হৈছে বাস্তৱ নিদৰ্শন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054001.mp3"},{"index":"2","arabicText":"وَاِنْ یَّرَوْا اٰیَةً یُّعْرِضُوْا وَیَقُوْلُوْا سِحْرٌ مُّسْتَمِرٌّ ۟","assameseTranslation":"আৰু সিহঁতে কোনো নিদৰ্শন দেখিলে মুখ ঘূৰাই লয় আৰু কয়, ‘এয়াতো চিৰাচৰিত যাদুহে’।","footnotes":"","tafseer":"মুশ্বৰিকসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতা সম্পৰ্কে কোনো প্ৰমাণ দেখিলেই মুখ ঘূৰাই লয়, তথা সেইবোৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। লগতে কয়ঃ আমি দেখা এই প্ৰমাণবোৰ হৈছে যাদু তথা অসত্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054002.mp3"},{"index":"3","arabicText":"وَكَذَّبُوْا وَاتَّبَعُوْۤا اَهْوَآءَهُمْ وَكُلُّ اَمْرٍ مُّسْتَقِرٌّ ۟","assameseTranslation":"আৰু সিহঁতে অস্বীকাৰ কৰে আৰু নিজ নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, অথচ প্ৰতিটো বিষয়েই শেষ লক্ষ্যত উপনীত হ’ব।","footnotes":"","tafseer":"সিহঁতৰ ওচৰলৈ অহা সত্যক সিহঁতে অস্বীকাৰ কৰিছে, আৰু এইক্ষেত্ৰত সিহঁতে নিজৰ ইচ্ছাৰ অনুসৰণ কৰিছে। ভাল হওক অথবা বেয়া, কিয়ামতৰ দিনা প্ৰত্যেকেই উচিত প্ৰাপ্য লাভ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054003.mp3"},{"index":"4","arabicText":"وَلَقَدْ جَآءَهُمْ مِّنَ الْاَنْۢبَآءِ مَا فِیْهِ مُزْدَجَرٌ ۟ۙ","assameseTranslation":"আৰু নিশ্চয় সিহঁতৰ ওচৰলৈ আহি পাইছে সংবাদসমূহ, য’ত আছে সতৰ্কবাণী,","footnotes":"","tafseer":"নিশ্চয় সিহঁতৰ ওচৰলৈ সেইসমূহ উম্মতৰ সংবাদ আহি পৰিছে, যিসকলক আল্লাহে সিহঁতৰ কুফৰী আৰু অন্যায় কৰ্মৰ বাবে ধ্বংস কৰিছিল। এতেকে এই সংবাদেই সিহঁতক কুফৰী আৰু অন্যায় কৰ্মৰ পৰা বিৰত ৰাখিবলৈ যথেষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054004.mp3"},{"index":"5","arabicText":"حِكْمَةٌ بَالِغَةٌ فَمَا تُغْنِ النُّذُرُ ۟ۙ","assameseTranslation":"এইখন হৈছে পৰিপূৰ্ণ জ্ঞানগৰ্ভ বাণী, কিন্তু এই সতৰ্কবাণী সিহঁতৰ কোনো কামত অহা নাই।","footnotes":"","tafseer":"সিহঁতৰ ওচৰলৈ যি সংবাদ আহি পৰিছে, সেয়া হিকমতেৰে পৰিপূৰ্ণ, যাতে সিহঁতৰ বাবে অজুহাত উত্থাপনৰ সকলো দুৱাৰ বন্ধ হৈ যায়। গতিকে যিসকল লোকে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, সিহঁতক সতৰ্কবাণীয়ে কোনো ধৰণৰ উপকাৰ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054005.mp3"},{"index":"6","arabicText":"فَتَوَلَّ عَنْهُمْ ۘ یَوْمَ یَدْعُ الدَّاعِ اِلٰی شَیْءٍ نُّكُرٍ ۟ۙ","assameseTranslation":"এতেকে তুমি সিহঁতক উপেক্ষা কৰা। (স্মৰণ কৰা) যিদিনা আহ্বানকাৰীয়ে আহ্বান কৰিব এটা ভয়াৱহ পৰিণামৰ ফালে,","footnotes":"","tafseer":"যিহেতু সিহঁতে সঠিক পথ অৱলম্বন কৰা নাই, গতিকে হে ৰাছুল! আপুনি সিহঁতক এৰি দিয়ক আৰু সিহঁতৰ পৰা মুখ ঘূৰাই থাকক; লগতে অপেক্ষা কৰক সেই দিৱসলৈ, যিদিনা নিয়োজিত ফিৰিস্তাই শিঙাত ফুঁ মাৰি এনেকুৱা এটা অপ্ৰিয় বিষয়ৰ প্ৰতি আহ্বান কৰিব, যিটো বিষয় ইয়াৰ পূৰ্বে কোনো সৃষ্টিয়েই মুখামুখি হোৱা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054006.mp3"},{"index":"7","arabicText":"خُشَّعًا اَبْصَارُهُمْ یَخْرُجُوْنَ مِنَ الْاَجْدَاثِ كَاَنَّهُمْ جَرَادٌ مُّنْتَشِرٌ ۟ۙ","assameseTranslation":"সেইদিনা সিহঁতে অপমানিত অৱনমিত নয়নেৰে কবৰৰ পৰা ওলাই আহিব, এনে লাগিব যেনিবা সিহঁত বিক্ষিপ্ত ফৰিংহে,","footnotes":"","tafseer":"সিহঁতৰ চকুবোৰ অপদস্ত হৈ থাকিব। সিহঁতে কবৰৰ পৰা উঠি হিচাপ-নিকাচৰ ময়দানলৈ বিক্ষিপ্ত পতঙ্গৰ দৰে অগ্রসৰ হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054007.mp3"},{"index":"8","arabicText":"مُّهْطِعِیْنَ اِلَی الدَّاعِ ؕ یَقُوْلُ الْكٰفِرُوْنَ هٰذَا یَوْمٌ عَسِرٌ ۟","assameseTranslation":"সিহঁতে আহ্বানকাৰীৰ ফালে ভীত-বিহ্বল হৈ গুচি আহিব। কাফিৰসকলে ক’ব, ‘এইটো এটা বৰ কঠিন দিন’।","footnotes":"","tafseer":"অৱস্থানৰ সেই ঠাইলৈ আহ্বানকাৰীৰ পিনে খৰখেদাকৈ দৌৰি যাব। তেতিয়া কাফিৰসকলে ক’ব: এই দিৱসটো অতি কঠিন দিৱস। কিয়নো, ইয়াত আছে বিভীষিকা আৰু ভয়াৱহতা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054008.mp3"},{"index":"9","arabicText":"كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوْحٍ فَكَذَّبُوْا عَبْدَنَا وَقَالُوْا مَجْنُوْنٌ وَّازْدُجِرَ ۟","assameseTranslation":"ইহঁতৰ পূৰ্বে নূহৰ সম্প্ৰদায়েও মিছা বুলি ভাবিছিল-- এতেকে সিহঁতে আমাৰ বান্দাক অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘এওঁ হৈছে এজন উন্মাদ’, আৰু তেওঁক ভাবুকিও দিয়া হৈছিল।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ দাৱাত অগ্রাহ্য কৰা এই লোকসকলৰ পূর্বেও নূহ সম্প্ৰদায়ে আমাৰ বান্দা নূহ আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল, যেতিয়া আমি তেওঁক সিহঁতৰ ওচৰলৈ প্রেৰণ কৰিছিলোঁ। লগতে সিহঁতে তেওঁৰ বিষয়ে কৈছিলঃ তেওঁ হৈছে এজন উন্মাদ ব্যক্তি। যেতিয়া তেওঁ সিহঁতক দাৱাত প্রদানৰ পৰা বিৰত নহ'ল তেতিয়া সিহঁতে তেওঁক বিভিন্ন প্ৰকাৰৰ গালি-শপনি পাৰিছিল তথা হুমকিও প্ৰদান কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054009.mp3"},{"index":"10","arabicText":"فَدَعَا رَبَّهٗۤ اَنِّیْ مَغْلُوْبٌ فَانْتَصِرْ ۟","assameseTranslation":"তেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই অসহায়, এতেকে তুমিয়েই ইয়াৰ প্ৰতিশোধ গ্ৰহণ কৰা’।","footnotes":"","tafseer":"তেতিয়া নূহ আলাইহিচ্ছালামে নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, নিশ্চয় মোৰ সম্প্ৰদায়ে মোক অসহায় অৱস্থাত ঠেলি দিছে আৰু সিহঁতে মোৰ আহ্বানত সঁহাৰি জনোৱা নাই, গতিকে আপুনি সিহঁতৰ ওপৰত শাস্তি অৱতীর্ণ কৰি মোক শক্তিশালী কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054010.mp3"},{"index":"11","arabicText":"فَفَتَحْنَاۤ اَبْوَابَ السَّمَآءِ بِمَآءٍ مُّنْهَمِرٍ ۟ؗۖ","assameseTranslation":"ফলত আমি ধাৰাসাৰ বৰষুণসহ আকাশৰ দুৱাৰসমূহ খুলি দিলোঁ,","footnotes":"","tafseer":"ফলত আমি আকাশৰ দুৱাৰ খুলি দিলোঁ আৰু ধাৰাসাৰ পানী বর্ষণ কৰিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054011.mp3"},{"index":"12","arabicText":"وَّفَجَّرْنَا الْاَرْضَ عُیُوْنًا فَالْتَقَی الْمَآءُ عَلٰۤی اَمْرٍ قَدْ قُدِرَ ۟ۚ","assameseTranslation":"আৰু মাটিৰ পৰা ঝৰ্ণাসমূহ উৎসাৰিত কৰিলোঁ; ফলত এটা পৰিকল্পনা অনুসাৰে গোটেই পানী মিলিত হ’ল।","footnotes":"","tafseer":"আৰু আমি পৃথিৱীক বিদীৰ্ণ কৰিলোঁ, ফলত ই ঝর্নালৈ ৰূপান্তৰিত হ’ল আৰু তাৰ পৰা পানী প্রবাহিত হ’বলৈ ধৰিলে। ইয়াৰ পিছত পূৰ্ব নির্ধাৰিত আল্লাহৰ ফয়চালা অনুযায়ী আকাশৰ পৰা বর্ষিত পানীয়ে পৃথিৱীৰ পানীৰ সৈতে মিশ্ৰিত হৈ সকলোকে ডুবাই মাৰিলে, কেৱল সেইসকল লোকৰ বাহিৰে যিসকলক আল্লাহে সুৰক্ষা প্ৰদান কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054012.mp3"},{"index":"13","arabicText":"وَحَمَلْنٰهُ عَلٰی ذَاتِ اَلْوَاحٍ وَّدُسُرٍ ۟ۙ","assameseTranslation":"আৰু আমি তেওঁক (নূহক) কাঠ আৰু পেৰেকৰ দ্বাৰা নিৰ্মিত নৌযানত আৰোহণ কৰালোঁ।","footnotes":"","tafseer":"আৰু আমি নূহ আলাইহিচ্ছালামক ফলক আৰু পেৰেক বিশিষ্ট নাঁৱত আৰোহণ কৰাই তেওঁক আৰু তেওঁৰ সৈতে আৰোহণ কৰা লোকসকলক ডুবি যোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054013.mp3"},{"index":"14","arabicText":"تَجْرِیْ بِاَعْیُنِنَا ۚ جَزَآءً لِّمَنْ كَانَ كُفِرَ ۟","assameseTranslation":"যিটো আমাৰ চকুৰ সন্মুখত চলিছিল, এইটো পুৰস্কাৰ তাৰ বাবে যাক প্ৰত্যাখ্যান কৰা হৈছিল।","footnotes":"","tafseer":"সেই নাও মোৰ চকুৰ সন্মুখত তথা মোৰ প্ৰত্যক্ষ তত্ত্বাৱধানত পানীৰ উত্তাল তৰঙ্গমালাৰ ওপৰেৰে গতি কৰিছিল। এয়া আছিল নূহ আলাইহিচ্ছালামক সহায় কৰাৰ নিমিত্তে, কাৰণ তেওঁৰ সম্প্ৰদায়ে তেওঁক অস্বীকাৰ কৰিছিল, আৰু তেওঁ সিহঁতৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা যি বাৰ্তা লৈ আহিছিল, তাক সিহঁতে অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054014.mp3"},{"index":"15","arabicText":"وَلَقَدْ تَّرَكْنٰهَاۤ اٰیَةً فَهَلْ مِنْ مُّدَّكِرٍ ۟","assameseTranslation":"আৰু নিশ্চয় আমি ইয়াক নিদৰ্শনৰূপে ৰাখি দিছোঁ; এতেকে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী?","footnotes":"","tafseer":"নিশ্চয় আমি এই শাস্তিক পৰৱর্তীসকলৰ মাজত উপদেশ হিচাপে ৰাখি দিছোঁ। এতেকে, ইয়াৰ পৰা উপদেশ গ্রহণকাৰী কোনোবা আছেনে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054015.mp3"},{"index":"16","arabicText":"فَكَیْفَ كَانَ عَذَابِیْ وَنُذُرِ ۟","assameseTranslation":"এতেকে কেনেকুৱা আছিল মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন?","footnotes":"","tafseer":"মিথ্যাৰোপকাৰীসকলৰ বাবে মোৰ শাস্তি কেনেকুৱা আছিল?! তথা সিহঁতক ধ্বংস কৰা এই শাস্তিৰ ভিতৰত মোৰ সতর্ক-সংকেত কেনেকুৱা আছিল?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054016.mp3"},{"index":"17","arabicText":"وَلَقَدْ یَسَّرْنَا الْقُرْاٰنَ لِلذِّكْرِ فَهَلْ مِنْ مُّدَّكِرٍ ۟","assameseTranslation":"আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী?","footnotes":"","tafseer":"নিশ্চয় আমি কোৰআনক শিক্ষা আৰু উপদেশ গ্রহণৰ বাবে সহজ কৰি দিছোঁ। ইয়াৰ মাজত নিহিত থকা শিক্ষা আৰু উপদেশসমূহ গ্রহণ কৰিবলৈ কোনোবা আছেনে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054017.mp3"},{"index":"18","arabicText":"كَذَّبَتْ عَادٌ فَكَیْفَ كَانَ عَذَابِیْ وَنُذُرِ ۟","assameseTranslation":"আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনেকুৱা আছিল?","footnotes":"","tafseer":"আদ সম্প্রদায়েও সিহঁতৰ নবী হূদ আলাইহিচ্ছালামক মিথ্যাৰোপ কৰিছিল। এতেকে হে মক্কাৰ অধিবাসীসকল! ভাবি চোৱা, সিহঁতৰ বাবে মোৰ শাস্তি কেনেকুৱা আছিল?! লগতে সিহঁতৰ শাস্তিৰ মাধ্যমত অন্যান্য লোকসকলক দিয়া মোৰ সতৰ্ক-সংকেত কেনেকুৱা আছিল?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054018.mp3"},{"index":"19","arabicText":"اِنَّاۤ اَرْسَلْنَا عَلَیْهِمْ رِیْحًا صَرْصَرًا فِیْ یَوْمِ نَحْسٍ مُّسْتَمِرٍّ ۟ۙ","assameseTranslation":"নিশ্চয় আমি সিহঁতৰ ওপৰত পঠিয়াইছিলোঁ প্ৰচণ্ড শীতল ধুমুহা, নিৰৱচ্ছিন্ন অমঙ্গল দিনত,","footnotes":"","tafseer":"আমি সিহঁতৰ ওপৰত এটা অনিষ্টকৰ আৰু অশনি দিৱসত প্রচণ্ড শীতল বতাহ প্রবাহিত কৰিছিলোঁ। যিটো সিহঁতৰ ওপৰত জাহান্নামত পতিত নোহোৱা পর্যন্ত অব্যাহত থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054019.mp3"},{"index":"20","arabicText":"تَنْزِعُ النَّاسَ ۙ كَاَنَّهُمْ اَعْجَازُ نَخْلٍ مُّنْقَعِرٍ ۟","assameseTranslation":"সেই ধুমুহাই মানুহক এনেকৈ উৎখাত কৰিছিল, যেনিবা সিহঁত উঘালি পৰা খেজুৰ গছৰ কাণ্ডহে।","footnotes":"","tafseer":"যি বতাহে মানুহক মাটিৰ পৰা উঠাই সিহঁতৰ মূৰৰ ওপৰেৰে নিক্ষেপ কৰিছিল। ফলত সিহঁত উঘালি পেলোৱা খেজুৰ গছৰ দৰে পৰি আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054020.mp3"},{"index":"21","arabicText":"فَكَیْفَ كَانَ عَذَابِیْ وَنُذُرِ ۟","assameseTranslation":"এতেকে কেনেকুৱা আছিল মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন?","footnotes":"","tafseer":"এতেকে হে মক্কাৰ অধিবাসীসকল! ভাবি চোৱা, সিহঁতৰ বাবে মোৰ শাস্তি কেনেকুৱা আছিল?! লগতে সিহঁতৰ শাস্তিৰ মাধ্যমত অন্যান্য লোকসকলক দিয়া মোৰ সতৰ্ক-সংকেত কেনেকুৱা আছিল?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054021.mp3"},{"index":"22","arabicText":"وَلَقَدْ یَسَّرْنَا الْقُرْاٰنَ لِلذِّكْرِ فَهَلْ مِنْ مُّدَّكِرٍ ۟۠","assameseTranslation":"আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী?","footnotes":"","tafseer":"নিশ্চয় আমি কোৰআনক শিক্ষা আৰু উপদেশ গ্রহণৰ বাবে সহজ কৰি দিছোঁ। ইয়াৰ মাজত নিহিত থকা শিক্ষা আৰু উপদেশসমূহ গ্রহণ কৰিবলৈ কোনোবা আছেনে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054022.mp3"},{"index":"23","arabicText":"كَذَّبَتْ ثَمُوْدُ بِالنُّذُرِ ۟","assameseTranslation":"ছামূদ সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।","footnotes":"","tafseer":"ছামূদ সম্প্রদায়েও অস্বীকাৰ কৰিছিল, যেতিয়া সিহঁতৰ ৰাছুল ছলেহ আলাইহিচ্ছালামে সিহঁতক সতৰ্ক কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054023.mp3"},{"index":"24","arabicText":"فَقَالُوْۤا اَبَشَرًا مِّنَّا وَاحِدًا نَّتَّبِعُهٗۤ ۙ اِنَّاۤ اِذًا لَّفِیْ ضَلٰلٍ وَّسُعُرٍ ۟","assameseTranslation":"আৰু সিহঁতে কৈছিল, ‘আমি আমাৰ মাজৰেই এজন ব্যক্তিৰ অনুসৰণ কৰিম নেকি? এনেকুৱা হ’লে দেখোন আমি পথভ্ৰষ্ট বুলি আৰু পাগল হিচাপে পৰিগণিত হ'ম।","footnotes":"","tafseer":"সিহঁতে অনিহা প্রকাশ কৰি কৈছিলঃ আমি আমাৰ দৰেই এজন মানুহৰ অনুসৰণ কৰিম নেকি?! এনেকুৱা কৰিলে দেখোন আমি সৰল পথৰ পৰা বিচ্যুত হৈ যাম আৰু চৰম বিবেকহীন বুলি চিহ্নিত হ'ম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054024.mp3"},{"index":"25","arabicText":"ءَاُلْقِیَ الذِّكْرُ عَلَیْهِ مِنْ بَیْنِنَا بَلْ هُوَ كَذَّابٌ اَشِرٌ ۟","assameseTranslation":"আমাৰ মাজৰ পৰা এওঁৰ প্ৰতি উপদেশবাণী প্ৰেৰণ কৰা হৈছে নেকি? নহয়, সি হৈছে এজন মিছলীয়া, দাম্ভিক’।","footnotes":"","tafseer":"আমাক এৰি অকল এওঁৰ ওপৰতেই অহী অৱতীর্ণ কৰা হৈছে নেকি?! নহয়, এওঁ হৈছে প্ৰকৃততে এজন অহংকাৰী মিছলীয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054025.mp3"},{"index":"26","arabicText":"سَیَعْلَمُوْنَ غَدًا مَّنِ الْكَذَّابُ الْاَشِرُ ۟","assameseTranslation":"কাইলৈ সিহঁতে নিশ্চয় গম পাব, কোন চৰম মিছলীয়া, দাম্ভিক।","footnotes":"","tafseer":"দৰাচলতে সিহঁতে শীঘ্ৰেই কিয়ামতৰ দিনা জানিবলৈ পাব যে, কোন মহা মিছলীয়া। ছলেহ, নে সিহঁত নিজেই?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054026.mp3"},{"index":"27","arabicText":"اِنَّا مُرْسِلُوا النَّاقَةِ فِتْنَةً لَّهُمْ فَارْتَقِبْهُمْ وَاصْطَبِرْ ۟ؗ","assameseTranslation":"নিশ্চয় আমি সিহঁতক পৰীক্ষা কৰিবলৈ উট প্ৰেৰণ কৰিম, এতেকে (হে ছলেহ!) তুমি সিহঁতৰ আচৰণ লক্ষ্য কৰা আৰু ধৈৰ্য্য ধাৰণ কৰা।","footnotes":"","tafseer":"নিশ্চয় আমি সিহঁতক পৰীক্ষা কৰিবলৈ শিলৰ পৰা উট উলিয়াই আনিম। গতিকে হে ছলেহ! আপুনি অপেক্ষা কৰক, আৰু চাই থাকক, সিহঁতে কি কৰে আৰু সিহঁতৰ লগত কি আচৰণ কৰা হয়। লগতে সিহঁতে দিয়া কষ্টত আপুনি ধৈৰ্য্য ধাৰণ কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054027.mp3"},{"index":"28","arabicText":"وَنَبِّئْهُمْ اَنَّ الْمَآءَ قِسْمَةٌ بَیْنَهُمْ ۚ كُلُّ شِرْبٍ مُّحْتَضَرٌ ۟","assameseTranslation":"আৰু সিহঁতক জনাই দিয়া যে, সিহঁতৰ মাজত পানী বন্টন সুনিৰ্দিষ্ট। প্ৰত্যেকেই নিজৰ পাল মতে পানীৰ ঘাটতগৈ উপস্থিত হ’ব।","footnotes":"","tafseer":"আপুনি সিহঁতক জনাই দিয়ক যে, সিহঁতৰ কুঁৱাৰ পানী সিহঁতৰ আৰু সেই উটৰ মাজত বণ্টন কৰি দিয়া হৈছে। এদিন সিহঁতৰ বাবে নিৰ্ধাৰিত থাকিব আৰু এদিন থাকিব উটৰ বাবে নিৰ্ধাৰিত। প্রত্যেকেই নিজ নিজ পাল অনুসাৰে উপস্থিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054028.mp3"},{"index":"29","arabicText":"فَنَادَوْا صَاحِبَهُمْ فَتَعَاطٰی فَعَقَرَ ۟","assameseTranslation":"তাৰ পিছত সিহঁতে সিহঁতৰ সঙ্গীক মাতি আনিলে আৰু সি উটজনীক ধৰি হত্যা কৰিলে।","footnotes":"","tafseer":"কিন্তু সিহঁতে উটজনীক বধ কৰিবলৈ সিহঁতৰ সঙ্গীক আহ্বান কৰিলে। ফলত সি তৰোৱাল হাতত লৈ জাতিৰ নির্দেশ পালন কৰি উটজনীক হত্যা কৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054029.mp3"},{"index":"30","arabicText":"فَكَیْفَ كَانَ عَذَابِیْ وَنُذُرِ ۟","assameseTranslation":"এতেকে কেনেকুৱা আছিল মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন?","footnotes":"","tafseer":"এতেকে হে মক্কাৰ অধিবাসীসকল! ভাবি চোৱা, সিহঁতৰ বাবে মোৰ শাস্তি কেনেকুৱা আছিল?! লগতে সিহঁতৰ শাস্তিৰ মাধ্যমত অন্যান্য লোকসকলক দিয়া মোৰ সতৰ্ক-সংকেত কেনেকুৱা আছিল?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054030.mp3"},{"index":"31","arabicText":"اِنَّاۤ اَرْسَلْنَا عَلَیْهِمْ صَیْحَةً وَّاحِدَةً فَكَانُوْا كَهَشِیْمِ الْمُحْتَظِرِ ۟","assameseTranslation":"নিশ্চয় আমি সিহঁতৰ প্ৰতি পঠিয়াইছিলোঁ এটা প্ৰচণ্ড শব্দ, ফলত সিহঁত গোহালি সজা শুকান খণ্ডিত খৰিৰ দৰে হৈ পৰিছিল।","footnotes":"","tafseer":"নিশ্চয় আমি সিহঁতৰ ওপৰত এটা প্ৰচণ্ড বজ্রপাত পঠিয়াইছিলোঁ, যি শব্দই সিহঁতক ধ্বংস কৰিছিল। ফলত সিহঁত গোহালি সজা শুকান খৰিত পৰিণত হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054031.mp3"},{"index":"32","arabicText":"وَلَقَدْ یَسَّرْنَا الْقُرْاٰنَ لِلذِّكْرِ فَهَلْ مِنْ مُّدَّكِرٍ ۟","assameseTranslation":"আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী?","footnotes":"","tafseer":"নিশ্চয় আমি কোৰআনক শিক্ষা আৰু উপদেশ গ্রহণৰ বাবে সহজ কৰি দিছোঁ। ইয়াৰ মাজত নিহিত থকা শিক্ষা আৰু উপদেশসমূহ গ্রহণ কৰিবলৈ কোনোবা আছেনে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054032.mp3"},{"index":"33","arabicText":"كَذَّبَتْ قَوْمُ لُوْطٍ بِالنُّذُرِ ۟","assameseTranslation":"লূত সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।","footnotes":"","tafseer":"লূত সম্প্ৰদায়েও লূত আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল, যেতিয়া সিহঁতৰ ৰাছুল লূত আলাইহিচ্ছালামে সিহঁতক সতর্ক কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054033.mp3"},{"index":"34","arabicText":"اِنَّاۤ اَرْسَلْنَا عَلَیْهِمْ حَاصِبًا اِلَّاۤ اٰلَ لُوْطٍ ؕ نَجَّیْنٰهُمْ بِسَحَرٍ ۟ۙ","assameseTranslation":"নিশ্চয় আমি সিহঁতৰ ওপৰত শিল বহনকাৰী প্ৰচণ্ড ধুমুহা পঠিয়াইছিলোঁ, কেৱল লূত পৰিয়ালৰ বাহিৰে; তেওঁলোকক আমি উদ্ধাৰ কৰিছিলোঁ ৰাতিৰ শেষাংশত,","footnotes":"","tafseer":"নিশ্চয় আমি সিহঁতৰ ওপৰত শিল নিক্ষেপকাৰী প্ৰচণ্ড বতাহ প্রেৰণ কৰিছিলোঁ, যি বতাহে লূত পৰিয়ালৰ বাহিৰে সকলোকে আঘাত কৰিছিল। তেওঁলোকক শাস্তিয়ে স্পৰ্শ কৰা নাছিল। কাৰণ, আমি তেওঁলোকক ইয়াৰ পৰা ৰক্ষা কৰিছিলোঁ। যিহেতু তেওঁ ৰাতিৰ শেষ ভাগতেই শাস্তি সংঘটিত হোৱাৰ পূর্বেই তেওঁলোকক লগত লৈ সেই অঞ্চলৰ পৰা ওলাই আহিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054034.mp3"},{"index":"35","arabicText":"نِّعْمَةً مِّنْ عِنْدِنَا ؕ كَذٰلِكَ نَجْزِیْ مَنْ شَكَرَ ۟","assameseTranslation":"আমাৰ বিশেষ অনুগ্ৰহেৰে। যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে, আমি তাক এনেকৈয়ে প্ৰতিদান দিওঁ।","footnotes":"","tafseer":"আমি তেওঁলোকক পুৰস্কাৰ স্বৰূপে শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ। এতেকে যিদৰে আমি লূত আলাইহিচ্ছালামক পুৰস্কৃত কৰিছোঁ, ঠিক সেইদৰেই আমি প্রত্যেক সেই ব্যক্তিক পুৰস্কৃত কৰোঁ, যিয়ে আমাৰ নিয়ামতসমূহৰ কৃতজ্ঞতা জ্ঞাপন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054035.mp3"},{"index":"36","arabicText":"وَلَقَدْ اَنْذَرَهُمْ بَطْشَتَنَا فَتَمَارَوْا بِالنُّذُرِ ۟","assameseTranslation":"আৰু নিশ্চয় লূতে সিহঁতক আমাৰ কঠিন শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তথাপিও সিহঁতে সাৱধানবাণী সম্পৰ্কে সন্দেহ পোষণ কৰিছিল।","footnotes":"","tafseer":"নিশ্চয় লূত আলাইহিচ্ছালামে সিহঁতক আমাৰ শাস্তিৰ পৰা ভীতি প্রদর্শন কৰিছিল। কিন্তু সিহঁতে এই সতর্ক-সংকেতক লৈ পৰস্পৰে বাদানুবাদত লিপ্ত হৈছিল, তথা সিহঁতে ইয়াক অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054036.mp3"},{"index":"37","arabicText":"وَلَقَدْ رَاوَدُوْهُ عَنْ ضَیْفِهٖ فَطَمَسْنَاۤ اَعْیُنَهُمْ فَذُوْقُوْا عَذَابِیْ وَنُذُرِ ۟","assameseTranslation":"আৰু সিহঁতে লূতৰ ওচৰত আহি তেওঁৰ অতিথিসকলৰ পৰা অসৎ উদ্দেশ্য দাবী কৰি তেওঁক ফুচলাবলৈ ধৰিলে, তেতিয়া আমি সিহঁতৰ দৃষ্টি লোপ কৰি দিলোঁ (আৰু ক’লোঁ), মোৰ শাস্তি আৰু সাৱধানবাণীৰ সোৱাদ লোৱা।","footnotes":"","tafseer":"লূত সম্প্ৰদায়ে লূত আলাইহিচ্ছালামৰ ওচৰত আহি তেওঁৰ ফিৰিস্তা অতিথিসকলৰ কাষ চাপিবলৈ ঠেলা হেঁচা আৰম্ভ কৰিলে, যাতে তেওঁলোকৰ ওচৰতগৈ অসৎ উদ্দেশ্য পূৰণ কৰিব পাৰে। ফলত আমি সিহঁতৰ দৃষ্টিশক্তি হৰণ কৰি অন্ধ কৰি দিছিলোঁ। ফলত সিহঁতে তেওঁলোকক দেখিব পৰা নাছিল, আৰু আমি সিহঁতক কৈছিলোঁ: এতিয়া মোৰ শাস্তিৰ সোৱাদ লোৱা, এইটোৱে হৈছে মোৰ সতর্ক-সংকেতৰ পৰিণাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054037.mp3"},{"index":"38","arabicText":"وَلَقَدْ صَبَّحَهُمْ بُكْرَةً عَذَابٌ مُّسْتَقِرٌّ ۟ۚ","assameseTranslation":"আৰু ইপিনে পুৱা দোকমুকালিতে সিহঁতৰ ওপৰত নামি আহিল বিৰামহীন শাস্তি।","footnotes":"","tafseer":"প্রভাতৰ সময়তেই সিহঁতৰ ওচৰলৈ শাস্তি আহি পৰিছিল। এই শাস্তি সিহঁতৰ ওপৰত অবিচল থাকিব। অৱশেষত পৰকালৰ শাস্তি সিহঁতৰ ওচৰলৈ আহি পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054038.mp3"},{"index":"39","arabicText":"فَذُوْقُوْا عَذَابِیْ وَنُذُرِ ۟","assameseTranslation":"‘এতেকে মোৰ শাস্তি আৰু সাৱধানবাণীৰ পৰিণাম ভোগ কৰা’।","footnotes":"","tafseer":"সিহঁতক কোৱা হ’ব, তোমালোকে মোৰ ফালৰ পৰা প্রেৰিত শাস্তিৰ আৰু লূত আলাইহিচ্ছালামৰ সতর্ক-সংকেতৰ পৰিণতি আস্বাদন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054039.mp3"},{"index":"40","arabicText":"وَلَقَدْ یَسَّرْنَا الْقُرْاٰنَ لِلذِّكْرِ فَهَلْ مِنْ مُّدَّكِرٍ ۟۠","assameseTranslation":"আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী?","footnotes":"","tafseer":"নিশ্চয় আমি কোৰআনক শিক্ষা আৰু উপদেশ গ্রহণৰ বাবে সহজ কৰি দিছোঁ। ইয়াৰ মাজত নিহিত থকা শিক্ষা আৰু উপদেশসমূহ গ্রহণ কৰিবলৈ কোনোবা আছেনে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054040.mp3"},{"index":"41","arabicText":"وَلَقَدْ جَآءَ اٰلَ فِرْعَوْنَ النُّذُرُ ۟ۚ","assameseTranslation":"আৰু নিশ্চয় ফিৰআউন গোষ্ঠিৰ ওচৰতো আহিছিল সতৰ্ককাৰী;","footnotes":"","tafseer":"নিশ্চয় ফিৰআউন পৰিয়ালৰ ওচৰলৈয়ো মুছা আৰু হাৰূন (আলাইহিমাচ্ছালাম)ৰ মাধ্যমত আমাৰ সতর্ক-সংকেত আহিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054041.mp3"},{"index":"42","arabicText":"كَذَّبُوْا بِاٰیٰتِنَا كُلِّهَا فَاَخَذْنٰهُمْ اَخْذَ عَزِیْزٍ مُّقْتَدِرٍ ۟","assameseTranslation":"সিহঁতে আমাৰ সকলো নিদৰ্শনকে অস্বীকাৰ কৰিছিল, এতেকে আমি মহাপৰাক্ৰমশালী আৰু সৰ্বশক্তিমানৰূপে সিহঁতক ধৰিছিলোঁ।","footnotes":"","tafseer":"সিহঁতে আমাৰ ফালৰ পৰা অহা দলীল-প্রমাণাদিক অবিশ্বাস কৰিছিল। ফলত আমি সিহঁতৰ এই অস্বীকাৰ কাৰ্যৰ কাৰণে সিহঁতক মহা পৰাক্রমশালী আল্লাহৰ শাস্তি প্রদান কৰিছিলোঁ, যাক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। তেওঁ মহা ক্ষমতাধৰ, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054042.mp3"},{"index":"43","arabicText":"اَكُفَّارُكُمْ خَیْرٌ مِّنْ اُولٰٓىِٕكُمْ اَمْ لَكُمْ بَرَآءَةٌ فِی الزُّبُرِ ۟ۚ","assameseTranslation":"তোমালোকৰ মাজৰ কাফিৰসকল সেই কাফিৰসকলতকৈ উত্তম নেকি? নে তোমালোকৰ বাবে পূৰ্বৱৰ্তী কিতাবত কোনো মুক্তিৰ ঘোষণা আছে?","footnotes":"","tafseer":"হে মক্কাৰ অধিবাসীসকল! উক্ত কাফিৰসকলতকৈ তোমালোকৰ কাফিৰসকল অধিক উত্তম নেকি, যেনেঃ নূহ সম্প্ৰদায়, আদ, ছামূদ, লূত সম্প্ৰদায়, ফিৰআউন আৰু তাৰ জাতি?! নে আল্লাহৰ সেই শাস্তিৰ পৰা তোমালোক সুৰক্ষিত, যি শাস্তিৰ বৰ্ণনা ঐশী কিতাবসমূহত বর্ণিত হৈছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054043.mp3"},{"index":"44","arabicText":"اَمْ یَقُوْلُوْنَ نَحْنُ جَمِیْعٌ مُّنْتَصِرٌ ۟","assameseTranslation":"নে সিহঁতে কয়, ‘আমি সংঘবদ্ধ অপৰাজেয় দল’?","footnotes":"","tafseer":"বৰং মক্কাৰ এই কাফিৰসকলে এই কথা কয় নেকি যে, আমাক অনিষ্ট কৰা লোকসকলৰ বিৰুদ্ধে তথা যিসকলে আমাৰ একতা বিনষ্ট কৰিব বিচাৰে সেইসকল লোকৰ বিৰুদ্ধে আমি সংঘবদ্ধ অপৰাজেয় দল?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054044.mp3"},{"index":"45","arabicText":"سَیُهْزَمُ الْجَمْعُ وَیُوَلُّوْنَ الدُّبُرَ ۟","assameseTranslation":"এই দল অনতিপলমে পৰাজিত হ’ব আৰু পিঠি দেখুৱাই পলায়ন কৰিব,","footnotes":"","tafseer":"অচিৰেই এই কাফিৰসকলে পৰাজিত হ’ব আৰু সিহঁতে মু’মিনসকলৰ সন্মুখৰ পৰা পৃষ্ঠ প্রদর্শন কৰি পলায়ন কৰিব। বদৰ যুদ্ধৰ দিনা এইটো বাস্তৱত সংঘটিত হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054045.mp3"},{"index":"46","arabicText":"بَلِ السَّاعَةُ مَوْعِدُهُمْ وَالسَّاعَةُ اَدْهٰی وَاَمَرُّ ۟","assameseTranslation":"বৰং কিয়ামত হৈছে সিহঁতৰ শাস্তিৰ নিৰ্ধাৰিত সময়; আৰু কিয়ামত হৈছে অতি ভয়াৱহ আৰু তিক্ততাপূৰ্ণ;","footnotes":"","tafseer":"বৰং সিহঁতৰ আচল শাস্তিৰ ঠাই হৈছে সেই কিয়ামত দিৱস, যিটোক সিহঁতে অস্বীকাৰ কৰিছে। আনহাতে কিয়ামত দিৱসৰ শাস্তি, পাৰ্থিৱ জীৱনত পোৱা বদৰৰ যুদ্ধৰ শাস্তিতকৈও অধিক ভয়াৱহ আৰু কঠিন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054046.mp3"},{"index":"47","arabicText":"اِنَّ الْمُجْرِمِیْنَ فِیْ ضَلٰلٍ وَّسُعُرٍ ۟ۘ","assameseTranslation":"নিশ্চয় অপৰাধীসকল আছে বিভ্ৰান্তি আৰু শাস্তিৰ মাজত।","footnotes":"","tafseer":"কুফৰী আৰু পাপকৰ্মত লিপ্ত অপৰাধীসকল নিশ্চিতভাৱে সত্যৰ পৰা বহু দূৰত আঁতৰি আছে, লগতে শাস্তি আৰু কষ্টৰ মাজত পতিত হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054047.mp3"},{"index":"48","arabicText":"یَوْمَ یُسْحَبُوْنَ فِی النَّارِ عَلٰی وُجُوْهِهِمْ ؕ ذُوْقُوْا مَسَّ سَقَرَ ۟","assameseTranslation":"যিদিনা সিহঁতক উবুৰি খুৱাই (নাক চোঁচৰাই) টানি জাহান্নামত লৈ যোৱা হ’ব (সেই দিনা কোৱা হ’ব) ‘এতিয়া জাহান্নামৰ যন্ত্ৰণা ভোগ কৰা’।","footnotes":"","tafseer":"যিদিনা সিহঁতক উবৰি খোৱা অৱস্থাত চোঁচৰাই জাহান্নামত নিক্ষেপ কৰা হ’ব। লগতে সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ তোমালোকে অগ্নিৰ সোৱাদ উপভোগ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054048.mp3"},{"index":"49","arabicText":"اِنَّا كُلَّ شَیْءٍ خَلَقْنٰهُ بِقَدَرٍ ۟","assameseTranslation":"নিশ্চয় আমি প্ৰতিটো বস্তু এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছোঁ।","footnotes":"","tafseer":"নিশ্চয় আমি সৃষ্টিজগতৰ প্রতিটো বস্তুকে আমাৰ পূর্ব নির্ধাৰণ, জ্ঞান, ইচ্ছা আৰু লাওহে মাহফুজত লিখিত ফায়চালা অনুযায়ীহে সৃষ্টি কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054049.mp3"},{"index":"50","arabicText":"وَمَاۤ اَمْرُنَاۤ اِلَّا وَاحِدَةٌ كَلَمْحٍ بِالْبَصَرِ ۟","assameseTranslation":"আৰু আমাৰ আদেশ (কাৰ্যকৰী হ’বলৈ) কেৱল এটা কথাৰ দূৰত্ব, চকুৰ পলকৰ দৰে।","footnotes":"","tafseer":"আমি যেতিয়া কোনো কাম কৰিব বিচাৰোঁ, তেতিয়া কেৱল এটাই কথা কওঁ আৰু সেয়া হৈছে ‘হ’। তেতিয়া লগে লগে আমি বিচৰা বস্তুটো চকুৰ পলকতে দ্ৰুত বাস্তৱত পৰিণত হৈ যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054050.mp3"},{"index":"51","arabicText":"وَلَقَدْ اَهْلَكْنَاۤ اَشْیَاعَكُمْ فَهَلْ مِنْ مُّدَّكِرٍ ۟","assameseTranslation":"আৰু নিশ্চয় আমি তোমালোকৰ দৰে বহুতকে ধ্বংস কৰিছোঁ; এতেকে উপদেশ গ্ৰহণকাৰী কোনোবা আছেনে?","footnotes":"","tafseer":"তোমালোকৰ দৰেই পূৰ্বৱৰ্তী উম্মতসমূহৰ মাজৰ কাফিৰসকলক আমি ধ্বংস কৰিছোঁ। এতেকে কোনোবা আছেনে এইবোৰৰ পৰা উপদেশ গ্রহণ কৰি কুফৰী কৰ্মৰ পৰা বিৰত থাকিব?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054051.mp3"},{"index":"52","arabicText":"وَكُلُّ شَیْءٍ فَعَلُوْهُ فِی الزُّبُرِ ۟","assameseTranslation":"আৰু সিহঁতে যি কৰিছে, সেই সকলো ‘আমলনামাত’ (লিপিবদ্ধ) আছে,","footnotes":"","tafseer":"বান্দাসকলে যি যি কৰ্ম কৰে সেয়া সংৰক্ষক ফিৰিস্তাসকলে পুথিত লিপিবদ্ধ কৰি ৰাখে। একোৱেই তেওঁলোকৰ পৰা এৰা নপৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054052.mp3"},{"index":"53","arabicText":"وَكُلُّ صَغِیْرٍ وَّكَبِیْرٍ مُّسْتَطَرٌ ۟","assameseTranslation":"আনকি সৰু-বৰ সকলো কথা লিখিত আছে।","footnotes":"","tafseer":"সৰু-বৰ সকলো কথা আৰু কৰ্মই আমলনামা তথা লাওহে মাহফুজত লিপিবদ্ধ আছে। শীঘ্ৰেই ইয়াৰ ভিত্তিত প্রতিদান দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054053.mp3"},{"index":"54","arabicText":"اِنَّ الْمُتَّقِیْنَ فِیْ جَنّٰتٍ وَّنَهَرٍ ۟ۙ","assameseTranslation":"নিশ্চয় মুত্তাক্বীসকল থাকিব বাগ-বাগিচা আৰু নিজৰাসমূহৰ মাজত,","footnotes":"","tafseer":"নিশ্চয় আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থকা মুত্ত্বাক্বীসকলে জান্নাতৰ মাজত আৰু প্ৰবাহিত নদ-নদীসমূহৰ মাজত তেওঁৰ নিয়ামতসমূহ উপভোগ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054054.mp3"},{"index":"55","arabicText":"فِیْ مَقْعَدِ صِدْقٍ عِنْدَ مَلِیْكٍ مُّقْتَدِرٍ ۟۠","assameseTranslation":"যথাযোগ্য আসনত, সৰ্বশক্তিমান মহা অধিপতি (আল্লাহ)ৰ সান্নিধ্যত।","footnotes":"","tafseer":"যথাযোগ্য আসনত তেওঁলোকে অৱস্থান কৰিব। য’ত কোনো ধৰণৰ অলাগতিয়াল তথা গুনাহৰ কথা আলোচিত নহ’ব। মহা অধিপতিৰ সান্নিধ্যত অৱস্থান কৰিব, যিজন সকলো বস্তুৰ অধিপতি, তেওঁ সৰ্বশক্তিমান, একোৱেই তেওঁৰ সাধ্যাতীত নহয়। গতিকে তেওঁলোকে তাত কিমান উৎকৃষ্ট চিৰস্থায়ী ভোগসামগ্রী লাভ কৰিব সেই বিষয়ে কোনো প্ৰশ্নই নুঠে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/054055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/054055.mp3"}]