[{"index":"1","arabicText":"اَلرَّحْمٰنُ ۟ۙ","assameseTranslation":"আৰ-ৰাহমান, (দয়াময় আল্লাহ)","footnotes":"","tafseer":"কৰুণাময়, যিজন প্রশস্ত দয়াৰ অধিকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055001.mp3"},{"index":"2","arabicText":"عَلَّمَ الْقُرْاٰنَ ۟ؕ","assameseTranslation":"তেৱেঁই শিক্ষা দিছে কোৰআন,","footnotes":"","tafseer":"তেৱেঁই মানুহৰ বাবে সহজ কৰি দিছে কোৰআন মুখস্থ কৰা আৰু ইয়াৰ অর্থ অনুধাৱন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055002.mp3"},{"index":"3","arabicText":"خَلَقَ الْاِنْسَانَ ۟ۙ","assameseTranslation":"তেৱেঁই সৃষ্টি কৰিছে মানুহ,","footnotes":"","tafseer":"তেৱেঁই মানুহক পূর্ণাঙ্গ ৰূপে আৰু অতি সুন্দৰ সৌষ্ঠৱত সৃষ্টি কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055003.mp3"},{"index":"4","arabicText":"عَلَّمَهُ الْبَیَانَ ۟","assameseTranslation":"তেৱেঁই তাক ভাষা শিকাইছে,","footnotes":"","tafseer":"তেৱেঁই মানুহক কথা আৰু লিখাৰ মাধ্যমত মনৰ ভাৱ প্রকাশ কৰাৰ পদ্ধতি শিকাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055004.mp3"},{"index":"5","arabicText":"اَلشَّمْسُ وَالْقَمَرُ بِحُسْبَانٍ ۟ۙ","assameseTranslation":"সূৰ্য আৰু চন্দ্ৰই নিৰ্ধাৰিত হিচাপ-অনুযায়ী আৱৰ্তন কৰে,","footnotes":"","tafseer":"তেৱেঁই সূর্য্য আৰু চন্দ্রক নির্ধাৰণ কৰিছে। উভয়ে নিপুণভাৱে পৰিচালিত। যাতে মানুহে বছৰৰ সংখ্যা আৰু হিচাপ ৰাখিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055005.mp3"},{"index":"6","arabicText":"وَّالنَّجْمُ وَالشَّجَرُ یَسْجُدٰنِ ۟","assameseTranslation":"আৰু তৃণলতা (অথবা নক্ষত্ৰৰাজি) আৰু বৃক্ষাদিয়েও ছাজদা কৰে,","footnotes":"","tafseer":"কাণ্ডহীন তৃণলতা আৰু বৃক্ষৰাজি উভয়েই মহান আল্লাহৰ উদ্দেশ্যে অনুগত আৰু অবনমিত হৈ ছাজদাহ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055006.mp3"},{"index":"7","arabicText":"وَالسَّمَآءَ رَفَعَهَا وَوَضَعَ الْمِیْزَانَ ۟ۙ","assameseTranslation":"আৰু তেৱেঁই আকাশখনক সমুন্নত কৰিছে আৰু স্থাপন কৰিছে তুলাচনী,","footnotes":"","tafseer":"তেৱেঁই আকাশক পৃথিৱীৰ ওপৰত চাদ হিচাপে উত্থিত কৰিছে। লগতে পৃথিৱীত ন্যায় বিচাৰ স্থাপন কৰিছে আৰু বান্দাসকলক এই বিষয়ে নির্দেশো দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055007.mp3"},{"index":"8","arabicText":"اَلَّا تَطْغَوْا فِی الْمِیْزَانِ ۟","assameseTranslation":"যাতে তোমালোকে জোখ-মাখত সীমালংঘন নকৰা।","footnotes":"","tafseer":"তেওঁ ন্যায় বিচাৰ স্থাপন কৰিছে এইকাৰণে যে, হে মানৱ সমাজ! যাতে তোমালোকে অবিচাৰ কৰিব নোৱাৰা। লগতে যাতে ওজন আৰু পৰিমাপত তোমালোকে খিয়ানত কৰিব নোৱাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055008.mp3"},{"index":"9","arabicText":"وَاَقِیْمُوا الْوَزْنَ بِالْقِسْطِ وَلَا تُخْسِرُوا الْمِیْزَانَ ۟","assameseTranslation":"আৰু তোমালোকে ন্যায়সঙ্গতভাৱে ওজন প্ৰতিষ্ঠা কৰা আৰু ওজনকৃত বস্তু কম নিদিবা।","footnotes":"","tafseer":"তোমালোকে পৰস্পৰৰ মাজত ওজন কৰি দিয়াৰ সময়ত ন্যায় প্ৰতিষ্ঠা কৰিবা, আনক ওজন কৰি দিওঁতে কমকৈ নিদিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055009.mp3"},{"index":"10","arabicText":"وَالْاَرْضَ وَضَعَهَا لِلْاَنَامِ ۟ۙ","assameseTranslation":"আৰু তেৱেঁই পৃথিৱীখনক সৃষ্টি জীৱৰ বাবে স্থাপন কৰিছে;","footnotes":"","tafseer":"তেৱেঁই সৃষ্টিৰ স্থিৰতাৰ উদ্দেশ্যে পৃথিৱীক বসবাস উপযোগী হিচাপে স্থাপন কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055010.mp3"},{"index":"11","arabicText":"فِیْهَا فَاكِهَةٌ وَّالنَّخْلُ ذَاتُ الْاَكْمَامِ ۟ۖ","assameseTranslation":"য’ত আছে ফল-মূল আৰু খেজুৰ গছ, যাৰ ফল আৱৰণমূক্ত,","footnotes":"","tafseer":"য’ত আছে ফলদায়ক বৃক্ষৰাজি আৰু শাখা বিশিষ্ট খেজুৰ গছ, য’ত জোকা জোকা খেজুৰ ফলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055011.mp3"},{"index":"12","arabicText":"وَالْحَبُّ ذُو الْعَصْفِ وَالرَّیْحَانُ ۟ۚ","assameseTranslation":"আৰু আছে বাকলিযুক্ত দানা আৰু সুগন্ধিযুক্ত ফুল।","footnotes":"","tafseer":"লগতে তাত আছে বাকলিযুক্ত শস্য যেনেঃ গম আৰু জৱ আদি, আৰু আছে সুগন্ধিযুক্ত তৃণলতা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055012.mp3"},{"index":"13","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055013.mp3"},{"index":"14","arabicText":"خَلَقَ الْاِنْسَانَ مِنْ صَلْصَالٍ كَالْفَخَّارِ ۟ۙ","assameseTranslation":"তেৱেঁই মানুহক সৃষ্টি কৰিছে পানী মিশ্ৰিত পোৰা মাটিৰ দৰে শুকান মাটিৰ পৰা,","footnotes":"","tafseer":"তেৱেঁই আদম (আলাইহিচ্ছালাম)ক পোৰা মাটি সদৃশ ঠনঠনীয়া শুকান মাটিৰে সৃষ্টি কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055014.mp3"},{"index":"15","arabicText":"وَخَلَقَ الْجَآنَّ مِنْ مَّارِجٍ مِّنْ نَّارٍ ۟ۚ","assameseTranslation":"আৰু জিনক সৃষ্টি কৰিছে ধোঁৱাবিহীন অগ্নিশিখাৰ পৰা।","footnotes":"","tafseer":"আৰু জিনসকলৰ পিতাক ধোঁৱাবিহীন লেলিহান অগ্নিশিখাৰে সৃষ্টি কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055015.mp3"},{"index":"16","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055016.mp3"},{"index":"17","arabicText":"رَبُّ الْمَشْرِقَیْنِ وَرَبُّ الْمَغْرِبَیْنِ ۟ۚ","assameseTranslation":"তেৱেঁই দুই উদয়াচল আৰু দুই অস্তাচলৰ প্ৰতিপালক।","footnotes":"","tafseer":"তেৱেঁই শীত আৰু গ্রীষ্মকালত সূর্যৰ দুয়ো উদয়াচল আৰু দুয়ো অস্তাচলৰ প্ৰতিপালক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055017.mp3"},{"index":"18","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055018.mp3"},{"index":"19","arabicText":"مَرَجَ الْبَحْرَیْنِ یَلْتَقِیٰنِ ۟ۙ","assameseTranslation":"তেৱেঁ দুই সাগৰক প্ৰবাহিত কৰে, উভয়ে পৰস্পৰ মিলিত হয়,","footnotes":"","tafseer":"আল্লাহে মিঠা আৰু লুণীয়া উভয় সাগৰকে মিলিত কৰে, বাহ্যিক দৃষ্টিত মিশ্ৰিত দেখা যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055019.mp3"},{"index":"20","arabicText":"بَیْنَهُمَا بَرْزَخٌ لَّا یَبْغِیٰنِ ۟ۚ","assameseTranslation":"কিন্তু সিহঁত উভয়ৰ মাজত আছে এটা অন্তৰাল, যিটো সিহঁতে অতিক্ৰম কৰিব নোৱাৰে।","footnotes":"","tafseer":"কিন্তু দুয়ো সাগৰৰ মাজত আছে এনেকুৱা এখন পর্দা, যিখনে পৰস্পৰক মিশ্ৰিত হ’বলৈ বাধা দিয়ে। ফলত পানীৰ মিঠা অংশ মিঠা থাকে, আৰু লুণীয়া অংশ লুণীয়া হৈয়ে থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055020.mp3"},{"index":"21","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055021.mp3"},{"index":"22","arabicText":"یَخْرُجُ مِنْهُمَا اللُّؤْلُؤُ وَالْمَرْجَانُ ۟ۚ","assameseTranslation":"উভয় সাগৰৰ পৰা উৎপন্ন হয় মুকুতা আৰু পোৱাল।","footnotes":"","tafseer":"উভয় সাগৰৰ সঙ্গমস্থলত উৎপন্ন হয় সৰু-ডাঙৰ মুকুতা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055022.mp3"},{"index":"23","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055023.mp3"},{"index":"24","arabicText":"وَلَهُ الْجَوَارِ الْمُنْشَـٰٔتُ فِی الْبَحْرِ كَالْاَعْلَامِ ۟ۚ","assameseTranslation":"আৰু সাগৰত বিচৰণশীল পৰ্বত সদৃশ নৌযানসমূহ তেওঁৰেই (নিয়ন্ত্ৰণাধীন);","footnotes":"","tafseer":"সাগৰৰ মাজত চলাচল কৰা পৰ্বত সদৃশ নৌযানবোৰ একমাত্ৰ পৱিত্ৰ আল্লাহৰেই নিয়ন্ত্ৰণাধীন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055024.mp3"},{"index":"25","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟۠","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055025.mp3"},{"index":"26","arabicText":"كُلُّ مَنْ عَلَیْهَا فَانٍ ۟ۚۖ","assameseTranslation":"ভূপৃষ্ঠত যি আছে সকলো ধ্বংসশীল,","footnotes":"","tafseer":"ভূপৃষ্ঠত থকা সকলো জীৱ-জন্তু নিশ্চিতভাৱে ধ্বংসশীল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055026.mp3"},{"index":"27","arabicText":"وَّیَبْقٰی وَجْهُ رَبِّكَ ذُو الْجَلٰلِ وَالْاِكْرَامِ ۟ۚ","assameseTranslation":"আৰু অবিনশ্বৰ কেৱল তোমাৰ প্ৰতিপালকৰ চেহেৰা, যিজন মহিমাময়, মহানুভৱ;","footnotes":"","tafseer":"হে ৰাছুল! কেৱল আপোনাৰ প্ৰতিপালকৰ চেহেৰাই অৱশিষ্ট থাকিব। তেওঁ নিজ বান্দাসকলৰ ওপৰত মহিমাময় আৰু মহা অনুগ্রহশীল। ফলত তেওঁক কেতিয়াও ধ্বংসই স্পৰ্শ নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055027.mp3"},{"index":"28","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055028.mp3"},{"index":"29","arabicText":"یَسْـَٔلُهٗ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ كُلَّ یَوْمٍ هُوَ فِیْ شَاْنٍ ۟ۚ","assameseTranslation":"আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰে, তেওঁ প্ৰতিটো মুহূৰ্ত্ততে গুৰুত্বপূৰ্ণ কামত নিয়োজিত।","footnotes":"","tafseer":"তেওঁৰ ওচৰতেই আকাশৰ সকলো ফিৰিস্তা আৰু পৃথিৱীৰ সকলো জিন আৰু মানৱে নিজৰ নিজৰ প্রয়োজন প্ৰাৰ্থনা কৰে। তেওঁ প্ৰতিটো মুহূৰ্ততে বান্দাসকলৰ জীৱন, মৰণ, জীৱিকা অথবা অন্যান্য গুৰুত্বপূৰ্ণ কামত নিয়োজিত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055029.mp3"},{"index":"30","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055030.mp3"},{"index":"31","arabicText":"سَنَفْرُغُ لَكُمْ اَیُّهَ الثَّقَلٰنِ ۟ۚ","assameseTranslation":"হে মানৱ আৰু জিন! আমি অনতিপলমে তোমালোকৰ (হিচাপ-নিকাচ গ্ৰহণৰ) প্ৰতি মনোনিৱেশ কৰিম।","footnotes":"","tafseer":"হে মানৱ আৰু জিনজাতি! অচিৰেই আমি তোমালোকৰ হিচাপ-নিকাচৰ প্ৰতি মনোনিৱেশ কৰিম। ফলত প্রত্যেককে প্ৰাপ্য অনুযায়ী ছোৱাব অথবা শাস্তি প্রদান কৰা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055031.mp3"},{"index":"32","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055032.mp3"},{"index":"33","arabicText":"یٰمَعْشَرَ الْجِنِّ وَالْاِنْسِ اِنِ اسْتَطَعْتُمْ اَنْ تَنْفُذُوْا مِنْ اَقْطَارِ السَّمٰوٰتِ وَالْاَرْضِ فَانْفُذُوْا ؕ لَا تَنْفُذُوْنَ اِلَّا بِسُلْطٰنٍ ۟ۚ","assameseTranslation":"হে জিন আৰু মানৱ সম্প্ৰদায়! আকাশমণ্ডল আৰু পৃথিৱীৰ সীমা যদি তোমালোকে অতিক্ৰম কৰিব পাৰা তেন্তে অতিক্ৰম কৰা, কিন্তু তোমালোকে (আল্লাহৰ) শক্তি অবিহনে অতিক্ৰম কৰিব নোৱাৰিবা।","footnotes":"","tafseer":"আল্লাহে কিয়ামতৰ দিনা মানৱ আৰু জিন জাতিক সমৱেত কৰি ক’ব: হে মানৱ আৰু জিনজাতি! তোমালোকে যদি আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো কোণৰ পৰা ওলাব পাৰা তেন্তে ওলাই যোৱা। কিন্তু তোমালোকে শক্তি আৰু প্রমাণ নোহোৱাকৈ কেতিয়াও এইটো কৰিব নোৱাৰিবা, আৰু সেই শক্তি তোমালোকে পাবা ক’ত?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055033.mp3"},{"index":"34","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055034.mp3"},{"index":"35","arabicText":"یُرْسَلُ عَلَیْكُمَا شُوَاظٌ مِّنْ نَّارٍ ۙ۬ وَّنُحَاسٌ فَلَا تَنْتَصِرٰنِ ۟ۚ","assameseTranslation":"তোমালোক উভয়ৰে প্ৰতি প্ৰেৰণ কৰা হ’ব অগ্নিশিখা আৰু ধুম্ৰপুঞ্জ (অথবা গলিত তাম), তেতিয়া তোমালোকে প্ৰতিৰোধ কৰিব নোৱাৰিবা।","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত ধোঁৱাবিহীন অগ্নিৰ লেলিহান শিখা প্রেৰণ কৰা হ’ব, আৰু প্রেৰণ কৰা হ’ব শিখাবিহীন ধোঁৱা। ফলত তোমালোকে সেইটোক প্রতিৰোধ কৰিব নোৱাৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055035.mp3"},{"index":"36","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055036.mp3"},{"index":"37","arabicText":"فَاِذَا انْشَقَّتِ السَّمَآءُ فَكَانَتْ وَرْدَةً كَالدِّهَانِ ۟ۚ","assameseTranslation":"যিদিনা আকাশ বিদীৰ্ণ হ’ব সেইদিনা ই তেজবৰ্ণ গোলাপৰ দৰে ৰঙা ছালৰ ৰূপ ধাৰণ কৰিব;","footnotes":"","tafseer":"যেতিয়া আকাশখন বিদীৰ্ণ হ’ব, যাতে ফিৰিস্তাসকল অৱতৰণ কৰিব পাৰে, তেতিয়া ই তেলৰ দৰে ৰঙা হৈ পৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055037.mp3"},{"index":"38","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055038.mp3"},{"index":"39","arabicText":"فَیَوْمَىِٕذٍ لَّا یُسْـَٔلُ عَنْ ذَنْۢبِهٖۤ اِنْسٌ وَّلَا جَآنٌّ ۟ۚ","assameseTranslation":"গতিকে সেইদিনা মানুহকো তাৰ অপৰাধ সম্পৰ্কে সোধা নহ’ব আৰু জিনকো নহয়।","footnotes":"","tafseer":"এই মহা ভয়াংকৰ দিৱসত কোনো মানৱ অথবা জিনক সিহঁতৰ পাপ সম্পর্কে সোধ-পোচ কৰা নহ’ব। যিহেতু আল্লাহে সিহঁতৰ আমল সম্পর্কে অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055039.mp3"},{"index":"40","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055040.mp3"},{"index":"41","arabicText":"یُعْرَفُ الْمُجْرِمُوْنَ بِسِیْمٰهُمْ فَیُؤْخَذُ بِالنَّوَاصِیْ وَالْاَقْدَامِ ۟ۚ","assameseTranslation":"অপৰাধীসকলৰ পৰিচয় পোৱা যাব সিহঁতৰ লক্ষণৰ দ্বাৰা, তাৰ পিছত সিহঁতৰ আগচুলি আৰু ভৰিত ধৰি টানি নিয়া হ’ব।","footnotes":"","tafseer":"কিয়ামতৰ দিনা অপৰাধীসকলক সিহঁতৰ চিহ্নৰ দ্বাৰা চিনি পোৱা যাব। কিয়নো সেইদিনা সিহঁতৰ মুখমণ্ডল ক’লা পৰিব আৰু চকুৰ ৰং নীলা হ’ব। ফলত সিহঁতৰ কপালক ভৰিৰ সৈতে বান্ধি জাহান্নামত নিক্ষেপ কৰা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055041.mp3"},{"index":"42","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055042.mp3"},{"index":"43","arabicText":"هٰذِهٖ جَهَنَّمُ الَّتِیْ یُكَذِّبُ بِهَا الْمُجْرِمُوْنَ ۟ۘ","assameseTranslation":"এইটোৱে হৈছে সেই জাহান্নাম, যাক অপৰাধীসকলে অস্বীকাৰ কৰিছিল।","footnotes":"","tafseer":"সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ এইখনেই হৈছে সেই জাহান্নাম, যিখনক অপৰাধীসকলে পৃথিৱীত অস্বীকাৰ কৰিছিল। যিখন আজি সিহঁতৰ চকুৰ সন্মুখত আছে, আজি সিহঁতে কোনো পধ্যেই ইয়াক অবিশ্বাস কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055043.mp3"},{"index":"44","arabicText":"یَطُوْفُوْنَ بَیْنَهَا وَبَیْنَ حَمِیْمٍ اٰنٍ ۟ۚ","assameseTranslation":"সিহঁত জাহান্নামৰ জুই আৰু উতলা পানীৰ মাজত ঘুৰি থাকিব।","footnotes":"","tafseer":"সিহঁতে সেই জাহান্নামৰ মাজত প্ৰচণ্ড উতলা পানীত ঘূৰপাক খাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055044.mp3"},{"index":"45","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟۠","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055045.mp3"},{"index":"46","arabicText":"وَلِمَنْ خَافَ مَقَامَ رَبِّهٖ جَنَّتٰنِ ۟ۚ","assameseTranslation":"আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত হোৱাৰ ভয় পোষণ কৰে, তাৰ বাবে আছে দুখন জান্নাত।","footnotes":"","tafseer":"আৰু যি ব্যক্তিয়ে পৰকালত নিজ প্ৰতিপালকৰ সন্মুখত দণ্ডায়মান হোৱাক ভয় কৰে, তথা যিয়ে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তাৰ বাবে আছে দুটা জান্নাত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055046.mp3"},{"index":"47","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟ۙ","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055047.mp3"},{"index":"48","arabicText":"ذَوَاتَاۤ اَفْنَانٍ ۟ۚ","assameseTranslation":"উভয়েই বহু শাখা-পল্লববিশিষ্ট।","footnotes":"","tafseer":"এই দুয়োটা জান্নাত হৈছে বহুতো সতেজ ডাল-পাত আৰু ফলবিশিষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055048.mp3"},{"index":"49","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055049.mp3"},{"index":"50","arabicText":"فِیْهِمَا عَیْنٰنِ تَجْرِیٰنِ ۟ۚ","assameseTranslation":"উভয় জান্নাতত আছে প্ৰবাহমান দুখন নিজৰা;","footnotes":"","tafseer":"উভয় জান্নাতত আছে প্রবাহমান পানীবিশিষ্ট দুটা ঝর্না (জুৰি বা নিৰ্ঝৰ)।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055050.mp3"},{"index":"51","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055051.mp3"},{"index":"52","arabicText":"فِیْهِمَا مِنْ كُلِّ فَاكِهَةٍ زَوْجٰنِ ۟ۚ","assameseTranslation":"উভয়ৰ মাজত আছে প্ৰতিটো ফল দুই দুই প্ৰকাৰৰ।","footnotes":"","tafseer":"উভয়তে আছে প্ৰত্যেক ফল-মূলৰ দুটা দুটা প্ৰকাৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055052.mp3"},{"index":"53","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055053.mp3"},{"index":"54","arabicText":"مُتَّكِـِٕیْنَ عَلٰی فُرُشٍ بَطَآىِٕنُهَا مِنْ اِسْتَبْرَقٍ ؕ وَجَنَا الْجَنَّتَیْنِ دَانٍ ۟ۚ","assameseTranslation":"তাত তেওঁলোকে আউজি বহিব এনেকুৱা বিছনাত যাৰ অভ্যন্তৰভাগ হ'ব সিংখাপেৰে তৈৰী সুকোমল; আৰু উভয় জান্নাতৰ ফল-মূল থাকিব নিকটৱৰ্তী।","footnotes":"","tafseer":"তেওঁলোকে বিছনাত আউজি বহিব। যিখন বিছনাৰ ভিতৰভাগ হৈছে মোটা ৰেচমৰ দ্বাৰা তৈয়াৰী। তথা উভয় জান্নাতৰ ফল-মূল ইমান নিকটৱৰ্তী থাকিব যে, থিয় হৈ, বহি আৰু আউজি বহিও পাৰি খাব পৰা যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055054.mp3"},{"index":"55","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055055.mp3"},{"index":"56","arabicText":"فِیْهِنَّ قٰصِرٰتُ الطَّرْفِ ۙ لَمْ یَطْمِثْهُنَّ اِنْسٌ قَبْلَهُمْ وَلَا جَآنٌّ ۟ۚ","assameseTranslation":"তাত থাকিব স্বামীৰ প্ৰতি দৃষ্টি সীমিতকাৰী ৰূপহীসকল, যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।","footnotes":"","tafseer":"তাত থাকিব এনেকুৱা নাৰীসকল, যিসকলৰ দৃষ্টি একমাত্ৰ তেওঁলোকৰ স্বামীৰ প্রতিহে সীমাবদ্ধ থাকিব। তেওঁলোকৰ সতীত্বক নিজৰ স্বামীৰ পূর্বে কোনো জিন তথা মানৱে স্পৰ্শ কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055056.mp3"},{"index":"57","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟ۚ","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055057.mp3"},{"index":"58","arabicText":"كَاَنَّهُنَّ الْیَاقُوْتُ وَالْمَرْجَانُ ۟ۚ","assameseTranslation":"সিহঁত যেনিবা পদ্মৰাগ মণি আৰু মুকুতা।","footnotes":"","tafseer":"সৌন্দৰ্য আৰু পৰিচ্ছন্নতাত তেওঁলোক হৈছে যেনিবা মণি-মুকুতা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055058.mp3"},{"index":"59","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055059.mp3"},{"index":"60","arabicText":"هَلْ جَزَآءُ الْاِحْسَانِ اِلَّا الْاِحْسَانُ ۟ۚ","assameseTranslation":"উত্তম কামৰ প্ৰতিদান উত্তমৰ বাহিৰে আৰুনো কি হ’ব পাৰে?","footnotes":"","tafseer":"যি ব্যক্তিয়ে সুন্দৰভাৱে নিজ প্ৰতিপালকৰ আনুগত্য কৰে, তাৰ প্রতিদান ইয়াৰ বাহিৰে আৰুনো কি হ’ব পাৰে যে, আল্লাহে তাক উত্তম প্রতিদান দান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055060.mp3"},{"index":"61","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055061.mp3"},{"index":"62","arabicText":"وَمِنْ دُوْنِهِمَا جَنَّتٰنِ ۟ۚ","assameseTranslation":"আৰু এই দুখন জান্নাতৰ বাহিৰেও আৰু দুখন জান্নাত আছে।","footnotes":"","tafseer":"উল্লিখিত জান্নাত দুটাৰ বাহিৰেও আৰু দুখন জান্নাত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055062.mp3"},{"index":"63","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟ۙ","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055063.mp3"},{"index":"64","arabicText":"مُدْهَآمَّتٰنِ ۟ۚ","assameseTranslation":"জান্নাত দুখন হৈছে ঘন সেউজীয়া।","footnotes":"","tafseer":"সেই দুখন অতি ঘন সেউজীয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055064.mp3"},{"index":"65","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟ۚ","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055065.mp3"},{"index":"66","arabicText":"فِیْهِمَا عَیْنٰنِ نَضَّاخَتٰنِ ۟ۚ","assameseTranslation":"এই দুখন জান্নাতত আছে উচ্ছলিত দুখন নিজৰা।","footnotes":"","tafseer":"এই দুয়োখন জান্নাতত আছে অতি উচ্ছলিত পানীৰ দুটা ঝর্না। যি ঝৰ্নাত পানীৰ গতি কেতিয়াও বন্ধ নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055066.mp3"},{"index":"67","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055067.mp3"},{"index":"68","arabicText":"فِیْهِمَا فَاكِهَةٌ وَّنَخْلٌ وَّرُمَّانٌ ۟ۚ","assameseTranslation":"তাত আছে ফল-মূল, খেজুৰ আৰু ডালিম।","footnotes":"","tafseer":"এই দুয়োখন জান্নাতত আছে প্রচুৰ ফল-মূল, লগতে আছে বৃহৎ খেজুৰ গছ আৰু ডালিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055068.mp3"},{"index":"69","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟ۚ","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055069.mp3"},{"index":"70","arabicText":"فِیْهِنَّ خَیْرٰتٌ حِسَانٌ ۟ۚ","assameseTranslation":"সেই জান্নাতসমূহৰ মাজত আছে চৰিত্ৰৱৰ্তী, ৰূপহী ৰমণী।","footnotes":"","tafseer":"উক্ত জান্নাতসমূহত আছে উত্তম চৰিত্র আৰু ৰূপহী, ৰমণী নাৰীসকল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055070.mp3"},{"index":"71","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟ۚ","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055071.mp3"},{"index":"72","arabicText":"حُوْرٌ مَّقْصُوْرٰتٌ فِی الْخِیَامِ ۟ۚ","assameseTranslation":"চামিয়ানাবোৰত সুৰক্ষিতা হৈ থাকিব হুৰসকল।","footnotes":"","tafseer":"চামিয়ানাবোৰত সুৰক্ষিত থকাৰ উদ্দেশ্যে হুৰসকল পৰ্দাত থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055072.mp3"},{"index":"73","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟ۚ","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055073.mp3"},{"index":"74","arabicText":"لَمْ یَطْمِثْهُنَّ اِنْسٌ قَبْلَهُمْ وَلَا جَآنٌّ ۟ۚ","assameseTranslation":"যিসকলক ইতিপূৰ্বে কোনো মানুহ অথবা কোনো জিনে স্পৰ্শ কৰা নাই।","footnotes":"","tafseer":"নিজৰ স্বামীৰ পূর্বে কোনো মানৱ অথবা জিনে তেওঁলোকৰ নিকটৱৰ্তী হোৱা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055074.mp3"},{"index":"75","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055075.mp3"},{"index":"76","arabicText":"مُتَّكِـِٕیْنَ عَلٰی رَفْرَفٍ خُضْرٍ وَّعَبْقَرِیٍّ حِسَانٍ ۟ۚ","assameseTranslation":"সিহঁতে আউজি বহিব সেউজীয়া দলিছা আৰু ধুনীয়া সিংখাপৰ গাদীযুক্ত আসনত।","footnotes":"","tafseer":"তেওঁলোকে সেউজীয়া দলিচা আৰু সুন্দৰ চাদৰৰ দ্বাৰা বেষ্টিত গাদীত আউজি অৱস্থান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055076.mp3"},{"index":"77","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟","assameseTranslation":"এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?","footnotes":"","tafseer":"হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055077.mp3"},{"index":"78","arabicText":"تَبٰرَكَ اسْمُ رَبِّكَ ذِی الْجَلٰلِ وَالْاِكْرَامِ ۟۠","assameseTranslation":"বৰকতময় তোমাৰ প্ৰতিপালকৰ নাম, যিজন মহামহিম আৰু মহানুভৱ।","footnotes":"","tafseer":"অতি মাহাত্ম্য আৰু প্রাচুৰ্যপূৰ্ণ আপোনাৰ প্ৰতিপালকৰ নাম। তেওঁ মহামহিম, নিজ বান্দাসকলৰ প্রতি অনুগ্রহশীল আৰু কৃপাশীল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/055078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/055078.mp3"}]