[{"index":"1","arabicText":"اِذَا وَقَعَتِ الْوَاقِعَةُ ۟ۙ","assameseTranslation":"যেতিয়া কিয়ামত সংঘটিত হ’ব,","footnotes":"","tafseer":"যেতিয়া নিশ্চিতভাৱে কিয়ামত অনুষ্ঠিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056001.mp3"},{"index":"2","arabicText":"لَیْسَ لِوَقْعَتِهَا كَاذِبَةٌ ۟ۘ","assameseTranslation":"(তেতিয়া) ইয়াৰ সংঘটিত হোৱাক অস্বীকাৰ কৰিব পৰা কোনো নাথাকিব।","footnotes":"","tafseer":"তেতিয়া কোনেও ইয়াক অস্বীকাৰ কৰিব নোৱাৰিব। যদিও সি পৃথিৱীত ইয়াক অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056002.mp3"},{"index":"3","arabicText":"خَافِضَةٌ رَّافِعَةٌ ۟ۙ","assameseTranslation":"ই কাৰোবাক অধঃপতন কৰিব, কাৰোবাক সমুন্নত কৰিব;","footnotes":"","tafseer":"ই পাপিষ্ঠ কাফিৰসকলক জাহান্নামত প্ৰৱেশ কৰোৱাৰ মাধ্যমত সিহঁতক অধঃপতন কৰিব। আনহাতে মুত্ত্বাক্বী মুমিনসকলক জান্নাতত প্ৰৱেশ কৰাই তেওঁলোকক সমুন্নত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056003.mp3"},{"index":"4","arabicText":"اِذَا رُجَّتِ الْاَرْضُ رَجًّا ۟ۙ","assameseTranslation":"যেতিয়া পৃথিৱী প্ৰবল প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব,","footnotes":"","tafseer":"যেতিয়া পৃথিৱী মহা প্ৰকম্পনৰ দ্বাৰা প্ৰকম্পিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056004.mp3"},{"index":"5","arabicText":"وَّبُسَّتِ الْجِبَالُ بَسًّا ۟ۙ","assameseTranslation":"আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব,","footnotes":"","tafseer":"আৰু পৰ্বতসমূহক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056005.mp3"},{"index":"6","arabicText":"فَكَانَتْ هَبَآءً مُّنْۢبَثًّا ۟ۙ","assameseTranslation":"ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ’ব;","footnotes":"","tafseer":"ফলত সেইবোৰ উৰি ফুৰা ধূলিকণাত পৰিণত হ’ব। যাৰ কোনো স্থিতিশীলতা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056006.mp3"},{"index":"7","arabicText":"وَّكُنْتُمْ اَزْوَاجًا ثَلٰثَةً ۟ؕ","assameseTranslation":"আৰু তোমালোক বিভক্ত হৈ পৰিবা তিনিটা দলত----","footnotes":"","tafseer":"আৰু সেইদিনা তোমালোকে তিনিটা শ্রেণীত বিভক্ত হ’বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056007.mp3"},{"index":"8","arabicText":"فَاَصْحٰبُ الْمَیْمَنَةِ ۙ۬ مَاۤ اَصْحٰبُ الْمَیْمَنَةِ ۟ؕ","assameseTranslation":"এতেকে সোঁফালৰ দল; আৰু সোঁফালৰ দলটো কিমান যে সৌভাগ্যৱান!","footnotes":"","tafseer":"সোঁহাতত আমলনামা গ্রহণকাৰীসকলৰ মৰ্যাদা কিমান যে উৎকৃষ্ট তথা সুউচ্চ!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056008.mp3"},{"index":"9","arabicText":"وَاَصْحٰبُ الْمَشْـَٔمَةِ ۙ۬ مَاۤ اَصْحٰبُ الْمَشْـَٔمَةِ ۟ؕ","assameseTranslation":"আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া!","footnotes":"","tafseer":"পক্ষান্তৰে বাওঁহাতত আমলনামা গ্রহণকাৰীসকলৰ স্তৰ কিমান যে নিম্নমানৰ!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056009.mp3"},{"index":"10","arabicText":"وَالسّٰبِقُوْنَ السّٰبِقُوْنَ ۟ۚۙ","assameseTranslation":"আৰু অগ্ৰগামীসকলেই অগ্ৰগামী,","footnotes":"","tafseer":"পৃথিৱীৰ জীৱনত ভাল কামত আগভাগ লোৱাসকলে পৰকালতো সবাতোকৈ আগতে জান্নাতত যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056010.mp3"},{"index":"11","arabicText":"اُولٰٓىِٕكَ الْمُقَرَّبُوْنَ ۟ۚ","assameseTranslation":"তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত--","footnotes":"","tafseer":"তেওঁলোকেই হৈছে আল্লাহৰ নৈকট্য প্ৰাপ্ত লোক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056011.mp3"},{"index":"12","arabicText":"فِیْ جَنّٰتِ النَّعِیْمِ ۟","assameseTranslation":"(তেওঁলোক থাকিব) নিয়ামতেৰে ভৰা জান্নাতত,","footnotes":"","tafseer":"তেওঁলোকে নিয়ামতেৰে ভৰা জান্নাতত অৱস্থান কৰিব। তেওঁলোকে তাত নানা ধৰণৰ ভোগসামগ্রী উপভোগ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056012.mp3"},{"index":"13","arabicText":"ثُلَّةٌ مِّنَ الْاَوَّلِیْنَ ۟ۙ","assameseTranslation":"বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;","footnotes":"","tafseer":"এটা দল হ’ব এই উম্মতৰ, আৰু বহু সংখ্যক হ’ব পূৰ্বৱৰ্তী উম্মতৰ মাজৰ পৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056013.mp3"},{"index":"14","arabicText":"وَقَلِیْلٌ مِّنَ الْاٰخِرِیْنَ ۟ؕ","assameseTranslation":"আৰু কম সংখ্যক হ’ব পৰবৰ্তীসকলৰ মাজৰ পৰা।","footnotes":"","tafseer":"আৰু শেষ যুগৰ হ’ব কম সংখ্যক লোক, তেওঁলোক হ'ব অগ্রগামী তথা নৈকট্যপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056014.mp3"},{"index":"15","arabicText":"عَلٰی سُرُرٍ مَّوْضُوْنَةٍ ۟ۙ","assameseTranslation":"সোণেৰে নিৰ্মিত আসনমূহত,","footnotes":"","tafseer":"তেওঁলোকে থাকিব সোণেৰে খচিত আসনত উপবিষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056015.mp3"},{"index":"16","arabicText":"مُّتَّكِـِٕیْنَ عَلَیْهَا مُتَقٰبِلِیْنَ ۟","assameseTranslation":"তেওঁলোকে পৰস্পৰে মুখামুখিকৈ আউজি বহিব।","footnotes":"","tafseer":"তেওঁলোকে সেইবোৰ আসনত মুখামুখিকৈ আউজি বহিব। কোনেও কাৰো ঘাৰ দেখা নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056016.mp3"},{"index":"17","arabicText":"یَطُوْفُ عَلَیْهِمْ وِلْدَانٌ مُّخَلَّدُوْنَ ۟ۙ","assameseTranslation":"তেওঁলোকৰ আশে-পাশে ঘূৰি-ফুৰিব চিৰ কিশোৰসকল,","footnotes":"","tafseer":"তেওঁলোকৰ সেৱা কৰিবলৈ তেওঁলোকৰ চাৰিওফালে ঘূৰি ফুৰিব কিশোৰসকল। যিসকলক বাৰ্ধক্যও স্পৰ্শ নকৰিব তথা ধ্বংসও নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056017.mp3"},{"index":"18","arabicText":"بِاَكْوَابٍ وَّاَبَارِیْقَ ۙ۬ وَكَاْسٍ مِّنْ مَّعِیْنٍ ۟ۙ","assameseTranslation":"প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ,","footnotes":"","tafseer":"সিহঁতে এওঁলোকৰ চাৰিওফালে জান্নাতৰ অবাৰিত ঝৰ্নাৰ পৰা সুৰাপূৰ্ণ কাপ, পিয়লা আৰু পানপাত্ৰলৈ প্ৰদক্ষিণ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056018.mp3"},{"index":"19","arabicText":"لَّا یُصَدَّعُوْنَ عَنْهَا وَلَا یُنْزِفُوْنَ ۟ۙ","assameseTranslation":"সেই সুৰা সেৱন কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব--","footnotes":"","tafseer":"এইটো পৃথিৱীৰ সুৰাৰ দৰে নহয়। ফলত ইয়াৰ দ্বাৰা মূৰৰ বিষো সৃষ্টি নহ’ব তথা ইয়াৰ ফলত জ্ঞানহাৰাও নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056019.mp3"},{"index":"20","arabicText":"وَفَاكِهَةٍ مِّمَّا یَتَخَیَّرُوْنَ ۟ۙ","assameseTranslation":"আৰু (ঘূৰি ফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ,","footnotes":"","tafseer":"এই কিশোৰসকলে তেওঁলোকৰ সন্মুখত তেওঁলোকৰ পছন্দৰ ফল-মূল লৈ প্ৰদক্ষিণ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056020.mp3"},{"index":"21","arabicText":"وَلَحْمِ طَیْرٍ مِّمَّا یَشْتَهُوْنَ ۟ؕ","assameseTranslation":"আৰু তেওঁলোকৰ ৰুচি অনুযায়ী চৰাইৰ মাংস লৈ।","footnotes":"","tafseer":"সিহঁতে তেওঁলোকৰ পছন্দৰ চৰাইৰ মাংস লৈ তেওঁলোকৰ সন্মুখত ঘূৰি ফুৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056021.mp3"},{"index":"22","arabicText":"وَحُوْرٌ عِیْنٌ ۟ۙ","assameseTranslation":"আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ,","footnotes":"","tafseer":"জান্নাতত তেওঁলোকৰ বাবে থাকিব পদ্মলোচন চকুবিশিষ্টা ৰমণী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056022.mp3"},{"index":"23","arabicText":"كَاَمْثَالِ اللُّؤْلُوءِ الْمَكْنُوْنِ ۟ۚ","assameseTranslation":"যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে,","footnotes":"","tafseer":"তেওঁলোক যেনিবা সাগৰীয় শামুকত সুৰক্ষিত থকা মুকুতাৰ দৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056023.mp3"},{"index":"24","arabicText":"جَزَآءً بِمَا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰস্বৰূপে।","footnotes":"","tafseer":"এইটো হৈছে পৃথিৱীত কৰা তেওঁলোকৰ সৎকৰ্মৰ প্ৰতিদান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056024.mp3"},{"index":"25","arabicText":"لَا یَسْمَعُوْنَ فِیْهَا لَغْوًا وَّلَا تَاْثِیْمًا ۟ۙ","assameseTranslation":"তাত তেওঁলোকে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব,","footnotes":"","tafseer":"তেওঁলোকে জান্নাতত কোনো ধৰণৰ অশ্লীল বাৰ্তালাপ শুনিবলৈ নাপাব, আৰু কোনো ধৰণৰ গুনাহৰ কথাও শ্রৱণ নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056025.mp3"},{"index":"26","arabicText":"اِلَّا قِیْلًا سَلٰمًا سَلٰمًا ۟","assameseTranslation":"শুনিব কেৱল ছালাম আৰু ছালাম (শান্তি বাক্য)।","footnotes":"","tafseer":"তেওঁলোকে তাত কেৱল তেওঁলোকক কৰা ফিৰিস্তাসকলৰ ছালাম শুনিবলৈ পাব, আৰু তেওঁলোকৰ পৰস্পৰৰ ছালামহে শুনা পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056026.mp3"},{"index":"27","arabicText":"وَاَصْحٰبُ الْیَمِیْنِ ۙ۬ مَاۤ اَصْحٰبُ الْیَمِیْنِ ۟ؕ","assameseTranslation":"আৰু সোঁফালৰ দল; কিমান যে ভাগ্যৱান সোঁফালৰ দলটো!","footnotes":"","tafseer":"আৰু সোঁফালৰ দল, যিসকলক সোঁহাতত আমলনামা দিয়া হ'ব আল্লাহৰ ওচৰত তেওঁলোকৰ কিমান যে মৰ্যাদা আৰু সন্মান আছে!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056027.mp3"},{"index":"28","arabicText":"فِیْ سِدْرٍ مَّخْضُوْدٍ ۟ۙ","assameseTranslation":"তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ,","footnotes":"","tafseer":"তেওঁলোকে কাইটবিহীন বগৰী বাগানত অৱস্থান কৰিব, কাইট নথকাৰ ফলত তেওঁলোকৰ কোনো কষ্ট নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056028.mp3"},{"index":"29","arabicText":"وَّطَلْحٍ مَّنْضُوْدٍ ۟ۙ","assameseTranslation":"আৰু থোকেৰে ভৰা কল গছ,","footnotes":"","tafseer":"লগতে তাত আছে ঘনীভূত কল গছ, যিবোৰ আছে শাৰীবদ্ধ কল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056029.mp3"},{"index":"30","arabicText":"وَّظِلٍّ مَّمْدُوْدٍ ۟ۙ","assameseTranslation":"আৰু সম্প্ৰসাৰিত ছাঁ,","footnotes":"","tafseer":"লগতে আছে সুদীৰ্ঘ আৰু স্থায়ী ছাঁ, যিটো কেতিয়াও সমাপ্ত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056030.mp3"},{"index":"31","arabicText":"وَّمَآءٍ مَّسْكُوْبٍ ۟ۙ","assameseTranslation":"আৰু সদায় প্ৰবাহমান পানী,","footnotes":"","tafseer":"আৰু আছে প্ৰবাহমান পানী, যিটো কেতিয়াও স্তব্ধ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056031.mp3"},{"index":"32","arabicText":"وَّفَاكِهَةٍ كَثِیْرَةٍ ۟ۙ","assameseTranslation":"আৰু প্ৰচুৰ ফল-মূল,","footnotes":"","tafseer":"লগতে তাত আছে পৰ্যাপ্ত ফল-মূল, যিবোৰ গণনা কৰি শেষ কৰিব নোৱাৰি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056032.mp3"},{"index":"33","arabicText":"لَّا مَقْطُوْعَةٍ وَّلَا مَمْنُوْعَةٍ ۟ۙ","assameseTranslation":"যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব।","footnotes":"","tafseer":"তেওঁলোকৰ পৰা সেইবোৰ কেতিয়াও সমাপ্ত নহ’ব। কাৰণ সেইবোৰৰ কোনো ঋতু নাই। আনহাতে সেইবোৰ পোৱাৰ ক্ষেত্ৰতো তেওঁলোকে কোনো বাধাৰ সন্মুখীন নহ’ব, যেতিয়াই তেওঁলোকে বিচাৰিব তেতিয়াই পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056033.mp3"},{"index":"34","arabicText":"وَّفُرُشٍ مَّرْفُوْعَةٍ ۟ؕ","assameseTranslation":"লগতে (তেওঁলোক থাকিব) সুউচ্চ শয্যাসমূহত;","footnotes":"","tafseer":"উন্নত মানৰ উৎকৃষ্ট বিছনাসমূহ পালেঙৰ ওপৰত সজোৱা থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056034.mp3"},{"index":"35","arabicText":"اِنَّاۤ اَنْشَاْنٰهُنَّ اِنْشَآءً ۟ۙ","assameseTranslation":"নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছোঁ বিশেষৰূপত---","footnotes":"","tafseer":"নিশ্চয় আমি উল্লিখিত হুৰসকলক অস্বাভাৱিক নিয়মত সৃষ্টি কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056035.mp3"},{"index":"36","arabicText":"فَجَعَلْنٰهُنَّ اَبْكَارًا ۟ۙ","assameseTranslation":"তাৰ পিছত সিহঁতক কুমাৰী বনাইছোঁ,","footnotes":"","tafseer":"আমি তেওঁলোকক কুমাৰী বনাইছোঁ। তেওঁলোকক ইয়াৰ পূৰ্বে কোনেও স্পৰ্শ কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056036.mp3"},{"index":"37","arabicText":"عُرُبًا اَتْرَابًا ۟ۙ","assameseTranslation":"নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া,","footnotes":"","tafseer":"তেওঁলোক হৈছে স্বামীপ্ৰেমী, প্রিয়তমা তথা সমবয়সী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056037.mp3"},{"index":"38","arabicText":"لِّاَصْحٰبِ الْیَمِیْنِ ۟ؕ۠","assameseTranslation":"সোঁফালৰ লোকসকলৰ বাবে।","footnotes":"","tafseer":"সোঁপন্থীসকলৰ বাবে আমি তেওঁলোকক সৃষ্টি কৰিছোঁ। যিসকলক সৌভাগ্যৰ প্ৰতীক হিচাপে সোঁফালে অৱস্থান কৰোৱা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056038.mp3"},{"index":"39","arabicText":"ثُلَّةٌ مِّنَ الْاَوَّلِیْنَ ۟ۙ","assameseTranslation":"বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;","footnotes":"","tafseer":"দৰাচলতে তেওঁলোক হৈছে পূর্বৱৰ্তী নবীসকলৰ উম্মতৰ এটা দল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056039.mp3"},{"index":"40","arabicText":"وَثُلَّةٌ مِّنَ الْاٰخِرِیْنَ ۟ؕ","assameseTranslation":"আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা।","footnotes":"","tafseer":"আৰু আনটো দল হৈছে উম্মতে মুহাম্মাদীৰ মাজৰ পৰা; অৰ্থাৎ শেষ উম্মতৰ মাজৰ পৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056040.mp3"},{"index":"41","arabicText":"وَاَصْحٰبُ الشِّمَالِ ۙ۬ مَاۤ اَصْحٰبُ الشِّمَالِ ۟ؕ","assameseTranslation":"আনহাতে বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো!","footnotes":"","tafseer":"আৰু বাওঁফালৰ দল, যিসকলক বাওঁ হাতত আমলনামা দিয়া হ'ব, সিহঁতৰ ঠিকনা আৰু অৱস্থা কিমান যে নিকৃষ্ট হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056041.mp3"},{"index":"42","arabicText":"فِیْ سَمُوْمٍ وَّحَمِیْمٍ ۟ۙ","assameseTranslation":"সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত,","footnotes":"","tafseer":"সিহঁতে প্ৰচণ্ড গৰম বতাহ আৰু উতলা পানীৰ মাজত অৱস্থান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056042.mp3"},{"index":"43","arabicText":"وَّظِلٍّ مِّنْ یَّحْمُوْمٍ ۟ۙ","assameseTranslation":"আৰু অতি ক'লা ধোঁৱাৰ ছাঁত,","footnotes":"","tafseer":"লগতে ক’লা ধোঁৱাবিশিষ্ট ছাঁত অৱস্থান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056043.mp3"},{"index":"44","arabicText":"لَّا بَارِدٍ وَّلَا كَرِیْمٍ ۟","assameseTranslation":"যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়।","footnotes":"","tafseer":"যাৰ গতিবেগো ভাল নহয়, আৰু দৃশ্যও সুন্দৰ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056044.mp3"},{"index":"45","arabicText":"اِنَّهُمْ كَانُوْا قَبْلَ ذٰلِكَ مُتْرَفِیْنَ ۟ۚۖ","assameseTranslation":"নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল,","footnotes":"","tafseer":"সিহঁতে এই শাস্তিত নিক্ষিপ্ত হোৱাৰ পূর্বে পৃথিৱীত ভোগ-সামগ্ৰীৰ মাজত লিপ্ত আছিল। নিজৰ প্ৰবৃত্তিৰ চাহিদা পূৰণৰ বাহিৰে সিহঁতৰ আন কোনো চিন্তা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056045.mp3"},{"index":"46","arabicText":"وَكَانُوْا یُصِرُّوْنَ عَلَی الْحِنْثِ الْعَظِیْمِ ۟ۚ","assameseTranslation":"আৰু সিহঁত অবিৰামভাৱে লিপ্ত আছিল জঘন্য পাপকৰ্মত।","footnotes":"","tafseer":"সিহঁতে আল্লাহৰ সৈতে কুফৰী কৰাৰ ক্ষেত্ৰত আৰু তেওঁক এৰি মূৰ্ত্তিবোৰৰ উপাসনাত বদ্ধপৰিকৰ আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056046.mp3"},{"index":"47","arabicText":"وَكَانُوْا یَقُوْلُوْنَ ۙ۬ اَىِٕذَا مِتْنَا وَكُنَّا تُرَابًا وَّعِظَامًا ءَاِنَّا لَمَبْعُوْثُوْنَ ۟ۙ","assameseTranslation":"আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৃত্যু হৈ মাটি আৰু হাড়ত পৰিণত হ'ম, তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’?","footnotes":"","tafseer":"সিহঁতে পুনৰুত্থানক অস্বীকাৰ কৰিছিল। সেয়ে সিহঁতে ইয়াক ঠাট্টা কৰি আৰু দুস্কৰ বুলি ভাবি কৈছিলঃ “আমি যেতিয়া মৃত্যুবৰণ কৰিম তথা মাটিত পৰিণত হ'ম আৰু যেতিয়া আমাৰ হাড়বোৰ বিগলিত হৈ যাব, তেতিয়া আকৌ আমাক পুনৰুত্থিত কৰা হ’ব নেকি”?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056047.mp3"},{"index":"48","arabicText":"اَوَاٰبَآؤُنَا الْاَوَّلُوْنَ ۟","assameseTranslation":"‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’?","footnotes":"","tafseer":"অথবা আমাৰ পূৰ্বে মৃত্যুবৰণ কৰা আমাৰ পূর্বপুৰুষসকলক পুনৰ্জীৱিত কৰা হ’ব নেকি?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056048.mp3"},{"index":"49","arabicText":"قُلْ اِنَّ الْاَوَّلِیْنَ وَالْاٰخِرِیْنَ ۟ۙ","assameseTranslation":"কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো--","footnotes":"","tafseer":"হে ৰাছুল! আখিৰাতৰ জীৱনক অবিশ্বাস কৰা এই লোকসকলক আপুনি কৈ দিয়কঃ নিশ্চয় পূর্বৰ আৰু পিছৰ সকলোকে একত্ৰিত কৰা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056049.mp3"},{"index":"50","arabicText":"لَمَجْمُوْعُوْنَ ۙ۬ اِلٰی مِیْقَاتِ یَوْمٍ مَّعْلُوْمٍ ۟","assameseTranslation":"সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’।","footnotes":"","tafseer":"অচিৰেই হিচাপ আৰু প্ৰতিদানৰ উদ্দেশ্যে সমৱেত কৰা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056050.mp3"},{"index":"51","arabicText":"ثُمَّ اِنَّكُمْ اَیُّهَا الضَّآلُّوْنَ الْمُكَذِّبُوْنَ ۟ۙ","assameseTranslation":"তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল!","footnotes":"","tafseer":"ইয়াৰ পিছত, হে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা আৰু সৰল পথৰ পৰা বিচ্যুত হোৱা লোকসকল! নিশ্চয় তোমালোকক কিয়ামতৰ দিনা যাক্কুম নামক বেয়া তথা নিকৃষ্ট বৃক্ষৰ ফল ভক্ষণ কৰোৱা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056051.mp3"},{"index":"52","arabicText":"لَاٰكِلُوْنَ مِنْ شَجَرٍ مِّنْ زَقُّوْمٍ ۟ۙ","assameseTranslation":"নিশ্চয় (তোমালোকে) আহাৰ কৰিবা যাক্কুম গছৰ পৰা,","footnotes":"","tafseer":"ইয়াৰ পিছত, হে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা আৰু সৰল পথৰ পৰা বিচ্যুত হোৱা লোকসকল! নিশ্চয় তোমালোকক কিয়ামতৰ দিনা যাক্কুম নামক বেয়া তথা নিকৃষ্ট বৃক্ষৰ ফল ভক্ষণ কৰোৱা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056052.mp3"},{"index":"53","arabicText":"فَمَالِـُٔوْنَ مِنْهَا الْبُطُوْنَ ۟ۚ","assameseTranslation":"সেইটোৰেই তোমালোকে পেট ভৰাবা,","footnotes":"","tafseer":"ফলত তোমালোকে এই গছৰ তিতা ফলেৰে নিজৰ খালী উদৰ পূৰণ কৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056053.mp3"},{"index":"54","arabicText":"فَشٰرِبُوْنَ عَلَیْهِ مِنَ الْحَمِیْمِ ۟ۚ","assameseTranslation":"তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী---","footnotes":"","tafseer":"লগতে পান কৰিব লাগিব প্ৰচণ্ড উত্তপ্ত গৰম পানী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056054.mp3"},{"index":"55","arabicText":"فَشٰرِبُوْنَ شُرْبَ الْهِیْمِ ۟ؕ","assameseTranslation":"তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।","footnotes":"","tafseer":"এতেকে সিহঁতে প্ৰচুৰ পৰিমাণে সেই পানী পান কৰিব। যিদৰে উটে তীব্র পিয়াহত অধিক পৰিমাণে পানী পান কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056055.mp3"},{"index":"56","arabicText":"هٰذَا نُزُلُهُمْ یَوْمَ الدِّیْنِ ۟ؕ","assameseTranslation":"প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন।","footnotes":"","tafseer":"উপৰোল্লেখিত তিতা খাদ্য আৰু গৰম পানীৰেই সিহঁতক প্ৰতিদান দিৱসত অভ্যর্থনা জনোৱা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056056.mp3"},{"index":"57","arabicText":"نَحْنُ خَلَقْنٰكُمْ فَلَوْلَا تُصَدِّقُوْنَ ۟","assameseTranslation":"আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা?","footnotes":"","tafseer":"হে অস্বীকাৰকাৰীসকল! আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ, ইয়াৰ পূৰ্বে তোমালোকৰ কোনো অস্তিত্বই নাছিল। এতেকে তোমালোকে এই কথা বিশ্বাস নকৰা নেকি যে, নিশ্চয় আমিয়েই তোমালোকক মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিম?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056057.mp3"},{"index":"58","arabicText":"اَفَرَءَیْتُمْ مَّا تُمْنُوْنَ ۟ؕ","assameseTranslation":"তোমালোকে ভাবি চাইছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে?","footnotes":"","tafseer":"হে মানৱজাতি! তোমালোকে সেই বীৰ্য সম্পৰ্কে ভাবিছানে, যিটো তোমালোকে নিজৰ স্ত্রীসকলৰ গর্ভাশয়ত নিক্ষেপ কৰা?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056058.mp3"},{"index":"59","arabicText":"ءَاَنْتُمْ تَخْلُقُوْنَهٗۤ اَمْ نَحْنُ الْخٰلِقُوْنَ ۟","assameseTranslation":"সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?","footnotes":"","tafseer":"সেই বীর্য তোমালোকে সৃষ্টি কৰা নে আমি সৃষ্টি কৰোঁ?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056059.mp3"},{"index":"60","arabicText":"نَحْنُ قَدَّرْنَا بَیْنَكُمُ الْمَوْتَ وَمَا نَحْنُ بِمَسْبُوْقِیْنَ ۟ۙ","assameseTranslation":"আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছোঁ আৰু আমি অক্ষম নহওঁ--","footnotes":"","tafseer":"আমি তোমালোকৰ মাজত মৃত্যুৰ ফয়চালা কৰিছোঁ। ফলত তোমালোকৰ প্ৰত্যেকৰে বাবে আছে এটা নির্ধাৰিত সময়, যি সময় আগুৱাইয়ো নাহিব আৰু পিছুৱাইয়ো নাযাব। তথা আমি অপাৰগো নহয়,","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056060.mp3"},{"index":"61","arabicText":"عَلٰۤی اَنْ نُّبَدِّلَ اَمْثَالَكُمْ وَنُنْشِئَكُمْ فِیْ مَا لَا تَعْلَمُوْنَ ۟","assameseTranslation":"(যে) তোমালোকৰ স্থানত তোমালোকৰ দৰে লোকক আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।","footnotes":"","tafseer":"তোমালোকৰ বর্তমান সৃষ্টি আৰু আকৃতিক পৰিবর্তন কৰি তোমালোকক এনেকুৱা সৃষ্টিত পৰিণত কৰিবলৈও আমি সক্ষম, যি সৃষ্টি আৰু আকৃতি সম্পৰ্কে তোমালোকে নাজানা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056061.mp3"},{"index":"62","arabicText":"وَلَقَدْ عَلِمْتُمُ النَّشْاَةَ الْاُوْلٰی فَلَوْلَا تَذَكَّرُوْنَ ۟","assameseTranslation":"আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা?","footnotes":"","tafseer":"নিশ্চয় তোমালোকে অৱগত হৈছা, কেনেকৈ আমি তোমালোকৰ প্ৰথম সৃষ্টি সম্পন্ন কৰিছোঁ। এতেকে তোমালোকে উপদেশ গ্রহণ নকৰা কিয়? আৰু এই কথা বিশ্বাস নকৰা নেকি যে, যি সত্তাই তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছে, তেওঁ নিশ্চয় তোমালোকক মৃত্যুৰ পিছতো পুনৰ্জীৱিত কৰিবলৈ সক্ষম?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056062.mp3"},{"index":"63","arabicText":"اَفَرَءَیْتُمْ مَّا تَحْرُثُوْنَ ۟ؕ","assameseTranslation":"তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে?","footnotes":"","tafseer":"তোমালোকে মাটিত যি বীজ ৰোপণ কৰা, সেই সম্পৰ্কে কেতিয়াবা ভাবি দেখিছানে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056063.mp3"},{"index":"64","arabicText":"ءَاَنْتُمْ تَزْرَعُوْنَهٗۤ اَمْ نَحْنُ الزّٰرِعُوْنَ ۟","assameseTranslation":"সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰোঁ?","footnotes":"","tafseer":"সেই বীজ তোমালোকে অংকুৰিত কৰা নেকি; নে আমি অংকুৰিত কৰোঁ?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056064.mp3"},{"index":"65","arabicText":"لَوْ نَشَآءُ لَجَعَلْنٰهُ حُطَامًا فَظَلْتُمْ تَفَكَّهُوْنَ ۟","assameseTranslation":"আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰোঁ, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা;","footnotes":"","tafseer":"আমি ইচ্ছা কৰিলে সেই শস্যক খেৰ-কুটাত পৰিণত কৰিব পাৰোঁ, যি শস্য পকিছে তথা চপাই লোৱাৰ নিকটৱর্তী সময়ত উপনীত হৈছে। কিন্তু তেনে কৰিলে তোমালোকে হতাশ হৈ পৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056065.mp3"},{"index":"66","arabicText":"اِنَّا لَمُغْرَمُوْنَ ۟ۙ","assameseTranslation":"(আৰু এই বুলি ক’বা যে) ‘নিশ্চয় আমি ঋণগ্ৰস্ত হৈ পৰিলোঁ’,","footnotes":"","tafseer":"তেতিয়া তোমালোকে ক’বাঃ নিশ্চয় আমি যি ব্যয় কৰিছোঁ, এই ক্ষয়-ক্ষতিৰ বাবে আমি দায়গ্ৰস্ত হৈ পৰিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056066.mp3"},{"index":"67","arabicText":"بَلْ نَحْنُ مَحْرُوْمُوْنَ ۟","assameseTranslation":"‘বৰং আমি বঞ্চিত’।","footnotes":"","tafseer":"বৰং আমি জীৱিকাৰ পৰা বঞ্চিত হৈ পৰিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056067.mp3"},{"index":"68","arabicText":"اَفَرَءَیْتُمُ الْمَآءَ الَّذِیْ تَشْرَبُوْنَ ۟ؕ","assameseTranslation":"তোমালোকে যি পানী সেৱন কৰা সেই সম্পৰ্কে ভাবিছানে?","footnotes":"","tafseer":"পিয়াহ লাগিলে তোমালোকে যি পানী খোৱা, সেই পানীৰ বিষয়ে তোমালোকে কেতিয়াবা ভাবিছানে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056068.mp3"},{"index":"69","arabicText":"ءَاَنْتُمْ اَنْزَلْتُمُوْهُ مِنَ الْمُزْنِ اَمْ نَحْنُ الْمُنْزِلُوْنَ ۟","assameseTranslation":"মেঘৰ পৰা সেই পানী তোমালোকে নমাই আনা, নে আমি বৰ্ষণ কৰোঁ?","footnotes":"","tafseer":"আকাশৰ মেঘপুঞ্জৰ মাজৰ পৰা সেই পানী তোমালোকে অৱতীৰ্ণ কৰা, নে আমি অৱতীৰ্ণ কৰোঁ?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056069.mp3"},{"index":"70","arabicText":"لَوْ نَشَآءُ جَعَلْنٰهُ اُجَاجًا فَلَوْلَا تَشْكُرُوْنَ ۟","assameseTranslation":"আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰোঁ। তথাপিও তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা কিয়?","footnotes":"","tafseer":"আমি ইচ্ছা কৰিলে সেই পানীক প্ৰচণ্ড লৱণাক্ত বনাব পাৰোঁ, যিটো খোৱাৰ বাবেও উপযোগী নহয় আৰু খেতি-বাতিৰ বাবেও উপযুক্ত নহয়। এতেকে আল্লাহে তোমালোকৰ প্ৰতি দয়া দৃষ্টি কৰি যি মিঠা পানী অৱতীৰ্ণ কৰে, তাৰ বাবে তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন নকৰিবানে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056070.mp3"},{"index":"71","arabicText":"اَفَرَءَیْتُمُ النَّارَ الَّتِیْ تُوْرُوْنَ ۟ؕ","assameseTranslation":"তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে চিন্তা কৰিছানে?","footnotes":"","tafseer":"সেই জুই সম্পৰ্কে তোমালোকে কেতিয়াবা ভাবিছানে, যিটোক তোমালোকে নিজৰ উপকাৰাৰ্থে প্ৰজ্বলিত কৰা?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056071.mp3"},{"index":"72","arabicText":"ءَاَنْتُمْ اَنْشَاْتُمْ شَجَرَتَهَاۤ اَمْ نَحْنُ الْمُنْشِـُٔوْنَ ۟","assameseTranslation":"তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?","footnotes":"","tafseer":"জুই উৎপন্ন কৰা সেই গছ তোমালোকে সৃষ্টি কৰিছা, নে আমি তোমালোকৰ প্ৰতি দয়া কৰি সৃষ্টি কৰিছোঁ?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056072.mp3"},{"index":"73","arabicText":"نَحْنُ جَعَلْنٰهَا تَذْكِرَةً وَّمَتَاعًا لِّلْمُقْوِیْنَ ۟ۚ","assameseTranslation":"ইয়াক আমি কৰিছোঁ এটা স্মাৰক আৰু মৰুভূমিত বাস কৰা লোকৰ বাবে প্ৰয়োজনীয় বস্তু।","footnotes":"","tafseer":"সেই জুইক আমি তোমালোকৰ বাবে উপদেশ বনাইছোঁ। সেইটোৱে তোমালোকক পৰকালৰ অগ্নিৰ কথা স্মৰণ কৰাই দিয়ে। লগতে ইয়াক তোমালোকৰ মাজৰ ভ্রমণকাৰীসকলৰ বাবে উপকাৰীও বনাইছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056073.mp3"},{"index":"74","arabicText":"فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِیْمِ ۟۠","assameseTranslation":"এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।","footnotes":"","tafseer":"এতেকে হে ৰাছুল! আপুনি আপোনাৰ মহান প্ৰতিপালকৰ পৱিত্ৰতা ঘোষণা কৰক, সেই সকলো বস্তুৰ পৰা, যিবোৰ তেওঁৰ বাবে উপযুক্ত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056074.mp3"},{"index":"75","arabicText":"فَلَاۤ اُقْسِمُ بِمَوٰقِعِ النُّجُوْمِ ۟ۙ","assameseTranslation":"এতেকে মই শপত কৰিছোঁ নক্ষত্ৰৰাজিৰ অস্তাচলৰ,","footnotes":"","tafseer":"আল্লাহে তাৰকাৰাজিৰ অৱস্থান আৰু স্থানৰ শপত খাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056075.mp3"},{"index":"76","arabicText":"وَاِنَّهٗ لَقَسَمٌ لَّوْ تَعْلَمُوْنَ عَظِیْمٌ ۟ۙ","assameseTranslation":"আৰু নিশ্চয় এইটো এটা মহা শপত, যদি তোমালোকে জানিলাহেঁতেন--","footnotes":"","tafseer":"তোমালোকে যদি এইবোৰৰ অৱস্থানৰ মৰ্যাদা সম্পৰ্কে জানিলাহেঁতেন, তেতিয়াহে বুজি পালাহেঁতেন, ইয়াৰ শপত খোৱাটো কিমান ডাঙৰ বিষয়। তাত আছে অগণিত নিদৰ্শন আৰু উপদেশাৱলী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056076.mp3"},{"index":"77","arabicText":"اِنَّهٗ لَقُرْاٰنٌ كَرِیْمٌ ۟ۙ","assameseTranslation":"নিশ্চয় এইখন মহিমান্বিত কোৰআন,","footnotes":"","tafseer":"হে মানৱসমাজ! তোমালোকৰ সন্মুখত তিলাৱত কৰা এই কোৰআন হৈছে সন্মানিত কোৰআন। কাৰণ ইয়াৰ মাজত আছে বহু ধৰণৰ মহা উপকাৰিতা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056077.mp3"},{"index":"78","arabicText":"فِیْ كِتٰبٍ مَّكْنُوْنٍ ۟ۙ","assameseTranslation":"যিখন আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।","footnotes":"","tafseer":"এইখন সংৰক্ষিত আছে মানৱ দৃষ্টিৰ পৰা আঁতৰত থকা এখন গ্ৰন্থত। সেইখন হৈছে লাওহে মাহফূজ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056078.mp3"},{"index":"79","arabicText":"لَّا یَمَسُّهٗۤ اِلَّا الْمُطَهَّرُوْنَ ۟ؕ","assameseTranslation":"পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।","footnotes":"","tafseer":"পাপ-পঙ্কিলতা আৰু দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ ফিৰিস্তাসকলৰ বাহিৰে আন কোনেও ইয়াক স্পৰ্শ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056079.mp3"},{"index":"80","arabicText":"تَنْزِیْلٌ مِّنْ رَّبِّ الْعٰلَمِیْنَ ۟","assameseTranslation":"এইখন বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।","footnotes":"","tafseer":"এইখন সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ নবী মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ওপৰত অৱতীৰ্ণ হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056080.mp3"},{"index":"81","arabicText":"اَفَبِهٰذَا الْحَدِیْثِ اَنْتُمْ مُّدْهِنُوْنَ ۟ۙ","assameseTranslation":"তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি?","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! তোমালোকে এইখনক সমৰ্থন নকৰি অস্বীকাৰ কৰি আছা?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056081.mp3"},{"index":"82","arabicText":"وَتَجْعَلُوْنَ رِزْقَكُمْ اَنَّكُمْ تُكَذِّبُوْنَ ۟","assameseTranslation":"আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা নেকি!","footnotes":"","tafseer":"আৰু আল্লাহে নিয়ামত হিচাপে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে সেইটোৰ বাবে আল্লাহৰ কৃতজ্ঞতা নকৰি তোমালোকে সেইটোক অস্বীকাৰ কৰি আছা। লগতে তোমালোকে বৰষুণৰ সম্পৰ্ক গ্ৰহ-নক্ষত্ৰৰ সৈতে কৰিছা। যেনে- তোমালোকে কোৱা যে, এই এই গ্ৰহৰ ফলত আজি আমাৰ ওপৰত বৰষুণ হৈছে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056082.mp3"},{"index":"83","arabicText":"فَلَوْلَاۤ اِذَا بَلَغَتِ الْحُلْقُوْمَ ۟ۙ","assameseTranslation":"এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়,","footnotes":"","tafseer":"এতেকে যেতিয়া আত্মা কণ্ঠনালীত আহি উপস্থিত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056083.mp3"},{"index":"84","arabicText":"وَاَنْتُمْ حِیْنَىِٕذٍ تَنْظُرُوْنَ ۟ۙ","assameseTranslation":"আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা,","footnotes":"","tafseer":"আৰু তোমালোকে নিজৰ সন্মুখত থকা মুমূর্ষু ব্যক্তিৰ প্ৰতি অসহায় হৈ চাই থাকা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056084.mp3"},{"index":"85","arabicText":"وَنَحْنُ اَقْرَبُ اِلَیْهِ مِنْكُمْ وَلٰكِنْ لَّا تُبْصِرُوْنَ ۟","assameseTranslation":"আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকোঁ, কিন্তু তোমালোকে দেখা নোপোৱা।","footnotes":"","tafseer":"তেতিয়া আমি আমাৰ জ্ঞান, ক্ষমতা আৰু ফিৰিস্তাসকলৰ মাধ্যমত তোমালোকতকৈও অধিক তোমালোকৰ মৃত ব্যক্তিৰ নিকটৱর্তী থাকোঁ। কিন্তু তোমালোকে সেই ফিৰিস্তাসকলক দেখা নোপোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056085.mp3"},{"index":"86","arabicText":"فَلَوْلَاۤ اِنْ كُنْتُمْ غَیْرَ مَدِیْنِیْنَ ۟ۙ","assameseTranslation":"এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা,","footnotes":"","tafseer":"যিহেতু তোমালোকে ধাৰণা কৰা যে, তোমালোকে নিজৰ কৰ্মৰ হিচাপ-নিকাচৰ বাবে পুনৰুত্থিত নহ’বা,","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056086.mp3"},{"index":"87","arabicText":"تَرْجِعُوْنَهَاۤ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘূৰাই নানা কিয়? যদি তোমালোকে সত্যবাদী!","footnotes":"","tafseer":"যদি তোমালোকে সত্যবাদী হোৱা তেন্তে তোমালোকৰ সন্মুখত ওলাই যোৱা এই প্ৰাণক ঘূৰাই আনিব নোৱাৰা কিয়?! প্ৰকৃততে তোমালোকে এইটো কৰিবলৈ সক্ষম নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056087.mp3"},{"index":"88","arabicText":"فَاَمَّاۤ اِنْ كَانَ مِنَ الْمُقَرَّبِیْنَ ۟ۙ","assameseTranslation":"তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়,","footnotes":"","tafseer":"আনহাতে যদি মৃত ব্যক্তি কল্যাণকৰ কৰ্মত অগ্রগামী আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056088.mp3"},{"index":"89","arabicText":"فَرَوْحٌ وَّرَیْحَانٌ ۙ۬ وَّجَنَّتُ نَعِیْمٍ ۟","assameseTranslation":"তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।","footnotes":"","tafseer":"তেন্তে তেওঁৰ বাবে আছে এনেকুৱা শান্তি, যাৰ পিছত কোনো ধৰণৰ ক্লান্তি নাথাকিব। লগতে আছে উত্তম জীৱিকা আৰু ৰহমত। সর্বোপৰি জান্নাত, যাৰ মাজত তেওঁ নিজৰ চাহিদানুযায়ী নিয়ামতসমূহ উপভোগ কৰিব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056089.mp3"},{"index":"90","arabicText":"وَاَمَّاۤ اِنْ كَانَ مِنْ اَصْحٰبِ الْیَمِیْنِ ۟ۙ","assameseTranslation":"আৰু সি যদি হয় সোঁফালৰ দলৰ এজন,","footnotes":"","tafseer":"যদি মৃত ব্যক্তি সোঁপন্থীসকলৰ অন্তৰ্ভুক্ত হয়, তেনেহ’লে তেওঁলোককলৈ আপুনি চিন্তা নকৰিব। কিয়নো, তেওঁলোকৰ বাবে আছে শান্তি আৰু নিৰাপত্তা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056090.mp3"},{"index":"91","arabicText":"فَسَلٰمٌ لَّكَ مِنْ اَصْحٰبِ الْیَمِیْنِ ۟ؕ","assameseTranslation":"তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন।","footnotes":"","tafseer":"যদি মৃত ব্যক্তি সোঁপন্থীসকলৰ অন্তৰ্ভুক্ত হয়, তেনেহ’লে তেওঁলোককলৈ আপুনি চিন্তা নকৰিব। কিয়নো, তেওঁলোকৰ বাবে আছে শান্তি আৰু নিৰাপত্তা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056091.mp3"},{"index":"92","arabicText":"وَاَمَّاۤ اِنْ كَانَ مِنَ الْمُكَذِّبِیْنَ الضَّآلِّیْنَ ۟ۙ","assameseTranslation":"কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন,","footnotes":"","tafseer":"পক্ষান্তৰে যদি মৃত ব্যক্তি ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) লৈ অহা বিষয়ৰ প্ৰতি মিথ্যাৰোপকাৰী হয় তথা সৰল পথৰ পৰা পথভ্রষ্ট হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056092.mp3"},{"index":"93","arabicText":"فَنُزُلٌ مِّنْ حَمِیْمٍ ۟ۙ","assameseTranslation":"তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা,","footnotes":"","tafseer":"তেনেহ’লে তাক আপ্যায়ন কৰা হ’ব উতলা গৰম পানীৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056093.mp3"},{"index":"94","arabicText":"وَّتَصْلِیَةُ جَحِیْمٍ ۟","assameseTranslation":"আৰু জাহান্নামৰ দহনেৰে;","footnotes":"","tafseer":"আৰু সি জাহান্নামৰ অগ্নিত দগ্ধ হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056094.mp3"},{"index":"95","arabicText":"اِنَّ هٰذَا لَهُوَ حَقُّ الْیَقِیْنِ ۟ۚ","assameseTranslation":"নিশ্চয় এইটো সুনিশ্চিত সত্য।","footnotes":"","tafseer":"হে নবী! আমি আপোনাক যি ঘটনা বৰ্ণনা কৰিছোঁ; সেইটো এনেকুৱা সত্য য’ত কোনো ধৰণৰ সন্দেহ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056095.mp3"},{"index":"96","arabicText":"فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِیْمِ ۟۠","assameseTranslation":"এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।","footnotes":"","tafseer":"গতিকে আপুনি নিজ প্ৰতিপালকৰ মহান নামৰ পৱিত্রতা বৰ্ণনা কৰক, আৰু তেওঁক দোষ-ত্ৰুটিৰ পৰা মুক্ত ঘোষণা কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/056096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/056096.mp3"}]