[{"index":"1","arabicText":"قَدْ سَمِعَ اللّٰهُ قَوْلَ الَّتِیْ تُجَادِلُكَ فِیْ زَوْجِهَا وَتَشْتَكِیْۤ اِلَی اللّٰهِ ۖۗ وَاللّٰهُ یَسْمَعُ تَحَاوُرَكُمَا ؕ اِنَّ اللّٰهَ سَمِیْعٌ بَصِیْرٌ ۟","assameseTranslation":"(হে ৰাছুল!) আল্লাহে নিশ্চয় শুনিছে সেই নাৰীৰ কথা; যিয়ে তাইৰ স্বামীৰ বিষয়ে তোমাৰ লগত বাদানুবাদ কৰি আছিল আৰু আল্লাহৰ ওচৰত অভিযোগ কৰি আছিল। আল্লাহে তোমালোক দুয়োৰে কথোপকথন শুনিছে; নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।","footnotes":"","tafseer":"হে ৰাছুল! মহান আল্লাহে নিশ্চয় সেই নাৰী (অৰ্থাৎ খাওলা বিন্তে ছা'লাবা)ৰ কথা শুনিছে যিয়ে তাইৰ স্বামী (অৰ্থাৎ আউছ বিন ছাবিত)ৰ বিষয়ে আপোনাৰ লগত বাদানুবাদ কৰি আছিল, যেতিয়া তাইৰ স্বামীয়ে তাইৰ লগত যিহাৰ কৰিছিল, আৰু তাইৰ স্বামীয়ে যি কৰিছে সেই বিষয়ে আল্লাহৰ ওচৰত ফৰিয়াদ কৰি আছিল। আল্লাহে আপোনালোক দুয়োৰে কথোপকথন শুনি আছিল। সেই আলোচনাৰ কোনো কথাই আল্লাহৰ পৰা গোপন নহয়। নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ কথাসমূহ শ্ৰৱণকাৰী আৰু তেওঁলোকৰ কৰ্মবোৰ পৰিদৰ্শনকাৰী। এই সম্পৰ্কীয় কোনো কথাই আল্লাহৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058001.mp3"},{"index":"2","arabicText":"اَلَّذِیْنَ یُظٰهِرُوْنَ مِنْكُمْ مِّنْ نِّسَآىِٕهِمْ مَّا هُنَّ اُمَّهٰتِهِمْ ؕ اِنْ اُمَّهٰتُهُمْ اِلَّا الّٰٓـِٔیْ وَلَدْنَهُمْ ؕ وَاِنَّهُمْ لَیَقُوْلُوْنَ مُنْكَرًا مِّنَ الْقَوْلِ وَزُوْرًا ؕ وَاِنَّ اللّٰهَ لَعَفُوٌّ غَفُوْرٌ ۟","assameseTranslation":"তোমালোকৰ মাজৰ যিসকলে নিজৰ স্ত্ৰীসকলৰ লগত যিহাৰ কৰে, (সিহঁতে জানি থোৱা উচিত যে) সিহঁতৰ স্ত্ৰীসকল সিহঁতৰ মাক হৈ নাযায়, বৰং সিহঁতৰ মাতৃ হৈছে কেৱল সেইসকল তিৰোতা, যিসকলে সিহঁতক জন্ম দিছে; আৰু নিশ্চয় সিহঁতে অসংগত আৰু মিছা ভিত্তিহীন কথা কৈছে; নিশ্চয় আল্লাহ অধিক পাপ মোচনকাৰী আৰু বৰ ক্ষমাশীল।","footnotes":"","tafseer":"যিসকলে নিজৰ স্ত্ৰীৰ সৈতে জিহাৰ কৰে। উদাহৰণ স্বৰূপে যদি কোনোবাই তেওঁৰ স্ত্ৰীক এইদৰে কয়ঃ “তুমি মোৰ বাবে মোৰ মাৰ দৰে হাৰাম” তেন্তে সিহঁতে নিজৰ কথাত মিছলীয়া। কিয়নো সিহঁতৰ স্ত্ৰীসকলে সিহঁতৰ মা হ'ব নোৱাৰে। সিহঁতৰ মা কেৱল সেইসকল মহিলা যিসকলে সিহঁতক জন্ম দিছে। দৰাচলতে সিহঁতে এইদৰে কেৱল ঘৃণনীয় আৰু মিছা কথাহে কয়। নিশ্চয় আল্লাহ ক্ষমাকাৰী, মাৰ্জনাশীল। এই কাৰণে যে, তেওঁ সিহঁতক পাপ কৰ্মৰ পৰা পৱিত্ৰ কৰিবলৈ কাফ্ফাৰা আদায়ৰ নিৰ্দেশ দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058002.mp3"},{"index":"3","arabicText":"وَالَّذِیْنَ یُظٰهِرُوْنَ مِنْ نِّسَآىِٕهِمْ ثُمَّ یَعُوْدُوْنَ لِمَا قَالُوْا فَتَحْرِیْرُ رَقَبَةٍ مِّنْ قَبْلِ اَنْ یَّتَمَآسَّا ؕ ذٰلِكُمْ تُوْعَظُوْنَ بِهٖ ؕ وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟","assameseTranslation":"আৰু যিসকলে সিহঁতৰ স্ত্ৰীসকলৰ লগত যিহাৰ কৰে, আৰু পিছত নিজৰ উক্তি প্ৰত্যাহাৰ কৰে, তেন্তে (ইয়াৰ কাফফাৰা হৈছে) ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে এজন দাস মুক্ত কৰা, ইয়াৰ দ্বাৰা তোমালোকক উপদেশ দিয়া হৈছে; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।","footnotes":"","tafseer":"যিসকলে এনেকুৱা ঘৃণনীয় কথা কয় আৰু নিজৰ জিহাৰ কৰা স্ত্ৰীৰ লগত সহবাস কৰিব বিচাৰে সিহঁতে তেওঁলোকৰ লগত সহবাস কৰাৰ আগত, কাফ্ফাৰা হিচাপে এজন দাসমুক্ত কৰিব লাগিব। এই আদেশ তোমালোকক জিহাৰৰ পৰা বিৰত ৰাখিবলৈ দিয়া হৈছে। জানি থোৱা! আল্লাহ তোমালোকৰ কাৰ্য সম্পৰ্কে অৱগত। তোমালোকৰ কোনো আমলেই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058003.mp3"},{"index":"4","arabicText":"فَمَنْ لَّمْ یَجِدْ فَصِیَامُ شَهْرَیْنِ مُتَتَابِعَیْنِ مِنْ قَبْلِ اَنْ یَّتَمَآسَّا ۚ فَمَنْ لَّمْ یَسْتَطِعْ فَاِطْعَامُ سِتِّیْنَ مِسْكِیْنًا ؕ ذٰلِكَ لِتُؤْمِنُوْا بِاللّٰهِ وَرَسُوْلِهٖ ؕ وَتِلْكَ حُدُوْدُ اللّٰهِ ؕ وَلِلْكٰفِرِیْنَ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"কিন্তু যিয়ে এইটো কৰিব নোৱাৰিব, তেন্তে (তাৰ প্ৰায়শ্চিত হৈছে) ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে সি একেৰাহে দুমাহ ছিয়াম (ৰোজা) পালন কৰিব লাগিব; আৰু যিয়ে এইটোও কৰিবলৈ সক্ষম নহয়, সি ষাঠিজন মিছকীনক আহাৰ কৰাব লাগিব; এই বিধান এইকাৰণে যে, যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা। এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত বিধান; আৰু অস্বীকাৰকাৰীসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"ইয়াৰ পিছত তোমালোকৰ কোনোবাই যদি দাসমু্ক্ত কৰিবলৈ কোনো দাস নাপায় তেন্তে জিহাৰ কৰা স্ত্ৰীৰৰ সৈতে সহবাস কৰাৰ আগত, দুমাহ একেৰাহে ছিয়াম ৰাখিব লাগিব। আনহাতে যিয়ে একেৰাহে দুমাহ ছিয়াম ৰাখিবলৈ সক্ষম নহয় তেন্তে তেওঁ ষাঠিজন মিছকিনক আহাৰ খোৱাব লাগিব। এই আদেশ যিটো আমি জাৰি কৰিছোঁ, এই কাৰণে দিছোঁ যে, যাতে তোমালোকে এই কথাৰ বিশ্বাস কৰা যে আল্লাহে ইয়াৰ আদেশ দিছে আৰু তোমালোকে আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা। এই সকলো আদেশ যিবোৰ তোমালোকৰ বাবে জাৰি কৰিছোঁ সেয়া হৈছে আল্লাহৰ সীমাৰেখা, যিবোৰ আল্লাহে নিৰ্ধাৰণ কৰিছে। এতেকে ইয়াক উলংঘা নকৰিবা। কাফিৰসকলৰ বাবে আৰু আল্লাহে নিৰ্ধাৰণ কৰা সীমাসমূহ উলংঘনকাৰী বিলাকৰ বাবে কষ্টদায়ক শাস্তি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058004.mp3"},{"index":"5","arabicText":"اِنَّ الَّذِیْنَ یُحَآدُّوْنَ اللّٰهَ وَرَسُوْلَهٗ كُبِتُوْا كَمَا كُبِتَ الَّذِیْنَ مِنْ قَبْلِهِمْ وَقَدْ اَنْزَلْنَاۤ اٰیٰتٍ بَیِّنٰتٍ ؕ وَلِلْكٰفِرِیْنَ عَذَابٌ مُّهِیْنٌ ۟ۚ","assameseTranslation":"নিশ্চয় যিবিলাক মানুহে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতক অপদস্ত কৰা হ’ব যেনেকৈ অপদস্ত কৰা হৈছিল সিহঁতৰ পূৰ্বৱৰ্তীসকলক; আৰু আমি সুস্পষ্ট আয়াত অৱতীৰ্ণ কৰিছো; আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি--","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে শত্ৰুতা পোষণ কৰে সিহঁতক সেইদৰেই অপমানিত আৰু লাঞ্ছিত কৰা হ'ব যিদৰে বিগত জাতিসমূহক শত্ৰুতা পোষণ কৰাৰ কাৰণে অপমানিত আৰু লাঞ্ছিত কৰা হৈছে। নিশ্চয় আমি স্পষ্ট নিদৰ্শনৱালী প্ৰেৰণ কৰিছোঁ। আল্লাহ, তেওঁৰ ৰাছুল তথা তেওঁৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰা ব্যক্তিসকলৰ বাবে অপমানজনক শাস্তি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058005.mp3"},{"index":"6","arabicText":"یَوْمَ یَبْعَثُهُمُ اللّٰهُ جَمِیْعًا فَیُنَبِّئُهُمْ بِمَا عَمِلُوْا ؕ اَحْصٰىهُ اللّٰهُ وَنَسُوْهُ ؕ وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟۠","assameseTranslation":"যিদিনা আল্লাহে সিহঁত সকলোকে পুনৰুজ্জীৱিত কৰি উঠাব, তাৰ পিছত সিহঁতে যি আমল কৰিছিল সেয়া তেওঁ সিহঁতক জনাই দিব; আল্লাহে সেইবোৰ হিচাপ কৰি ৰাখিছে যদিও সিহঁতে পাহৰি গৈছে; আৰু আল্লাহ প্ৰতিটো বস্তুৰ প্ৰত্যক্ষদৰ্শী।","footnotes":"","tafseer":"যিদিনাখন আল্লাহে সেই সকলো লোকক একত্ৰিত কৰিব। সিহঁতৰ মাজৰ কাকো নেৰিব। তাৰ পিছত সিহঁতক পৃথিৱীত কৰা সিহঁতৰ নিকৃষ্ট কৰ্মসমূহৰ বিষয়ে অৱগত কৰাব। আল্লাহে সিহঁতৰ সকলো কৰ্ম গণনা কৰি ৰাখিছে। সিহঁতৰ কোনো কাম তেওঁৰ পৰা বাদ নপৰে। অথচ সিহঁত নিজেই সেয়া পাহৰি যাব আৰু নিজৰ কৰ্মপত্ৰত লিখিতৰূপে দেখা পাব। যিটোত প্ৰত্যেক সৰু- ডাঙৰ কৰ্মক সুৰক্ষিত কৰি ৰখা হয়। আল্লাহে প্ৰত্যেক বস্তু সম্পৰ্কে অৱগত আৰু তেওঁৰ পৰা সিহঁতৰ কোনো কৰ্মই গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058006.mp3"},{"index":"7","arabicText":"اَلَمْ تَرَ اَنَّ اللّٰهَ یَعْلَمُ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ مَا یَكُوْنُ مِنْ نَّجْوٰی ثَلٰثَةٍ اِلَّا هُوَ رَابِعُهُمْ وَلَا خَمْسَةٍ اِلَّا هُوَ سَادِسُهُمْ وَلَاۤ اَدْنٰی مِنْ ذٰلِكَ وَلَاۤ اَكْثَرَ اِلَّا هُوَ مَعَهُمْ اَیْنَ مَا كَانُوْا ۚ ثُمَّ یُنَبِّئُهُمْ بِمَا عَمِلُوْا یَوْمَ الْقِیٰمَةِ ؕ اِنَّ اللّٰهَ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟","assameseTranslation":"তুমি লক্ষ্য কৰা নাইনে যে, আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহে জানে? তিনিজন ব্যক্তিৰ মাজত এনেকুৱা কোনো গোপন পৰামৰ্শ নহয় য’ত চতুৰ্থজন হিচাপে তেওঁ নাথাকে, আৰু পাঁচজনৰ মাজতো নহয় য’ত ষষ্ঠজন হিচাপে তেওঁ নাথাকে। সিহঁত ইয়াতকৈ কম হওক বা বেছি, তেওঁ সিহঁতৰ লগতে আছে সিহঁত য’তেই নাথাকক কিয়। তাৰ পিছত ক্বিয়ামতৰ দিনা তেওঁ সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে জনাই দিব। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি দেখা নাইনে যে আল্লাহে আকাশসমূহ তথা পৃথিৱীৰ সকলো বস্তু সম্পৰ্কে অৱগত। উভয়ৰ মাজত থকা কোনো বস্তুৱে তেওঁৰ পৰা গোপন নহয়। যেতিয়াই তিনিজনৰ মাজত কোনো গোপন কথাপোকথন হয় তেতিয়া আল্লাহে তেওঁৰ জ্ঞানৰ মাধ্যমত সিহঁতৰ চতুৰ্থজন হিচাপে থাকে। এইদৰে যেতিয়া পাঁচজনে কোনো গোপন কথা কয়, তেতিয়া আল্লাহ সিহঁতৰ ষষ্ঠজন হিচাপে থাকে। সংখ্যা ইয়াতকৈ অধিক হওক বা কম। সিহঁত য’তেই নাথাকক কিয়, তেওঁ সিহঁতৰ লগতে থাকে জ্ঞানৰ মাধ্যমত। সিহঁতৰ কোনো কথাই তেওঁৰ পৰা গোপন নহয়। এতেকে আল্লাহে সিহঁতক ক্বিয়ামতৰ দিনা সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত কৰাব। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তু সম্পৰ্কে জ্ঞাত। তেওঁৰ পৰা কোনো বস্তুৱে গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058007.mp3"},{"index":"8","arabicText":"اَلَمْ تَرَ اِلَی الَّذِیْنَ نُهُوْا عَنِ النَّجْوٰی ثُمَّ یَعُوْدُوْنَ لِمَا نُهُوْا عَنْهُ وَیَتَنٰجَوْنَ بِالْاِثْمِ وَالْعُدْوَانِ وَمَعْصِیَتِ الرَّسُوْلِ ؗ وَاِذَا جَآءُوْكَ حَیَّوْكَ بِمَا لَمْ یُحَیِّكَ بِهِ اللّٰهُ ۙ وَیَقُوْلُوْنَ فِیْۤ اَنْفُسِهِمْ لَوْلَا یُعَذِّبُنَا اللّٰهُ بِمَا نَقُوْلُ ؕ حَسْبُهُمْ جَهَنَّمُ ۚ یَصْلَوْنَهَا ۚ فَبِئْسَ الْمَصِیْرُ ۟","assameseTranslation":"তুমি সিহঁতক লক্ষ্য কৰা নাইনে, যিসকলক গোপন পৰামৰ্শ কৰিবলৈ নিষেধ কৰা হৈছিল? তাৰ পিছতো সিহঁতে সেইটোকে পুনৰাবৃত্তি কৰিলে যিটো কৰিবলৈ সিহঁতক নিষেধ কৰা হৈছিল; আৰু সিহঁতে দুষ্কাৰ্য, সীমালংঘন আৰু ৰাছুলৰ বিৰুদ্ধাচাৰণৰ বাবে গোপন পৰামৰ্শ কৰে। সিহঁতে যেতিয়া তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে তোমাক এনে কথাৰ দ্বাৰা অভিবাদন জনায় যিটোৰ দ্বাৰা আল্লাহে তোমাক অভিবাদন জনোৱা নাই। সিহঁতে মনে মনে কয়, ‘আমি যি কওঁ তাৰ বাবে আল্লাহে আমাক কিয় শাস্তি নিদিয়ে’? জাহান্নামেই সিহঁতৰ বাবে যথেষ্ট, য’ত সিহঁতে প্ৰৱেশ কৰিব, আৰু কিমান যে নিকৃষ্ট সেই গন্তব্যস্থল!","footnotes":"","tafseer":"হে ৰাছুল, আপুনি সেই ইয়াহুদীসকলক দেখিছেনে, যিহঁতে কোনো মুমিনক দেখিলে কাণে-কাণে কথা কোৱা আৰম্ভ কৰে। সেয়েহে আল্লাহে সিহঁতক এইদৰে কাণে-কাণে কথা কোৱাৰ পৰা বাধা প্ৰদান কৰিছে। কিন্তু তাৰ পিছতো সিহঁতে সেই কাম কৰে, যিটো কৰিবলৈ সিহঁতক বাধা প্ৰদান কৰা হৈছে। সিহঁতে পৰস্পৰে এনেকুৱা ফুচ-ফুচাই গোপন আলোচনা কৰে, যিটোত পাপ নিহিত আছে। যেনে- মুছলিমসকলৰ গীবত কৰা, তথা এনেকুৱা গোপন পৰামৰ্শ কৰা, যিটোত নিহিত থাকে মুছলমানৰ প্ৰতি অত্যাচাৰ আৰু ৰাছুলৰ প্ৰতি অৱজ্ঞা। হে ৰাছুল! যেতিয়া সিহঁতে আপোনাৰ ওচৰত আহে তেতিয়া সিহঁতে আপোনাক এনেকুৱা শব্দৰে ছালাম কৰে, যিটোৰে আল্লাহে আপোনাক ছালাম কৰা নাই। গতিকে সিহঁতে কয়ঃ আচ্ছামু আলাইকা, ইয়াৰ দ্বাৰা সিহঁতৰ উদ্দেশ্য হৈছে মৃত্যু (অৰ্থাৎ আপোনাৰ মৃত্যু হওক)। লগতে সিহঁতে আল্লাহৰ ৰাছুলক অস্বীকাৰ কৰি কয়ঃ আমি যি কওঁ, সেই কথাৰ পৰিবৰ্তে আল্লাহে আমাক শাস্তি নিদিয়ে কিয়। কিয়নো যদি তেওঁ সত্য নবী হ’লহেঁতেন তেন্তে আল্লাহে আমাক আমাৰ এই কথাবোৰৰ বাবে শাস্তি বিহিলেহেঁতেন। (শুনক) সিহঁতৰ এই কথাবোৰৰ বাবে জাহান্নামৰ শাস্তিয়েই যথেষ্ট। সিহঁতে তাৰ উষ্ণতাৰ সন্মুখীন হ'ব। অতি নিকৃষ্ট বাসস্থান হৈছে সিহঁতৰ বাসস্থান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058008.mp3"},{"index":"9","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا تَنَاجَیْتُمْ فَلَا تَتَنَاجَوْا بِالْاِثْمِ وَالْعُدْوَانِ وَمَعْصِیَتِ الرَّسُوْلِ وَتَنَاجَوْا بِالْبِرِّ وَالتَّقْوٰی ؕ وَاتَّقُوا اللّٰهَ الَّذِیْۤ اِلَیْهِ تُحْشَرُوْنَ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকে যেতিয়া গোপনে পৰামৰ্শ কৰিবা তেতিয়া যাতে তোমালোকে গুনাহ, সীমালংঘন আৰু ৰাছুলৰ বিৰুদ্ধাচাৰণ সম্পৰ্কে গোপন পৰামৰ্শ নকৰা। বৰং তোমালোকে সৎকৰ্ম আৰু তাক্বৱা অৱলম্বনৰ বিষয়ে গোপন পৰামৰ্শ কৰিবা, লগতে আল্লাহক ভয় কৰা, যাৰ ওচৰত তোমালোকক সমবেত কৰা হ’ব।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! কাণে-কাণে এনেকুৱা কোনো কথা নক’বা, যিটোৰ দ্বাৰা পাপ অথবা অত্যাচাৰ নাইবা ৰাছুলৰ অৱজ্ঞা কৰা হয়। যাতে তোমালোকে ইয়াহুদীসকলৰ দৰে হৈ নোযোৱা। বৰং কাণে-কাণে কথা কোৱাৰ সময়ত এনেকুৱা কথা ক’বা, যিটোৰ দ্বাৰা আল্লাহৰ আজ্ঞা পালন কৰা হয় আৰু তেওঁৰ অৱজ্ঞাৰ পৰা বাধা প্ৰধানৰ উদ্দেশ্যে কৰা হয়। এতেকে আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি আল্লাহক ভয় কৰা। কিয়নো কেৱল তেওঁৰ ওচৰতেই তোমালোকক ক্বিয়ামতৰ দিনা হিচাপ- নিকাচ আৰু পৰিণামৰ বাবে একত্ৰিত কৰা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058009.mp3"},{"index":"10","arabicText":"اِنَّمَا النَّجْوٰی مِنَ الشَّیْطٰنِ لِیَحْزُنَ الَّذِیْنَ اٰمَنُوْا وَلَیْسَ بِضَآرِّهِمْ شَیْـًٔا اِلَّا بِاِذْنِ اللّٰهِ ؕ وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟","assameseTranslation":"গোপন পৰামৰ্শ কেৱল চয়তানৰ প্ৰৰোচনাতহে হয়, যাতে মুমিনসকলে কষ্ট পায়। কিন্তু আল্লাহৰ অনুমতি অবিহনে চয়তানে তেওঁলোকৰ সামান্যতম ক্ষতি সাধন কৰিবলৈও সক্ষম নহয়। এতেকে মুমিনসকলে কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।","footnotes":"","tafseer":"নিশ্চিতৰূপে পাপকৰ্ম, অন্যায়-অত্যাচাৰ আৰু ৰাছুলৰ অৱজ্ঞাযুক্ত ফুচ-ফুচনি হৈছে চয়তানৰ কাম, সি তাৰ বন্ধুসকলৰ অন্তৰত বেয়া কথাক সৌন্দৰ্য্য হিচাপে উপস্থাপন কৰে, আৰু সিহঁতৰ অন্তৰত কুধাৰণা সৃষ্টি কৰে। সি ঈমান্দাৰ সকলৰ অন্তৰত এই কথাৰ চিন্তা সোমাই দিব বিচাৰে যে, তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে। কিন্তু চয়তানে আৰু তাৰ কুমন্ত্ৰণায় ঈমান্দৰসকলক কোনো ক্ষতি কৰিব নোৱাৰিব, আল্লাহে ইচ্ছা কৰিলে সেয়া সুকীয়া কথা। এতেকে মুমিনসকলে সকলো কামতে আল্লাহৰ প্ৰতি ভৰসা কৰা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058010.mp3"},{"index":"11","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا قِیْلَ لَكُمْ تَفَسَّحُوْا فِی الْمَجٰلِسِ فَافْسَحُوْا یَفْسَحِ اللّٰهُ لَكُمْ ۚ وَاِذَا قِیْلَ انْشُزُوْا فَانْشُزُوْا یَرْفَعِ اللّٰهُ الَّذِیْنَ اٰمَنُوْا مِنْكُمْ ۙ وَالَّذِیْنَ اُوْتُوا الْعِلْمَ دَرَجٰتٍ ؕ وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকক যেতিয়া কোৱা হয় ‘বৈঠকত স্থান প্ৰশস্ত কৰি দিয়া’ তেতিয়া তোমালোকে স্থান প্ৰশস্ত কৰি দিবা, আল্লাহেও তোমালোকক প্ৰশস্ততা দান কৰিব; আৰু যেতিয়া তোমালোকক কোৱা হয়, ‘উঠা’ তেতিয়া উঠি যাবা। তোমালোকৰ ভিতৰত যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা প্ৰদান কৰিব; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰীসকল আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! যেতিয়া তোমালোকক বৈঠকত ঠাই প্ৰসাৰিত কৰিবলৈ কোৱা হয়, তেতিয়া তাত ঠাই প্ৰসাৰিত কৰিবা। আল্লাহে তোমালোকক পাৰ্থিৱ জীৱনত আৰু পৰকালত প্ৰশস্ততা দান কৰিব। যেতিয়া তোমালোকক কোৱা হয় যে উঠা, যাতে তাত জ্ঞানী তথা সন্মানিত লোক বহিব পাৰে। তেতিয়া উঠিবা। আল্লাহে তোমালোকৰ মাজৰ সেই সকলৰ মৰ্যাদা উচ্চ কৰিব দিব যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত। তেওঁৰ পৰা তোমালোকৰ কোনো কামেই গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ পৰিণাম প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058011.mp3"},{"index":"12","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا نَاجَیْتُمُ الرَّسُوْلَ فَقَدِّمُوْا بَیْنَ یَدَیْ نَجْوٰىكُمْ صَدَقَةً ؕ ذٰلِكَ خَیْرٌ لَّكُمْ وَاَطْهَرُ ؕ فَاِنْ لَّمْ تَجِدُوْا فَاِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে যেতিয়া ৰাছুলৰ সৈতে অকলশৰীয়াকৈ কথা ক’ব বিচৰা, তেতিয়া তোমালোকে এনে কথা কোৱাৰ আগতে চাদাক্বা প্ৰদান কৰিবা, এইটোৱে তোমালোকৰ বাবে শ্ৰেয় আৰু পৰিশোধক; কিন্তু যদি তোমালোকে সক্ষম নোহোৱা তেন্তে নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, অতি দয়ালু।","footnotes":"","tafseer":"যেতিয়া বেছিভাগ চাহাবাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কাণে কাণে আহি প্ৰশ্ন কৰা আৰম্ভ কৰিলে তেতিয়া আল্লাহ তাআলাই ক'লেঃ হে ঈমান্দাৰসকল, যেতিয়া তোমালোকে ৰাছুলৰ সৈতে অকলশৰীয়াকৈ গোপন কথা ক'ব বিচৰা, তেতিয়া তাৰ আগতে চাদাকাহ আদায় দিবা। এই চাদাকাহ আগবঢ়োৱাটো হৈছে তোমালোকৰ বাবে অধিক উত্তম আৰু পৱিত্ৰ। কিয়নো ইয়াৰ দ্বাৰা আল্লাহৰ আদেশৰ অনুপালন হ'ব। যিয়ে অন্তৰ পৱিত্ৰ কৰে। যদি চাদাকাহ কৰিবলৈ একোৱে নোপোৱা তেন্তে তেখেতৰ লগত অকলে গোপন কথা কোৱাত কোনো পাপ নহয়। কিয়নো আল্লাহে নিশ্চয় তেওঁৰ বান্দাসকলৰ পাপসমুহ ক্ষমাকাৰী। তেওঁলোকৰ প্ৰতি অত্যন্ত দয়ালু। এই কাৰণেই তেওঁ বান্দাসকলক কেৱল সেই দায়িত্ব প্ৰদান কৰিছে, যিটো তেওঁলোকে কৰিবলৈ সক্ষম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058012.mp3"},{"index":"13","arabicText":"ءَاَشْفَقْتُمْ اَنْ تُقَدِّمُوْا بَیْنَ یَدَیْ نَجْوٰىكُمْ صَدَقٰتٍ ؕ فَاِذْ لَمْ تَفْعَلُوْا وَتَابَ اللّٰهُ عَلَیْكُمْ فَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ وَاَطِیْعُوا اللّٰهَ وَرَسُوْلَهٗ ؕ وَاللّٰهُ خَبِیْرٌ بِمَا تَعْمَلُوْنَ ۟۠","assameseTranslation":"অকলশৰীয়াকৈ পৰামৰ্শ কৰাৰ আগতে চাদাক্বা দিব লাগিব বুলি তোমালোকে ভয় পালা নেকি? যিহেতু তোমালোকে এইটো কৰিব নোৱাৰিলা, আৰু আল্লাহেও তোমালোকক ক্ষমা কৰি দিলে, তেন্তে তোমালোকে ছালাত কায়েম কৰা আৰু যাকাত প্ৰদান কৰা, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। তোমালোকে যি কৰা, সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।","footnotes":"","tafseer":"ৰাছুলৰ সৈতে কাণে-কাণে কথা কোৱাৰ আগতে চাদাকাহ দিবলগীয়া বিষয়টোৱে তোমালোকক কষ্ট দি আছে নেকি? এতিয়া যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰিব নোৱাৰা আৰু যদি আল্লাহে তোমালোকক সেয়া নিদিয়াৰ অনুমতি দিছে তেন্তে উত্তমৰূপে ছালাত আদায় কৰা। নিজৰ ধনৰ যাকাত দিয়া। লগতে আল্লাহ আৰু ৰাছুলৰ অনুসৰণ কৰা। জানি থোৱা! আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা তোমালোকৰ কোনো কামেই গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058013.mp3"},{"index":"14","arabicText":"اَلَمْ تَرَ اِلَی الَّذِیْنَ تَوَلَّوْا قَوْمًا غَضِبَ اللّٰهُ عَلَیْهِمْ ؕ مَا هُمْ مِّنْكُمْ وَلَا مِنْهُمْ ۙ وَیَحْلِفُوْنَ عَلَی الْكَذِبِ وَهُمْ یَعْلَمُوْنَ ۟ۚ","assameseTranslation":"তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলে এনেকুৱা সম্প্ৰদায়ৰ লগত বন্ধুত্ব কৰে যিসকলৰ ওপৰত আল্লাহ ক্ৰোধান্বিত হৈছে? সিহঁত (অৰ্থাৎ মুনাফিকসকল) তোমালোকৰো দলভুক্ত নহয় আৰু সিহঁতৰো দলভুক্ত নহয়; আৰু সিহঁতে জানি বুজি মিছা শপত খায়।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সেই মুশ্বৰিকসকলক দেখা নাইনে, যিসকলে ইয়াহুদীসকলক বন্ধু বনাই লৈছে। যিসকলৰ ওপৰত কুফুৰী আৰু পাপ কৰ্মৰ কাৰণে আল্লাহৰ প্ৰকোপ পৰিছে। এই মুনাফিকসকল মুমিনসকলৰো অন্তৰ্ভুক্ত নহয় আৰু ইয়াহুদীসকলৰো নহয়। বৰং সিহঁত দোধৰ-মোধৰ অৱস্থাত সন্দেহত লিপ্ত হৈ আছে। ইফালৰো নহয় সিফালৰো নহয়। সিহঁতে শপত খাই কয় যে, সিহঁত হৈছে মুছলিম। লগতে কয় যে, সিহঁতে মুছলমানসকলৰ খবৰসমূহ ইয়াহুদীসকলক পৌঁচাই দিয়া নাই। দৰাচলতে সিহঁতে মিছা শপত খাই এইবোৰ কথা কয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058014.mp3"},{"index":"15","arabicText":"اَعَدَّ اللّٰهُ لَهُمْ عَذَابًا شَدِیْدًا ؕ اِنَّهُمْ سَآءَ مَا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"আল্লাহে সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে কঠোৰ শাস্তি। নিশ্চয় সিহঁতে যি কৰে সেয়া কিমান যে গৰ্হিত!","footnotes":"","tafseer":"আল্লাহে সিহঁতৰ বাবে কঠোৰ শাস্তি প্ৰস্তুত কৰি ৰাখিছে। কিয়নো সিহঁতে জাহান্নামৰ সৰ্বনিম্ন স্তৰত প্ৰৱেশ কৰিব। কুফৰৰ সেই কামসমূহ অতি বেয়া আছিল, যিবোৰ সিহঁতে পৃথিৱীত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058015.mp3"},{"index":"16","arabicText":"اِتَّخَذُوْۤا اَیْمَانَهُمْ جُنَّةً فَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ فَلَهُمْ عَذَابٌ مُّهِیْنٌ ۟","assameseTranslation":"সিহঁতে নিজৰ শপতবোৰক ঢাল হিচাপে গ্ৰহণ কৰিছে, তাৰ পিছত সিহঁতে আল্লাহৰ পথত বাধা প্ৰদান কৰিছে। ফলত সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।","footnotes":"","tafseer":"কুফুৰৰ কাৰণে হত্যা হোৱাৰ পৰা বাচিবলৈ সিহঁতে নিজৰ শপতসমূহক ঢাল হিচাপে লৈছে। সিহঁতে এই কাৰণে ইছলাম গ্ৰহণ কৰিছে, যাতে সিহঁতৰ প্ৰাণ আৰু ধন-সম্পদ সুৰক্ষিত থাকে, আৰু যাতে মুছলমানসকলক অপমান তথা নিৰুৎসাহিত কৰাৰ মাধ্যমত মানুহক সত্যৰ পৰা আঁতৰাই ৰাখিব পাৰে। সেয়েহে সিহঁতৰ বাবে অপমানকাৰী শাস্তি আছে, যিটো সিহঁতক অপমানিত আৰু লাঞ্ছিত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058016.mp3"},{"index":"17","arabicText":"لَنْ تُغْنِیَ عَنْهُمْ اَمْوَالُهُمْ وَلَاۤ اَوْلَادُهُمْ مِّنَ اللّٰهِ شَیْـًٔا ؕ اُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ؕ هُمْ فِیْهَا خٰلِدُوْنَ ۟","assameseTranslation":"আল্লাহৰ শাস্তিৰ বিপৰীতে সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি সিহঁতৰ কোনো কামত নাহিব; সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল থাকিব।","footnotes":"","tafseer":"সিহঁতৰ ধন-সম্পদ আৰু সিহঁতৰ সন্তান-সন্ততি আল্লাহৰ ওচৰত কোনো কামত নাহিব। সিহঁতেই হৈছে জাহান্নামী। সিহঁতে তাৰ ভিতৰত প্ৰৱেশ কৰিব আৰু চিৰকাল তাতেই থাকিব। সিহঁতৰ পৰা শাস্তি কেতিয়াও বিচ্ছিন্ন কৰা নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058017.mp3"},{"index":"18","arabicText":"یَوْمَ یَبْعَثُهُمُ اللّٰهُ جَمِیْعًا فَیَحْلِفُوْنَ لَهٗ كَمَا یَحْلِفُوْنَ لَكُمْ وَیَحْسَبُوْنَ اَنَّهُمْ عَلٰی شَیْءٍ ؕ اَلَاۤ اِنَّهُمْ هُمُ الْكٰذِبُوْنَ ۟","assameseTranslation":"যিদিনা আল্লাহে সিহঁত সকলোকে পুনৰুত্থিত কৰিব, সেইদিনা সিহঁতে আল্লাহৰ ওচৰত এনেকুৱা শপত কৰিব যেনেকুৱা শপত সিহঁতে তোমালোকৰ ওচৰত কৰে, আৰু সিহঁতে ধাৰণা কৰিব যে, সিহঁত ভাল কিবা এটাৰ ওপৰত প্ৰতিষ্ঠিত আছে। সাৱধান! নিশ্চয় সিহঁতেই হৈছে প্ৰকৃত মিছলীয়া।","footnotes":"","tafseer":"যেতিয়া আল্লাহে সকলোকে প্ৰতিফলৰ বাবে পুনৰ্জীৱিত কৰিব, তেতিয়া সিহঁতৰ কাকো এৰি দিয়া নহ’ব, তেতিয়া সিহঁতে আল্লাহৰ আগত শপত খাই ক’ব যে, সিহঁতে কুফুৰী আৰু নিফাকৰ ওপৰত নাছিল। বৰং আল্লাহৰ সন্তুষ্টি প্ৰাপ্তিৰ বাবে কাম কৰা মুমিন আছিল। সিহঁতে আখিৰাতৰ দিনা আল্লাহৰ আগতো শপত কৰিব, হে মুমিনসকল! যিদৰে সিহঁতে পৃথিৱীত তোমালোকৰ আগত শপত খাই কয় যে, আমি মুছলমান। সিহঁতে ধাৰণা কৰিব যে, সিহঁতে আল্লাহৰ আগত কৰা শপতে সিহঁতক উপকাৰ কৰিব অথবা কোনো ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰিব। শুনা! সিহঁত পৃথিৱীতো প্ৰকৃত মিছা শপতকাৰী আৰু পৰকালতো।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058018.mp3"},{"index":"19","arabicText":"اِسْتَحْوَذَ عَلَیْهِمُ الشَّیْطٰنُ فَاَنْسٰىهُمْ ذِكْرَ اللّٰهِ ؕ اُولٰٓىِٕكَ حِزْبُ الشَّیْطٰنِ ؕ اَلَاۤ اِنَّ حِزْبَ الشَّیْطٰنِ هُمُ الْخٰسِرُوْنَ ۟","assameseTranslation":"চয়তানে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে; আৰু সিহঁতক আল্লাহৰ স্মৰণ পাহৰাই দিছে। ইহঁতেই হৈছে চয়তানৰ দল। নিশ্চয় চয়তানৰ দলেই হৈছে ক্ষতিগ্ৰস্ত।","footnotes":"","tafseer":"চয়তানে সিহঁতক আগুৰি ধৰিছে আৰু সিহঁতক কুমন্ত্ৰণাৰ জৰিয়তে আল্লাহৰ স্মৰণ পাহৰাই দিছে। এই কাৰণেই সিহঁতে আল্লাহক সন্তুষ্ট কৰিব পৰা কোনো কাম কৰা নাই। বৰং আল্লাহক অসন্তুষ্ট কৰা কাম কৰিছে। এইবোৰ বৈশিষ্ট্যৰ গৰাকীসকলেই হৈছে ইবলিছৰ সৈন্যবাহিনী আৰু তাৰ অনুসাৰী। সাৱধান! নিশ্চয় ইবলিছৰ সেনাসকল আৰু তাৰ অনুসাৰীসকল পৃথিৱীত আৰু আখিৰাতত ক্ষতিগ্ৰস্ত হ'ব। কিয়নো সিহঁতে হিদায়তক পথভ্ৰষ্টতাৰ পৰিৱৰ্তে আৰু জান্নাতক জাহান্নামৰ পৰিৱৰ্তে বিক্ৰী কৰি দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058019.mp3"},{"index":"20","arabicText":"اِنَّ الَّذِیْنَ یُحَآدُّوْنَ اللّٰهَ وَرَسُوْلَهٗۤ اُولٰٓىِٕكَ فِی الْاَذَلِّیْنَ ۟","assameseTranslation":"নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতেই হ’ব চৰম লাঞ্ছিতসকলৰ অন্তৰ্ভুক্ত।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত শত্ৰুতা পোষণ কৰে, সিহঁত হৈছে সেইসকল কাফিৰৰ অন্তৰ্ভুক্ত, যিসকলক আল্লাহে পৃ্থিৱী আৰু আখিৰাতত অপমানিত আৰু লাঞ্ছিত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058020.mp3"},{"index":"21","arabicText":"كَتَبَ اللّٰهُ لَاَغْلِبَنَّ اَنَا وَرُسُلِیْ ؕ اِنَّ اللّٰهَ قَوِیٌّ عَزِیْزٌ ۟","assameseTranslation":"আল্লাহে লিখি ৰাখিছে যে, ‘মই আৰু মোৰ ৰাছুলসকলেই নিশ্চিতভাৱে বিজয়ী হ’ম’। নিশ্চয় আল্লাহ মহাশক্তিমান, মহাপৰাক্ৰমশালী।","footnotes":"","tafseer":"আল্লাহে পূৰ্বৰ জ্ঞানৰ জৰিয়তে নিৰ্ণয় কৰি ৰাখিছে যে, নিশ্চিতৰূপে মই আৰু মোৰ ৰাছুলেই প্ৰমাণ আৰু শক্তিৰ ক্ষেত্ৰত নিজৰ শত্ৰুৰ ওপৰত বিজয়ী হম। নিশ্চয় আল্লাহ তেওঁৰ ৰাছুলসকলক সহায় কৰিবলৈ সক্ষম, তেওঁ অত্যন্ত প্ৰভাৱশালী, নিজৰ শত্ৰুৰ পৰা প্ৰতিশোধ লয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058021.mp3"},{"index":"22","arabicText":"لَا تَجِدُ قَوْمًا یُّؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ یُوَآدُّوْنَ مَنْ حَآدَّ اللّٰهَ وَرَسُوْلَهٗ وَلَوْ كَانُوْۤا اٰبَآءَهُمْ اَوْ اَبْنَآءَهُمْ اَوْ اِخْوَانَهُمْ اَوْ عَشِیْرَتَهُمْ ؕ اُولٰٓىِٕكَ كَتَبَ فِیْ قُلُوْبِهِمُ الْاِیْمَانَ وَاَیَّدَهُمْ بِرُوْحٍ مِّنْهُ ؕ وَیُدْخِلُهُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا ؕ رَضِیَ اللّٰهُ عَنْهُمْ وَرَضُوْا عَنْهُ ؕ اُولٰٓىِٕكَ حِزْبُ اللّٰهِ ؕ اَلَاۤ اِنَّ حِزْبَ اللّٰهِ هُمُ الْمُفْلِحُوْنَ ۟۠","assameseTranslation":"আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা এনে কোনো সম্প্ৰদায় তুমি বিচাৰি নাপাবা, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক বিৰুদ্ধাচাৰণ কৰা লোকক ভাল পায়--- যদিও সিহঁত তেওঁলোকৰ পিতা বা পুত্ৰ অথবা ভাই নাইবা বংশ-পৰিয়ালৰ মানুহেই নহওক কিয়! এওঁলোকৰ অন্তৰতেই আল্লাহে ঈমান লিখি দিছে আৰু তেওঁৰ তৰফৰ পৰা ৰূহৰ দ্বাৰা তেওঁলোকক শক্তিশালী কৰিছে। তেওঁলোকক তেওঁ প্ৰৱেশ কৰাব এনেকুৱা জান্নাতসমূহত যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হয়। তাত তেওঁলোকে চিৰকাল থাকিব; আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও তেওঁৰ প্ৰতি সন্তুষ্ট। তেওঁলোকেই হৈছে আল্লাহৰ দল। জানি থোৱা, আল্লাহৰ দলেই সফলতা লাভ কৰিব।","footnotes":"","tafseer":"হে ৰাছুল! আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা এনে কোনো সম্প্ৰদায় আপুনি বিচাৰি নাপাব, যিসকলে এনে লোকক ভালপায়, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে। যদিও আল্লাহ আৰু তেওঁৰ ৰাছুলৰ শত্ৰুসকল সিহঁতৰ পুত্ৰ বা ভাই নাইবা বংশ-পৰিয়ালৰ মানুহেই নহওক কিয়, যাৰ সৈতে সিহঁতৰ গভীৰ সম্বন্ধ থাকে। কিয়নো প্ৰকৃত ঈমানে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ শত্ৰুসকলৰ সৈতে মিত্ৰতা ৰাখিবলৈ বাধা প্ৰদান কৰে। ঈমানৰ সম্বন্ধ সকলো সম্বন্ধতকৈ উত্তম আৰু উচ্চ। এতেকে তুলনাৰ সময়ত এয়া তাতকৈ মহত্বপূৰ্ণ হ'ব। এনেকুৱা লোকেই আল্লাহ আৰু তেওঁৰ ৰাছুলৰ শত্ৰুসকলৰ লগত মিত্ৰতা পোষণ নকৰে (যদিও সিহঁতৰ নিকটাত্মীয় নহওক কিয়)। এওঁলোকৰ অন্তৰত আল্লাহে ঈমান দৃঢ় কৰি দিছে। সেয়েহে এতিয়া তাৰ ভিতৰত কোনো পৰিৱৰ্তন নহ'ব। তেওঁলোকক নিজৰ প্ৰমাণ আৰু জ্যোতিৰ দ্বাৰা শক্তিশালী কৰিছে। তেওঁলোকক ক্বিয়ামতৰ দিনা চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰোৱা হ’ব, যাৰ অট্টালিকা আৰু পাহাৰসমূহৰ তলেদি নিজৰা প্ৰবাহিত হ’ব। তেওঁলোকে তাত চিৰকাল থাকিব। তাৰ নিয়ামতবোৰৰ ধাৰাবাহিকতা কেতিয়াও শেষ নহ'ব। আল্লাহে তেওঁলোকৰ প্ৰতি এনেকুৱা সন্তুষ্ট হ'ব যে, তাৰ পিছত আৰু কেতিয়াও তেওঁলোকৰ ওপৰত অসন্তুষ্ট নহ'ব। তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হ'ব। কিয়নো তেওঁলোকক এনেকুৱা নিয়ামত দিয়া হৈছে যিবোৰ কেতিয়াও শেষ নহ'ব, ইয়াৰ অন্যতম নিয়ামত হৈছে আল্লাহৰ দীদাৰ। এইবোৰ বৈশিষ্ট্যৰ গৰাকী সকলেই হৈছে আল্লাহৰ সৈন্য বাহিনী। যিসকলে আল্লাহৰ আদেশৰ অনুপালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে। জানি থোৱা! আল্লাহৰ সেনাসকলে সেই বস্তুবোৰ পাবলৈ সফল হ'ব, যিবোৰ তেওঁলোকে পাব লাগিছিল, আৰু সেইবোৰ বস্তুৰ পৰা বিৰত থকাত সফল হ'ব, যাৰ পৰা তেওঁলোকে পৃথিৱী আৰু আখিৰাতত ভয় পাইছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/058022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/058022.mp3"}]