[{"index":"1","arabicText":"اَلْحَمْدُ لِلّٰهِ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ وَجَعَلَ الظُّلُمٰتِ وَالنُّوْرَ ؕ۬ ثُمَّ الَّذِیْنَ كَفَرُوْا بِرَبِّهِمْ یَعْدِلُوْنَ ۟","assameseTranslation":"সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই যিজনে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, আৰু সৃষ্টি কৰিছে অন্ধকাৰ আৰু জ্যোতি। ইয়াৰ পিছতো কাফিৰসকলে সিহঁতৰ প্ৰতিপালকৰ সমকক্ষ স্থিৰ কৰে।","footnotes":"","tafseer":"মুহাব্বতৰ সৈতে উচ্চ শ্ৰেণীৰ সকলো গুণাৱলীৰ মাধ্যমত প্ৰশংসা আৰু সামগ্ৰিক পূৰ্ণাংগ গুণাৱলী একমাত্ৰ আল্লাহৰ বাবেই নিৰ্দিষ্ট, যিয়ে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈয়ে সৃষ্টি কৰিছে, লগতে দিন আৰু ৰাতি সৃষ্টি কৰিছে, উভয়ে আৱৰ্তনশীল। তেৱেঁই ৰাতিক অন্ধকাৰাচ্ছন্ন কৰিছে আৰু দিনক কৰিছে আলোকিত। ইয়াৰ পিছতো কাফিৰসকলে আনক আল্লাহৰ সমপৰ্যায় বুলি ধাৰণা কৰে, আৰু তেওঁৰ সমকক্ষ বনাই লয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006001.mp3"},{"index":"2","arabicText":"هُوَ الَّذِیْ خَلَقَكُمْ مِّنْ طِیْنٍ ثُمَّ قَضٰۤی اَجَلًا ؕ وَاَجَلٌ مُّسَمًّی عِنْدَهٗ ثُمَّ اَنْتُمْ تَمْتَرُوْنَ ۟","assameseTranslation":"তেৱেঁই তোমালোকক বোকা মাটিৰে সৃষ্টি কৰিছে, তাৰ পিছত এটা সময় নিৰ্দিষ্ট কৰিছে আৰু আন এটা নিৰ্ধাৰিত সময় আছে যিটো কেৱল তেৱেঁই জানে, ইয়াৰ পিছতো তোমালোকে সন্দেহ কৰা।","footnotes":"","tafseer":"হে মানৱ! তেৱেঁই তোমালোকক তথা তোমালোকৰ আদি পিতা আদম আলাইহিচ্ছালামক মাটিৰে সৃষ্টি কৰিছে। তাৰ পিছত তেৱেঁই তোমালোকৰ বাবে পাৰ্থিৱ জীৱনৰ সময় নিৰ্ধাৰণ কৰিছে, আৰু তেৱেঁই তোমালোকৰ বাবে আৰু এটা সময় নিৰ্ধাৰিত কৰিছে ক্বিয়ামতৰ বাবে, যিটো তেওঁৰ বাহিৰে আন কোনেও নাজানে। ইয়াৰ পিছতো তোমালোকে আল্লাহৰ পুনৰুত্থান ক্ষমতাৰ প্ৰতি সন্দেহ পোষণ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006002.mp3"},{"index":"3","arabicText":"وَهُوَ اللّٰهُ فِی السَّمٰوٰتِ وَفِی الْاَرْضِ ؕ یَعْلَمُ سِرَّكُمْ وَجَهْرَكُمْ وَیَعْلَمُ مَا تَكْسِبُوْنَ ۟","assameseTranslation":"আকাশমণ্ডল আৰু পৃথিৱীত কেৱল তেৱেঁই আল্লাহ, তোমালোকৰ গোপন আৰু প্ৰকাশ্য সকলো তেওঁ জানে আৰু তোমালোকে যি অৰ্জন কৰা সেয়াও তেওঁ জানে।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীত কেৱল তেৱেঁই সত্য উপাস্য, কোনো বস্তুৱে তেওঁৰ পৰা গোপন নহয়। তোমালোকৰ প্ৰকাশ্য অপ্ৰকাশ্য কথা, কৰ্ম তথা নিয়্যত সম্পৰ্কেও তেওঁ অৱগত। তেওঁ তোমালোকক শীঘ্ৰেই ইয়াৰ প্ৰতিদানো দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006003.mp3"},{"index":"4","arabicText":"وَمَا تَاْتِیْهِمْ مِّنْ اٰیَةٍ مِّنْ اٰیٰتِ رَبِّهِمْ اِلَّا كَانُوْا عَنْهَا مُعْرِضِیْنَ ۟","assameseTranslation":"আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহিলেই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।","footnotes":"","tafseer":"মুশ্বৰিকসকলৰ ওচৰলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰমাণেই আহিছে, সেইটোকেই সিহঁতে কোনো গুৰুত্ব নিদি পৰিত্যাগ কৰিছে। ইতিমধ্যে সিহঁতৰ ওচৰলৈ তাওহীদ তথা ৰাছুলৰ সত্যতা প্ৰমাণকাৰী প্ৰকাশ্য তথা স্পষ্ট দলীল প্ৰমাণ আহিছে, তথাপিও সিহঁতে ইয়াৰ পৰা মুখ ঘূৰাই লৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006004.mp3"},{"index":"5","arabicText":"فَقَدْ كَذَّبُوْا بِالْحَقِّ لَمَّا جَآءَهُمْ ؕ فَسَوْفَ یَاْتِیْهِمْ اَنْۢبٰٓؤُا مَا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟","assameseTranslation":"এতেকে সিহঁতৰ ওচৰলৈ যেতিয়াই সত্য আহিছে, তেতিয়াই সিহঁতে তাক অস্বীকাৰ কৰিছে। গতিকে যি বিষয়ে সিহঁতে উপহাস কৰিছিল তাৰ (পৰিণামৰ) যথাৰ্থ সংবাদ অনতিপলমে সিহঁতৰ ওচৰলৈ আহি পাব।","footnotes":"","tafseer":"ইয়াৰ পিছতো যদি সিহঁতে এই স্পষ্ট প্ৰমাণবোৰৰ পৰা মুখ ঘূৰাই লয়, (তেন্তে এয়া কোনো আচৰিত কথা নহয়) কিয়নো সিহঁতে ইয়াতকৈও স্পষ্ট বিষয়ৰ পৰাও মুখ ঘূৰাই লৈছে। সিহঁতে কোৰআনক অস্বীকাৰ কৰিছে, যিখন মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ আহিছে। কিন্তু ক্বিয়ামতৰ দিনা যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব, তেতিয়া সিহঁতৰ মনত পৰিব যে, সিহঁতে যিটোক উপহাস কৰিছিল সেইটোৱেই সত্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006005.mp3"},{"index":"6","arabicText":"اَلَمْ یَرَوْا كَمْ اَهْلَكْنَا مِنْ قَبْلِهِمْ مِّنْ قَرْنٍ مَّكَّنّٰهُمْ فِی الْاَرْضِ مَا لَمْ نُمَكِّنْ لَّكُمْ وَاَرْسَلْنَا السَّمَآءَ عَلَیْهِمْ مِّدْرَارًا ۪ وَّجَعَلْنَا الْاَنْهٰرَ تَجْرِیْ مِنْ تَحْتِهِمْ فَاَهْلَكْنٰهُمْ بِذُنُوْبِهِمْ وَاَنْشَاْنَا مِنْ بَعْدِهِمْ قَرْنًا اٰخَرِیْنَ ۟","assameseTranslation":"সিহঁতে চোৱা নাইনে যে, আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক বিনাশ কৰিছোঁ? সিহঁতক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছিলোঁ যে, তেনেকৈ প্ৰতিষ্ঠিত তোমালোককো কৰা নাই আৰু সিহঁতৰ ওপৰত ধাৰাষাৰ বৰষুণ বৰ্ষাইছিলোঁ, আৰু সৃষ্টি কৰিছিলোঁ নদীসমূহ যিবোৰ সিহঁতৰ তলত প্ৰবাহিত আছিল, তাৰ পিছত সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক বিনাশ কৰিছোঁ আৰু সিহঁতৰ পিছত আন প্ৰজন্মক সৃষ্টি কৰিছোঁ।","footnotes":"","tafseer":"কাফিৰসকলে আল্লাহৰ এই নীতি নাজানে নেকি যে, তেওঁ অত্যাচাৰী জাতিক ধ্বংস কৰে। ইহঁতৰ পূৰ্বে আল্লাহে অসংখ্য জাতিক নাশ কৰিছে, সিহঁতক তেওঁ এনেকুৱা শক্তি দান কৰিছিল তথা পৃথিৱীত প্ৰতিষ্ঠিত হ'বলৈ এনেকুৱা মাধ্যম প্ৰদান কৰিছিল, যিবোৰ এইসকল কাফিৰক দিয়া হোৱা নাই। সিহঁতৰ ওপৰত ধাৰাসাৰ বৰষুণ দিছিল আৰু সিহঁতৰ আবাসস্থলৰ তলেদি নিজৰা প্ৰবাহিত কৰিছিল, তথাপিও সিহঁতে আল্লাহক অৱজ্ঞা কৰিছিল। ফলত আল্লাহে সিহঁতৰ পাপকৰ্মৰ কাৰণে সিহঁতক ধ্বংস কৰিছিল, আৰু সিহঁতৰ পিছত অন্য জাতিক সৃষ্টি কৰি স্থলাভিষিক্ত কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006006.mp3"},{"index":"7","arabicText":"وَلَوْ نَزَّلْنَا عَلَیْكَ كِتٰبًا فِیْ قِرْطَاسٍ فَلَمَسُوْهُ بِاَیْدِیْهِمْ لَقَالَ الَّذِیْنَ كَفَرُوْۤا اِنْ هٰذَاۤ اِلَّا سِحْرٌ مُّبِیْنٌ ۟","assameseTranslation":"আৰু আমি যদি তোমাৰ প্ৰতি কাগজত লিখিত গ্ৰন্থও অৱতীৰ্ণ কৰিলোহেঁতেন, ফলত সিহঁতে যদি সেইখনক হাতেৰে স্পৰ্শও কৰিলেহেঁতেন তথাপিও কাফিৰসকলে ক’লেহেঁতেন যে, ‘এইখন স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়’।","footnotes":"","tafseer":"(হে ৰাছুল) যদি মই কাগজত লিখা গ্ৰন্থ অৱতীৰ্ণ কৰোঁ, আৰু সেয়া যদি সিহঁতে নিজ চকুৰে দেখা পায় তথা নিজ হাতেৰে চুই চায়, তথাপিও সিহঁতে নিজৰ অবাধ্যতাৰ কাৰণে ইয়াক অস্বীকাৰ কৰিব আৰু ঈমান পোষণ নকৰিব। লগতে ক'ব, আপুনি যি লৈ আহিছে সেয়া হৈছে স্পষ্ট যাদু। এতেকে ইয়াৰ প্ৰতি আমি ঈমান পোষণ নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006007.mp3"},{"index":"8","arabicText":"وَقَالُوْا لَوْلَاۤ اُنْزِلَ عَلَیْهِ مَلَكٌ ؕ وَلَوْ اَنْزَلْنَا مَلَكًا لَّقُضِیَ الْاَمْرُ ثُمَّ لَا یُنْظَرُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে কয়, ‘তেওঁৰ ওচৰলৈ কোনো ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহয়?’ আৰু যদি আমি ফিৰিস্তা অৱতীৰ্ণ কৰিলোঁহেঁতেন, তেন্তে বিষয়টোৰ চুড়ান্ত ফয়চালাই হৈ গ’লহেঁতেন, তাৰ পিছত সিহঁতক আৰু কোনো অৱকাশ দিয়া নহ’লহেঁতেন।","footnotes":"","tafseer":"কাফিৰসকলে কয়ঃ আল্লাহে যদি মুহাম্মদৰ সৈতে এজন ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন, যিজনে সাক্ষী হৈ ক'লেহেঁতেন যে, এওঁ ৰাছুল, তেন্তে আমি ঈমান আনিলোঁহেঁতেন। আমি যদি সিহঁতৰ মনোকামনা অনুসাৰে ফিৰিস্তা অৱতীৰ্ণ কৰিলোঁহেঁতেন, আৰু যদি সিহঁতে ইয়াৰ পিছতো ঈমান পোষণ নকৰিলেহেঁতেন, তেন্তে আমি সিহঁতক তাওবাৰ অৱকাশ নিদিয়াকৈয়ে ধ্বংস কৰিলোঁহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006008.mp3"},{"index":"9","arabicText":"وَلَوْ جَعَلْنٰهُ مَلَكًا لَّجَعَلْنٰهُ رَجُلًا وَّلَلَبَسْنَا عَلَیْهِمْ مَّا یَلْبِسُوْنَ ۟","assameseTranslation":"আৰু যদি তেওঁক ফিৰিস্তা বনালোঁহেঁতেন তেন্তে তেওঁক পুৰুষ মানুহৰ আকৃতিতেই পঠিয়ালোঁহেঁতেন, আৰু সিহঁতক তেনেকুৱা বিভ্ৰমতেই ৰাখিলোঁহেঁতেন যেনেকুৱা বিভ্ৰমত সিহঁত এতিয়া আছে।","footnotes":"","tafseer":"যদি আমি কোনো ফিৰিস্তাক নবী বনালোঁহেঁতেন, তেন্তে তেওঁকো কোনো পুৰুষ ৰূপতেই প্ৰেৰণ কৰিলোঁহেঁতেন, যাতে সিহঁতে তেওঁৰ কথা শুনিব পাৰে আৰু শিকিব পাৰে। কিয়নো আল্লাহে ফিৰিস্তাসকলক যি অৱয়বত সৃষ্টি কৰিছে, সেই অৱস্থাত যদি ফিৰিস্তাক প্ৰেৰণ কৰিলেহেঁতেন তেন্তে সেই ফিৰিস্তাৰ পৰা এনেকুৱা উপকাৰ পোৱাটো কেতিয়াও সম্ভৱ নহ’লহেঁতেন। আনহাতে যদি কোনো মানৱৰূপে প্ৰেৰণ কৰিলোঁহেঁতেন, তথাপিও তেওঁৰ বিষয়টো তোমালোকৰ বাবে সন্দেহজনক হৈয়ে থাকিলহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006009.mp3"},{"index":"10","arabicText":"وَلَقَدِ اسْتُهْزِئَ بِرُسُلٍ مِّنْ قَبْلِكَ فَحَاقَ بِالَّذِیْنَ سَخِرُوْا مِنْهُمْ مَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟۠","assameseTranslation":"আৰু তোমাৰ পূৰ্বেও বহুতো ৰাছুলক উপহাস কৰা হৈছিল। ফলত যিসকলে তেওঁলোকৰ লগত উপহাস কৰিছিল সিহঁতক সিহঁতৰ উপহাসেই পৰিবেষ্টন কৰি লৈছিল।","footnotes":"","tafseer":"ইহঁতে যদি আপোনাৰ সৈতে উপহাস কৰাৰ ছলনাৰে আপোনাৰ লগত ফিৰিস্তা অৱতীৰ্ণ হোৱাৰ আবেদন কৰে, তেন্তে জানি থওক, ইহতৰ পূৰ্বে অতিবাহিত হোৱা জাতিসকলেও নিজ ৰাছুলৰ সৈতে উপহাস কৰিছিল। ফলত সিহঁতক সেই শাস্তিয়ে পৰিবেষ্টন কৰিছিল, যিটোক সিহঁতে অস্বীকাৰ কৰিছিল। অথচ সিহঁতক যেতিয়া এই শাস্তিৰ পৰা ভয় দেখুৱা হৈছিল, সিহঁতে তেতিয়া উপহাস কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006010.mp3"},{"index":"11","arabicText":"قُلْ سِیْرُوْا فِی الْاَرْضِ ثُمَّ انْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِیْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা, তাৰ পিছত চোৱা, যিসকলে মিথ্যাৰোপ কৰিছিল সিহঁতৰ পৰিণাম কি হৈছিল’!","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী তথা উপহাসকাৰীসকলক কৈ দিয়ক যে, পৃথিৱীত ঘূৰি পকি চোৱা, আল্লাহৰ ৰাছুলসকলক অস্বীকাৰ কৰা ব্যক্তিবিলাকৰ কি পৰিণাম হৈছিল। সিহঁত শক্তিশালী হোৱাৰ পিছতো আল্লাহে সিহঁতক শাস্তি প্ৰদান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006011.mp3"},{"index":"12","arabicText":"قُلْ لِّمَنْ مَّا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ قُلْ لِّلّٰهِ ؕ كَتَبَ عَلٰی نَفْسِهِ الرَّحْمَةَ ؕ لَیَجْمَعَنَّكُمْ اِلٰی یَوْمِ الْقِیٰمَةِ لَا رَیْبَ فِیْهِ ؕ اَلَّذِیْنَ خَسِرُوْۤا اَنْفُسَهُمْ فَهُمْ لَا یُؤْمِنُوْنَ ۟","assameseTranslation":"কোৱা, ‘আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেয়া কাৰ’? কোৱা, ‘আল্লাহৰেই’, তেওঁ নিজৰ ওপৰত 'দয়াক' কৰ্তব্য হিচাপে লিখি লৈছে। ক্বিয়ামতৰ দিনা তেওঁ নিশ্চয় তোমালোকক একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই। যিসকলে নিজেই নিজৰ ক্ষতি কৰিছে সিহঁতে ঈমান পোষণ নকৰিব।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক সোধকচোন যে, আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে সেই সকলোবোৰ কাৰ অধীনস্থ? আপুনি কৈ দিয়ক, সেই সকলোবোৰ হৈছে আল্লাহৰ অধীনস্থ। তেওঁ বান্দাসকলৰ প্ৰতি অনুগ্ৰহ কৰা তথা দয়া কৰাটোক নিজৰ ওপৰত অনিবাৰ্য্য কৰি লৈছে। সেয়ে তেওঁ সিহঁতক শাস্তি প্ৰদানৰ ক্ষেত্ৰত খৰখেদা নকৰে। কিন্তু যদি সিহঁতে তাওবা নকৰে (তেন্তে সিহঁতে জানি থোৱা উচিত যে) আল্লাহে সিহঁত সকলোকে ক্বিয়ামতৰ দিনা একত্ৰিত কৰিব। যি দিন সম্পৰ্কে কোনো সন্দেহ নাই। যিসকলে আল্লাহক অস্বীকাৰ কৰি নিজৰে ক্ষতি সাধন কৰিছে, সেইসকলেই ঈমান পোষণ নকৰে, (ঈমান পোষণ কৰিলে) নিজকে ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006012.mp3"},{"index":"13","arabicText":"وَلَهٗ مَا سَكَنَ فِی الَّیْلِ وَالنَّهَارِ ؕ وَهُوَ السَّمِیْعُ الْعَلِیْمُ ۟","assameseTranslation":"ৰাতি আৰু দিনত যি যি অৱস্থান কৰে সেই সকলোবোৰ তেওঁৰেই, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"দিন আৰু ৰাতিৰ মাজত যি আছে সেই সকলো একমাত্ৰ আল্লাহৰেই। তেওঁ সিহঁতৰ কথা শ্ৰৱণকাৰী, সিহঁতৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত, তথা শীঘ্ৰেই তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006013.mp3"},{"index":"14","arabicText":"قُلْ اَغَیْرَ اللّٰهِ اَتَّخِذُ وَلِیًّا فَاطِرِ السَّمٰوٰتِ وَالْاَرْضِ وَهُوَ یُطْعِمُ وَلَا یُطْعَمُ ؕ قُلْ اِنِّیْۤ اُمِرْتُ اَنْ اَكُوْنَ اَوَّلَ مَنْ اَسْلَمَ وَلَا تَكُوْنَنَّ مِنَ الْمُشْرِكِیْنَ ۟","assameseTranslation":"কোৱা, ‘আকাশমণ্ডল আৰু পৃথিৱীৰ স্ৰষ্টা আল্লাহক এৰি মই আনক অভিভাৱকৰূপে গ্ৰহণ কৰিম নেকি? তেৱেঁই আহাৰ প্ৰদান কৰে কিন্তু তেওঁক আহাৰ প্ৰদান কৰা নহয়’। কোৱা, ‘নিশ্চয় মোক আদেশ কৰা হৈছে যে, যিসকলে ইছলাম গ্ৰহণ কৰিছে ময়েই যেন সিহঁতৰ মাজত প্ৰথম হওঁ, (মোক আৰু আদেশ কৰা হৈছে যে) তুমি কেতিয়াও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সেইসকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আল্লাহৰ লগতে মূৰ্তি আদিৰো পূজা-পাঠ কৰে, এইটো বিবেক সন্মত হ'ব পাৰেনে যে, মই আল্লাহৰ বাহিৰে আনক সহায়ক হিচাপে মানি লম অথবা তাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিম, অথচ আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে পূৰ্বৰ কোনো উপমা নোহোৱাকৈ। তেৱেঁই বান্দাসকলৰ মাজত যাক ইচ্ছা কৰে জীৱিকা প্ৰদান কৰে। কিন্তু কোনো বান্দাই তেওঁক জীৱিকা প্ৰদান নকৰে। তেওঁ বান্দাসকলৰ পৰা অমুখাপেক্ষী। কিন্তু সকলোৱে তেওঁৰ মুখাপেক্ষী। হে ৰাছুল! আপুনি কৈ দিয়ক যে, আল্লাহে মোক আদেশ কৰিছে, মই যেন এই উম্মতৰ মাজত সৰ্বপ্ৰথম আত্মসমৰ্পনকাৰী হৈ যাওঁ। লগতে মোক সেইসকল লোকৰ অন্তৰ্ভুক্ত হ'বলৈ নিষেধ কৰিছে, যিসকলে তেওঁৰ সৈতে আনক অংশীদাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006014.mp3"},{"index":"15","arabicText":"قُلْ اِنِّیْۤ اَخَافُ اِنْ عَصَیْتُ رَبِّیْ عَذَابَ یَوْمٍ عَظِیْمٍ ۟","assameseTranslation":"কোৱা, ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰোঁ, তেন্তে নিশ্চয় মই ভয় কৰোঁ যে, মহা দিৱসৰ শাস্তি মোৰ ওপৰত আপতিত হ’ব’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক যে, যদি মই শ্বিৰ্ক তথা আন আন হাৰাম কৰ্মৰ দ্বাৰা আল্লাহৰ অবাধ্যতা কৰোঁ, অথবা ঈমান তথা আন কোনো সত্কৰ্ম নকৰোঁ, যিবোৰ কৰাৰ তেওঁ মোক আদেশ প্ৰদান কৰিছে, তেন্তে মই ভয় কৰোঁ যে, ক্বিয়ামতৰ দিনা তেওঁ মোক মহাশাস্তি প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006015.mp3"},{"index":"16","arabicText":"مَنْ یُّصْرَفْ عَنْهُ یَوْمَىِٕذٍ فَقَدْ رَحِمَهٗ ؕ وَذٰلِكَ الْفَوْزُ الْمُبِیْنُ ۟","assameseTranslation":"‘সেই দিনা যাৰ পৰা এই শাস্তি আঁতৰাই লোৱা হ’ব, তাৰ প্ৰতিহে আল্লাহে দয়া কৰিব, আৰু এইটোৱেই হৈছে স্পষ্ট সফলতা’।","footnotes":"","tafseer":"ক্বিয়ামতৰ দিনা আল্লাহে যাক শাস্তিৰ পৰা ৰক্ষা কৰিব, তেওঁ আল্লাহৰ অনুগ্ৰহত সাফল্যমণ্ডিত হ'ব। শাস্তিৰ পৰা মুক্তি পোৱাটোৱে হৈছে আটাইতকৈ ডাঙৰ আৰু স্পষ্ট সফলতা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006016.mp3"},{"index":"17","arabicText":"وَاِنْ یَّمْسَسْكَ اللّٰهُ بِضُرٍّ فَلَا كَاشِفَ لَهٗۤ اِلَّا هُوَ ؕ وَاِنْ یَّمْسَسْكَ بِخَیْرٍ فَهُوَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"আৰু আল্লাহে যদি তোমাক কোনো বিপদৰ দ্বাৰা স্পৰ্শ কৰে, তেন্তে তেওঁৰ বাহিৰে আন কোনেও সেয়া দূৰ কৰিব নোৱাৰিব, আৰু যদি তেওঁ তোমাক কোনো কল্যাণৰ দ্বাৰা স্পৰ্শ কৰে, তেন্তে (জানি থোৱা) তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"হে আদম সন্তান! যদি আল্লাহৰ ফালৰ পৰা তোমালোকৰ ওপৰত কোনো বিপদ আহি পৰে, তেন্তে আল্লাহৰ বাহিৰে কোনেও সেই বিপদ দূৰ কৰিব নোৱাৰে। আনহাতে যদি কোনো কল্যাণ লাভ হয়, তেন্তে তেওঁৰ অনুগ্ৰহক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। তেওঁ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান, একোৱেই তেওঁক অপাৰগ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006017.mp3"},{"index":"18","arabicText":"وَهُوَ الْقَاهِرُ فَوْقَ عِبَادِهٖ ؕ وَهُوَ الْحَكِیْمُ الْخَبِیْرُ ۟","assameseTranslation":"আৰু তেৱেঁই নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণকাৰী, আৰু তেওঁ প্ৰজ্ঞাময়, সম্যক অৱহিত।","footnotes":"","tafseer":"তেওঁ বান্দাসকলৰ ওপৰত প্ৰভুত্বশীল আৰু প্ৰভাৱশালী। সকলো ফালৰ পৰা তেওঁ সৰ্বোচ্চ। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে, তেওঁৰ ওপৰত কোনেও শক্তি প্ৰয়োগ কৰিব নোৱাৰে। সকলোৱে তেওঁৰ ওচৰত বিনীত। তেওঁ নিজৰ মৰ্যাদানুসাৰে বান্দাসকলৰ ওপৰত বিৰাজমান। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। সকলো বিষয়ে সম্যক অৱগত, তেওঁৰ পৰা কোনো বস্তুৱে গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006018.mp3"},{"index":"19","arabicText":"قُلْ اَیُّ شَیْءٍ اَكْبَرُ شَهَادَةً ؕ قُلِ اللّٰهُ ۙ۫ شَهِیْدٌۢ بَیْنِیْ وَبَیْنَكُمْ ۫ وَاُوْحِیَ اِلَیَّ هٰذَا الْقُرْاٰنُ لِاُنْذِرَكُمْ بِهٖ وَمَنْ بَلَغَ ؕ اَىِٕنَّكُمْ لَتَشْهَدُوْنَ اَنَّ مَعَ اللّٰهِ اٰلِهَةً اُخْرٰی ؕ قُلْ لَّاۤ اَشْهَدُ ۚ قُلْ اِنَّمَا هُوَ اِلٰهٌ وَّاحِدٌ وَّاِنَّنِیْ بَرِیْٓءٌ مِّمَّا تُشْرِكُوْنَ ۟ۘ","assameseTranslation":"কোৱা, ‘কোনটো বস্তু আটাইতকৈ ডাঙৰ সাক্ষী’? তুমি কোৱা, ‘আল্লাহ, (তেৱেঁই) মোৰ আৰু তোমালোকৰ মাজত (শ্ৰেষ্ঠ) সাক্ষী, আৰু এই কোৰআন মোৰ ওচৰলৈ অহী কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰোঁ। তোমালোকে এই সাক্ষ্য বহন কৰা নেকি যে, আল্লাহৰ লগত আন কোনোবা ইলাহ (উপাস্য) আছে’? কোৱা, ‘মই এই সাক্ষ্য নিদিওঁ’। কোৱা, ‘তেৱেঁই হৈছে একমাত্ৰ প্ৰকৃত ইলাহ আৰু তোমালোকে যি অংশীদাৰ স্থাপন কৰা তাৰ লগত নিশ্চয় মোৰ কোনো সম্পৰ্ক নাই’।","footnotes":"","tafseer":"হে ৰাছুল! সেইসকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আপোনাক অস্বীকাৰ কৰেঃ মোৰ সত্যতাৰ আটাইতকৈ ডাঙৰ সাক্ষীজন কোন জানানে? আপুনিয়ে কৈ দিয়ক যে, তোমালোকৰ আৰু মোৰ মাজত আটাইতকৈ ডাঙৰ সাক্ষীজন হৈছে মহান আল্লাহ। মই তোমালোকৰ ওচৰত কি লৈ আহিছোঁ সেয়া তেওঁ জানে, আৰু তোমালোকে কিদৰে সঁহাৰি জনাবা সেইটোও তেওঁ ভালকৈয়ে জানে। আল্লাহে অহীৰ দ্বাৰা মোক এই কোৰআন প্ৰদান কৰিছে, যাতে মই ইয়াৰ দ্বাৰা তোমালোকক আৰু সেই সকলো মানৱ আৰু জিনক সতৰ্ক কৰি দিব পাৰোঁ, যাৰ ওচৰত এই কোৰআন গৈ পাব। হে মুশ্বৰিকসকল! তোমালোকে বিশ্বাস পোষণ কৰা নেকি যে, আল্লাহৰ বাহিৰেও কোনোবা উপাস্য আছে? হে ৰাছুল! আপুনি কৈ দিয়ক, তোমালোকে যিটো বিশ্বাস কৰা সেইটোক মই বিশ্বাস নকৰোঁ, কাৰণ সেয়া হৈছে বাতিল। সত্য উপাস্য একমাত্ৰ আল্লাহ, তেওঁৰ কোনো অংশীদাৰ নাই। লগতে মই সেই সকলোবোৰ বাতিল উপাস্যক প্ৰত্যাখ্যান কৰোঁ, যিবোৰক তোমালোকে তেওঁৰ লগত অংশী কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006019.mp3"},{"index":"20","arabicText":"اَلَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ یَعْرِفُوْنَهٗ كَمَا یَعْرِفُوْنَ اَبْنَآءَهُمْ ۘ اَلَّذِیْنَ خَسِرُوْۤا اَنْفُسَهُمْ فَهُمْ لَا یُؤْمِنُوْنَ ۟۠","assameseTranslation":"আমি যিসকলক কিতাব প্ৰদান কৰিছোঁ সিহঁতে তেওঁক এনেকৈ চিনি পায় যেনেকৈ সিহঁতে নিজ সন্তানক চিনি পায়। যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে সিহঁতে ঈমান পোষণ নকৰিব।","footnotes":"","tafseer":"ইয়াহুদীসকল, যিসকলক আমি তাওৰাত প্ৰদান কৰিছিলোঁ, তথা ঈছায়ীসকল, যিসকলক আমি ইঞ্জীল প্ৰদান কৰিছিলোঁ, সিহঁতে ভালদৰেই জানে যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ নবী। যিদৰে সিহঁতে অন্য লোকৰ সন্তানসকলৰ মাজত নিজৰ সন্তান বাচি উলিয়াই। সিহঁতে নিজকে জাহান্নামত নিক্ষেপ কৰি নিজৰে ক্ষতি সাধন কৰিছে। সিহঁতে কদাপিও ঈমান পোষণ নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006020.mp3"},{"index":"21","arabicText":"وَمَنْ اَظْلَمُ مِمَّنِ افْتَرٰی عَلَی اللّٰهِ كَذِبًا اَوْ كَذَّبَ بِاٰیٰتِهٖ ؕ اِنَّهٗ لَا یُفْلِحُ الظّٰلِمُوْنَ ۟","assameseTranslation":"যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে, সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় যালিমসকলে সফলতা লাভ কৰিব নোৱাৰিব।","footnotes":"","tafseer":"যিসকলে আল্লাহৰ লগত আনক অংশীদাৰ স্থাপন কৰি তাৰ উপাসনা কৰে, অথবা আল্লাহৰ সেই আয়াতসমূহক অস্বীকাৰ কৰে, যিবোৰ তেওঁ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰিছে, সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো নাই। এনেকুৱা অন্যায়কাৰীয়ে যদি তাওবা নকৰে তেন্তে কদাপিও সফল হ'ব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006021.mp3"},{"index":"22","arabicText":"وَیَوْمَ نَحْشُرُهُمْ جَمِیْعًا ثُمَّ نَقُوْلُ لِلَّذِیْنَ اَشْرَكُوْۤا اَیْنَ شُرَكَآؤُكُمُ الَّذِیْنَ كُنْتُمْ تَزْعُمُوْنَ ۟","assameseTranslation":"আৰু যিদিনা আমি সিহঁত আটাইকে একত্ৰিত কৰিম, তাৰ পিছত যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক সুধিম, ‘যিসকলক তোমালোকে মোৰ লগত অংশী স্থাপন কৰিছিলা সিহঁত এতিয়া ক’ত’?","footnotes":"","tafseer":"ক্বিয়ামত দিৱসক স্মৰণ কৰা, যেতিয়া আমি সকলোকে একত্ৰিত কৰিম, কাকো নেৰোঁ, তাৰ পিছত শ্বিৰ্ককাৰীসকলক ভৰ্ৎসনা কৰি কমঃ তোমালোকৰ সেই মিছলীয়া অংশীদাৰ বিলাক আজি ক’ত? যিবোৰক তোমালোকে আহ্বান কৰিছিলা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006022.mp3"},{"index":"23","arabicText":"ثُمَّ لَمْ تَكُنْ فِتْنَتُهُمْ اِلَّاۤ اَنْ قَالُوْا وَاللّٰهِ رَبِّنَا مَا كُنَّا مُشْرِكِیْنَ ۟","assameseTranslation":"তেতিয়া সিহঁতৰ ওচৰত এই কথাৰ বাহিৰে আন কোনো অজুহাত নাথাকিব যে, ‘আমাৰ প্ৰতিপালক আল্লাহৰ শপত! আমি মুশ্বৰিক নাছিলোঁ’।","footnotes":"","tafseer":"এই পৰীক্ষাৰ পিছত সিহঁতে সিহঁতৰ উপাস্যবিলাকক পৰিত্যাগ কৰাৰ বাহিৰে আন কোনো উপায় নাথাকিব, তেতিয়া সিহঁতে মিছাতে ক'বঃ আমাৰ ৰব্ব আল্লাহৰ শপত! আমি তোমাৰ সৈতে শ্বিৰ্ক কৰা নাছিলোঁ বৰং তোমাৰ প্ৰতি ঈমান আনিছিলোঁ। অকল তোমাৰেই ইবাদত কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006023.mp3"},{"index":"24","arabicText":"اُنْظُرْ كَیْفَ كَذَبُوْا عَلٰۤی اَنْفُسِهِمْ وَضَلَّ عَنْهُمْ مَّا كَانُوْا یَفْتَرُوْنَ ۟","assameseTranslation":"চোৱা, সিহঁতে কেনেকৈ নিজেই নিজকে মিছা প্ৰমাণিত কৰি আছে, লগতে (চোৱা) সিহঁতে যি মিছা ৰচনা কৰিছিল সেয়া কেনেকৈ সিহঁতৰ পৰা হেৰাই গ’ল।","footnotes":"","tafseer":"হে মুহাম্মদ! চাওকচোন ইহঁতে কেনেকৈ মিছা মাতি আছে, আৰু শ্বিৰ্ক কৰা নাই বুলি কৈ আছে। পৃথিৱীত যিবোৰক ইহঁতে অংশীদাৰ সাব্যস্ত কৰিছিল, সেইবোৰ তেতিয়া সিহঁতৰ পৰা আত্মগোপন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006024.mp3"},{"index":"25","arabicText":"وَمِنْهُمْ مَّنْ یَّسْتَمِعُ اِلَیْكَ ۚ وَجَعَلْنَا عَلٰی قُلُوْبِهِمْ اَكِنَّةً اَنْ یَّفْقَهُوْهُ وَفِیْۤ اٰذَانِهِمْ وَقْرًا ؕ وَاِنْ یَّرَوْا كُلَّ اٰیَةٍ لَّا یُؤْمِنُوْا بِهَا ؕ حَتّٰۤی اِذَا جَآءُوْكَ یُجَادِلُوْنَكَ یَقُوْلُ الَّذِیْنَ كَفَرُوْۤا اِنْ هٰذَاۤ اِلَّاۤ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟","assameseTranslation":"আৰু সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা কাণ পাতি শুনে, কিন্তু আমি সিহঁতৰ অন্তৰত আৱৰণ কৰি দিছোঁ যাতে সিহঁতে সেয়া উপলব্ধি কৰিব নোৱাৰে, আৰু সিহঁতৰ কাণত আছে বধিৰতা। যদি সিহঁতে যাৱতীয় নিদৰ্শন প্ৰত্যক্ষ কৰে তথাপিও সিহঁতে ঈমান পোষণ নকৰিব। আনকি সিহঁতে যেতিয়া তোমাৰ ওচৰত আহি উপস্থিত হয়, তেতিয়া সিহঁতে তোমাৰ লগত বিৰ্কত লিপ্ত হয়, যিসকলে কুফুৰী কৰিছে সিহঁতে কয়, ‘এয়া দেখোন আগৰ দিনৰ উপকথাৰ বাহিৰে আন একো নহয়’।","footnotes":"","tafseer":"হে ৰাছুল! যেতিয়া আপুনি কোৰআন তিলাৱত কৰে, তেতিয়া কিছুমান মুশ্বৰিকে সেয়া মনোযোগ সহকাৰে শুনে, কিন্তু সিহঁতে শুনিও উপকৃত নহয়। কিয়নো আমি সিহঁতৰ অন্তৰত সিহঁতৰ অৱজ্ঞা তথা অহংকাৰৰ কাৰণে আৱৰণ কৰি দিছোঁ, যাতে সিহঁতে কোৰআন বুজিব নোৱাৰে লগতে আমি সিহঁতক এনেকুৱা কলা কৰি দিছোঁ যে, সিহঁতে শুনাৰ পিছতো উপকৃত হ'ব নোৱাৰে। সিহঁতে যিমানেই স্পষ্ট প্ৰমাণ নাচাওক কিয়, সেইবোৰৰ প্ৰতি ঈমান পোষণ নকৰিব, আনকি সিহঁতে আপোনাৰ ওচৰত আহি আপোনাৰ লগত অসত্যৰ ভিত্তিত সত্যৰ বিপক্ষে বাদানুবাদ কৰে। সিহঁতে কয়ঃ আপুনি যি লৈ আহিছে, সেয়া পূৰ্বৱৰ্তী লোকসকলৰ গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006025.mp3"},{"index":"26","arabicText":"وَهُمْ یَنْهَوْنَ عَنْهُ وَیَنْـَٔوْنَ عَنْهُ ۚ وَاِنْ یُّهْلِكُوْنَ اِلَّاۤ اَنْفُسَهُمْ وَمَا یَشْعُرُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে আনক এইবোৰ শুনাৰ পৰা বিৰত ৰাখে আৰু নিজেও এইবোৰ শুনাৰ পৰা দূৰত থাকে। সিহঁত নিজেই নিজকে ধ্বংস কৰে, অথচ সিহঁতে উপলব্ধি নকৰে।","footnotes":"","tafseer":"আৰু সিহঁতে মানুহক ৰাছুলৰ প্ৰতি ঈমান আনিবলৈ নিষেধ কৰে লগতে নিজেও আঁতৰি থাকে। এতেকে নিজেও উপকৃত নহয় আৰু আনকো উপকৃত হ'বলৈ নিদিয়ে। এইদৰে সিহঁতে নিজৰে ক্ষতি সাধন কৰি আছে। সিহঁতে যি কৰি আছে সেয়া যে ধ্বংসৰ কাৰণ, সেই কথা সিহঁতে নিজেই নাজানে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006026.mp3"},{"index":"27","arabicText":"وَلَوْ تَرٰۤی اِذْ وُقِفُوْا عَلَی النَّارِ فَقَالُوْا یٰلَیْتَنَا نُرَدُّ وَلَا نُكَذِّبَ بِاٰیٰتِ رَبِّنَا وَنَكُوْنَ مِنَ الْمُؤْمِنِیْنَ ۟","assameseTranslation":"তুমি যদি দেখিলাহেঁতেন যেতিয়া সিহঁতক জুইৰ ওপৰত থিয় কৰোৱা হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায়’! যদি আমাক (পৃথিৱীলৈ) ওভতাই দিয়া হ’লহেঁতেন, তেন্তে আমি আমাৰ প্ৰতিপালকৰ আয়াতসমূহক (দুনাই) অস্বীকাৰ নকৰিলোঁ হয় আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লোঁ হয়।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি যদি সিহঁতক দেখিলেহেঁতেন, যেতিয়া ক্বিয়ামতৰ দিনা সিহঁতক জাহান্নামৰ সন্মুখত অনা হ'ব, তেতিয়া সিহঁতে পৰিতাপ কৰি ক'ব, হায়! যদি আমাক দুনাই পৃথিৱীলৈ প্ৰেৰণ কৰা হ’লহেঁতেন, আমি কেতিয়াও আল্লাহৰ আয়াতসমূহক অস্বীকাৰ নকৰিলোঁহেঁতেন বৰং আমি আল্লাহৰ প্ৰতি বিশ্বাস কৰিলোঁহেঁতেন, সেই সময়ত আপুনি সিহঁতৰ নিকৃষ্ট অৱস্থা দেখিবলৈ পালেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006027.mp3"},{"index":"28","arabicText":"بَلْ بَدَا لَهُمْ مَّا كَانُوْا یُخْفُوْنَ مِنْ قَبْلُ ؕ وَلَوْ رُدُّوْا لَعَادُوْا لِمَا نُهُوْا عَنْهُ وَاِنَّهُمْ لَكٰذِبُوْنَ ۟","assameseTranslation":"বৰং পূৰ্বে সিহঁতে যি গোপন কৰিছিল সেয়া এতিয়া সিহঁতৰ ওচৰত প্ৰকাশ পাইছে; আৰু সিহঁতক আকৌ (দুনাই পৃথিৱীলৈ) পঠোৱা হ’লেও সিহঁতক যি কৰিবলৈ নিষেধ কৰা হৈছিল আকৌ সিহঁতে সেইটোকে কৰিলে হয়; আৰু নিশ্চয় সিহঁত মিছলীয়া।","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে কৈ আছে যে, সিহঁতক ওভোতাই পঠালে সিহঁতে ঈমান পোষণ কৰিব, বৰং যি কথাটো সিহঁতে গোপন কৰি কৈ আছিল যে, আমাৰ প্ৰতিপালক আল্লাহৰ শপত! আমি মুশ্বৰিক নাছিলোঁ, যেতিয়া সিহঁতৰ নিজৰ শৰীৰৰ অংগই সিহঁতৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব, তেতিয়া সিহঁতৰ সেই মিছা কথাৰ ৰহস্যভেদ হ'ব। ধৰি লোৱা হ'ল যদিও সিহঁতক পৃথিৱীলৈ ওভোতাই পঠোৱা হয়, তথাপিও সিহঁতে সেই কুফৰ আৰু শ্বিৰ্কৰ পিনেই উভতি যাব, যিটোৰ পৰা সিহঁতক বিৰত ৰখা হৈছিল। সিহঁতৰ এই প্ৰতিশ্ৰুতি মিছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006028.mp3"},{"index":"29","arabicText":"وَقَالُوْۤا اِنْ هِیَ اِلَّا حَیَاتُنَا الدُّنْیَا وَمَا نَحْنُ بِمَبْعُوْثِیْنَ ۟","assameseTranslation":"আৰু সিহঁতে কয়, ‘আমাৰ পাৰ্থিৱ জীৱনেই হৈছে একমাত্ৰ জীৱন, আৰু আমাক পুনৰুত্থিত কৰা নহ’ব’।","footnotes":"","tafseer":"এই মুশ্বৰিকসকলে কয়ঃ এই জীৱনৰ বাহিৰে আন কোনো জীৱন নাই, আৰু আমাক হিচাপ-নিকাচৰ বাবে পুনৰ্জীৱিত কৰা নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006029.mp3"},{"index":"30","arabicText":"وَلَوْ تَرٰۤی اِذْ وُقِفُوْا عَلٰی رَبِّهِمْ ؕ قَالَ اَلَیْسَ هٰذَا بِالْحَقِّ ؕ قَالُوْا بَلٰی وَرَبِّنَا ؕ قَالَ فَذُوْقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْفُرُوْنَ ۟۠","assameseTranslation":"আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেওঁ ক’ব, ‘এইটো প্ৰকৃত সত্য নহয় জানো’? সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় এয়া সত্য’। তেওঁ ক’ব, ‘তেন্তে তোমালোকে যি কুফুৰী কৰিছিলা তাৰ বাবে তোমালোকে এতিয়া শাস্তি ভোগ কৰা’।","footnotes":"","tafseer":"হে ৰাছুল! যদি আপুনি সেই সময়ৰ দৃশ্য দেখিলেহেঁতেন, যেতিয়া পুনৰুত্থানক অস্বীকাৰকাৰী বিলাকক আল্লাহৰ সন্মুখত থিয় কৰোৱা হ'ব, সিহঁতৰ দুৰাৱস্থা দেখি আপুনি হতভম্ব হৈ যাব, যেতিয়া আল্লাহে সিহঁতক ক'বঃ কোৱাচোন এই পুনৰ্জীৱন সঁচা নহয়নে, ইয়াৰ মাজত কোনো সন্দেহ তথা সংশয় আছেনে? তেতিয়া সিহঁতে ক'বঃ সেই প্ৰতিপালকৰ শপত, যিয়ে আমাক সৃষ্টি কৰিছে, এয়া সত্য, ইয়াৰ মাজত কোনো সন্দেহ নাই। তেতিয়া আল্লাহে সিহঁতক ক'বঃ তোমালোকে পৃথিৱীত এই দিনটোক অস্বীকাৰ কৰিছিলা আৰু মিছা বুলি কৈছিলা, এতেকে আজি শাস্তি ভোগ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006030.mp3"},{"index":"31","arabicText":"قَدْ خَسِرَ الَّذِیْنَ كَذَّبُوْا بِلِقَآءِ اللّٰهِ ؕ حَتّٰۤی اِذَا جَآءَتْهُمُ السَّاعَةُ بَغْتَةً قَالُوْا یٰحَسْرَتَنَا عَلٰی مَا فَرَّطْنَا فِیْهَا ۙ وَهُمْ یَحْمِلُوْنَ اَوْزَارَهُمْ عَلٰی ظُهُوْرِهِمْ ؕ اَلَا سَآءَ مَا یَزِرُوْنَ ۟","assameseTranslation":"যিসকলে আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছে, নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত হৈছে, আনকি সিহঁতৰ ওচৰলৈ যেতিয়া হঠাৎ কিয়ামত আহি উপস্থিত হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায় আফচোচ! ইয়াক আমি কিমান যে অৱহেলা কৰিছিলোঁ’। সিহঁতে সিহঁতৰ পাপসমূহ নিজৰ পিঠিত বহন কৰিব। সাৱধান! সিহঁতে যি বহন কৰিব সেয়া অতি নিকৃষ্ট!","footnotes":"","tafseer":"নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত, যিসকলে পৰকালৰ জীৱনক অস্বীকাৰ কৰিছে, আৰু আল্লাহৰ সন্মুখত থিয় হোৱাক অসম্ভৱ বুলি ভাবিছে। আনকি যেতিয়া ক্বিয়ামত আকস্মিক সংঘটিত হ'ব তেতিয়া সিহঁতে অনুতপ্ত হৈ ক'বঃ হায় পৰিতাপ! আমি বৰ ডাঙৰ ভুল কৰিছোঁ যে, আল্লাহৰ লগত কুফৰী কৰিছোঁ আৰু কিয়ামতৰ বাবে প্ৰস্তুতি লোৱা নাছিলোঁ। সিহঁতে নিজৰ পিঠিত পাপকৰ্মৰ বোজা বহন কৰিব। সেইবোৰ যে কিমান নিকৃষ্ট গুনাহ, যিবোৰ সিহঁতে বহন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006031.mp3"},{"index":"32","arabicText":"وَمَا الْحَیٰوةُ الدُّنْیَاۤ اِلَّا لَعِبٌ وَّلَهْوٌ ؕ وَلَلدَّارُ الْاٰخِرَةُ خَیْرٌ لِّلَّذِیْنَ یَتَّقُوْنَ ؕ اَفَلَا تَعْقِلُوْنَ ۟","assameseTranslation":"আৰু পাৰ্থিৱ জীৱন কেৱল খেল-ধেমালিৰ বাহিৰে আন একো নহয় আৰু যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তথাপিও তোমালোকে নুবুজানে?","footnotes":"","tafseer":"পাৰ্থিৱ জীৱন, যিটোৰ প্ৰতি তোমালোকৰ লোভ আছে, এইটো সেই ব্যক্তিৰ বাবে খেল-ধেমালি আৰু প্ৰৱঞ্চনাৰ বাহিৰে আন একো নহয়, যিয়ে আল্লাহক সন্তুষ্ট কৰিবলৈ কোনো সত্কৰ্ম নকৰে। আখিৰাতৰ জীৱন সেইসকল লোকৰ বাবে উত্তম, যিসকলে তাক্বৱা অৱলম্বন কৰে, ঈমান পোষণ কৰে আৰু আল্লাহৰ আদেশ পালন কৰে, যিটো কৰিবলৈ তেওঁলোকক আদেশ কৰা হৈছে। লগতে শ্বিৰ্ক তথা অবাধ্যতাৰ পৰা দূৰৈত থাকে, যিটোৰ পৰা তেওঁলোকক বিৰত ৰখা হৈছে। হে মুশ্বৰিকসকল! তোমালোকে এই বিষয়টো বুজি নোপোৱানে? যাতে তোমালোকে ঈমান পোষণ কৰা আৰু সত্কৰ্ম কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006032.mp3"},{"index":"33","arabicText":"قَدْ نَعْلَمُ اِنَّهٗ لَیَحْزُنُكَ الَّذِیْ یَقُوْلُوْنَ فَاِنَّهُمْ لَا یُكَذِّبُوْنَكَ وَلٰكِنَّ الظّٰلِمِیْنَ بِاٰیٰتِ اللّٰهِ یَجْحَدُوْنَ ۟","assameseTranslation":"আমি নিশ্চয় জানো যে, সিহঁতে যি কয় সেয়া তোমাক কষ্ট দিয়ে; কিন্তু সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ নকৰে, বৰং যালিমসকলে আল্লাহৰ আয়াতসমূহকহে অস্বীকাৰ কৰে।","footnotes":"","tafseer":"হে ৰাছুল! আমি জানো সিহঁতৰ প্ৰকাশ্য অবাধ্যতাৰ ফলত আপোনাৰ অন্তৰত দুখ লাগে। আপুনি জানি থওক! সিহঁতে আপোনাক অন্তৰেৰে মিছা প্ৰতিপন্ন নকৰে, কিয়নো সিহঁতে আপোনাৰ সত্যতা তথা আমানত সম্পৰ্কে জানে। কিন্তু সিহঁত হৈছে অন্যায়কাৰী, প্ৰকাশ্যভাৱে সিহঁতে আপোনাক মিছা প্ৰতিপন্ন কৰে, অথচ অন্তৰেৰে আপোনাক সত্য বুলি মানি লয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006033.mp3"},{"index":"34","arabicText":"وَلَقَدْ كُذِّبَتْ رُسُلٌ مِّنْ قَبْلِكَ فَصَبَرُوْا عَلٰی مَا كُذِّبُوْا وَاُوْذُوْا حَتّٰۤی اَتٰىهُمْ نَصْرُنَا ۚ وَلَا مُبَدِّلَ لِكَلِمٰتِ اللّٰهِ ۚ وَلَقَدْ جَآءَكَ مِنْ نَّبَإِىۡ الْمُرْسَلِیْنَ ۟","assameseTranslation":"নিশ্চয় তোমাৰ পূৰ্বেও বহুতো ৰাছুলৰ ওপৰত মিথ্যাৰোপ কৰা হৈছিল, কিন্তু তেওঁলোকক মিথ্যাৰোপ কৰাৰ পিছতো আৰু কষ্ট দিয়াৰ পিছতো তেওঁলোকে ধৈৰ্য্য ধাৰণ কৰিছিল, অৱশেষত তেওঁলোকৰ ওচৰলৈ আমাৰ সহায় আহিছিল। (জানি থোৱা) আল্লাহৰ (প্ৰতিশ্ৰুত) বাণীসমূহক পৰিৱৰ্তন কৰিব পৰা কোনো নাই। নিশ্চয় ৰাছুলসকলৰ কিছু সংবাদ তোমাৰ ওচৰলৈকেও আহিছে।","footnotes":"","tafseer":"আপুনি এইটো নাভাবিব যে, আপুনি যি লৈ আহিছে কেৱল সেইটোকেই মিছা প্ৰতিপন্ন কৰা হৈছে, বৰং আপোনাৰ পূৰ্বেও বহুতো ৰাছুলক মিছা প্ৰতিপন্ন কৰা হৈছিল তথা তেওঁলোকৰ সম্প্ৰদায়ৰ ফালৰ পৰাও নিৰ্যাতন কৰা হৈছিল, তথাপিও তেওঁলোকে আল্লাহৰ পিনে আহ্বান কৰা কাৰ্যত আৰু তেওঁৰ পথত জিহাদ কৰা কাৰ্যত অটল আছিল। অৱশেষত তেওঁলোকৰ ওচৰলৈ আল্লাহৰ সহায় আহি পাইছিল। আল্লাহে ৰাছুলসকলৰ বাবে যি সহায় ধাৰ্য কৰিছে আৰু ৰাছুলসকলক যি প্ৰতিশ্ৰুতি দিছে, সেইটোক কোনেও পৰিবৰ্তন কৰিব নোৱাৰে। হে ৰাছুল! নিশ্চয় আপোনাৰ ওচৰলৈ পূৰ্বৱৰ্তী ৰাছুলসকলৰ সংবাদ আহি পৰিছে যে, তেওঁলোকক তেওঁলোকৰ জাতিয়ে কি ধৰণে নিৰ্যাতন কৰিছিল আৰু আল্লাহে কিদৰে তেওঁলোকক সহায় কৰিছিল তথা কিদৰে তেওঁলোকৰ শত্ৰুসকলক দমন কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006034.mp3"},{"index":"35","arabicText":"وَاِنْ كَانَ كَبُرَ عَلَیْكَ اِعْرَاضُهُمْ فَاِنِ اسْتَطَعْتَ اَنْ تَبْتَغِیَ نَفَقًا فِی الْاَرْضِ اَوْ سُلَّمًا فِی السَّمَآءِ فَتَاْتِیَهُمْ بِاٰیَةٍ ؕ وَلَوْ شَآءَ اللّٰهُ لَجَمَعَهُمْ عَلَی الْهُدٰی فَلَا تَكُوْنَنَّ مِنَ الْجٰهِلِیْنَ ۟","assameseTranslation":"আৰু যদি সিহঁতৰ উপেক্ষা (অনাগ্ৰহ) তোমাৰ বাবে কষ্টকৰ হয় তেন্তে পাৰিলে ভূগৰ্ভত সুৰংগ অথবা আকাশত জখলা অন্বেষণ কৰি সিহঁতৰ বাবে কোনো নিদৰ্শন লৈ আহা। (জানি থোৱা) যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁত আটাইকে নিশ্চয় সৎপথত একত্ৰিত কৰিলেহেঁতেন। সেয়ে তুমি মূৰ্খসকলৰ অন্তৰ্ভুক্ত নহ’বা।","footnotes":"","tafseer":"হে ৰাছুল! যদি এই কথাই আপোনাক কষ্ট দিয়ে যে, সিহঁতে আপোনাক অস্বীকাৰ কৰিছে আৰু আপুনি লৈ অহা সত্যৰ পৰা বিমুখ হৈছে, তেন্তে যদি আপুনি পৃথিৱীৰ ভিতৰত কোনো সুৰঙ্গ পায় অথবা আকাশলৈ যোৱাৰ বাবে কোনো জখলা পায় আৰু আপোনাক দিয়া প্ৰমাণসমূহৰ বাহিৰে আন কোনো প্ৰমাণ যদি তাৰ পৰা আনিব পাৰে তেন্তে আনক। আপুনি যি হিদায়ত লৈ আহিছে যদি আল্লাহে সিহঁতক ইয়াৰ ওপৰত একত্ৰিত কৰিব বিচাৰিলেহেঁতেন তেন্তে নিশ্চয় কৰিব পাৰিলেহেঁতেন, কিন্তু ডাঙৰ কিবা ৰহস্যৰ কাৰণে তেওঁ এনেকুৱা কৰা নাই। গতিকে এই বিষয়টো আপুনি পাহৰি নাযাব। লগতে সিহঁতে ঈমান পোষণ নকৰাৰ চিন্তাত আপুনি আপোনাৰ প্ৰাণ নাশ নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006035.mp3"},{"index":"36","arabicText":"اِنَّمَا یَسْتَجِیْبُ الَّذِیْنَ یَسْمَعُوْنَ ؔؕ وَالْمَوْتٰی یَبْعَثُهُمُ اللّٰهُ ثُمَّ اِلَیْهِ یُرْجَعُوْنَ ۟","assameseTranslation":"যিসকলে শুনা পায় কেৱল তেওঁলোকেই আহ্বানত সঁহাৰি দিয়ে। মৃতসকলক আল্লাহেই পুনৰ জীৱিত কৰিব; তাৰ পিছত সিহঁতক তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।","footnotes":"","tafseer":"আপোনাৰ কথাত কেৱল তেওঁলোকেই সঁহাৰি জনাব, যিসকলে মনোযোগ সহকাৰে কথা শ্ৰৱণ কৰে তথা বুজি পায়। আনহাতে কাফিৰসকলৰ অৱস্থা হৈছে মৃত ব্যক্তিৰ দৰে, সিহঁতৰ অন্তৰে মৃত্যুবৰণ কৰিছে, এতেকে মৃতসকলক আল্লাহে ক্বিয়ামতৰ দিনা জীৱিত কৰিব আৰু তেওঁৰ পিনেই সকলোকে ওভোতাই নিয়া হ'ব, যাতে তেওঁ সিহঁতক প্ৰতিদান দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006036.mp3"},{"index":"37","arabicText":"وَقَالُوْا لَوْلَا نُزِّلَ عَلَیْهِ اٰیَةٌ مِّنْ رَّبِّهٖ ؕ قُلْ اِنَّ اللّٰهَ قَادِرٌ عَلٰۤی اَنْ یُّنَزِّلَ اٰیَةً وَّلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে কয়, ‘তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰলৈ নিদৰ্শন কিয় নাহে’? কোৱা, ‘নিদৰ্শন অৱতীৰ্ণ কৰিবলৈ আল্লাহ নিশ্চয় সক্ষম’, কিন্তু সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।","footnotes":"","tafseer":"মুশ্বৰিকসকলে কঠোৰতা দেখুৱাই আৰু ঈমানৰ ক্ষেত্ৰত প্ৰৱঞ্চনা কৰি কয়ঃ মুহাম্মদক তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এনেকুৱা অলৌকিক নিদৰ্শন কিয় দিয়া হোৱা নাই, যিটো তেওঁৰ সত্যতাৰ প্ৰমাণ বহন কৰে। হে ৰাছুল! আপুনি কৈ দিয়কঃ মহান আল্লাহে এনেকুৱা নিদৰ্শন প্ৰেৰণ কৰিবলৈ নিশ্চয় সক্ষম যিটো সিহঁতে বিচাৰে। সিহঁতৰ অধিকাংশই নিদৰ্শন বিচাৰে কিন্তু সিহঁতে নাজানে যে, আল্লাহে কেৱল হিকমত অনুসাৰেহে নিদৰ্শন অৱতীৰ্ণ কৰে, সিহঁতৰ ইচ্ছা অনুসাৰে নহয়। যদি আল্লাহে সিহঁতে বিচৰা মতে নিদৰ্শন অৱতীৰ্ণ কৰিলেহেঁতেন আৰু ইয়াৰ পিছত যদি সিহঁতে ঈমান পোষণ নকৰিলেহেঁতেন তেন্তে নিশ্চিতভাৱে সিহঁতক বিনাশ কৰি দিয়া হ’লহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006037.mp3"},{"index":"38","arabicText":"وَمَا مِنْ دَآبَّةٍ فِی الْاَرْضِ وَلَا طٰٓىِٕرٍ یَّطِیْرُ بِجَنَاحَیْهِ اِلَّاۤ اُمَمٌ اَمْثَالُكُمْ ؕ مَا فَرَّطْنَا فِی الْكِتٰبِ مِنْ شَیْءٍ ثُمَّ اِلٰی رَبِّهِمْ یُحْشَرُوْنَ ۟","assameseTranslation":"আৰু পৃথিৱীত বিচৰণশীল প্ৰতিটো প্ৰাণী আৰু (বায়ুমণ্ডলত) দুই ডেউকাৰে উৰা প্ৰতিটো চৰাই, তোমালোকৰ দৰেই একো একোটা উম্মত। এই কিতাবত (লাওহে মাহফুজত) আমি একো এৰি দিয়া নাই; তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰতিপালকৰ পিনেই একত্ৰিত কৰা হ’ব।","footnotes":"","tafseer":"হে আদম সন্তান! পৃথিৱীত বিচৰণ কৰা প্ৰতিটো জীৱ-জন্তু, লগতে আকাশত উৰি-ফুৰা সকলো চৰাই-চিৰকটি তোমালোকৰ দৰেই একো একোটা সম্প্ৰদায়। সেইবোৰকো সৃষ্টি কৰা হৈছে আৰু জীৱিকা প্ৰদান কৰা হৈছে। লওহে মাহফুজত সকলো লিখা আছে আৰু এই সকলো বিষয়ে আল্লাহ সম্যক অৱগত। ইয়াৰ পিছত ক্বিয়ামতৰ দিনা সকলোকে হিচাপ-নিকাচৰ বাবে আল্লাহৰ ওচৰতেই একত্ৰিত কৰা হ’ব। তেওঁ সকলোকে নিজ নিজ কৰ্মৰ প্ৰতিফল প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006038.mp3"},{"index":"39","arabicText":"وَالَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا صُمٌّ وَّبُكْمٌ فِی الظُّلُمٰتِ ؕ مَنْ یَّشَاِ اللّٰهُ یُضْلِلْهُ ؕ وَمَنْ یَّشَاْ یَجْعَلْهُ عَلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟","assameseTranslation":"আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে, সিহঁত হৈছে কলা আৰু বোবা, অন্ধকাৰত আছে। আল্লাহে যাক ইচ্ছা কৰে বিপথগামী কৰে আৰু যাক ইচ্ছা কৰে তেওঁ সৰল পথত স্থাপন কৰে।","footnotes":"","tafseer":"যিসকলে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে, সিহঁত হৈছে কলা ব্যক্তিৰ দৰে, যিসকলে শুনা নাপায়, লগতে বোবা ব্যক্তিৰ দৰে, যিসকলে কথা ক'ব নোৱাৰে। লগতে সিহঁত অন্ধকাৰত পৰি আছে, সিহঁতে একোৱে দেখা নাপায়। এতেকে যি এনেকুৱা অৱস্থাত আছে সি হিদায়ত কেনেকৈ পাব? আল্লাহে যাক পথভ্ৰষ্ট কৰিব বিচাৰে তাক পথভ্ৰষ্ট কৰি দিয়ে। আনহাতে যাক হিদায়ত দিব বিচাৰে তাক পোন পথৰ হিদায়ত প্ৰদান কৰে, যি পথত কোনো বক্ৰতা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006039.mp3"},{"index":"40","arabicText":"قُلْ اَرَءَیْتَكُمْ اِنْ اَتٰىكُمْ عَذَابُ اللّٰهِ اَوْ اَتَتْكُمُ السَّاعَةُ اَغَیْرَ اللّٰهِ تَدْعُوْنَ ۚ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে কি বিবেচনা কৰা, যদি তোমালোকৰ ওপৰত আল্লাহৰ শাস্তি আপতিত হয় অথবা তোমালোকৰ ওচৰলৈ ক্বিয়ামত আহি পৰে, তথাপিও তোমালোকে আল্লাহৰ বাহিৰে আন কাৰোবাক মাতিবানে? যদি তোমালোকে সত্যবাদী হোৱা (তেন্তে কোৱা)।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিক বিলাকক কওকচোন যে, যদি তোমালোকৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা শাস্তি আহে অথবা ক্বিয়ামত আহি পৰে, যিটো অৱশ্যাম্ভাৱী বুলি তোমালোকক প্ৰতিশ্ৰুতি দিয়া হৈছে, সেই সময়ত তোমালোকে আল্লাহৰ বাহিৰে আন কাৰোবাক আহ্বান কৰিবানে, যাতে সি তোমালোকক বিপদৰ পৰা ৰক্ষা কৰে? যদি তোমালোকৰ উপাস্য বিলাক সঁচাই উপকাৰ বা অপকাৰ কৰিবলৈ সক্ষম তেন্তে উত্তৰ দিয়াচোন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006040.mp3"},{"index":"41","arabicText":"بَلْ اِیَّاهُ تَدْعُوْنَ فَیَكْشِفُ مَا تَدْعُوْنَ اِلَیْهِ اِنْ شَآءَ وَتَنْسَوْنَ مَا تُشْرِكُوْنَ ۟۠","assameseTranslation":"(নহয়) বৰং তোমালোকে কেৱল তেওঁকেই মাতিবা। এতেকে তোমালোকে যি উদ্দেশ্যে তেওঁক মাতিবা তেওঁ ইচ্ছা কৰিলে তোমালোকৰ সেই উদ্দেশ্য পূৰণ কৰিব আৰু তোমালোকে যিবোৰক তেওঁৰ অংশী কৰিছিলা সেইবোৰক পাহৰি যাবা।","footnotes":"","tafseer":"সত্য এই যে, তোমালোকে সেই সময়ত, বিপদ আঁতৰাবলৈ আৰু মুচিবতৰ পৰা ৰক্ষা পাবলৈ আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰিবা, তেৱেঁই তোমালোকৰ সৃষ্টিকৰ্তা। কাৰণ এইটো দূৰ কৰিবলৈ কেৱল আল্লাহেই সক্ষম, তেৱেঁই তোমালোকক বিপদৰ পৰা ৰক্ষা কৰে আৰু মুচিবত প্ৰতিৰোধ কৰে যদি তেওঁ ইচ্ছা কৰে। আনহাতে তোমালোকৰ সেই উপাস্য বিলাক, যিবিলাকক তোমালোকে আল্লাহৰ সৈতে সমকক্ষ স্থিৰ কৰা, সেই বিলাকক তোমালোকে পৰিত্যাগ কৰিবা। কাৰণ তোমালোকে গম পাবা যে, সিহঁতে তোমালোকৰ উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006041.mp3"},{"index":"42","arabicText":"وَلَقَدْ اَرْسَلْنَاۤ اِلٰۤی اُمَمٍ مِّنْ قَبْلِكَ فَاَخَذْنٰهُمْ بِالْبَاْسَآءِ وَالضَّرَّآءِ لَعَلَّهُمْ یَتَضَرَّعُوْنَ ۟","assameseTranslation":"নিশ্চয় আমি তোমাৰ পূৰ্বে বহুতো জাতিৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছোঁ, কিন্তু (ৰাছুলসকলক অস্বীকাৰ কৰাৰ কাৰণে) সিহঁতক অৰ্থসংকট আৰু দুখ-কষ্টত পতিত কৰিছিলোঁ, যাতে সিহঁত বিনীত হয়।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ পূৰ্বেও আমি বহুতো সম্প্ৰদায়ৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ, সিহঁতেও তেওঁলোকক অস্বীকাৰ কৰিছিল আৰু তেওঁলোকে যি লৈ আহিছিল তাৰ পৰা সিহঁতে বিমুখ হৈছিল, ফলত আমি সিহঁতক বিপদৰ সন্মুখীন কৰিছিলোঁ, যেনে দৰিদ্ৰতা আৰু হানীকাৰক বেমাৰ আদিৰ জৰিয়তে, যাতে সিহঁতে নিজ প্ৰতিপালকৰ ওচৰত নত হয় আৰু বিনীত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006042.mp3"},{"index":"43","arabicText":"فَلَوْلَاۤ اِذْ جَآءَهُمْ بَاْسُنَا تَضَرَّعُوْا وَلٰكِنْ قَسَتْ قُلُوْبُهُمْ وَزَیَّنَ لَهُمُ الشَّیْطٰنُ مَا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"এতেকে যেতিয়া আমাৰ শাস্তি আহি সিহঁতৰ ওপৰত আপতিত হ’ল, তেতিয়া সিহঁতে কিয় বিনীত হোৱা নাছিল? কাৰণ সিহঁতৰ হৃদয় নিষ্ঠুৰ হৈছিল আৰু সিহঁতে যি কৰিছিল সেইবোৰক চয়তানে সিহঁতৰ বাবে শোভনীয় কৰি দিছিল।","footnotes":"","tafseer":"যেতিয়া সিহঁতৰ ওপৰত আমাৰ শাস্তি আহি পৰিছিল, সেই সময়ত যদি সিহঁতে আল্লাহৰ ওচৰত নত হ’লহেঁতেন আৰু বিনীত হ’লহেঁতেন, যাতে আল্লাহে সিহঁতৰ পৰা শাস্তি উঠাই লয়, তেন্তে আমি সিহঁতৰ প্ৰতি কৃপা কৰিলোঁহেঁতেন। কিন্তু সিহঁতে এনেকুৱা কৰা নাছিল, বৰং সিহঁতৰ অন্তৰ আৰু অধিক কঠিন হৈ পৰিছিল, সিহঁতে উপদেশ গ্ৰহণ কৰা নাছিল আৰু শিক্ষাও লোৱা নাছিল, লগতে চয়তানে সিহঁতৰ পাপ কৰ্মবোৰক সৌন্দৰ্যময় কৰি তুলি ধৰিছিল, ফলত সিহঁত নিজৰ সেই আচৰণতে অটল আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006043.mp3"},{"index":"44","arabicText":"فَلَمَّا نَسُوْا مَا ذُكِّرُوْا بِهٖ فَتَحْنَا عَلَیْهِمْ اَبْوَابَ كُلِّ شَیْءٍ ؕ حَتّٰۤی اِذَا فَرِحُوْا بِمَاۤ اُوْتُوْۤا اَخَذْنٰهُمْ بَغْتَةً فَاِذَا هُمْ مُّبْلِسُوْنَ ۟","assameseTranslation":"সিহঁতক যি উপদেশ দিয়া হৈছিল সেয়া যেতিয়া সিহঁতে পাহৰি গ’ল, তেতিয়া আমি সিহঁতৰ বাবে সকলো বস্তুৰ দুৱাৰ মুকলি কৰি দিলোঁ; অৱশেষত সিহঁতক যি প্ৰদান কৰা হৈছিল যেতিয়া সিহঁতে সেইবোৰকলৈ উৎফুল্লিত হ’ল তেতিয়া হঠাৎ সিহঁতক আটক কৰিলোঁ, ফলত তেতিয়াই সিহঁত নিৰাশ হৈ পৰিল।","footnotes":"","tafseer":"দৰিদ্ৰতা আৰু বেমাৰৰ পিছতো যেতিয়া সিহঁতে উপদেশ গ্ৰহণ নকৰিলে লগতে আল্লাহৰ আদেশ পালন নকৰিলে, তেতিয়া আমি সিহঁতক অৱকাশ প্ৰদান কৰি সিহঁতৰ বাবে অধিক জীৱিকাৰ দুৱাৰ খুলি দিলোঁ, সিহঁতক ঐশ্বৰ্যশীল কৰি দিলোঁ লগতে সুস্বাস্থ্য প্ৰদান কৰিলোঁ। কিন্তু যেতিয়া সিহঁতৰ মাজত অহংকাৰ আহি পৰিল আৰু গৌৰৱ কৰিবলৈ ধৰিলে, তেতিয়া হঠাৎ সিহঁতৰ ওপৰত আমাৰ শাস্তি আহি পৰিল আৰু সিহঁত হতভম্ব হৈ নিৰাশ হৈ পৰিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006044.mp3"},{"index":"45","arabicText":"فَقُطِعَ دَابِرُ الْقَوْمِ الَّذِیْنَ ظَلَمُوْا ؕ وَالْحَمْدُ لِلّٰهِ رَبِّ الْعٰلَمِیْنَ ۟","assameseTranslation":"ফলত যালিম সম্প্ৰদায়ক মূলোচ্ছেদ কৰা হ'ল, আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ বাবেই।","footnotes":"","tafseer":"অৱশেষত কাফিৰসকল ধ্বংস হ'ল, আৰু সিহঁত সকলোকে নাশ কৰা হ'ল, আনহাতে আল্লাহৰ ৰাছুলসকল সহায়প্ৰাপ্ত হ'ল। সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিজন বিশ্বজগতৰ প্ৰতিপালক, তেৱেঁই নিজৰ শত্ৰুসকলক ধ্বংস কৰে আৰু বন্ধুসকলক সহায় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006045.mp3"},{"index":"46","arabicText":"قُلْ اَرَءَیْتُمْ اِنْ اَخَذَ اللّٰهُ سَمْعَكُمْ وَاَبْصَارَكُمْ وَخَتَمَ عَلٰی قُلُوْبِكُمْ مَّنْ اِلٰهٌ غَیْرُ اللّٰهِ یَاْتِیْكُمْ بِهٖ ؕ اُنْظُرْ كَیْفَ نُصَرِّفُ الْاٰیٰتِ ثُمَّ هُمْ یَصْدِفُوْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে ভাৱি চোৱা নাইনে, আল্লাহে যদি তোমালোকৰ শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি হৰণ কৰি লয় আৰু তোমালোকৰ হৃদয়ত মোহৰ মাৰি দিয়ে তেন্তে আল্লাহৰ বাহিৰে তোমালোকৰ কোন উপাস্য আছে যিয়ে এইবোৰ ওভতাই আনি দিব’? চোৱা, কেনেকৈ আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ, ইয়াৰ পিছতো সিহঁতে মুখ ঘূৰাই লয়।","footnotes":"","tafseer":"হে ৰাছুল! এই মুশ্বৰিকসকলক কওকচোন, যদি আল্লাহে তোমালোকৰ শ্ৰৱণশক্তি হৰণ কৰি কলা কৰি দিয়ে, তোমালোকৰ দৃষ্টিশক্তি কাঢ়ি লৈ অন্ধ বনাই দিয়ে, আৰু তোমালোকৰ অন্তৰত মোহৰ লগাই দিয়ে, ফলত তোমালোকে একোৱেই বুজি নোপোৱা, তেন্তে কোন আছে এনেকুৱা সত্য উপাস্য যিয়ে তোমালোকক এইবোৰ ওভোতাই আনি দিব? হে ৰাছুল! গমি চাওকচোন, আমি কিদৰে সিহঁতক প্ৰমাণসমূহ স্পষ্টভাৱে বৰ্ণনা কৰি আছোঁ। তাৰ পিছতো সিহঁত বিমুখ হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006046.mp3"},{"index":"47","arabicText":"قُلْ اَرَءَیْتَكُمْ اِنْ اَتٰىكُمْ عَذَابُ اللّٰهِ بَغْتَةً اَوْ جَهْرَةً هَلْ یُهْلَكُ اِلَّا الْقَوْمُ الظّٰلِمُوْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে কোৱাচোন যদি আল্লাহৰ শাস্তি হঠাৎ অথবা প্ৰকাশ্যভাৱে তোমালোকৰ ওপৰত আহি পৰে তেন্তে যালিম সম্প্ৰদায়ৰ বাহিৰে আন কোনোবাক ধ্বংস কৰা হ’বনে’?","footnotes":"","tafseer":"হে ৰাছুল! সিহঁতক কওকচোন, যদি তোমালোকৰ ওপৰত হঠাৎ আল্লাহৰ শাস্তি আহি পৰে অথবা চকুৰ সন্মুখতে প্ৰকাশ্যভাৱে আহে তেন্তে এই শাস্তিৰ চিকাৰ কেৱল সেইসকল লোকেই হ’ব, যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছে আৰু ৰাছুলসকলক অস্বীকাৰ কৰি নিজৰ ওপৰত অন্যায় কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006047.mp3"},{"index":"48","arabicText":"وَمَا نُرْسِلُ الْمُرْسَلِیْنَ اِلَّا مُبَشِّرِیْنَ وَمُنْذِرِیْنَ ۚ فَمَنْ اٰمَنَ وَاَصْلَحَ فَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟","assameseTranslation":"আৰু আমি ৰাছুলসকলক কেৱল সুসংবাদবাহী আৰু সতৰ্ককাৰীৰূপেই প্ৰেৰণ কৰোঁ। এতেকে যিসকলে ঈমান আনিব আৰু নিজকে সংশোধন কৰিব, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্ততও নহ’ব।","footnotes":"","tafseer":"আমি ৰাছুলসকলক কেৱল এই কাৰণেই প্ৰেৰণ কৰোঁ, যাতে তেওঁলোকে ঈমান্দাৰসকলক তথা আনুগত্যকাৰীসকলক এনেকুৱা নিয়ামতৰ সুসংবাদ দিয়ে যিটো কেতিয়াও ধ্বংস নহ'ব। লগতে যাতে তেওঁলোকে কাফিৰ তথা পাপিষ্ঠসকলক আমাৰ কঠোৰ শাস্তিৰ পৰা সতৰ্ক কৰে। এতেকে যিসকলে ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰিব আৰু নিজৰ আমল সংশোধন কৰিব, তেওঁলোকৰ বাবে আখিৰাতত কোনো চিন্তা নাই আৰু পৃথিৱীত কোনো বস্তু নোপোৱাৰো কোনো দুখ নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006048.mp3"},{"index":"49","arabicText":"وَالَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا یَمَسُّهُمُ الْعَذَابُ بِمَا كَانُوْا یَفْسُقُوْنَ ۟","assameseTranslation":"আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতক শাস্তিয়ে স্পৰ্শ কৰিব, কাৰণ সিহঁতে অবাধ্যতা কৰিছিল।","footnotes":"","tafseer":"যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতে আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱাৰ কাৰণে শাস্তি ভোগ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006049.mp3"},{"index":"50","arabicText":"قُلْ لَّاۤ اَقُوْلُ لَكُمْ عِنْدِیْ خَزَآىِٕنُ اللّٰهِ وَلَاۤ اَعْلَمُ الْغَیْبَ وَلَاۤ اَقُوْلُ لَكُمْ اِنِّیْ مَلَكٌ ۚ اِنْ اَتَّبِعُ اِلَّا مَا یُوْحٰۤی اِلَیَّ ؕ قُلْ هَلْ یَسْتَوِی الْاَعْمٰی وَالْبَصِیْرُ ؕ اَفَلَا تَتَفَكَّرُوْنَ ۟۠","assameseTranslation":"কোৱা, ‘মই তোমালোকক এইটো নকওঁ যে, মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে, আৰু মই গায়েবও নাজানো আৰু তোমালোকক এইটোও নকওঁ যে, মই এজন ফিৰিস্তা, মোৰ প্ৰতি যি অহীৰূপে প্ৰেৰণ কৰা হয়, মই কেৱল সেইটোকেই অনুসৰণ কৰোঁ’। কোৱা, ‘অন্ধ আৰু দৃষ্টিৱান ব্যক্তি উভয়ে সমান হ’ব পাৰেনে? তোমালোকে চিন্তা নকৰা নেকি’?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, মোৰ ওচৰত আল্লাহৰ জীৱিকাৰ কোনো ভাণ্ডাৰ নাই যে, মই তাৰ পৰা যেনেকৈ ইচ্ছা খৰচ কৰিম, আৰু মই এইটোও নকওঁ যে মোৰ ওচৰত অদৃশ্যৰ জ্ঞান আছে। কিন্তু আল্লাহে অহীৰ জৰিয়তে মোক যিবোৰ বিষয়ে অৱগত কৰাইছে সেইবোৰ সুকীয়া বিষয়। মই তোমালোকক এইটোও নকওঁ যে মই হৈছোঁ এজন ফিৰিস্তা, বৰং মই হৈছোঁ আল্লাহৰ এজন ৰাছুল। মই কেৱল সেইটোৰে অনুসৰণ কৰোঁ যিটো মোক অহী কৰা হয়। মোৰ ওচৰত যিটোৰ অধিকাৰ নাই, সেইটোৰ দাবী মই নকৰোঁ। হে ৰাছুল! আপুনি সিহঁতক সোধকচোন যে, যিসকল কাফিৰে দুৰদৰ্শিতা নোহোৱাৰ কাৰণে সত্যক বুজি পোৱা নাই, আৰু যিসকল মুমিনে সত্য বুজি পাই ঈমান আনিছে, এই দুয়ো পক্ষ সমান হ'ব পাৰেনে? হে মুশ্বৰিকসকল! তোমালোকৰ চাৰিওফালে থকা নিদৰ্শনবোৰ চাই তোমালোকে চিন্তা-চৰ্চা নকৰানে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006050.mp3"},{"index":"51","arabicText":"وَاَنْذِرْ بِهِ الَّذِیْنَ یَخَافُوْنَ اَنْ یُّحْشَرُوْۤا اِلٰی رَبِّهِمْ لَیْسَ لَهُمْ مِّنْ دُوْنِهٖ وَلِیٌّ وَّلَا شَفِیْعٌ لَّعَلَّهُمْ یَتَّقُوْنَ ۟","assameseTranslation":"আৰু ইয়াৰ দ্বাৰা তুমি সেইসকল লোকক সতৰ্ক কৰা, যিসকলে ভয় কৰে যে, সিহঁতক সিহঁতৰ প্ৰতিপালকৰ ওচৰলৈ এনেকুৱা অৱস্থাত একত্ৰিত কৰা হ’ব যে, তেওঁৰ বাহিৰে সিহঁতৰ বাবে কোনো অভিভাৱক আৰু কোনো চুপাৰিছকাৰী নাথাকিব। যাতে সিহঁতে তাক্বৱাৰ অধিকাৰী হয়।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই কোৰআনৰ জৰিয়তে সেইসকল ব্যক্তিক ভীতিপ্ৰদৰ্শন কৰক, যিসকলে ক্বিয়ামতৰ দিনা প্ৰতিপালকৰ ওচৰত একত্ৰিত হোৱাক ভয় কৰে। যিদিনা আল্লাহৰ বাহিৰে বেলেগ এনেকুৱা কোনো বন্ধু নাথাকিব, যিয়ে তেওঁলোকৰ উপকাৰ সাধিব পাৰিব, লগতে কোনো ছুপাৰিছকাৰীও নাথাকিব, যিয়ে তেওঁলোকক ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰিব। আশা কৰিব পাৰি যে, তেওঁলোকে আল্লাহৰ আদেশ-নিষেধ পালন কৰি তাক্বৱা অৱলম্বন কৰিব। এতেকে এইসকল লোকেই কোৰআনৰ দ্বাৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006051.mp3"},{"index":"52","arabicText":"وَلَا تَطْرُدِ الَّذِیْنَ یَدْعُوْنَ رَبَّهُمْ بِالْغَدٰوةِ وَالْعَشِیِّ یُرِیْدُوْنَ وَجْهَهٗ ؕ مَا عَلَیْكَ مِنْ حِسَابِهِمْ مِّنْ شَیْءٍ وَّمَا مِنْ حِسَابِكَ عَلَیْهِمْ مِّنْ شَیْءٍ فَتَطْرُدَهُمْ فَتَكُوْنَ مِنَ الظّٰلِمِیْنَ ۟","assameseTranslation":"আৰু যিসকলে নিজ প্ৰতিপালকক পুৱা-গধূলি তেওঁৰ সন্তুষ্টি লাভৰ বাবে প্ৰাৰ্থনা কৰে তেওঁলোকক তুমি আঁতৰাই নিদিবা। তেওঁলোকৰ কৰ্মৰ জবাবদিহিতাৰ দায়িত্ব তোমাৰ ওপৰত নহয় আৰু তোমাৰ কোনো কৰ্মৰ জবাবদিহিতাৰ দায়িত্বও তেওঁলোকৰ ওপৰত নহয়, যাৰ বাবে তুমি তেওঁলোকক আঁতৰাই দিবা, এনে কৰিলে তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ বৈঠকৰ পৰা সেইসকল দুখীয়া মুছলিমক আঁতৰাই নিদিব, যিসকলে সদায় পুৱা গধূলি আল্লাহৰ ইবাদত কৰে, আৰু ইখলাচৰ সৈতে তেওঁৰ ইবাদত কৰে। তেওঁলোকক এই উদ্দেশ্যে আঁতৰাই নিদিব যে, আপুনি মুশ্বৰিকসকলৰ ডাঙৰ ডাঙৰ নেতাসকলক আকৰ্ষিত কৰিব। এই দুখীয়াসকলৰ কোনো হিচাপ-নিকাচৰ দায়িত্ব আপোনাৰ ওপৰত নাই। বৰং তেওঁলোকৰ হিচাপ-নিকাচৰ দায়িত্ব হৈছে আল্লাহৰ হাতত। আনহাতে আপোনাৰ হিচাপৰ দায়িত্বও তেওঁলোকৰ ওপৰত নহয়। যদি আপুনি তেওঁলোকক আপোনাৰ বৈঠকৰ পৰা আঁতৰাই দিয়ে তেন্তে আপুনি আল্লাহৰ সীমালংঘনকাৰী সকলৰ অন্তৰ্ভুক্ত হৈ যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006052.mp3"},{"index":"53","arabicText":"وَكَذٰلِكَ فَتَنَّا بَعْضَهُمْ بِبَعْضٍ لِّیَقُوْلُوْۤا اَهٰۤؤُلَآءِ مَنَّ اللّٰهُ عَلَیْهِمْ مِّنْ بَیْنِنَا ؕ اَلَیْسَ اللّٰهُ بِاَعْلَمَ بِالشّٰكِرِیْنَ ۟","assameseTranslation":"এইদৰে আমি সিহঁতৰ কিছুমানৰ দ্বাৰা আন কিছুমানক পৰীক্ষা কৰিছোঁ, যাতে সিহঁতে কয়, ‘আমাৰ মাজৰ পৰা আল্লাহে ইহঁতৰ ওপৰতেই অনুগ্ৰহ কৰিলেনে’? (কোৱাচোন) আল্লাহ কৃতজ্ঞসকলৰ বিষয়ে সবিশেষ অৱগত নহয়নে বাৰু?","footnotes":"","tafseer":"এইদৰে আমি কিছুমান লোকক আন কিছুমান লোকৰ দ্বাৰা পৰীক্ষা কৰিছোঁ। এতেকে পাৰ্থিৱ জীৱনৰ সুখ-শান্তিত আমি সিহঁতৰ মাজত কম বেছি কৰি দিছোঁ। আমি ইয়াৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰোঁ, যাতে ধনী কাফিৰসকলে দুখীয়া মুমিনসকলক দেখি কয়ঃ আল্লাহে আমাক এৰি এই দুখীয়াসকলৰ প্ৰতি কৃপা কৰি তেওঁলোকক সত্যৰ পথ দেখুৱাইছে নেকি? ঈমান পোষণ কৰাটো যদি কল্যাণকৰ হ’লহেঁতেন তেন্তে ইহঁতে আমাতকৈ আগত ঈমান পোষণ কৰিব নোৱাৰিলেহেঁতেন। কিয়নো প্ৰত্যেক বিষয়তে আমিয়ে অগ্ৰগামী। (হেৰা কাফিৰসকল) আল্লাহে নাজানে নেকি যে, তেওঁ তাওফীক দিয়া লোকসকলে তেওঁৰ নিয়ামতৰ কৃতজ্ঞতা কৰিবনে নাই? আৰু কাফিৰসকলকো তেওঁ ভালদৰেই জানে, সেই কাৰণেই সিহঁতক ঈমানৰ পৰা বঞ্চিত কৰিছে, ফলত সিহঁতে ঈমান পোষণ নকৰে। নিশ্চয় আল্লাহ সিহঁতৰ বিষয়ে সম্যক অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006053.mp3"},{"index":"54","arabicText":"وَاِذَا جَآءَكَ الَّذِیْنَ یُؤْمِنُوْنَ بِاٰیٰتِنَا فَقُلْ سَلٰمٌ عَلَیْكُمْ كَتَبَ رَبُّكُمْ عَلٰی نَفْسِهِ الرَّحْمَةَ ۙ اَنَّهٗ مَنْ عَمِلَ مِنْكُمْ سُوْٓءًا بِجَهَالَةٍ ثُمَّ تَابَ مِنْ بَعْدِهٖ وَاَصْلَحَ فَاَنَّهٗ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"আৰু যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁলোকে যেতিয়া তোমাৰ ওচৰলৈ আহে তেতিয়া তুমি তেওঁলোকক কোৱা, ‘তোমালোকৰ প্ৰতি শান্তি বৰ্ষিত হওক’, তোমালোকৰ প্ৰতিপালকে তেওঁৰ নিজৰ ওপৰত দয়া ধাৰ্য্য কৰি লৈছে। তোমালোকৰ মাজৰ কোনোবাই যদি অজ্ঞতাবশতঃ অসৎকৰ্ম কৰে, তাৰ পিছত তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে নিশ্চয় তেওঁ (আল্লাহ) ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"হে ৰাছুল! যেতিয়া আপোনাৰ ওচৰলৈ সেই লোকসকল আহে, যিসকলে আমাৰ সেইসমূহ আয়াতৰ প্ৰতি ঈমান পোষণ কৰে, যিবোৰ আয়াতে আপুনি লৈ অহা বিধানৰ সত্যতাক সমৰ্থন কৰে, তেতিয়া তেওঁলোকৰ সন্মানাৰ্থে তেওঁলোকৰ ছালামৰ উত্তৰ দিয়ক, লগতে তেওঁলোকক আল্লাহৰ ৰহমতৰ প্ৰশস্তাৰ শুভসংবাদ দিয়ক। আল্লাহে নিজৰ ওপৰত কৃপা কৰা বিষয়টো অনিবাৰ্য্য কৰি লৈছে। এতেকে যিয়ে অজানিতে কোনো পাপ কৰিব, তাৰ পিছত তাওবা কৰিব আৰু নিজৰ কৰ্মক সংশোধন কৰিব, আল্লাহে নিশ্চয় তেওঁক ক্ষমা কৰিব। কিয়নো আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006054.mp3"},{"index":"55","arabicText":"وَكَذٰلِكَ نُفَصِّلُ الْاٰیٰتِ وَلِتَسْتَبِیْنَ سَبِیْلُ الْمُجْرِمِیْنَ ۟۠","assameseTranslation":"আৰু এনেকৈয়ে আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ; যাতে অপৰাধীসকলৰ পথ স্পষ্টভাৱে প্ৰকাশ পায়।","footnotes":"","tafseer":"উক্ত কথাবোৰ আমি যিদৰে বৰ্ণনা কৰিলোঁ, ঠিক সেইদৰে আমি আপোনাক সেইসমূহ দলীল প্ৰমাণো অৱগত কৰাম যিবোৰে বাতিল পন্থীৰ যুক্তিক খণ্ডন কৰে, যাতে অপৰাধীবিলাকৰ মতাদৰ্শ আৰু সিহঁতৰ পথ স্পষ্ট হৈ পৰে তথা আপুনি সিহঁতৰ পৰা সতৰ্ক থাকিব পাৰে আৰু সচেতন হৈ থাকিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006055.mp3"},{"index":"56","arabicText":"قُلْ اِنِّیْ نُهِیْتُ اَنْ اَعْبُدَ الَّذِیْنَ تَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ ؕ قُلْ لَّاۤ اَتَّبِعُ اَهْوَآءَكُمْ ۙ قَدْ ضَلَلْتُ اِذًا وَّمَاۤ اَنَا مِنَ الْمُهْتَدِیْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিসকলক আহ্বান কৰা, সিহঁতৰ ইবাদত কৰিবলৈ মোক নিষেধ কৰা হৈছে’। কোৱা, ‘মই তোমালোকৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰোঁ, কৰিলে মই বিপথগামী হম আৰু সৎপথপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত হ’ব নোৱাৰিম’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক যে, তোমালোকে আল্লাহক এৰি যিবোৰ বস্তুৰ উপাসনা কৰা, আল্লাহে মোক সেইবোৰৰ উপাসনা কৰিবলৈ নিষেধ কৰিছে। হে ৰাছুল! আপুনি কৈ দিয়ক যে, মই তোমালোকৰ আকাংক্ষা অনুযায়ী আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰিব নোৱাৰি। মই তোমালোকৰ প্ৰবৃত্তিৰ অনুসৰণ কৰিলে সত্য পথৰ পৰা আঁতৰি যাম, আৰু হিদায়ত নাপাওঁ। এই পৰিণতি প্ৰত্যেক সেই ব্যক্তিৰ হ’ব, যিয়ে আল্লাহৰ পৰা অহা কোনো প্ৰমাণ নোহোৱাকৈ নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006056.mp3"},{"index":"57","arabicText":"قُلْ اِنِّیْ عَلٰی بَیِّنَةٍ مِّنْ رَّبِّیْ وَكَذَّبْتُمْ بِهٖ ؕ مَا عِنْدِیْ مَا تَسْتَعْجِلُوْنَ بِهٖ ؕ اِنِ الْحُكْمُ اِلَّا لِلّٰهِ ؕ یَقُصُّ الْحَقَّ وَهُوَ خَیْرُ الْفٰصِلِیْنَ ۟","assameseTranslation":"কোৱা, ‘নিশ্চয় মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত; অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰিছা। তোমালোকে যিটো ততালিকে পাব বিচৰা সেইটো মোৰ ওচৰত নাই। কৰ্তৃত্ব একমাত্ৰ আল্লাহৰেই, তেওঁ সত্য বৰ্ণনা কৰে আৰু ফয়চালাকাৰী-সকলৰ মাজত তেৱেঁই শ্ৰেষ্ঠ’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, মই মোৰ প্ৰতিপালকৰ স্পষ্ট প্ৰমাণসমূহৰ ওপৰত প্ৰতিষ্ঠিত আছোঁ। মই প্ৰবৃত্তিৰ অনুসৰণ নকৰোঁ। অথচ তোমালোকে এই প্ৰমাণক অৱজ্ঞা কৰি আছা। যিবোৰ অলৌকিক নিদৰ্শন আৰু শাস্তি তোমালোকে বিচৰা, সেইবোৰ মোৰ অধীনত নহয়, বৰং সেইবোৰ হৈছে আল্লাহৰ হাতত। সিদ্ধান্ত লোৱাৰ একমাত্ৰ অধিকাৰী হৈছে মহান আল্লাহ। তেওঁ সত্য কথা কয় আৰু সেই অনুসাৰেই সিদ্ধান্ত লয়। তেওঁ সত্যবাদী আৰু অসত্যবাদীসকলৰ মাজত যিদৰে পাৰ্থক্য কৰিছে, আন কোনেও কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006057.mp3"},{"index":"58","arabicText":"قُلْ لَّوْ اَنَّ عِنْدِیْ مَا تَسْتَعْجِلُوْنَ بِهٖ لَقُضِیَ الْاَمْرُ بَیْنِیْ وَبَیْنَكُمْ ؕ وَاللّٰهُ اَعْلَمُ بِالظّٰلِمِیْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে যিটো ততালিকে পাব বিচৰা সেইটো যদি মোৰ ওচৰত থাকিলহেঁতেন, তেন্তে মোৰ আৰু তোমালোকৰ মাজত ফয়চালাই হৈ গ’লহেঁতেন, (জানি থোৱা) আল্লাহ যালিমসকলৰ বিষয়ে অধিক অৱগত’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে যিটো শাস্তিৰ দাবী কৰি আছা, সেইটো যদি মোৰ অধীনত থাকিলহেঁতেন, তেন্তে নিশ্চয় মই তোমালোকক সেই শাস্তি বিহিলোঁহেঁতেন। লগতে তোমালোকৰ আৰু মোৰ মাজত চূ়ড়ান্ত ফয়চালা হৈ গ’লহেঁতেন। জানি থোৱা! আল্লাহ অত্যাচাৰীসকলৰ বিষয়ে অধিক অৱগত। সিহঁতক কিমান সময় অৱকাশ দিয়া উচিত আৰু কেতিয়া শাস্তি দিয়া উচিত সেই সম্পৰ্কে তেওঁ সৰ্বজ্ঞ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006058.mp3"},{"index":"59","arabicText":"وَعِنْدَهٗ مَفَاتِحُ الْغَیْبِ لَا یَعْلَمُهَاۤ اِلَّا هُوَ ؕ وَیَعْلَمُ مَا فِی الْبَرِّ وَالْبَحْرِ ؕ وَمَا تَسْقُطُ مِنْ وَّرَقَةٍ اِلَّا یَعْلَمُهَا وَلَا حَبَّةٍ فِیْ ظُلُمٰتِ الْاَرْضِ وَلَا رَطْبٍ وَّلَا یَابِسٍ اِلَّا فِیْ كِتٰبٍ مُّبِیْنٍ ۟","assameseTranslation":"আৰু তেওঁৰ ওচৰতেই আছে গায়েবৰ চাবি-কাঠি, তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে। স্থল আৰু সাগৰৰ অন্ধকাৰসমূহত যি আছে সেয়া কেৱল তেৱেঁই অৱগত, তেওঁৰ অজানিতে গছৰ এটা পাতো নসৰে। মাটিৰ অন্ধকাৰত এনে কোনো শস্যকণাও অংকুৰিত নহয় অথবা ৰসযুক্ত নাইবা শুকান এনে কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত উল্লেখ নাই।","footnotes":"","tafseer":"অদৃশ্যৰ ভাণ্ডাৰ আছে কেৱল আল্লাহৰ ওচৰতেই। এই বিষয়ে তেওঁৰ বাহিৰে আন কোনেও নাজানে। স্থলত যিমান সৃষ্টি আছে যেনেঃ জীৱ-জন্তু, গছ-তৰুলতা, জড় পদাৰ্থ আদি, তেওঁ সেই সকলোবোৰ জানে। এইদৰে সাগৰৰ ভিতৰত যিবোৰ জীৱ-জন্তু আৰু তৃণলতা আছে, তেওঁ সেইবোৰকো জানে। গছৰ এটা পাত সৰিলেও তেওঁ সেই বিষয়ে অৱগত। মাটিৰ ভিতৰত গোপন হৈ থকা এনেকুৱা কোনো দানা নাই অথবা ৰসযুক্ত নাইবা শুকান এনেকুৱা কোনো বস্তু নাই, যিটো স্পষ্ট কিতাবত লিখা হোৱা নাই। সেই কিতাবখন হৈছে লওহে মাহফুজ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006059.mp3"},{"index":"60","arabicText":"وَهُوَ الَّذِیْ یَتَوَفّٰىكُمْ بِالَّیْلِ وَیَعْلَمُ مَا جَرَحْتُمْ بِالنَّهَارِ ثُمَّ یَبْعَثُكُمْ فِیْهِ لِیُقْضٰۤی اَجَلٌ مُّسَمًّی ۚ ثُمَّ اِلَیْهِ مَرْجِعُكُمْ ثُمَّ یُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟۠","assameseTranslation":"তেৱেঁই ৰাতিত তোমালোকৰ মৃত্যু ঘটায় আৰু দিনত তোমালোকে যি উপাৰ্জন কৰা সেয়া তেওঁ জানে। তাৰ পিছত নিৰ্ধাৰিত সময় পূৰ্ণ কৰাৰ কাৰণে দিনত তেওঁ তোমালোকক আকৌ জীৱিত কৰে। তাৰ পিছত তেওঁৰ পিনেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ’ব। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তেওঁ তোমালোকক অৱহিত কৰিব।","footnotes":"","tafseer":"আৰু টোপনিত অস্থায়ী ৰূপে আল্লাহেই তোমালোকৰ প্ৰাণবোৰক নিজৰ কব্জাত ৰাখে। তোমালোকে গোটেই দিন যি যি কৰ্ম কৰা সেই সকলোবোৰ তেওঁ জানে। তেৱেঁই তোমালোকক দিনত জগাই দিয়ে, যাতে তোমালোকে নিজৰ কৰ্মবোৰ সুচাৰুৰূপে সম্পাদন কৰিব পাৰা। অৱশেষত আল্লাহৰ ওচৰত তোমালোকৰ যি সময় নিৰ্ধাৰিত আছে সেয়া শেষ হৈ যাব। তাৰ পিছত তোমালোকক ক্বিয়ামতৰ দিনা পুনৰ্জীৱিত কৰা হ'ব, আৰু তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰা হ'ব। তাৰ পিছত তেৱেঁই তোমালোকক অৱগত কৰাব তোমালোকে পৃথিৱীত কি কৰি আহিছা, লগতে তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006060.mp3"},{"index":"61","arabicText":"وَهُوَ الْقَاهِرُ فَوْقَ عِبَادِهٖ وَیُرْسِلُ عَلَیْكُمْ حَفَظَةً ؕ حَتّٰۤی اِذَا جَآءَ اَحَدَكُمُ الْمَوْتُ تَوَفَّتْهُ رُسُلُنَا وَهُمْ لَا یُفَرِّطُوْنَ ۟","assameseTranslation":"আৰু তেওঁ নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণাধিকাৰী আৰু তেৱেঁই তোমালোকৰ ওপৰত হিফাযতকাৰীসকলক প্ৰেৰণ কৰে। অৱশেষত তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যুকাল উপস্থিত হয় তেতিয়া আমাৰ প্ৰেৰিত দূতসকলে (ফিৰিস্তাসকলে) তাৰ মৃত্যু ঘটায় আৰু তেওঁলোকে (নিজৰ কৰ্তব্যত) কোনো ত্ৰুটি নকৰে।","footnotes":"","tafseer":"আল্লাহৰ প্ৰভুত্ব তেওঁৰ সকলো বান্দাৰ ওপৰতে প্ৰতিষ্ঠিত। সকলোৱে তেওঁৰ নিয়ন্ত্ৰণাধীন। তেওঁ সকলো ফালৰ পৰা সৰ্বোচ্চ। সকলোৱে তেওঁৰ ওচৰত মস্তকৱনত। তেওঁ নিজৰ মৰ্যাদানুসাৰে বান্দাসকলৰ ওপৰত আছে। হে মানৱজাতি! তেৱেঁই তোমালোকৰ ওচৰলৈ সন্মানীয় ফিৰিস্তাসকলক প্ৰেৰণ কৰে, যিসকলে তোমালোকৰ কৰ্মৰ হিচাপ ৰাখে। (এইদৰে অব্যাহত থাকিব) অৱশেষত তোমালোকৰ নিৰ্ধাৰিত সময় শেষ হ'ব আৰু মালাকুল মউত আৰু তেওঁৰ সঙ্গীসকল আহি তোমালোকৰ প্ৰাণ হৰণ কৰিব। তেওঁলোকে নিজৰ কৰ্মত অকণো অৱহেলা নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006061.mp3"},{"index":"62","arabicText":"ثُمَّ رُدُّوْۤا اِلَی اللّٰهِ مَوْلٰىهُمُ الْحَقِّ ؕ اَلَا لَهُ الْحُكْمُ ۫ وَهُوَ اَسْرَعُ الْحٰسِبِیْنَ ۟","assameseTranslation":"তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰকৃত প্ৰতিপালক আল্লাহৰ ফালে প্ৰত্যাৱৰ্তিত কৰা হ’ব। জানি থোৱা, হুকুম (কৰ্তৃত্ব) কেৱল তেওঁৰেই আৰু তেওঁ আটাইতকৈ দ্ৰুত হিচাপ গ্ৰহণকাৰী।","footnotes":"","tafseer":"তাৰ পিছত সকলো প্ৰাণক আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হ'ব, তেৱেঁই হৈছে সিহঁতৰ প্ৰকৃত মালিক, যাতে তেওঁ সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব পাৰে। তেৱেঁই সিহঁতৰ মাজত চূড়ান্ত ফয়চালাকাৰী আৰু ন্যায় বিচাৰক। তেৱেঁই তোমালোকৰ আমলৰ দ্ৰুত হিচাপকাৰী আৰু গণনাকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006062.mp3"},{"index":"63","arabicText":"قُلْ مَنْ یُّنَجِّیْكُمْ مِّنْ ظُلُمٰتِ الْبَرِّ وَالْبَحْرِ تَدْعُوْنَهٗ تَضَرُّعًا وَّخُفْیَةً ۚ لَىِٕنْ اَنْجٰىنَا مِنْ هٰذِهٖ لَنَكُوْنَنَّ مِنَ الشّٰكِرِیْنَ ۟","assameseTranslation":"কোৱা, ‘স্থলভাগৰ আৰু সাগৰৰ অন্ধকাৰৰ পৰা কোনে তোমালোকক নাজাত দিয়ে? যেতিয়া তোমালোকে অনুনয় বিনয় কৰি আৰু গোপনভাৱে তেওঁকেই প্ৰাৰ্থনা কৰা যে, আমাক ইয়াৰ পৰা ৰক্ষা কৰিলে আমি নিশ্চয় কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হম’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, জল আৰু স্থলৰ বিপদ-আপদৰ পৰা তোমালোকক কোনে উদ্ধাৰ কৰে? তেতিয়া তোমালোকে দেখোন বিনীত হৈ প্ৰকাশ্য অপ্ৰকাশ্যভাৱে কেৱল তেওঁকেই আহ্বান কৰা, তেতিয়া তোমালোকে কোৱা যে, আমাৰ প্ৰতিপালকে যদি আমাক এই বিপদৰ পৰা ৰক্ষা কৰে তেন্তে আমি তেওঁৰ অনুগ্ৰহবোৰৰ কৃতজ্ঞতা আদায় কৰিম আৰু তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006063.mp3"},{"index":"64","arabicText":"قُلِ اللّٰهُ یُنَجِّیْكُمْ مِّنْهَا وَمِنْ كُلِّ كَرْبٍ ثُمَّ اَنْتُمْ تُشْرِكُوْنَ ۟","assameseTranslation":"কোৱা, ‘আল্লাহেই তোমালোকক তাৰ পৰা আৰু সকলো দুখ-কষ্টৰ পৰা মুক্তি দিয়ে। ইয়াৰ পিছতো তোমালোকে শ্বিৰ্ক কৰা’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, আল্লাহেই তোমালোকক সকলো প্ৰকাৰ বিপদৰ পৰা ৰক্ষা কৰে আৰু সকলো প্ৰকাৰ সংকটৰ পৰা মুক্তি দিয়ে। তথাপিও তোমালোকে সুখৰ সময়ত তেওঁৰ লগত অংশীদাৰ স্থাপন কৰা। ইয়াতকৈ ডাঙৰ অন্যায় আৰু কি হ'ব পাৰে?।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006064.mp3"},{"index":"65","arabicText":"قُلْ هُوَ الْقَادِرُ عَلٰۤی اَنْ یَّبْعَثَ عَلَیْكُمْ عَذَابًا مِّنْ فَوْقِكُمْ اَوْ مِنْ تَحْتِ اَرْجُلِكُمْ اَوْ یَلْبِسَكُمْ شِیَعًا وَّیُذِیْقَ بَعْضَكُمْ بَاْسَ بَعْضٍ ؕ اُنْظُرْ كَیْفَ نُصَرِّفُ الْاٰیٰتِ لَعَلَّهُمْ یَفْقَهُوْنَ ۟","assameseTranslation":"কোৱা, ‘তেওঁ তোমালোকৰ ওপৰৰ পৰা বা তলৰ পৰা শাস্তি পঠাবলৈ, নাইবা তোমালোকক বিভিন্ন (সন্দেহপূৰ্ণ) দলত বিভক্ত কৰিবলৈ অথবা এটা দলক আন এটা দলৰ সংঘৰ্ষৰ সোৱাদ গ্ৰহণ কৰাবলৈ পূৰ্ণ সক্ষম’। চোৱা, আমি কেনেকৈ বিভিন্ন ধৰণে আয়াতসমূহ বিবৃত কৰোঁ যাতে সিহঁতে ভালকৈ বুজিব পাৰে।","footnotes":"","tafseer":"হে ৰাছুল! ইহঁতক কৈ দিয়ক যে, তোমালোকৰ ওপৰত আল্লাহ এনেকুৱা শাস্তি প্ৰেৰণ কৰিবলৈ সক্ষম, যিটো ওপৰৰ পৰা আহিব যেনে, শিল, বিজুলী আৰু ধুমুহা আদি অথবা এনেকুৱা শাস্তি, যিটো তলৰ পৰা আহিব যেনে, ভূমিকম্প, ভূমিস্খলন আদি, নাইবা তোমালোকৰ মাজত মতভেদ সৃষ্টি কৰি দিব আৰু সকলোৱে নিজৰ নিজৰ ইচ্ছানুসাৰে চলিব আৰু পৰস্পৰে কাজিয়াত লিপ্ত হ'ব। হে ৰাছুল! গমি চাওকচোন, কিদৰে আমি স্পষ্ট প্ৰমাণবোৰ সিহঁতৰ সন্মুখত দাঙি ধৰিছোঁ, যাতে সিহঁতে বুজি পায় যে, আপুনি যি লৈ আহিছে সেয়া সত্য আৰু যিবোৰ সিহঁতৰ ওচৰত আছে সেয়া অসত্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006065.mp3"},{"index":"66","arabicText":"وَكَذَّبَ بِهٖ قَوْمُكَ وَهُوَ الْحَقُّ ؕ قُلْ لَّسْتُ عَلَیْكُمْ بِوَكِیْلٍ ۟ؕ","assameseTranslation":"আৰু তোমাৰ সম্প্ৰদায়ে ইয়াক মিছা বুলি কৈছে অথচ এইটো সত্য। কোৱা, ‘মই তোমালোকৰ কাৰ্যনিৰ্বাহক নহয়’।","footnotes":"","tafseer":"এই কোৰআন সত্য আৰু নিশ্চিতৰূপে ই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, ইয়াত কোনো সন্দেহ নাই। তথাপিও আপোনাৰ সম্প্ৰদায়ে ইয়াক মিছা প্ৰতিপন্ন কৰিছে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকক চোৱাচিতা কৰাৰ দায়িত্ব মোক দিয়া হোৱা নাই। মই কেৱল তোমালোকক সন্মুখত থকা এটা শাস্তিৰ পৰা সতৰ্ককাৰীহে মাথোন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006066.mp3"},{"index":"67","arabicText":"لِكُلِّ نَبَاٍ مُّسْتَقَرٌّ ؗ وَّسَوْفَ تَعْلَمُوْنَ ۟","assameseTranslation":"প্ৰত্যেক সংবাদৰ বাবে এটা নিৰ্ধাৰিত সময় আছে আৰু অনতিপলমে তোমালোকে জানিবলৈ পাবা।","footnotes":"","tafseer":"সকলো সংবাদৰ এটা নিৰ্ধাৰিত সময় আছে, যেতিয়া সেইটো জাৰি হয়। ঠিক তেনেকুৱাই তোমালোকৰ অন্তিম সংবাদৰ ক্ষেত্ৰতো, যেতিয়া তোমালোকক ক্বিয়ামতৰ দিনা পুনৰুত্থিত কৰা হ'ব, তেতিয়া তোমালোকে বুজি পাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006067.mp3"},{"index":"68","arabicText":"وَاِذَا رَاَیْتَ الَّذِیْنَ یَخُوْضُوْنَ فِیْۤ اٰیٰتِنَا فَاَعْرِضْ عَنْهُمْ حَتّٰی یَخُوْضُوْا فِیْ حَدِیْثٍ غَیْرِهٖ ؕ وَاِمَّا یُنْسِیَنَّكَ الشَّیْطٰنُ فَلَا تَقْعُدْ بَعْدَ الذِّكْرٰی مَعَ الْقَوْمِ الظّٰلِمِیْنَ ۟","assameseTranslation":"আৰু তুমি যেতিয়া সিহঁতক দেখিবলৈ পাবা, যিসকলে আমাৰ আয়াতসমূহকলৈ উপহাসমূলক আলোচনাত মগ্ন হয়, তেতিয়া তুমি সিহঁতৰ পৰা মূখ ঘূৰাই ল’বা, যেতিয়ালৈকে সিহঁতে আন কোনো প্ৰসংগ আৰম্ভ নকৰিব; আৰু যদি চয়তানে তোমাক পাহৰাই দিয়ে তেন্তে স্মৰণ হোৱাৰ পিছত যালিম সম্প্ৰদায়ৰ লগত নবহিবা।","footnotes":"","tafseer":"হে ৰাছুল! যেতিয়া আপুনি মুশ্বৰিকসকলক আমাৰ আয়াতসমূহক লৈ উপহাস কৰা বা উপলুঙা কৰা দেখিব, তেতিয়া আপুনি সিহঁতৰ পৰা আঁতৰি থাকিব, যেতিয়ালৈকে সিহঁতে আন কোনো প্ৰসঙ্গ আৰম্ভ নকৰে। আনহাতে যদি চয়তানে পাহৰাই দিয়ে আৰু অজানিতে আপুনি সিহঁতৰ লগত বহে তেন্তে মনত পৰাৰ লগে লগে সিহঁতৰ বৈঠক পৰিত্যাগ কৰক আৰু এনেকুৱা সীমালংঘনকাৰী সকলৰ সৈতে নবহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006068.mp3"},{"index":"69","arabicText":"وَمَا عَلَی الَّذِیْنَ یَتَّقُوْنَ مِنْ حِسَابِهِمْ مِّنْ شَیْءٍ وَّلٰكِنْ ذِكْرٰی لَعَلَّهُمْ یَتَّقُوْنَ ۟","assameseTranslation":"আৰু সিহঁতৰ আমলৰ জবাবদিহিৰ দায়িত্ব মুত্তাক্বীসকলৰ ওপৰত নহয়। কিন্তু উপদেশ দিয়াটো তেওঁলোকৰ কৰ্তব্য, যাতে সিহঁতেও তাক্বৱা অৱলম্বন কৰে।","footnotes":"","tafseer":"আৰু যিসকলে আল্লাহক ভয় কৰে তথা তেওঁৰ আদেশ নিষেধ পালন কৰে, তেওঁলোকৰ পৰা এই অত্যাচাৰীসকলৰ কোনো হিচাপ লোৱা নহ'ব। তেওঁলোকৰ দায়িত্ব হৈছে কেৱল এইখিনি যে, সিহঁতক পাপ কৰ্মৰ পৰা নিষেধ কৰা, যাতে সিহঁতৰ অন্তৰত আল্লাহৰ ভীতি সোমায় আৰু সিহঁতেও আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006069.mp3"},{"index":"70","arabicText":"وَذَرِ الَّذِیْنَ اتَّخَذُوْا دِیْنَهُمْ لَعِبًا وَّلَهْوًا وَّغَرَّتْهُمُ الْحَیٰوةُ الدُّنْیَا وَذَكِّرْ بِهٖۤ اَنْ تُبْسَلَ نَفْسٌ بِمَا كَسَبَتْ ۖۗ لَیْسَ لَهَا مِنْ دُوْنِ اللّٰهِ وَلِیٌّ وَّلَا شَفِیْعٌ ۚ وَاِنْ تَعْدِلْ كُلَّ عَدْلٍ لَّا یُؤْخَذْ مِنْهَا ؕ اُولٰٓىِٕكَ الَّذِیْنَ اُبْسِلُوْا بِمَا كَسَبُوْا ۚ لَهُمْ شَرَابٌ مِّنْ حَمِیْمٍ وَّعَذَابٌ اَلِیْمٌ بِمَا كَانُوْا یَكْفُرُوْنَ ۟۠","assameseTranslation":"আৰু যিসকলে নিজৰ ধৰ্মক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছে, লগতে পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছে তুমি সিহঁতক পৰিত্যাগ কৰা। তুমি এই কোৰআনৰ দ্বাৰা সিহঁতক উপদেশ দিয়া, যাতে সেই সময়ত কোনোবাই নিজ কৃতকৰ্মৰ বাবে ধ্বংস নহয় যেতিয়া আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱক আৰু চুপাৰিছকাৰী নাথাকিব আৰু বিনিময়ত সকলো বস্তু দিলেও সেয়া গ্ৰহণ কৰা নহ’ব। সিহঁতেই নিজ কৃতকৰ্মৰ বাবে ধ্বংস হৈছে; কুফুৰী কৰাৰ কাৰণে সিহঁতক সেৱন কৰোৱা হ’ব অতি উত্তপ্ত পানী তথা বিহা হ’ব কষ্টদায়ক শাস্তি।","footnotes":"","tafseer":"হে ৰাছুল! এই মুশ্বৰিকসকলক এৰি দিয়ক, যিসকলে ধৰ্মক খেল-ধেমালিৰ পাত্ৰ বনাই লৈছে, আৰু ধৰ্মক উপহাস কৰে। ইহঁতে পাৰ্থিৱ জীৱনৰ ক্ষণস্থায়ী ভোগ-বিলাসৰ প্ৰৱঞ্চনাত পৰিছে। হে নবী! আপুনি মানুহক কোৰআনৰ দ্বাৰা উপদেশ দিয়ক, যাতে কোনো ব্যক্তিয়ে পাপ কৰ্মৰ কাৰণে সৰ্বনাশ নহয়। কিয়নো কিয়ামতৰ দিনা আল্লাহৰ বাহিৰে আন কোনো সহায়ক নাথাকিব, যাৰ পৰা সি সহায় বিচাৰিব, আৰু এনেকুৱা কোনো মধ্যস্ততাকাৰীও নাথাকিব যিয়ে ক্বিয়ামতৰ দিনা তাক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব। সেইদিনা কোনোবাই মুক্তিপণৰ বিনিময়ত আল্লাহৰ শাস্তিৰ পৰা মুক্তি বিচাৰিলেও মুক্তি নাপাব। দৰাচলতে সিহঁতে গুনাহত পতিত হৈ নিজকে ধ্বংস কৰিছে। ক্বিয়ামতৰ দিনা সিহঁতক সিহঁতৰ কুফুৰীৰ কাৰণে অত্যন্ত গৰম পানীয় পান কৰোৱা হ'ব আৰু কষ্টদায়ক শাস্তি দিয়া হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006070.mp3"},{"index":"71","arabicText":"قُلْ اَنَدْعُوْا مِنْ دُوْنِ اللّٰهِ مَا لَا یَنْفَعُنَا وَلَا یَضُرُّنَا وَنُرَدُّ عَلٰۤی اَعْقَابِنَا بَعْدَ اِذْ هَدٰىنَا اللّٰهُ كَالَّذِی اسْتَهْوَتْهُ الشَّیٰطِیْنُ فِی الْاَرْضِ حَیْرَانَ ۪ لَهٗۤ اَصْحٰبٌ یَّدْعُوْنَهٗۤ اِلَی الْهُدَی ائْتِنَا ؕ قُلْ اِنَّ هُدَی اللّٰهِ هُوَ الْهُدٰی ؕ وَاُمِرْنَا لِنُسْلِمَ لِرَبِّ الْعٰلَمِیْنَ ۟ۙ","assameseTranslation":"কোৱা, ‘আল্লাহৰ বাহিৰে আমি এনে কাৰোবাক আহ্বান কৰিম নেকি, যিয়ে আমাৰ কোনো উপকাৰ অথবা অপকাৰ একোৱেই কৰিব নোৱাৰে? আৰু আল্লাহে আমাক হিদায়ত দিয়াৰ পিছত আমি আকৌ সেই ব্যক্তিৰ দৰে পূৰ্বাৱস্থালৈ উভতি যামনে, যাক চয়তানে পৃথিৱীত এনেকৈ লম্ভিছে যে সি পথ হেৰুৱাই উৱাদিহ নোপোৱা হৈছে? তাৰ আছে কিছুমান (ঈমান্দাৰ) সহচৰবৃন্দ, তেওঁলোকে তাক হিদায়তৰ প্ৰতি আহ্বান কৰি কয়, ‘আহা আমাৰ ফালে আহা’। কোৱা, ‘আল্লাহৰ হিদায়তেই হৈছে সঠিক হিদায়ত আৰু আমাক সৃষ্টিজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আদেশ দিয়া হৈছে’।","footnotes":"","tafseer":"হে ৰাছুল! এই মুশ্বৰিকসকলক কৈ দিয়ক যে, আমি আল্লাহক এৰি এনেকুৱা মূৰ্তিবোৰৰ পূজা-পাঠ কৰিম নেকি, যিবোৰে ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে, আৰু আল্লাহে আমাক তাওফীক দিয়া ঈমানৰ পৰা উভতি যাম নেকি, তথা সেইসকল লোকৰ দৰে হৈ যাম নেকি যিসকলক চয়তানে পথভ্ৰষ্ট কৰিছে। যিসকলক এনেকৈ দিশহাৰা কৰিছে যে, সিহঁতে পথ বিচাৰি পোৱা নাই। সিহঁতৰ কিছুমান সঙ্গী এনেকুৱা আছে যিসকলে সিহঁতক সত্য পথৰ পিনে আহ্বান কৰে কিন্তু সিহঁতে তেওঁলোকৰ কথা নুশুনে। হে ৰাছুল! সিহঁতক কৈ দিয়ক যে, আল্লাহৰ হিদায়তেই হৈছে সত্য হিদায়ত, আল্লাহে আমাক আদেশ প্ৰদান কৰিছে যে, আমি যেন তেওঁৰ সন্মুখত নত হৈ যাওঁ, আৰু কেৱল তেওঁৰেই ইবাদত কৰোঁ, কাৰণ তেৱেঁই হৈছে গোটেই বিশ্বজগতৰ ৰব্ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006071.mp3"},{"index":"72","arabicText":"وَاَنْ اَقِیْمُوا الصَّلٰوةَ وَاتَّقُوْهُ ؕ وَهُوَ الَّذِیْۤ اِلَیْهِ تُحْشَرُوْنَ ۟","assameseTranslation":"‘লগতে (আদেশ কৰা হৈছে) ছালাত প্ৰতিষ্ঠা কৰিবলৈ আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰিবলৈ। তেৱেঁই হৈছে সেই সত্বা, যাৰ ওচৰলৈ তোমালোকক একত্ৰিত কৰা হ’ব’।","footnotes":"","tafseer":"আৰু তেওঁ আমাক সৰ্বোত্তমৰূপে ছালাত প্ৰতিষ্ঠা কৰাৰ তথা তেওঁৰ আদেশ-নিষেধ পালন কৰি তাক্বৱা অৱলম্বন কৰাৰ আদেশ দিছে। কাৰণ ক্বিয়ামতৰ দিনা সকলোকে তেওঁৰ ওচৰতেই একত্ৰিত কৰা হ'ব। যাতে সকলোকে সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006072.mp3"},{"index":"73","arabicText":"وَهُوَ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ بِالْحَقِّ ؕ وَیَوْمَ یَقُوْلُ كُنْ فَیَكُوْنُ ؕ۬ قَوْلُهُ الْحَقُّ ؕ وَلَهُ الْمُلْكُ یَوْمَ یُنْفَخُ فِی الصُّوْرِ ؕ عٰلِمُ الْغَیْبِ وَالشَّهَادَةِ ؕ وَهُوَ الْحَكِیْمُ الْخَبِیْرُ ۟","assameseTranslation":"তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। (সেই দিৱসক স্মৰণ কৰা) যিদিনা তেওঁ কেৱল ক’ব, ‘হ’, তেতিয়াই সেয়া হৈ যাব। তেওঁৰ কথাই সত্য। যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনাৰ কৰ্তৃত্ব কেৱল তেওঁৰেই। অদৃশ্য আৰু প্ৰকাশ্য বিষয়ে তেৱেঁই পৰিজ্ঞাত, আৰু তেওঁ প্ৰজ্ঞাময়, সবিশেষ অৱগত।","footnotes":"","tafseer":"তেৱেঁই সত্যৰ সৈতে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে। (সেই দিৱসটোক ভয় কৰা) যিদিনা আল্লাহে যিটো বস্তুক ক'ব, “হৈ যা” ফলত সেয়া লগে লগে হৈ যাব। ক্বিয়ামতৰ দিনা আল্লাহে যেতিয়া ক'বঃ উঠা, তেতিয়া সকলোৱে উঠিব। তেওঁৰ কথা চিৰসত্য, সেইটো বাস্তৱায়িত হ'বই হ'ব। যেতিয়া ইছৰাফীলে শিঙাত দ্বিতীয় বাৰ ফুঁ দিব সেইদিনা ক্বিয়ামত দিৱসত কেৱল আল্লাহৰেই ৰাজত্ব চলিব। তেওঁ প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়ে অৱগত। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত মহা প্ৰজ্ঞাৱান, তেওঁ সৰ্বজ্ঞ, তেওঁৰ পৰা কোনো বস্তুৱে গোপন নহয়। তেওঁৰ ওচৰত প্ৰকাশ্য আৰু অপ্ৰকাশ্যৰ মাজত কোনো পাৰ্থক্য নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006073.mp3"},{"index":"74","arabicText":"وَاِذْ قَالَ اِبْرٰهِیْمُ لِاَبِیْهِ اٰزَرَ اَتَتَّخِذُ اَصْنَامًا اٰلِهَةً ۚ اِنِّیْۤ اَرٰىكَ وَقَوْمَكَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতা আঝৰক কৈছিল, ‘আপুনি মূৰ্তিবোৰক ইলাহৰূপে গ্ৰহণ কৰে নেকি? মই আপোনাক আৰু আপোনাৰ সম্প্ৰদায়ক স্পষ্ট ভ্ৰষ্টতাৰ মাজত দেখি আছোঁ’।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক, যেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ মুশ্বৰিক পিতা আজাৰক কৈছিলঃ হে মোৰ পিতৃ! আপুনি আল্লাহক এৰি মূৰ্তিবোৰৰ পূজা-পাঠ কিয় কৰে? মই আপোনাক আৰু আপোনাৰ সম্প্ৰদায়ক যিসকলে মূৰ্তি পূজা কৰি আছে প্ৰকাশ্য ভ্ৰান্ত পথত দেখি আছোঁ। এই পূজা পাঠৰ কাৰণেই সিহঁত সত্য পথৰ পৰা আঁতৰি গৈছে। সত্য উপাস্য একমাত্ৰ মহান আল্লাহ, তেওঁৰ বাহিৰে সকলো উপাস্য অসত্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006074.mp3"},{"index":"75","arabicText":"وَكَذٰلِكَ نُرِیْۤ اِبْرٰهِیْمَ مَلَكُوْتَ السَّمٰوٰتِ وَالْاَرْضِ وَلِیَكُوْنَ مِنَ الْمُوْقِنِیْنَ ۟","assameseTranslation":"এইদৰে আমি ইব্ৰাহীমক আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব দেখুৱাইছোঁ, যাতে তেওঁ দৃঢ় বিশ্বাসীসকলৰ অন্তৰ্ভুক্ত হয়।","footnotes":"","tafseer":"যিদৰে আমি তেওঁক তেওঁৰ পিতা তথা তেওঁৰ জাতিৰ পথভ্ৰষ্টতা দেখুৱাইছোঁ, ঠিক সেইদৰে আমি তেওঁক আকাশ তথা পৃথিৱীৰ বিশাল ৰাজত্বও দেখুৱাইছোঁ, যাতে তেওঁ বুজি পায় যে, একমাত্ৰ আল্লাহেই ইবাদতৰ যোগ্য। লগতে যাতে পতিয়ন যায় যে, আল্লাহ একক, তেওঁৰ কোনো অংশীদাৰ নাই আৰু তেওঁ সকলো বস্তু ওপৰতে ক্ষমতাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006075.mp3"},{"index":"76","arabicText":"فَلَمَّا جَنَّ عَلَیْهِ الَّیْلُ رَاٰ كَوْكَبًا ۚ قَالَ هٰذَا رَبِّیْ ۚ فَلَمَّاۤ اَفَلَ قَالَ لَاۤ اُحِبُّ الْاٰفِلِیْنَ ۟","assameseTranslation":"তাৰ পিছত ৰাতিৰ অন্ধকাৰে যেতিয়া তেওঁক আচ্ছন্ন কৰিলে তেতিয়া তেওঁ তৰা এটা দেখি ক’লে, ‘এইটো চাগে মোৰ প্ৰতিপালক’। তাৰ পিছত যেতিয়া সেইটো অস্তমিত হ’ল তেতিয়া তেওঁ ক’লে, ‘অস্তমিত যোৱা বস্তুক মই ভাল নাপাওঁ’।","footnotes":"","tafseer":"যেতিয়া ৰাতি হ'ল, তেওঁ এটা তৰা দেখি ক'লেঃ এইটোৱে চাগে মোৰ ৰব্ব, কিন্তু যেতিয়া তৰাটো অদৃশ্য হৈ গ'ল, তেতিয়া তেওঁ ক'লেঃ যিটো অদৃশ্য হৈ যায় সেইটোক মই পছন্দ নকৰোঁ। কিয়নো সত্য উপাস্য কেতিয়াও অদৃশ্য নহয় বৰং সদায় উপস্থিত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006076.mp3"},{"index":"77","arabicText":"فَلَمَّا رَاَ الْقَمَرَ بَازِغًا قَالَ هٰذَا رَبِّیْ ۚ فَلَمَّاۤ اَفَلَ قَالَ لَىِٕنْ لَّمْ یَهْدِنِیْ رَبِّیْ لَاَكُوْنَنَّ مِنَ الْقَوْمِ الضَّآلِّیْنَ ۟","assameseTranslation":"তাৰ পিছত যেতিয়া তেওঁ চন্দ্ৰক সমুজ্জলৰূপে উদয় হোৱা দেখিলে তেতিয়া ক’লে, ‘এইটো চাগে মোৰ প্ৰতিপালক’। যেতিয়া সেইটোও অস্তমিত গ’ল, তেতিয়া তেওঁ ক’লে, ‘মোক মোৰ প্ৰতিপালকে হিদায়ত নকৰিলে মই নিশ্চয় পথভ্ৰষ্ট সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত হম’।","footnotes":"","tafseer":"আকৌ যেতিয়া চন্দ্ৰ উদয় হোৱা দেখিলে, তেতিয়া ক'বলৈ ধৰিলেঃ এইটোৱে চাগে মোৰ ৰব্ব। কিন্তু এইটোও যেতিয়া অদৃশ্য হ'ল, তেতিয়া ক'লেঃ যদি আল্লাহে মোক এককভাৱে তেওঁৰ ইবাদত কৰাৰ তাওফীক নিদিয়ে তেন্তে মই সেইসকল লোকৰ অন্তৰ্ভুক্ত হৈ যাম, যিসকলে আল্লাহৰ সত্য দ্বীনৰ পৰা আঁতৰি গৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006077.mp3"},{"index":"78","arabicText":"فَلَمَّا رَاَ الشَّمْسَ بَازِغَةً قَالَ هٰذَا رَبِّیْ هٰذَاۤ اَكْبَرُ ۚ فَلَمَّاۤ اَفَلَتْ قَالَ یٰقَوْمِ اِنِّیْ بَرِیْٓءٌ مِّمَّا تُشْرِكُوْنَ ۟","assameseTranslation":"তাৰ পিছত যেতিয়া তেওঁ সূৰ্যক দীপ্তিমানৰূপে উদয় হোৱা দেখিলে তেতিয়া ক’লে, ‘এইটোৱে হৈছে মোৰ প্ৰতিপালক, এইটো আটাইতকৈ ডাঙৰ’। যেতিয়া সেইটোও অস্ত গ’ল তেতিয়া তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে যাক আল্লাহৰ লগত অংশী কৰা তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই (তাৰ পৰা মই মুক্ত)’।","footnotes":"","tafseer":"যেতিয়া সূৰ্য্য উদয় হোৱা দেখিলে, তেতিয়া ক'বলৈ ধৰিলেঃ এইটো চাগে মোৰ ৰব্ব। এইটো তৰা আৰু চন্দ্ৰতকৈও ডাঙৰ। কিন্তু যেতিয়া সেইটোও অস্তমিত হ'ল, তেতিয়া ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! যিবোৰ বস্তুক তোমালোকে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা, মই সেইবোৰৰ পৰা সম্পূৰ্ণ মুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006078.mp3"},{"index":"79","arabicText":"اِنِّیْ وَجَّهْتُ وَجْهِیَ لِلَّذِیْ فَطَرَ السَّمٰوٰتِ وَالْاَرْضَ حَنِیْفًا وَّمَاۤ اَنَا مِنَ الْمُشْرِكِیْنَ ۟ۚ","assameseTranslation":"মই একনিষ্ঠভাৱে তেওঁৰ ফালে মুখ কৰিছোঁ যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়।","footnotes":"","tafseer":"মই মোৰ দ্বীন সেই সত্তাৰ বাবে সমৰ্পিত কৰিছোঁ, যিয়ে পূৰ্বৰ কোনো উপমা নোহোৱাকৈ আকাশমণ্ডল তথা পৃথিৱী সৃষ্টি কৰিছে, লগতে মই শ্বিৰ্কৰ পৰা মুক্ত হৈ নিৰ্ভেজাল তাওহীদৰ পিনে ধাবিত হৈছোঁ। মই সেইসকল মুশ্বৰ্কিৰ অন্তৰ্ভুক্ত নহয়, যিসকলে আল্লাহৰ লগত আনক অংশী কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006079.mp3"},{"index":"80","arabicText":"وَحَآجَّهٗ قَوْمُهٗ ؕ قَالَ اَتُحَآجُّوْٓنِّیْ فِی اللّٰهِ وَقَدْ هَدٰىنِ ؕ وَلَاۤ اَخَافُ مَا تُشْرِكُوْنَ بِهٖۤ اِلَّاۤ اَنْ یَّشَآءَ رَبِّیْ شَیْـًٔا ؕ وَسِعَ رَبِّیْ كُلَّ شَیْءٍ عِلْمًا ؕ اَفَلَا تَتَذَكَّرُوْنَ ۟","assameseTranslation":"(এই শুনি) তেওঁৰ সম্প্ৰদায়ে তেওঁৰ লগত বিতৰ্কত লিপ্ত হ’ল। তেওঁ ক’লে, ‘তোমালোকে মোৰ লগত আল্লাহ সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছা? অথচ তেৱেঁই মোক হিদায়ত দিছে। তোমালোকে তেওঁৰ লগত যাক অংশীদাৰ স্থাপন কৰি আছা মই তাক (কেতিয়াও) ভয় নকৰোঁ কিন্তু মোৰ প্ৰতিপালকে যদি কিবা কৰে (সেয়া সুকীয়া কথা)। মোৰ প্ৰতিপালকে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যাপ্ত কৰি আছে। তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে’?","footnotes":"","tafseer":"তেওঁৰ মুশ্বৰিক সম্প্ৰদায়ে আল্লাহৰ তাওহীদ সম্পৰ্কে তেওঁৰ লগত বাদানুবাদ কৰিবলৈ ধৰিলে আৰু সিহঁতৰ মূৰ্তিবোৰৰ দ্বাৰা তেওঁক ভয় দেখুৱালে। তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে সিহঁতক ক'লেঃ তোমালোকে মোৰ লগত এই কাৰণে বাদানুবাদ কৰি আছা নেকি যে, মই কেৱল আল্লাহৰ ইবাদত কৰোঁ, অথচ আল্লাহেই মোক ইয়াৰ তাওফীক দান কৰিছে। মই তোমালোকৰ মূৰ্তিবোৰক ভয় নকৰোঁ। কিয়নো আল্লাহে ইচ্ছা নকৰিলে সিহঁতে মোৰ ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে, আল্লাহে যিটো বিচাৰে সেইটোৱে হয়। প্ৰত্যেক বিষয়ে তেওঁ জ্ঞাত, আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বস্তুৱে তেওঁৰ পৰা গোপন নহয়। হে মোৰ সম্প্ৰদায়! তোমালোকে উপদেশ গ্ৰহণ নকৰা নেকি, আল্লাহৰ লগত কুফুৰী আৰু শ্বিৰ্ক নকৰি তেওঁৰ প্ৰতি ঈমান পোষণ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006080.mp3"},{"index":"81","arabicText":"وَكَیْفَ اَخَافُ مَاۤ اَشْرَكْتُمْ وَلَا تَخَافُوْنَ اَنَّكُمْ اَشْرَكْتُمْ بِاللّٰهِ مَا لَمْ یُنَزِّلْ بِهٖ عَلَیْكُمْ سُلْطٰنًا ؕ فَاَیُّ الْفَرِیْقَیْنِ اَحَقُّ بِالْاَمْنِ ۚ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟ۘ","assameseTranslation":"‘তোমালোকে যাক আল্লাহৰ লগত অংশী কৰি আছা মই তাক কিয় ভয় কৰিম? অথচ তোমালোকে আল্লাহৰ লগত এনেকুৱা বস্তুক অংশী কৰিবলৈ কোনো ভয় নকৰা, যাৰ সপক্ষে তেওঁ তোমালোকৰ ওচৰত কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। এতেকে যদি তোমালোকে জানা তেন্তে কোৱাচোন! দুই দলৰ মাজত কোনটো দল নিৰাপত্তা লাভৰ বেছি হকদাৰ’।","footnotes":"","tafseer":"এইটো কেনেকৈ সম্ভৱ যে মই আল্লাহৰ বাহিৰে তোমালোকৰ এই মূৰ্তিবোৰক ভয় কৰিম, অথচ তোমালোকে নিজেই কোনো প্ৰমাণ নোহোৱাকৈ আল্লাহৰ সৃষ্টিক আল্লাহৰ সমকক্ষ স্থিৰ কৰিবলৈ ভয় নকৰা? কোনটো দল মুক্তিৰ অধিক নিকটৱৰ্তী মুশ্বৰিকসকলৰটো নে তাওহীদপন্থী সকলৰটো? যদি তোমালোকে জানা যে, কোনটো দল উত্তম সেইটোৰে অনুসৰণ কৰা। নিঃসন্দেহে মুমিনসকল তথা তাওহীদ পন্থীসকলৰ দলটোৱে হৈছে অতি উত্তম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006081.mp3"},{"index":"82","arabicText":"اَلَّذِیْنَ اٰمَنُوْا وَلَمْ یَلْبِسُوْۤا اِیْمَانَهُمْ بِظُلْمٍ اُولٰٓىِٕكَ لَهُمُ الْاَمْنُ وَهُمْ مُّهْتَدُوْنَ ۟۠","assameseTranslation":"যিসকলে ঈমান আনিছে আৰু নিজৰ ঈমানক যুলুমৰ (শ্বিৰ্কৰ) দ্বাৰা কলুষিত কৰা নাই, নিৰাপত্তা কেৱল তেওঁলোকৰ বাবেই আৰু তেওঁলোকেই হৈছে হিদায়তপ্ৰাপ্ত।","footnotes":"","tafseer":"শান্তি আৰু নিৰাপত্তা কেৱল সেইসকল লোকৰ বাবে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে তথা তেওঁৰ বিধানৰ অনুসৰণ কৰিছে আৰু ঈমানৰ লগত শ্বিৰ্ক মিশ্ৰিত কৰা নাই। এওঁলোকেই সেইসকল লোক, যিসকলক তেওঁলোকৰ প্ৰতিপালকে পোন পথত পৰিচালিত হোৱাৰ তাওফীক দান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006082.mp3"},{"index":"83","arabicText":"وَتِلْكَ حُجَّتُنَاۤ اٰتَیْنٰهَاۤ اِبْرٰهِیْمَ عَلٰی قَوْمِهٖ ؕ نَرْفَعُ دَرَجٰتٍ مَّنْ نَّشَآءُ ؕ اِنَّ رَبَّكَ حَكِیْمٌ عَلِیْمٌ ۟","assameseTranslation":"আৰু এইটোৱেই হৈছে আমাৰ যুক্তি-প্ৰমাণ যিটো আমি ইব্ৰাহীমক দিছিলোঁ, তাৰ জাতিৰ লগত মোকাবিলা কৰিবলৈ, আমি যাক ইচ্ছা কৰোঁ উচ্চ মৰ্যাদা দান কৰোঁ। নিশ্চয় তোমাৰ প্ৰতিপালক প্ৰজ্ঞাময়, সৰ্বজ্ঞ।","footnotes":"","tafseer":"যি প্ৰমাণৰ দ্বাৰা ইব্ৰাহীমে তেওঁৰ সম্প্ৰদায়ক পৰাজিত কৰিছিল আনকি সিহঁতৰ ওচৰত কোনো প্ৰমাণেই নাছিল, সেই প্ৰমাণটো হৈছে আল্লাহৰ এই বাণীঃ (নিৰাপত্তাৰ ক্ষেত্ৰত কোনটো দল অধিক সবল)। যিটো আমি তেওঁক তেওঁৰ সম্প্ৰদায়ৰ লগত তৰ্ক কৰাৰ বাবে প্ৰদান কৰিছিলোঁ। পৃথিৱী আৰু আখিৰাতত আমি আমাৰ বান্দাসকলৰ মাজত যাক ইচ্ছা কৰোঁ উচ্চ মৰ্যাদা প্ৰদান কৰোঁ। হে ৰাছুল! আপোনাৰ প্ৰতিপালক সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু নিয়ন্ত্ৰণত মহাপ্ৰজ্ঞাৱান তথা বান্দাসকলৰ বিষয়ে সৰ্বজ্ঞ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006083.mp3"},{"index":"84","arabicText":"وَوَهَبْنَا لَهٗۤ اِسْحٰقَ وَیَعْقُوْبَ ؕ كُلًّا هَدَیْنَا ۚ وَنُوْحًا هَدَیْنَا مِنْ قَبْلُ وَمِنْ ذُرِّیَّتِهٖ دَاوٗدَ وَسُلَیْمٰنَ وَاَیُّوْبَ وَیُوْسُفَ وَمُوْسٰی وَهٰرُوْنَ ؕ وَكَذٰلِكَ نَجْزِی الْمُحْسِنِیْنَ ۟ۙ","assameseTranslation":"আৰু আমি তেওঁক দান কৰিছিলোঁ ইছহাক্ব আৰু ইয়াকূব, এওঁলোকৰ প্ৰত্যেককে আমি সৎপথত পৰিচালিত কৰিছিলোঁ; ইয়াৰ পূৰ্বে নুহকো আমি হিদায়ত দিছিলোঁ আৰু তেওঁৰ বংশধৰ দাউদ, ছুলাইমান, আইউব, ইউছুফ, মুছা আৰু হাৰূনকো; এইদৰেই আমি মুহছিনসকলক পুৰস্কৃত কৰোঁ;","footnotes":"","tafseer":"আৰু আমি ইব্ৰাহীমক সন্তানৰূপে ইছহাক তথা নাতিৰূপে ইয়াকূব প্ৰদান কৰিছিলোঁ আৰু উভয়কে পোন পথৰ তাওফীক প্ৰদান কৰিছিলোঁ। তেওঁলোকৰ পূৰ্বে নূহক আৰু তেওঁৰ বংশধৰ দাঊদ, তেওঁৰ পুত্ৰ ছুলাইমান, আয়্যুব. ইউছুফ. মুছা তথা তেওঁৰ ভাতৃ হাৰূন আলাইহিমুচ্ছালামকো পোন পথত চলাৰ তাওফীক প্ৰদান কৰিছিলোঁ। যিদৰে আমি নবীসকলক তেওঁলোকৰ এহছানৰ বিনিময় দিছোঁ, সেইদৰে আমি আন আন এহছানকাৰী সকলকো প্ৰতিদান প্ৰদান কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006084.mp3"},{"index":"85","arabicText":"وَزَكَرِیَّا وَیَحْیٰی وَعِیْسٰی وَاِلْیَاسَ ؕ كُلٌّ مِّنَ الصّٰلِحِیْنَ ۟ۙ","assameseTranslation":"আৰু যাকাৰিয়্যাহ, ইয়াহয়া, ঈছা আৰু ইলয়াছকো (আমি হিদায়ত দিছিলোঁ)। এওঁলোকৰ প্ৰত্যেকেই সৎকৰ্মপৰায়ণ আছিল;","footnotes":"","tafseer":"এইদৰে যাকাৰিয়্যা, এহয়া, ঈছা আৰু ইলিয়াছ আলাইহিমুচ্ছালামকো পোন পথত চলাৰ তাওফীক প্ৰদান কৰিছিলোঁ। এই সকলো নবী আল্লাহৰ পূণ্যৱান বান্দা আছিল, যিসকলক আল্লাহে ৰাছুল হিচাপে নিৰ্বাচিত কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006085.mp3"},{"index":"86","arabicText":"وَاِسْمٰعِیْلَ وَالْیَسَعَ وَیُوْنُسَ وَلُوْطًا ؕ وَكُلًّا فَضَّلْنَا عَلَی الْعٰلَمِیْنَ ۟ۙ","assameseTranslation":"লগতে ইছমাঈল, আল-য়াছা, ইউনুছ আৰু লূতকো (আমি হিদায়ত দিছিলোঁ); আৰু তেওঁলোকৰ প্ৰত্যেককে আমি সৃষ্টিজগতৰ ওপৰত শ্ৰেষ্ঠত্ব দান কৰিছিলোঁ।","footnotes":"","tafseer":"এইদৰে ইছমাঈল, এছআ, ইউনুছ তথা লূত আলাইহিমুচ্ছালামকো তাওফীক প্ৰদান কৰিছিলোঁ। এই সকলো নবী, যিসকলৰ শিৰোমণি হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম, এওঁলোকক আমি সকলো লোকৰ ওপৰত প্ৰাধান্য প্ৰদান কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006086.mp3"},{"index":"87","arabicText":"وَمِنْ اٰبَآىِٕهِمْ وَذُرِّیّٰتِهِمْ وَاِخْوَانِهِمْ ۚ وَاجْتَبَیْنٰهُمْ وَهَدَیْنٰهُمْ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟","assameseTranslation":"আৰু (আমি হিদায়ত প্ৰদান কৰিছিলোঁ) তেওঁলোকৰ পিতৃপুৰুষ, বংশধৰ আৰু ভাতৃসকলৰ কিছুমানক; আৰু আমি তেওঁলোকক মনোনীত কৰিছিলোঁ আৰু সৰল পথত পৰিচালিত কৰিছিলোঁ।","footnotes":"","tafseer":"তেওঁলোকৰ পিতা, সন্তান তথা ভাতৃসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰিছোঁ তাওফীক প্ৰদান কৰিছোঁ আৰু নিৰ্বাচিত কৰিছোঁ লগতে পোন পথত চলাৰ সামৰ্থ প্ৰদান কৰিছোঁ, যিটো আল্লাহৰ তাওহীদ আৰু আনুগত্যৰ পথ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006087.mp3"},{"index":"88","arabicText":"ذٰلِكَ هُدَی اللّٰهِ یَهْدِیْ بِهٖ مَنْ یَّشَآءُ مِنْ عِبَادِهٖ ؕ وَلَوْ اَشْرَكُوْا لَحَبِطَ عَنْهُمْ مَّا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"এইটো হৈছে আল্লাহৰ হিদায়ত, ইয়াৰ দ্বাৰা তেওঁ নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে হিদায়ত প্ৰদান কৰে। কিন্তু যদি তেওঁলোকে শ্বিৰ্ক কৰিলেহেঁতেন তেন্তে তেওঁলোকৰ সকলো আমল নিষ্ফল হৈ গ’লহেঁতেন।","footnotes":"","tafseer":"এই যিটো তাওফীক তেওঁলোকে পাইছে, সেইটো আল্লাহৰ তাওফীক। তেওঁ নিজৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাওফীক প্ৰদান কৰে। তেওঁলোকেও যদি কাৰোবাক আল্লাহৰ অংশী কৰিলেহেঁতেন তেন্তে তেওঁলোকৰ সকলো আমল ব্যৰ্থ হৈ গ’লহেঁতেন। কাৰণ শ্বিৰ্কে পূণ্যক বিনষ্ট কৰি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006088.mp3"},{"index":"89","arabicText":"اُولٰٓىِٕكَ الَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ وَالْحُكْمَ وَالنُّبُوَّةَ ۚ فَاِنْ یَّكْفُرْ بِهَا هٰۤؤُلَآءِ فَقَدْ وَكَّلْنَا بِهَا قَوْمًا لَّیْسُوْا بِهَا بِكٰفِرِیْنَ ۟","assameseTranslation":"এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আমি কিতাব, কৰ্তৃত্ব আৰু নবুওৱত দান কৰিছিলোঁ, এতেকে যদি সিহঁতে (কাফিৰসকলে) ইয়াৰ লগত কুফুৰী কৰে, তেন্তে (জানি থোৱা) আমি ইয়াৰ দায়িত্বভাৰ এনে এটা সম্প্ৰদায়ক দিছোঁ যিসকলে ইয়াৰ লগত কুফুৰী নকৰিব।","footnotes":"","tafseer":"উক্ত নবীসকলক আমি গ্ৰন্থ প্ৰদান কৰিছিলোঁ, হিকমত আৰু নুবুওৱত প্ৰদান কৰিছিলোঁ। যদি আপোনাৰ সম্প্ৰদায়ে এইবোৰক অস্বীকাৰ কৰে তেন্তে আমি এনেকুৱা এটা জাতি প্ৰস্তুত কৰি ৰাখিছোঁ যিসকলে এইবোৰক অস্বীকাৰ নকৰিব, বৰং ইয়াৰ ওপৰত ঈমান পোষণ কৰিব আৰু ইয়াক মজবুতভাৱে ধাৰণ কৰিব। তেওঁলোক হৈছে মুহাজিৰ আৰু আনচাৰসকল তথা সেইসকল লোক, যিসকলে ক্বিয়ামত পৰ্যন্ত তেওঁলোকৰ উত্তমৰূপে অনুসৰণ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006089.mp3"},{"index":"90","arabicText":"اُولٰٓىِٕكَ الَّذِیْنَ هَدَی اللّٰهُ فَبِهُدٰىهُمُ اقْتَدِهْ ؕ قُلْ لَّاۤ اَسْـَٔلُكُمْ عَلَیْهِ اَجْرًا ؕ اِنْ هُوَ اِلَّا ذِكْرٰی لِلْعٰلَمِیْنَ ۟۠","assameseTranslation":"এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আল্লাহে হিদায়ত কৰিছে, এতেকে তুমি তেওঁলোকৰ পথৰ অনুসৰণ কৰা। কোৱা, ‘ইয়াৰ বাবে আমি তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ, এইটো কেৱল সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ’।","footnotes":"","tafseer":"এইসকল নবী তথা তেওঁলোকৰ লগত উল্লেখিত তেওঁলোকৰ পিতৃ, সন্তান আৰু ভাতৃসকলেই হৈছে প্ৰকৃত হিদায়তপ্ৰাপ্ত। এতেকে তেওঁলোকৰ অনুসৰণ কৰক আৰু তেওঁলোকক আদৰ্শ হিচাপে লওক। হে নবী! আপুনি আপোনাৰ সম্প্ৰদায়ক কৈ দিয়ক যে, কোৰআন পৌঁচাই দিয়াৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো প্ৰতিদান নিবিচাৰোঁ। কোৰআন হৈছে শিক্ষা সামগ্ৰী, পৃথিৱীত বসবাসকাৰী মানৱ আৰু জিন জাতিৰ বাবে, যাতে সিহঁতে ইয়াৰ দ্বাৰা পোন পথ আৰু সঠিক পথ লাভ কৰিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006090.mp3"},{"index":"91","arabicText":"وَمَا قَدَرُوا اللّٰهَ حَقَّ قَدْرِهٖۤ اِذْ قَالُوْا مَاۤ اَنْزَلَ اللّٰهُ عَلٰی بَشَرٍ مِّنْ شَیْءٍ ؕ قُلْ مَنْ اَنْزَلَ الْكِتٰبَ الَّذِیْ جَآءَ بِهٖ مُوْسٰی نُوْرًا وَّهُدًی لِّلنَّاسِ تَجْعَلُوْنَهٗ قَرَاطِیْسَ تُبْدُوْنَهَا وَتُخْفُوْنَ كَثِیْرًا ۚ وَعُلِّمْتُمْ مَّا لَمْ تَعْلَمُوْۤا اَنْتُمْ وَلَاۤ اٰبَآؤُكُمْ ؕ قُلِ اللّٰهُ ۙ ثُمَّ ذَرْهُمْ فِیْ خَوْضِهِمْ یَلْعَبُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে আল্লাহক তেওঁৰ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই, যেতিয়া সিহঁতে কৈছিল, ‘আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই’। কোৱা, ‘কোনে অৱতীৰ্ণ কৰিছিল সেইখন কিতাব যিখন মুছাই আনিছিল, মানুহৰ বাবে আছিল জ্যোতি আৰু হিদায়তস্বৰূপ; যিখনক তোমালোকে বিভিন্ন পৃষ্ঠাত লিপিবদ্ধ কৰি কিছু কথা প্ৰকাশ কৰিছা আৰু বহুতখিনিকে গোপন কৰিছা, আৰু (সেই গ্ৰন্থৰ দ্বাৰা) তোমালোকক এনেকুৱা শিক্ষা দিয়া হৈছিল যিটো তোমালোকে আৰু তোমালোকৰ পিতৃ-পুৰুষসকলে জনা নাছিলা। কোৱা, (সেইখনক) ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, এতেকে সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক।","footnotes":"","tafseer":"মুশ্বৰিকসকলে যেতিয়া নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লে যে, আল্লাহে কোনো মানুহৰ প্ৰতি অহী প্ৰেৰণ কৰা নাই, এনেকুৱা কথাৰ দ্বাৰা সিহঁতে আল্লাহক যথাৰ্থ সন্মান কৰাৰ পৰা দূৰত্ব অৱলম্বন কৰিছে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, মূছাৰ প্ৰতি কোনে তাওৰাত অৱতীৰ্ণ কৰিছিল, যিখন তেওঁৰ সম্প্ৰদায়ৰ বাবে হিদায়ত তথা জ্যোতি আছিল। যিখনক ইয়াহুদীসকলে নিজৰ বহীত লিখি ৰাখিছিল, আৰু যিটো সিহঁতৰ প্ৰবৃত্তিৰ অনুকূল হৈছিল সেইটো প্ৰকাশ কৰিছিল আৰু বাকী বাণীসমূহ গোপন কৰিছিল, যেনেঃ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিৱৰণ সম্পৰ্কে সিহঁতে এনেকুৱা কৰিছিল। হে আৰববাসীসকল! তোমালোকক কোৰআনৰ সেইসমূহ কথা বৰ্ণনা কৰা হৈছে যিবোৰ তোমালোকে তথা তোমালোকৰ পূৰ্বপুৰুষসকলে জনা নাছিলা। হে ৰাছুল! সিহঁতক কৈ দিয়ক যে, সেয়া আল্লাহে অৱতীৰ্ণ কৰিছিল। এতেকে তাৰ পিছত সিহঁতক সিহঁতৰ মুৰ্খতা আৰু পথভ্ৰষ্টতাত এৰি দিয়ক তথা সিহঁতক বিদ্ৰোহ আৰু উপহাস কৰিবলৈ এৰি দিয়ক, সিহঁতৰ মৃত্যু এই অৱস্থাতেই হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006091.mp3"},{"index":"92","arabicText":"وَهٰذَا كِتٰبٌ اَنْزَلْنٰهُ مُبٰرَكٌ مُّصَدِّقُ الَّذِیْ بَیْنَ یَدَیْهِ وَلِتُنْذِرَ اُمَّ الْقُرٰی وَمَنْ حَوْلَهَا ؕ وَالَّذِیْنَ یُؤْمِنُوْنَ بِالْاٰخِرَةِ یُؤْمِنُوْنَ بِهٖ وَهُمْ عَلٰی صَلَاتِهِمْ یُحَافِظُوْنَ ۟","assameseTranslation":"আৰু এইখন হৈছে বৰকতময় কিতাব যিখনক আমি অৱতীৰ্ণ কৰিছোঁ, যিখন ইয়াৰ আগৰ সকলো গ্ৰন্থৰ সমৰ্থক আৰু যিখনৰ দ্বাৰা তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা মানুহক সতৰ্ক কৰা। যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকে ইয়াৰ প্ৰতিও ঈমান পোষণ কৰে, লগতে তেওঁলোক ছালাতৰ প্ৰতিও যত্নৱান।","footnotes":"","tafseer":"হে নবী! এই কোৰআন হৈছে এখন গ্ৰন্থ, যিখন আমি আপোনাৰ ওপৰত অৱতীৰ্ণ কৰিছোঁ। এইখন বৰকতময় গ্ৰন্থ, এইখনে পূৰ্বৱৰ্তী গ্ৰন্থসমূহক সমৰ্থন কৰে। (এই গ্ৰন্থখন আমি এই কাৰণে অৱতীৰ্ণ কৰিছোঁ) যাতে আপুনি মক্কাৰ অধিবাসীসকলক আৰু পূৱ তথা পশ্চিমৰ সকলো লোককে সতৰ্ক কৰিব পাৰে আৰু যাতে সিহঁতে হিদায়ত পায়। লগতে যাতে তেওঁলোককো সতৰ্ক কৰিব পাৰে, যিসকলে আখিৰাত তথা এই কোৰআনৰ প্ৰতি ঈমান পোষণ কৰিছে, আৰু ইয়াৰ বিধানসমূহৰ প্ৰতি আমল কৰে, নিয়মিতভাৱে ছালাত আদায় কৰে, চৰীয়তৰ দ্বাৰা নিৰ্ধাৰিত সময়ত ছালাতৰ আৰকান, ফৰজসমূহ তথা মুস্তাহাবসমূহৰ লগতে উত্তমৰূপে ছালাত আদায় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006092.mp3"},{"index":"93","arabicText":"وَمَنْ اَظْلَمُ مِمَّنِ افْتَرٰی عَلَی اللّٰهِ كَذِبًا اَوْ قَالَ اُوْحِیَ اِلَیَّ وَلَمْ یُوْحَ اِلَیْهِ شَیْءٌ وَّمَنْ قَالَ سَاُنْزِلُ مِثْلَ مَاۤ اَنْزَلَ اللّٰهُ ؕ وَلَوْ تَرٰۤی اِذِ الظّٰلِمُوْنَ فِیْ غَمَرٰتِ الْمَوْتِ وَالْمَلٰٓىِٕكَةُ بَاسِطُوْۤا اَیْدِیْهِمْ ۚ اَخْرِجُوْۤا اَنْفُسَكُمْ ؕ اَلْیَوْمَ تُجْزَوْنَ عَذَابَ الْهُوْنِ بِمَا كُنْتُمْ تَقُوْلُوْنَ عَلَی اللّٰهِ غَیْرَ الْحَقِّ وَكُنْتُمْ عَنْ اٰیٰتِهٖ تَسْتَكْبِرُوْنَ ۟","assameseTranslation":"আৰু সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, অথবা কয়, ‘মোৰ ওচৰলৈ অহী আহে’, অথচ তাৰ ওচৰলৈ একোৱেই অহী কৰা নহয়, আৰু যিয়ে কয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে ময়ো সিটোৰ দৰে অৱতীৰ্ণ কৰিব পাৰোঁ’; আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া যালিমসকল মৃত্যু যন্ত্ৰণাত থাকিব আৰু ফিৰিস্তাসকলে হাত বঢ়াই ক’ব, ‘তোমালোকে নিজৰ প্ৰাণ উলিয়াই আনা। আজি তোমালোকক লাঞ্ছনাদায়ক শাস্তি দিয়া হ’ব, কাৰণ তোমালোকে আল্লাহৰ ওপৰত অসত্য কথা কৈছিলা আৰু তেওঁৰ আয়াতসমূহৰ প্ৰতি অহংকাৰ কৰিছিলা’।","footnotes":"","tafseer":"সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোনো নাই, যিয়ে আল্লাহৰ প্ৰতি অপবাদ জাপি দি কয় যে, আল্লাহে মানুহৰ ওপৰত একোৱেই অৱতীৰ্ণ কৰা নাই। অথবা মিছাৰ আশ্ৰয় লৈ কয়ঃ আল্লাহে তাৰ প্ৰতি অহী কৰিছে, অথচ আল্লাহে তাৰ প্ৰতি কোনো অহী কৰা নাই। অথবা কয়ঃ যিদৰে আল্লাহে কোৰআন অৱতীৰ্ণ কৰিছে, সেইদৰে ময়ো অৱতীৰ্ণ কৰিব পাৰিম। (হে নবী!) যদি আপুনি সেই সময়ৰ দৃশ্য দেখিলেহেঁতেন, যেতিয়া এই যালিমসকলে মৃত্যু যন্ত্ৰণাত ভোগিব আৰু ফিৰিস্তাসকলে সিহঁতক প্ৰহাৰ কৰি ক'বঃ তোমালোকৰ আত্মাসমূহ উলিয়াই আনা, আমি সেইবোৰ গ্ৰহণ কৰিম। আজি তোমালোকক এনেকুৱা শাস্তি বিহা হ'ব, যি শাস্তিয়ে তোমালোকক অপমানিত কৰিব, কাৰণ তোমালোকে আল্লাহৰ প্ৰতি মিছা আৰোপ লগাইছিলা, মিছা নবী হোৱাৰ দাবী কৰিছিলা লগতে কৈছিলাঃ আমিও আল্লাহৰ দৰে অৱতীৰ্ণ কৰিবলৈ সক্ষম, আৰু অহংকাৰ কৰি আল্লাহৰ নিদৰ্শনসমূহ আৰু ঈমানক অস্বীকাৰ কৰিছিলা। (হে নবী!) আপুনি এই দৃশ্য দেখিলে, সিহঁতৰ নিকৃষ্ট অৱস্থা দেখিবলৈ পালেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006093.mp3"},{"index":"94","arabicText":"وَلَقَدْ جِئْتُمُوْنَا فُرَادٰی كَمَا خَلَقْنٰكُمْ اَوَّلَ مَرَّةٍ وَّتَرَكْتُمْ مَّا خَوَّلْنٰكُمْ وَرَآءَ ظُهُوْرِكُمْ ۚ وَمَا نَرٰی مَعَكُمْ شُفَعَآءَكُمُ الَّذِیْنَ زَعَمْتُمْ اَنَّهُمْ فِیْكُمْ شُرَكٰٓؤُا ؕ لَقَدْ تَّقَطَّعَ بَیْنَكُمْ وَضَلَّ عَنْكُمْ مَّا كُنْتُمْ تَزْعُمُوْنَ ۟۠","assameseTranslation":"নিশ্চয় (আজি) তোমালোকে আমাৰ ওচৰলৈ নিঃসঙ্গ অৱস্থাত আহিছা, যিদৰে আমি তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছিলোঁ, আৰু আমি তোমালোকক যি প্ৰদান কৰিছিলোঁ সেইবোৰ তোমালোকে নিজৰ পিছফালে এৰি থৈ আহিছা। তোমালোকে যিসকলক (আল্লাহৰ সৈতে) অংশী বুলি ভাৱিছিলা, সেই চুপাৰিছকাৰী বিলাকো দেখোন (আজি) তোমালোকৰ লগত নাই। নিশ্চয় তোমালোকৰ মাজৰ সম্পৰ্ক আজি বিচ্ছিন্ন হৈছে আৰু তোমালোকে যিটো ধাৰণা কৰিছিলা সেইটোও তোমালোকৰ পৰা হেৰাই গৈছে।","footnotes":"","tafseer":"পুনৰুত্থানৰ দিনা সিহঁতক কোৱা হ'ব, আজি তোমালোকে আমাৰ ওচৰত অকলেই আহিছা। এতিয়া তোমালোকৰ ওচৰত কোনো সম্পদো নাই আৰু কোনো ৰাজত্বও নাই। খালি ভৰি, বস্ত্ৰহীন, খতনাবিহীন অৱস্থাত উপস্থিত হৈছা, যিদৰে আমি তোমালোকক প্ৰথম সৃষ্টি কৰিছিলোঁ। আমি তোমালোকক যি যি প্ৰদান কৰিছিলোঁ, সেইবোৰ তোমালোকে ইচ্ছা থকা সত্তেও পৃথিৱীতে এৰি থৈ আহিছা। যিবোৰ উপাস্যক তোমালোকে ছুপাৰিছকাৰী বুলি ভাবিছিলা আৰু যিবোৰক তোমালোকে আল্লাহৰ সমকক্ষ তথা ইবাদতৰ যোগ্য বুলি ভাবিছিলা, আজি সেইবোৰও তোমালোকৰ লগত নাই। আনকি সিহঁতৰ লগত তোমালোকৰ সম্পৰ্কচ্ছেদ হৈছে, সিহঁতৰ বিষয়ে তোমালোকৰ যি যি বিশ্বাস আছিল সেই সকলোবোৰ নিঃশেষ হৈছে। (যেনেঃ সিহঁতে ছুপাৰিছ কৰিব, বা সিহঁত আল্লাহৰ অংশীদাৰ আদি)","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006094.mp3"},{"index":"95","arabicText":"اِنَّ اللّٰهَ فَالِقُ الْحَبِّ وَالنَّوٰی ؕ یُخْرِجُ الْحَیَّ مِنَ الْمَیِّتِ وَمُخْرِجُ الْمَیِّتِ مِنَ الْحَیِّ ؕ ذٰلِكُمُ اللّٰهُ فَاَنّٰی تُؤْفَكُوْنَ ۟","assameseTranslation":"নিশ্চয় আল্লাহেই শস্য-বীজ আৰু গুটি আদিক অংকুৰিত কৰে, তেৱেঁই প্ৰাণহীনৰ পৰা জীৱন্তক উলিয়ায় আৰু জীৱন্তৰ পৰা প্ৰাণহীনক উলিয়ায়। তেৱেঁই আল্লাহ, এতেকে তোমালোক ক’লৈ উভতি যাবা?","footnotes":"","tafseer":"নিশ্চয় আল্লাহেই বীজক বিদীৰ্ণ কৰে আৰু তাৰ পৰা পুলি গজায়। এইদৰে তেওঁ গুটি বিদীৰ্ণ কৰে আৰু তাৰ পৰা গছ উৎপন্ন হয়, যেনে- খেজুৰ গছ আৰু আঙুৰ আদি। তেওঁৱেই নিৰ্জীৱৰ পৰা সজীৱ উলিয়ায়। আনহাতে মানুহ তথা আন আন জীৱ-জন্তুক তেৱেঁই এটোপাল পানীৰ দ্বাৰা সৃষ্টি কৰে। এইদৰে নিৰ্জীৱক সজীৱৰ পৰা উলিয়ায়, যেনেঃ বীৰ্যক মানুহৰ পৰা আৰু কণীক মুৰ্গীৰ পৰা উলিয়ায়। যি সত্তাই এনেকুৱা কৰে তেৱেঁই আল্লাহ, যিজনে তোমালোকক সৃষ্টি কৰিছে। হে মুশ্বৰিকসকল! তথাপিও তোমালোকে আল্লাহৰ কলা-কৃষ্টি দেখাৰ পিছতো সত্যৰ পৰা পলায়ন কৰা কিয়?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006095.mp3"},{"index":"96","arabicText":"فَالِقُ الْاِصْبَاحِ ۚ وَجَعَلَ الَّیْلَ سَكَنًا وَّالشَّمْسَ وَالْقَمَرَ حُسْبَانًا ؕ ذٰلِكَ تَقْدِیْرُ الْعَزِیْزِ الْعَلِیْمِ ۟","assameseTranslation":"তেৱেঁই প্ৰভাতৰ উদ্ভাসক, আৰু তেৱেঁই ৰাতিক প্ৰশান্তিৰ বাবে লগতে সূৰ্য আৰু চন্দ্ৰক সময়ৰ নিৰুপক বনাইছে, এইবোৰ পৰাক্ৰমশালী, মহাজ্ঞানী আল্লাহৰ নিৰ্ধাৰণ।","footnotes":"","tafseer":"আল্লাহৰ আদেশতেই ৰাতিৰ অন্ধকাৰ গুচি দিনৰ পোহৰ প্ৰস্ফুটিত হয়। তেৱেঁই মানুহৰ বাবে ৰাতিক বিশ্ৰামৰ মাধ্যম বনাইছে, ফলত মানুহে বিভিন্ন কাম-বন এৰি ৰাতিত দিনৰ ক্লান্তিৰ পৰা আৰাম লাভ কৰে। তেওঁৰ নিৰ্দেশতেই চন্দ্ৰ তথা সূৰ্য এটা নিৰ্ধাৰিত সময় অনুসাৰে নিজৰ কক্ষপথত প্ৰদক্ষিণ কৰে। এই অদ্ভূদ ৰচনা হৈছে সেই প্ৰভাৱশালী প্ৰতিপালকৰ, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি সম্পৰ্কে সম্যক অৱগত আৰু তেওঁ জানে সিহঁতৰ বাবে কোনটো কল্যাণকৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006096.mp3"},{"index":"97","arabicText":"وَهُوَ الَّذِیْ جَعَلَ لَكُمُ النُّجُوْمَ لِتَهْتَدُوْا بِهَا فِیْ ظُلُمٰتِ الْبَرِّ وَالْبَحْرِ ؕ قَدْ فَصَّلْنَا الْاٰیٰتِ لِقَوْمٍ یَّعْلَمُوْنَ ۟","assameseTranslation":"আৰু তেৱেঁই তোমালোকৰ বাবে তৰামণ্ডল সৃষ্টি কৰিছে যাতে ইয়াৰ দ্বাৰা তোমালোকে স্থলৰ আৰু সাগৰৰ অন্ধকাৰত পথ বিচাৰি পোৱা। নিশ্চয় আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছোঁ।","footnotes":"","tafseer":"হে আদম সন্তান! তেৱেঁই আকাশমণ্ডলক তৰাবোৰৰ জৰিয়তে সুসজ্জিত কৰিছে। যিবোৰৰ সহায়ত জল তথা স্থলৰ ভ্ৰমণত পথ হেৰাই গ'লে তোমালোকে পথ বিচাৰি পোৱা। আমি দলীল তথা প্ৰমাণৰ জৰিয়তে নিজৰ ক্ষমতা সাব্যস্ত কৰিছোঁ কিন্তু ইয়াৰ দ্বাৰা কেৱল সেইসকল লোকেই উপকৃত হয়, যিসকলে চিন্তা-চৰ্চা তথা গৱেষণা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006097.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006097.mp3"},{"index":"98","arabicText":"وَهُوَ الَّذِیْۤ اَنْشَاَكُمْ مِّنْ نَّفْسٍ وَّاحِدَةٍ فَمُسْتَقَرٌّ وَّمُسْتَوْدَعٌ ؕ قَدْ فَصَّلْنَا الْاٰیٰتِ لِقَوْمٍ یَّفْقَهُوْنَ ۟","assameseTranslation":"আৰু তেৱেঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে, এতেকে (তোমালোকৰ বাবে) আছে স্থায়ী আৰু অস্থায়ী বাসস্থান। নিশ্চয় আমি অনুধাৱনকাৰী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰিছোঁ।","footnotes":"","tafseer":"তেওঁ তোমালোকক এটা আত্মা অৰ্থাৎ তোমালোকৰ আদি পিতা আদমৰ আত্মাৰ পৰা সৃষ্টি কৰিছে, কিয়নো প্ৰথমে তোমালোকৰ পিতা আদমক মাটিৰে সৃষ্টি কৰিছে, তাৰ পিছত তোমালোকক তেওঁৰ পৰা সৃষ্টি কৰিছে। তোমালোকৰ বাবে অৱস্থান কৰাৰ ঠাই বনাইছে যেনেঃ মাকৰ গৰ্ভ, আৰু অস্থায়ী অৱস্থান আছিল পিতৃৰ পিঠি। আমি সেইসকল লোকৰ বাবে আমাৰ নিদৰ্শনসমূহ স্পষ্ট কৰি দিছোঁ, যিসকলে আল্লাহৰ কালাম ভালদৰে বুজি পায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006098.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006098.mp3"},{"index":"99","arabicText":"وَهُوَ الَّذِیْۤ اَنْزَلَ مِنَ السَّمَآءِ مَآءً ۚ فَاَخْرَجْنَا بِهٖ نَبَاتَ كُلِّ شَیْءٍ فَاَخْرَجْنَا مِنْهُ خَضِرًا نُّخْرِجُ مِنْهُ حَبًّا مُّتَرَاكِبًا ۚ وَمِنَ النَّخْلِ مِنْ طَلْعِهَا قِنْوَانٌ دَانِیَةٌ وَّجَنّٰتٍ مِّنْ اَعْنَابٍ وَّالزَّیْتُوْنَ وَالرُّمَّانَ مُشْتَبِهًا وَّغَیْرَ مُتَشَابِهٍ ؕ اُنْظُرُوْۤا اِلٰی ثَمَرِهٖۤ اِذَاۤ اَثْمَرَ وَیَنْعِهٖ ؕ اِنَّ فِیْ ذٰلِكُمْ لَاٰیٰتٍ لِّقَوْمٍ یُّؤْمِنُوْنَ ۟","assameseTranslation":"তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত ইয়াৰ দ্বাৰা আমি সকলো ধৰণৰ উদ্ভিদৰ পুলি উৎপন্ন কৰোঁ, আৰু উৎপন্ন কৰোঁ সেউজীয়া ডাল-পাত, যাৰ পৰা আমি ঘন সন্নিবিষ্ট শস্যদানা উৎপাদন কৰোঁ, আৰু খেজুৰ গছৰ মূৰৰ পৰা উলিয়াওঁ ওলমি থকা খেজুৰৰ থোক, আৰু উৎপাদন কৰোঁ আঙুৰ, যায়তুন লগতে ডালিমৰ বাগিছা। কিছুমান আছে সদৃশপূৰ্ণ আৰু আন কিছুমান আছে অমিল। চোৱা, সেই ফলবোৰৰ প্ৰতি যেতিয়া সেইবোৰ পুৰঠ হয় আৰু লক্ষ্য কৰা ইয়াৰ পকিব ধৰা অৱস্থাৰ প্ৰতি। নিশ্চয় মুমিন সম্প্ৰদায়ৰ বাবে আছে সেইবোৰৰ মাজত নিদৰ্শনাৱলী।","footnotes":"","tafseer":"তেৱেঁই আকাশৰ পৰা পানী বৰ্ষায়, তাৰ দ্বাৰাই আমি বিভিন্ন প্ৰকাৰৰ গছ-পুলি উত্পন্ন কৰোঁ, সেইবোৰ পুলিৰ পৰাই আমি ফচল তথা সেউজীয়া গছ-বৃক্ষ আদি উত্পন্ন কৰোঁ। যিবোৰৰ পৰা দানা, বীজ আদি উলিয়াওঁ, যেনে ওপৰা ওপৰিকৈ লাগি থকা ফলৰ থোক। খেজুৰ গছৰ পৰা সৃষ্টি কৰোঁ ওলমি থকা খেজুৰৰ থোক, যিবোৰ থিয় হৈ অথবা বহিও সংগ্ৰহ কৰিব পাৰি। লগতে উত্পন্ন কৰোঁ আঙুৰৰ বাগিচা। যায়তুন তথা ডালিম সৃষ্টি কৰোঁ, যাৰ পাতবোৰ একেই কিন্তু ফল ভিন্ন। হে মানৱসমাজ! ইয়াৰ ফলবোৰৰ প্ৰতি লক্ষ্য কৰাচোন, যেতিয়া প্ৰথমবাৰ গছত ধৰে আৰু যেতিয়া পকি যায়। যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকৰ বাবে ইয়াৰ মাজত আছে স্পষ্ট প্ৰমাণ, আৰু তেওঁলোকেই এই প্ৰমাণবোৰৰ পৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006099.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006099.mp3"},{"index":"100","arabicText":"وَجَعَلُوْا لِلّٰهِ شُرَكَآءَ الْجِنَّ وَخَلَقَهُمْ وَخَرَقُوْا لَهٗ بَنِیْنَ وَبَنٰتٍ بِغَیْرِ عِلْمٍ ؕ سُبْحٰنَهٗ وَتَعٰلٰی عَمَّا یَصِفُوْنَ ۟۠","assameseTranslation":"আৰু সিহঁতে জ্বিনক আল্লাহৰ সৈতে শ্বৰীক সাব্যস্ত কৰে, অথচ তেৱেঁই এইবোৰক সৃষ্টি কৰিছে; আৰু সিহঁতে অজ্ঞতাবশতঃ আল্লাহৰ প্ৰতি পুত্ৰ-কন্যা আৰোপ কৰে; তেওঁ পৱিত্ৰ মহিমান্বিত আৰু সিহঁতে যি কয় তেওঁ তাৰ পৰা বহু ঊৰ্দ্ধত।","footnotes":"","tafseer":"মুশ্বৰিকসকলে জিনবোৰক আল্লাহৰ অংশীদাৰ কৰি লৈছিল এই বিশ্বাস পোষণ কৰি যে, সিহঁতে উপকাৰ বা অপকাৰ কৰিব পাৰে। অথচ আল্লাহেই সিহঁতক সৃষ্টি কৰিছে। সেয়ে কেৱল তেৱেঁই ইবাদতৰ যোগ্য। সিহঁতে আল্লাহৰ পুত্ৰ আছে বুলি বিশ্বাস কৰিছিল, যিদৰে ইয়াহুদীসকলে উযাইৰক আৰু খৃষ্টানসকলে ঈছাক আল্লাহৰ পুত্ৰ বুলি ভাবিছিল, আৰু কন্যা সন্তান আছে বুলিও সিহঁতে বিশ্বাস কৰিছিল, যিদৰে মুশ্বৰিকসকলে ফিৰিস্তাসকলক আল্লাহৰ কন্যা সন্তান বুলি অপবাদ দিছিল। বাতিল পন্থীয়ে দিয়া এই সকলো অপবাদৰ পৰা মহান আল্লাহ পৱিত্ৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006100.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006100.mp3"},{"index":"101","arabicText":"بَدِیْعُ السَّمٰوٰتِ وَالْاَرْضِ ؕ اَنّٰی یَكُوْنُ لَهٗ وَلَدٌ وَّلَمْ تَكُنْ لَّهٗ صَاحِبَةٌ ؕ وَخَلَقَ كُلَّ شَیْءٍ ۚ وَهُوَ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟","assameseTranslation":"তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা, তেওঁৰ সন্তান হ’ব কেনেকৈ? অথচ তেওঁৰ কোনো সঙ্গিনীয়েই নাই! তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে আৰু প্ৰত্যেক বস্তু সম্পৰ্কে তেওঁ সবিশেষ অৱগত।","footnotes":"","tafseer":"তেৱেঁই আকাশমণ্ডল তথা পৃথিৱীক পূৰ্বৰ কোনো নমুনা নোহোৱাকৈ সৃষ্টি কৰিছে। তেওঁৰ পত্নীয়ে নাই, সন্তান কেনেকৈ হ’ব? তেৱেঁই সকলো সৃষ্টি কৰিছে আৰু তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006101.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006101.mp3"},{"index":"102","arabicText":"ذٰلِكُمُ اللّٰهُ رَبُّكُمْ ۚ لَاۤ اِلٰهَ اِلَّا هُوَ ۚ خَالِقُ كُلِّ شَیْءٍ فَاعْبُدُوْهُ ۚ وَهُوَ عَلٰی كُلِّ شَیْءٍ وَّكِیْلٌ ۟","assameseTranslation":"তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেৱেঁই সকলো বস্তুৰ স্ৰষ্টা; এতেকে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা; তেৱেঁই সকলো বস্তুৰ তত্বাৱধায়ক।","footnotes":"","tafseer":"হে মানৱজাতি! এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী সত্তাই হৈছে তোমালোকৰ ৰব্ব। তেওঁৰ বাহিৰে তোমালোকৰ কোনো ৰব্ব নাই আৰু কোনো সত্য উপাস্যও নাই। তেৱেঁই সকলো বস্তুৰ সৃষ্টিকৰ্তা। এতেকে কেৱল তেওঁৰেই ইবাদত কৰা। কাৰণ তেৱেঁই ইবাদতৰ যোগ্য আৰু তেৱেঁই সকলো বস্তুৰ সংৰক্ষক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006102.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006102.mp3"},{"index":"103","arabicText":"لَا تُدْرِكُهُ الْاَبْصَارُ ؗ وَهُوَ یُدْرِكُ الْاَبْصَارَ ۚ وَهُوَ اللَّطِیْفُ الْخَبِیْرُ ۟","assameseTranslation":"দৃষ্টিসমূহে তেওঁক আয়ত্ব কৰিব নোৱাৰে অথচ তেওঁ সকলো দৃষ্টিকে আয়ত্ব কৰে আৰু তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।","footnotes":"","tafseer":"দৃষ্টিসমূহে তেওঁক আয়ত্ত্ব কৰিব নোৱাৰে কিন্তু তেওঁ সকলোকে দেখি আছে আৰু সকলোকে পৰিবেষ্টন কৰি আছে। তেওঁ নেক বান্দাসকলৰ কল্যাণ সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকৰ বিষয়ে সম্যক অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006103.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006103.mp3"},{"index":"104","arabicText":"قَدْ جَآءَكُمْ بَصَآىِٕرُ مِنْ رَّبِّكُمْ ۚ فَمَنْ اَبْصَرَ فَلِنَفْسِهٖ ۚ وَمَنْ عَمِیَ فَعَلَیْهَا ؕ وَمَاۤ اَنَا عَلَیْكُمْ بِحَفِیْظٍ ۟","assameseTranslation":"নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণাদি চাব পৰা মাধ্যম আহি পৰিছে। এতেকে যিয়ে সেইটোৰ দ্বাৰা প্ৰত্যক্ষ কৰিব সি নিজেই লাভৱান হ’ব, আৰু যিয়ে অন্ধ সাজিব তাত সি নিজেই ক্ষতিগ্ৰস্ত হ’ব। গতিকে মই তোমালোকৰ সংৰক্ষক নহয়।","footnotes":"","tafseer":"হে মানৱজাতি! তোমালোকৰ ওচৰলৈ তোমালোকৰ প্ৰতিপালকৰ স্পষ্ট প্ৰমাণ আহি পৰিছে। যিয়ে সেয়া মানিব তেৱেঁই সফলতা পাব। যিয়ে আওকাণ কৰিব আৰু বুজিবলৈ যত্ন নকৰিব আৰু মানিবলৈও চেষ্টা নকৰিব, তাৰেই ক্ষতি হ'ব। মই তোমালোকৰ ৰক্ষক নহয় যে, তোমালোকৰ কৰ্মবোৰ গণি থাকিম। মই কেৱল মোৰ প্ৰতিপালকৰ তৰফৰ পৰা এজন ৰাছুলহে, তেৱেঁই তোমালোকৰ ৰক্ষক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006104.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006104.mp3"},{"index":"105","arabicText":"وَكَذٰلِكَ نُصَرِّفُ الْاٰیٰتِ وَلِیَقُوْلُوْا دَرَسْتَ وَلِنُبَیِّنَهٗ لِقَوْمٍ یَّعْلَمُوْنَ ۟","assameseTranslation":"এইদৰেই আমি নানা ধৰণে আয়াতসমূহ বিবৃত কৰোঁ। যাতে সিহঁতে কয় যে, ‘তুমি (পূৰ্বৱৰ্তী গ্ৰন্থৰ পৰা) শিকি লৈছা’, লগতে আমি ইয়াক সুস্পষ্টভাৱে বৰ্ণনা কৰোঁ জ্ঞানী সম্প্ৰদায়ৰ বাবে।","footnotes":"","tafseer":"যিদৰে আমি বিভিন্ন প্ৰকাৰৰ প্ৰমাণৰ দ্বাৰা আল্লাহৰ ক্ষমতা সাব্যস্ত কৰিলোঁ, সেইদৰে প্ৰতিশ্ৰুতি, সতৰ্ক তথা উপদেশ সম্পৰ্কীয় বিষয়ত বিভিন্ন ধৰণৰ আয়াত অৱতীৰ্ণ কৰিছোঁ। মুশ্বৰিকসকলে ক'ব যে, এয়া কোনো অহী নহয়। বৰং তোমাৰ পূৰ্বে যিসকলক গ্ৰন্থ দিয়া হৈছিল, তাৰ পৰা তোমালোকে শিকি লৈছা। এই আয়াতবোৰৰ দ্বাৰা আমি মানুহৰ সন্মুখত সত্য স্পষ্ট কৰি দিব বিচাৰোঁ আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ যিসকল মুমিন ব্যক্তি আছে, তেওঁলোকে যাতে এইবোৰ আয়াতৰ প্ৰতি ঈমান পোষণ কৰে। কাৰণ তেওঁলোকেই সত্য স্বীকাৰ কৰে আৰু ইয়াৰ অনুসৰণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006105.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006105.mp3"},{"index":"106","arabicText":"اِتَّبِعْ مَاۤ اُوْحِیَ اِلَیْكَ مِنْ رَّبِّكَ ۚ لَاۤ اِلٰهَ اِلَّا هُوَ ۚ وَاَعْرِضْ عَنِ الْمُشْرِكِیْنَ ۟","assameseTranslation":"তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অহী হৈছে তুমি কেৱল সেইটোকে অনুসৰণ কৰা, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুশ্বৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা।","footnotes":"","tafseer":"হে নবী! সেই সত্যৰ অনুসৰণ কৰক, যি সত্যৰ অহী আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি কৰিছে। তেওঁ পৱিত্ৰ সত্ত্বা, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। কাফিৰসকলৰ অবাধ্যতা তথা সীমালংঘনত আপুনি দুখী নহ’ব। কাৰণ সিহঁতৰ বিষয়বোৰ আল্লাহৰ জিম্মাত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006106.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006106.mp3"},{"index":"107","arabicText":"وَلَوْ شَآءَ اللّٰهُ مَاۤ اَشْرَكُوْا ؕ وَمَا جَعَلْنٰكَ عَلَیْهِمْ حَفِیْظًا ۚ وَمَاۤ اَنْتَ عَلَیْهِمْ بِوَكِیْلٍ ۟","assameseTranslation":"আল্লাহে ইচ্ছা কৰিলে সিহঁতে শ্বিৰ্ক নকৰিলেহেঁতেন। লগতে (জানি থোৱা) আমি তোমাক সিহঁতৰ বাবে সংৰক্ষক বনোৱা নাই আৰু তুমি সিহঁতৰ তত্বাৱধায়কো নহয়।","footnotes":"","tafseer":"আল্লাহে ইচ্ছা কৰিলে সিহঁতে কাকো অংশী স্থাপন নকৰিলেহেঁতেন। হে ৰাছুল! আমি আপোনাক সংৰক্ষক হিচাপে দায়িত্ব দিয়া নাই যে, আপুনি সিহঁতৰ আমল গণনা কৰি থাকিব। আপুনি হৈছে কেৱল এজন ৰাছুল, আৰু আপোনাৰ দায়িত্ব হৈছে কেৱল (দ্বীনি কথা) পৌঁচাই দিয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006107.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006107.mp3"},{"index":"108","arabicText":"وَلَا تَسُبُّوا الَّذِیْنَ یَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ فَیَسُبُّوا اللّٰهَ عَدْوًا بِغَیْرِ عِلْمٍ ؕ كَذٰلِكَ زَیَّنَّا لِكُلِّ اُمَّةٍ عَمَلَهُمْ ۪ ثُمَّ اِلٰی رَبِّهِمْ مَّرْجِعُهُمْ فَیُنَبِّئُهُمْ بِمَا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"আল্লাহৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে সেইবোৰক তোমালোকে গালি-শপনি নাপাৰিবা। কিয়নো সিহঁতে সীমালংঘন কৰি অজ্ঞানতাবশতঃ আল্লাহকো গালি দিব পাৰে। এইদৰে আমি প্ৰত্যেক জাতিৰ দৃষ্টিতে সিহঁতৰ কাৰ্যকলাপ শোভনীয় কৰি দিছোঁ; তাৰ পিছত সিহঁতৰ প্ৰতিপালকৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন হ’ব। ইয়াৰ পিছত তেওঁ সিহঁতক সিহঁতৰ কাৰ্যকলাপ সম্পৰ্কে জনাই দিব।","footnotes":"","tafseer":"হে মুমিনসকল! মুশ্বৰিকবিলাকে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি পূজা-পাঠ কৰা মূৰ্ত্তিবিলাকক তোমালোকে গালি-শপনি নাপাৰিবা। যদিও সেইবোৰ তুচ্ছ তথা গালি পাৰাৰ যোগ্য। এই কাৰণে যে, সিহঁতে যাতে মুৰ্খতাৰ পৰিচয় দি সীমালংঘন কৰি আল্লাহকেই গালি পাৰা আৰম্ভ নকৰে। যিদৰে সিহঁতৰ বাবে পথভ্ৰষ্টতাক সুসজ্জিত কৰি দিয়া হৈছে, ঠিক সেইদৰে আমি প্ৰত্যেক জাতিৰ বাবে সিহঁতৰ কৰ্মবোৰ সুসজ্জিত কৰি দিছোঁ। সেয়া ভাল কৰ্মই হওক অথবা বেয়া। ফলত সিহঁতে সেইটোৱে কৰিলে, যিটো আমি সিহঁতৰ বাবে সৌন্দৰ্যময় কৰি দিছিলোঁ। এতেকে ক্বিয়ামতৰ দিনা সিহঁত সকলোৰে প্ৰত্যাৱৰ্তন হ'ব নিজ প্ৰতিপালকৰ ওচৰত। তাত তেওঁ সিহঁতক পৃথিৱীত কৰা সিহঁতৰ আমল সম্পৰ্কে অৱগত কৰিব আৰু সিহঁতক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006108.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006108.mp3"},{"index":"109","arabicText":"وَاَقْسَمُوْا بِاللّٰهِ جَهْدَ اَیْمَانِهِمْ لَىِٕنْ جَآءَتْهُمْ اٰیَةٌ لَّیُؤْمِنُنَّ بِهَا ؕ قُلْ اِنَّمَا الْاٰیٰتُ عِنْدَ اللّٰهِ وَمَا یُشْعِرُكُمْ ۙ اَنَّهَاۤ اِذَا جَآءَتْ لَا یُؤْمِنُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে আল্লাহৰ নামত দৃঢ় শপত খাই কয়, সিহঁতৰ ওচৰত যদি কোনো নিদৰ্শন আহিলহেঁতেন তেন্তে নিশ্চয় সিহঁতে ইয়াৰ প্ৰতি ঈমান আনিলেহেঁতেন। কোৱা, ‘নিশ্চয় নিদৰ্শনসমূহ হৈছে আল্লাহৰ অধীনস্থ’। (হে ঈমান্দাৰসকল!) কিহে তোমালোকক উপলব্ধি কৰাব যে, যেতিয়া সেই (নিদৰ্শন) আহি পৰিব, তেতিয়াও সিহঁতে ঈমান পোষণ নকৰিব?","footnotes":"","tafseer":"মুশ্বৰিকসকলে আল্লাহৰ যিমান মজবুত শপত খাব পাৰিছিল সেয়া খাই কৈছেঃ মুহাম্মদে যদি সেইবোৰ নিদৰ্শন লৈ আহে, যিবোৰৰ প্ৰস্তাৱ সিহঁতে ৰাখিছে, তেতিয়াহে সিহঁতে তেওঁক মানি ল’ব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, নিদৰ্শনসমূহ লৈ অহাৰ কৰ্তৃত্ব মোৰ ওচৰত নাই যে, মই অৱতীৰ্ণ কৰিম। সেইবোৰ অৱতীৰ্ণ কৰাৰ ক্ষমতা হৈছে কেৱলমাত্ৰ আল্লাহৰ ওচৰত। তেওঁ যেতিয়া ইচ্ছা কৰে তেতিয়াহে অৱতীৰ্ণ কৰে। হে মুমিনসকল! তোমালোকে জানানে, সিহঁতে প্ৰস্তাৱ কৰা নিদৰ্শনসমূহ অৱতীৰ্ণ হ’লেও সিহঁতে ঈমান পোষণ নকৰিব, বৰং সিহঁত নিজৰ আগৰ অৱস্থাতেই অটল থাকিব, কাৰণ সিহঁতে হিদায়ত নিবিচাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006109.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006109.mp3"},{"index":"110","arabicText":"وَنُقَلِّبُ اَفْـِٕدَتَهُمْ وَاَبْصَارَهُمْ كَمَا لَمْ یُؤْمِنُوْا بِهٖۤ اَوَّلَ مَرَّةٍ وَّنَذَرُهُمْ فِیْ طُغْیَانِهِمْ یَعْمَهُوْنَ ۟۠","assameseTranslation":"আৰু সিহঁতে যেনেকৈ প্ৰথমবাৰতে ইয়াৰ প্ৰতি ঈমান পোষণ কৰা নাই, ঠিক তেনেকৈ আমিও সিহঁতৰ অন্তৰসমূহ আৰু দৃষ্টিসমূহ ওলোটাই দিম আৰু আমি সিহঁতক সিহঁতৰ অবাধ্যতাত উদ্ভ্ৰান্তৰ দৰে ঘূৰপাক খোৱা অৱস্থাত এৰি দিম।","footnotes":"","tafseer":"আমি সিহঁতৰ আৰু সত্যৰ মাজত প্ৰতিবন্ধক সৃষ্টি কৰি সিহঁতৰ হৃদয় আৰু আৰু দৃষ্টি ওলোটাই দিম। যিদৰে আমি সিহঁতৰ অবাধ্যতাৰ কাৰণে সিহঁতক কোৰআনৰ প্ৰতি ঈমান পোষণ কৰিবলৈ প্ৰতিবন্ধক লগাই দিছিলোঁ। আমি সিহঁতক সিহঁতৰ পথভ্ৰষ্টতা তথা প্ৰতিপালকৰ অবাধ্যতাৰ ওপৰত ক্লান্ত আৰু বিভ্ৰান্ত হৈ ঘূৰি ফুৰিবলৈ এৰি দিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006110.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006110.mp3"},{"index":"111","arabicText":"وَلَوْ اَنَّنَا نَزَّلْنَاۤ اِلَیْهِمُ الْمَلٰٓىِٕكَةَ وَكَلَّمَهُمُ الْمَوْتٰی وَحَشَرْنَا عَلَیْهِمْ كُلَّ شَیْءٍ قُبُلًا مَّا كَانُوْا لِیُؤْمِنُوْۤا اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ وَلٰكِنَّ اَكْثَرَهُمْ یَجْهَلُوْنَ ۟","assameseTranslation":"আৰু আমি সিহঁতৰ ওচৰলৈ ফিৰিস্তা প্ৰেৰণ কৰিলেও আৰু মৃতসকলে সিহঁতৰ লগত কথা পাতিলেও তথা সকলো বস্তুক সিহঁতৰ সন্মুখত সমবেত কৰিলেও আল্লাহৰ ইচ্ছা নহ’লে সিহঁতে কেতিয়াও ঈমান পোষণ নকৰিব; কিন্তু সিহঁতৰ অধিকাংশই হৈছে মূৰ্খ।","footnotes":"","tafseer":"যদি আমি সিহঁতৰ প্ৰস্তাৱ মতে ফিৰিস্তা অৱতীৰ্ণ কৰিলোঁহেঁতেন, ফলত সিহঁতে তেওঁলোকক দেখিলেহেঁতেন, লগতে মৃত ব্যক্তিয়েও যদি সিহঁতৰ লগত কথা ক’লেহেঁতেন আৰু আপুনি যি লৈ আহিছে তাক সত্য বুলি স্বীকৃতি দিলেহেঁতেন, আৰু আমি যদি সিহঁতৰ বাবে সেই সকলো বস্তু একত্ৰিত কৰি দিলোহেঁতেন যিবোৰ সিহঁতে বিচাৰিছে, এই সকলোবোৰ সিহঁতে নিজ চকুৰে দেখিলেও আপুনি লৈ অহা দ্বীনৰ প্ৰতি ঈমান পোষণ নকৰিলেহেঁতেন। কিন্তু সিহঁতৰ মাজৰ যাক স্বয়ং আল্লাহে হিদায়ত দিব বিচাৰে তাৰ কথাটো সুকীয়া। কিন্তু সিহঁতৰ মাজৰ অধিকাংশই এইটো নাজানে। এই কাৰণেই সিহঁতে আল্লাহৰ ওচৰত হিদায়তৰ তাওফীক কামনা কৰি তেওঁৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006111.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006111.mp3"},{"index":"112","arabicText":"وَكَذٰلِكَ جَعَلْنَا لِكُلِّ نَبِیٍّ عَدُوًّا شَیٰطِیْنَ الْاِنْسِ وَالْجِنِّ یُوْحِیْ بَعْضُهُمْ اِلٰی بَعْضٍ زُخْرُفَ الْقَوْلِ غُرُوْرًا ؕ وَلَوْ شَآءَ رَبُّكَ مَا فَعَلُوْهُ فَذَرْهُمْ وَمَا یَفْتَرُوْنَ ۟","assameseTranslation":"আৰু এইদৰে আমি মানৱ আৰু জ্বিনৰ মাজৰ পৰা চয়তানসকলক প্ৰত্যেক নবীৰ শত্ৰু বনাইছোঁ, প্ৰতাৰণাৰ উদ্দেশ্যে সিহঁতে ইজনে সিজনক চমকপ্ৰদ বাক্যৰ দ্বাৰা কুমন্ত্ৰণা দিয়ে। তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সিহঁতে এইবোৰ নকৰিলেহেঁতেন, গতিকে তুমি সিহঁতক আৰু সিহঁতৰ মিছা ৰটনাক পৰিত্যাগ কৰা।","footnotes":"","tafseer":"এই মুশ্বৰিকসকলৰ শত্ৰুতাৰ জৰিয়তে যিদৰে আমি আপোনাক পৰীক্ষা কৰিলোঁ, সেইদৰে আপোনাৰ পূৰ্বে আন আন নবী সকলকো পৰীক্ষা কৰিছিলোঁ। প্ৰত্যেক নবীৰ বাবে আমি কিছুমান বিদ্ৰোহী মানুহ আৰু কিছুমান বিদ্ৰোহী জ্বিন শত্ৰু হিচাপে নিৰ্ধাৰণ কৰিছিলোঁ, যিসকলে ইজনে সিজনৰ অন্তৰত কুমন্ত্ৰণা দিছিল আৰু পাপ কৰ্মক সৌন্দৰ্যৰে প্ৰস্তুত কৰিছিল, যাতে সিহঁতক প্ৰতাৰণা কৰিব পাৰে। অথচ আল্লাহে ইচ্ছা কৰিলে সিহঁতে এইবোৰ কৰিব নোৱাৰিলেহেঁতেন। কিন্তু আল্লাহে এইটো বিচাৰিছিল, যাতে তেওঁলোকক পৰীক্ষা কৰা যায়। এতেকে আপুনি সিহঁতক আৰু সিহঁতৰ কুফুৰীক লগতে বাতিল পন্থাক পৰিত্যাগ কৰক, সেইফালে মনোযোগ দিয়াৰ কোনো প্ৰয়োজন নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006112.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006112.mp3"},{"index":"113","arabicText":"وَلِتَصْغٰۤی اِلَیْهِ اَفْـِٕدَةُ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ وَلِیَرْضَوْهُ وَلِیَقْتَرِفُوْا مَا هُمْ مُّقْتَرِفُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে এইকাৰণে কুমন্ত্ৰণা দিয়ে যে, যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতৰ মন যাতে সেই চমকপ্ৰদ কথাৰ প্ৰতি অনুৰাগী হয় আৰু যাতে সিহঁতে পছন্দ কৰে; আৰু সিহঁতে যি অপকৰ্ম কৰে সেইটোৱেই যেন সিহঁতে কৰি থাকে।","footnotes":"","tafseer":"যাতে পৰস্পৰে পৰস্পৰৰ প্ৰতি কৰা সিহঁতৰ কুমন্ত্ৰণাত সেইসকল লোকো পতিত হয়, যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে, লগতে যাতে সিহঁতে ইয়াক নিজৰ বাবে স্বীকাৰ কৰে আৰু পছন্দ কৰে, লগতে সেই গুনাহৰ মাজতেই যেন পতিত হৈ থাকে, যিটোৰ মাজত পতিত হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006113.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006113.mp3"},{"index":"114","arabicText":"اَفَغَیْرَ اللّٰهِ اَبْتَغِیْ حَكَمًا وَّهُوَ الَّذِیْۤ اَنْزَلَ اِلَیْكُمُ الْكِتٰبَ مُفَصَّلًا ؕ وَالَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ یَعْلَمُوْنَ اَنَّهٗ مُنَزَّلٌ مِّنْ رَّبِّكَ بِالْحَقِّ فَلَا تَكُوْنَنَّ مِنَ الْمُمْتَرِیْنَ ۟","assameseTranslation":"(কোৱা) ‘মই আল্লাহৰ বাহিৰে আন কাৰোবাক ফয়চালাকাৰী হিচাপে অন্বেষণ কৰিম নেকি? অথচ তেৱেঁই তোমালোকৰ প্ৰতি বিস্তাৰিত কিতাব অৱতীৰ্ণ কৰিছে’! আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছোঁ সিহঁতে জানে যে, নিশ্চয় এইখন তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা যথাযথভাৱে নাযিলকৃত। গতিকে তুমি সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’বা।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এইসকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আল্লাহৰ লগতে অন্যান্য উপাস্যৰো উপাসনা কৰে, এইটো যুক্তি সংগত হ'ব পাৰেনে যে, আল্লাহৰ বাহিৰে আন কাৰোবাক মোৰ আৰু তোমালোকৰ মাজত ন্যায় বিচাৰক হিচাপে গ্ৰহণ কৰিম, অথচ আল্লাহেই তোমালোকৰ প্ৰতি সকলো বিষয় পৰিপূৰ্ণৰূপে বৰ্ণনাকাৰী গ্ৰন্থ (কোৰআন) অৱতীৰ্ণ কৰিছে। ইয়াহুদীসকলক প্ৰদান কৰিছিল তাওৰাত আৰু খৃষ্টানসকলক প্ৰদান কৰিছিল ইঞ্জীল, সিহঁতে জানে যে, আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন সত্যৰ ওপৰত প্ৰতিষ্ঠিত। এই গ্ৰন্থৰ সত্যতাৰ প্ৰমাণ সিহঁতৰ গ্ৰন্থতো লিপিবদ্ধ আছে। এতেকে আমি আপোনাৰ প্ৰতি যি অহী প্ৰেৰণ কৰিছোঁ, সেই বিষয়ে আপুনি সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006114.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006114.mp3"},{"index":"115","arabicText":"وَتَمَّتْ كَلِمَتُ رَبِّكَ صِدْقًا وَّعَدْلًا ؕ لَا مُبَدِّلَ لِكَلِمٰتِهٖ ۚ وَهُوَ السَّمِیْعُ الْعَلِیْمُ ۟","assameseTranslation":"সত্য আৰু ন্যায়ৰ ফালৰ পৰা তোমাৰ প্ৰতিপালকৰ বাণী পৰিপূৰ্ণ। তেওঁৰ বাক্যসমূহ পৰিবৰ্তন কৰিব পৰা কোনো নাই। তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"বৰ্ণনা তথা সূচনাৰ ক্ষেত্ৰত কোৰআন সত্যতাৰ সৰ্বোচ্চ শৃঙ্গত উপনীত হৈছে। তেওঁৰ কথাক কোনেও পৰিবৰ্তন কৰিব নোৱাৰে। তেওঁ বান্দাৰ কথা শ্ৰৱণকাৰী আৰু সেই সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ শীঘ্ৰেই সেইসকল লোকক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব যিসকলে তেওঁৰ শব্দ পৰিবৰ্তন কৰাৰ প্ৰয়াস কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006115.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006115.mp3"},{"index":"116","arabicText":"وَاِنْ تُطِعْ اَكْثَرَ مَنْ فِی الْاَرْضِ یُضِلُّوْكَ عَنْ سَبِیْلِ اللّٰهِ ؕ اِنْ یَّتَّبِعُوْنَ اِلَّا الظَّنَّ وَاِنْ هُمْ اِلَّا یَخْرُصُوْنَ ۟","assameseTranslation":"আৰু যদি তুমি পৃথিৱীৰ অধিকাংশ লোকৰ কথামতে চলা, তেন্তে সিহঁতে তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব। সিহঁতে কেৱল ধাৰণাৰহে অনুসৰণ কৰে, আৰু কেৱল অনুমান ভিত্তিকহে কথা কয়।","footnotes":"","tafseer":"ধৰি লোৱা হ'ল হে ৰাছুল! আপুনি পৃথিৱীৰ অধিকাংশ লোকক অনুসৰণ কৰা আৰম্ভ কৰিলে, তেন্তে জানি থওক, সিহঁতেই আপোনাক আল্লাহৰ দ্বীনৰ পৰা পথভ্ৰষ্ট কৰিব। কাৰণ আগৰ পৰাই আল্লাহৰ এই ৰীতি চলি আহিছে যে, সত্য কেৱল সংখ্যালঘুৰ ওচৰতহে থাকে। অধিকাংশ লোকে কেৱল ধাৰণাৰহে অনুসৰণ কৰে, যাৰ কোনো ভিত্তি নাই। সিহঁতে ভাবে যে, সিহঁতৰ উপাস্যবোৰে সিহঁতক আল্লাহৰ নৈকট্য লাভ কৰাই দিব। অথচ এই বিষয়ত সিহঁতে মিছাৰ আশ্ৰয় লৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006116.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006116.mp3"},{"index":"117","arabicText":"اِنَّ رَبَّكَ هُوَ اَعْلَمُ مَنْ یَّضِلُّ عَنْ سَبِیْلِهٖ ۚ وَهُوَ اَعْلَمُ بِالْمُهْتَدِیْنَ ۟","assameseTranslation":"নিশ্চয় তোমাৰ প্ৰতিপালক সেই ব্যক্তি সম্পৰ্কে অধিক অৱগত যিয়ে তেওঁৰ পথৰ পৰা বিপথগামী হয়। লগতে যিসকল সৎপথত আছে তেওঁলোকৰ বিষয়েও তেওঁ অধিক অৱগত।","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে ভালদৰেই জানে, কোন তেওঁৰ পথৰ পৰা বিভ্ৰান্ত হৈছে আৰু কোন হিদায়ত প্ৰাপ্ত হৈছে। এই বিষয়ত তেওঁৰ পৰা কোনো বস্তুৱে গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006117.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006117.mp3"},{"index":"118","arabicText":"فَكُلُوْا مِمَّا ذُكِرَ اسْمُ اللّٰهِ عَلَیْهِ اِنْ كُنْتُمْ بِاٰیٰتِهٖ مُؤْمِنِیْنَ ۟","assameseTranslation":"যদি তোমালোকে তেওঁৰ আয়াতসমূহৰ প্ৰতি বিশ্বাসী হোৱা তেন্তে যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হৈছে সেইটো ভক্ষণ কৰা;","footnotes":"","tafseer":"এতেকে হে মানৱজাতি! যদিহে তোমালোকে স্পষ্ট প্ৰমাণসমূহৰ প্ৰতি সঁচাই ঈমান পোষণ কৰিছা তেন্তে সেই মাংস ভক্ষণ কৰা, যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006118.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006118.mp3"},{"index":"119","arabicText":"وَمَا لَكُمْ اَلَّا تَاْكُلُوْا مِمَّا ذُكِرَ اسْمُ اللّٰهِ عَلَیْهِ وَقَدْ فَصَّلَ لَكُمْ مَّا حَرَّمَ عَلَیْكُمْ اِلَّا مَا اضْطُرِرْتُمْ اِلَیْهِ ؕ وَاِنَّ كَثِیْرًا لَّیُضِلُّوْنَ بِاَهْوَآىِٕهِمْ بِغَیْرِ عِلْمٍ ؕ اِنَّ رَبَّكَ هُوَ اَعْلَمُ بِالْمُعْتَدِیْنَ ۟","assameseTranslation":"তোমালোকৰ কি হৈছে, যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হৈছে তোমালোকে সেই জন্তুৰ (মাংস) কিয় ভক্ষণ নকৰিবা? তোমালোকৰ বাবে তেওঁ যিটো হাৰাম কৰিছে সেয়া তেওঁ তোমালোকৰ ওচৰত বিশদভাৱেই বৰ্ণনা কৰিছে, কিন্তু তোমালোকে নিৰুপায় হ’লে সেয়া সুকীয়া কথা। নিশ্চয় বহুতে অজ্ঞতাবশতঃ নিজৰ প্ৰবৃত্তিৰ দ্বাৰা আনক বিপথগামী কৰে; নিশ্চয় তোমাৰ প্ৰতিপালক সীমালংঘনকাৰীসকলৰ বিষয়ে অধিক অৱগত।","footnotes":"","tafseer":"হে মুমিনসকল! আল্লাহৰ নামত জবেহ কৰা জন্তুৰ (মাংস) খাবলৈ তোমালোকক কিহে বাৰণ কৰিছে, অথচ আল্লাহে তোমালোকৰ বাবে যি যি হাৰাম কৰিছে সেয়া স্পষ্টভাৱে বৰ্ণনা কৰিছে। এতেকে সেইবোৰ তোমালোকে পৰিত্যাগ কৰা উচিত। কিন্তু খাবলৈ বাধ্য হ'লে সেয়া সুকীয়া কথা। কিয়নো বিশেষ প্ৰয়োজনত হাৰাম বস্তুকো হালাল কৰি দিয়ে। প্ৰকৃততে অধিকাংশ মুশ্বৰিকসকলে অজ্ঞতাৰ কাৰণে নিজৰ তথ্যহীন মন্তব্যৰ জৰিয়তে সিহঁতৰ অনুসাৰীসকলক সত্যৰ পৰা আঁতৰত ৰাখে। উদাহৰণস্বৰূপে আল্লাহে হাৰাম কৰা বস্তুক সিহঁতে হালাল বুলি কয়ঃ যেনে মৃত জীৱ-জন্তু আদিক। আনহাতে তেওঁ হালাল কৰা বস্তুক হাৰাম বুলি কয়ঃ যেনে, বাহীৰা, অচীলা আৰু হামী আদি (এইবোৰ সেইসমূহ জন্তুক কোৱা হয় যিবোৰ অজ্ঞতা যুগত আৰববাসীয়ে মূৰ্তিৰ নামত এৰিছিল)। হে ৰাছুল! আপোনাৰ প্ৰতিপালকে নিশ্চিতভাৱে ভালদৰেই জানে যিসকলে তেওঁৰ সীমালংঘন কৰে। শীঘ্ৰেই তেওঁ সিহঁতক সীমালংঘন কৰাৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006119.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006119.mp3"},{"index":"120","arabicText":"وَذَرُوْا ظَاهِرَ الْاِثْمِ وَبَاطِنَهٗ ؕ اِنَّ الَّذِیْنَ یَكْسِبُوْنَ الْاِثْمَ سَیُجْزَوْنَ بِمَا كَانُوْا یَقْتَرِفُوْنَ ۟","assameseTranslation":"এতেকে তোমালোকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰ পাপ বৰ্জন কৰা, নিশ্চয় যিসকলে পাপ অৰ্জন কৰে অনতিপলমে সিহঁতক সিহঁতৰ পাপ কৰ্মৰ প্ৰতিফল দিয়া হ’ব।","footnotes":"","tafseer":"হে মানৱ! প্ৰকাশ্য তথা অপ্ৰকাশ্য পাপকৰ্মৰ পৰা বিৰত থাকা। নিশ্চয় যিসকলে প্ৰকাশ্য তথা অপ্ৰকাশ্যভাৱে গুনাহ কৰে, আল্লাহে সিহঁতক গুনাহৰ প্ৰতিদান নিশ্চয় প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006120.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006120.mp3"},{"index":"121","arabicText":"وَلَا تَاْكُلُوْا مِمَّا لَمْ یُذْكَرِ اسْمُ اللّٰهِ عَلَیْهِ وَاِنَّهٗ لَفِسْقٌ ؕ وَاِنَّ الشَّیٰطِیْنَ لَیُوْحُوْنَ اِلٰۤی اَوْلِیٰٓـِٕهِمْ لِیُجَادِلُوْكُمْ ۚ وَاِنْ اَطَعْتُمُوْهُمْ اِنَّكُمْ لَمُشْرِكُوْنَ ۟۠","assameseTranslation":"আৰু যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হোৱা নাই, তাৰ (মাংসৰ) পৰা তোমালোকে একো নাখাবা; আৰু নিশ্চয় সেয়া গৰ্হিত। নিশ্চয় চয়তানসকলে সিহঁতৰ বন্ধুসকলক তোমালোকৰ সৈতে বিবাদ কৰিবলৈ প্ৰৰোচনা দিয়ে; আৰু যদি তোমালোকে সিহঁতৰ আনুগত্য কৰা, তেন্তে তোমালোকেও মুশ্বৰিক হৈ পৰিবা।","footnotes":"","tafseer":"হে মুছলিমসকল! তোমালোকে সেইবোৰ জন্তুৰ মাংস ভক্ষণ নকৰিবা যিবোৰ জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হোৱা নাই। যদিও বেলেগৰ নাম লোৱা হওক বা নহওক। এনেকুৱা মাংস ভক্ষণ কৰিলে আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কাৰ হৈ তেওঁৰ অবাধ্যতাত পতিত হয়। প্ৰকৃততে চয়তানে তাৰ সহায়ক সকলৰ অন্তৰত সংশয় সৃষ্টি কৰে, যাতে সিহঁতে তোমালোকৰ লগত মৃত জন্তুৰ মাংস খোৱা সম্পৰ্কে তৰ্ক কৰিব পাৰে। হে মুছলিমসকল! মৃত জন্তুৰ মাংস খোৱা সম্পৰ্কে সিহঁতে সৃষ্টি কৰা সংশয়ৰ যদি তোমালোকে অনুসৰণ কৰা তেন্তে তোমালোকেও শ্বিৰ্কত সিহঁতৰ শ্ৰেণীভুক্ত হৈ যাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006121.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006121.mp3"},{"index":"122","arabicText":"اَوَمَنْ كَانَ مَیْتًا فَاَحْیَیْنٰهُ وَجَعَلْنَا لَهٗ نُوْرًا یَّمْشِیْ بِهٖ فِی النَّاسِ كَمَنْ مَّثَلُهٗ فِی الظُّلُمٰتِ لَیْسَ بِخَارِجٍ مِّنْهَا ؕ كَذٰلِكَ زُیِّنَ لِلْكٰفِرِیْنَ مَا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"যি ব্যক্তি মৃত আছিল (অৰ্থাৎ যাৰ অস্তিত্ব নাছিল), যাক আমি পিছত জীৱিত কৰিছোঁ আৰু তাৰ বাবে নিৰ্ধাৰণ কৰিছোঁ জ্যোতি, যাৰ মাধ্যমত তেওঁ মানুহৰ ভিতৰত চলা-ফুৰা কৰে, সেইজন ব্যক্তি সেই ব্যক্তিৰ দৰে নেকি যিজন এনেকুৱা অন্ধকাৰত আছে য’ৰ পৰা সি কেতিয়াও ওলাব নোৱাৰিব? এইদৰেই কাফিৰসকলৰ কৃতকৰ্মক শোভনীয় কৰি দিয়া হৈছে।","footnotes":"","tafseer":"যি ব্যক্তিয়ে আল্লাহৰ ফালৰ পৰা হিদায়ত লাভ কৰাৰ পূৰ্বে–কুফৰ, অজ্ঞতা আৰু গুনাহত পতিত থকাৰ কাৰণে- মৃত আছিল, তাৰ পিছত আমি তাক ঈমান তথা জ্ঞান আৰু আনুগত্যৰ পথ দেখুৱাই হিদায়তৰ দ্বাৰা জীৱিত কৰিছোঁ, তেওঁ সেই ব্যক্তিৰ দৰে হ'ব পাৰে নেকি যিয়ে কুফৰ তথা অজ্ঞতা আৰু কুকৰ্মৰ অন্ধকাৰত পতিত হৈ আছে, আৰু তাৰ পৰা ওলাই আহিবলৈও তাৰ ওচৰত কোনো শক্তি নাই, সকলো পথ তাৰ ওচৰত একেই লাগি আছে লগতে চাৰিওফালে অন্ধকাৰেই অন্ধকাৰ। যিদৰে এইসকল মুশ্বৰিকৰ বাবে শ্বিৰ্ক তথা মৃত জীৱ-জন্তুৰ মাংস খোৱা আৰু তথ্যহীন তৰ্ক কৰা সৌন্দৰ্যময় কৰি দিয়া হৈছে, ঠিক সেইদৰে কাফিৰসকলৰ বাবেও সিহঁতৰ পাপকৰ্মক সৌন্দৰ্যময় কৰি দিয়া হৈছে, যাতে কিয়ামতৰ দিনা সিহঁতক ইয়াৰ পৰিবৰ্তে যন্ত্ৰণাদায়ক শাস্তি দিব পৰা যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006122.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006122.mp3"},{"index":"123","arabicText":"وَكَذٰلِكَ جَعَلْنَا فِیْ كُلِّ قَرْیَةٍ اَكٰبِرَ مُجْرِمِیْهَا لِیَمْكُرُوْا فِیْهَا ؕ وَمَا یَمْكُرُوْنَ اِلَّا بِاَنْفُسِهِمْ وَمَا یَشْعُرُوْنَ ۟","assameseTranslation":"আৰু এইদৰে আমি প্ৰতিটো জনপদৰ প্ৰধানক অপৰাধী হিচাপে এৰি দিছোঁ, যাতে সিহঁতে তাত চক্ৰান্ত কৰে; কিন্তু সিহঁতে কেৱল নিজৰ বিৰুদ্ধেহে চক্ৰান্ত কৰে, অথচ সিহঁতে উপলব্ধি নকৰে।","footnotes":"","tafseer":"যিদৰে মক্কাৰ মুশ্বৰিক নেতাসকলে মানুহক আল্লাহৰ পথত আহিবলৈ বাধা সৃষ্টি কৰিছিল, ঠিক সেইদৰে আমি প্ৰতিটো জনপদতে নেতা আৰু প্ৰধান বনাইছোঁ, যিসকলে চয়তানৰ পথত আহ্বান কৰে তথা ৰাছুল আৰু তেওঁৰ অনুসাৰীসকলৰ বিৰুদ্ধে চক্ৰান্ত ৰচনা কৰে, কিন্তু প্ৰকৃততে এই চক্ৰান্ত সিহঁতৰ নিজৰ বিৰুদ্ধেই প্ৰযোজ্য হ'ব। কিন্তু প্ৰবৃত্তিৰ অনুসৰণ আৰু অজ্ঞতাৰ ফলত সিহঁতে এই কথা উপলব্ধি কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006123.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006123.mp3"},{"index":"124","arabicText":"وَاِذَا جَآءَتْهُمْ اٰیَةٌ قَالُوْا لَنْ نُّؤْمِنَ حَتّٰی نُؤْتٰی مِثْلَ مَاۤ اُوْتِیَ رُسُلُ اللّٰهِ ؔۘؕ اَللّٰهُ اَعْلَمُ حَیْثُ یَجْعَلُ رِسَالَتَهٗ ؕ سَیُصِیْبُ الَّذِیْنَ اَجْرَمُوْا صَغَارٌ عِنْدَ اللّٰهِ وَعَذَابٌ شَدِیْدٌۢ بِمَا كَانُوْا یَمْكُرُوْنَ ۟","assameseTranslation":"আৰু যেতিয়া সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহে তেতিয়া সিহঁতে কয়, ‘আল্লাহৰ ৰাছুলসকলক যি প্ৰদান কৰা হৈছিল সেয়া আমাক প্ৰদান নকৰালৈকে আমি কেতিয়াও ঈমান পোষণ নকৰোঁ’। আল্লাহে তেওঁৰ ৰিছালত ক’ত অৰ্পন কৰিব সেইটো তেৱেঁই ভালকৈ জানে। যিসকলে অপৰাধ কৰিছে, সিহঁতৰ চক্ৰান্তৰ কাৰণে আল্লাহৰ তৰফৰ পৰা লাঞ্ছনা আৰু কঠোৰ শাস্তি অনতিপলমে সিহঁতৰ ওপৰত আপতিত হ’ব।","footnotes":"","tafseer":"আল্লাহৰ ফালৰ নবীৰ ওপৰত অৱতীৰ্ণ হোৱা কোনো নিদৰ্শন যেতিয়া কাফিৰসকলৰ নেতাৰ ওচৰলৈ আহে, তেতিয়া সিহঁতে কয়ঃ আমি কেতিয়াও ইয়াৰ প্ৰতি ঈমান পোষণ নকৰোঁ, যেতিয়ালৈকে আমাকো নবীসকলৰ দৰে ৰিছালত তথা নুবুওৱত প্ৰদান কৰা নহ'ব। আল্লাহে সিহঁতৰ এই কথাৰ প্ৰত্যুত্তৰ প্ৰদান কৰি কৈছে যে, তেৱেঁই ভালদৰে জানে কোন ৰিছালত পোৱাৰ যোগ্য আৰু কোনে এই দায়িত্ব পালন কৰিব পাৰিব, সেই ব্যক্তিকেই তেওঁ নুবুওৱত আৰু ৰিছালত প্ৰদান কৰে। নিশ্চয় এইসকল পাপিষ্ঠই অহংকাৰবশতঃ সত্যৰ পৰা বিমুখ হোৱাৰ কাৰণে লগতে অপমান তথা চক্ৰান্ত কৰাৰ কাৰণে যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006124.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006124.mp3"},{"index":"125","arabicText":"فَمَنْ یُّرِدِ اللّٰهُ اَنْ یَّهْدِیَهٗ یَشْرَحْ صَدْرَهٗ لِلْاِسْلَامِ ۚ وَمَنْ یُّرِدْ اَنْ یُّضِلَّهٗ یَجْعَلْ صَدْرَهٗ ضَیِّقًا حَرَجًا كَاَنَّمَا یَصَّعَّدُ فِی السَّمَآءِ ؕ كَذٰلِكَ یَجْعَلُ اللّٰهُ الرِّجْسَ عَلَی الَّذِیْنَ لَا یُؤْمِنُوْنَ ۟","assameseTranslation":"এতেকে আল্লাহে কাৰোবাক সৎপথত পৰিচালিত কৰিব বিচাৰিলে তেওঁ তাৰ বুকু ইছলামৰ বাবে প্ৰশস্ত কৰি দিয়ে, আৰু কাৰোবাক বিপথগামী কৰিব বিচাৰিলে তেওঁ তাৰ বুকু অতি সংকীৰ্ণ কৰি দিয়ে, (ফলত সেই ব্যক্তিৰ বাবে ইছলামৰ অনুসৰণ) এনে লাগে যেনিবা সি বহু কষ্টৰে আকাশলৈ উঠি আছে। এইদৰেই আল্লাহে শাস্তি দিয়ে সিহঁতক, যিসকলে ঈমান পোষণ নকৰে।","footnotes":"","tafseer":"আল্লাহে যাক সুপথ দেখুৱাব বিচাৰে, তাৰ বুকু প্ৰশস্ত কৰি দিয়ে, লগতে তাক ইছলাম স্বীকাৰ কৰিবলৈ প্ৰস্তুত কৰি দিয়ে। আনহাতে যাক অকলশৰীয়া কৰিব বিচাৰে তথা সুপথৰ পৰা দূৰ কৰিব বিচাৰে, তাৰ বুকু ইমান সংকুচিত কৰি দিয়ে যে তাত সত্য প্ৰৱেশ কৰিবই নোৱাৰে। সত্য স্বীকাৰ কৰিবলৈ তাৰ ওচৰত এনেকুৱা লাগে যেনিবা সি বহু কষ্টৰে আকাশলৈ উঠি আছে, প্ৰকৃততে যিটো অসম্ভৱ। যিদৰে আল্লাহে পথভ্ৰষ্ট ব্যক্তিসকলক সংকীৰ্ণতাত পতিত কৰিছে, ঠিক সেইদৰে তেওঁ সেইসকল লোককো শাস্তি প্ৰদান কৰিব, যিসকলে ইয়াৰ প্ৰতি ঈমান পোষণ কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006125.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006125.mp3"},{"index":"126","arabicText":"وَهٰذَا صِرَاطُ رَبِّكَ مُسْتَقِیْمًا ؕ قَدْ فَصَّلْنَا الْاٰیٰتِ لِقَوْمٍ یَّذَّكَّرُوْنَ ۟","assameseTranslation":"আৰু এইটোৱেই তোমাৰ প্ৰতিপালকৰ নিৰ্দেশিত সৰল পথ। যিসকলে উপদেশ গ্ৰহণ কৰে আমি তেওঁলোকৰ বাবে নিদৰ্শনসমূহ বিশদভাৱে বৰ্ণনা কৰিছোঁ।","footnotes":"","tafseer":"হে ৰাছুল! এই দ্বীন, যিটো আমি আপোনাক প্ৰদান কৰিছোঁ, এইটোৱে হৈছে আল্লাহৰ সুপথ, ইয়াত কোনো বক্ৰতা নাই। আমি নিদৰ্শনসমূহ সেই ব্যক্তিৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰিছোঁ, যাক আল্লাহে বুজিবলৈ বিবেক প্ৰদান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006126.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006126.mp3"},{"index":"127","arabicText":"لَهُمْ دَارُ السَّلٰمِ عِنْدَ رَبِّهِمْ وَهُوَ وَلِیُّهُمْ بِمَا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে শান্তিৰ আবাস আৰু তেওঁলোকে যি আমল কৰিছিল, তাৰ বাবে তেৱেঁই তেওঁলোকৰ অভিভাৱক।","footnotes":"","tafseer":"তেওঁলোকৰ বাবে আছে এনেকুৱা এটা ঘৰ, য’ত তেওঁলোকে সকলো অপ্ৰিয় বস্তুৰ পৰা দূৰত থাকিব। সেই ঘৰ হৈছে জান্নাত। তেওঁলোকে কৰা সত্কৰ্মৰ বিনিময়ত স্বয়ং আল্লাহেই তেওঁলোকৰ সহায়ক আৰু সমৰ্থক হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006127.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006127.mp3"},{"index":"128","arabicText":"وَیَوْمَ یَحْشُرُهُمْ جَمِیْعًا ۚ یٰمَعْشَرَ الْجِنِّ قَدِ اسْتَكْثَرْتُمْ مِّنَ الْاِنْسِ ۚ وَقَالَ اَوْلِیٰٓؤُهُمْ مِّنَ الْاِنْسِ رَبَّنَا اسْتَمْتَعَ بَعْضُنَا بِبَعْضٍ وَّبَلَغْنَاۤ اَجَلَنَا الَّذِیْۤ اَجَّلْتَ لَنَا ؕ قَالَ النَّارُ مَثْوٰىكُمْ خٰلِدِیْنَ فِیْهَاۤ اِلَّا مَا شَآءَ اللّٰهُ ؕ اِنَّ رَبَّكَ حَكِیْمٌ عَلِیْمٌ ۟","assameseTranslation":"আৰু যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব (আৰু ক’ব), ‘হে জ্বিন সম্প্ৰদায়! তোমালোকে বহুতো লোকক পথভ্ৰষ্ট কৰিছিলা’, আৰু মানুহৰ মাজৰ পৰা সিহঁতৰ বন্ধুসকলে ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমি ইজনে সিজনৰ পৰা উপকৃত হৈছিলোঁ আৰু তুমি আমাৰ বাবে যি সময় নিৰ্ধাৰণ কৰিছিলা এতিয়া আমি তাত উপনীত হৈছোঁ’। আল্লাহে ক’ব, ‘জাহান্নামেই হৈছে তোমালোকৰ বাসস্থান, তোমালোকে তাত চিৰকাল থাকিবা’, কিন্তু আল্লাহে (উলিওৱাৰ) ইচ্ছা কৰিলে সেয়া সুকীয়া কথা। নিশ্চয় তোমাৰ প্ৰতিপালক প্ৰজ্ঞাময়, সৰ্বজ্ঞ।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক সেই দিৱসটোক, যিদিনা আল্লাহে সকলো মানৱ তথা জিনসকলক একত্ৰিত কৰিব, তাৰ পিছত ক'বঃ হে জিনসকল! তোমালোকে মানুহক বহু প্ৰকাৰে পথভ্ৰষ্ট কৰিছা আৰু আল্লাহৰ পথৰ পৰা বিৰত ৰাখিছা। মানৱসকলৰ মাজৰ যিসকলে সিহঁতৰ অনুসৰণ কৰিছিল সিহঁতে উত্তৰ দি ক'বঃ হে আমাৰ প্ৰতিপালক! আমি প্ৰত্যেকেই পৰস্পৰে পৰস্পৰৰ পৰা উপকৃত হৈছিলোঁ। জিনসকলে মানুহৰ আদেশ পালনৰ আনন্দ উপভোগ কৰিছিল, আনহাতে মানুহে নিজৰ ইচ্ছা মতে কিবা পাবলৈ সিহঁতক প্ৰয়োগ কৰিছিল। এইদৰে আমি এতিয়া নিৰ্ধাৰিত সময়ত উপনীত হৈছোঁ যিটো তুমি আমাৰ বাবে নিৰ্ধাৰণ কৰিছিলা। এতেকে এইটোৱে হৈছে ক্বিয়ামতৰ দিৱস। আল্লাহে ক'বঃ তোমালোকৰ ঠিকনা হৈছে জাহান্নাম, তাত তোমালোকে চিৰকাল থাকিবা, কেৱল অকণমান সময়ৰ বাহিৰে যিটো তোমালোকৰ বাবে আল্লাহে অৱকাশ দিছিল, সেয়া হৈছে কবৰৰ পৰা উঠাৰ পিছত জাহান্নামত প্ৰৱেশ নকৰালৈকে সময়খিনি। এই সময়খিনিকেই আল্লাহে সিহঁতৰ চিৰস্থায়ী আৱাসস্থলৰ পৰা পৃথক কৰিছে। হে ৰাছুল! নিশ্চয় আপোনাৰ ৰব্ব পৰিচালনাৰ ক্ষেত্ৰত তথা নিৰ্ণয়ৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান, বান্দাসকলৰ বিষয়ে সৰ্বজ্ঞ, বিশেষকৈ যিসকল শাস্তিৰ যোগ্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006128.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006128.mp3"},{"index":"129","arabicText":"وَكَذٰلِكَ نُوَلِّیْ بَعْضَ الظّٰلِمِیْنَ بَعْضًا بِمَا كَانُوْا یَكْسِبُوْنَ ۟۠","assameseTranslation":"আৰু এইদৰেই আমি যালিমসকলৰ কিছুমানক আন কিছুমানৰ লগত বন্ধুত্ব গঢ়াই দিওঁ, সিহঁতে যি অৰ্জন কৰিছিল তাৰ কাৰণে।","footnotes":"","tafseer":"যিদৰে আমি জঘন্য পাপিষ্ঠ জিনক কিছুমান লোকৰ সহায়ক কৰি দিছোঁ আৰু সিহঁতৰ আয়ত্ত্বাধীন কৰি দিছোঁ, যাতে সিহঁতে সিহঁতক পথভ্ৰষ্ট কৰিব পাৰে। সেইদৰে আমি প্ৰত্যেক অত্যাচাৰীৰ সহায়ক এজন অত্যাচাৰীয়ে বনাই দিওঁ, যিয়ে তাক কেৱল বেয়া কৰ্ম কৰাৰ প্ৰৰোচনা দিয়ে, আৰু সত্কৰ্মৰ পৰা ঘৃণা উপজায় আৰু বিৰত ৰাখে। দৰাচলতে এয়া সিহঁতৰ সেইসমূহ গুনাহৰ পৰিণাম, যিবোৰ সিহঁতে কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006129.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006129.mp3"},{"index":"130","arabicText":"یٰمَعْشَرَ الْجِنِّ وَالْاِنْسِ اَلَمْ یَاْتِكُمْ رُسُلٌ مِّنْكُمْ یَقُصُّوْنَ عَلَیْكُمْ اٰیٰتِیْ وَیُنْذِرُوْنَكُمْ لِقَآءَ یَوْمِكُمْ هٰذَا ؕ قَالُوْا شَهِدْنَا عَلٰۤی اَنْفُسِنَا وَغَرَّتْهُمُ الْحَیٰوةُ الدُّنْیَا وَشَهِدُوْا عَلٰۤی اَنْفُسِهِمْ اَنَّهُمْ كَانُوْا كٰفِرِیْنَ ۟","assameseTranslation":"‘হে জ্বিন আৰু মানৱ সম্প্ৰদায়! তোমালোকৰ মাজৰ পৰাই তোমালোকৰ ওচৰলৈ ৰাছুলসকল অহা নাছিলনে? যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিৱৰণ দিছিল আৰু তোমালোকক এই দিৱসৰ সন্মুখীন হোৱা সম্পৰ্কে সতৰ্ক কৰিছিল? সিহঁতে ক’ব, ‘আমি আমাৰ নিজৰ বিৰুদ্ধেই সাক্ষী দিলোঁ’। প্ৰকৃততে পাৰ্থিৱ জীৱনেই সিহঁতক প্ৰতাৰিত কৰিছিল, আৰু সিহঁতে নিজৰ বিৰুদ্ধে এই সাক্ষীও দিব যে, সিহঁত কাফিৰ আছিল।","footnotes":"","tafseer":"ক্বিয়ামতৰ দিনা আমি সিহঁতক কমঃ হে মানৱ আৰু জিন সম্প্ৰদায়! তোমালোকৰ ওচৰলৈ তোমালোকৰ (মানৱ জাতিৰ) মাজৰ পৰাই এনেকুৱা ৰাছুল অহা নাছিলনে, যিসকলে আল্লাহে অৱতীৰ্ণ কৰা আয়াতসমূহ তোমালোকৰ সন্মুখত তিলাৱত কৰিছিল আৰু তোমালোকক ক্বিয়ামত দিৱসৰ সাক্ষাতৰ পৰা সতৰ্ক কৰিছিল? সিহঁতে ক'বঃ নিশ্চয় আহিছিল। আজি আমি নিজেই নিজৰ বিৰুদ্ধে সাক্ষ্য দিওঁ যে, তোমাৰ ৰাছুলসকলে তোমাৰ বাৰ্তা আমালৈ পৌঁচাই দিছিল আৰু আজি আমি এই ক্বিয়ামতক বিশ্বাসো কৰিছোঁ, কিন্তু তেতিয়া আমি তোমাৰ ৰাছুলক আৰু ক্বিয়ামত দিৱসৰ এই সাক্ষাতক অস্বীকাৰ কৰিছিলোঁ। দৰাচলতে সিহঁতে পাৰ্থিৱ জীৱনৰ আ-অলংকাৰ, সৌন্দৰ্য আৰু ধ্বংসশীল সা-সুবিধাৰ মোহত পৰি আছিল। কিন্তু আজি সিহঁতে নিজেই নিজৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিছে যে, সিহঁতে পৃথিৱীত আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল। কিন্তু এতিয়াৰ এই স্বীকৃতি আৰু ঈমানে সিহঁতক একো উপকাৰ নকৰিব। কাৰণ উপকৃত হোৱাৰ সময় সমাপ্ত হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006130.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006130.mp3"},{"index":"131","arabicText":"ذٰلِكَ اَنْ لَّمْ یَكُنْ رَّبُّكَ مُهْلِكَ الْقُرٰی بِظُلْمٍ وَّاَهْلُهَا غٰفِلُوْنَ ۟","assameseTranslation":"এইটো এইকাৰণে যে, অধিবাসীসকল (দ্বীন সম্পৰ্কে) উদাসীন থকা অৱস্থাত জনপদসমূহৰ অন্যায় আচৰণৰ কাৰণে সিহঁতক ধ্বংস কৰাটো তোমাৰ প্ৰতিপালকৰ কাম নহয়।","footnotes":"","tafseer":"মানৱ আৰু জিন জাতিৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰি এই কাৰণে প্ৰমাণ সাব্যস্ত কৰা হৈছে যে, কোনো ব্যক্তিক যাতে এই অৱস্থাত শাস্তি দিয়া নহয় যে তাৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰা হোৱা নাছিল আৰু তাৰ ওচৰলৈ দ্বীনৰ বাৰ্তা গৈ পোৱা নাছিল। আমি প্ৰত্যেক উম্মতকেই সিহঁতৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰাৰ পিছতহে শাস্তি প্ৰদান কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006131.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006131.mp3"},{"index":"132","arabicText":"وَلِكُلٍّ دَرَجٰتٌ مِّمَّا عَمِلُوْا ؕ وَمَا رَبُّكَ بِغَافِلٍ عَمَّا یَعْمَلُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে যি আমল কৰে, সেই অনুসাৰে প্ৰত্যেকৰে মৰ্যাদা আছে আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে তোমাৰ প্ৰতিপালক অমনোযোগী নহয়।","footnotes":"","tafseer":"সিহঁতৰ মাজৰ প্ৰত্যেকৰে বাবে আছে কৰ্মানুসাৰে মৰ্যাদা। কম অন্যায়কাৰী ব্যক্তি, অধিক অন্যায়কাৰীৰ সমান হ'ব নোৱাৰে। তথা অনুসৰণকাৰী আৰু যাৰ অনুসৰণ কৰা হৈছে দুয়ো সমান হ'ব নোৱাৰে। যিদৰে সকলো নেক আমলকাৰীৰ প্ৰতিদান সমান নহয়। আপোনাৰ প্ৰতিপালক সিহঁতৰ কৰ্মৰ পৰা অমনোযোগীও নহয়, বৰং তেওঁ সিহঁতৰ বিষয়ে সম্যক অৱগত। তেওঁৰ পৰা কোনো বস্তুৱে গোপন নহয়। তেওঁ সিহঁতক অচিৰেই সিহঁতৰ আমলৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006132.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006132.mp3"},{"index":"133","arabicText":"وَرَبُّكَ الْغَنِیُّ ذُو الرَّحْمَةِ ؕ اِنْ یَّشَاْ یُذْهِبْكُمْ وَیَسْتَخْلِفْ مِنْ بَعْدِكُمْ مَّا یَشَآءُ كَمَاۤ اَنْشَاَكُمْ مِّنْ ذُرِّیَّةِ قَوْمٍ اٰخَرِیْنَ ۟ؕ","assameseTranslation":"আৰু তোমাৰ প্ৰতিপালক হৈছে অভাৱমুক্ত তথা দয়াশীল। তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰিব পাৰে আৰু তোমালোকৰ পিছত তেওঁ নিজৰ ইচ্ছামতে বেলেগক তোমালোকৰ স্থলাভিষিক্ত কৰিব পাৰে, যিদৰে তেওঁ তোমালোকক আন এটা সম্প্ৰদায়ৰ বংশৰ পৰা সৃষ্টি কৰিছে।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ প্ৰতিপালক বান্দাসকলৰ পৰা অমুখাপেক্ষী, সিহঁতৰ পৰা তেওঁৰ একোৱেই পাবলগীয়া নাই, সিহঁতৰ ইবাদতৰো প্ৰয়োজন নাই আৰু সিহঁতৰ অস্বীকাৰেও তেওঁক একো ক্ষতি কৰিব নোৱাৰে। তেওঁ অমুখাপেক্ষী হোৱাৰ পিছতো তেওঁ সিহঁতৰ প্ৰতি দয়াশীল। হে অবাধ্য আৰু পাপিষ্ঠ বান্দাসকল! যদি তেওঁ তোমালোকক বিনাশ কৰিব বিচাৰে তেন্তে শাস্তি প্ৰেৰণ কৰি তোমালোকক নিৰ্মূল কৰিব পাৰে আৰু তোমালোকক ধ্বংস কৰাৰ পিছত, তেওঁৰ ইচ্ছামতে এনেকুৱা লোকক সৃষ্টি কৰিব পাৰে যিসকলে তেওঁৰ প্ৰতি ঈমান পোষণ কৰিব আৰু তেওঁৰ আনুগত্য কৰিব। ঠিক সেইদৰেই যিদৰে তোমালোকক তোমালোকৰ পূৰ্বৱৰ্তী বংশৰ পৰা সৃষ্টি কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006133.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006133.mp3"},{"index":"134","arabicText":"اِنَّ مَا تُوْعَدُوْنَ لَاٰتٍ ۙ وَّمَاۤ اَنْتُمْ بِمُعْجِزِیْنَ ۟","assameseTranslation":"তোমালোকৰ লগত যিটো প্ৰতিশ্ৰুতি কৰা হৈছে সেইটো নিশ্চয় আহিব আৰু তোমালোকে তাক ব্যৰ্থ কৰিব নোৱাৰিবা।","footnotes":"","tafseer":"হে কাফিৰসকল! তোমালোকক যি পুনৰ্জীৱন, পুনৰুত্থান, হিচাপ-নিকাচ আৰু শাস্তিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেইটো নিশ্চয় সংঘটিত হ'ব। তোমালোকে কদাপিও প্ৰতিপালকৰ গ্ৰেপ্তাৰীৰ পৰা পলায়ন কৰিব নোৱাৰা। তেওঁ তোমালোকক আগচুলিত ধৰি শাস্তিত নিক্ষেপ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006134.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006134.mp3"},{"index":"135","arabicText":"قُلْ یٰقَوْمِ اعْمَلُوْا عَلٰی مَكَانَتِكُمْ اِنِّیْ عَامِلٌ ۚ فَسَوْفَ تَعْلَمُوْنَ ۙ مَنْ تَكُوْنُ لَهٗ عَاقِبَةُ الدَّارِ ؕ اِنَّهٗ لَا یُفْلِحُ الظّٰلِمُوْنَ ۟","assameseTranslation":"কোৱা, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে তোমালোকৰ অৱস্থানত থাকি কাম কৰা, নিশ্চয় ময়ো মোৰ কাম কৰি আছোঁ। তোমালোকে অতি সোনকালে জানিব পাৰিবা, কাৰ পৰিণাম মঙ্গলময়। নিশ্চয় যালিমসকল সফল নহয়’।","footnotes":"","tafseer":"হে ৰাছুল! কওক যে, হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে নিজৰ অৱস্থাত আৰু কুফৰ তথা পথভ্ৰষ্টতাত অটল থাকা, নিশ্চয় মই স্পষ্টৰূপে বাৰ্তা পৌঁচাই প্ৰমাণ সাব্যস্ত কৰিছোঁ। এতেকে তোমালোকৰ পথভ্ৰষ্টতা তথা কুফুৰীৰ প্ৰতি মই কোনো ভ্ৰূক্ষেপ নকৰোঁ। ময়ো সেই সত্যৰ ওপৰতে অটল থাকিম যিটো মোৰ ওচৰত আছে। এতেকে অনতিপলমে তোমালোকে জানিবলৈ পাবা যে পৃথিৱীত কোনে সহায় প্ৰাপ্ত হয় আৰু কোনে পৃথিৱীৰ উত্তৰাধিকাৰী লাভ কৰে আৰু কোনে আখিৰাতত আনন্দ উপভোগ কৰিব। এই কথা নিশ্চিত যে, মুশ্বৰিকসকলে পৃথিৱী আৰু আখিৰাতত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। বৰং ক্ষতিগ্ৰস্ততা হ'ব সিহঁতৰ পৰিণাম। যদিও পৃথিৱীত সিহঁতে তোমালোকৰ দৰেই অনুগ্ৰহসমূহৰ পৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006135.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006135.mp3"},{"index":"136","arabicText":"وَجَعَلُوْا لِلّٰهِ مِمَّا ذَرَاَ مِنَ الْحَرْثِ وَالْاَنْعَامِ نَصِیْبًا فَقَالُوْا هٰذَا لِلّٰهِ بِزَعْمِهِمْ وَهٰذَا لِشُرَكَآىِٕنَا ۚ فَمَا كَانَ لِشُرَكَآىِٕهِمْ فَلَا یَصِلُ اِلَی اللّٰهِ ۚ وَمَا كَانَ لِلّٰهِ فَهُوَ یَصِلُ اِلٰی شُرَكَآىِٕهِمْ ؕ سَآءَ مَا یَحْكُمُوْنَ ۟","assameseTranslation":"আল্লাহে যি শস্য আৰু চতুষ্পদ জন্তু সৃষ্টি কৰিছে সেইবোৰৰ পৰা সিহঁতে আল্লাহৰ বাবে এটা অংশ নিৰ্দিষ্ট কৰে আৰু নিজৰ ধাৰণা অনুযায়ী কয়, ‘এইটো আল্লাহৰ বাবে আৰু এইটো আমাৰ শ্বৰীকসকলৰ বাবে’। এতেকে যিটো সিহঁতৰ শ্বৰীকসকলৰ অংশ সেয়া আল্লাহৰ ওচৰত গৈ নাপায় কিন্তু যিটো আল্লাহৰ অংশ সেয়া সিহঁতৰ শ্বৰীকসকলৰ ওচৰত পৌঁচি যায়, সিহঁতে যি ফয়চালা কৰে সেয়া কিমান যে নিকৃষ্ট!","footnotes":"","tafseer":"মুশ্বৰিকসকলে এটা নতুন পদ্ধতি আৱিষ্কাৰ কৰিছে, সিহঁতে আল্লাহে সৃষ্টি কৰা খেতি আৰু জীৱ-জন্তুৰ মাজত ভাগ-বটৱাৰা কৰিবলৈ আৰম্ভ কৰিছে। ফলত সিহঁতে দাবী কৰে যে, এটা অংশ আল্লাহৰ বাবে আৰু আনটো সিহঁতৰ মূৰ্তি তথা বেদীৰ বাবে নিৰ্দিষ্ট। এতেকে সিহঁতৰ দেৱ-দেৱীৰ বাবে নিৰ্দিষ্ট অংশ, আল্লাহে আদেশ কৰা শিতানত খৰচ হ'ব নোৱাৰে, যেনেঃ দুখীয়া নিচলা, ফকীৰ, মিছকীনৰ বাবে। আনহাতে যিটো অংশ আল্লাহৰ বাবে নিৰ্দিষ্ট, সেই অংশৰ পৰা সিহঁতে নিজৰ দেৱ-দেৱীৰ বাবে তথা সেইবোৰৰ বিভিন্ন হিতত ব্যয় কৰে। সিহঁতৰ এই ভাগ-বটৱাৰা আৰু সিদ্ধান্ত কিমান যে নিকৃষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006136.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006136.mp3"},{"index":"137","arabicText":"وَكَذٰلِكَ زَیَّنَ لِكَثِیْرٍ مِّنَ الْمُشْرِكِیْنَ قَتْلَ اَوْلَادِهِمْ شُرَكَآؤُهُمْ لِیُرْدُوْهُمْ وَلِیَلْبِسُوْا عَلَیْهِمْ دِیْنَهُمْ ؕ وَلَوْ شَآءَ اللّٰهُ مَا فَعَلُوْهُ فَذَرْهُمْ وَمَا یَفْتَرُوْنَ ۟","assameseTranslation":"আৰু এইদৰে বহুতো মুশ্বৰিকৰ দৃষ্টিত সিহঁতৰ শ্বৰীকসকলে সিহঁতৰ সন্তানসকলক হত্যা কৰা শোভনীয় কৰি দিছে, যাতে সিহঁতক ধ্বংস কৰিব পাৰে আৰু সিহঁতৰ ধৰ্ম সম্পৰ্কে সিহঁতৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে; আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতে এইবোৰ নকৰিলেহেঁতেন। গতিকে সিহঁতক সিহঁতৰ মিছা ৰটনা লৈয়ে থাকিব দিয়া।","footnotes":"","tafseer":"যিদৰে চয়তানে মুশ্বৰিকসকলৰ বাবে অন্যায়পূৰ্ণ সিদ্ধান্তক সৌন্দৰ্যময় কৰি দিছে, ঠিক সেইদৰে বহুতো মুশ্বৰিকৰ বাবে সিহঁতে অংশী স্থাপন কৰা চয়তানে সিহঁতক দৰিদ্ৰতাৰ ভয় দেখুৱাই নিজৰ সন্তানক হত্যা কৰা কৰ্মক সৌন্দৰ্যময় কৰি দিছে। যাতে সিহঁতক এনেকুৱা প্ৰাণ হত্যাৰ অপৰাধত পেলাই ধ্বংস কৰিব পাৰে যিটোক আল্লাহে হত্যা কৰা অবৈধ ঘোষণা কৰিছে। যাতে সিহঁতৰ ওচৰত সিহঁতৰ ধৰ্মক সংশয়পূৰ্ণ কৰিব পাৰে, ফলত সিহঁতে বৈধ আৰু অবৈধৰ মাজত পাৰ্থক্য বুজি নাপায়। যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁতে এইটো কৰিব নোৱাৰিলেহেঁতেন, কিন্তু আল্লাহে এটা মহৎ উদ্দেশ্যৰ ফলত এনেকুৱা কৰা নাই। হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক আৰু সিহঁতে আল্লাহৰ প্ৰতি আৰোপ কৰা অপবাদসমূহৰ প্ৰতি মনোযোগ নিদিব। কিয়নো ইয়াৰ দ্বাৰা আপোনাৰ কোনো ক্ষতি নহ'ব। সিহঁতৰ বিষয়টো আল্লাহৰ ওপৰত এৰি দিয়ক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006137.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006137.mp3"},{"index":"138","arabicText":"وَقَالُوْا هٰذِهٖۤ اَنْعَامٌ وَّحَرْثٌ حِجْرٌ ۖۗ لَّا یَطْعَمُهَاۤ اِلَّا مَنْ نَّشَآءُ بِزَعْمِهِمْ وَاَنْعَامٌ حُرِّمَتْ ظُهُوْرُهَا وَاَنْعَامٌ لَّا یَذْكُرُوْنَ اسْمَ اللّٰهِ عَلَیْهَا افْتِرَآءً عَلَیْهِ ؕ سَیَجْزِیْهِمْ بِمَا كَانُوْا یَفْتَرُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে সিহঁতৰ ধাৰণা অনুযায়ী কয়, ‘এইবোৰ চতুষ্পদ জন্তু আৰু শস্যক্ষেত্ৰ নিষিদ্ধ, আমি যাক ইচ্ছা কৰোঁ তাৰ বাহিৰে কোনেও এইবোৰ খাব নোৱাৰিব’, এইদৰে কিছুসংখ্যক চতুষ্পদ জন্তুৰ পিঠিত আৰোহণ নিষিদ্ধ কৰা হৈছে আৰু কিছুসংখ্যক জন্তুক জবেহ কৰাৰ সময়ত সিহঁতে আল্লাহৰ নাম নলয়। এইবোৰ দৰাচলতে সিহঁতে আল্লাহ সম্পৰ্কে মিছা ৰটনাৰ উদ্দেশ্যে কৈ ফুৰে; সিহঁতৰ এই মিছা ৰটনাৰ প্ৰতিফল তেওঁ অচিৰেই সিহঁতক প্ৰদান কৰিব।","footnotes":"","tafseer":"মুশ্বৰিকসকলে আৰু কৈছেঃ এই নিৰ্দিষ্ট জীৱ-জন্তু আৰু খেতি-বাতিবোৰ হৈছে নিষিদ্ধ, ইয়াক কেৱল সেই ব্যক্তিয়ে ভক্ষণ কৰিব পাৰিব, যাক মূৰ্তিবোৰৰ সেৱকসকলে অনুমতি প্ৰদান কৰিব। এইটো সিহঁতৰ ধাৰণা আৰু মনেসজা কথা। সিহঁতে আৰু কৈছে যে, এইবোৰ জন্তুৰ পিঠিত আৰোহণ কৰা তথা সিহঁতৰ পিঠিত বোজা বহন কৰাও হাৰাম। এইবোৰ জন্তুৰ দ্বাৰা সিহঁতে বাহীৰাহ (বাহীৰাহ কোৱা হয় এনেকুৱা উটনীক যাৰ পাঁচটা পোৱালী হোৱাৰ পিছত কাণ ফালি এৰি দিয়া হয়), ছায়েবাহ (সেই উটক কোৱা হয়, যাক মূৰ্তিৰ নামত এৰি দিয়া হয়) আৰু হামী (সেই পুংলিঙ্গ উটক কোৱা হয়, যাৰ দ্বাৰা দহটা পোৱালী জন্ম পাইছে, তাৰ পিছত তাক এৰি দিয়া হৈছে) বুজাইছে। এইবোৰ জন্তুক জবেহ কৰাৰ সময়ত সিহঁতে আল্লাহৰ নামৰ পৰিবৰ্তে সিহঁতৰ মূৰ্তিবোৰৰ নাম লৈছিল। এই সকলোবোৰ সিহঁতে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি সংঘটিত কৰিছিল যে, এইবোৰ আল্লাহে আদেশ কৰিছে। আল্লাহে সিহঁতক শীঘ্ৰেই শাস্তি প্ৰদান কৰিব, কিয়নো সিহঁতে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006138.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006138.mp3"},{"index":"139","arabicText":"وَقَالُوْا مَا فِیْ بُطُوْنِ هٰذِهِ الْاَنْعَامِ خَالِصَةٌ لِّذُكُوْرِنَا وَمُحَرَّمٌ عَلٰۤی اَزْوَاجِنَا ۚ وَاِنْ یَّكُنْ مَّیْتَةً فَهُمْ فِیْهِ شُرَكَآءُ ؕ سَیَجْزِیْهِمْ وَصْفَهُمْ ؕ اِنَّهٗ حَكِیْمٌ عَلِیْمٌ ۟","assameseTranslation":"সিহঁতে আৰু কয়, ‘এইবোৰ চতুষ্পদ জন্তুৰ পেটত যি আছে সেয়া আমাৰ মাজৰ পুৰুষসকলৰ বাবে নিৰ্দিষ্ট আৰু এইটো আমাৰ স্ত্ৰীসকলৰ বাবে অবৈধ, আৰু সেইটো যদি মৃত হয় তেন্তে (নাৰী-পুৰুষ) সকলোৱে ইয়াৰ অংশীদাৰ’। সিহঁতৰ এইদৰে কোৱাৰ প্ৰতিফল অনতিপলমে তেওঁ সিহঁতক প্ৰদান কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।","footnotes":"","tafseer":"সিহঁতে এই কথাও কৈছে যে, এই ছায়েবাহ আৰু বাহীৰাহ আদি জন্তুৰ গৰ্ভৰ পৰা যদি কোনো পোৱালী জীৱিত অৱস্থাত জন্ম লাভ কৰে তেন্তে সেয়া কেৱল পুৰুষসকলৰ বাবেহে বৈধ হ'ব, পক্ষান্তৰে মহিলাসকলৰ বাবে এইবোৰ হৈছে অবৈধ। আনহাতে যদি মৃত পোৱালী জন্ম হয় তেন্তে পুৰুষ মহিলা উভয়ে উপকৃত হ'ব পাৰে। সিহঁতৰ এইবোৰ মিছা অপবাদৰ যি দণ্ড হোৱা উচিত, সেয়া আল্লাহে শীঘ্ৰেই সিহঁতক প্ৰদান কৰিব। নিশ্চয় তেওঁ বান্দাসকলৰ সকলো বিষয় নিয়ন্ত্ৰণত আৰু বিধান প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। তেওঁ সিহঁতৰ সকলো বিষয়ে অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006139.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006139.mp3"},{"index":"140","arabicText":"قَدْ خَسِرَ الَّذِیْنَ قَتَلُوْۤا اَوْلَادَهُمْ سَفَهًا بِغَیْرِ عِلْمٍ وَّحَرَّمُوْا مَا رَزَقَهُمُ اللّٰهُ افْتِرَآءً عَلَی اللّٰهِ ؕ قَدْ ضَلُّوْا وَمَا كَانُوْا مُهْتَدِیْنَ ۟۠","assameseTranslation":"নিশ্চয় সিহঁতে ক্ষতিগ্ৰস্ত হৈছে যিসকলে নিৰ্বুদ্ধিতাৰ বাবে আৰু অজ্ঞতাবশতঃ নিজৰ সন্তানসকলক হত্যা কৰিছে আৰু আল্লাহৰ ওপৰত মিছা ৰটনা কৰি আল্লাহে প্ৰদান কৰা জীৱিকাক নিষিদ্ধ গণ্য কৰিছে। নিশ্চয় সিহঁত বিপথগামী হৈছে আৰু সিহঁত হিদায়তপ্ৰাপ্তও নাছিল।","footnotes":"","tafseer":"সিহঁত বিধ্বংস হৈছে, যিসকলে নুবুজাকৈ আৰু অজ্ঞানতাৰ কাৰণে নিজৰ সন্তানক হত্যা কৰিছে, আৰু আল্লাহে প্ৰদান কৰা জীৱ-জন্তুক মিছা অপবাদ জাপি দি হাৰাম কৰিছে। এতেকে সিহঁত নিশ্চিতভাৱে সঠিক পথৰ পৰা আঁতৰি গৈছে আৰু সিহঁত হিদায়ত পোৱাৰ যোগ্যই নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006140.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006140.mp3"},{"index":"141","arabicText":"وَهُوَ الَّذِیْۤ اَنْشَاَ جَنّٰتٍ مَّعْرُوْشٰتٍ وَّغَیْرَ مَعْرُوْشٰتٍ وَّالنَّخْلَ وَالزَّرْعَ مُخْتَلِفًا اُكُلُهٗ وَالزَّیْتُوْنَ وَالرُّمَّانَ مُتَشَابِهًا وَّغَیْرَ مُتَشَابِهٍ ؕ كُلُوْا مِنْ ثَمَرِهٖۤ اِذَاۤ اَثْمَرَ وَاٰتُوْا حَقَّهٗ یَوْمَ حَصَادِهٖ ۖؗ وَلَا تُسْرِفُوْا ؕ اِنَّهٗ لَا یُحِبُّ الْمُسْرِفِیْنَ ۟ۙ","assameseTranslation":"আৰু তেৱেঁই সৃষ্টি কৰিছে এনেকুৱা বাগিছাসমূহ যিবোৰৰ কিছুমান চাং নিৰ্ভৰশীল আৰু আন কিছুমান চাং নিৰ্ভৰশীল নহয় লগতে খেজুৰ গছ আৰু শস্য, যাৰ সোৱাদ বিভিন্ন ধৰণৰ, যায়তুন আৰু ডালিম, এইবোৰৰ কিছুমান সদৃশ আৰু কিছুমান ভিন্ন। যেতিয়া সেইবোৰ পকিব তেতিয়া তাৰ পৰা খোৱা আৰু ফচল চপোৱাৰ দিনা সেইবোৰৰ হক প্ৰদান কৰিবা। অপচয় নকৰিবা, নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে।","footnotes":"","tafseer":"তেৱেঁই আল্লাহ, যিজনে লতা জাতীয় বাগান সৃষ্টি কৰিছে, যিবোৰ মাটিত প্ৰসাৰিত হয়। লগতে কাণ্ড জাতীয় বাগান সৃষ্টি কৰিছে যিবোৰ মাটিৰ পৰা ওপৰত থাকে। তেৱেঁই খেজুৰ গছ সৃষ্টি কৰিছে, তেৱেঁই খেতি-বাতি সৃষ্টি কৰিছে, যিবোৰৰ ৰং-ৰূপ আৰু সোৱাদ বিভিন্ন প্ৰকাৰৰ হয়। তেৱেঁই যাইতুন আৰু ডালিম সৃষ্টি কৰিছে, দুয়োৰে পাতবোৰ দেখাত একেই কিন্তু ফলৰ সোৱাদ বেলেগ বেলেগ। হে মানৱ জাতি! যেতিয়া এইবোৰ গছত ফল আহে, তেতিয়া তোমালোকে সেইবোৰ ভক্ষণ কৰা, আৰু ফল চপোৱাৰ দিনা তাৰ যাকাত আদায় কৰিবা। লগতে ভক্ষণ তথা ব্যয় কৰাৰ ক্ষেত্ৰত চৰীয়তৰ সীমালঙ্ঘন নকৰিবা। কিয়নো আল্লাহে তেওঁৰ নিৰ্ধাৰিত সীমা লঙ্ঘনকাৰীসকলক পছন্দ নকৰে বৰং সিহঁতক ঘৃণা কৰে। নিশ্চয় যিয়ে এইবোৰ সৃষ্টি কৰিছে, তেৱেঁই এইবোৰক বান্দাসকলৰ বাবে হালাল কৰিছে। মুশ্বৰিকসকলে এইবোৰক হাৰাম কৰাৰ কোনো অধিকাৰ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006141.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006141.mp3"},{"index":"142","arabicText":"وَمِنَ الْاَنْعَامِ حَمُوْلَةً وَّفَرْشًا ؕ كُلُوْا مِمَّا رَزَقَكُمُ اللّٰهُ وَلَا تَتَّبِعُوْا خُطُوٰتِ الشَّیْطٰنِ ؕ اِنَّهٗ لَكُمْ عَدُوٌّ مُّبِیْنٌ ۟ۙ","assameseTranslation":"আৰু (তেৱেঁই) চতুষ্পদ জন্তুৰ মাজত কিছুমানক ভাৰ বহনকাৰী আৰু কিছুমানক ক্ষুদ্ৰাকাৰ পশু হিচাপে সৃষ্টি কৰিছে। আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা খোৱা আৰু চয়তানৰ পদাংক অনুসৰণ নকৰিবা; নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।","footnotes":"","tafseer":"তেৱেঁই এনেকুৱা জীৱ-জন্তু সৃষ্টি কৰিছে, যিবোৰৰ পিঠিত বোজা বহন কৰা যায়। যেনেঃ ডাঙৰ উঁট, আৰু এনেকুৱাও জীৱ-জন্তু সৃষ্টি কৰিছে যিবোৰৰ পিঠিত বোজা বহন কৰা সম্ভৱ নহয়, যেনেঃ পোৱালি উট, ছাগলী আদি। হে মানৱজাতি! আল্লাহে প্ৰদান কৰা এইবোৰ জন্তুৰ মাজৰ পৰা যিবোৰ হালাল, সেইবোৰ তোমালোকে ভক্ষণ কৰা, লগতে হালাল বস্তুক হাৰাম আৰু হাৰাম বস্তুক হালাল কৰাৰ ক্ষেত্ৰত তোমালোকে চয়তানৰ পদাঙ্ক অনুসৰণ নকৰিবা, যিদৰে মুশ্বৰিকসকলে কৰে। নিশ্চয় চয়তান হৈছে তোমালোকৰ প্ৰকাশ্য শত্ৰু, সি বিচাৰে তোমালোকে এনেকুৱা কাম কৰি আল্লাহৰ অবাধ্যতা কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006142.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006142.mp3"},{"index":"143","arabicText":"ثَمٰنِیَةَ اَزْوَاجٍ ۚ مِنَ الضَّاْنِ اثْنَیْنِ وَمِنَ الْمَعْزِ اثْنَیْنِ ؕ قُلْ ءٰٓالذَّكَرَیْنِ حَرَّمَ اَمِ الْاُنْثَیَیْنِ اَمَّا اشْتَمَلَتْ عَلَیْهِ اَرْحَامُ الْاُنْثَیَیْنِ ؕ نَبِّـُٔوْنِیْ بِعِلْمٍ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟ۙ","assameseTranslation":"(তেৱেঁই সৃষ্টি কৰিছে) মতা-মাইকী আঠ যোৰ, ভেৰাৰ দুটা আৰু ছাগলীৰ দুটা; কোৱা, ‘তেওঁ মতা দুটাক নিষিদ্ধ কৰিছে নে মাইকী দুজনীক, নে মাইকী দুজনীৰ গৰ্ভত যি আছে সেয়া নিষিদ্ধ কৰিছে’? যদি তোমালোকে সত্যবাদী হোৱা তেন্তে প্ৰমাণসহ মোক অৱহিত কৰা;","footnotes":"","tafseer":"তেৱেঁই তোমালোকৰ বাবে আঠ প্ৰকাৰ জন্তু সৃষ্টি কৰিছে, ভেৰাৰ দুটা, ছাগলীৰ দুটা, মাইকী আৰু মতা। হে ৰাছুল! মুশ্বৰিকসকলক কওক যে, মতা হোৱাৰ কাৰণে উভয় প্ৰকাৰ জন্তুৰ মতাক আল্লাহে হাৰাম কৰিছে নেকি? যদি সিহঁতে ‘হয়’ বুলি উত্তৰ দিয়ে তেন্তে সিহঁতক কওক যে, তেন্তে তোমালোকে মাইকীবোৰক কিয় হাৰাম কৰা? নে তেওঁ মাইকীবোৰক মাইকী হোৱাৰ কাৰণে হাৰাম কৰিছে? যদি সিহঁতে ‘হয়’ বুলি উত্তৰ দিয়ে, তেন্তে সিহঁতক কওক, তেন্তে তোমালোকে মতাবোৰক কিয় হাৰাম বুলি গণ্য কৰা? অথবা তেওঁ সেইবোৰ পোৱালীক হাৰাম কৰিছে নেকি, যিবোৰ উভয় প্ৰকাৰৰ মাইকীয়ে গৰ্ভ ধাৰণ কৰে? সেইবোৰ এই কাৰণে হাৰাম নেকি যে, সেইবোৰ গৰ্ভত আছে? যদি সিহঁতে কয় যে, হয়; তেন্তে আপুনি সিহঁতক প্ৰশ্ন কৰক যে, সকলো পোৱালী দেখোন গৰ্ভৰ পৰাই জন্ম লাভ কৰে তেন্তে তোমালোকে এনেকুৱা কিয় কৰা যে, কেতিয়াবা মতাক হাৰাম বুলি কোৱা, আকৌ কেতিয়াবা মাইকীক হাৰাম বুলি কোৱা। হে মুশ্বৰিকসকল! যদি তোমালোকৰ এই দাবী সত্য হয় যে, এইবোৰক আল্লাহে হাৰাম কৰিছে তেন্তে তোমালোকে কোৱাচোন, তোমালোকে কোনটো সঠিক জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ কথা কোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006143.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006143.mp3"},{"index":"144","arabicText":"وَمِنَ الْاِبِلِ اثْنَیْنِ وَمِنَ الْبَقَرِ اثْنَیْنِ ؕ قُلْ ءٰٓالذَّكَرَیْنِ حَرَّمَ اَمِ الْاُنْثَیَیْنِ اَمَّا اشْتَمَلَتْ عَلَیْهِ اَرْحَامُ الْاُنْثَیَیْنِ ؕ اَمْ كُنْتُمْ شُهَدَآءَ اِذْ وَصّٰىكُمُ اللّٰهُ بِهٰذَا ۚ فَمَنْ اَظْلَمُ مِمَّنِ افْتَرٰی عَلَی اللّٰهِ كَذِبًا لِّیُضِلَّ النَّاسَ بِغَیْرِ عِلْمٍ ؕ اِنَّ اللّٰهَ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟۠","assameseTranslation":"লগতে উটৰ দুটা আৰু গৰুৰ দুটা। কোৱা, ‘তেওঁ মতা দুটাক নিষিদ্ধ কৰিছে নে মাইকী দুজনীক, নে মাইকী দুজনীৰ গৰ্ভত যি আছে সেয়া নিষিদ্ধ কৰিছে’? অথবা আল্লাহে যেতিয়া তোমালোকক এইবোৰৰ নিৰ্দেশ দিছিল তেতিয়া তোমালোক তাত উপস্থিত আছিলানে? গতিকে যি ব্যক্তিয়ে জ্ঞান নোহোৱাকৈ মানুহক বিভ্ৰান্ত কৰাৰ বাবে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে তাতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।","footnotes":"","tafseer":"আঠ প্ৰকাৰৰ বাকীবোৰ হৈছেঃ উটৰ দুবিধ আৰু গৰুৰ দুবিধ (মতা আৰু মাইকী)। হে ৰাছুল! মুশ্বৰিকসকলক প্ৰশ্ন কৰক যে, ইয়াৰ মাজৰ পৰা আল্লাহে যিটোক হাৰাম কৰিছে, সেইটো মতা হোৱাৰ কাৰণে হাৰাম, নে মাইকী হোৱাৰ কাৰণে, নে গৰ্ভত থকাৰ কাৰণে হাৰাম কৰিছে? হে মুশ্বৰিকসকল! তোমালোকৰ ধাৰণা মতে যিবোৰক তোমালোকে হাৰাম বুলি গণ্য কৰা, সেইবোৰক আল্লাহে হাৰাম কৰাৰ সময়ত তোমালোকে তাত উপস্থিত আছিলা নেকি? সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মিছা আৰোপ লগায়, আৰু এনেকুৱা বস্তুক তেওঁ হাৰাম কৰা বুলি প্ৰচাৰ কৰে, যিটোক তেওঁ হাৰাম কৰা নাই। এইটো সি এই কাৰণে কৰিছে যাতে সি সঠিক জ্ঞান নোহোৱাকৈ মানুহক পথভ্ৰষ্ট কৰিব পাৰে। নিশ্চয় আল্লাহে এনেকুৱা অন্যায়কাৰীক সঠিক পথৰ হিদায়ত নিদিয়ে, যিয়ে আল্লাহৰ প্ৰতি মিছা আৰোপ লগায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006144.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006144.mp3"},{"index":"145","arabicText":"قُلْ لَّاۤ اَجِدُ فِیْ مَاۤ اُوْحِیَ اِلَیَّ مُحَرَّمًا عَلٰی طَاعِمٍ یَّطْعَمُهٗۤ اِلَّاۤ اَنْ یَّكُوْنَ مَیْتَةً اَوْ دَمًا مَّسْفُوْحًا اَوْ لَحْمَ خِنْزِیْرٍ فَاِنَّهٗ رِجْسٌ اَوْ فِسْقًا اُهِلَّ لِغَیْرِ اللّٰهِ بِهٖ ۚ فَمَنِ اضْطُرَّ غَیْرَ بَاغٍ وَّلَا عَادٍ فَاِنَّ رَبَّكَ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"কোৱা, ‘মোৰ প্ৰতি যি অহী হৈছে তাত, মানুহে যি খায় তাৰ মাজত মই একোৱেই হাৰাম পোৱা নাই, কিন্তু মৰা শ, প্ৰবাহিত তেজ আৰু গাহৰিৰ মাংসৰ বাহিৰে। কিয়নো নিশ্চিতভাৱে এইবোৰ হৈছে অপৱিত্ৰ। অথবা (জবেহ কৰাৰ সময়ত) আল্লাহৰ বাহিৰে আনৰ নাম লোৱাৰ কাৰণে যিবোৰ অবৈধ’। কিন্তু যদি কোনোবাই অবাধ্যতা নকৰি আৰু সীমালংঘন নকৰি নিৰুপায় অৱস্থাত সেয়া গ্ৰহণ কৰিবলৈ বাধ্য হয় (সেয়া বেলেগ কথা), তেন্তে নিশ্চয় তোমাৰ প্ৰতিপালক ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কওক যে, আল্লাহে মোৰ প্ৰতি যি অহী কৰিছে, তাত যি হাৰাম বস্তুৰ উল্লেখ আছে সেয়া হৈছেঃ জবেহ নকৰাকৈ মৃত্যুবৰণ কৰা জন্তু, প্ৰবাহিত তেজ, গাহৰিৰ মাংস আদি এইবোৰ হৈছে অপৱিত্ৰ হাৰাম। অথবা যিটোক আল্লাহৰ নামৰ পৰিবৰ্তে বেলেগৰ নাম লৈ জবেহ কৰা হৈছে, যেনেঃ দেৱ-দেৱী (পীৰ-ফকীৰ, অলী আওলীয়া)ৰ নামত জবেহ কৰা জন্তু। কিন্তু যদি কোনোবাই ভোক সহ্য কৰিব নোৱাৰি প্ৰাণ বচাবলৈ এইবোৰ খাবলৈ বাধ্য হয়, উপভোগ কৰাৰ উদ্দেশ্যে যদি নহয়, লগতে প্ৰয়োজনতকৈ বেছি নাখায় তেন্তে তাৰ কোনো গুনাহ নহ'ব। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে নিৰুপায় ব্যক্তিক ক্ষমা কৰিব, যদি তাৰ পৰা ভক্ষণ কৰে আৰু তাৰ প্ৰতি তেওঁ দয়াশীল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006145.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006145.mp3"},{"index":"146","arabicText":"وَعَلَی الَّذِیْنَ هَادُوْا حَرَّمْنَا كُلَّ ذِیْ ظُفُرٍ ۚ وَمِنَ الْبَقَرِ وَالْغَنَمِ حَرَّمْنَا عَلَیْهِمْ شُحُوْمَهُمَاۤ اِلَّا مَا حَمَلَتْ ظُهُوْرُهُمَاۤ اَوِ الْحَوَایَاۤ اَوْ مَا اخْتَلَطَ بِعَظْمٍ ؕ ذٰلِكَ جَزَیْنٰهُمْ بِبَغْیِهِمْ ۖؗ وَاِنَّا لَصٰدِقُوْنَ ۟","assameseTranslation":"আৰু আমি ইয়াহুদিসকলৰ ওপৰত নখযুক্ত সকলো জন্তুকেই হাৰাম কৰিছিলোঁ আৰু গৰু ছাগলীৰ চৰ্বিও সিহঁতৰ বাবে হাৰাম কৰিছিলোঁ, কিন্তু এইবোৰৰ পিঠিত থকা নাইবা নাড়ী-ভুৰুত থকা অথবা অস্থিসংলগ্ন চৰ্বিৰ বাহিৰে, সিহঁতৰ অবাধ্যতাৰ কাৰণে সিহঁতক এই প্ৰতিফল দিছিলোঁ। নিশ্চয় আমি সত্যবাদী।","footnotes":"","tafseer":"আমি ইয়াহুদীসকলৰ ওপৰত সেই সকলো জীৱ-জন্তু হাৰাম কৰিছিলোঁ যিবোৰৰ আঙুলি পৃথক পৃথক নহয়, যেনে উট আৰু উটপঁখী। সিহঁতৰ ওপৰত গৰু তথা ছাগলীৰ চৰ্বীও হাৰাম কৰিছিলোঁ, কেৱল সেইসমূহ চৰ্বীৰ বাহিৰে যিবোৰ পিঠিত আৰু নাড়ী-ভুৰুত লাগি থাকে, নাইবা হাড়ৰ লগত লাগি থাকে। সিহঁতৰ অন্যায়ৰ পৰিণামস্বৰূপে আমি সিহঁতৰ ওপৰত এইবোৰ হাৰাম কৰিছিলোঁ। নিশ্চয় আমি যি কওঁ সেয়াই সত্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006146.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006146.mp3"},{"index":"147","arabicText":"فَاِنْ كَذَّبُوْكَ فَقُلْ رَّبُّكُمْ ذُوْ رَحْمَةٍ وَّاسِعَةٍ ۚ وَلَا یُرَدُّ بَاْسُهٗ عَنِ الْقَوْمِ الْمُجْرِمِیْنَ ۟","assameseTranslation":"এতেকে সিহঁতে যদি তোমাৰ ওপৰত মিথ্যাৰোপ কৰে, তেন্তে কোৱা, ‘তোমালোকৰ প্ৰতিপালক সৰ্বব্যাপী দয়াৰ অধিকাৰী আৰু অপৰাধী সম্প্ৰদায়ৰ পৰা তেওঁৰ শাস্তি ৰদ নহয়’।","footnotes":"","tafseer":"হে ৰাছুল! যদি সিহঁতে আপোনাক অস্বীকাৰ কৰে আৰু আপুনি আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা লৈ অহা চৰীয়তক যদি সিহঁতে নামানে তেন্তে সিহঁতক উৎসাহিত কৰি কওক যে, তোমালোকৰ প্ৰতিপালক অসীম দয়াৱান, এইটো তেওঁৰ কৃপা যে, তেওঁ তোমালোকক অৱকাশ দিছে আৰু তেওঁ শাস্তি প্ৰদানত খৰখেদা কৰা নাই। লগতে সিহঁতক সতৰ্ক কৰি কওক যে, যিসকলে গুনাহ তথা পাপ কৰ্মত পতিত হৈছে, সিহঁতে আল্লাহৰ শাস্তিৰ পৰা কেতিয়াও ৰক্ষা নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006147.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006147.mp3"},{"index":"148","arabicText":"سَیَقُوْلُ الَّذِیْنَ اَشْرَكُوْا لَوْ شَآءَ اللّٰهُ مَاۤ اَشْرَكْنَا وَلَاۤ اٰبَآؤُنَا وَلَا حَرَّمْنَا مِنْ شَیْءٍ ؕ كَذٰلِكَ كَذَّبَ الَّذِیْنَ مِنْ قَبْلِهِمْ حَتّٰی ذَاقُوْا بَاْسَنَا ؕ قُلْ هَلْ عِنْدَكُمْ مِّنْ عِلْمٍ فَتُخْرِجُوْهُ لَنَا ؕ اِنْ تَتَّبِعُوْنَ اِلَّا الظَّنَّ وَاِنْ اَنْتُمْ اِلَّا تَخْرُصُوْنَ ۟","assameseTranslation":"যিসকলে শ্বিৰ্ক কৰিছে অতিশীঘ্ৰে সিহঁতে ক’ব, ‘আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে আমি আৰু আমাৰ পুৰ্বপুৰুষসকলে শ্বিৰ্ক নকৰিলোঁহেঁতেন আৰু একোৱেই হাৰাম নকৰিলোঁহেঁতেন’। এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল, অৱশেষত সিহঁতে আমাৰ শাস্তি ভোগ কৰিছিল। কোৱা, ‘তোমালোকৰ ওচৰত কোনো জ্ঞান আছেনে? থাকিলে আমাৰ ওচৰত প্ৰকাশ কৰা। তোমালোকে কেৱল ধাৰণাৰহে অনুসৰণ কৰা আৰু কেৱল মনেসজা কথাহে কোৱা’।","footnotes":"","tafseer":"মুশ্বৰিকসকলে আল্লাহৰ ইচ্ছা আৰু তাকদীৰক (ভাগ্যক) প্ৰমাণ হিচাপে লৈ সিহঁতৰ শ্বিৰ্কক সঠিক বুলি প্ৰমাণ কৰিবলৈ প্ৰয়াস কৰি কয়ঃ আল্লাহে ইচ্ছা নকৰিলে আমি আৰু আমাৰ পূৰ্বৱৰ্তী লোকসকলে কেতিয়াও আল্লাহৰ লগত শ্বিৰ্ক কৰিব নোৱাৰিলোঁহেঁতেন। আল্লাহে ইচ্ছা নকৰিলে আমি কেতিয়াও আমাৰ ওপৰত এইবোৰ হাৰাম কৰিব নোৱাৰিলোহেঁতেন। দৰাচলতে এই ধৰণৰ দুৰ্বল প্ৰমাণ সিহঁতেও দাঙি ধৰিছিল যিসকলে পূৰ্বে অহা ৰাছুলসকলক অস্বীকাৰ কৰিছে। সিহঁতে কৈছিলঃ আল্লাহে ইচ্ছা নকৰিলে আমি কেতিয়াও এওঁলোকক অস্বীকাৰ নকৰিলোঁহেঁতেন। ফলত সিহঁতে সেই অস্বীকাৰ কৰ্মত অটল আছিল, অৱশেষত সিহঁতৰ ওপৰত আমাৰ শাস্তি আহি পৰিছিল। হে ৰাছুল! সিহঁতক সোধকচোন যে, তোমালোকৰ ওচৰত কোনো প্ৰমাণ আছে নেকি যে, তোমালোকৰ শ্বিৰ্ক তথা হালালক হাৰাম আৰু হাৰামক হালাল কৰা কাৰ্যত আল্লাহ সন্তুষ্ট হৈছে? কিয়নো কেৱল এই কৰ্মই আল্লাহৰ সন্তুষ্টিৰ প্ৰমাণ হ'ব নোৱাৰে। নিশ্চয় তোমালোকে এইবোৰ বিষয়ত কেৱল ধাৰণাৰহে অনুসৰণ কৰা, ধাৰণাৰ অনুসৰণ কৰি কেতিয়াও সত্য পোৱা সম্ভৱ নহয় আৰু তোমালোক হৈছা চৰম মিছলীয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006148.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006148.mp3"},{"index":"149","arabicText":"قُلْ فَلِلّٰهِ الْحُجَّةُ الْبَالِغَةُ ۚ فَلَوْ شَآءَ لَهَدٰىكُمْ اَجْمَعِیْنَ ۟","assameseTranslation":"কোৱা, ‘চূড়ান্ত প্ৰমাণ কেৱল আল্লাহৰেই, এতেকে তেওঁ যদি ইচ্ছা কৰিলেহেঁতেন, তেন্তে তোমালোক আটাইকে নিশ্চয় হিদায়ত দিলেহেঁতেন’।","footnotes":"","tafseer":"হে ৰাছুল! মুশ্বৰিকসকলক কৈ দিয়ক যে, যদি তোমালোকৰ ওচৰত এই দু্ৰ্বল প্ৰমাণসমূহৰ বাহিৰে আন কোনো প্ৰমাণ নাই তেন্তে শুনা, আল্লাহৰ ওচৰত আছে অতি দৃঢ় তথা মজবুত প্ৰমাণ, যি প্ৰমাণে তোমালোকৰ সকলো বাহানা প্ৰৱঞ্চনাক ধৰাশায়ী কৰি পেলাব, আৰু তেওঁৰ সন্মুখত তোমালোকৰ সকলো সন্দেহ- সংশয় নিৰৰ্থক সাব্যস্ত হ'ব। হে মুশ্বৰিকসকল! আল্লাহে ইচ্ছা কৰিলে তোমালোক সকলোকে সত্য স্বীকাৰ কৰাৰ তাওফীক তথা সামৰ্থ প্ৰদান কৰিলেহঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006149.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006149.mp3"},{"index":"150","arabicText":"قُلْ هَلُمَّ شُهَدَآءَكُمُ الَّذِیْنَ یَشْهَدُوْنَ اَنَّ اللّٰهَ حَرَّمَ هٰذَا ۚ فَاِنْ شَهِدُوْا فَلَا تَشْهَدْ مَعَهُمْ ۚ وَلَا تَتَّبِعْ اَهْوَآءَ الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا وَالَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ وَهُمْ بِرَبِّهِمْ یَعْدِلُوْنَ ۟۠","assameseTranslation":"কোৱা, ‘তোমালোকৰ সাক্ষীসকলক লৈ আহা, যিসকলে এই সাক্ষী দিব যে, আল্লাহে এইটো হাৰাম কৰিছে’। সিহঁতে সাক্ষী দিলেও তুমি সিহঁতৰ লগত সাক্ষী নিদিবা। তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, যিসকলে আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰে আৰু যিসকলে আখিৰাতত বিশ্বাস স্থাপন নকৰে। সিহঁতেই নিজ প্ৰতিপালকৰ সমকক্ষ নিৰ্ধাৰণ কৰে।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, যিসকলে হালালক হাৰাম বুলি কয় আৰু দাবী কৰে যে, এইবোৰক আল্লাহে হাৰাম কৰিছেঃ তোমালোকে নিজৰ সাক্ষী প্ৰস্তুত কৰা, যিসকলে এই সাক্ষ্য প্ৰদান কৰিব যে, এইবোৰক আল্লাহেই হাৰাম কৰিছে। যদি সিহঁতে তথ্যহীনভাৱে সাক্ষ্য দিয়ে যে, আল্লাহে এইবোৰক হাৰাম কৰিছে তেন্তে হে ৰাছুল! আপুনি সিহঁতৰ এই সাক্ষ্য স্বীকাৰ নকৰিব। কিয়নো সিহঁত হৈছে মিছলীয়া। আপুনি সিহঁতৰ ইচ্ছা আকাংক্ষাৰ অনুসৰণ নকৰিব, যিসকলে নিজৰ প্ৰবৃত্তিক নিৰ্ণায়ক বুলি ভাবে। কিয়নো সিহঁতে হালালক হাৰাম কৰি আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে। লগতে সিহঁতৰো অনুসৰণ নকৰিব, যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে, সিহঁতে নিজ প্ৰতিপালকৰ লগত শ্বিৰ্ক কৰে আৰু তেওঁৰ সমকক্ষ স্থিৰ কৰে। যিসকলে নিজ প্ৰতিপালকৰ লগত এনেকুৱা আচৰণ কৰে, তেনেকুৱা লোকৰ পদাঙ্ক অনুসৰণ কৰাটো কেনেকৈ সম্ভৱ?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006150.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006150.mp3"},{"index":"151","arabicText":"قُلْ تَعَالَوْا اَتْلُ مَا حَرَّمَ رَبُّكُمْ عَلَیْكُمْ اَلَّا تُشْرِكُوْا بِهٖ شَیْـًٔا وَّبِالْوَالِدَیْنِ اِحْسَانًا ۚ وَلَا تَقْتُلُوْۤا اَوْلَادَكُمْ مِّنْ اِمْلَاقٍ ؕ نَحْنُ نَرْزُقُكُمْ وَاِیَّاهُمْ ۚ وَلَا تَقْرَبُوا الْفَوَاحِشَ مَا ظَهَرَ مِنْهَا وَمَا بَطَنَ ۚ وَلَا تَقْتُلُوا النَّفْسَ الَّتِیْ حَرَّمَ اللّٰهُ اِلَّا بِالْحَقِّ ؕ ذٰلِكُمْ وَصّٰىكُمْ بِهٖ لَعَلَّكُمْ تَعْقِلُوْنَ ۟","assameseTranslation":"কোৱা, ‘আহা, তোমালোকৰ ওপৰত তোমালোকৰ প্ৰতিপালকে যি হাৰাম কৰিছে সেয়া তিলাৱত কৰি শুনাওঁ। সেয়া হৈছে এই যে, ‘তোমালোকে তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰিবা, পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰিবা, দৰিদ্ৰতাৰ ভয়ত তোমালোকে নিজৰ সন্তানক হত্যা নকৰিবা, আমিয়েই তোমালোকক আৰু সিহঁতক জীৱিকা দান কৰোঁ। প্ৰকাশ্য হওক অথবা গোপনেই হওক, অশ্লীল কৰ্মৰ ওচৰলৈকেও নাযাবা। আল্লাহে হাৰাম কৰা কোনো নফছক যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা’। তেওঁ তোমালোকক এই নিৰ্দেশ দিছে যাতে তোমালোকে বুজিব পাৰা।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি মানুহক কওক যে, আহা মই তোমালোকক পাঠ কৰি শুনাওঁ, আল্লাহে কি কি হাৰাম কৰিছে। আল্লাহৰ সৈতে বেলেগ কোনো সৃষ্টিক অংশী কৰাক আল্লাহে হাৰাম কৰিছে, পিতৃ-মাতৃৰ অবাধ্যতা কৰা হাৰাম কৰিছে, বৰং তেওঁলোকৰ সৈতে সদ্ব্যৱহাৰ কৰাক তোমালোকৰ ওপৰত অনিবাৰ্য্য কৰিছে। লগতে দৰিদ্ৰতাৰ ভয়ত নিজৰ সন্তান হত্যা কৰাকো হাৰাম কৰিছে, যিদৰে অজ্ঞতা যুগৰ লোকসকলে কৰিছিল। আমি তোমালোকক আৰু সিহঁতকো জীৱিকা প্ৰদান কৰোঁ। এইদৰে তেওঁ অশ্লীলতাৰ নিকটৱৰ্তী হোৱাকো হাৰাম কৰিছে, প্ৰকাশ্য হওক অথবা অপ্ৰকাশ্য। লগতে তেওঁ নিৰপৰাধ ব্যক্তিক হত্যা কৰাও হাৰাম কৰিছে, উচিত কাৰণ থাকিলে সেয়া সুকীয়া কথা, যেনেঃ বিবাহিত ব্যক্তিয়ে ব্যভিচাৰ কৰিলে, ইছলাম পৰিত্যাগ কৰিলে। আল্লাহে তোমালোকক এইবোৰ কথাৰ উপদেশ দিছে, যাতে তোমালোকে আল্লাহৰ আদেশ- নিষেধবোৰ বুজি পোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006151.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006151.mp3"},{"index":"152","arabicText":"وَلَا تَقْرَبُوْا مَالَ الْیَتِیْمِ اِلَّا بِالَّتِیْ هِیَ اَحْسَنُ حَتّٰی یَبْلُغَ اَشُدَّهٗ ۚ وَاَوْفُوا الْكَیْلَ وَالْمِیْزَانَ بِالْقِسْطِ ۚ لَا نُكَلِّفُ نَفْسًا اِلَّا وُسْعَهَا ۚ وَاِذَا قُلْتُمْ فَاعْدِلُوْا وَلَوْ كَانَ ذَا قُرْبٰی ۚ وَبِعَهْدِ اللّٰهِ اَوْفُوْا ؕ ذٰلِكُمْ وَصّٰىكُمْ بِهٖ لَعَلَّكُمْ تَذَكَّرُوْنَ ۟ۙ","assameseTranslation":"আৰু এতীম শিশু প্ৰাপ্তবয়স্ক নোহোৱালৈকে উত্তম ব্যৱস্থাৰ বাহিৰে তোমালোকে তাৰ সম্পত্তিৰ নিকটৱৰ্তী নহ’বা আৰু পৰিমাপ তথা ওজন ন্যায়ভাৱে পৰিপূৰ্ণৰূপে প্ৰদান কৰিবা। আমি কোনো নফছক তাৰ ক্ষমতাতকৈ অধিক ভাৰ অৰ্পণ নকৰোঁ। লগতে যেতিয়া তোমালোকে কথা ক’বা তেতিয়া ইনচাফপূৰ্ণ কথা ক’বা, যদিও সেইজন তোমাৰ ঘনিষ্ট আত্মীয় নহওক কিয়, আৰু আল্লাহক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবা। এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।","footnotes":"","tafseer":"তেওঁ এতীমৰ (শৈশৱত যিয়ে পিতৃহাৰা হয়) সম্পদ ব্যৱহাৰ কৰিবলৈও হাৰাম কৰিছে। হয়, যদি কল্যাণ কৰাৰ বাবে তথা বৃদ্ধি কৰাৰ উদ্দেশ্যে হয় তেন্তে সেয়া সুকীয়া কথা। এই নিষেধাজ্ঞা তেতিয়ালৈকে প্ৰযোজ্য হ’ব যেতিয়ালৈকে সি প্ৰাপ্তবয়স্ক তথা পৰিপক্ক নহয়। লগতে মহান আল্লাহে ওজনত কম দিয়াও হাৰাম কৰিছে। এতেকে লেন-দেন তথা ক্ৰয়-বিক্ৰয়ত সদায় ন্যায়পৰায়ণ হ'ব লাগে। আমি কাকো সাধ্যাতীত কোনো কামৰ বোজা নিদিওঁ। এতেকে ওজনত যদি এনেকুৱা কিছু হেৰফেৰ হয়, যিটোৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ নহয়, তেন্তে এই ক্ষেত্ৰত কোনো অপৰাধ নহ’ব। লগতে সাক্ষ্য দিয়াৰ সময়ত তথা কোনো সংবাদ দিয়াৰ সময়ত মিছাৰ আশ্ৰয় লোৱাকো তেওঁ হাৰাম কৰিছে। সেয়ে সাক্ষ্য প্ৰদানৰ সময়ত কোনো বন্ধু তথা আত্মীয়ৰ পক্ষ লোৱা উচিত নহয়। এইদৰে আল্লাহৰ লগত তথা আল্লাহৰ নামত কোনো প্ৰতিশ্ৰুতি কৰিলে সেয়া ভঙ্গ কৰাটোও তোমালোকৰ ওপৰত হাৰাম কৰিছে। এতেকে এনেকুৱা প্ৰতিশ্ৰুতি তোমালোকে পুৰণ কৰা অনিবাৰ্য্য। আল্লাহে তোমালোকক উক্ত বিষয়বোৰৰ গুৰুত্ব সহকাৰে আদেশ দিছে, যাতে তোমালোকে নিজৰ পৰিণাম স্মৰণ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006152.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006152.mp3"},{"index":"153","arabicText":"وَاَنَّ هٰذَا صِرَاطِیْ مُسْتَقِیْمًا فَاتَّبِعُوْهُ ۚ وَلَا تَتَّبِعُوا السُّبُلَ فَتَفَرَّقَ بِكُمْ عَنْ سَبِیْلِهٖ ؕ ذٰلِكُمْ وَصّٰىكُمْ بِهٖ لَعَلَّكُمْ تَتَّقُوْنَ ۟","assameseTranslation":"নিশ্চয় এইটোৱেই হৈছে মোৰ সৰল পথ। এতেকে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু বিভিন্ন পথৰ অনুসৰণ নকৰিবা, অন্যথা সেইবোৰে তোমালোকক ইয়াৰ পৰা বিচ্ছিন্ন কৰিব। এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হোৱা।","footnotes":"","tafseer":"লগতে তেওঁ ভ্ৰান্ত পথত পৰিচালিত হোৱাকো হাৰাম কৰিছে। সেয়ে আল্লাহৰ পোন পথত পৰিচালিত হোৱাটো তোমালোকৰ ওপৰত অনিবাৰ্য্য, যি পথত কোনো বক্ৰতা নাই। আনহাতে ভ্ৰান্ত পথে তোমালোকক পোন পথৰ পৰা পৃথক কৰি দিয়ে তথা আঁতৰাই দিয়ে। পক্ষান্তৰে আল্লাহে তোমালোকক সঠিক পথত তথা পোন পথত পৰিচালিত হোৱাৰ নিৰ্দেশ দিছে। যাতে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006153.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006153.mp3"},{"index":"154","arabicText":"ثُمَّ اٰتَیْنَا مُوْسَی الْكِتٰبَ تَمَامًا عَلَی الَّذِیْۤ اَحْسَنَ وَتَفْصِیْلًا لِّكُلِّ شَیْءٍ وَّهُدًی وَّرَحْمَةً لَّعَلَّهُمْ بِلِقَآءِ رَبِّهِمْ یُؤْمِنُوْنَ ۟۠","assameseTranslation":"এতেকে আমি মুছাক প্ৰদান কৰিছিলোঁ কিতাব, যিয়ে সৎকৰ্ম কৰিছে তাৰ বাবে পৰিপূৰ্ণতাস্বৰূপ, প্ৰতিটো বস্তুৰ বিশদ বিৱৰণ, হিদায়ত আৰু ৰহমতস্বৰূপ—যাতে সিহঁতে সিহঁতৰ প্ৰতিপালকৰ সাক্ষাৎ সম্বন্ধে ঈমান পোষণ কৰে।","footnotes":"","tafseer":"এইবোৰ সংবাদ দিয়াৰ পিছত মহান আল্লাহে কৈছে যে, আমিয়েই মুছাক তাওৰাত প্ৰদান কৰিছিলোঁ, তেওঁৰ নেক কৰ্মৰ পূৰ্ণ প্ৰতিদান দিয়াৰ বাবে তথা দ্বীন সম্পৰ্কীয় প্ৰত্যেক আৱশ্যকীয় বিষয় স্পষ্টভাৱে বৰ্ণনা কৰাৰ উদ্দেশ্যে। সেই গ্ৰন্থখন আছিল সত্যৰ পথপ্ৰদৰ্শক আৰু অনুগ্ৰহ। যাতে সিহঁতে ক্বিয়ামতৰ দিনা প্ৰতিপালকৰ সাক্ষাতৰ প্ৰতি ঈমান পোষণ কৰে আৰু পূণ্যৰ কাম কৰি তাৰ বাবে প্ৰস্তুতি লয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006154.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006154.mp3"},{"index":"155","arabicText":"وَهٰذَا كِتٰبٌ اَنْزَلْنٰهُ مُبٰرَكٌ فَاتَّبِعُوْهُ وَاتَّقُوْا لَعَلَّكُمْ تُرْحَمُوْنَ ۟ۙ","assameseTranslation":"আৰু এইখন কিতাব, যিখন আমি অৱতীৰ্ণ কৰিছোঁ – বৰকতময়ৰূপে। সেয়ে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে ৰহমতপ্ৰাপ্ত হোৱা।","footnotes":"","tafseer":"এই কোৰআন হৈছে এখন (ঐশী) গ্ৰন্থ, যিখন আমিয়ে অৱতীৰ্ণ কৰিছোঁ, মহা বৰকতময়। কিয়নো ইয়াত দ্বীন তথা দুনিয়া উভয়ৰে কল্যাণৰ বৰ্ণনা আছে। এতেকে ইয়াৰ বিধান অনুসাৰে জীৱন যাপন কৰা আৰু ইয়াৰ বিৰোধিতাৰ পৰা বিৰত থাকা, যাতে তোমালোকৰ প্ৰতি কৃপা কৰা হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006155.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006155.mp3"},{"index":"156","arabicText":"اَنْ تَقُوْلُوْۤا اِنَّمَاۤ اُنْزِلَ الْكِتٰبُ عَلٰی طَآىِٕفَتَیْنِ مِنْ قَبْلِنَا ۪ وَاِنْ كُنَّا عَنْ دِرَاسَتِهِمْ لَغٰفِلِیْنَ ۟ۙ","assameseTranslation":"যাতে তোমালোকে এইটো ক’ব নোৱাৰা যে, কিতাব কেৱল আমাৰ পূৰ্বে দুটা সম্প্ৰদায়ৰ প্ৰতিহে অৱতীৰ্ণ হৈছিল; আৰু আমি সিহঁতৰ অধ্যয়ন সম্পৰ্কে গাফিল আছিলোঁ’,","footnotes":"","tafseer":"(হে আৰবৰ মুশ্বৰিকসকল, আমি তোমালোককো গ্ৰন্থ প্ৰদান কৰিছোঁ) যাতে তোমালোকে এইটো ক'ব নোৱাৰা যে, আল্লাহে তাওৰাত আৰু ইঞ্জীল আমাৰ পূৰ্বে ইয়াহুদী তথা ঈছায়ীসকলকহে প্ৰদান কৰিছিল, এতেকে যিহেতু আমাৰ প্ৰতি কোনো গ্ৰন্থ অৱতীৰ্ণ কৰা নাই আৰু আমি সিহঁতৰ গ্ৰন্থও পঢ়িব নোৱাৰোঁ, কাৰণ সেইবোৰ সিহঁতৰ ভাষাত অৱতীৰ্ণ, আমাৰ ভাষাত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006156.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006156.mp3"},{"index":"157","arabicText":"اَوْ تَقُوْلُوْا لَوْ اَنَّاۤ اُنْزِلَ عَلَیْنَا الْكِتٰبُ لَكُنَّاۤ اَهْدٰی مِنْهُمْ ۚ فَقَدْ جَآءَكُمْ بَیِّنَةٌ مِّنْ رَّبِّكُمْ وَهُدًی وَّرَحْمَةٌ ۚ فَمَنْ اَظْلَمُ مِمَّنْ كَذَّبَ بِاٰیٰتِ اللّٰهِ وَصَدَفَ عَنْهَا ؕ سَنَجْزِی الَّذِیْنَ یَصْدِفُوْنَ عَنْ اٰیٰتِنَا سُوْٓءَ الْعَذَابِ بِمَا كَانُوْا یَصْدِفُوْنَ ۟","assameseTranslation":"অথবা তোমালোকে যেন এইটো ক’ব নোৱাৰা যে, ‘যদি আমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’লহেঁতেন, তেন্তে আমি সিহঁততকৈ বেছি হিদায়তপ্ৰাপ্ত হ’লোঁহেঁতেন’। এতেকে নিশ্চয় তোমালোকৰ ওচৰলৈ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ, হিদায়ত আৰু ৰহমত আহিছে। ইয়াৰ পিছতো যিয়ে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব আৰু তাৰ পৰা মুখ ঘূৰাই লব, তাতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? যিসকলে আমাৰ আয়াতসমূহৰ পৰা মুখ ঘূৰাই লয়, সত্য বিমুখতাৰ বাবে শীঘ্ৰেই আমি সিহঁতক নিকৃষ্ট শাস্তি প্ৰদান কৰিম।","footnotes":"","tafseer":"যাতে তোমালোকে এইটোও ক'ব নোৱাৰা যে, যদি আল্লাহে ইয়াহুদী তথা ঈছায়ীসকলৰ দৰে আমাৰ প্ৰতিও এখন গ্ৰন্থ অৱতীৰ্ণ কৰিলেহেঁতেন তেন্তে আমি সিহঁততকৈ অধিক সঠিক পথত অবিচল থাকিলোঁহেঁতেন। এতেকে এতিয়া তোমালোকৰ নিজৰ ভাষাত তোমালোকৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি গ্ৰন্থ আহি পৰিছে, এই গ্ৰন্থখন হৈছে স্পষ্ট প্ৰমাণ, সত্যৰ পথপ্ৰদৰ্শক তথা মানুহৰ বাবে কৃপা। এতেকে কোনো মিছা বাহানাৰ আশ্ৰয় নল’বা আৰু কোনো অসত্য ওজৰ-আপত্তি দাঙি নধৰিবা। সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰি তাৰ পৰা বিমুখ হয়। শীঘ্ৰেই আমি সেইসকল লোকক কঠিন শাস্তি প্ৰদান কৰিম, যিসকলে আমাৰ আয়াতসমূহৰ পৰা বিমুখ হৈছে, সিহঁতৰ এই কৰ্মকাণ্ডৰ প্ৰতিদানস্বৰূপে আমি সিহঁতক জাহান্নামত নিক্ষেপ কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006157.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006157.mp3"},{"index":"158","arabicText":"هَلْ یَنْظُرُوْنَ اِلَّاۤ اَنْ تَاْتِیَهُمُ الْمَلٰٓىِٕكَةُ اَوْ یَاْتِیَ رَبُّكَ اَوْ یَاْتِیَ بَعْضُ اٰیٰتِ رَبِّكَ ؕ یَوْمَ یَاْتِیْ بَعْضُ اٰیٰتِ رَبِّكَ لَا یَنْفَعُ نَفْسًا اِیْمَانُهَا لَمْ تَكُنْ اٰمَنَتْ مِنْ قَبْلُ اَوْ كَسَبَتْ فِیْۤ اِیْمَانِهَا خَیْرًا ؕ قُلِ انْتَظِرُوْۤا اِنَّا مُنْتَظِرُوْنَ ۟","assameseTranslation":"সিহঁতে কেৱল এইটোৰ প্ৰতীক্ষাত আছে নেকি যে, সিহঁতৰ ওচৰলৈ ফিৰিস্তা আহিব, অথবা তোমাৰ প্ৰতিপালক স্বয়ং অৱতৰণ কৰিব, নাইবা তোমাৰ প্ৰতিপালকৰ কোনো নিদৰ্শন আহিব? (জানি থোৱা) যিদিনা তোমাৰ প্ৰতিপালকৰ কোনো নিদৰ্শন আহিব সেইদিনা যিয়ে পূৰ্বে ঈমান পোষণ কৰা নাছিল তাৰ ঈমান কোনো কামত নাহিব, অথবা যি ব্যক্তিয়ে ঈমানৰ মাধ্যমত কল্যাণ লাভ কৰা নাছিল (তাৰ ঈমানো কোনো কামত নাহিব)। কোৱা, ‘তোমালোকে প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষাত থাকিলোঁ’।","footnotes":"","tafseer":"এই অস্বীকাৰকাৰীসকলে কেৱল এই অপেক্ষাত আছে নেকি যে, মালাকুল মউত তথা তেওঁৰ সহায়কসকল আহি সিহঁতৰ প্ৰাণ হৰণ কৰক, অথবা আখিৰাতত বিচাৰ ফয়চালাৰ দিনা আপোনাৰ প্ৰতিপালকে আহি সিহঁতৰ মাজত ফয়চালা কৰক। অথবা আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা ক্বিয়ামতৰ কিছুমান নিদৰ্শন অহাৰ অপেক্ষাত আছে নেকি। (এতেকে সিহঁতে জানি থোৱা উচিত যে,) যেতিয়া আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা কিছুমান নিদৰ্শন প্ৰকট হ'ব (যেনে পশ্চিমৰ পৰা সূৰ্য উদয় হোৱা) তেতিয়া কোনো কাফিৰৰ ঈমানে আৰু কোনো মুমিনৰ সত্কৰ্মই, যিয়ে পূৰ্বে সত্কৰ্ম কৰা নাই, একোৱে উপকাৰ সাধন কৰিব নোৱাৰিব। হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কওক যে, তোমালোকে ইয়াৰ যিকোনো এটাৰ অপেক্ষা কৰা, আমিও অপেক্ষা কৰি আছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006158.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006158.mp3"},{"index":"159","arabicText":"اِنَّ الَّذِیْنَ فَرَّقُوْا دِیْنَهُمْ وَكَانُوْا شِیَعًا لَّسْتَ مِنْهُمْ فِیْ شَیْءٍ ؕ اِنَّمَاۤ اَمْرُهُمْ اِلَی اللّٰهِ ثُمَّ یُنَبِّئُهُمْ بِمَا كَانُوْا یَفْعَلُوْنَ ۟","assameseTranslation":"নিশ্চয় যিসকলে নিজৰ দ্বীনক বিচ্ছিন্ন কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, সিহঁতৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই; সিহঁতৰ বিষয়টো আল্লাহৰ অধীনস্থ, তাৰ পিছত তেৱেঁই সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সিহঁতক অৱগত কৰাব।","footnotes":"","tafseer":"যিসকল ইয়াহুদী আৰু ঈছায়ীয়ে নিজৰ ধৰ্মক বিভিন্ন ভাগত বিভক্ত কৰিছে, কিছুমানক গ্ৰহণ কৰিছে আৰু কিছুমানক এৰি দিছে তথা বিভিন্ন দলত বিভিক্ত হৈছে, হে ৰাছুল! সিহঁতৰ লগত আপোনাৰ কোনো সম্পৰ্ক নাই। সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা আপুনি সম্পূৰ্ণৰূপে মুক্ত। আপোনাৰ দায়িত্ব হৈছে কেৱল সিহঁতক সতৰ্ক কৰা। সিহঁতৰ সকলো বিষয় আল্লাহৰ দায়িত্বত। তেৱেঁই ক্বিয়ামতৰ দিনা সিহঁতক পৃথিৱীত কৰা কৰ্ম সম্পৰ্কে অৱগত কৰাব আৰু ইয়াৰ প্ৰতিদানো প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006159.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006159.mp3"},{"index":"160","arabicText":"مَنْ جَآءَ بِالْحَسَنَةِ فَلَهٗ عَشْرُ اَمْثَالِهَا ۚ وَمَنْ جَآءَ بِالسَّیِّئَةِ فَلَا یُجْزٰۤی اِلَّا مِثْلَهَا وَهُمْ لَا یُظْلَمُوْنَ ۟","assameseTranslation":"যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাৰ দহগুণ (ছোৱাব) লাভ কৰিব, আৰু যিয়ে অসৎকৰ্ম লৈ আহিব তাক কেৱল তাৰ সমপৰিমাণ প্ৰতিদানহে দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।","footnotes":"","tafseer":"ক্বিয়ামতৰ দিনা আল্লাহে মুমিনসকলৰ এটা নেকীৰ পৰিবৰ্তে দহটা নেকী প্ৰদান কৰিব। আনহাতে এটা পাপকৰ্মৰ পৰিবৰ্তে গুনাহ অনুপাতেই শাস্তি দিয়া হ'ব। ক্বিয়ামতৰ দিনা ছোৱাব হ্ৰাস কৰি অথবা শাস্তি বৃদ্ধি কৰি সিহঁতৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006160.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006160.mp3"},{"index":"161","arabicText":"قُلْ اِنَّنِیْ هَدٰىنِیْ رَبِّیْۤ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۚ۬ دِیْنًا قِیَمًا مِّلَّةَ اِبْرٰهِیْمَ حَنِیْفًا ۚ وَمَا كَانَ مِنَ الْمُشْرِكِیْنَ ۟","assameseTranslation":"কোৱা, ‘মোৰ প্ৰতিপালকে মোক সৎপথত পৰিচালিত কৰিছে। এইটোৱে সুপ্ৰতিষ্ঠিত দ্বীন, ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ), তেওঁ একনিষ্ঠ আছিল, আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।","footnotes":"","tafseer":"হে ৰাছুল! এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক কওক যে, মোৰ প্ৰতিপালকে মোক সঠিক পথ দেখুৱাইছে, সেইটো হৈছে দ্বীনৰ পথ, যি পথত পৰিচালিত হ'লে পৃথিৱী আৰু আখিৰাত উভয়তে কল্যাণ পোৱা যায়, আৰু সেইটোৱে হৈছে ইব্ৰাহীমৰ পথ, যিটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁ কেতিয়াও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006161.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006161.mp3"},{"index":"162","arabicText":"قُلْ اِنَّ صَلَاتِیْ وَنُسُكِیْ وَمَحْیَایَ وَمَمَاتِیْ لِلّٰهِ رَبِّ الْعٰلَمِیْنَ ۟ۙ","assameseTranslation":"কোৱা, ‘নিশ্চয় মোৰ ছালাত, মোৰ কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ, বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবেই’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক যে, নিশ্চয় মোৰ চালাত, আল্লাহৰ উদ্দেশ্যে তথা আল্লাহৰ নাম লৈ জবেহ কৰা কুৰবানী, মোৰ জীৱন আৰু মোৰ মৃত্যু, এই সকলোবোৰ হৈছে আল্লাহৰ বাবে, যিজন গোটেই সৃষ্টিজগতৰ প্ৰতিপালক। তেওঁৰ বাহিৰে আন কাৰো ইয়াত অংশীদাৰিত্ব নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006162.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006162.mp3"},{"index":"163","arabicText":"لَا شَرِیْكَ لَهٗ ۚ وَبِذٰلِكَ اُمِرْتُ وَاَنَا اَوَّلُ الْمُسْلِمِیْنَ ۟","assameseTranslation":"‘তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মোক ইয়াৰেই নিৰ্দেশ দিয়া হৈছে, আৰু মুছলিম (আত্মসমৰ্পণকাৰী) সকলৰ মাজত ময়েই প্ৰথম’।","footnotes":"","tafseer":"পৱিত্ৰ আল্লাহৰ কোনো অংশীদাৰ নাই আৰু তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্যও নাই। এই শ্বিৰ্কমুক্ত নিৰ্ভেজাল তাওহীদৰেই আল্লাহে মোক আদেশ কৰিছে। এই উম্মতৰ ভিতৰত ময়ে সৰ্বপ্ৰথম তেওঁৰ ওচৰত আত্মসমৰ্পনকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006163.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006163.mp3"},{"index":"164","arabicText":"قُلْ اَغَیْرَ اللّٰهِ اَبْغِیْ رَبًّا وَّهُوَ رَبُّ كُلِّ شَیْءٍ ؕ وَلَا تَكْسِبُ كُلُّ نَفْسٍ اِلَّا عَلَیْهَا ۚ وَلَا تَزِرُ وَازِرَةٌ وِّزْرَ اُخْرٰی ۚ ثُمَّ اِلٰی رَبِّكُمْ مَّرْجِعُكُمْ فَیُنَبِّئُكُمْ بِمَا كُنْتُمْ فِیْهِ تَخْتَلِفُوْنَ ۟","assameseTranslation":"কোৱা, ‘মই আল্লাহৰ বাহিৰে আন কোনো প্ৰতিপালক অনুসন্ধান কৰিম নেকি? অথচ তেৱেঁই সকলো বস্তুৰ প্ৰতিপালক’। প্ৰত্যেকেই নিজ নিজ কৃতকৰ্মৰ বাবে দায়ী হ’ব আৰু কোনোৱেই আনৰ বোজা বহন নকৰিব। তাৰ পিছত তোমালোকৰ প্ৰত্যাৱৰ্তন তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই হ’ব, এতেকে যি বিষয়ে তোমালোকে মতানৈক্য কৰিছিলা, সেয়া তেওঁ তোমালোকক অৱহিত কৰাব।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি মুশ্বৰিকসকলক কওক যে, মই আল্লাহৰ বাহিৰে আন কোনো প্ৰতিপালক বিচাৰিম নেকি, অথচ তেওঁ সুউচ্চ মহাপৱিত্ৰ, সকলোৰে প্ৰতিপালক? তেৱেঁই সেই সকলো উপাস্যৰ প্ৰতিপালক যিসকলক তোমালোকে উপাসনা কৰা। জানি থোৱা! কোনো নিৰ্দোষী ব্যক্তিয়ে আন কাৰোবাৰ গুনাহৰ বোজা বহন নকৰিব। এতেকে ক্বিয়ামতৰ দিনা তোমালোক সকলোৱে আল্লাহৰ ওচৰতেই একত্ৰিত হ’ব লাগিব। তেতিয়া তেওঁ তোমালোকক সেই সকলো বিষয়ে অৱগত কৰাব, দ্বীন সম্পৰ্কীয় যিবোৰ বিষয়ত তোমালোকে মতানৈক্য কৰিছিলা ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006164.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006164.mp3"},{"index":"165","arabicText":"وَهُوَ الَّذِیْ جَعَلَكُمْ خَلٰٓىِٕفَ الْاَرْضِ وَرَفَعَ بَعْضَكُمْ فَوْقَ بَعْضٍ دَرَجٰتٍ لِّیَبْلُوَكُمْ فِیْ مَاۤ اٰتٰىكُمْ ؕ اِنَّ رَبَّكَ سَرِیْعُ الْعِقَابِ ۖؗ وَاِنَّهٗ لَغَفُوْرٌ رَّحِیْمٌ ۟۠","assameseTranslation":"তেৱেঁই তোমালোকক পৃথিৱীত খলিফা (প্ৰতিনিধি) নিযুক্ত কৰিছে আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে সেই বিষয়ে পৰীক্ষাৰ উদ্দেশ্যে তোমালোকৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে। নিশ্চয় তোমাৰ প্ৰতিপালক দ্ৰুত শাস্তি প্ৰদানকাৰী আৰু নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"তেৱেঁই তোমালোকক পৃথিৱীত তোমালোকৰ পুৰ্বপুৰুষৰ উত্তৰাধিকাৰী বনাইছে, যাতে তোমালোকে ইয়াক আবাদ কৰিব পাৰা। লগতে তোমালোকৰ পৰস্পৰক পৰস্পৰৰ ওপৰত সৃষ্টি তথা জীৱিকাৰ ক্ষেত্ৰত প্ৰাধান্য প্ৰদান কৰিছে, যাতে তেওঁ তোমালোকক প্ৰদান কৰা বস্তুৰ দ্বাৰা পৰীক্ষা ল’ব পাৰে। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে শীঘ্ৰেই শাস্তি প্ৰদান কৰিব। কিয়নো আহিবলগীয়া প্ৰত্যেক বস্তু অতি সন্নিকট। যিসকল বান্দাই তাওবা কৰে নিশ্চয় আল্লাহ সিহঁতৰ প্ৰতি ক্ষমাশীল আৰু দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/006165.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/006165.mp3"}]