[{"index":"1","arabicText":"یٰۤاَیُّهَا النَّبِیُّ لِمَ تُحَرِّمُ مَاۤ اَحَلَّ اللّٰهُ لَكَ ۚ تَبْتَغِیْ مَرْضَاتَ اَزْوَاجِكَ ؕ وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"হে নবী! আল্লাহে তোমাৰ বাবে যি বৈধ কৰিছে সেয়া তুমি নিজৰ বাবে নিষিদ্ধ কৰি লৈছা কিয়? তুমি তোমাৰ স্ত্ৰীসকলৰ সন্তুষ্টি বিচৰা নেকি; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি আপোনাৰ দাসী মাৰিয়াৰ পৰা উপকৃত হোৱাক নিজৰ ওপৰত কিয় হাৰাম কৰিছে, যিটো আল্লাহে আপোনাৰ বাবে হালাল কৰিছে। ইয়াৰ জৰিয়তে আপুনি আপোনাৰ স্ত্ৰীসকলৰ সন্তুষ্টি বিচাৰে নেকি যে, মাৰিয়াৰ ওচৰত গমন কৰিলে সিহঁতৰ আত্মসন্মানত আঘাত হানে? অথচ আল্লাহে আপোনাক ক্ষমা কৰিব আৰু আপোনাৰ প্ৰতি দয়া কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/066001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/066001.mp3"},{"index":"2","arabicText":"قَدْ فَرَضَ اللّٰهُ لَكُمْ تَحِلَّةَ اَیْمَانِكُمْ ۚ وَاللّٰهُ مَوْلٰىكُمْ ۚ وَهُوَ الْعَلِیْمُ الْحَكِیْمُ ۟","assameseTranslation":"নিশ্চয় আল্লাহে তোমালোকৰ বাবে শপতৰ পৰা মুক্তি লাভৰ ব্যৱস্থা কৰিছে; আৰু আল্লাহেই হৈছে তোমালোকৰ অভিভাৱক আৰু তেৱেঁই সৰ্বজ্ঞ, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"(হে নবীৰ অনুসাৰীসকল) আল্লাহে তোমালোকৰ বাবে প্ৰায়শ্চিত্যৰ জৰিয়তে শপতৰ পৰা ওলোৱাৰ উপায় কৰি দিছে, যদি তোমালোকে সেইটোতকৈ উত্তম বস্তু পোৱা অথবা শপত ভাঙিব বিচৰা। আল্লাহেই তোমালোকৰ সহায়ক। তেওঁ তোমালোকৰ অৱস্থা আৰু কল্যাণ সম্পৰ্কে সম্যক অৱগত। চৰীয়ত আৰু ভাগ্য নিৰ্ণয়ত তেওঁ মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/066002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/066002.mp3"},{"index":"3","arabicText":"وَاِذْ اَسَرَّ النَّبِیُّ اِلٰی بَعْضِ اَزْوَاجِهٖ حَدِیْثًا ۚ فَلَمَّا نَبَّاَتْ بِهٖ وَاَظْهَرَهُ اللّٰهُ عَلَیْهِ عَرَّفَ بَعْضَهٗ وَاَعْرَضَ عَنْ بَعْضٍ ۚ فَلَمَّا نَبَّاَهَا بِهٖ قَالَتْ مَنْ اَنْۢبَاَكَ هٰذَا ؕ قَالَ نَبَّاَنِیَ الْعَلِیْمُ الْخَبِیْرُ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া নবীয়ে তেওঁৰ স্ত্ৰীসকলৰ এগৰাকীক গোপন কথা এষাৰ কৈছিল; তাৰ পিছত সেইগৰাকীয়ে আন এগৰাকীক জনাই দিছিল, ইপিনে আল্লাহে তেওঁৰ নবীৰ ওচৰত সেই বিষয়টো প্ৰকাশ কৰি দিলে, তাৰ পিছত নবীয়ে এই বিষয়ে অলপ ব্যক্ত কৰিলে আৰু অলপ অৱজ্ঞা কৰি এৰি দিলে। যেতিয়া নবীয়ে বিষয়টো সেই স্ত্ৰীক জনালে, তেতিয়া স্ত্ৰীগৰাকীয়ে ক’লে, ‘আপোনাক এইষাৰ কথা কোনে অৱগত কৰালে’? নবীয়ে ক’লে, ‘মোক সেই সত্ত্বাই জনাইছে, যিজন সৰ্বজ্ঞ, সম্যক অৱগত’।","footnotes":"","tafseer":"তথা স্মৰণ কৰা সেই সময়ছোৱাক, যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ পত্নী হাফচা ৰাদ্বিয়াল্লাহু আনহাক এটা গোপন কথা কৈছিল যে, তেওঁ মাৰিয়াৰ ওচৰলৈ আৰু নাযাব। এই কথাষাৰ যেতিয়া হাফচা ৰাদ্বিয়াল্লাহু আনহাই আইশ্বা ৰাদ্বিয়াল্লাহু আনহাক জনাইছিল, ইপিনে আল্লাহেও নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অৱগত কৰাইছিল যে, হাফচাই গোপন তথ্য প্ৰকাশ কৰিছে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাফচাক ভৰ্ৎসনা কৰিলে আৰু এই সংক্ৰান্তীয় কিছুমান কথা ক'লে আৰু কিছুমান কথা নোকোৱাকৈ থাকিলে। তেতিয়া হাফচাই ক'লেঃ আপোনাক এইবোৰ কোনে কৈছে, তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মোক সেই সত্ত্বাই জনাইছে, যিজন সকলো বিষয়ে সৰ্বজ্ঞ আৰু প্ৰত্যেক গোপন তথ্য সম্পৰ্কে অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/066003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/066003.mp3"},{"index":"4","arabicText":"اِنْ تَتُوْبَاۤ اِلَی اللّٰهِ فَقَدْ صَغَتْ قُلُوْبُكُمَا ۚ وَاِنْ تَظٰهَرَا عَلَیْهِ فَاِنَّ اللّٰهَ هُوَ مَوْلٰىهُ وَجِبْرِیْلُ وَصَالِحُ الْمُؤْمِنِیْنَ ۚ وَالْمَلٰٓىِٕكَةُ بَعْدَ ذٰلِكَ ظَهِیْرٌ ۟","assameseTranslation":"যদি তোমালোকে উভয়ে (অনুতপ্ত হৈ) আল্লাহৰ ওচৰত তাওবা কৰা (তেন্তে ই তোমালোকৰ বাবে কল্যাণকৰ হ’ব), কাৰণ তোমালোকৰ হৃদয় ঢাল খাইছিল। কিন্তু যদি তোমালোকে নবীৰ বিৰুদ্ধে ইজনে সিজনক পোষকতা কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহেই হৈছে তেওঁৰ অভিভাৱক আৰু জীব্ৰীল লগতে সৎকৰ্মশীল মুমিনসকল, ইয়াৰ বাহিৰেও আন আন ফিৰিস্তাসকলেও তেওঁৰ সহায়কাৰী।","footnotes":"","tafseer":"তোমালোক দুয়ো তাওবা কৰা উচিত। কাৰণ তোমালোক দুয়োৰে অন্তৰে এইটো বিচাৰিছিল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যাতে তেওঁৰ দাসীৰ পৰা দূৰৈত থাকে আৰু তাইক নিজৰ ওপৰত হাৰাম কৰি লয়, যদিও তেখেতে এইটো অপছন্দ কৰে। ইয়াৰ পিছতো যদি তোমালোকে তেখেতৰ বিৰুদ্ধে সৰৱ থাকা তেন্তে জানি থোৱা, স্বয়ং আল্লাহেই তেখেতৰ সংৰক্ষক আৰু সহায়ক। লগতে জিব্ৰীল আৰু মুমিনসকলেও তেখেতৰ সহায়-সহযোগকাৰী। তথা আল্লাহৰ সহায়ৰ পিছত ফিৰিস্তাসকলেও তেখেতৰ সহায়ক হ'ব আৰু সকলো প্ৰকাৰ নিৰ্যাতনকাৰীৰ বিৰুদ্ধে সহযোগিতা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/066004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/066004.mp3"},{"index":"5","arabicText":"عَسٰی رَبُّهٗۤ اِنْ طَلَّقَكُنَّ اَنْ یُّبْدِلَهٗۤ اَزْوَاجًا خَیْرًا مِّنْكُنَّ مُسْلِمٰتٍ مُّؤْمِنٰتٍ قٰنِتٰتٍ تٰٓىِٕبٰتٍ عٰبِدٰتٍ سٰٓىِٕحٰتٍ ثَیِّبٰتٍ وَّاَبْكَارًا ۟","assameseTranslation":"যদি নবীয়ে তোমালোকক তালাক দিয়ে তেন্তে তেওঁৰ প্ৰতিপালকে সম্ভৱতঃ তোমালোকৰ স্থানত তেওঁক তোমালোকতকৈও উত্তম স্ত্ৰী প্ৰদান কৰিব--- যিসকল হ'ব মুছলিমাহ, মুমিনাহ, অনুগত, তাওবাকাৰীণী, ইবাদতকাৰীণী, ছিয়াম পালনকাৰীণী, অকুমাৰী আৰু কুমাৰী।","footnotes":"","tafseer":"এয়া কোনো ডাঙৰ কথা নহয় যে, যদি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকক তালাক দিয়ে, তেন্তে তেখেতৰ প্ৰতিপালকে তেখেতক তোমালোকতকৈও উত্তম স্ত্ৰী প্ৰদান কৰিব, যিয়ে আল্লাহৰ আদেশ পালন কৰিব, তেওঁৰ ওপৰত তথা তেওঁৰ ৰাছুলৰ ওপৰত ঈমান পোষণ কৰিব। আল্লাহৰ আনুগত্য কৰিব আৰু গুনাহৰ পৰা তাওবা কৰিব। নিজ প্ৰতিপালকৰ ইবাদতকাৰী হ'ব, চওম পালনকাৰী হ'ব, বিধৱা হওক অথবা কুমাৰী। কিন্তু তেখেতে তেওঁলোকক তালাক দিয়া নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/066005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/066005.mp3"},{"index":"6","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا قُوْۤا اَنْفُسَكُمْ وَاَهْلِیْكُمْ نَارًا وَّقُوْدُهَا النَّاسُ وَالْحِجَارَةُ عَلَیْهَا مَلٰٓىِٕكَةٌ غِلَاظٌ شِدَادٌ لَّا یَعْصُوْنَ اللّٰهَ مَاۤ اَمَرَهُمْ وَیَفْعَلُوْنَ مَا یُؤْمَرُوْنَ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, য’ত নিয়োজিত আছে নিৰ্মম-হৃদয়, কঠোৰস্বভাৱ ফিৰিস্তাসকল, যিসকলে আল্লাহৰ আদেশ অমান্য নকৰে; আৰু তেওঁলোকে যিটো কৰিবলৈ আদেশপ্ৰাপ্ত হয় সেইটোৱেই কৰে।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! নিজকে তথা নিজৰ পৰিয়ালক সেই ভয়াৱহ অগ্নিৰ পৰা বচোৱাৰ প্ৰস্তুতি লোৱা, যিটোক মানুহ আৰু শিলৰ জৰিয়তে উত্তপ্ত কৰা হ'ব। এই অগ্নিৰ বাবে এনেকুৱা ফিৰিস্তা নিযুক্ত থাকিব, যিসকল প্ৰৱেশকাৰীসকলৰ বাবে হ'ব অত্যন্ত নিষ্ঠুৰ আৰু ৰূঢ় স্বভাৱৰ। আল্লাহে যেতিয়া তেওঁলোকক কোনো আদেশ কৰিব, তেওঁলোকে সেই আদেশ কেতিয়াও অমান্য নকৰে। তেওঁলোকে কোনো ধৰণৰ পলম নকৰাকৈ সেই আদেশ পালন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/066006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/066006.mp3"},{"index":"7","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ كَفَرُوْا لَا تَعْتَذِرُوا الْیَوْمَ ؕ اِنَّمَا تُجْزَوْنَ مَا كُنْتُمْ تَعْمَلُوْنَ ۟۠","assameseTranslation":"হে কাফিৰসকল! আজি তোমালোকে ওজৰ-আপত্তি দাঙি ধৰিবলৈ চেষ্টা নকৰিবা। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।","footnotes":"","tafseer":"ক্বিয়ামতৰ দিনা কাফিৰসকলক কোৱা হ'বঃ হে আল্লাহক অস্বীকাৰকাৰীসকল! আজি তোমালোকে নিজৰ কুফুৰী আৰু গুনাহৰ কাৰ্যক উচিত সাব্যস্ত কৰিবলৈ টালৈবাজি নকৰিবা। আজি তোমালোকৰ কোনো বাহানা গৃহীত নহ'ব। আজি তোমালোকক আল্লাহৰ লগত কুফুৰী কৰাৰ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰাৰ প্ৰতিদান দিয়া হ'ব, যিটো তোমালোকে পৃথিৱীত কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/066007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/066007.mp3"},{"index":"8","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا تُوْبُوْۤا اِلَی اللّٰهِ تَوْبَةً نَّصُوْحًا ؕ عَسٰی رَبُّكُمْ اَنْ یُّكَفِّرَ عَنْكُمْ سَیِّاٰتِكُمْ وَیُدْخِلَكُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ۙ یَوْمَ لَا یُخْزِی اللّٰهُ النَّبِیَّ وَالَّذِیْنَ اٰمَنُوْا مَعَهٗ ۚ نُوْرُهُمْ یَسْعٰی بَیْنَ اَیْدِیْهِمْ وَبِاَیْمَانِهِمْ یَقُوْلُوْنَ رَبَّنَاۤ اَتْمِمْ لَنَا نُوْرَنَا وَاغْفِرْ لَنَا ۚ اِنَّكَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ ওচৰত তাওবা কৰা-- বিশুদ্ধ তাওবা; আশা কৰা যায় তোমালোকৰ প্ৰতিপালকে তোমালোকৰ পাপসমূহ মোচন কৰি দিব আৰু তোমালোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত। সেইদিনা আল্লাহে নবীক আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক লাঞ্ছিত নকৰিব। তেওঁলোকৰ নূৰ তেওঁলোকৰ সন্মুখত আৰু সোঁহাতে ধাৱিত হ’ব। তেওঁলোকে ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমাৰ বাবে আমাৰ নূৰক পূৰ্ণতা দান কৰা আৰু আমাক ক্ষমা কৰি দিয়া, নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান’।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! তোমালোকে নিজৰ গুনাহৰ পৰা আল্লাহৰ ওচৰত সত্য তাওবা কৰা। আশা কৰা যায় তোমালোকৰ প্ৰতিপালকে তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিব আৰু তোমালোকক ক্বিয়ামতৰ দিনা এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ অট্টালিকা আৰু বৃক্ষসমূহৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। সিদিনা আল্লাহে নবীক আৰু মুমিনসকলক জাহান্নামত প্ৰৱেশ কৰি অপমানিত নকৰিব। তেওঁলোকৰ জ্যোতি চিৰাতৰ ওপৰত তেওঁলোকৰ সন্মুখত আৰু সোঁফালে দৌৰি ফুৰিব। তেতিয়া তেওঁলোকে ক'বঃ হে আমাৰ প্ৰতিপালক! আমাৰ বাবে আমাৰ জ্যোতি পৰিপূৰ্ণ কৰি দিয়া, যাতে আমি জান্নাতত প্ৰৱেশ কৰিব পাৰোঁ, আৰু যাতে মুনাফিকসকলৰ দৰে হৈ নাযাওঁ, যিসকলৰ জ্যোতি চিৰাতৰ ওপৰত নুমাই যাব। তথা আমাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া। নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। এতেকে আমাৰ জ্যোতি পৰিপূৰ্ণ কৰা আৰু আমাৰ গুনাহসমূহ ক্ষমা কৰা তোমাৰ বাবে কোনো ডাঙৰ কথা নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/066008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/066008.mp3"},{"index":"9","arabicText":"یٰۤاَیُّهَا النَّبِیُّ جَاهِدِ الْكُفَّارَ وَالْمُنٰفِقِیْنَ وَاغْلُظْ عَلَیْهِمْ ؕ وَمَاْوٰىهُمْ جَهَنَّمُ ؕ وَبِئْسَ الْمَصِیْرُ ۟","assameseTranslation":"হে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে জিহাদ কৰা আৰু সিহঁতৰ প্ৰতি কঠোৰ হোৱা। সিহঁতৰ আশ্ৰয়স্থল হৈছে জাহান্নাম আৰু সেইটো কিমান যে নিকৃষ্ট গন্তব্যস্থল!","footnotes":"","tafseer":"হে ৰাছুল! কাফিৰসকলৰ লগত তৰোৱালৰ সহায়ত যুদ্ধ কৰক, আনহাতে মুনাফিকসকলৰ লগত মৌখিকভাৱে আৰু বিধান প্ৰতিষ্ঠা কৰিবলৈ জিহাদ কৰক। সিহঁতৰ লগত কঠোৰ ব্যৱহাৰ কৰিব, যাতে সিহঁতে আপোনাক ভয় কৰে। ক্বিয়ামতৰ দিনা সিহঁতৰ ঠিকনা হ'ব জাহান্নাম। কিমান যে নিকৃষ্ট সিহঁতৰ ঠিকনা, য’ত সিহঁতে প্ৰত্যাৱৰ্তন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/066009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/066009.mp3"},{"index":"10","arabicText":"ضَرَبَ اللّٰهُ مَثَلًا لِّلَّذِیْنَ كَفَرُوا امْرَاَتَ نُوْحٍ وَّامْرَاَتَ لُوْطٍ ؕ كَانَتَا تَحْتَ عَبْدَیْنِ مِنْ عِبَادِنَا صَالِحَیْنِ فَخَانَتٰهُمَا فَلَمْ یُغْنِیَا عَنْهُمَا مِنَ اللّٰهِ شَیْـًٔا وَّقِیْلَ ادْخُلَا النَّارَ مَعَ الدّٰخِلِیْنَ ۟","assameseTranslation":"যিসকলে কুফুৰী কৰিছে, সিহঁতৰ বাবে আল্লাহে নূহৰ স্ত্ৰী আৰু লূতৰ স্ত্ৰীৰ উদাহৰণ দিছে; সিহঁত আমাৰ বান্দাসকলৰ মাজৰ দুজন সৎ বান্দাৰ অধীনত আছিল, কিন্তু সিহঁত উভয়ে তেওঁলোকৰ লগত বিশ্বাসঘাতকতা কৰিছিল। ফলত (নবীৰ স্ত্ৰী হৈয়ো) আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পোৱা নাছিল, তেওঁলোক দুয়ো (নূহ আৰু লূত) সিহঁতৰ কোনো কামত অহা নাছিল, আৰু সিহঁতক কোৱা হ’ল, ‘তোমালোক উভয়ে প্ৰৱেশকাৰীসকলৰ লগত জাহান্নামত প্ৰৱেশ কৰা’।","footnotes":"","tafseer":"আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰকাৰী সকলৰ বাবে আল্লাহে এটা উদাহৰণ দাঙি ধৰিছে, যিটো প্ৰমাণ কৰে যে, মুমিনসকলৰ লগত সিহঁতৰ সুসম্পৰ্কই কোনো উপকাৰ সাধন নকৰিব। আল্লাহে উদাহৰণ দিছে দুজন নবীৰ স্ত্ৰীৰ, নূহ আৰু লূত আলাইহিমাচ্ছালামৰ স্ত্ৰীৰ। দুয়োজনী নাৰী দুজন নেক বান্দাৰ স্ত্ৰী আছিল। কিন্তু দুয়ো গৰাকী নাৰীয়ে নিজ নিজ স্বামীৰ সৈতে বিশ্বাসঘাতকতা কৰিছিল আৰু আল্লাহৰ পথত বাধা সৃষ্টি কৰিছিল তথা কাফিৰসকলক সহায় কৰিছিল। এতেকে দুয়ো গৰাকী নাৰী দুজন নেক বান্দাৰ স্ত্ৰী হোৱাৰ পিছতো সেই সম্পৰ্কই সিহঁতক কোনো উপকাৰ কৰিব পৰা নাছিল। অৱশেষত সিহঁতক কোৱা হ'লঃ কাফিৰ ফাছিক্বসকলৰ লগত তোমালোকেও জাহান্নামত প্ৰৱেশ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/066010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/066010.mp3"},{"index":"11","arabicText":"وَضَرَبَ اللّٰهُ مَثَلًا لِّلَّذِیْنَ اٰمَنُوا امْرَاَتَ فِرْعَوْنَ ۘ اِذْ قَالَتْ رَبِّ ابْنِ لِیْ عِنْدَكَ بَیْتًا فِی الْجَنَّةِ وَنَجِّنِیْ مِنْ فِرْعَوْنَ وَعَمَلِهٖ وَنَجِّنِیْ مِنَ الْقَوْمِ الظّٰلِمِیْنَ ۟ۙ","assameseTranslation":"আৰু মুমিনসকলৰ বাবে আল্লাহে ফিৰআউনৰ স্ত্ৰীৰ উদাহৰণ দাঙি ধৰিছে, যেতিয়া তেওঁ এই বুলি প্ৰাৰ্থনা কৰিছিল, ‘হে মোৰ প্ৰতিপালক! তোমাৰ ওচৰত মোৰ বাবে জান্নাতত এটা ঘৰ নিৰ্মাণ কৰা আৰু মোক ফিৰআউন আৰু তাৰ কৰ্মৰ পৰা উদ্ধাৰ কৰা আৰু মোক উদ্ধাৰ কৰা যালিম সম্প্ৰদায়ৰ পৰা’।","footnotes":"","tafseer":"লগতে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰীসকলৰ বাবে আল্লাহে ফিৰআউনৰ স্ত্ৰীৰ উদাহৰণ দাঙি ধৰিছে। এই কথা সাব্যস্ত কৰাৰ বাবে যে, কাফিৰসকলৰ লগত সুসম্পৰ্ক থকাৰ পিছতো কোনো ক্ষতি নহয়, যেতিয়ালৈকে তেওঁ সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকিব। যেতিয়া তেওঁ কৈছিলঃ হে মোৰ প্ৰতিপালক! মোৰ বাবে তোমাৰ ওচৰত জান্নাতত এটা গৃহ নিৰ্মাণ কৰা। লগতে মোক ফিৰআউনৰ অত্যাচাৰ আৰু তাৰ কুকৰ্মৰ পৰা ৰক্ষা কৰা, তথা মোক সেইসকল লোকৰ পৰা ৰক্ষা কৰা, যিসকলে অন্যায়-অত্যাচাৰত তাক অনুসৰণ কৰি নিজৰেই ক্ষতি সাধন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/066011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/066011.mp3"},{"index":"12","arabicText":"وَمَرْیَمَ ابْنَتَ عِمْرٰنَ الَّتِیْۤ اَحْصَنَتْ فَرْجَهَا فَنَفَخْنَا فِیْهِ مِنْ رُّوْحِنَا وَصَدَّقَتْ بِكَلِمٰتِ رَبِّهَا وَكُتُبِهٖ وَكَانَتْ مِنَ الْقٰنِتِیْنَ ۟۠","assameseTranslation":"(আল্লাহে আৰু উদাহৰণ দিছে) ইমৰাণৰ জীয়েক মাৰয়ামৰ---- যিয়ে নিজৰ লজ্জাস্থানৰ পৱিত্ৰতা ৰক্ষা কৰিছিল, ফলত আমি তাত আমাৰ ৰূহৰ পৰা ফুঁৱাই দিছিলোঁ আৰু তেওঁ তেওঁৰ প্ৰতিপালকৰ বাণী আৰু তেওঁৰ কিতাবসমূহ সত্য বুলি গ্ৰহণ কৰিছিল আৰু তেওঁ আছিল অনুগতসকলৰ অন্যতম।","footnotes":"","tafseer":"আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰীসকলৰ বাবে আল্লাহে মাৰয়াম বিন্তে ইমৰাণৰ উদাহৰণ দাঙি ধৰিছে, যিয়ে নিজৰ লজ্জাস্থান ব্যভিচাৰৰ পৰা সুৰক্ষিত ৰাখিছিল। আল্লাহে জিব্ৰীলক তেওঁৰ ভিতৰত ফুঁ মাৰিবলৈ আদেশ দিছিল। ফলত তেওঁ আল্লাহৰ আদেশত ঈছা আলাইহিচ্ছালামক পিতৃ অবিহনেই গৰ্ভত ধাৰণ কৰিছিল। তথা তেওঁ আল্লাহৰ চৰীয়তক আৰু ৰাছুলৰ ওপৰত অৱতীৰ্ণ কিতাপসমূহক সত্য বুলি মানি লৈছিল, লগতে তেওঁ আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ আনুগত্যকাৰী সকলৰ অন্তৰ্ভুক্ত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/066012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/066012.mp3"}]