[{"index":"1","arabicText":"نٓ وَالْقَلَمِ وَمَا یَسْطُرُوْنَ ۟ۙ","assameseTranslation":"নূন;[1] কলমৰ শপত আৰু তেওঁলোকে (ফিৰিস্তাসকলে) যি লিখে তাৰ শপত!","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"নূন, এনেকুৱা শব্দবোৰৰ বিষয়ে ছুৰা বাক্বাৰাৰ আৰম্ভণিত উল্লেখ কৰা হৈছে। মহান আল্লাহে কলম তথা মানুহে কলমেৰে যি লিখে তাৰ শপত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068001.mp3"},{"index":"2","arabicText":"مَاۤ اَنْتَ بِنِعْمَةِ رَبِّكَ بِمَجْنُوْنٍ ۟ۚ","assameseTranslation":"তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি উন্মাদ নহয়।","footnotes":"","tafseer":"হে ৰাছুল, আপোনাৰ প্ৰতিপালকে আপোনাক নিজ অনুগ্ৰহেৰে নবী বনাইছে। আপুনি উন্মাদো নহয় আৰু পাগলো নহয়। মুশ্বৰিকসকলে আপোনাক উন্মাদ বা পাগল বুলি যি অভিযোগ কৰিছে, তাৰ পৰা আপুনি সম্পূৰ্ণৰূপে মুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068002.mp3"},{"index":"3","arabicText":"وَاِنَّ لَكَ لَاَجْرًا غَیْرَ مَمْنُوْنٍ ۟ۚ","assameseTranslation":"আৰু নিশ্চয় তোমাৰ বাবে আছে নিৰৱচ্ছিন্ন পুৰস্কাৰ।","footnotes":"","tafseer":"নিশ্চয় আপুনি মানুহৰ ওচৰলৈ আল্লাহৰ যি সংবাদ পৌঁচাই আছে, ইয়াৰ প্ৰতিদান হৈছে অন্তহীন। এই ক্ষেত্ৰত আপোনাৰ ওপৰত বেলেগ কাৰো অনুগ্ৰহ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068003.mp3"},{"index":"4","arabicText":"وَاِنَّكَ لَعَلٰی خُلُقٍ عَظِیْمٍ ۟","assameseTranslation":"আৰু নিশ্চয় তুমি মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত।","footnotes":"","tafseer":"আৰু আপুনি হৈছে কোৰআনে লৈ অহা মহান নৈতিকতা বা চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত। নিশ্চয় আপুনি কোৰআনৰ আদৰ্শ সম্পূৰ্ণৰূপে পালন কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068004.mp3"},{"index":"5","arabicText":"فَسَتُبْصِرُ وَیُبْصِرُوْنَ ۟ۙ","assameseTranslation":"এতেকে অনতিপলমে তুমি দেখিবলৈ পাবা আৰু সিহঁতেও দেখিবলৈ পাব--","footnotes":"","tafseer":"এতেকে অনতিপলমে আপুনি দেখিবলৈ পাব আৰু এই অস্বীকাৰকাৰীসকলেও দেখিবলৈ পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068005.mp3"},{"index":"6","arabicText":"بِاَیِّىكُمُ الْمَفْتُوْنُ ۟","assameseTranslation":"তোমালোকৰ মাজত কোন বিকাৰগ্ৰস্থ?","footnotes":"","tafseer":"যেতিয়া সত্যৰ পৰা পৰ্দা বা আৱৰণ আঁতৰি যাব তেতিয়া স্পষ্ট হৈ পৰিব যে কোন পাগল আছিল?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068006.mp3"},{"index":"7","arabicText":"اِنَّ رَبَّكَ هُوَ اَعْلَمُ بِمَنْ ضَلَّ عَنْ سَبِیْلِهٖ ۪ وَهُوَ اَعْلَمُ بِالْمُهْتَدِیْنَ ۟","assameseTranslation":"নিশ্চয় তোমাৰ প্ৰতিপালকে ভালকৈয়ে জানে, কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে, আৰু এই কথাও ভালকৈয়ে জানে কোনসকল লোক হিদায়তপ্ৰাপ্ত।","footnotes":"","tafseer":"হে ৰাছুল, নিশ্চয় আপোনাৰ প্ৰতিপালকে ভালকৈয়ে জানে যে, কোনে তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে। লগতে তেওঁ সেইসকল লোকৰ বিষয়েও সম্যক অৱগত, যিসকল সঠিক পথত আছে। সেয়েহে তেওঁ ভালকৈয়ে জানে যে, কোনসকল লোকে তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে। হে ৰাছুল! নিশ্চিতভাৱে আপুনি সঠিক পথৰ ওপৰত অবিচল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068007.mp3"},{"index":"8","arabicText":"فَلَا تُطِعِ الْمُكَذِّبِیْنَ ۟","assameseTranslation":"গতিকে তুমি মিথ্যাৰোপকাৰীসকলৰ আনুগত্য নকৰিবা।","footnotes":"","tafseer":"এতেকে হে ৰাছুল, আপুনি সিহঁতৰ কথা নুশুনিব, যিবিলাকে আপুনি লৈ অহা সংবাদসমূহক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068008.mp3"},{"index":"9","arabicText":"وَدُّوْا لَوْ تُدْهِنُ فَیُدْهِنُوْنَ ۟","assameseTranslation":"সিহঁতে কামনা কৰে যে, তুমি আপোচকামী হোৱা, তেন্তে সিহঁতেও আপোচকামী হ'ব।","footnotes":"","tafseer":"সিহঁতৰ কামনা কৰে যে, আপুনি সিহঁতৰ লগত নম্ৰতা অৱলম্বন কৰিলে, সিহঁতেও আপোনাৰ লগত নম্ৰতা অৱলম্বন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068009.mp3"},{"index":"10","arabicText":"وَلَا تُطِعْ كُلَّ حَلَّافٍ مَّهِیْنٍ ۟ۙ","assameseTranslation":"আৰু তুমি এনেকুৱা ব্যক্তিৰো আনুগত্য নকৰিবা যিয়ে অধিক শপত খায়, লাঞ্ছিত,","footnotes":"","tafseer":"আৰু আপুনি কোনো এনেকুৱা লোকৰ কথা নুশুনিব, যিয়ে অত্যাধিক মিছা শপত কৰে আৰু যিজন হীনমনৰ ব্যক্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068010.mp3"},{"index":"11","arabicText":"هَمَّازٍ مَّشَّآءٍ بِنَمِیْمٍ ۟ۙ","assameseTranslation":"পিঠিৰ আঁৰত নিন্দাকাৰী আৰু যিজনে চোগলখুৰী কৰি ফুৰে (ইজনৰ কথা সিজনক গাই ফুৰে),","footnotes":"","tafseer":"যিয়ে অধিক পৰিমাণে মানুহৰ পৰনিন্দা কৰে, আৰু ইজনৰ কথা সিজনক লগাই ফুৰে, যাতে সিহঁতৰ মাজত বিচ্ছেদ ঘটাব পৰা যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068011.mp3"},{"index":"12","arabicText":"مَّنَّاعٍ لِّلْخَیْرِ مُعْتَدٍ اَثِیْمٍ ۟ۙ","assameseTranslation":"কল্যাণৰ কামত বাধা প্ৰদানকাৰী, সীমালংঘনকাৰী, পাপিষ্ঠ,","footnotes":"","tafseer":"কল্যাণৰ কামত অধিক বাধা প্ৰদানকাৰী, মানুহৰ ধন- সম্পদ, মান-সন্মান আৰু জীৱনৰ প্ৰতি সীমালংঘনকাৰী তথা অত্যাধিক পাপিষ্ঠ ব্যক্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068012.mp3"},{"index":"13","arabicText":"عُتُلٍّ بَعْدَ ذٰلِكَ زَنِیْمٍ ۟ۙ","assameseTranslation":"দুষ্ট প্ৰকৃতিৰ, তদুপৰি কুখ্যাত;","footnotes":"","tafseer":"দুষ্ট প্ৰকৃতিৰ, ক্ৰোধ স্বভাৱৰ আৰু জাৰজ হোৱা সত্তেও নিজ সম্প্ৰদায়ৰ সৈতে মিছা দাবীত সম্পৃক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068013.mp3"},{"index":"14","arabicText":"اَنْ كَانَ ذَا مَالٍ وَّبَنِیْنَ ۟ؕ","assameseTranslation":"এই কাৰণে যে, সি ধন-সম্পদ আৰু সন্তান-সন্ততিৰ ক্ষেত্ৰত সমৃদ্ধশালী।","footnotes":"","tafseer":"কেৱল এই কাৰণে আল্লাহ আৰু তেওঁৰ ৰাছুলক মানিবলৈ অভিমান কৰে যে, সি হৈছে বহুতো ধন-সম্পদৰ গৰাকী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068014.mp3"},{"index":"15","arabicText":"اِذَا تُتْلٰی عَلَیْهِ اٰیٰتُنَا قَالَ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟","assameseTranslation":"যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱাত কৰা হয় তেতিয়া সি কয়, এইবোৰ হৈছে পূৰ্বৱৰ্তীসকলৰ কল্প-কাহিনী মাত্ৰ।","footnotes":"","tafseer":"যেতিয়া তাৰ সন্মুখত আমাৰ আয়াতসমুহ পাঠ কৰা হয়, তেতিয়া কয়ঃ এইবোৰ হৈছে পূৰ্বৱৰ্তীসকলৰ কাল্পনিক কাহিনী মাথোন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068015.mp3"},{"index":"16","arabicText":"سَنَسِمُهٗ عَلَی الْخُرْطُوْمِ ۟","assameseTranslation":"শীঘ্ৰেই আমি তাৰ শুঁৰত (নাকত) দাগ দিম।","footnotes":"","tafseer":"আমি শীঘ্ৰেই তাৰ নাকত দাগ দিম। যিটো তাৰ মুখমণ্ডল বিকৃত কৰি পেলাব আৰু যিটো কেতিয়াও তাৰ নাকৰ পৰা নাইকিয়া নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068016.mp3"},{"index":"17","arabicText":"اِنَّا بَلَوْنٰهُمْ كَمَا بَلَوْنَاۤ اَصْحٰبَ الْجَنَّةِ ۚ اِذْ اَقْسَمُوْا لَیَصْرِمُنَّهَا مُصْبِحِیْنَ ۟ۙ","assameseTranslation":"নিশ্চয় আমি ইহঁতক পৰীক্ষা কৰিছোঁ, যেনেকৈ পৰীক্ষা কৰিছিলোঁ উদ্যান-অধিপতিসকলক, যেতিয়া সিহঁতে শপত কৰিছিল যে, পুৱাৰভাগতে সিহঁতে বাগানৰ ফল আহৰণ কৰিব।","footnotes":"","tafseer":"আমি এই মুশ্বৰিকবিলাকক ভোক আৰু অভাৱ-অনাটনৰ জৰিয়তে পৰীক্ষা কৰিছিলোঁ যিদৰে উদ্যান অধিপতিসকলক পৰীক্ষা কৰিছিলোঁ। যেতিয়া সিহঁতে শপত কৰিছিল যে, পুৱাই পুৱাই সিহঁতে গৈ বাগানৰ ফল আহৰণ কৰিব, যাতে কোনো দুখীয়া আৰু নিৰ্ধন ব্যক্তিক কিছু দিব নালাগে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068017.mp3"},{"index":"18","arabicText":"وَلَا یَسْتَثْنُوْنَ ۟","assameseTranslation":"কিন্তু সিহঁতে ‘ইন শ্বা আল্লাহ’ কোৱা নাছিল।","footnotes":"","tafseer":"কিন্তু সিহঁতে শপত খোৱাৰ সময়ত ইন শ্বা আল্লাহ কোৱা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068018.mp3"},{"index":"19","arabicText":"فَطَافَ عَلَیْهَا طَآىِٕفٌ مِّنْ رَّبِّكَ وَهُمْ نَآىِٕمُوْنَ ۟","assameseTranslation":"ফলত তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা প্ৰদক্ষিণকাৰী (বিপৰ্যয়, জুয়ে) বাগানৰ ওপৰত প্ৰদক্ষিণ কৰিলে, সেই সময়ত সিহঁত আছিল টোপনিত।","footnotes":"","tafseer":"গতিকে আল্লাহে সেই বাগনৰ প্ৰতি এক প্ৰৱল জুই প্ৰেৰণ কৰিলে। যি জুয়ে সিহঁতৰ সকলো শস্য খাই অস্তিত্বহীন কৰি পেলালে। যিহেতু বাগানৰ গৰাকীসকল শুই আছিল, সেয়ে সিহঁতে নিজৰ বাগানখনক জুইৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068019.mp3"},{"index":"20","arabicText":"فَاَصْبَحَتْ كَالصَّرِیْمِ ۟ۙ","assameseTranslation":"ফলত বাগানখন (পুৰি) ক’লাবৰ্ণৰ নিচিনা হৈ গ’ল।","footnotes":"","tafseer":"এতেকে বাগানখন ৰাতিৰ দৰে ক’লা হৈ গ’ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068020.mp3"},{"index":"21","arabicText":"فَتَنَادَوْا مُصْبِحِیْنَ ۟ۙ","assameseTranslation":"ৰাতিপুৱাই সিহঁতে ইজনে সিজনক মাতি ক’লে,","footnotes":"","tafseer":"তাৰ পিছত ৰাতিপুৱা ইজনে সিজনক মাতিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068021.mp3"},{"index":"22","arabicText":"اَنِ اغْدُوْا عَلٰی حَرْثِكُمْ اِنْ كُنْتُمْ صٰرِمِیْنَ ۟","assameseTranslation":"‘যদি তোমালোকে ফল আহৰণ কৰিব বিচৰা, তেনেহ’লে পুৱতি নিশাই বাগানলৈ বলা’।","footnotes":"","tafseer":"ক’বলৈ ধৰিলেঃ যদি তোমালোকে বাগানৰ ফলবোৰ গোটাব বিচৰা তেন্তে মগনীয়াৰ সকলে অহাৰ আগতেই বাগানলৈ ওলাই যোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068022.mp3"},{"index":"23","arabicText":"فَانْطَلَقُوْا وَهُمْ یَتَخَافَتُوْنَ ۟ۙ","assameseTranslation":"তাৰ পিছত সিহঁতে নিম্নস্বৰে কথা পাতি যাবলৈ ধৰিলে--","footnotes":"","tafseer":"গতিকে সিহঁতে খৰখেদাকৈ নিজৰ খেতিলৈ বুলি ওলাই পৰিল। সিহঁতে পৰস্পৰে নিম্নস্বৰে আৰু সাৱধানতাৰে কথা পাতি আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068023.mp3"},{"index":"24","arabicText":"اَنْ لَّا یَدْخُلَنَّهَا الْیَوْمَ عَلَیْكُمْ مِّسْكِیْنٌ ۟ۙ","assameseTranslation":"যে ‘আজি যাতে তাত তোমালোকৰ ওচৰলৈ কোনো দুখীয়া-অভাৱী প্ৰৱেশ কৰিব নোৱাৰে’।","footnotes":"","tafseer":"সিহঁতে পৰস্পৰে কৈ আছিলঃ আজি যাতে তোমালোকৰ ওচৰলৈ কোনো দুখীয়া-অভাৱী প্ৰৱেশ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068024.mp3"},{"index":"25","arabicText":"وَّغَدَوْا عَلٰی حَرْدٍ قٰدِرِیْنَ ۟","assameseTranslation":"আৰু সিহঁতে (অভাৱীসকলক নিবৃত্ত কৰিবলৈ) সক্ষম বুলি ভাবি পুৱতি নিশাই দৃঢ় ইচ্ছা শক্তিৰে (বাগানলৈ) যাত্ৰা কৰিলে।","footnotes":"","tafseer":"আৰু সিহঁতে ৰাতিপুৱা এই মানসেৰে যাবলৈ ধৰিছিল যে, আজি এটা দানাও কাকো নিদিওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068025.mp3"},{"index":"26","arabicText":"فَلَمَّا رَاَوْهَا قَالُوْۤا اِنَّا لَضَآلُّوْنَ ۟ۙ","assameseTranslation":"তাৰ পিছত সিহঁতে যেতিয়া বাগানখন দেখিবলৈ পালে, তেতিয়া সিহঁতে ক’লে, ‘নিশ্চয় আমি পথ হেৰুৱাইছোঁ’।","footnotes":"","tafseer":"যেতিয়া সিহঁতে তাত গৈ উপস্থিত হ’ল আৰু নিজৰ খেতি জ্বলি ছাই হোৱা দেখা পালে, তেতিয়া পৰস্পৰে ক’বলৈ ধৰিলে যে, নিশ্চয় আমি চাগে বাগানৰ ৰাস্তা পাহৰি গৈছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068026.mp3"},{"index":"27","arabicText":"بَلْ نَحْنُ مَحْرُوْمُوْنَ ۟","assameseTranslation":"‘বৰং আমি বঞ্চিত হৈছোঁ’।","footnotes":"","tafseer":"নহয় বৰং বাগানৰ ফল গোটোৱাবলৈ আমাক বনঞ্চিত কৰা হৈছে। কিয়নো আমি এইটো সিদ্ধান্ত লৈছিলোঁ যে, দুখীয়া আৰু অভাৱীসকলক একোৱে নিদিওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068027.mp3"},{"index":"28","arabicText":"قَالَ اَوْسَطُهُمْ اَلَمْ اَقُلْ لَّكُمْ لَوْلَا تُسَبِّحُوْنَ ۟","assameseTranslation":"সিহঁতৰ মাজৰ শ্ৰেষ্ঠ ব্যক্তিজনে ক’লে, ‘মই তোমালোকক কোৱা নাছিলোঁনে যে, তোমালোকে কিয় আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰা’?","footnotes":"","tafseer":"সিহঁতৰ ভিতৰত সৰ্বোত্তোম ব্যক্তিজনে ক’লেঃ তেতিয়া মই তোমালোকক কোৱা নাছিলোঁনে, যেতিয়া তোমালোকে বাগানৰ ফলসমূহৰ পৰা দুখীয়া-অভাৱীসকলক বঞ্চিত কৰাৰ পৰামৰ্শ কৰি আছিলা, তোমালোকে আল্লাহৰ পৱিত্ৰতা কিয় বৰ্ণনা নকৰা আৰু তেওঁৰ ওচৰত কিয়া তাওবাহ নকৰা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068028.mp3"},{"index":"29","arabicText":"قَالُوْا سُبْحٰنَ رَبِّنَاۤ اِنَّا كُنَّا ظٰلِمِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘পৱিত্ৰ মহান আমাৰ প্ৰতিপালক। নিশ্চয় আমি যালিম আছিলোঁ’।","footnotes":"","tafseer":"সকলোৱে ক’লেঃ আমাৰ প্ৰতিপালক পৱিত্ৰ। আমি আমাৰ বাগানৰ ফলৰ পৰা দুখীয়া আৰু অভাৱীসকলক বঞ্চিত কৰাৰ পৰিকল্পনাৰ সময়ত নিশ্চয় আমি নিজৰ ওপৰতে অন্যায় কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068029.mp3"},{"index":"30","arabicText":"فَاَقْبَلَ بَعْضُهُمْ عَلٰی بَعْضٍ یَّتَلَاوَمُوْنَ ۟","assameseTranslation":"তাৰ পিছত সিহঁতে ইজনে সিজনক দোষাৰোপ কৰিবলৈ ধৰিলে।","footnotes":"","tafseer":"তাৰ পিছত সিহঁতে এজনে আনজনক দোষাৰোপ কৰিবলৈ ধৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068030.mp3"},{"index":"31","arabicText":"قَالُوْا یٰوَیْلَنَاۤ اِنَّا كُنَّا طٰغِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘হায়, আমাৰ ধ্বংস! নিশ্চয় আমি সীমালংঘনকাৰী আছিলোঁ’।","footnotes":"","tafseer":"লজ্জিত হৈ ক’বলৈ ধৰিলেঃ হায় আমাৰ ক্ষতি ! নিশ্চয় আমি দুখীয়া তথা অভাৱগ্ৰস্থ লোকসকলক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ পৰিকল্পনা কৰি সীমালংঘন কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068031.mp3"},{"index":"32","arabicText":"عَسٰی رَبُّنَاۤ اَنْ یُّبْدِلَنَا خَیْرًا مِّنْهَاۤ اِنَّاۤ اِلٰی رَبِّنَا رٰغِبُوْنَ ۟","assameseTranslation":"আমি আশা কৰোঁ আমাৰ প্ৰতিপালকে আমাক ইয়াতকৈও উৎকৃষ্ট বিনিময় প্ৰদান কৰিব। নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি আগ্ৰহী।","footnotes":"","tafseer":"সম্ভৱত আমাৰ প্ৰতিপালকে আমাক বাগানৰ পৰিৱৰ্তে ইয়াতকৈ উত্তম বস্তু প্ৰদান কৰিব। নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি অনুৰাগী। তেওঁৰ পৰা ক্ষমাৰ আশাবাদী আৰু তেওঁৰ পৰাই কল্যাণ বিচাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068032.mp3"},{"index":"33","arabicText":"كَذٰلِكَ الْعَذَابُ ؕ وَلَعَذَابُ الْاٰخِرَةِ اَكْبَرُ ۘ لَوْ كَانُوْا یَعْلَمُوْنَ ۟۠","assameseTranslation":"এইদৰেই হয় শাস্তি, আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও ডাঙৰ, যদি সিহঁতে জানিলেহেঁতেন।","footnotes":"","tafseer":"খাদ্য বস্তু বা জীৱিকাৰ পৰা বঞ্চিত কৰাৰ কাৰণে যি শাস্তি আমি সিহঁতক দিছোঁ, তেনেকুৱা শাস্তি আমি প্ৰত্যেক সেই ব্যক্তিক দিওঁ, যিয়ে আমাৰ আদেশৰ অৱজ্ঞা কৰে। আখিৰাতৰ শাস্তি ইয়াতকৈও ডাঙৰ। যদি সিহঁতে তেওঁৰ কঠোৰতা আৰু নিৰন্তৰতাৰ বিষয়ে জানিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068033.mp3"},{"index":"34","arabicText":"اِنَّ لِلْمُتَّقِیْنَ عِنْدَ رَبِّهِمْ جَنّٰتِ النَّعِیْمِ ۟","assameseTranslation":"নিশ্চয় মুত্তাক্বীসকলৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে নিয়ামতপূৰ্ণ জান্নাত।","footnotes":"","tafseer":"নিশ্চয় সেইসকল মুত্তাক্বীৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত নিয়ামতপূৰ্ণ জান্নাত আছে, যিসকলে তেওঁৰ আদেশসমূহ পালন কৰি আৰু তেওঁ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে। তেওঁলোকে তাত সকলো প্ৰকাৰ অনুগ্ৰহৰ দ্বাৰা উপকৃত হ’ব। তেওঁলোকৰ ওপৰত অনুগ্ৰহৰ ধাৰাবাহিকতা কেতিয়াও বিচ্ছিন্ন নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068034.mp3"},{"index":"35","arabicText":"اَفَنَجْعَلُ الْمُسْلِمِیْنَ كَالْمُجْرِمِیْنَ ۟ؕ","assameseTranslation":"আমি মুছলিম (অনুগত)সকলক অপৰাধীসকলৰ দৰে গণ্য কৰিম নেকি?","footnotes":"","tafseer":"আমি মুছলমানসকলক পৰিণামৰ ক্ষেত্ৰত মুশ্বৰিকবিলাকৰ দৰে গণ্য কৰিম নেকি, যিদৰে মক্কাৰ মুশ্বৰিকবিলাকে ধাৰণা কৰিছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068035.mp3"},{"index":"36","arabicText":"مَا لَكُمْ ۥ كَیْفَ تَحْكُمُوْنَ ۟ۚ","assameseTranslation":"তোমালোকৰ কি হৈছে, এইটো তোমালোকৰ কেনেকুৱা সিদ্ধান্ত?","footnotes":"","tafseer":"(হে মুশ্বৰিকসকল) তোমালোকৰ কি হৈছে? তোমালোকে এই অন্যায়পূৰ্ণ নিৰ্ণয় কেনেকৈ লোৱা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068036.mp3"},{"index":"37","arabicText":"اَمْ لَكُمْ كِتٰبٌ فِیْهِ تَدْرُسُوْنَ ۟ۙ","assameseTranslation":"তোমালোকৰ ওচৰত কোনো গ্ৰন্থ আছে নেকি, যিখন তোমালোকে অধ্যয়ন কৰা--","footnotes":"","tafseer":"তোমালোকৰ ওচৰত এনেকুৱা কোনো কিতাপ আছে নেকি, যাৰ ভিতৰত তোমালোকে পাঠ কৰা যে, অনুগত্যকাৰী আৰু অবাধ্যকাৰী হৈছে সমান?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068037.mp3"},{"index":"38","arabicText":"اِنَّ لَكُمْ فِیْهِ لَمَا تَخَیَّرُوْنَ ۟ۚ","assameseTranslation":"যে, তোমালোকৰ বাবে তাত এনেকুৱা বস্তু আছে যিবোৰ তোমালোকে পছন্দ কৰা?","footnotes":"","tafseer":"আৰু সেই কিতাপখনত এইটো লিখা আছে নেকি যে, তোমালোকে যিটো পছন্দ কৰা, সেইটোৱে তোমালোকে আখিৰাতত পাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068038.mp3"},{"index":"39","arabicText":"اَمْ لَكُمْ اَیْمَانٌ عَلَیْنَا بَالِغَةٌ اِلٰی یَوْمِ الْقِیٰمَةِ ۙ اِنَّ لَكُمْ لَمَا تَحْكُمُوْنَ ۟ۚ","assameseTranslation":"অথবা ক্বিয়ামত পৰ্যন্ত বলৱৎ হ'ব পৰাকৈ তোমালোকৰ সৈতে আমাৰ এনেকুৱা কোনো অঙ্গীকাৰ আছে নেকি যে, তোমালোকে নিজৰ বাবে যিটোৱে ফয়চালা কৰিবা সেইটোৱে পাবা?","footnotes":"","tafseer":"নাইবা তোমালোকৰ সৈতে আমাৰ এনেকুৱা কোনো অটল অঙ্গীকাৰ আছে নেকি? যি অংগীকাৰৰ দাবী হৈছে তোমোলোকে সেইটো পাবা যিটো তোমালোকে নিজৰ বাবে সিদ্ধান্ত ল’বা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068039.mp3"},{"index":"40","arabicText":"سَلْهُمْ اَیُّهُمْ بِذٰلِكَ زَعِیْمٌ ۟ۚۛ","assameseTranslation":"তুমি সিহঁতক সোধা, সিহঁতৰ মাজত এই দাবীৰ দায়িত্বশীল কোন?","footnotes":"","tafseer":"হে ৰাছুল, এই কথা কোৱাসকলক সোধকচোন, এইবোৰৰ দায়িত্ব কোনে লৈছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068040.mp3"},{"index":"41","arabicText":"اَمْ لَهُمْ شُرَكَآءُ ۛۚ فَلْیَاْتُوْا بِشُرَكَآىِٕهِمْ اِنْ كَانُوْا صٰدِقِیْنَ ۟","assameseTranslation":"অথবা সিহঁতৰ বাবে (আল্লাহৰ লগত) বহুতো অংশীদাৰ আছে নেকি? আছে যদি তেন্তে সিহঁতে সিহঁতৰ অংশীদাৰসকলক উপস্থিত কৰক—যদি সিহঁত সত্যবাদী হয়।","footnotes":"","tafseer":"অথবা সিহঁতৰ বাবে আল্লাহৰ বাহিৰে বহুতো অংশীদাৰ আছে নেকি, যিসকলে পৰিণামৰ ক্ষেত্ৰত মুশ্বৰীকবিলাকক মুমিনসকলৰ সমানে প্ৰতিষ্ঠিত কৰিব? তেন্তে সিহঁতে সিহঁতৰ অংশীদাৰবিলাকক উপস্থিত কৰা উচিত। যদি সিহঁতে এই দাবীত সত্যবাদী যে সিহঁতৰ অংশীদাৰসকলে সিহঁতক পৰিণামৰ ক্ষেত্ৰত মুমিনসকলৰ সমপৰ্যায়ত প্ৰতিষ্ঠিত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068041.mp3"},{"index":"42","arabicText":"یَوْمَ یُكْشَفُ عَنْ سَاقٍ وَّیُدْعَوْنَ اِلَی السُّجُوْدِ فَلَا یَسْتَطِیْعُوْنَ ۟ۙ","assameseTranslation":"(স্মৰণ কৰা) যিদিনা ভৰিৰ কলাফুলি উন্মোচিত কৰা হ’ব, সেইদিনা সিহঁতক মাতা হ’ব ছাজদাহ কৰিবলৈ, কিন্তু সিহঁত সক্ষম নহ’ব;","footnotes":"","tafseer":"ক্বিয়ামতৰ দিনা ভয়াৱহ পৰিস্থিতি হ’ব। সেই সময়ছোৱাত আমাৰ প্ৰতিপালকে তেওঁৰ ভৰিৰ কলাফুলি উন্মোচিত কৰিব আৰু ছাজদাহ কৰিবলৈ মানুহক আহ্বান কৰা হ’ব। মুমিনসকলে ছাজদাহ কৰিব আৰু কাফিৰ তথা মুনাফিক বিলাকে ছাজদাহ কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068042.mp3"},{"index":"43","arabicText":"خَاشِعَةً اَبْصَارُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ؕ وَقَدْ كَانُوْا یُدْعَوْنَ اِلَی السُّجُوْدِ وَهُمْ سٰلِمُوْنَ ۟","assameseTranslation":"সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব অথচ যেতিয়া সিহঁত নিৰাপদ (সুস্থ) আছিল তেতিয়া সিহঁতক মাতা হৈছিল ছাজদা কৰিবলৈ (কিন্তু সিহঁতে ছাজদা কৰা নাছিল)।","footnotes":"","tafseer":"সিহঁতৰ দৃষ্টি নত অৱস্থাত থাকিব। অপমান আৰু লজ্জাই সিহঁতক আগুৰি ধৰিব। অথচ পৃথিৱীত যেতিয়া সিহঁতক আল্লাহক ছাজদাহ কৰিবলৈ আহ্বান কৰা হৈছিল, তেতিয়া সিহঁতে (ছাজদাহ কৰা নাছিল তথা) আজিৰ তুলনাত অধিক নিৰাপদ অৱস্থাত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068043.mp3"},{"index":"44","arabicText":"فَذَرْنِیْ وَمَنْ یُّكَذِّبُ بِهٰذَا الْحَدِیْثِ ؕ سَنَسْتَدْرِجُهُمْ مِّنْ حَیْثُ لَا یَعْلَمُوْنَ ۟ۙ","assameseTranslation":"এতেকে মোক আৰু সিহঁতক এৰি দিয়া, যিসকলে এই বাণীক প্ৰত্যাখ্যান কৰে। আমি সিহঁতক লাহে লাহে এনেকৈ ধৰিম যে, সিহঁতে গমেই নাপাব।","footnotes":"","tafseer":"এতেকে হে ৰাছুল, আপুনি সেই ব্যক্তিক মোৰ ওপৰত এৰি দিয়ক, যিয়ে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনক অস্বীকাৰ কৰে। আমি সিহঁতক লাহে লাহে এনেদৰে শাস্তিৰ ফালে টানি আনিম, সিহঁতে গমেই নাপাব যে সিহঁতক অৱকাশ দিয়া হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068044.mp3"},{"index":"45","arabicText":"وَاُمْلِیْ لَهُمْ ؕ اِنَّ كَیْدِیْ مَتِیْنٌ ۟","assameseTranslation":"আৰু মই সিহঁতক অৱকাশ দিওঁ। নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।","footnotes":"","tafseer":"আৰু মই সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিওঁ। যাতে সিহঁতে পাপ কৰ্মত আৰু অধিক লিপ্ত হয়। নিশ্চয় কাফিৰ আৰু অস্বীকাৰকাৰীবিলাকৰ বাবে মোৰ কৌশল অতি শক্তিশালী। সেয়েহে সিহঁতে কেতিয়াও মোৰ কৰায়ত্তৰ বাহিৰত নহয়, আৰু মোৰ শাস্তিৰ পৰা ৰেহাইয়ো পাব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068045.mp3"},{"index":"46","arabicText":"اَمْ تَسْـَٔلُهُمْ اَجْرًا فَهُمْ مِّنْ مَّغْرَمٍ مُّثْقَلُوْنَ ۟ۚ","assameseTranslation":"তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ কাৰণে ভাৰাক্ৰান্ত হৈ পৰিছে?","footnotes":"","tafseer":"হে ৰাছুল, আপুনি সিহঁতক সত্যৰ ফালে আহ্বান কৰাৰ কাৰণে কোনো বিনিময় বিচাৰিছে নেকি যে, যাৰ ফলত গধূৰ বোজা বহন কৰি সিহঁতে ভাৰাক্ৰান্ত হৈ পৰিছে, আৰু আপোনাৰ পৰা বিমুখ হৈছে? বৰঞ্চ সত্য ইয়াৰ বিপৰীতহে। কাৰণ আপুনি সিহঁতৰ পৰা কোনো বিনিময় নিবিচাৰে। তথাপিও সিহঁতে আপোনাৰ আনুগত্য নকৰাৰ কাৰণ কি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068046.mp3"},{"index":"47","arabicText":"اَمْ عِنْدَهُمُ الْغَیْبُ فَهُمْ یَكْتُبُوْنَ ۟","assameseTranslation":"নে সিহঁতৰ ওচৰত গায়েবৰ জ্ঞান আছে, যিটো সিহঁতে লিখি ৰাখে!","footnotes":"","tafseer":"অথবা সিহঁতৰ ওচৰত গায়েবৰ কোনো জ্ঞান আছে নেকি? যাৰ পৰা সিহঁতে নিজৰ কৰ্মৰ সপক্ষে প্ৰমাণাদি লিখি লয়, যাতে আপোনাৰ সৈতে বিতৰ্ক কৰিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068047.mp3"},{"index":"48","arabicText":"فَاصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تَكُنْ كَصَاحِبِ الْحُوْتِ ۘ اِذْ نَادٰی وَهُوَ مَكْظُوْمٌ ۟ؕ","assameseTranslation":"এতেকে তুমি তোমাৰ প্ৰতিপালকৰ আদেশৰ অপেক্ষাত ধৈৰ্য্য ধাৰণ কৰা, আৰু তুমি মাছৰ গৰাকীৰ দৰে (অধৈৰ্য্য) নহ’বা, যেতিয়া তেওঁ বিষাদ আচ্ছন্ন অৱস্থাত মিনতি কৰিছিল।","footnotes":"","tafseer":"হে ৰাছুল, আপুনি আপোনাৰ প্ৰতিপালকৰ আদেশমৰ্মে সিহঁতক অৱকাশ আৰু সুযোগ দিয়া সম্পৰ্কে ধৈৰ্য্য ধাৰণ কৰক। আপুনি মাছৰ গৰাকী ইউনুছ আলাইহিচ্ছালামৰ দৰে নিজৰ সম্প্ৰদায়ৰ প্ৰতি ক্ৰোধান্বিত হৈ নাযাব, যেতিয়া তেওঁ সাগৰৰ অন্ধকাৰত আৰু মাছৰ পেটৰ অন্ধকাৰত চিন্তিত হৈ তথা বিপদগ্ৰস্ত হৈ তেওঁৰ প্ৰতিপালকক মাতিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068048.mp3"},{"index":"49","arabicText":"لَوْلَاۤ اَنْ تَدٰرَكَهٗ نِعْمَةٌ مِّنْ رَّبِّهٖ لَنُبِذَ بِالْعَرَآءِ وَهُوَ مَذْمُوْمٌ ۟","assameseTranslation":"যদি তেওঁৰ প্ৰতিপালকৰ অনুগ্ৰহ তেওঁৰ ওচৰত আহি নাপালেহেঁতেন, তেন্তে তেওঁ লাঞ্ছিত অৱস্থাত উন্মুক্ত প্ৰান্তৰত নিক্ষিপ্ত হ’লহেঁতেন।","footnotes":"","tafseer":"যদি তেওঁৰ ওপৰত আল্লাহৰ অনুগ্ৰহ আহি নাপালেহেঁতেন তেন্তে মাছে তেওঁক কোনো খালী আৰু জনশূন্য স্থানত এৰি দিলেহেঁতেন, আৰু তেওঁ দূৰাৱস্থাতত পৰি থাকিলহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068049.mp3"},{"index":"50","arabicText":"فَاجْتَبٰىهُ رَبُّهٗ فَجَعَلَهٗ مِنَ الصّٰلِحِیْنَ ۟","assameseTranslation":"তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে আৰু তেওঁক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিলে।","footnotes":"","tafseer":"ইয়াৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিছিল আৰু সত্কৰ্ম পৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068050.mp3"},{"index":"51","arabicText":"وَاِنْ یَّكَادُ الَّذِیْنَ كَفَرُوْا لَیُزْلِقُوْنَكَ بِاَبْصَارِهِمْ لَمَّا سَمِعُوا الذِّكْرَ وَیَقُوْلُوْنَ اِنَّهٗ لَمَجْنُوْنٌ ۟ۘ","assameseTranslation":"আৰু কাফিৰসকলে যেতিয়া উপদেশবাণী (কোৰআন) শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে তোমাৰ ফালে চায়, যেনিবা তোমাক বাগৰাই দিব, আৰু সিহঁতে কয়, ‘নিশ্চয় এওঁ হৈছে এজন উন্মাদ’।","footnotes":"","tafseer":"কাফিৰসকলে আৰু আল্লাহৰ ৰাছুলক অস্বীকাৰকাৰীসকলে যেতিয়া আপোনাৰ প্ৰতি অৱতীৰ্ণ কোৰআন শ্ৰৱণ কৰে, তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে আপোনাৰ ফালে চায়, যেনিবা আপোনাক সিহঁতে ধৰাশায়ী কৰিব। সিহঁতে নিজৰ আকাংক্ষাৰ পিছত দৌৰি আৰু সত্যৰ পৰা বিমুখ হৈ কয়ঃ এই কোৰআন লৈ অহা ৰাছুল বোলাজন হৈছে এজন পাগল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068051.mp3"},{"index":"52","arabicText":"وَمَا هُوَ اِلَّا ذِكْرٌ لِّلْعٰلَمِیْنَ ۟۠","assameseTranslation":"অথচ এই কোৰআন হৈছে কেৱল বিশ্ববাসীৰ বাবে উপদেশ।","footnotes":"","tafseer":"প্ৰকৃততে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনখন হৈছে জীন আৰু মানৱসকলৰ বাবে উপদেশ, শিক্ষা আৰু স্মৃতি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/068052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/068052.mp3"}]