[{"index":"1","arabicText":"قُلْ اُوْحِیَ اِلَیَّ اَنَّهُ اسْتَمَعَ نَفَرٌ مِّنَ الْجِنِّ فَقَالُوْۤا اِنَّا سَمِعْنَا قُرْاٰنًا عَجَبًا ۟ۙ","assameseTranslation":"কোৱা, মোৰ প্ৰতি অহী কৰা হৈছে যে, নিশ্চয় জিনসকলৰ এটা দলে মনোযোগ সহকাৰে (এই কোৰআন) শুনিছে; তাৰ পিছত কৈছে, ‘নিশ্চয় আমি এক বিস্ময়কৰ কোৰআন শুনিছোঁ,","footnotes":"","tafseer":"হে নবী, আপুনি আপোনাৰ উম্মতক কৈ দিয়কঃ মোৰ প্ৰতি অহী অৱতীৰ্ণ হৈছে যে, জিনসকলৰ এটা দলে নাখলা নামক ঠাইত মোৰ পৰা কোৰআন শুনিছে। ফলত সিহঁতে নিজৰ জাতিৰ ফালে ওভতি গৈ কৈছেঃ আমি এক এনেকুৱা পঠিত বাণী শুনিছোঁ, যিটো অতি বিস্ময়কৰ আৰু সুবোধগম্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072001.mp3"},{"index":"2","arabicText":"یَّهْدِیْۤ اِلَی الرُّشْدِ فَاٰمَنَّا بِهٖ ؕ وَلَنْ نُّشْرِكَ بِرَبِّنَاۤ اَحَدًا ۟ۙ","assameseTranslation":"‘যিখনে সত্যৰ পথ দেখুৱায়, সেয়ে আমি তাৰ ওপৰত ঈমান আনিছোঁ। গতিকে আমি কেতিয়াও আমাৰ প্ৰতিপালকৰ সৈতে আন কাকো অংশী স্থাপন নকৰোঁ,","footnotes":"","tafseer":"এই বাণী, যিটো আমি শুনিছোঁ সেইটো আস্থা, কথন আৰু কৰ্মৰ ক্ষেত্ৰত সঠিক আৰু যথোচিত বুলি প্ৰমাণিত। গতিকে আমি ইয়াৰ প্ৰতি ঈমান আনিছোঁ, আৰু আমি কাকো আমাৰ প্ৰতিপালকৰ সৈতে অংশীদাৰ স্থাপন নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072002.mp3"},{"index":"3","arabicText":"وَّاَنَّهٗ تَعٰلٰی جَدُّ رَبِّنَا مَا اتَّخَذَ صَاحِبَةً وَّلَا وَلَدًا ۟ۙ","assameseTranslation":"‘আৰু নিশ্চয় আমাৰ প্ৰতিপালকৰ মৰ্যাদা সুউচ্চ’ তেওঁ কোনো সঙ্গিনী আৰু কোনো সন্তানো গ্ৰহণ কৰা নাই।","footnotes":"","tafseer":"আৰু আমি এই কথাৰ প্ৰতিও ঈমান আনিছোঁ যে, আমাৰ প্ৰতিপালকৰ (তেওঁৰ মহিমা আৰু প্ৰতাপ অতি মহান) কোনো স্ত্ৰী, সন্তান আদি একো নাই। যিদৰে মুশ্বৰিকসকলে ইয়াৰ পৰিপন্থী আস্থা পোষণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072003.mp3"},{"index":"4","arabicText":"وَّاَنَّهٗ كَانَ یَقُوْلُ سَفِیْهُنَا عَلَی اللّٰهِ شَطَطًا ۟ۙ","assameseTranslation":"‘আৰু আমাৰ মাজৰ নিৰ্বোধসকলে আল্লাহৰ বিষয়ে অবাস্তৱ কথা-বতৰা কৈছিল’।","footnotes":"","tafseer":"আৰু ইবলিছে আল্লাহ সম্পৰ্কে বহুতো অবাস্তৱ তথা অসত্য কথা কৈছিল। অৰ্থাৎ তেওঁৰ সৈতে স্ত্ৰী আৰু সন্তানৰ সম্বন্ধ সংযোগ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072004.mp3"},{"index":"5","arabicText":"وَّاَنَّا ظَنَنَّاۤ اَنْ لَّنْ تَقُوْلَ الْاِنْسُ وَالْجِنُّ عَلَی اللّٰهِ كَذِبًا ۟ۙ","assameseTranslation":"‘অথচ আমি ধাৰণা কৰিছিলোঁ যে, মানুহ আৰু জিন জাতিয়ে কেতিয়াও আল্লাহ সম্পৰ্কে মিছা আৰোপ কৰিব নোৱাৰে।","footnotes":"","tafseer":"আৰু আমি ভাবিছিলোঁ যে, মুশ্বৰিক জিন আৰু মানুহে কোৱা কথাষাৰ কেতিয়াও মিছা হ’ব নোৱাৰে, যেতিয়া সিহঁতে কৈছিল যে, আল্লাহৰ স্ত্ৰী আৰু সন্তান আছে। এই কাৰণেই আমি সিহঁতৰ পথৰ অনুকৰণ কৰি সিহঁতৰ কথাক সত্য বুলি ভাবিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072005.mp3"},{"index":"6","arabicText":"وَّاَنَّهٗ كَانَ رِجَالٌ مِّنَ الْاِنْسِ یَعُوْذُوْنَ بِرِجَالٍ مِّنَ الْجِنِّ فَزَادُوْهُمْ رَهَقًا ۟ۙ","assameseTranslation":"‘আৰু নিশ্চয় কিছুমান মানুহে কিছুমান জিনৰ আশ্ৰয় লৈছিল, ফলত সিহঁতে জিনসকলৰ অহংকাৰ বৃদ্ধি কৰিছিল’।","footnotes":"","tafseer":"আৰু অজ্ঞতা যুগত কিছুমান লোকে যেতিয়া কোনো ভয়াৱহ ঠাইত অৱতৰণ কৰিছিল তেতিয়া সিহঁতে কিছুমান জিনৰ আশ্ৰয় বিচাৰি কৈছিলঃ মই এই ঠাইৰ নেতা জিনৰ আশ্ৰয় বিচাৰোঁ, সেইসকল অজ্ঞ জিনৰ পৰা যিবোৰ ইয়াত বিচৰণ কৰে। এইদৰে সেই লোকসকলে জিনৰ সাহস বৃদ্ধি কৰি দিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072006.mp3"},{"index":"7","arabicText":"وَّاَنَّهُمْ ظَنُّوْا كَمَا ظَنَنْتُمْ اَنْ لَّنْ یَّبْعَثَ اللّٰهُ اَحَدًا ۟ۙ","assameseTranslation":"‘আৰু নিশ্চয় সিহঁতেও (মানুহেও) ধাৰণা কৰিছিল যেনেকৈ তোমালোকে ধাৰণা কৰিছা যে, আল্লাহে কাকো কেতিয়াও পুনৰুত্থিত নকৰিব’।","footnotes":"","tafseer":"হে জিনসকল! যিদৰে তোমালোকে ভাবিছিলা তেনেদৰে মানৱসকলেও ভাবিছিল যে, আল্লাহে কাৰো মৃ্ত্যুৰ পিছত হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে কেতিয়াও পুনৰুত্থিত নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072007.mp3"},{"index":"8","arabicText":"وَّاَنَّا لَمَسْنَا السَّمَآءَ فَوَجَدْنٰهَا مُلِئَتْ حَرَسًا شَدِیْدًا وَّشُهُبًا ۟ۙ","assameseTranslation":"‘আৰু নিশ্চয় আমি আকাশৰ তথ্য সংগ্ৰহ কৰিব বিচাৰিছিলোঁ, কিন্তু আমি দেখিলোঁ যে, আকাশখন কঠোৰ প্ৰহৰী আৰু উল্কাপিণ্ডৰ দ্বাৰা পৰিপূৰ্ণ;","footnotes":"","tafseer":"আৰু আমি আকাশৰ খবৰ ল’বলৈ প্ৰয়াস কৰিছিলোঁ। কিন্তু আমি আকাশত ফিৰিস্তাসকলৰ মজবুত প্ৰহৰী নিৰ্ধাৰিত কৰা দেখা পালোঁ। যিসকলে এই কাৰণে পহৰা দি আছে যে, যাতে কোনেও চুৰকৈ গোপনভাৱে কোনো কথা শ্ৰৱণ কৰিব নোৱাৰে, যিটো আমি কৰি আছিলোঁ। আমি দেখা পালোঁ আকাশক উল্কাপিণ্ডৰে ভৰাই ৰখা হৈছে। আকাশৰ ওচৰলৈ যোৱা সকলৰ প্ৰতি সেইবোৰ নিক্ষেপ কৰা হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072008.mp3"},{"index":"9","arabicText":"وَّاَنَّا كُنَّا نَقْعُدُ مِنْهَا مَقَاعِدَ لِلسَّمْعِ ؕ فَمَنْ یَّسْتَمِعِ الْاٰنَ یَجِدْ لَهٗ شِهَابًا رَّصَدًا ۟ۙ","assameseTranslation":"‘আৰু আমি আগতে আকাশৰ বিভিন্ন ঘাঁটিত সংবাদ শুনাৰ বাবে বহিছিলোঁ কিন্তু এতিয়া কোনোবাই সংবাদ শুনিবলৈ বিচাৰিলে সি জলন্ত উল্কাপিণ্ডৰ সন্মুখীন হ'বলগীয়া হয়।","footnotes":"","tafseer":"আৰু আমি আগতে আকাশত স্থান বাচনি কৰি লৈছিলোঁ আৰু তাত ফিৰিস্তাসকলৰ মাজত আদান-প্ৰদান হোৱা খবৰসমূহ শুনিছিলোঁ আৰু পৃথিৱীত থকা জ্যোতিষিক সেইবোৰ অৱগত কৰিছিলোঁ। কিন্তু এতিয়া পৰিস্থিতি পৰিৱৰ্তন হৈছে। এতিয়া যিয়ে শুনিবলৈ প্ৰয়াস কৰে সি এনেকুৱা লেলিহান জুইৰ সন্মুখীন হ’বলগীয়া হয়, যিটো তাৰ বাবে প্ৰস্তুত কৰি ৰখা হৈছে। সি যেতিয়াই তাৰ ওচৰলৈ যায়, সেই লেলেহান জুই তাৰ প্ৰতি নিক্ষেপ কৰা হয়, ফলত সি ভস্মিভূত হৈ যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072009.mp3"},{"index":"10","arabicText":"وَّاَنَّا لَا نَدْرِیْۤ اَشَرٌّ اُرِیْدَ بِمَنْ فِی الْاَرْضِ اَمْ اَرَادَ بِهِمْ رَبُّهُمْ رَشَدًا ۟ۙ","assameseTranslation":"‘আৰু নিশ্চয় আমি নাজানো যে, পৃথিৱীবাসীৰ বাবে অমঙ্গল বিচৰা হৈছে, নে সিহঁতৰ প্ৰতিপালকে সিহঁতৰ মঙ্গল বিচাৰিছে।","footnotes":"","tafseer":"আৰু আমি নাজানো এই কঠোৰ প্ৰহৰী দিয়াৰ কাৰণ কি। ইয়াৰ দ্বাৰা পৃথিৱীবাসীসকলৰ অমঙ্গল বিচৰা হৈছে নেকি, নে আল্লাহে সিহঁতৰ বাবে মঙ্গল বিচাৰিছে? কিয়নো আকাশৰ খবৰৰ সম্পৰ্ক আমাৰ পৰা বিচ্ছন্ন হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072010.mp3"},{"index":"11","arabicText":"وَّاَنَّا مِنَّا الصّٰلِحُوْنَ وَمِنَّا دُوْنَ ذٰلِكَ ؕ كُنَّا طَرَآىِٕقَ قِدَدًا ۟ۙ","assameseTranslation":"আৰু নিশ্চয় আমাৰ মাজৰ কিছুমান হৈছে সৎকৰ্মশীল আৰু কিছুমান ইয়াৰ ব্যতিক্ৰম, আমি আছিলোঁ বিভিন্ন পথৰ অনুসাৰী;","footnotes":"","tafseer":"হে জিন সম্প্ৰদায়, আমাৰ মাজৰ কিছুমান হৈছে সদাচাৰ আৰু সত্কৰ্মী, আনহাতে কিছুমান হৈছে কাফিৰ অৱজ্ঞাকাৰী। আমি ভিন্ন প্ৰকাৰৰ আছিলোঁ আৰু ভিন্ন পথৰ পথাচাৰী আছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072011.mp3"},{"index":"12","arabicText":"وَّاَنَّا ظَنَنَّاۤ اَنْ لَّنْ نُّعْجِزَ اللّٰهَ فِی الْاَرْضِ وَلَنْ نُّعْجِزَهٗ هَرَبًا ۟ۙ","assameseTranslation":"‘আৰু আমি বুজি পাইছোঁ যে, আমি পৃথিৱীত কেতিয়াও আল্লাহক অপাৰগ কৰিব নোৱাৰিম আৰু পলায়ন কৰিও তেওঁক ব্যৰ্থ কৰিব নোৱাৰিম।","footnotes":"","tafseer":"গতিকে আমাৰ পূৰ্ণ বিশ্বাস হৈ গৈছে যে, যদি আল্লাহে আমাৰ লগত কিবা কৰাৰ ইচ্ছা কৰে তেন্তে আমি তাক কেতিয়াও পৰাস্ত কৰিব নোৱাৰিম আৰু তাৰ পৰা পলাবও নোৱাৰিম। কিয়নো তেওঁ আমাক পৰিবেষ্টন কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072012.mp3"},{"index":"13","arabicText":"وَّاَنَّا لَمَّا سَمِعْنَا الْهُدٰۤی اٰمَنَّا بِهٖ ؕ فَمَنْ یُّؤْمِنْ بِرَبِّهٖ فَلَا یَخَافُ بَخْسًا وَّلَا رَهَقًا ۟ۙ","assameseTranslation":"‘গতিকে আমি যেতিয়া হিদায়তৰ বাণী শুনিলোঁ, তেতিয়া তাৰ প্ৰতি ঈমান আনিলোঁ। এতেকে যিয়ে তাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিব, তাৰ কোনো ক্ষতি আৰু কোনো অন্যায়ৰ আশংকা নাথাকিব।","footnotes":"","tafseer":"আৰু যেতিয়া আমি কোৰআন শুনিছো, যিখনে সঠিক পথৰ ফালে আহ্বান কৰে, যাৰ প্ৰতি আমি ঈমান আনিছোঁ। গতিকে যিয়ে নিজৰ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰিব, ফলত তেওঁৰ পুণ্যত কোনো হ্ৰাস নহ’ব আৰু পাপ কামত কোনো বৃদ্ধি নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072013.mp3"},{"index":"14","arabicText":"وَّاَنَّا مِنَّا الْمُسْلِمُوْنَ وَمِنَّا الْقٰسِطُوْنَ ؕ فَمَنْ اَسْلَمَ فَاُولٰٓىِٕكَ تَحَرَّوْا رَشَدًا ۟","assameseTranslation":"‘আৰু নিশ্চয় আমাৰ মাজত আছে কিছু সংখ্যক আত্মসমৰ্পণকাৰী আৰু কিছু সংখ্যক আছে সীমালংঘনকাৰী; এতেকে যিসকলে ইছলাম গ্ৰহণ কৰিছে সিহঁতেই সঠিক পথ বাচি লৈছে।","footnotes":"","tafseer":"আৰু আমাৰ মাজৰ কিছুমান হৈছে মুমিন ব্যক্তি তথা আল্লাহৰ আজ্ঞা পালনকাৰী। পক্ষান্তৰে কিছুমান হৈছে সত্যৰ পৰা দূৰত্ব অৱলম্বনকাৰী। গতিকে যিয়ে আল্লাহৰ আগত নত হৈ তেওঁৰ আদেশ পালন কৰিব আৰু সত্কৰ্ম কৰিব, সিহঁতেই হৈছে হিদায়ত আৰু সঠিক পথৰ পথাচাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072014.mp3"},{"index":"15","arabicText":"وَاَمَّا الْقٰسِطُوْنَ فَكَانُوْا لِجَهَنَّمَ حَطَبًا ۟ۙ","assameseTranslation":"‘আনহাতে সীমালংঘনকাৰীসকল হৈছে জাহান্নামৰেই ইন্ধন’।","footnotes":"","tafseer":"আৰু যিসকলে সত্যৰ পৰা আঁতৰি গৈছে, সিহঁতেই হৈছে জাহান্নামৰ ইন্ধন। সিহঁতে তাত সিহঁতৰ দৰেই মানুহৰ সৈতে অগ্নিদগ্ধ হৈ থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072015.mp3"},{"index":"16","arabicText":"وَّاَنْ لَّوِ اسْتَقَامُوْا عَلَی الطَّرِیْقَةِ لَاَسْقَیْنٰهُمْ مَّآءً غَدَقًا ۟ۙ","assameseTranslation":"আৰু যদি সিহঁতে সঠিক পথত অবিচল থাকিলহেঁতেন, তেনেহ’লে আমি সিহঁতক নিশ্চয় প্ৰচুৰ পৰিমাণে পানী পান কৰালোঁহেঁতেন,","footnotes":"","tafseer":"যিদৰে তেওঁৰ ওচৰলৈ অহী প্ৰেৰণ কৰা হৈছে যে, জিনৰ এটা দলে কোৰআন শুনিছে, তেনেদৰে এয়াও অহী প্ৰেৰণ কৰা হৈছে যে, যদি জিন আৰু মানৱে ইছলামৰ পথ অৱলম্বন কৰিলেহেঁতেন আৰু তাৰ প্ৰতি আমল কৰিলেহেঁতেন তেন্তে আমি সিহঁতক প্ৰচুৰ পৰিমাণে পানী পান কৰালোঁহেঁতেন আৰু বিভিন্ন প্ৰকাৰৰ অনুগ্ৰহেৰে উপকৃত হোৱাৰ অৱকাশ দিলোঁহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072016.mp3"},{"index":"17","arabicText":"لِّنَفْتِنَهُمْ فِیْهِ ؕ وَمَنْ یُّعْرِضْ عَنْ ذِكْرِ رَبِّهٖ یَسْلُكْهُ عَذَابًا صَعَدًا ۟ۙ","assameseTranslation":"যাতে আমি ইয়াৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰোঁ; আৰু যিয়ে নিজ প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয়, তাক তেওঁ কঠিন শাস্তিত প্ৰৱেশ কৰাব।","footnotes":"","tafseer":"যাতে আমি সিহঁতক ইয়াৰ জৰিয়তে পৰীক্ষা কৰিব পাৰোঁ যে, সিহঁতে আল্লাহৰ অনুগ্ৰসমূহৰ কৃতজ্ঞতা পালন কৰে নে নাই? আৰু যিয়ে কোৰআন তথা তাৰ ভিতৰত থকা উপদেশ তথা আদেশসমূহৰ পৰা মুখ ঘূৰাই ল’ব, তাক তাৰ প্ৰতিপালকে কঠোৰ শাস্তিত নিক্ষেপ কৰিব, যিটো সি সহ্য কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072017.mp3"},{"index":"18","arabicText":"وَّاَنَّ الْمَسٰجِدَ لِلّٰهِ فَلَا تَدْعُوْا مَعَ اللّٰهِ اَحَدًا ۟ۙ","assameseTranslation":"আৰু নিশ্চয় মছজিদসমূহ আল্লাহৰ বাবেই (নিৰ্মিত), গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।","footnotes":"","tafseer":"আৰু মছজিদসমূহ কেৱল মহামহিম আল্লাহৰ বাবেই নিৰ্মিত, তেওঁৰ বাহিৰে আন কাৰো বাবে নহয়। গতিকে তোমালোকে তাৰ ভিতৰত আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰিবা। অন্যথা তোমালোকে ইয়াহুদী আৰু খ্ৰীষ্টান বিলাকৰ দৰে হৈ যাবা। যিসকলে নিজৰ উপাসনালয়ত আল্লাহৰ বাহিৰে বেলেগৰো উপাসনা কৰি থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072018.mp3"},{"index":"19","arabicText":"وَّاَنَّهٗ لَمَّا قَامَ عَبْدُ اللّٰهِ یَدْعُوْهُ كَادُوْا یَكُوْنُوْنَ عَلَیْهِ لِبَدًا ۟ؕ۠","assameseTranslation":"আৰু নিশ্চয় যেতিয়া আল্লাহৰ বান্দাই তেওঁক প্ৰাৰ্থনা কৰিবলৈ থিয় হ’ল, তেতিয়া সিহঁতে তেওঁৰ ওচৰত আহি ভিৰ কৰিলে।","footnotes":"","tafseer":"আৰু যেতিয়া আল্লাহৰ বান্দা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নাখলা নামক ঠাইত তেখেতৰ প্ৰতিপালকৰ ইবাদত কৰিবলৈ থিয় হৈছিল, তেতিয়া জিনসকলে কোৰআন শুনিবলৈ বহুত ভীৰ লগাইছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072019.mp3"},{"index":"20","arabicText":"قُلْ اِنَّمَاۤ اَدْعُوْا رَبِّیْ وَلَاۤ اُشْرِكُ بِهٖۤ اَحَدًا ۟","assameseTranslation":"কোৱা, ‘মই কেৱল মোৰ প্ৰতিপালককেই আহ্বান কৰোঁ আৰু তেওঁৰ লগত আন কাকো আংশী নকৰোঁ’।","footnotes":"","tafseer":"হে ৰাছুল, আপুনি কৈ দিয়কঃ মই কেৱলমাত্ৰ আল্লাহকহে আহ্বান কৰোঁ। তেওঁৰ ইবাদতত কাকো অংশীদাৰ স্থাপন নকৰোঁ। সি যিয়েই নহওক কিয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072020.mp3"},{"index":"21","arabicText":"قُلْ اِنِّیْ لَاۤ اَمْلِكُ لَكُمْ ضَرًّا وَّلَا رَشَدًا ۟","assameseTranslation":"কোৱা, ‘নিশ্চয় মই তোমালোকৰ কোনো ক্ষতি আৰু কল্যাণৰ মালিক নহয়’।","footnotes":"","tafseer":"সিহঁতক কৈ দিয়কঃ মই তোমালোকৰ কোনো ক্ষতি দূৰ কৰিব নোৱাৰোঁ, যিটো আল্লাহে তোমালোকৰ বাবে নিৰ্ধাৰিত কৰি ৰাখিছে। এইদৰে তোমালোকক কোনো উপকাৰো কৰিব নোৱাৰোঁ, যাৰ পৰা আল্লাহে তোমালোকক বঞ্চিত কৰি ৰাখিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072021.mp3"},{"index":"22","arabicText":"قُلْ اِنِّیْ لَنْ یُّجِیْرَنِیْ مِنَ اللّٰهِ اَحَدٌ ۙ۬ وَّلَنْ اَجِدَ مِنْ دُوْنِهٖ مُلْتَحَدًا ۟ۙ","assameseTranslation":"কোৱা, নিশ্চয় আল্লাহৰ পৰা কোনেও মোক ৰক্ষা কৰিব নোৱাৰিব আৰু তেওঁৰ বাহিৰে মই কেতিয়াও কোনো আশ্ৰয় নাপাম।","footnotes":"","tafseer":"সিহঁতক কৈ দিয়কঃ যদি মই আল্লাহৰ অৱজ্ঞা কৰোঁ তেন্তে কোনেও মোক তেওঁৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। তেনে অৱস্থাত মই তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰিও নাপাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072022.mp3"},{"index":"23","arabicText":"اِلَّا بَلٰغًا مِّنَ اللّٰهِ وَرِسٰلٰتِهٖ ؕ وَمَنْ یَّعْصِ اللّٰهَ وَرَسُوْلَهٗ فَاِنَّ لَهٗ نَارَ جَهَنَّمَ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ۟ؕ","assameseTranslation":"‘কেৱল আল্লাহৰ তৰফৰ পৰা তেওঁৰ ৰিছালতৰ বাণী প্ৰচাৰ কৰাটোৱে হৈছে মোৰ দায়িত্ব। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, তাত সিহঁতে চিৰকাল থাকিব’।","footnotes":"","tafseer":"মই কৰিব পৰা কামটো হৈছে তোমালোকৰ ওচৰত আল্লাহৰ আদেশ পৌঁচাই দিয়া। এইদৰে সেই ৰিছালত (বাৰ্তা) পৌঁচাই দিয়া, যিটোৰ সৈতে মোক প্ৰেৰণ কৰা হৈছে। এতেকে জানি থোৱা! যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অৱজ্ঞা কৰিব তথা অবাধ্যতা কৰিব, সি পৰিণাম স্বৰূপে জাহান্নামত প্ৰৱেশ কৰিব, য'ত সি চিৰকাল থাকিব লাগিব। তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072023.mp3"},{"index":"24","arabicText":"حَتّٰۤی اِذَا رَاَوْا مَا یُوْعَدُوْنَ فَسَیَعْلَمُوْنَ مَنْ اَضْعَفُ نَاصِرًا وَّاَقَلُّ عَدَدًا ۟","assameseTranslation":"অৱশেষত যেতিয়া সিহঁতে ইয়াক প্ৰত্যক্ষ কৰিব, যি বিষয়ে সিহঁতক সাৱধান কৰা হৈছিল। তেতিয়া সিহঁতে জানিবলৈ পাব যে, সহায়কাৰী হিচাপে কোন বেছি দুৰ্বল আৰু সংখ্যাত কোন আটাইতকৈ কম।","footnotes":"","tafseer":"আৰু কাফিৰবিলাকে কুফুৰীৰ পথতে পৰিচালিত থাকিব। অৱশেষত ক্বিয়ামতৰ দিনা নিজ চকুৰে সেই শাস্তি দেখিবলৈ পাব, যাৰ প্ৰতিশ্ৰুতি সিহঁতক পৃথিৱীত দিয়া হৈছিল। তেতিয়া জানিব পাৰিব যে, কোনে সহায়ৰ ফালৰ পৰা দূৰ্বল আৰু কাৰ সহায়কৰ সংখ্যা কম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072024.mp3"},{"index":"25","arabicText":"قُلْ اِنْ اَدْرِیْۤ اَقَرِیْبٌ مَّا تُوْعَدُوْنَ اَمْ یَجْعَلُ لَهٗ رَبِّیْۤ اَمَدًا ۟","assameseTranslation":"কোৱা, ‘তোমালোকক যিটোৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেইটো নিকটৱৰ্তী, নে মোৰ প্ৰতিপালকে ইয়াৰ বাবে কোনো দীৰ্ঘ ম্যাদ নিৰ্ধাৰণ কৰিব সেয়া মই নাজানো’।","footnotes":"","tafseer":"হে ৰাছুল! পুনৰুত্থানক অস্বীকাৰকাৰী এই মুশ্বৰিক বিলাকক কৈ দিয়কঃ মই নাজানো তোমালোকক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া নিকটৱৰ্তী নে তাৰ কোনো সময় নিৰ্ধাৰিত আছে। যিটো আল্লাহৰ বাহিৰে আন কোনেও নাজানে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072025.mp3"},{"index":"26","arabicText":"عٰلِمُ الْغَیْبِ فَلَا یُظْهِرُ عَلٰی غَیْبِهٖۤ اَحَدًا ۟ۙ","assameseTranslation":"তেওঁ অদৃশ্য বিষয়ৰ জ্ঞানী, আৰু তেওঁ নিজৰ অদৃশ্যৰ জ্ঞান কাৰো ওচৰতেই প্ৰকাশ নকৰে,","footnotes":"","tafseer":"আল্লাহ পৱিত্ৰ, তেওঁ গায়েব বা অদৃশ্যৰ সকলো কথাই জানে। অদৃশ্যৰ কোনো কথাই তেওঁৰ পৰা গোপন নহয়। তেওঁ গায়েব সম্পৰ্কীয় কোনো কথাই কাকো অৱগত নকৰে। বৰং তেওঁৰ এই জ্ঞান কেৱল তেওঁৰ বাবেই নিৰ্দিষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072026.mp3"},{"index":"27","arabicText":"اِلَّا مَنِ ارْتَضٰی مِنْ رَّسُوْلٍ فَاِنَّهٗ یَسْلُكُ مِنْ بَیْنِ یَدَیْهِ وَمِنْ خَلْفِهٖ رَصَدًا ۟ۙ","assameseTranslation":"কিন্তু তেওঁৰ মনোনীত ৰাছুলৰ বাহিৰে। সেই ক্ষেত্ৰত আল্লাহে তেওঁৰ ৰাছুলৰ সন্মুখত আৰু পিছত প্ৰহৰী নিয়োজিত কৰে,","footnotes":"","tafseer":"কিন্তু তেওঁৰ মনোনীত ৰাছুলসকলৰ কথা সুকীয়া। তেওঁ যি বিচাৰে সেয়া তেওঁলোকক অৱগত কৰায়। তেতিয়া ৰাছুৰ আগত আৰু পিছত ফিৰিস্তাসকলক প্ৰহৰী হিচাপে নিৰ্ধাৰিত কৰি দিয়া হয়, যিসকলে তেওঁক সুৰক্ষা প্ৰদান কৰে, যাতে ৰাছুলৰ বাহিৰে আন কোনেও সেই বিষয়ে অৱগত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072027.mp3"},{"index":"28","arabicText":"لِّیَعْلَمَ اَنْ قَدْ اَبْلَغُوْا رِسٰلٰتِ رَبِّهِمْ وَاَحَاطَ بِمَا لَدَیْهِمْ وَاَحْصٰی كُلَّ شَیْءٍ عَدَدًا ۟۠","assameseTranslation":"যাতে তেওঁ প্ৰকাশ কৰিব পাৰে যে, নিশ্চয় তেওঁলোকে তেওঁলোকৰ প্ৰতিপালকৰ ৰিছালত পৌঁচাই দিছে। লগতে তেওঁলোকৰ ওচৰত যি আছে সেয়াও তেওঁ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি ৰাখিছে আৰু তেওঁ প্ৰতিটো বস্তুৰ সংখ্যা হিচাপ কৰি ৰাখিছে।","footnotes":"","tafseer":"যাতে ৰাছুলে জানি লয় যে তেওঁৰ পূৰ্বে ৰাছুলসকলে নিজ প্ৰতিপালকৰ আদেশসমূহ পৌঁচাই দিছিল। যিবোৰ পৌঁচাবলৈ আল্লাহৰ তৰফৰ পৰা তেওঁলোকক আদেশ দিয়া হৈছিল। মহান আল্লাহে ফিৰিস্তাসকলৰ আৰু ৰাছুলসকলৰ প্ৰত্যেক কথাই নিজ জ্ঞানেৰে পৰিবেষ্টন কৰি ৰাখিছে। তেওঁলোকৰ কোনো কথাই তেওঁৰ পৰা গোপন নহয়। তেওঁ সকলো বস্তু গণনা কৰি ৰাখিছে। এতেকে কোনো বস্তুৱে তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/072028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/072028.mp3"}]