[{"index":"1","arabicText":"لَاۤ اُقْسِمُ بِیَوْمِ الْقِیٰمَةِ ۟ۙ","assameseTranslation":"মই শপত কৰিছোঁ ক্বিয়ামতৰ দিৱসৰ,","footnotes":"","tafseer":"আল্লাহে ক্বিয়ামতৰ দিৱসৰ শপত খাইছে, যিদিনাখন বিশ্বজগতৰ ৰব্ব আল্লাহৰ সন্মুখত মানুহে থিয় হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075001.mp3"},{"index":"2","arabicText":"وَلَاۤ اُقْسِمُ بِالنَّفْسِ اللَّوَّامَةِ ۟ؕ","assameseTranslation":"মই আৰু শপত কৰিছোঁ আত্মনিন্দাকাৰী আত্মাৰ,","footnotes":"","tafseer":"আৰু পৱিত্ৰ আত্মাৰ শপত কৰিছে, যি আত্মাই মানুহক ভাল কামত অৱহেলা কৰিলে নিন্দা কৰে আৰু বেয়া কাম কৰিলে ভৰ্ৎসনা কৰে। এই দুয়োটা বিষয়ৰ শপত কৰি কৈছে যে, তেওঁ মানুহক হিচাপ-নিকাচ আৰু প্ৰতিফল প্ৰদান কৰাৰ বাবে নিশ্চয় জীৱিত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075002.mp3"},{"index":"3","arabicText":"اَیَحْسَبُ الْاِنْسَانُ اَلَّنْ نَّجْمَعَ عِظَامَهٗ ۟ؕ","assameseTranslation":"মানুহে ভাবে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম?","footnotes":"","tafseer":"মানুহে ভাবে নেকি যে, আমি মানুহক মৃত্যুৰ পিছত পুনৰুত্থান কৰি তাৰ হাড়সমূহক একত্ৰিত কৰিব নোৱাৰিম?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075003.mp3"},{"index":"4","arabicText":"بَلٰى قٰدِرِیْنَ عَلٰۤی اَنْ نُّسَوِّیَ بَنَانَهٗ ۟","assameseTranslation":"কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।","footnotes":"","tafseer":"কিয় নোৱাৰিম? আমি সেইবোৰক একত্ৰিত কৰি তাৰ আঙুলিবোৰৰ গাঁঠিকো পূৰ্বৰ দৰে সঠিকভাৱে সজাবলৈ সক্ষম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075004.mp3"},{"index":"5","arabicText":"بَلْ یُرِیْدُ الْاِنْسَانُ لِیَفْجُرَ اَمَامَهٗ ۟ۚ","assameseTranslation":"বৰং মানুহে ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ ইচ্ছুক।","footnotes":"","tafseer":"বৰং মানুহে পুনৰুত্থানক অস্বীকাৰ কৰি এইটোৱে বিচাৰে যে, অনাগত দিনতো যাতে কোনো বাধা-বিঘিনি নোহোৱাকৈ এইবোৰ পাপকৰ্ম কৰি থাকিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075005.mp3"},{"index":"6","arabicText":"یَسْـَٔلُ اَیَّانَ یَوْمُ الْقِیٰمَةِ ۟ؕ","assameseTranslation":"সি প্ৰশ্ন কৰে, ক্বিয়ামত দিৱস কেতিয়া আহিব?","footnotes":"","tafseer":"সিহঁতে ক্বিয়ামতৰ দিৱসক বহুত দূৰ বুলি ভাবি কয় যে, সেই দিৱস কেতিয়া আহিব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075006.mp3"},{"index":"7","arabicText":"فَاِذَا بَرِقَ الْبَصَرُ ۟ۙ","assameseTranslation":"এতেকে যেতিয়া চকু স্থিৰ হৈ যাব,","footnotes":"","tafseer":"যিদিনা চকু থৰ লাগিব, আৰু মানুহে বিবুদ্ধি হৈ আশ্চৰ্য সহকাৰে সেই শাস্তি প্ৰত্যক্ষ কৰি, যিটোক সিহঁতে পৃথিৱীত অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075007.mp3"},{"index":"8","arabicText":"وَخَسَفَ الْقَمَرُ ۟ۙ","assameseTranslation":"আৰু চন্দ্ৰ জ্যোতিবিহীন হৈ পৰিব,","footnotes":"","tafseer":"চন্দ্ৰৰ কিৰণ যিদিনা নোহোৱা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075008.mp3"},{"index":"9","arabicText":"وَجُمِعَ الشَّمْسُ وَالْقَمَرُ ۟ۙ","assameseTranslation":"আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব-","footnotes":"","tafseer":"সূৰ্য্য আৰু চন্দ্ৰক যিদিনা একত্ৰিত কৰা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075009.mp3"},{"index":"10","arabicText":"یَقُوْلُ الْاِنْسَانُ یَوْمَىِٕذٍ اَیْنَ الْمَفَرُّ ۟ۚ","assameseTranslation":"সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’?","footnotes":"","tafseer":"সিদিনাখন পাপিষ্ঠ লোকে ক'ব যে, পলোৱাৰ স্থান ক'ত?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075010.mp3"},{"index":"11","arabicText":"كَلَّا لَا وَزَرَ ۟ؕ","assameseTranslation":"কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।","footnotes":"","tafseer":"সিদিনাখন পলায়নৰ কোনো স্থান নাথাকিব। এনেকুৱা কোনো আশ্ৰয়স্থল বিচাৰি নাপাব, য'ত পাপিষ্ঠবিলাকে আশ্ৰয় পাব আৰু ৰক্ষা পোৱাৰ কোনো স্থানো নাথাকিব, য'ত গৈ নিজকে ৰক্ষা কৰিব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075011.mp3"},{"index":"12","arabicText":"اِلٰى رَبِّكَ یَوْمَىِٕذِ لْمُسْتَقَرُّ ۟ؕ","assameseTranslation":"সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।","footnotes":"","tafseer":"হে ৰাছুল, সিদিনাখন প্ৰত্যেকেই আপোনাৰ প্ৰতিপালকৰ ওচৰলৈ হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে উভতি যাব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075012.mp3"},{"index":"13","arabicText":"یُنَبَّؤُا الْاِنْسَانُ یَوْمَىِٕذٍۭ بِمَا قَدَّمَ وَاَخَّرَ ۟ؕ","assameseTranslation":"সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব, সি আগলৈ কি পঠিয়াইছিল আৰু পিছফালে কি থৈ আহিছে।","footnotes":"","tafseer":"সিদিনাখন মানুহক সেই সকলো কৰ্মৰ বিষয়ে অৱগত কৰোৱা হ’ব। যিবোৰ তেওঁ আগলৈ পঠিয়াইছিল আৰু যি তেওঁ পাছফালে এৰি থৈ আহিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075013.mp3"},{"index":"14","arabicText":"بَلِ الْاِنْسَانُ عَلٰی نَفْسِهٖ بَصِیْرَةٌ ۟ۙ","assameseTranslation":"বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত,","footnotes":"","tafseer":"বৰং মানুহে নিজেই নিজৰ প্ৰতি সাক্ষী হ'ব। কিয়নো স্বয়ং সি নিজেই শৰীৰৰ অংগবোৰৰ দ্বাৰা কৰা পাপকৰ্মসমূহৰ সাক্ষী দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075014.mp3"},{"index":"15","arabicText":"وَّلَوْ اَلْقٰى مَعَاذِیْرَهٗ ۟ؕ","assameseTranslation":"যদিও সি নানা অজুহাত দেখুৱায়।","footnotes":"","tafseer":"যদিও সি বিভিন্ন ধৰণৰ বাহানাৰ জৰিয়তে এইটো প্ৰমাণ কৰিব বিচাৰিব যে, সি কোনো পাপ কৰা নাছিল, কিন্তু ইয়াৰ দ্বাৰা কোনো উপকাৰ নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075015.mp3"},{"index":"16","arabicText":"لَا تُحَرِّكْ بِهٖ لِسَانَكَ لِتَعْجَلَ بِهٖ ۟ؕ","assameseTranslation":"ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।","footnotes":"","tafseer":"হে ৰাছুল, কোৰআন আয়ত্ত্ব কৰাৰ সময়ত আপোনাৰ জিভাক এই ভয়ত দ্ৰুত সঞ্চালন নকৰিব যে, সেয়া আপোনাৰ স্মৃতিৰ পৰা ওলাই যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075016.mp3"},{"index":"17","arabicText":"اِنَّ عَلَیْنَا جَمْعَهٗ وَقُرْاٰنَهٗ ۟ۚۖ","assameseTranslation":"নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।","footnotes":"","tafseer":"নিশ্চয় আপোনাৰ অন্তৰত একত্ৰিত কৰা আৰু সঠিক হিচাপে পাঠ কৰোৱাৰ দায়িত্ব হৈছে আমাৰেই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075017.mp3"},{"index":"18","arabicText":"فَاِذَا قَرَاْنٰهُ فَاتَّبِعْ قُرْاٰنَهٗ ۟ۚ","assameseTranslation":"এতেকে আমি যেতিয়া (জিব্ৰীলৰ মাধ্যমত) ইয়াক পাঠ কৰোঁ তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰিবা,","footnotes":"","tafseer":"আমাৰ বাৰ্তাবাহক জিব্ৰীলে যেতিয়া আপোনাৰ ওচৰত তিলাৱত কৰিব, তেতিয়া আপুনি মনে মনে থাকিব আৰু মনোযোগ সহকাৰে শুনিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075018.mp3"},{"index":"19","arabicText":"ثُمَّ اِنَّ عَلَیْنَا بَیَانَهٗ ۟ؕ","assameseTranslation":"তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্বও নিশ্চিতভাৱে আমাৰেই।","footnotes":"","tafseer":"তাৰ পাছত ইয়াৰ বৰ্ণনাৰ দায়িত্বও হৈছে আমাৰেই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075019.mp3"},{"index":"20","arabicText":"كَلَّا بَلْ تُحِبُّوْنَ الْعَاجِلَةَ ۟ۙ","assameseTranslation":"কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনকহে ভাল পোৱা;","footnotes":"","tafseer":"কেতিয়াও নহয়, বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে ভাবিছা যে, পুনৰুত্থান অসম্ভৱ। কিয়নো তোমালোকে ভালকৈয়ে জানা যে, যিয়ে তোমালোকক প্ৰথম বাৰ সৃষ্টি কৰিছে, তেওঁ তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক পুনৰ্জীৱিত কৰিবলৈ কোনো পধ্যেই অক্ষম নহয়। দৰাচলতে তোমালোকে পুনৰুত্থানক অস্বীকাৰ কৰাৰ মূল কাৰণ হৈছে, তোমালোকে ধ্বংসশীল পৃথিৱীক অতিমাত্ৰা ভাল পোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075020.mp3"},{"index":"21","arabicText":"وَتَذَرُوْنَ الْاٰخِرَةَ ۟ؕ","assameseTranslation":"আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।","footnotes":"","tafseer":"আৰু তোমালোকে পৰকালক এৰি দিছা। ইয়াৰ সঠিক পথ হৈছে, সেইবোৰ ইবাদত পালন কৰা, যিবোৰ পালন কৰিবলৈ আল্লাহে আদেশ কৰিছে, আৰু সেইবোৰ নিষিদ্ধ বস্তুৰ পৰা বিৰত থকা, যিবোৰৰ পৰা তেওঁ নিষেধ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075021.mp3"},{"index":"22","arabicText":"وُجُوْهٌ یَّوْمَىِٕذٍ نَّاضِرَةٌ ۟ۙ","assameseTranslation":"সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,","footnotes":"","tafseer":"সিদিনাখন মুমিনসকলৰ তথা ভাগ্যৱান লোকসকলৰ মুখমণ্ডল উজ্জ্বল হ'ব, তাৰ পৰা জ্যোতি প্ৰবাহিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075022.mp3"},{"index":"23","arabicText":"اِلٰى رَبِّهَا نَاظِرَةٌ ۟ۚ","assameseTranslation":"সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।","footnotes":"","tafseer":"সিদিনাখন প্ৰতিপালকক চাই থাকিব আৰু তাৰ আনন্দ উপভোগ কৰি থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075023.mp3"},{"index":"24","arabicText":"وَوُجُوْهٌ یَّوْمَىِٕذٍۭ بَاسِرَةٌ ۟ۙ","assameseTranslation":"আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব,","footnotes":"","tafseer":"আৰু কাফিৰ তথা দুৰ্ভাগ্যৱান বিলাকৰ মুখমণ্ডল সিদিনাখন নিৰাশ আৰু উদাসীন হৈ পৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075024.mp3"},{"index":"25","arabicText":"تَظُنُّ اَنْ یُّفْعَلَ بِهَا فَاقِرَةٌ ۟ؕ","assameseTranslation":"সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।","footnotes":"","tafseer":"আৰু সিহঁতৰ বিশ্বাস হৈ যাব যে, সিহঁতৰ প্ৰতি ডাঙৰ আৰু কঠোৰ শাস্তি আহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075025.mp3"},{"index":"26","arabicText":"كَلَّاۤ اِذَا بَلَغَتِ التَّرَاقِیَ ۟ۙ","assameseTranslation":"নিশ্চয়, যেতিয়া প্ৰাণ কণ্ঠাগত হ’ব,","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয় যিদৰে মুশ্বৰিকবিলাকে ভাবিছে যে. যেতিয়া সিহঁতৰ মৃত্যু হ’ব তেতিয়া সিহঁতে শাস্তিৰ সন্মুখীন নহ’ব। জানি থোৱা! যেতিয়া তোমালোকৰ মাজত কাৰোবাৰ প্ৰাণ কণ্ঠগত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075026.mp3"},{"index":"27","arabicText":"وَقِیْلَ مَنْ ٚ رَاقٍ ۟ۙ","assameseTranslation":"আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’?","footnotes":"","tafseer":"আৰু মানুহে পৰস্পৰে ক’বঃ কোনে ইয়াৰ নিৰাময়ৰ বাবে জৰা-ফুঁকা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075027.mp3"},{"index":"28","arabicText":"وَّظَنَّ اَنَّهُ الْفِرَاقُ ۟ۙ","assameseTranslation":"তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।","footnotes":"","tafseer":"আৰু মুমূৰ্ষু ব্যক্তিৰ বিশ্বাস হৈ যাব যে, এইটো হৈছে পৃথিৱীৰ পৰা চিৰ বিদায়ৰ সময়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075028.mp3"},{"index":"29","arabicText":"وَالْتَفَّتِ السَّاقُ بِالسَّاقِ ۟ۙ","assameseTranslation":"আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।","footnotes":"","tafseer":"আৰু পৃথিৱীৰ অন্ত আৰু পৰকালৰ সূচনাৰ এই মূহুৰ্তত বহুতো কঠিনতা একত্ৰিত হৈ যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075029.mp3"},{"index":"30","arabicText":"اِلٰى رَبِّكَ یَوْمَىِٕذِ لْمَسَاقُ ۟ؕ۠","assameseTranslation":"সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।","footnotes":"","tafseer":"এইবোৰ হোৱাৰ পাছত, মৃত ব্যক্তিক আল্লাহৰ ফালে লৈ যোৱা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075030.mp3"},{"index":"31","arabicText":"فَلَا صَدَّقَ وَلَا صَلّٰى ۟ۙ","assameseTranslation":"কাৰণ সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।","footnotes":"","tafseer":"এতেকে কাফিৰ বিলাকে কেৱল ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰাই নহয় বৰং পৱিত্ৰ আল্লাহৰ ছালাতো আদায় কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075031.mp3"},{"index":"32","arabicText":"وَلٰكِنْ كَذَّبَ وَتَوَلّٰى ۟ۙ","assameseTranslation":"বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।","footnotes":"","tafseer":"বৰং সি ৰাছুলে লৈ অহা সংবাদসমূহক অস্বীকাৰ কৰিছিল আৰু তাৰ পৰা মুখ ঘূৰাই লৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075032.mp3"},{"index":"33","arabicText":"ثُمَّ ذَهَبَ اِلٰۤی اَهْلِهٖ یَتَمَطّٰى ۟ؕ","assameseTranslation":"তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল,","footnotes":"","tafseer":"তাৰ পাছত এই কাফিৰ ব্যক্তিজন অহংকাৰ কৰি উদ্ধত হৈ নিজৰ পৰিয়ালৰ ওচৰলৈ গৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075033.mp3"},{"index":"34","arabicText":"اَوْلٰى لَكَ فَاَوْلٰى ۟ۙ","assameseTranslation":"দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!","footnotes":"","tafseer":"গতিকে আল্লাহে কাফিৰক ধমক প্ৰদান কৰি কৈছে যে, আল্লাহৰ শাস্তিয়ে তাক চোঁচা লৈছে আৰু নিকটৱৰ্তী হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075034.mp3"},{"index":"35","arabicText":"ثُمَّ اَوْلٰى لَكَ فَاَوْلٰى ۟ؕ","assameseTranslation":"আকৌ দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!","footnotes":"","tafseer":"তাৰ পাছত আল্লাহে সেই কথাষাৰক গুৰুত্ব দিবলৈ পুনৰ উল্লেখ কৰিছে। সেয়ে তেওঁ কৈছেঃ (আকৌ দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ।)","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075035.mp3"},{"index":"36","arabicText":"اَیَحْسَبُ الْاِنْسَانُ اَنْ یُّتْرَكَ سُدًی ۟ؕ","assameseTranslation":"মানুহে ভাবে নেকি যে, তাক এনেই এৰি দিয়া হ’ব?","footnotes":"","tafseer":"মানুহে ভাবিছে নেকি যে, আল্লাহে তাক চৰীয়তৰ অনুসাৰী নবনোৱাকৈ সোধাই এৰি দিব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075036.mp3"},{"index":"37","arabicText":"اَلَمْ یَكُ نُطْفَةً مِّنْ مَّنِیٍّ یُّمْنٰى ۟ۙ","assameseTranslation":"সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়?","footnotes":"","tafseer":"মানুহ এটা সময়ত মাকৰ গৰ্ভাশয়ত স্খলিত হোৱা বীৰ্যৰ শুক্ৰানুৰ টোপাল নাছিলনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075037.mp3"},{"index":"38","arabicText":"ثُمَّ كَانَ عَلَقَةً فَخَلَقَ فَسَوّٰى ۟ۙ","assameseTranslation":"তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।","footnotes":"","tafseer":"তাৰ পাছত সেইটো ৰক্তপিণ্ডত পৰিণত হৈছিল। তাৰ পাছত আল্লাহে তাক সৃষ্টি কৰিছে আৰু সুঠাম কৰিছে তথা সম্পূৰ্ণ মানুহ বনাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075038.mp3"},{"index":"39","arabicText":"فَجَعَلَ مِنْهُ الزَّوْجَیْنِ الذَّكَرَ وَالْاُ ۟ؕ","assameseTranslation":"তাৰ পিছত তেওঁ তাৰ পৰাই সৃষ্টি কৰে যোৰ যোৰকৈ নৰ-নাৰী।","footnotes":"","tafseer":"তেৱেঁই যোৰ যোৰকৈ নৰ-নাৰী বনাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075039.mp3"},{"index":"40","arabicText":"اَلَیْسَ ذٰلِكَ بِقٰدِرٍ عَلٰۤی اَنْ یُّحْیِ الْمَوْتٰى ۟۠","assameseTranslation":"সেইজন স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু?","footnotes":"","tafseer":"যিয়ে মানুহক এটোপাল বীৰ্যৰ পৰা, তাৰ পাছত ৰক্তপিণ্ডৰ পৰা সৃষ্টি কৰিছে, তেওঁ মৃত লোকসকলক হিচাপ-নিকাচ আৰু পৰিণাম বা প্ৰতিদানৰ বাবে জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু? কিয় নহয়, নিশ্চয় তেওঁ এইটো কৰিবলৈ পূৰ্ণসক্ষম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/075040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/075040.mp3"}]