[{"index":"1","arabicText":"وَالْمُرْسَلٰتِ عُرْفًا ۟ۙ","assameseTranslation":"শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ,","footnotes":"","tafseer":"ঘোঁৰাৰ ঘাঁৰত থকা চুলি উৰা দি প্ৰচণ্ড বেগত চলা বতাহৰ আল্লাহে শপত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077001.mp3"},{"index":"2","arabicText":"فَالْعٰصِفٰتِ عَصْفًا ۟ۙ","assameseTranslation":"তাৰ পিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ,","footnotes":"","tafseer":"আৰু প্ৰচণ্ড বেগত চলা ধুমুহাৰো শপত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077002.mp3"},{"index":"3","arabicText":"وَّالنّٰشِرٰتِ نَشْرًا ۟ۙ","assameseTranslation":"শপত প্ৰচণ্ডভাৱে (মেঘপূঞ্জ) সঞ্চালনকাৰীৰ,","footnotes":"","tafseer":"আৰু সেই বতাহৰ শপত কৰিছে, যিয়ে মেঘক সঞ্চালন কৰে বা প্ৰসাৰিত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077003.mp3"},{"index":"4","arabicText":"فَالْفٰرِقٰتِ فَرْقًا ۟ۙ","assameseTranslation":"তাৰ পিছত সুস্পষ্টৰূপে পাৰ্থক্যকাৰীৰ,","footnotes":"","tafseer":"আৰু সেই ফিৰিস্তাসকলৰ শপত কৰিছে, যিসকলে সত্য আৰু অসত্যৰ মাজত সুস্পষ্টৰূপে পাৰ্থক্যকাৰী বস্তুৰ সৈতে অৱতৰণ হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077004.mp3"},{"index":"5","arabicText":"فَالْمُلْقِیٰتِ ذِكْرًا ۟ۙ","assameseTranslation":"তাৰ পিছত সিহঁতৰ, যিসকলে মানুহৰ অন্তৰত উপদেশ পৌঁচাই দিয়ে---","footnotes":"","tafseer":"আৰু সেই ফিৰিস্তাসকলৰ শপত কৰিছে, যিসকলে অহীৰ সৈতে অৱতৰণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077005.mp3"},{"index":"6","arabicText":"عُذْرًا اَوْ نُذْرًا ۟ۙ","assameseTranslation":"ওজৰ-আপত্তি দূৰ কৰিবলৈ অথবা সতৰ্ক কৰিবলৈ,","footnotes":"","tafseer":"যিয়ে অহী লৈ অৱতৰণ কৰে। আল্লাহৰ তৰফৰ পৰা মানুহৰ ওজৰ-আপত্তি সমাপ্ত কৰাৰ কাৰণে আৰু মানুহক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077006.mp3"},{"index":"7","arabicText":"اِنَّمَا تُوْعَدُوْنَ لَوَاقِعٌ ۟ؕ","assameseTranslation":"নিশ্চয় তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেইটো অৱশ্যে সংঘটিত হ’ব।","footnotes":"","tafseer":"নিশ্চয় তোমালোকক যিটোৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, যেনে- পুনৰুত্থান, হিচাপ-নিকাচ আৰু প্ৰতিদান বা প্ৰতিফল সেয়া বাস্তৱায়িত হ'বই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077007.mp3"},{"index":"8","arabicText":"فَاِذَا النُّجُوْمُ طُمِسَتْ ۟ۙ","assameseTranslation":"যেতিয়া নক্ষত্ৰৰাজি আলোহীন হ’ব,","footnotes":"","tafseer":"এতেকে যেতিয়া নক্ষত্ৰসমূহৰ পোহৰ সমাপ্ত হ’ব আৰু জ্যোতিহীন হৈ পৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077008.mp3"},{"index":"9","arabicText":"وَاِذَا السَّمَآءُ فُرِجَتْ ۟ۙ","assameseTranslation":"আৰু যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,","footnotes":"","tafseer":"যেতিয়া আকাশখন ফাঁটি যাব, আৰু তাৰ পৰা ফিৰিস্তাসকল নামি আহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077009.mp3"},{"index":"10","arabicText":"وَاِذَا الْجِبَالُ نُسِفَتْ ۟ۙ","assameseTranslation":"আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব,","footnotes":"","tafseer":"আৰু যেতিয়া পৰ্বতসমূহক স্থানচ্যূত কৰা হ’ব আৰু চুৰ্ণ-বিচুৰ্ণ হৈ ধূলি-কণাত পৰিণিত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077010.mp3"},{"index":"11","arabicText":"وَاِذَا الرُّسُلُ اُقِّتَتْ ۟ؕ","assameseTranslation":"আৰু যেতিয়া ৰাছুলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ’ব,","footnotes":"","tafseer":"আৰু ৰাছুলসকলক এটা নিৰ্ধাৰিত সময়ৰ বাবে একত্ৰিত কৰা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077011.mp3"},{"index":"12","arabicText":"لِاَیِّ یَوْمٍ اُجِّلَتْ ۟ؕ","assameseTranslation":"কোনটো দিৱসৰ বাবে এইবোৰ স্থগিত ৰখা হৈছে?","footnotes":"","tafseer":"এটা ভীষণ দিৱসৰ বাবে এইবোৰক স্থগিত ৰখা হৈছে। যাতে তেওঁলোকে নিজ সম্প্ৰদায়ৰ বিৰুদ্ধে সাক্ষী দিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077012.mp3"},{"index":"13","arabicText":"لِیَوْمِ الْفَصْلِ ۟ۚ","assameseTranslation":"বিচাৰ দিৱসৰ বাবে।","footnotes":"","tafseer":"সেই দিৱসটোতে বান্দাসকলৰ মাজত ফয়চালা কৰা হ’ব। সেইদিনা স্পষ্ট হৈ যাব যে, কোন সত্যবাদী আৰু কোন অসত্যবাদী তথা কোন সৌভাগ্যশালী আৰু কোন দূৰ্ভাগ্যশালী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077013.mp3"},{"index":"14","arabicText":"وَمَاۤ اَدْرٰىكَ مَا یَوْمُ الْفَصْلِ ۟ؕ","assameseTranslation":"আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি?","footnotes":"","tafseer":"হে ৰাছুল ! আপোনাক কিহে জনাব যে বিচাৰ দিৱস কি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077014.mp3"},{"index":"15","arabicText":"وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟","assameseTranslation":"সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,","footnotes":"","tafseer":"সিদিনা অস্বীকাৰকাৰী বিলাকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি। যিসকলে আল্লাহৰ ফালৰ পৰা ৰাছুলসকলে লৈ অহা সংবাদসমূহক অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077015.mp3"},{"index":"16","arabicText":"اَلَمْ نُهْلِكِ الْاَوَّلِیْنَ ۟ؕ","assameseTranslation":"আমি পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা নাইনে?","footnotes":"","tafseer":"আমি বিগত জাতিবোৰক ধ্বংস কৰা নাইনে, যেতিয়া সিহঁতে আল্লাহৰ সৈতে কুফুৰী কৰিছিল আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077016.mp3"},{"index":"17","arabicText":"ثُمَّ نُتْبِعُهُمُ الْاٰخِرِیْنَ ۟","assameseTranslation":"তাৰ পিছত পৰবৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম।","footnotes":"","tafseer":"তাৰ পাছত পৰৱৰ্তীসকলকো সিহঁতৰ দৰেই কৰায়ত্ত কৰিম আৰু সিহঁতৰ দৰেই ইহঁতকো ধ্বংস কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077017.mp3"},{"index":"18","arabicText":"كَذٰلِكَ نَفْعَلُ بِالْمُجْرِمِیْنَ ۟","assameseTranslation":"অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰোঁ।","footnotes":"","tafseer":"সেই সম্প্ৰদায়ৰ দৰে আমি এই অপৰাধী তথা অস্বীকাৰকাৰী বিলাককো ধ্বংস কৰিম, যিসকলে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077018.mp3"},{"index":"19","arabicText":"وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟","assameseTranslation":"সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,","footnotes":"","tafseer":"সেইদিনা সেইসকলৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি, যিসকলে অন্যায়কাৰীসকলক দিবলগীয়া শাস্তিক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077019.mp3"},{"index":"20","arabicText":"اَلَمْ نَخْلُقْكُّمْ مِّنْ مَّآءٍ مَّهِیْنٍ ۟ۙ","assameseTranslation":"আমি তোমালোকক তুচ্ছ পানীৰ পৰা সৃষ্টি কৰা নাইনে?","footnotes":"","tafseer":"হে মানৱজাতি, আমি তোমালোকক কিঞ্চিত পৰিমাণ তুচ্ছ পানীৰে সৃষ্টি কৰা নাইনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077020.mp3"},{"index":"21","arabicText":"فَجَعَلْنٰهُ فِیْ قَرَارٍ مَّكِیْنٍ ۟ۙ","assameseTranslation":"তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছোঁ,","footnotes":"","tafseer":"তাৰ পাছত আমি সেই পানীক এটা সুৰক্ষিত স্থানত অৰ্থাৎ মাকৰ গৰ্ভাশয়ত ৰাখিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077021.mp3"},{"index":"22","arabicText":"اِلٰی قَدَرٍ مَّعْلُوْمٍ ۟ۙ","assameseTranslation":"এটা নিৰ্দিষ্ট সময়লৈকে,","footnotes":"","tafseer":"এটা জ্ঞাত আৰু নিৰ্দিষ্ট সময়লৈকে। অৰ্থাৎ মাকৰ গৰ্ভাশয়ত থকা সময়ছোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077022.mp3"},{"index":"23","arabicText":"فَقَدَرْنَا ۖۗ فَنِعْمَ الْقٰدِرُوْنَ ۟","assameseTranslation":"তাৰ পিছত আমি পৰিমাপ কৰিছোঁ, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী!","footnotes":"","tafseer":"তাৰ পাছত আমি শিশুৰ ৰং-ৰূপ আৰু বৈশিষ্ট্য আদি নিৰ্ধাৰণ কৰিছোঁ। গতিকে আমি এই সকলো বস্তুৰ কিমান ভাল নিৰ্ধাৰণকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077023.mp3"},{"index":"24","arabicText":"وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟","assameseTranslation":"সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,","footnotes":"","tafseer":"সেইদিনা সেইসকল লোকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি, যিসকলে আল্লাহৰ ক্ষমতাক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077024.mp3"},{"index":"25","arabicText":"اَلَمْ نَجْعَلِ الْاَرْضَ كِفَاتًا ۟ۙ","assameseTranslation":"আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে?","footnotes":"","tafseer":"সকলোকে একত্ৰিত কৰিব পৰাকৈ আমি পৃথিৱীখনক সৃষ্টি কৰা নাইনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077025.mp3"},{"index":"26","arabicText":"اَحْیَآءً وَّاَمْوَاتًا ۟ۙ","assameseTranslation":"জীৱিত আৰু মৃতসকলৰ বাবে?","footnotes":"","tafseer":"জীৱিত লোকসকলৰ বসবাসযোগ্য আৰু মৃতসকলক দাফনৰ বাবে সুবিধা দিব পৰাকৈ (পৃথিৱীখনক সৃষ্টি কৰা নাইনে)।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077026.mp3"},{"index":"27","arabicText":"وَّجَعَلْنَا فِیْهَا رَوَاسِیَ شٰمِخٰتٍ وَّاَسْقَیْنٰكُمْ مَّآءً فُرَاتًا ۟ؕ","assameseTranslation":"আৰু আমি তাত স্থাপন কৰিছোঁ সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰোৱাইছোঁ তৃষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী।","footnotes":"","tafseer":"আৰু তাৰ ওপৰত স্থাপন কৰিছোঁ মজবুত আৰু ওখ ওখ পৰ্বতমালা, যিবোৰে ইয়াক লৰচৰ কৰাৰ পৰা ৰক্ষা কৰে, আৰু হে মানৱ! তোমালোকৰ সুবিধাৰ্থে মিঠা পানীৰ ব্যৱস্থা কৰিছোঁ। গতিকে যিয়ে এইবোৰক সৃষ্টি কৰিছে তেওঁ কেতিয়াও তোমালোকক পুনৰ্জীৱিত কৰিবলৈ অক্ষম নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077027.mp3"},{"index":"28","arabicText":"وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟","assameseTranslation":"সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,","footnotes":"","tafseer":"সেইদিনা সেইসকল লোকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি, যিসকলে আল্লাহৰ অনুগ্ৰহবোৰক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077028.mp3"},{"index":"29","arabicText":"اِنْطَلِقُوْۤا اِلٰی مَا كُنْتُمْ بِهٖ تُكَذِّبُوْنَ ۟ۚ","assameseTranslation":"(সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে।","footnotes":"","tafseer":"আৰু ৰাছুলসকলে লৈ অহা সংবাদসমূহক অস্বীকাৰ কৰা ব্যক্তিসকলক সেইদিনা কোৱা হ’বঃ হে অস্বীকাৰকাৰী সকল! তোমালোকে সেই শাস্তিৰ ফালে গতি কৰা, যিটোক অস্বীকাৰ কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077029.mp3"},{"index":"30","arabicText":"اِنْطَلِقُوْۤا اِلٰی ظِلٍّ ذِیْ ثَلٰثِ شُعَبٍ ۟ۙ","assameseTranslation":"যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে,","footnotes":"","tafseer":"যোৱা সেই জাহান্নামৰ জুইৰ ধোঁৱাৰ ছাঁৰ ফালে, যিটো তিনিটা শাখাত বিভক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077030.mp3"},{"index":"31","arabicText":"لَّا ظَلِیْلٍ وَّلَا یُغْنِیْ مِنَ اللَّهَبِ ۟ؕ","assameseTranslation":"যিটো ছাঁ শীতলো নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব,","footnotes":"","tafseer":"সেই ছাঁৰ তলত শীতলতাও নাই, আৰু তাত এনেকুৱাও কোনো বস্তু নাই যিয়ে তোমালোক অগ্নি শিখা আৰু উত্তাপৰ পৰা ৰক্ষা কৰিব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077031.mp3"},{"index":"32","arabicText":"اِنَّهَا تَرْمِیْ بِشَرَرٍ كَالْقَصْرِ ۟ۚ","assameseTranslation":"নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি,","footnotes":"","tafseer":"সেই জুয়ে ফিৰিঙতি উৎক্ষেপন কৰিব। প্ৰত্যেক ফিৰিঙতি বৃহত অট্টালিকাৰ দৰে বিশাল আকৃতিৰ হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077032.mp3"},{"index":"33","arabicText":"كَاَنَّهٗ جِمٰلَتٌ صُفْرٌ ۟ؕ","assameseTranslation":"যেনিবা হালধীয়া উটৰ শ্ৰেণী,","footnotes":"","tafseer":"সেই উৎক্ষেপন কৰা ফিৰিঙতিবোৰ ক’লা বৰণৰ উটৰ দৰে কলা হ'ব আৰু বিশাল হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077033.mp3"},{"index":"34","arabicText":"وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟","assameseTranslation":"সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,","footnotes":"","tafseer":"সেইদিনা সেইসকল লোকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি, যিসকলে আল্লাহৰ শাস্তিক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077034.mp3"},{"index":"35","arabicText":"هٰذَا یَوْمُ لَا یَنْطِقُوْنَ ۟ۙ","assameseTranslation":"এইটো এনেকুৱা এটা দিৱস যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব,","footnotes":"","tafseer":"এইটো হৈছে এনেকুৱা দিৱস, যিদিনা সিহঁতে একোৱেই ক'ব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077035.mp3"},{"index":"36","arabicText":"وَلَا یُؤْذَنُ لَهُمْ فَیَعْتَذِرُوْنَ ۟","assameseTranslation":"আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব।","footnotes":"","tafseer":"আৰু সিহঁতক নিজ প্ৰতিপালকৰ আগত কুফুৰী আৰু পাপকৰ্মসমূহৰ বিষয়ে কোনো ধৰণৰ অজুহাত দাঙি ধৰাৰো অনুমতি দিয়া নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077036.mp3"},{"index":"37","arabicText":"وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟","assameseTranslation":"সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,","footnotes":"","tafseer":"সেইদিনা সেইসকল লোকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি, যিসকলে এই দিৱসৰ সংবাদসমূহক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077037.mp3"},{"index":"38","arabicText":"هٰذَا یَوْمُ الْفَصْلِ ۚ جَمَعْنٰكُمْ وَالْاَوَّلِیْنَ ۟","assameseTranslation":"‘এইটো হৈছে ফয়চালাৰ দিন, আমি একত্ৰিত কৰিছোঁ তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’।","footnotes":"","tafseer":"এই দিৱসটো হৈছে সৃষ্টিৰ মাজত বিচাৰ-ফয়চালাৰ দিৱস, আমি তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক একেই স্থানত একত্ৰিত কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077038.mp3"},{"index":"39","arabicText":"فَاِنْ كَانَ لَكُمْ كَیْدٌ فَكِیْدُوْنِ ۟","assameseTranslation":"এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে।","footnotes":"","tafseer":"যদি তোমালোকৰ ওচৰত আল্লাহৰ শাস্তিৰ পৰা মুক্তি পোৱাৰ কোনো উপায় আছে তেন্তে মোৰ বিৰুদ্ধে পৰীক্ষা কৰি চোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077039.mp3"},{"index":"40","arabicText":"وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟۠","assameseTranslation":"সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,","footnotes":"","tafseer":"সেইদিনা সেইসকল লোকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি, যিসকলে বিচাৰ-ফয়চালাৰ দিৱসক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077040.mp3"},{"index":"41","arabicText":"اِنَّ الْمُتَّقِیْنَ فِیْ ظِلٰلٍ وَّعُیُوْنٍ ۟ۙ","assameseTranslation":"নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত,","footnotes":"","tafseer":"নিশ্চয় যিসকলে নিজ প্ৰতিপালকৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুসমূহৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে, তেওঁলোকে অৱস্থান কৰিব জান্নাতৰ ছাঁ প্ৰদানকাৰী গছৰ তলত আৰু প্ৰবাহিত মিঠা পানীৰ নিজৰাৰ কাষত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077041.mp3"},{"index":"42","arabicText":"وَّفَوَاكِهَ مِمَّا یَشْتَهُوْنَ ۟ؕ","assameseTranslation":"লগতে তেওঁলোকৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত।","footnotes":"","tafseer":"লগতে তেওঁলোকে এনেকুৱা ফলমূলৰ মাজত থাকিব, যিবোৰ খাবলৈ তেওঁলোকে ইচ্ছা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077042.mp3"},{"index":"43","arabicText":"كُلُوْا وَاشْرَبُوْا هَنِیْٓـًٔا بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟","assameseTranslation":"(তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা;","footnotes":"","tafseer":"আৰু তেওঁলোকক কোৱা হ’বঃ উত্তম আৰু পৱিত্ৰ বস্তুবোৰ খাই থাকা, লগতে বিশুদ্ধ পানীয় পান কৰি থাকা, যিটো প্ৰত্যেক অপছন্দনীয়ৰ পৰা পৱিত্ৰ। এয়া দৰাচলতে সেই সত্কৰ্মসমূহৰ প্ৰতিফল যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077043.mp3"},{"index":"44","arabicText":"اِنَّا كَذٰلِكَ نَجْزِی الْمُحْسِنِیْنَ ۟","assameseTranslation":"সৎকৰ্মশীলসকলক আমি এনেকৈয়ে প্ৰতিদান দি থাকোঁ।","footnotes":"","tafseer":"আমি তোমালোকক যি প্ৰতিদান দিছোঁ, এনেকুৱা প্ৰতিফল আমি সেইসকল লোকক দিওঁ, যিসকলে উত্তমৰূপে নিজৰ আমল কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077044.mp3"},{"index":"45","arabicText":"وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟","assameseTranslation":"সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,","footnotes":"","tafseer":"সেইদিনা সেইসকল লোকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি, যিসকলে মুত্তাক্বীসকলৰ লগত কৰা আল্লাহৰ প্ৰতিশ্ৰুতিক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077045.mp3"},{"index":"46","arabicText":"كُلُوْا وَتَمَتَّعُوْا قَلِیْلًا اِنَّكُمْ مُّجْرِمُوْنَ ۟","assameseTranslation":"(হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী।","footnotes":"","tafseer":"আৰু সেই অস্বীকাৰকাৰী সকলক কোৱা হ’বঃ খোৱা আৰু পৃথিৱীৰ কিছু সুখ শান্তি খন্তেক সময়ৰ বাবে উপভোগ কৰা। নিশ্চয় তোমালোক হৈছা অপৰাধী, কাৰণ তোমালোকে আল্লাহৰ লগত কুফুৰী কৰিছা আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077046.mp3"},{"index":"47","arabicText":"وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟","assameseTranslation":"সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,","footnotes":"","tafseer":"সেইদিনা সেইসকল লোকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি, যিসকলে প্ৰতিদান দিৱসৰ প্ৰতিদানক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077047.mp3"},{"index":"48","arabicText":"وَاِذَا قِیْلَ لَهُمُ ارْكَعُوْا لَا یَرْكَعُوْنَ ۟","assameseTranslation":"যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা (ছালাত আদায় কৰা), (তেতিয়া) সিহঁতে ৰুকু’ নকৰে (ছালাত আদায় নকৰে)’।","footnotes":"","tafseer":"আৰু যেতিয়া এই অস্বীকাৰকাৰী সকলক কোৱা হয় যে, আল্লাহৰ বাবে ছালাত আদায় কৰা, তেতিয়া সিহঁতে আল্লাহৰ বাবে ছালাত আদায় নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077048.mp3"},{"index":"49","arabicText":"وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟","assameseTranslation":"সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,","footnotes":"","tafseer":"সিদিনা অস্বীকাৰকাৰী বিলাকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি। যিবিলাকে আল্লাহৰ তৰফৰ পৰা ৰাছুলসকলে লৈ অহা সংবাদসমূহক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077049.mp3"},{"index":"50","arabicText":"فَبِاَیِّ حَدِیْثٍ بَعْدَهٗ یُؤْمِنُوْنَ ۟۠","assameseTranslation":"এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোনটো বাণীৰ প্ৰতি ঈমান আনিব?","footnotes":"","tafseer":"যিহেতু সিহঁতে নিজ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ হোৱা কোৰআনৰ প্ৰতি ঈমান পোষণ কৰা নাই তেন্তে সিহঁতে ইয়াৰ বাহিৰে আৰুনো কিহৰ প্ৰতি ঈমান পোষণ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/077050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/077050.mp3"}]