[{"index":"1","arabicText":"عَمَّ یَتَسَآءَلُوْنَ ۟ۚ","assameseTranslation":"সিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে?","footnotes":"","tafseer":"আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰাৰ পিছতো মুশ্বৰিকসকলে পৰস্পৰে কোনটো বস্তুৰ বিষয়ে সোধ-পোচ কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078001.mp3"},{"index":"2","arabicText":"عَنِ النَّبَاِ الْعَظِیْمِ ۟ۙ","assameseTranslation":"মহা সংবাদটোৰ বিষয়ে (নেকি?),","footnotes":"","tafseer":"সিহঁতে মহা সংবাদৰ বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে আৰু সেয়া হৈছে এই কোৰআন, যিখন সিহঁতৰ ৰছুলৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে। যাৰ ভিতৰত পুনৰ্জীৱিত কৰি উঠোৱাৰ সংবাদ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078002.mp3"},{"index":"3","arabicText":"الَّذِیْ هُمْ فِیْهِ مُخْتَلِفُوْنَ ۟ؕ","assameseTranslation":"যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে।","footnotes":"","tafseer":"এইখনেই হৈছে সেই কোৰআন, যাৰ বিষয়ে সিহঁতে নিজেই দ্বিধা-দ্বন্দত পৰি আছে যে, সিহঁতৰ মাজৰ কিছুমানে ইয়াক যাদু বুলি কয়, কোনোবাই কবিতা আৰু কোনোবাই বিগত লোকসকলৰ মনে সজা কাহিনী বুলি কয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078003.mp3"},{"index":"4","arabicText":"كَلَّا سَیَعْلَمُوْنَ ۟ۙ","assameseTranslation":"কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।","footnotes":"","tafseer":"দৰাচলতে বিষয়টো তেনেকুৱা নহয়, যিদৰে সিহঁতে ধাৰণা কৰি আছে। কোৰআনক অস্বীকাৰ কৰা এই লোকসকলে শীঘ্ৰেই অস্বীকাৰ কৰাৰ বেয়া পৰিণাম সম্পৰ্কে অৱগত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078004.mp3"},{"index":"5","arabicText":"ثُمَّ كَلَّا سَیَعْلَمُوْنَ ۟","assameseTranslation":"তাৰ পিছত, কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।","footnotes":"","tafseer":"পুনৰ কোৱা হৈছে যে, সিহঁত শীঘ্ৰেই এই বিষয়ে সুনিশ্চিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078005.mp3"},{"index":"6","arabicText":"اَلَمْ نَجْعَلِ الْاَرْضَ مِهٰدًا ۟ۙ","assameseTranslation":"আমি পৃথিৱীখনক শয্যা বনোৱা নাইনে?","footnotes":"","tafseer":"আমি পৃথিৱীখনক সিহঁতৰ বাবে বিছনাৰূপে বসবাস উপযোগী বনোৱা নাইনে? যাতে সিহঁতে ইয়াৰ ওপৰত থাকিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078006.mp3"},{"index":"7","arabicText":"وَّالْجِبَالَ اَوْتَادًا ۟","assameseTranslation":"আৰু পৰ্বতসমূহক পেৰেক?","footnotes":"","tafseer":"আৰু পৃথিৱীৰ ওপৰত পাহাৰবোৰক গজল স্বৰূপ বনাইছোঁ, যিবোৰে পৃথিৱীখনক লৰচৰ কৰাৰ পৰা বিৰত ৰাখে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078007.mp3"},{"index":"8","arabicText":"وَّخَلَقْنٰكُمْ اَزْوَاجًا ۟ۙ","assameseTranslation":"আৰু আমি তোমালোকক সৃষ্টি কৰিছো যোৰা-যোৰা।","footnotes":"","tafseer":"আৰু হে মানৱজাতি! আমি তোমালোকক পুৰুষ আৰু নাৰী উভয়ৰূপে সৃষ্টি কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078008.mp3"},{"index":"9","arabicText":"وَّجَعَلْنَا نَوْمَكُمْ سُبَاتًا ۟ۙ","assameseTranslation":"আৰু তোমালোকৰ টোপনিক কৰি দিছোঁ বিশ্ৰাম।","footnotes":"","tafseer":"আৰু আমি তোমালোকৰ টোপনিক তোমালোকৰ ক্লান্তিৰ পৰা পৃথক হোৱাৰ মাধ্যম বনাইছোঁ, যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078009.mp3"},{"index":"10","arabicText":"وَّجَعَلْنَا الَّیْلَ لِبَاسًا ۟ۙ","assameseTranslation":"আৰু ৰাতিক কৰি দিছোঁ আৱৰণ।","footnotes":"","tafseer":"আৰু আমি ৰাতিক তোমালোকৰ বাবে আৱৰণ বনাইছোঁ, যাৰ অন্ধকাৰে তোমালোকক এনেদৰে আৱৰি ৰাখে, যিদৰে তোমালোকে তোমালোকৰ লজ্জাস্থানক কাপোৰেৰে আৱৰি ৰাখা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078010.mp3"},{"index":"11","arabicText":"وَّجَعَلْنَا النَّهَارَ مَعَاشًا ۪۟","assameseTranslation":"আৰু দিনক কৰি দিছোঁ জীৱিকা উপাৰ্জনৰ উপযোগী।","footnotes":"","tafseer":"আৰু দিনক উপাৰ্জন আৰু জীৱিকা সন্ধানৰ ক্ষেত্ৰ বনাইছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078011.mp3"},{"index":"12","arabicText":"وَّبَنَیْنَا فَوْقَكُمْ سَبْعًا شِدَادًا ۟ۙ","assameseTranslation":"আৰু আমি তোমালোকৰ ওপৰত নিৰ্মান কৰিছোঁ সুদৃঢ় সাতখন আকাশ।","footnotes":"","tafseer":"আৰু তোমালোকৰ ওপৰত সাতখন মজবুত আকাশ সৃষ্টি কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078012.mp3"},{"index":"13","arabicText":"وَّجَعَلْنَا سِرَاجًا وَّهَّاجًا ۟","assameseTranslation":"আৰু আমি সৃষ্টি কৰিছোঁ এটি উজ্জল প্ৰদীপ।","footnotes":"","tafseer":"আৰু সূৰ্য্যক তীব্ৰ প্ৰজ্বলন দীপ্তিমান আলোকধাৰী প্ৰদীপ বনাইছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078013.mp3"},{"index":"14","arabicText":"وَّاَنْزَلْنَا مِنَ الْمُعْصِرٰتِ مَآءً ثَجَّاجًا ۟ۙ","assameseTranslation":"আৰু আমি বৰ্ষণ কৰিছোঁ মেঘমালাৰ পৰা প্ৰচুৰ পানী।","footnotes":"","tafseer":"আৰু আমিয়েই মেঘৰ পৰা ধাৰাসাৰ বৰষুণ বৰ্ষণ কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078014.mp3"},{"index":"15","arabicText":"لِّنُخْرِجَ بِهٖ حَبًّا وَّنَبَاتًا ۟ۙ","assameseTranslation":"যাতে তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰোঁ শস্য আৰু উদ্ভিদ।","footnotes":"","tafseer":"যাতে তাৰ পৰা বিভিন্ন প্ৰকাৰৰ অন্ন আৰু নানা প্ৰকাৰৰ বনস্পতি উদ্ভিদ উৎপন্ন কৰিব পাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078015.mp3"},{"index":"16","arabicText":"وَّجَنّٰتٍ اَلْفَافًا ۟ؕ","assameseTranslation":"লগতে ঘন সন্নিবিষ্ট উদ্যান।","footnotes":"","tafseer":"আৰু একে প্ৰকাৰৰ গছেৰে ঘন বাগান বনাইছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078016.mp3"},{"index":"17","arabicText":"اِنَّ یَوْمَ الْفَصْلِ كَانَ مِیْقَاتًا ۟ۙ","assameseTranslation":"নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন।","footnotes":"","tafseer":"নিশ্চয় সৃষ্টিসকলৰ মাজত বিচাৰ মীমাংসা কৰিবলৈ এটা সময় নিৰ্ধাৰিত আছে, যিটো কেতিয়াও ইফাল-সিফাল নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078017.mp3"},{"index":"18","arabicText":"یَّوْمَ یُنْفَخُ فِی الصُّوْرِ فَتَاْتُوْنَ اَفْوَاجًا ۟ۙ","assameseTranslation":"সেইদিনা শিঙাত ফুঁ দিয়া হ’ব তেতিয়া তোমালোকে দলে দলে আহিবা।","footnotes":"","tafseer":"যিদিনাখন ফিৰিস্তাই দ্বিতীয়বাৰ শিঙাত ফুঁ দিব, তেতিয়া হে মানৱজাতি! তোমালোকে দলে দলে আহিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078018.mp3"},{"index":"19","arabicText":"وَّفُتِحَتِ السَّمَآءُ فَكَانَتْ اَبْوَابًا ۟ۙ","assameseTranslation":"আৰু আকাশখন খুলি দিয়া হ’ব, ফলত ই হ’ব বহু দুৱাৰবিশিষ্ট।","footnotes":"","tafseer":"আৰু আকাশখন খুলি দিয়া হ'ব, তেতিয়া ই উন্মুক্ত দুৱাৰৰ দৰে খোল খাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078019.mp3"},{"index":"20","arabicText":"وَّسُیِّرَتِ الْجِبَالُ فَكَانَتْ سَرَابًا ۟ؕ","assameseTranslation":"আৰু পৰ্বতসমূহক চালিত কৰা হ’ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে।","footnotes":"","tafseer":"আৰু পাহাৰবোৰক গতি দিয়া হ’ব, তেতিয়া সেইবোৰ উৰন্ত ধূলি-কণা হৈ মৰীচিকাৰ দৰে দেখা যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078020.mp3"},{"index":"21","arabicText":"اِنَّ جَهَنَّمَ كَانَتْ مِرْصَادًا ۟","assameseTranslation":"নিশ্চয় জাহান্নাম খাপ পাতি ৰৈ আছে।","footnotes":"","tafseer":"নিশ্চয় জাহান্নাম খাপ পাতি অপেক্ষা কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078021.mp3"},{"index":"22","arabicText":"لِّلطَّاغِیْنَ مَاٰبًا ۟ۙ","assameseTranslation":"সীমালংঘনকাৰীসকলৰ বাবে প্ৰত্যাৱৰ্তনস্থল হিচাপে।","footnotes":"","tafseer":"সেইখন হৈছে যালিমসকলৰ উভতি যোৱাৰ ঠাই, য’ত সিহঁতে উভতি যাব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078022.mp3"},{"index":"23","arabicText":"لّٰبِثِیْنَ فِیْهَاۤ اَحْقَابًا ۟ۚ","assameseTranslation":"তাত সিহঁতে যুগ যুগ ধৰি অৱস্থান কৰিব।","footnotes":"","tafseer":"তাৰ ভিতৰত সিহঁতে অনন্তকাল সময় অৱস্থান কৰিব, যাৰ কোনো অন্ত নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078023.mp3"},{"index":"24","arabicText":"لَا یَذُوْقُوْنَ فِیْهَا بَرْدًا وَّلَا شَرَابًا ۟ۙ","assameseTranslation":"তাত সিহঁতে শীতল (বস্তুৰ) সোৱাদ গ্ৰহণ কৰিব নোৱাৰিব, লগতে উপযুক্ত পানীও নাপাব।","footnotes":"","tafseer":"যাৰ ভিতৰত জাহান্নামৰ জুইক ঠাণ্ডা কৰিব পৰা কোনো বতাহ নাপাব আৰু সোৱাদযুক্ত কোনো পানীয়ও সেৱন কৰিবলৈ নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078024.mp3"},{"index":"25","arabicText":"اِلَّا حَمِیْمًا وَّغَسَّاقًا ۟ۙ","assameseTranslation":"উতলা পানী আৰু দুৰ্গন্ধময় পুঁজৰ বাহিৰে।","footnotes":"","tafseer":"অতি উত্তপ্ত গৰম পানী আৰু জাহান্নামীসকলৰ শৰীৰৰ পৰা বৈ যোৱা পুঁজৰ বাহিৰে আন একোৱে নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078025.mp3"},{"index":"26","arabicText":"جَزَآءً وِّفَاقًا ۟ؕ","assameseTranslation":"এইটোৱেই (সিহঁতৰ) উপযুক্ত প্ৰতিফল।","footnotes":"","tafseer":"এইটো হৈছে সিহঁতৰ সেই কুফুৰীৰ (অস্বীকাৰৰ) আৰু পথভ্ৰষ্টৰ অনূৰূপ পৰিণাম, যি কুফুৰীৰ ওপৰত সিহঁতে পৃথিৱীত জীৱন-যাপন কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078026.mp3"},{"index":"27","arabicText":"اِنَّهُمْ كَانُوْا لَا یَرْجُوْنَ حِسَابًا ۟ۙ","assameseTranslation":"নিশ্চয় সিহঁতে কেতিয়াও হিচাব-নিকাচৰ আশা কৰা নাছিল।","footnotes":"","tafseer":"আখিৰাতত আল্লাহৰ সন্মুখত হ’বলগীয়া হিচাপ-নিকাচক সিহঁতে পৃথিৱীত ভয় কৰা নাছিল, কিয়নো সিহঁতে পুনৰুত্থিত হ’বলগীয়া বিষয়টোক বিশ্বাস কৰা নাছিল। যদি সিহঁতে পুনৰুত্থানক বিশ্বাস কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে আল্লাহৰ প্ৰতি ইমান পোষণ কৰিলেহেঁতেন আৰু সৎকৰ্ম কৰিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078027.mp3"},{"index":"28","arabicText":"وَّكَذَّبُوْا بِاٰیٰتِنَا كِذَّابًا ۟ؕ","assameseTranslation":"আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক কঠোৰভাৱে মিথ্যাৰোপ কৰিছিল।","footnotes":"","tafseer":"আৰু ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰা নিদৰ্শনবোৰক অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078028.mp3"},{"index":"29","arabicText":"وَكُلَّ شَیْءٍ اَحْصَیْنٰهُ كِتٰبًا ۟ۙ","assameseTranslation":"আৰু আমি প্ৰতিটো বস্তু লিখিতভাৱে সংৰক্ষণ কৰি ৰাখিছোঁ।","footnotes":"","tafseer":"আৰু আমি সিহঁতৰ প্ৰতিটো কৰ্ম সঠিকৰূপে হিচাপ কৰি ৰাখিছোঁ, আৰু সেইবোৰ সিহঁতৰ আমল নামাত লিখা আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078029.mp3"},{"index":"30","arabicText":"فَذُوْقُوْا فَلَنْ نَّزِیْدَكُمْ اِلَّا عَذَابًا ۟۠","assameseTranslation":"এতেকে ভোগ কৰা, আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰোঁ।","footnotes":"","tafseer":"গতিকে হে অপৰাধীসকল! এই চিৰস্থায়ী শাস্তি উপভোগ কৰা, আৰু শুনা! আমি তোমালোকৰ শাস্তিৰ ওপৰত শাস্তি বৃদ্ধি কৰিয়ে থাকিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078030.mp3"},{"index":"31","arabicText":"اِنَّ لِلْمُتَّقِیْنَ مَفَازًا ۟ۙ","assameseTranslation":"নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে সফলতা।","footnotes":"","tafseer":"নিশ্চয় আল্লাহৰ আদেশ নিষেধ পালনকাৰী মুত্তাক্বীসকলৰ বাবে আছে সফলতাৰ আবাসন, য’ত তেওঁলোকে নিজৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিব পাৰিব, সেই ঠাইখন হৈছে জান্নাত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078031.mp3"},{"index":"32","arabicText":"حَدَآىِٕقَ وَاَعْنَابًا ۟ۙ","assameseTranslation":"উদ্যানসমূহ আৰু নানা ধৰণৰ আঙুৰ।","footnotes":"","tafseer":"(তাত তেওঁলোকৰ বাবে আছে) বিভিন্ন প্ৰকাৰৰ বাগ-বাগিচা আৰু আঙুৰৰ উদ্যান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078032.mp3"},{"index":"33","arabicText":"وَّكَوَاعِبَ اَتْرَابًا ۟ۙ","assameseTranslation":"আৰু সমবয়সীয়া উদ্ভিন্ন নৱ-যুৱতী তৰুণী।","footnotes":"","tafseer":"আৰু সমবয়সীয়া নৱ-যুৱতীসকল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078033.mp3"},{"index":"34","arabicText":"وَّكَاْسًا دِهَاقًا ۟ؕ","assameseTranslation":"আৰু পৰিপূৰ্ণ পানপাত্ৰ।","footnotes":"","tafseer":"আৰু সুৰা ভৰ্তি গিলাছ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078034.mp3"},{"index":"35","arabicText":"لَا یَسْمَعُوْنَ فِیْهَا لَغْوًا وَّلَا كِذّٰبًا ۟ۚ","assameseTranslation":"তাত তেওঁলোকে কোনো অনৰ্থক কথা আৰু মিছা বাক্যও শুনা নাপাব।","footnotes":"","tafseer":"তেওঁলোকে জান্নাতত কোনো ধৰণৰ অনাৰ্থক কথা-বতৰা আৰু মিছা কথা শুনিবলৈ নাপাব, লগতে কোনেও কাকো মিছা কথা নক’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078035.mp3"},{"index":"36","arabicText":"جَزَآءً مِّنْ رَّبِّكَ عَطَآءً حِسَابًا ۟ۙ","assameseTranslation":"(এয়া হ’ব তেওঁলোকৰ বাবে) আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা পুৰস্কাৰ, যথোচিত দান।","footnotes":"","tafseer":"এইবোৰ হ’ব মহান আল্লাহৰ ফালৰ পৰা প্ৰদান কৰা অনুগ্ৰহ তথা অৱদান। যিবোৰ সঁচাকৈয়ে পৰ্যাপ্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078036.mp3"},{"index":"37","arabicText":"رَّبِّ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا الرَّحْمٰنِ لَا یَمْلِكُوْنَ مِنْهُ خِطَابًا ۟ۚ","assameseTranslation":"যিজন আকাশসমূহ আৰু পৃথিৱী তথা এই দুয়োৰে মাজত থকা সকলোৰে প্ৰতিপালক, পৰম কৰুণাময়, তেওঁৰ ওচৰত আবেদন-নিবেদন কৰিব পৰা শক্তি সিহঁতৰ কাৰো নাথাকিব।","footnotes":"","tafseer":"তেৱেঁই আকাশসমূহ আৰু পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলোৰে প্ৰতিপালক, তেৱেঁই হৈছে পৃথিৱী আৰু আখিৰাতত পৰম কৰুণাময়। (সেইদিনা) পৃথিৱী আৰু আকাশত থকা কোনেও তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত আবেদন-নিবেদন কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078037.mp3"},{"index":"38","arabicText":"یَوْمَ یَقُوْمُ الرُّوْحُ وَالْمَلٰٓىِٕكَةُ صَفًّا ۙۗؕ لَّا یَتَكَلَّمُوْنَ اِلَّا مَنْ اَذِنَ لَهُ الرَّحْمٰنُ وَقَالَ صَوَابًا ۟","assameseTranslation":"সেইদিনা ৰূহ আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা ক’ব নোৱাৰিব, আৰু তেওঁ সঠিক কথাহে ক’ব।","footnotes":"","tafseer":"যিদিনাখন জিব্ৰীল আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে থিয় হ’ব, সিদিনাখন মহান আল্লাহে যাক ছুপাৰিছ কৰাৰ অনুমতি দিব, কেৱল তাৰ বাহিৰে বেলেগ কোনেও ছুপাৰিছৰ কৰিবলৈ মুখ খুলিব নোৱাৰিব। সেই ব্যক্তিয়ে তাওহীদৰ মূলমন্ত্ৰৰ দৰে সঠিক কথাই ক’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078038.mp3"},{"index":"39","arabicText":"ذٰلِكَ الْیَوْمُ الْحَقُّ ۚ فَمَنْ شَآءَ اتَّخَذَ اِلٰی رَبِّهٖ مَاٰبًا ۟","assameseTranslation":"এই দিৱসটো সত্য, এতেকে যাৰ ইচ্ছা সি তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক।","footnotes":"","tafseer":"তোমালোকৰ আগত যিটো দিৱসৰ কথা বৰ্ণনা কৰা হৈছে, সেই দিৱসটো নিশ্চিতভাৱে সংঘটিত হ’বই হ’ব, ইয়াত কোনো সন্দেহ নাই। গতিকে যিয়ে সেইদিনা আল্লাহৰ শাস্তিৰ পৰা মুক্তি পাব বিচাৰে, তেওঁ আল্লাহক সন্তুষ্ট কৰিব পৰা সত্কৰ্মৰ পথ অৱলম্বন কৰা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078039.mp3"},{"index":"40","arabicText":"اِنَّاۤ اَنْذَرْنٰكُمْ عَذَابًا قَرِیْبًا ۖۚ۬ یَّوْمَ یَنْظُرُ الْمَرْءُ مَا قَدَّمَتْ یَدٰهُ وَیَقُوْلُ الْكٰفِرُ یٰلَیْتَنِیْ كُنْتُ تُرٰبًا ۟۠","assameseTranslation":"নিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলোঁ। যিদিনা মানুহে নিজৰ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি মাটিত পৰিণত হ'লোঁহেঁতেন।","footnotes":"","tafseer":"হে মানৱজাতি! আমি তোমালোকক এনেকুৱা শাস্তিৰ পৰা সাৱধান কৰি দিছোঁ যিটো অতি নিকটৱৰ্তী। যিদিনাখন মানুহে পৃথিৱীত কৰা কৰ্মবোৰ দেখা পাব, আৰু কাফিৰে শাস্তিৰ পৰা মুক্তি পোৱাৰ কামনা কৰি ক’ব – মই যদি জীৱ-জন্তুৰ দৰে মাটিত পৰিণত হৈ মিহলি গ’লোঁহেঁতেন! সিহঁতে এই কথা সেই সময়ত ক’ব, যেতিয়া ক্বিয়ামতৰ দিনা জীৱ-জন্তুবোৰক কোৱা হ’বঃ তোমালোকে মাটিত পৰিণত হৈ যোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/078040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/078040.mp3"}]