[{"index":"1","arabicText":"عَبَسَ وَتَوَلّٰۤی ۟ۙ","assameseTranslation":"তেওঁ বিৰক্ত প্ৰকাশ কৰিলে আৰু মুখ ঘূৰাই ল’লে,","footnotes":"","tafseer":"ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মুখত ক্ৰোধৰ প্ৰভাৱ অনুভূত হৈছিল আৰু তেওঁ মুখখন আনফালে ওভতাই লৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080001.mp3"},{"index":"2","arabicText":"اَنْ جَآءَهُ الْاَعْمٰى ۟ؕ","assameseTranslation":"তেওঁৰ ওচৰলৈ অন্ধ ব্যক্তিজন অহাৰ কাৰণে।","footnotes":"","tafseer":"কাৰণ তেখেতৰ ওচৰত আব্দুল্লাহ বিন উম্মে মাকতুম মাৰ্গদৰ্শন ল’বলৈ আহিছিল আৰু তেওঁ আছিল এজন অন্ধ ব্যক্তি। আচলতে তেওঁ সেই সময়ত আহিছিল যেতিয়া তেখেতে মুশ্বৰিকসকলৰ উচ্চ স্তৰীয় নেতৃবৰ্গসকলৰ লগত কথা পাতি আছিল। তেখেতে সিহঁতৰ হিদায়তৰ আশাত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080002.mp3"},{"index":"3","arabicText":"وَمَا یُدْرِیْكَ لَعَلَّهٗ یَزَّ ۟ۙ","assameseTranslation":"কিহে তোমাক জনাব যে, হয়তো সি পৰিশুদ্ধ হ’ব,","footnotes":"","tafseer":"(হে ৰাছুল) আপোনাক কিহে জনাব, বোধহয় অন্ধ ব্যক্তিজনে পাপকৰ্মৰ পৰা পৱিত্ৰ হ’বলৈ আহিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080003.mp3"},{"index":"4","arabicText":"اَوْ یَذَّكَّرُ فَتَنْفَعَهُ الذِّكْرٰى ۟ؕ","assameseTranslation":"অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ’ব।","footnotes":"","tafseer":"অথবা আপোনাৰ উপদেশ শুনি উপকৃত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080004.mp3"},{"index":"5","arabicText":"اَمَّا مَنِ اسْتَغْنٰى ۟ۙ","assameseTranslation":"আনহাতে যিয়ে নিজকে অমুখাপেক্ষী বুলি ভাবে,","footnotes":"","tafseer":"আনহাতে যিয়ে নিজৰ ধনৰ নিচাত পৰি নিজকে অমুখাপেক্ষী বুলি ভাবে, আৰু ঈমানৰ পৰা তথা আপুনি লৈ অহা চৰীয়তক মানিবলৈ অৱহেলা কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080005.mp3"},{"index":"6","arabicText":"فَاَنْتَ لَهٗ تَصَدّٰى ۟ؕ","assameseTranslation":"তুমি তাৰ প্ৰতি মনোযোগ দিছা।","footnotes":"","tafseer":"আপুনি তাৰ পাছত লাগিছে আৰু তাৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080006.mp3"},{"index":"7","arabicText":"وَمَا عَلَیْكَ اَلَّا یَزَّكّٰى ۟ؕ","assameseTranslation":"অথচ সি পৰিশুদ্ধ নহ’লেও তোমাৰ কোনো দায়িত্ব নাই,","footnotes":"","tafseer":"যদি সি নিজৰ গুনাহৰ পৰা পৱিত্ৰ নহয় তেন্তে আপোনাৰ কি ক্ষতি হ’ব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080007.mp3"},{"index":"8","arabicText":"وَاَمَّا مَنْ جَآءَكَ یَسْعٰى ۟ۙ","assameseTranslation":"আনহাতে যিয়ে তোমাৰ ওচৰলৈ দৌৰি আহিল,","footnotes":"","tafseer":"আনহাতে যি ব্যক্তিয়ে কল্যাণ কামনাৰে আপোনাৰ ওচৰলৈ দৌৰি আহে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080008.mp3"},{"index":"9","arabicText":"وَهُوَ یَخْشٰى ۟ۙ","assameseTranslation":"আৰু সি (আল্লাহক) ভয়ো কৰে,","footnotes":"","tafseer":"আৰু তেওঁ নিজ প্ৰতিপলকক ভয় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080009.mp3"},{"index":"10","arabicText":"فَاَنْتَ عَنْهُ تَلَهّٰى ۟ۚ","assameseTranslation":"তাৰ প্ৰতি তুমি উদাসীন হ’লা।","footnotes":"","tafseer":"গতিকে আপুনি তেওঁৰ প্ৰতি ধ্যান দিয়াৰ পৰিৱৰ্তে মুশ্বৰিকসকলৰ নেতৃবৰ্গৰ প্ৰতি মনোনিবেশ কৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080010.mp3"},{"index":"11","arabicText":"كَلَّاۤ اِنَّهَا تَذْكِرَةٌ ۟ۚ","assameseTranslation":"কেতিয়াও নহয়, নিশ্চয় এইখন হৈছে উপদেশ বাণী,","footnotes":"","tafseer":"প্ৰকৃততে বিষয়টো তেনেকুৱা নহয়। দৰাচলতে এইটো হৈছে এক প্ৰকাৰ শিক্ষা তথা উপদেশ, প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে ইয়াক গ্ৰহণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080011.mp3"},{"index":"12","arabicText":"فَمَنْ شَآءَ ذَكَرَهٗ ۟ۘ","assameseTranslation":"গতিকে যিয়ে ইচ্ছা কৰিব সিয়েই ইয়াক স্মৰণ ৰাখিব,","footnotes":"","tafseer":"এতেকে যিয়ে আল্লাহক স্মৰণ কৰিব বিচাৰে সি যেন স্মৰণ কৰে আৰু এই কোৰআনত থকা উপদেশ যাতে গ্ৰহণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080012.mp3"},{"index":"13","arabicText":"فِیْ صُحُفٍ مُّكَرَّمَةٍ ۟ۙ","assameseTranslation":"এইখন মৰ্যাদাসম্পন্ন ছহীফাত লিপিবদ্ধ।","footnotes":"","tafseer":"এই কোৰআন ফিৰিস্তাসকলৰ ওচৰত থকা পৱিত্ৰ ছহীফাসমূহত লিপিবদ্ধ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080013.mp3"},{"index":"14","arabicText":"مَّرْفُوْعَةٍ مُّطَهَّرَةٍۭ ۟ۙ","assameseTranslation":"সমুন্নত, পৱিত্ৰ,","footnotes":"","tafseer":"এখন উচ্চ স্থানত ৰখা আছে আৰু সেইখন হৈছে মহাপৱিত্ৰ, সেইখনক আৱৰ্জনা তথা অপৱিত্ৰতাই চুব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080014.mp3"},{"index":"15","arabicText":"بِاَیْدِیْ سَفَرَةٍ ۟ۙ","assameseTranslation":"লেখক বা দূতসকলৰ হাতত।","footnotes":"","tafseer":"আৰু সেইখন আছে সংবাদ বাহক ৰূপে কাম কৰা ফিৰিস্তাসকলৰ হাতত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080015.mp3"},{"index":"16","arabicText":"كِرَامٍ بَرَرَةٍ ۟ؕ","assameseTranslation":"(যিসকল) মহাসন্মানিত, পূণ্যৱান।","footnotes":"","tafseer":"তেওঁলোক হৈছে নিজ প্ৰতিপালকৰ ওচৰত সন্মানীয়। অধিক কল্যাণ তথা অধিক আনুগত্যকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080016.mp3"},{"index":"17","arabicText":"قُتِلَ الْاِنْسَانُ مَاۤ اَكْفَرَهٗ ۟ؕ","assameseTranslation":"মানুহ ধ্বংস হওক, কিমান যে অকৃতজ্ঞ!","footnotes":"","tafseer":"কাফিৰ ব্যক্তিৰ প্ৰতি ধিক্কাৰ, সিহঁত আল্লাহৰ প্ৰতি কিমান যে ঘোৰ অকৃতজ্ঞ!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080017.mp3"},{"index":"18","arabicText":"مِنْ اَیِّ شَیْءٍ خَلَقَهٗ ۟ؕ","assameseTranslation":"তেওঁ তাক কি বস্তুৰে সৃষ্টি কৰিছে?","footnotes":"","tafseer":"সিহঁতক মহান আল্লাহে কি বস্তুৰে সৃষ্টি কৰিছে যাৰ কাৰণে সিহঁতে অহংকাৰ কৰে আৰু আল্লাহৰ অকৃতজ্ঞতা কৰে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080018.mp3"},{"index":"19","arabicText":"مِنْ نُّطْفَةٍ ؕ خَلَقَهٗ فَقَدَّرَهٗ ۟ۙ","assameseTranslation":"শুক্ৰবিন্দুৰ পৰা। তেওঁ তাক সৃষ্টি কৰিছে, পিছত তাৰ পৰিমিত বিকাশ সাধন কৰিছে,","footnotes":"","tafseer":"সামান্য পানীৰ দ্বাৰা সিহঁতক সৃষ্টি কৰিছে আৰু তাৰ পাছত স্তৰে স্তৰে বনাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080019.mp3"},{"index":"20","arabicText":"ثُمَّ السَّبِیْلَ یَسَّرَهٗ ۟ۙ","assameseTranslation":"তাৰ পিছত তাৰ বাবে পথ সহজ কৰি দিছে;","footnotes":"","tafseer":"এই স্তৰবোৰৰ পিছত মাকৰ গৰ্ভৰ পৰা ওলাবলৈ সহজ কৰি দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080020.mp3"},{"index":"21","arabicText":"ثُمَّ اَمَاتَهٗ فَاَقْبَرَهٗ ۟ۙ","assameseTranslation":"তাৰ পিছত তেৱেঁই তাক মৃত্যু প্ৰদান কৰে আৰু কবৰস্থ কৰে।","footnotes":"","tafseer":"তাৰ পাছত পৃথিৱীত তাৰ বাবে নিৰ্ধাৰিত কৰা আয়ুস শেষ হোৱাৰ পাছত মৃত্যু দিছে আৰু তাৰ বাবে কবৰ বনাইছে যাৰ ভিতৰত পুনৰুত্থিত হোৱালৈকে থাকিব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080021.mp3"},{"index":"22","arabicText":"ثُمَّ اِذَا شَآءَ اَنْشَرَهٗ ۟ؕ","assameseTranslation":"ইয়াৰ পিছত তেওঁ যেতিয়া ইচ্ছা কৰিব তাক পুনৰ্জীৱিত কৰিব।","footnotes":"","tafseer":"আকৌ যেতিয়া ইচ্ছা কৰিব তেতিয়া তাক হিচাপ-নিকাচৰ বাবে আৰু প্ৰতিদান দিয়াৰ বাবে পুনৰুত্থিত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080022.mp3"},{"index":"23","arabicText":"كَلَّا لَمَّا یَقْضِ مَاۤ اَمَرَهٗ ۟ؕ","assameseTranslation":"কেতিয়াও নহয়, তেওঁ তাক যি আদেশ কৰিছিল সেয়া সি এতিয়াও পূৰণ কৰা নাই।","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয় যিদৰে কাফিৰসকলে ধাৰণা কৰে যে, সিহঁতে নিজ প্ৰতিপালকৰ অধিকাৰ আদায় কৰিছে। বৰং মহান আল্লাহে সিহঁতৰ বাবে অনিবাৰ্য্য কৰা কৰ্মবোৰ সিহঁতে আদায় কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080023.mp3"},{"index":"24","arabicText":"فَلْیَنْظُرِ الْاِنْسَانُ اِلٰى طَعَامِهٖۤ ۟ۙ","assameseTranslation":"এতেকে মানুহে নিজৰ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত।","footnotes":"","tafseer":"আল্লাহৰ অকৃতজ্ঞতাকাৰী কাফিৰসকলে লক্ষ্য কৰা উচিত যে, সিহঁতে কৰা ভোজনবোৰ ক’ৰ পৰা কেনেকৈ প্ৰাপ্ত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080024.mp3"},{"index":"25","arabicText":"اَنَّا صَبَبْنَا الْمَآءَ صَبًّا ۟ۙ","assameseTranslation":"নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পানী বৰ্ষণ কৰোঁ,","footnotes":"","tafseer":"এইবোৰৰ মূল হৈছে সেই পানী, যিটো আকাশৰ পৰা অধিক মাত্ৰাত বৰ্ষণ হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080025.mp3"},{"index":"26","arabicText":"ثُمَّ شَقَقْنَا الْاَرْضَ شَقًّا ۟ۙ","assameseTranslation":"তাৰ পিছত আমি পৃথিৱীক যথাযথভাৱে বিদীৰ্ণ কৰোঁ;","footnotes":"","tafseer":"আকৌ আমি ভূমিত ফাট মেলাইছোঁ যাৰ পৰা অঙ্কুৰণবোৰ মাটি ফালি ওপৰলৈ ওলাই আহে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080026.mp3"},{"index":"27","arabicText":"فَاَنْۢبَتْنَا فِیْهَا حَبًّا ۟ۙ","assameseTranslation":"তাৰ পিছত আমি তাত উৎপন্ন কৰোঁ শস্য;","footnotes":"","tafseer":"তাৰ পাছত আমি (ধান), গম, মাকৈ আদি গছ উৎপন্ন কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080027.mp3"},{"index":"28","arabicText":"وَّعِنَبًا وَّقَضْبًا ۟ۙ","assameseTranslation":"আঙুৰ আৰু শাক-পাচলি,","footnotes":"","tafseer":"আৰু তাৰ ভিতৰত আঙুৰ আৰু সেউজীয়া ঘাঁহ উৎপন্ন কৰিছোঁ, যাতে সিহঁতৰ জীৱ-জন্তুৱে খাদ্য হিচাপে খাব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080028.mp3"},{"index":"29","arabicText":"وَّزَیْتُوْنًا وَّنَخْلًا ۟ۙ","assameseTranslation":"যায়তুন আৰু খেজুৰ গছ,","footnotes":"","tafseer":"আৰু আমি তাৰ ভিতৰত জয়তুন আৰু খেজুৰ গছ উৎপন্ন কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080029.mp3"},{"index":"30","arabicText":"وَّحَدَآىِٕقَ غُلْبًا ۟ۙ","assameseTranslation":"ঘন গছ-গছনি বিশিষ্ট উদ্যান,","footnotes":"","tafseer":"আৰু তাৰ ভিতৰত বহুতো গছ-গছনিযুক্ত বাগান সাজিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080030.mp3"},{"index":"31","arabicText":"وَّفَاكِهَةً وَّاَبًّا ۟ۙ","assameseTranslation":"ফল-মূল আৰু তৃণ-ঘাঁহ,","footnotes":"","tafseer":"আৰু আমি তাৰ ভিতৰত ফল-মূল উৎপন্ন কৰিছোঁ আৰু তোমালোকৰ জন্তুৰ বাবে খাদ্য সৃষ্টি কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080031.mp3"},{"index":"32","arabicText":"مَّتَاعًا لَّكُمْ وَلِاَنْعَامِكُمْ ۟ؕ","assameseTranslation":"এইবোৰ হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ।","footnotes":"","tafseer":"তোমালোকৰ আৰু তোমালোকৰ জীৱ-জন্তুৰ উপকাৰৰ বাবে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080032.mp3"},{"index":"33","arabicText":"فَاِذَا جَآءَتِ الصَّآخَّةُ ۟ؗ","assameseTranslation":"এতেকে যেতিয়া তীক্ষ্ণ (বিকট) শব্দ আহিব,","footnotes":"","tafseer":"আকৌ যেতিয়া অত্যন্ত তীব্ৰ কাণ ফাটি যোৱা শব্দ আহিব আৰু সেয়া হ’ব শিঙাত দ্বিতীয় বাৰ ফুঁ দিয়াৰ শব্দ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080033.mp3"},{"index":"34","arabicText":"یَوْمَ یَفِرُّ الْمَرْءُ مِنْ اَخِیْهِ ۟ۙ","assameseTranslation":"সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা,","footnotes":"","tafseer":"যিদিনাখন মানুহে নিজৰ ভাতৃৰ পৰা পলায়ন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080034.mp3"},{"index":"35","arabicText":"وَاُمِّهٖ وَاَبِیْهِ ۟ۙ","assameseTranslation":"আৰু তাৰ মাক-বাপেকৰ পৰা,","footnotes":"","tafseer":"আৰু নিজৰ পিতৃ-মাতৃৰ পৰা পলায়ন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080035.mp3"},{"index":"36","arabicText":"وَصَاحِبَتِهٖ وَبَنِیْهِ ۟ؕ","assameseTranslation":"তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা,","footnotes":"","tafseer":"আৰু নিজৰ স্ত্ৰী আৰু পুত্ৰৰ পৰা পলায়ন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080036.mp3"},{"index":"37","arabicText":"لِكُلِّ امْرِئٍ مِّنْهُمْ یَوْمَىِٕذٍ شَاْنٌ یُّغْنِیْهِ ۟ؕ","assameseTranslation":"সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব এনে এক গুৰুতৰ অৱস্থা, যি অৱস্থাই তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব।","footnotes":"","tafseer":"সিদিনাখন মানুহে ইমান অশান্তিত পৰিব যে, বেলেগৰ প্ৰতি মনোযোগ দিয়াৰ সুযোগেই নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080037.mp3"},{"index":"38","arabicText":"وُجُوْهٌ یَّوْمَىِٕذٍ مُّسْفِرَةٌ ۟ۙ","assameseTranslation":"সেইদিনা কিছুমান চেহেৰা হ’ব উজ্জ্বল,","footnotes":"","tafseer":"সেইদিনা সৌভাগ্য লোকসকলৰ মুখমণ্ডল উজ্জল হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080038.mp3"},{"index":"39","arabicText":"ضَاحِكَةٌ مُّسْتَبْشِرَةٌ ۟ۚ","assameseTranslation":"হাঁহিৰে ভৰা, আনন্দত উৎফুল্লিত,","footnotes":"","tafseer":"তেওঁলোকে মহান আল্লাহে প্ৰস্তুত কৰা অনুগ্ৰহৰ প্ৰতি সস্তুষ্ট হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080039.mp3"},{"index":"40","arabicText":"وَوُجُوْهٌ یَّوْمَىِٕذٍ عَلَیْهَا غَبَرَةٌ ۟ۙ","assameseTranslation":"আনহাতে সেইদিনা কিছুমান চেহেৰা হ’ব ধূলিৰে মলিন,","footnotes":"","tafseer":"আৰু দুৰ্ভাগ্য লোকৰ মুখমণ্ডলৰ প্ৰতি সিদিনাখন ধূলিকণা পৰি থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080040.mp3"},{"index":"41","arabicText":"تَرْهَقُهَا قَتَرَةٌ ۟ؕ","assameseTranslation":"ক’লা আৱৰণে আৱৰি ধৰিব।","footnotes":"","tafseer":"সিহঁতক অন্ধকাৰে পৰিবেষ্টন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080041.mp3"},{"index":"42","arabicText":"اُولٰٓىِٕكَ هُمُ الْكَفَرَةُ الْفَجَرَةُ ۟۠","assameseTranslation":"ইহঁতেই হৈছে কাফিৰ, অত্যন্ত পাপী।","footnotes":"","tafseer":"এই অৱস্থাৰ সন্মুখীন হ’ব সেইসকল ব্যক্তি, যিসকলে কুফুৰী আৰু পাপকৰ্মৰ পথাচাৰী আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/080042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/080042.mp3"}]