[{"index":"1","arabicText":"اِذَا الشَّمْسُ كُوِّرَتْ ۟","assameseTranslation":"সূৰ্যক যেতিয়া নিষ্প্ৰভ কৰা হ’ব,","footnotes":"","tafseer":"যেতিয়া সূৰ্য্যৰ অস্তিত্ব সংকীৰ্ণ কৰি দিয়া হ’ব আৰু সূৰ্য্যৰ পোহৰ সমাপ্ত কৰি দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081001.mp3"},{"index":"2","arabicText":"وَاِذَا النُّجُوْمُ انْكَدَرَتْ ۟","assameseTranslation":"আৰু নক্ষত্ৰৰাজি যেতিয়া খহি পৰিব,","footnotes":"","tafseer":"আৰু যেতিয়া তৰাবোৰ খহি পৰিব আৰু তাৰ পোহৰ শেষ হৈ যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081002.mp3"},{"index":"3","arabicText":"وَاِذَا الْجِبَالُ سُیِّرَتْ ۟","assameseTranslation":"পৰ্বতসমূহক যেতিয়া সঞ্চালিত কৰা হ’ব,","footnotes":"","tafseer":"আৰু পৰ্বতবোৰক তাৰ স্থানৰ পৰা চলমান কৰি দিয়া হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081003.mp3"},{"index":"4","arabicText":"وَاِذَا الْعِشَارُ عُطِّلَتْ ۟","assameseTranslation":"আৰু যেতিয়া পূৰ্ণ গাভিনী উটবোৰক অযত্নে এৰি দিয়া হ’ব,","footnotes":"","tafseer":"যিবোৰ গৰ্ভৱতী উটকলৈ গৰাকীয়ে গৌৰৱ কৰে, সেইসময়ত সেইবোৰ উটক অযত্নে এৰি দিয়া হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081004.mp3"},{"index":"5","arabicText":"وَاِذَا الْوُحُوْشُ حُشِرَتْ ۟","assameseTranslation":"আৰু যেতিয়া বনৰীয়া পশুবোৰক একত্ৰিত কৰা হ’ব,","footnotes":"","tafseer":"যেতিয়া বনৰীয়া জন্তুবোৰক মানুহৰ লগত একে স্থানতে একত্ৰিত কৰা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081005.mp3"},{"index":"6","arabicText":"وَاِذَا الْبِحَارُ سُجِّرَتْ ۟","assameseTranslation":"আৰু যেতিয়া সাগৰসমূহক অগ্নিউত্তাল কৰা হ’ব,","footnotes":"","tafseer":"আৰু যেতিয়া সাগৰবোৰক প্ৰজ্জ্বলিত কৰা হ’ব, ফলত সেইবোৰ জুইত পৰিণত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081006.mp3"},{"index":"7","arabicText":"وَاِذَا النُّفُوْسُ زُوِّجَتْ ۟","assameseTranslation":"আৰু যেতিয়া আত্মাসমূহক (সমগোত্ৰীয়সকলৰ লগত) মিলিত কৰা হ’ব,","footnotes":"","tafseer":"আৰু যেতিয়া আত্মাবোৰক সেইবোৰৰ দৰে আত্মাৰ সৈতে মিলিত কৰা হ’ব। এতেকে পাপীৰ সৈতে পাপীক আৰু সদাচাৰীৰ সৈতে সদাচাৰীক মিলিত কৰা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081007.mp3"},{"index":"8","arabicText":"وَاِذَا الْمَوْءٗدَةُ سُىِٕلَتْ ۟","assameseTranslation":"আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যাশিশুক সোধা হ’ব,","footnotes":"","tafseer":"আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যা শিশুক আল্লাহে প্ৰশ্ন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081008.mp3"},{"index":"9","arabicText":"بِاَیِّ ذَنْۢبٍ قُتِلَتْ ۟ۚ","assameseTranslation":"কি অপৰাধত তাইক হত্যা কৰা হৈছিল?","footnotes":"","tafseer":"তোমাৰ হত্যাকাৰীয়ে তোমাক কি কাৰণত হত্যা কৰিছিল?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081009.mp3"},{"index":"10","arabicText":"وَاِذَا الصُّحُفُ نُشِرَتْ ۟","assameseTranslation":"আৰু যেতিয়া আমলনামাসমূহ উন্মোচিত কৰা হ’ব,","footnotes":"","tafseer":"আৰু যেতিয়া বান্দাৰ আমালনামা উন্মোচিত কৰা হ’ব, যাতে প্ৰত্যেক ব্যক্তিয়ে নিজৰ আমলনামা (কৰ্মপত্ৰ) পঢ়িব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081010.mp3"},{"index":"11","arabicText":"وَاِذَا السَّمَآءُ كُشِطَتْ ۟","assameseTranslation":"আৰু যেতিয়া আকাশৰ আৱৰণ অপসাৰিত কৰা হ’ব,","footnotes":"","tafseer":"আৰু যেতিয়া আকাশৰ আৱৰণ খুলি দিয়া হ’ব, যিদৰে ছাগলীৰ ছাল পৃথক কৰা হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081011.mp3"},{"index":"12","arabicText":"وَاِذَا الْجَحِیْمُ سُعِّرَتْ ۟","assameseTranslation":"আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ’ব,","footnotes":"","tafseer":"আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081012.mp3"},{"index":"13","arabicText":"وَاِذَا الْجَنَّةُ اُزْلِفَتْ ۟","assameseTranslation":"আৰু জান্নাতক যেতিয়া নিকটৱৰ্তী কৰা হ’ব,","footnotes":"","tafseer":"আৰু যেতিয়া জান্নাতক মুত্তাক্বীসকলৰ ওচৰত ৰখা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081013.mp3"},{"index":"14","arabicText":"عَلِمَتْ نَفْسٌ مَّاۤ اَحْضَرَتْ ۟ؕ","assameseTranslation":"তেতিয়া প্ৰত্যেক ব্যক্তিয়েই জানিব সি কি উপস্থিত কৰিছে।","footnotes":"","tafseer":"যেতিয়া এইবোৰ সংঘটিত হ’ব, তেতিয়া প্ৰত্যেক ব্যক্তিয়ে জানিব পাৰিব যে, তেওঁ সেই দিৱসটোৰ বাবে কি আমল আগবঢ়াইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081014.mp3"},{"index":"15","arabicText":"فَلَاۤ اُقْسِمُ بِالْخُنَّسِ ۟ۙ","assameseTranslation":"এতেকে মই শপত কৰিছোঁ আৱৰ্তনশীল নক্ষত্ৰবোৰৰ,","footnotes":"","tafseer":"মহান আল্লাহে সেইবোৰ নক্ষত্ৰৰ শপত খাইছে, যিবোৰে ৰাতিত প্ৰকাশ হোৱাৰ আগতে লুকাই থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081015.mp3"},{"index":"16","arabicText":"الْجَوَارِ الْكُنَّسِ ۟ۙ","assameseTranslation":"যিবোৰ গতিশীল, অদৃশ্য,","footnotes":"","tafseer":"যিবোৰে নিজ নিজ অক্ষ ৰেখাত ঘূৰি থাকে আৰু প্ৰভাত অহাৰ লগে লগে তেনেদৰে লুকাই যায়, যিদৰে হৰিণে নিজৰ ঘৰত সোমায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081016.mp3"},{"index":"17","arabicText":"وَالَّیْلِ اِذَا عَسْعَسَ ۟ۙ","assameseTranslation":"আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,","footnotes":"","tafseer":"এইদৰে তেওঁ শপত খাইছে ৰাতিৰ প্ৰথম ভাগৰ যেতিয়া ৰাতিৰ আগমন হয়, এইদৰে তেওঁ শপত খাইছে ৰাতিৰ শেষ ভাগৰ যেতিয়া ৰাতিৰ অন্ধকাৰ গুচি যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081017.mp3"},{"index":"18","arabicText":"وَالصُّبْحِ اِذَا تَنَفَّسَ ۟ۙ","assameseTranslation":"আৰু প্ৰভাতৰ শপত যেতিয়া ইয়াৰ আবিৰ্ভাৱ হয়,","footnotes":"","tafseer":"এইদৰে মহান আল্লাহে সেই সময়ৰো শপত খাইছে, যেতিয়া পুৱাৰ ভাগত পোহৰ প্ৰসাৰিত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081018.mp3"},{"index":"19","arabicText":"اِنَّهٗ لَقَوْلُ رَسُوْلٍ كَرِیْمٍ ۟ۙ","assameseTranslation":"নিশ্চয় এই কোৰআনখন হৈছে সন্মানিত ৰাছুলে লৈ অহা বাণী।","footnotes":"","tafseer":"নিশ্চয় মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন হৈছে মহান আল্লাহৰ বাণী। যিখন বিশ্বস্ত ফিৰিস্তাই অৰ্থাৎ জিব্ৰীল আলাইহিচ্ছালামে তেওঁৰ ওচৰলৈ লৈ আহিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081019.mp3"},{"index":"20","arabicText":"ذِیْ قُوَّةٍ عِنْدَ ذِی الْعَرْشِ مَكِیْنٍ ۟ۙ","assameseTranslation":"যিজন শক্তিশালী, আৰশ্বৰ মালিকৰ ওচৰত মৰ্যদাসম্পন্ন,","footnotes":"","tafseer":"তেওঁ হৈছে অত্যন্ত শক্তিশালী আৰু তেওঁ আকাশৰ প্ৰতিপালকৰ মহা মৰ্যাদাসম্পন্ন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081020.mp3"},{"index":"21","arabicText":"مُّطَاعٍ ثَمَّ اَمِیْنٍ ۟ؕ","assameseTranslation":"মান্যবৰ, তাত তেওঁ বিশ্বস্ত।","footnotes":"","tafseer":"আকাশবাসীসকলে তেওঁৰ আনুগত্য কৰে। তেওঁ অহী পৌঁচাই দিয়াৰ দায়িত্বত অত্যন্ত বিশ্বস্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081021.mp3"},{"index":"22","arabicText":"وَمَا صَاحِبُكُمْ بِمَجْنُوْنٍ ۟ۚ","assameseTranslation":"আৰু তোমালোকৰ সঙ্গী উন্মাদ নহয়,","footnotes":"","tafseer":"আৰু তোমালোকৰ নিতৌ দিনৰ সংগী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম, যাৰ বিবেক সম্পৰ্কে, বিশ্বস্ততা সম্পৰ্কে আৰু সততা সম্পৰ্কে তোমালেকে ভালদৰেই পৰিচিত। তেওঁ কোনো উন্মাদ নহয়, যিদৰে তোমালোকে অপবাদ স্বৰূপে দাবী কৰি আছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081022.mp3"},{"index":"23","arabicText":"وَلَقَدْ رَاٰهُ بِالْاُفُقِ الْمُبِیْنِ ۟ۚ","assameseTranslation":"আৰু নিশ্চয় তেখেতে (নবীয়ে) তেখেতক (জিব্ৰীলক) স্পষ্ট দিগন্তত দেখিছে,","footnotes":"","tafseer":"নিশ্চয় তোমালোকৰ সঙ্গীয়ে জিব্ৰীলক তেওঁৰ প্ৰকৃত ৰূপত আকাশৰ সুস্পষ্ট দিগন্তত দেখিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081023.mp3"},{"index":"24","arabicText":"وَمَا هُوَ عَلَی الْغَیْبِ بِضَنِیْنٍ ۟ۚ","assameseTranslation":"আৰু তেওঁ গায়েবী বিষয় সম্পৰ্কে কৃপণালিও নকৰে।","footnotes":"","tafseer":"আৰু তোমালকৰ সঙ্গীজন কৃপণো নহয় যে, যি বস্তু পৌঁচাবলৈ তেখেতক নিযুক্ত কৰা হৈছে সেয়া পৌঁচাবলৈ তেখেতে কৃপণালী কৰিব। এইদৰে তেখেতে তোমালোকৰ পৰা বিনিময়ো গ্ৰহণ নকৰে, যিদৰে জ্যোতিষীয়ে বিনিময় বিচাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081024.mp3"},{"index":"25","arabicText":"وَمَا هُوَ بِقَوْلِ شَیْطٰنٍ رَّجِیْمٍ ۟ۙ","assameseTranslation":"আৰু এয়া কোনো অভিশপ্ত চয়তানৰো বাক্য নহয়।","footnotes":"","tafseer":"আৰু এই কোৰআন আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত কোনো অভিশপ্ত চয়তাৰ বাণী নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081025.mp3"},{"index":"26","arabicText":"فَاَیْنَ تَذْهَبُوْنَ ۟ؕ","assameseTranslation":"এতেকে তোমালোকে কোনফালে গতি কৰিছা?","footnotes":"","tafseer":"এতেকে ইমানখিনি প্ৰমাণৰ পাছতো এইখন আল্লাহৰ বাণী নহয় বুলি অস্বীকাৰ কৰিবলৈ তোমালোকে কোনটো পথ অৱলম্বন কৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081026.mp3"},{"index":"27","arabicText":"اِنْ هُوَ اِلَّا ذِكْرٌ لِّلْعٰلَمِیْنَ ۟ۙ","assameseTranslation":"এইখন হৈছে বিশ্ববাসীৰ বাবে উপদেশ বাণী,","footnotes":"","tafseer":"এই কোৰআন হৈছে জিন আৰু মানুহৰ বাবে উপদেশ আৰু সতৰ্কবাণীহে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081027.mp3"},{"index":"28","arabicText":"لِمَنْ شَآءَ مِنْكُمْ اَنْ یَّسْتَقِیْمَ ۟ؕ","assameseTranslation":"সেই ব্যক্তিৰ বাবে, তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে।","footnotes":"","tafseer":"তোমালোকৰ মাজৰ পৰা সেই ব্যক্তিৰ বাবে, যিয়ে সত্যৰ পথ অৱলম্বন কৰিবলৈ ইচ্ছুক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081028.mp3"},{"index":"29","arabicText":"وَمَا تَشَآءُوْنَ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ رَبُّ الْعٰلَمِیْنَ ۟۠","assameseTranslation":"তোমালোকে ইচ্ছা কৰিব নোৱাৰা, যেতিয়ালৈকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰে।","footnotes":"","tafseer":"তোমালোকে সত্যৰ পথত পৰিচালিত হ’বলৈ বা নহ’বলৈ তেতিয়ালৈকে ইচ্ছা কৰিব নোৱাৰিবা, যেতিয়ালৈকে আল্লাহে ইচ্ছা নকৰিব। তেৱেঁই হৈছে গোটেই সৃষ্টিজগতৰ প্ৰতিপালক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/081029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/081029.mp3"}]