[{"index":"1","arabicText":"سَبِّحِ اسْمَ رَبِّكَ الْاَعْلَی ۟ۙ","assameseTranslation":"তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা,","footnotes":"","tafseer":"আপোনাৰ প্ৰতিপালকৰ পৱিত্ৰতা বৰ্ণনা কৰক, যিজন তেওঁৰ সৃষ্টিৰ পৰা বহু ঊৰ্দ্ধত আৰু আল্লাহক সন্মান সহকাৰে মুখেৰে উচ্চাৰণ কৰি স্মৰণ কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087001.mp3"},{"index":"2","arabicText":"الَّذِیْ خَلَقَ فَسَوّٰی ۟","assameseTranslation":"যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে।","footnotes":"","tafseer":"যিজনে মানুহক সঠিকৰূপে সৃষ্টি কৰিছে আৰু উত্তম আকাৰ আকৃতি প্ৰদান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087002.mp3"},{"index":"3","arabicText":"وَالَّذِیْ قَدَّرَ فَهَدٰی ۟","assameseTranslation":"আৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সৎপথ প্ৰদৰ্শন কৰিছে,","footnotes":"","tafseer":"যিজনে সকলো সৃষ্টিৰ প্ৰকাৰ, বৰ্গ আৰু বিশেষত্ব নিৰ্ধাৰণ কৰিছে, আৰু প্ৰত্যেক সৃষ্টিকে তাৰ বাবে উচিত তথা অনুকূলীয় পথ দেখুৱাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087003.mp3"},{"index":"4","arabicText":"وَالَّذِیْۤ اَخْرَجَ الْمَرْعٰی ۟","assameseTranslation":"আৰু যিজনে ঘাঁহ-বন তৃণ-লতা উৎপন্ন কৰিছে,","footnotes":"","tafseer":"যিজনে তোমালোকৰ জীৱ-জন্তুৰ বাবে মাটিৰ পৰা ঘাঁহ-বন উৎপন্ন কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087004.mp3"},{"index":"5","arabicText":"فَجَعَلَهٗ غُثَآءً اَحْوٰی ۟ؕ","assameseTranslation":"তাৰ পিছত সেইবোৰক ক'লা আৱৰ্জনাত পৰিণত কৰিছে।","footnotes":"","tafseer":"ইয়াৰ পাছত সেই সেউজীয়া ঘাঁহবোৰক শুকান কলা বৰণৰ খেৰ কুটাত পৰিণত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087005.mp3"},{"index":"6","arabicText":"سَنُقْرِئُكَ فَلَا تَنْسٰۤی ۟ۙ","assameseTranslation":"অনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা,","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চয় আমি আপোনাক কোৰআন পাঠ কৰাম আৰু আপোনাৰ অন্তৰত বদ্ধমূল কৰি দিম। ফলত আপুনি কেতিয়াও নাপাহৰিব। গতিকে আপুনি পাহৰি যোৱাৰ আশংকাত পূৰ্বৰ দৰে জিব্ৰীলৰ সৈতে পাঠ কৰাৰ সময়ত খৰখেদা নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087006.mp3"},{"index":"7","arabicText":"اِلَّا مَا شَآءَ اللّٰهُ ؕ اِنَّهٗ یَعْلَمُ الْجَهْرَ وَمَا یَخْفٰی ۟ؕ","assameseTranslation":"কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে।","footnotes":"","tafseer":"কিন্তু আল্লাহে নিজৰ হিকমত অনুসৰি যিখিনি পাহৰাই দিব বিচাৰে সেই বিষয়টো সুকীয়া। নিশ্চয় মহান আল্লাহ প্ৰকাশ্য- অপ্ৰকাশ্য সকলো বিষয়ে অৱগত। তেওঁৰ পৰা কোনো বস্তুৱে গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087007.mp3"},{"index":"8","arabicText":"وَنُیَسِّرُكَ لِلْیُسْرٰی ۟ۚۖ","assameseTranslation":"আৰু আমি তোমাৰ বাবে (কল্যাণৰ পথ) সহজ কৰি দিম।","footnotes":"","tafseer":"আমি আপোনাৰ বাবে সেইসমূহ আমল সহজ কৰি দিম, যিবোৰৰ দ্বাৰা আল্লাহ সন্তুষ্ট হয়, যাৰ ফলত আপুনি জান্নাতত প্ৰৱেশ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087008.mp3"},{"index":"9","arabicText":"فَذَكِّرْ اِنْ نَّفَعَتِ الذِّكْرٰی ۟ؕ","assameseTranslation":"এতেকে উপদেশ দিয়া, যদি উপদেশ ফলপ্ৰসূ হয়;","footnotes":"","tafseer":"আমি আপোনাৰ প্ৰতি অহী কৰা কোৰআনৰ দ্বাৰা আপুনি মানুহক উপদেশ দিয়ক। যেতিয়ালৈকে সিহঁতৰ শ্ৰৱণশক্তি আছে আপুনি সিহঁতক উপদেশ দি যাওক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087009.mp3"},{"index":"10","arabicText":"سَیَذَّكَّرُ مَنْ یَّخْشٰی ۟ۙ","assameseTranslation":"উপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে।","footnotes":"","tafseer":"আপোনাৰ উপদেশ আৰু শিক্ষাৰ পৰা সেই ব্যক্তিয়ে নিশ্চয় শিক্ষা গ্ৰহণ কৰিব, যিয়ে আল্লাহক ভয় কৰে। কিয়নো সিহঁতেই উপদেশৰ পৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087010.mp3"},{"index":"11","arabicText":"وَیَتَجَنَّبُهَا الْاَشْقَی ۟ۙ","assameseTranslation":"আৰু যিজন দুৰ্ভগীয়া সিয়েই ইয়াক অগ্ৰাহ্য কৰিব,","footnotes":"","tafseer":"আৰু কাফিৰসকলে উপদেশৰ পৰা পলায়ন কৰিবই, কিয়নো পৰকালত এনেকুৱা ব্যক্তি হৈছে আটাইতকৈ দুৰ্ভগীয়া, কাৰণ সি জাহান্নামত প্ৰৱেশ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087011.mp3"},{"index":"12","arabicText":"الَّذِیْ یَصْلَی النَّارَ الْكُبْرٰی ۟ۚ","assameseTranslation":"সি ভয়াৱহ জুইত প্ৰৱেশ কৰিব।","footnotes":"","tafseer":"যিয়ে পৰকালত জাহান্নামৰ ভীষণ জুইত প্ৰৱেশ কৰিব, আৰু সেই জুইৰ উত্তাপ ভোগ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087012.mp3"},{"index":"13","arabicText":"ثُمَّ لَا یَمُوْتُ فِیْهَا وَلَا یَحْیٰی ۟ؕ","assameseTranslation":"তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব।","footnotes":"","tafseer":"সিহঁতে জাহান্নামত চিৰকাল অৱস্থান কৰিব, ইয়াৰ ভিতৰত শাস্তিৰ পৰা মুক্তি পাবলৈ মৃত্যুও নাহিব আৰু কোনো সন্মানজনক তথা আৰামদায়ক জীৱনো উপভোগ কৰিবলৈ নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087013.mp3"},{"index":"14","arabicText":"قَدْ اَفْلَحَ مَنْ تَزَكّٰی ۟ۙ","assameseTranslation":"নিশ্চয় সিয়েই সফলতা লাভ কৰে, যিয়ে আত্মশুদ্ধি কৰে।","footnotes":"","tafseer":"সেই ব্যক্তি সফল হৈছে, যিয়ে শ্বিৰ্ক আৰু পাপকৰ্মৰ পৰা পৱিত্ৰ হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087014.mp3"},{"index":"15","arabicText":"وَذَكَرَ اسْمَ رَبِّهٖ فَصَلّٰی ۟ؕ","assameseTranslation":"লগতে তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰে আৰু ছালাত আদায় কৰে।","footnotes":"","tafseer":"তেওঁলোকৰ প্ৰতিপালকে শিকোৱা যিকিৰ-আযকাৰৰ দ্বাৰা তেওঁলোকে নিজ প্ৰতিপালকক স্মৰণ কৰে আৰু যিদৰে ছালাত আদায় কৰিবলৈ আদেশ দিছে সেইদৰেই ছালাত আদায় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087015.mp3"},{"index":"16","arabicText":"بَلْ تُؤْثِرُوْنَ الْحَیٰوةَ الدُّنْیَا ۟ۚۖ","assameseTranslation":"কিন্তু তোমালোকে পৃথিৱীৰ জীৱনকহে প্ৰাধান্য দিয়া,","footnotes":"","tafseer":"কিন্তু তোমালোকে পাৰ্থিৱ জীৱনকহে অগ্ৰাধিকাৰ দিয়া, আৰু ইয়াক পৰকালৰ ওপৰত প্ৰাধান্য দিয়া, অথচ দুয়োটাৰ মাজত আছে আকাশ-পাতাল পাৰ্থক্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087016.mp3"},{"index":"17","arabicText":"وَالْاٰخِرَةُ خَیْرٌ وَّاَبْقٰی ۟ؕ","assameseTranslation":"অথচ আখিৰাত হৈছে সৰ্বোত্তম আৰু স্থায়ী।","footnotes":"","tafseer":"অথচ পৰকালৰ জীৱন হৈছে পৃথিৱী আৰু তাৰ মাজত থকা সুখ, সামগ্ৰীতকৈ উত্তম আৰু চিৰস্থায়ী। কিয়নো তাত থকা অৱদানবোৰ কেতিয়াও শেষ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087017.mp3"},{"index":"18","arabicText":"اِنَّ هٰذَا لَفِی الصُّحُفِ الْاُوْلٰی ۟ۙ","assameseTranslation":"নিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্বৱৰ্তী ছহীফাসমূহত,","footnotes":"","tafseer":"ওপৰোল্লিখিত যিবোৰ আদেশ আৰু সংবাদ আমি তোমালোকৰ বাবে বৰ্ণনা কৰিলোঁ, সেইবোৰ কোৰআন অৱতীৰ্ণ হোৱাৰ পূৰ্বেও আকাশৰ পৰা অৱতীৰ্ণ হোৱা অন্যান্য গ্ৰন্থবোৰত মজুত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087018.mp3"},{"index":"19","arabicText":"صُحُفِ اِبْرٰهِیْمَ وَمُوْسٰی ۟۠","assameseTranslation":"ইব্ৰাহীম আৰু মূছাৰ ছহীফাসমূহত।","footnotes":"","tafseer":"সেই ছহীফাসমূহ হৈছে ইব্ৰাহিম আৰু মুছা আলাইহিমুচ্ছালামৰ প্ৰতি অৱতীৰ্ণ হোৱা ছহীফা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/087019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/087019.mp3"}]