[{"index":"1","arabicText":"هَلْ اَتٰىكَ حَدِیْثُ الْغَاشِیَةِ ۟ؕ","assameseTranslation":"তোমাৰ ওচৰলৈ আচ্ছন্নকাৰী (ক্বিয়ামতৰ) সংবাদ আহিছেনে?","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ ওচৰলৈ সেই ক্বিয়ামতৰ সংবাদ আহি পাইছেনে, যাৰ ভয়াৱহতাই মানুহক আচ্ছন্ন কৰিব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088001.mp3"},{"index":"2","arabicText":"وُجُوْهٌ یَّوْمَىِٕذٍ خَاشِعَةٌ ۟ۙ","assameseTranslation":"সেইদিনা কিছুমান মুখমণ্ডল হ’ব অৱনত,","footnotes":"","tafseer":"ক্বিয়ামতৰ দিনা সকলো মানুহ দুই ভাগত বিভক্ত হ’ব, সৌভাগ্যশালী আৰু দূৰ্ভাগ্যশালী। গতিকে দূৰ্ভাগ্যবান ব্যক্তিসকলৰ মুখমণ্ডল অপমানিত অৱনত থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088002.mp3"},{"index":"3","arabicText":"عَامِلَةٌ نَّاصِبَةٌ ۟ۙ","assameseTranslation":"কৰ্মক্লান্ত, পৰিশ্ৰান্ত,","footnotes":"","tafseer":"সিহঁতক যি হাতকেৰেয়া আৰু শিকলিৰে বান্ধা হ’ব, তাক খুলিবলৈ চেষ্টা কৰি থাকোঁতে সিহঁত ক্লান্ত হৈ পৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088003.mp3"},{"index":"4","arabicText":"تَصْلٰی نَارًا حَامِیَةً ۟ۙ","assameseTranslation":"সিহঁতে প্ৰৱেশ কৰিব জ্বলন্ত জুইত;","footnotes":"","tafseer":"সেই চেহেৰাবোৰ উত্তপ্ত জুইত প্ৰৱেশ কৰি তাৰ প্ৰচণ্ড তাপৰ বেদনা ভোগ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088004.mp3"},{"index":"5","arabicText":"تُسْقٰی مِنْ عَیْنٍ اٰنِیَةٍ ۟ؕ","assameseTranslation":"(সিহঁতক) উত্তপ্ত উতলা নিজৰাৰ পানী খাবলৈ দিয়া হ’ব;","footnotes":"","tafseer":"সিহঁতক অতি উত্তপ্ত উতলা নিজৰাৰ পানী খাবলৈ দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088005.mp3"},{"index":"6","arabicText":"لَیْسَ لَهُمْ طَعَامٌ اِلَّا مِنْ ضَرِیْعٍ ۟ۙ","assameseTranslation":"সিহঁতৰ বাবে কাঁইটবিশিষ্ট ঘাঁহৰ বাহিৰে আন কোনো খাদ্য নাথাকিব,","footnotes":"","tafseer":"সিহঁতৰ বাবে কাঁইটবিশিষ্ট নিকৃষ্ট দুৰ্গন্ধময় খাদ্যৰ বাহিৰে আন কোনা বস্তু নাথাকিব। যিটো শুকাই গ’লে বিষাক্ত হয়। যাৰ নাম হৈছে শ্বিবৰিক্ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088006.mp3"},{"index":"7","arabicText":"لَّا یُسْمِنُ وَلَا یُغْنِیْ مِنْ جُوْعٍ ۟ؕ","assameseTranslation":"এই খাদ্যই সিহঁতৰ পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবৃত্ত নকৰিব।","footnotes":"","tafseer":"এই খাদ্যই তাৰ ভক্ষণকাৰীক পুষ্টিও যোগান নধৰে আৰু ভোকো নিবাৰণ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088007.mp3"},{"index":"8","arabicText":"وُجُوْهٌ یَّوْمَىِٕذٍ نَّاعِمَةٌ ۟ۙ","assameseTranslation":"সেইদিনা কিছুমান মুখমণ্ডল হ’ব আনন্দোজ্জ্বল,","footnotes":"","tafseer":"সেইদিনা সৌভাগ্যবান লোকসকলৰ মুখমণ্ডলবোৰ আনন্দিত হৈ পৰিব তথা উত্ফুল্লিত হৈ পৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088008.mp3"},{"index":"9","arabicText":"لِّسَعْیِهَا رَاضِیَةٌ ۟ۙ","assameseTranslation":"নিজৰ কৰ্মৰ সাফল্যত পৰিতৃপ্ত,","footnotes":"","tafseer":"তেওঁলোকে পৃথিৱীত কৰা কৰ্মৰ প্ৰতি সন্তুষ্ট হ’ব। কিয়নো তেওঁলোকে নিজৰ কৰ্মৰ প্ৰতিদান সঞ্চিত আৰু অধিক বৃদ্ধিকৈ দেখিবলৈ পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088009.mp3"},{"index":"10","arabicText":"فِیْ جَنَّةٍ عَالِیَةٍ ۟ۙ","assameseTranslation":"(তেওঁলোকে স্থান পাব) সুউচ্চ জান্নাতত,","footnotes":"","tafseer":"তেওঁলোকে এনেকুৱা জান্নাতত থাকিব, যিটো মৰ্যাদা আৰু স্থানৰ ক্ষেত্ৰতো সুউচ্চ আৰু সন্মানিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088010.mp3"},{"index":"11","arabicText":"لَّا تَسْمَعُ فِیْهَا لَاغِیَةً ۟ؕ","assameseTranslation":"তাত তেওঁলোকে কোনো অনৰ্থক কথা শুনিবলৈ নাপাব,","footnotes":"","tafseer":"জান্নাতত কোনো ধৰণৰ বেয়া কথা, অনৰ্থক কথা আদি একো শুনিবলৈ নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088011.mp3"},{"index":"12","arabicText":"فِیْهَا عَیْنٌ جَارِیَةٌ ۟ۘ","assameseTranslation":"তাত থাকিব প্ৰবাহমান নিজৰা,","footnotes":"","tafseer":"সেই জান্নাতত আছে প্ৰবাহিত কেইবাটাও নিজৰা। তেওঁলোকে সেইবোৰক যিফালে ইচ্ছা সেইফালেই প্ৰবাহিত কৰিব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088012.mp3"},{"index":"13","arabicText":"فِیْهَا سُرُرٌ مَّرْفُوْعَةٌ ۟ۙ","assameseTranslation":"তাত থাকিব উন্নত শয্যাসমূহ,","footnotes":"","tafseer":"তাত থাকিব ওখ ওখ সিংহাসন তথা সুউচ্চ বিছনা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088013.mp3"},{"index":"14","arabicText":"وَّاَكْوَابٌ مَّوْضُوْعَةٌ ۟ۙ","assameseTranslation":"আৰু প্ৰস্তুত থাকিব পানপাত্ৰসমূহ,","footnotes":"","tafseer":"পানীয় খাবলৈ বহুতো পানপাত্ৰ প্ৰস্তুত থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088014.mp3"},{"index":"15","arabicText":"وَّنَمَارِقُ مَصْفُوْفَةٌ ۟ۙ","assameseTranslation":"আৰু শাৰী শাৰীকৈ ৰখা গাৰুসমূহ,","footnotes":"","tafseer":"লগতে শাৰী শাৰীকৈ ৰখা থাকিব গাৰুসমূহ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088015.mp3"},{"index":"16","arabicText":"وَّزَرَابِیُّ مَبْثُوْثَةٌ ۟ؕ","assameseTranslation":"আৰু বিস্তৃত পাৰি থোৱা দলিচাসমূহ,","footnotes":"","tafseer":"আৰু ইফালে-সিফালে পাৰি থোৱা হ'ব বহুতো দলিচা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088016.mp3"},{"index":"17","arabicText":"اَفَلَا یَنْظُرُوْنَ اِلَی الْاِبِلِ كَیْفَ خُلِقَتْ ۟ۥ","assameseTranslation":"ইহঁতে উটৰ পিনে দৃষ্টিপাত নকৰে নেকি, কেনেকৈ তাক সৃষ্টি কৰা হৈছে?","footnotes":"","tafseer":"ইহঁতে চিন্তাশীল দৃষ্টিৰে উটৰ ফালে নাচায় নেকি যে, মহান আল্লাহে কেনেকৈ ইয়াক সৃষ্টি কৰিছে আৰু আদম সন্তানৰ অধীনস্থ কৰিছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088017.mp3"},{"index":"18","arabicText":"وَاِلَی السَّمَآءِ كَیْفَ رُفِعَتْ ۟ۥ","assameseTranslation":"আৰু আকাশৰ ফালে, কেনেকৈ তাক উৰ্দ্ধত স্থাপন কৰা হৈছে?","footnotes":"","tafseer":"আৰু সিহঁতে আকাশৰ ফালে নাচায় নেকি, যে কেনেকৈ তাক উৰ্দ্ধত স্থাপন কৰিছে, যিটোক সিহঁতৰ ওপৰত এটা সুৰক্ষিত চাদ হিচাপে স্থাপন কৰিছে, যিটো সিহঁতৰ ওপৰত খহি নপৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088018.mp3"},{"index":"19","arabicText":"وَاِلَی الْجِبَالِ كَیْفَ نُصِبَتْ ۟ۥ","assameseTranslation":"আৰু পৰ্বতসমূহৰ ফালে, সেইবোৰ কেনেকৈ প্ৰতিষ্ঠিত কৰা হৈছে?","footnotes":"","tafseer":"আৰু সিহঁতে পাহাৰবোৰৰ ফালে নাচায় নেকি যে, মহান আল্লাহে সেইবোৰক কেনেকৈ প্ৰতিষ্ঠিত কৰিছে আৰু তাৰ দ্বাৰা পৃথিৱীখনক মজবুত কৰিছে, যাতে মানুহক লৈ লৰচৰ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088019.mp3"},{"index":"20","arabicText":"وَاِلَی الْاَرْضِ كَیْفَ سُطِحَتْ ۟ۥ","assameseTranslation":"আৰু পৃথিৱীখনৰ ফালে, কিদৰে তাক বিস্তৃত কৰা হৈছে?","footnotes":"","tafseer":"আৰু সিহঁতে পৃথিৱীৰ ফালে নাচায় নেকি, মহান আল্লাহে ইয়াক কেনেকৈ বিস্তিৃত কৰিছে আৰু মানুহৰ বাবে থকাৰ উপযোগী বনাইছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088020.mp3"},{"index":"21","arabicText":"فَذَكِّرْ ؕ۫ اِنَّمَاۤ اَنْتَ مُذَكِّرٌ ۟ؕ","assameseTranslation":"এতেকে তুমি উপদেশ দিয়া, তুমিতো কেৱল এজন উপদেশদাতা,","footnotes":"","tafseer":"হে ৰাছুল! গতিকে আপুনি ইহঁতক উপদেশ দিয়ক আৰু আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱাওক। কিয়নো আপুনি হৈছে কেৱল এজন উপদেশ প্ৰদানকাৰীহে। সিহঁতক উপদেশ দিয়াৰ বাহিৰে আপোনাৰ ওপৰত আন কোনো দায়িত্ব নাই। আনহাতে সিহঁতক ঈমান পোষণৰ তাওফীক দিয়াৰ ক্ষমতা হৈছে কেৱল আল্লাহৰ হাতত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088021.mp3"},{"index":"22","arabicText":"لَسْتَ عَلَیْهِمْ بِمُصَۜیْطِرٍ ۟ۙ","assameseTranslation":"তুমি সিহঁতৰ ওপৰত শক্তি প্ৰয়োগকাৰী নহয়।","footnotes":"","tafseer":"আপুনি সিহঁতৰ কৰ্মনিয়ন্ত্ৰক নহয় যে, সিহঁতক ঈমান পোষণ কৰিবলৈ বাধ্য কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088022.mp3"},{"index":"23","arabicText":"اِلَّا مَنْ تَوَلّٰی وَكَفَرَ ۟ۙ","assameseTranslation":"কিন্তু কোনোবাই মুখ ঘূৰাই ল’লে অথবা কুফৰী কৰিলে,","footnotes":"","tafseer":"কিন্তু সিহঁতৰ মাজৰ পৰা যিয়ে ঈমানৰ পৰা মুখ ঘূৰাই ল’ব, লগতে আল্লাহ আৰু ৰাছুলক অস্বীকাৰ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088023.mp3"},{"index":"24","arabicText":"فَیُعَذِّبُهُ اللّٰهُ الْعَذَابَ الْاَكْبَرَ ۟ؕ","assameseTranslation":"তেন্তে আল্লাহে তাক মহাশাস্তি প্ৰদান কৰিব।","footnotes":"","tafseer":"গতিকে ক্বিয়ামতৰ দিনা আল্লাহে তাক আটাইতকৈ ডাঙৰ শাস্তি প্ৰদান কৰিব। ফলত তাক জাহান্নামত চিৰকালৰ বাবে নিক্ষেপ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088024.mp3"},{"index":"25","arabicText":"اِنَّ اِلَیْنَاۤ اِیَابَهُمْ ۟ۙ","assameseTranslation":"নিশ্চয় আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন।","footnotes":"","tafseer":"নিশ্চয় সিহঁতে মৃত্যুবৰণ কৰাৰ পাছত, আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088025.mp3"},{"index":"26","arabicText":"ثُمَّ اِنَّ عَلَیْنَا حِسَابَهُمْ ۟۠","assameseTranslation":"আৰু সিহঁতৰ হিচাপ-নিকাচ আমাৰেই দায়িত্ব।","footnotes":"","tafseer":"তাৰ পাছত আমিয়েই সিহঁতৰ আমলৰ হিচাপ-নিকাচ গ্ৰহণ কৰিম। আপোনাৰ আৰু আপোনাৰ বাহিৰে আন কাৰো এই দায়িত্ব নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/088026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/088026.mp3"}]