[{"index":"1","arabicText":"وَالْفَجْرِ ۟ۙ","assameseTranslation":"ফজৰৰ সময়ৰ শপত,","footnotes":"","tafseer":"মহান আল্লাহে ফজৰৰ শপত খাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089001.mp3"},{"index":"2","arabicText":"وَلَیَالٍ عَشْرٍ ۟ۙ","assameseTranslation":"শপত দহ ৰাতিৰ,","footnotes":"","tafseer":"আৰু জিল হজ্জ মাহৰ প্ৰথম দহ ৰাতিৰ শপত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089002.mp3"},{"index":"3","arabicText":"وَّالشَّفْعِ وَالْوَتْرِ ۟ۙ","assameseTranslation":"শপত যোৰ আৰু বিযোৰৰ,","footnotes":"","tafseer":"আৰু সকলো যোৰ আৰু বিযোৰ বস্তুৰ শপত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089003.mp3"},{"index":"4","arabicText":"وَالَّیْلِ اِذَا یَسْرِ ۟ۚ","assameseTranslation":"আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,","footnotes":"","tafseer":"এইদৰে ৰাতিৰ শপত কৰিছে, যেতিয়া ইয়াৰ আগমন ঘটে, আৰু অৱস্থান কৰাৰ পাছত বিদায় লয়। এই শপতবোৰৰ উত্তৰ হৈছে, নিশ্চয় তোমালোকে নিজৰ কৰ্মৰ প্ৰতিদান লাভ কৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089004.mp3"},{"index":"5","arabicText":"هَلْ فِیْ ذٰلِكَ قَسَمٌ لِّذِیْ حِجْرٍ ۟ؕ","assameseTranslation":"বিবেকৱান ব্যক্তিৰ বাবে এইখিনি শপত যথেষ্ট নহয়নে?","footnotes":"","tafseer":"এই বিৱৰণৰ ভিতৰত এনেকুৱা কোনো শপত আছে নেকি, যিটো বোধসম্পন্ন ব্যক্তিৰ বাবে যথেষ্ট নহয়?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089005.mp3"},{"index":"6","arabicText":"اَلَمْ تَرَ كَیْفَ فَعَلَ رَبُّكَ بِعَادٍ ۟","assameseTranslation":"তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল?","footnotes":"","tafseer":"হে ৰাছুল, যেতিয়া আদ সম্প্ৰদায়ে সিহঁতৰ ৰাছুলক অস্বীকাৰ কৰিছিল তেতিয়া আপোনাৰ প্ৰতিপালকে সিহঁতৰ সৈতে কেনেকুৱা আচৰণ কৰিছিল সেয়া আপুনি দেখা নাইনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089006.mp3"},{"index":"7","arabicText":"اِرَمَ ذَاتِ الْعِمَادِ ۟","assameseTranslation":"ইৰাম গোত্ৰৰ লগত, যিসকল আছিল সুউচ্চ প্ৰাসাদৰ অধিকাৰী?","footnotes":"","tafseer":"আদ গোত্ৰ হৈছে সিহঁতৰ পিতৃপুৰুষ ইৰামৰ লগত সম্পৃক্ত, তেওঁ আছিল সুদীৰ্ঘ দেহৰ অধিকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089007.mp3"},{"index":"8","arabicText":"الَّتِیْ لَمْ یُخْلَقْ مِثْلُهَا فِی الْبِلَادِ ۟","assameseTranslation":"যাৰ সমতুল্য (জাতি) কোনো দেশতে সৃষ্টি কৰা হোৱা নাই;","footnotes":"","tafseer":"সেইটো এনেকুৱা জাতি আছিল যে, তেনেকুৱা জাতি আল্লাহে আন কোনো দেশত সৃষ্টি কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089008.mp3"},{"index":"9","arabicText":"وَثَمُوْدَ الَّذِیْنَ جَابُوا الصَّخْرَ بِالْوَادِ ۟","assameseTranslation":"আৰু ছামূদ সম্প্ৰদায়ৰ লগত (কি আচৰণ কৰিছিল) যিসকলে ভৈয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল;","footnotes":"","tafseer":"আপুনি দেখা নাইনে যে, আপোনাৰ প্ৰতিপালকে ছলেহ আলাইহিচ্ছালামৰ জাতি ছামুদৰ সৈতে কেনেকুৱা আচৰণ কৰিছিল? যিসকলে হিজৰ নামক ঠাইত পাহাৰৰ প্ৰকাণ্ড শিল কাটি ঘৰ সাজিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089009.mp3"},{"index":"10","arabicText":"وَفِرْعَوْنَ ذِی الْاَوْتَادِ ۟","assameseTranslation":"আৰু শূলদণ্ডৰ অধিকাৰী ফিৰআউনৰ লগত (কি আচৰণ কৰিছিল)","footnotes":"","tafseer":"আপুনি দেখা নাইনে, আপোনাৰ প্ৰতিপালকে ফিৰআউনৰ লগত কি কৰিছিল, যাৰ ওচৰত মানুহক শাস্তি দিয়াৰ বাবে শূলদণ্ড আছিল?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089010.mp3"},{"index":"11","arabicText":"الَّذِیْنَ طَغَوْا فِی الْبِلَادِ ۟","assameseTranslation":"যিসকলে দেশত সীমালংঘন কৰিছিল,","footnotes":"","tafseer":"এই সকলোৱে শক্তিৰ ফলত অত্যাচাৰৰ চৰমসীমা অতিক্ৰম কৰিছিল। প্ৰত্যেকে নিজ নিজ এলাকাত সীমালংঘন কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089011.mp3"},{"index":"12","arabicText":"فَاَكْثَرُوْا فِیْهَا الْفَسَادَ ۟","assameseTranslation":"তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল।","footnotes":"","tafseer":"আৰু দেশত কুফৰী আৰু পাপকৰ্ম বিস্তাৰ কৰি অশান্তি সৃষ্টি কৰি ফুৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089012.mp3"},{"index":"13","arabicText":"فَصَبَّ عَلَیْهِمْ رَبُّكَ سَوْطَ عَذَابٍ ۟ۚۙ","assameseTranslation":"ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিছিল।","footnotes":"","tafseer":"সেয়ে মহান আল্লাহে সিহঁতক কঠোৰ শাস্তি বিহিছিল আৰু সিহঁতক পৃথিৱীৰ পৰা সমূলি ধ্বংস কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089013.mp3"},{"index":"14","arabicText":"اِنَّ رَبَّكَ لَبِالْمِرْصَادِ ۟ؕ","assameseTranslation":"নিশ্চয় তোমাৰ প্ৰতিপালকে সতৰ্ক দৃষ্টি ৰাখে।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ প্ৰতিপালকে মানুহৰ কৰ্মবোৰ সুপ্তভাৱে দেখি আছে আৰু নিৰীক্ষণ কৰি আছে, যাতে ভাল আমলকাৰীক জান্নাত আৰু বেয়া কৰ্মকাৰীক জাহান্নামত প্ৰৱেশ কৰাব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089014.mp3"},{"index":"15","arabicText":"فَاَمَّا الْاِنْسَانُ اِذَا مَا ابْتَلٰىهُ رَبُّهٗ فَاَكْرَمَهٗ وَنَعَّمَهٗ ۙ۬ فَیَقُوْلُ رَبِّیْۤ اَكْرَمَنِ ۟ؕ","assameseTranslation":"আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে, যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে’।","footnotes":"","tafseer":"মানুহৰ স্বভাৱ হৈছে যেতিয়া তাৰ প্ৰতিপালকে তাক পৰীক্ষা কৰিবলৈ সন্মান প্ৰদান কৰে, ধন-সম্পদ, সন্তান-সন্ততি আৰু পদ মৰ্যাদা আদি প্ৰদান কৰে, তেতিয়া সি ধাৰণা কৰে যে, সি এইবোৰ বস্তু এই কাৰণে পাইছে যে, সি হৈছে আল্লাহৰ ওচৰত প্ৰিয়। সেয়ে সি কয়ঃ মোৰ প্ৰতিপালকে মোক সন্মান প্ৰদান কৰিছে। কিয়নো মই তাৰ সন্মানৰ অধিকাৰী আছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089015.mp3"},{"index":"16","arabicText":"وَاَمَّاۤ اِذَا مَا ابْتَلٰىهُ فَقَدَرَ عَلَیْهِ رِزْقَهٗ ۙ۬ فَیَقُوْلُ رَبِّیْۤ اَهَانَنِ ۟ۚ","assameseTranslation":"আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে’।","footnotes":"","tafseer":"আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ আৰ্থিক অনাটনত আক্ৰান্ত কৰে, তেতিয়া সি ধাৰণা কৰে যে, এইটো হৈছে তাৰ প্ৰতিপালকৰ ফালৰ পৰা তাৰ প্ৰতি অৱহেলা। গতিকে সি কয়ঃ মোৰ প্ৰতিপালকে মোক অপমান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089016.mp3"},{"index":"17","arabicText":"كَلَّا بَلْ لَّا تُكْرِمُوْنَ الْیَتِیْمَ ۟ۙ","assameseTranslation":"কেতিয়াও নহয়, বৰং তোমালোকে এতীমক সমাদৰ নকৰা,","footnotes":"","tafseer":"কেতিয়াও নহয়। বিষয়টো তেনেকুৱা নহয় যিদৰে এই ব্যক্তিজনে ভাবিছে যে, অনুগ্ৰহ লাভ কৰাটো হৈছে তাৰ প্ৰতি আল্লাহৰ সন্তুষ্ট হোৱাৰ প্ৰমাণ, আৰু অনুগ্ৰহৰ পৰা বঞ্চিত হোৱাটো হৈছে অপমান, কথাটো কেতিয়াও সঁচা নহয়। সচাঁ কথাটো হৈছে, তোমালোকে এতিমসকলক সেই সম্পদৰ পৰা সহায় নকৰা, যি সম্পদ মহান আল্লাহে তোমালোকক প্ৰদান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089017.mp3"},{"index":"18","arabicText":"وَلَا تَحٰٓضُّوْنَ عَلٰی طَعَامِ الْمِسْكِیْنِ ۟ۙ","assameseTranslation":"আৰু তোমালোকে মিচকিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উৎসাহিত নকৰা,","footnotes":"","tafseer":"লগতে তোমালোকে দুখীয়া-দৰিদ্ৰক আহাৰ খুওৱাবলৈ ইজনে সিজনক উৎসাহিত নকৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089018.mp3"},{"index":"19","arabicText":"وَتَاْكُلُوْنَ التُّرَاثَ اَكْلًا لَّمًّا ۟ۙ","assameseTranslation":"আৰু তোমালোকে উত্তৰাধিকাৰীৰ প্ৰাপ্য সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা,","footnotes":"","tafseer":"এইদৰে তোমালোকে দূৰ্বলসকলৰ অধিকাৰ যেনে- নাৰী আৰু এতিমসকলৰ অধিকাৰ বৈধ-অবৈধৰ প্ৰতি কোনো কেৰেপ নকৰাকৈ ভক্ষণ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089019.mp3"},{"index":"20","arabicText":"وَّتُحِبُّوْنَ الْمَالَ حُبًّا جَمًّا ۟ؕ","assameseTranslation":"আৰু তোমালোকে ধন-সম্পদক অতিকৈ ভালপোৱা;","footnotes":"","tafseer":"আৰু তোমালোকে ধন-সম্পত্তিক অধিক ভাল পোৱা, সেয়ে আল্লাহৰ পথত খৰচ কৰিবলৈ কৃপণালি কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089020.mp3"},{"index":"21","arabicText":"كَلَّاۤ اِذَا دُكَّتِ الْاَرْضُ دَكًّا دَكًّا ۟ۙ","assameseTranslation":"কেতিয়াও নহয়। যেতিয়া পৃথিৱীখনক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব,","footnotes":"","tafseer":"তোমালোকৰ আমল এনেকুৱা হোৱা অনুচিত। তোমালোকে সেই সময়ছোৱাক স্মৰণ কৰা, যেতিয়া পৃথিৱীখনক সজোৰে কম্পিত কৰোৱা হ’ব আৰু সমগ্ৰ পৃথিৱী প্ৰকম্পিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089021.mp3"},{"index":"22","arabicText":"وَّجَآءَ رَبُّكَ وَالْمَلَكُ صَفًّا صَفًّا ۟ۚ","assameseTranslation":"আৰু যেতিয়া তোমাৰ প্ৰতিপালকে আগমন কৰিব আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে উপস্থিত হ’ব,","footnotes":"","tafseer":"আৰু হে ৰাছুল, আপোনাৰ প্ৰতিপালকে বান্দাসকলৰ মাজত মীমাংসা কৰিবলৈ উপস্থিত হ’ব, আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে আহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089022.mp3"},{"index":"23","arabicText":"وَجِایْٓءَ یَوْمَىِٕذٍۭ بِجَهَنَّمَ ۙ۬ یَوْمَىِٕذٍ یَّتَذَكَّرُ الْاِنْسَانُ وَاَنّٰی لَهُ الذِّكْرٰی ۟ؕ","assameseTranslation":"আৰু সেইদিনা জাহান্নামক উপস্থিত কৰা হ’ব, সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কেনেকৈ কামত আহিব?","footnotes":"","tafseer":"আৰু যিদিনাখন সত্তৰ হাজাৰ লেকাম লগাই জাহান্নামক উপস্থিত কৰা হ’ব, প্ৰত্যেক লেকাম সত্তৰ হাজাৰ ফিৰিস্তাই ধৰি টানি আনিব। সেইদিনা মানুহে মনত পেলাব যে, সিহঁতে আল্লাহ সম্পৰ্কে কিমান অৱহেলা কৰিছিল। কিন্তু তেতিয়া স্মৰণ কৰিলে কোনো লাভ নহ’ব, কিয়নো সেই দিৱসটো কৰ্মৰ নহয়, প্ৰতিদান লাভ কৰাৰহে দিন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089023.mp3"},{"index":"24","arabicText":"یَقُوْلُ یٰلَیْتَنِیْ قَدَّمْتُ لِحَیَاتِیْ ۟ۚ","assameseTranslation":"(তেতিয়া) সি ক’ব, ‘হায়! এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোঁহেঁতেন,","footnotes":"","tafseer":"সেইদিনা মানুহে অত্যন্ত অনুতপ্ত হৈ ক’বঃ হায়! যদি মই পৰকালৰ এই প্ৰকৃত জীৱনৰ বাবে সত্কৰ্ম কৰিলোঁহেঁতন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089024.mp3"},{"index":"25","arabicText":"فَیَوْمَىِٕذٍ لَّا یُعَذِّبُ عَذَابَهٗۤ اَحَدٌ ۟ۙ","assameseTranslation":"সেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব।","footnotes":"","tafseer":"সিদিনা আল্লাহৰ শাস্তিতকৈ কঠিন শাস্তি আন কোনেও দিব নোৱাৰিব, কিয়নো আল্লাহৰ শাস্তিয়েই হৈছে আটাইতকৈ কষ্টদায়ক আৰু চিৰস্থায়ী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089025.mp3"},{"index":"26","arabicText":"وَّلَا یُوْثِقُ وَثَاقَهٗۤ اَحَدٌ ۟ؕ","assameseTranslation":"আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব।","footnotes":"","tafseer":"আৰু তেওঁ কাফিৰসকলক যিদৰে হাতকেৰেয়া পিন্ধাই আবদ্ধ কৰিব, সেইদৰে আন কোনেও কৰায়ত্ত কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089026.mp3"},{"index":"27","arabicText":"یٰۤاَیَّتُهَا النَّفْسُ الْمُطْمَىِٕنَّةُ ۟ۗۖ","assameseTranslation":"হে প্ৰশান্ত আত্মা!","footnotes":"","tafseer":"আনহাতে মুমিনসকলৰ আত্মাক মৃত্যুৰ সময়ত আৰু ক্বিয়ামতৰ দিনা কোৱা হ’বঃ হে ঈমানৰ প্ৰতি আৰু সত্কৰ্মৰ প্ৰতি সন্তুষ্ট আত্মা!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089027.mp3"},{"index":"28","arabicText":"ارْجِعِیْۤ اِلٰی رَبِّكِ رَاضِیَةً مَّرْضِیَّةً ۟ۚ","assameseTranslation":"তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষভাজন হৈ,","footnotes":"","tafseer":"তুমি তোমাৰ প্ৰতিপালকৰ পৰিপূৰ্ণ প্ৰতিদানৰ প্ৰতি সন্তুষ্ট হৈ আৰু তোমাৰ সত্কৰ্মৰ প্ৰতি সন্তুষ্ট হৈ তোমাৰ প্ৰতিপালকৰ সান্নিধ্যলৈ উভতি যোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089028.mp3"},{"index":"29","arabicText":"فَادْخُلِیْ فِیْ عِبٰدِیْ ۟ۙ","assameseTranslation":"লগতে মোৰ বান্দাসকলৰ অন্তৰ্ভুক্ত হৈ যোৱা,","footnotes":"","tafseer":"তুমি মোৰ সৎ বান্দাহসকলৰ অন্তৰ্ভুক্ত হৈ যোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089029.mp3"},{"index":"30","arabicText":"وَادْخُلِیْ جَنَّتِیْ ۟۠","assameseTranslation":"আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা।","footnotes":"","tafseer":"আৰু তেওঁলোকৰ সৈতে জান্নাতত প্ৰৱেশ কৰা, যিখন মই তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/089030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/089030.mp3"}]