[{"index":"1","arabicText":"لَاۤ اُقْسِمُ بِهٰذَا الْبَلَدِ ۟ۙ","assameseTranslation":"মই শপত কৰিছোঁ এই (মক্কা) নগৰৰ,","footnotes":"","tafseer":"মহান আল্লাহে পৱিত্ৰ মক্কা নগৰৰ শপত খাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090001.mp3"},{"index":"2","arabicText":"وَاَنْتَ حِلٌّۢ بِهٰذَا الْبَلَدِ ۟ۙ","assameseTranslation":"আৰু তুমি এই নগৰৰ অধিবাসী,","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ বাবে এই নগৰত হত্যাকাৰীক হত্যা কৰা আৰু কৰায়ত্ত কৰিবলগীয়া ব্যক্তিক কৰায়ত্ত কৰাটো বৈধ কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090002.mp3"},{"index":"3","arabicText":"وَوَالِدٍ وَّمَا وَلَدَ ۟ۙ","assameseTranslation":"শপত জন্মদাতাৰ আৰু যিটো সি জন্ম দিছে তাৰো (শপত)।","footnotes":"","tafseer":"আল্লাহে মানৱজাতিৰ পিতা আৰু তাৰ বংশৰ পৰা জন্ম লাভ কৰা সন্তানৰ শপত খাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090003.mp3"},{"index":"4","arabicText":"لَقَدْ خَلَقْنَا الْاِنْسَانَ فِیْ كَبَدٍ ۟ؕ","assameseTranslation":"নিঃসন্দেহে আমি মানুহক সৃষ্টি কৰিছোঁ কঠোৰ দুখ-কষ্টৰ মাজত।","footnotes":"","tafseer":"আমি মানুহক ক্লান্তি আৰু কঠিনতাত আৱদ্ধ কৰি সৃষ্টি কৰিছোঁ। সেয়ে সিহঁতে পৃথিৱীত সদায় কঠিনতাৰ সন্মুখীন হৈ থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090004.mp3"},{"index":"5","arabicText":"اَیَحْسَبُ اَنْ لَّنْ یَّقْدِرَ عَلَیْهِ اَحَدٌ ۟ۘ","assameseTranslation":"সি ভাবে নেকি যে, কেতিয়াও তাৰ ওপৰত কোনোৱেই ক্ষমতাৱান নহ’ব?","footnotes":"","tafseer":"মানুহে ভাবিছে নেকি যে, যদি সিহঁতে পাপকৰ্ম কৰে তেন্তে সিহঁতক কোনেও জবাবদিহি নকৰিব আৰু কোনেও শাস্তি প্ৰদান নকৰিব, যদিও তাৰ প্ৰতিপালকে নহওক কিয়, যিজনে তাক সৃষ্টি কৰিছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090005.mp3"},{"index":"6","arabicText":"یَقُوْلُ اَهْلَكْتُ مَالًا لُّبَدًا ۟ؕ","assameseTranslation":"সি কয়, 'মই প্ৰচুৰ ধন-সম্পদ নাশ কৰিছোঁ'।","footnotes":"","tafseer":"সি কয় যে, মই বহুতো ধন ব্যয় কৰিছোঁ, ইখনৰ পিছত সিখন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090006.mp3"},{"index":"7","arabicText":"اَیَحْسَبُ اَنْ لَّمْ یَرَهٗۤ اَحَدٌ ۟ؕ","assameseTranslation":"সি ভাবে নেকি যে, কোনেও তাক দেখা নাই?","footnotes":"","tafseer":"খৰচ কৰাৰ ক্ষেত্ৰত দাম্ভিকতা প্ৰদৰ্শনকাৰী ব্যক্তিয়ে ভাবিছে নেকি যে, মহান আল্লাহে তাক দেখা নাই, আৰু সি ভাবিছে নেকি যে, তাৰ সম্পদৰ হিচাপ লোৱা নহ’ব, সেয়া ক’ৰ পৰা অৰ্জন কৰিছে আৰু ক’ত খৰচ কৰিছে সেই বিষয়ে প্ৰশ্ন কৰা নহ’ব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090007.mp3"},{"index":"8","arabicText":"اَلَمْ نَجْعَلْ لَّهٗ عَیْنَیْنِ ۟ۙ","assameseTranslation":"তাৰ বাবে আমি দুটা চকু সৃষ্টি কৰা নাইনে?","footnotes":"","tafseer":"দেখিবলৈ আমি তাক দুটা চকু দিয়া নাইনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090008.mp3"},{"index":"9","arabicText":"وَلِسَانًا وَّشَفَتَیْنِ ۟ۙ","assameseTranslation":"এখন জিভা আৰু দুখন ওঁঠ?","footnotes":"","tafseer":"আৰু কথা ক’বলৈ এখন জিভা আৰু দুটা ওঁঠ দিয়া নাইনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090009.mp3"},{"index":"10","arabicText":"وَهَدَیْنٰهُ النَّجْدَیْنِ ۟ۚ","assameseTranslation":"আৰু আমি তাক দেখুৱাইছোঁ দুটা পথ।","footnotes":"","tafseer":"আৰু আমি তাক সত্য আৰু অসত্য পথৰ পৰিচয় দিয়া নাইনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090010.mp3"},{"index":"11","arabicText":"فَلَا اقْتَحَمَ الْعَقَبَةَ ۟ؗۖ","assameseTranslation":"কিন্তু সি দুৰ্গম গিৰিপথত প্ৰৱেশ কৰা নাই।","footnotes":"","tafseer":"সি দৰাচলতে দুৰ্গম গিৰিপথ অতিক্ৰম কৰাৰ অপেক্ষাত আছে, যিটো তাক জান্নাতৰ পৰা পৃথক কৰিব। সেই পথ সি অতিক্ৰম কৰি পাৰ হৈ যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090011.mp3"},{"index":"12","arabicText":"وَمَاۤ اَدْرٰىكَ مَا الْعَقَبَةُ ۟ؕ","assameseTranslation":"আৰু তোমাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি?","footnotes":"","tafseer":"হে ৰাছুল! আপোনাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি? যিটো সি জান্নাতত প্ৰৱেশ কৰিবলৈ পাৰ হ’ব লাগিব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090012.mp3"},{"index":"13","arabicText":"فَكُّ رَقَبَةٍ ۟ۙ","assameseTranslation":"সেইটো হৈছে, দাসমুক্তি।","footnotes":"","tafseer":"সেয়া হৈছে দাস মুক্ত কৰা, পুৰুষ হওক বা মহিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090013.mp3"},{"index":"14","arabicText":"اَوْ اِطْعٰمٌ فِیْ یَوْمٍ ذِیْ مَسْغَبَةٍ ۟ۙ","assameseTranslation":"অথবা দুৰ্ভিক্ষৰ দিনত খাদ্যদান কৰা,","footnotes":"","tafseer":"অথবা এনেকুৱা দুৰ্ভিক্ষৰ দিনত যেতিয়া খাদ্য পোৱা কঠিন হয়, মানুহক খাদ্য দান কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090014.mp3"},{"index":"15","arabicText":"یَّتِیْمًا ذَا مَقْرَبَةٍ ۟ۙ","assameseTranslation":"নিকটাত্মীয় এতীমক,","footnotes":"","tafseer":"এনেকুৱা দৰিদ্ৰ শিশুক সহায় কৰা, যিয়ে তাৰ পিতৃৰ ছাঁৰ পৰা বঞ্চিত হৈছে আৰু কিন্তু তাৰ আত্মীয় আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090015.mp3"},{"index":"16","arabicText":"اَوْ مِسْكِیْنًا ذَا مَتْرَبَةٍ ۟ؕ","assameseTranslation":"অথবা দৰিদ্ৰ-নিষ্পেষিত অভাৱগ্ৰস্তক,","footnotes":"","tafseer":"অথবা এনেকুৱা দৰিদ্ৰক সহায় কৰা, যিজন দুখীয়া নিচলা, তাৰ ওচৰত কোনো বস্তু নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090016.mp3"},{"index":"17","arabicText":"ثُمَّ كَانَ مِنَ الَّذِیْنَ اٰمَنُوْا وَتَوَاصَوْا بِالصَّبْرِ وَتَوَاصَوْا بِالْمَرْحَمَةِ ۟ؕ","assameseTranslation":"লগতে এনেকুৱা লোকৰ অন্তৰ্ভুক্ত হোৱা যিসকলে ঈমান আনিছে আৰু পৰস্পৰক ধৈৰ্য্য ধাৰণ কৰিবলৈ উপদেশ দিয়ে, লগতে উপদেশ দিয়ে পৰস্পৰক দয়া-অনুগ্ৰহ কৰিবলৈ;","footnotes":"","tafseer":"তাৰ পাছত এনেকুৱা লোকৰ অন্তৰ্ভুক্ত হ’ব লাগিব, যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু পৰস্পৰে পৰস্পৰক সত্কৰ্মৰ প্ৰতি অটল থাকিবলৈ আৰু পাপ কৰ্মৰ পৰা বিৰত থাকিবলৈ আৰু বিপদৰ সময়ত ধৈৰ্য্য ধাৰণ কৰিবলৈ গুৰুত্ব প্ৰদান কৰে তথা এজনে আনজনক আল্লাহৰ বান্দাৰ প্ৰতি দয়া কৰিবলৈ গুৰুত্ব প্ৰদান কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090017.mp3"},{"index":"18","arabicText":"اُولٰٓىِٕكَ اَصْحٰبُ الْمَیْمَنَةِ ۟ؕ","assameseTranslation":"এওঁলোকেই হৈছে সৌভাগ্যশালী।","footnotes":"","tafseer":"এই বৈশিষ্ট্যসমূহৰ অধিকাৰী ব্যক্তিসকলেই হৈছে সোঁফালৰ গৰাকী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090018.mp3"},{"index":"19","arabicText":"وَالَّذِیْنَ كَفَرُوْا بِاٰیٰتِنَا هُمْ اَصْحٰبُ الْمَشْـَٔمَةِ ۟ؕ","assameseTranslation":"আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হৈছে দুৰ্ভগীয়া।","footnotes":"","tafseer":"আৰু যিসকলে ৰাছুলৰ প্ৰতি অৱতীৰ্ণ আয়াতসমূহক অস্বীকাৰ কৰে, সিহঁতেই হৈছে বাওঁফালে অৱস্থানকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090019.mp3"},{"index":"20","arabicText":"عَلَیْهِمْ نَارٌ مُّؤْصَدَةٌ ۟۠","assameseTranslation":"সিহঁতেই অবৰুদ্ধ জুইত পৰিবেষ্টিত থাকিব।","footnotes":"","tafseer":"কিয়ামতৰ দিনা এনেকুৱা লোককেই অৱৰুদ্ধ অগ্নিৰে শাস্তি বিহা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/090020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/090020.mp3"}]