[{"index":"1","arabicText":"وَالَّیْلِ اِذَا یَغْشٰی ۟ۙ","assameseTranslation":"শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে,","footnotes":"","tafseer":"মহান আল্লাহে ৰাতিৰ শপত কৰিছে, যেতিয়া ই তাৰ অন্ধাকাৰৰ জৰিয়তে আকাশ আৰু পৃথিৱীৰ মাজত সকলো বস্তুকে আৱৰি ধৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092001.mp3"},{"index":"2","arabicText":"وَالنَّهَارِ اِذَا تَجَلّٰی ۟ۙ","assameseTranslation":"শপত দিনৰ, যেতিয়া ই উজ্জ্বল হয়,","footnotes":"","tafseer":"আৰু দিনৰ শপত কৰিছে, যেতিয়া ই প্ৰকাশ হয় আৰু স্পষ্ট হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092002.mp3"},{"index":"3","arabicText":"وَمَا خَلَقَ الذَّكَرَ وَالْاُ ۟ۙ","assameseTranslation":"আৰু শপত সেই সত্ত্বাৰ, যিজনে নৰ আৰু নাৰীক সৃষ্টি কৰিছে।","footnotes":"","tafseer":"আৰু তেওঁৰ সৃষ্টিৰ দুটা প্ৰকাৰৰ শপত কৰিছে, মতা- মাইকীৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092003.mp3"},{"index":"4","arabicText":"اِنَّ سَعْیَكُمْ لَشَتّٰی ۟ؕ","assameseTranslation":"নিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ।","footnotes":"","tafseer":"হে মানৱ, নিশ্চয় তোমালোকৰ প্ৰয়াস বেলেগ বেলেগ প্ৰকাৰৰ। কিছুমানৰ প্ৰয়াস হৈছে সৎ, এনেকুৱা প্ৰয়াস হৈছে জান্নাতত প্ৰৱেশৰ মাধ্যম, আৰু কিছুমান হৈছে অসৎ, যিবোৰ হৈছে জাহান্নামত প্ৰৱেশৰ মাধ্যম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092004.mp3"},{"index":"5","arabicText":"فَاَمَّا مَنْ اَعْطٰی وَاتَّقٰی ۟ۙ","assameseTranslation":"এতেকে যিয়ে দান কৰে আৰু তাক্বৱা অৱলম্বন কৰে,","footnotes":"","tafseer":"এতেকে যিয়ে অপৰিহাৰ্য্য শিতানত ব্যয় কৰে যেনে- যাকাত, ভৰণ-পোষণ, আৰু কাফফাৰা আদিত ব্যয় কৰে। এইদৰে আল্লাহৰ নিষেধকৃত বিষয়সমূহৰ পৰা বিৰত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092005.mp3"},{"index":"6","arabicText":"وَصَدَّقَ بِالْحُسْنٰی ۟ۙ","assameseTranslation":"লগতে যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰে,","footnotes":"","tafseer":"আৰু মহান আল্লাহে প্ৰতিফল হিচাপে যি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে, সেইটোক সত্যায়ন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092006.mp3"},{"index":"7","arabicText":"فَسَنُیَسِّرُهٗ لِلْیُسْرٰی ۟ؕ","assameseTranslation":"শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জান্নাতৰ) সহজ পথ।","footnotes":"","tafseer":"নিশ্চয় আমি সেই ব্যক্তিৰ বাবে সত্কৰ্ম আৰু আল্লাহৰ পথত ব্যয় কৰাৰ পথ সহজ কৰি দিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092007.mp3"},{"index":"8","arabicText":"وَاَمَّا مَنْ بَخِلَ وَاسْتَغْنٰی ۟ۙ","assameseTranslation":"আনহাতে যিয়ে কৃপণালি কৰে আৰু নিজকে স্বয়ংসম্পূৰ্ণ বুলি ভাবে,","footnotes":"","tafseer":"পক্ষান্তৰে যিয়ে নিজৰ সম্পদ প্ৰয়োজনীয় শিতানত ব্যয় নকৰে তথা কৃপণালি কৰে, আৰু ধন-সম্পদৰ লালসাত আল্লাহক অৱহেলা কৰে, আৰু আল্লাহৰ ওচৰত কোনো ধৰণৰ অনুগ্ৰহ প্ৰাৰ্থনা নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092008.mp3"},{"index":"9","arabicText":"وَكَذَّبَ بِالْحُسْنٰی ۟ۙ","assameseTranslation":"লগতে যি উত্তম তাক অস্বীকাৰ কৰে,","footnotes":"","tafseer":"আনকি মহান আল্লাহে তেওঁৰ পথত সম্পদ ব্যয় কৰাৰ বিনিময়ত যি ছোৱাব প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে, সেইটোকো অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092009.mp3"},{"index":"10","arabicText":"فَسَنُیَسِّرُهٗ لِلْعُسْرٰی ۟ؕ","assameseTranslation":"শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জাহান্নামৰ) কঠিন পৰিণামৰ পথ।","footnotes":"","tafseer":"আমি তাৰ বাবে বেয়া কৰ্ম সহজ কৰি দিওঁ, আৰু ভাল কাম কৰা জটিল কৰি দিওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092010.mp3"},{"index":"11","arabicText":"وَمَا یُغْنِیْ عَنْهُ مَالُهٗۤ اِذَا تَرَدّٰی ۟ؕ","assameseTranslation":"যেতিয়া সি ধ্বংস হ’ব, তেতিয়া তাৰ সম্পদ কোনো কামত নাহিব।","footnotes":"","tafseer":"যেতিয়া সি ধ্বংস হ’ব আৰু জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া তাৰ এই ধন-সম্পদ তাৰ কোনো কামত নাহিব, যিবোৰ সি কৃপণালি কৰি জমা কৰি ৰাখিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092011.mp3"},{"index":"12","arabicText":"اِنَّ عَلَیْنَا لَلْهُدٰی ۟ؗۖ","assameseTranslation":"নিশ্চয় পথপ্ৰদৰ্শন কৰাটোৱে হৈছে আমাৰ কৰ্তব্য।","footnotes":"","tafseer":"নিশ্চয় আমাৰ দায়িত্ব হৈছে কেৱল সত্য আৰু মিথ্যাৰ মাজত পাৰ্থক্য বৰ্ণনা কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092012.mp3"},{"index":"13","arabicText":"وَاِنَّ لَنَا لَلْاٰخِرَةَ وَالْاُوْلٰی ۟","assameseTranslation":"নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক।","footnotes":"","tafseer":"পাৰ্থিৱ জীৱন আৰু পৰকালৰ জীৱন আমাৰে অধীনস্থ। আমি উভয়ৰ মাজত যি বিচাৰোঁ পৰিৱৰ্তন কৰোঁ। আমাৰ বাহিৰে আন কোনেও এইটো কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092013.mp3"},{"index":"14","arabicText":"فَاَنْذَرْتُكُمْ نَارًا تَلَظّٰی ۟ۚ","assameseTranslation":"এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছোঁ।","footnotes":"","tafseer":"হে মানৱ, যদি তোমালোকে আল্লাহক অৱজ্ঞা কৰা তেন্তে শুনা! আমি তোমালোকক উত্তপ্ত জুইৰ পৰা সতৰ্ক কৰি দিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092014.mp3"},{"index":"15","arabicText":"لَا یَصْلٰىهَاۤ اِلَّا الْاَشْقَی ۟ۙ","assameseTranslation":"তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি, যিজন হ’ব চৰম দুৰ্ভগীয়া,","footnotes":"","tafseer":"যাৰ ভিতৰত কেৱল হতভাগ্য ব্যক্তিহে জ্বলিব অৰ্থাৎ কাফিৰ ব্যক্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092015.mp3"},{"index":"16","arabicText":"الَّذِیْ كَذَّبَ وَتَوَلّٰی ۟ؕ","assameseTranslation":"যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে।","footnotes":"","tafseer":"যিয়ে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা সংবাদক অস্বীকাৰ কৰিছে, আৰু আল্লাহৰ আজ্ঞা পালনৰ পৰা মুখ ঘূৰাই লৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092016.mp3"},{"index":"17","arabicText":"وَسَیُجَنَّبُهَا الْاَتْقَی ۟ۙ","assameseTranslation":"আৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী ব্যক্তিক,","footnotes":"","tafseer":"আৰু ইয়াৰ পৰা পৰম মুত্তাক্বী ব্যক্তিক ৰক্ষা কৰা হ’ব। যেনে- আবু বকৰ চিদ্দীক ৰাদ্বিয়াল্লাহু আনহু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092017.mp3"},{"index":"18","arabicText":"الَّذِیْ یُؤْتِیْ مَالَهٗ یَتَزَكّٰی ۟ۚ","assameseTranslation":"যিয়ে আত্মশুদ্ধিৰ বাবে নিজৰ সম্পদ দান কৰে,","footnotes":"","tafseer":"যিয়ে গুনাহৰ পৰা পৱিত্ৰ হৈ থাকিবলৈ নিজৰ ধন-সম্পদ সৎ পথত ব্যয় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092018.mp3"},{"index":"19","arabicText":"وَمَا لِاَحَدٍ عِنْدَهٗ مِنْ نِّعْمَةٍ تُجْزٰۤی ۟ۙ","assameseTranslation":"আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব,","footnotes":"","tafseer":"তেওঁৰ ধন-সম্পদ ব্যয়ৰ আঁৰত এনেকুৱা কোনো উদ্দেশ্য নাই যে, তেওঁৰ প্ৰতি কোনোবাই অনুগ্ৰহ কৰিছিল, যিটোৰ প্ৰতিদান তেওঁ আদায় কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092019.mp3"},{"index":"20","arabicText":"اِلَّا ابْتِغَآءَ وَجْهِ رَبِّهِ الْاَعْلٰی ۟ۚ","assameseTranslation":"কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত;","footnotes":"","tafseer":"তেওঁ যি ধন ব্যয় কৰে ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে নিজ প্ৰতিপালকৰ সন্তুষ্টি অৰ্জন কৰা, যিজন সৃষ্টিজগতৰ ঊৰ্দ্ধত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092020.mp3"},{"index":"21","arabicText":"وَلَسَوْفَ یَرْضٰی ۟۠","assameseTranslation":"আৰু অনতিপলমে তেওঁ সন্তুষ্টি লাভ কৰিব।","footnotes":"","tafseer":"শীঘ্ৰেই তেওঁ নিজ প্ৰতিপালকৰ ফালৰ পৰা সন্মানজনক প্ৰতিদান লাভ কৰি সন্তুষ্ট হৈ যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/092021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/092021.mp3"}]