[{"index":"1","arabicText":"وَالضُّحٰی ۟ۙ","assameseTranslation":"পূৰ্বাহ্নৰ শপত,","footnotes":"","tafseer":"মহান আল্লাহে দিনৰ প্ৰথম ভাগৰ শপত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/093001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/093001.mp3"},{"index":"2","arabicText":"وَالَّیْلِ اِذَا سَجٰی ۟ۙ","assameseTranslation":"শপত ৰাতিৰ, যেতিয়া ই অন্ধকাৰাচ্ছন্ন হয়।","footnotes":"","tafseer":"আৰু ৰাতিৰ শপত কৰিছে, যেতিয়া ই পৃথিৱীক অন্ধকাৰচ্ছন্ন কৰে আৰু মানুহে কাম-কাজ এৰি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/093002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/093002.mp3"},{"index":"3","arabicText":"مَا وَدَّعَكَ رَبُّكَ وَمَا قَلٰی ۟ؕ","assameseTranslation":"তোমাৰ প্ৰতিপালকে তোমাক পৰিত্যাগ কৰা নাই আৰু অসন্তুষ্টও হোৱা নাই।","footnotes":"","tafseer":"হে ৰাছুল, আপোনাৰ প্ৰতিপালকে আপোনাক পৰিত্যাগ কৰা নাই আৰু আপোনাৰ প্ৰতি অসন্তুষ্ট বা খঙো কৰা নাই। যিদৰে অহীৰ ধাৰাবাহিকতা কিছু দিনৰ বাবে বন্ধ হোৱাত মুশ্বৰিকসকলে কৈছিল যে, আপোনাৰ প্ৰতিপালকে আপোনাক এৰি দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/093003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/093003.mp3"},{"index":"4","arabicText":"وَلَلْاٰخِرَةُ خَیْرٌ لَّكَ مِنَ الْاُوْلٰی ۟ؕ","assameseTranslation":"নিশ্চয় তোমাৰ পৰবৰ্তী সময়, পূৰ্বৱৰ্তী সময়তকৈ উত্তম।","footnotes":"","tafseer":"আৰু আপোনাৰ বাবে পৰকালৰ ঘৰ হৈছে পৃথিৱীতকৈ উত্তম। কিয়নো তাত আছে এনেকুৱা নিয়ামতৰ ভাণ্ডাৰ, যিবোৰ কেতিয়াও শেষ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/093004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/093004.mp3"},{"index":"5","arabicText":"وَلَسَوْفَ یُعْطِیْكَ رَبُّكَ فَتَرْضٰی ۟ؕ","assameseTranslation":"নিশ্চয় অনতিপলমে তোমাৰ প্ৰতিপালকে তোমাক (এনেকুৱা) অনুগ্ৰহ প্ৰদান কৰিব, যাৰ ফলত তুমি সন্তুষ্ট হ’বা।","footnotes":"","tafseer":"আৰু আল্লাহে আপোনাক তথা আপোনাৰ সম্প্ৰদায়ক প্ৰচুৰ পৰিমাণে অনূগ্ৰহ প্ৰদান কৰিব, যাৰ ফলত আপুনি সন্তুষ্ট হৈ যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/093005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/093005.mp3"},{"index":"6","arabicText":"اَلَمْ یَجِدْكَ یَتِیْمًا فَاٰوٰی ۪۟","assameseTranslation":"তেওঁ তোমাক অনাথ অৱস্থাত পোৱা নাছিলনে? তাৰ পিছত তেৱেঁই তোমাক আশ্ৰয় দিছে।","footnotes":"","tafseer":"নিশ্চয় তেওঁ আপোনাক এতিম অৱস্থাত পাইছিল, তেৱেঁই আপোনাক নিৰাপদ স্থান প্ৰদান কৰিছিল। সেয়েহে আপোনাৰ প্ৰতি আপোনাৰ আজোককা আব্দুল মুত্তালিবৰ ছাঁ আছিল, তাৰ পাছত আপোনাৰ খুড়া আবু তালিবৰ সঁহাৰি প্ৰদান কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/093006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/093006.mp3"},{"index":"7","arabicText":"وَوَجَدَكَ ضَآلًّا فَهَدٰی ۪۟","assameseTranslation":"আৰু তেওঁ তোমাক পাইছিল পথহাৰা অৱস্থাত, তাৰ পিছত তেৱেঁই তোমাক পথনিৰ্দেশ দিছে।","footnotes":"","tafseer":"আৰু তেওঁ আপোনাক এনেকুৱা অৱস্থাত পাইছিল, যেতিয়া আপুনি কিতাব আৰু ঈমান সম্পৰ্কে একো অৱগত নাছিল। ফলত তেৱেঁই আপোনাক সেইবোৰ কথা শিকাইছিল, যিবোৰ আপুনি জনা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/093007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/093007.mp3"},{"index":"8","arabicText":"وَوَجَدَكَ عَآىِٕلًا فَاَغْنٰی ۟ؕ","assameseTranslation":"আৰু তেওঁ তোমাক পাইছিল সম্বলহীন দৰিদ্ৰৰূপে, তাৰ পিছত তেৱেঁই তোমাক অভাৱমুক্ত কৰিছে।","footnotes":"","tafseer":"আৰু তেওঁ আপোনাক দুখীয়া দৰিদ্ৰ ৰূপত পাইছিল, তাৰ পাছত তেৱেঁই আপোনাক ধনী বনাই দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/093008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/093008.mp3"},{"index":"9","arabicText":"فَاَمَّا الْیَتِیْمَ فَلَا تَقْهَرْ ۟ؕ","assameseTranslation":"এতেকে তুমি এতীমৰ (অনাথৰ) প্ৰতি কঠোৰ নহ’বা।","footnotes":"","tafseer":"এতেকে আপুনি কোনো এতিমৰ সৈতে দূৰ্ব্যৱহাৰ নকৰিব আৰু তাক অপমান নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/093009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/093009.mp3"},{"index":"10","arabicText":"وَاَمَّا السَّآىِٕلَ فَلَا تَنْهَرْ ۟ؕ","assameseTranslation":"আৰু ভিখাৰীক ধমক নিদিবা।","footnotes":"","tafseer":"আৰু কোনো অভাৱী ভিখাৰীক ধমক নিদিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/093010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/093010.mp3"},{"index":"11","arabicText":"وَاَمَّا بِنِعْمَةِ رَبِّكَ فَحَدِّثْ ۟۠","assameseTranslation":"আৰু তুমি তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ কথা প্ৰচাৰ কৰা।","footnotes":"","tafseer":"বৰং আপোনাৰ ওপৰত থকা আল্লাহৰ অনুগ্ৰহবোৰৰ কাৰণে আপুনি তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰক, আৰু সেইবোৰ বৰ্ণনা কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/093011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/093011.mp3"}]