[{"index":"1","arabicText":"اَلَمْ نَشْرَحْ لَكَ صَدْرَكَ ۟ۙ","assameseTranslation":"আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে?","footnotes":"","tafseer":"নিশ্চয় আমি আপোনাৰ বাবে আপোনাৰ বুকু প্ৰশস্ত কৰি দিছোঁ আৰু অহী গ্ৰহণক আপোনাৰ বাবে প্ৰিয় বনাই দিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/094001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/094001.mp3"},{"index":"2","arabicText":"وَوَضَعْنَا عَنْكَ وِزْرَكَ ۟ۙ","assameseTranslation":"আৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে?","footnotes":"","tafseer":"আমি আপোনাৰ পূৰ্বৱৰ্তী গুনাহসমূহ ক্ষমা কৰি দিছোঁ, আৰু আপোনাৰ পৰা অজ্ঞতাযুগৰ ভাৰি বোজা (জটিতাবোৰ) আঁতৰাই দিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/094002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/094002.mp3"},{"index":"3","arabicText":"الَّذِیْۤ اَنْقَضَ ظَهْرَكَ ۟ۙ","assameseTranslation":"যি বোজাই তোমাৰ পিঠি ভাঙি পেলাইছিল,","footnotes":"","tafseer":"যি বোজাৰ বহনে আপোনাক ক্লান্ত কৰিছিল, যেনিবা আপোনাৰ মেৰুদণ্ড ভাঙি পেলাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/094003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/094003.mp3"},{"index":"4","arabicText":"وَرَفَعْنَا لَكَ ذِكْرَكَ ۟ؕ","assameseTranslation":"আৰু আমিয়েই তোমাৰ (মৰ্যাদা বৃদ্ধিৰ) বাবে তোমাৰ স্মৰণক সমুন্নত কৰিছোঁ।","footnotes":"","tafseer":"আৰু আমি আপোনাৰ খ্যাতি সমুন্নত কৰিছোঁ। ফলত আপোনাৰ নাম আজান, ইক্বামত আৰু অন্য স্থানবোৰতো উল্লেখ কৰা হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/094004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/094004.mp3"},{"index":"5","arabicText":"فَاِنَّ مَعَ الْعُسْرِ یُسْرًا ۟ۙ","assameseTranslation":"এতেকে দুখৰ লগতেই আছে সুখ","footnotes":"","tafseer":"নিশ্চয় কঠিন পৰিস্থিতি তথা সংকীৰ্ণতাৰ পাছতেই আছে সৰলতা আৰু প্ৰশস্ততা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/094005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/094005.mp3"},{"index":"6","arabicText":"اِنَّ مَعَ الْعُسْرِ یُسْرًا ۟ؕ","assameseTranslation":"নিশ্চয় দুখৰ লগতেই আছে সুখ।","footnotes":"","tafseer":"নিশ্চয় কঠিন পৰিস্থিতি তথা সংকীৰ্ণতাৰ পাছতেই আছে সৰলতা আৰু প্ৰশস্ততা। যিহেতু আপুনি এই কথা গম পালে, এতেকে আপোনাৰ জাতিৰ দ্বাৰা দিয়া কষ্টৰ প্ৰতি আপুনি ভাগি নপৰিব, আৰু দাৱাতৰ ক্ষেত্ৰত যাতে এই চিন্তাটো বাধা হৈ থিয় নিদিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/094006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/094006.mp3"},{"index":"7","arabicText":"فَاِذَا فَرَغْتَ فَانْصَبْ ۟ۙ","assameseTranslation":"এতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা।","footnotes":"","tafseer":"যেতিয়া আপুনি আপোনাৰ কামৰ পৰা অৱসৰ পাব আৰু সেইবোৰ চিজিল কৰি উঠিব, তেতিয়া আপোনাৰ প্ৰতিপালকৰ ইবাদতত গভীৰভাৱে নিৱদ্ধ হওক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/094007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/094007.mp3"},{"index":"8","arabicText":"وَاِلٰی رَبِّكَ فَارْغَبْ ۟۠","assameseTranslation":"আৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা।","footnotes":"","tafseer":"আৰু আপোনাৰ সম্পূৰ্ণ ধ্যান আৰু মনোযাগ আপোনাৰ প্ৰতিপালকৰ ফালে কেন্দ্ৰিত কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/094008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/094008.mp3"}]