[{"index":"1","arabicText":"وَالتِّیْنِ وَالزَّیْتُوْنِ ۟ۙ","assameseTranslation":"শপত তীন আৰু যায়তুনৰ,","footnotes":"","tafseer":"আল্লাহে তীন (ডিমৰু) আৰু তাৰ উত্পত্তি স্থানৰ শপত কৰিছে, লগতে শপত কৰিছে যায়তুন আৰু ইয়াৰ উৎপত্তিস্থান ফিলিস্তিনৰ ভূমি, য'ত ঈছা আলাইহিচ্ছালামক প্ৰৰণ কৰা হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/095001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/095001.mp3"},{"index":"2","arabicText":"وَطُوْرِ سِیْنِیْنَ ۟ۙ","assameseTranslation":"শপত চিনাই পৰ্বতৰ,","footnotes":"","tafseer":"আৰু শপত কৰিছে চিনাই পৰ্বতৰ, যিখন পৰ্বতৰ ওচৰত মহান আল্লাহে নবী মুছা আলাইহিচ্ছালামৰ সৈতে কথা পাতিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/095002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/095002.mp3"},{"index":"3","arabicText":"وَهٰذَا الْبَلَدِ الْاَمِیْنِ ۟ۙ","assameseTranslation":"শপত এই নিৰাপদ (মক্কা) নগৰৰ,","footnotes":"","tafseer":"আৰু শপত কৰিছে পৱিত্ৰ এই মক্কা নগৰৰ, য'ত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰা হৈছিল আৰু য’ত প্ৰৱেশ কৰিলে মানুহে নিৰাপত্তা লাভ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/095003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/095003.mp3"},{"index":"4","arabicText":"لَقَدْ خَلَقْنَا الْاِنْسَانَ فِیْۤ اَحْسَنِ تَقْوِیْمٍ ۟ؗ","assameseTranslation":"নিশ্চয় আমি মানুহক সৰ্বোত্তম গঠনত সৃষ্টি কৰিছোঁ,","footnotes":"","tafseer":"আমি মানুহক আটাইতকৈ সন্তুলিত সংৰচনাৰ সৈতে আৰু সবাতোকৈ উত্তম ৰূপত সৃষ্টি কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/095004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/095004.mp3"},{"index":"5","arabicText":"ثُمَّ رَدَدْنٰهُ اَسْفَلَ سٰفِلِیْنَ ۟ۙ","assameseTranslation":"তাৰ পিছত আমি তাক হীনতাৰ একেবাৰে নিম্ন স্তৰত ওভতাই দিছোঁ,","footnotes":"","tafseer":"তাৰ পাছত আমি তাক পৃথিৱীত বৃদ্ধ আৰু অক্ষমতাৰ বয়সলৈ ওভতাই দিওঁ। গতিকে সিহঁতে নিজৰ শৰীৰৰ পৰা উপকৃত হ’ব নোৱাৰে। যিদৰে সেই সময়ত উপকৃত হ’ব নোৱাৰে যেতিয়া তাৰ ফিতৰত প্ৰকৃতি বিনষ্ট হৈ যাব আৰু জাহান্নামত প্ৰৱেশ কৰিব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/095005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/095005.mp3"},{"index":"6","arabicText":"اِلَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فَلَهُمْ اَجْرٌ غَیْرُ مَمْنُوْنٍ ۟ؕ","assameseTranslation":"কিন্তু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান।","footnotes":"","tafseer":"কিন্তু যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে, তেওঁলোকে যদিও বৃদ্ধ হৈ যায় তেওঁলোকৰ বাবে নিৰৱচ্ছিন্ন প্ৰতিদান আছে, অৰ্থাৎ জান্নাত আছে। কিয়নো তেওঁলোকে নিজৰ ফিতৰতক পৱিত্ৰ কৰি লৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/095006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/095006.mp3"},{"index":"7","arabicText":"فَمَا یُكَذِّبُكَ بَعْدُ بِالدِّیْنِ ۟ؕ","assameseTranslation":"এতেকে (হে মানৱ!) ইয়াৰ পিছতো কিহে তোমাক কৰ্মফল দিন সম্পৰ্কে অবিশ্বাসী কৰি তুলে?","footnotes":"","tafseer":"হে মানৱ! তোমাক কোনটো বস্তুৱে প্ৰতিদান দিৱসক অস্বীকাৰ কৰিবলৈ উদগনি দিয়ে। যিহেতু তুমি তাৰ ক্ষমতাৰ বহুতো নিদৰ্শন দেখিছা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/095007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/095007.mp3"},{"index":"8","arabicText":"اَلَیْسَ اللّٰهُ بِاَحْكَمِ الْحٰكِمِیْنَ ۟۠","assameseTranslation":"আল্লাহ বিচাৰকসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ বিচাৰক নহয়নে?","footnotes":"","tafseer":"মহান আল্লাহে ক্বিয়ামত দিৱসক প্ৰতিদানৰ দিৱস বনোৱাৰ ক্ষেত্ৰত আটাইতকৈ মহান বিচাৰক আৰু আটাইতকৈ ন্যায়পৰায়ণ নহয়নে? এইটো বিবেকসন্মত হ’ব পাৰেনে যে, আল্লাহে তেওঁৰ বান্দাসকলক সিহঁতৰ মাজত বিচাৰ নকৰাকৈ এনেই এৰি দিব, আৰু তেওঁ সৎকৰ্মকাৰী ব্যক্তিক উত্তম প্ৰতিদান আৰু বেয়া কৰ্মকাৰী ব্যক্তিক বেয়া প্ৰতিফল নিদিয়াকৈ এনেই এৰি দিবনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/095008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/095008.mp3"}]