[{"index":"1","arabicText":"اِنَّاۤ اَنْزَلْنٰهُ فِیْ لَیْلَةِ الْقَدْرِ ۟ۚۖ","assameseTranslation":"নিশ্চয় আমি ইয়াক অৱতীৰ্ণ কৰিছোঁ লাইলাতুল ক্বদৰত (মৰ্যাদা পূৰ্ণ ৰাতিত);","footnotes":"","tafseer":"নিশ্চয় আমি এই কোৰআন পৃথিৱীৰ আকাশত এবাৰতে অৱতীৰ্ণ কৰিছোঁ, যিদৰে ৰমজান মাহৰ পৱিত্ৰ ৰাতিত (লাইলাতুল ক্বদৰত) নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰা আৰম্ভ কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/097001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/097001.mp3"},{"index":"2","arabicText":"وَمَاۤ اَدْرٰىكَ مَا لَیْلَةُ الْقَدْرِ ۟ؕ","assameseTranslation":"তুমি কি জানিবা লাইলাতুল ক্বদৰ কি?","footnotes":"","tafseer":"হে নবী! আপুনি জানেনে এই ৰাতিটোত কিমান কল্যাণ আৰু বৰকত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/097002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/097002.mp3"},{"index":"3","arabicText":"لَیْلَةُ الْقَدْرِ ۙ۬ خَیْرٌ مِّنْ اَلْفِ شَهْرٍ ۟ؕؔ","assameseTranslation":"লাইলাতুল ক্বদৰ হৈছে এহেজাৰ মাহতকৈও শ্ৰেষ্ঠ।","footnotes":"","tafseer":"এইটো হৈছে এটা সৰ্বোত্তম মঙ্গলময় আৰু অত্যন্ত কল্যাণকৰ ৰাতি। এইটো এহেজাৰ মাহতকৈ উত্তম, সেই ব্যক্তিৰ বাবে যিয়ে ঈমানৰ সৈতে আৰু ছোৱাব অৰ্জনৰ আশাত ৰাতি জাগৰণ কৰি ইবাদত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/097003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/097003.mp3"},{"index":"4","arabicText":"تَنَزَّلُ الْمَلٰٓىِٕكَةُ وَالرُّوْحُ فِیْهَا بِاِذْنِ رَبِّهِمْ ۚ مِنْ كُلِّ اَمْرٍ ۟ۙۛ","assameseTranslation":"সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ (জিব্ৰীল) তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে।","footnotes":"","tafseer":"সেই ৰাতিত ফিৰিস্তাসকলে আৰু জিব্ৰীল আলাইহিচ্ছালামে তেওঁলোকৰ প্ৰতিপালকৰ আদেশমৰ্মে অৱতৰণ কৰে, সেইসমূহ বিষয় লৈ যিবোৰ অহা বছৰৰ বাবে মহান আল্লাহে নিৰ্ধাৰণ কৰিছে। সেয়া জীৱিকা সম্পৰ্কীয় হওক অথবা মৃত্যু সম্পৰ্কীয় নাইবা জন্ম সম্পৰ্কীয় বা অন্যান্য বিষয়বোৰ লৈ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/097004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/097004.mp3"},{"index":"5","arabicText":"سَلٰمٌ ۛ۫ هِیَ حَتّٰی مَطْلَعِ الْفَجْرِ ۟۠","assameseTranslation":"শান্তিময় সেই ৰাতি, ফজৰৰ আবিৰ্ভাৱ নোহোৱালৈকে (শান্তি বিস্তৃত থাকে)।","footnotes":"","tafseer":"এই বৰকতময় ৰাতি পৰিপূৰ্ণভাৱে কল্যাণকৰ, এই কল্যাণ ৰাতিৰ আৰম্ভণিৰ পৰা অন্তলৈ অৰ্থাৎ ফজৰলৈকে থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/097005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/097005.mp3"}]