[{"index":"1","arabicText":"لَمْ یَكُنِ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ وَالْمُشْرِكِیْنَ مُنْفَكِّیْنَ حَتّٰی تَاْتِیَهُمُ الْبَیِّنَةُ ۟ۙ","assameseTranslation":"আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে লগতে মুশ্বৰিকসকল, সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ নহালৈকে সিহঁতে বিৰত থাকিবলৈ প্ৰস্তুত নাছিল।","footnotes":"","tafseer":"স্পষ্ট আৰু পৰিপূৰ্ণ প্ৰমাণ নহালৈকে ইয়াহুদী, খ্ৰীষ্টান আৰু মুশ্বৰিকসকলে কুফুৰীৰ প্ৰতি থকা সিহঁতৰ ঐক্যতাৰ পৰা কেতিয়াও বিৰত নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/098001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/098001.mp3"},{"index":"2","arabicText":"رَسُوْلٌ مِّنَ اللّٰهِ یَتْلُوْا صُحُفًا مُّطَهَّرَةً ۟ۙ","assameseTranslation":"আল্লাহৰ তৰফৰ পৰা এজন ৰাছুল, যিজনে তিলাৱত কৰি শুনাব পৱিত্ৰ পত্ৰসমূহ,","footnotes":"","tafseer":"এই সুস্পষ্ট প্ৰমাণটো হৈছে আল্লাহৰ ফালৰ পৰা প্ৰেৰিত এজন ৰাছুল, যাক মহান আল্লাহে প্ৰেৰণ কৰিছে। যিজন ৰাছুলে এনেকুৱা পৱিত্ৰ ছহীফা পঢ়ি শুনায়, যিখন পৱিত্ৰসকলৰ বাহিৰে আন কোনেও স্পৰ্শ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/098002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/098002.mp3"},{"index":"3","arabicText":"فِیْهَا كُتُبٌ قَیِّمَةٌ ۟ؕ","assameseTranslation":"য’ত আছে সঠিক বিধিবদ্ধ বিধান।","footnotes":"","tafseer":"সেই ছহীফাবোৰত আছে সত্য সংবাদ আৰু ন্যায়নিষ্ঠ বিধানসমূহ, যিয়ে মানুহক সেই পথৰ পিনে আহ্বান কৰে, যি পথত তেওঁলোকৰ বাবে আছে কল্যাণ, সংশোধন আৰু হিদায়ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/098003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/098003.mp3"},{"index":"4","arabicText":"وَمَا تَفَرَّقَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ اِلَّا مِنْ بَعْدِ مَا جَآءَتْهُمُ الْبَیِّنَةُ ۟ؕ","assameseTranslation":"আৰু যিসকলক কিতাব দিয়া হৈছিল সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে বিভক্ত হৈছিল।","footnotes":"","tafseer":"দৰাচলতে তাওৰাতপ্ৰাপ্ত ইয়াহুদী আৰু ইঞ্জিলপ্ৰাপ্ত খ্ৰীষ্টানসকলে তেতিয়াই বিভেদ সৃষ্টি কৰিছে যেতিয়াই সিহঁতৰ ওচৰলৈ আল্লাহে নবী প্ৰেৰণ কৰিছে। ফলত সিহঁতৰ মাজৰ কিছুমানে ঈমান আনিছে আৰু কিছুমানে নবীৰ সত্যতাৰ বিষয়ে অৱগত হোৱাৰ পাছতো কুফুৰীৰ পথত অবিচল থাকিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/098004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/098004.mp3"},{"index":"5","arabicText":"وَمَاۤ اُمِرُوْۤا اِلَّا لِیَعْبُدُوا اللّٰهَ مُخْلِصِیْنَ لَهُ الدِّیْنَ ۙ۬ حُنَفَآءَ وَیُقِیْمُوا الصَّلٰوةَ وَیُؤْتُوا الزَّكٰوةَ وَذٰلِكَ دِیْنُ الْقَیِّمَةِ ۟ؕ","assameseTranslation":"আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে আৰু যেন ছালাত প্ৰতিষ্ঠা কৰে, লগতে যাকাত প্ৰদান কৰে, আৰু এইটোৱেই হৈছে সঠিক দ্বীন।","footnotes":"","tafseer":"ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ অপৰাধ আৰু বিদ্বেষ এই কথাৰ পৰা স্পষ্ট হয় যে, সিহঁতক এই কোৰআনত সেইবোৰ কথাৰ আদেশ দিয়া হৈছে, যিবোৰৰ আদেশ সিহঁতক প্ৰদান কৰা উভয় গ্ৰন্থতে দিয়া হৈছিল। যেনে- কেৱল এক আল্লাহৰ ইবাদত কৰা, শ্বিৰ্কৰ পৰা বিৰত থকা, ছালাত আদায় কৰা আৰু যাকাত প্ৰদান কৰা। সেয়েহে সিহঁতক যি আদেশ দিয়া হৈছিল, সেয়া হৈছে প্ৰত্যক্ষ ধৰ্মৰ অংশ। যাৰ ভিতৰত কোনো বক্ৰতা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/098005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/098005.mp3"},{"index":"6","arabicText":"اِنَّ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ وَالْمُشْرِكِیْنَ فِیْ نَارِ جَهَنَّمَ خٰلِدِیْنَ فِیْهَا ؕ اُولٰٓىِٕكَ هُمْ شَرُّ الْبَرِیَّةِ ۟ؕ","assameseTranslation":"নিশ্চয় আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে, সিহঁতে আৰু মুশ্বৰিকসকলে জাহান্নামৰ জুইত স্থায়ীভাৱে অৱস্থান কৰিব; ইহঁতেই হৈছে নিকৃষ্ট সৃষ্টি।","footnotes":"","tafseer":"নিশ্চয় (ইয়াহুদী, খ্ৰীষ্টান আৰু মুশ্বৰিকসকলৰ পৰা) যিসকলে অস্বীকাৰ কৰিছে, সিহঁতে ক্বিয়ামতৰ দিনা জাহান্নামত প্ৰৱেশ কৰিব, তাৰ ভিতৰত সিহঁতে স্থায়ীভাৱে অৱস্থান কৰিব। কিয়নো সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/098006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/098006.mp3"},{"index":"7","arabicText":"اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ ۙ اُولٰٓىِٕكَ هُمْ خَیْرُ الْبَرِیَّةِ ۟ؕ","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, তেওঁলোকেই হৈছে সৃষ্টিৰ শ্ৰেষ্ঠ।","footnotes":"","tafseer":"যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে, তেওঁলোকেই হৈছে সৃষ্টিৰ ভিতৰত সৰ্বোত্তম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/098007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/098007.mp3"},{"index":"8","arabicText":"جَزَآؤُهُمْ عِنْدَ رَبِّهِمْ جَنّٰتُ عَدْنٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ رَضِیَ اللّٰهُ عَنْهُمْ وَرَضُوْا عَنْهُ ؕ ذٰلِكَ لِمَنْ خَشِیَ رَبَّهٗ ۟۠","assameseTranslation":"তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ পুৰস্কাৰ হৈছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোকে চিৰকাল থাকিব। আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। এই (প্ৰতিদান) তাৰ বাবে, যিয়ে নিজ প্ৰতিপালকক ভয় কৰে।","footnotes":"","tafseer":"তেওঁলোকৰ বাবে তেওঁলোকৰ পৱিত্ৰ তথা সুউচ্চ প্ৰতিপালকৰ ওচৰত মহা প্ৰতিদান আছে। প্ৰতিদান হিচাপে এনেকুৱা জান্নাত আছে, যাৰ অট্টালিকা আৰু গছবোৰৰ তলেদি নদীসমূহ প্ৰবাহিত থাকিব। তেওঁলোকে তাত চিৰকাল থাকিব। তেওঁলোকৰ ঈমান আৰু ইবাদতৰ কাৰণে আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে, কাৰণ তেওঁলোকে আল্লাহৰ ফালৰ পৰা অসীম কৃপা লাভ কৰিছে। এই কৃপা সেই ব্যক্তিয়ে লাভ কৰে, যিয়ে নিজ প্ৰতিপালকক ভয় কৰে আৰু তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/098008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/098008.mp3"}]